গল্প সংকলন/যুদ্ধৰ বজাৰ
যুদ্ধৰ বজাৰ
—বাৰু, তোমাৰ শিক্ষা?
—মেট্ৰিক ফেল, চাৰ।
—টাইপিং জানা নে?
—ভালদৰে ‘স্পিড’ অহা নাই।
—ম অতিশয় দুঃখিত তোমাৰু ফিৰাব লগীয়া হোৱাত। হতাশ নহবা, ডেকা লৰা। অইন কৰবাত — সামৰিক বিভাগত চেষ্টা কৰাই ভাল হব। ধন্যবাদ।
* * * *
এটা সাধাৰণ চাকৰিৰ কাৰণে প্ৰাৰ্থী হৈছিল মহম্মদ ৰাচিদ আলী। কেইবাটাও সাক্ষাৎ প্ৰসঙ্গত বিফল হোৱাত্ত সি নিজক নিজে ধিককাৰ দিয়ে আৰু নিয়োগকাৰী অফিচাৰ সকলৰ ওপৰত তাৰ ভীষণ ৰাগ হয়।
মহম্মদ ৰাচিদ আলী এজন শিক্ষিত বেকাৰ, তদুপৰি সি বিবাহিত। আজি ইমান দিনে চাকৰি বিচাৰি হায়বাণ। সি সদায় চাকীৰ পিছে পিছে ঘুৰিছে, কিন্তু কোনো চাকৰীয়ে তাক লগ দিয়া নাই। বৰ ভাগ্যহীন সি। চাকৰীৰ মোহত সি বহু কাগজ কালি খৰছ কৰিছে, কত জনক খোচামুদ কৰিছে আৰু বহুতক ভেটিভুটাও দিছে। তাৰ ফলত একোৱেই নহল তাৰ জীৱনত। অৱশেষত নিজৰ ব্যৰ্থ জীৱনৰ কথা ভাবি সি বৰ হতাশ হয়। — মাত্ৰ এটি সাধাৰণ চাকৰি সামান্য কেৰাণীৰ কাম এটা পালেও সিহত তিনিটা প্ৰাণীৰ গৰীৰ পৰিয়ালটো কোনো মতে চলি যাব পাৰে। তাৰ আপচোচ হয়,—কত বিদেশী আহি অসমত চাকৰি পায়, অথচ সি মাটিৰ সন্তান হৈ চাকৰী নেপায়, ধন ঘটিবলৈ, কাৰবাৰ কৰিবলৈ সুচল নাপায়। সুজলা শুফলা অসম মাতৃভূমিত তাৰ দৰে হতভগীয়াৰ কাৰণে অন্নবস্ত্ৰৰ কোনো সংস্থান নাই। ৰাচিদৰ মনটো বৰ বিদ্ৰোহী হৈ উঠে আৰু নিজ লৈ বৰ খং উঠে। নিজৰ ভৰনপোষনৰ ব্যবস্থা আৰু নিয়মিত আয় নোহোৱাকৈ ৰাচিদে আৰু এজনীক বিয়া কৰাই নিজৰ কান্ধত মেটমৰা বোজাটো তুলি ললে। তাৰ নো কি দোষ?
