সমললৈ যাওক

গল্প-লহৰি/জীয়া-বাঁৰী

ৱিকিউৎসৰ পৰা
 

জীয়া বাঁৰী

 কটন কলেজৰ অধ্যাপক নৰেণ ভূঞাৰ গুৱাহাটীৰ বহাত এদিন ৰাতিপুৱা পুতেক হিৰণ্য ভূঞা আৰু ভাবী জোঁৱাই যাদৱ দাসে ৰাতিপুৱা জা-জলপান খাই উঠি কলিকাতাৰ আই, এফ, এ, খেলাৰ কথা পাতি আছিল। এনেতে অধ্যাপকৰ ষোড়শী কন্যা অণুৱে যোৱা মাহৰ ‘আৱাহন’ এখন হাতত লৈ সেই কোঠালিলৈ সোমাই আহি হাকিমে আচামী কৈফিয়ৎ লোৱা সুৰত যাদৱক লক্ষ্য কৰি সুধিলে—“আপোনাৰ” কচ আৰু দেৱযানী” কবিতাটোৰ তাৎপৰ্য্য কি?”

 যাদৱে মাজে-সময়ে মাহেকীয়া কাকতত লিখে। যোৱা মাহৰ আৱাহনত তেওঁৰ ‘কচ আৰু দেৱযানী’ নামৰ কবিতা এটা ছপা হৈছে। এজনী ষোড়শী যুৱতীয়ে নবীন কবিৰ কবিতাৰ তাৎপৰ্য্য বিচাৰি তৎপৰ হোৱা দেখি যাদৱে মনতে কিছু গৰ্ব্ব অনুভৱ কৰি কবিৰ গাম্ভীৰ্য্য ৰাখি গহীনাই উত্তৰ কৰিলে—“মই যেতিয়া কবিতা লিখোঁ, তেতিয়া কোনো তাৎপৰ্য্যলৈ মন কৰি লিখা নাছিলোঁ। কাব্যৰ গুণ এই যে, কবিৰ ৰচনাই পাঠকৰ চিন্তা শক্তি জগাই তোলে। পাঠকে বিচাৰ কৰি কাব্যৰ পৰা নিজৰ অভিৰুচি মতে কোনোৱে সৌন্দৰ্য্য, কোনোৱে নীতি, আকঅ কোনোৱে বা তাৎপৰ্য্য আবিষ্কাৰ কৰে। জৰথ গছত স্বভাৱতে গুটি ধৰি পকে। কোনোৱে সেই গুটিৰ পৰা ৰং উলিয়াই কাপোৰ বোলায়, কোনোৱে তেল উলিয়ায় আৰু কোনোৱে বা তাৰ স্থায়ী স্বাভাবিক সৌন্দৰ্য্যকে চাই সুখ পায়। কবি আৰু পাঠকৰ সম্বন্ধও ঠিক তেনেকুৱা। গতিকে মোৰ কবিতাৰ তাৎপৰ্য্যৰ তোমাৰ অভিৰুচি মতেহে বিচাৰ হব। ম‍ই কবিতা লিখিয়েই খালাচ।”

 যাদৱৰ এই দীঘলীয়া বক্তৃতা শুনি অণুৱে ধৈৰ্য্য হেৰুৱাইছিল। তেওঁ বিৰক্তিৰ সুৰেৰে হঠাৎ কৈ পেলালে—“আপোনাৰ কবিতাৰ মই কোনো উদ্দেশ্য বা তাৎপৰ্য্য বহু চেষ্টা কৰিও উলিয়াব পৰা নাই। মোৰ মতে কবিতাটো কিছুমান শুৱলা শব্দৰ গাঁথনিহে; তাত কোনো ৰস বা গধূৰ ভাৱ প্ৰকাশ হোৱা নাই।”

 যাদৱে তেওঁৰ কবিতাৰ এনে কঠোৰ সমালোচনা আশা কৰা নাছিল। তেওঁৰ চকুৱে-মুখে বিৰক্তিৰ ভাৱ বিৰিঙি ওলাল। মনতে ভাবিলে—অণুৱে এই অবাঞ্ছিত মত অলপ বিনীতভাৱে প্ৰকাশ কৰিলেও বিশেষ ক্ষতি বা সত্যৰ অপলাপ নহলহেঁতেন। কিয়নো লিখকৰ লিখাৰ দোষ থকাটো যেনে সম্ভৱ, পাঠকৰ চিন্তা শক্তিৰ অভাৱ বা কাব্য বুজা শক্তিৰ ক্ষীণতাও সেইদৰে অসম্ভৱ নহয়। গতিকে নিজৰ গাম্ভীৰ্য্য ৰাখি চমুকৈ উত্তৰ কৰিলে—“লিখকো ভ্ৰান্ত হব পাৰে আৰু সমালোচকৰো ভ্ৰান্তি থাকিব পাৰে। গতিকে মোৰ কবিতা তোমাৰ ভাল নলগাটো নিশ্চয় তোমাৰ বা মোৰ এজনৰ অসমৰ্থতা।

 অণুৱে যাদৱৰ কবিতাৰ এইৰূপ কঠোৰ সমালোচনা কৰি ৰাজ-হংস গতিৰে অন্য কোঠালিলৈ গুচি গল। অণুৰ এই দুৰ্ব্বিনীত সমালোচনা শুনি ককায়েক হিৰণ্য ভূঞাও বিশেষ ক্ষুণ্ণ হল।

 যাদৱ শোৱালকুচীয়া ডেকা। ছ বছৰ বয়সতে তেওঁৰ বাপেক ঢুকায়। মাক-পুতেকৰ বাহিৰে তেওঁলোকৰ পৰিয়ালত আন কোনো নাই মাকে ভালকৈ মুগা কাটিব জানে। মুগা কটা বানচেৰে তেওঁলোক পোহ-পাল যোৱাৰ উপৰিও পুতেকৰ শিক্ষাৰ কাৰণে কিছু ধন সাঁচি ৰাখিছিল। এই গৰাকী শিক্ষিতা বিধবাই পিতৃহীন বালকৰ কোনো অন্যায় আব্‌দাৰকে প্ৰশ্ৰয় নিদিছিল। বৰং বালকৰ প্ৰকৃতিৰ লগত নিজৰ হৃদয় বৃত্তি মিলাই তেওঁক শিক্ষিত আৰু কৰ্ত্তব্যপৰায়ণ কৰি গঢ়ি তুলিবলৈ সদায় সজাগ দৃষ্টি ৰাখিছিল। মাকৰ শেন চকুক ফাঁকি দি যাদৱে কোনো অপকৰ্ম্মকে কৰি সাৰিব নোৱাৰিছিল। এনে তত্ত্বাৱধানৰ ফলত যাদৱ সৰুৰে পৰা সচ্চৰিত্ৰ বুলি সকলোৰে জনাজাত। ফলত তেওঁ সকলো স্কুলতে বৃত্তি ধৰি বৃত্তিৰ টকা আৰু মাকৰ সঞ্চিত ধনেৰে নিৰ্ব্বিৰোধে কটন কলেজৰপৰা সসম্মানে বি এ পাচ কৰিলে। কিন্তু ইমানতো তেওঁৰ জ্ঞান-স্পৃহা শান্ত নহল। তেওঁৰ এম্‌, এ, পঢ়াৰ একান্ত ইচ্ছা। কিন্তু ধনৰ বল নাই। মাকৰ হাত প্ৰায়েই উদং। একেযোগে সৰহ টকা ধাৰলৈ পাবলৈকো নাই। বন্ধক দিবলৈ মূল্যবান সম্পত্তিৰো অভাৱ। গতিকে তেওঁৰ মনৰ হেপাহ মনতে মাৰ যাবলগীয়া হৈছিল।

