সমললৈ যাওক

কোঁৱৰ বিদ্ৰোহ/ভূধৰসিংহ গোহাঁইৰ ষড়যন্ত্ৰ

ৱিকিউৎসৰ পৰা

ভূধৰসিংহ গোহাঁইৰ ষড়যন্ত্ৰ

 ভূধৰসিংহ গোহাঁই কোন?—মহাৰাজ ৰাজেশ্বৰসিংহৰ চাৰিজনা কোঁৱৰ আছিল, ১ম কান্দুৰা গোহাঁই, ২য় চাৰুসিংহ মাজিউ গোহাঁই, ৩য় ৰত্নেশ্বৰ তিপমীয়া গোহাঁই, ৪ৰ্থ পাট-কোঁৱৰ। কান্দুৰা গোহাঁই পিতৃদেৱতা সিংহাসনত উঠাৰ পিচতে লোকান্তৰ হয়। ৰাজেশ্বৰসিংহৰ মৃত্যুৰ পিচত তেওঁৰ বৰপুতেক চাৰুসিংহ গোহাঁইদেৱ সিংহাসনত বহিব বুলি বহুতৰ ধাৰণা আছিল। কিন্তু কীৰ্ত্তিচন্দ্ৰৰ হত্যাৰ চেষ্টাত চাৰুসিংহ আৰু ৰত্নেশ্বৰ গোহাঁই লিপ্ত আছিল বুলি ৰাজেশ্বৰসিংহৰ মৃত্যুৰ দিনচেৰেকৰ পিচতে কীৰ্ত্তিচন্দ্ৰ বৰবৰুৱাই লক্ষ্মীসিংহ স্বৰ্গদেৱক বিষম বুজাই তেওঁলোকক নামৰূপলৈ খেদি পঠালে। কিন্তু তেওঁলোকে আগলৈ ৰজা হোৱাৰ বাসনা পৰিত্যাগ কৰা নাছিল। মৰাণে বিদ্ৰোহ কৰাৰ সময়ত পূৰ্ব্বে খেদি থোৱা মোহনমালা গোহাঁই, চাৰুসিংহ গোহাঁই আৰু ৰত্নেশ্বৰ গোহাঁই এই কেজনা কোঁৱৰক ওচৰ চপাই এওঁলোকৰ এজনাকে ৰজা পাতিম বুলি লগত লৈ ফুৰাই ৰাইজক বৰাই ফুৰিছিল। কিন্তু পিচলৈ এওঁলোক আটাইকিজনকে মৰাণে হত্যা কৰে আৰু নাহৰখোৰাৰ পুতেক ৰমাকান্তকহে মৰাণে সিংহাসনত বহুৱায়। মৰাণক মাৰি লক্ষ্মীসিংহ স্বৰ্গদেৱে সিংহাসন উদ্ধাৰ কৰাৰ পিচত এই তিনিজনা কোঁৱৰৰ পুত্ৰসকলে ৰজা হবলৈ অভিসন্ধি কৰিছিল; কিন্তু তেওঁলোকৰ কোনোজনৰে চেষ্টা ফলৱতী নহল। চাৰুসিংহ গোহাঁইদেৱৰ চাৰিজনা পুত্ৰ আছিল। তাৰে এজনৰ নাম আছিল ভূধৰসিংহ। তেওঁৰ ষড়যন্ত্ৰৰ প্ৰধান সহায়কাৰী আছিল বকতিয়াল ফৈদৰ ভদ্ৰসেন বৰবৰুৱা আৰু তেওঁৰ বৈ-বঙহ।

 চাৰুসিংহ গোহাঁইৰ পত্নী গৌৰী—চাৰুসিংহ গোহাঁইদেৱৰ কেবাগৰাকীও ভাৰ্য্যাৰ ভিতৰত দুগৰাকীৰ নাম পোৱা গৈছে—প্ৰথম প্ৰেমদাসুন্দৰী আৰু দ্বিতীয় বুঢ়াগোহাঁইফৈদীয়া জীয়াৰী গৌৰী। চাৰুসিংহ আৰু প্ৰেমদাসুন্দৰীৰ আদেশমতে কবিশেখৰ ভট্টাচাৰ্য্য কবিয়ে ’হৰিবংশ পদ’ অসমীয়ালৈ অনুবাদ কৰিছিল। ভণিতাত কবিয়ে লিখিছিল—

“ইন্দ্ৰবংশী ৰাজেশ্বৰ সিংহ নৰপতি।
শান্ত-দান্ত শিষ্ট-নিষ্ট অতি শুদ্ধমতি॥
প্ৰতাপ প্ৰকাশ কীৰ্ত্তি নীতি অতিশয়।
দানী-মানী মহাজ্ঞানী সদয় হৃদয়॥
তাহাৰ তনয় চাৰুসিংহ মহামতি।
গুণীগণ মধ্যে শ্ৰেষ্ঠ বিপুল শকতি॥
তান পত্নী প্ৰেমদাসুন্দৰী মনোনীতা।
সৰ্ব্বগুণৱতী যেন দ্ৰুপদ-দুহিতা॥
স্বামী চৰণত ভক্তি কৰে অনুক্ষণ।
সপত্নীগণৰ মধ্যে ৰোহিণী যেমন॥ ”

 চাৰুসিংহ গোহাঁইদেৱৰ পুত্ৰ ভূধৰ গোহাঁই প্ৰেমদাসুন্দৰীৰ পুত্ৰ নে আন কোনো গাভৰুৰ সন্তান তাক জানিব পৰা নগল। সমসাময়িক বুৰঞ্জীত হলে গৌৰীক ভূধৰ গোহাঁইৰ সপত্নী-মাক বুলি কোৱা হৈছে।

 গৌৰী আৰু ধনাই লিগিৰা—চাৰুসিংহ গোহাঁইৰ পুতেক ভূধৰকে আদি কৰি চাৰিজনা কোঁৱৰৰ লগত স্বৰ্গদেৱৰ চাংমাই সহজাৰ পুতেক ধনায়ে আগৰে পৰা লিগিৰা খাটি আছিল। বুৰঞ্জীয়ে কয়—“এয়েৰে [ধনাইৰে] ভূধৰ গোহাঁইৰ সপত্নী-মাতৃ, বুঢ়াগোহাঁইফৈদীয়া জীয়াৰী গৌৰীয়েৰে গোপ্যৰূপে লেনাদেনা আছিল। গৌৰীৰ পুতেক এটিও আছিল।”

 এদিন গৌৰীয়ে ধনাইক কলে—“লৰাহঁতৰ লগত যে খাটিছ, কথা-বাৰ্ত্তা কি শুন? তহঁত স্বৰ্গদেৱৰ চাংমাইৰ লৰা, ইহঁতে ৰহস্যে যি কথা-বাৰ্ত্তা হয় তাক তহঁতে বুজিব পা, নকবিহে মৰিবি।”

 ধনাই—“আমি ভু নোপোৱা কথা, কি বুলি কম?”

 গৌৰী—“তই আজিয়েই যা, সিহঁতক ভাৱস্তি কৰি সোধগৈ।”

 গৌৰীৰ কথামতে ধনাই লিগিৰাই বৰঘৰৰ টুপতে ভূধৰ গোহাঁইক দেখি আঠুপাৰি সেৱা কৰিলত গোহাঁইদেৱে তাৰ হাতত ধৰি কলে—“দেশ-কালৰ কথা কি শুনিলি-ভণিলি?”

