সমললৈ যাওক

কোঁৱৰ বিদ্ৰোহ/তিপমীয়া গোহাঁইৰ দ্ৰোহ

ৱিকিউৎসৰ পৰা
 

তিপমীয়া গোহাঁইৰ দ্ৰোহ

 সোণৰ ভোগজৰাত চূণৰ আঁক—অসম ৰাজ্যৰ অধিপতি মহাৰাজ লক্ষ্মীসিংহ স্বৰ্গদেৱৰ মুখধোৱা সোণৰ ভোগজৰা, দেওব্রহ্মাই তাক চাব-চুব নোৱাৰে। এদিনাখন স্বৰ্গদেৱে সেই ভোগজৰাতে এটা চূণৰ আঁক দেখিলে। মৰাণৰ হাতত বন্দী হৈ লাঞ্ছনা-অপমান পোৱাৰে দিন ধৰি স্বৰ্গদেৱৰ গা চঁকি আছিল। ভোগজৰাত চূণৰ আঁক দেখি স্বৰ্গদেৱে ভাবিলে— কোনোবাই তন্ত্ৰ-মন্ত্ৰৰ সহায়েৰে তেওঁৰ অনিষ্ট সাধিবৰ মনেৰে এনে কুকৃত্য কৰিছে। স্বৰ্গদেৱৰ তামূলী-লিগিৰী লংকলী আৰু জৰাধৰা লিগিৰা মোহন, এই দুয়ো মাথো ভোগজৰা বাজৰপৰা ভিতৰলৈ অনা-নিয়া কৰিছিল। ইয়াৰ ভিতৰত লংকলী লিগিৰী স্বৰ্গদেৱৰ চেঙ্গেৰালি কালৰে পৰা আসৈ পোৱা তিৰোতা। স্বৰ্গদেৱে নিজে আগত থাকি উজনী চাউডাঙ্গৰ চ’ৰাতে ঘট পৰীখা কৰি চালে, পৰীখাত লংকলী লিগিৰী পৰিল। তায়ে ৰং কৰি কোনোখান কৰিছে বুলি আৰু আগৰে মন-বুদ্ধি পোৱা মানুহ দেখি স্বৰ্গদেৱে কুকৃত্য যেন নুবুজি একো নামাতি-নুবুলি মনে-মনে থাকিল।

 ৰূপহী আৰু চান্দমতী নামে স্বৰ্গদেৱৰ আৰু দুজনী লিগিৰী আছিল। ৰূপহীৰ বাপেক আছিল স্বৰ্গদেৱে দয়া কৰা লুকুমাই লৰা গঙ্গাৰাম। চান্দ লিগিৰীক স্বৰ্গদেৱে মৰম কৰি সোণৰ খাৰু পিন্ধিবলৈ দিছিল। স্বৰ্গদেৱে স্নেহ কৰি তিপমীয়া গোহাঁই কোঁৱৰক লগতে ৰাখিছিল। এই তিপমীয়া গোহাঁইৰ লগত চিনাতলীয়া চাউডাঙ্গৰ চমুৱা এটা আছিল। গোহাঁইদেৱে চামুৱাটোৰ হাতত ফুল-তামোল দি ৰূপহীৰ লগত বিয়াহৰ ওজাৰ তালৈ পঠিয়াইছিল। স্বৰ্গদেৱৰ পৰ্ব্বতীয়া কুঁৱৰী আছিল চটাইঅলীয়া বৰগোহাঁইৰ ঘৰৰ খঙ্গীয়া ফুকনৰ জীয়েক। এইজনা আইকুঁৱৰীদেৱ স্বৰ্গদেৱৰ অতি বেথাৰ কুঁৱৰী আছিল। স্বৰ্গদেৱৰ ফালৰ তেওঁৰ এটি কন্যা সন্তান আছিল। পৰ্ব্বতীয়া আইকুঁৱৰীদেৱৰে চান্দৰে ৰূপহীৰে একে পিত্ত, তিনিওৰে একে আলচ। চাউডাঙ্গৰ চমুৱাটোৱে গতাগত কৰা কথা তিনিও জানে। তাৰ উপৰিও পৰ্ব্বতীয়া কুঁৱৰীয়ে ভাল দ্ৰব্যখন পালে তিপমীয়া গোহাঁইদেৱলৈ পঠিয়াই দিছিল। এইদৰে কিছুদিন চমুৱাটোৱে গতাগত কৰি কথা বাৰ্ত্তা চলাই আছিল। তিপমীয়া গোহাঁইদেৱে মাজে-মাজে চমুৱাটোৰ হাতত পৰ্ব্বতীয়া কুঁৱৰী, ৰূপহী আৰু চান্দলৈ চিঠি-পত্ৰও দিছিল।

 এনেতে চাউডাঙ্গৰ চমুৱাটোৰ ঘৰত গিৰিয়েক ঘৈণীয়েকৰ কাজিয়া লাগিল। কাৰেঙ্গৰ কুঁৱৰী আৰু লিগিৰীৰ মৰম-চেনেহৰ জুতি পোৱা চমুৱা ডেকাই নিজৰ বেইতা তিৰীক কেৰাহিকৈ নোচোৱা হল। চমুৱাৰ ঘৈণীয়েকে প্ৰতিহিংসা সাধিবৰ মনেৰে স্বৰ্গদেৱৰ বিশ্বাসী বিষয়া কাম বৰুৱাক সকলো কথা অবান্তৰ ভাঙ্গি কলে, আৰু কলে বোলে,—“আজি গোহাঁইদেৱে লেখা এখনো দিছে, তাকে মোৰ গিৰিহঁতে

গামোচাত নিব। খাপ দি ধৰিলে লেখাও পাব।” কাম বৰুৱাই এই কথা স্বৰ্গদেৱত বিশ্বাসে কলত স্বৰ্গদেৱে কাম বৰুৱাকে আৰু লাখৰ তামূলী-লিগিৰাকে খাপ দি ধৰিবলৈ দিলে। চাউডাঙ্গৰ চমুৱাই লেখা লৈ ভিতৰলৈ সোমাই যাওঁতে খাপ দিয়া মানুহে ধৰিলত তামোলৰ গামোচা চাই লেখা পাই নি কাম বৰুৱা আৰু লাখৰৰ হাতত দিলত এওঁলোকে নি স্বৰ্গদেৱক বিশ্বাসে দেখুৱালে। স্বৰ্গদেৱেও চমুৱাটোক লোৱা দি থব দিলে, পাচদিনা বৰবৰুৱাৰ সোধ-পোছলৈ বাট নেচাই স্বৰ্গদেৱৰ আজ্ঞাৰে তাক চাউডাঙ্গৰ হাতত দিলে। তিপমীয়া গোহাঁইদেৱে সেই লেখাত স্বৰ্গদেৱক হীৰা খুৱাই মাৰিবলৈ ইবোৰলৈ লিখিছিল, আৰু প্ৰীতি চলোৱা কথাও লিখিছিল।

 লক্ষ্মীসিংহ স্বৰ্গদেৱৰ আৰু তিনি গৰাকী কুঁৱৰী আছিল। গড়গঞা সন্দিকৈৰ বৰঘৰীয়াৰ ঘৰৰ বৰকুঁৱৰী; লুখুৰাখনৰ জীয়াৰী ন-কুঁৱৰী, নাম কৃষ্ণপুৰীয়া; আৰু তামূলী-কু'ৱৰী, নাম কালিন্দ্ৰী। তিপমীয়া গোহাইদেৱৰ হাতলেখা পঢ়ি স্বৰ্গদেৱে ন-কুঁৱৰী কৃষ্ণপুৰীয়া আৰু তামূলী-কুঁৱৰী কালিন্দ্ৰীকে পৰ্ব্বতীয়া কুঁৱৰীকে চান্দতে ৰূপহীতে সুধিব দিলে। তেওঁলোকে সৈ নেকাঢ়োঁতে ৰূপহীৰ গালত চৰায়ো সুধিছিল, তথাপি তাই সৈ নেকাঢ়িলে। স্বৰ্গদেৱে নিজে বৰমৰঙ্গত থাকি কৃষ্ণপুৰীয়া আৰু কালিন্দ্ৰীৰ হতুৱাই কেবাদিনো সোধ-পোছ কৰাইছিল, তথাপিতো মূল সত্য কথা কেও স্বীকাৰ নকৰিলে। স্বৰ্গদেৱে মনতে গুণা-গঁথা কৰি থাকিল।

 পাচে এনেতে এদিন স্বৰ্গদেৱে বৰমৰঙ্গৰ মিচাঙ্গতে তিনিপৰীয়া গা ধোওঁতে বুদু লিগিৰীয়ে পানী আগবঢ়াই দিওঁতে স্বৰ্গদেৱে বুলিলে বোলে,—“আজি হাতী যুজাবলৈ যাওঁ।”

 বুদুয়ে নুশুনি বোলে,—“স্বৰ্গদেও, কাকনো হাতী গচকাই মাৰিবলৈ ভিতৰলৈ আনিব দিছে হাতী?"

 স্বৰ্গদেৱে পেংলাইকে বোলে –“মোৰ অহিত চিন্তা তহঁতকে হাতী গচকাই মাৰিম আজি।”

 পাচে বুদুৱে সেই বাক্যকে স্বৰূপ মানি পৰ্ব্বতীয়া আইকুঁৱৰীদেৱত কলেগৈ বোলে,—“দেৱতা, স্বৰ্গদেৱে তোমাক হাতী গচকাই মাৰিবলৈ আজি ভিতৰলৈকে হাতী আনিব খুজিছে।”

 পাচে আইকুঁৱৰীদেৱে অতি ভীত হৈ তামুলী-কুঁৱৰীৰ ভৰিত পৰি বোলে,—“বাই, তুমি মোক ৰাখা, মোক হুনু আজি হাতী গচকাই মাৰে।

 পাচে তামূলী-কুঁৱৰীয়ে গৈ স্বৰ্গদেৱত সুধিলত স্বৰ্গদেৱে বোলে,—“মই বোলো হাতী যুজাবলৈ যাওঁ।” বুদুৰে বোলে,—“কাক মাৰিবলৈ হাতী আনিবলৈ দিছা?” মই ৰংকৈ বোলোঁ,—'মোৰ অহিত চিন্তা তহঁতকে মাৰিবলৈ আনিব দিছো।’ মই এনেকৈ ৰংকৈ বুলিলোঁ। কাহানি পৰ্ব্বতীয়া কুঁৱৰীক মাৰিব খুইছোঁ বুলি তাইত কৈছোঁ? পৰ্ব্বতীয়া কুঁৱৰীয়ে মোক কি কৰিছে?”

 পাচে এইৰূপে তামূলী কুঁৱৰীয়ে স্বৰ্গদেৱৰ মুখৰ কথা পৰ্ব্বতীয়া কুঁৱৰীত আহি কলতহি কিছু পৰ্ব্বতীয়া আইকুঁৱৰীদেৱৰ মনটি থিৰ হল।

 পাচে এদিন ন-কুঁৱৰীৰ উপায়েৰে পৰ্ব্বতীয়া কুঁৱৰীয়ে স্বৰ্গদেৱ মৰঙ্গ সোমাওঁতে স্বৰ্গদেৱৰ পাৱ চুই শপত খালে, বোলে,—“তুমি দেৱতা যিটো ভাবিছা মোৰ কায়-বাক্যে মনেও নাই। যদিহে মিছা কৈছোঁ জীটিৰে মূৰ খাম, ময়ো তোমাক সেৱা কৰিবলৈ নেপাম, হতচিৰী হম।”

 পাচে স্বৰ্গদেৱে বোলে, – “মইনো তোক কি বুলিছোঁ?” এনে বুলি।

 তথাপি বেথাৰ কুঁৱৰী দেখি কথাটোও প্ৰজ্জ্বলিত হৈ বাঢ়ে যেন দেখি একো নুবুলিলে, চান্দ লিগিৰীকো একো নুবুলিলে। কিন্তু পেটেৰে দুয়োকে৷ সিমান ভাল নেদেখিলে, ৰূপহীক কোব কিল চৰ ৩০-কৈ মাৰি কাণ এখন কাটি নলনীবাৰীত খেদি থলে। তেতিয়াহে স্বৰ্গদেৱে ভোগজৰাৰ চূণৰ আঁকৰ কথা বুজিলে, তিপমীয়া গোহাঁইদেৱে স্বৰ্গদেৱক মাৰিবলৈ মন্দকৰ্ম্ম কৰি ৰূপহীৰ হতুৱাই চূণৰ আঁক দিয়ালে বুলি। পাচে এইৰূপে ভালেদিনো আছিল।

 তিপমীয়া গোহাঁইদেৱ কোন?—লক্ষ্মীসিংহ স্বৰ্গদেৱে সিংহাসনত উঠি ককায়েক ৰাজেশ্বৰসিংহ স্বৰ্গদেৱৰ পুতেক চাৰুসিংহ যুৱৰাজ মাজু গোহাঁই আৰু ৰত্নেশ্বৰ গোহাঁইক নামৰূপলৈ খেদিলে, আৰু পাটকোঁৱৰক বৰকোলাত থলে। প্ৰমত্তসিংহৰ পুতেক মলৌ কোঁৱৰক লক্ষ্মীসিংহ স্বৰ্গদেৱে তিপাম মেল দি লগতে ৰাখিলে। সেই অনুসাৰে মলৌ কোঁৱৰ তিপাম ৰজা বা তিপমীয়া গোহাঁই খিতাপেৰে প্ৰখ্যাত হল। এওঁৰ মাক আছিল কুঁৱৈগঞা বুঢ়াগোহাঁইৰ বঙ্গহৰ জীয়াৰী।

