গল্প-লহৰি/বিধাতাৰ জোৰা
বিধাতাৰ জোৰা
[ ১ ]
বৰ্ত্তমান বৰ-কইনা এজনৰো বাপেক ইহ জগতত নাই | কিন্তু জীয়াই থকা কালত দুয়োৰো বৰ মিল আছিল। এদিন বৰৰ বাপেক জগৎ কমাৰে কইনাৰ বাপেক মালভোগ মেম্বৰৰ ঘৰত থৰক্-বৰক্কৈ খোজ কঢ়া আৰু থুনুক-থানাক্কৈ মাত-মতা ৰেণুবালাক দেখি পুতেক কমললৈ উদ্দেশ্ কৰি কৈছিল—‘বোলে ডাঙৰ হলে ইহঁত দুয়োৰো বিয়া পাতিব লাগিব।’ বন্ধুৰ এই ধেমেলীয়া প্ৰসঙ্গত কইনাৰ বাপেকেও মিচিকীয়া হাঁহি মাৰি মূৰ দুপিয়াই সম্মতি জনাই
বিধাতাৰ জোৰাৰ বল থকা কাৰণে আজি কমল আৰু ৰেণুৰ বিয়া হৈ গল। কিন্তু দুখৰ বিষয় বিয়া চাবলৈ তেওঁলোকৰ এজনো জীৱিত নাই। কিজানি বা তেওঁলোকে পৰলোকৰ পৰা বৰ-কইনাক আশীৰ্ব্বাদ কৰিছেই আৰু ইহলোকৰ অভিলাষৰ কথা যদি পৰলোকতো মনত থাকে, তেন্তে অভিলাষ পূৰণৰ তৃপ্তি আৰু আনন্দও উপভোগ কৰিছেই!
[ ২ ]
ওপৰত যি ঘটনাৰ উল্লেখ কৰা হল, তাৰ অতীত কাহিনী এনে দৰে শুনা যায় ।
জোৱাৰ্দ্দি আৰু কৈঠালকুচি কামৰূপ জিলাৰ ধৰ্ম্মপুৰ মৌজাৰ দুখন ওচৰা-ওচৰি গাওঁ । জোৱাৰ্দ্দিত জগত কমাৰৰ আৰু কৈঠালকুচিত মালভোগ মেম্বৰৰ ঘৰ। গাওঁৰ বহল বাটেৰে তেওঁলোক দুয়োৰো ঘৰ প্ৰায় এমাইলৰ অন্তৰ ; কিন্তু বাৰীৰ চমু বাটেৰে মুঠে এখন সৰু পথাৰৰ ব্যৱধান । দুয়ো দুয়োখন গাওঁৰ মুখিয়াল মানুহ আৰু দুয়ো দুয়োৰে৷ নলে-গলে-লগা বন্ধু। জীৱিত কালত দুয়ো একেলগে মেলত ফুৰা, নিমন্ত্ৰণ খোৱা, গৰু-মহ কিনা আৰু একে পথাৰতে খেতি-বাতি কৰা প্রভৃতি সাংসাৰিক কামত জোঁটাশালী মাৰি ফুৰিছিল ৷
কিন্তু বিধাতাৰ অভিশাপত এই দুজন একান্ত সঙ্গীৰ এজন আগেয়ে পৰলোকলৈ গল। এদিন বুধবাৰে দুপৰীয়া হঠাতে চাৰিওফালে খবৰ বিয়পি পৰিল যে, নদলাৰ হাট কৰি ঘৰলৈ ঘূৰি আহিবৰ সময়ত বাহুবলী জগত কমাৰ তেওঁৰ দুজন ডেকা ভতিজাকেৰে সৈতে নদী পাৰ হওঁতে বুৰাদিয়া নদীত নাৱ ডুবি মৰিল । তেতিয়া সাহপুৰ ঘাটত দলং হোৱা নাছিল আৰু পুৰণি হাটখোলাত হাট বহিছিল । নদলাৰ ঘাটত সত্ৰীয়া বৰুৱাৰ নাৱ এখনেৰে তেওঁ লোকৰ গোলাম এজনে হাটৰ দিনা বিকিবলৈ নিয়া বয়-বস্তুৰ অলপ-অচৰপ লৈ হাটকৰা মানুহ ইপাৰ-সিপাৰ কৰিছিল।
মৰিবৰ সময়ত জগত কমাৰে দুকুৰি বছৰৰ ডেওনা পাৰ হৈছিল মাত্ৰ। এনে ভৰ-যৌবনতে যমৰজাই জগত কমাৰক ইহ-সংসাৰৰ পৰা লৈ গল আৰু তেওঁৰ একেটি মাত্ৰ পুতেকলৈ থৈ গল—বিধৱা মাকজনী, তামোল-পানৰ বাৰী এখন, ঘৰৰি ওচৰৰ পথাৰতে দুপূৰা ৰূপিত মাটি, মিতিৰ-কুটুমক ধাৰে দিয়া ধনৰ তালিকা এখন আৰু দেৱানী মোকৰ্দ্দ্মা এটা। কমল তেতিয়া দহ বছৰীয়া।
বন্ধু-বিয়োগৰ এই আকস্মিক বাতৰি শুনি মালভোগ মেম্বৰৰ মূৰত বিনা মেঘে বজ্ৰপাত পৰা যেন হল। এই তাপে তেওঁক তুঁহ জুইৰ দৰে উমাই উমাই পুৰিলে। তেওঁ কমাৰৰ শৰাধ-বিধিত নাবালকক সকলো প্ৰকাৰে সহায় কৰি বন্ধুপ্ৰীতিৰ অৰ্ঘ্য দান কৰিলে।
প্ৰণয়ৰ প্ৰবল তান থাকিলেও সমাজৰ চকুত তেওঁ পৰ। তেওঁ ভিন্ গাওঁৰ মানুহ। কমাৰৰ মিতিৰ-কুটুমো নহয়, বৈ-বঙ্গহো নহয়। আন পাকে, কমাৰৰ এহাতৰ পৰিয়াল। গতিকে তেওঁ মৃতকৰ কাম-কাজত কমাৰৰ ভায়েক বিহুক নেতা পাতি তেওঁৰ দিহা মতেহে দেহে-কেহে খাটিছিল।
বিহু জগত কমাৰৰ সহোদৰ। আজি ছবছৰমান আগতে তেওঁলোক বেলেগ হৈছে। ঘৰুৱা সৰু-সুৰা কথা আৰু খুঁট-খাট কাৰণৰ বাবে আজি দুই-তিনি বছৰমানৰ পৰা তেওঁ লোকৰ অহা যোৱা নাছিল। তথাপি মেম্বৰৰ পৰামৰ্শ মতে বিধৱা আৰু নাবালক বিহুৰ শৰণাগত হল। লোক-নিন্দালৈ ভয় কৰি বিহুৱে নাৱালকক পিতৃ-দায়ৰ পৰা উদ্ধাৰ কৰিবলৈ কাম-কাজৰ দিহা-পৰামৰ্শ দিলে। এইৰূপে বিহুৰ দিহা-পৰামৰ্শ আৰু মেম্বৰৰ যত্ন- পৰিশ্ৰমৰ ফলত নাবালকৰ ধন-বস্তুৰে কমাৰৰ শৰাধ-বিধি শেষ হল।
ইয়াৰ কিছুদিন পাচত এদিন বিহু কমাৰে টকা সাধোঁ বুলি কমলৰ মাকৰ পৰা ধাৰে দিয়া ধনৰ তালিকাখন নিলে। তেওঁ সেই তালিকাৰ টকা কিছু সাধি আনিলেও; কিন্তু বিধৱাক কণা-কড়ি এটাও নিদিলে। বিধৱাই কেতিয়াবা সেই কথা উলিয়ালে বিহুৱে কৈছিল—“কোনেও পয়চা এটাকে নিদিয়ে; আজি-কালিৰ মানুহ! দলিল থাকিলেও টকা আদায় কৰা টান আৰু কাগজ দেখুৱালে টকা দিবনে?”