 ধনাই—“মোত যে তোমালোকে একো নোকোৱা, মই শুনিলেও কেলেই কম?”

 ভূধৰ গোহাঁয়ে ধনাইক হাতত ধৰি কোঠালৈ নি বোলে—“আমিনো কি কথা কৈছো কি শুনিছ?"

 ধনাই—“তোমালোকে যিবোৰ কৈছা চাংতলৰ পৰা মই সকলোবোৰ শুনিছো, মোতহে নোকোৱা।”

 ভূধৰ গোহাঁই—“বাৰু, কিনো কৈছো ক।”

 ধনাই—“তোমালোকে যে নোকোৱা, ম‍ই কেলেই কম?”

 ভূধৰ গোহাঁই—“শপত খা কওঁ। খুটাটোৱে তোৰ চেচামুখৰ গোসাঁই, মাংসকে খাওঁ বোল।”

 ধনায়ে সেইৰূপে শপত খোৱাত ভূধৰ গোহাঁয়ে কলে—“তই যদি আমাক মোৰ বুলিছ এইকথা কাকো নকবি। আজিৰ পৰা তই মোৰ আপোন হলি, তোক মই নেৰোঁ।”

 ভুধৰ গোহাঁইৰ মুখত ষড়যন্ত্ৰৰ কথা—এই বুলি ভূধৰ গোহাঁয়ে ধনাই লিগিৰাক ষড়যন্ত্ৰৰ আদ্যোপান্ত কথা বিবৰি কলে। ষড়যন্ত্ৰকাৰীসকলে ৰজাক মাৰি ৰাজ্য লবলৈ তিনিটা উপায় মন্ত্ৰণা কৰিছিল। প্ৰথমটোত অকৃতকাৰ্য্য হলে তেওঁলোকে দ্বিতীয় প্ৰস্তাৱমতে কাৰ্য্য সমাধা কৰিব, আৰু ইয়াতো যদি বিফল হয় তেন্তে তৃতীয় উপায় অনুসৰণ কৰিব। প্ৰথম প্ৰস্তাৱ মতে গোহাঁইদেৱৰ লিগিৰা মলৌ আৰু গোমোথা বৰুৱাৰ পুতেক খোনায়ে ভকতি লিগিৰীৰ হতুৱাই স্বৰ্গদেৱৰ লগত থকা তিপমীয়া গোহাঁইক বিহ খুৱাই মাৰিবলৈ গাত লৈছিল। এইজনা তিপমীয়া গোহাঁই আছিল প্ৰমত্তসিংহ স্বৰ্গদেৱৰ পুত্ৰ, নাম মলৌ গোহাঁই; মাক কুঁৱৈগঞা বুঢ়াগোহাঁইৰ বঙহৰ জীয়েক; লক্ষ্মীসিংহ স্বৰ্গদেৱে মৰম কৰি মলৌ গোহাঁইদেৱক লগতে ৰাখিছিল। তিপমীয়া গোহাঁইদেৱক বিহ খুৱাই মাৰিব পাৰিলে ভকতিক বৰকুঁৱৰী পাতিম বুলি ভূধৰ গোহাঁয়ে অঙ্গীকাৰ কৰিলে, আৰু সেই অৰ্থে “ইষ্টদেৱতাৰ মাংস খাম” বুলি সত্য-শপত কৰি নিজ হস্তাক্ষৰো দিলে। মলৌ লিগিৰা আৰু খোনাৰ দ্বাৰা কোৱালত ভগা খঙীয়া বৰুৱাই স্বৰ্গদেৱ লক্ষ্মীসিংহ আৰু পুতেক লোকনাথ গোহাঁইদেৱক (পিচলৈ স্বৰ্গদেৱ গৌৰীনাথসিংহ) বিহ খুৱাই মাৰিবলৈ স্বীকাৰ কৰিছিল।

 আৰু এটা প্ৰস্তাৱ আছিল, ৰজা আৰু মন্ত্ৰীক বলেৰে ধৰি সিংহাসন অধিকাৰ কৰাৰ। এই প্ৰস্তাৱৰ যোত্ৰ আছিল—ভূধৰ গোহাঁইৰ শহুৰেক গুৱাহাটীয়া দুৱলীয়া চেটিয়াফুকন আৰু তেওঁৰ পুতেক কিজন, আকৰা গোহাঁইৰ জেঠেৰীয়েক, দুৱৰাৰ মাজপালী থকা বচা হাজৰিকা আৰু তেওঁৰ আপোন পো-ভাই গোটাচেৰেক, গোমোথা বৰুৱাৰ পুতেক ভণ্ডাৰী বৰুৱা, ডফলা দুৱৰীয়াৰ পুতেক খাঞ্জাৰাম ঘোৰাবৰুৱা আৰু ভায়েক আত্মাৰাম, আৰু ভগা বৰপাত্ৰ-গোহাঁইৰ ভায়েক। এই সকলে গোমোথা বৰুৱাৰ ঘৰলৈ অহা-যোৱা কৰি আলচ পাতিছিল। এই অৰ্থে আত্মাই দিছিল চাৰিটা ফিৰিঙী-হিলৈ আৰু জামদাৰ হিলৈ দুটা, খোনায়ে দিছিল তৰোৱাল দুখন, আৰু বকতিয়াল বৰবৰুৱাৰ ভায়েক চোলাধৰা ফুকনে দিছিল ভূধৰ গোহাঁয়ে সময়ত লবলৈ বাখৰপতা বিৰী এটা ; এই বিৰী গাত থাকিলে কাঁড়, গুলী আৰু দাৰ আঘাতে একো অনিষ্ট সাধিব নোৱাৰে।

 তৃতীয় প্ৰস্তাৱ আছিল, যদি ওপৰত কোৱা দুই প্ৰকাৰে একো নহয় তেন্তে ভটীয়াই গৈ নাৱেৰে একে ৰাতিয়েই সলালফাট পাবগৈ। তালৈ গৈ বৰপেটা সলাল গোহাঁইক নিজৰ লগলৈ আনিবলৈ চেষ্টা কৰিব এই বুলি কৈ—“চৰাইদেও পৰ্ব্বতৰ ফালৰ পৰা কিছুমান মানুহ আহি ৰজা প্রজা সকলোকে মাৰি ৰাজ্য ললে, আমি পলাইহে আহিছোঁ। যদি গোহাঁয়ে তুংখুঙ্গীয়াৰ পৰিয়ালক মোৰ বুলিছে তেন্তে গোহাঁয়ো আমাৰ লগলৈ আহক।” তাৰ পিচত সলাল গোহাঁইক লগত লৈ গুৱাহাটীলৈ গৈ আপোন মানুহক ঠায়ে ঠায়ে পাতি আনবোৰক কাটি-মাৰি ৰাজ্য বশ কৰা যাব। তাৰ পিচত সকলো যোত্ৰৰ মানুহ একেলগ হৈ উজাই আহি ৰজা আৰু মন্ত্ৰীক ধৰি সিংহাসন অধিকাৰ কৰিব।