 অধ্যাপক ভূঞা দূৰদৰ্শী লোক। যাদৱ তেওঁৰ প্ৰিয় ছাত্ৰ। তেওঁ যাদৱৰ সকলো ভাৱৰ ভূ-ভা ৰাখে। তেওঁৰ কথা আৰু কামৰ প্ৰতি অধ্যাপকে আজি বহুদিন আগৰে পৰা লক্ষ্য কৰি আহিছে। তেওঁ যাদৱৰ উচ্চাভিলাষ জয় পৰিবলৈ নিদিলে। তেওঁ যাদৱৰ এম্, এ, পঢ়াৰ খৰচ বহন কৰিবলৈ সন্মত হল। ই অধ্যাপকৰ নিঃস্বাৰ্থ দান নহয়। ইয়াৰ প্ৰতিদান স্বৰূপে ষাদৱে অধ্যাপকৰ কেঞা বনৰ দৰে লহপহকৈ বাঢ়ি অহা কন্যা অনুৰূপা দেৱীক বিয়া কৰাব লাগিব—এইটো তেওঁৰ স্পষ্ট ইঙ্গিত থাকিল।

 অধ্যাপকৰ ধনেৰে কলিকাতাত এম, এ, পঢ়ি বৰ্ত্তমান যাদৱে ফাইনেল পৰীক্ষা দি আহিছে। আজি প্ৰায় এমাহ তেওঁ ভাবী শহুৰৰ মধুৰ পুৰীত বাস কৰিছে। মাকক চাবৰ কাৰণেি তেওঁ সদায় শোৱালকুচিলৈ যাওঁ যাওঁ বুলি ওলায়; কিন্তু আলাপ- আলোচনা, ৰং-ৰহইচত মজি থকাৰ কাৰণে সেই দিনটো সদায় পিচুৱাই আছে।

 তেতিয়া শৰৎ কাল। বতৰ মুকলি। ৰাতিপুৱা নতুন নিয়ৰৰ সুন্দৰ টোপালবোৰ গছৰ পাতত মুকুতা ওলোমাদি ওলমি আছে। আগন্তুক শীতৰ শান্ত ৰদে নিৰ্ম্মল আকাশত হেঙুলী ৰহন সানি গোটেই পৃথিবী উজ্জ্বল কৰি তুলিছে। আকাশত চকলা-চকল বগা মেঘব লৰালৰি। যেন শাৰদীয় লক্ষ্মী শুকুলা মেঘৰ ৰথত উঠি ধৰালৈ নামি আহিব ধৰিছে আৰু ধৰিত্ৰীয়ে তেওঁক বৰণ কৰিবলৈ কঁহুৱা ফুলৰ থোপা, শেৱালী ফুলৰ চাকি আৰু নতুনকৈ থোৰ ওলোৱা ধানৰ সীহেৰে শৰাই সজাই ৰৈ আছে ৷ পাহাৰ আৰু পথাৰৰ সেউজীয়া ৰঙৰ ওপৰত বেলিৰ ৰূপালি ৰহণ পৰি অপৰূপ লাৱণ্য বিস্তাৰ কৰিছে ৷

 এনে এদিন ৰাতিপুৱা জা-জলপান খাই উঠি যাদৱে অকলে নিজৰ কোঠালিত বহি খিৰিকিৰে খাচিয়া পৰ্ব্বতৰ ফালে মুখ কৰি প্ৰকৃতিৰ এই অপৰূপ সৌন্দর্য্য উপভোগ কৰি আছিল । হৃদয় তেওঁৰ যৌৱন কালৰ মধু-ৰসে ভৰা ; মন প্রফুল্ল। যেন বাহিৰৰ ৰূপ-ৰস তেওঁৰ হৃদয়তো প্রতিফলিত হৈছে। এনে সময়তে বিনা মেঘে বজ্ৰপাতৰ দৰে অণু সেই কোঠালিত সোমাই যাদৱক লক্ষ্য কৰি বক্তৃতাৰ সুৰত কৈ গল— “বাঁহীত আপোনাৰ ‘নাৰীৰ আদৰ্শ” নামৰ প্ৰবন্ধটো পঢ়িলো। আজিকালি আপোনাৰ দৰে আমাৰ দেশৰ কিছুমান ডেকাই স্বামীক দেৱতাৰ ৰূপ দি নিলাজৰ দৰে নিজৰ দেৱত্বৰ দাবী কৰে ৷ পতি-পূজাৰ নৈবেদ্যৰ পৰিমাণ কমে বুলি তেওঁলোকৰ চকুত টোপনি নাই ৷ তিৰোতা বিলাকক পতি-পূজাৰ বক্তৃতা দিয়াত তেওঁলোক চোকা ৷ মই কওঁ, তেওঁলোকে তিৰোতাবোৰক উপদেশ দি সময় নষ্ট কৰাতকৈ নিজে পতি-পূজাৰ যোগ্য হবলৈ যত্ন নকৰে কিয় ?”

  যাদৱৰ মনৰ সুমধুৰ সুপ্রভাত এই ধুমুহাই চূড়মাৰ কৰি থৈ গল। বোজাই গাৰী কেচা ৰাস্তাৰ আঠুৱণী বোকাত পৰিলে বলদে গাৰোৱানৰ মাৰ-কিল, খুন্দা-হেঁচা খায়ো কিছু সময় লৰচৰ নকৰি যিদৰে ৰৈ থাকে, সেইদৰে যাদৱেও অণুৰ কথাৰ খোঁচা খাই কিছু সময় একে থৰে অণু ওলাই যোৱা বাটৰ ফালে চাই থাকিল। তাৰ পাছত ধিকাৰ লাগি যেনে ভাৱে আছিল, তেনে ভাৱেই শোৱালকুচিলৈ যাওঁ বুলি নৈৰ ঘাটলৈ নাৱ বিচাৰি গল। তেনে নাৱ এখন পাই তাত উঠি বহিল। বৰনদীৰ বহল বুকুত ভটীয়া নাৱত ভাহি গৈও পানীৰ পকনীয়াৰ দৰে তেওঁৰ মনৰ ভাৱবোৰ মেৰ পাক খাই ঘূৰি থাকিল।


 