 ৰাজেশ্বৰসিংহ স্বৰ্গদেৱৰ তিনিজনা পুতেকক নামৰূপ আৰু বৰকোলালৈ খেদি তিপমীয়া গোহাঁইক লগত ৰখাৰ উদ্দেশ্য কি তাক সঠিককৈ নিৰ্দ্ধাৰিত কৰা টান। ৰাজেশ্বৰসিংহৰ ৰাজত্বকালত কীৰ্ত্তিচন্দ্ৰ বৰবৰুৱাৰ হত্যাৰ চেষ্টা কৰা হৈছিল। স্বৰ্গদেৱে নিজে সেই কাৰ্য্যত ভিতৰি টিপ দিছিল বুলি কীৰ্ত্তিচন্দ্ৰই বিশ্বাস কৰিছিল। ৰাজেশ্বৰসিংহ দেৱতা জীয়াই থকা কালত কীৰ্ত্তিচন্দ্ৰই তাৰ একো প্ৰতিশোধ লবলৈ সুবিধা নাপাইছিল। স্বৰ্গদেৱৰ মৃত্যু হোৱাৰ অলপ পাচতে বৰবৰুৱাই নতুন ৰজা লক্ষ্মীসিংহৰ আজ্ঞ৷ লৈ ৰাজেশ্বৰসিংহৰ তিনিজনা কোঁৱৰ আৰু তেওঁৰ কুঁৱৰীসকলক সামান্য ৰোজৰাজ দি নামৰূপ আৰু বৰকোলালৈ খেদি পঠিয়ালে। বৰবৰুৱাই পূৰ্ব্বে তেওঁক মাৰিবাৰ চেষ্টা কৰাৰ আদ্যোপান্ত ঘটনাৰ কথা সুধিবলৈ পুতেক উমা ঢেকিয়াল ফুকনক নামৰূপলৈ পঠিয়ালে। ঢেকিয়াল ফুকনে টানকৈ সোধপোছ কৰাত ৰত্নেশ্বৰ সৰুগোহাঁইদেৱে ষড়যন্ত্ৰকাৰীসকলৰ নামে সৈতে সকলো কথা ভাঙ্গি-পাতি কলে, আৰু নিজেও বৰবৰুৱাক হত্যা কৰাৰ চেষ্টাত লিপ্ত আছিল বুলি প্ৰমাণিত হল। বৰবৰুৱাই এইবোৰ কথা আগেয়ে কিছু-কিছু জানিছিল। ৰাজেশ্বৰসিংহ জীয়াই থকাত পুতেক ৰত্নেশ্বৰ গোহাঁই বা আন কোঁৱৰক শাস্তি দিয়াবলৈ তেওঁ সাহ নকৰিছিল। এতিয়া পিতৃ স্বৰ্গদেৱ লোকান্তৰ হোৱাত এনে কণিবিহৰ সঁচ থোৱা ভাল নহয় বুলি এটাই কিজনা কোঁৱৰকে বৰবৰুৱাই নিৰ্ব্বাসন কৰালে।

 ৰাজেশ্বৰসিংহ জীয়াই থকাত মানুহে ভাবিছিল তেওঁৰ পুতেক চাৰুসিংহ যুৱৰাজ আগলৈ ৰজা হব। কালশিলীয়া গোহাঁই ৰজা হোৱাৰ কোনো আগন্তুক নাছিল, কাৰণ তেওঁ দেখাত আপচু কলা আছিল; সেই কাৰণে তেওঁ ৰুদ্ৰসিংহ স্বৰ্গদেৱৰ ঔৰসজাত সন্তান নহয় বুলিও বহুতে অনুমান কৰিছিল। ৰাজেশ্বৰসিংহৰ মৃত্যুত কীৰ্ত্তিচন্দ্ৰই ভাবিলে চাৰুসিংহ ৰজা হলে তেওঁ প্ৰজা আৰু বিষয়াৰ মৰম সহানুভূতি পাই বলীয়ান হৈ কীৰ্ত্তিচন্দ্ৰৰ ক্ষমতাৰ গতিৰোধ কৰিব পাৰিব। সেইদেখি বৰবৰুৱাই চক্ৰান্ত কৰি চাৰুসিংহ যুৱৰাজ, তেওঁৰ দুজনা ভায়েক আৰু তেওঁলোকৰ মাক আৰু বৈমাতৃসকলক দুৰৈলৈ খেদি ‘এলাগী কোঁৱৰ’ ‘কলীয়া বাঘ’ কালশিলীয়া গোহাঁইদেৱক সিংহাসনত বহুৱালে। কালশিলীয়া গোহাঁইদেৱে লক্ষ্মীসিংহ নাম লৈ সিংহাসনত বহিল। স্বৰ্গদেৱে ভাবিলে চাৰুসিংহ, ৰত্নেশ্বৰ আৰু পাটকোঁৱৰক ৰাজধানীত ৰাখিলে আগলৈ মানুহে যোত্ৰ হৈ তেওঁলোকৰ কোনো এজনাক ৰজা পাতিবলৈ চেষ্টা কৰিব পাৰে। সেইদেখি সিংহাসনৰ কণ্টক দূৰ হব বুলি স্বৰ্গদেৱে কীৰ্ত্তিচন্দ্ৰৰ প্ৰস্তাৱত সম্মতি দি তেওঁলোকক দূৰলৈ খেদি অঙ্গক্ষত কৰি যোগান দি থলে।

 মলৌ কোঁৱৰ তিপমীয়া গোহাঁইক লগত ৰাখিলে লক্ষ্মীসিংহ স্বৰ্গদেৱৰ বিশেষ সঙ্কট নাছিল, কাৰণ ৰাজেশ্বৰসিংহ লক্ষ্মীসিংহৰ অব্যবহিত পূৰ্ব্বৰ ৰজা, তেওঁৰ কোঁৱৰসকলৰ সিংহাসনত দাবী পূৰামাত্ৰা আছে। তিপমীয়া গোহাঁই ৰাজেশ্বৰ সিংহৰ পূৰ্ব্বৰ ৰজা প্ৰমত্ত সিংহৰ পুতেক, সিংহাসনৰ ওপৰত তেওঁৰ দাবী অলপ নিলগীয়া। চাৰুসিংহ, ৰত্নেশ্বৰ আৰু পাটকোঁৱৰৰ প্ৰতি মানুহৰ যেনে মৰম-বেথাৰ সোঁত সৃষ্টি হৈছিল, তিপমীয়া গোহাঁইক ৰজা বিচৰা মানুহ অতি কম আছিল। তাৰ উপৰিও তিপমীয়া গোহাঁই জহৰা বুলি এটা অপবাদ আছিল। সেই দেখি, তিপমীয়া গোহাঁইক লগত ৰাখিলে স্বৰ্গদেৱে কোনো শঙ্কাৰ কাৰণ নেদেখিছিল। কিন্তু কাৰ্য্যক্ষেত্ৰত স্বৰ্গদেৱৰ আশাৰ বিপৰীত পৰিণাম হ’ল।

 স্বৰ্গদেৱ লক্ষ্মীসিংহৰ ৰাজত্বৰ আৰম্ভণিত মৰাণে বিদ্ৰোহৰ নিচান তুলিলে। স্বৰ্গদেৱৰ ককাইদেৱাক মোহনমালা বাটঘৰীয়া বৰজনা গোহাঁই, চাৰুসিংহ গোহাঁই আৰু ৰত্নেশ্বৰ গোহাঁইক মৰাণে চপাই লৈ কলে,— “পূৰ্ব্বে বকতিয়াল বৰবৰুৱাই (কীৰ্ত্তিচন্দ্ৰই) বিনাদোষত স্বৰ্গদেৱত লগাই তোমালোকক নামৰূপলৈ খেদিলে, খুনো কৰালে। এতেকে বকতিয়াল বৰবৰুৱাক মাৰোঁগৈ। তোমালোকে আমাৰ লগলৈ আহা। আৱশ্যকে তোমালোকৰ এজনাকেহে ৰজা পাতিম। ৰজা হৈ আমাকো ফুকন বৰুৱা পাতিবা।” পাচলৈ মৰাণে চাৰুসিংহ আৰু ৰত্নেশ্বৰক ৰহস্যে বিহ পান কৰাই মাৰিলে।

 নাহৰ খোৰা মৰাণৰ পুতেক ৰমাকান্ত সিংহাসনত বহিল। লক্ষ্মীসিংহ স্বৰ্গদেৱ মৰাণৰ হাতত বন্দী হল। মৰাণে আহোমৰ বুঢ়াগোহাঁই, বৰগোহাঁই, বৰপাত্ৰ গোহাঁই আৰু বৰবৰুৱাক হত্যা কৰিলে। ১৬৯১ শকৰ চ’তৰ সংক্ৰান্তিৰ দিনা স্বৰ্গদেৱৰ পক্ষীয়সকলে হুঁচৰি গোৱা ছলেৰে মৰাণৰ বৰবৰুৱা ৰাঘ আদিক কাটি ৰংপুৰ উদ্ধাৰ কৰি লক্ষ্মীসিংহক পুনৰ সিংহাসনত বহুৱালে। হেৰোৱা সিংহাসন পুনৰ লাভ কৰি লক্ষ্মীসিংহ স্বৰ্গদেৱে মৰাণ-দমনৰ বিস্তৰ আয়োজন কৰিলে, এই মৰাণ বিদ্ৰোহ সমূলে ধ্বংস নহলেও স্বৰ্গদেৱে কিছু কাললৈ তাৰ কঁকাল ভাঙ্গি থলে।

 কিন্তু মৰাণৰ চানেকিৰে অন্যান্য মানুহে কোঁৱৰ চপাই ৰজা-পাত্ৰ-মন্ত্ৰীক অপঘাত কৰি ৰাজ্য লবলৈ চেষ্টা কৰিছিল। পোনতে বিদ্ৰোহ কৰিলে মৰাণে হত্যা কৰা চাৰুসিংহ মাজুগোহাঁইৰ পুতেক ভূধৰ সিংহ গোহাঁইদেৱে। তিপমীয়া গোহাঁই মলৌ কোঁৱৰ স্বৰ্গদেৱৰ মৰমৰ পাত্ৰ আছিল দেখি তেওঁক মাৰিবলৈ ভূধৰ গোহাঁয়ে চেষ্টা কৰিছিল। তিপমীয়া গোহাঁইৰ ভকতি নামে এজনী বিশ্বাসী লিগিৰী আছিল। ৰজা হৈ বৰকুঁৱৰী পাতিম বুলি হাতৰ লেখা এখন দি ভূধৰ গোহাঁয়ে ভকতিৰ হতুৱাই তিপমীয়৷ গোহাঁইক মাৰিবলৈ ষড়যন্ত্ৰ কৰিছিল।

 ভূধৰ গোহাঁইৰ বিদ্ৰোহত লিপ্ত আছিল বকতিয়াল ৰাজনেওগৰ পুতেক ভদ্ৰসেন বৰবৰুৱা আৰু পৰ্ব্বতীয়া ভট্টাচাৰ্য্য গোসাঁই। ভূধৰ গোহাঁয়ে ষোল হেজাৰ টকা ৰূপ আৰু কাপোৰৰ পেৰা ভট্টাচাৰ্য্য গোসাঁইৰ ঘৰত থৈছিল। তাৰপৰা মাজে-মাজে নি ষড়যন্ত্ৰৰ কাৰণে খৰচ-ভগন কৰিছিল। ভট্টাচাৰ্য্য গোসাঁয়ে ভূধৰসিংহ ৰজা হবলৈ সংকল্প কৰি নিজৰ ঘৰত জপ-হোম কৰিছিল। ১৬৯৩ শকৰ শাওণত এই ষড়যন্ত্ৰ ধৰা পৰাত ভূধৰ গোহাঁই আৰু ভদ্ৰসেন বৰুৱাক প্ৰাণে মৰা হ’ল। সোধপোছৰ তদন্ত কৰোঁতে ভট্টাচাৰ্য্য গোসাঁয়ে কৰ্ম্ম-ধৰ্ম্ম চৰোৱা, ভট্টাচাৰ্য্যৰ হাত-আখৰেও অনেক লেখা-জোখা পালে, তথাপি ভট্টাচাৰ্য্য গোসাঁইক স্বৰ্গদেৱে তেতিয়া একো নুবুলিলে। সন্দিকৈৰ দিহিঙ্গীয়া ফুকন শিৱৰাম বৰবৰুৱা পদত নিযুক্ত হ’ল। স্বৰ্গদেৱে ভতিজাক তিপমীয়া গোহাঁইকে আপোন বুলি বুকত সাৱটি লৈ থাকিবলৈ ধৰিলে। কিন্তু গাৰ মঙ্গহেই শত্ৰু হ’ল। তিপমীয়া গোহাঁইদেৱে মানুহৰ ফুচুলনিত পৰি স্বৰ্গদেৱ লক্ষ্মীসিংহক মাৰি সিংহাসন লবলৈ অভিসন্ধি কৰিলে।