 এই প্রস্তাৱমতে যোত্ৰৰ মানুহক নেৰিবলৈ আৰু সময়ত শত্ৰুসকলক দণ্ডবন্ধ কৰিবলৈ অঙ্গীকাৰ কৰি ভূধৰ গোহাঁয়ে এখন লিখা দিছিল। সেই লিখামতে ভবিষ্যতলৈ এইদৰে দণ্ড দিয়াৰ ব্যৱস্থা কৰা হৈছিল—“স্বৰ্গদেৱক বোলে, কলীয়া বাঘক ডিঙ্গৰাত ভৰাই দহদিনমান পানীত থৈ মাৰিম। ৰাজমাওদেৱক বোলে, বুঢ়ীক নাক-কাণ কাটি চকু কাঢ়ি আমগুৰিত মেলিম। তামূলী আইকুঁৱৰীদেৱক (কালিন্দ্ৰীক) বোলে, চাউলকৰালীক নাককাণ কাটি নগা হাড়ীলৈ দিম। স্বৰ্গদেৱৰ পুতেকক (লোকনাথ গোহাঁইদেৱক) বোলে, পুতেকক নিয়মৰূপে দণ্ড কৰি আমাৰ ঘৰৰ পৰা এমাহৰ মূৰত চাউল পাঁচকঠা দি এঠাইত দৰ লগাই থম। কলিতা ফুকনক বোলে, ভৰিত পৰালৈকে মূৰত ননকৈ ত্ৰিশূল দি থম। কাম, লেফেৰা, পিজলী, লাখৰ এই চাৰিক বৰশী দিম।” এই চাৰিজন বিষয়া স্বৰ্গদেৱৰ কোঁৱৰালি কালৰে পৰা বৰ বিশ্বাসী লিগিৰা আছিল। স্বৰ্গদেৱে কামে-কাজে ভাল পাই পিজলীক পাতিছিল খনিকৰ বৰুৱা, কামক তিপমীয়া ফুকন, লাখৰক শেনচোৱা বৰুৱা আৰু লেফেৰাক ৰাইদঙ্গীয়া মেলৰ ভণ্ডাৰী বৰুৱা।

 ষড়যন্ত্ৰকাৰীসকলৰ সঙ্কল্প সুকলমে সিদ্ধ হব নে নহয় আহোম আৰু হিন্দুমতে তাক চোৱা-চিতোৱা হৈছিল। আহোমমতে অনাদৰ আৰোৱান-ধৰাৰ ঘৰত চকৰী বুঢ়ীয়ে কুকুৰা-ঠেং চোৱাই ধৰ্ম্মা দেওধাইৰ হতুৱাই গণিতা কৰাইছিল। হিন্দুমতে গৌৰীসাগৰীয়া গণক দিগম্বৰে ৰুচি বামুণৰ ঘৰত পূজা-পাটল কৰাইছিল। এই দুই গণিতামতে নিশ্চিত হৈছিল যে ভূধৰসিংহ গোহাঁইদেৱ ৰজা হব লগা শুভক্ষণ আহিছে। ভূধৰ গোহাঁইদেৱে ৰূপ-কাপোৰৰ পেৰাবোৰ পৰ্ব্বতীয়া ভট্টাচাৰ্য্য গোসাঁইৰ ঘৰত থৈছিল। তাৰে ষোল হাজাৰ টকা পূজা-পাটল কৰি খৰচ কৰিছিল। আত্মাৰামৰ ঘৰতো আছিল চাৰি-হেজাৰীয়া ৰূপৰ পেৰা পাঁচোটা।

 এই ষড়যন্ত্ৰত বকতিয়াল বৰবৰুৱাৰ ফৈদৰ সম্পূৰ্ণ সহযোগ আছিল। ভদ্ৰসেন বৰবৰুৱাৰ ভায়েক চোলাধৰা ফুকন, তেতিয়াৰ ঢেকিয়াল বৰুৱা, ডফলা দুৱৰীয়া মোহন আৰু ৰত্নেশ্বৰ তিপমীয়া গোহাঁইৰ পুতেক, এই সকলে মৰাণ মাৰিলত খুটীয়াপোতাত ভূধৰ গোহাঁইৰ লগত একেঠাইতে শপত খাইছিল এৰা এৰি নকৰিবলৈ।

 সন্ন্যাসীবেশী সম্ভেদ-যোগনীয়া ধনাই— ভূধৰ গোহাঁইৰ নিজমুখৰ পৰা ষড়যন্ত্ৰৰ কথা শুনি ধনায়ে গৌৰীক আহি কোৱাত গাভৰুৰ নিৰ্দেশমতে ধনায়ে কলিতা ফুকনত ৰহস্যে সকলো কথা জনালেগৈ, ১৬৯৩ শকৰ শাওণ মাহ। কলিতা ফুকনে গৈ সেইমতে স্বৰ্গদেৱক জনালে, আৰু পৰোক্ষে ধনাইৰ দ্বাৰাই গৌৰীৰ মুখৰ সকলো কথা লিখি আনিও স্বৰ্গদেৱক জনালে। দুদিন মাজনিশা ধনাইক কপাহী চুৰিয়া পিন্ধাই সন্ন্যাসী বেশেৰে স্বৰ্গদেৱ থকা বৰমৰঙলৈকে বিশ্বাসে নি তাৰ নিজমুখে কলিতা ফুকনে সকলো কথা স্বৰ্গদেৱত কোৱালে। তাৰ পিচত স্বৰ্গদেৱে ফুকনৰ লগত “ধনায়ে কোৱা কথাখিনি কিমান দূৰ সঁচা” এই বিষয়ে আলচ কৰিবলৈ ধৰিলে, আৰু চোৰ-চৰিয়া লগাই কথাটোৰ বুজ লবলৈ ধৰিলে।

 এনেতে স্বৰ্গদেৱে এদিন গড়গাৱঁলৈ গ’ল। তাৰ পৰা নাৱেৰে উভতি আহিবৰ কাৰণে নাও যুগুতি কৰিবলৈ স্বৰ্গদেৱে কলিতা ফুকনক আদেশ দিলে। ভদ্ৰসেন বৰবৰুৱাৰ ভায়েক চোলাধৰা ফুকনে আলচি নাৱতে স্বৰ্গদেৱক ধৰিবলৈ আয়োজন কৰিছে বুলি গম পাই কলিতা ফুকনে স্বৰ্গদেৱ জনালে। স্বৰ্গদেৱে নাৱেৰে নাহি তৰেদি শীঘ্ৰে গড়গাৱঁৰ পৰা ৰংপুৰলৈ উভতি আহিল। ৰংপুৰলৈ আহি কলিতা ফুকন আৰু ৰাজমাওদেৱেৰে সৈতে স্বৰ্গদেৱে বিশ্বাসে পৰামৰ্শ কৰি ধনায়ে কোৱা কথাখিনি লিখি থবলৈ কলে। ফুকনে ধনাইক মাতি আনি তাৰ মুখৰ সকলো কথা পুনৰুক্তি কৰাই বুঢ়ামজুন্দাৰ ময়ুৰৰ পৰিনাতিয়েক নগা লিগিৰা কাকতীৰ হতুৱাই লিপিবদ্ধ কৰালে, আৰু চোৰ-চৰিয়াৰ মুখে জনা সকলো কথা নগা কাকতীয়ে লিখি যুগুত কৰি থলে।