কমলৰ মাকে এই কথা সঁচা নহয় বুলি জানে। কিন্তু বিপদ-আপদৰ ৰক্ষক, স্বামীৰ সহোদৰ, চেনেহৰ দেৱৰৰ অপ্ৰিয় হব বুলি একো নেমাতি নিজৰ কপালকে দুষি মনে মনে থাকে। মনতে ভাবে “টানে-আপদে পাম। তেওঁৰ হাতত থকা আৰু মোৰ বাকচত থকা একে কথাই। মিছাকে সন্দেহ কৰি মন ভঙ্গাও কিয়?” নিৰুপায় হৈ এই দৰেই শোকে-তাপে পোৰা মনক সান্ত্বনা দিয়ে।
ইপিনে মোকৰ্দ্দমাটো চলাবৰ কাৰণে বিহুৱে আজি কি-পিয়াদাৰ ভেটী, কাইলৈ সাক্ষীৰ খৰচ, পৰহিলৈ উকিলৰ মজুৰি ইত্যাদি কাৰণ দেখুৱাই সিকিটোৰ ঠাইত টকাটো বিধৱাৰ পৰা নি আছিল। এইদৰে দুবছৰমান চলাৰ পাচত খবৰ পোৱা হল যে, তদ্বিৰৰ অভাৱত মোকৰ্দ্দমাটো এক তৰফা ডিগ্রি হল । ইয়াৰ কিছুদিন পাচতে সদৰৰ পিয়াদাই ডিগ্ৰি জাৰি কৰি ক্ৰোকী পৰোৱানা লৈ অহাত বিধৱাই ৰূপিত মাটি এপূবা বিক্ৰী কৰিহে ডিগ্রিৰ টকা পৰিশোধ কৰিলে । তেতিয়াও বিধৱাই ঘৰৰ মাটি পৰৰ হাতলৈ যাব নিদি আধামূলীয়াকৈ দেৱৰ বিহু কমাৰকে দিলে ।
এনেবোৰ আপদ-বিপদৰ মাজেদি জগত কমাৰ মৰাৰ পাচতো দুবছৰ পাৰ হল । সহায় কৰাৰ ছলেৰে আয় কৰাৰ কাৰণবোৰ যেতিয়া কমি আহিল, কমলহঁতৰ লগত বিহুৰ সদ্ভাৱো তেতিয়া কমি আহিল । এদিন কমলৰ মাকে পুতেকক কলে— “বোপাই । খুৰাদেৱবক খুজি আমাৰ সেই ধাৰে দিয়া খনৰ তালিকাখন আনগৈচোন, যা । মৌজাদাৰৰ টেকেলা খাজানাৰ বাবে সদায় আহে ৷ হাতত পয়চা এটাও নাই । পাৰোঁ যদি নিজে কাবৌ মিনতি কৰি কিছু টকা সাধি আনি খাজানাৰ লেঠাটো মাৰোঁ।”
মাকৰ কথা মতে কমলে তালিকাখন খুজিবলৈ গৈ খুৰাকৰ পৰা উত্তৰ পালে— “এ:! সেইখন কৰবাত থৈ এতিয়া পাহৰিলোঁ” । মোৰ কাকতবোৰৰ মাজত বিচাৰি দেখোঁ এতিয়া নাপাওঁ । কেতিয়াবা মাৰকে দিলোঁ নে কি ?”
কিন্তু মাকে তালিকা খুজি প্ৰায়েই উত্তৰ পাইছিল—সেইখন নো নি পুৰি খাবা নে? কোনেও পাই এটাকে নিদিয়ে ৷ মই হেন মানুহটে৷ হুৰিলোঁ। তোমাক টকা দিব? কাকতখন কৰবাত থৈ ময়ো পাহাৰিলোঁ। বাৰু এসময়ত ভালকৈ বিচাৰি চাম। নিশ্চয় কৰবাত আছে।
আচলতে কিন্তু সেই লিষ্টিৰ টকা আদায় কৰি বিহুৱে তেনেই খালে।
দেৱৰৰ এনে সমিধান পাই বিধৱাই প্ৰত্যেক বাৰতে একোটা বুকু-ভঙা হুমুনিয়াহ, কাঢ়ে আৰু ঘৃণাৰ ভাৱেৰে অন্তৰ ওপচাই মনে মনে গুচি আহে।
এয়েই আমাৰ বৰ্ত্তমান সমাজৰ ভাতৃ-স্নেহৰ নমুনা। যি ভাৰতত এদিন ভাতৃ-প্ৰণয়ৰ আদৰ্শৰূপে ৰাম-লক্ষ্মণৰ সৃষ্টি হৈছিল, সেই ভাৰতত আজি প্ৰণয়ৰ নামত স্বাৰ্থসিদ্ধিৰ কুন্ধচ ব্যৱসায়। ইয়াৰ প্ৰতিকাৰ কি?