 অণু কটন কলেজৰ দ্বিতীয় বাৰ্ষিক শ্ৰেণীৰ ছাত্ৰী। স্বভাৱতে তেওঁ পঢ়া-শুনাত ৰাগী থকা; বুধি চোকা, শ্ৰেণীত প্ৰায়েই প্ৰথম হয়। লগৰীয়া-সমনীয়াৰ লগত হলি-গলি নাই। আনৰ কথা শুনে, নিজে কমকৈ কয়। কলেজৰ ছোৱালীবোৰে ভাৱে যে, তেওঁ বৰ গপাল। আচলতে কিন্তু ডাঙৰ মানুহৰ ছোৱালী বুলি তেওঁৰ গপ-অহঙ্কাৰ নাই; কিন্তু চলন-ফুৰণ, ধৰণ-কৰণত তেওঁৰ সেই ভাৱ ফুটি ওলায়, সঁচা।

 শৰীৰ তেওঁৰ শকত-আৱত। নামৰ লগত অবয়বৰ সাদৃশ্য নাই। সাদৃশ্য ৰাখি নাম থবলৈ হলে তেওঁৰ নাম অণুৰূপা নাৰাখি ধূমাৱতী ৰাখিলেহে মিল হব। সৌন্দৰ্য্যত তেওঁ ৰূপৱতী বুলি খ্যাতি নাই। গাৰ বৰণ ভেলকলীয়া, চকু দুটা পোন্দোৱা আৰু নাকটো থোপোকা। কটন কলেজৰ নাৰী সৌন্দৰ্য্যৰ আলোচনা কৰা দুষ্ট ডেকালৰাবোৰে তেওঁৰ ৰূপক জগন্নাথৰ দাৰু-মূৰ্ত্তি-সুভদ্ৰাৰ লগত তুলনা কৰে।

 শচীপ্ৰভা আৰু বীণাপাণি অণুৰ সহপাঠিনী। তেওঁলোক দুজনীৰ লগত অণুৰ বিশেষ ভাৱ। এদিন জিৰণিৰ সময়ত তিনিও পাঠাগাৰত আঁচুটিয়াকৈ বহি আছিল। এনেতে ৰাং-ঢালী শচীপ্ৰভাই অণুক সুধিলে— “বান্ধ! কালি তোমালোকৰ ঘৰত যি গৰাকী ধুনীয়া ডেকাক মেল-চৰাত বহি থকা দেখিলোঁ, তেঁৱেই বোলে তোমাৰ বৰ, হয় নে?”

 নিজৰ ৰূপৰ বিষয় অণু সদায় সজাগ। সেই কাৰণে ৰূপৰ কথা ওলালেই তেওঁ সঙ্কুচিত হয়। তেওঁ হঠাৎ এনে অভাৱনীয় কথাৰ এনেৰূপে অবতাৰণা হোৱা দেখি পোন্দোৱা চকু দুটা পকাই কলে—“ধুনীয়া ডেকাক ধুনীয়া ছোৱালীহে লাগে। তুমি ৰূপত ভোল গৈছা যদি মালা দি বৰণ কৰাগৈ। লোকৰ গাত আউজি নিজৰ মনৰ গোপন অভিলাষ প্ৰকাশ কৰাৰ আৱশ্যক কি?”

 বীণাপাণি বিয়া দিয়া ছোৱালী। বয়সতো বুজন; স্বভাৱো গহীন। তেঁৱো এই ৰহস্যালাপত যোগ দি কলে – “অণু! তোমাৰ দৰাজন ময়ো দেখিছোঁ। সচাকৈয়ে তেওঁৰ সকলো অঙ্গৰ গঠন সুন্দৰ। তেওঁ যেনিবা তেজ-মঙহৰ শৰীৰ নহয়; কুন্দত- কটা মূৰ্ত্তিহে। দেউতাৰাই তোমাক দিবৰ মনেৰে তেওঁক কলিকাতাত পঢ়াই আনিছে। এতিয়া শুনিছোঁ, বোলে বিলাত লৈকো যাব! দুদিনৰ পাছতে তোমালোকৰ মাজত স্বামী-স্ত্ৰীৰ মধুৰ সম্পৰ্ক ঘটিব। আজি তুমি তেওঁৰ নামত তেনেকৈ কোৱাটো শোভন জানো?”

 এনে অপ্ৰিয় আলাপ অণুৰ সহ্য নহল। তেওঁৰ খং উঠিল আৰু মনৰ আবেগত হঠাতে কৈ পেলালে—“মই কোনো পুৰুষৰ নাগ-পাশত কেতিয়াও বন্দী নহওঁ। লাগিলে তেওঁ কাৰ্ত্তিকেই হওক বা মহিষাসুৰেই হওক।”

 শচীপ্ৰভাই সুধিলে—“বান্ধ! চিৰকুমাৰী হোৱাৰ সংকল্প কৰিছা নেকিহে?”

 বীণাপাণিয়ে কলে—“থোৱা, থোৱা। সংকল্প কাৰ্য্যত সিদ্ধি হলেহে বুজিম। আজিকালি বহুতেই ঘৰ-গৃহস্থিৰ জঞ্জাললৈ ভয় কৰি চিৰকুমাৰী হোৱাৰ সংকল্প কৰে। পিছে ঢাকনি থকা বটলাহিত মাংস যিদৰে হাড়ৰ গুৰিলৈকে সিজি নৰম হয়, সেইদৰে মনৰ স্বাভাৱিক গতিক চিৰকুমাৰী ব্ৰতৰ সঙ্কল্পেৰে ঢাকি ধৰাত তেওঁলোকৰ অন্তৰ প্ৰেমৰ ভাপত সিজি একেবাৰে কলিজাৰ গুৰিলেকে নৰম হয়। তেতিয়া তেওঁলোকে গান শুনি, প্ৰৱন্ধ পঢ়ি, ছবি দেখি আত্ম সমৰ্পণ কৰিবলৈ উদ্বাউলী হৈ উঠে। সেই সময়ত তেওঁলোকৰ অৱস্থা সঁচাকৈয়ে পুতৌ কৰিবলগীয়া হয়।”

 ইমানতে কলেজৰ ঘণ্টা পৰিল। কথা-বতৰাও শেষ হল। সকলোৱে নিজৰ নিজৰ শ্ৰেণীলৈ গতি কৰিলে।


 

 যাদৱে এমাহমান শোৱালকুচিত থাকি পুনৰ গুৱাহাটীলৈ আহিল। কিয়নো সেইটো পৰীক্ষাৰ খবৰ ওলোৱাৰ সময়। কালৰ ব্যৱধানে তেওঁৰ মন কিছু ফৰকাল কৰিলেও ঘোদা পানী নিগৰি তলিত গেদ জমা হোৱাৰ দৰে তেওঁৰো মনৰ তলিত গেদ যে নাছিল, এনে নহয়। সেই কাৰণে এইবাৰ তেওঁ অধ্যাপকৰ ঘৰত নাথাকি প্ৰথমে দিনদিয়েক এজন বন্ধুৰ ঘৰত আছিল। পাছত অৱশ্যে অধ্যাপকৰ অনুৰোধত তেওঁলোকৰ ঘৰলৈকে আহিছিল।

