খেদ, মহিমা, কাৰুণ্য

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
নামঘোষা
লেখক শ্ৰীমন্ত মাধৱদেৱ
নামঘোষা
  1. ভজন, নমস্কাৰ, উপদেশ
  2. নিন্দা
  3. প্ৰাৰ্থনা আৰু অনুনাথনা
  4. মহিমা, আত্ম-উপদেশ, আত্ম-নিন্দা আৰু বস্তু-প্ৰকাশ
  5. প্ৰশংসা, অনুধিতা, নাম, পৰমাৰ্থ-সাৰ, সাৰ-নিৰ্ণয়, বৰ্ণাশ্ৰম, হৰবাৰ
  6. নামৰ অন্বয়, দুলড়ি, শৰণ আৰু ভজন
  7. নমস্কাৰ, উপদেশ, খেদ
  8. নিন্দা, প্ৰাৰ্থনা
  9. নাম-মহিমা, নাম, প্ৰশংসা
  10. বস্তু-প্ৰকাশ, নিৱেদন, কলি-ধৰ্ম্ম-নিৰ্ণয়, হৰবাৰ, কৃষ্ণৰ পুৰুষ-লক্ষণ, যুগ-ধৰ্ম্ম-নিৰ্ণয়
  11. ঈশ্বৰ নিৰ্ণয়, শৰণ, ভজন, নমস্কাৰ, উপদেশ, মহিমাযুক্ত উপদেশ, আত্ম-উপদেশ
  12. নিন্দা, প্ৰাৰ্থনা, নিৱেদন, প্ৰশংসা, কলি-ধৰ্ম্ম, নাম, তাত্‍পৰ্য্য, বিৰকতি
  13. তুতি, ঈশ্বৰ-নিৰ্ণয়,শৰণ, নমস্কাৰ, উপদেশ, ছবি, লেছাৰি, মহিমা-যুক্ত উপদেশ, ছবি, লেছাৰি
  14. নিন্দা, আত্ম-নিন্দা, মহিমা, নাম-মহিমা, তুতি
  15. প্ৰাৰ্থনা, তাত্‍পৰ্য্য, বস্তু-প্ৰকাশ, আশ্ৰয়, প্ৰশংসা, মহিমাযুক্ত কীৰ্ত্তন-প্ৰশংসা, নামৰ অন্বয়
  16. খেদ, ভাগৱত-প্ৰশংসা, উপদেশ, খেদ, পৰম-পুৰুষাৰ্থ
  17. শৰণ, ভজন, নমস্কাৰ, উপদেশ, মহিমা, আত্ম-উপদেশ, নিন্দা, আত্ম-নিন্দা
  18. খেদ, মহিমা, কাৰুণ্য
  19. তাত্‍পৰ্য্য, কাকূতি, প্ৰাৰ্থনা, প্ৰাৰ্থনা-নিবেদন
  20. ঘোষা, খেদ
খেদ, মহিমা, কাৰুণ্য
খেদ

দুৰ্ব্বাৰ দু:সঙ্গ         দুৰ্ব্বাসনা দুষ্ট

হৰি হৰি হৰি হৰি এ

অনাদি বিদ্যা আপুনি ভৈলো মোহিত |
অনাত্মা দেহক আত্মা-বুদ্ধি কৰি

হৰি হৰি হৰি হৰি এ

তুমি পৰমাত্মা ঈশ্বৰে ভৈলো বঞ্চিত ||৭৫১
আত্যন্তিক সুখ তযু পদ-সেৱা

হৰি হৰি হৰি হৰি এ

সেৱা পৰিহৰি সি সুখে ভৈলো বঞ্চিত ||৭৫২
মায়াময় ঘোৰ         সংসাৰ-নিকাৰ

হৰি হৰি হৰি হৰি এ

তাকে সুখ মানি মগ্ন ভৈল মোৰ চিত্ত ||৭৫৩
তুমি শুদ্ধ বুদ্ধ নিত্য         নিৰ্ম্মল-নিৰ্গুণ দেৱ

মোৰ প্ৰভু নাৰায়ণ এ

স্বৰূপ আনন্দে সদা সুখী |
হৰি হৰি তুমি নিজানন্দে সদা সুখী |
আমি মূঢ়মতি ঘোৰ         অবিদ্যা-সাগৰে মজি

মোৰ প্ৰভু নাৰায়ণ এ

তোমাক নজানি ভৈলো দুখী |
হৰি হৰি স্বৰূপ নজানি ভৈলো দুখী হৰি এ ||৭৫৪
অখণ্ডিত সদা শুদ্ধ         চৈতন্য-শক্তিৰ বলে