 সহিতাই দিয়া প্ৰমাণৰ লেখা—তিপমীয়া গোহাঁইদেৱে লক্ষ্মীসিংহ স্বৰ্গদেৱক বিহ খুৱাই মাৰিবলৈ পৰ্ব্বতীয়া কুঁৱৰী, চান্দ আৰু ৰূপহী লিগিৰীলৈ দিয়া লেখাখন স্বৰ্গদেৱৰ হাতত পৰাত নিজ ঘৰৰ অপবাদ প্ৰখ্যাত হয় বুলি স্বৰ্গদেৱে মনে-মনে থাকি সকলো আলেখলেখ চাবলৈ ধৰিলে। স্বৰ্গদেৱ টলকা মাৰি থকা গম পাই তিপমীয়া গোহাঁইদেৱে আকৌ ন-উপায়েৰে বিদ্ৰোহ আচৰিবৰ চেষ্টা কৰিলে। গোহাঁইদেৱৰ সহিতা নামে এজনী লিগিৰী আছিল। সেই সময়ত খনিকৰ ভূঞাৰ লৰা কেকেৰু কলিতা ফুকন স্বৰ্গদেৱৰ বিশ্বাসী বিষয়া আছিল। স্বৰ্গদেৱে কলিতা ফুকনক আদেশ দিলে, “তিপমীয়া গোহাঁইদেৱে কি কৰিছে নকৰিছে সহিতাৰ দ্বাৰা যদি পাৰা বিচাৰ লবা।” কলিতা ফুকনে ছল-ছন্দ কৰি সহিতাৰ ভিতৰ-বিশ্বাসী হৈ পৰিল। সহিতাই কলিতাৰ হাতত স্বৰ্গদেৱলৈ বুলি চাৰিখন লেখা দি পঠালে। ফুকনে আহি লেখা চাৰিখন দি স্বৰ্গদেৱক সকলো কথা জনালে। এখন লেখাত সহিতাই ঠাৰে-চিয়াঁৰে লিখিছিল,—

 “শ্ৰীদেৱতা, যি বিচাৰিছে পাব। ম‍ই তিৰুতা মানুহ, কলে কি হব? অনেক কথাৰ ভূ পাবলৈ টান। দ্ৰোহৰ কথা যে সুধিছে, ভণ্ডাৰৰ কোঠাতে তৰোৱালৰ পেৰা দুটা আছে, হিলৈয়ো আছে, নেপাবই নাই,—পাবই। আৰু পূজা-কৰ্ম্ম কত কি কৰিছে বামুণৰ ঘৰে ঘৰে। সোণৰূপ ভাল কাপোৰ এনেতো গোহাঁইৰ তাতো কিছু কিছু ভৰালেহি। এটায়ে জানে। নেজানে যে তাৰ বস্তু সামৰে কিয়? তাতো মানুহে জানে, আৰু মানুহে জানে, সুধিলে কিয় কব? ইয়াতে পাবা যেন, পাবলৈ টান পৰিছে। জনাখিনি কৈছোঁ। ৰাখিলেও দোষে পাব, মিছা কলেও লোকৰ হৈ নৰকত পৰিব লাগে। আনতো বিচাৰ কৰক যদি কিবা মিছাকৈ কওঁ।”

 আৰু এখন লেখাত সহিতাই দ্ৰোহৰ মেলৰ মানুহৰ নামো দিছিল। সহিতাই দিয়া আন এখন লেখাত পণ্ডিতৰ দিন চোৱা গণিতা এইদৰে আছিল,—

 “দেৱতাৰ শুভাশুভ চাইছোঁ, আষাৰ শ্ৰাৱণত ডাঙ্গৰ কাৰ্য্য দেখিবৰ মনেৰে। পাচে এই সময় গুচি শৰৎ কালৰ জল হেন নিৰ্ম্মল হব, আৰু পৰম সন্তোষ পাব, সকল শত্ৰু ক্ষয় হব।”

 সহিতাই দিয়া প্ৰমাণৰ লেখাৰ পৰা স্বৰ্গদেৱে তিপমীয়া গোহাঁইদেৱৰ আলচৰ সকলো কথাৰ বুজ পালে। আৰু চৰিয়াৰ মুখেও যি কথা শুনিলে তাৰ দ্বাৰা সহিতাৰ লেখাৰ পৰা প্ৰমাণ আৰু ডাঠ হ’ল। ১৬৯৫ শকৰ শাওণত তিপমীয়া গোহাঁইৰ ষড়যন্ত্ৰ ধৰা পৰে।

 বৰচ’ৰাত সোধ-পোছৰ মেল—এইৰূপে প্ৰমাণৰ লেখা পাই আৰু চৰিয়াৰ মুখে সকলো মানুহ তিপমীয়া গোহাঁইদেৱৰ তালৈ অহাযোৱা কৰি আলচ কৰা বুজি ঠাৱৰ হেন জানি ১৬৯৫ শকৰ শাওণৰ ২৬ দিন যাওঁতে স্বৰ্গদেৱ সৰু-মৰঙ্গত গা ধুই ওলাই আহি কোখৰ ঘৰৰ আগটুপে কলিতা ফুকন, কাম বৰুৱা, লাখৰ, মজুন্দাৰৰ কাৰ্য্যত প্ৰবৰ্ত্তা নগা, এই চাৰিক শিকাই দিলে,—“তহঁত বৰচ’ৰালৈকে গৈ তিনিজনা ডাঙ্গৰীয়াকো অনাই বৰবৰুৱা, ফুকন সকলকে বৰচ’ৰাত চপাই একেঠাই কৰি এই সহিতাই দিয়া লেখা কেইখনো শুনাগৈহঁক, আৰু চা-চৰিয়াৰ মুখে যিখিনি শুনা গৈছে তাকো কলিতা ফুকনে সকলোকে বুজাই কওকগৈ।” তহঁতে কবিহঁক, 'ই জহৰা লৰা, তেনে গোহাঁয়ো নহয়। তথাপি আপোন সম্বন্ধে মাজিও জনা ককাইদেৱলৈকে চাই অতি মৰ্যাদা দি তিপমীয়া মেল দি থৈছোঁ। অনেক শুনা কথাকো নুশুনা ভাও ধৰি থাকোঁ। শৰীৰ মাৰিব খোজা খিনিত সহিব নোৱাৰি। অ, মোক মাৰি মোৰ দিনৰ পাত্ৰ-মন্ত্ৰীক ৰাখিব আৰু এনে এটা নাই।” এতেকেও কাৰ্য্য-কাৰণবোৰ সকলেও বুজি চাওক হয় নে নহয়, বুজিব পাৰি নে নোৱাৰি।’

 এইৰূপ শিকাই দি আৰু বুলিলে বোলে, “কলিতা ফুকনে তিনিজনা ডাঙ্গৰীয়া বৰুৱা ফুকনেৰে চ’ৰাতে কথা হৈয়ে থাকিব, তহঁত তিনিয়ে বোলমাত কৰা কথা মোক কৈ থাকিবিহঁক।”

 পাচে এইৰূপে স্বৰ্গদেৱে শিকাই দিয়েই বৰঘৰৰ আগটুপে ভাতৰ মেল হবলৈ আহিল। ইবোৰ চাৰি চ’ৰালৈ ওলাই আহোঁতেই তিপমীয়া গোহাঁইদেৱৰ পুতেকটি স্বৰ্গদেৱৰ ওচৰতে বহিছিলগৈ।

 পাচে ইবোৰ চাৰিও গৈ ডাঙ্গৰীয়াবোৰলৈ চ’ৰাতে ভালেখিনি ৰৈ থাকি নেপায়হি দেখি পলম হয় যেন জানি বৰুৱা ফুকনতে অথন এই সহিতাই দিয়া লেখাও শুনালে। কলিতা ফুকনেও সকলোবোৰ কথা, যেতিয়া যি আলচ কৰিছিলে, গতাগত মানুহৰো কথা, সকলোবোৰ বুজাই কলে, স্বৰ্গদেৱৰ আজ্ঞাখিনিও কলে। পাচে বৰুৱা ফুকন সকলেও বোলে,—“তিপমীয়া গোহাঁই কোন আমি সকলেও জানো। তথাপি স্বৰ্গদেৱ-ঈশ্বৰে ইমান মৰ্য্যদা দি থৈছে। এতেকে তেওঁ যে স্বৰ্গদেৱক দ্ৰোহ এটা কৰিবলৈ এইমানবোৰ মন্ত্ৰণা আলচ কৰে, এতেকে এইবোৰ কথা নহয়, অপ্ৰমাণ, আমি এনেকৈ বুলিব নোৱাৰোঁ। তাতে তেওঁৰ কোঠাৰ লিগিৰী তিৰুতা যেনে জানে তায়ে হাতলেখা দি কৈছে, আত কি মাত আছে? এতেকে আমি সকল মৰিব পাৰোনে কি? ডাঙ্গৰীয়া সকলো পাওকহি। আমাৰ মনে তিপমীয়া গোহাঁইক এইৰূপে থবলৈ ভাল নেদেখোঁ।”

 পাচে কাম বৰুৱা, লাখৰ, নগা তিনিও গৈ এইৰূপে বৰুৱা ফুকনে কোৱা কথা স্বৰ্গদেৱৰ বৰঘৰৰ পাচটুপে জনালত স্বৰ্গদেৱে বোলে,—“বৰুৱা ফুকনে উতম বুলিছে। ডাঙ্গৰীয়া সকলো পাওকহি, যদি সিবোৰেও এইৰূপে বোলে তিপমীয়া গোহাঁইকো উলিয়াই নি হাতীশালত পুতেকে সৈতে থওকনি। ভট্টাচাৰ্য্য গোসাঁইকো এইৰূপে দায় ধৰিব—বিদেশী ব্ৰাহ্মণ, ইঠাইতে অনেক দিন আছে। পূৰ্ব্বে ককাইদেৱসকলে যিৰূপে শ্ৰেষ্টা-আদৰ কৰিছিল ময়ো সেইৰূপে কোনো দ্ৰব্যখনৰ খলিত নকৰি সেইৰূপ শ্ৰেষ্টা-আদৰ কৰি আছোঁ। সি তাকে খাই-পিন্ধি আমাৰ কুশল চিন্তি থাকিব পায়। তথাপি যে অনেক ডাঙ্গৰীয়া, লৰা, কোঁৱৰ, ব্ৰাহ্মণ এনেলোকক তেওঁ মন্ত্ৰ দিয়ে, কথা হৈ আমাকো কোনোখান কৰিবলৈ ইচ্ছা কৰে, দেশ-ৰাইজৰো মৰণক চিন্তে, এনে কথা কৰিব পাইনিকিন? আগেও বিদায় কৰিলত মই নুবুলিলোঁ, এতিয়া বিদায় দিছোঁ ঘৰলৈ যাওক। যদি থাকিব খোজে, মোৰ আন ব্ৰাহ্মণৰ দৰে পাতি থওঁ, সেইৰূপে থাকক।”

 পাচে এইৰূপে স্বৰ্গদেৱে শিকালত ইবোৰ তিনিও আহি কলিতা ফুকনে সৈতে চাৰিও তিনিজনা ডাঙ্গৰীয়া বৰুৱা ফুকন সকলতো এইৰূপে স্বৰ্গদেৱৰ আজ্ঞা কলত, ডাঙ্গৰীয়াসকলত সহিতাই দিয়া লেখা চোৰ-চৰিয়াৰ মুখে বুজা কথাও বুজাই কলত, তিনিজনা ডাঙ্গৰীয়াই “বৰুৱা ফুকনসকলেও উত্তম বুলিছে, স্বৰ্গদেৱে এনেকৈ নকৰি থকাটো দোষেই হে” বুলিলত স্বৰ্গদেৱৰ আজ্ঞাৰে পানীফুকনৰ নাতিয়েক মিৰি-সন্দিকাইৰ দোলাকাষৰীয়া বৰুৱাক পঠাই আহিলাৰে সৈতে মানুহ এফৈদ, দোলাকাষৰীয়া বৰা, দা-ধৰা বৰা, কুকুৰাচোৱা বৰা, পাইকে সৈতে এইবোৰ লগত দিলে। তিপমীয়া গোহাঁইক তিনিপৰ মৰাত এইবোৰে ঘৰৰ পৰা উলিয়াই আনি ৰংপুৰৰ বৰদুৱাৰৰ মুখৰ হাতীশালতে কাপোৰ এখনি পাৰি দি তাতে বহুৱাই ৰাখিলে। লগত পুতেকটিয়ে গোহাঁইদেৱে পূজা কৰা যন্ত্ৰখন ডিঙ্গিতে নিছিলে। জীয়েকটিও গৈছিলে।

