কৰ্ণ পৰ্ব্ব

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
[  ]

অসমীয়া মহাভাৰত

 

কর্ণ পৰ্ব্ব।

 

⸺öööööö⸺

 

৺কবিবৰ ৰাম সৰস্বতী ভণিত।

 

এম্, চি, ব্রাদার্চ এণ্ড কোং দ্বাৰা

 

প্রকাশিত।

 

 

গুৱাহাটী ।

 

১৩১৩।

[  ]
 



কলিকতা,

১২২নং আমহাষ্ট ষ্ট্ৰীট, “ৰাধাৰমণ যন্ত্ৰত”

শ্ৰীনৃত্যগোপাল চক্ৰবৰ্ত্তী দ্বাৰা মুদ্ৰিত।



 

[  ]


অসমীয়া মহাভাৰত

কৰ্ণ পৰ্ব্ব।


 জয় জয় জগত কাৰণ নিৰাকাৰ।
তোমাৰ চৰণে কৰোঁ কোটী নমস্কাৰ॥
হৃদয়ত থকা তুমি পঙ্কজ আসনে।
কন্দৰ্পক জিনি ৰূপ যাহাৰ শোভনে॥১॥
কৰ্ণিকাৰ উপৰে সাক্ষাতে ভগৱন্ত।
অষ্টদলে বসি অষ্ট নায়কে সেৱন্ত।
দক্ষিণত লক্ষ্মী যে বামত পুষ্ণি দাই।
মধ্যে ভগৱম্ভক সাক্ষাতে লগ পাই॥ ২॥
চতুৰ্ভুজ ৰূপে হৰি জগতৰ সাক্ষী।
বিষ্ময় হোৱন্তে যোগী যিটো ৰূপ দেখি॥
শৰীৰত শোভা কৰে পাট বস্ত্ৰ পীত।
মুখ কমলক নীল কুন্তলে ৰঞ্জিত॥৩॥

[  ]

শৰীৰে প্ৰকাশে যাৰ অলঙ্কাৰ শোভা।
চৰণ পঙ্কজ ভকতৰ মনলোভা॥
ভুবন মোহন ৰূপ মদনক জিনি।
যিটো ৰূপ দেখি হৰ বিষ্ময় আপনি॥ ৪॥
যিটো ৰূপ দেখিবাক অপ্ৰায়সে গৈই।
আন এৰি ফুৰে যিটো কৃষ্ণ গুণ গাই॥
সেহি দুই অৰুণ চৰণে মোৰ গতি।
কৰ যোৰ কৰি বোলে ৰাম সৰস্বতী॥ ৫॥
দিয়োক শৰণ কৃষ্ণ নকৰা নৈৰাশ।
কৃপা কৰা তোমাৰ দাসৰো হৈবো দাস॥
শুনিয়োক সৰ্ব্বজন কৰ্ণ পৰ্ব্ব পদ।
যুধিষ্ঠিৰ অৰ্জ্জুনৰ যিমান সম্বাদ॥ ৬॥
প্ৰাণৰ শঙ্কত জানি পশিলা ঘৰত।
যুধিষ্ঠিৰে ভঙ্গ দিলা কৰ্ণৰ শৰত॥
কৃষ্ণে কহিলন্ত পাছে কথা নৃপতিৰ।
শুনি চাহিবাক আইলা ধনঞ্জয়বীৰ॥ ৭॥
যুধিষ্ঠিৰে অজিজ্ঞাসি পাৰিলন্ত গালি।
অৰ্জ্জুনেয়ো ক্ৰোধত খৰ্গক লৈলা তুলি॥
মধ্যে পশি কৃষ্ণে পাছে খণ্ডাইলা দুৰ্গতি।
পদ বন্ধে নিবন্ধিলা ৰাম সৰস্বতী॥ ৮॥
সঞ্জয় বদতি কথা শুনা নৰেশ্বৰ।
অৰ্জ্জুনে সহিতে যুদ্ধ সংসপ্ত দলৰ॥

[  ]

আপুনি কৰ্ণক যুঝে ৰাজা যুধিষ্ঠিৰ।
নকুল সহাদেৱ দুয়ো দুৰ্জ্জয় শৰীৰ॥ ৯॥
সেহি বেলা কৰ্ণক মাতিলা দুৰ্য্যোধন।
দেখা দেখা কৰ্ণ মোৰ সৈন্যৰ ক্ৰন্দন॥
তোমাৰ প্ৰভাৱ দৰ্প দেখি অতিশয়।
ৰণত থাকন্তে পাণ্ডৱৰ মহাভয়॥ ১০॥
সময়ৰ বেলা তজু নাহিকে বিক্ৰম।
পাণ্ডৱৰ আগে কৰ্ণ নপুংসক সম॥
ভালেতো বিদুৰে তোক বুলিছে বিস্তৰ।
পৰম পণ্ডিত তেহোঁ জানে পূৰ্ব্বাপৰ॥ ১১॥
বিদুৰৰ বাক্য কিঞ্চিতেক ব্যৰ্থ নাই।
মোৰ সৈন্য মৰে দেখা কৰ্ণ আছে চাই॥
ৰাজাৰ বচনে কৰ্ণ লাজ পাইলা বৰ।
পাণ্ডৱক ক্ৰোধে তুলি লৈলা ধনু শৰ॥ ১২॥
বোলে হেৰা পাণ্ডৱক পেশোঁ যম পথ।
শল্য সাৰথিক বোলে ঝাণ্টে ডাকা ৰথ॥
চাপাও সন্নিত যুধিষ্ঠিৰ নৃপতিৰ।
দেখা আজি কেনে মোৰ যুদ্ধ মহাবীৰ॥ ১৩॥
শুনি শল্যে হাসি বোলে জানোঁ পৰাক্ৰম।
তথাপিতো অৰ্জ্জুনে তোমাৰ হৈবে যম॥
এহি বুলি ডাকিলেক ঘোঁৰা অষ্ট বৰ্ণ।
যুধিষ্ঠিৰ দেখে মোক খেদি আসে কৰ্ণ॥ ১৪॥

[  ]

নৃপতিয়ো বাছি বাছি এক শত শৰে ।
নাকে মুখে কর্ণক তাৰিলা দৃঢ়তৰে ॥
নাকে মুখে পীড়া পাই সুদৃঢ় সন্ধানে।
থমকি ৰহিলা বীৰ কত দূৰ মানে ॥ ১৫ ॥
পাছে কর্ণ শৰ বৃষ্টি কৰিলন্ত আনি।
যুধিষ্ঠিৰে শৰ সব প্রহাৰিল। টানি ॥
সেহি বেলা কর্ণ হানিলন্ত তিনি শৰ।
দেখি ভঙ্গ মিলিলেক পাণ্ডৱ দলৰ ॥ ১৬ ॥
যুধিষ্ঠিৰ নৃপতিক হানিলা সন্ধানে।
হৃদয়ত পৰি তল গৈলা পুঙ্খ মানে॥
যেন তিনি গােটা সৰ্প পশিলা গৰ্ত্তত।
ধনুশ এৰি ৰাজা পৰিলা ৰথত ॥ ১৭ ॥
আছোক যুঝিৰে গাও কম্পে তৰতৰি।
সাৰথিক বোলে ৰথ নিওক অন্তৰি ॥
পলাইবেক লাগি যুধিষ্ঠিৰে সাজ ভৈলা।
ধৰ ধৰ বুলি কৌৰৱে খেদি গৈলা ॥ ১৮ ॥
দ্রুপদ ৰাজাৰ পুত্রগণে ঠাই আছে।
ৰাজাক কৌৰৱগণে খেদে পাছে পাছে ॥
দেখি তাৰা আগ বাঢ়ি পথ নিৰুধিলা।
কর্ণেয়ো অকলে সবাহাঙ্ক যুদ্ধ দিলা ॥ ১৯ ॥
কিটাইলন্ত কৰ্ণবীৰে হুতাশন সম।
পাণ্ডৱ দলত যেন প্রবেশিলা যম ॥

[  ]

কাৰো উৰু, কটি, কন্ধ, গলত কাটিলা।
মৃতক জনৰ শৱে ভূমি আচ্ছাদিলা॥ ২০॥
সিবেলাত ঘোৰ যুদ্ধ ভৈলা বিপৰিত।
হাহাকাৰ শব্দ মাত্ৰ শুনি চতুৰ্ভিত॥
পাঞ্চাল সকল মহা বৃক্ষৰ সদৃশ।
কৰ্ণৰ সায়ক তথা প্ৰচণ্ড বতাস॥ ২১॥
আই বাপু বুলি দশোদিশে পাৰে গেৰি।
যুধিষ্ঠিৰ ৰাজাক পলাইলা তাতে এৰি॥
সিবেলাত যুদ্ধে পৰি পাঞ্চ শত ৰথ।
কৰ্ণৰ সায়কে মাৰি নিলা যম পথ॥ ২২॥
কৰিলন্ত পথ অসংখ্যাত ৰথ ছেদি।
পুনঃ যুধিষ্ঠিৰক কৰ্ণে গৈলা খেদি॥
দেখি যুধিষ্ঠিৰ আতি ত্ৰাস ভৈলা বৰ।
নকুল সহদেৱৰ পাশক দিলা লৰ॥ ২৩৫॥
বাপু মোক ৰাখা ৰাখা কৰ্ণ বাঘে খাই।
এহি বুলি ৰহিলা দুহাঙ্গো সঙ্গ পাই॥
সেহি বেলা কৰ্ণে প্ৰহাৰিলা তিনি শৰ।
হৃদয়ত পৰিলা ধৰ্ম্ম নৃপতিৰ॥ ২৪॥
নকুল সহদেৱ সমে ৰাজা যুধিষ্ঠিৰ।
গায়ে গায়ে কৰ্ণক ভেদিলা তিনি বীৰ॥
তিনিৰো প্ৰহাৰ কৰ্ণে কিটাইলন্ত খঙ্গে।
অঙ্কুশৰ ঘাৱ যেন প্ৰমত্ত মাতঙ্গ॥ ২৫॥

[  ]

যুধিষ্ঠিৰ ৰাজাৰ কাটিলা ধনুখান।
চাৰি ঘোঁ‌ৰা মাৰি সাৰথিৰ লৈলা প্ৰাণ॥
ধনুখন হাতত কাটিলা এক শৰে।
গাণ্ডৱৰ সৈন্যে দেখি হাহাকাৰ কৰে॥ ২৬॥
তাহান সাৰথি ঘোঁৰা ধনুশৰ ৰথ।
তিলকেতে কৰ্ণ গেসিলন্ত যম পথ॥
দেখি যুধিষ্ঠিৰ সহাদেৱ আথে বেথে।
লৱৰিয়া উঠিলন্ত নকুলৰ ৰথে॥ ২৭॥
যুধিষ্ঠিৰ নৃপতিৰ পৰাভৱ যত।
কৰিলেক হস্তী যেন সিংহৰ হাতত॥
মহাবীৰ কৰ্ণে আৰু আগ বাঢ়ি যান্ত।
যুধিষ্ঠিৰে সঘনে শল্যৰ মুখ চান্ত॥ ২৮॥
মনত বোলন্ত মমা কৰিবন্ত ত্ৰাণ।
তেবেসে ইবেলি মোৰ ৰক্ষা পৰে প্ৰাণ॥
ভাগিনৰ মুখ দেখি শল্য নৰেশ্বৰ।
কৰ্ণৰ মুখক চাই দিলন্ত উত্তৰ॥ ২৯॥
শুনিওক কৰ্ণ তুমি ত্ৰিভুবনে সাৰ।
জগত বিদিত তুমি যেন বলী আৰ॥
এতকাল তোমাক পূজয় দুৰ্য্যোধন।
অৰ্জ্জুন সহিত ঘোৰ যুদ্ধৰ কাৰণ॥ ৩০॥
নকুল মহাদেৱ দুৰো কোমল শৰীৰ।
মহা সুখী সুকোমল ৰাজা যুধিষ্ঠিৰ॥

[  ]

সি কাৰণে এ সম্বাত দেখা মুনিসাই।
অৰ্জ্জুনৰ হাতত সকলে হৈব চাই॥ ৩১॥
নাই ৰথ ধনুশৰ সাৰথি মৰিল।
যুদ্ধ এৰি ৰণভূমি হন্তে অন্তৰিল॥
এৰিয়োক নৃপতিক বচনে আমাৰ।
যদি যুদ্ধ লাগে অৰ্জ্জুনক দিলা ধাৰ॥ ৩২॥
তথাপিতো নেৰা যদি শুনা মহাবল।
ধনঞ্জয় আসিলে লভিবা তাৰ ফল॥
নকুল সহদেৱক অনেক শৰে ভেদি।
বিমুখ কৰিয়া ধৰিবাক যান্ত খেদি॥ ৩৩॥
কৰ্ণ সমুদ্ৰত নিমজিলা যুধিষ্ঠিৰ।
পৰিত্ৰাণ কৰিবাক নাহি একো বীৰ॥
পুনৰুপি কৰ্ণক মাতিলা শল্য ৰায়।
শুনা কৰ্ণ এক কথা কহো তযু ঠাই॥ ৩৪॥
এভো কৰ্ণ নৃপতিক এৰা ভালে ভালে।
যাৱে নতু খেদি আসে ধনঞ্জয় কালে॥
বানৰ ধ্বজৰ শুনি আতাস আন্দোল।
ধনুৰ টঙ্কাৰ ৰথ ঘূৰিসৰ ৰোল॥ ৩৫॥
মাথা তুলি দেখা কেনে কৌৰৱ পলায়।
দূৰতে পলাই অৰ্জ্জুনৰ শৰ খায়॥
তুমি আমি আন যত বীৰ অসংখ্যাত।
ধনঞ্জয় কৰিবেক সবাৰ কন্ধ পাত॥ ৩৬॥

[ ১০ ]

দেখা কেনে সংসপ্ত দলৰ বিপতি।
হাহাকাৰ শবদ শুনিও চতুৰ্ভিতি॥
তাসম্বাক ৰাখিবাক প্ৰতি মহাবল।
নৃপতিক এৰি অৰ্জ্জুনক লাগি চল॥ ৩৭॥
শল্যে যত কহে তাক কটাক্ষে নচান্ত।
দশ গুণ বেগে আৰো ধৰিবাক যান্ত॥
নৃপতিয়ো পলাৱন্ত দশগুণ প্ৰাণে।
তেবে কৰ্ণ প্ৰহাৰিলা অসংখ্যাত বানে॥ ৩৮॥
কৰ্ণৰ সায়কে যেবে ভেদিলা হৃদয়।
মূৰ্চ্চাগত ভৈলা যুধিষ্ঠিৰ মহাশয়॥
শৰ বিষে শৰীৰ কাম্পয় তৰতৰি।
ৰথে টানি নেয় ৰাজা যায় তাতে চৰি॥ ৩৯॥
স্মৃতি পাই যুধিষ্ঠিৰে মাথা তুলি চাইলা।
কৰ্ণ বাঘে খেদে পাচতে ভেট পাইলা॥
পুন যথা পলায়য় তথাতে খেদয়।
কৰ্ণ ময় সমস্ত জগতক দেখয়॥ ৪০॥
নাই পৰিত্ৰাণ কৰ্ত্তা নেদেখয় আন।
তেবে কৃষ্ণ পদক কৰিব লৈলা ধ্যান॥
তজু দুই অৰুণ চৰণে মোৰ গতি।
কৰ্ণ অন্তকৰ ৰক্ষা কৰা যদুপতি॥ ৪১॥
এহি বুলি চিন্তিলন্ত মনে মাধৱক।
সেহি বেল শল্যে খঙ্গি মাতিলা কৰ্ণক॥

[ ১১ ]

অন্যায়ক লাগি কৰ্ণ এনুয়া আক্ৰোশ।
বিমুখ জনক পাছে খেদা বৰ দোষ॥ ৪২॥
তথাপিত খেদা যদি অন্যায়ক মতি।
দুৰ্য্যোধন নৃপতিৰ দেখা কেন গতি॥
ভীমে মাৰিলন্ত তান সেনা নিৰন্তৰ।
পাছে পাছে খেদন্ত পলান্ত একেশ্বৰ॥ ৪৩॥
দুৰ্যোধন ৰাজা যেৰে জীয়ে ৰণমাজে।
তেৱে যুধিষ্ঠিৰক ধৰিলে আহে কাজে॥
দুৰ্যোধন নৃপতিক ভীমে মাৰে পাই।
পাছে আঙ্ক ধৰি কাৰ উৰুয়াইবে চাই॥ ৪৪॥
শল্যৰ বচনে ফিৰিলেক ৰাধাসুত।
বান্ধিলেক হস্তী যেন সুজান মাহুত॥
দুৰ্য্যোধন নৃপতিক ৰাখিবাক মনে।
অজাত শত্ৰক এৰি ফিৰিলেক কৰ্ণে॥ ৪৫॥
দুৰ্যোধন নৃপতিৰ দেখি অথন্তৰ।
ভীমক সম্মুখে ধাইলা কৰি ক্ৰোধবৰ॥
কৰ্ণৰ ভীমৰ যুদ্ধ এক্ষণে থাকোক।
যুধিষ্ঠিৰে যি কৰিলে তাক শুনিয়োক॥ ৪৬॥
কৰ্ণ সমুদ্ৰত নিস্তাৰিলা যুধিষ্ঠিৰ।
শৰ বিষে চেতন নাপাৱে মহাবীৰ॥
গৃহক চলিলা নকুলৰ হাতে ধৰি।
দুই ভাই ধৰিলেক আগ পচ কৰি॥ ৪৭॥

[ ১২ ]

তেজ বহে সই জালয়া যেন ঘট।
যুধিষ্ঠিৰ নৃপতিৰ জীৱন শঙ্কত॥
কতো বেলি পাইলা ৰাজা আশন ভুবন।
দ্ৰৌপদী সুভদ্ৰা আদি যত কন্যাগণ॥ ৪৮॥
নৃপতিৰ অৱস্থাক দেখি বিদ্যমান।
মহাশোকে তাসম্বাৰ নসহয় প্ৰাণ॥
হৰি হৰি নৃপতিৰ হেনসে বিলায়।
সমৰত অৰ্জ্জুনে আছিল কিবা চাই॥ ৪৯॥
এতহন্তে ৰথৰ নামিয়া মহাবীৰ।
শয়ন কৰিলে বীৰ নসহে শৰীৰ॥
নকুল সহাদেৱক মাতিলা মহাভাগ।
দুয়ো ভাই সত্বৰে ভীমৰ লৈয়ো লাগ॥ ৫০॥
কৰ্ণে সমে ঘোৰ যুদ্ধ লাগিব ডাঙ্গৰ।
তাসম্বাৰ অনেক একলা বৃকোদৰ॥
এহি বুলি যুধিষ্ঠিৰ ভৈলা অচেতন।
বেঢ়ি বেঢ়ি কান্দান্তে ৰহিলা কন্যাগণ॥ ৫১॥
নকুল সহদেব দুয়ো ৰথ সাজি লৈলা।
অনুকুলে ভীমৰ পাশক চলি গৈলা॥
সঞ্জয় বদতি কথা শুনা নৰেশ্বৰ।
ঘোৰ যুদ্ধ লাগিলেক কৰ্ণৰ ভীমৰ॥ ৫২॥
শল্যে ৰথ ডাকে কৰ্ণে বোলে থাক থাক।
আগ ভেটি ভীমক দিলেক অস্ত্ৰ ঝাক॥

[ ১৩ ]

থমকিল ভীমেয়ো প্ৰচণ্ড শৰ পায়।
দুৰ্য্যোধন নৃপতি পলাইলা ছেগ চায়॥ ৫৩॥
দেখি ভীমে উপাৰি লৈলেক তৰুশাল।
যেন অন্তকালে কাম্পয় যমকাল॥
কৰ্ণে চমকিত ভৈলা দেখি ঘোৰ কৰ্ম্ম।
দুৰ্য্যোধন নৃপতি সুমৰে ধৰ্ম্ম ধৰ্ম্ম॥ ৫৪॥
মুনিসে পাইলেক বুলি হাসে শল্যৰায়।
কৰ্ণ বক্ষ কাপিল দুৰ্ব্বাৰ পৰ খাই॥
সেহি বেলা কৰ্ণে ভাৰ্গবৰ অস্ত্ৰ লৈলা।
ভীমৰ সেনাত পণি বিনাশিবে লৈলা॥ ৫৫॥
অস্ত্ৰ বলে হয় হস্তী পদাতি বিস্তৰ।
কম্পি কম্পি ভূমিত পৰিলা নিৰন্তৰ॥
মহাবীৰ কৰ্ণ যেন বিধূম অগনি।
একেস্বৰে পাণ্ডৱ দলক মাৰে চানি॥ ৫৬॥
যম পূৰে জীৱে যেন যন্ত্ৰণা ভুঞ্জন্ত।
আতাসতে কৰ্ণ ফাৰে শবদ শুনন্ত॥
পৰম দুৰ্জ্জয় সিটো ভাৰ্গৱৰ শৰ।
আছোক মনুষ্য সুৰাসুৰে কৰে ডৰ॥ ৫৭॥
কৰ্ণ শৰে পীড়িত নপাৱে দিশ পাশ।
ত্ৰাহি ধনঞ্জয় বুলি পাৰন্ত আটাস॥
বন দহে যেন গজ ৰাজৰ বিলাই।
তৈকে তৈকে বিমোহিত যৈকে যৈকে যাই॥ ৫৮॥

[ ১৪ ]

কৰ্ণৰ শৰত নিজ সৈন্যৰ আন্দোল।
ধনঞ্জয় শুনিলেক ধৰ মাৰ ৰোল॥
কৰিছে প্ৰকাশ বীৰে ভাৰ্গৱৰ শৰ।
সাক্ষাতে দেখিলা ধনঞ্জয় মহাবীৰ॥ ৫৯॥
কৰ্ণৰ শায়কে দশ দিশ জ্যোতিৰ্ম্ময়।
মাধৱক সম্বুধি মাতম্ভ ধনঞ্জয়॥
কৰ্ণৰ বীৰতু দেখা সখী গদাধৰ।
ত্ৰিভুবন জিনিবেক পাৰে একেশ্বৰ॥ ৬০॥
নতু দেখি এনুৱা বীৰতু এককালে।
টলে বসুমতী দেখা ইহাৰ আন্দোলে॥
বাৰম্বাৰ ঘোঁ‌ৰাজাক থঙ্গে মোক চাই।
দূৰতে দেখিয়া সেনা বিভঙ্গে পালাই॥ ৬১॥
অৰ্জ্জুনক সম্বুধি মাধব নিগদতি।
যুধিষ্ঠিৰ নৃপতিৰ নেজানো কিবা গতি॥
দেখা আজি নৃপতিৰ সৈন্য যত যত।
অচেতন পৰিয়াছে কৰ্ণৰ শৰত॥ ৬২॥
নৃপতিক নেদেখোঁহো সি দিশত ৰণে।
দম্ভ ছত্ৰ তাহান নেদেখোঁ‌ এক স্থানে॥
ঝাণ্টে যাত্ৰা লৈয়ো যুধিষ্ঠিৰ নৃপতিৰ।
পাছে কৰ্ণ সমে যুদ্ধ কৰা মহাবীৰ॥ ৬৩॥
চলিল ধনঞ্জয় কৃষ্ণৰ বচনে।
যুধিষ্ঠিৰ নৃপতিক দেখিবাক মনে॥

[ ১৫ ]

মাধৱে ডাকিলা চাৰি ঘোঁ‌ড়া অনগিল।
দেখি অশ্বত্থামা আসি পথ নিৰুধিল॥ ৬৪॥
ঘোৰ শৰ মাৰিতাক জিনিলা অৰ্জ্জুনে।
চলি গৈলা নৃপতি চাহিবাক মনে॥
সমৰ ভূমিত বিচাৰিলা ঠাই ঠাই।
দেখিলন্ত যুধিষ্ঠিৰ একো স্থানে নাই॥ ৬৫॥
কৰ্ণৰ সায়কে ভেদিলন্ত সেনাগণ।
জীয়ন্তে আছয় কেহো নকৰে চেতন॥
কাৰো মৰ্ম্ম স্থানে পৰিয়াছে ঘোৰ শৰ।
মৰন্তে শৰীৰ কম্পে কৰে ধৰফৰ॥ ৬৬॥
শৰ বিষে মৰণক জানি কতোজন।
কৃষ্ণ ৰাম মুকুন্দ সুমৰে ঘনে ঘন॥
তাসম্বাৰ বিপত্তি দেখিয়া বীৰবৰ।
কৃষ্ণ ধনঞ্জয় খেদ কৰিলা বিস্তৰ॥ ৬৭॥
ৰজাকো নেদেখি দুয়ো অসন্তোষ মনে।
বাত্ৰা পুছিবাক লাগি নাপাৰি সিস্থানে॥
কতো দূৰে দেখন্ত আছয় বৃকোদৰ।
কৌৰৱক সমৰ কৰম্ভ একেশ্বৰ॥ ৬৮॥
ৰথ ডাকি দুয়ে তান সমীপ চাপিলা।
নৃপতিৰ বাত্ৰা তান্তে সমস্ত পুচিলা॥
ভীমক সম্বুধি মাতে ধনঞ্জয় বীৰ।
কহিয়োক কৈত দাদা ৰাজা যুধিষ্ঠিৰ॥ ৬৯॥