 ষড়যন্ত্ৰত বকতিয়াল ফৈদৰ সহযোগ—ভূধৰ গোহাঁইৰ ষড়যন্ত্ৰত বকতিয়ালৰ ভদ্ৰসেন বৰবৰুৱাৰ ফৈদে যোগ দিয়াৰ কাৰণ এই মৰাণক মাৰি লক্ষ্মীসিংহ স্বৰ্গদেৱে পুনৰ সিংহাসন লাভ কৰা কাৰ্য্যত বৰগোহাঁইৰ বিলতীয়া পাইক ভূঞাৰ ল’ৰা কেকেৰু কলিতা হাজৰিকা এজন প্ৰধান সহায়কাৰী আছিল। কলিতাৰ বিচক্ষণ বুদ্ধি আৰু ৰাজভক্তিৰ পুৰস্কাৰ স্বৰূপে স্বৰ্গদেৱে তেওঁক কাথৰমেলৰ ভণ্ডাৰী বৰুৱা পাতিছিল। এইদৰে ৰাজ অনুগ্ৰহ লাভ কৰি কলিতা বৰ ক্ষমতাৱন্ত হৈ পৰিল। বৰুৱা খিতাপধাৰী হোৱা সত্ত্বেও মানুহে তেওঁক সেইকালত ফুকন বুলিহে সম্বোধন কৰিছিল। শ্ৰীনাথ দুৱৰা বৰবৰুৱাই তেওঁৰ বুৰঞ্জীত কৈছে, “ডাঙৰীয়াবোৰে পৰ-মেললৈ আহোঁতে ৰৈ থাকি ফুকনেৰে কথা-সম্ভাষা হৈহে যায়। অনেক ফুকন বৰুৱাৰ লৰাই বিষয়ৰ আশায়ে বহাঘৰতে খাটেগৈ।” এই কলিতা ফুকনৰে সৈতে ভদ্ৰসেন বৰবৰুৱাৰ পেটেপেটে দ্বন্দ্ব, পালে দুইকো দুয়ো নেৰে। বৰবৰুৱাই কিছু কথাৰ প্ৰমাণ পাই বিশ্বাস কৰিলে যে তেওঁক মাৰি সন্দিকৈৰ ঘৰৰ খাৰঘৰীয়া ফুকনক বৰবৰুৱা পাতিবলৈ চক্ৰান্ত চলিছে। সেইদেখিহে ভদ্ৰসেন বৰবৰুৱাই স্বৰ্গদেৱ লক্ষ্মীসিংহ আৰু তেওঁৰ প্ৰধান বল্লভ কলিতা ফুকনক মাৰিবলৈ ভূধৰ গোহাঁইৰে সৈতে ষড়যন্ত্ৰ কৰিছিল, আৰু সেই ষড়যন্ত্ৰত লিপ্ত আছিল বকতিয়ালৰ ঘৰৰ এইসকল,—বৰবৰুৱাৰ দদায়েক ৰাজনেওগ ফুকন, ভায়েক চোলাধৰা ফুকন, দদায়েক বগাডেকা আৰু বিকা জালভাৰী বৰুৱা, ভায়েক খনিকৰ বৰুৱা, গড়গঞা ন্যায়সোধা ফুকন, লাকুৱা আৰু তেওঁৰ পুতেক, পুথাও ৰাজখোৱা আদি। ইয়াৰ পূৰ্ব্বে ৰত্নেশ্বৰ তিপমীয়া গোহাঁইৰ পুতেক গোহায়ে দিহিঙৰ সৰুজনা ঠাকুৰবাপ গোসাঁইৰ ঘৰত থাকি ভদ্ৰসেন বৰবৰুৱাৰ সৈতে গোটখাই ৰজা হবলৈ প্ৰস্তাৱ কৰিছিল। কিন্তু সেই অভিসন্ধি মতে কাম কৰাৰ আগেয়ে ধৰা পৰিলত দিহিঙৰ সৰুজনা গোসায়ে কলিতা ফুকনক জীয়েকক দি সাৰিল, ইসকলৰ একো শাস্তি নহল।

 ৰত্নেশ্বৰ গোহাঁইৰ পুতেকক ৰজা পাতিব নোৱাৰি বকতিয়ালৰ ফৈদে ভূধৰ গোহাঁইক এতিয়া সিংহাসনত বহুৱাবলৈ মনস্থ কৰিলে। বকতিয়ালৰ ৰাজনেওগ ফুকন, চোলাধৰা ফুকন আৰু খনিকৰ বৰুৱাই অন্য মানুহে সৈতে নামঘৰত চাৰিদিনেআঠদিনে বহি মন্ত্ৰণা কৰিবলৈ ধৰিলে। ভূধৰ গোহাঁইৰ লিগিৰা মলৌ আৰু জীউৰামে চোলাধৰা ভণ্ডাৰলৈকে আহি চোলাধৰা ফুকনৰ সৈতে কাণে কাণে কথা হৈ মন্ত্ৰণা কৰিছিল। আৰিয়াধৰা পদোৱেও চোলাধৰা ভণ্ডাৰত ফুকনৰ লগত আনে নুবুজাকৈ ফাৰ্ছি ভাষাৰে কথা-বাৰ্ত্তা হৈছিল। এদিন পদোৱে ফুকনক সুধিছিল— “কাহাচে আয়াহে তুম? ডেঢ়াচে আয়াহে?” ধনাই লিগিৰাই এইদৰে চোলাধৰা ভণ্ডাৰলৈ মানুহ অহা-যোৱা কৰা আৰু কথা-বাৰ্ত্তা কোৱা সকলোৰে আলেখ-লেখ চাই আছিল। বৰবৰুৱাৰ তামোল কটা ভোগায়ে কলিতা ফুকনৰ ঘৰলৈ ঘৈণীয়েকক পঠাই তাইৰ হতুৱাই বৰবৰুৱাৰ পৰিয়ালৰ গতি-বিধিৰ বাতৰি ফুকনত জনাই আছিল।

 ষড়যন্ত্রমতে কাম কৰিবলৈ বিস্তৰ আয়োজন চলিছিল। চোলাধৰা ফুকনে মায়ামৰাৰ পৰা এখন তেৰ-বেঁৱা বা এশহতীয়া নাও আনি থৈছিল। চোলাধৰা ভণ্ডাৰত থকা তৰোৱালৰ পেৰাবোৰ ফুকনে নিজৰ পালীত নি থৈছিল। পেৰাৰ মূৰ মেলি তৰোৱালবোৰৰ ফাঁক সোলোকাই মেলি-মেলি থোৱা হৈছিল, যাতে যোত্ৰৰ মানুহে সেইবোৰ ততালিকে হাতত লব পাৰে। বৰবৰুৱাৰ পালীত স্বৰ্গদেৱ থকা ঘৰৰ ফাললৈ মুখ কৰি এটা গন্ধীয়াঘৰীয়া হিলৈ খাঁজি পাতি থোৱা হৈছিল আৰু তাতে একুৰিখন তৰোৱাল আছিল। বৰবৰুৱাৰ লগত ২৬ জন মানুহে ৰাতি দা লৈ থাকিছিল, আৰু লুখুৰাখনৰ ২০ জন বাৰুৱতীও সময়-মূৰত কাৰ্য্য কৰিবলৈ যুগুত হৈ আছিল। স্বৰ্গদেৱ গড়গাৱঁলৈ যোৱাত তাৰ পৰা উভতি আহি ৰংপুৰৰ দোলাকাষৰীয়া চ’ৰাৰ ভিতৰ সোমাওঁতেই সেই দুৱাৰমুখতে ধৰিবলৈ যো-জা কৰা হৈছিল। গড়গাৱঁলৈ যাবৰ দিনা চোলাধৰা ফুকনে নিজৰ লগত দা দুমুঠা আৰু তৰোৱালৰ পেৰা এটা নিছিল।

