সমললৈ যাওক

গল্প সংকলন/বোকাৰ পদুম

ৱিকিউৎসৰ পৰা

বোকাৰ পদুম

 মোৰ আত্মজীৱনী লিখি মৰা অতীতৰ সময় বালিত নিজৰ চিন ৰাখি যাবলৈ ইচ্ছা নকৰো। কাৰণ মোৰ দৰে সামান্য মানুহৰ অতি সাধাৰণ কামবোৰ আত্মজীৱনী এখনৰ সামগ্ৰী হব নোৱাৰে। তথাপি মোৰ দাম্পত্য জীবনৰ এক আধ্যায় —– আমাৰ কন্যা ৰত্নটিৰ কথা — আমাৰ সংসাৰ চিত্ৰখন আজি ৰাইজৰ আগত ডাঙি ধৰিব খুজিছো।

 চৰকাৰী হাইস্কুলৰ শিক্ষক, বন্ধুবৰ শ্ৰীকাকতী আৰু মই একে গাৱৰে লৰা। কাকতীৰ ঘৰৰ অৱস্থা আমাতকৈ বহুত ভাল। মোৰ পিতা আছিল —এজন পাঠশালাৰ শিক্ষক। তেওঁৰ সামান্য উপাৰ্জ্জন। পিতাই শিক্ষাৰ মোল বুজে, সেই কাৰণে মই মেট্ৰিক পাছ কৰাৰ পিচত মোক কলেজত পঢ়িব দিলে। মই জানো, তেওঁ বহু কষ্ট কৰি, নিজে নেখাই টকা বচাই, আনকি খুজিমাগি আনিও মোৰ কলেজৰ খৰছ যোগাইছিল। মোৰ পঢ়াশুনা আৰু পিতাৰ নিঃকিন অৱস্থা দেখি বহুতে তেওক সহায় কৰিছিল আৰু অনেকে পুতৌ কৰিছিল। মোৰ সদগুনী পিতা! পিতাই মোৰ সুখ-উন্নতি দেখিবলৈ নাপালে। অকালতে তেওঁ স্বৰ্গী হল। তেওঁ নিজ হাতেৰে ৰোৱা গছ ডালৰ ফল খাবলৈ নাপালে – কিন্তু মোৰ ওপৰত তেওঁৰ সম্পূৰ্ণ বিশ্বাস আৰু ভাৰষা আছিল যে, ভগবানে কৰিলে, ভবিষ্যতে মই তেওঁৰ নাম ৰাখিব পাৰিম। মই আজিও মোৰ স্বৰ্গীয় পিতৃদেবৰ আশীৰ্ব্বাদ শিৰত লৈ নিজৰ কৰ্ত্তব্য পথত আগ বাঢ়িছোঁ।

 কঠোৰ চেষ্টা আৰু অধ্যবসায়ৰ ফলত, কলিকতা বিশ্ববিদ্যালয়ৰ পৰা ইংৰাজী বিষয়ত সম্মানৰে ১ম শ্ৰেণীতে ২য় স্থান অধিকাৰ কৰি এম-এ পাছ কৰিলো। পাছ কৰি উঠিয়েই চৰকাৰী কলেজ এখনত অধ্যাপক নিযুক্ত হলো। সকলোৱে আচৰিত মানিলে— দুখীয়া শিক্ষকৰ লৰা এজনে ইমান খিনি উধাব পাৰে। সচকৈয়ে বিদ্বান লোকে সকলোৰে পৰা মান পায়।