 পাচে বসুদেৱ কটকীক পঠাই বঙ্গাল ভট্টাচাৰ্য্য গোসাঁইকো সেইদৰে দায় ধৰি মাটিয়ে উলিয়াই আনি দোলাকাষৰীয়া বৰা, পাইক ৪০; দা-ধৰা বৰা, পাইক ৪০; কুকুৰাচোৱা বৰা, পাইক ৪০; বৰবৰুৱাৰ বৰা, পাইক ৪০; কাড়ী মানুহ এফৈদে সৈতে এইবোৰ ৰখীয়া দি ৰঙ্গনাথৰ চ’ৰাতে থলেনি। পাচে এইৰূপে কৰি গৈ ডাঙ্গৰীয়াসকলে জনোৱা কথাকো স্বৰ্গদেৱত জনালত স্বৰ্গদেৱে বোলে,—“সভাতে তাতে বহাতে কথা শুনাই কগৈ,—এই ভট্টাচাৰ্য্যৰ আৰু শিষ্য-প্ৰশিষ্য ক্ৰমে যি ইয়াৰ মন্ত্ৰ লয় সি আপোনাৰ পূৰ্ব্বে গুৰুঘৰৰ ভকত, এইবোৰৰো দ্ৰোহী, মোৰো দ্ৰোহী, ৰাজৰো দ্ৰোহী, তাৰ সপ্তম পুৰুষ নৰকত পৰিব, নিৰ্ব্বংশী হব, স্বৰ্গদেৱৰো দণ্ডাৰ্হ, এইৰূপে কথা শুনাই কবি। আতে কোনে কি বোলে বোলক।”

 পাচে এইৰূপে স্বৰ্গদেৱৰ আজ্ঞা ইবোৰ চাৰিয়ে আহি তিনিজনা ডাঙ্গৰীয়া বৰুৱা ফুকনত কলেহি। তেতিয়া চতাইঅলীয়া স্বৰ্গদেৱৰ বিয়ৈ বৰগোহাই ১, মৰাণ-পাতৰ বৰপাত্ৰ গোহাঁই ১, কুৱৈগঞা বুঢ়াগোহাঁই ১, সন্ধিকৈ বৰবৰুৱা ১, কুৱৈগঞা নাওবৈচা ফুকন ১, লাহনৰ ডেকাফুকন ১, মিৰি সন্দিকৈৰ দিহিঙ্গীয়া ফুকন ১, কুৱৈগঞা ন-ফুকন ১, লফাবৰীয়া ৰাজনেওগ ১, পৰ্ব্বতীয়া ফুকন মোহনৰ পুতেক ১, ভণ্ডাৰী বৰুৱা লখী ১, লেবা দা-ধৰাৰ খঙ্গীয়া বৰুৱা ১, চাৰিঙ্গীয়া ফুকন ১, ৰামনাথ ভণ্ডাৰীৰ ভায়েক চাৰিঙ্গীয়া বৰুৱা ১, বকতিয়ালৰ হাতী বৰুৱা ১, কাম বৰুৱা ১, তামুলী-লিগিৰা শিৱনাথ ১, লাখৰ ১, চাউডাঙ্গৰ বুৰুকৰ বৰুৱা ১, ঘোৰাকোঁৱৰ ডেকা মনাই ১, জালভাৰীৰ পাচনী বৰা ১, বুঢ়াগোহাঁই পৰীয়া উজনীয়াল ঢুলীয়া বৰুৱা ১, তিনিজনা ডাঙ্গৰীয়াৰ লগৰ মানুহো, মৰঙ্গিখোৱা বৰচেটিয়াৰ বংশৰ সকলো, কাকতী, কটকী, গণকদলৈ, সভাপণ্ডিত, দেওধাই, বাইলুং, আৰু সভাত যি যি আছিল, এই সকলেও হৰিধ্বনি শব্দ কৰি কৈছে—“এই ভট্টাচাৰ্য্যৰ আৰু তেওঁৰ শিষ্যৰো শিষ্যৰ আমাৰ দেশস্থ প্ৰজাৰ সকলেও যদি মন্ত্ৰ লব সেইবোৰ ৰাজদ্ৰোহ ও গুৰুদ্ৰোহ সকল সিদ্ধি হব, সপ্তম পুৰুষ নৰ্কত পৰিব, স্বৰ্গদেৱৰ দণ্ডাৰ্হ হব। আৰু পো-ভাই যেনেকৈ হয় সেইৰূপে ভাগে-ভাগে ধৰি দিব।” পাচে এইৰূপ সকলোৰে বাক্য স্বৰ্গদেৱত জনালত এই কথাকে ফলি কৰি থব দিলে।

 নামৰূপ নে টোকোলাই?—তিপমীয়া গোহাঁইৰ লগৰ মানুহ সকলোবোৰ যিবোৰ পালে তেতিয়াই ৰখা দিলে। আৰু তিপমীয়া গোহাঁইকো পূৰ্বৰ জহৰা বোলা কথা সুধিলত সকলেও জহৰা বুলি কলে। পাচে বঙ্গালৰ নাওশালত ঘৰ এটি আওতাই তাতে ৰাখিব দিলে। ৰাতিহে নাওশাল পালেহি। তিৰী-তিৰুতাবোৰ পাচদিনাহে নাওশাললৈ পঠালে। এই দিনায়ে ভট্টাচাৰ্য্য গোসাঁইকো গধূলি পুনৰ ওভোতাই আকৌ থকা ঘৰতে থলেনি।

 আৰু ২৭ দিন যাওঁতে ‘তিপমীয়া গোহাঁইক কোন ঠাইত কেনেকৈ থবলৈ বাৰু, কাৰ কি মনে চোৱে সকলেও জনাই আহিব', এইৰূপে স্বৰ্গদেৱৰ আজ্ঞা পাই নগায়ে সুধিলত স্বৰ্গদেৱৰ পাইক বৰগোহাঁয়ে জনাইছে,—স্বৰ্গদেৱে যি সুধিছে উত্তম সুধিছে। পূৰ্ব্বে যেতিয়া তিপমীয়া চাৰিঙ্গীয়াৰ পুতেকটিহঁতৰ কথা সোধে তেতিয়াই কৈছোঁ ‘নামৰূপত পাতিলে গোহাঁই হৈ ৰয়। তাত পতাত অনেক দোষো'। সম্প্ৰতিও তিপমীয়া গোহাঁইক নামৰূপত পাতিলে কোনোৱে গোহাঁই বুলি হাতত লব পাৰে, এতেকে সি ঠাইলৈ নিনি বা, টোকোলাই, এনে ঠাইত পুৰাচাৰেক মাটি দি জীৱিকা প্ৰবৰ্ত্তাবলৈ পাতি থলে ভাল যেন দেখি। মনেচোৱাহে জনোৱা যায়। অ, দুজনা আপ বৰুৱা কুকন সকলোৰে সমালোচন হৈ স্বৰ্গদেৱে ইয়াৰ যিখান বুলিব সেয়েহে হব।”

 এইৰূপে স্বৰ্গদেৱৰ আজ্ঞা শুনি স্বৰ্গদেৱৰ পাইক বৰপাত্ৰগোহাঁয়ে জনাইছে,—“নামৰূপ চহৰখন শুদ্ধ হোৱা নাই। সেই ঠাইত মৰাণে যি মাৰিলে যি আছিল সেইবোৰ যত যত পাতিলে সিয়োজন সেই ঠাইত বিদিত দিছেগৈ। তাতে বাৰেচিৰিঙ্গৰ চিত্ত কেনে তাকো স্বৰ্গদেৱে বুজিছে। এতেকে সি ঠাইলৈ নিয়া দোষহে। সম্প্ৰতি বচা, চেউনি, টোকোলাই, এনে এঠাইতে পুৰাচাৰেক মাটি-বাৰী দি প্ৰবৰ্ত্তিব পৰাকৈ পাতি থলে বাৰু যেন দেখি। মনেচোৱাহে জনোৱা যায়। দুজনা আপ আৰু বৰুৱা ফুকন সকলোৰে সমালোচন হৈ স্বৰ্গদেৱে যিখন কৰিব সেয়েহে হব।”

 এইৰূপে স্বৰ্গদেৱৰ আজ্ঞা শুনি স্বৰ্গদেৱৰ পাইক বুঢ়া- গোহাঁয়ে বোলে,—“নামৰূপৰ ১৬০০ মৰাণ পঠালোঁ। সিয়ো পুনৰ ফিৰি সিঠাই পালেগৈ। ইঠাইলৈ দি বাৰেচিৰিঙ্গৰো চিত্ত শুদ্ধ হোৱা নাই। বৰজনা গোহাঁইক দণ্ড কৰি সেই ঠাইত থলেনি। তেওঁ মৰাণৰ লগ পাই বোলে ’মইহে ৰজা’। সেই ঠাইতো আনক টান মাত দিছিলে। আৰু যি চাৰিঙ্গীয়া লৰাটিহঁতক স্বৰ্গদেৱে ঠায়ে ঠায়ে পাতিছে, পাইকৰ মনে, সিহঁতকো এইৰূপে থোৱা ভাল যেন দেখা নাই। তিপমীয়া গোহাঁইক এইৰূপে এঠাইত পাতি থোৱা পৰকাললৈ সকলোলৈকে দোষ, নেগুৰ কাটি বাঘ মেলাৰ ঠেনা হয়। সম্প্ৰতি স্বৰ্গদেৱে কোনোৰূপে চিন দি বচা-টোকোলাই এঠাইত পাতি থলে, পৰলৈকো কোনোৱে হাতত লব নোৱাৰে। পৰলৈ চাৰিঙ্গীয়া গোহাঁইদেৱলৈকো (লোকনাথ গোহাঁই, পাচলৈ গৌৰীনাথসিংহ) তেহে নিৰ্ব্বীজ হয়। স্বৰ্গদেৱে যি বুলিব সেয়েহে হব। দেশত যে শত্ৰু বিস্তৰ হল। মনেচোৱাহে জনোৱা যায়।”

 পাচে এইৰূপে তিনিওজনা গোহাঁয়ে জনোৱাৰ কথা স্বৰ্গদেৱত জনালে। স্বৰ্গদেৱ বৰুৱা ফুকনকো এই কাকত শুনাই সুধিব দিলত বৰবৰুৱাকে মুখ্য কৰি সকলো ফুকনবোৰে জনাইছে,—“তিনিজনা ডাঙ্গৰীয়াই যি কৈছে আমাৰো কথা এয়াহে। স্বৰ্গদেৱ-ঈশ্বৰে দুয়ো বাপেক-পুতেকক চিন দি টোকোলাই বা বচা এঠাইত পাতি থওকনি, তেহে পৰলৈ গোহাঁই নহয়।”

 অপৰাধীৰ দণ্ড—পাচে এইৰূপে স্বৰ্গদেৱত জনালত স্বৰ্গদেৱে বাপেক পুতেক দুয়োৰো কাণ একোখন নাক কাটিব দিলত নগায়ে, লাখৰে, কামে, কাকতীয়া শিবয়ে, চাৰিও আহি বৰবৰুৱাৰ আগতে নৰা কোঁৱৰ দোলাকাষৰীয়া বৰাকে, কুকুৰাচোৱা মণিকে, দোলাকাষৰীয়া কিনাইকে, এই তিনিক শিকাই দিলে, “স্বৰ্গদেৱৰ আজ্ঞা, তহঁত তিনিও গৈ তিপমীয়া গোহাঁইৰ বাপেক-পুতেক দুইৰো কাণ একোখনকৈ নাকটো কাটি আমাক দেখাবিহি।” পাচে ইহঁত তিনিও গৈ নাওশালতে সেইৰূপ দণ্ড কৰি বৰবৰুৱাৰ আগত দেখালেহি। পাচদিনা নাৱেৰে মঠাদাঙ্গলৈ নি লিগিৰী-কাঁড়ীৰ ঘৰত থোৱালে, বচাত পাতিবলৈ নিবলৈ। আৰু ভট্টাচাৰ্য্য গোসাঁইকো নিবলৈ নাও যুগুতি কৰিব দিলে, বস্তুও ভৰা দিয়াব দিলে।

 ৰাজমাওদেৱে তিপমীয়া গোহাঁইৰ হৈ বহুত মাতিলে,—“আগলৈ আমাৰ বংশছেদ হল; জল-পিণ্ড গুচিল, আক ৰাখা,” ইত্যাদি অনেক ৰূপে মাতিলে। পাচে স্বৰ্গদেৱে বোলে,—“আইচু, মই মোৰ সকলৰ লগৰহে এটা। সকলে যি বোলে তাক নকৰি পাৰোঁনে কি? আৰু মোৰ সি শৰীৰকে মাৰিব খুজিলে, এইখিনি নুবুজা কিয়? নকৰি নোৱাৰি —নামাতিবা।”

 স্বৰ্গদেৱে এই বুলি তিপমীয়া গোহাঁইৰ লগৰ মানুহক দণ্ড বিহি দিয়ে,—

 কাণ একোখন কাটি খেলত দিব।—গন্ধীয়া বৰুৱাৰ ভাগৰ পৰত থকা লিগিৰা মৰা ১, কমলাবৰীয়া হাজাৰৰ কমলা ১।