ক্ৰমে কমলৰ উপৰুৱা জঞ্জালবোৰ কমি আহিল। বৰ্ত্তমান তাৰ সংসাৰ খৰালি কালৰ পৰ্ব্বতীয়া জুৰিৰ ক্ষীণ সোঁতৰ দৰে চলি আছে। মাটি আধি লগায়, মাক-পুতেকে খায়। বাৰীৰ শহ: বেচে। তাৰে সূতা-লেটা কিনে। হাঁহ পাৰ-ছাগলি পোহে তাৰ উৎপনেৰে বিপদ-আপদৰ কাৰণে দুপয়চা সাঁচে।
⸻
৩
দুই গাওঁৰ মাজতে কৈঠালকুচি প্ৰাইমাৰী স্কুল। কমল সেই স্কুলৰ ৩য় মান শ্ৰেণীত পঢ়ে। তাৰ স্বভাৱ ধীৰ, বুধি থিৰ আৰু পঢ়া-শুনাত সি চোকা। আজি কিছুদিনৰ পৰা ৰেণুবালাও স্কুললৈ অহা-যোৱা কৰিছে। তাই ‘ক’ মানত নাম লগাইছে। দুয়ো দুয়োৰো একান্ত সঙ্গী। স্কুল ছুটীৰ পাচত যেতিয়া লৰাবোৰে অনৰ্থক চিঞৰ-বাখৰ কৰি খেলা কৰে, কমলে তেতিয়া ৰেণুৰ হাতত ধৰি এ দাঁতিত থিয় হৈ চাই থাকে। যাওঁতে ৰেণুক সিহঁতৰ ঘৰত থৈ বাৰীৰ বাটেৰে সি ঘৰলৈ যায়। কেতিয়াবা স্কুলৰ পৰা আহি ৰেণুহঁতৰ ঘৰতে খাই-বৈ আবেলিহে ঘৰ ওলায়গৈ। কমলে ৰেণুৰ পেঞ্চিলৰ নাল লগাই দিয়ে, বাহঁৰ কামিত ইঞ্চিৰ দাগ কাটি স্কেল সাজি দিয়ে, বহী বান্ধি দিয়ে, কিতাপৰ বকলা খুৱাই দিয়ে, ধূলা-ভাতৰ বন-পাচলি গোটাই দিয়ে।
আন লৰাবোৰে কেতিয়াবা আমনি কৰিলে ৰেণুৱে কমলৰ সহায় লয়। কমলে খেলিলে ৰেণুৱে তাৰ ফলি-কিতাপ, চোলা- কাপোৰ ৰখি বহি থাকে, ঘৰৰ পৰা লেতেকু-পনিয়ল, বগৰী-জলফাই খোঁচনিত ভৰাই আনি স্কুলত কমলক খাব দিয়ে। এইৰূপে দুটি শিশুৰ কোমল প্ৰাণত প্ৰণয়ৰ বীজ অঙ্কুৰিত হৈ সি ক্ৰমে লহ্পহ্কৈ বাঢ়ি উঠিছিল। কিন্তু এই প্ৰণয়ৰ ঘনিষ্ঠতা কমলে সৰহ দিন ৰাখিব নোৱাৰিলে। বছৰেক পাচতে কমলে সেই স্কুলৰ পৰা বৃত্তিলৈ নলবাৰীত পঢ়িবলৈ যাব লগা হল। কিয়নো এই ঘটনা যি সময়ৰ, তেতিয়া তাতকৈ ওচৰত কোনো ইংৰাজী স্কুল নাছিল। মাকে তাক নলবাৰীত থবলৈ শঙ্কা কৰিছিল। মেম্বৰৰ উদগণিত মাকৰ অন্ধ স্নেহৰ পৰা ওপজা অমূলক আশঙ্কা দূৰ হল। মেম্বৰে কমলক লৈ গৈ নলবাৰী মাইনৰ স্কুলত নাম লগাই তাত থকা-মিলাৰ দিহা কৰি দি আহিল। নলবাৰী তেওঁলোকৰ ঘৰৰ পৰা আঠ মাইলমান দূৰ।
কমলে তাত নিজে বান্ধি-বাঢ়ি খাই স্কুলত পঢ়ে। সি প্ৰতি শনিবাৰে ঘৰলৈ আহে আৰু সোমবাৰে পুৱা সপ্তাহ জোৰাকৈ চাউল-চিৰা, শাক-পাচলি বোকোচাত বান্ধি লৈ যায়। মাকে ৰবিবাৰে তাৰ পিন্ধা-উৰা কাপোৰ দুখন খাৰণি সৰাই ধুই দিয়ে। সি খৰচৰ হিচাব ৰাখে আৰু মাকক হিচাব বুজাই দি কেতিয়াবা বৃত্তিৰ টকাৰে নোজোৰা হলে সিকিটো আধলিটো নিয়ে। নলবাৰী স্কুলতো সি ভাল লৰা। শিক্ষক সকলে তাৰ পঢ়া-শুনাৰ আৰু স্বভাৱ-চৰিত্ৰৰ প্ৰশংসা কৰে। তাকে শুনি আন মানুহেও কোৱাকুই কৰে যে,—'দবিদ্ৰৰ প্ৰতি সৰস্বতীৰ কৃপা সৰহ’।
⸻
[ 8 ]
সেইটো গাৱলীয়া পঞ্চায়তৰ মেম্বৰ বাচনিৰ সময়। সেই উপলক্ষে নলবাৰীৰ চাব ডিপুটি আহি মেম্বৰৰ ঘৰত আছেহি। তেওঁ স্ত্ৰী-শিক্ষাৰ পৃষ্ঠপোষক। তেওঁৰ যত্ন আৰু উদ্যমতে নলবাৰীৰ বালিকা প্ৰাইমাৰী স্কুলখন মাইনৰ স্কুললৈ উন্নীত হৈছে।
ৰেণু তেতিয়া দহ বছৰীয়া। তাই সেইবাৰ প্ৰাইমাৰী পৰীক্ষাত উত্তীৰ্ণ হৈছে। তাইৰ সুগঠিত শৰীৰ, সুবিমল কান্তি, সৰল মন, নিৰ্ম্মল আনন্দ আৰু ঘৰৰ কাম-বনত অবিশ্ৰান্ত উৎসাহ দেখিঅ স্বভাৱতে হাকিমৰ দৃষ্টি তাইৰ ওপৰত পৰিল। তেওঁ তাইৰ পৰিচয় লৈ যেতিয়া জানিলে যে, তাই মেম্বৰৰ জীয়েক, এইবেলি প্ৰাইমাৰী পাচ কৰিছে, তেতিয়া তেওঁৰ তাইলৈ আৰু মৰম লাগিল। তেওঁ তাইক ওচৰলৈ মাতি আনি আখৰ লিখা আৰু অঙ্ক কৰা বহীবোৰ চালে আৰু বহীৰ কামবোৰ পৰিপাটি দেখি বৰ ভাল লাগিল। তাইৰ ভবিষ্যত সম্পৰ্কে হাকিমে মেম্বৰক উদগণি দিলে আৰু কলেঃ—‘মেম্বৰ! ছোৱালীজনী আৰু পঢ়াব লাগে।’
| মেম্বৰ— | ‘বিয়া দিবৰে দেখোঁ হল দেউতা! আৰু নো পঢ়ি কি হব?’ |
| হাকিম— | ইমান সৰুতে বিয়া নিদিবা। সৰুতে বিয়া দিয়াৰ বহুত দোষ। তাৰ পৰা আমাৰ সমাজৰ বহুত অনিষ্ট হৈছে। |
| মেম্বৰ— | সৰহকৈ পঢ়িনো আমাৰ ছোৱালী কলৈ চাকৰি কৰিবলৈ যাব? বিয়া দিবলৈকে বা তেনে শিক্ষিত ল’ৰা পাম কত? |
চাকৰি কৰিবলৈকেহে জন্মিছোঁ নে। চাকৰিক লক্ষ্য কৰি পঢ়া-শুনা কৰাৰ ফলতহে আমি জগতত হীন হৈছোঁ। চোৱা, আমাৰ দেশৰ মাইকী মানুহবোৰ কিমান আন্ধাৰত আছে। তুমি বাহিৰত ফুৰি-চাকি, নানা মানুহৰ লগত কথা পাতি, কত কথা শিকিছ৷; নানা ঠাইৰ আচাৰ-নীতি দেখি নিজৰ দোষ শুধৰাই , বাতৰি কাকত পঢ়ি বা আন মানুহৰ মুখে শুনি জগতৰ খবৰ ৰাখিছা, কিন্তু মাইকী মানুহবোৰে ঘৰৰ ভিতৰতে থাকি বাহিৰৰ জগতৰ লগত সম্পৰ্ক ৰখাৰ কোনো সুবিধাকে পোৱা নাই। সিহঁতে চুকৰ ভেকুলিৰ দৰে আন্ধাৰতে জন্মি আন্ধাৰতে জীৱন কটাইছে। তাৰ ফলত আমাৰ সমাজত ঘটিছে কি?