[ ১৬ ]

বৃকোদৰ বদতি শুনিও বাপু কথা।
নৃপতিৰ ভৈলা আজি যিমত অৱস্থা॥
ধনুশৰ সাৰথি সকলে ভৈলা হত।
লাল কাল ভৈলা ৰজা কৰ্ণৰ শৰত॥ ৭০॥
বৰ ভাগ্যে গৈলা ৰজা গৃহক পলাই।
প্ৰাণে যদি জীয়ে দেখিবাহা সেহি ঠাই॥
নৃপতিৰ জীৱন মৰণ বাত্ৰা ছয়।
জানি আসি মোত কহিও ধনঞ্জয়॥ ৭১॥
ৰাজাৰ অৱস্থা শুনি ধনঞ্জয়বীৰ।
নাকান্দন্তে দুয়ো নয়ন ঝৰে নীৰ।।
ভীমক সম্বুধি পাছে বুলিলা বচন।
দেখা দাদা পুনৰুপি খেদি আসে কৰ্ণ॥ ৭২॥
সংসপ্তদল আসে পৰম আক্ৰোশে।
ঘোৰ যুদ্ধ মিলিব আজি অৱশ্যে॥
আমি যুদ্ধ কৰোঁ‌ তুমি ক্ষণেক জিৰুৱা।
গৃহে যায় আপনি ৰাজাৰ বাত্ৰা লৱা॥ ৭৩॥
খঙ্গে বৃকোদৰ বোলে ডৰ কৃষ্ণ বৰ।
সংসপ্ত দলক মোৰ নাহি কিছু ডৰ॥ ৭৪॥
কোন চাৰ কৰ্ণৰ বীৰতু দেখি ৰণে।
ৰণ এৰি জানিবা না যাইবো একো স্থানে॥ ৭৪॥
দেখা পলাই আসে যত ভয়াতুৰগণ।
ৰাখা ৰাখা বুলি মোত পশয় শৰণ॥

[ ১৭ ]

আকে জানি ধনঞ্জয় আপুনি চলিয়ো।
ঘৰে গৈয়া সত্বৰে ৰাজাৰ বাত্ৰা লৈয়ো॥ ৭৫॥
ভীমৰ বীৰত্ব বাণী শুনি ধনঞ্জয়।
প্ৰশংসিয়া কৃষ্ণে ডাকিলন্ত চাৰি হয়॥
চাৰি ঘোঁৰা উল্লসিল বায়ু সমসৰ।
বতাসতে পতকাত লাগিল আঝোৰ॥ ৭৬॥
লাঞ্জতুলি বানৰধ্বজৰ বৰ উকি।
কুৰু সেনা সকলত লাগিলা ভাবুকি॥
চঙ্ক লাগি চায় আছে কুৰু সেনাচয়।
গৃহত পশিলা পাছে কৃষ্ণ ধনঞ্জয়॥ ৭৭॥
নৃপতিক বেঢ়ি কান্দে যত কন্যাগণ।
শুনি তাতে ৰথৰ নামিলা দুয়োজন॥
গৃহত পশিয়া ৰাজাক দেখে দুয়োবীৰ।
স্বশৰীৰে শয্যা তিতি বহয় ৰুধিৰ॥ ৭৮॥
তথাপিতো ধৈৰ্য্য ধৰি আছে বৰ দুখে।
কৃষ্ণৰ নামক সঘনে স্মৰে মুখে॥
দেখি ধনঞ্জয় অতি আকুলিত ভাবে।
দুয়ো সখী ৰজাক নমিলা গায়ে গায়ে॥ ৭৯॥
দৈত্য শৰ ঘাৱে যেন ইন্দ্ৰ আছে পৰি।
যেন দুই অশ্বিনী কুমাৰে বোলে ধৰি॥
সেহিমতে বোলে কৃষ্ণ ধনঞ্জয়বীৰ।
অমৃতৰ হাতে কৃষ্ণে মাজিলা শৰীৰ॥ ৮০॥

[ ১৮ ]

সুস্থ হুয়া যুধিষ্ঠিৰে লভিলা চেতন।
আগত দেখিলা দুইৰো প্ৰসন্ন বদন॥
নব ঘনশ্যাম সম জ্বলে দুইৰো কায়।
অসংখ্যত শৰে বিন্ধি আছে ঠাই ঠাই॥ ৮১॥
দীৰ্ঘ দুইৰো হাত পাও ৰাতুল নয়ন।
জ্বলমল কৰে কৰ্ণ কুণ্ডলে শোভন॥
দুহন্তক দেখি ৰাজা আনন্দিত ভৈলা।
কৰ্ণক বধিয়া কৃষ্ণ অৰ্জ্জুন আসিলা॥ ৮২॥
দুহন্তৰ গায়ে আছে অসংখ্যত শৰ।
তেজে তোলবোল দেখো দুইৰো কলেবৰ॥
মোক কৰ্ণে দুখ দিলে দেখি সেহি স্থানে।
জানিলোঁ‌ কৰ্ণক আজি মাৰিলা অৰ্জ্জুনে॥ ৮৩॥
সি কাৰণে দুহা নৰ শৰীৰে শৰ চয়।
অৱশ্যে জানিলোঁ‌ কৰ্ণক বধিলা নিশ্চয়॥
তাক মাৰি হৰিস লভিলা বিপৰিত।
বাত্ৰা পুছিবাক লাগি আসিলা ত্বৰিত॥ ৮৪॥
হেন মনে গুণিয়া নৃপতি যুধিষ্ঠিৰ।
কৃষ্ণ অৰ্জ্জুনক মাতিলন্ত ধীৰে ধীৰ॥
বাপু ধনঞ্জয় তুমি কৰ্ণক বধিলা।
মৰণ সময়ে আসি আমাক দেখিলা॥ ৮৫॥
ইয়ে মনে ভাগ্যমানো তোমাৰ কুশল।
সমৰে পৰিল পাপী কৰ্ণ মহাবল॥

[ ১৯ ]

ধৃতৰাষ্ট্ৰ নৃপতিৰ পুত্ৰ যত যত।
মোৰ সৈন্য সকলক মাৰয় আগত॥ ৮৬॥
বলৱন্ত পাপী কৰ্ণ তাৰ যত শৰ।
সৰ্পৰ সদৃশ তাক দেখি লাগে ডৰ॥
পৰশুৰামৰ শৰ পাইয়া আছে যত।
কাহাকো নগনে পাপী তাহাৰ গৰ্ব্বত॥ ৮৭॥
কিমতে বধিলা তাক সম্মুখ সমৰে।
কহিয়ো অৰ্জ্জুন মোত শুনো নিৰন্তৰে॥
কৰ্ণ নামে মূৰ্চ্ছাগত মোৰ সৈন্য যায়।
সৈন্যৰ ক্ৰন্দন শুনি ময়ো গৈলো ধায়॥ ৮৮॥
মোক লাগ পাই তাৰ পৰম হৰিষ।
যুদ্ধে নপাৰিলোঁ‌ সিটো দুৰ্জ্জয় মুনিষ॥
ৰথ ধনু সাৰথিক কাটিলন্ত তাতে।
আগতে সাত্যকি চাই আছিলা সাক্ষাতে॥ ৮৯॥
প্ৰতি বিন্দু আদি যত পুত্ৰ দ্ৰৌপদীৰ।
ধৃষ্টদ্যুম্ন শিখণ্ডি সহিতে বীৰ বৰ॥
ৰক্ষা পৰিবাক যাওঁ‌ যাৰ যাৰ ঠাই।
কৰ্ণত সকলে হাৰে মোৰ কৰ্ম্ম পাই॥ ৯০॥
আনোবীৰ সকল নকুল সহদেৱ।
মোক ৰাখিবাক প্ৰতি নপাৰিলা কেৱ॥
সকলে হাৰিলা যদি গৰ্ব্ব গৈলা ভাগি।
তেবেসে লৱৰ দিলোঁ‌ বিদুৰক লাগি॥ ৯১॥

[ ২০ ]

দেখা বাপু আমাৰ শৰীৰে যত শৰ।
আৰো মোক পাপী গালি পাৰিলা বিস্তৰ॥
পাপীষ্ঠৰ ডৰে মই যৈক লাগি যাওঁ‌।
সেহি সেহি স্থানে কৰ্ণৰ ভেট পাওঁ‌॥ ৯২॥
নিদ্ৰাতো কৰ্ণক দেখো মোক আসে ধাই।
কৰ্ণৰেসে ৰাজ্য মই শুনোঁ‌ ঠাই ঠাই॥
স্বপোনে সচিতে দেখোঁ‌ কৰ্ণ পাপীষ্ঠক।
পাপী কৰ্ণে জানিলোঁ‌ ডাৰিলে শৰীৰক॥ ৯৩॥
ৰক্ষা পাওঁ‌ হেন নথাকিল একো স্থান।
পাছে সে ভীমৰ হাতে ৰক্ষা ভৈলা প্ৰাণ॥
সিটো দুৰাচাৰক বধিলা ঘোৰ ৰণে।
সেহি কথা বাপু মোত কহা ৰঙ্গ মনে॥ ৯৪॥
তোমাক বধিবে মনে সিটো দুৰাচাৰ।
কৌৰবৰ মাজে কৰি আছে অঙ্গীকাৰ॥
সিটো অঙ্গীকাৰ দেখোঁ‌ ধনঞ্জয় বীৰ।
কহিয়ো কিমতে তাৰ ছেদিলাহা শিৰ॥ ৯৫॥
দ্ৰৌপদীক পাপী কৰ্ণে বুলি আছে যত।
সিটো অপকাৰ তুমি সুমৰি মনত॥
অৱশ্যে জানিলোঁ‌ মোৰ পৰভৱ শুনি।
ক্ৰোধিত অগনি সম জ্বলিলা আপনি॥ ৯৬॥
সিবেলাত ঘোৰ কৰ্ম্ম কৰি ভয়ঙ্কৰ।
একেবাৰে সহস্ৰে সহস্ৰে দিব্য শৰ॥

[ ২১ ]

কৰ্ণক সম্মুখে শৰ হানিলা অপাৰ।
দেখি দুৰ্য্যোধনৰ মিলিলা হাহাকাৰ॥ ৯৭॥
বিদাৰিলা বক্ষঃস্থল হানি শৰগণ।
তোমাক দেখিয়া কি কৰিলা পাপী কৰ্ণ॥
সিবেলাত স্মৰি দ্ৰৌপদীৰ মুক্ত কেশ।
আমাক কৰিছে যেন মৃত কৰ বেশ॥ ৯৮॥
বন বাস দুখত নিকাৰ যত যত।
সিটো দুখ ক্ৰোধাগ্নি বাঢ়য় মনত॥
দূৰতে পলাই ভাগি কুৰু সেনাগণ।
তব দৰিশনে পাছে কি কৰিলা কৰ্ণ॥ ৯৯॥
যিবেলাত কৰ্ণক কাটিলা শৰ হানি।
দশোদশি কুৰু সেনা পলাইলেক চানি॥
দুৰ্য্যোধন নৃপতি কান্দিলা কেন মতে।
এহি কথা বাপু মোত কহিওঁ‌ সমস্তে॥ ১০০॥
সঞ্জয় বদতি কথা শুনা নৰেশ্বৰ।
কৰ্ণৰ ক্ৰোধত যুধিষ্ঠিৰ নৃপবৰ॥
আপোনাৰ বিপত্তি কহিলা যত মানে।
ধনঞ্জয় সকলে শুনিলা সাৱধানে॥ ১০১॥
পুছিলন্ত কৰ্ণক বধিলা মহাশয়।
পাছে সে ৰজাক মাতিলস্ত ধনঞ্জয়॥
অৰ্জ্জুন বদতি দাদা নৃপতি আদেশ।
জানা মোৰ বৈৰি সোমদত্তাদি অশেষ॥ ১০২॥

[ ২২ ]

সেহি সমে আমি যুদ্ধ কৰো অবিৰাম।
দিবসত এক ঘটি নাহিকে বিশ্ৰাম॥
মোক আন্টি তাসম্বাক স্ৰজিলন্ত বিধি।
কাট মাৰ কৰন্তে নাহিকে হৃদি সিদ্ধি॥ ১০৩॥
যিবেলাত কৰ্ণে হানিলন্ত অস্ত্ৰ চয়।
তাহাৰ নিৰ্ণয় কিছু নাজানোঁ‌ হোঁ‌মই॥
পাছে আমাত কহিলন্ত নাৰায়ণে।
যুধিষ্ঠিৰ ৰাজাক নেদেখোঁ‌ এক স্থানে॥ ১০৪॥
এহি কথা শুনি মোৰ অসন্তোষ বৰ।
তোমাক চাহিতে আইলো ছাৰিয়া সমৰ॥
যিবেলাত তোমাক দুখ দিল কৰ্ণ।
দেখিলে কি সিবেলা আমাৰ সহে প্ৰাণ॥ ১০৫॥
সিংহক ঝোঙ্কায়ে ৰণে তাৰ হেন সাস।
পাইলে কি সিবেলা তাক নকৰোঁ‌ বিনাশ॥
তোমাক ঝোঙ্কাইলা আজি গ্ৰাসিলেক কালে।
এবে পাপী আপোনাক ৰাখো ভালে ভালে॥ ১০৬॥
তোমাক দেখিলো দাদা জুৰাইলেক মন।
আবে আদেশিয়ো ৰাধেয়ৰ নিধন॥
যদি তাক ৰক্ষা কৰে দশদিগপাল।
তথাপিতো কৰ্ণক গ্ৰাসিলেক কাল॥ ১০৭॥
কৃষ্ণৰ আমাৰ গায়ে দেখা শৰ যত।
তোমাক দেখিবে মনে আসন্তে পক্ষত॥

[ ২৩ ]

দেখি আসি দ্ৰোণসুতে দিলা পৰভয়।
দেখা তাৰ শৰে ক'লা ভৈলন্ত মাধৱ॥ ১০৮॥
আমাৰ শৰীৰে শৰ দেখা যত মানে।
অশ্বত্থামা বীৰৰ যে পৰম সন্ধানে॥
সি বেলাত ৰণে পৰি তিনিশত ৰথ।
আমাৰ হাতত পৰি গৈলা যম পথ॥ ১০৯॥
দ্ৰৌনিক ভঙ্গাইলোঁ‌ দাদা অসংখ্যাত শৰে।
প্ৰাণ ৰাখি ব্ৰাহ্মণ পলাইলা একেশ্বৰে॥
প্ৰাণ ৰাখি পলাইলেক দ্ৰোণৰ কুমাৰ।
পাচে বাট ভেটিলেক কোৰৱ অপাৰ॥ ১১০॥
কৰ্ণৰ গৰ্ব্বত মোক নকৰয় ভয়।
তাসম্বাৰ পাঞ্চ শত নিলোঁ‌ যমালয়॥
আমাসাৰ দলত পশিলা আসি পাছে।
সোমক পাঞ্চল দল যেহি স্থানে আছে॥ ১১১॥
বাঘৰ গন্ধত গৰু ভয়ে যেন মতে।
মহাত্ৰাসে উঝৰি ফুৰন্ত লৱৰন্তে॥
কৰ্ণৰ ভয়ত পাঞ্চাল বৰ ত্ৰাস।
মোক দেখি ৰহিলেক পায়া মহাসাস॥ ১১২॥
তাসম্বাৰ মাঝে ৰথ ৰাখিলো প্ৰত্যেক।
বিশছয় শত মান কৰ্ণে মাৰিলেক॥
কৰ্ণ পাপিষ্ঠৰ আজি উচিত বিক্ৰম।
কিবা কৰ্ণৰূপে আসিয়াছে কাল যম॥ ১১৩॥

[ ২৪ ]

কৰ্ণে আমাথেৰ ৰথ মাৰিলেক মানে।
বিচাৰন্তে তোমাক দেখিলো থানে থানে॥
সামান্য সোনাৰ মই লেখা দিবো কত।
ৰথি ছয়হাজাৰ পৰিছে সমৰত॥ ১১৪॥
চাহিলোহো আমাসাৰ সৈন্যৰ ভিতৰ।
কৌৰৱক যুঝন্তে আচন্ত বৃকোদৰ॥
তোমাৰ সঙ্কত তান মুখত শুনিলো।
তেবেসে তোমাক চাহিবাক আসি ভৈলোঁ‌॥ ১১৫॥
যাৱত নামাৰোঁ‌ ৰণে কৰ্ণ দুৰাচাৰ।
তাৱদেক মন শান্ত নুহিকে আমাৰ॥
তোমাক ঝেঙ্কাইলা আবে গ্ৰাসিলেক কালে।
এবে পাপী আপোনাক ৰাখক ভাল ভালে॥ ১১৬॥
তোমাক দেখিলোঁ‌ দাদা সেবিলোঁ‌ চৰণ।
আবে আদেশিয়ো ৰাধেয়ক কৰোঁ‌ চন॥
সঞ্জয় বদতি কথা শুনা মহাশয়।
এহি বুলি মৌন ভৈলা বীৰ ধনঞ্জয়॥ ১১৭॥
সি থানে শুনিলে কৰ্ণে সেনাক মাৰয়।
মহাক্ৰোধে ওষ্ট কাম্পে নয়ন ঘূৰয়॥
অৰ্জ্জুনৰ বচন শুনিয়া যুধিষ্ঠিৰ।
সমৰ কৰন্তে আছে কৰ্ণ মহাবীৰ॥ ১১৮॥
তিৰস্কাৰ কৰিলন্ত অৰ্জ্জুনক চাই।
কৰ্ণক নবধি কিয় আইলা মোৰ ঠাই॥

[ ২৫ ]

নতু বোলে পূৰ্ব্বত যি সব বাক্যচয়।
সেহি বাক্যে ৰাজা অৰ্জ্জুনক গৰি হয়॥ ১১৯॥
যুধিষ্ঠিৰে বোলে সবে মই জানোঁ‌ মানে।
পাৰণ্ডে কৰ্ণক তই নবধিলি ৰণে॥
নকহিবি মোৰ আগে তোৰ মুনিষাই।
ইটো কথা দম্ফৰ যে দ্ৰৌপদীৰ ঠাই॥ ১২০॥
কৰ্ণৰ বীৰত্ব দেখি ভৈলি মহাভয়।
আপনাৰ লাজ মৰ্য্যদাক এৰি থয়॥
সিটো পাপীষ্ঠক আণ্টিবাক নপাৰিলি।
জীয়ন্ত মনুষ্য কোনে সহে তাৰ গালি॥ ১২১॥
ঘোৰ সমৰত আছন্ত এতক্ষণ।
তই কৈবে আইলি কৰ্ণে মাৰে সেনাগণ॥
তাক আন্টিবাক পাৰি ক্ষমিবাক লাগে।
ইটো কথা কহন্তে আমাৰ লাজ লাগে॥ ১২৪॥
মহাবলী কৰ্ণৰ প্ৰচণ্ড মুনিষাই।
দেখো তোৰ বলে তাক যুঝন নযায়॥
নপাৰিয়া যুদ্ধক হাৰিলি সমদলে।
তেবেসে পলাইলি মোক চাহিবাৰ ছলে॥ ১২৩॥
ইসে মোৰ বৰ দুখ সহন নে যায়।
কুম্ভীৰ গৰ্ভত কেনে তোৰ হৈল ঠাই॥
মহা শাস্তি গুণৱতী যিটো মাতৃ মোৰ।
তাৰ গৰ্ভে উপজিলি ধনঞ্জয় চোৰ॥ ১২৪॥

[ ২৬ ]

ক্ষত্ৰিয়ৰ চোৰ যিটো নুযুজিয়া ত্যাগে।
ইটো কথা শুনন্তে মোহোৰ লাজ লাগে॥
পাণ্ডু হেন পিতৃৰ নুমালি তই নাম।
বীৰগণে হাসিবেক শুনি তোৰ কাম॥ ১২৫॥
আৰু মোৰ মনোদুখ অপমান বৰ।
সমৰত একলে ৰহিলা বৃকোদৰ॥
কৰ্ণক নপাৰি তই ভীমক এৰিলি।
সোদৰ ভাতৃত পাপী নিদাৰুণ ভৈলি॥ ১২৬॥
কালৰ কাহিনি তোক হাসিবে সমস্তয়।
কৰ্ণৰ ভয়ত পলাইলেকে ধনঞ্জয়॥
মোৰ লাজ লাগে আজি ভৈলে পৰিচ্ছেদ।
মিত্ৰগণে অৱশ্যে কৰিবে হৃদি খেদ॥ ১২৭॥
শুনা অৰে ধনঞ্জয় বচন আমাৰ।
বল দৰ্পে যিবা বাক্য কৰি অঙ্গীকাৰ॥
আমাক বোলাহা দাদা নকৰিবা ভয়।
একলে কৰ্ণক মই নিবো যমালয়॥ ১২৮॥
আবে কেনে নৰাখিলি অঙ্গীকাৰ ব্ৰত।
ভীমক এৰিয়া তই পলালি ৰণত॥
কৰ্ণক আণ্টিবে নপাৰিলি যুদ্ধ কালে।
তেবে কিয় পূৰ্ব্বত ভৰসা মোক দিলে॥ ১২৯॥
ব্ৰত ধৰি তহিতে ভৈলোঁ‌হোঁ মোক্ষ ভাগী।
তেবে কিয় ঐক আসোঁ‌ মৰিবাক লাগি॥

[ ২৭ ]

সমৰ এৰিয়া দেখিবাক আসা মোৰ।
ৰঙ্গ চাস কিনো দ্ৰোহ কৰিলোঁ‌হোঁ‌ তোৰ॥ ১৩০॥
শিশুকালে তোহোৰ আমাত বৰ ললি।
অন্নে আচ্ছাদনে কোলে বুকে আছোঁ‌ তুলি॥
তাৰ ফল আশা দিয়া কৰিলি নৈৰাশ।
শত্ৰুৰ হাতত মোক মাৰিবাক চাস॥ ১৩১॥
ফল আসে বৃক্ষে ৰুই কৰে কৌতুহল।
ফলিবাৰ কলিৰ ভৈলে নধৰয় ফল॥
অৰ্জ্জুনক বঢ়াইলো বৰ অনুৰাগে।
সিয়ো সেই মত ভৈলা মোৰ কৰ্ম্ম ভাগে॥ ১৩২॥
সঞ্চয় বৰসি সিটো জল কৰি আশ।
মৎস্য দেখি কৈবৰ্ত্তৰ বৰ হাবি লাস॥
পূৰাতন জল এৰি বৰসি পেলাইলা।
আচম্বিতে মৎস্য আসি বৰসি গিলিলা॥ ১৩৩॥
কৈবৰ্ত্তৰ আনন্দ বৰসি তানে ধৰি।
বৰসি ছিণ্ডয়া মৎস্য পলাইলা লৱৰি॥
মৎস্য হেৰুৱাই কৈবৰ্ত্তৰ মন কষ্ট।
অৰ্জ্জুনত আশে যেন মই ভৈলোঁ‌ নষ্ট॥ ১৩৪॥
দুখ সহি আছোঁ‌ মই তোত কৰি আশ।
ঘোৰ আতি দুখ সম্বৎসৰ বনবাস॥
মনে বোলে অৱশ্যে দুখৰ হৈব ক্ষয়।
সমৰত উদ্ধাৰিব বীৰ ধনঞ্জয়॥ ১৩৫॥

[ ২৮ ]