মোৰ প্ৰভু নাৰায়ণ এ

তুমি দূৰ কৰি আছা মায়া |
হৰি হৰি তোমাৰ নিকটে নাহি মায়া |
তোমাক নভজো পদে         মায়ায়ে মুহিলে মোক

মোৰ প্ৰভু নাৰায়ণ এ

আৱে কৃপাময় কৰা দায়া |
হৰি হৰি মায়াক নিবাৰি কৰা দায়া হৰি এ ||৭৫৫
দেৱকী-নন্দন দেৱ         দেৱকী-নন্দন দেৱ

দীনবন্ধু দামোদৰ এ

হৰি হৰি চৰণে উদ্ধাৰ কৰা মোক
প্ৰাণ-বন্ধু ইবাৰ নেড়িবা হৰি মোক |
ভকতি মিনতি তুতি         প্ৰণতি নজানো মঞি

দীনবন্ধু দামোদৰ এ

হৰি হৰি আৱে মোৰ কেন গতি হোক |
প্ৰাণ-বন্ধু মোৰ মন তোমাৰ ৰহোক হৰি এ ||৭৫৬
হে কৃষ্ণ তুমি নিজ আত্মা প্ৰিয়তম গুৰু
মোৰ প্ৰভু নাৰায়ণ এ
পৰম ঈশ্বৰ ভয়হাৰী
হৰি হৰি তুমি ইষ্ট দেৱ ভয়হাৰী |
এতেকে জানিয়া তযু         চৰণে শৰণ লৈলো

মোৰ প্ৰভু নাৰায়ণ এ

নছাড়িবা ইবাৰ মুৰাৰী
হৰি হৰি লৈয়ো মোক মায়াক নিবাৰি হৰি এ ||৭৫৭
মনুষ্য-যোনিৰ কৰ্ম্মে         নি:শেষ যোনিত ফুৰি

দীনবন্ধু দামোদৰ এ

হৰি হৰি বাৰে বাৰে ভুঞ্জিলো অপাৰ |
দীন-বন্ধু কতবা ভুঞ্জিলো নাহি পাৰ |
ইবেলি তোহ্মাৰ দুই         চৰণে শৰণ লৈলো

দীনবন্ধু দামোদৰ এ

হৰি হৰি নকৰিবা মোক পৰিহাৰ |
প্ৰাণ-বন্ধু চৰণত ৰাখিয়ো ইবাৰ হৰি এ ||৭৫৮
পুনু পুনু নৰ-তনু         লভিয়া তোমাক তেজি

দীনবন্ধু দামোদৰ এ

হৰি হৰি সংসাৰে ভ্ৰমিলো অসংখ্যাত |
দীন-বন্ধু কতবা কৰিলো আয়াযাত |
ইবেলি কৰুণাময়         তোমাৰ কিঙ্কৰ ভৈলো

দীনবন্ধু দামোদৰ এ

হৰি হৰি ৰতি মোৰ ৰহোক তোমাত |
প্ৰাণ-বন্ধু চৰণত কৰো প্ৰণিপাত হৰি এ ||৭৫৯
মাধৱ মুকুন্দ মুৰাৰি         কি গতি হৈব হামাৰ মায়াৰ ৰচনা আশা-নদী মাজে |
মজিয়া নপাইলো পাৰ ||৭৬০

মহিমা
ৰামৰ নামেসে অমিয়া ঝুৰে
ভকত-জন-মনোৰথ পূৰে ||৭৬১

ভাল ভাৰসা পায়া আছি         হৰি কৰুণাময়

ৰাম কৃষ্ণ কৃপাৰ ঠাকুৰ |

ৰাম বুলিতে পাপী তৰে         হৰি কৰুণাময়

সকল আপদ হোৱে দূৰ ||৭৬২
ভকতসৱে ৰাম-নাম গাৱে |
কালামায়া ডৰে তৰতৰাৱে ||৭৬৩
কাৰুণ্য
জয় জগজীৱ মোৰে প্ৰাণ
মোৰে প্ৰাণধন বান্ধৱ মুৰাৰী |
শ্ৰৱণে আনন্দে শুনিছো গোৱিন্দ
তুমি দীন-দুখ-হাৰী ||৭৬৪
মোৰ জীৱ-ধন গোপীনাথ
প্ৰাণ গোপীনাথ পশীলো শৰণে |

মোৰ প্ৰাণ মন         মজিয়া ৰহোক

তোমাৰ চৰণে ||৭৬৫

দুগুটি অক্ষৰ ৰাম-নাম
শ্ৰীৰাম-নাম অমিয়া-মাধুৰি ঝুৰে |
অতি সুকোমল         পৰম মঙ্গল সৱে মনোৰথ পূৰে ||৭৬৬
জয় জয় নিত্য নিৰঞ্জন
নিত্য নিৰঞ্জন দেৱ শিৱ সনাতন |
পৰম অভয়         তোমাৰ চৰণ