 চাকৰী কৰি টাউনত ঘৰ-বাৰী কৰি নিগাজী হলো। তেতিয়াও মোৰ বিয়া হোৱা নাছিল। মোৰ অবস্থা আৰু উন্নতি দেখি কেইবাটাও সম্ভ্ৰান্ত ধনী পৰিয়ালে মোক ছোৱালী যাচিছিল। বহুতে চিঠিৰ লগতে উপযুক্ত ধুনীয়া ছোৱালীৰ ফটো পঠাইছিল; কিন্তু সেই বোৰলৈ মই হাত নেমেলিলো। কাৰণ দুখীয়া ঘৰৰ লৰা হৈ ধনীৰ লগত সম্বন্ধ পতা থিক নহব বুলি পিতাই মোক আগতে কৈ থৈছিল। পিতা পুৰণি পন্থীয় লোক, তেওঁ মোৰ বিয়াৰ কাৰণে এজনী উপযুক্ত ছোৱালী আমাৰ গাৱতে ঠিক কৰি ৰাখিছিল আৰু ছোৱালীৰ মাক-বাপেকক প্ৰতিশ্ৰুতি দিছিল। মাৰ ইচ্ছা আৰু পিতৃৰ আদেশ লঙ্ঘন কৰিব নোৱাৰি সেইজনীকে বিয়া কৰিলো। তেওঁৰ নাম নিশা দেবী—পঢ়াশুনা মাত্ৰ পাঠশালাখন পাছ। দেখিবলৈ সিমান.......।

 মোৰ নিচিনা বিদ্বান গণ্যমান্য অধ্যাপক এজনে গাৱৰ ‘ একেবাৰে হোজা ’ ছোৱালীক বিয়া কৰোৱা কাৰণে বহুতে মোক বেয়া পাইছিল। বিয়াৰ আগতে যি সকল ধনী লোকে ধন-সম্পত্তি সহ ছোৱালী যাচিছিল, তেওঁলোকে সুবিধা পালেই যতে ততে মোৰ নিন্দাবাদ ৰটিবলৈ এৰা নাছিল। কিন্তু আমি সেই বোৰলৈ কৰ্ণপাত কৰা নাছিলো।

 মোৰ ভাৰ্য্যা নিশাদেবীক মোৰ বন্ধু কেইজন মানে “এলান্ধু সুন্দৰী” বুলি উপলুঙা কৰিছিল। এই মন্তব্যত নিশাই অকনো অপমান বোধ কৰা নাছিল। ৰূপে কি কাম কৰে? গুণেহে সংসাৰ তৰে ”— এই কথাষাৰৰ সত্যতা নিশাৰ গাত দেখিলো। তেওঁ দেখিবলৈ ক’লা আছিল সঁচা, ৰূপ নাছিল সঁচা, নিশা আছিল গুণৰ সাগৰ, আদৰ্শ পত্নী, খুব বিশ্বাসী, আৰু পতিপৰায়ণা। নিশাৰ চকুত চমক লগোৱা ৰূপ নাথাকিলেও তেওঁৰ আছিল সুন্দৰ শাৰীৰিক গঠন, তাতোকৈ সুন্দৰ স্বভাব-চৰিত্ৰ। তেওঁ মোৰ জীবনত শান্তিৰ নিজৰা বোৱাইছিল। নিশাৰ কথা মোৰ গোটেই জীবনত পাহৰিব নোৱাৰো।

 আমাৰ প্ৰেম মধুৰ দাম্পত্য জীবনৰ কুৰিটি বছৰ বৰ সুখ-শান্তিৰে পাৰহৈ গল। ইমান দিনে নিশা আৰু মোৰ মাজত কোনো দিনে কাজিয়া বা মতানক্য হোৱা নাছিল। কিন্তু বিধাতাৰ চকুত পোৰনি উঠিল। মাজবয়সত নিষ্ঠুৰ বিধাতাই মোৰ বুকুত শক্তিশেল হানিলে।

