সমললৈ যাওক

কোঁৱৰ বিদ্ৰোহ/ৰঙ্গাই বৰমৰাণৰ কীৰ্ত্তি

ৱিকিউৎসৰ পৰা

ৰঙ্গাই বৰমৰাণৰ কীৰ্ত্তি

 ধনখনা বেজ ৰঙ্গাই মৰাণ—ৰঙ্গাই আছিল নামৰূপীয়া গোহাঁইৰ ভাগৰ বৰমৰাণৰ ল’ৰা। বাপেকৰ নাম চান্দমত, মাকৰ নাম মেমেৰী। ৰঙ্গায়ে পোনতে ধনখনা বেজ হৈ ক’ত ধন আছে, ক’ত ধনগুলৈ দেখা যায়, কোন পুখুৰীত নাও শিকলি বা ৰঙা ঘোৰা ওলায়, কোন মৈদামত টকাৰ ভঁৰালৰ পৰা ৰাতি ভূত পিশাচৰ চিঞৰ শুনা যায়, এইবোৰ কথা মঙ্গল চাই আৰু ধন ওলোৱা ঠাইত সৰিয়হ জাৰি বা জাল কাপোৰ মেলি মানুহৰ পৰা পা-পইচাটো পাইছিল। কিন্তু ধনখনা বেজৰ কথা প্ৰায়বোৰেই অমিল। মানুহে হেবাথুৰি খাই ভূত পিশাচলৈ কেৰেপ নকৰি মাজনিশা এন্ধাৰত মৈদামৰ গাতত সিন্ধি দিয়ে, কিন্তু ধন-বিত ৰূপ-বানৰ উৱাদিহ নাপাই কোনোমতে জীৱটো লৈ পলাই গুচি আহে।

 পীৰা-চৰিয়া কটা বাঢ়ৈ ৰঙ্গাই—ৰঙ্গায়ে ধনখনা বেজৰ ব্যৱসায় এৰি পীৰা-চৰিয়া কাটি সাত বছৰমান খাই আছিল। পোনতে ৰঙ্গাই উজনিত আন মৰাণৰ লগত আছিল। কিন্তু স্বৰ্গদেৱ লক্ষ্মী সিংহই উজনি মৰাণৰ উপান্ত কৰাত ৰঙ্গাই আহি এইদৰে পীৰা-চৰিয়া কাটি খাই ফুৰিছিল। ৰঙ্গাই গঢ়ে-পিতে, নাকে-মুখে, ভৰিয়ে-কলা ফুলে সাইলাখ কোঁৱৰটিহেন আছিল। ৰঙ্গাইৰ চিৰীয়েই ৰঙ্গাইৰ কাল হ’ল।

 মোহনমালা গোহাঁইৰ পুতেক' ৰঙ্গাই—১৬৯৮ শকৰ কাতিত শিমলুগুৰীয়া বাইলুং আদয়া আৰু চাউৰুকৰ বুদাই এই দুয়ে বানচেং পুথি চাই গণি পালে যে ৰঙ্গায়ে ৰাজপাট খাব লাগে, এই বহাগতে। ৰঙ্গায়ে কলে, “বাৰু, ৰজা হবলৈ কাৰনো মন নাযায়? তোমালোকে মাথোন মোৰ বুলিবা, মই সস্তমে আছোঁ। তেন্তে মানুহক কওঁতে এই বুলিয়েই কম যে—‘মই লেচাই নামৰূপীয়া ৰজাৰ কোঁৱৰ বলিয়া গোহাঁইৰ পুতেক। মোৰ নাম শেন গোহাঁই। বোপায়ে সৰুতে নগালৈ পঠাই দিলে, তাতেহে ডাঙ্গৰ হলোঁ। নগাৰ লগতে খাই আছিলোঁ। মাজে-মাজে চহৰীয়া, বৰুৱা, শ‍ইকীয়াহঁতৰ এখেলৈ অহা-যোৱা কৰিছিলোঁ। নামৰূপৰ চহৰীয়া, বৰুৱা আৰু দুই শ‍ইকীয়ায়ো জানে, চিনেও। মৰাণ মাৰিলত চকী-ফাটি উৰাৰ হ’লত সেইপোনে আহি শদিয়ালৈ গলোঁ। তাৰেপৰা নৰালৈ গলোঁ। নৰাৰ পৰা চেংখন আনিলোঁ, এতেকেহে নৰাৰ দেশখন ভাগিল। চেঙ্গো মোৰ হাততে আছে।” আদয়া আৰু বুদায়ে শিকালে—“বলিয়া গোহাঁইৰ পুতেক বুলি নকবি, কলে তোৰ নাম প্ৰজ্বলিত নহব, কোনোৱে নামানিব। মোহনমালা বৰজনা গোহাঁইৰ পুতেক বুলি কবি, তেহে সকলোৱে মানিব।”