তাপ-তিনি-বিনাশন ||৭৬৭

দায়াশীল দেৱ দামোদৰ         তুমি দীন-জন-বন্ধু পতিত-পাৱন         তুমি কৃপাময়

কেৱলে কৰুণা-সিন্ধু ||৭৬৮

হৰি হৰি হৰি হৰি এ         হৰি হৰি হৰি হৰি

তুমি কৃপাময় দীন-দুখ-বিনাশন |

ভৃত্য-ভয়-হাৰী         জানিয়া তোমাৰ

চৰণে লৈলো শৰণ ||৭৬৯

হে কৃষ্ণ দীন-দায়াশীল         দীন-দায়াশীল

দায়া নছাড়িবা মোক |

অজ্ঞান-তিমিৰ         নাশিয়া বিজ্ঞান-

প্ৰদীপ প্ৰভু দিয়োক ||৭৭০

ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম
ৰাম কৃষ্ণ ৰাম কৃষ্ণ অগতিৰ গতি |
অচিন্ত্য অনন্ত         সুখেৰ সাগৰ

কৃষ্ণৰ পদ-ভকতি ||৭৭১

হে প্ৰাণ-প্ৰভু কৃষ্ণদেৱ প্ৰাণ কৃষ্ণ দেৱ
দীনক কৰিয়ো দায়া |
পৰম তাপিতে মাগোহো তোমাৰ
শীতল চৰণ-ছায়া ||৭৭২
প্ৰাণ প্ৰিয়তম যদুদেৱ
দিয়ো মোক এহি দান |
কৰায়ো তোহ্মাৰ         চৰন সেৱাৰ

সন্তোষে অমিয়া-পান ||৭৭৩

নমো ৰাম কৃষ্ণ সদাশিৱ
সদাশিৱ কৃষ্ণ তুমি জগতৰ গতি |
অপায়-ৰহিত         মাগোহো ভকতি

চৰণে কৰি প্ৰণতি ||৭৭৪

জগত-গুৰু নাৰায়ণ         জগত-গুৰু নাৰায়ণ

মোৰ প্ৰভু ৰাম-কৃষ্ণ ৰাম |

হৰি তো হৰি ৰাম কৃষ্ণ হৰি ৰাম ||৭৭৫
ৰাম কৃষ্ণ নিৰঞ্জন         ৰাম কৃষ্ণ নিৰঞ্জন

দীন-বন্ধু নাৰায়ণ এ

তুমি প্ৰভু অগতিৰ গতি ||৭৭৬
গোপীনাথ গোপীনাথ         মোৰে কমলাকান্ত

মোৰ প্ৰভু ৰাম নাৰায়ণ |

অভয় চৰণ পাই পশিলো শৰণ ||৭৭৭
অনাদি অনন্ত হৰি         এ জীৱন বন্ধু

ৰাম কৃষ্ণ কৰুণা-সাগৰ |

অনাথৰ নাথ দায়াশীল দামোদৰ ||৭৭৮
পৰমপুৰুষ হৰি         এ পৰমানন্দ

পৰম-কাৰণ নাৰায়ণ

ভকত-ৰঞ্জন তযু অৰুণ চৰণ |
অনন্ত অচ্যুত সদাশিৱ সনাতন ||৭৭৯
জয়তি জগত-গুৰু এ         গুণেৰ নিধি

নিত্য নিৰঞ্জণ নিৰাকাৰ |

তোহ্মাৰ চৰণে সদা শৰণ আমাৰ ||৭৮০
দৈৱকী-নন্দন প্ৰভু এ         পৰমগুৰু

দায়াশীল দেৱ নিৰঞ্জন |

তযু পদ-কমলে মজোক মেৰি মন ||৭৮১
জগত-জীৱন যদু এ         যাদৱানন্দ

জগত-কাৰণ যদুপতি |

তুমিসে কেৱলে নিজ ভকতৰ গতি ||৭৮২
ভকত-বত্স ল প্ৰভু এ         ভকত-বন্ধু

ভকত-ৰঞ্জন ভয়হাৰী ||৭৮৩

ভকতৰ নিজ গতি তুমিসে মুৰাৰি |
পতিত জনৰ গতি এ         জগতপতি

পতিত-পাৱন ভগৱন্ত |

পৰম ঈশ্বৰ দেৱ অনাদি অনন্ত ||৭৮৪