 কাণ খুলিব।—চোলাধৰা ফুকনৰ ভাগৰ গতি ১, চাৰিঙ্গীয়া টেকেলা কোৱামৰীয়া ১

 এইহঁতৰ মাজু-বটালিয়েৰে কাণ খুলিব।—পানীতোলাৰ নিৰ্ম্মল ১, আনন্দ ১, কিৰকিটি ১, ডেকা বাৰুধৰাৰ মৰাণ ১, চাঙ্গমাইৰ চন্দৰ ৮, বৰবৰুৱাৰ টেকেলা বৰা কাম চেতিয়াৰ ৰঙ্গ ১, লিগিৰী লৰা অচন্দা ১, কলীয়া ১, বাৰুৱতীৰ লুখুৰাখোন বাৰুৱতী সভানন্দ ১, গতিৰ ভায়েক দুৰ্গা ১, বাজুৱা দা-ধৰা এমত ১, বেতবৰীয়া চাউডাং বৰুৱা ফৈদৰ বিৰু ১, মৰাৰে ভতিজাক বেজি ১।

 কাণ কাটিব।—মৰাণক মাৰিলত সোমোৱা চাংচোৱাৰ লৰা মথৌ ১, নহটীয়া চেতিয়া পুথি চাংমাইৰ তলৌ ১, পিয়াই ১, পানীতোলাৰ কানু ১, পেলাই ১, চাউৰুকৰ বলো ১, লফাবৰীয়া দুৱৰা ভোগাদ ১, হৰবল্লভ ১।

 এইবোৰক কোব-কিল-চৰ মাৰি খেদিলে। —তিপমীয়া ভাগৰ মিজিং ১, হিলৈদাৰী হাজৰিকাৰ পুতেক লম্বোদৰ ১, মাছখোৱাৰ ভতিজাক ১ নৰিয়া, লুথুৰাখোনৰ লেৰেলা ১ নৰিয়া, চাৰিঙ্গীয়া ফুকনৰ ভায়েক ভতিজাক ২, ৰাইদঙ্গীয়া বৰুৱাৰ পুতেক নাতিয়েক ২, দুখীয়া বৰুৱাৰ ১ নাই।

 কাণ কাটিলে।—চোলাধৰা ফুকনৰ ভাগৰ কাতিৰামৰ পুতেক চমুৱা লিগিৰা পৰাম ১ পলাইছে, মূলা বায়ন ১।

 কাণ খুলিব।—ভোলাই মাউতৰ ভতিজাক জুৰাই ১ পলাইছে, তিপমীয়া ভাগৰ উদ ১ পলাইছে, টপটপি ১, বেতবৰীয়া চাউডাং বৰুৱা ফৈদৰ পুৰাই লিগিৰাৰ ভতিজাক ১।

 এইহঁতক চমটিয়াই এৰিলে। —তিপমীয়া কুকুৰাপুহীয়াৰ হাজৰিকাৰ ভকত ১ পলাইছে, সময়ত যোৱা কুকুৰাচোৱা বজা কেতেকী আইদেৱৰ নাতিয়েক ১, তিপমীয়াৰ কৃষ্ণ মিছিৰ ১, চক্ৰবৰ্ত্তী জাকৰ কৰি ১, পৰিচাৰক ৬।

 এইহঁতক চমটা ২০-কৈ মাৰি ঘৰলৈ খেদিলে।—চমুৱাকৈ থকা দেৰগঞা যদু ১, ভুবন লিখক ১, নাৰায়ণৰ পুতেক কৃষ্ণৰাম ১, খোৱঙ্গীয়া ভাগৰ টিপ্‌টিপি ১।

 এইহঁতক চমটিয়াই খেদিলে।—বেজ চেৱাতলীয়াৰ পুতেক ৩, শূলপাণিৰ ভায়েক ৰাধা ১, বকতিয়ালৰ ৰাধা ১ নাই, কাকতী লৰা ৩, দিহিঙ্গীয়া দলৈৰ পুতেক ১।

 মেলৰ কুকুৰাচোৱাটোক কোব-কিল-চৰ ৪০-কৈ মাৰি বৰ বটালিয়েৰে কাণ এখন খুলিলে, আৰু ওপৰত লেখি অহা মানুহবোৰ যি দণ্ড লেখা গৈছে দণ্ড সেয়ে, কিন্তু আৰু কোব-কিল-চৰ ৩০-কৈ মাৰি খেলে-খেলে শোধাই দি ঘৰলৈ খেদিলে। চমুৱাকৈ থকাবোৰক ওপৰৰ লেখা দণ্ডেই, আৰু কোব-কিল-চৰ ৪০-কৈ মাৰি শলা ৮-টাকৈ মাৰি ঘৰে ঘৰে খেদিলে। আৰু স্বৰ্গদেৱৰো তামূলী লিগিৰা সন্দিকৈৰ ডোমাই ১, তিপমীয়া ৰাজখোৱাৰ পুতেক বলো ১, লংচা ওজাৰ পুতেক লখী ১, এই তিনিকো তিপমীয়া গোহাঁইৰ তলৈ গতাগত কৰা জানি তামূলী লিগিৰাৰ পৰা গুচাই চমুৱাকৈ থাকিব দিলে।

 আৰু বৰপাত্ৰ গোহায়ে স্বৰ্গদেৱলৈ জনালে, “বৰদ’লৰ ঠাকুৰ মাটিলাৰুৰ হৰে মোৰ আগত স্বৰ্গদেৱক এনেকৈ বুলিলে বোলে, ৰজা হল গাওঁবুঢ়া, কাকো একো নোবোলে, এনেকৈ কিৰূপে দেশ ৰক্ষা পাব?” ইত্যাদি অনেক বুলিছে বুলি। কলিতা ফুকনত কৈ স্বৰ্গদেৱত কলত স্বৰ্গদেৱে সুধিব দিলত কলিতা ফুকনে নগায়ে তাত সুধিলত সি মিছা মাতিলত হৰক লোৱা দি থলে। ১৬৯৫ শকৰ শাওনৰ ৩১ দিন যাওঁতে কাকতীয়া বামুণৰ পুতেক শিবয়ে দোলাকাষৰীয়া চ’ৰাৰ টুপতে কটকীবোৰক নি স্বৰ্গদেৱৰ আজ্ঞা কলে বোলে,—“নগাক স্বৰ্গদেৱে মজুন্দাৰৰ মৰ্য্যদা দিছে। সকলেও মজুন্দাৰ বৰুৱা বুলিব, তোমালোকেও সেইৰূপে জানিবা।”

 হৰনাথ ফুকনৰ অপৰাধ—তিপমীয়া গোহাঁইদেৱক শাস্তি দিয়াৰ পাচত ৰঙ্গাচিলা দুৱৰাৰ ঘৰৰ হৰনাথ সেনাপতি ভিতৰুৱাল ফুকনৰ বিচাৰ আৰম্ভ হল। ফুকনৰ অপৰাধ এই, “মৰাণৰ ৰণলৈ পাচিলত মৰাণৰ লগ লৈ দেশ-ৰাজ এৰি বৰজনা গোহাঁইক ৰজা পাতি লৈ আহিল।” এই হৰনাথ ফুকন মানঅনা বদনচন্দ্ৰ বৰফুকনৰ পিতৃদেৱ, আৰু শ্ৰীনাথ বৰবৰুৱাৰ ককায়েক। ৰাজেশ্বৰসিংহ স্বৰ্গদেৱৰ দিনত মণিপুৰীয়া ৰজা জয়সিংহৰ অনুৰোধত মানৰ খেদাৰ পৰা মণিপুৰ উদ্ধাৰ কৰিবলৈ পঠোৱা অসমীয়া সৈন্যৰ সেনাপতি আছিল হৰনাথ ভিতৰুৱাল ফুকন। তেতিয়াৰ পৰা এওঁ সেনাপতি ফুকন নামে প্ৰখ্যাত। লক্ষ্মীসিংহ স্বৰ্গদেৱৰ দিনত মৰাণৰ বিৰুদ্ধে এওঁক ৰণ কৰিবলৈ পঠোৱাত মৰাণে আহি এওঁৰ কোঠ বেৰি ধৰিলে। মোহনমালা বৰজনা গোহাঁয়ে হৰনাথ ফুকনৰ কাষ চাপি বুকু উদি কৰি কলে, “গেন্ধেলাই মোৰ বুকুৰ আগমঙ্গহ এচোৱা খালে; দুৱৰা, তই ইডোখৰ খা।” মৰাণে হৰনাথক বন্দী কৰি ৰংপুৰলৈ লগতে লৈ আহিল। তাৰে পৰা তেওঁ পলাই গৈ বঙ্গদেশৰ চিলমাৰীত কিছুকাল লুকাই আছিল। মৰাণৰ বিদ্ৰোহ শাম কটা শুনি তেওঁ অসমলৈ উভতি আহে। খেনোৱে ভাবিছিল তেওঁ স্ব-ইচ্ছাতে মৰাণৰ লগ লৈছিল গৈ, কিন্তু ফুকনে কৈছিল যে তেওঁ যুদ্ধ কৰি নোৱাৰাতহে মৰাণে তেওঁক বন্দী কৰিবলৈ পালে। গৌৰীনাথ সিংহ মহাৰাজৰ দিনত হৰনাথ গুৱাহাটীৰ বৰফুকন হৈছিল। তেওঁৰ আন এটা নাম অভিমন্যু।

 ১৬৯৫ শকৰ আষাৰৰ ২৪ দিন যাওঁতে সোমবাৰে ভিতৰুৱাল ফুকন পলাল। মঙ্গলবাৰে পুৱা স্বৰ্গদেৱে শুনি টান কৰি বিচাৰিব দিলে। ২৭ দিন যাওঁতে বৃহস্পতিবাৰে তিনি পৰ মাৰিলত কলিতা ফুকনৰ লগত থকা বচায়ে বাৰ্ত্তা কলেহি। পাচে কলিতা ফুকনে দোলাকাষৰীয়া বৰা ২, পাইক ৪০; কুকুৰাচোৱা বৰা ১, পাইক ২০; এইবোৰক পঠাই কাইমুনৰ আহোমৰ খেৰৰ মেজীৰ মাজৰ পৰা ভিতৰুৱাল ফুকনক ধৰি অনাই হাতীশালত জিজিৰি লোৱা দি মানুহ এশ ৰখীয়া দি ৰাতি ৰাখিলে। পুৱা তাতে ভাত খাব দিলে। ভোগকাপোৰ, খাৰু আকো পিন্ধিব দিলে। এইৰূপে বন্দীতে আছিল। শাওনৰ ২৭ দিন যাওঁতে আগেয়ে হাতীশালত লোহা দি থোৱা ভিতৰুৱাল ফুকনৰ বিষয়ে, শিৱনাথে, নগায়ে আহি বৰবৰুৱাৰ আগতে তামূলী ফুকনৰ ককায়েকে চাউডাঙ্গৰ বৰুৱাক শিকাই দিলে,—“স্বৰ্গদেৱৰ আজ্ঞা ভিতৰুৱাল ফুকনক চাউডাঙ্গৰ হাতত দিব দিছে।” পাচে চাউডাঙ্গৰ বৰুৱাই হাতীশাললৈ গৈ ভিতৰুৱাল ফুকনক হাতীশালৰ পৰা উলিয়াইছিল। এনেতে পহুমৰীয়া মাজুজনা গোসাঁই গঙ্গাধৰে ঘোৰা মেলি আহি স্বৰ্গদেৱত মাতিলত স্বৰ্গদেৱে চাউডাঙ্গৰ হাতৰ পৰা ওভতাই আনি সকলোবোৰতে সুধিব ধৰিলে বোলে,—“ফুকনে অকথা নাচৰে বুলি কোনে গা কৰে কৰক।” পাচে কোনেও গা নকৰিলে।

 পাচে ভিতৰুৱাল ফুকনত স্বৰ্গদেৱে দাই ধৰি সুধিব দিলে বোলে,—“ইয়াৰ সপ্তম পুৰুষ আউনীআটীৰ ভকত, ই কিয় ভট্টাচাৰ্য্যৰ মন্ত্ৰ লয়? এতেকে কলোঁ মন্ত্ৰণা কৰি মোক মাৰিবৰ নিমিতেহে মন্ত্ৰ ললে। আৰু ই দুৱৰাৰ ঘৰৰ, মোৰ এদিনীয়া বন্দী নহয়, মৰাণৰ ৰণলৈ পাচিলত মৰাণৰ লগ লৈ দেশ-ৰাজ এৰি দি বৰজনা গোহাঁইক ৰজা পাতি লৈ আহিল, তথাপি ম‍ই ইমান দায়কো ক্ষমা দি চ’ৰাৰ ফুকন পাতি মৰ্য্যদা দি থৈছিলোঁ। তথাপি সেই মান-মৰ্য্যদাত থাকিও অকথা কৰিবলৈকে ইচ্ছা কৰিলে, এতেকেহে চাউডাঙ্গৰ হাতত দিব দিলোঁ। তথাপি যে গোসাঁইদেৱে মাতিলে, আৰু বৰবৰুৱায়ো প্ৰাৰ্থনা কৰিলে, এইবাৰলৈ ক্ষমা দিলোঁ। ঘৰে-বাৰীয়ে গাভৰু ইঠাইতে থাক, ইয়াক নি ৰখীয়া দি কংৰুঙ্গৰ পামত নি থওকনি। কোনে কৰে গা কৰক।’’