 বৰবৰুৱাৰ ফৈদৰ বাহিৰেও অন্যান্য ভালেমান মুখিয়াল মানুহে এই ষড়যন্ত্রত যোগ দিছিল, যথা, আকৰা গোহাঁই, লেচেঙিয়াল নাওশলীয়া বৰুৱা, ঢেকিয়াল হাজৰিকা, বৰগোহাঁইৰ দুই ককায়েক চাৰু আৰু গেন্ধেলা, গোমোথা বৰুৱাৰ ভাগৰ অনাদৰ আৰোৱান-ধৰা, হোকা বৰাৰ পুতেক ৰঘু, পঙ্কজ আৰিয়াধৰা, হাদিৰাচকীৰ দুৱৰীয়া বৰুৱা নামলগোৱাৰ পুতেক হৰিদেউ, ভগা পৰ্ব্বতীয়া বৰুৱা ৰাধাকান্ত, কোঢ়া ভট্টাচাৰ্য্য, অজিত বৰকাকতী, ম’হ শ‍ইকীয়া, ইত্যাদি।

 কাৰেঙত সশস্ত্ৰ পালী-পহৰীয়া—ষড়যন্ত্ৰৰ আলচৰ কাকত কলিতা ফুকন আৰু নগা কাকতীয়ে ৰাতি ডেৰপৰ মৰাত স্বৰ্গদেৱত যোগালেনি। স্বৰ্গদেৱে সকলো কথা শুনি কাৰেঙৰ লা-লিগিৰা পালী-পহৰীয়া সকলোকে অস্ত্র দি সাৱধানে থাকিবলৈ দিলে। বুৰঞ্জীত লিখা আছে—“স্বৰ্গদেৱে তেতিয়াই কলিতা ফুকনেৰে আলচি ভিতৰত থকা তৰোৱালৰ পেৰা মেলাই ভণ্ডাৰী লিগিৰাৰ হতুৱাই বাৰু-বৰ্চ্চি উলিয়ালে। লিগিৰাহঁতে লবলৈ দিলে ওজাহঁতৰ হাতত; তামূলী পাচনীয়ে কুকুৰাচোৱা বৰুৱা, পাচনী বৰাৰ হাতত। এইৰূপে সকলেও তৰোৱাল আৰু বাৰু-বৰ্চ্চি লৈ সষ্টমে আছিল। কুকুৰাচোৱা, হেংদানধৰা, চোলাধৰা, গন্ধীয়া, ইয়ো টাঙোন লৈ ৰাতি দুয়োপলীয়া বাটঘৰত দুফালে দুশাৰী হৈ মাজে বাটটি থৈ তৈয়াৰ হৈ আছিল। চাংমাইশালতো চাংমাই, পানীতোলা, ৰাইদঙীয়া, ভিতৰৰ তামূলী, বৰাহী বেজ, টাঙোন লৈ ইয়ো তৈয়াৰ হৈ আছিল। দোলাকাষৰীয়া দাধৰা চোকৰধৰা বাৰুৱতীসকল তৈয়াৰ হৈ আছিল। দাৰিকা দুৱাৰৰ ভিতৰতো ভিতৰুৱাল হিলৈদাৰী দশই হিলৈ খাঁজি লৈ পাতি আছিল। ভিতৰুৱাল কাঁড়ী কেইহাজাৰো হাতেপতি আহিলা লৈ তৈয়াৰ হৈ আছিল। গন্ধীয়াঘৰৰ শালৰ হাতী আনিও ভিতৰে দুৱাৰমুখতে থৈছিল, ঢেকিয়াল বৰুৱাও জিৰোৱা চৰাতে বহি জাগি আছিল। দোলাকাষৰীয়া বৰাহঁতো পালীৰ পৰা ওলাই বহি আছিল। গোসাঁইঘৰৰ ফালেও হিলৈদাৰী কানু দুৱৰায়ে সৈতে ভকত কৰুণায়ে হিলৈ-বৰঘৰলৈ সোমোৱা দুৱাৰমুখতে হিলৈ পাতি আছিল। চাউডাঙ্গৰ শ‍ইকীয়াহঁতো গোসাঁইঘৰৰ নিচাঙতে দা লৈ বহি আছিল। চাংতলতো চাউডাং কছাৰী দোলা-কাষৰীয়াহঁতে আহিলা লৈ তৈয়াৰ হৈ আছিল। চাউডাং দুৱাৰতো চাউডাঙ্গৰ বৰুৱা দুয়োটা বহি আছিল, হিলৈও খাঁজি পাতি থৈছিল।” সেইদিনা ১৬৯৩ শকৰ শাওণৰ ১৯ দিন, বৃহস্পতিবাৰ।

 সেইদিনাই স্বৰ্গদেৱে কলিতা ফুকন, তামূলী ফুকন আৰু নগা কাকতীক আদেশ দিলে ডাঙ্গৰীয়া তিনিজনাক বৰচ’ৰালৈ আনিবলৈ, ভদ্ৰসেন বৰবৰুৱাক পালীৰ পৰা বহাঘৰলৈ নোযোৱাকৈ ৰাখিবলৈ, আৰু গোহাঁইটিহঁতক বেৰি ধৰিবলৈ। স্বৰ্গদেৱৰ আদেশ মতে তিনিওজনে আলচি ডাঙ্গৰীয়াসকলক আনিবলৈ পঠালে দোলাকাষৰীয়া বৰা কমলাবৰীয়া মধুক, বৰবৰুৱাক বহাঘৰলৈ নাযাবলৈ পঠালে আন এজন দোলাকাষৰীয়া বৰাক, আৰু গোহাঁইটিহঁতক বেৰি ধৰিবলৈ পঠালে এই কিজনক, —নঙঠা ওজালিগিৰা, বৃকোদৰ, বলোৰ কুৰিৰ জনম, চাউডাঙ্গৰ দিহিঙীয়া বৰা আমোন, পাইক হৰিচন্দ, নাহৰ, হৈদাহ আৰু বচন। সেইদৰে আলচৰ এইসকল মানুহকো আনিবলৈ টেকেলা, চাউডাং আৰু দোলাকাষৰীয়া পঠোৱা হ’ল, গোমোথা বৰুৱা, খোনা, ঘোৰাবৰুৱা খাঞ্জাৰাম আৰু আত্মা, খঙীয়াবৰুৱা, ধৰ্ম্মা দেওধাই, দুৱৰাৰ হাজৰিকা, দুৱলীয়া চেটিয়া ফুকন, ঢাক আৰু গেন্ধেলা, অনাদৰ আৰোৱানধৰা। চোলাধৰা ফুকনক ভণ্ডাৰৰ পৰা উলিয়াই আনিলত ভায়েক খনিকৰ বৰুৱা ভণ্ডাৰলৈ সোমাই গৈ ফুকনৰ পালীৰ পৰা তৰোৱালৰ পেৰাটো আনি যথা ঠাইত থবলৈ পেৰাভাৰী শ‍ইকীয়া নিতাইক পাচিলে, কাৰণ সেই পেৰা চোলাধৰা ভণ্ডাৰতহে থকা নিয়ম, ফুকনৰ পালীঘৰত থাকিলে প্ৰমাণ হয় যে ফুকনে সেই তৰোৱালবোৰ নিজৰ কামত ব্যৱহাৰ কৰিবলৈহে ভণ্ডাৰৰ পৰা আনি নিজৰ পালীত থৈছিলে। পালীৰপৰা পেৰা নি আচল ঠাই ভণ্ডাৰত থলে দায় লগা ভয়ত নিতাই শ‍ইকীয়াই কলে—“এই সময়ত আমি সেই পেৰা নিব নেপাওঁ।” পিচত খনিকৰ বৰুৱাই খনিকৰ দুটা মানুহৰ হতুৱাই খনিকৰ ভণ্ডাৰৰ আন পেৰাৰ সান্দিত সেই পেৰাটো সুমুৱাই থলেনি।