সিটো আশা কৰিয়া আছিলো যত যত।
সেই দোষে অৰ্জ্জুন পৰিবি নৰকত॥
শুনা আৰু কথা অল্প বীৰ ধনঞ্জয়।
শত শৃঙ্গ পৰ্ব্বতত উপজিলি তই॥ ১৩৬॥
সিবেলা আকাশি বাণী ভৈলা দেৱতাৰ।
শুনা পাণ্ডু যিটো পুত্ৰ জন্মিল তোমাৰ॥
ইন্দ্ৰ সম পৰাক্ৰমী হৈবে ধনুৰ্দ্ধৰ।
সংহৰিব বৈৰিক এহন্তে একেশ্বৰ॥ ১৩৭॥
যাহাৰ ভক্তিত কৃষ্ণ নকৰিব ভিন্ন।
জগতৰ নাথ হৈব তাহান অধীন।
মুনিগণে গায়ে যাৰ নিৰ্ম্মল যশক।
যুদ্ধত সাৰথি হৈব জগত নায়ক॥ ১৩৮॥
হেলা নকৰিবা কুন্তী মধ্যম তনয়।
কুৰুকুল বৈৰিক পেশিব যমালয়॥
সিটো কথা সাফল নভৈলা কিঞ্চিতেক।
দেৱলোকে মিচা মাতে জানিলোঁ‌ প্ৰত্যক্ষ॥ ১৩৯॥
আকাশি বচন শুনি ব্ৰাহ্মণ সকল।
তোহোকেসে আশা কৰি আছে অবিকল॥
সেহি ধৰি পূজা কৰে যত ক্ষত্ৰীগণ।
কেৱলে নমানে তোক ৰাজা দুৰ্য্যোধন॥১৪০॥
সেহি জানে তোৰ মূল কথা যত যত।
পৰম আতুৰ তই কৰ্ণৰ ডৰত॥

[ ২৯ ]

বিশ্বকৰ্ম্মে শিখিলেক তোৰ ৰথ বৰ।
অষ্টবৰ্ণ চাৰি ঘোঁৰা পৰম প্ৰখৰ॥ ১৪১॥
ত্ৰিভুবন সাৰ কপিধ্বজ ৰথ আগে।
যুদ্ধ এৰি যাষ আটাশতে সৈন্য ভাগে॥
খৰ্গ ঘাৱে হোৱে যাৰ পৰ্ব্বত দোহাৰ।
তূণত গাণ্ডিব ধনু ত্ৰিভুবনে সাৰ॥ ১৪২॥
ত্ৰিভুবন নাথ হৰি আছে যাৰ ঘৰে।
তথাপিতো পাপী তই কিসক পলাৰে॥
কৰ্ণৰ ভয়ত হসুয়ালি সৰ্ব্বলোক।
ধিক্ ধিক্ ধনু তোৰ গাণ্ডিৱ থাকোক॥ ১৪৩॥
ইদানিক বোলো অল্প বীৰ্য্য ধনঞ্জয়।
পূৰ্ব্বে হেন ভয়াতুৰ নাজানিলো মই॥
সিকাৰণে মুখ্য কৰি দিলোঁ‌ যুজিবাক।
এতো প্ৰতি প্ৰতি বোলো শুনা মোৰ বাক॥ ১৪৪॥
ত্ৰিভুবনে জানয় গাণ্ডিৱ ধনুখান।
কদাচিতো শোভা নকৰয় তোৰ থান॥
বীৰৰেসে ধনু ইটো পৰম শোভন।
কি কৰিৰি তাক তই নপুংসক জন॥ ১৪৫॥
এতেকে কৃষ্ণক দিয়ো ধনু শ্ৰেষ্ঠতৰ।
আজি ধৰি সমৰ কৰক গদাধৰ॥
মোৰ অৰ্থে প্ৰভু নিজ সত্য কৰি চল।
সমৰত কৰ্ণক বধিৰ নাৰায়ণ॥ ১৪৬॥

[ ৩০ ]

পাৰ যদি সাৰথি হুয়োক ৰথৰ।
মুহিবা ভীমক দিয়ে। ধনু শ্ৰেষ্ঠতৰ॥
সেহি ধনু ভীমে যদি পাৱে সমৰত।
কোন ক্ষুদ্ৰ কৰ্ণ তাৰ আগে তৃণৱৎ॥ ১৪৭॥
নুহিবা আনক দিয়ো যিবা গুণ জানে।
সকলে সমৰ্থ তই নপুংসক বিনে॥
ৰাজাৰ বাক্যত অৰ্জ্জুন ভৈলা লাজি।
মৰ্ম্মস্থান বিদাৰিলা বাক্য-বজ্ৰ আজি॥ ১৪৮॥
বিনা দোষে তিৰস্কাৰ কৰিলা নৃপতি।
জ্যেষ্ঠক গৌৰবে বীৰ থাকিলে নমাতি।
যিবেলা আনক দিবে বুলিলা গাণ্ডীৱ।
তেবে ক্ৰোধিলেক যেন ৰুদ্ৰৰূপে শিৱ॥ ১৪৯॥
ক্ৰোধী কৰি ক্ষত্ৰিয়ক সৃজিলন্ত বিধি।
তিৰস্কাৰ শুনি তাৰ নসহিল। হৃদি॥
বুলিবাক লাগিলা ক্ৰোধিত বীৰবৰ।
পূৰ্ণিমা দিবসে যেন বাঢ়য় সাগৰ॥ ১৫০॥
মনে গুনি অৰ্জ্জূনেয়ো কৰিলন্ত থিৰ।
খৰ্গ হানি কাটো এহি নৃপতিৰ শিৰ॥
এহি বুলি উঠিলন্ত অন্তক সমান।
ডাবৰ খসায়া শাণিত খৰ্গ খান॥ ১৫১॥
কাটিবাক ৰাজাক চলিলা মহাবেগে।
যেন হৰিণক ধাইলা ক্ষুধাতুৰ বাধে॥

[ ৩১ ]

দেখি ধৈম ঋষি আদি খেদ কৰে বৰ।
দ্ৰৌপদী সুমৰে কৃষ্ণ বিষ্ণু গদাধৰ॥ ১৫২॥
অনন্ত অচ্যুত ভকতৰ ভয় হাৰী।
এহি বুলি কম্পয় দ্ৰৌপদী বৰনাৰী॥
অৰ্জ্জুনৰ ক্ৰোধ দেখি ভয়াতুৰগণ।
নৃপতিক লাগি খেদ কৰে সৰ্ব্বজন॥ ১৫৩॥
হাত ফোট কয় সবাৰ দুখমন।
সঘনে চায়ে অন্যে অন্যৰ বদন॥
কেহো বোলে যুধিষ্ঠিৰ অবিচাৰী বৰ।
অনা দোষে গালি আঙ্ক পাৰিলা বিস্তৰ॥ ১৫৪॥
সিবেলাত অৰ্জ্জুনৰ ক্ৰোধ দেখি আতি।
মহা ভয়ে ঋষি সব থাকিলা নমাতি॥
চঙ্ক লাগি সমস্তে সমাজে আছে চাই।
মাধৱে দেখন্ত যুধিষ্ঠিৰ কাটা যায়॥ ১৫৫॥
ভকতৰ বিপত্তি খণ্ডাইবাক মনে।
লৱৰিয়া খৰ্গত ধৰিলে নাৰায়ণে॥
দেখা কেনে সাধুৰ অধীন বনমালী।
সামান্য মনুষ্য যেন থাকে অজ্ঞাপালি॥ ১৫৬॥
ভকতক বিপদে কৰিলে পৰিত্ৰাণ।
যুধিষ্ঠিৰ নৃপতিত লৈয়োক প্ৰমাণ॥
অজিজ্ঞাসি নৃপতিৰ দেখা কেনে কষ্ট।
অৰ্জ্জুনে কাটিবে গৈলা শ্ৰদ্ধা কৰি নষ্ট॥ ২৫৭॥

[ ৩২ ]

ক্ৰোধ নামে চাণ্ডালত ভৈলা এত খানি।
মহাজনে ক্ৰোধ নকৰয় আক জানি॥
ক্ৰোধ ভৈলে অৱশ্যে দুৰ্গতি তাক ভেটে।
দেখা যুধিষ্ঠিৰক অৰ্জ্জুনে কেন কাটে॥ ১৫৮॥
ভক্তি ভাৱে কৃষ্ণু কাসতে যাতো বশ্য।
তাহান দুৰ্গতি হৰি খণ্ডালা অৱশ্য॥
নৃপতিক ধনঞ্জয় কাটিবে খোজন্তে।
থাপ দিয়া খৰ্গত ধৰিলা ভগৱন্তে॥ ১৫৯॥
পৰাহত ধনঞ্জয় ক্ৰোধ গুৰুতৰ।
তেবে অৰ্জ্জুনক মাতিলন্ত দামোদৰ॥
মাধৱ বদতি শুনা ধনঞ্জয় সখি।
খৰ্গ ধৰি আছা তুমি কাক আগে দেখি॥ ১৬০॥
সি থানত থাকিলে কৰ্ণ দুৰ্য্যোধন।
অৱশ্যে জানিবা ভীম সমে কৰ ৰণ॥
গৃহত খৰগ লৈয়া বাতুলৰ থান।
কাক যুদ্ধ কৰিবা নেদেখোঁ‌ মই আন॥ ১৬১॥
যাক দেখি চাহা অগ্ৰে দুৰ্য্যোধন নুই।
শৰ বিষে ৰাজা যুধিষ্ঠিৰ আছে শুই॥
ৰাজা দেখিবন্ত হুয়ো এঠাইৰ অন্তৰ।
নৃপতিক নমানস কিনো অথন্তৰ॥ ১৬২॥
অজামিঢ় কুলে এণ্ডে মহন্ত উত্তম।
মহা গুণৱন্ত ৰাজা নাহি যাক সম॥

[ ৩৩ ]

বিশেষত তোমাৰ আমাৰ নিজ স্বামী।
ইহান চৰণে সেৱা কৰোঁ‌ তুমি আমি॥ ১৬৩॥
সোদৰক লাগি তুমি হেন নিদাৰুণ।
কাক খৰ্গ ধৰিয়াছা কহিও অৰ্জ্জুন॥
কৃষ্ণৰ বচন শুনি ধনঞ্জয় বীৰ।
ক্ৰোধে হাত ভৰি কাম্পে বাক্য নহে থিৰ॥ ১৬৪॥
খঙ্গে যুধিষ্ঠিৰক চাহয় ঘনে ঘন।
পাছে সে কৃষ্ণক বাক্য বুলিলা অৰ্জ্জুন॥
অৰ্জ্জুন বদতি প্ৰভু তুমি হিত মোৰ।
ভাল মন্দ দোষাদোষ দেখিয়াছা মোৰ॥ ১৬৫॥
যেন যুদ্ধ কৰোঁ‌ মই আপুনি প্ৰমাণ।
শৰীৰে ন সহে মোৰ শৰৰ সন্ধান॥
সংসপ্ত দলক যুঝন্তে ঠাই ঠাই।
আপুনি দেখিছা হৰি আমাৰ বিলাই॥ ১৬৬॥
ইসে মোৰ মন দুখ অভাগ্য কপাল।
এত মান দুখত নভৈলা মোৰ ভাল॥
একৈক বীৰৰ ছোট কাম্পে মোৰ তনু।
কতো মূৰ্চ্ছা যাওঁ‌ কতো খসি পৰে ধনু॥ ১৬৭॥
যুধিষ্ঠিৰ ৰাজাক কৰন্তে মই হিত।
ই সব দুখক তভো নকৰোঁ‌ ইঙ্গিতে॥
তাৰ ফল পাইলোঁ‌ আসি অদৃষ্টে মোৰ।
কোন দোষে এতমান অপৰাধ ঘোৰ॥ ১৬৮॥

[ ৩৪ ]

তথাপি সহিলোঁ‌ মই ধিক্কাৰ যত যত।
ন সহে জীৱন মোৰ ধনু ধিক্কাৰত॥
আপুনি বুলিছা অঙ্গীকাৰ বাক্যচয়।
পূৰ্ব্বে হেন অঙ্গীকাৰ কৰিয়ছোঁ‌ মই॥ ১৬৯॥
ত্ৰিভুবন বিজয় গাণ্ডীব ধনু মোৰ।
আনক দিবাক বোলে,যি কৰে ধিক্কাৰ॥
খৰ্গ হানি তাহাক পেশিব যমালয়।
এহি বুলি অঙ্গীকাৰ কৰি আছোঁ‌ মই॥ ১৭০॥
যুধিষ্ঠিৰে কিনো অপৰাধ পাইলে ঘোৰ।
আনক গাণ্ডীব ধনু দিবে খোজে মোৰ॥
আকে জানি ৰাখি পূৰ্ব অঙ্গীকাৰ চয়।
যুধিষ্ঠিৰ নৃপতিক কাটিবোহো মই॥ ১৭১॥
শুনিওক সৰ্ব্বজন কৰ্ণ পৰ্ব্ব পদ।
দেখা মহন্তৰ ঘাটি ক্ৰোধৰ বেগত॥
কৃষ্ণসে সকল সঞ্চা, আন কাম।
ৰাম সৰস্বতী ভণে বোলা ৰাম ৰাম॥ ১৭২॥

ছবি।

অৰ্জ্জুনৰ বাণী শুনি,   মাধৱে মাতন্ত গুণি
  সখী তুমি ভৈলা যেন বাউল।

[ ৩৫ ]

বুদ্ধ সেবা নতু কৰোঁ, পঢ়ি শুনি আউল ভৈলা।
 সূতা এৰি কপাশতে আউল॥ ১৭৩॥
ধিক শত অযু কৰ্ম্ম,  বন্ধু বান্ধৱৰ মৰ্ম্ম
 গুৰু দ্ৰোণে ইহাক পঢ়াইলা।
অজিজ্ঞাসি কৰা কৰ্ম্ম মূৰ্খ সকলৰ ধৰ্ম্ম
 গুৰু দ্ৰোণে ইহক শিকাইলা॥ ১৭৪॥
প্ৰাণী হিংসা ধৰ্ম্ম চয়, শাস্ত্ৰে তাক নকহয়
 অহিংসায় আমাৰ সন্মত।
মহা গুৰু জ্যেষ্ঠ ভাই, তাহাঙ্ক কাটিবে যায়
 নজানিলোঁ তোমাক মহন্ত॥ ১৭৫॥
সূক্ষ গতি ধৰ্ম্মচয় মহাজনে মোহ হয়
 নিতান্ত সতত দোষ আছে।
অধৰ্ম্মত ধৰ্ম্মগণ সিদ্ধ হোয়ো সৰ্বক্ষণ
 সিটো কথা শুনা মোৰ কাছে॥ ১৭৬॥



দোলৰী।

বিবাহ কালত ঋতু সময়ত
 প্ৰাণৰ সঙ্কত জানি।
ব্ৰাহ্মণ বৃক্ষাত, ধন আগ্ৰহ
 মিছাতে নাহিকে হানি॥ ১৭৭॥

[ ৩৬ ]

শুনিয়োক কথা বালক ব্যাধৰ
 প্ৰানি হিংসা ধৰ্ম্ম ধৰি।
তাত হস্তে এক ধৰ্ম্ম সিদ্ধ ভৈলা
 স্বৰ্গক গৈলন্ত লৰি॥ ১৭৮॥
কৌশিক ব্ৰাহ্মণ সত্যক ৰক্ষন্তে
 পাপ গুচতৰ ভৈলা।
সেহি পাতকত, কৌশিক ব্ৰাহ্মণ
 নৰকক লাগি গৈলা॥ ১৭৯॥
সিতো ধৰ্ম্মচয় ভীমে শিখায়য়
 বিদুৰে শিখায়ে যাক।
কুন্তী পেসী মায়ে, যিটো শিক্ষা দেয়
 আমিয়ো শিখাইবো তাক॥ ১৮০॥
অৰ্জ্জুন বদতি শুনা প্ৰাণ সখী
 তুমিসে আমাৰ গতি।
তুমি পিতা মাতা, বান্ধৱ বিধাতা
 দেখায়ো মোক সম্প্ৰতি॥ ১৮১॥
মাধৱ বদতি, শুনা প্ৰাণ সখী
 বালক ব্যধৰ কথা।
মৃগয়া কৰন্তে, বনত ভ্ৰমন্তে
 সন্ধিলক দেখি তথা॥ ১৮২॥
প্ৰাণীৰ ৰুধিৰে তৃষ্ণায়ে পীড়িত
 কৰিলেক জল পান।

[ ৩৭ ]

সেহি সময়ত বালক ব্যাধৰ
 মাৰিলা এ গোটা বন॥ ১৮৩॥
ঘোৰ শৰ পৰি সান্ধিল মৰিল
 পূণ্য ভৈলা উপাৰ্জ্জন॥
দিব্য বিমানত আৰোহী ব্যধয়ে
 গৈলেক স্বৰ্গ ভুবন॥ ১৮৪॥

ছবি।

শ্ৰীধৰ্ম্ম নাৰায়ণ জয় যুত হোয়ন্তোক
 পিতা পুতে হোক চিৰজীৱ।
পৰম উদাৰ জানি মোৰ আশীৰ্ব্বাদ বাণী
 সদা বৰ দেন্ত সদাশিৱ॥ ১৮৫॥
আপোনাৰ তেজ বলে যৱনক উচ্ছেদিলে
 স্বদেশে যে ধৰ্ম্মক ৰাখিলা।
ধৰ্ম্মৱন্ত জানি সবে, স্বৰ্গ মহা ৰাজ বলে
 ধৰ্ম্ম নাৰায়ণ নাম থৈলা॥ ১৮৬॥
যাৰ ৰূপ দেখি মনে প্ৰশংসে বিদেশীগণে
 সকলো প্ৰাণীৰ ৰঞ্জে চিত্ত।
মহাবলী সুকুমাৰ ৰূপ গুণ দেখি যাৰ
 ধন্য ধন্য নৃপ সুবলিত॥ ১৮৭॥

[ ৩৮ ]

মোৰ আশীৰ্ব্বাদ বৰে যাবচ্চন্দ্ৰ দিবাকৰে
 এক ছত্ৰে হুয়োক নৃপতি।
পাত্ৰ পুত্ৰ সমস্তয় একত্ৰে মিলিয়া তায়
 মহাসুখে ভুঞ্জিলা ভূপতি॥ ১৮৮॥
নমো নমো নাৰায়ণ ভৱ বন্ধ বিনাশন
 অৰুণ চৰণে মোৰ গতি।
ভক্তি ধনে কিনিয়োক সংসাৰক তাৰিয়েক
 বোলে দীন ৰাম সৰস্বতী॥ ১৮৯॥

পদ।

মাধৱ বদতি সখি কহিলো তোমাক।
যিমতে স্বৰ্গক চলি গৈলস্ত বালক॥
কৌশিকৰ কথা আবে শুনিয়ে শ্ৰৱণে।
নদীগণ সঙ্গম হইছে যেহি স্থানে॥ ১৯০॥
সেহি স্থানে ৰহিলা কৌশিক মুনিবৰ।
ঘোৰ তপ আচৰিলা দেৱৰ বৎসৰ॥
সত্য বিনা যাৰ অসত্যত নাহি ৰতি।
জগত ঢাকিল। যাৰ সত্যবাদী কৃতি॥ ১৯১॥
এহি মতে কৌশিকৰ কত কাল গৈলা।
তাত পাচে প্ৰৱল দুৰ্জ্জনগণ ভৈলা॥

[ ৩৯ ]

দস্যুগণে সিদেশক লুৰি পুৰি খাইলা।
মহা ভয়ে নৰ নাৰী দূৰক পলাইলা॥ ১৯২॥
সেহি পথে পলাইল। কৌশিক আছে যৈত।
সবে প্ৰজাগণ ভয়ে পলালেক তৈত॥
কৌশিকক দেখি তাঙ্ক ন ডৰিলা মনে।
কাতো নকহিব এন্তে ধৰ্ম্মৱন্ত জনে॥ ১৯৩॥
কৌশিকে দেখিয়া তাক কিছু নুবুলিল।
সেহি পথে গৈয়া পাছে প্ৰমাদ মিলিল।
দুয়ো কাসে দুয়ো নদী সম্মুখে সাগৰ।
সেহি স্থানে ৰৈল সবে চিস্তিয়া ঈশ্বৰ॥ ১৯৪॥
দস্যগণে আসি বোলে বিধি সুপ্ৰসন্ন।
সমীপত দেখে হেৰা কৌশিক ব্ৰাহ্মণ॥
সতা বিনা যাৰ অসত্যত বৰ শোক।
আসা এন্তে পোছোঁ কোন পথে গৈলা লোক॥ ১৯৫॥
এহি বুলি ব্ৰাহ্মণৰ পাশে চলি গৈলা।
সবে কথা কৌশিকত পুছিবাক লৈলা॥
দস্যগণে বোলে প্ৰভু কহিওঁ আমাত।
কোন পথে গৈলা ইটো লোক অসংখ্যাত॥ ১৯৬॥
সত্যবাদী ঋষি তুমি পুণ্যৱন্ত জন।
অসত্য বুলিবা তুমি কিসৰ কাৰণ॥
কৌশিকে বোলয় ৰাম কৃষ্ণ বিষ্ণু হৰি।
সত্য এৰি অসত্য বুলিবো কেন কৰি॥ ১৯৭॥

[ ৪০ ]

সত্যক বোলন্তে সব প্ৰজা হোৱে নষ্ট।
হৰি হৰি বিধি ইসে ভৈলা মন কষ্ট॥
এহিমতে গুণি ঋষি অনেক চিন্তিল।
ধৰ্ম্মৰ সে সূক্ষ্ম গতি তাকো নিচিনিল॥ ১৯৮॥
অঙ্গীকাৰ ৰক্ষা কৰি তুমি যেনমতে।
জ্যেষ্ঠক কাটিবে চাহা খৰ্গ ধৰি হাতে॥
সেহি মতে কৌশিকে ধৰ্ম্মক নজানিলা।
প্ৰজা সকলৰ কথা বস্তুত কহিলা॥ ১৯৯॥
প্ৰজা পশিলন্ত এহি বনৰ ভিতৰে।
কহিলা সকল কথা অসত্যক ডৰে॥
কৌশিকে কৰন্ত পাপ সত্যক ৰক্ষন্তে।
প্ৰজাগণ মৰাইলন্ত দুৰ্জ্জনৰ হাতে॥ ২০০॥
এতেকে গুনিলা সখি আমাৰ সন্মত।
যিটো সত্য ৰাখন্তে মনুষ্য হোৱে হত॥
সেহি পাপ হোৱে তাৰ নৰকত খান।
কৌশিক বিপ্ৰত লৈয়ো ইহাৰ প্ৰমাণ॥ ২৭১॥
সিবেলাত মিচা মাতিলেয়ো ধৰ্ম্ম হয়।
যিটো মিচাহন্তে প্ৰাণী হত্যা বাধা পায়॥
অৰ্জ্জুন বদতি সখি কহিলা ৰহস্য।
যাতো তুমি একান্ত ভক্তৰ হোৱা বশ্য॥ ২০২॥
সেৱকৰ যোগ্য নহো ওহে কৃষ্ণ স্বামী।
কিন্তু প্ৰভু তোমাৰ দাসৰো দাস আমি॥

[ ৪১ ]

ব্যাসৰ মুখত মই শুনি আছোঁ‌ সাৰ।
তুমি প্রভু নিত্য নিৰঞ্জন অৱতাৰ ॥ ২০৩ ॥
এতেকে তােমাত কিছু অবিদিত নাই।
সি কাৰণে বােলো মােত কহিও বুঝাই ॥
কি প্ৰকাৰে নহে মােৰ অঙ্গীকাৰ নষ্ট।
ইহলােকে দুর্যশ পৰলােকে ভ্রষ্ট ॥ ২০৪ ॥
কিমতে ৰহয় যুধিষ্ঠিৰ নৃপবৰ ।
তাতহন্তে হাহাকাৰ সমস্ত লােকৰ ॥
আপুনি কহিছা সখি ইহাঙ্ক কাটিলে।
গুৰু হত্যা দুৰ্ঘোৰ পাতেক আসি মিলে ॥ ২০৫ ॥
ন কাটিলে ইহাঙ্ক নষ্ট অঙ্গীকাৰ ব্ৰত।
ক্ষত্রি কুলে জন্মি হয়ো ভ্রষ্ট কুল কৃত ॥
আক জানি সখি মেত কহিয়ো যুগুতি।
জন্মে জন্মে মাধৱ তুমি সে মােৰ গতি ॥ ২০৬ ॥
আৰু এক গােচৰ শুনিওঁ‌ নাৰায়ণ।
অস্থি মৰ্ম্ম দাই শুনি ৰাজাৰ বচন ॥
মাধৱ বদতি শুনা ধনঞ্জয় সখি ।
নৃপতিক ন খঙ্গিবা আগ পাচ দেখি ॥ ২০৭ ॥
যুদ্ধ এৰি ভাগৰিলা ঘােৰ সমৰত ।
শৰবিষে ৰাজাৰ গায়ত নাহি তত্ত্ব॥
কর্ণ শৰে আঙ্ক কৰিয়াছে ম্রিয়মাণ।
স্মৃতিহত ৰজাৰ নাহিকে কিছু জ্ঞান ॥ ২০৮ ॥