 অকালতে মই নিশাক হেৰুৱালো। মোক মাত্ৰ এজনী ছোৱালী উপহাৰ দি নিশাই প্ৰসব কালত প্ৰাণ এৰিলে। তিৰোতা হচপিতালৰ লেডি ডাক্তৰ আৰু নাৰ্চ সকলৰ সকলো চেষ্টা, যত্ন, আপডাল ব্যৰ্থ কৰি মোৰ প্ৰাণৰ প্ৰেয়সী নিশাই চিৰশান্তি ধামলৈ প্ৰয়ান কৰিলে। নিশাৰ মৃত্যুৰ পিচৰ পৰা মোৰ জীৱনৰ ধাৰা সম্পূৰ্ণৰূপে বদলি গৈছে। হিতাকাঙ্খী বন্ধু সকলে হৃদয়ৰ দুখ উপশম কৰিবলৈ, ২য় বাৰ বিবাহ কৰিবলৈ মোক অনুৰোধ কৰিছিল। কেইবা গৰাকী বৃদ্ধা মহিলাই পুনৰ বিয়া কৰিবলৈ মোক জোৰ কৰিছিল। আনকি তেওঁ লোকে মোৰ কাৰণে ভাল ছোৱালী ঠিক কৰিছিল। কিন্তু মই হিমালয়ৰ দৰে অচল অটল। ২য় বাৰ বিবাহ বন্ধনত সোমাই মনৰ শান্তি ফেৰা হেৰুৱাব নোখোজো।

 অলপতে শিক্ষকতা কামৰ পৰাও অবসৰ লৈছোঁ। বৰ্ত্তমান মোৰ কাম নানা দেশৰ সাহিত্য চৰ্চ্চা কৰা, প্ৰবন্ধ, গল্প আদি লেখা আৰু উষাৰ শিক্ষাদীক্ষাৰ প্ৰতি যতন লোৱা। তাই মোৰ কণাৰ লাখুটি আৰু জীবনৰ একমাত্ৰ সম্বল। বৰ আজলী ছোৱালী জনী তাই। সৰুৰেপৰা উষাৰো সঙ্গীতত বৰ ৰাপ দেখা গৈছে। নাচ-গানত তাই একেবাৰে বাউলী জনী। পঢ়াশুনাতো তাই বৰ বেয়া নহয়। তাইৰ শিক্ষক সকলৰ মুখে তাইৰ বুদ্ধি বৃত্তিৰ প্ৰশংসা শুনি মোৰ হৃদয় আনন্দত আপ্লুত হয়।

 টাউনত আমাৰ উষাৰ নাম নজনা লোক কমেই ওলাব। অসমৰ শ্ৰেষ্ঠ গায়িকা সকলৰ ভিতৰত উষাও অন্যতমা। ক্যাৰ গৌৰবত ময়ো গৰ্ব্বিত।

 অলপতে যোৰহাটত হৈ যোৱা অসম সঙ্গীত প্ৰতিযোগিতাত ঊষাই সুমধুৰ সুৰৰ আধুনিক গান গাই ১ম পুৰস্কাৰ আৰু সম্মান লাভ কৰিছে। সেই গানে তাইক অসমৰ “শ্ৰেষ্ঠা গায়িকা” আৰু সঙ্গীত শিল্পীৰ আসনত বহু- ৱালে। দেশী-বিদেশী সঙ্গীত বিশাৰদ সকলৰ পৰা উচ্চ প্ৰশংসা পত্ৰ আৰু অভিনন্দন মোৰ ঘৰলৈ আহিছে। তদুপৰি স্থানীয় বেঁতাৰ যোগে উষাই সপ্তাহত দু’দিন গান গাব লাগে। এইদৰে তাই যথেষ্ঠ উপাৰ্জ্জন কৰে। কিন্তু তাইৰ উপাৰ্জ্জনত মোৰ হাত নাই।

 এতিয়া আমি টকা পইচাৰ কাৰণে চিন্তা কৰিব নালাগে। কাৰণ মোৰ পেন্‌চনৰ টকাতে সুন্দৰ ভাবে আমাৰ সংসাৰ চলে।

*  *  *  *

 অসম ৰংমহল মুভিটোন কোম্পানীৰ নামজাদা প্ৰযোজক-পৰিচালক মিঃ বৰুৱা আমাৰ ঘৰলৈ সঘনে আহে। সিদিনা ঊষাৰ বিষয়ে কথা বতৰা হল—

বৰুৱা—মিঃ হাজাৰিকা, উষাৰ ভবিষ্যত সম্বন্ধে আপুনি কি থিক কৰিছে?
 সন্তানৰ কৰ্ম্ম-বাচনিত অভিভাবকৰ মতামত আবশ্যক।

হাজাৰিকা—আপুনি ধোৰ অন্তৰঙ্গ বন্ধু! এই বিষয়ে আপোনাৰ অভিমত?