তাৰ ঘোৰ আপত্তি স্বত্তেও তাৰ আববাজান নিজৰ বুঢ়ী মাকৰ মতত ৰাচিদে বিয়াখন পাতিলে। সি আববাজানৰ কথা পেলাব নোৱাৰে। মৰাৰ আগতে মাকে তাইৰ এক মাত্ৰ ডেকা লৰাৰ বিয়াখন চাবলৈ কত হাবিয়াস কৰে! মাকে এজনী নবোৱাৰী আমিনাক আনিলে ৰাচিদৰ ঘৰ শুৱনি কৰি। বুঢ়ীয়ে আমিনাক সদায় পদানচীন মহিলাৰ দৰে ৰাখিবলৈ বিচাৰে, নিজৰ জীয়েকৰ দৰে। কিন্তু, কেবল মৰম চেনেহেৰে মানুহৰ পেট নভৰে। এই সংসাৰত মানুহে ভবামতে কাম হৈ নুঠে প্ৰতিকূল অবস্থাত পৰিলে আৰু বিশেষকৈ গৰীব হৈ জন্মিলে।
অবশেষত উপায় হীন, বাধ্য হৈ পেটৰ দায়ত ৰাচিদে মিলিটাৰীত ভক্তি হোৱাকে সিদ্ধান্ত কৰিলে। তাৰ বন্ধু হবিবে তাক এদিন এই কথা কৈছিল। সি জানে আৰু নিজে দেখিছেও—এই যুদ্ধৰ বজাৰ খনে এনিশাৰ ভিতৰতে বহুতৰ ভাগ্য পৰিবৰ্ত্তন কৰিছে। ইতিমধ্যে ৰাচিদৰ দৰে বেকাৰ হবিবে ও যুদ্ধৰ বজাৰত থিকা-কাৰবাৰ কৰি অনেক টকাৰ মালিক হল
এফালে সাম্ৰজ্যবাদী সকলৰ যুদ্ধ, আনফালে দেশব্যাপী যুদ্ধ বিৰোধী আন্দোলন-স্বাধীনতাৰ যুদ্ধ। লগতে শত্ৰুপক্ষত্ৰ আক্ৰমণে বিদেশী চৰকাৰক খুব বিব্ৰত কৰি তুলিছে। স্বদেশ প্ৰেমী দেশৰ জনতাই বিদেশী শাগনৰ অবসান ঘটাবলৈ শেষ আঘাত হানিছে,——দেশজুৰি যুদ্ধ বিৰোধী আন্দোলন পূৰা দমে চলাইছে----।
ৰাচিদ এজন শিক্ষিত যুবক। অন্তৰত তাৰো স্বদেশ প্ৰেম আছে। বিদেশী শোষণকাৰী সকল আৰু বিশ্বাস ঘাছক দেশদ্ৰোহী সকলৰ ওপৰত তাৰো তীব্ৰ ঘৃণা আছে। মিলিটাৰীত ভৰ্ত্তি হোৱা মানে দেশদ্ৰোহিতা—? উপায়হীন!— পেটৰ জ্বালা কোনে আওকান কৰিব পাৰে? সি যুদ্ধত যোগদান কৰিলে সাম্ৰাজ্যবাদী বিদেশী চৰকাৰৰ কাৰণে। প্ৰথমে সি নিজক আৰু তাৰ ঘৰখন বচাই ৰাখিবই লাগিব---এয়ে তাৰ প্ৰথম কৰ্ত্তব্য।
এদিন ৰাতিপুৱা ৰাচিদে সকলোৰে পৰা বিদায় ললে তাৰ মৰমৰ ঘৈণীয়েক যুবতী আমিনাক আৰু বুঢ়ী মাকক একমাত্ৰ খোদাৰ মৰ্জ্জীতে ৰাখি। সি শ্বিলঙলৈ ৰাওনা হল—সহজতে সি পদাতিক সৈন্য বাহিনীত ভৰ্ত্তি হলগৈ। শিক্ষা শিবিৰত প্ৰায় দুমাহ কাল শিক্ষা লোৱাৰ পিচত তাক সশস্ত্ৰ বাহিনী এটাৰ লগত বৰ্ম্মা— যুদ্ধলৈ পঠোৱা হল—জাপানী আক্ৰমণ ব্যৰ্থ কৰিবলৈ। সিহঁত যেনিবা ভেৰাৰ পালৰ দৰে; কিন্তু বৰ অনিচ্ছাৰে ৰাচিদ গলগৈ। ওপৰৰ হুকুম পালন কৰিবলৈ সকলো সৈনিক বাধ্য। সদায় তাৰ মনত পৰে তাৰ ঘৰত বুঢ়ী মাকৰ মৰম চেনেহ আৰু মৰমী ভাৰ্য্যাৰ সেৱা-যত্ন। যুদ্ধক্ষেত্ৰত সৈনিকৰ কঠোৰ জীবন যাপন আৰু জীবন-মৰণৰ লগত অবিৰাম খেলা। স্বৰ্গ-নৰকৰ পাৰ্থক্য!