[ ৪২ ]

সি কাৰণে তােমাক অন্যায়ে ধৰ্ম্মসুত।
অজিজ্ঞাসি তিৰস্কাৰ কৰিলা বহুত ॥
শৰখাৱে তেজ বহে মুমূৰ্ষু অৱস্থা ।
মােৰ গায় কম্পে তান কি কহিবাে কথা ॥ ২০৯ ॥
তথাপিতো মাতি ৰাজা তোমাত পুছিলা।
বাপু ধনঞ্জয় ভূমি কর্ণক বধিলা ॥
কর্ণ যদি আছে তুমি কহিলাহা সাৰ ।
তেবে ৰাজা তােমাক কৰিলা তিৰস্কাৰ ॥ ২১০ ॥
মােক যদি তিৰস্কাৰ কৰিলাহা হন্তে।
ময়ো সহিবাক পাৰোঁ‌ ৰজাক দেখান্তে ॥
সি কাৰণে বােলে সখি নুহিবা দাৰুণ।
ৰজাক ৰাখিলে যশ পাইবে দশগুণ ॥ ২১১ ॥
অঙ্গীকাৰ ৰাখিবাৰ শুনিও উপায় ।
শাণিত খৰগ খান থৈয়োক পেলায় ॥
নকাটন্তে কাটি বাৰ শাস্তি কৰিয়োক।
তযু বন্ধু পৰম গৌৰৱ গুৰু লোক ॥ ২১২ ॥
কাটিবাৰ শান্তি সখি আছে নানামত।
ময়ো তযু খানে কহোঁ‌ ইহাৰ সন্মত ॥
কনিষ্ঠত হন্তে জ্যেষ্ঠ জন মান্যৱন্ত।
যাৱে মান্য পায়ে তাৰ জানিবা জীৱন্তু ॥ ২১৩ ॥
অপমান পাৱে যদি জীৱন্ততে মৰা।
আকে জানি নৃপতিক তিৰস্কাৰ কৰাঁ‌ ॥

[ ৪৩ ]

আমি ভাল মতে জানো তােমাৰ মহত্ত্ব।
যুধিষ্ঠিৰ ৰাজাক সুশ্ৰূষা যত যত ॥ ১১৪ ॥
আসনে ভােজনে সখি প্রিয় আলাপনে।
তুমি নতু বোলা আপােনি বাক্য বিনে ॥
আজি যদি তই বুলি তিৰস্কাৰ কৰা।
তেবে যুধিষ্ঠিৰ ৰজা জীৱন্ততে মৰা ॥ ২১৫ ॥
স্নেহ এৰি বন্ধু জনে গৰিহা কৰিলে।
স্বৰ্গৰ ঘাৱত কৰি অতি দুখ মিলে ॥
মহা শান্ত সুখী ৰাজা সৰ্ব্ব সুলক্ষণ।
শুনিবাৰ যোগ্য মোহে অযােগ্য বচন ॥ ২১৬ ॥
তুমিয়ো পৰম প্রিয় আদৰৰ ভাই।
কন্দল সম্বন্ধে স্বপ্নতো দুইৰো নাই ॥
তাঙ্ক অধস্কাৰ যদি কৰা বৰ ৰাগে ।
তেবে নৃপতিক আৰ কাটিবে নালাগে ॥ ২১৭ ॥
কিন্তু মােৰ সন্তাপ মনত এহিমান।
গালি শুনি তেখনে এৰস্ত জানোঁ‌ প্রাণ ॥
যেবে নমৰয় তাৰো শুনিওঁ‌ উপায়।
উপশান্ত কৰিবো চৰণে ধৰি যায় ॥ ২১৮ ॥
তুমি আমি দুয়ো যদি কৰিলোঁঁ বিনতি ।
অল্পতে ক্ষমিবো ৰাজা মহাধর্ম্ম মতি॥
অঙ্গীকাৰ ৰাখিবাৰ কৰা হেন কাজ।
কর্ণক বধিয়া পাছে ভুঞ্জা সবৰাজ ॥ ২১৯ ॥

[ ৪৪ ]

সবাতো উত্তম বেদ অথর্ব্ব বেদৰ ।
তােমত কহিলো গােপ্য কথা মনােহৰ ॥
সঞ্জয় বদতি কথা শুনা নৰেশ্বৰ ।
কৃষ্ণে কহিলন্ত কথা ধর্মতত্ত্ব সাৰ ॥ ২২০ ॥
অৰ্জ্জুনেও খর্গ এৰি কৃষ্ণক নমিলা।
পাছে নৃপতিক গালি পাৰিবাক লৈলা ॥
যি সব বচনে তাৰিলন্ত ধনঞ্জয়।
শুনিয়ােক সি সব বাক্য যেন গৰিহয় ॥ ২২১ ॥
অৰ্জ্জুন বদতি দাদা শুনা যুধিষ্ঠিৰ।
আমাক নিন্দস তই কত বৰ বীৰ॥
মােৰ যুদ্ধ দেখি দৈত্য দানৱৰ ভয় ।
দিব্য অস্ত্র প্রহৰন্তে দেৱৰো বিস্ময় ॥ ২২২ ॥
আমাক নিন্দস তই আতে লাগে শােক।
কোন যুদ্ধে পলাইবাৰ দেখিয়াছ মােক ॥
মহা ভয়াতুৰ তই আপুনি যিমত ।
যুদ্ধ এৰি থাকা তই দণ্ড অন্তৰত ॥ ২২৩ ॥
দ্রৌপদীয়ে দেই দিনে পঞ্চামৃত ভোগ্য।
নাৰীৰ আগত দর্প কৰিবাৰ যোগ্য ॥
যি কৰস সি কৰস দ্রৌপদীৰ আগে ।
আমাক নিন্দস আতে বৰ লাজ লাগে ॥ ২২৪ ॥
ভীমে যদি নিন্দে তভাে তাত গায়ে সয় ।
যাৰ যুদ্ধ দেখি দেৱ দানৱ পলায় ॥

[ ৪৫ ]

দাৰুণ অগনি সম প্ৰলয় কালৰ।
শক্ৰক মাৰন্ত কৰি কৰ্ম্ম ভয়ঙ্কৰ॥ ২২৫॥
হস্তীয়ে হস্তীক হানি অনেক মাৰিল।
ঘোঁৰায়ে ঘোঁৰাক ৰথী ৰথে সংহাৰিল॥
কম্বোজ দলক যিটো নিলে যম ঘৰ।
ভীমে নিন্দিলাতো দুখ নোপজে বিস্তৰ॥ ২২৬॥
আজিৰ সমৰে ঘোৰ গদা ধৰি কৰে।
শত্ৰু সব বিদাৰি পেলাইলা যমঘৰে॥
যিকৰ্ম্ম কৰিতে শক্তি নাহিকে তোমাৰ।
কৰ্ণে ভঙ্গ দিলেক মহিমা দেখি যাৰ॥ ২২৭॥
খৰ্গ ঘাৱে হস্তীগণ কৰন্ত সংহাৰ।
যাৰ কাম দেখি কৌৰৱৰ চমৎকাৰ॥
ফাট দিয়া কৌৰব যে সমস্তে পালায়।
তেঁ‌হো নিন্দে যদি কিঞ্চিতেক গায়ে সয়॥ ২২৮॥
পৰম অদ্ভুত কৰ্ম্ম কৰন্ত দাৰুণ।
তেঁহো মান্য আমাক কৰন্ত দশ গুণ॥
তুমিয়ো মোহোৰ মহিমা জান সৰ্ব্বকাল।
ৰাত্ৰি দিনে হিত আচৰন্ত নাহি ভাল॥ ২২৯॥
ভাৰ্যা পুত্ৰ সহিতে আপুনি ভিন্নে ভিন্ন।
তোৰ হিত অচৰণে গৈলা এত দিন॥
বনমাঝে দ্ৰৌপদীৰ দুখ যত যত।
তোহোৰ নিমিত্তে অভিমান্যু পুত্ৰ হত॥ ২৩০॥

[ ৪৬ ]

একমাত্ৰ পুত্ৰ মোৰ অতি আদৰৰ।
অদ্যপি লোতক ছেদ নাহি সুভদ্ৰাৰ॥
ৰাত্ৰি দিনে পুত্ৰ শোকে মোৰ পোৰে কায়।
তোহোৰ নিমিত্তে মোৰ এনুৱা বিলায়॥ ২৩১॥
কুটুম্বৰ মাঝত বৈৰতা ভায় সনে।
ভীষ্ম দ্ৰোণ হত ভৈলা তোহোৰ নিদানে।
আনো ভাতৃ বন্ধুগণ শশুৰ মনাই।
পাশাৰ নিমিত্তে ভৈলা এনুৱা বিলায়॥ ২৩২॥
ৰাজ্য এৰি বনবাসে যতমান দুখ।
অদ্যপিয়ো দ্ৰৌপদীৰ সলোতক মুখ॥
পূৰ্ব্ব পশ্চিমৰ উত্তৰৰ যত লোক।
সমস্তে মৰিল বন্ধু বান্ধাবৰ শোক॥ ২৩৩॥
তোহোৰ দুৰ্গুণে ভৈলা এতেক অৱস্থা।
আমি দুখিতৰ আৰ কি কহিবো কথা॥
সঞ্জয় বদতি কথা শুনিয়ো ৰাজন।
এহি মতে যদি গালি পাৰিলা অৰ্জ্জুন॥ ২৩৪॥
মৰা যেন হুয়া ৰাজ আছিলেক শুনি।
অসমৰ্থ প্ৰাণীৰ অৱস্থা মনে গুণি॥
কনিষ্ঠৰ তিৰস্কাৰ শৰীৰে নসহে।
ধাৰা সাৰে যুগল নয়ন নীৰ বহে॥ ২৩৫॥
শুখাইলেক মুখ আঁখি নিৰ্জ্জল দশন।
ঢলি পৰি নৃপতি ভৈলেক অচেতন॥

[ ৪৭ ]

তথাপিতো অৰ্জ্জুনে কৰিলা তিৰস্কাৰ।
যাবদেক ক্ৰোধ নুগুছিল আপোনাৰ॥ ২৩৬॥
এহিক্ষণ অৰ্জ্জুনৰ মন শান্ত ভৈলা।
কৃষ্ণৰ মুখক চাহি মাতিবাক লৈলা॥
দেখিলাহা প্ৰাণ সখি আমাৰ মহত।
ক্ষত্ৰিয় কুলৰ ব্যবহাৰ হেন মত॥ ২৩৭॥
কৰোং মই নৈৰাশ আপোন জীৱনত।
সোদৰত নিদাৰুণ ক্ৰোধৰ বেগত॥
তাৰ প্ৰতি ফল কৰোঁ‌ আপুনি সম্প্ৰতি।
জন্মে জন্মে মাধৱ তুমিসে মোৰ গতি॥ ২৩৮॥
গুচ হত্যা পাপ মোৰ সিজিল দুৰ্ঘোৰ।
কেন মতে প্ৰায়শ্চিত্ত হোৱয় আমাৰ॥
দেহ পৰিত্যাগেসে ইহাৰ শুদ্ধি হয়।
এই বুলি প্ৰাণ নিয় মিল ধনঞ্জয়॥ ২৩৯॥
শুষ্ক কাষ্ঠে অগ্নি দিয়া জ্বালিলন্ত চিতা।
হেন দেখি লোকত মনত বৰ চিন্তা॥
দেখি সৰ্ব্ব প্ৰজাগণ হাহাকাৰ কৰে।
হেন দেখি কৃষ্ণে মাতিলন্ত অনন্তৰে॥ ২৪০॥
মাধৱ বদতি নলাগয় মাৰিবাক।
আছে প্ৰায়শ্চিত্ত এৰ শুনিয়োক তাক॥
গৌৰৱত প্ৰাণীক কৰিলে অহঙ্কাৰ।
গুৰু হত্যা পাতেক মিলয় সিজনৰ॥ ২৪১॥

[ ৪৮ ]

গুৰু হত্যা পাপৰ মৰণ প্ৰায়শ্চিত।
পৰম প্ৰকাৰে দুই বিধ যে বিহিত॥
লৌকিক সন্মত এই ঋষি সমস্তৰে।
এক বিধ মৰণ যি জন দেহা এৰে॥ ২৪২॥
আৰ বিধ যিটো আপুনাৰ গুণ কয়।
আপুনি লোকত যিটো গুণ প্ৰশংসয়॥
আকে জানি আপনাৰ গুণ যত যত।
আপুনি কহিলে হয় মৃত্যুতো অধিক॥ ২৪৩॥
আত্ম শ্লাঘা আত্মহত্যা সম প্ৰায়শ্চিত।
পৰম প্ৰখ্যাত দুয়োবিধ যে বিহিত॥
মাধৱৰ বচনক ধনঞ্জয় শুনি।
প্ৰশংসিতে লাগিলেক আপনা আপুনি॥ ২৪৪॥
অৰ্জ্জুন বদতি দাদা শুনা যুধিষ্ঠিৰ।
আমাৰ সমান কোন আছে মহাবীৰ॥
এক দেৱ মহেশ্বৰ শঙ্কৰত বিনে।
মোৰ সম বলীয়াৰ নাহি ত্ৰিভুবনে॥ ২৪৫॥
যদি আজ্ঞা কৰা দেখা মোৰ বল কেনে।
সুৰাসুৰ বিনাশ কৰিব এতিক্ষণে॥
বাসুকী সদৃশ ভুজ ইহাৰ বলত।
দিগ্ বিজয়ক মই দেখি তৃণৱৎ॥ ২৪৬॥
যদি আজ্ঞা কৰাঁ‌ দাদা জিনো দিগপাল।
কোনে সহিবেক মোৰ বাহুৰ আস্ফাল॥

[ ৪৯ ]

ধৰণী মণ্ডলে যত ৰাজা সমস্তৰ।
জিনি ৰাজসুয়া যজ্ঞ কৰালোঁ‌ তোমাৰ॥ ২৪৭॥
ইন্দ্ৰক জিনিলোঁ‌ পূৰ্ব্বে দহিলোঁ‌ খাণ্ডব।
সভা এক সাজি দিলে ময় যে দানৱ॥
যাত দুৰ্য্যোধনে নজানিলে জল থল।
সকলে জানিবা দাদা মোৰ বাহুবল॥ ২৪৮॥
সম্প্ৰতি কৌৰৱে বুঝোক মোৰ বল।
কিছুমাত্ৰ সঁ‌চা আছে সংসপ্ত দলৰ॥
আকৌ আজি কালি পঠাইবো মম ঘৰ।
বীৰত্ব দেখিবা কেনে আমাৰ বৰ॥ ২৪৯॥
বৈশম্পায়ন বদতি শুনিও জন্মেজয়।
পাছে নৃপতিক মাতিলন্ত ধনঞ্জয়॥
নাহি গায়ে চেতন অজ্ঞান মৰা মত।
দেখি সমস্তৰ শোক ভৈলা পূৰ্বৱত॥ ২৫০॥
হেন দেখি অৰ্জ্জুনক মহাস্নেহ ভৈলা।
চৰণত ধৰি শান্ত কৰিবাক লৈলা॥
অৰ্জ্জুন বদতি দাদা নকৰিবা মোক।
মই অধমৰ বাক্য ক্ষমা কৰিয়োক॥ ২৫১॥
শিশুকালে পিতৃ সম জানিলোঁ‌ তোমাক।
অন্নে আচ্ছাদনে তুমি পালিছা আমাক॥
তথাপিতো দেখা মই কেনে দুৰাচাৰ।
তিলেকক লাগি মুখ নাচাইলো তোমাৰ॥ ২৫২॥

[ ৫০ ]

মই পূৰ্ব্বে কেন অঙ্গীকাৰ কৰোঁ হেন।
সোদৰক খৰ্গ ধৰি ব্ৰহ্ম বধি যেন॥
যি কৰিলোঁ সি কৰিলোঁ নকৰিবা তাপ।
শান্ত হুয়া আমাক ক্ষমিয়ো দাদা বাপ॥ ২৫৩॥
দুৰ্জ্জন সকলে যত তিৰস্কাৰ কৰে।
আনৰ শকতি তাক সহিবাক পাৰে॥
মহন্ত সকলে অবিলমে সহে তাক।
ঈশ্বৰৰ ইচ্ছা হেন মানি আপুনাক॥ ২৫৪॥
এতেকে দুৰ্জ্জন সব পৰম শকতি।
তুমি সন্ত মহন্ত আমাৰ নিজপতি।
তজু অৰ্থে দাদা জানো আমাৰ জীৱনে।
তবহিত আচৰিবো যাৱে জীউ মানে॥ ২৫৫॥
এতেকেসে বোলো দাদা নকৰিবা ৰোষ।
মনত নলৈবা মোৰ অধমৰ দোষ॥
মাথা পাতি দিওঁ দাদা মলচিত্ত পাও
আখাৰেক মাতিয়োক জুৰায়োক গাও॥ ২৫৬॥
এহিমতে প্ৰিয় বাক্য বোলন্ত অৰ্জ্জুন।
শুনি নৃপতিৰ শোক ভৈলা দশগুণ।
লোতক মলচি উঠিলন্ত আসানৰ।
দেখ দেৱ নাৰায়ণ চাপিলা ওচৰ॥ ২৫৭॥
ঋষিগণ আছে অসংখ্যাত নাৰীগণ।
সেহি বেলা যুধিষ্ঠিৰে বুলিলা বচন॥

[ ৫১ ]

লোতে পৰিচ্ছদ গদ গদ বাক্য চয়।
শুনিয়ো বচন মোৰ বাপু ধনঞ্জয়॥ ২৫৮॥
আমি অতি দুৰ্জন অধম দুৰাচাৰ।
মোত থাকি এতমান ভৈলেক তোমাৰ॥
দেখিও মোহোৰ হন্তে তযু পুত্ৰ হত।
বন্ধুগণ সোদৰ বান্ধৱ যত যত॥ ২৫৯॥
সি কাৰণে বোলো বাপু কাটো মোৰ শিৰ।
নকৰি বিলম্ব ঝাণ্টে ধনঞ্জয় বীৰ॥
আমি অতি হীন বল নপুংসক প্ৰায়।
তথাপিতো নৃপতি হৈবেক বাঞ্চা যায়॥ ২৬০॥
প্ৰচণ্ড শকতি তোৰ গুণৱন্ত ধীৰ।
সি কাৰণে বোলো বাপু কাটা মোৰ শিৰ॥
মহাবলৱন্ত ভীম পৰম বিক্ৰম।
সঞ্চা মিচা বোলন্তি নাহিকে কিছু শ্ৰম॥ ২৬১॥
আমি পূণ্য সত্যবাদী মহামন্দ আতি।
সুখী হোৱা অৰ্জ্জুন ভীমক ৰাজা পাতি॥
নপুংসক পাপী মই মন্দ বুদ্ধি বৰ।
মোতে থাকি সবে দুখ জানা পাণ্ডৱৰ॥ ২৬২॥
ভয়াতুৰ আমাক কৰিয়ো পৰিহাৰ।
খৰ্গ হানি আমাৰ কাটিয়ে মাথা বৰ॥
একক তেজিলে সুখী হোৱে সৰ্ব্বলোক।
সি জনক ত্যাজিলত নাহি কিছু শোক॥ ২৬৩॥

[ ৫২ ]

আপুনাৰ অৱস্থাক আপুনি লৈলো জানি।
অৰণ্যক লাগি মই কৰিলোঁ‌ মেলানি॥
যুধিষ্ঠিৰ অধম গুছোহো নগৰৰ।
সুখে থাকিও তোৰা চাৰিয়ো সোদৰ॥ ২৬৪ ॥
পৰিছেদ কৰি দেখিলা সৰ্ব্বলোক।
মোক প্ৰতি আৰ কেহো নকৰিবা শোক॥
শুন্য প্ৰভু নাৰায়ণ কৰিলোঁ মেলানি।
বনক চলিলো তযু আজ্ঞা শিৰে মানি॥ ২৬৫ ॥
তযু ইতো অৰুণ পঙ্কজ পদ দুই।
মহেশে ধৰিছে যাক কৃত্য কৃত্য হুই॥
জীৱনে মৰণে হেন কৰোঁ‌ অভিলাস।
জন্মে জন্মে তোমাৰ দাসৰো হৈবো দাস॥ ২৬৬ ॥
এহি বুলি বনক চলন্ত ধৰ্ম্ম সুত।
দেখি ঋষিগণে খেদ কৰিলা বহুত॥
আমাৰ বচনে ৰাজা এৰা অসন্তোষ।
আপোনাৰ মাঝতে বিবাদ বৰ দোষ॥ ২৬৭ ॥
নুহিকে উচিত ইসব হৃদি তাপ।
তুমি মহা ধীৰ শোক নকৰিবা বাপ॥
দ্ৰৌপদী বোলন্ত প্ৰভু শুনিয়োক কথা।
পাসৰিলা পূৰ্ব্বে মোৰ সভাৰ অৱস্থা॥ ২৬৮ ॥
আসা কৰিয়াছো পাই অপমান শোক।
স্বামীগণে উদ্ধাৰ কৰিবে জানো মোক॥

[ ৫৩ ]

সিটো কথা যি ভৈলা সি ভৈলা আমি হীনা।
কিন্তু আমি তিলেক নিজীবো তুমি বিনা॥ ২৬৯॥
এহি বুলি পাৱে পৰি কান্দিলা বিস্তৰ।
তথাপিতো ফিৰি ন চাহিলা নৃপবৰ।
এহি মতে কেহো ৰাখিবাক নপৰিলা॥
দেখি সমস্তৰে শোক অধিক জ্বলিলা॥ ২৭০॥
কান্দি কান্দি বহিলা যতেক নাৰীগণ।
সেহি বেলা মাধৱে ত্যাজিলা স্ব আসন॥
যুধিষ্ঠিৰ নৃপতিৰ চৰণত ধৰি।
অশেষ কাতৰ কৰিলন্ত পাৱে পৰি॥ ২৭১॥
সামান্য মনুষ্যে যেন নৃপতি জনক।
স্তুতি নতি বিনতি যে কৰিলা অনেক॥
এহি মতে কৃষ্ণে পাণ্ডৱৰ আজ্ঞা পালি।
দেখা কেনে ভক্তৰ অধীন বনমালী॥ ২৭২॥
মাধৱ ৱদতি দাদা এৰা অসন্তোষ।
আপোনাৰ মাঝত বিবাদ বৰ দোষ॥
পুত্ৰ সমতূল্য ছোট ভাতৃ যে তোমাৰ।
তান দোষ দেখিলে সহন ধৰ্ম্ম সাৰ॥ ২৭৩॥
প্ৰমাদত পুত্ৰ যদি নিদাৰুণ হয়।
নুহিবে দাৰুণ পিতৃ হেন শাস্ত্ৰে কয়॥
বিশেষত তুমি লভি আছা দিব্যজ্ঞান।
মান অপমান দুইকো কৰিছা সমান॥ ২৭৪॥

[ ৫৪ ]

মনে গুনি চাহিলে সখীত দোষ নাই।
পূৰ্ব্বে অঙ্গীকাৰ কৰি আছে ধনঞ্জয়॥
গাণ্ডীৱক ধিস্কাৰ যিজনে কৰে মোৰ।
তাহাক কাটিবো মোৰ অঙ্গীকাৰ ঘোৰ॥ ২৭৫॥
নজানিয়া তাক তুমি ধিস্কাৰ কৰিলা।
অৰ্জ্জুনে ক্ৰোধত খৰগ তুলি লৈলা॥
মই পাছে ভাবি আন কৰিলো উপায়।
গালি পাৰিলেও গুৰু বধ সম হয়॥ ২৭৬॥
সি কাৰণে বোলো দাদা নকৰিবা ৰোষ।
অৰ্জ্জুনৰ আমাৰ ক্ষমিয়ো সৰ্ব্ব দোষ॥
পিতৃ সম আমাৰ গৌৰব তুমি দেৱ।
অৰ্জ্জুনক আমাক মাতিয়ো কৰে সেৱ॥ ২৭৭॥
তুমি সন্তো ভৈলে পাওঁ‌ সকলে প্ৰসাদ।
বসিয়োক দাদা আৰু নকৰা বিষাদ॥
নকৰিবা চিন্তা কৰ্ণ পাপিষ্ঠক প্ৰতি।
আজি তাৰ শোণিত পিবন্ত বসুমতি॥ ২৭৮॥
কৃষ্ণৰ বচন শুনি যুধিষ্ঠিৰ ৰায়।
প্ৰেমে নিমজিল চিত্ত ধৰণ ন্যায়॥
দেখন্তে মাধৱ চৰণত আছে পৰি।
আঙ্কোয়ালি যুধিষ্ঠিৰে ধৰিলন্ত তুলি॥ ২৭৯॥
কৃতাঞ্জলি কৰিয়া মাতিলা যুধিষ্ঠিৰ।
দাস বুলি আমাক জানিবা যদুবীৰ॥