 ৰংপুৰ গড়গাৱলৈ অহা-যোৱা—বাইলুঙ্গৰ পৰামৰ্শমতে ৰঙ্গায়ে বিশ্বাসী মানুহৰ আগত কোঁৱৰ বুলি কৈ ফুৰিবলৈ ধৰিলে, আক দুই-দিনে, চাৰি-দিনে লগত ভটু বনুৱাক লৈ ৰংপুৰ গড়গাৱঁলৈ অহা-যোৱা কৰিবলৈ ধৰিলে। মানুহে সোধে—“কলৈ গৈছিল?” ৰঙ্গায়ে কয় “নাওবৈচা ফুকনৰ তালৈ গৈছিলোঁ। চিৰিং ফুকন, হৰনাথ সেনাপতি ফুকন, পুখুৰীচুকত থকা কালুগঞা বৰপাত্ৰৰ পুতেকৰ তলৈকো যাওঁ। মৰাণে-কটা বৰবৰুৱাত মোৰ বাইটী পৰিছে, তাকে চাবলৈ যাওঁ। ক’তবা পুখুৰীত কিছু ৰণৰ আহিলা-পাতি পোত খাই আছে, বাইটীয়ে তাকে উলিয়াই দিম বুলি কৈছে। আৰু কেতিয়াবা নাগিনী ৰাজমাওদেৱ, কালুগঞা আইকুঁৱৰীদেৱ, নাওশলীয়াৰ জীয়েক কুঁৱৰীৰ তালৈকো যাওঁ।”

 ৰঙ্গাইৰ যোত্ৰৰ মানুহ—কোঁৱৰে লগলৈ মানুহ আনিবৰ অভিপ্ৰায়ে কবলৈ ধৰিলে—“বকতিয়াল বৰবৰুৱাৰ বঙ্গহ বকতাত থকা মখাই আমাৰ লগ ধৰিছে, মানুহ চাৰি হাজাৰমান হব। কচলুখোৱা বৰগোহাঁইৰ জাক, কোটা বৰফুকনৰ জাক, কোৱামৃৰ্দ্ধাৰ জাক, পটীয়া বৈৰাগীৰ জাক, এই সকলো আমাৰ লগ লৈছে। ৰাতি চাৰিপৰ মৰাত আমি নগৰ সোমামহি। বৰদুৱাৰৰ মুখতে মই তিনিটা হুকি মাৰিম। ইয়াকে শুনি নগৰ-ৰখীয়া কোঁৱৰ-হিলৈদাৰীহঁতে আমাক এটোপ হিলৈ দিম বুলিছে, আৰু নগৰৰ সলখাও মেলি দিবলৈ গাত লৈছে। নগৰৰ ভিতৰত থকা হিলৈৰ মুখত পানী দিম বুলিও কৈছে। মঙ্গলবাৰে ৰাতি আমাৰ সকলো মানুহ সিংহদুৱাৰতে থাকিবহি। বকতিয়ালৰ বাঁহ হাতীথোকৰ ফালে থাকিবহি, নাওবৈচা ফুকন আৰু কালুগঞাৰ বাঁহে কালুগাওঁৰ ফালে থাকিব। পটীয়া বৈৰাগীৰ বাঁহে আমগুৰিৰ পোনে থাকিব। কচলুখোৱা, কোৱামৃৰ্দ্ধা, চিৰিং ফুকন, তেওঁলোকে নিজ নিজ ঠাইত সাজু হৈ থাকিব।”

