খেদ, ভাগৱত-প্ৰশংসা, উপদেশ, খেদ, পৰম-পুৰুষাৰ্থ

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
নামঘোষা
লেখক শ্ৰীমন্ত মাধৱদেৱ
নামঘোষা
  1. ভজন, নমস্কাৰ, উপদেশ
  2. নিন্দা
  3. প্ৰাৰ্থনা আৰু অনুনাথনা
  4. মহিমা, আত্ম-উপদেশ, আত্ম-নিন্দা আৰু বস্তু-প্ৰকাশ
  5. প্ৰশংসা, অনুধিতা, নাম, পৰমাৰ্থ-সাৰ, সাৰ-নিৰ্ণয়, বৰ্ণাশ্ৰম, হৰবাৰ
  6. নামৰ অন্বয়, দুলড়ি, শৰণ আৰু ভজন
  7. নমস্কাৰ, উপদেশ, খেদ
  8. নিন্দা, প্ৰাৰ্থনা
  9. নাম-মহিমা, নাম, প্ৰশংসা
  10. বস্তু-প্ৰকাশ, নিৱেদন, কলি-ধৰ্ম্ম-নিৰ্ণয়, হৰবাৰ, কৃষ্ণৰ পুৰুষ-লক্ষণ, যুগ-ধৰ্ম্ম-নিৰ্ণয়
  11. ঈশ্বৰ নিৰ্ণয়, শৰণ, ভজন, নমস্কাৰ, উপদেশ, মহিমাযুক্ত উপদেশ, আত্ম-উপদেশ
  12. নিন্দা, প্ৰাৰ্থনা, নিৱেদন, প্ৰশংসা, কলি-ধৰ্ম্ম, নাম, তাত্‍পৰ্য্য, বিৰকতি
  13. তুতি, ঈশ্বৰ-নিৰ্ণয়,শৰণ, নমস্কাৰ, উপদেশ, ছবি, লেছাৰি, মহিমা-যুক্ত উপদেশ, ছবি, লেছাৰি
  14. নিন্দা, আত্ম-নিন্দা, মহিমা, নাম-মহিমা, তুতি
  15. প্ৰাৰ্থনা, তাত্‍পৰ্য্য, বস্তু-প্ৰকাশ, আশ্ৰয়, প্ৰশংসা, মহিমাযুক্ত কীৰ্ত্তন-প্ৰশংসা, নামৰ অন্বয়
  16. খেদ, ভাগৱত-প্ৰশংসা, উপদেশ, খেদ, পৰম-পুৰুষাৰ্থ
  17. শৰণ, ভজন, নমস্কাৰ, উপদেশ, মহিমা, আত্ম-উপদেশ, নিন্দা, আত্ম-নিন্দা
  18. খেদ, মহিমা, কাৰুণ্য
  19. তাত্‍পৰ্য্য, কাকূতি, প্ৰাৰ্থনা, প্ৰাৰ্থনা-নিবেদন
  20. ঘোষা, খেদ
খেদ, ভাগৱত-প্ৰশংসা, উপদেশ, খেদ, পৰম-পুৰুষাৰ্থ
খেদ

আপুন নামক বহুতৰ         কৰি নিজ সৰ্ব্ব শক্তি দিয়া

কালৰ নিয়ম নিবিহিলা স্মৰণত |

এতাদৃশী তৱ কৃপা হৰি         মোহোৰ দুৰ্দ্দৈৱ দেখা কিনো

অনুৰাগ প্ৰভু নভৈল তযু নামত ||৬৭৭
ভাগৱত-প্ৰশংসা

ভাৰত পুৰাণ আদি যত         প্ৰকাশ কৰয় নানামত

যত মহাজনসৱৰ সভা-মধ্যত |

পৰম-আনন্দ-ৰসময়         কোটি সূৰ্য্য সম প্ৰকাশয়

মহাভাগৱত নোহন্ত যাৱে বেকত ||৬৭৮
উপদেশ

যিটো মহামতি গুৰুজনে         হৰি-ভক্তি-পন্থ-উপদেশ

দুয়া দুখময় সংসাৰৰ পাৰ কৰে |

হেনয় পৰম-গুৰু-ঋণ         শুজিবাক প্ৰতি জানা নিষ্ট

অন্যত্ৰ উপায় নাহি অঞ্জলিত পৰে ||৬৭৯

হৰি-ভক্তি-দাতা-গুৰু-ঋণ         শুজিবাক যিটো অহঙ্কাৰী

অনেক যতনে মনত আলোচে মাত্ৰ |

ঋণ শুজিবাক নপাৰয়         জানিবাহা সিটো দুৰাশয়

উপলা-সদৃশ বিনোদৰ ভৈল পাত্ৰ ||৬৮০

হৰি যেন আতি কৃপাময়         ভক্ত গুৰুজনো সেহি নয়

দুয়োজন এক শৰীৰ মাত্ৰ ভিন্ন |

কৃপা-ৰসে তুষ্ট হুয়া চিত্ত         লোকৰ হিতক চিন্তি নিত

নিজ গুণে তুষ্ট দুয়ো অহঙ্কাৰে হীন ||৬৮১
খেদ

কত মহাদুখে পুণ্য কৰি         অপৱৰ্গ-যোগ্য নৰ-তনু

পায়া পৃথিৱীত বিষয়ক মজি ৰৈল |

ইটো খেদ হৰি-সেৱা তেজি         আপুনাক আত্মঘাত কৰি

সিটো মহাপাপী আপুনি বঞ্চিত ভৈল ||৬৮২
পৰম-পুৰুষাৰ্থ

একান্ত ভকত যাৰা হয়         কিছু অৰ্থ তাৰা নবাঞ্জয়

মহা অদভুত হৰি-গুণ-নামময় |

পৰম মঙ্গল কৃষ্ণ-যশ         যাত পৰে আন নাহি ৰস

পৰম আনন্দ-সমুদ্ৰে মজি ৰহয় ||৬৮৩