[ ৫৫ ]

ব্ৰহ্মা আদি দেবে যাক দুৰ্লভ মানন্ত।
আমাক এতেকে কিয়া বোলা ভগৱন্ত॥ ২৮০॥
অজ্ঞান সাগৰে তল যাও দুয়ো ভাই।
ক্ৰোধ নামে চাণ্ডালক সহন নযায়॥
নপাও পাৰ পৰি মোহ সাগৰত।
তুমি প্ৰভু আমাক ৰাখিলা অভ্যাসত॥ ২৮১॥
এহি বুলি যুধিষ্ঠিৰে কৃষ্ণৰ চৰণে।
পুনৰুপি ফিৰি আসি বসিলা আসনে॥
সলোতক মুখে দুখে লাজে অতিশয়।
হুয়োক প্ৰসন্ন বুলিলেক ধনঞ্জয়॥ ২৮২॥
চৰণত পৰিয়াছে ধনঞ্জয় বীৰ।
হেন দেখি সাবতি ধৰিলা যুধিষ্ঠিৰ॥
কনিষ্ঠৰ স্নেহে নয়নৰ বহে জল।
অৰ্জ্জুনক বোলে এবে শুনা মহাবল॥ ২৮৩॥
ক্ৰন্দনত গদ গদ বাক্য লাসে মুখে।
দণ্ড দুই মান আখি পুছিলন্ত সুখে॥
এহি মতে প্ৰেম ভাৱে দুহাঙ্কো দুয়ো চাই।
গলাগলি কৰিয়া কান্দিলা দুয়ো ভাই॥ ২৮৪॥
অৰ্জ্জুন বদতি দাদা আদেশ নৃপতি।
যুধিষ্ঠিৰে বোলে বাপু শুনিও সম্প্ৰতি॥
দুৰাচাৰ পাপী কৰ্ণে যি কৰিলে মোক।
অদ্যাপিয়ো তাহাঙ্ক স্মৰণ বৰ শোক॥ ২৮৫॥

[ ৫৬ ]

তুমি যদি তাহাক নকৰা প্ৰতিকাৰ।
তেবে মই প্ৰাণ ত্যাজিবোহি আপোনাৰ॥
অৰ্জ্জুন বদতি দাদা শুনা বাক্য মোৰ।
তোমাৰ আগত অঙ্গীকাৰ কৰোঁ‌ ঘোৰ॥ ২৮৬॥
নখহাবো কৱচ তাৱত শৰীৰৰ।
যাৱে মই শিৰ ছেদ নকৰোঁ‌ কৰ্ণৰ॥
আমাৰো বচন তুমি শুনিও ৰাজনে।
আজি ৰাধেয়ক পাইলে যি কৰিবো ৰণে॥ ২৮৭॥
দিব্য অস্ত্ৰ প্ৰহাৰিবো পাৱক সঙ্কাশ।
নমনিব দিশ পাশ নবহে বতাস॥
যিটো শৰে দেৱাসুৰ মনুষ্যৰ ভয়।
হেন শৰে কৰ্ণক পেশিবো যমালয়॥ ২৮৮॥
শুনি যুধিষ্ঠিৰ কৰিলন্ত আশীৰ্ব্বাদ।
সমৰত বাপু তোৰ নহৌক প্ৰমাদ॥
মিত্ৰগণ বৃদ্ধি হৌক শত্ৰু হৌক ক্ষয়।
অব্যাহতে কৰ্ণক পেশিয়া যমালয়॥ ২৮৯॥
আমাৰ আশীযে দেৱে কৰন্তক হিত।
মোৰ মনোৰথ সিদ্ধি কৰিও ত্বৰিত॥
যুধিষ্ঠিৰ ৰাজাৰ আশীষ লৈয়ো মাথে।
ধনঞ্জয় কৃষ্ণক মাতন্ত আথে বেথে॥ ২৯০॥
সাজিয়োক ৰথ সখি বিলম্ব নকৰি।
হেন শুনি আসনৰ উঠিলন্ত হৰি॥

[ ৫৭ ]

সাজাই আনিলা ৰথ দাৰকৰ হাতে।
দিব্য ৰথ দেখি তুষ্ট ভৈলা জগন্নাথে॥ ২৯১॥
দেয় দিয়া উঠিল অৰ্জ্জুন মহাবলী।
ধৰিলা মাধৱে উঠি ঘোঁৰাৰ শিকলি॥
নমো হৰি বুলি যাত্ৰা কৈলা ধনঞ্জয়।
সেহি বেলা মাধৱে ডাকিলা চাৰি হয়॥ ২৯২॥
উথলিলা চাৰি ঘোৰাঁ‌ সমৰক প্ৰতি।
চামুপথে ঘোৰাঁ‌য়ে ধৰিলা মনোগতি॥
সেহি বেলা চিন্তন্ত অৰ্জ্জুন মহাবল।
সকল শৰীৰ হন্তে বহে ঘৰ্ম্মজল॥ ২৯৩॥
অৰ্জুনৰ অভিপ্ৰায় বুঝিলন্ত হৰি।
বুলিবাক লাগিলন্ত বচন সাদৰি॥
আচম্বিতে তাৰ ঘোৰ পৰাক্ৰম দেখি।
সমৰে কৰ্ণক ভয় নকৰিবা সখি॥ ২৯৪॥
মধ্যস্থে সে জানে যুদ্ধ যাৰ যেন মত।
আমি দেখি আছোঁ‌ সবে বীৰৰ মহত্ত॥
যি বেলাত ঘোৰ যুদ্ধ কৰা ধনঞ্জয়।
একে ৰথে থাকন্তে আমাৰ লাগে ভয়॥ ২৯৫॥
তাসম্বাক অবিলম্বে জিনিবা ৰণত।
কৰ্ণ কোন ক্ষুদ্ৰ তযু আগে তৃণৱৎ॥
অৰ্জ্জুনে বোলন্ত মোৰ মহিমা যতেক।
দিব্য শৰ প্ৰহৰন্তে দেখিছা প্ৰত্যেক॥ ২৯৬॥

[ ৫৮ ]

কৰ্ণক বধিতে মোক নপাইবে প্ৰমাদে।
সকলে জানিবা প্ৰভু তোমাৰ প্ৰসাদে॥
ধৃতৰাষ্ট্ৰ ৰাজা পোছে কহিও সঞ্জয়।
ৰাজাক দেখিবে যেবে গৈলা ধনঞ্জয়॥ ২৯৭॥
সিবেলা কৌৰৱ সমে বীৰ বৃকোদৰ।
কেনে যুদ্ধ ভৈলা মোত কহিও সত্তৰ॥
সঞ্জয় বদতি কথা শুনা নৰেশ্বৰ।
ভীম সমে মহাযুদ্ধ ভৈলা কৌৰৱৰ॥ ২৯৮॥
দুৰ্য্যোধনে পাঞ্চি দিলা হয় হস্তী ৰথ।
ভীমসেন বীৰৰ বেঢ়িলে আসি পথ॥
চতুৰ্দ্দিকে শৰ বৃষ্টি কৰিলেক চাপি।
বৰিষাৰ মেঘে যেন গগণ বিযাপি॥ ২৯৯॥
মাহুতে খঙ্গিলা হস্তীগণৰ আস্ফালে।
আটাসতে কাণ ফাটে যায় ভূমিতলে॥
কৌৰৱৰ শৰত জৰ্জৰ ভৈলা তনু।
গাছে ভীমে তুলি লৈলাঁ‌ ভয়ঙ্কৰ ধনু॥ ৩০০॥
দিব্য অস্ত্ৰ প্ৰহাৰিলা দশদিশে চানি।
দশ পাঞ্চ কাটিলেক এক শৰ হানি॥
কাৰো উৰু, বাহু, গল, কাৰো বক্ষস্থল।
কাৰো শৰীৰত পৰি গোটে যায় তল॥ ৩০১॥
সি বেলাত ভীমৰ কৰ্ম্ম অদভূত আতি।
বিষকে ডাকয় ৰথ খৰ তৰ গতি॥

[ ৫৯ ]

বিস্বাসে শবদে যেন বসে সোসাই।
দূৰতে দেখন্ত যেন সমীপতে সেহি ঠাই॥ ৩০২॥
সমীপে থাকন্ত অন্তৰয় সেহি ছেগে।
ৰথ খান ফুৰে আতি মনোজয় বেগে॥
যেন মূৰ্ত্তিমন্ত হুয়া প্ৰজা কালে খায়।
ভীমে সেহিমত পটন্তৰ সমুদায়॥ ৩০৩॥
অশ্বথামা যুঝিলন্ত দুই দণ্ডমান।
তাত পাচে কৃতবৰ্ম্মা কৰিলা সন্ধান।
তাত পাচে কৰ্ণে আসি কৰিলা সমৰ।
সংক্ষেপে কহিলো কথা বাহুল্যক ডৰ॥ ৩০৪॥
ভীমৰ প্ৰচণ্ড শৰ সহিতে নপাৰি।
ভঙ্গ দিলে তযু সৈন্যগণ যুদ্ধ হাৰি॥
এহিমতে ভীমে কৌৰৱক জিনি ৰণ।
পাচে বিষকক চাই বুলিলা বচন॥ ৩০৫॥
বিষক সাৰথি মোৰ দেখা বাহুবল।
দেখা মোত ভঙ্গ দিলা কৌৰৱ সকল॥
ই হেন আনন্দ বেলা কহিয়োক তই।
দাৰুণ সমৰে কত মান দেখা মই॥ ৩০৬॥
কত অস্ত্ৰ আছে মোত কহিও সমস্ত।
কহিও বিষক মোৰ অস্ত্ৰৰ মহত্ত॥
সামান্য পুৰুষ হেন নেদেখিবি মোক।
পৰ্য্যতি আসিবে পাৰো ইটো তিনি লোক॥ ৩৫৭॥

[ ৬০ ]

বিষক বদতি তযু কৰিবো বিক্ৰম।
গতিত পৱন যেন বিগ্ৰহত যম॥
গম্ভীৰে সাগৰ সম বলে পুৰন্দৰ।
মাধৱৰ ভক্তিত নাহিকে পটন্তৰ॥ ৩০৮॥
তিনি কোটি শৰ আছে পাৱৰ সঙ্কাস।
একলক্ষ শিলি মুখ দেখি লাগে ত্ৰাস॥
দুইলক্ষ অৰ্দ্ধ চন্দ্ৰ নিযুত তোমৰ।
হাজাৰ অগ্ন্যস্ত্ৰ তিনি কোটি ভিত্তি শৰ॥ ৩০৯॥
আনো অসংখ্যাত শৰ আছয় টোনত।
গুৰুতৰ গদা আছে বিদৰে পৰ্ব্বত॥
চন্দ্ৰহাস খৰ্গ আছে অভেদ কৱচ।
যাৰে যুদ্ধ দেন্তে দেৱদানবৰ ত্ৰাস॥ ৩১০॥
শুনি খলাখলি হাসিলেক বৃকোদৰ।
তোৰ যত্নে প্ৰসাদক কৰিবো বিস্তৰ॥
ভীমে বোলে মোৰ হাস শুনি তোৰ বাক।
সদৃশ বচনে তুই কিনিলি আমাক॥ ৩১১॥
ধন কিবা দিবো অস্থায়ী তাক জান।
ভাল ভাল চাই লৈয়ো গ্ৰাম আঠখান॥
শুনিও বিষক আবে কথা কওঁ মই।
নৃপতিক দেখিবাক গৈলে ধনঞ্জয়॥ ৩১২॥
কিছু নজানিহু বাত্ৰা জীৱন মৰণ।
সি কাৰণে মোৰ উত্ৰাৱল কৰে মন।।

[ ৬১ ]

আৰো দেখা মোৰ পাচে সৈন্যৰ আন্দোল।
লৱৰয় প্ৰজাগণ ধৰমাৰ ৰোল॥ ৩১৩॥
কাট কাট মাৰ মাৰ সৈন্যৰ আন্দোল।
বিদুৰতে শুনন্তে কৰ্ণত লাগে তাল॥
বিষক বদতি কথা জানিলো নিশ্চয়।
সেহি স্থানে অৱশ্যে আসিছে ধনঞ্জয়॥ ৩১৪॥
দেখা মেঘ কালি যেন চন্দ্ৰ সম জ্বলে।
সেহিটো কৌস্তভ মণি মাধৱৰ গলে॥
সৈন্য সব মাৰে দেখা হস্তীক সংহৰে।
ধৃতৰাষ্ট্ৰ জানিবা অৰ্জ্জুন ধনুৰ্দ্ধৰে॥ ৩১৫॥
কপিলৰ বৰ্ণ দেখা পৰম উচ্চত।
এহিটো বানৰ ধ্বজ আতি বিপৰিত॥
হেন দেখি ভীমৰ পৰম কতুহল।
কৰ্ণৰ সমুখে খেদি গৈলা বৃকোদৰ॥ ৩১৬॥
গদাঘাতে অচেতন ভৈলা কৰ্ণ বীৰ।
তাক লাগি ৰাজাগণ চলিল। বিস্তৰ॥
তৱ নুত্ৰ উলুক সহিতে মহাৰায়।
ঘোৰ ৰণে ভীমক পেশিবো যমঠাই॥ ৩১৭॥
দুৰ্য্যোধন ৰজাৰ আশোচ শুনি মনে।
চলিলন্ত ৰাজাগণ যুদ্ধক যতনে॥
সংহৰিয়া প্ৰজাগণ গৈলা পাছে চাপি।
বৰিষাৰ মেঘ যেন গগণ বিয়াপি॥ ৩১৮॥

[ ৬২ ]

বৰ বেগে ব্যুহ ভেদি চলে মহাৰথ।
আইস বুলি শকুনি ভেণ্টিল তাৰ পথ॥
বিদাৰিয়া ভীমক দাৰুণ শৰ ঘায়।
ৰহিলা সমুদ্ৰ যেন কামৰিক পায়॥ ৩১৯॥
সমৰে হানিলা শৰ পৰম প্ৰচণ্ড।
শকুনিৰ ৰথ খান কৰি খণ্ড খণ্ড॥
ৰথে ভঙ্গে ভূমিত পৰিলা গিৰি সাই।
তাৰ পুত্ৰ অলেকে ভেণ্টিলা পথ যায়॥ ৩২০॥
কাণ্ডে কাণ্ডে জাঠি জোঙ্গ হানিলা বিস্তৰ।
বৰ টানে হৃদয়ত ভেদিলা ভীমৰ॥
কৰ্ণেয়ো খেদিয়া যুদ্ধ দিলা সাৱধানে।
নাকে মুখে ভীমৰ ভেদিলা বৰ টানে॥ ৩২১॥
সেহিবলো ঘোৰ যুদ্ধ মিলিলা অপাৰ।
হুল স্থূল আন্দোল মিলিলা সিবেলাৰ॥
সেহিবেলা সাত্যকি নকুল সহাদেৱ।
পাণ্ডৱৰ বীৰগণ নথাকিলা কেৱ॥ ৩২২॥
অনুৰূপে ভীমক সমস্তে গৈলা খেদি।
বাঝ ভৈলা ভীমেযে দুৰ্গম ব্যুহ ভেদি॥
যেন ভয়ঙ্কৰ মৎস্যে গৈলা জাল ফাটি।
ভীমে সেহিমত গৈলা কৌৰৱক কাটি॥ ৩২৩॥
লাজ ভৈলা কৰ্ণ অতি অপমান বৰ।
পাণ্ডৱগণক ধাইলা ক্ৰোধ কৰি বৰ॥

[ ৬৩ ]

পূৰে দেখা ধনঞ্জয় তোমাক দেখি আসে।
গাণ্ডীৱ ধনুৰে শৰ মাৰি দশোদিশে॥ ৩২৫॥
বানৰ ধ্বজৰ শুনি আটাস আন্দোল।
কাণ ফাটি যায় ৰথ ঘৰিষণ ৰেল॥
নৃপতিক যত দুখ দিল মহাবল।
ধনঞ্জয় আসিলে লভিবা তাৰ ফল॥ ৩২৬॥
সম্প্ৰতি দেখিও যত সেনাগণ ভাগে।
যুদ্ধ এৰি তাসম্বাক ৰাখিবেক লাগে॥
সাঞ্জয় বদতি কথা শুনা মহাশয়।
সেহিবেলা সমৰে প্ৰবেশে ধনঞ্জয়॥ ৩২৭॥
মাধৱে ডাকন্ত ৰথ পৱন সঞ্চাৰে।
দেখি দুৰ্য্যোধন ৰাজা সচকিত ডৰে॥
কৰ্ণৰ আগত ৰথ কাটিলা বহুত।
অৰ্জ্জুনৰ আগে নিৰুৎসাহ ৰাধাসুত॥ ৩২৮॥
নিৰুৎসাহ কৰ্ণ অৰ্জ্জুনৰ দেখি বল।
হত ভৈলা কৰ্ণ বুলি মানিলা সকল॥
ভীমক নমিলা পাছে ধনঞ্জয় বীৰ।
বাত্ৰা কহিলন্ত ধনঞ্জয় নৃপতিৰ॥ ৩২৯॥

[ ৬৪ ]

কৰ্ণক বধিবে নিজ অঙ্গীকাৰ যত।
সব কথা ধনঞ্জয় কহিলা ভীমত॥
থাকিয়োক দাদা তুমি জিৰাও এখন।
যুদ্ধ চাই থাকা কৰ্ণ আমি কৰোঁ‌ ৰণ॥ ৩৩০॥
শুনিয়া ভীমৰ ক্ৰোধ জ্বলিলা মনত।
কিনো অশকত মোক দেখিলি ৰগত॥
এহি বুলি কৰ্ণক হানিলা তৰুশাল।
অন্ত কালে যেন প্ৰকম্পিত যমকাল॥ ৩৩১॥
গদা হানি শকুনিৰ ভাঙ্গিলন্ত ৰথ।
লাথি মাৰি উলুকক নিলা যম পথ॥
দেখ নেদেখ বেগে লৱৰন্তে যায়।
অশ্বত্থমাৰ ৰথ খান ভাঙ্গিলে কোবাই॥ ৩৩২॥
ৰথ ভঙ্গে দ্বিজবৰ পৰিলা ভূমিতে।
হৃদয়ত কোবক বইলা বিপৰিত॥
চিৰঞ্জীৱ কাৰণে নগৈলা তাৰ প্ৰাণ।
কৃপক কৰিলা পাছে দাৰুণ সন্ধান॥ ৩৩৩॥
লৱৰিয়া কৃপে ভূমি পাৱে চলি গৈলা।
সাৰথি সহিতে ৰথ চূৰ্ণাকৃত ভৈলা॥
সেহি গদা ধৰি মেৰা মাৰিলা বহুত।
অজুতেক কুঞ্জৰ মাৰিলে বায়ু সুত॥ ৩৩৪॥
একেশ্বৰে মাৰিপেসে কুৰু সেনাগণ।
দেখি দুৰ্য্যোধনৰ বিষাদ ভৈলা মন॥

[ ৬৫ ]

যাকে যাকে নৰপতি সমৰক পাঞ্চে।
ভীমক দেখিয়া নুযুঝিয়া পাচ গুছে॥ ৩৩৫॥
দেখি দুঃশাসন বোলে ভায়েকৰ আগে।
ভীমক যুঝিবে লাগি গোটা গোটি লাগে॥
ঘোৰ শৰ মাৰি ৰণে পেসো যম দ্বাৰ।
এহি বুলি দুঃশাসন তনয় তোমাৰ॥ ৩৩৬॥
মহা বেগে ৰথ ডাকি হানিলা ঘোৰ শৰ।
নাকে মুখে ভীমৰ যে তাৰিলা বিস্তৰ॥
নাকে মুখে পীড়া পায়া দাৰুণ সন্ধানে।
থমকি ৰহিলা বীৰ খানিতেক মানে॥ ৩৩৮॥
সেই বেলা বিষকে যোগাইলা ৰথ বৰ।
ডেয় দিয়া তাহাতে চৰিলা বৃকোদৰ॥
দেখি দুঃশাসন বিষকক এক শৰে।
কেঙ্কাই থাকিলা পৰি ৰথৰ উপৰে॥ ৩৩৮॥
গদা থৈয়া ভীমেয়ো শৰক প্ৰহৰিলা।
পাছে দুহন্তৰ যুদ্ধ অনেক মিলিলা॥
দুইকো দুয়ে শৰ হানে অনেক টঙ্কাৰি।
মৰ্ম্ম ভেদ উচ্চাৰি দুহানো পাৰে গালি॥ ৩৩৯॥
পূৰ্ব্বে যেন যুদ্ধ কাম সহিতে শঙ্কৰ।
সেহিমত যুদ্ধ দুঃশাসন বৃকোদৰ॥
দুইকো দুয়ে মৰ্ম্ম স্থানে প্ৰহাৰন্ত বেগে।
দুয়ে মুৰ্চ্ছা যায় পৰি থাকে একে লগে॥ ৩৪০॥

[ ৬৬ ]

সেহি বেলা ভীমে লৈলা অৰ্দ্ধচন্দ্ৰ বান।
দুঃশাসন বীৰৰ কাটিলা ধনু খান॥
আৰু শৰে সাৰথিৰ কাটিলন্ত শিৰ।
আন ধনু ধৰিলন্ত দুঃশাসন বীৰ॥ ৩৪১॥
আপুনি সাৰথি হুয়া ৰথ চামু কৰি।
প্ৰহাৰিবে লৈলা পাছে মহাক্ৰোধ কৰি।
বিষকক প্ৰহাৰিলা একশত বান।
আৰো শৰে কাটিলা ভীমৰ ধনু খান॥ ৩৪২॥
অদভূত কৰিলন্ত তোমাৰ তনয়।
প্ৰশংসিলা পাণ্ডৱি কৌৰৱি বীৰচয়॥
হেন দেখি ভীমে লাজে গদা লৈলা তুলি।
শেন যেন ঝম্প দিলা কপোতক বুলি॥ ৩৪৩॥
গদাশ্ৰমে উৰুৱালা তাৰ যত শৰ।
খেদি গৈয়া কোবক বৈসালা বৃকোদৰ॥
দুঃশাসন ঝাম্প দিলা পৃথিবীক লাগি।
চাৰি ঘোঁ‌ৰা মৰি ৰথ খান গৈলা ভাগি॥ ৩৪৪॥
তথাপিতো নপলাইলা তনয় তোমাৰ।
সিয়ো গদা ধৰিয়া ভীমক দিলা ধাৰ॥
দক্ষিণ বামত দুয়ো কৰন্ত মণ্ডলি।
দুইকো দুয়ে প্ৰহৰি হাসন্ত খলাখলি॥ ৩৪৫॥
গদাৰ কোবত গদা অগনি উফৰি।
প্ৰহাৰন্তে মাৰন্তে অধিক ক্ৰোধ চৰি॥

[ ৬৭ ]

এহি মতে দুয়ো জন প্ৰহাৰে ক্ৰোধত।
ভাগৰিলা দুঃশাসন ভীমৰ হাতত॥ ৩৪৬॥
সি কাৰণে ভীমে দুঃশাসনৰ উপৰে।
পীড়া নপায়ন্ত বীৰ কটাক্ষ নকৰে॥
ভীমৰ গদাৰ কোব যেন বজ্ৰ পাত।
দুঃশাসন বীৰৰ নচলে ভৰি হাত॥ ৩৪৭॥
শৰীৰৰ অলঙ্কাৰ বসন নৰৈলা।
গদাৰ কোবত সবে চিণ্ডি চিণ্ডি গৈলা॥
শৰ বিষে পীড়া কৰে মুখে নাসে মাত।
পলাইবেক লাগি দশদিশে ছেগছান্ত॥ ৩৪৮॥
সেহি বেলা বৃকোদৰ ভাবিলন্ত মনে।
দ্ৰৌপদীৰ মুক্ত কেশ ইহাৰ কাৰণে॥
ৰজঃস্বলা সময়ত বস্ত্ৰ লৈলা কাটি।
এহি দুঃশাসন দুৰাচাৰ ঘোৰ বৈৰি॥ ৩৪৯॥
তাৰ প্ৰতিফল দিওঁ‌ সম্মুখ সমৰে।
এহি বুলি ক্ৰোধত জ্বলিলা বৃকোদৰে॥
হাতে হাতে মৰ্দি বীৰে চুবোয়ে দশন।
ভীমৰ আক্ৰান্তি দেখি দুখে দুঃশাসন॥ ৩৫০॥
চক্ৰকাৰ ফুৰায়ন্ত গদা গুৰুতৰ।
থাপ দিয়া কেশত ধৰিলা বৃকোদৰ॥
সিংহৰ হাতত যেন বন্দি ভৈলা হাতী।
এৰাইবাক লাগি কৰে অনেক আক্ৰান্তি॥ ৩৫১॥

