সমললৈ যাওক

কোঁৱৰ বিদ্ৰোহ/আগকথা

ৱিকিউৎসৰ পৰা

কোঁৱৰ বিদ্ৰোহ

আগকথা

 ৰাজেশ্বৰসিংহ স্বৰ্গদেৱৰ মৃত্যুৰ পিচত ভায়েক কালশিলীয়া গোহাঁইদেৱে লক্ষ্মীসিংহ নাম লৈ সিংহাসনত বহে, ১৬৯১ শক, ২১ জেঠ। ইয়াৰ পূৰ্ব্বে ৰুদ্ৰসিংহ স্বৰ্গদেৱৰ পুত্ৰ মোহনমালা গোহাঁইদেৱক, ভায়েক ৰাজেশ্বৰ সিংহ সিংহাসনত উঠা কালত, কীৰ্ত্তিচন্দ্ৰ বৰবৰুৱাই মন্ত্ৰণা কৰি নামৰূপলৈ খেদি দিছিল। লক্ষ্মী সিংহ ৰজা হৈ ককায়েক ৰাজেশ্বৰ সিংহৰ কোঁৱৰ মাজুজনা গোহাঁই চাৰু সিংহ আৰু সৰুজনা গোহাঁই ৰত্নেশ্বৰক উক্ত বৰবৰুৱাৰ মন্ত্ৰণামতে অঙ্গক্ষত কৰি নামৰূপত থলে, আৰু পাটকোঁৱৰক বৰকোলাত থলে। স্বৰ্গদেৱ লক্ষ্মীসিংহই ককায়েক প্ৰমত্তসিংহৰ কোঁৱৰ এজনাক তিপাম মেল দি লগতে ৰাখিছিল।

 নানা কথাৰ কাৰণে মায়ামৰা মহন্ত আৰু তেওঁৰ শিষ্যবৰ্গই আহোম ৰজাৰ বিৰুদ্ধে বিদ্ৰোহ কৰিবলৈ অভিসন্ধি কৰি আছিল। লক্ষ্মীসিংহ স্বৰ্গদেৱ সিংহাসন উঠাৰ অলপ দিনৰ পিচতে মায়ামৰীয়াই কীৰ্ত্তিচন্দ্ৰ বৰবৰুৱাৰ পৰা নতুনকৈ অপমান পাই বিদ্ৰোহৰ নিচান তুলিলে। তেওঁলোকে ওপৰত কোৱা খেদি-থোৱা মোহনমালা, আৰু তেওঁৰ ভতিজাক চাৰুসিংহ আৰু ৰত্নেশ্বৰ, এওঁলোকৰ যেই-সেই এজনাকে ৰজা পাতিম বুলি নিজৰ লগলৈ আনি ৰাইজক ভুৱা দি মানুহ বৰাবলৈ ধৰিলে। মায়ামৰীয়াৰ বিৰুদ্ধে যি আহোম সেনাপতি পঠোৱা হৈছিল তাৰ খেনোজন মায়ামৰীয়াৰ হাতত পৰাস্ত হ’ল, খেনোৱে আকৌ যুদ্ধলৈ মন নিদি গুচি আহিল, নাইবা মায়ামৰীয়াৰ লগ ললেগৈ।

 মায়ামৰীয়াৰ প্ৰভাৱ ক্ৰমাৎ বাঢ়ি অহাত ১৬৯১ শকৰ আঘোণৰ ৮ দিন যাওঁতে স্বৰ্গদেৱে জনচেৰেক বিশ্বাসী বিষয়া আৰু লিগিৰা সহিতে ৰংপুৰ নগৰ এৰি পলাই সোণাই নৈৰ বাহৰত ৰাতি খপিলে গৈ। স্বৰ্গদেৱে নগৰ এৰা বাৰ্ত্তা পাই বৰতীয়া মৰাণে ৰংপুৰ অধিকাৰ কৰিলে, আৰু কিছু মৰাণে গৈ সোণাই নৈৰ বাহৰতে স্বৰ্গদেৱ লক্ষ্মী সিংহ, দৌলবন্ধা বৰগোহাঁই, ভগ্নী বুঢ়াগোহাঁই আৰু কীৰ্ত্তিচন্দ্ৰ বৰবৰুৱাক বন্দী কৰিলে। সেই শকতে মৰাণে আহোমৰ বুঢ়াগোহাঁই, বৰগোহাঁই আৰু বৰবৰুৱাক হত্যা কৰিলে। মৰাণৰ ৰজা হ’ল নাহৰ খোৰাৰ পুতেক ৰমাকান্ত, আৰু সকলো কাৰ্য্যৰ পৰিচালক হ’ল ৰাঘ বৰবৰুৱা। বুঢ়াগোহাঁই, বৰগোহাঁই, বৰপাত্ৰ গোহাঁই, বৰফুকন আদি বিষয়াও মৰাণৰে হ’ল।