 এনেতে এদিন কলিকাতাৰ এজনৰ পৰা তাৰৰ বাতৰি আহিল যে, তেওঁ প্ৰথম বিভাগত প্ৰথম স্থান অধিকাৰ কৰি অৰ্থনীতিৰ এম, এ পাচ কৰিছে। এই খবৰ পাই মনৰ আনন্দত যাদৱৰ বুকু এহাত ওফন্দি উঠিল। দিনদিয়েকৰ ভিতৰতে শলাগনি পত্ৰই তেওঁৰ মেজ ওপোচাই পেলালে। লগ পোৱা বন্ধু-বান্ধৱে তেওঁক শতমুখে প্ৰশংসা কৰিলে আৰু নগৰৰ অচিনাকী মানুহবোৰেও প্ৰশংসমান দৃষ্টিৰে চালে।

 ভাবী জোঁৱাইৰ সুকৃতিৰ শুভ বাৰ্ত্তাই অধ্যাপকৰ গহীন মনতো আনন্দৰ ঢৌ তুলিলে। তেওঁ মুখেৰে সেই আনন্দ প্ৰকাশ নকৰি এই ঘটনাক উপলক্ষ্য কৰি এটি প্ৰীতিভোজৰ যোগাৰ কৰিলে । সেই উদ্দেশ্যে বৰনদীৰ পৰা তেতিয়াই তোলা, চালে চকু ৰোৱা, লোভ লগা কেবাটাও ডাঙৰ ডাঙৰ ৰৌ মাছ অনোৱা হল ৷ আন আৱশ্যকীয় বয়-বস্তুও আৱশ্যকৰ অতিৰিক্ত ৰূপে গোটোৱা হল । ভোজলৈ তেওঁৰ আৰু যাদৱৰ বিশিষ্ট বন্ধুবর্গক নিমন্ত্রণ কৰা হল । সিদিনা ৰান্ধনি বামুণৰ আৰু চাকৰ ভাণ্ডাৰিৰ থৰকাছুটি হেৰাল । গা-ডাঙৰ অধ্যাপক গৃহিনীয়ে সকলো কাজৰ তদাৰক কৰি লৰি-ধাপৰি ফুৰিব লগীয়া হোৱাত বুকুৰ ধৰফৰণি বেছি হল আৰু ভোজৰ পাছৰ এসপ্তাহকাল পাটীত পৰি থাকিব লগীয়া হৈছিল ।

 অণুৰ মনত এই কাৰ্য্য এটা অনাৱশ্যক আড়ম্বৰ মাত্ৰ ৷ তেওঁৰ ইয়াত অলপো উৎসাহ নাই। তেওঁ নিজৰ কোঠালিত সোমাই সিদিনা পঢ়া-শুনাত বেছিকৈ মন দিছে। হিতকামী পিতা-মাতাই কন্যাৰ এই নিস্পৃহতাক লাজকুৰীয়া স্বভাৱৰ ফল বুলি উপেক্ষা কৰি দুয়ো উপস্থিত আয়োজনৰ ত্রুটি-বিচ্যুতিলৈ মন কৰি ফুৰিছে ।

 এনেতে মেঘে ঢকা আকাশৰ তেজহীন বেলিটো পশ্চিম আকাশত মাৰ গল ৰাতিৰ ঘোলা আন্ধাৰে পৃথিবীখন ঢাকি ধৰিলে। জাকালিৰ ডাৱৰীয়া বতৰৰ গা-বিন্ধি-যোৱা বতাহে চৰাচৰ প্ৰাণীক ঠেৰেঙা লগালে । সাজ লগাৰ এঘণ্টামানৰ পাছতে গোটেই পৃথিবী দোভাগ ৰাতিৰ দৰে গহীন হৈ উঠিল ।

  অণুৱে খিৰিকি-দুৱাৰ জপাই পাটীত পৰি নিজৰ জীৱনৰ ভৱিষ্যতৰ কথা খেলি-মেলিকৈ ভাবি আছিল ৷ মেজৰ মমবাতি এডাল পুৰি পুৰি প্ৰায় শেষ হল ; আৰু এডাল জ্বালালে । টোপনি আহিবৰ কাৰণে অনেক চেষ্টা কৰিলে ; কিন্তু বহু ৰাতিলৈকে টোপনি নাহিল ৷ ক্ৰমে ৰাতি গভীৰ হল ; ঘৰৰ হাই-উৰুমিও কমিল। তেওঁৰ অলপ তন্দ্ৰাৰ ভাৱ হল ; তাৰ ভিতৰতে তেওঁ সপোন দেখিলে—যাদৱে যেন শচীপ্ৰভাক বিয়া কৰাব খোজে । কাৰণ তাই দেখাত সুন্দৰী। শচীপ্ৰভাৰ দেউতাকে এই কথাৰ গম পাই যাদৱলৈ শচীপ্ৰভাক দিব খোজে; কিন্তু দুখীয়া দেখি মাকে দিব নোখোজে ৷ বাপেকে নানা যুক্তি দেখুৱাই মাকৰ আপত্তি খণ্ডন কৰে । কথা কটাকটি কৰি শেষত তেওঁলোক কি সিদ্ধান্তত উপনীত হল, সেইটো নুশুনিলে । শুনাৰ কাৰণে অতি সন্তর্পণে তেওঁ যেন কাণ পাতি ৰৈ আছিল। এনেতে বেটী এজনীয়ে দুৱাৰখনো ঠেলি ঘৰৰ ভিতৰলৈ সোমাই আহিল । সাৰ পাই অণু উঠি বহিল। তেওঁৰ বুকুখন ধৰফৰকৈ কঁপিবলৈ ধৰিলে । কুঠৰীৰ ভিতৰলৈ বাহিৰৰ কোবাল বতাহ সোমাই মমবাতি ডাল নুমাই পেলালে । অন্ধকাৰে কোঠালিটো ভৰি পৰিল । ৰাতি তেতিয়া আঢ়ৈটা। বাহিৰত কিন্‌কিনীয়া বৰষুণ আৰু বাট-পথ ঘিট্ঘিটীয়া আন্ধাৰ ৷

 বেটীজনীয়ে কলে – “আইদেউ ! ভাত খাবলৈ আহক। আইদেউতাই আপোনাক চাই খাবলৈ ৰৈ আছে।” তাৰ উত্তৰত অণুৱে কলে –“মোৰ ভোক নাই বুলি ক গৈ যা ।”

 এই বুলি কৈ তাইক পঠিয়াই অণুৱে দুৱাৰত খিলি লগাই শুলে । টোপনি নাহিল । অদ্ভুত সপোনৰ কথা ভাবি থাকোঁতেই ৰাতি পুৱাল ৷ ইতিমধ্যে মাকে এবাৰ নিজে আহি দুৱাৰত খুন্দিয়াই অণুক ভাত খাবলৈ মাতিছিল, কিন্তু টোপনি অহাৰ ভাও জুৰি অণুৱে একো সহাৰিকে নিদিলে।