[ ৬৮ ]

পৰম ক্ৰোধতে বৃকোদৰে আছে ধৰি।
মহা ভয়ে দুঃশাসন কাম্পে তৰাতৰি॥
ভীমে বোলে ইহাৰ শোণিত কৰো পান।
অঙ্গীকাৰ ৰাখিয়া শত্ৰুৰ সুজো মান॥ ৩৫২॥
দুৰ হন্তে দেখিয়া কৈৰৱে চাই আছে।
দুৰ হন্তে ৰাজাক মাতিলা ভীম পাছে॥
শুনা অৰে দুৰ্য্যোধন দেখা মাথা তুলি।
ভায়েৰক পেশো যম সদনক বুলি॥ ৩৫৩॥
যি গৰ্ব্বত আমাক লগাইলা অপমান।
ভায়েৰক কাটি আজি সুযো তাৰ মান॥
ৰাখিবাক পাৰা যদি কৰা প্ৰতীকাৰ।
শুনা শুনা আৰ পাপী কৰ্ণ দুৰাচাৰ॥ ৩৫৪॥
দুঃশাসন যুৱৰাজক হেৰ কাটো মই।
আগ বাঢ়ি পাপী কেনে নৰাখস তই॥
শুনা অৰে অশ্বত্থামা কপটি ব্ৰাহ্মণ।
শুনা কৃপ গুৰু কৌৰৱৰ সুজো ঋণ॥ ৩৫৫॥
শুনা অৰে ৰাজাগণ বয়সে প্ৰমাণ।
পাৰা যদি ইহাক কৰিও পৰিত্ৰাণ॥
এহি বুলি ভীমে খসাইলেক খৰ্গ খান।
দুৰ্য্যোধন ৰাজা দেখি আছে বিদ্যমান॥ ৩৫৬॥
সকল কৌৰৱগণ আছে ছাই ছাই।
ৰক্ষা কৰিবাক প্ৰতি কাৰো সক্ষ নাই॥

[ ৬৯ ]

ভীমে তাক ভূমিত পেলাইলা চিত কৰি।
মহাভয়ে দুঃশাসন কাম্পে থৰ থৰি॥ ৩৫৭॥
ধৰ ফৰ কৰে ৰজা হৈবে আক্ৰান্তি।
গলে ভৰি দিয়া ভীমে ধৰিলন্ত ডান্তি॥
মহাভয়ে কাম্পে সিটো নপান্ত উশাস।
মনত হৰিসে ভীমে তেজিলে আটাস॥ ৩৫৮॥
পাছে খঙ্গে বিদাৰিলা বক্ষঃস্থল চিৰি।
পিৱন্ত ৰুধিৰ দুয়ো আঞ্জলিক ভৰি॥
তপত ৰুধিৰ ঢোকে ঢোকে পিয়ে আনি।
অমৃততোধিক ভীমে হেন মনে মানি॥ ৩৫৯॥
কি কৰে ফিৰে বুলি লোকে আছে চাই।
নাকত অঙ্গুলি দিয়া সবে আছে চাই॥
হেন কৰ্ম্ম কোনে কৰে ৰাক্ষসত বিনে।
কুৰু সেনা সকলেয়ো মনে মনে গুণে॥ ৩৬০॥
মনুষ্যৰ শোণিত মনুষ্যে দেখা খায়।
নাই নুপুজিব হেন কালৰ বিলায়॥
কিবা সোপনক দেখো সচিতৰ কৰ্ম্ম।
ৰাম নাৰায়ণ সুমৰন্ত ধৰ্ম্ম ধৰ্ম্ম॥ ৩৬১॥
এহিমতে শোণিত পিয়ন্ত নিৰন্তৰ।
পুনঃ তাক আবাৰ মাতিলা বৃকোদৰ॥
ভীমে বোলে শুনিয়োক ক্ষত্ৰিয় সমস্ত।
অসংখ্যাত পিঠা লাৰু ভুঞ্জি আছোঁ‌ যত॥ ৩৬২॥

[ ৭০ ]

প্ৰথমতে কৰিছো মাতৃৰ স্তন পান।
অনেক ভুঞ্জিছো আৰু পিঠা পৰমান॥
দেৱ যোগ্য ফুল পঞ্চামৃত ষড়ৰসে।
হেন স্বাদ নতু পাওঁ‌ আমাৰ বয়সে॥ ৩৬৩॥
মহাস্বাদ শত্ৰুৰ শোণিত যেন লাগে।
অমৃতক তুচ্ছময় দেখো আৰ আগে॥
এহি বুলি মাথাক কাটিলা খৰ্গ হানি।
তাতে মুখ দিয়া যেন পিৱন্ত আপুনি॥ ৩৬৪॥
বাঘে যেন হুপি হুপি পশুৰ গলত।
দুঃশাসন বীৰক ভীমেয়ো সেহিমত॥
গো মুখে তেজক পিয়ে নিদাৰুণ আতি।
দুৰ্য্যোধন ৰজাক মাতিলে ভীমে মাতি॥ ৩৬৫॥
গৰু বুলি পূৰ্ব্বত লগাইছ অপমান।
গৰুৰ কৰ্ম্মক পূৰ্বে নতু কৰোঁ‌ আন॥
ভায়েৰৰ তেজ পিয়োঁ‌ নকৰিবা খঙ্গ।
এবে যদি গৰু বোলা তেবে মোৰ ৰঙ্গ॥ ৩৬৬॥
গো মুখে তেজক পিয়োঁ‌ গৰু বোলা মোক।
গালি নপাৰিবি নকৰিবি কিছু শোক॥
এই বুলি শোণিত পিয়ন্ত মহাবল।
দেখি গলা ৰাৱ কবে কৌৰৱ সকল॥ ৩৬৭॥
মনুষ্য শোণিত দেখো মনুষ্যেই খায়।
নাহি নুপজিব হেন কালৰ বিলায়॥

[ ৭১ ]

কতো বোলে ইটো কথা শুনিছো অৱশ্য।
ৰাক্ষস সে বৃকোদৰ নুহিকে মনুষ্য॥ ৩৬৮॥
মনুষ্যৰ বেশে ইটো মায়া কৰি থাকে।
ভাই বুলি যুধিষ্ঠিৰে লুকুৱায় ঢাকে॥
আগ পাছ জিজ্ঞাসিয়া দেখা কেন গতি।
ৰাক্ষসী হিৰম্বা সমে পুয়াছে বসতি॥ ৩৬৯॥
ৰাক্ষসে মনুষে যুঝিবাৰ কোন ফল।
এহি বুলি অন্তৰিলা ক্ষত্ৰিয় সকল॥
পলাইবে নপৰি দুৰ্য্যোধনে আছে চাই।
তাসম্বাতে সমস্তে লগিল বেবুৱাই॥ ৩৭০॥
শোণিত পিয়ন্তে পৰাক্ৰম দেখি তান।
মহাভয়ে কাহাৰো পৰিল ধনু খান॥
ডাবৰ খৰগ মানে খসি খসি গৈল।
সকল কৌৰবগণ মৰা প্ৰায় ভৈল॥ ৩৭১॥
বেঢ়ি বেঢ়ি আছে তাক অনেক নৃপতি।
মহাশোকে কান্দে দুৰ্য্যোধন নৰপতি॥
বাপু দুঃশাসন কেনে এৰি যাস মোক।
যমপুৰে গৈলা নেৰাইবো ইটো শোক॥ ৩৭২॥
ইটো মোৰ মনোদুঃখ আগে তোক খালে।
মোৰ বুক পোৰে তাৰ কি গতি বঢ়ালে॥
মোক দেখি গান্ধাৰী মায়ৰ হৈবে শোক।
সবাতো অধিক ইসে শোকে পীড়ে মোক॥ ৩৭৩॥

[ ৭২ ]

শুনি প্ৰাণ ফুটে তোৰ বধূৰ নিকাৰ।
কিমতে সহিব দুখ বিধৱাৰ ভাৰ॥
সবাৰে আগত খাইলে ভীম বাঘকাল।
মিছা কাযে পোসোঁ‌ মই শৃগালৰ পাল॥ ৩৭৪॥
দুৰ্য্যোধন নৃপতিৰ দেখি এত কষ্ট।
তাৰ আঠ ভাই গৈলা কান্দন্তে কান্দন্ত॥
কৰিলোঁ‌ মেলানি দাদা চৰণে তোমাৰ।
ভাতৃ দুঃশাসনৰ খুজিব আজি ধাৰ॥ ৩৭৫॥
মৰাৰ ৰুধিৰ পিয়ে দৰ্প বিপৰিত।
আমিয়ো ভীমৰ আজি পিবহোঁ‌ শোণিত॥ ৩৭৪॥
ব্ৰাহ্মণ বৰিষ আৰো মন্দ বীৰবৰ।
অনুলোলি শঙ্ক যে অপাৰ ধনুৰ্দ্ধৰ॥ ৩৭৬॥
প্ৰজ্ঞবৰ দুষ দুষণ এহি বীৰবৰ।
ভীমক খেদিয়া গৈলা কৰি মহামাৰ॥
আঠো একে লগে যায় ব্যুহক বিদাৰি।
সমীপ চাপিলা ভীমে সমে সৈন্য মাৰি॥ ৩৭৭॥
ভঙ্গ দিলা সহাস বীৰে কৰে ছন্ন।
ৰুধিৰে প্ৰমত্ত বীৰে নপাৱে চেতন॥
বিশোকে চিনাইলা যেন খুজিলেক হাতী।
ভীমে বুলিলন্ত পাছে তাসম্বাক মাতি॥ ৩৭৮॥
ফিৰি যোৱা ভাতৃগণ আপোনাক সাৰি।
আজি ভায়েৰক থলো খাবাক নপাৰি॥

[ ৭৩ ]

তথাপিতো আসা যদি মোত দোষ নাই।
কাক গৃধ শৃগালে ভুঞ্জিবো এহি ঠাই॥ ৩৭৯॥
ভীমৰ বচন যেন প্ৰহাৰৰ জৰ।
ক্ৰোধত শৰীৰ কম্পে দশো ভায়েকৰ॥
দশ বীৰে আগ বাঢ়ি দিলে শৰ যাক।
প্ৰাস শূল নৰাচা তোমাৰ ঝাকে ঝাক॥ ৩৮০॥
দশ জনে শৰ হানে দশ গুণ বলে।
শ্ৰাৱণৰ মেঘে যেন বৰিষয় জলে॥
শৰৰ প্ৰহাৰে বিষকৰ গায় কাম্পে।
ভীমে সচকিত ভৈলা শৰৰ প্ৰতাপে॥ ৩৮১॥
নাই দিশ বিদিশ নমনি আগ পাছে।
শৰ ঘাৱে চাৰি ঘোঁ‌ৰা থিউলেঞ্জে নাছে॥
শৰৰ প্ৰহাৰে ঘোঁৰাৰ কম্পি গৈলা তনু।
পাছে ভীমে তুলি লৈলা ভয়ঙ্কৰ ধনু॥ ৩৮২॥
বায়ুক প্ৰণামি যুঝিলন্ত বায়ু শৰ।
উৰুৱাইলা শৰ ছয় ভীমে কৌৰৱৰ॥ ৩৮৩॥
দশ শৰে দশক কাটিলা অপ্ৰয়াসে।
যেন দশ গোট বৃক্ষ ভাঙ্গিল বতাসে॥
যেন তৰা সকলৰ পুণ্য ক্ষয় ভৈল।
ৰথ হন্তে দশ বীৰ খসি খসি গৈল॥ ৩৮৪॥
একে লগে তোমাৰ তনয় দশ হত।
নৰহে কৌৰৱ আৰ ভীমৰ হাতত॥

[ ৭৪ ]

অৱশেষ তোমাৰ তনয় যত মান।
দুৰ্য্যোধন ৰাজাক এৰিয়া সেহি থান॥ ৩৮৫॥
মহাভয়ে পলাইলেক এৰি ঘোৰ ৰণ।
বাঘৰ খেদাত যেন পলাই গৰুগণ॥
সেহি বেলা কৰ্ণক মাতিলা শাল্যৰাজ।
দেখা ৰাধাসুত সমৰৰ কোন কাজ॥ ৩৮৬॥
দুৰ্য্যোধন ভঙ্গ দিলা ভাতৃগণ শোকে।
অশ্বত্থামা আদি কৰি যত বীৰ লোকে॥
সমৰক ডৰে সবে আছে সেহি ঠাই।
ভীমৰ হাতত কেনে সৈন্যৰ বিলাই॥ ৩৮৭॥
আন ছলে পলাই গৈলা ক্ষত্ৰিয় সকল।
তুমি পুনঃ পলাইবা না পাবা মহাবল॥
দুৰ্য্যোধনে মহাভাৰ আৰ্পিছে তোমাত।
ধনঞ্জয় আছে যেন কালান্ত সাক্ষাত॥ ৩৮৮॥
জয় ভৈল ৰাজ্য পাইবা মৰিলে স্বৰ্গক।
আকে জানি ৰাধাসুত বিলম্বক কিসক॥
মাথা তুলি দেখা কৰ্ণ তনয় তোমাৰ।
পাণ্ডৱক প্ৰতি বৃষ ষেণে দিলা ধাৰ॥ ৩৮৯॥
আপোন তনয় তাৰা এৰা গৰ্ব্ব কত।
পাণ্ডৱ অগনি সিটো পতঙ্গ সাক্ষাত॥
পুত্ৰৰ সন্তাপে হৈবা বাতুলৰ নয়।
আকে জানি নিবৰ্ত্তয়া তোমাৰ তনয়॥ ৩৯০॥

[ ৭৫ ]

কৰ্ণে বোলে আমাৰ আগত হেন সাস।
পুত্ৰক ঝঙ্কাৰে মই নকৰো বিনাশ॥
শল্যে বোলে দেখি মই আছোঁ‌ পূৰ্ব্ব হন্তে।
দুঃশাসনক ৰাখিলাহা শোণিত পিয়ন্তে॥ ৩৯১॥
এতহন্তে বৃষষেণ কৰ্ণৰ তণয়।
ভীমক সন্ধানে ভেদিলেক শৰ ছয়॥
কুৰু সৈন্য বিদাৰন্তে গদা ধৰি কৰে।
মহা পীড়া পাইলা ভীমে বৃষষেণ শৰে॥ ৩৯২॥
ৰুধিৰে প্ৰমত্ত ভীম নপায়ন্ত জ্ঞান।
সাক্ষাতে নকুলে চাই আছে বিদ্যমান॥
ক্ৰোধত শৰীৰ কম্পে সহিতে নপাৰি।
পাণ্ডৱক লাগি বৃষষেণ দিলা ধাৰি॥ ৩৯৩॥
প্ৰথমতে নকুলে হানিলা তিন শৰ।
মৰ্ম্ম স্থানে বিদাৰিলা কৰ্ণৰ পুত্ৰৰ॥
হৃদয়ত পৰি শৰ গৈলেক নিকালি।
আৰু শৰ জুৰিলা নকুল মহাবলী॥ ৩৯৪॥
কৰ্ণৰ পুত্ৰৰ শৰ স্ফটিকে গঠিত।
ৰাত্ৰি দিনে সুশোভিত দেখি বিপৰিত॥
গোৰতে কাটিলা তাক নকুল কুমাৰৰ।
কুৰু সেনগণে দেখি হাহাকাৰ কৰে॥ ৩৯৫॥
আৰু শৰে বৃষষেণৰ কাটিলন্ত ধনু।
কৰ্ণৰ পুত্ৰৰ দশ গুণে ভৈলা মান্যু॥

[ ৭৬ ]

মহাবেগে আন ধনু লৈলা বীৰ বৰ।
খুৰ শৰে হৃদয় ভেদিলা নকুলৰ॥ ৩৯৬॥
পুনঃ আন শৰে নকুলৰ ধনুৰ্ব্বান।
কৰ্ণ সুতে কাটিলন্ত কৰি খান খান॥
ধ্বজ দণ্ড পতকা কাটিলা শৰ হানি।
দেখি ক্ৰোধে নকুলে শকতি লৈল আনি॥ ৩৯৭॥
আচোটে কাটিলা ধনু কৰ্ণ তনয়ৰ।
সিয়ো কাটিলেক ধনু বীৰ নকুলৰ॥
সাৰথি ধ্বজক ঘোৰা কাটিলেক বৰ্ম্ম।
দেখি খঙ্গে নকুলে ধৰিলা খৰ্গ চৰ্ম্ম॥ ৩৯৮॥
খৰ্গ চৰ্ম্ম ধৰি বীৰে পবন সঞ্চৰে।
মহাৰথী কাটিলন্ত দুতয় হাজাৰে॥
নানাদেশ হন্তে ৰাজাগণ আসি আছে।
নকুলে কাটিলা ভাল ভাল চাই পাছে॥ ৩৯৯॥
সামান্য সেনাক নকাটিয়া এৰিলন্ত।
কৰ্ণৰ পুত্ৰক দেখি বেগে খেদি যান্ত॥
পাছে বৃষষেণে শৰ কৰিলা সন্ধান।
অৰ্দ্ধ চন্দ্ৰ শৰে নকুলৰ বাৰু খান॥ ৪০০॥
খৰ্গ চৰ্ম্ম কাটিলা নকুল চাই আছে।
হৃদয়ত দশ শৰ প্ৰহাৰিলা পাছে॥
মহা খঙ্গে নকুলেয়ো অপমান বৰ।
শিঙ্গ ভাঙ্গা বৃষ যেন দিলেক লবৰ॥ ৪০১॥

[ ৭৭ ]

পৰবলে যত্নে ভীম ভৈলেক কাখৰি।
লৱৰিয়া নকুলে গৈলেক ৰণ এৰি॥
শুনা সৰ্ব্বজনে সাৰ ভাৰতৰ কথা।
ইহেন মনুষ্য জন্ম নকৰিয়ো বৃথা॥ ৪০২॥
হৰি ভক্তি কৰি কৰা জনম সফল।
জ্ঞান ভক্তি কৰ্ম্ম বিনে সকলি বিফল॥
ৰাম সৰস্বতী ভনে এৰা আন কাম।
জন্মৰ সাফল হৌক বেলা ৰাম ৰাম॥ ৪০৩॥

ছবি।

নমো নমো নাৰায়ণ ভৱবন্ধ বিনাশন
 অৰুণ চৰণে মোৰ গতি।
ভক্তি ধনে কিনিয়োক  সংসাৰক তাৰিয়োক
 বোলে দীন ৰাম সৰস্বতী॥ ৪০৪॥
বৃষষেণ দেখিলেক ভীম আসি পৰতেক
 নকুলক কৰিলেক ত্ৰাণ।
ক্ৰোধে চিত্ত নোহে থিৰ ভীম ধনঞ্জয় বীৰ
 দুইকো শৰ কৰিলা সন্ধান॥ ৪০৫॥
অসংখ্যত কাটি শৰে  মহা ক্ৰোধে অৰ্জ্জুনয়ো
 ভীমক মাতিলা বীৰবৰ॥

[ ৭৮ ]

আগ পাছ নিবিচাৰি  হেন আচণ্ডিকা কৰি
 অভিমন্যু গৈলা যম ঘৰ॥ ৪০৬॥
ইহাক দেখিছোঁ যাৱে বিষাদ আমাৰ ভাৱে
 উদবিগ্ন কৰে মোৰ মন।
ভীমে বোলে স্নেহ এৰি মাৰা আক শীঘ্ৰ কৰি
 অপক্ষিলে বাঢ়ে শত্ৰুগণ॥ ৪০৭॥
এহি বুলি বৃকোদৰ ধনঞ্জয় বীৰবৰ
 দুইৰো শৰে ছানিলা আকাশ।
বিপৰিত শৰ আতি দিনতে ভৈলেক ৰাতি
 ন সঞ্চৰে ৰবিৰ প্ৰকাশ॥ ৪০৮॥
বৃষষেণে আগবাঢ়ি দিব্য অস্ত্ৰ কাৰিকাৰি
 একলে দুহাঙ্কো যুদ্ধ দিলা।
শৰ ছয় কাটি নাশি  দুই জনে থাসি থাসি
 সিংহ নাদে দিশক পুৰিলা॥ ৪০৯॥
ঘোৰ ৰণে বৃষষেণে দেখিলেক দুৰ্য্যোধনে
 পাণ্ডৱক ভঙ্গাইলে একলে।
মহা বেগে দুৰ্য্যোধন সঙ্গে লৈয়া বীৰগণ
 বেঢ়ি ৰণ দিলা সম দলে॥ ৪১০॥
পাণ্ডৱৰ বীৰ চয় একলে মিলিলে ভয়
 ঘোৰ যুদ্ধ কৰিলে সকলে।
বতাস চলাইল বেগে  যেন প্ৰলয়ৰ মেঘে
 দশো দিশে কৃষবৰ্ণে চলে॥ ৪১১॥

[ ৭৯ ]

সিবেলাৰ যুদ্ধ চয়   স্মৰি গা সিহৰয়
  নেদেখিব নুশুনিব কাণে।
সামান্য সেনাক এৰি  পাঞ্চ শত ৰাজা পৰি
  অন্যে কাটা গৈল প্ৰাণে॥ ৪১২॥
কলিঙ্গ ৰাজাৰ পুত্ৰ  নকুলৰ পুত্ৰে জিনি
 কাটিলেক বিকৰ্থনা কৰি।
দেখি ভয়ে কম্পমান  কৌৰৱৰ বীৰগণ
  হন্তে পলাইলা লৱৰি॥ ৪১৩॥
একেশ্বৰে কৰ্ণ সুত  ধনু শৰ ধৰি দ্ৰুত
  নকুলৰ পুত্ৰক হানি শৰ।
আৰো শৰে মাধৱৰ   বিদাৰিলা বক্ষঃস্থল
  ফুৰণি দেখিলা গদাধৰ॥ ৪১৪॥
সাত শৰে নকুলৰ   লগালে চমক বৰ
  কুৰি শৰে ভীমক বিদাৰি।
কুৰি শৰ সৰ্প মুখ   বাচি বাচি ভয়ঙ্কৰ
  মহা ক্ৰোধে অৰ্জ্জুনক মাৰি॥ ৪১৫॥
দেখি ক্ৰোধে সব্য সাচি, লৈলা ক্ৰোধে শৰ বাচি
  কৰ্ণৰ পুত্ৰৰ বধ মানে।
মাধৱে ডাকিলা হয়  সৰ্প মুখ শৰ চয়
  মহাক্ৰোধে হামিলা অৰ্জ্জুনে॥ ৪১৬॥
সহিয়া শৰৰ ঘাৱ  কৰ্ণ সুত ক্ৰুদ্ধ ভাৱ
  চক্ষু কৰ্ণ মুন্দি যেন মতে।

[ ৮০ ]

মাধৱক দশ শৰে  বিদাৰিলা বক্ষঃস্থলে
 অৰ্জ্জুনক শৰ একশতে। ৪১৭॥
শৰ চোটে কাম্পে তনু  ধৰিলা গাণ্ডীৱ ধনু
 ধনঞ্জয় বাচি লৈলা শৰ।।
সেহি ছেগে বৃষষেণে  ত্ৰিশূল সদৃশ শৰে
 বহুত বিন্ধিলা অৰ্জ্জুনৰ॥ ৪১৮॥
নিদাৰুণ শৰ ফুটি তেজ ধাৰা বহে চুটি
 ধনঞ্জয় নপাৱন্ত বল।
সিঙ্গা শঙ্খ নাদ চয় কৌৰৱৰ জয় জয়
 চিন্তা কৰে পাণ্ডৱ সকল॥ ৪১৯॥
পুনঃ বৃষষেণ বীৰে মাধৱক কুৰি শৰে,
 ফুৰণি দেখিলা দামোদৰ।
অৰ্জ্জুনৰ শৰ ছোটে  শোণিত বহয় গোটে
 যেন গেৰ ধাৰা পৰ্ব্বতৰ॥ ৪২০॥
পৰা ভৱ পায়াবৰ  গায় কাম্পে তৰ তৰ
 ললাতৰ ঘৰ্ম্ম জল বহে।
মাধৱৰ দেখি দুখ খঙ্গে তাম্ৰ বৰ্ণ মুখ
 খঙ্গে যেন জগতক দহে॥ ৪২১॥
নিৰিতিৰ শৰ চয়  জুৰিলন্ত ধনঞ্জয়
 প্ৰতাপে আদিত্য ভৈলা মন্দ।
হানিলা অৰ্জ্জুনে ডাটি  দুই বাহু উৰু কাটি
 আৰো শৰে কাটিলন্ত বন্ধ॥ ৪২২॥