ৰাচিদে সৈন্যবোৰৰ লগত পৰ্ব্বত-পাহাৰ, নদী, হাবিবন অতিক্ৰম কৰি আগবাঢ়ে। অতি দুৰ্গম বাট-পথবোৰ-বোকাপানী, ৰদ-ধুমুহা, বোমবৰ্ষণ সকলো আওকান কৰি সিহঁত ক্ৰমে আগ বাঢ়িছে, শত্ৰুৰ লগত যুজিবলৈ মৰ- নৰ লগত খেলা কৰিবলৈ। এইদৰে প্ৰায় ছয় মাহ কাল অতীত হল।
এতিয়া আমিনা হঁতৰ কোনো অৰ্থিক অনাটন বা কষ্ট নাই। টকায়ে মানুহক সকলো সুখ শান্তি দিব নোৱাৰে। বিৰহ বিধুৰা যুবতী আমিনা আজি অসুখী। তাই এই যুদ্ধখনক পাৰে মানে গালি পাৰে কাৰণ যুদ্ধখনে; তাইৰ স্বামীক কাঢ়ি নিছে তাইৰ বুকুৰ মাজৰ পৰা। —মৃত্যুৰ গহবৰলৈ টানি নিছে তাইৰ ৰাচিদক। কোনো জানে, এই যুদ্ধই তাক গ্ৰাস কৰিৰ পাৰে? আমিনাৰ অশান্ত, অবুজ প্ৰাণে কান্দি উঠে তাইৰ স্বামীৰ কাৰণে। যুদ্ধত মানুহ মৰে? —যুদ্ধ? —মৃত্যু??
সঁচাকৈয়ে এদিন বেয়া খবৰ আহিল—এখন টেলিগ্ৰামত। —“বৰ্ম্মা যুদ্ধত ৰাচিদ আলী নিহত হৈছে”। আমিনাৰ মনৰ কল্পনা-সন্দেহ দিঠকত পৰিণত হল। তাই বিধবা হল। এতিয়া ঘোৰ অন্ধকাৰ হল। যদিও যুদ্ধৰক্ষেত্ৰৰ নানা ঠাইত সৈনিকৰ মৃত্যু আৰু হতাহত লগতে আমিনাৰ দৰে অলেখ তিৰোতা বিধবা হল, তাৰ প্ৰকৃত খবৰ পাবলৈ টান। মৃত ৰাচিদৰ কাৰণে তাৰ বুঢ়ী মাকে আৰু আমিনাই হিয়া ধুনি কান্দিলে। যুদ্ধৰ বজাৰত এতিয়া সিহঁতৰ কি গতি হব? — একমাত্ৰ খোদাইহে জানে।
কন্টেক্টৰ হবিবৰ টেইলাৰিং বিভাগ—মিলিটাৰী পোষাক তৈয়াৰ কৰা আৰু যোগন দিয়া বিৰাট দৰ্জ্জিৰ কাৰখানা। এদিন ৰাতিপুৱা হবিবে সুসজ্জিত অফিচত গোলড্ ফ্লেক চিগাৰেট হুপি আৰামেৰে বহি আছে। এনেতে ৰচিদৰ বুঢ়ী মাকে লাখুটিত ভৰদি দোকানও সোমাল আৰু হবিবৰ ওচৰতে চকি এখনত বহি পৰিল।
হবিব—“পেহী, তই যে আকৌ টকাৰ কাৰণে মোৰ ওচৰত আহিবি, মই ঠিক জানো।” বুঢ়ী—“হবিব বাবা, এতিয়া আৰু আমাৰ কোনো উপায় নাই। সিদিনা তোৰ পৰা কুৰি টকা কৰ্জ্জা কৰিলো। কোনো মতে এসপ্তাহ নগল। আজি আকৌ আহিছো। যুদ্ধৰ বজাৰ—টকা দিলেও বস্তু নেপায়। কাগজৰ নোটবোৰ চলাই মিলিটাৰীয়ে সব কাঢ়ি নিলে। বাবা, আজিও কুৰি টকা মান নিদিলে নচলে।”
হবিব—“টকা? পেহী, আমাৰ আচল কামৰ কথা পাহৰিছা, দেখিছো? পেহী, তহঁতৰ ধাৰসুদে মুলে ছয়শ টকাৰ উপৰ হল—।”
বুঢ়ী—“মনত আছে বাবা, মাটিখিনিও সোনকালে তোৰ নামত লেখি দিম। ধাৰ মাৰিব নোৱাৰিলে মাটি যাবই। বাবা, পেটৰ দায়ত। মাটি বিক্ৰী কৰিবলৈ বাধ্য হৈছো। হবিব—“তেনে হলে পেহী, আমি কাইলৈ কাছাৰীত ৰিক্ষী দলিলখন ৰেজিষ্টাৰ্ড কৰিম আৰু বাকী চাৰিশ টকা নগদ একেলগে পাবি, বুজিছ। আজি টকা নেপাবি।” হবিবৰ কথাত বুঢ়ী নিৰুত্তৰ হৈ অধোমুখে ঘৰলৈ খোজ ললে।
⸻:০:⸻