সমললৈ যাওক

গল্প সংকলন/কেম্পত এৰাতি

ৱিকিউৎসৰ পৰা

কেম্পত এৰাতি

 দুৰ্গাপূজা উপলক্ষে ইউনিভাৰচিটি বন্ধ আছিল। বন্ধৰ দিন কেইটা হোষ্টেলতে শুই বহি নকটাই কলিকতাৰ বাহিৰত ফুৰিবৰ মন গৈ আছিল। ৰাতিপুৱা চাহ খাবৰ সময়ত আমাৰ চাকৰ জনে জলপানৰ লগতে মোৰ চিঠি এখন মেজত ৰাখি গৈছে। আগেয়ে এনভেলাপটো খুলি চিঠিখন পঢ়িলো—মোৰ প্ৰিয় বন্ধু মিঃ বৰুৱাই মোক নিমন্ত্ৰণ কৰিছে—এদিন তেওঁ- লোকৰ কেম্পলৈ যাব লাগে। কলিকতাৰ পৰা কেই মাইল মান দুৰৈত ইচ্ছামতী নদীৰ পাৰত তেওঁলোকে শিবিৰ (কেম্প) কৰি সেই অঞ্চলত চৰ- কাৰী জৰিপকাৰ্য্য কৰিছে। যাহক, মোৰ কাৰণে নতুন ঠাই, বিশেষকৈ বৰুৱাক দেখা কৰিবলৈ মোৰ মন উত্ৰাবল, কাৰণ কলেজ এৰাৰ পৰা আমাৰ এদিনো দেখাদেখি হোৱা নাই।

 মোৰ গন্তব্য স্থানলৈ কলিকতাৰ পৰা বাছেৰে প্ৰায় পাঁচ ঘণ্টাৰ বাট। সিদিনা আবেলি বাছত উঠিলো জনপূৰ্ণ ব্যস্ততা আৰু কোলাহল পিচত থৈ বাছখনে তীব্ৰ গতিৰে পশ্চিমবঙ্গ গ্ৰামাঞ্চলত প্ৰবেশ কৰিছে। ৰাস্তাৰ দুয়োকাষে থকা গাওঁ, টাউন, আশ্ৰম, খেতিপথাৰ হাৰিতলী ইত্যাদি অতিক্ৰম কৰি অবশেষত ইছামতী নদীৰ পাৰত বাছখন থামিল। বৰু- ৱাহঁতৰ জৰিপ শিবিৰ (Survey Camp), নদীৰ দৃশ্য, পাল তৰি যোৱা নাওবোৰ, গাঁৱৰ প্ৰাকৃতিক শোভা সৌন্দৰ্য দেখি মন বৰ ভাল লাগিল। নাৱৰে নদী পাৰ হৈ দেড় মাইল খোজ কঢ়াৰ পিচত প্ৰায় সন্ধিয়া সময়ত শিবিৰ পালোগৈ। মোক দেখামাত্ৰকে বৰুৱাই হাতৰ কাগজ কলম দলিয়াই থৈ চিঞৰি উঠিল—“এই যে শৰ্ম্মা। আপনি আহিলে?” এনে জন বিৰল ঠাইত মোক দেখি তেখেত কম আচৰিত হোৱা নাই। মই নেযাম বুলিয়ে তেওঁৰ ধাৰণা আছিল।

 যাহ’ক বৰ আদৰ সাদৰ কৰি বৰুৱাই মোক কেম্পৰ ভিতৰলৈ মাতি নিলে আৰু নিজৰ বিচনাৰ ওপৰত সম্মানিত অতিথিৰ দৰে বহুৱালে। বৰুৱাৰ আতিথ্য আৰু আন্তৰিক ব্যৱহাৰত অতিকৈ মুগ্ধ হলো। আজি বহুদিনৰ মূৰত এজন কলেজীয়া বন্ধুৰ মিলন, গতিকে উভয়ৰে পৰম আনন্দ হল আৰু এইদৰে দুই বন্ধুৰ ভিতৰত নানা বিষয়ে কথা চলিব ধৰিলে।

 চমৎকাৰ আবহাওয়াৰ মাজত থাকি ভ্ৰমণৰ দুখকই পাহৰিলোঁ। চাকৰজনে সৰু মেজখন আমাৰ ওচৰত ৰাখি গল। ভোজনৰ পূৰ্ব্বাভাস বলি বুজিলো। অলপ পিচতে মেজৰ ওপৰত চাহৰ ট্ৰে এখন থোৱাৰ লগে লগে আমাৰ কথাবতৰা বন্ধ হল। ওচৰলৈ চাই দেখো— এজনী গাভৰু ছোৱালী, মুখত লাজ সঙ্কোচৰ মধুৰ হাঁহি। মই মুখেৰে একো নামাতি বৰুৱাৰ চকুৰ ফালে চাই পঠিয়ালো। বৰুৱাই কলে—“মিচেচ বৰুৱা অৰ্থাৎ মোৰেই সহধৰ্ম্মিণী।” বিস্ময়-কৌতূহল পূৰ্ণ চকুৰে বৰুৱাৰ ফালে অবাক হৈ চাই থাকিলো। বৰুৱাই হাঁহি কলে—“আমাৰ পৰম সৌভাগ্য যে—আজি আপোনাক ইয়াত পাইছো।” তিৰোতাজনীৰ চকুমুখ হাঁহিৰে বিকসিত।