[ ৮১ ]

যেন গিৰি শৃঙ্গ হন্তে বাসৱৰ বজ্ৰপাতে
 খসি পৰিলেক তৰুবৰ।
সেহিমতে কৰ্ণ সুতে পৰিলন্ত ৰথ হন্তে
 দেখি প্ৰাণ নসহে কৰ্ণৰ॥৪২৩॥
দীৰ্ঘ ৰাৱে কান্দে শোকে বাপু এৰি যোৱা মোকে
 কেনে তই কৰি একেশ্বৰ।
আদাৰৰ পুত্ৰ মৰি আমাক চলিলি এৰি
 কি লৈয়া পশিবো আজি ঘৰ॥ ৩২৪॥
কামৰূপ মধ্যে সাৰ  অদভুত চমৎকাৰ
 বিজস্বৰ নগৰী বিশেষ।
তাহাতে উত্তম গঢ়  ঠাই ঠাই আছে দৃঢ়
 সৰ্ব্বভাৱে আদৰে নিশেষ॥ ৪২৫॥
তাতে ভৈলা নৃপবৰ দুই ইন্দ্ৰ সমসৰ
 ৰঘুদেৱ নৃপতি প্ৰধান।
যাৰ গুণ ধৰণীত প্ৰজাৰ আনন্দ চিত
 সকল সম্পূৰ্ণ ভূমি খান॥৪২৬॥
যাক নৰ নাৰায়ণে প্ৰসংশিলা ঘোৰৰণে
 সমদলে যুঝি দিলা ভঙ্গ।
আমাৰ গোষ্ঠিত বীৰ ৰঘুদেব সম নাই
 এহি বুলি কৰিলন্ত ৰঙ্গ॥ ৪২৭॥
যিটো ৰণে সেনাচয়  মৰণক নগণয়
 হস্তী ঘোৰা পদাতি অপাৰ।

[ ৮২ ]

তাহাঙ্ক ভঙ্গাইলা পূৰ্ব্বে ধন্য শুক্লধ্বজ সুত
 ৰঘুদেৱ ভতিজা আমাৰ॥ ৪২৮॥
এহি কুল ৰণ এৰি নৰ নাৰায়ণ গৈলা
 ৰঘুদেৱ ৰহিলন্ত ফিৰি।
জ্যেষ্ঠক আদৰি ৰঙ্গে  অন্ন পানে পঠাইলন্ত
 পাচে আসি পাতিলা নগৰী॥ ৪২৯॥

পদ।

সঞ্জয় বদতি কথা শুনা মহাশয়।
অৰ্জ্জুনে বধিহল যেবে কৰ্ণৰ তনয়॥
মহাশোকে অপমানে নসহয় তনু।
ৰাম হাতে ধৰিলা বিজয় নিজ ধনু॥৪৩০॥
শলো ডাকিলেক ৰথ বিজুলি সঞ্চাৰ।
শুভ যোগে কৰ্ণে অৰ্জ্জুনক দিলা ধাৰ॥
নাগ কন্যা ধ্বজ জ্বলে ৰখৰ উপৰে।
বিদুৰত থাকন্তে দেখিলা দামোদৰে॥ ৪৩১॥
অৰ্জ্জুনক চাই কৃষ্ণে বুলিলা বচন।
সাবধান হোৱা সখি খেদি আসে কৰ্ণ॥
শল্য ৰখ ডাকে দেখা শুক্ল চাৰি হয়।
আকাশক চানি আতি ৰাণ বৰিষয়॥৪৩২॥

[ ৮৩ ]

সমীপ চাপিয়া ৰথে তযু সৈন্য মাৰি।
আজি ৰাধেয়ৰ শৰ সহিতে ন পাৰি॥
ফিৰি যুদ্ধ কৰিবেক কৰ্ণৰ শৰ পাই।
আচোক মনুষ্য দেবতাৰ সাধ্য নাই॥৪৩৩॥
দেৱতাৰ গুৰু যিটো দেৱ শূলপানি।
সাবতিলা তেঁহে যাক আপোনাৰ জানি॥
মহেশক যুঁঝে বৰ লভিছা আপনি।
মনুষ্যত স্বপ্ন দেখিছে তাঙ্ক কোনি॥৪৩৪॥
অৰ্জ্জুনে বোলন্ত মই জানিছোঁ আপুনি।
পুত্ৰক কাটিয়া তাৰ জ্বলাইছো অগনি॥
প্ৰাণক উছৰ্গি আইলা যুদ্ধৰ কাৰণে।
সফল ভৰসা তযু দুখানি চৰণে॥৪৩৫॥
ঘোৰ যুদ্ধ লাগিবাৰ ভৈগৈলা সময়।
এগোটা মৰিবো আজি যুদ্ধত নিশ্চয়॥
কাল অতিক্ৰমি বিলম্বত নাই ফল।
শীঘ্ৰে ডাকিয়োক মোৰ ঘোৰাক প্ৰবল॥ ৪৩৬॥
হেন শুনি মাধৱে ডাকিলা চাৰি ঘোৰা।
উঠলিলা ৰথ খান বায়ু নহে জোৰা॥
ৰথ ঘৰিষণে বাজে সুবৰ্ণ কিঙ্কিনি।
থিৱলাঞ্জে নাছে চাৰি ঘোৰাৰ হেসনি॥ ৪৩৭॥
বানৰ ধ্বজৰ নাদে ভেদি বহু পথ।
কৰ্ণৰ আগত কৃষ্ণে ৰাখিলন্ত ৰথ॥

[ ৮৪ ]

কৰ্ণে অৰ্জ্জুনক দেখে অৰ্জ্জুনে কৰ্ণক।
দুয়ো বীৰে ধনু ধৰি টঙ্কাৰিলা দুইক॥ ৪৩৮॥
দুয়োৰো শুক্ল চাৰি ঘোৰা চন্দ্ৰসম জ্বলে।
দুয়ো মন্ত্ৰ পঢ়িলন্ত আতি সুমঙ্গলে॥
সুবৰ্ণ কঙ্কন দুহানৰ হেম হাৰ।
ঝিলিমিলি প্ৰদীপৰ জ্যোতি যেন তাৰ॥ ৪৩৯।
ৰাতুল চৰণ দুইৰো নিতূল কায়।
যেন চন্দ্ৰ সূৰ্য্য আসি ভৈলা একঠাই॥
বলা বাসৱৰ যেন মিলিল সমৰ।
ৰাম ৰাৱণৰ যেন যুদ্ধ ঘোৰতৰ॥ ৪৪০॥
সুৰা সুৰ বিমোহিত দেখিতে বিষ্ময়।
একত্ৰে মিলিল যেবে কৰ্ণ ধনঞ্জয়॥
সিবেলাত যুদ্ধ এৰি কুৰু পাণ্ডুগণ।
কৰ্ণ অৰ্জ্জুনক বেঢ়ি চাৱে ঘোষৰণ॥ ৪৪১ ৪
কৰ্ণৰ হৰিষ বঢ়াই ৰাজা দুৰ্য্যোধন।
সম দলে জয় জোকাৰিয়া ঘনে ঘন॥
ভীম আসি অৰ্জ্জুনক বেঢ়ি সম দলে।
সিংহনাদ কৰিলন্ত শৰীৰৰ বলে॥ ৪৪২॥
কৰ্ণ অৰ্জ্জুনৰ যুদ্ধ চাহিবাক মনে।
আকাশ ঢাকিয়া ৰহিলন্ত দেবগণে॥
ইন্দ্ৰ দেৱ আসিলন্ত কুবেৰ নৈঋতি।
আসিলন্ত অষ্টবসু বায়ু ধনপতি॥ ৪৪৩॥

[ ৮৫ ]

সিদ্ধ মুনি বিদ্যাৰ গন্ধৰ্ব্ব চাৰণ।
বিমানে চৰিয়া আইলা অপেশ্বৰাগণ॥
স্বামী সমে ৰহিলা যতেক দেৱনাৰী।
আসিলা অসুৰগণ পাতালক চাৰি॥ ৪৪৪॥
অৰ্জ্জুনৰ পক্ষে ইন্দ্ৰ আদি দেৱগণ।
অৰ্জ্জুনৰ জয়হেতু কৰে ৰঙ্গ মন॥
সূৰ্য্য সম জ্বলয় অসুৰ নিৰন্তৰ।
ৰাক্ষসে পিশাচে জয় সাধে ৰাধেয়ৰ॥ ৪৪৫॥
এহিমতে আসি দুয়োদল নিৰন্তৰ।
নিশ্চলে বহিলা যেন দুখান সাগৰ॥
মাধৱে বোলন্ত যুদ্ধ আৰম্ভৰ কালে।
ইষ্টদেৱ শঙ্কৰক চিন্তিয়ো সকলে॥ ৪৪৬॥
অৰ্জ্জুনে বোলন্ত সখি তুমি মোৰ দেৱ।
তোমাৰ চৰণে লক্ষ কোটি কৰোঁ সেৱ॥
এহিবুলি কৃষ্ণক নমিলা ধনঞ্জয়।
পাচে প্ৰণামিলা দ্ৰোণ কৃপ মহাশয়॥ ৪৪৭॥
গাণ্ডীৱ ধনুক ধৰি নমি বাৰম্বাৰ।
পিতৃ মাতৃ প্ৰাণামিলা পাণ্ডুৰ কুমাৰ॥
পৰশু ৰামক গুৰু নমি ৰাধাসুত।
বিজয় ধনুক সিটো ধৰিলেক দ্ৰুত॥ ৪৪৮॥
মহাশব্দে ভীত ভৈলা সমস্ত লোকৰ।
একে লগে দুয়ো বীৰে কৰিলা প্ৰহৰ॥

[ ৮৬ ]

দুয়োৰো শৰে আকাশ ঢাকিলা নিৰন্তৰ।
ৰবিৰ কিৰণ আৰ নপশে ভিতৰ॥ ৪৪৯॥
যেন দুই খান মেঘে জল বৰিষয়।
নিচিনা আপোন পৰ অন্ধকাৰ ময়॥
অৰ্জ্জুনৰ শৰচয় উফৰিয়া পৰে।
কুৰুসেনা মাঝে পৰি ঝাকে ঝাকে মৰে। ৪৫০ ৪
কৰ্ণক শায়ক পৰি মৰে পাণ্ডৱৰ।
হাহাকাৰ মিলি গৈলা সমস্ত লোকৰ।
অৰ্জ্জুনে জিন কিবা বলাধিক কৰ্ণ।
নজানি দুয়োৰো আজি মৰে কোন জন॥ ৪৫১॥
সেহি বেলা অৰ্জ্জুনে জুৰিলা এক শৰ।
পঞ্চ মুখ নাম তাৰ দেখি লাগে ডৰ॥
ফোকাৰন্তে অগ্নি জ্বলে পাঞ্চ মুখে জুৰি।
সন্ধানত হোৱে দশ প্ৰহাৰন্তে কুৰি॥ ৪৫২।
কৰ্ণৰ আগত পৰি হাজাবেক মানে।
ফুটি ফুটি শোণিত পৰয় থানে থানে॥
হাচটি ঘামিয়া দেহা দাৰুণ সন্ধানে।
তিৰি মিৰি দেখিলেক নাই শ্ৰুতি জ্ঞানে॥ ৪৫৩
ভূমিকম্প যান্তে যেন পৰ্ব্বত কাম্পয়।
ৰথে পৰি দেখে কৰ্ণ বিশ্ব তমোময়॥
দেবতাৰ মহানন্দ অসুৰৰ শোক।
কৰ্ণে বোলে অৰ্জ্জুনে পীড়িলা শৰে মোক॥ ৪৫৪॥

[ ৮৭ ]

ক্ৰোধে তাম্ৰবৰ্ণ মুখ নহে সন্ধান।
তৃণ হন্তে আন্তৰি লৈলেকে এক বাণ॥
যাক কৰ্ণে কুঙ্কুম চন্দনে ভিন্যে ভিন্যে।
অৰ্জ্জুনৰ বধ হেতু পূজে এত দিনে॥ ৪৫৫॥
যাক ডৰে দেবাসুৰ গন্ধৰ্ব্ব নাগৰ।
কৰ্ণে আনি ধনুত জুৰিলা সেহি শৰ॥
মেৰু গিৰি কম্পিলা কম্পিলা বসুমতী।
নকৰে প্ৰকাশ চন্দ্ৰ সূৰ্য্যৰ জেউতি॥ ৪৫৬॥
জন্ম কথা কহো শুনা শৰৰ কাহিণী।
অৰ্জ্জুনে খাণ্ডৱ বন দহিলা যৈশানি॥
ইন্দ্ৰৰ খাণ্ডৱ বন প্ৰচণ্ড সাক্ষাত।
মৃৰ্ত্তিৱন্ত অগ্নি যায় লাগিলা তাহাত॥৪৫৭॥
মৰণক ভয়ে জন্তু পলাইলা তৰিত।
শৰে হানি অৰ্জ্জুনে পেলাইলা অগনিত॥
এহিমতে সব জন্তু হোৱয় বিনাশ।
দেখি সপিণীৰ ভয়ে ভৈলা গৰ্ভ ত্ৰাস॥ ৪৫৮॥
সৰ্পিণী মাতৃক সুতে বোলে হেন সাস।
আসা মাতৃ তুমি আমি পলাও আকাশ॥
সৰ্পিণী বদতি বাপু যাইবে কেনমতে।
শৰে হানি অৰ্জ্জুনে কাটিব আকাশতে॥ ৪৫৯॥
আকে জানি বুদ্ধি কহো শুনা কথা মোৰ।
মুখ গোটা মোৰ গৰ্ভে পশিয়ো তোমাৰ॥

[ ৮৮ ]

আকাশে চলন্তে যদি শৰে মোক কাটে।
গৰ্ভৰ ওলাই তই পলাইবিহি যান্তে॥ ৪৬০॥
হেন শুনি সৰ্প যায় গৰ্ভত পশিলা।
আকাশে চলন্ত তাক অৰ্জ্জুনে দেখিলা॥
মহা ক্ৰোধে শৰ ধৰি কৰিলা সন্ধান।
আকাশতে কাটিয়া কৰিলা দুই খান॥ ৪৬১॥
লাঞ্জ কাটা গৈলা খণ্ড পুচ্ছ নাম ভৈলা।
অৰ্জ্জুনৰ বধ মনে তপস্যাক গৈলা॥
তপস্যা কৰিয়া লভিলা ইষ্ট বৰ।
খণ্ড পুচ্ছ নামে শৰ দেখি লাগে ডৰ॥ ৪৬২॥
অৰ্জ্জুনক বৈৰ ভাৱে মানিয়া পূৰ্ব্বত।
আশা কৰি আছে সিটো কৰ্ণৰ তৃণত॥
সেহি শৰ কৰ্ণে যে ধনুত আছে জুৰি।
দেখি যুধিষ্ঠিৰৰ ধাতু গৈলা উৰি॥৪৬৩॥
বিশল্য কৰণি কৰি নিৰূজ শৰীৰ।
সমৰ চাহিবে আসি আছে যুধিষ্ঠিৰ॥
তেহোঁ আতি শোকে প্ৰাৰধিয়া মাধৱক।
তোমাৰ ভৃত্যৰ প্ৰভু তুমিসে ৰক্ষক॥ ৪৬৪॥
কৰ্ণৰ বিবৰ্ণ মুখ ঘোৰ শৰ দেখি।
মাধৱে বোলন্ত সাৱধান হোৱা সখি॥
শৰ প্ৰহাৰন্তে তুমি চপাৰাইবা মাথ।
অৰ্জ্জুনে বোলন্ত নুবুলিৱা জগন্নাথ॥ ৪৬৫॥

[ ৮৯ ]

মাথা চপাৰাইবো মই কৰ্ণৰ ডৰত।
আত কৰি কোন দুখ আছে মৰণত॥
কৰ্ণ কোলে অৰ্জ্জুন শুনিবি প্ৰাশ বৈৰী। :
ভাতৃ বন্ধু মাধৱক চাউ প্ৰাণ ভৰি॥ ৪৬৬॥
প্ৰাণ সখি মাধৱক কৰিও সম্ভাস।
আৰু জীৱনত তই নকৰিবি আশ॥
তোহোৰ বধৰ মনে অঙ্গীকাৰ কৰি।
বাঢ়য় বছৰ মনে নপখলে ভৰি॥৪৬৭॥
তোক মাৰি পাণ্ডৱৰ খণ্ডায়ো ৰাজ্য আশ।
চাৰিয়ো ভায়েৰক কৰো কৌৰৱৰ দাস॥
এহি বুলি লক্ষ্য কৰি যুৰিলেক শৰ।
হেন দেখি মনে গুণি শল্য নৰেশ্বৰ॥ ৪৬৮॥
মই আল বুলিলে কৰিব আন কৰ্ণ।
হেনৱা উপায়ে ৰক্ষা পৰন্ত অৰ্জ্জুন॥
এহি বুলি গুণি ৰাধেয়ক মাতে শল্যৰায়।
শুনা কৰ্ণ শৰ পাত মাৰা চপৰায়॥ ৪৬৯॥
উৰ্দ্ধাতি ভৈলে শৰে নপাইবেক গল।
মোৰ বোলে চপৰাই মাৰা মহাবল॥
কৰ্ণ বোলে নৃপতি পাগল দেখো তোক।
এভো বৃদ্ধ ভৈলো শৰ শিক্ষা দিয়া মোক॥ ৪৭০॥
তোৰ বোল নকৰিবো যাৱে থাকে প্ৰাণ।
এহি বুলি উৰ্দ্ধক ভাঙ্গিলা কিছু মান॥

[ ৯০ ]

দেখি জয় জয় ভৈলা অসুৰ সবাৰ।
অৰ্জ্জুনক লাগি বীৰে প্ৰহাৰিলা শৰ॥ ৪৭১॥
সকল জগত খান ডোল ডোপ ভৈলা।
আকাশৰ তৰাগণ খসি খসি গৈলা॥
দশোদিশে শুনি সবে হাহাকাৰ বাণি।
অৰ্জ্জুনে দেখন্ত আসে দশ দিশ চালি॥ ৪৭২॥
সকল জগত আছে কৃষ্ণৰ উদৰে।
জগতৰ ভৰ দিলা ৰথৰ উপৰে॥
জানু পাৰি চাৰি ঘোঁৰা ভূমিত পৰিল।
সি কাৰণে ৰথ খন কিছু চাপৰিল॥ ৪৭৩।
কৰ্ণৰ শায়কে তাতে নপাইলেক গল।
মাধৱৰ ভক্তৰ নাহিকে অমঙ্গল॥
তথাপিতো বৃথা নাই অমোঘ যে শৰ।
শিৰ নপাই কিৰিটি কাটিলা অৰ্জ্জুনৰ॥ ৪৭৪॥
ঝটাত শবদে গৈলা কিৰিটি উফৰি।
সূৰ্য্য সম শোভা কৰে ধৰণীত পৰি॥
সাবতি ধৰিলা কৃষ্ণে হাকুল ব্যাকুলে।
মহাশোকে কান্দিন্ত অৰ্জ্জুন মহাবলে॥৪৭৫॥
দিব্যৰত্নে বিৰচিত মাণিক পোৱালে।
বৈদুৰ্য্য মুকুতা মণি সূৰ্য্য সম জ্বলে॥
বিধাতা স্ৰজিছে যাক অনেক যতনে।
সিহেন কিৰিটি মোৰ কাটিলন্ত কৰ্ণে॥ ৪৭৬॥

[ ৯১ ]

দেখিতে নপাৱে যাক দেৱতা সকলে।
তাকা কাটি কৰ্ণে পেলাইলেক মহিতলে॥
হেন শুনি অৰ্জ্জুনক মাতিলন্ত হৰি।
কিৰিটি সে ছাৰ দেখা মৰণত কৰি॥ ৪৭৭॥
খণ্ড পূচ্ছ নামে শৰ তযু বৈৰি ভৈল।
খাণ্ডৱ দহনে তাৰ মাতৃ কাটা গৈল॥
কৰ্ণৰ টুণত ছিদ্ৰ চাই ফুৰে সাজি।
সেহি শৰে ভাগ্যে সে ৰহিলা সখী আজি॥ ৪৭৮॥
কিৰিটি নাহিকে দেখি লাজ পাই যাতে।
এহি বুলি পীত বস্ত্ৰ বান্ধিলন্ত মাথে॥
আন দিনাতো কৰি অৰ্জ্জুনক শোভে আতি।
ফিৰি গৈলা খণ্ড পুচ্ছ ৰাধেয়ক মাতি॥ ৪৭৯॥
শুনা ৰাধাসুত মই কহোঁ তযু আগে।
শল্যৰ বচন ন লঙ্ঘিবা খঙ্গে ৰাগে॥
পুনঃ ফিৰি মাৰা অৰ্জ্জুনক কাটো মই।
হেন শুনি কৰ্ণে বোলে কহ কোন তই॥ ৪৮০॥
খণ্ড পুচ্ছে বোলে মই সৰ্পিণী কুমাৰ।
পূৰ্ব্বত অৰ্জ্জুনে মাতৃ কাটিছে আমাৰ॥
সেহি বৈৰ স্মৰি মই তপস্যাৰ ফলে।
অৰ্জ্জুনক কাটিবাক পাৰোঁ অৱহেলে॥৪৮১॥
কৰ্ণে বোলে দুৰ পাপী অধম দুৰ্জ্জন।
যাৱে নতু কটো তোক পলাহ এখন॥

[ ৯২ ]

তোত সে আশায় কাটো অৰ্জ্জুনৰ শিৰ।
কৰ্ণক দেখিলি তই শৰৰ কাতৰ॥ ৪৮২॥
কৰ্ণত নিৰাশ হৈয়া মনে মনে গুণে।
অৰ্জ্জুনক কাটিবাক গৈলেক আপুনে॥
কত দূৰ চলম্ভে দেখিলা জগন্নাথে।
কুৰি শৰে অৰ্জ্জুনে কাটিলা আথেবেথে॥ ৪৮৩॥
কুৰি শৰে কুৰি খণ্ড সৰ্পিণী তনয়।
দেখি সব পাণ্ডৱে কৰন্ত জয় জয়॥
ভাৰত কাহিণী কহোঁ শুনা মন কৰি।
পাতক চাৰোক ডাকি বোলা হৰি হৰি॥ ৪৮৪॥

পুনঃ পদ।

খণ্ড পুচ্ছ মৰি যেবে যম ঘৰে গৈলা।
দেখি ৰাধেয়ৰ মহা ক্ৰোধ জ্বলি গৈলা॥
এক পাত শৰ আনি গুণত জুৰিলা।
কৰ্ণ মানে ধনু টানি হানিয়া পঠাইলা॥ ৪৮৫॥
অৰ্জ্জুনে দেখন্ত শৰ আসে বায়ু বেগে।
দশ শৰ হানি কাটিলন্ত সেহি ছেগে॥
আৰ শত শৰ কৰ্ণ হানিলা সন্ধানে।
অৰ্জ্জুনে কাটিলা তাক ক্ষুৰ পতি বানে॥ ৪৮৬॥

[ ৯৩ ]