 

 ক্ৰমে প্ৰীতি-ভোজ আৰু প্ৰশংসা বাণীৰ উত্তাপ কমি আহিল। বন্ধু-বান্ধৱে যাদৱক বিলাতলৈ যোৱাৰ উৎসাহ দিলে কিয়নো জ্ঞান-বিদ্যাৰ দেশীয় চাবে মানুহৰ মূল্য নবঢ়ায়। তদুপৰি তেওঁৰ দৰে এটি ৰত্ন কাচৰ মূল্যতে বিক্ৰী হোৱাটো তেওঁলোকে বাঞ্ছা নকৰে।

 যাদৱৰো বিলাতলৈ যোৱাৰ একান্ত ইচ্ছা। গতিকে তেওঁ বিলাতলৈ যোৱাৰ যো-জা কৰিব ধৰিলে। বিলাতৰ বিষয় অভিজ্ঞতা থকা লোকসকলৰ ঘৰলৈ ঘনাই অহা-যোৱা কৰি তেওঁলোকৰ পৰা বিবিধ বিষয়ৰ পৰামৰ্শ ললে। বিলাতৰ দুই তিনিটা ইউনিভাৰ্চিটিৰ প্ৰস্পেক্টাচ খুজি চিঠি লিখিলে। বিলাতি শিষ্টাচাৰ আৰু ৰীতি-নীতিবোৰৰ ট্ৰেইনিং ললে। দৰ্জি মাতি কেবাটাও বিলাতি সাজ তৈয়াৰ কৰালে। পাচ-পোৰ্টৰ দৰ্খাস্ত কৰিলে। আখাৰা স্বৰূপে আজিকালি যাদৱে দিনত বিলাতি সাজ পিন্ধিহে ফুৰে আৰু ৰাতি বিলাতি সাজ পিন্ধিহে শুৱে। কিন্তু বিলাতত পঢ়িবৰ সম্বল কত ? এই বিষয় অধ্যাপকতে তেওঁৰ সম্পুৰ্ণ ভৰষা । কিন্তু অধ্যাপকে তেওঁৰ এই উদ্যমৰ একো ভূ-ভটং নাপায়। এই বিষয় যাদৱেও অধ্যাপকক একো কথা কোৱা নাই ।

 প্রায় সকলো যো-জা হৈ উঠাত এদিন চল চাই অধ্যাপকক তেওঁৰ মনৰ অভিলাষ জনালে। উত্তৰত অধ্যাপকে সংক্ষেপে মাত্র ইয়াকে কলে — “আগেয়ে বিয়া-বাৰু কৰোৱা; সেইবোৰ পাছৰ কথা।”

 যাদৱে ভাবিলে বিলাতত ভাৰতীয় ডেকাৰ পাপাচাৰৰ কথা আজিকালি কাৰো অবিদিত নহয় । সেই কাৰণে অধ্যাপকে তেওঁক বিয়া ৰূপ নৈতিক অধঃপতনৰ ৰক্ষা কবচ পিন্ধাইহে বিলাতলৈ পঠাব খোজে। কিন্তু যি মোৰ নামত মাটিত সাত কিল মাৰে, যাৰ প্ৰতি মোৰ প্ৰাণৰ অকণো তান নাই বৰং ঘৃণাহে জমা হৈ দ'ম বান্ধি আছে, তেওঁক বিয়া কৰাওঁ কেনেকৈ ? অথচ বিয়া নকৰালেতো অধ্যাপকৰ মনত ছুৱা হলোঁ আৰু বিলাতলৈ যোৱাও পাণীৰ লাৰু বন্ধা যেন হল । গতিকে এই জটিল সমস্যাৰ সমাধান কি ?

 ভবিষ্যত জীৱনৰ ৰূপালি আশাৰ মোহিনী ৰূপত ভোল গৈ এই উচ্চাকাঙ্ক্ষী ডেকাই সংসাৰ-সুখলৈ পিঠি দি নিজৰ ইচ্ছাৰ বিৰুদ্ধে এই বিবাহত সম্মতি দিলে। এই কপটতা, এই আত্ম-বলিদানৰ উদ্দেশ্য জ্ঞান-স্পৃহা নে ডিগ্রিৰ মোহ ? জ্ঞানী লোকে কয় বোলে—অসৎ উপায়েৰে মনৰ কোনো সদিচ্ছা পূৰণ হব নোৱাৰে । তেন্তে এই ডেকাৰ মতলব কি? যি কোনো উপায়ে এটা বিলাতি ডিগ্ৰি লৈ আহি দেশবাসীৰ চকুত চমক লগোৱাই নে কি? এনে আত্ম প্ৰবঞ্চনা, এনে ব্যৱসায়ী বুদ্ধি, এনে মানসিক দাসত্বই বৰ্ত্তমান শিক্ষাৰ বিষাক্ত ফল নহয় জানো বাৰু?


 

 সংসাৰৰ কুটিল-কপটতাৰ আও-ভাও নোপোৱা সৰল অধ্যাপকদেৱে ছোৱালীৰ বিয়াৰ উদ্যোগ কৰিলে। আ-অলঙ্কাৰ, বয়-বস্তু যোগাৰ কৰাৰ উপৰিও বৰ জী-জোঁৱাইৰ ঘৰ কৰিবৰ কাৰণে নিজৰ বহাৰ ওচৰতে অতিৰিক্ত মূল্য দি দুকঠা মাটি কিনিলে আৰু তাত এ জোৰা অস্থায়ী ঘৰ সজালে। শোৱালকুচিৰ পৰা যাদৱৰ মাকক অনাই তাত ৰাখিলে। কথা হল যে, সেই ঘৰতে দৰা সজাব আৰু বিয়া হৈ যোৱাৰ পাছতো জী-জোঁৱাই তাতে থাকিব। এই ৰূপ সকলো ব্যৱস্থা হৈ উঠাত বিয়াৰ দিন-বাৰ ঠিক হল।

 কিন্তু যি অধ্যাপকে ছাতৰক মনস্তত্ত্বৰ জ্ঞান দিয়ে, তেওঁ জী-জোৱাইৰ মনস্তত্ত্ব নুবুজিলে বা বুজিবৰ কোনো চেষ্টাকে নকৰিলে। আমাৰ মতে—এই বিয়াত দৰা-কন্যা উভয়ৰে আন্তৰিকতা নাই। দৰাৰ মন বিয়াৰ আনন্দ-উৎসৱকো তল পেলাই সাগৰৰ সিপাৰে বিচৰণ কৰিছিল আৰু কন্যাৰ বিয়া-বিৰোধী মন ভবিষ্যত বন্ধনৰ দুখৰ কথা ভাবি ঘৃণাৰে ভৰি পৰিছিল ।

 অধ্যাপক-পত্নীয়ে জীয়েকৰ মানসিক অশান্তিলৈ লক্ষ্য নকৰা নহয় । জীয়েকৰ নিৰানন্দ আৰু নিৰ্ব্বিকাৰ ভাৱ দেখি তেওঁৰ মনতক দুখ । তেওঁ এদিন অণুক অকলশৰীয়াকৈ মাতি নি কলে-“আই ! এই বয়সত, এনে আনন্দৰ দিনত, তোৰ এনে গহীন-গম্ভীৰ মূৰ্ত্তি ভাল নহয়। সাধাৰণতে হাঁহি-ধেমালিৰহে এই বয়স । তই আজি কিছুদিনৰ পৰা মনটো মাৰি থাক কিয় ?”