আমাৰ লৰা-ছোৱালীবোৰে সৰুতে মাকৰ পৰা নানা প্ৰকাৰ অশিক্ষা-কুশিক্ষা পাই বিবিধ কু-সংস্কাৰৰ মাজত ডাঙৰ হৈছে আৰু সেই ভুল বিশ্বাসবোৰ হাড়ে-মগজুৱে সোমাই ডাঙৰত ভুল বুজিও তাক এৰিব নোৱাৰা হৈছে।
তদুপৰি চোৱা, আমাক স্বাতন্ত্ৰ্য লাগে। আমি স্বৰাজ বিচাৰিছোঁ। পৰাধীন হোৱাই আমি ব্যক্তিত্ব বিকাশ কৰিবলৈ সুবিধা পোৱা নাই; এইবোৰ ডাঙৰ ডাঙৰ কথা আমি মেল-মিটিঙত কওঁ। কিন্তু তাৰ পৰা ঘৰলৈ ঘূৰি আহি ঘৰৰ ঘৈনীকো ব্যক্তিত্ব বিকাশৰ সুবিধা দিবলৈ ৰাজি নহওঁ। এইটো আত্ম প্ৰবঞ্চনা নহয় নে?
তদুপৰি তুমি অলপ দিব খুজিলেও তেওঁ লোকৰ স্বজাতি শাহু আয়ে তাকো দিবলৈ ৰাজি নহয়। তেওঁ লোকে বোৱাৰীক নিজৰ সাঁচত গঢ়ি লবলৈ সদায় সজাগ। তেওঁ লোকে আগৰ পৰা চলি অহা ভুল ৰীতি-নীতিৰ অলপো লৰচৰ কৰিব নোখোজে। বৰং তাৰ কিঞ্চিৎ হেৰফেৰ হলেই তেওঁলোকত বোৱাৰীৰ ওপৰত খড়্গহস্ত। এই দৰে ঘৰচীয়া হাতীয়ে হাবিৰ হাতী ধৰি আনিদি উভয়ে মানুহৰ বশ হোৱাৰ দৰে তিৰোতাই তিৰোতাৰ শত্ৰুতা আচৰণ কৰি পুৰুষৰ অধীন হৈছে। শিক্ষাৰ অভাৱেই ইয়াৰ কাৰণ আৰু যেতিয়ালৈকে আমাৰ অন্তঃপুৰ শিক্ষিত তিৰোতাৰে পূৰ নহব, তেতিয়ালৈকে আমাৰ উন্নতি নহব। মেম্বৰ! তুমি এটা উপায় কৰি ছোৱালী জনী আৰু পঢ়োৱা। বিয়া দিবলৈ মই তোমাক শিক্ষিত দৰা বিচাৰি দিম।
হাকিমৰ উদগণি পাই মেম্বৰে স্কুলৰ শিক্ষক জনৰ লগত পৰামৰ্শ কৰি সেই স্কুলতে প্ৰাইভেটকৈ পঢ়ি ছাত্ৰবৃত্তি পৰীক্ষা দিবলৈ প্ৰাৰ্থনা কৰাত কৰ্তৃপক্ষৰ পৰা অনুমতি পালে। কিয়নো তেতিয়া গাওঁত বালিকা স্কুল পৰ্ব্বতত কাছ-কণি দৰে।
ৰেণুৱে পুনৰ আগৰ স্কুললৈকে সদায় অহা-যোৱা কৰিব ধৰিলে। মেম্বৰৰ অনুৰোধত কমলেও জহৰ বন্ধ, পূজাৰ বন্ধ বৰদিনৰ বন্ধত ৰেণুৰ পঢ়া-শুনাৰ যত্ন ললে। এইৰূপে শিক্ষকৰ চেষ্টা, কমলৰ যত্ন আৰু ৰেণুৰ পৰিশ্ৰমৰ ফলত তিনি বছৰ পাচত তাই ছাত্ৰবৃত্তি পৰীক্ষা পাচ কৰিলে।
তাই তেতিয়া পাট-গাভৰু। আধা ফুলা ফুল কলিৰ দৰে তাইৰ শৰীৰৰ শোভাই দৰ্শকৰ মনত তৃপ্তি দিয়ে। তাইৰ বালিকা কালৰ সৰলতা আৰু অফুৰন্ত আনন্দ তেতিয়াও মাৰ যোৱা নাই। তৰুণ-অৰুণৰ সোঁনালী ৰঙৰ দৰে তাইৰ মুখৰ শ্ৰী কোমল আৰু স্নিগ্ধ।
⸻
[ ৫ ]
ৰেণুৰ কিশোৰ আৰু যৌৱন কালৰ এনে জোৰাত মাত্ৰ তিনি দিনৰ জ্বৰ ভুগি হঠাতে মালভোগ মেম্বৰৰ মৃত্যু হল। মৰাৰ আগতে তেওঁ ঘৈনী আৰু বৰ পো হলিৰামক ওচৰলৈ মাতি নি ৰেণুৰ বিয়া সম্পৰ্কে তেওঁ আৰু তেওঁৰ বন্ধু জগত কমাৰৰ অভিলাষৰ কথা কৈ গৈছিল।
হলিৰাম হাইস্কুলৰ অষ্টম মান শ্ৰেণীলৈ পঢ়িছিল। তাৰ পাচত তেওঁৰ মন ৰূপ ৰাজ-হংসই সৰস্বতীৰ ৰথ আৰু আগুৱাই টানিবলৈ সক্ষম নহল। পঢ়া-শুনা এৰি তেওঁ কিছুদিন কোনো কোনো ঠাইত দুই-এমাহৰ কাৰণে প্ৰাইমাৰী স্কুলৰ শিক্ষকৰ একটিং কৰিছিল । কিন্তু অনেক চেষ্টা-চৰিত্ৰ আৰু অনেক ধন-বস্তু ব্যয় কৰিও এটা নিগাজী কাম নাপালে । সেই কাৰণে তেওঁৰ মনত দুখ । বৰ্ত্তমান তেওঁ খেতি-খালাকে কৰে, কিন্তু তাত অকণো মন বহা নাই ।
দেউতাকৰ শৰাধ-বিধি সাং কৰি হলিৰামে ভনীয়েকক বিয়া দিবলৈ উদ্যোগ কৰিলে । কিয়নো বিয়াৰ আগতে কন্যা ঋতুমতী হলে গৃহস্থৰ ধৰ্ম্ম নষ্ট হয় আৰু সমাজতো নিন্দাৰ পাত্র হব লাগে ৷
কমল তেতিয়া কটন কলেজৰ দ্বিতীয় বাৰ্ষিকত পঢ়ে । পঢ়া-শুনা খৰচৰ বাবে তেওঁৰ পৈত্রিক সম্পত্তি ক্রমে টুটি আহিছে। হলিৰামৰ কমললৈ এটা চকু-পোৰা ভাৱ আছিল। কমলৰ বিদ্যাৰ ৰথ পকা আলিৰে অবিৰাম আগবাঢ়ি যোৱা আৰু তেওঁৰ ৰথ কেঁচা আলিত লৰক্-ফৰককৈ গৈ খালত পৰাই তাৰ কাৰণ ৷ গতিকে তেওঁৰ নিজ মতেৰে কমললৈ ভনীয়েকক দিয়াৰ মুঠেও ইচ্ছা নাছিল। কিন্তু দেউতাকৰ শেষ অনুৰোধৰ সম্মান ৰাখিবলৈ এষাৰ কথা কমলক সুধি চোৱা উচিত বুলি বিবেচনা কৰিলে।
বিয়াৰ প্ৰস্তাৱ শুনি কমল উচাপ খাই উঠিল। তেওঁ একেআষাৰে কলে 'একে এন্দুৰ গাঁতলৈ নাযায়, তাতে আৰু ডিঙিত কুলা বান্ধি দিব খোজ নে ?'
