গল্প-লহৰি
গল্প-লহৰি
কাশীনাথ বৰ্ম্মন
গল্প-লহৰি
( প্ৰথম সংস্কৰণ )
১৯৪৯ চন
লিখক
শ্ৰীকাশীনাথ বৰ্ম্মণ
শিক্ষক, শিৱসাগৰ হাই স্কুল।
মূল্য দুটকা।
প্ৰকাশক—শ্ৰীসিদ্ধিনাথ কলিতা বি এচ, চি
গ্ৰেজুৱেট ষ্টোৰচ্
যোৰহাট, আসাম।
প্ৰিণ্টাৰ—শ্ৰীগোৰাচাদ মুখাৰ্জ্জি
কমলা প্ৰিন্টিং ৱাৰ্কস্
৩নং কাশীমিত্ৰ ঘাট ষ্ট্ৰীট, বাগবাজাৰ, কলিকাতা-৩।
পাতনি।
এই গল্প ছয়টা প্ৰায় পোন্ধৰ বছৰমান আগৰ লিখা। কিতাপ আকাৰে ছপা হৈ ই ৰাইজৰ মাজত প্ৰকাশ পাব, এনে আশা কৰা নাছিলো। বৰ্ত্তমান যোৰহাটৰ গ্ৰেজুৱেট ষ্টোৰৰ অধ্যক্ষ শ্ৰীযুত সিদ্ধি নাথ কলিতা বি,এচ্,চি দেৱৰ যত্ন ই ছপা হৈ ওলাল। সেইবাবে তেখেত আমাৰ শলাগৰ পাত্ৰ।
লিখা আৰু ছপা হোৱা কালৰ ব্যৱধানত কিছুমান কথাৰ পৰিবৰ্ত্তন ঘটিছে। তাক লৰচৰ নকৰি আগৰ দৰেই প্ৰকাশ কৰা হল। অনুগ্ৰহ কৰি পাঠক সকলে পঢ়া সময়ত এতিয়াৰ পৰা পোন্ধৰ বছৰমান আগৰ চকুৰে চাব।
বিনীত
শ্ৰীকাশীনাথ বৰ্ম্মণ।
সূচী-পত্ৰ
| বিষয় | পিঠি | |||
| ১। জীয়া-বাঁৰী | ... | ... | ১ | |
| ২। বিধাতাৰ জোৰা | ... | ... | ২৪ | |
| ৩। শাসনৰ পৰিণাম | ... | ... | ৪৯ | |
| ৪। অগ্নি-পৰীক্ষা | ... | ... | ৭৫ | |
| ৫। যোগমায়াৰ কীৰ্ত্তি | ... | ... | ৯৯ | |
| ৬। গৃহ-শিক্ষক | ... | ... | ১২২ |
গল্পৰ গতি।
অলপীয়া শোক গাথা
মানৱ সহজ কথা
গতিশীল সামান্য কাহিনী।
সহস্ৰ ঘটনা বীণ
কালৰ গৰ্ভত লীন
তাৰে এটোপাল চকু-পানী॥
নাই নীতি উপদেশ
ঘটনাৰ সমাবেশ
ইঙ্গিত-মধুৰ-ৰস-বল।
মনত অতৃপ্তি জাগে
শেষ কৰিএনে লাগে
আৰু যেন কিছু বাকী ৰল॥
এই লেখকৰ লেখাসমূহ বৰ্তমান পাবলিক ড'মেইনৰ অন্তৰ্গত কাৰণ এই লেখাৰ উৎসস্থল ভাৰত আৰু "ভাৰতীয় কপিৰাইট আইন, ১৯৫৭" অনুসৰি ইয়াৰ কপিৰাইট ম্যাদ উকলি গৈছে। লেখকৰ মৃত্যুৰ পাছৰ বছৰৰ পৰা ৬০ বছৰ হ'লে তেওঁৰ সকলো ৰচনাৰ কপিৰাইট ম্যাদ উকলি যায়। (অৰ্থাৎ, ২০২৬ চনত ১ জানুৱাৰী ১৯৬৬ৰ পূৰ্বে মৃত্যু হোৱা লেখকৰ সকলো ৰচনা পাব্লিক ড'মেইনৰ আওতাভুক্ত হ’ব। )