 এই বুলি ভুৱা দি ৰঙ্গায়ে মানুহ-দুনুহ গোটাবলৈ ধৰিলে। ৰঙ্গাইৰ প্ৰধান কাৰ্য্যকাৰক আছিল ডিবৰুৱাল হাজাৰৰ ফেদেলিকাড়ী। ফেদেলিয়ে কোলাত খেদি থোৱা ৰাজেশ্বৰ সিংহ স্বৰ্গদেৱৰ আইকুঁৱৰীদেৱসকলৰ পৰা ৰঙ্গায়ে ৰজা হৈ গা ধুবলৈ কাপোৰ-কানি আনি থৈছিল, আৰু নাওশলীয়াৰ জীয়েক আইকুঁৱৰীদেৱৰ পৰা কিছু মন্ত্ৰসিদ্ধ দৰবো আনিছিল।

 ৰঙ্গাইৰ হাতত চেংদেৱৰ মূৰ্ত্তি—কোঁৱৰে নৰাদেশৰ পৰা যি চেং আনিছে। বুলি কৈছিল, সেই চেং যাৰ হাতত থাকে, তাৰ ঐশ্বৰ্য্য-সম্পদে কেতিয়াও লগ নেৰে। নৰা দেশৰ পৰা আহোঁতে চুকাফাই যথাৰ্থ চেঙ্গৰ মূৰ্ত্তি নৰা-দেশৰ পৰা চুৰ কৰি আনে, তাত এটা নকল মূৰ্ত্তিহে থাকে। এই চেংদেৱৰ মূৰ্ত্তি আহোমৰ কুল-দেৱতা আছিল, আৰু এই মূৰ্ত্তিৰ সকলো পূজাৰ ব্যৱস্থা কৰিবৰ কাৰণে চেংধৰা বুলি নিৰ্দ্দিষ্ট বিষয়া এফৈদ আছিল। ৰঙ্গায়ে বেংখোৱা বৰবৰুৱাৰ ফৈদৰ উনি নগা চেংধৰাক এদিন লগ পাই নিজৰ হাতত থকা চেঙ্গৰ কথা কৈ উনি নগাক লগলৈ আনিলে। নগা চেংধৰাও ৰঙ্গাইৰ ভক্ত হৈ পৰিল। ৰঙ্গায়ে উনি নগা চেংধৰাক একেকোবে বৰবৰুৱা পাতিলে।

 ৰঙ্গাইৰ কোঁৱৰ মৰ্য্যাদা—ৰঙ্গায়ে কোঁৱৰ খিতাপৰ লগে-লগে মানুহৰ পৰা কোঁৱৰৰ যোগ্য মান-সন্মানো পাবলৈ ধৰিলে আদয়া বাইলুং আৰু বুদায়ে গাহৰি মদ-ভাত ৰঙ্গাইৰ ঘৰলৈ নি খুৱায়গৈ, আৰু কেতিয়াবা ৰঙ্গাইক সিহঁতৰ ঘৰলৈ নি খুৱাই-বুৱাই আঠুপাৰি সেৱাও কৰে, বোলে,—“তুমি বৰজনা গোহাঁইৰ কোঁৱৰ। আমি তোমাৰ অনেক-পুৰুষীয়া বন্দী, বহাগতে তুমি ৰজা হবা, আমিও তোমাকে সেৱা কৰিবলৈ পাম, পুথিতো পাইছোঁ৷” ঘোৰাকোঁৱৰৰ ডেকা ৰামকণায়েও আন মৰাণ মানুহক কয়,–“এওঁ ডাঙ্গৰ লোকৰ সন্তান। তহঁতে একো বোলা-মতা নকৰিবিহঁক।” ইয়াৰ পৰিণামত মানুহৰ ঘৰত ৰঙ্গাই থিত হোৱা মাত্ৰকে গৃহস্থই ঢৰাৰ ওপৰত ঠঙ্গা, তাৰ ওপৰত শুকুলা কাপোৰ পাৰি বহিবলৈ দিয়ে, আৰু লাখুটি ধুৱাই সেৱা কৰে, আৰু হাঁহ মাৰি ভাত খুৱায়। আৰু খেনো খেনো ঠাইত বিশ্বাসৰ মানুহে বাজি গাহৰি মাৰি মদে-ভাতে বাচ খুৱায়। এইদৰে ৰঙ্গাই 'কোঁৱৰে' নৰশৰীৰৰ সকলো অময়া সুখ ভোগ কৰিবলৈ ধৰিলে।