 পাচে এইৰূপ স্বৰ্গদেৱৰ আজ্ঞাৰে বৰবৰুৱাৰ আগলৈকে আনি এইৰূপে দাই ধৰিলে। ভিতৰুৱাল ফুকনে কলে,—“এই জেঠতহে মই ভট্টাচাৰ্য্যৰ মন্ত্ৰ ললোঁ। কামৰূপী হৰদত্তে বিৰি ভৰাই দিলেহি। পূজা-পাটল একো শিকা নাই।” এই বুলি বিৰিকো দেখালে। দোলাকাষৰীয়াৰ বৰা কিনায়ে কলিতা ফুকনক দেখালেনি। আৰু হৰনাথ ফুকনে স্বৰ্গদেৱলৈ প্ৰাৰ্থনা কৰি কলে,—“দুৱৰাৰ ঘৰ যাক বোলে স্বৰ্গদেৱৰ এদিনীয়া বন্দী নহয়। তথাপি স্বৰ্গদেৱসকলে যে বন্দীহঁতৰ এনে কথা শুনিব নেপালে, এতিয়া বন্দীৰ যে দুৰ্দ্দৈৱৰ দ্বাৰা শুনিলে, বন্দী দণ্ডাৰ্হ হৈয়ে আছে। তথাপি গোহাঁইদেৱে মাতিলত, অঁ, দেৱতাৰ বন্দী বৰবৰুৱায়ো প্ৰাৰ্থনা কৰিলে, এতেকেহে বন্দীক ক্ষমা দিছে। তথাপি যি ঠাইত বন্দীক থাকিব দিছে সেই ঠাইত থাকিলত বন্দীৰ দুৰ্দ্দিনৰ দ্বাৰা অকথা শুনিব পাৰিব। এতেকে সেই সেই অপৰাধকে৷ স্বৰ্গদেৱে ক্ষমা দিলেহে ৰক্ষা পাম। বন্দীৰ হৈ যে কোনেও গা নকৰিলে, দেৱতাৰ বন্দী বৰবৰুৱাৰ হাততে বন্দীক শোধাই দিয়ক।” পাচে বৰবৰুৱায়ো “ময়ে গা কৰিছোঁ” বুলি স্বৰ্গদেৱত জনালত স্বৰ্গদেৱে বৰবৰুৱাকে গা কৰাই পৰদিনা ৰুংৰুঙ্গৰ ঘৰত নগৰলৈ নহাকৈ ফুকনক খেদি থব দিলে।

 তিপমীয়া গোহাঁইদেৱক শাস্তি দিয়াৰ কিছুদিনৰ মূৰত বগী ৰাজমাওদেৱৰ মৃত্যু হল। এই সময়তে পৰ্ব্বতীয়া আইকুঁৱৰীদেৱৰ গাত বসন্ত ওলাল, জীয়েক আইদেৱৰো ওলাল। দুইকো নি দেবীঘৰত থৈছিল, দুয়োৰো মৃত্যু হল। সেই সময়তে লুখুৰাখুনৰ জীয়াৰী নাম কৃষ্ণপুৰীয়া, তেওঁক পৰ্বতীয়া কুঁৱৰী পাতিলে। লক্ষ্মীসিংহ স্বৰ্গদেৱৰ প্ৰথম কন্যাক বাইলুং বৰগোহাঁইৰ পুতেক কৃষ্ণৰাম ঢেকিয়াল ফুকনে বিয়া কৰাইছিল। সেই সম্বন্ধে বাইলুং বৰগোহাঁই স্বৰ্গদেৱৰ বিয়ৈয়েক আছিল।

 এনে সময়ত স্বৰ্গদেৱে ভট্টাচাৰ্য্য গোসাঁইক নাওঘাটৰ পৰা থকা ঘৰলৈ আনিব দিলে। স্বৰ্গদেৱৰ আজ্ঞাৰে বৰবৰুৱাই মানুহ পঠিয়াই ভট্টাচাৰ্য্য গোসাঁইত কোৱালত গোসাঁয়ে বোলে,—“মহাৰাজে মোক দেশলৈ বিদায় দিছে, নাৱত উঠি আছোঁহি। নাও মেলি যাওক বুলিব মই যাম। ঘৰলৈ আৰু কেলৈ নিয়ে? ৰাজাজ্ঞা।” এই বুলি নাহিল। সেই দিনায়ে তিপমীয়া গোহাঁইক বচালৈ নিবলৈ আজ্ঞা কৰিলে।

 বচাত তিপমীয়া গোহাঁই—স্বৰ্গদেৱে ডাঙ্গৰীয়া সকলেৰে পৰামৰ্শ কৰি তিপমীয়া গোহাঁইক পুৰাচাৰেক মাটী দি বচাত পাতিলে। তাতো তেওঁ দ্ৰোহ আচৰিবলৈ চেষ্টা কৰিছিল। গোহাঁইদেৱে লগৰ ব্ৰাহ্মণ পঠিয়াই আন মানুহক ভট্টাচাৰ্য্য পৰ্বতীয়া গোসাঁইৰ মন্ত্ৰ লোৱাবলৈ যত্ন কৰিছিল। তিপমীয়া গোহাঁইৰ এজন ব্ৰাহ্মণে সেই উদ্দেশ্যে বৰপাত্ৰ গোহাঁইৰ ওচৰলৈ গৈছিল। পোনতে ব্ৰাহ্মণে কলিতাফুকনৰ তাৰপৰা আহিছোঁ বুলি কৈছিল। কিন্তু পাচলৈ তিপমীয়া গোহাঁইৰ তাৰপৰা আহিছোঁ বুলি স্বীকাৰ কৰিছিল। বৰপাত্ৰ গোহাঁইৰ ওচৰলৈ ব্ৰাহ্মণ অহা কথা ডাঙ্গৰীয়াই স্বৰ্গদেৱক অবান্তৰ ভাঙ্গি কলে, বোলে, —

 “ব্ৰাহ্মণে বোলে,—“মোক কলিতা ফুকনে ডাঙ্গৰীয়াৰ এখেলৈ পঠাইছে।”

 “পাচে মই ভিতৰলৈ অনালোঁ। মানুহটো আগে-পাচে নিচিনো, এতিয়া দেখিলে চিনো। পাচে মই তাত সুধিলোঁ, “ফুকনে কেলৈ পঠাইছে?”

 “সি বোলে—“তিপমীয়া গোহাঁইদেৱে পঠাইছে, দেৱে বিদেশী গোসাঁইৰ তলৈ অহাযোৱা কৰে নকৰে?”

 “মই বোলোঁ— “মই অহাযোৱা নকৰোঁ। বিদেশী গোসাঁই অনেক কাল স্বৰ্গদেৱৰ ইঠাইতে আছে, বা-বতৰাটো জানিবলৈ কোনো সময়ত মানুহ-দুনুহটো পঠাওঁ, আমালৈকো নিৰ্ম্মালি কাৰণ দি কোনো সময়ত মোৰ ব্ৰাহ্মণ পঠায়।”

 “এনেতে সি বোলে,—“দেৱে মন্ত্ৰ লোৱা আছে নাই?”

 “মই বোলোঁ—“মই আহোমৰ লৰা, আমাৰ কি মন্ত্ৰ? আমি বিষয় বৰখীত পৰি আছোঁ, মন্ত্ৰ ললে অথনি মন্ত্ৰ জপিবলৈ ধৰিম, এনেতে লৰা মাতিব, তিৰতা মাতিব, বিলতীয়াও কোনো আৰাৱ কৰিব, স্বৰ্গদেৱৰ ঠাইৰ পৰাও শীঘ্ৰে যাব দিব, এতেকে কিকৈ মন্ত্ৰ সিদ্ধ কৰিম? এতেকে আমি আহোমৰ লৰা, আমাৰ বাসনা সেই সকলো ভাগৱত ধৰ্ম্মতে প্ৰৱৰ্ত্তিছোঁ আমি একেৰাজী হৈ। আমাক আহোমৰ লৰা কেলেই মন্ত্ৰ পাচে?”

 “এনেতে সেই বামুণে কলে বোলে, – “তিপমীয়া গোহাঁয়ে কব দিছে বোলে আমাৰ বিদেশী গোসাঁইতে ডাঙ্গৰীয়া মন্ত্ৰ লক, এতেকে ভাল। সকলো ভাই-ককাই যেন হওঁ। বৰগোহাঁইৰ পেট পায়ে আছোঁ, আৰু ভিতৰুৱাল ফুকন, খাৰঘৰীয়া ফুকন, ঢেকিয়াল বৰুৱা আমি সকলো ভাই-ককাই যেন। এতেকে ডাঙ্গৰীয়া মন্ত্ৰ ললে সকলো ভাই-ককাই যেন হওঁ, সংশয়ো দূৰ হয়।”

 “পাচে মোৰ খং উঠি বামুণক খেদাই পঠালোঁ। পাচে ম‍ই কোঢ়া ভট্টাচাৰ্য্যত কৈ পঠালোঁ,—“বোলোঁ বাপু, ফুকনত কবি, গুৱাহাটীখনো ওপৰজনায়ে থাকিল, মৰঙ্গীখনো তেনেই থাকিল, শদীয়াও নিৰ্ব্বীজ হোৱা নাই, বাৰে-চিৰিঙ্গৰো চিত্তৰ কেনে তাকো পাইছোঁ। তাতে বিশেষ তিপমীয়া গোহাঁইৰ তৰ পৰা দেখো এইবোৰ কয়। এতেকে ফুকনে এনে কথা বোৰত শ্ৰেষ্টা নকৰে কিয়? এনেবোৰত যদি ফুকনে শ্ৰেষ্টা নকৰে আমাৰ বিষয়ত কি কাৰ্য্য? বিষয় এৰি ঘৰ সোমাই থকাহে উচিত।”

 “এইৰূপে ফুকনলৈ কৈছোঁ, আৰু ফুকনলৈ কলোঁ বোলো—“এই বামুণটি দেখো আচল! ফুকনে আৰে কিয় কথাবাৰ্ত্তা হয়? আন কাললৈ কথা নহব, দোষ পৰিব।”

 “আৰু এই কথাটি বামুণে মোত কবৰ চৰাইদেৱলৈ আমি যাবৰ দহদিন কি এপষৰ আগ।” পাচে স্বৰ্গদেৱে এইৰূপে শুনি থাকিল।

 পাচে স্বৰ্গদেৱে তিপমীয়া গোহাঁইক অকাৰণত দণ্ডবন্ধ কৰিছে বুলি কোনো সকলে ভিতৰি বোলমাত কৰে বুলি শুনি পুনৰ্ব্বাৰ স্বৰ্গদেৱে সহিতাক আগলৈকে নি সভা বিদ্যমানে সুধিব দিলত বৰবৰুৱা ফুকন সকলেও সভা বিদ্যমানে তিপমীয়া গোহাঁইদেৱে স্বৰ্গদেৱক দ্ৰোহ কৰিব খোজা কথা সহিতাই দিয়া লেখা শুনি সহিতাকো সভালৈকে আনি সুধি সকলেও কৈছে— “পূৰ্ব্বাপৰেও এনে কথা ঘনা-ঘুনা শুনিয়েই দণ্ড-বন্ধ কৰি গৈছে। সম্প্ৰতি প্ৰমাণে সৈতে সহিতায়ে কৈছে বোলে,—“বেজৰ হাতে দৰব খালে উপায় আছে, আৰু গোহাঁইদেৱটি (লোকনাথ) বাৰে বছৰীয়া হলেই ৰজা পাতে, এতেকে আমাৰ কথা গুচে। বলেৰে ই কাৰ্য্য নকৰিলে অপেক্ষা কৰাত কাৰ্য্য নষ্টহে।” এতেকে ইমান প্ৰমাণতো কি সোধ আছে? যি সকলে অনা দোষত তিপমীয়া গোহাঁইদেৱক দণ্ডবন্ধ কৰি খেদিলে বুলি বোলামতা কৰে, এতেকে আমাৰ মতেৰে, সেই সকলেও স্বৰ্গদেৱৰ দ্ৰোহী।” পাচে এই কাকত আনি স্বৰ্গদেৱত যোগোৱা হল।

 বচাত থকা কালত দলৈৰ নাতিয়েক তিপমীয়া ফুকনে স্বৰ্গদেৱৰ ভৰালৰ পৰা দ্ৰব্য আদি নি তিপমীয়া গোহাঁইৰ তলৈ মানুহ পঠাইছিল। ক’লা কাপোৰ গাত লোৱা তিনিটা মানুহক তিপমীয়া গোহাঁইৰ বচাৰ ঘৰৰ কাষৰত ফুৰা দেখা পাই আন মানুহে স্বৰ্গদেৱত গোচৰ দিলে। তিপমীয়া ফুকনক বন্দী কৰি সোধাত তেওঁ আসৈ মাতিলে। স্বৰ্গদেৱে চাউডাঙ্গৰ হাতত দিম বুলি ভাবিছিল, পাচত সৰুজনা ন-গোসাঁই গঙ্গেশ্বৰে মাতিলত তিপমীয়া ফুকনক এৰি দিলে। বচাত থকাটো আপদ-শূন্য নহয় যেন ভাবি স্বৰ্গদেৱে তিপমীয়া গোহাঁইক মানুহ তিনি ফৈদ দি হিলৈচ’ৰা নাওত তুলি নামৰূপলৈ নি তাতে পাতিলে। বচাত থকা তিপমীয়া গোহাঁইৰ লগৰ মানুহবোৰক কোৱাই বামুণক কলহ আৰি খেদিলে, আৰু লিগিৰাবোৰক কাণ খুলি খেদিলে। আৰু চৰিয়া হৈ চাই ফুৰিবলৈ দোলকাষৰীয়া দুটা, কুকুৰচোৱা দুটা আৰু বৰবৰুৱাৰ টেকেলা দুটা পাচিলে।

 কলিতা ফুকনৰ দ্ৰোহ—স্বৰ্গদেৱে সহিতাক সভালৈকে আনি তাইৰ হাতৰ লেখা শুনোৱাই আৰু তাইৰ মুখেৰে সকলো কথা কৈ বৰবৰুৱা আৰু বিষয়া সকলক বুজাবলৈ চেষ্টা কৰিছিল যে তিপমীয়৷ গোহাঁইদেৱ প্ৰকৃতপক্ষে দোষী। সভাস্থ সকলে দোষী বুলি মত দিলেও বহুতে বিশ্বাস কৰিছিল যে স্বৰ্গদেৱে অনিবন্ধে তিপমীয়া গোহাঁইদেৱক দণ্ডবন্ধ কৰিছে, আৰু চা-চৰিয়া-মুখৰ কথাও কলিতাৰ শিকনিৰ ফলহে,— ইয়াকে বহুতে ভিতৰি সন্দেহ কৰিছিল। তিনিজনা ডাঙ্গৰীয়াই এবাৰ স্বৰ্গদেৱক জনাইছিল,—“স্বৰ্গদেৱে নজনাকৈ আমি নোবোলাকৈ কলিতাই তিপমীয়া গোহাঁইক এনেখন কৰিলে, আগলৈ স্বৰ্গদেৱৰ বংশচ্ছেদ হল। ৰাজ্যে বোলে,—কলিতা ফুকনে এটাইকে মৰাই দেশ ভাঙ্গিলে। তেওঁ যে স্বৰ্গদেৱে ভাল পাইছে আমাৰ কি হৈছে?”