 অণুৱে মাকক সংক্ষেপে চিৰকুমাৰী হৈ থকাৰ অভিলাষ জনালে । অকস্মাৎ ঘৰৰ ভিতৰত সাপ দেখি ভয়ত উধাতু খাই বাহিৰলৈ লৰি অহাৰ দৰে মাকে জীয়েকৰ কথা শুনি লৰি আহি অণুক সাবটি ধৰি একে উশাহতে কলে—“আই ; তোক এই বুদ্ধি কোনে দিলে ? তোৰ এনে মতি কিয় হল ?”

 তাৰ পাছত তেওঁ নানা প্রকাৰ বুজনিৰে গাত চেঁচা হাত বুলাই কবলৈ ধৰিলে “আই ! তই সংসাৰ ধৰ্ম্মৰ বিৰোধী মত প্ৰকাশ কৰিছ কিয় ? বিয়া কৰালে দেশৰ হিত, সমাজৰ সেৱা কৰিব নোৱাৰি, এই কথা তোক কোনে কলে ? সেইটো তোৰ বুজাৰ ভুল। বৰং শাস্ত্ৰকাৰ সকলে সকলো আশ্ৰমতকৈ গৃহস্থাশ্রমকে শ্রেষ্ঠ আসন দিছে ৷ পৃথিবীৰ সৰহ ভাগ মানুহেই সেই আশ্ৰম ভুক্ত । সচাঁকৈয়ে গৃহস্থাশ্ৰমত সেৱাৰ ক্ষেত্ৰ যিমান বহল আৰু ব্যাপক, আন কোনো আশ্রমতে তিমান নহয় ৷ মোৰ মূৰকে খাৱ আই! তই এই অদ্ভুত সঙ্কল্প এৰ। বিশেষ যাদৱ ভাল লৰা। তাৰ জ্ঞান-বিদ্যা-স্বাস্থ্য-চৰিত্ৰ সকলো উন্নত। তহঁতৰ মিলন সুখৰ হব।

 তদুপৰি সকলো কথা ইমান আগ বাঢ়িল যে, এই পতা বিয়া এতিয়া ভঙা অসম্ভৱ। তেনে কৰিলে সমাজে আমাক হাঁহিব, তোক বেয়া বুলিব আৰু দেউতাৰক লাজ দিব।”

 কবি সকলৰ মতে লজ্জা তিৰোতাৰ ভূষণ। তেওঁলোকৰ বুকু ফাটিলেও মুখ নুফুটে। বোধ কৰোঁ এই কাৰণেই মাকৰ যুক্তি অণুৰ মূৰত নোসোমাল যদিও লাজতে একো নকৈ একে থিৰে দূৰৈৰ আকাশৰ ফালে চাই থাকিল।

 বিয়াৰ দিন ওচৰ চাপিল। দবাঘৰীয়া মাইকী মানুহে আহি অণুক জোৰোণ পিন্ধালে। অণুয়ে সকলো ক্ৰিয়া বিনা প্ৰতিবাদে কৰি গল। বাৰিষাৰ মেঘে ঢকা আকাশৰ দৰে বাহিৰে দেখাত তেওঁৰ মনৰ অৱস্থা শান্ত; কিন্তু ভিতৰি তাৰ পেটত লুকাই থকা ধুমুহা বতাহৰ দৰে উগ্ৰ।

 সি যি কি নহক, নিৰ্দ্দিষ্ট দিনত এই দুজন অভিশপ্ত জীৱক বৈদিক মন্ত্ৰেৰে লগুণ গাঁথি মাৰি একত্ৰ কৰা হল। তেওঁ লোকৰ দেহ-মন-আত্মা এক হওক বুলি পুৰোহিতে মন্ত্ৰোচ্চাৰণ কৰিলে। কিন্তু বিয়াৰ পাছত দেখা গল যে, এজনৰো মনক মন্ত্ৰ শক্তিয়ে স্পৰ্শও নকৰিলে। যাদৱ হল বিলাত বলীয়া; বিয়া কৰোৱা তিৰোতাৰে সৈতে হাঁহি-ধেমালি কৰিবৰ তেওঁৰ ফুৰচত্ নাই। অণুৰ মন পঢ়া-শুনাত নিবিষ্ট। স্বামী-সৌভাগ্যৰ সুখৰ কথা থিত লগাবলৈ তেওঁৰ মনত ঠাই নাই। কবি সকলে কয় যে, ফুলোঁ ফুলোঁ হোৱা ফুল-কলিয়ে যিদৰে বতাহৰ হেন্দোলনি আৰু পুৱাৰ পোহৰ পাবলৈ বিয়াকুল হয়, সেইদৰে বিয়াৰ পিচত গাভৰুৱে গিৰিয়েকৰ আদৰ আৰু হাঁহি-মাত প্ৰচুৰ পৰিমাণে পাবলৈ আশা কৰে ৷ কিন্তু অণুৱে মনৰ সুখ আৰু যৌৱনব আবেগ মষিমূৰ কৰিহে স্বামীৰ ঘৰ কৰিম বুলি আহিছিল ; গতিকে স্বামীৰ বিৰহত তেওঁৰ ৰোহঁ বা ঠেহঁ একো নাই ৷

 পুত্ৰৰ জ্ঞান-ৰত্ন আৰু স্ত্রী-ৰত্ন উভয়ে লাভ হোৱাত যাদৱৰ মাকৰ আনন্দৰ সীমা নাই । তেওঁৰ মনৰ সকলো সংকল্প আৰু জীৱনৰ সকলো আশা যেন পূৰ হল । এতিয়া মৰিবলৈকেহে বাকী ।