কমলৰ উত্তৰ শুনি হলিৰামে ভালকে পালে। ওচৰৰে গামেৰিমুৰি গাওঁত গণপতি ঠিকাদাৰৰ ঘৰ । তেওঁ বাগিছাত ঠিকা কৰে। অলপতে চাৰি জনী ছোৱালী আৰু এটি আমাডিমা লৰা এৰি তেওঁৰ প্ৰথম পৰিবাৰৰ মৃত্যু হৈছে। মাউৰা লৰা-ছোৱালী কেইটিক লৈ তেওঁ বৰ বিপদত পৰিছে । তেওঁ দ্বিতীয় বিবাহ কৰিব খোজে। মানুহৰ আগত কয়— “সংসাৰ-সুখৰ কাৰণে তেওঁৰ পুনৰায় সাঙোৰত মূৰ্ সোমাবৰ ইচ্ছা নাছিল; কিন্তু লৰা-ছোৱালীবোৰেই কাল হল । সিহঁতক তুলি-তালি ডাঙৰ কৰিবৰ কাৰণে মানুহ এজনী নহলে নচলে । গতিকে বিয়া কৰাবলৈ বাধ্য হৈছে !” কিন্তু গাওঁৰ দুষ্ট ডেকা লৰাবোৰে কয় যে, ঠিকাদাৰৰ আদহীয়া তিৰোতা মাৰি নি গাভৰু আনিবৰ সুযোগ দিয়াত তেওঁ মনে মনে যমৰজাক ধন্যবাদহে দিছে। তেতিয়া তেওঁৰ বয়স পঞ্চল্লিশ বছৰ।
গণপতি ছমাহ বাগিছাত থাকে; ছমাহ ঘৰত থাকে। ঘৰৰ অৱস্থা ভাল ৷ গপ্-জপ্ নাই, খোলা মনৰ মানুহ ৷ খৰচ—পাতিত হাত-ঢিলা। বাগিছাৰ পৰা অহাৰ এমাহমানলৈকে খোৱা-লোৱা, দিয়া-থোৱাত অত্যন্ত উদাৰ, তাৰ পাচত ক্ৰমে অনুদাৰ আৰু শেষ ভাগত অৰ্থাৎ যাবৰ সময়ত তেনেই সংকীৰ্ণ ।
হলিৰাম বাগিছাৰ চাকৰি এটাৰ কাৰণে তেওঁৰ উমেদাৰ। ঠিকাদাৰে তেওঁক কামত সুমুৱাই দিৰ বুলি কথাও দিছিল। কিয়নো তেওঁ কোৱা মতে, কেবাজনো বাগিছাৰ চাহাব তেওঁৰ হাতৰ মুঠিত। কিন্তু উপস্থিত ঠিকাদাৰৰ ঘৰৰ জঞ্জালে সকলো ব্যৱস্থা ওলট-পালট কৰি পেলাইছে। বাগিছালৈ যোৱাৰ সময় প্ৰায় উকলি যায়; কিন্তু কতো বিয়াৰ ব্যৱস্থা কৰিব পৰা নাই। তাৰ কাৰণ—তেওঁ এই বেলি আগৰ বাৰৰ দৰে লাহ-বিলাহ নজনা আঁজলী ছোৱালী আনিব খোজা নাই। নানা ঠাই ফুৰি-চাকি, অনেক কথা দেখি-শুনি তেওঁৰ মনৰ অভিলাষ উন্নত হৈছে। গতিকে প্ৰথম বিবাহৰ লোকচানৰ হোৰ সুতে-মূলে দ্বিতীয় বিবাহত তুলিব খোজে আৰু তাৰ বাবে জঁট-জেঙা নোহোৱা, ভাল স্বাস্থ্যৰ ধুনীয়া গাভৰু এজনী বিচাৰিছে। কিন্তু বৰলাই ভাগ্য গুণেহে তেনে ছোৱালী পায়। এই কথা তেওঁ কিন্তু বিশ্বাস কৰিব নোখোজে। কিয়নো তেওঁৰ মতে আজিকালিৰ ছোৱালীৰ বজাৰ তেনেই সস্তা।
হলিৰামে ঠিকাদাৰক পত্নী-লাভ- সমস্যাৰ পৰা উদ্ধাৰ কৰি নিজৰ সোনালী সুযোগ আগ বঢ়াই আনিবৰ মনেৰে ভনীয়েক ৰেণুকে দিম বুলি কথা দিলে। হলিৰামৰ সহৃদয়তাত ঠিকাদাৰ পৰম আপ্যায়িত হল। তেওঁ বিয়াৰ খৰচৰ কাৰণে হলিৰামক নগদ পাঁচ শ টকা দিলে। হলিৰামে ভাবিলে, চৰায়ো মৰিল গুলীৰো খৰচ নহল।
কিন্তু এই খবৰ শুনি ৰেণুৰ মাকৰ অৱস্থা শিল-পৰা-কপৌৰ দৰে হল। তেওঁ পুতেকৰ মইমতীয়া ভাৱৰ কথা আগৰে পৰা জানে। গতিকে তেওঁ কি কৰোঁ, কলৈ যাওঁ লগালে। গিৰিয়েক ঢুকোৱাৰ পাচৰ পৰাই তেওঁ সম্পুৰ্ণ অসহায়। হলিৰামে তেওঁক একে ফুঁতে উৰাই দিব খোজে। কিয়নো মাহকী মানুহ তাৰ মানত খেৰ-কুটা। ৰেণু এই কথা শুনিবৰে পৰা কান্দি-কাটি বিয়াকুল । তাইৰ শৰীৰৰ প্ৰতি যত্ন নাই, খোৱা-লোৱাত ৰুচি নাই, কাম-কাজত উৎসাহ নাই, ৰাতি হলে টোপনি নাই ৷ মাক-জীয়েকৰ দেখাদেখি হলে, মাকেও কান্দে, জীয়েকেও কান্দে। মুখত কথা নাই ৷
জীয়েকৰ এনে দুখ মাকে সহিব নোৱাৰিলে। তেওঁ ঠিকাদাৰক আন ঠাইত ছোৱালী ঠিক কৰিবলৈ কবৰ কাৰণে পুতেকক জয়দেউ কাকুতি কৰিলে । কিন্তু হলিৰামে হুকি মাৰি কলে যে, “মই কথা দি কথা ঘূৰাব নোৱাৰোঁ । ছোৱালীৰ ইচ্ছা মতে বৰ বাছি লোৱা আমাৰ দেশত কত দেখিছা ? গণপতিৰ স্বাস্থ্য আছে, ভাল ঘৰ-বাৰী আছে, টকা-কড়ি আছে, মান-সম্ভ্রম আছে, কিহত বেয়া হল ? ছোৱালীবোৰক স্কুলত পঢ়োৱাৰ এইবোৰেই দোষ ৷ নিজৰ মতেহে মত ; অইনৰ যেন বিবেচনাই নাই ।”
এই হিয়া-ভেদী যোৱা কথাই মাকৰ মনত স্বামী-শোকৰ নতুন ঢৌ তুলি আজি আকৌ এবাৰ কন্দুৱালে ।