 মৰাণক মাৰিবৰে পৰা ডাঙ্গৰীয়া আৰু ফুকনসকলে অস্ত্র-শস্ত্ৰ লৈ থাকে, চ’ৰাত বহোঁতেও তৰোৱাল-টাঙোনেৰে থাকে। ইয়াৰ পৰা কোনো বিষম জন্মিব পাৰে বুলি শঙ্কা কৰি কলিতা ফুকন, তামূলী ফুকন আৰু নগা কাকতীয়ে দুটা বৰাক পঠাই ডাঙ্গৰীয়া আৰু ফুকনসকলত কোৱালে বোলে—“স্বৰ্গদেৱৰ আজ্ঞা, কাৰোৰ গুৰিত তৰোৱাল-টাঙোন, এনেকি তামোলৰ এনেকি কটাৰীখনো থাকিব নাপায়। ওচৰত মাথোন তামোল কটা লিগিৰাটোহে থাকিব পায়।” স্বৰ্গদেৱৰ আজ্ঞা শুনি সকলোৱে গুৰিৰ মানুহ তৰোৱাল-টাঙোন আঁতৰাই আহি চ’ৰাত বহিল।

 বৰচ’ৰাত বিচাৰ— ডাঙ্গৰীয়াসকল বৰচ’ৰালৈ অহাত, গাভৰু গৌৰীয়ে লিখা, ধনায়ে লিখোৱা আৰু নগা কাকতীয়ে লিখা, এই তিনিওখন কাকত চ’ৰাত মাতি ডাঙ্গৰীয়া আৰু ফুকনসকলত শুনাবলৈ, স্বৰ্গদেৱে কলিতা ফুকন, তামূলী ফুকন আৰু নগা কাকতীক আদেশ দিলে বোলে—“লেখা শুনি সকলেও বুজি চাওক কথাটো স্বৰূপ নে অস্বৰূপ।” বৰবৰুৱাৰ বাহতো লিখা শুনাই সুধিবলৈ স্বৰ্গদেৱে আদেশ কৰিলে।

 বৰচ’ৰাত সভাবিদ্যমানে কলিতা ফুকন আৰু তামূলী ফুকনে মেলৰ উদ্দেশ্য বুজাই দিলে, আৰু নগা কাকতায়ে তিনিওখনি কাকত মাতি শুনালে। কাকত শুনি ডাঙ্গৰীয়া আৰু ফুকনসকলে কলে—“এইৰূপ হলে হাত আখৰ পোৱাত আত অস্বৰূপ এনে এটা বুলিব নোৱাৰি। তথাপি বৰবৰুৱা, তোমাৰ কি কব আছে কোৱা।”

 ভদ্ৰসেন বৰবৰুৱাই কলে—“মোক স্বৰ্গদেৱে বৰবৰুৱা পাতিছে, ভাইহঁতক চোলাধৰা ফুকন, খনিকৰ বৰুৱা, ৰাজনেওগ পাতিছে আৰু মোৰ বংশতে অনেকখনি বিষয় দিছে। মোৰ আৰু ঐহিকত হবলৈ নাই। তথাপি যে এনেজনা স্বৰ্গদেৱৰ দ্ৰোহ আচৰিব খোজোঁ বুলি কয় আকে সকলেও বুজিবহে লাগে। তথাপি ম‍ই স্বৰ্গদেৱৰ শুদ্ধ সেৱকৰ ঘৰৰ ল’ৰা, মোৰ হস্তাক্ষৰো নহয়, ম‍ই নেজানোও। যদি মোক কোনোটো মনুষ্যে জোৰাই লগাব পাৰে তেও ম‍ই দণ্ডাৰ্হ। এতেকে দেওসকলে মোৰ হৈ যথাৰ্থ স্বৰ্গদেৱলৈ একাষাৰ প্ৰাৰ্থনা কৰক, স্বৰ্গদেৱ ঈশ্বৰে সোধক। যদি সোধত পৰো স্বৰ্গদেৱে আমাক সগোষ্টকে থব লগা নহয়। যদিহে বোলা মন্দ মনুষ্যে খিয়ালত থাকি আমাক মৰাবলৈ এনেখনি কৰিছে তাকো স্বৰ্গদেৱে বুজক। কলিতা ফুকন, তামূলী ফুকন, নগা, তোমালোকেও দেৱতাক পৰত বুজাই কবা,—মই শুদ্ধ সেৱকৰ ঘৰৰ ল’ৰা এটি অকাৰণত মৰো।”

 বৰচ’ৰাৰ মেলৰ কথা স্বৰ্গদেৱক জনালত স্বৰ্গদেৱে চোলাধৰা ফুকন, খনিকৰ বৰুৱা, বগাডেকা আৰু বিকা জালভাৰী বৰুৱাক হাতীশাললৈ নি লোৱা দিবলৈ কলে।

 হাতীশালত বৰবৰুৱা—বৰচ’ৰাত সোধা-পোছা কৰিলে হতাহতি লাগে বুলি ভয় কৰি বৰবৰুৱাকো হাতীশাললৈ নি তাতে সুধিবলৈ ডাঙ্গৰীয়া আৰু ফুকন সকলক স্বৰ্গদেৱে আজ্ঞা কৰিলে। বৰচ’ৰাত নুসুধি আৱশ্যকমতে হাতীশালত বন্দীক সোধাৰ নিয়ম আগৰে পৰা চলি আহিছিল। স্বৰ্গদেৱ গদাধৰসিংহৰ দিনত গুৱাহাটীৰ চেংৰাই ফুকন, খামৰাক ফুকন আৰু পানীফুকনে ৰাজদ্রোহলৈ মন কৰিছিল। ইয়াৰ বাৰ্ত্তা পাই গদাধৰ সিংহ স্বৰ্গদেৱে কলীয়াবৰলৈ গৈ তাতে থাকি ময়ূৰ মজুন্দাৰ আৰু গড়গঞা সন্দিকৈ বৰফুকনক পঠাই বিদ্রোহী ফুকনসকলক ধৰাই অনালে। স্বৰ্গদেৱৰ আজ্ঞামতে ডাঙ্গৰীয়া ফুকনসকলক হাতীশালতে সোধ-পোছ কৰিছিল। এই ঘটনাৰ উল্লেখ কৰি স্বৰ্গদেৱ লক্ষ্মীসিংহই এতিয়া কলে— “তিনিজনা ডাঙ্গৰীয়া ফুকনবোৰো হাতীশাললৈকে গৈ বৰবৰুৱাকো হাতীশাললৈকে নি তাতে সোধকগৈ। পূৰ্ব্বে পুথাওদেৱেও যেতিয়া কলীয়াবৰত বুঢ়ামজুন্দাৰকে বুঢ়া ফুকনকে পঠাই গুৱাহাটীয়া ফুকনবোৰক গুৱাহাটীৰ পৰা অনায়, তেতিয়াও তিনিজনা ডাঙ্গৰীয়াকেহে হাতীশাললৈকে নি সোধালে। এতেকে এতিয়াও হাতীশালতে নি সোধকগৈ।”