বৰুৱা—হাজাৰিকা, আগৰে পৰা মই কৈ আহিছো, তাকেই আজিও কওঁ,
 ঊষাই চিত্ৰ জগতত নামক, তাই খুব নাম কৰিব পাৰিব। অসমীয়া
 ডেকা-গাভৰুৰ কাৰণে এই ক্ষেত্ৰত বিৰাট সুযোগ পৰি আছে।

হাজৰিকা—বৰুৱা, তেনে সৌভাগ্য মই আশা নকৰো; কিন্তু—তাই জীবনত
 সুখী হওক,—এয়ে মোৰ একমাত্ৰ কামনা।

বৰুৱা—হাজৰিকা, মই আপোনাক বুজাবলৈ অপৰাগ। আপুনি জানে, চিনেমা
 ৰঙ্গমঞ্চ, নাটক, শিল্প, শিক্ষাদি সকলো বিষয়তে অসম তেনেই পিচ পৰা।

 তেনেস্থলত আপোনালোকৰ লৰা-ছোৱালীয়ে বাট দেখুৱাবই লাগিব। উপযুক্ত অসমীয়া অভিনেত্ৰী আৰু ‘হিৰোইনৰ’ (নায়িকা) অভাবত আমাৰ নতুন সামাজিক চিত্ৰ ‘বিয়াৰ’ কাৰণে মই বৰ উদ্বিগ্ন হৈ পৰিছো।”

হাজৰিকা——“মই জানো, আপুনি সমস্যাত পৰিছে” বৰুৱা—“এতিয়ালৈকে আমি ‘হিৰোইন’ পোৱা নাই। বাহিৰৰ ‘চুটিং’ লব পৰা নাই। চিত্ৰ গ্ৰহণ কামত যথেষ্ট পলম হৈছে। হাজৰিকা, মোক আপুনি হতাশ নকৰিব। মই পৰম আশা লৈ, আজি আপোনাৰ কাষ চাপিছো। আপোনাৰ সুযোগ্যা কন্যা উষাক ‘হিৰোইনৰ’ বোল মই আগবঢ়াইছো?”

হাজৰিকা—“বৰুৱা, উষা এতিয়া ডাঙৰ আৰু বুজন হৈছে। তাইৰ অভিৰুচি মতে তাই নিজৰ জীবনৰ পথ বাচি লব পাৰে। আপুনি জানে, মই ব্যক্তি স্বাধীনতাৰ সমৰ্থক। তথাপি—আপোনাৰ এই প্ৰস্তাৱত তাইৰ মতামত....?? বৰুৱা—“উষাৰ সম্মতি আগতে পাইছো। আজি আপোনাৰ মতামত জানিলো। ধন্যবাদ প্ৰিয় হাজৰিকা, মই এতিয়া উঠোহে, কাৰণ ৰিহাচলৰ সময় হল, নিশাও হল।” —বৰুৱাই লৰালৰিকৈ যাবলৈ উঠিল।

হাজৰিকা—–“অ বৰুৱা সাহেব, এখন্তেক ৰব। উষাই আপোনাৰ কাৰণে চাহ আনিছে।” এনেতে থাল এখনত চাহৰ কেটলি, কাপ, বিস্কুট, কেক আদি লৈ আহি মোৰ ড্ৰইং ৰুমত উষাই হাঁহি মুখে প্ৰবেশ কৰিলে।

 সিদিনাৰ স্মৰণীয় সন্ধিয়া — বৰুৱা আৰু মোৰ গান, চিনেমা, থিয়েটাৰ, বিশদ আলোচনা, বিশেষকৈ আমাৰ উষাৰ কথাই অধিক সজীব আৰু মনোৰম কৰি তুলিছিল।

⸺: সমাপ্ত :⸺