 এই হাবিৰ মাজত এনেহেন দীপলীপ ছোৱালীজনীক বৰুৱাই কেনেকৈ নিজৰ পত্নীৰূপে লাভ কৰিলে এই কথা মই বৰুৱাক নুশুধি নোৱাৰিলো। ভাষ উত্তৰত বৰুৱাই কলে---- “যোৱা আগষ্ট মাহত আমাৰ বিয়া হৈ গল। বৰ্ত্তমান ইংৰাজী ভাষাত কব গলে, আমাৰ honeymoon মধু চন্দ্ৰিকা চলিছে। এই কথাষাৰত তিৰোতাজনীৰ গালদুখনে বোল সলালে —লেম্পৰ পোহৰত স্পষ্ট দেখিলো। তেওঁ লাজতে ৰঙামুৱা হৈ একেচাৰে পৰ্দ্দাৰ আঁৰত অবস্থান কৰিলে। মই দুয়োজনলৈ লক্ষ্য কৰি বুজিব পাৰিলো—উভয়ে সুখী আৰু আনন্দিত। এনেস্থলত তেওঁলোকৰ সুখ সৌভাগ্যক অভিনন্দন জনাই মই প্ৰকৃত বন্ধুৰ কামেই কৰিলো।

 গৃহিণীৰ সাদৰ অনুৰোধত আমি খোৱা আৰম্ভ কৰিলো। বোধ হয় গৃহিণীৰ তৎপৰতাৰ গুণে কম সময়ৰ ভিতৰত কেইবা ৰকমো থোৱাবস্তু মেজৰ ওপৰত হাজিৰ হল। খাই খাই মই তেওঁক প্ৰশংসা কৰিলোঁ। নাৰীৰ মধুৰ সংসৰ্গত পুৰুষৰ জীৱন মধুময় হয়; নিৰ্জীৱ শিবিৰো স্বৰ্গত পৰি ণত হয়; এডাম আৰু ইভ নহলে ভগবানৰ নন্দনকানন অসম্পূৰ্ণ। নানা কথা কোৱাৰ লগে লগে মোৰ কুমাৰ মনটোৱে ভাবিব ধৰিলে।

 খোৱালোৱা আৰু প্ৰাণখোলা কথাবতৰাৰ পিচত কেম্পৰ আবহাওৱা নিজৰ ঘৰুৱা যেন বোধ হল। ৰৰুৱা পত্নীয়ে নিজে মোৰ কাৰণে বেলেগ বিছনা কৰি দিলে আৰু মোৰ সুখ-সুবিধা আৰামৰ ব্যৱস্থা কৰিলে। বগা ধপধপিয়া কোমল বিচনাৰ ওপৰত মোৰ ভাগৰুৱা শৰীৰটো পেলাই দিলোঁ। বৰুৱাই মূৰ শিতানত থকা লেম্প নুমাই দি মোৰ কাষতে চকী এখনত বহি পৰিল। খন্তেকৰ কাৰণে মোৰ মানসপটত কলেজ আৰু হোষ্টেলৰ মধুৰ স্মৃতিবোৰ এটি এটিকৈ ভাহি উঠিল। মোৰ টোপনি আহিব ধৰিছিল, এনেতে বৰুৱাই তেওঁৰ জীৱন-পুস্তক'ৰ এটি সুন্দৰ আধ্যায় মোৰ অলস চকুৰ আগত দাঙি ধৰি টোপনিক আঁতৰাই ৰাখিলে। বৰুৱাই কৈ গল—

 “জন্ম-মৃত্যু-বিবাহত মানুহৰ হাত নাই।” —মানুহে কয়। কিন্তু মই কব খোজো—প্ৰেম, ভালপোৱা, বিবাহ, মিলন একেবাৰে আকস্মিক ঘটনা। আনৰ কথা নালাগে, নিজৰ জীৱনৰে কথাকে কৈছোঁ—শুনক। গোটেই দিনটো পথাৰত কাম কৰি আবেলি ইছামতীৰ ঘাটত স্নান কৰা মোৰ দৈন- ন্দিন অভ্যাস। সেই বাস্তুহাৰা কলোনীৰ তিৰোতাবিলাকেও এই ঘাটৰ পৰা পানী লৈ আমাৰ কেম্পৰ আগেদি যায়।