 এই কলিতা ফুকন খনিকৰ ভূঞাৰ লৰা আছিল, নাম কেকেৰু। তেওঁ বৰগোহাঁইৰ বিলতীয়া পাইক আছিল, আৰু হাজৰিকা পদ পাইছিল। ১৬৯১ শকৰ চ’তৰ সংক্ৰান্তিৰ নিশা হুচৰি গোৱা ছলেৰে মৰাণক উপান্ত কৰা কাৰ্য্যত কলিতাৰ কাৰ্য্যক্ষমতা আৰু উপস্থিত বুদ্ধিৰ ভাল প্ৰমাণ পোৱা গৈছিল।

স্বৰ্গদেৱে এই আপাহতে ডাঙ্গৰীয়া সকলৰ পৰামৰ্শ মতে কলিতাক কাথৰ ভৰালী বৰুৱা পাতিলে। বৰুৱা হলেও কলিতাক মানুহে ফুকন বুলিহে সম্বোধন কৰিছিল। কলিতা ফুকন বৰ চতুৰ বিষয়া আছিল, অলপদিনৰ ভিতৰতে তেওঁ স্বৰ্গদেৱৰ প্ৰিয়পাত্ৰ হল। ১৬৯৩ শকত ভূধৰ সিংহ আৰু ভদ্ৰসেন বৰবৰুৱাৰ বিদ্ৰোহ ধৰি দিলত তেওঁলোক দুয়োজনক স্বৰ্গদেৱে বধ কৰিলে। ভদ্ৰসেন বৰবৰুৱাৰ পুতেক চোলাধৰা ফুকনো বিদ্ৰোহত লিপ্ত আছিল। তেওঁকো চোলাধৰা ফুকনৰ বিষয় গুচাই শাস্তি দিয়া হল। কলিতাক এই চোলাধৰা ফুকনৰ বাব দিয়াবৰ নিমিত্তে ডাঙ্গৰীয়া ফুকন সকলে তামূলী ফুকনক পঠিয়াই স্বৰ্গদেৱক কোৱালে,—

 “কলিতা ফুকন যাক বোলে ই হিন্দুৰ লৰা। ইয়ে যি যি কাৰ্য্য কৰিছে ভাল আহোমে অনেক পুৰুষ স্বৰ্গদেৱৰ খাই-পিন্ধি থকাতো এনে কাৰ্য্য কৰিব পৰা নাই। এতেকে আমাৰ লগৰ ইয়ো এটা। এতেকে চোলাধৰা ভাণ্ডাৰখন আৰু দিবলৈ প্ৰাৰ্থনা কৰিছোঁ।” পাচে এইৰূপে তামূলী ফুকনে স্বৰ্গদেৱত কলত স্বৰ্গদেৱে কাথবৰুৱাৰ মেলৰ পৰা গুচাই সেইদিনায়ে কলিতা ফুকনক চোলাধৰা ফুকন পাতিব দিলে।

 কলিতাই ডাঙ্গৰ বিষয় পাই আৰু ৰজাৰ বিশেষ প্ৰিয়পাত্ৰ হৈ পুৰাতন আহোম বিষয়া-সকলক অনিষ্ট কৰিবলৈ চেষ্টা কৰিলে। স্বৰ্গদেৱৰ দ্ৰোহী বুলি ভালেমানক কটাই-মৰাই বিষয়ৰ পৰা ভাঙ্গি খেদি শাস্তি দিয়ালে, আৰু নিজেও ৰাজপয়োভৰেৰে ফুৰা-চকা কৰিবলৈ ধৰিলে। তাতে বাইলুং বৰগোহাঁই ডাঙ্গৰীয়া অসন্তুষ্ট হৈ কলিতা ফুকনক শাস্তি দিয়াবৰ কাৰণে স্বৰ্গদেৱক কলে,—

 “ই স্বৰ্গদেৱক কিবা খুৱাই-বুৱাই স্বৰ্গদেৱকো ভুলালে। আমাৰ বৰগোহাঁইৰ বাঁহক এয়ে স্বৰ্গদেৱৰ দ্ৰোহী যেন এটা ভাব কৰিলে, দুৱৰাৰ বাঁহক স্বৰ্গদেৱৰ দ্ৰোহী কৰিলে, লেচেঙ্গিয়াল বাঁহক দ্ৰোহী কৰিলে। যি কেইঘৰ অৱশেষ আছে ইয়াকো আমি তাক মাৰিব খুজিছোঁ বুলি স্বৰ্গদেৱত কৈছে, তেহে আমাক কটাব-মৰাব পাৰিব। আৰু স্বৰ্গদেৱৰ বংশৰ ইয়েই নিৰ্ব্বংশীকাৰী লোক। তিপমীয়া গোহাঁইক যে এনে অনিবন্ধে দণ্ড কৰায়, আগে-পাচে এনেকৈ কাক দণ্ড কৰায়? এতেকে, মোকে, খাৰঘৰীয়া ফুকনকে, গন্ধীয়া বৰুৱাকে, এই কেইটাকে গুচাই লবলৈহে মন্ত্ৰণাকৈ আমি মাৰিব খুজিছোঁ বুলি স্বৰ্গদেৱত কয়, তেহে আমাক গুচাই এদিন স্বৰ্গদেৱক ধৰি আপুনি ৰজা হব, বুলিব,—“মই আগৰো ভূঞাৰ লৰা, ৰজা হব পাওঁ,” এনে কৰিব। এতেকে স্বৰ্গদেৱে আমাক গুচাই তাকে ৰাখক, অথবা স্বৰ্গদেৱৰ পুৰাতন ভৃত্য একোঘৰৰ একোটা বুলি যদি স্বৰ্গদেৱে আমাক ৰাখিছে তাক স্বৰ্গদেৱে আজিয়েই আমাক দিয়ক। সি মোৰ ভাগৰ খনিকৰৰ লৰা।” খাৰঘৰীয়া ফুকনে বোলে, “আমাক স্বৰ্গদেৱে বিদায় দিয়ক, সত্ৰ-সভা ফুৰি নিলগত মৰোঁগৈ। তেও হিন্দুত সেৱা কৰি মৰিব নোৱাৰোঁ।”

 ওপৰত কোৱাৰ দৰে বৰগোহাঁই ডাঙ্গৰীয়াই পুনঃ-পুনঃ কবলৈ ধৰিলে,—“তিপমীয়া গোহাঁইদেৱক আমি দণ্ড কৰিবলৈ কোৱা নাই।”

 এইখিনিতে এটা বিষম সমস্যা উপস্থিত হল। শাওণৰ ২৬ দিন যাওঁতে বৰচ’ৰাত তিপমীয়া গোহাঁইৰ বিচাৰ হৈছিল। ডাঙ্গৰীয়াসকল তেতিয়ালৈকে বৰচ’ৰালৈ নহাত কলিতা ফুকনে বৰুৱা ফুকন সকলক দ্ৰোহৰ আদ্যোপান্ত কথা ভাঙ্গি কৈছিল। বৰুৱা ফুকনে তিপমীয়া গোহাঁই দোষী বুলি স্বীকাৰ কৰে। তাৰ পাচত ডাঙৰীয়াসকল চ’ৰাত আহি বহিছিলহি। তেওঁলোকেও দ্ৰোহৰ সকলো কথা শুনি বৰুৱা ফুকনৰ সিদ্ধান্তকে সমৰ্থন কৰিছিল। ডাঙ্গৰীয়াসকলৰ সিদ্ধান্তৰ কথা কলিতা ফুকন, কাম বৰুৱা, লাখৰ তামূলী লিগিৰা আৰু নগা মজুন্দাৰে গৈ স্বৰ্গদেৱক কৈছিলগৈ। বৰচ’ৰাত হোৱা বিচাৰৰ সকলো কথা, কাৰ কি মত, কাকতত লিখি থোৱা হৈছিল। নগা মজুন্দাৰে সেই কাকত স্বৰ্গদেৱৰ আগত মাতি শুনাইছিল। কলিতা ফুকনৰ বিৰুদ্ধে অভিযোগ কৰা সময়ত বাইলুং বৰগোহাঁই ডাঙ্গৰীয়াই কলে,—“তিপমীয়া গোহাঁইদেৱক আমি দণ্ড কৰিবলৈ কোৱা নাই।” বৰগোহাঁই ডাঙ্গৰীয়াৰ কথা নপতিয়াবলৈ কাৰ সাধ্য? তেওঁৰ কথা পতিয়াবলৈ গলে বৰচ’ৰাৰ কথা-বাৰ্ত্তা স্বৰ্গদেৱত কোৱা কলিতা ফুকন, কাম, লাখৰ, নগা, এই চাৰিজন মিছাত পৰে। এই বিষয় লৈ স্বৰ্গদেৱ বিদ্যমানে মেল বহিল।

 বৰগোহাঁয়ে কলে বোলে,—“স্বৰ্গদেৱ, তিপমীয়া গোহাঁইদেৱৰ কথা আমি দণ্ড কৰিবলৈ কোৱা নাই। এই বৰচ’ৰাৰ কথাকে আমি যি কওঁ তাকে স্বৰ্গদেৱক নকয়। এতেকে স্বৰ্গদেৱে ইয়াতে বুজিবহে লাগে। আমাক কয় বোলে, “অমুক অমুকখনি স্বৰ্গদেৱৰ মনস্থ, স্বৰ্গদেৱে বুলিছে।” স্বৰ্গদেৱত কয় বোলে, “ডাঙ্গৰীয়াসকলে অমুকক অমুক কৰিবলৈ বুলিছে, স্বৰ্গদেৱে কৰিব লাগে, নকৰিলেও নহয়, পূৰ্ব্বাপৰে ডাঙ্গৰীয়াসকলে যি জনায় স্বৰ্গদেৱ সকলে কৰি গৈছে,” স্বৰ্গদেৱত কয় এইৰূপ। এইৰূপ টোটক-নাটক লগাই কটাই-মৰাই সাং কৰিলে। স্বৰ্গদেৱে তিপমীয়া গোহাঁইতে প্ৰমাণ লওক।”

 পাচে স্বৰ্গদেৱে মজুন্দাৰক মাতি গোহাঁইবোৰেনো কি কৈ আহিহিল? বোলে, – “মজুন্দাৰ কাকত মাত, যদি গোহাঁইবোৰে তিপমীয়া গোহাঁইক দণ্ড কৰিবলৈ নাই বোলা তইনো কিয় কহি?”