 জাক ধৰাৰ আয়োজন—ৰজাক ধৰিবলৈ সকলো আয়োজন চলিল। ৰঙ্গায়ে গজলাৰ মহন্তৰ তালৈ মানুহ পঠালে, বোলে,—“আমাৰ সম্বন্ধি তুষ্ট হব, ৰজা বৰবৰুৱাক ধৰিবলৈ দিনবাৰ খনিকো ভালকৈ দি আহিব।” ইপোনে ৰঙ্গায়ে কৈ ফুৰিবলৈ ধৰিলে যে তাৰ ককায়েক এটাই মায়ামৰীয়া ঠাকুৰ এজনা সৈতে ভালেখিনি মানুহ লগত লৈ গুৱাহাটী লবলৈ যাত্ৰা কৰি দুই নৈৰ মুখতে আছে।

 ৰঙ্গাইৰ লগৰ মানুহৰ বিভঙ্গ—নিৰ্দ্দিষ্ট দিনা ৰাতি চৌপৰৰ কোবত ৰজা আৰু বৰবৰুৱাক ধৰিবলৈ আলচি ৰঙ্গায়ে মানুহ-দুনুহ লৈ সিংহদুৱাৰ পালেহি। কিছু মানুহ শাক-পাচলিৰ ভাৰ লৈ ভাৰীৰ ভাৱেৰে সিংহদুৱাৰত থকা আহোমৰ ঘৰত আলহী চাঁপি আছিল। ইতিমধ্যে ৰজাৰ বিষয়াই এই ষড়যন্ত্ৰৰ সম্ভেদ পাই ৰাতিয়েই সিংহদুৱাৰলৈ সৈন্য পঠালে। ৰণুৱা পঠোৱা শুনি যোত্ৰৰ মানুহ দিহা-দিহি পলাল। ৰঙ্গায়ো পলাই পত্ৰং মাৰিলে। স্বৰ্গদেৱে দোলাকাৰীয়া, চাউডাং, দা-ধৰা, টেকেলা আদি পঠিয়াই বচা-চেউনীলৈকে হাবিৰ দাঁতিয়ে-দাঁতিয়ে মানুহ বিচাৰিবলৈ দিলে।

 ৰাজদ্ৰোহী ৰঙ্গাইৰ স্বীকাৰোক্তি—কোঁৱৰক বিচাৰি নাপাই লগৰ মানুহক ধৰি আনি ষড়যন্ত্ৰৰ সকলো সম্ভেদ পোৱা হল। দিনচাৰেকৰ মূৰত কোঁৱৰক ধৰি আনি শাস্তি দি সুধিলত সি সকলো কথা স্বীকাৰ কৰিলে। কোঁৱৰে কলে –“মই বৰমৰাণৰ লৰা হওঁ। বুপাৰ নাম চান্দমত, আইৰ নাম মেমেৰী, বিৰহীয়ো বোলে। ভাই সুৰথ ১, লঠ ১, মৰিল। গঞায়ো মোক চিনিব। নামৰূপীয়া গোহাঁইদেৱৰ বন্দী, গোহাঁইদেৱবোৰেও চিনিব। কিছু গুণসৰথ জানো, বেজ বুলি অনেকে অহা-যোৱা কৰে, কাঠ কাটিব পাৰোঁ, পীৰা-চৰিয়া কাটি খাই আছিলোঁ; কাতিৰ দিনত বাইলুঙে কোঁৱৰ বুলি নিলেগৈ, কিয় বুলি তাকো নেজানোঁ। সেয়েহে বলিয়া কৰিলত এইৰূপে কোঁৱৰ ভাও ধৰিলোঁ। কাটক লাগে মাৰক। কোঁৱৰ নহওঁ, মই মৰাণহে।”