  এদিন সন্ধ্যাসময়ত এই ঘাটত দেখিলোঁ—কুমাৰী আশালতা মণ্ডলে (এতিয়া মোৰ পত্নী) অকলে গা ধুই আছে। নিলগৰ পৰা মই দৃশ্যটো উপ- ভোগ কৰিলোঁ। স্নান শেষ কৰি তাই লয়লাস ভঙ্গীৰে কলহত পানী ভৰাই পানীৰ পৰা নদীৰ পাৰত উঠিল। বোধ হয় পিচল মাটিত ভৰিৰ খোজ পিচলি গ’ল আৰু চকুৰ পলকতে কলহৰ সৈতে পৰি গল। মোৰ অজানিতে মই দৌৰি গৈ তাইৰ ওচৰ পালোঁ। লাহেকৈ হাতেৰে তাইক তুলি ধৰি মাটিত থিয়কৈ থলো; লাজতে মোৰ মুখৰ পৰা কোনো কথা নোলাল। নাইবা ধন্যবাদ সূচক কোনো কথা তাই মোক নকলে। গাভৰু ছোৱালী বোধহয় খুব লাজ পাইছে। ভিজা কাপোৰখন সামৰি লৈ তলমুৰকৈ এখুজি দুখুজি কৰি নিজৰ ঘৰৰ ফালে খোজ ললে। মই বহুসময় তাই যোৱা চাই আছিলো। ভাগ্য ভাল, ওচৰত অন্য কোনো মানুহ নাছিল। আপুনি নিশ্চয় বুজিব পাৰিছে, এই সাধাৰণ ঘটনাটোৱে মোৰ জীৱনত বহু পৰিবৰ্ত্তন আনিলে যাব কাৰণে আজি মই সকলোৰে নিন্দা গৰিহনাৰ পাত্ৰ হৈছোঁ।”

 বৰুৱাই আকৌ আৰম্ভ কৰিলে—“এই দৰে আমি দুজনে আন্ধাৰৰ সুযোগ, লৈ এই নদীৰ পাৰত গোপনে গোপনে অনেকবাৰ কথাবতৰা হৈছো। আচল কথা ছোৱালী জনীক স্পৰ্শ কৰাৰ পৰাই মোৰ অন্তৰত অপূৰ্ব্ব আনন্দৰ শিহৰণ আৰু এটা প্ৰবল অনুভুতি জাগি উঠিছে। আপুনি কব পাৰে ই মোৰ দুৰ্ব্বলতা”। কিন্তু কোনো লাজব কথা নহয়, সেই দুষ্ট ছোৱালীজনীক নিজৰ কৰি লবৰ কাৰণে মোৰ লোভো জাগিছিল।

 অবশ্যে, আশাৰ বাপেক মাক মোৰ অপৰিচিত নহয়। ‘ৰিফিউজী কলোনীৰ’ ভিতৰত তেওঁলোক বেচ ভদ্ৰ আৰু গন্যমান্য লোক। এই অঞ্চলত বহুদিন জৰিপ কাৰ্য্য কৰি তেওঁলোকৰ লগত ভালভাবে চিনাজনা হৈছিল। মাজে সময়ে মোক নিমন্ত্ৰণ কৰিছিল। দেখিলো—মই ছোৱালীৰ প্ৰেমজালত ভালকৈয়ে আৱদ্ধ হলো আক দিনে দিনে তাইৰো মোৰ প্ৰতি আসক্তি বাঢ়িব ধৰিছে। ভাই, দুৰ্ব্বল মুহূৰ্ত্তত মানুহে অনেক কিছু কৰিব পাৰে; কিন্তু এদিন সত্যকথা প্ৰকাশ পাবই।

 এবাৰ ইয়াতে বৰ কঠিন মেলেৰিয়াত ভুগিলো। টান জ্বৰত প্ৰাণ যায় যায় অৱস্থা। কিন্তু সেই মণ্ডল পৰিবাৰৰ সহায় সাহাৰ্য্য আৰু বিশেষকৈ আশাৰ সেৱা শুশ্ৰূষা নোপোৱা হলে আজি আপুনি মোক এনে অৱস্থাত নেদেখিলে হেতেন। এই মোৰ বিয়া নহয় — প্ৰতিদান! এজনী অনাথিনী বঙালী যুবতীৰ যথাসৰ্ব্বস্ব গ্ৰহণৰ পৰিবৰ্ত্তে এজন প্ৰবাসী অসমীয়া ডেকাৰ হৃদ- য়ৰ সমুচিত প্ৰতিদান। শেহত আমাৰ এই বিয়াৰ পৰিণাম কি হয় নাজানো। কিন্তু যি কোনো অৱস্থাৰ সম্মুখীন হবলৈ মই অন্তৰত সাহস ৰাখিছো। আমি এদিন স্বদেশলৈ ফিৰি যাবই লাগিব। নিজৰ জননী জন্মভূমিৰ দৰে কোন হব পাৰে? আপুনি ঘৰলৈ যাব যেতিয়া, মোৰ সকলো কথা তেওঁলোকক বুজাই কব দেই। আশা কৰোঁ—এজন বন্ধুত্ব অনুৰোধ ৰাখিব।”

⸻:০:⸻