 বিয়া-বাৰু হৈ যোৱাৰ অলপ দিনৰ পাচতে গুৱাহাটী তেওঁৰ ভাল নলগা হল । তেওঁ শোৱালকুচিলৈ যাবলৈ উৎকণ্ঠিত হৈ উঠিল । কিয়নো তেওঁ দেখিলে যে, নগৰত উজ্জ্বল চাকচিক্য আছে, কাম-কাজৰ আড়ম্বৰ আছে, পকাঘৰ আৰু পকা আলি আছে, বিজুলি বন্তিৰ চকুত ছাট্‌ মাৰি ধৰা পোহৰ আছে, কিন্তু গাওঁৰ সৰলতা নাই । গাওঁত বোকা-পানী আছে, মহ-মাখি আছে, দলাদলি আছে, কুসংস্কাৰ আছে, কিন্তু তাৰ মাজতে বিলৰ মাজৰ বোকাত গজি ফুলি থকা পদুম ফুলৰ দৰে স্নিগ্ধ সৌন্দৰ্য্যৰ সৰলতা আছে। তেওঁ গাওঁৰ জীয়াৰী, গাওঁৰ বোৱাৰী—গাওঁতে আজীৱন কটালে । গতিকে স্বামীৰ ভেঁটিৰ শান্ত সৌন্দৰ্য্যই তেওঁৰ পো-বোৱাৰীৰ সেৱা-সুখকো চেৰ পেলাই ওপৰ উঠিল ৷  মাকৰ অধীৰতা দেখি যাদৱে এদিন তেওঁক শোৱালকুচিত থৈ আহিল। অধ্যাপক আৰু তেওঁৰ গৃহিণীয়ে অনেক কৈ মিলিও তেওঁক আৰু কিছুদিন গুৱাহাটীত ৰাখিব নোৱাৰিলে।


 

 বিয়াৰ পাচত সকলো থান্‌-থিত লাগি উঠাত যাদৱ বিলাতলৈ যাবলৈ উদ্‌ভ্ৰান্ত হল। তেওঁৰ আন সকলো ঠিক-ঠাক হৈ আছে, এতিয়৷ টকা-কড়িতহে কথা। এদিন জনদিয়েক বন্ধুক আগত ৰাখি যাদৱে শহুৰেকৰ মত বুজিবৰ কাৰণে বিলাতলৈ যোৱাৰ কথা উলিয়ালে। কিন্তু শহুৰেকৰ কথা শুনি তেওঁৰ আলাসৰ ঘৰ ভাঙি চূচূৰ্মৈ হল। খঙ আৰু অভিমানত তেওঁৰ মূৰৰ চুলি থিয় হল।

 শহুৰেকে কলে—“বোপাই, বিলাতৰ পৰা ডিগ্ৰি লৈ ঘূৰি আহিবৰ কাৰণে যি পৰিমাণ ধন আৰু সময় খৰচ হয়, আমাৰ দেশৰ চৰকাৰে চাকৰি দিয়াত সেই পৰিমাণ আগ্ৰহ বা অনুগ্ৰহ নেদেখুৱায়। আমাৰ দুখীয়া দেশত চাকৰিৰ বাহিৰে ডিগ্ৰিধাৰীৰ কাৰণে আন কোনো ক্ষেত্ৰ নাই। ধনৰ অভাৱত চৰকাৰে ইচ্ছা থাকিলেও উপযুক্ত মানুহক উপযুক্ত ক্ষেত্ৰত নিয়োগ কৰিবলৈ অপাৰগ। চোৱা, বিলাতৰ পৰা খনি বিষয়ৰ ডিগ্ৰি লৈ আহি আমাৰ দেশত সোধ-সোধা হাকিম হৈছে, ভূতত্ত্বৰ ডিগ্ৰি লৈ আহি ছাপাখানা চলাই জীৱন কটাইছে। বাৰিষ্টাৰ হৈ আহি আমাৰ দেশৰ আদালতত সাধাৰণ ভাৱে জীৱিকা চলাবৰ জোখাৰেও ধন ঘটিব পৰা নাই। জীৱন-সংগ্ৰামত বিলাতি ডিগ্ৰিৰ কাৰ্য্যকাৰিতা এই ৰূপ।

 ইয়াৰ পাচত জ্ঞানাৰ্জনৰ কথা। জ্ঞানাৰ্জনৰ উপায় যে কেৱল বিলাততহে আছে, ভাৰতত নাই—এই ধাৰণা সম্পূৰ্ণ সত্য নহয়। চাৰ আশুতোষ, চাৰ ৰাসবিহাৰীয়ে বিলাতলৈ নগৈও অগাধ জ্ঞান আৰু অতুল সম্পত্তি ঘটিছিল। যদিবা জ্ঞান-ভাণ্ডাৰ বিলাতত আছেই, আমাৰ দেশৰ ডেকা সকলৰ সেইৰূপ জ্ঞান-সাধনা ক'ত? বা কেইজনৰ আছে? বাৰু আজিলৈকে বিলাতী ডিগ্ৰিধাৰীৰ শতকৰা কেইজনে নিজৰ মৌলিক জ্ঞান জম৷ দি পৃথিবীৰ জ্ঞান ভাণ্ডাৰ চহকী কৰিছে, কোৱাচোন।

 ভেঁটি-মাটি বেচি কোনোৱে অতি কষ্টে এটা বিলাতি ডিগ্ৰি সংগ্ৰহ কৰিলেও, তেওঁ যি পৰিমাণ জ্ঞানৰ গপ্ লৈ ভাৰতলৈ ঘূৰি আহে, প্ৰকৃততে সেই পৰিমাণ বা তাৰ চাৰি ভাগৰ এভাগো জ্ঞান আহৰণ কৰি আনিব নোৱাৰে। তেওঁ লোকৰ সৰহ ভাগেই জ্ঞানৰ স্তূপাকাৰ সামগ্ৰীৰ পৰা বিশৃঙ্খল ভাৱৰ বোজা মাত্ৰ লৈ আহে। ভাৰতত তেওঁলোকে জ্ঞানৰ লগত বিশ্বাসৰ, কামৰ লগত জীৱনৰ আৰু ঘৰৰ লগত বাহিৰৰ মিল ৰাখি চলিব নোৱাৰে। এনে পৰিপাক নেহোৱা জ্ঞানৰ বোজা ভাৰ বোৱা বলদৰ চেনিৰ বোজাৰ দৰে। ই মানুহৰ মানসিক স্বাস্থ্য ক্ষীণ আৰু দুৰ্ব্বলহে কৰে।

 আমাৰ দেশৰ বিলাতৰ পৰা ঘূৰি অহা ডেকাই দুবছৰ থাকে যদি চাৰি বছৰলৈ ধাৰাসাৰ বিলাতৰ কথাৰ বক্তৃতা দিয়ে। তেওঁলোকে নিজৰ দেশৰ বিষম অৱস্থাৰ কথালৈ মন নকৰি বিলাতৰ শিল্প-সাহিত্য আৰু ৰাজনীতিৰ কথা আলোচনা কৰে। কিন্তু দুয়োখন দেশৰ বিৰাট বিভিন্নতৰ সমিলমিল কৰিব নোৱাৰে। মুঠতে এটা কথাত তেওঁলোকৰ বিষয় কবলৈ হলে, তেওঁলোকেনিজৰ দেশকে৷ ভালদৰে চিনিব নোৱাৰে, ইউৰোপীয় সভ্যতাৰো স্বৰূপ বুজিব নোৱাৰে। ত্ৰিশঙ্কুৰ দৰে তেওঁলোক স্বৰ্গ আৰু পৃথিবীৰ মাজৰ মানুহ।