কিন্তু মাক-জীয়েকৰ কান্দোনে ঠিকাদাৰৰ বিয়াৰ এটা দিনও হোঁহোঁকাব নোৱাৰিলে । নিদ্দিষ্ট দিনত বৰঘৰীয়া মাইকী মানুহে আহি শিক্ষিতা কইনাৰ ৰুচিৰ অনুৰূপ নতুন ধৰণৰ গহনা পিন্ধাই থৈ গল ৷ গাওঁৰ তিৰোতাবোৰে ঠিকাদাৰৰ ধন-সম্পত্তিৰ আৰু গহনা-গাঁঠৰিৰ চাকচিক্যৰ অনেক প্রশংসা কৰিলে । গাভৰুবোৰে ৰেণুৰ সাজ আৰু গহনাবোৰ নিজৰ লগত ৰিজাই হীনতা অনুভৱ কৰি নিজৰ কপালক দুষিলে আৰু ৰেণুৰ ভাগ্যক ঈৰ্ষাৰ-চকুৰে চালে ।
ৰেণুৱে কিন্তু কলৰ পুতলাৰ দৰে ইঙ্গিতমতে সকলো ক্ৰিয়া কৰি গল ৷ তাইৰ মুখত আনন্দ বা আহলাদৰ একো চিন নাই ৷
কাইলৈ ৰেণুৰ বিয়া ৷ আজি তিনি দিন কিন্কিনীয়া বৰষুণ হৈ বাট-পথ তেনেই বোকা কৰিছে। এতিয়াও আকাশ মৌ-বাহৰ দৰে ওলমি আছে । অকালত এনে লালি-পতা বৰষুণ হোৱাত কাৰো মনত উৎসাহ নাই ৷ আন কি বাৰীৰ শিয়ালবোৰেও হুৱা দিবলৈ এৰিছে ।
বতৰৰ বাবে পতা কাজ ৰৈ নাথাকে । বিয়াৰ দিনা ৰাতিপুৱাো ধুলীয়া আহিল, কালীয়া আহিল। আয়তী সকল আহিল । ধোলৰ মাত, গীতৰ বোল, লৰা-ছোৱালীৰ খিকিন্দালি আৰু বন কৰা মানুহৰ খদম্দমত বিয় স্বাভাৱিক কোৰ্হাল আৰম্ভ হল ।
কিন্তু অলপ পিচতে সকলো হাই-উৰুমি কাঁহ-পৰি-জীন গল । সকলোৱে জুমাজুমি হৈ কানাকানি কৰিব ধৰিলে । কি হল ? কি হল ? বুলি বহুতে নিজৰ কৌতুহল চৰিতাৰ্থ কৰিৰ কাৰণে চিঞৰ-বাখৰ লগালে । এনে উদুলি-মুদুলিৰ মাজত প্ৰকাশ পালে যে, কইনাৰ এই মাত্ৰ প্ৰথম ৰজোদর্শন ঘটিল ৷ এনে আকস্মিক ঘটনা শুনি সকলোৰে উদ্যম-উৎসাহ চেঁচা পৰিল আৰু বিধাতাৰ অদ্ভুত বিধান দেখি বিস্ময় মানিলে ।
চতৰ মাহৰ পৰ্ব্বতৰ জুইৰ দৰে ক্ষন্তেকতে এই বাতৰি বিয়পি গৈ ঠিকাদাৰৰ হৃদয়ত আঘাত কৰিলে আৰু সেই জুয়ে ঠিকাদাৰৰ যুবতী-ভাৰ্য্যা-লাভৰ আশা পুৰি তেনেই ছাই কৰিলে। তেওঁ মূৰে-কপালে হাত দি বহিল। এনে আপদত শাস্ত্ৰৰ বিধান কি, তাক জানিবৰ কাৰণে লৰালৰি কৰি অধ্যাপকক অনালে। তেওঁ পুথি-পাঁজি মেলি চাই বহু পৰৰ মূৰত বিধান দিলে যে, “এই ক্ষেত্ৰত বিয়া হোৱাৰ কোনো শাস্ত্ৰীয় বিধান নাই। অধিবাসৰ অন্তত ঋতুমতী কন্যাই বিয়াৰ দিনা ঋতু পালে আয়তী সকলে তোলা ১০৮ কলহ পানীৰে গা ধুৱালে শূদ্ৰ কন্যাৰ বিয়া হব পাৰে। কিন্তু প্ৰথম ঋতুত এই বিধান নাখাটে।”
মাকে ভাবিলে—এই ঘটনা নিশ্চয় তেওঁ ঈশ্বৰক চুলি ছিঙি কাতৰ কৰাৰ ফল। হলিৰামে ভাবিলে—এইটো ফাঁকি। ই মাক-জীয়েকৰ এটা অদ্ভুত যড়যন্ত্ৰ। ভগ্নীদানৰ সুযোগ লৈ নিজৰ স্বাৰ্থ সিদ্ধিৰ বাধা হোৱাত তাৰ মন বিৰক্তিৰে ভৰি পৰিল। সি সকলোকে শুনাই শপত খালে যে, ভবিষ্যতে সি এই বিয়াৰ নামকে নুলিয়ায়।
বিয়া উপলক্ষে গোট খোৱা আটাইবোৰ মিতিৰ-কুটুম ঘৰাঘৰি গুচি গল। চিকাদাৰৰ চিকাৰূপ পাঁচ শ তেনেই পানীত পৰিল। অলঙ্কাৰ খিনি দুই-তিনি মাহৰ পাচত মেৰামত কৰিব লগা অৱস্থাত কথমপি ঘূৰাই পালে।
ইয়াৰ পাচত প্ৰায় চাৰি বছৰ ৰেণুৰ বিয়া হোৱা নাছিল। তেওঁ নিজৰ ঘৰতে গাওঁৰ কেইজনীমান ছোৱালী পঢ়াই কাল কটাই আছিল।
⸻
[ ৬ ]
ওচৰৰে সাহপুৰ গাওঁৰ জনদিয়েক শিক্ষিত ডেকাই গাওঁত স্ত্ৰী-শিক্ষাৰ অভাৱ আৰু আৱশ্যকতাৰ পৰিমাণ বুজি এখন বালিকা স্কুল পাতিলে আৰু তাৰ শিক্ষয়িত্ৰী নিযুক্ত কৰিলে ৰেণুবালাক।
এটা ধৰা বন্ধা নিৰূপিত কামত লাগি থাকি সমাজ সেৱাৰ সুযোগ মিলাত ৰেণুৱে মনোমনে ভালকে পালে আৰু একান্ত ভাৱে নিজৰ কৰ্ত্তব্যত মনোযোগ দিলে। অলপ দিনৰ ভিতৰতে স্কুলৰ ছাত্ৰী সংখ্যা বাঢ়িল। স্কুলত পঢ়া-শুনা কৰাৰ উপৰিও সূতা-কটা, পাঁজি বটা, কপাহ ধুনা প্ৰভৃতি কাম হল আৰু ছাত্ৰীবোৰে তেওঁৰ সহানুভূতি-সূচক ব্যৱহাৰ পাই প্ৰফুল্ল মনে কামত লাগিল। ঘৰৰ সাত-বন পেলাই থৈও স্কুললৈ অহা-যোৱা কৰিব ধৰিলে। মাক-বাপেকে হাক দিও ছোৱালীবোৰক স্কুললৈ নোযোৱাকৈ ৰাখিব নোৱাৰা হল। তেওঁৰ কাম-ক্ৰিয়া শিক্ষিত ডেকা সকলৰ প্ৰিয় হৈ উঠিল। তেওঁৰ চেষ্টাত গাওঁত মহিলা সমিতি গঠন হল। তাৰ কাৰ্যকাৰক সকলৰ যোগে এটি সৰু পুঁজিও সংগ্ৰহ কৰা হল। সেই ধনেৰে কেবাখনো বাতৰি কাকত ললে। গাওঁত দেশ-বিদেশৰ বাতৰি প্ৰচাৰ হব ধৰিলে। মাহে মাহে মহিলা সমিতিৰ সভা বহিল। সভাত তিৰোতা-পুৰুষ সকলোৱে লগ লাগি আলোচনাত যোগ দিব ধৰিলে। এদিন তেনে এখন সভাত ৰেণুৱে এটি চমু বক্তৃতা দিলে। বক্তৃতাৰ সাৰাংশ এই :—