 ভদ্রসেন বৰবৰুৱা আৰু তেওঁৰ দদায়েক ৰাজনেওগ ফুকন হাতীশালত সোধ কৰাৰ একেবাৰে পক্ষপাতী নাছিল। তালৈ নিনিবলৈ তেওঁলোকে তিনিজনা ডাঙ্গৰীয়াক অনেক স্তুতি-মিনতি কৰিলে। বৰবৰুৱাই কলে—“চ’ৰাতে স্বৰ্গদেৱ একাষাৰ সোধক, হাতীশাললৈ গলেই আতে এটা কথা ৰয়। মই কাঁড়ীৰহে বৰুৱা, কাড়ীৰ মুখে ডুমুনী-পোহাৰীৰ মুখে সমান। এতেকে দেওবোৰে আতে একাষাৰ সোধক।” এইবুলি বৰবৰুৱা উঠিল। পিচে তিনিজনা ডাঙ্গৰীয়াই চাউডাঙ্গৰ ৰীতিয়া বৰা আৰু কুকুৰাচোৱাৰ মণি বৰাক আদেশ দিলে—"স্বৰ্গদেৱৰ আজ্ঞা, তঁহতে কি চাই থাক? নেহঁক।” পিচে এই দুয়ো বৰবৰুৱাক আঠুপাৰি সেৱা কৰি বোলে—“দেও, স্বৰ্গদেৱৰ আজ্ঞা, দেও এতেবেলি ইয়াত থাকিব নাপায়, আমি কটা যাম।” পিচে ইহঁতে হাতত ধৰে বুলি বৰবৰুৱা উঠি গৈ চ’ৰাৰ সিমূৰৰ পৰা স্বৰ্গদেৱলৈ আৰু ৰাইজলৈকো সেৱা কৰি হাতীশাললৈ গ’ল। পিচত ৰাজনেওগেও সেৱা কৰি উঠি গ’ল।

 দণ্ড বিধান—ডাঙ্গৰীয়াসকলে দেখিলে হাতীশাললৈ গৈ সোধ কৰাৰ একো আৱশ্যক নাই, কাৰণ তিনিখনি লিখা কাকততে সকলো দোষ ওলাই পৰিছে। তেওঁলোকে কলে—“আত আৰু সোধ নাই, স্বৰ্গদেৱে যিখান হয় বুলিহে লাগে।”

 ডাঙ্গৰীয়াসকলৰ সিদ্ধান্ত জনোৱাত স্বৰ্গদেৱে বৰঘৰতে বহি কলিতা ফুকন, তামূলী ফুকন, খাৰঘৰীয়া ফুকন, গন্ধীয়া বৰুৱা, লাখৰ, কাম বৰুৱা, শিৱনাথ, নগা, এই কেইজনক মাতি বোলে “মোক মাৰি তহঁতকো এৰিলেহেঁতেন নে? তহঁতকো মোৰ লগতে মাৰিলেহেঁতেন। সিহঁতৰ অনেক যোত্ৰ, এইৰূপে থলে দোষহে। এতেকে আজিয়েই যি হয় কৰা যাওক। নগা, লেখ।” এইবুলি স্বৰ্গদেৱে দোষীবোৰক দণ্ড বিহিলে, নগা কাকতীয়ে স্বৰ্গদেৱৰ আজ্ঞা লিখিবলৈ ধৰিলে ।

 ভূধৰ গোহাঁইৰ ষড়যন্ত্ৰত প্ৰায় দুশমান মানুহ লিপ্ত আছিল। তাৰ সকলোকে স্বৰ্গদেৱে যথাবিধি দণ্ডৰ আজ্ঞা দিলে। তাৰে ভিতৰত মুখিয়াল অপৰাধীৰ নাম আৰু দণ্ড তলত উল্লেখ কৰা গ’ল।—

 চাউডাঙ্গৰ হাতত দিবলৈ দিলে কাটিবলৈ,—ৰজা হব খোজা কোঁৱৰ ভূধৰ গোহাঁই, বকতিয়ালৰ ভদ্রসেন বৰবৰুৱা, দদায়েক ৰাজনেওগ ফুকন, দদায়েক বিকা জালভাৰী বৰুৱা, দদায়েক বগাডেকা, ভায়েক চোলাধৰা ফুকন, ভায়েক খনিকৰ বৰুৱা, ৰত্নেশ্বৰ তিপমীয়া গোহাঁইৰ পুতেক।

 চকু দুটা কাঢ়িব দিলে,—আকৰা গোহাঁই, ডফলা দুৱৰীয়াৰ পুতেক খাঞ্জাৰাম ঘোৰাবৰুৱা, ভায়েক আত্মাৰাম, হোকাবৰাৰ পুতেক ৰঘু, গড়গঞা ন্যায়সোধা ফুকনৰ পুতেক, আৰিয়াধৰা বৰা পদো, মিতধৰা বৰা পদো।

 কোব-কিল-চৰ ডেৰকুৰিকৈ মাৰিব দিলে,—গৌৰীসাগৰীয়া দিগম্বৰ গণক, গৌৰীসাগৰীয়া ৰুচি ব্ৰাহ্মণ, বৰগোহাঁইৰ ককায়েক চাৰু আৰু গেন্ধেলা, গোমোথা বৰুৱাৰ ভাগৰ অনাদৰ আৰোৱানধৰা, দুৱৰাৰ দিহিঙীয়া মাজপালী থকা বচা হাজৰিকা, ৰাজনেওগৰ ভায়েক আকৰা, লিগিৰা মলৌ, লিগিৰা জীউৰাম।

 এওঁলোকক কাকত পত্ৰ কৰি কাঁড়ীৰ খেললৈ নমাব দিলে,—বকতিয়াল বৰবৰুৱাৰ বৈ-বঙহ আৰু বনুৱা মানুহখিনি, বকতিয়ালৰ গড়গঞা ন্যায়সোধা ফুকন লাকুৱা, লেচেঙীয়াৰ নাওশলীয়া বৰুৱা, ঢেকিয়াল হাজৰিকা, গোমোথাৰ পুতেক খোনা আৰু ভণ্ডাৰী-বৰুৱা, বৰবৰুৱাৰ বঙহ পুথাও ৰাজখোৱা, তেওঁৰ পুতেক আৰু ভায়েক।

 বিষয় গুচাই ঘৰলৈ খেদিব দিলে,— অজিত বৰকাকতী, পুৰণিমেলৰ কাটনি শ্ৰীৰাম, সৰুঘৰ বন্দীৰ হাজৰিকা, দিহিঙৰ ভকত নোহোৱা পুৰন্দৰ কাকতী, বগাৰ লগত থকা পহুকটা ল’ৰা, দাৰিকিয়াল হাজৰিকাৰ বাপেক-পুতেক।