 লিগিৰা ভটুৰ স্বীকাৰোক্তি—সেই সোধত ৰঙ্গাইৰ বন্দী ভটুৱে কৈছিল, “ই নামৰূপীয়া গোহাঁইদেৱৰ মানুহ, বৰমৰাণ বোলে, তাৰে পুতেকহে ই। ইয়াৰ নাও ৰঙ্গাই। আৰে ভায়েক লঠ, সুথ ১ আৰু এচকু কণা পূৰণ বোলা এটা এতিয়াও আছে। বাপেক নাই মৰিল, মাকৰ নাও মেমেৰী, মাক মৰিবৰ তিনি বছৰমানহে হৈছে। চেৰেপা-খোৱা মৰাণৰ গঞাহে মই, খাব পিন্ধিবলৈ নাই, আমি দুখীয়া মানুহ। মৰাণ মাৰিলত ই মোক বোলে 'আমি যে দুখত মৰোঁ সুখ কৰি খাবলৈ এঠাইলৈ যাওঁ আহ।' বোলো, বাৰু। পাচে আহিলোঁ। চুটিয়া গাৱঁতে আছিলো। ময়েৰে কোটোৰা-কুটুৰি দ্বন্দ লাগিলত নিলগ হৈ আছিলোঁ। ম‍ই ইয়াৰ বন্দী নহওঁ, কব দিলত হে বন্দী বুলি কলোঁ। পাচে ইয়ো বৰগোহাঁই ভাগৰ চুটিয়া ৰণজয়ৰ জীয়েক চুটিয়ানীত খাই চোৰ পৰিলত চুটিয়ানীক মেলাই ললে, মোকো এজনী মৰাণনী মেলাইছিলে। পীৰা-চৰিয়া কাটি খাই আছিল। এই কাতিৰে পৰাহে বাইলুংহঁতে কোঁৱৰ পাতিলত কোঁৱৰ হৈছে। চুটিয়াহঁতে মোক বিস্তৰ কিলাই সুধিলে 'ই সাপৰ পোৱালি নে? তেতিয়া ম‍ই গুঁইৰ পোৱালি বুলি কলোঁ, বোলোঁ সাপৰ পোৱালি হলে এতেক কাষ্ঠ কি কৈ কাটিব পাৰিব? তেহে মোক এৰিলে। ই কোঁৱৰ নহয়; আভকত হে, ভকত নহয়।”

 ৰঙ্গাইৰ ঘৈণীয়েকৰ স্বীকাৰোক্তি—তাৰ পিচত স্বৰ্গদেৱৰ বিচাৰত খাৰঘৰীয়া ফুকন আৰু চোলাধৰা ফুকনে ৰঙ্গাইৰ ঘৈণীয়েকক সোধাত ঘৈণীয়েকে কলে,—“ই কোঁৱৰ নহয়, মোত আগেয়ে কৈছে ‘মই বৰমৰাণৰ লৰা।’ মাকৰ নাও মেমেৰী, ভায়েকৰ নাও পূৰণ, মোৰ খুৰীৰ নাও মেমেৰী, খুৰীৰ নাও কাঢ়োঁতেহে মোক ‘মোৰ আইৰ নাও’ বুলি ই কলে। আগে মৰাণ বুলি কৈ পীৰা-চৰিয়া কাটি খাই আছিল, কাতিৰ পৰা বাইলুংহঁত গৈহে কোঁৱৰহেনটো নাও তুলিলে। পূৰ্ব্বে যেতিয়া ইয়ালৈ মোক দিয়ে তেতিয়া বুপায়ে নাকুৰি-নাখামৰ আগকৈ শপত খুৱাই সুধিলত বোলে, ‘যদি তই মোৱামৰীয়া হৱ, আন মানুহ হে, শপত কৰ। পাচে ই তেতিয়া দেৱত চুই শপত কৰিলে, এইৰূপে কলে বোলে, ‘যদি এই কথা নহয় মোক দেৱে খাব।’ তেতিয়াহে জানিলোঁ, তেহে মোক দিলে। এতিয়া কোঁৱৰ বুলি মিছাহে কয়। আৰু বাইলুঙ্গে কোঁৱৰ পাতি মোক এৰুৱাই সিহঁতৰ জীয়ৰী দিবলৈ ধৰিছিলে।”