“ভাৰতত সাত লাখ খন গাওঁ আছে ৷ যি সকলক প্রকৃত ভাৰতবাসী বুলিব পাৰি, তেওঁলোক সকলোৱে গাওঁত বাস কৰে ৷ ডাঙৰ নগৰবোৰত বাস কৰা মানুহৰ জীৱন ভাৰতবাসী লোকৰ নমুনা নহয় । তেওঁলোকৰ আৰ্হি ভাৰতীয় সংস্কৃতিৰ প্রতিকূল। গতিকে গাওঁৰ উন্নতিয়েই ভাৰতৰ উন্নতি। গাওঁ- বোৰেই ভাৰতৰ প্ৰাণ-শক্তি । আমাৰ গাওঁবোৰ শিল্প-সম্ভাৰে পৰিপূৰ হওক, গাৱলীয়া মানুহে কুটিৰ শিল্পৰ উন্নতি কৰক, গাওঁৰ শ্ৰীবৃদ্ধিৰ কাৰণে গ্রামবাসী সচেতন হওক, এয়ে মহাত্মা গান্ধী প্রভৃতি মহৎ লোক সকলৰ আকাঙ্ক্ষা ।
আজি কালি যন্ত্ৰৰ যুগ। এই যুগত এজন মানুহেই যন্ত্ৰৰ সহায়েৰে হাজাৰ জনৰ কাম কৰে । বাকী ন শ নিৰান্নব্বৈ জন প্রায়েই নিবনুৱা হয়। সিহঁতে নিজৰ প্রয়োজনীয় ভাত-কপোৰকে গোটাব নোৱাৰে । এই সমাজ ব্যৱস্থা যন্ত্ৰৰ লোৰ দৰে হৃদয়-হীন। ভাৰতৰ প্রতিজন মানুহৰেই উন্নতি হওক, প্রতিজনেই নিজৰ নিজৰ আত্মাৰ উন্নতি কৰিবলৈ সুযোগ আৰু সুবিধা পাওক ; এইৰূপ ব্যৱস্থাহে ভাৰতবাসীৰ কাম্য । গাওঁত সেইবোৰ ব্যৱস্থাৰ আঁচনি তৰা আছে । তাৰ উন্নতি সাধন কৰিব পাৰিলেই হল । গতিকে এই মনোবৃত্তি লৈ আমি সকলোৱে গাওঁ সংগঠনত মন দিওঁ আহক, গাওঁৰ উন্নতিৰ অর্থে যুটীয়াকৈ কাম কৰোঁ, আহক। আমাৰ সকলোবে যত্নত গাঁৱলীয়া বাট-পথৰ উন্নতি হওক, লৰা-ছোৱালীৰ শিক্ষা প্ৰচাৰ হওক, সৰহ খাদ্য উৎপন্ন হওক, সূতা কটা কাপোৰ বোৱা আগতকৈ বাঢ়ক, সকলো ছোৱালীয়ে চিলাই আৰু ফুল-জালি তোলা শিকক, সকলোৱে এৰি-মুগা-পাত পলু পুহিবলৈ শিকক—অসমীয়া জাতিৰ সমাজ ব্যৱস্থা আন আন ভাৰতবাসীৰ অনুকৰণীয় হওক—এয়ে মোৰ একান্ত অনুৰোধ ৷”
শ্ৰীৰাম চন্দ্ৰৰ পাদ-স্পর্শত শিলা মূৰ্ত্তি অহল্যাই জীৱন পোৱাৰ দৰে ৰেণুৰ কাম-কাজ আৰু কথা-বাৰ্ত্তাই গাওঁৰ স্থবিৰ তিৰোতা সমাজত এটা নতুন প্রেৰণা সঞ্চাৰ কৰিলে ৷ গাওঁৰ কিছুমান মানুহৰ মনত এই পৰিবৰ্ত্তন অসহনীয় হৈ উঠিল। সিহঁতে কব ধৰিলে—“উই পৰুৱাৰ পাখি গজিল : মৰণলৈ আৰু সৰহ দিন নাই।”
সঁচাকৈয়ে ৰেণুক কেন্দ্ৰ কৰি সমাজত নিতৌ নতুন নতুন জটিল কথাৰ প্ৰচাৰ হবলৈ ধৰিলে । তেওঁৰ চলন-ফুৰণ বহুতৰে অপ্রিয় হল । তেওঁ কোৱা কথাৰ বিকৃত ব্যাখ্য়া হব ধৰিলে । গাওঁৰ কিছুমান আধা-কটা চেঙেলীয়া ডেকাই তেওঁৰ পিন্ধা-উৰা আৰু শাৰীৰিক সৌন্দৰ্য্যৰ বিশ্লেষণ কৰি নিজৰ নীচ মনৰ পৰিচয় দিব ধৰিলে । তেওঁৰ বিয়া-বিপৰ্য্যয়ৰ ঘটনাৰ ওপৰত নানা ৰহন সানি নিতে ন ন কাহিনীৰ সৃষ্টি কৰিব ধৰিলে ।
ইপিনে ডেকা সকলৰ স্ত্ৰী-শিক্ষাৰ উৎসাহ ক্ৰমে কমি আহিল মেৰামতিৰ অভাৱত স্কুল ঘৰৰ ভিতৰৰ পৰাই আকাশ দেখা হল । বেৰবোৰ ভাগি-ছিগি উৱলি গল । সি উদঙীয়া গৰু-গোহালিত পৰিণত হল। ডেকাদলৰ ব্যৱহাৰ দেখি শিক্ষয়িত্ৰীৰ মন ভাঙিল । বালিকা স্কুল বন্ধ হল। গাওঁৰ স্ত্ৰী-শিক্ষাৰ বিৰোধী লোক সকলে কব ধৰিলে – 'পৰৰ তেলেৰে ভজা খাবলৈ আৰু ৰেণুক নচুৱাই মজা চাবলৈ ডেকা সকলে এইখন ধেমালিহে পাতিছিল।”
সঁচাকৈয়ে ডেকাদলৰ মাজত বালিকা স্কুলৰ গুৰি ধৰিব পৰা এজনো নাছিল। বালিকা স্কুল তেওঁলোকৰ সাময়িক উত্তেজনাৰ ফল। তাৰ বাবে স্বাৰ্থত্যাগৰ ভাৱ এজনবো নাই। তেওঁলোকৰ উৎসাহ ধান খেৰৰ জুইৰ দৰে দপদপাই জ্বলি উঠিছিল আৰু তাৰ ক্ষন্তেক পিচতে নুমাই ছাই হল।
⸻
[ ৭ ]