 বিবিধ শাস্তি,—দেওধাই ধৰ্ম্মাক চিৰিং ফুকনক গটাই দি হাবিৰ পাম এখনত পাতিবলৈ দিলে। ৰুচি ব্ৰাহ্মণক কোব কিল চৰ মৰাৰ উপৰিও হাতীঘাঁহীলৈ নমাই ঘৰত থকা পুথিবোৰ লুৰি আনি ৰাজভঁৰালত থবলৈ দিলে। কোঢ়া ভট্টাচাৰ্য্যক বাৰটা চমটাৰ কোব মাৰিবলৈ দিলে। গৌৰীকান্তৰ পুতেক ৰাধাকান্ত পৰ্ব্বতীয়া বৰুৱা আৰু ৰামেশ্বৰ দেউৰীক চূণসনা কলহ ডিঙিত আঁৰি গড়ৰ কেউফালে ঘূৰাই অনাই বিষয় গুচাই হাতীঘাঁহীলৈ নমালে। দিহিঙীয়া ভকত ভলুকা, বিকাই আৰু সৰু বায়নক সৰুজনা ঠাকুৰ বাপক সোধাই দিলে। শিলিখাতলীয়া বাপুক মানুহ এফৈদ পঠাই ৰংপুৰতে ৰখা দি থোৱা হৈছিল। বিদেশী ভট্টাচাৰ্য্য গোসাঁইৰ হাত-আখৰৰ অনেক লেখাজোখা পালে, তথাপি গোসাঁইক তেতিয়া একো নুবুলিলে। হাদীৰাচকীৰ দুৱৰীয়া বৰুৱাৰ নামলগোৱাৰ পুতেক হৰিদেউক কোব ডেৰকুৰি মাৰি বিদেশলৈ যাবলৈ নিদিয়াকৈ খেদিব দিলে। দুৱৰাৰ দিহিঙীয়া বচা হাজৰিকাক ভিতৰুৱাল ফুকনৰ হাতত নিলগ পামত পাতি থবলৈ শোধাই দিব দিলে। ভগা খঙীয়া বৰুৱাক ঘৰলৈ খেদিলে। ভূধৰ গোহাঁইৰ শহুৰেক গুৱাহাটীৰ দুৱলীয়া চেটিয়া ফুকনক ৰখাতে বন্দী কৰি থলে। লিগিৰা ধনাইক দহোটা কোব মাৰি এৰি দিলে। কাঁড়ীলৈ নমোৱা বৰবৰুৱাৰ বৈ-বঙহক কোন দাগী আৰু কোন হাজাৰত দিব তেতিয়া একো নিৰূপণ নহল। ডাঙ্গৰীয়া আৰু ফুকনসকলে বৰকৈ মাতিলত বৰগোহাঁইৰ ককায়েক চাৰু আৰু গেন্ধেলাক চাৰিটাকৈ ঢকা মাৰি নিলগ পামত পাতিবলৈ বৰগোহাঁইক শোধাই দিয়া হ’ল। কলিতা ফুকনে মাতিলত হোকা বৰাৰ পুতেক লখী, গড়গঞা ন্যায়সোধা ফুকনৰ পুতেক, আৰিয়াধৰা বৰা পদো, মিতধৰা বৰা, ইহঁতৰ চকু নাকাঢ়ি ভাগে-ভাগে শোধাই দিয়া হ’ল। চোলা ধৰা ফুকনৰ ভায়েক হাবিয়াল বৰুৱা, বগাৰ পুতেক, খোৱঙীয়া ফুকনৰ পুতেক তামূলী, ঘোৰাবৰুৱাৰ পুতেক, ৰঘু কাকতী ইহঁত পলাল।

 কলিতা ফুকন, তামূলী ফুকন, খাৰঘৰীয়া ফুকন, গন্ধীয়া বৰুৱা, কাম বৰুৱা, লাখৰ, শিৱনাথ, নগা, এই সকলে স্বৰ্গদেৱৰ ওচৰৰ পৰা আহি বৰচ’ৰাত স্বৰ্গদেৱৰ আজ্ঞা আৰু দণ্ডৰ কাকত মাতি শুনালত ডাঙ্গৰীয়া আৰু ফুকনসকলে “স্বৰ্গদেৱে উত্তম বুলিছে আৰু উচিত দণ্ড বিহিছে” বুলি স্বীকাৰ কৰিলে দ্রোহীবোৰক চাউডাং আৰু দোলাকাষৰীয়াৰ হাতত যথাবিধি শাস্তিৰ কাৰণে শোধাই দিয়া হ’ল। কোব কিল চৰ মাৰিব লগাবিলাক আগতে মৰোৱা গ’ল।

 নতুন বৰবৰুৱা আৰু চোলাধৰা ফুকন—সেইদিনাই স্বৰ্গদেৱে বকতিয়াল ভদ্ৰসেন বৰবৰুৱাৰ সলনি সন্দিকৈৰ দিহিঙীয়া ফুকন শিৱৰামক বৰবৰুৱা পাতিবলৈ মন কৰি ডাঙ্গৰীয়াসকলক কলে বোলে—“সন্দিকৈৰ দিহিঙীয়া ফুকনকে এই কাৰ্য্যলৈ বাৰু যেন দেখো, মোৰ আগৰ কোঁৱৰালি কালৰে পৰা বিশ্বাস পোৱা আছে।” স্বৰ্গদেৱৰ আজ্ঞামতে সেইদিনাই বৰচ’ৰাত শিৱৰাম দিহিঙীয়া ফুকনক বৰবৰুৱা পাতিলে। কাথৰ মজুন্দাৰক গুচাই নগা কাকতীক মজুন্দাৰ পাতিবলৈ তিনিজনা ডাঙ্গৰীয়াই স্বৰ্গদেৱক প্ৰাৰ্থনা কৰিলে। স্বৰ্গদেৱ কলে—“বাৰু কাথৰ মজুন্দাৰ দাৰিকা দুৱাৰৰ ভিতৰ নোসোমাব। নগায়ে মজুন্দাৰৰ কাৰ্য্যবোৰ কৰিব, ম‍ই পাচে নাও দিম।” পিচে তিনিজনা ডাঙ্গৰীয়া বৰুৱা ফুকন সকলেও সেইদিনাই স্বৰ্গদেৱলৈ তামূলী ফুকনৰ হতুৱাই প্ৰাৰ্থনা জনালে—“কলিতা ফুকন যাক বোলে ই হিন্দুৰ লৰা। ইহে যি যি কাৰ্য্য কৰিছে ভাল আহোমে অনেক পুৰুষে স্বৰ্গদেৱৰ খাই-পিন্ধি থাকিও এনে কাৰ্য্য কৰিব পৰা নাই। এতেকে ইয়ো আমাৰ লগৰ এটা। এতেকে চোলাধৰা ভণ্ডাৰখন আক দিবলৈ আমি প্ৰাৰ্থনা কৰিছোঁ।” এইৰূপে তামূলী ফুকনে স্বৰ্গদেৱত কলত স্বৰ্গদেৱে কাথ বৰুৱাৰ মেলৰ পৰা গুচাই সেইদিনায়ে কলিতা ফুকনক চোলাধৰা ফুকন পাতিবলৈ দিলে। সেইদিনাৰে পৰা কলিতা ফকন সঁচাসচিকৈয়ে ফুকন হ’ল।