 অপৰাধীৰ বিচাৰ—এই দ্ৰোহৰ আচল উদ্দেশ্য সিদ্ধ হবলৈ নৌপাওঁতেই দ্ৰোহীয়াক ধৰা হল। কিন্তু দ্ৰোহীবোৰে যে স্বৰ্গদেৱক ধৰি-মাৰি সিংহাসন লবলৈ আহিছিল এইটো ঠিক। এই ষড়যন্ত্ৰত অভিযুক্ত আছিল প্ৰায় এশমান মানুহ। যথা সময়ত চোলাধৰা ফুকন আৰু খাৰঘৰীয়া ফুকনে এই সোধ সুধি সকলো কাকত-পত্ৰ নি স্বৰ্গদেৱত যোগালেনি। ফুকন দুজনে কাকত যোগাবলৈ মজুন্দাৰ বৰুৱা আৰু বৰবৰুৱাৰ পুতেককো মাতিছিল। কিন্তু বৰুৱা দুজনে কলে “আমি আজি এই সোধ সোধা নাই। তোমালোকেই যোগোৱানি।” এই কথা স্বৰ্গদেৱে শুনিলে। ইপোনে দুই ফুকনেও কাকতত লিখিছিল,—“কোঁৱৰ নহয়, বৰমৰাণৰ লৰাহে।’’

 অপৰাধীৰ দণ্ড—তিতা কাকতীয়ে স্বৰ্গদেৱৰ আগত সোধৰ কাকত পঢ়াত দুই ফুকনে মাজতে মাতিছিল— 'কোঁৱৰ নহয়, বৰমৰাণৰ লৰাহে।” এইদৰে দুই ফুকন আৰু বৰুৱাই ৰঙ্গাইৰ দোষ লঘু কৰিবলৈ চেষ্টা কৰিছিল। এই দুই কথাত স্বৰ্গদেৱ অতি উষ্মা উঠি বোলে, – “মোক যিবোৰে অস্ত্ৰ ধৰি মাৰিবলৈ আছে ইহঁতে তাকে ৰাখিবলৈ ফুৰে! যাতো ইহঁতৰ ভাগৰ মানুহ পৰিছে, এতেকেহে এনে কথা কয়। ম‍ই ইহঁতৰ মতেকে বুজিলোঁ। অথবা মৰাণে হ’ল, তেওঁ সেয়ে অনেকটি মানুহ যোত্ৰ কৰি লগত লৈ তেওঁ মোক মাৰিবলৈ হে আহিছিল।” স্বৰ্গদেৱে মজুন্দাৰক আদেশ দিলে— 'যি যি বোৰ মানুহ পাইছমানে সকলোবোৰক চাউডাঙ্গৰ হাতত দেগৈ। লৰা বুকুত দি দি কাটক, এতিয়াই দেগৈ।” মজুন্দাৰে “ভাল, স্বৰ্গদেৱ” বুলি ওলাই গ’ল। তেতিয়া গধূলি পৰ। সোধ-পোছৰ চ’ৰাৰ পৰা লোৱা লগোৱা দোষীবোৰক চাউডাঙ্গে উলিয়াই লৈ গলে বাটত পলাব পাৰে, সেইদেখি স্বৰ্গদেৱে অলপ পৰ পিচতে মজুন্দাৰক মতাই সিহঁতক চ’ৰাতে ৰাখি তাতে চাউডাঙ্গক বুজাই পিচদিনা পুৱা উলিয়াই নিবলৈ কলে।

 দোষী-নিৰ্দোষী সকলো কটা যায় যেন দেখি মজুন্দাৰ বৰুৱা বিষম সমস্যাত পৰিল, ইপোনে স্বৰ্গদেৱকো কবলৈ সাহ নাপায়। কিছু পৰৰ মুৰত স্বৰ্গদেৱৰ খং জুৰ হল, স্বৰ্গদেৱে ভাতৰ মেল শেষ কৰি বহাত মজুন্দাৰে কলে, “স্বৰ্গদেৱেহে বন্দীক শিখাইছে বুজাইছে। অনেক মানুহ স্বৰ্গদেৱে চাউডাঙ্গৰ হাতত দিবলৈ বুলিলে দেখোঁ। বৰবৰুৱাৰ আগত দিব দিয়ে জানো, স্বৰ্গদেৱ? পুৱাতে বৰবৰুৱাকো বৰচ’ৰাতে বহাই সকলো মানুহবোৰ বৰবৰুৱাৰ আগতে দিলোগৈহেঁতেন।” স্বৰ্গদেৱে খন্তেক তম্ভি মজুন্দাৰে কোৱামতে কৰিবলৈ কলে। বৰবৰুৱাক জনাল বৰবৰুৱাই কলে বোলে, – “প্ৰধান দোষীবোৰক আজিয়েই দিয়ক, কিছু তাৰতম্যবোৰক পৰেও স্বৰ্গদেৱে বিচাৰ কৰি দিবলৈ পাব।” বৰবৰুৱাৰ পৰামৰ্শমতে স্বৰ্গদেৱে আজ্ঞা কৰিলে,— “প্ৰধান দোষীবোৰক আজিলৈ দিয়ক। ইবোৰৰ কথা বৰবৰুৱাই বিবেচনা কৰি মোলৈ পৰে জনাই আহিব।”