গাওঁত এইবোৰ তল-ওপৰ হৈ থাকোঁতে কমলে কটন কলেজৰ পৰা সসম্মানে বি, এ পাচ কৰিলে। তেওঁৰ সাধনাৰ ধন ডিগ্ৰি লাভ হল; কিন্তু সিদ্ধিৰ ফল চাকৰি যোগাৰ হোৱা নাই।
পৰীক্ষা পাচ কৰি উঠি তেওঁ লাভ-লোকচানৰ খতিয়ান কৰি পালে যে, লাভ হল ডিগ্ৰি, লোকচান হল পৈত্ৰিক সম্পত্তি আৰু ভাৱ হল পেটৰ। তেওঁ বুজিলে যে, সাধনাৰ কাল সুখতেই গল; এতিয়া সিদ্ধি লাভ কৰিহে বিপদ। সি যি হওক, পাচ কৰি উঠি তেওঁ নিশ্চিন্ত মনে বহি নাথাকি ডিগ্ৰিৰ টোপ গাঁথি ৰৌ-বাহুৰ আশাৰে পোনতে বৰ নদীত বৰশী পেলালে; কিন্তু একো মাছে নুখুটিলে। তাৰ পাচত কুঢ়ী-কান্দুলিকে আশা কৰি বিলত বৰশী পেলালে। তাত মাছে খুটি টোপৰ এফাল খাই গুচি গুচি গল। তেতিয়া বিৰক্ত হৈ খালে-ডোঙে, হোলাই-ডোবাই ববশী বাব ধৰিলে। এদিন এটা খালত বৰশীত লাগিল এজনী খালৈ-ভাঙ্গী; অৰ্থাৎ মাহিলি চল্লিশ টকা দৰমহাত ছামটা হাই স্কুলৰ মাষ্টৰি।
সৰু হলেও চাকৰি এটা হল; গতিকে সিদ্ধিৰ ফল ফলিল। ইয়াৰ পাচত আন দহজন আমোলাৰ দৰে তেওঁৰো জীৱন-চকৰি কতো বাধা নোপোৱাকৈ অবিৰাম ঘুৰিবলৈ ধৰিলে। অৰ্থাৎ ৰাতিপুৱা ন বজাত খোৱা, দহ বজাত স্কুললৈ যোৱা, পাঁচ বজাত অহা, ৰাতি ন-দহ বজালৈ লগৰীয়াৰ লগত তাছ-পাশা খেলা আৰু তাৰ পাচত পৰম তৃপ্তিৰে মাকে ৰান্ধি দিয়া শাক-ভাত খাই পিচদিনা ৰাতিপুৱা আঠ বজালৈ নিশ্চিন্ত মনে শুৱা। বৰ্ত্তমান তেওঁৰ মন থিৰ আৰু শান্ত। বৈষয়িক বা মানসিক উন্নতিৰ বাবে একো উদ্বেগ নাই।
কমলে বি, এ, পৰীক্ষা দি আহিবৰে পৰা মাকে বোৱাৰী আনিবলৈ বাউলী হৈ আছিল। কিন্তু পুতেকে পৰীক্ষাৰ ফলাফল আৰু চাকৰি-বাকৰি এটা নোহোৱালৈকে বাট চাবলৈ অনুৰোধ কৰাত মনৰ হেপাহ মনতে মাৰি ইমান দিন মনে মনে আছিল; এতিয়া চাকৰি হোৱাত বান্ধ ভঙা নদীৰ দৰে তেওঁৰ ধৈৰ্য্যহেৰাল। তেওঁ মৃত মালভোগ মেম্বৰৰ উপকাৰ পাহৰা নাছিল। স্বামীৰ মনৰ অভিলাষৰ কথায়ো তেওঁৰ মনত গভীৰ সাঁচ বহুৱাই ৰাখিছিল। গতিকে ৰেণুবালাকে বিয়া কৰাবলৈ কমলক পৰামৰ্শ দিলে।
ৰেণুৰ লগত বাল্য- প্ৰণয়ৰ কথাবোৰ কমলৰ অন্তৰত লুপ্ত অৱস্থাত আছিল। এতিয়া মাকৰ প্ৰস্তাৱব খোঁচ খাই সেইবোৰ সজাগ হৈ উঠিল। তেওঁ একো আপত্তি নকৰিলে।
কমলৰ সম্মতি পাই মনৰ আহ্লাদত মাকে গৈ এই কথা ৰেণুৰ মাকক কলে। ৰেণুৰ মাকে হাততে জোনটা পোৱা যেন পালে। কিন্তু অলপ পাচতে খৰচৰ কথা ভাবি মুখ খন শুকাই টেমি যেন হল। পুতেকেতো ৰেণুৰ বিয়াৰ কথাকে নুলিয়াম বুলি শপত খাইছে। লোকৰ বি, এ পাচ কৰা লৰা। কিজানি বিয়াৰ খৰচ বুলি ধনেই বিচাৰে। ধন মই পাম ক'ত?
কমলক এই কথা সোধা হল। কমলে সংক্ষেপে ইয়াকে মাত্ৰ কলে—“বিয়া কৰাম বুলিছো কৰাম। কিনা-বেচা, দৰ-দামৰ কথা ইয়াত একো নাই”।
কমলৰ এনে উদাৰ কথা৷ শুনি মাক-জীয়েক উভয়ে মুগ্ধ হল।
তেতিয়া বহাগ মাহ। ৰঙালি বিহুৰ ভিতৰ। প্ৰকৃতিয়ে পুৰণি সাজ পেলাই নতুন সাজ লৈছে। বাহিৰত বাউলী বা, আকাশত চকলা-চকল মেঘ আৰু তৰু-তৃণ ফলে-ফুলে সুশোভিত।ি ভোমোৰাৰ গুণ গুণ, কুলি-কেতকীৰ মন-বলিয়া-কৰা মাত আৰু চৰাই পখিলাৰ নাচ-গানে যুবক-যুবতীৰ মনত স্বভাৱতে আনন্দৰ হেন্দোলনি তোলে। এনে এটা শুভ দিনত কমল আৰু ৰেণুৰ অতি সংক্ষেপে বিয়া হৈ গল। তেওঁ লোকৰ মিলন সুখত প্ৰকৃতিয়ে যেন বিবিধ সম্ভাৰ গোটাই তেওঁ লোকৰ আকুল বাসনাৰ ইন্ধন যোগাইছিল।
প্ৰথম মিলনৰ দিনা কমলে ৰেণুৰ থুঁতৰিত ধৰি লাজকুৰীয়া মুখ খন ডাঙি ধৰি প্ৰফুল্ল মনে প্ৰথম সম্ভাষণ কৰিছিল ‘যাৰ বিদ্যা যাৰ ভাৰ্য্যা।' কমলৰ এই সাদৰী কথা শুনি ৰেণুৱে পাৰে মানে চকু দুটা মেলি কমলৰ মুখলৈ একে থিৰে চাই আছিল। পাচত কমলে যেতিয়া হাতত ধৰি টানি আনি বুকুৰ মাজত সোমাই ললে, তেতিয়াহে ৰেণুৰ ধ্যান ভাঙিল। তেওঁ চকু মুদিলে আৰু দুয়ো ক্ষীৰ-সাগৰত বুৰ মাৰি পাঠকৰ চকুৰ অদৃশ্য হল।