বৰুণৰ শৰ কৰ্ণে হানিয়া পঠাইলা।
গিৰ গিৰ কৰি মেঘে বৰষুণ দিল॥
দেখি ধনঞ্জয়ে মাৰিলা বায়ুবান।
আকাশতে কাটিয়া কৰিল খান খান॥ ৪৮৭॥
দেখি মহা ক্ৰোধ কৰি কৰ্ণ বীৰবৰ।
ভল্ল শৰে হৃদয় ভেদিলা অৰ্জ্জুনৰ॥
মহাছোট পাইয়া পাছে পাণ্ডুৰ তনয়।
গুণত জুৰিলা আনি দিব্য শৰচয়॥ ৪৮৮॥
মন্ত্ৰ অভিষেক কৰি হানিলা সন্ধানে।
কৰ্ণৰ শৰীৰে ফুটিলেক থানে থানে॥
মহাছোট পাইয়া পাছে কৰ্ণ মহাবলী।
মূচ্ছা গৈয়া ৰথ মাঝে পৰিলা নিধানি॥ ৪৮৯॥
শল্য সাৰথিয়ো পাছে আঙ্কোৱালি তুলি।
কিছু সুস্থ কৰিলা মধুৰ বাক্য বুলি॥
সষ্টম হুয়া কৰ্ণে ধনুক ধৰিলা।
দুই পাত অৰ্দ্ধ চন্দ্ৰ গুণত জুৰিলা॥ ৪৯০॥
গায়ৰ সন্ধানে হানিলেক মহাবলে।
অৰ্জ্জুনৰ শৰীৰে পৰিলা সেহি তালে॥
শৰ বিষে অৰ্জ্জুনৰ শ্ৰুতি জ্ঞান নাই।
ঢলিয়া পৰিলা যেন মৃতক পৰাই॥ ৪৯১॥
মাধৱে দেখন্তে মোৰ সখী মৰে বুলি।
আথে বেথে দুয়ো হাতে ধৰি আঙ্কোৱালি॥

[ ৯৪ ]

অমৃতৰ হাতে গাৱ মাজিলন্ত হৰি।
ধনঞ্জয় সুস্থ ভৈলা এদিনাত কৰি॥ ৪৯২
মাধৱৰ পাৱে ধৰি বোলন্ত অৰ্জ্জুনে।
ৰক্ষা পৰিলোহো প্ৰভু তোমাৰসে গুণে॥
তযু সম ভকত বৎসল কৈত আছে।
এহি বুলি গাণ্ডীৱক ধৰিলেক পাছে॥ ৪৯৩
অগস্ত্য দিবাৰ শৰ পাত গুণি পাইলা।
তূণ হন্তে আনি পাছে গুণত চৰাইলা।
মন্ত্ৰ অভিষেক কৰি হানিলন্ত ভাটি।
দেখি সেনাগণে ডৰে পলাইল ফাটি॥৪৯৪॥
বিম্বাস শবদে শৰপাত আসি পাইলা।
কৰ্ণৰ হৃদিত পৰি পিঠি বাঝ ভৈলা॥
ঢলি পৰিলেক কৰ্ণ মহা পীড়া পায়।
সেনাক লাগিয়া শৰ পাত গৈলা ধায়॥ ৪৯৫
একলক্ষ প্ৰজা সংহৰিয়া অৱহেলে।
পুনঃ ৰূপি শৰ পাত পশিলা পাতালে॥
সাত সাগৰত স্নান কৰি তেতিক্ষণ।
পুনঃৰূপি পশিলেক অৰ্জ্জুনৰ তূণ॥ ৪৯৬॥
কতো বেলি ৰাধা শুতে পাইলা চেতন।
অৰ্জ্জুনক বুলিলন্ত প্ৰশংসা বচন॥
সাধু সাধু ধনঞ্জয় মহাবলী আৰ।
এহি বুলি ষাঠি শৰ কৰিলা প্ৰহাৰ॥ ৪৯৭॥

[ ৯৫ ]

ধনঞ্জয় প্ৰহাৰিলা কুৰি পাত বান।
আকাশতে কাটিয়া কৰিলা খান খান॥
কৰ্ণ অৰ্জুনৰ যুদ্ধ দেখি ভয়ঙ্কৰ।
মনে মনে মনত শুণন্ত দামোদৰ॥ ৪৯৮॥
মই কৰিলোহে কিনো কাৰ্য্য বিপৰ্য্যয়।
দুই সহোদৰ একে কুন্তীৰ তনয়॥
মোহোৰেসে মায়ায় কয় ঘোৰ দ্বন্দ্ব।
আজি কৰ্ণ ছিঙ্গিয়া যাইবে ভৱ বন্ধ॥ ৪৯৯॥
পুনঃ ৰূপি দুয়ো বীৰে দৃঢ় মুঠি ধৰি।
সূৰ্য্যসম শায়ক লৈলেক দুয়ে তুলি॥
গুণত চৰাই শৰ মহা ক্ৰোধ কৰি।
আকৰ্ণ পুৰিয়া প্ৰহাৰিলা মন্ত্ৰ পৰি॥ ৫০০॥
সূৰ্য্যৰ সমান হুয়া আকাশে প্ৰকাশে।
দুয়োৰো শৰে উভয় সেনাক বিনাশে॥
হেন মতে দুয়ো বীৰে কৰন্ত সমৰ।
নাহি নুপজিব হেন যুদ্ধ ভয়ঙ্কৰ॥ ৫০১॥
পাছে কৰ্ণ একষষ্টি শৰ প্ৰহৰিলা।
ধনঞ্জয় এক শৰে বাটতে কাটিলা॥
পুনঃ ৰূপি কৰ্ণে প্ৰহৰিলা শৰ চয়।
পথতে কাটিলা তাক পাণ্ডুৰ তনয়॥ ৫০২॥
এহিমতে কৰ্ণে প্ৰহাৰিলা শৰ যত।
শৰ হানি ধনঞ্জয় কাটন্ত সমস্ত॥

[ ৯৬ ]

কতো শৰ যোৰে কতো নাপায় যুৰিতে।
শৰ হানি ধনঞ্জয় কাটয় ত্বৰিতে॥ ৫০৩॥
কোন বেলা কোন শৰ হানিতে লাগয়।
সি সবক কৰ্ণে পাহৰিলা সমুদায়॥
পৰশুৰামে শাপি তাক আছয় পূৰ্ব্বত।
সময়ৰ শৰ তন নপৰে মনত॥ ৫০৪॥
ধৃতৰাষ্ট্ৰ ৰাজাৰ সংশয় মনে ভৈলা।
সঞ্জয়ক মাতি পাছে পুছিবাক লৈলা॥
ছেদিয়ো সংসয় মোৰ সঞ্জয় মহন্ত।
কি কাৰ্য্যে কৰ্ণক পশুৰামে শাপিলন্ত॥ ৫০৫॥
সঞ্জয় বদতি শুনিয়োক মহাৰাজ।
পূৰ্ব্বত কৰ্ণয়ো বৰ কৰিছে অকাৰ্য্য॥
অস্ত্ৰ শিখিবাক লাগি কৰ্ণবীৰবৰে।
বিচাৰিয়া গুৰু নাপাইলন্ত ৰবি তলে॥ ৫০৬॥
আপুনাৰ তুল্য গুৰু নেদেখিয়া কৰ্ণে।
নমিলন্ত গৈয়া পৰ্শুৰামৰ চৰণে॥
পৰ্শুৰামে বোলে তই কাহাৰ কুমাৰ।
কিবা কাৰ্য্যে আসি আছা থানক আমাৰ॥ ৫৭
কৰ্ণে বোলে গুৰু মই ৰাধাৰ তনয়।
গুৰু হুয়া মোহোক শিখোৱা শৰ চয়॥
পৰ্শুৰামে বোলে মই কৰিয়াছো অঙ্গীকাৰ।
ক্ষত্ৰিয় সম্বন্ধে শৰ নিশিখাইব আৰ॥ ৫০৮॥

[ ৯৭ ]

দুখীৰ ছাৱল যেন দেখুৱাইছ তুই।
যুদ্ধ বিদ্যা শৰচয় শিখাইবো মই॥
এহি বুলি পৰ্শুৰামে শৰ শিখাইলন্ত।
অকপট ভাৱে শৰ মন্ত্ৰক দিল॥ ৫০৯॥
এক দিনা কৰ্ণৰ উৰুত থৈয়া শিৰ।
নিদ্ৰা গৈয়া আছে পৰ্শুৰাম মহাবীৰ॥
দৈব যোগে এক শাল বৃক্ষ গজিলেক।
উৰু শিৰ ভেদি সিটো বৃক্ষ উঠিলেক॥ ৫১০॥
শিপাল পৰম দুৰ্জ্জয় বৃক্ষ শাল।
গঞ্জিল মাত্ৰকে উধাই যায় সাত তাল॥
কৰ্ণ জগাইলন্ত গুৰু জাগ জাগ বুলি।
পৰ্শুৰামে চাহিলন্ত নয়ন উন্মিলি॥ ৫১১॥
উঠিলন্ত মহাবীৰ ঘুমতিৰ জাগি।
তেতিক্ষণে সিটো শাল বৃক্ষ গৈলা ভাগি॥
উৰু শিৰ ভেদি শাল বৃক্ষ গজিলেক।
পৰ্শুৰামে মনত বিস্ময় মানিলেক॥ ৫১২॥
মই পৰ্শুৰাম বীৰ যামদগ্নি সুত।
ব্যথা নাপাওঁ শাল গজে নুহি অদভুত॥
ইটো শিশুমতি কেন মতে সহিলেক।
ৰাধাৰ তনয় নুহি জানিলোঁ প্ৰত্যেক॥ ৫১৩॥
নজানোহো কোন ইটো ক্ষত্ৰিয় তনয়।
কপট কৰিয়া শিখিলেক শৰচয়॥

[ ৯৮ ]

এহি বুলি পৰ্শুৰামে কোপে জ্বলিলন্ত।
কৰ্ণক চাহিয়া পাছে গৰ্জি বুলিলন্ত॥ ৫১৪॥
হায়েৰে পাপিষ্ঠ তই অধম দুৰ্জন।
মোৰ অঙ্গীকাৰ আসি কৰিলিহি ছন্ন॥
কৰ্ণ বোলে প্ৰভো মই ৰাধাৰ তনয়।
কৰ্ণ হেন নাম মোৰ জগতে জানয়॥ ৫১৫॥
পৰ্শুৰামে বোলে পাপী কিনে দিল তোৰ।
যাতো তই শিষ্য বেটা আসি ভৈলি মোৰ॥
শিষ্য পুত্ৰ হৈলে কাটিবাৰ যোগ্য নয়।
সি কাৰণে আজি তোক নকটাটিলো মই॥ ৫১৬॥
তথাপিতো শাপ তোক দিওঁ অভিমত।
সময়ৰ শৰ তোৰ নপৰোক মনত॥
সঞ্জয় বদতি শুনিয়োক নৃপবৰ।
সেহি শাপে শৰ পাশৰিলা সময়ৰ॥ ৫১৭॥
যাতো পাণ্ডৱৰ হৰি আপুনি সহায়।
মুহিলে কৰ্ণৰ কোনে উৰৱাইবে চাই॥
কৰ্ণৰ আসিয়া মৃত উপস্থিত ভৈলা।
ধনঞ্জয় বাছি বজ্ৰকুট শৰ লৈলা॥ ৫১৮॥
জাজ্বল্য সমান চণ্ড বায়ু বহ্নি সম।
আসিলা হৰিষে সংহৰিতে যেন যম॥
জন্ম কথা কহো শুনা শৰযে পাতৰ।
যি কালত বৃত্ৰক বধিলা পুৰন্দৰ॥ ৫১৯॥

[ ৯৯ ]

দধিচি ঋষিৰ অস্থি বজ্ৰক গঢ়িল।
অৱশেষ অস্থি কিছু তাহাৰ ৰহিল॥
বিশ্বকৰ্ম্মে তাহাৰ নিৰ্ম্মিল এক শৰ।
বজ্ৰকুট নাম যাৰ দেখি লাগে ডৰ॥ ৫২০॥
যি কালত স্বৰ্গক গৈলন্ত ধনঞ্জয়।
আপুনি বাসৱে শিখাইলন্ত শৰ চয়॥
মন্ত্ৰ সমে অৰ্জুনক সেহি শৰ দিলা।
পাছে পুৰন্দৰে তাৰ গুণক কহিলা॥ ৫২১॥
তোমাক বধিবে যিটো কৰে অঙ্গীকাৰ।
তাহাকেসে ইটো শৰ কৰিব প্ৰহাৰ॥
অল্পজন ভৈলে তাক নমৰিবা শৰ।
অপোন পৰক মাৰি নেই যমঘৰ॥ ৫২২॥
এহি বুলি শৰ ইন্দ্ৰে পুত্ৰক দিলন্ৰ।
সেহি শৰ অৰ্জ্জুনে গুণত যুৰিলন্ত॥
বাসৱক প্ৰণামি শৰক নমিলন্ত।
গাণ্ডীৱ ধনুক তুলি গুণ যুৰিলন্ত॥ ৫২৩॥
মাধৱৰ পদ ধূলি শিৰত লৈলন্ত।
শৰত জপিয়া পুনঃ মন্ত্ৰ কহিলন্ত॥
কৰ্ণৰ ঘোৰাৰ টাব ধৰে বসুন্ধৰী।
প্ৰতি পদে ঘোটকৰ পোত যায় ভৰি॥ ৫২৪॥
চলিবাক নপৰান্ত কৰ্ণ বীৰ বৰ।
ইন্দ্ৰৰ আনন্দ দেখি বিষাদ সূৰ্য্যৰ॥

[ ১০০ ]

মাধৱে বোলন্ত সখি কিবা চোৱা আৰ॥
এহি শুভক্ষণে শৰ কৰিয়ো প্ৰহাৰ॥ ৫২৫॥
কৃষ্ণৰ আদেশে কৰ্ণমান ধনু টানি।
কৰ্ণৰ শিৰক লক্ষ্য কৰি মহামানী॥
টাঙ্গাৰ কৰিয়া শৰ প্ৰহৰিলা ডাটি।
কৰ্ণৰ শিৰক তেতিক্ষণে নিলা কাটি॥ ৫২৬॥
কুণ্ডলে মণ্ডিত শিৰ জ্বলে অতিশয়।
বজ্ৰকুট শৰে কাটিল ধনঞ্জয়॥
ঝটত শবদে পৰিলন্ত শিৰ গোট।
তেতিক্ষণে পাতালে পশিলা শৰ পাট॥ ৫২৭॥
সতো সাগৰত স্নান কৰি তেতিক্ষণে।
পুনঃ ৰূপি পশি ৰৈলা অৰ্জ্জুনৰ তূণে॥
যেতিক্ষণে কৰ্ণ বীৰ ৰণত পৰিল।
এক আঙ্গুলে ভূমি উপৰ উঠিল॥ ৫২৮॥
যুধিষ্ঠিৰ সমে পাণ্ডৱৰ চাৰি ভাই।
মহাৰঙ্গে অৰ্জ্জুনক বেঢ়িলেক যায়॥
হৰিষতে স্বৰ্গ যেন পাইলা হাত মেলি।
অৰ্জ্জুনৰ সহিতে লাগিলা গলাগলি॥ ৫২৯॥
যুধিষ্ঠিৰে বোলে ধনঞ্জয় মহাবলী।
আজি মোৰ হৃদয়ৰ শল্য উদ্ধাৰিলি॥
শুনা সৰ্ব্বজন মহাভাৰতৰ কথা।
ইহেন মনুষ্য জন্ম নকৰিবা বৃথা॥ ৫৩০॥

[ ১০১ ]

অসাৰ সংসাৰ চিন্তা এৰি সৰ্ব্বজন।
অনুক্ষণে হৰিপদ কৰিও স্মৰণ॥
কহে ৰাম সৰস্বতী কৃষ্ণৰ চৰণে।
বোলা ৰাম ৰাম হৰি সভাসদগণে॥ ৫৩১॥


দুলৰী।

সঞ্জয় বদতি শুনা কুৰুপতি
 পাছে যেন ভৈলা কাজ।
যেতিক্ষণে কৰ্ণ  ৰণত পৰিল
 দেখি দুৰ্যোধন ৰাজ॥ ৫৩২॥
মহাশোক শেলে  হৃদয় বিদাৰে
 যেন গায়ে দিলা জুই।
কতো বেলি ৰাজা  নমাতি থকিলা
 অধোমুখে মৌন হুই॥ ৫৩৩॥
কৰ্ণ পৰে ৰণ  তাৰ মাথে যেন
 স্বৰ্গ পৰিলেক ভাগি।
মহাশোকে ৰাজা  কান্দিবে লাগিল।
 ৰাধাৰ পুত্ৰক লাগি॥ ৫৩৪॥
তোহোৰ বহুত  আশ্ৰয় কৰিয়া
 জীয়ো মই সমুদায়।

[ ১০২ ]

বিধাতাই মোক  কপট কৰিলা
 কৰ্ণৰ হেন বিলায়॥ ৫৩৫॥
আবে কাত মই  আশ্ৰয় কৰিবো
 নপাওঁ বিচাৰ কৰি।
পাপিষ্ঠ দুৰ্জন  মোক মাৰিয়া
 কৰ্ণক কেন মাৰিলি॥ ৫৩৬॥
এহিমতে ৰাজা  যিঠিক তৰ্জিয়া
 কৰ্ণৰ শোকে অপাৰ।
নৃপতিৰ শোক  দেখি ৰাজা প্ৰজা
 সবে কৰে হাহাকাৰ॥ ৫৩৭॥

পদ।

সঞ্জয় বদতি কথা শুনা মহাশয়।
তাত পাছে যি কৰিলা কৃষ্ণ ধনঞ্জয়॥
কৰ্ণক বধিয়া মনে আনন্দ মিলিল।
গধূলি সময়ে সবে গৃহক আসিল॥ ৫৩৮॥
যুধিষ্ঠিৰ নৃপতিক সবে মধ্য কৰি।
লৰিলেক বীৰগণ চৌপাশে আবৰি॥
কৃষ্ণু ধনঞ্জয় দুয়ে আতি ৰঙ্গমনে।
নৃপতিক মধ্য কৰি চলিলা তেক্ষণে॥ ৫৩৯॥

[ ১০৩ ]

ভীমসেন মাদ্ৰীৰ তনয় ভিন্নে ভিন্নে।
যুধিষ্ঠিৰ ৰাজাক আবৰি ৰঙ্গ মনে॥
আনো সব বীৰগণ অস্ত্ৰ শস্ত্ৰ ধৰি।
আগে পাছে চলে সবে পতকাক ধৰি॥ ৫৪০॥
চিহ্নধ্বজ দণ্ড ছত্ৰ তুলি নচুৱায়ে।
শঙ্খ ভৰি কতো জনে কৰতাল বাৰে॥
ঢাল টোল ডামামা বাজাৱে বীৰ মাঝে।
সেনাৰ আন্দোল নুশুনি শবদ বাঝে॥ ৫৪১॥
এহিমত আনন্দে চলন্ত যুধিষ্ঠিৰ।
কতো বেলি পাইলা গৈয়া আপোন মন্দিৰ॥
ৰথৰ নামিয়া অভ্যন্তৰে পশিলন্ত।
স্বকি স্বকি স্থানে বীৰগণ বহিলন্ত॥ ৫৪২॥
কৃষ্ণ ধনঞ্জয় দুয়ো নামিলা ৰথৰ।
হাতে ধৰাধৰি কৰি গৈলা অভ্যন্তৰ॥
চৰণ পখালি কিছু ভোজন কৰিলা।
ৰাজাগণ আসি সবে দুৱাৰে ৰহিলা॥ ৫৪৩॥
কৃষ্ণ ধনঞ্জয় দুয়ো আনন্দিত মনে।
ৰাজাৰ পাশক লাগি গৈলা ৰঙ্গমনে॥
ৰত্ন সিংহাসনে যুধিষ্ঠিৰ নৃপবৰ।
অমৰাৱতী পাটে যেন দেৱ পুৰন্দৰ॥ ৫৪৪॥
এক পাশে আসি কৃষ্ণা দেবী বসিলন্ত।
কৃষ্ণ ধনঞ্জয় সেহি সভাক গৈলন্ত॥

[ ১০৪ ]

নৃপতিৰ সমীপক ধীৰে ধীৰে গৈলা।
পাছে কৃষ্ণে শিৰৰ পাগুৰি নমাই থৈলা॥ ৫৪৫॥
মাটিত পাগুৰি থৈয়া গৌৰৱৰ ভাৱে।
দুয়ো সখি ৰাজাৰ নমিলা দুয়ো পাৱে॥
চৰণৰ ধূলি তুলি শিৰত লৈলস্ত।
গলত শাবতি যুধিষ্ঠিৰে ধৰিলন্ত॥ ৫৪৬॥
প্ৰেম ভাৱে নেত্ৰৰ লোতক পৰে ঝৰি।
আশ্বাস কৰিলা মাধৱৰ কৰে ধৰি॥
তোমাৰ শ্ৰজন প্ৰভু সমস্তে জগত।
ভকত বৎসল হেন দেখায়া লোকত॥ ৫৪৭॥
তষু ইটো গুণক সুজিবো কেন কৰি।
চৰণৰ দাস কৰি লৈয়ো মোক হৰি॥
কৃষ্ণ ধনঞ্জয় একে আসনে বসিলা।।
পৰম কৌতুকে পাছে নৃপতি মাতিলা॥ ৫৪৮॥
বাপু ধনঞ্জয় তুমি কৰ্ণক বধিলা।
আজি মোৰ হৃদয়ৰ শল্য উদ্ধাৰিলা॥
ধনঞ্জয় বোলে দাদা বধিলো কৰ্ণক।
আৰ মই ইঙ্গিত নকৰোঁ কৌৰৱক॥ ৫৪৯॥
মাধৱে বোলন্ত সখি সমস্তে কহিলা।
সাক্ষাত দেখিলোঁ তুমি মিচাক মাতিলা॥
তোমাৰ মুখত কিয় আসে মিচা বাণী।
হৰি হৰি বাপু মোক ৰক্ষা এত খানি॥ ৫৫০॥

[ ১০৫ ]

মহন্তেয়ো মিচা মাতে কিন্তু বিপৰিত।
একলে কৰ্ণক সখী নপাৰে যুদ্ধত॥
ছয় জনে কৰ্ণক বধিল সমৰত।
শুনিয়োক কহে ছয় জন কেনমত॥ ৫৫১॥
পৰ্শুৰাম ইন্দ্ৰ আৰু কুন্তী বসুমতী।
তুমি আমি ছয় জনে বধিছো সম্প্ৰতি॥
ই কথাত সখি যদি নোযোৱা প্ৰত্যয়।
দেখাওঁ কাৰণ শুনিয়াক ধনঞ্জয়॥ ৫৫২॥
পূৰ্ব্বত কৰ্ণক পশুৰমে শাপিলন্ত।
অভেদ কৱচ তান বাসৱে নিলন্ত॥
মোহোৰ তনয় বুলি কুন্তী নকহিলা।
বসুমতী ঘোটকৰ টাবত ধৰিলা॥ ৫৫৩॥
ময়ো তাৰ আয়ুস হৰিলো নিৰন্তৰ।
মোহোৰ ইঙ্গিতে তুমি প্ৰহাৰিলা শৰ॥
একলে তাহাক তুমি নাপাৰা বধিতে।
এহি ছয় বলে কৰ্ণ হত কোন মতে॥ ৫৫৪॥
এহি মানে তৈলা কৰ্ণ পৰ্ব্ব সমাপতি।
কৃষ্ণৰ চৰণে ভণে ৰাম সৰস্বতী॥
শুনা সভাসদ সব কৰি থিৰ মন।
দুৰ্জন জনক কৃষ্ণে কৰে অযতন॥ ৫৫৫॥
ভকত জনক মাত্ৰ কৰন্ত ৰক্ষণ।
হেন জানি কৃষ্ণ পাৱে পশিয়ো শৰণ॥

[ ১০৬ ]

মনুষ্যৰ ধৰ্ম্ম হৰি সেৱা নিজ কাম।
পাতক ছাৰোক ডাকি বোলা ৰাম ৰাম॥ ৫৫


এই লেখকৰ লেখাসমূহ বৰ্তমান পাবলিক ড'মেইনৰ অন্তৰ্গত কাৰণ এই লেখাৰ উৎসস্থল ভাৰত আৰু "ভাৰতীয় কপিৰাইট আইন, ১৯৫৭" অনুসৰি ইয়াৰ কপিৰাইট ম্যাদ উকলি গৈছে। লেখকৰ মৃত্যুৰ পাছৰ বছৰৰ পৰা ৬০ বছৰ হ'লে তেওঁৰ সকলো ৰচনাৰ কপিৰাইট ম্যাদ উকলি যায়। (অৰ্থাৎ, ২০২০ চনত ১ জানুৱাৰী ১৯৬০ৰ পূৰ্বে মৃত্যু হোৱা লেখকৰ সকলো ৰচনা পাব্লিক ড'মেইনৰ আওতাভুক্ত হ’ব। )