 পাচে মজুন্দাৰে কাকত এখন লৈ বোলে,—“স্বৰ্গদেৱ, বন্দীয়ে কবলগা নাই। পূৰ্ব্বাপৰ দেৱতাসকলে চা-চৌখামত তিনিটা-চাইটা দিয়ে, সকলো এনেহে হব লাগে। যদি এটা মুখলৈ চায় এটাকো চাব। যদি কোনোটোৱে পাহৰিয়ে ভুলি কয় সিটে সোৱঁৰাব। এনে সন্দিগ্ধত থাকি তিনটা-চাইটা দিয়ে। এতিয়াও স্বৰ্গদেৱৰ পূৰ্ব্বাপৰৰ আদৰ্শক লৈ লাখৰ ১, কামবৰুৱা ১, শিৱনাথ ১, বন্দীৰে সৈতে চাৰিকো চৌখাম কৰিবলৈ বুলিছিলে। কলিতা ফুকনে ডাঙ্গৰীয়া সকলোৰে কথা হৈ বহি আছিল। এতেকে স্বৰ্গদেৱে যিৰূপ আজ্ঞা কৰিছিল বন্দীহঁতে গৈ তিনিজনা ডাঙ্গৰীয়া বৰুৱা ফুকনত কৈছিল গৈ। ডাঙ্গৰীয়া বৰুৱা ফুকনে যি কৈছিল স্বৰ্গদেৱত কৈছিলোঁহি। এতেকে যি কাকত শুনে স্বৰ্গদেৱৰ বন্দীয়েহে লেখা। তথাপি তেতিয়া কোৱা বৰুৱা ফুকনসকল আছে। দেৱতাৰ বন্দী বৰুৱা কওক।”

 পাচে বৰবৰুৱা বোলে,—“বৰগোহাঁইদেৱ, তেতিয়া আমি তিপমীয়া গোহাঁইদেৱক দণ্ড কৰিবলৈ কৈ পঠাইছোহঁক।” পাচে বৰগোহাঁয়ে বোলে,—নহয়, বৰুৱা, আমি বোলা নাই। তোমালোকে আগেই গোটাই থৈছিলা কথা। আমি পাচেহে জানোহি। পাচে আমাত সুধিলত আমি এনেয়ে বুলিলোঁ, স্বৰ্গদেৱৰ ঘৰৰ কথা, আমি কি বুলিম? স্বৰ্গদেৱেহে বোলোঁতা। পাচলৈকো চাব লাগে, এনেকৈহে বুলিলোঁ।” পাচে বৰবৰুৱাই বোলে,—“জানোতো দেৱ।” পাচে এইৰূপ বোলামতা কৰিয়েই স্বৰ্গদেৱৰ গুৰিৰ পৰা তিনি জনা ডাঙ্গৰীয়া বৰুৱা ফুকন উঠি আহি চ’ৰাত বহিলহি।

 পাচে স্বৰ্গদেৱে ডাঙ্গৰীয়াসকলে নোকোৱা কথা স্বৰ্গদেৱক জনোৱা দাইত নগা মজুন্দাৰক বিষয়ৰ পৰা গুচাব খুজিছিল, কিন্তু বৰবৰুৱাই মজুন্দাৰৰ পক্ষ সমৰ্থন কৰি কলে,—“আমি যিহকে কৈ পঠাইছোঁ মজিন্দাৰে সেইৰূপে স্বৰ্গদেৱত কৈছে গৈ! মজুন্দাৰত কোনটো দোষ হল?” ইয়াকে শুনি স্বৰ্গদেৱে মজুন্দাৰক কলে,—“বাৰু যা, মই তোক মজুন্দাৰ ভঙা নাই। ডাঙ্গৰীয়াসকলে যে ভাল নাপালে এতেকেহে তেনেকৈ বুলিলোঁ।”

 কলিতা ফুকনৰ ব্যৱহাৰত নানান প্ৰকাৰৰ অপমান আৰু অসন্তোষ পাই বাইলুং বৰগোহাঁই ডাঙ্গৰীয়াই কলিতাক শাস্তি দিয়াৰ চেষ্টা কৰিছিল। স্বৰ্গদেৱে কলিতাক ভিতৰি বৰ মৰম কৰিছিল, আৰু তেওঁক ৰক্ষা কৰিবলৈ পাৰ্য্যমানে চেষ্টা কৰিছিল। কিন্তু ডাঙ্গৰীয়াসকলে বৰ টানকৈ ধৰাত স্বৰ্গদেৱে ডাঙ্গৰীয়াসকলৰ কথামতে কাম কৰিবলৈ বাধ্য হল। ডাঙ্গৰীয়াসকলৰ পৰামৰ্শ মতে স্বৰ্গদেৱে কলিতা ফুকনক বিষয়ৰ পৰা গুচাই তামোলবাৰীলৈ খেদিলে। তাতে থাকি কলিতাই কিছু দ্ৰোহ আচৰিছিল। পাচে স্বৰ্গদেৱে ডাঠ চাই মানুহ পঠিয়াই কলিতাক ধৰি আনিলে। বাটত আহোঁতে কলিতা ফুকনক ৰংদলৈ শ‍ইকীয়াই হত্যা কৰিলে। তামোলবাৰীত থাকোঁতে কলিতা ফুকনে স্বৰ্গদেৱলৈ এখন লেখা দি কৈছিল বোলে,—“তিপমীয়া গোহাঁইদেৱে বচাৰপৰা পলাই বৰগোহাঁইৰ লগত সোমাই স্বৰ্গদেৱক ধৰিব খুজিছে।” সঁচানে মিছা ইয়াৰ প্ৰমাণ বুজিবলৈ স্বৰ্গদেৱে দোলাকাষৰীয়া বৰা এটা আৰু কুকুৰাচোৱা বৰা এটা বচালৈ পঠালে। সিহঁতে আহি কলে বোলে, “তিপমীয়া গোহাঁইদেৱ বচাৰ ঘৰতে আছে।”

 নামৰূপত তিপমীয়া গোহাঁইৰ মৃত্যু—বচাত থাকিলে তিপমীয়া গোহাঁইদেৱে মানুহৰ কথা শুনি দ্ৰোহ আচৰিব পাৰে, সেইদেখি স্বৰ্গদেৱে গোহাঁইদেৱক নামৰূপলৈ খেদিলে। ৰাজেশ্বৰসিংহ স্বৰ্গদেৱৰ কালুগঞা আইকুঁৱৰীদেৱ বৰকোলাত আছিল। কালুগঞা আইকুঁৱৰীদেৱৰ পুতেক, তিপমীয়া গোহাঁইদেৱৰ পুতেক, আৰু বাটঘৰীয়া মোহনমালা গোহাঁইদেৱৰ পুতেক, এই তিনিৰ মন-চিত ইমান শুদ্ধ নাছিল। স্বৰ্গদেৱে এই তিনি কোঁৱৰকো ১৬৯৮ শকৰ ফাগুণ মাহত নামৰূপলৈ খেদিলে।

 বৰকোলাত থকা ৰাজেশ্বৰসিংহ স্বৰ্গদেৱৰ কালুগঞা আইকুঁৱৰীদেৱৰ পুতেকটিকে, তিপমীয়া গোহাঁইৰ পুতেকটিকে, দোলা দুখন দি সেয়েৰে নি নামৰূপত থৈ কাণ একোখন কাটি পাতিব দিলে, বাটঘৰীয়া গোহাঁইদেৱৰ লিগিৰী-লৰা স্বাবলৰ পুতেকটিকো ধৰি চকিতে বন্দী কৰি থৈ তাৰ সকলোটিহঁতে সৈতে ফাগুণৰ ৪ দিন যাওঁতে নামৰূপলৈ নিলে, নাক-কাণ কাটি তাৰ খাটত দিব দিলে। বাটত যাওঁতে তিপমীয়া গোহাঁইদেৱৰ পুতেকটিৰ মাক গৌৰীয়েৰে চাউডাং বৰুৱা খোৱা-বোৱা কৰি গৈছিল। পাচে নামৰূপত সিহঁতক থৈ আহিলত এই কথা স্বৰ্গদেৱে শুনি চাউডাঙ্গৰ বৰুৱাৰ দাই ধৰি সুধি তিনদিন পালীত বন্দী কৰি থৈ বোলে,—“ইয়াৰে পালী এনে থাকিব, ভিতৰলৈ নাহিব, বহাতে থাকিব।” পুতেকটিক পৰে-পালীয়ে থাকিব দিলে।

 এই কালুগঞা আইকুঁৱৰীদেৱৰ চিত্ত লক্ষ্মীসিংহ স্বৰ্গদেৱৰ প্ৰতি বিষম আছিল। লফাবৰীয়া দুৱৰাৰ বাঁহৰ ৰাজনেওগে অনিবন্ধে খোৱা-লোৱা কৰিছে বুলি চাউৰকে স্বৰ্গদেৱত গোচৰ দিলে। ৰাজনেওগৰ ঘৈণীয়েকেও কালুগঞা কুঁৱৰীৰ পুতেকৰ তলৈ অহা-যোৱা কৰি খাটিছিল। এই দুই অপৰাধত স্বৰ্গদেৱে ৰাজনেওগক বন্দী কৰিলে, আৰু কতোদিনৰ পাচে বিষয় ভাঙ্গি ঘৰলৈ খেদিলে, জেঠ ১৬৯৯ শক। কালুগঞা কুঁৱৰীৰ লগত থকা লুকুমাই এটাই মায়ামৰীয়াৰ কথা আলচি ফুৰা বুলি শুনি স্বৰ্গদেৱে তাক কুঠাৰেৰে ফালি মাৰিলে।

 নামৰূপত থকা কালত তিপমীয়া গোহাঁইদেৱে কোনোৰূপ দ্ৰোহত মন নিদিছিল। কিন্তু খেদি থোৱা আন কেজনমান কোঁৱৰে স্বৰ্গদেৱৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰিছিল, আৰু তিপমীয়া গোহাঁইক তেওঁলোকে ৰজা পাতিব খুজিছিল। তিপমীয়া গোহাঁইৰ অকণো ইচ্ছা নাছিল, তেওঁক ষড়যন্ত্ৰকাৰীসকলে বলেৰে নিজৰ লগলৈ নিবলৈ চেষ্টা কৰিছিল। এই বিদ্ৰোহৰ গুৰিয়াল আছিল দিহিঙ্গীয়া বাঁহৰ কোঁৱৰ খাম, নামৰূপীয়া বাঁহৰ কোঁৱৰ মলৌ; ৰত্নেশ্বৰ সৰু গোহাঁইৰ পুতেক বৰমূৰা গোহাঁই, মোহনমালা বৰজনা গোহাঁইৰ পুতেক। তেওঁলোকে ঘৰত বহি মন্ত্ৰণা কৰিলে ঘৰৰ বন্দীয়েই মৰায় বুলি জানি হাবিলৈ গৈ মেল পাতিলে।

 পোনতে বৰজনা গোহাঁইৰ পুতেকে বুলিলে,—“আমি ৰাজ লব খুজিছোঁ।”

 খাম কোঁৱৰে সুধিলে,—“ই কথাত যে মন দিছা আৰু কাক লৈছা?”

 বৰজনা গোহাঁইৰ পুতেক, “আন কেও নাই, আমি তিনিও বাঁহ গোট খাইছোঁ।”

 খাম কোঁৱৰ,—“ৰজানো কাক লৈছা?”

 আন কোঁৱৰসকল,—“নকৈ অনা তিপমীয়া গোহাঁইকে ৰজা লৈছোঁ।”

 খাম কোঁৱৰ,—“তিপমীয়া গোহাঁয়ে গাত লৈছেনে নলৈছে?”

 বৰজনা গোহাঁইৰ পুতেক,—“তেওঁ গাত লোৱা নাই। তেওঁক গাৰ বলেৰেই নিম। তেওঁক নিলেই তিপমীয়া মানুহখিনিয়ে লগ লব। নগৰৰ পৰা আদখিনি আহিব।”

 খাম কোঁৱৰ,— “কিহেৰেনো ধৰিব খুজিছা?”

 বৰজনা গোহাঁইৰ পুতেক,—“সোণ-ৰূপৰ ভাণ্ডাৰৰ আহিলা লম! তাৰে চহৰীয়া বৰুৱাক, দুয়ো হাজৰিকীয়াক, তিনি শ‍ইকীয়াক মাৰি নগাচকীলৈ গৈ বগৰীগুৰীত হিলৈ জাই কৰিম। তিপমীয়া আপুনি লগ লবহি।”

 চাৰুসিংহ চাৰিঙ্গীয়া গোহাঁইৰ পুতেকে খাম কোঁৱৰৰ ফালে চাই ফলে,—“তিপমীয়া ৰাজখন তোকে দিম।”

 বৰজনা গোহাঁইৰ পুতেক,—“এওঁ এখন ৰাজ পাব লাগে।”

 এনেকৈ বিদ্ৰোহৰ আয়োজন চলি থাকোতেই ১৬৯৯ শকৰ জেঠৰ শেহ ছোৱাত তিপমীয়া গোহাঁইদেৱ নামৰূপত ঢুকাল। আষাৰৰ ৪ দিন যোৱাত স্বৰ্গদেৱে এই বাৰ্ত্তা শুনা পালে। স্বৰ্গদেৱে দোলাকাষৰীয়া, লিকচন, টেকেলা দি ব্ৰাহ্মণ এটি কিছু বস্তু পঠিয়াই কৰ্ম্ম কৰিব দিলে, সামান্য মানুহৰ দৰে। কুকুৰাচোৱা বৰুৱাই নামৰূপৰ ৰণৰ কথা সবিশেষ জনালেহি। দ্ৰোহ কৰা কোঁৱৰ আৰু অন্যান্য মানুহক লোৱা দি ধৰি আনিছিল। আষাৰৰ ১৬ দিন যাওঁতে সেইহঁতক কোবাই নাক-কাণ কাটি চকু কাঢ়িলে। এইদৰে তিপমীয়া গোহাঁইৰ সংলগ্ন থাকা বিদ্ৰোহ সমাপ্ত হল। কিন্তু কোঁৱৰ-বিদ্ৰোহৰ একেবাৰে জইন নমৰিল।