 বৰবৰুৱাই দোষীবোৰক আগলৈ মতাই আনি আকৌ বিচাৰ কৰিলে। কিছু উপৰুৱা কথা পাই পূৰ্ব্বৰ সোধৰ কাকত স্বৰ্গদেৱলৈ পঠিয়াই দিলে। স্বৰ্গদেৱে তিনিজনা ডাঙ্গৰীয়া, বৰুৱা, ফুকনেৰে আলচি দোষীবোৰক এইদৰে যথাবিধি শাস্তি বিহিলে।—

 ৰঙ্গাই।— “কাটি কাটি মঙ্গহ খুৱাই নি ডিঙ্গিৰ চাৰি আঙ্গুলৰ মানত বাৰেটকা গুলী খোৱা বৰহিলৈয়েৰে দুগুলীয়ে গুলীয়াই কোঁৱৰ বুলি ফুৰা বৰমৰাণৰ লৰা ৰঙ্গাইক জেৰেঙ্গাত মাৰিব।”

 ৰামকনাই।—“কোঁৱৰে চিনি পোৱা ঘোঁৰাকোঁৱৰৰ ৰামকনাইক দুৱাৰমুখতে কাটি শূলত দিব।”

 ফেদেলি কাঁড়ী। —“সকলো আলচ কৰা মানুহ বৰোৱা, বৰকোলাৰ বস্তু নি দিয়া কালুগঞা আইকুঁৱৰীৰ পুতেকটিকো বাটত ৰণ ধৰি ৰাখিব খোজা ডিবৰুৱাল হাজাৰৰ কাঁড়ী ফেদেলিক বাটত কচি নি কাটি মূৰটো শালত দিব।”

 উনি নগা।—“সকলো কথাৰ আলচ কৰা সখা হৈ ওলোৱা চেংধৰাৰ উনি নগাক এইদৰেই কচি নি কাটি শালত দিব।”

 বুদাই।—“কোঁৱৰ বুলি প্ৰখ্যাত কবি মদ-ভাত গাহৰি মঙ্গহ নি খুৱাই কাপোৰ, ৰূপ, ৰূপৰ টেমি, কাঁহী-বাটি এইবোৰ দি সজোৱা চাউৰুকৰ বুদাইক চাউডাঙ্গৰ হাতত দিব।”

 আদয়া বাইলুং।—“কোঁৱৰ বুলি প্ৰখ্যাত কৰি গাহৰি মঙ্গহ নি খুৱাই ৰূপ, কাপৰ, ৰূপৰ টেমি, কাঁহী-বাটি এইবোৰ দি সজোৱা শিমলুগুৰীয়া বাইলুং আদয়াক কোব, কিল, চৰ ত্ৰিশটাকে মাৰি কাণ, নাক, চকু দুটা কাঢ়িব।”

 পটীয়া বৈৰাগী।—“কোঁৱৰৰ লগত অহা, দুডাৰ-তিনডাঁৰ বাটৰ পৰা কচি নি পদূলিমূৰতে থব, যাৰ লৰা আছে লৰা বুকুত দি থব, চুটিয়া মগল ১, পটীয়া বৈৰাগী ১, কোঁৱৰৰ শহুৰেক চুটিয়া ১।”

 কোঁৱৰৰ ঘৈণীয়েক।—“কাণ দুখন কাটিব, কোঁৱৰৰ ঘৈণীয়েক ১ জনী; কাণ এখন কাটিব সৰু লৰা ১টি।”

 ৰঙ্গাইৰ খুৰী শাহুৱেক।—“কোবাই কিলাই এৰা গল চৰুৰ ঘৈণীয়েক মেমেৰী ১ জনী, চৰু ১টা।”

 

সমাপ্ত