 আমাৰ সমাজে সৰু লৰাই সাধু কথা কোৱা বুঢ়ী আইক শ্ৰদ্ধা কৰাৰ দৰে, বিলাতি ডিগ্ৰি লৈ অহা ডেকাক প্ৰথমে কিছুদিন শ্ৰদ্ধা কৰে আৰু আদৰ-অভ্যৰ্থনাৰ উত্তাপেৰে তেওঁলোকৰ হৃদয় আৰু জ্ঞান-প্ৰবৃত্তি তপত কৰি ৰাখে। তাৰ পাচত ক্ৰমে সম্বৰ্দ্ধনাৰ উত্তাপো চেঁচা, জ্ঞানৰ গৌৰৱো চেঁচা আৰু জ্ঞান-লাভৰ সাৰ্থকতাও চেঁচা। গতিকে বিলাতলৈ যোৱা বেচিভাগ ভাৰতীয় ডেকাৰ পক্ষে এক প্ৰকাৰ জ্ঞান-বিলাসিতাহে। তাত তেওঁলোকৰ সময় নষ্ট আৰু অৰ্থহানি কৰাই সাৰ হয়।

 ঠিক এনে সময়তে অধ্যাপকৰ ঘৰৰ বাৰাণ্ডাত আঁৰি থোৱা সজাৰ ময়নাটোৱে এটা দীঘলকৈ সুহুঁৰি মাৰি যেন মালিকৰ কথাকেহে সমৰ্থন কৰিলে।  অধ্যাপকৰ এই দীঘলীয়া বক্তৃতা শুনি ডেকাদল হতাশ মনেৰে বাহিৰলৈ ওলাই আহিল। তেওঁলোকে অধ্যাপকৰ কথাৰ নানা ৰূপ আলোচনা কৰি সকলোৱে এক বাক্যে এই সিদ্ধান্তত উপনীত হল যে, “তেওঁ কৃপণ, প্ৰবঞ্চক; পাৰ পালে আৰোহীয়ে নাও-বৈচাৰ যথোচিত মজুৰি দিবলৈ টান পায়। যাদৱৰ দৰে ধুনীয়া ডেকা এজনক নাক-চুলি নোহোৱা ছোৱালী এজনী দি ঠগিলে। অধ্যাপক দেখোঁতেহে চিতল কিন্তু পিঠিতে কাঁইট।”

 যাদৱ মৰ্ম্মাহত হল। তেওঁ দিগ্বিদিক জ্ঞান হেৰুৱালে। তেওঁৰ বিলাতলৈ যোৱা নহল; কিন্তু গুৱাহাটী মুঠেই ভাল নলগা হল। তেওঁ এদিন বন্ধু-বান্ধৱক খবৰ নিদিয়াকৈ ৰেলত উঠি উজনিৰ ফালে গুচি গল। অধ্যাপকে তেতিয়াহে বুজিলে যে, তেওঁৰ ছোৱালীৰ কপাল পুৰিল; জোৱাই বিলাত-বলীয়া হল।


 

 ক্ষিপ্ত গ্ৰহৰ দৰে যাদৱ কিছুদিন অনাই-বনাই ঘূৰি ফুৰিলে। আজি ডিবৰুত, কাইলৈ বাঙ্গালোৰত, পৰহিলৈ দিল্লীত। তাৰ পাচত তেওঁ বুজিলে যে, দৰিদ্ৰৰ অভিমানে কেৱল পীড়াহে দিয়ে। গতিকে অভিমানত ওফন্দি চাৰিও ফালে বিনা কামে ঘূৰি ফুৰিলে আৰু নচলে। চাকৰি-বাকৰি এটা বিচাৰিব লাগিল।

 এনেতে অসম গেজেটত চিভিল চাৰ্ভিচৰ কেটামান কামৰ কাৰণে দিয়া জাননী এখনত তেওঁৰ চকু পৰিল। তেওঁ তাৰে এজন প্ৰাৰ্থী হল। ৰজাঘৰৰ নিমন্ত্ৰণ পাই গুৱাহাটীলৈ আহি তাৰ আটাইবোৰ আৱশ্যকীয় কুস্তিত উত্তীৰ্ণ হৈ যথা সময়ত জুনিয়ৰ চিভিল চাৰ্ভিচৰ এখন নিয়োগ-পত্ৰ পালে। তাৰ পাচত নানা ঠাইত কাম-কাজ শিকি, নানা ঠাইৰ বান-পানী হোৱা অঞ্চলত চাউল বিলাই, নানা ঠাইত কৃষি-ঋণৰ টকা সাধি দুই-তিনি বছৰমান কটাই বৰ্ত্তমান তেওঁ চাৰ্কলৰ চাৰ্জ পাইছে। এতিয়া তেওঁ কমলপুৰ চাৰ্কলৰ পকা চব-ডিপুটি-কালেক্টৰ।

 স্বামীৰ নিৰুদ্দেশত অণু নিৰ্ব্বিকাৰ। তেওঁ আগৰ দৰে মাক-বাপেকৰ ঘৰত থাকি পঢ়া-শুনা কৰি কাল কটাই আছিল। বৰং আগতকৈও জ্ঞান-চৰ্চাত বেচিকৈহে মনপুতি দিছিল। কেৱল শচী-প্ৰভা আৰু বীণা-পাণিয়ে মাজে-সময়ে তেওঁক চিৰকুমাৰী ব্ৰত ভঙ্গৰ কাৰণে ঠাট্টা-মস্কৰা কৰি উত্যক্ত কৰিছিল; আন কোনো অশান্তি নাই।

 বিয়াৰ দুই বছৰ পাচতে অণুৱে বি, এ, পাচ কৰিলে। বৰ্ত্তমান তেওঁ গুৱাহাটী গাৰ্লচ হাই স্কুলৰ শিক্ষয়িত্ৰী। নগৰৰ মহিলা সমিতিৰ প্ৰধান সম্পাদিকা। বিদ্যাদান আৰু সমাজ সেৱাই তেওঁৰ জীৱনৰ ঘাই ব্ৰত।

 আজিলৈকে স্বামী-স্ত্ৰীৰ দেখাদেখি নাই। চাকৈ-চকোৱাৰ দৰে তেওঁলোক ব্ৰহ্মপুত্ৰৰ ইপাৰে এজন, সিপাৰে এজন। কবি সকলে কয় যে, বিৰহ দুৰাৰোগ্য ৰোগৰ দৰে। তাৰ যন্ত্ৰণাত মানুহে খাব-শুব এৰি শুকাই-ক্ষীণাই যায়। অণুৱে কিন্তু খাবও পাৰে, শুবও পাৰে। ক্ষীণোৱা দূৰে থাওক, শৰীৰৰ মেদ আগতকৈও বাঢ়িছেহে।

 এওঁলোকৰ ভবিষ্যত মিলনত বেদ-মন্ত্ৰে কিমান প্ৰভাৱ বিস্তাৰ কৰিছে, কোনে জানে?