 মৰাণ ৰজা হৈ থকা কালত মৰাণে-কটা বুঢ়াগোহাঁইৰ পুতেক ঘনশ্যাম আৰু বৰগোহাঁইৰ পুতেক বাইলুং, যাদৱ তামূলীৰ পুতেক ৰামকৃষ্ণাই আৰু ৰামনাথ, বৰগোহাঁইৰ বিলতীয়া খনিকৰ ভূঞাৰ লৰা কেকেৰু কলিতা হাজৰিকীয়া, এইসকলে ৰাঘৱে ভাৰ্য্যা কৰি লোৱা ৰাজেশ্বৰসিংহ স্বৰ্গদেৱৰ সতী আইকুঁৱৰী কুৰঙ্গনয়নীৰ সৈতে পৰামৰ্শ কৰি ১৬৯১ শকৰ চ’তৰ সংক্ৰান্তিৰ দিনা হুঁচৰি গোৱা ছলেৰে ৰাঘৱক ৰংপুৰতে কাটিলে আৰু তাৰ লগৰ অন্যান্য মৰাণ মানুহক কাটি পুনৰ ৰংপুৰ উদ্ধাৰ কৰি স্বৰ্গদেৱ লক্ষ্মীসিংহক বন্দীশালৰ পৰা আনি সিংহাসনত বহুৱালে। স্বৰ্গদেৱে সিংহাসন উদ্ধাৰ কৰি ৰাজ্যত যেয়ে য’তে পায় মৰাণক মাৰিবলৈ আজ্ঞা প্ৰচাৰ কৰিলে ৷ তাৰে পৰা মৰাণৰ বিদ্ৰোহ কিছু পৰিমাণে শাম কাটিলে।

 কিন্তু মৰাণৰ বিদ্ৰোহতকৈ চৰা হ’ল কোঁৱৰসকলৰ বিদ্ৰোহহে। আহোমৰ কোঁৱৰসকল কেবা ফৈদৰো আছিল, চাৰিঙ্গীয়া, পৰ্ব্বতীয়া, দিহিঙ্গীয়া, চামগুৰীয়া, নামৰূপীয়া আৰু তুংখুঙ্গীয়া। এওঁলোকে উজনিৰ নানান ঠাইত বসতি কৰিছিল। মোহনমালা গোহাঁইদেৱৰ পুতেকক ৰজা পাতিছোঁ বুলি মানুহৰ আগত প্ৰচাৰ কৰি মৰাণে মানুহ বৰাই ৰাজ্য ললে। এতিয়া নানান ঠাইত সিঁচৰতি হৈ পৰি থকা কোঁৱৰসকলেও মানুহ-দুনুহ গোটাই ৰজা হবলৈ পৃথকে পৃথকে চেষ্টা কৰিবলৈ ধৰিলে। মোহনমালা গোহাঁইদেৱ আৰু তেওঁৰ ভতিজাক চাৰুসিংহ গোহাঁইদেৱ আৰু ৰত্নেশ্বৰ গোহাঁইদেৱক মৰাণে বিহ খুৱাই মাৰিছিল। তেওঁলোকৰ পুত্রসন্তানসকলে আকৌ মৰাণৰ দৰে ৰজা আৰু বৰবৰুৱাক ধৰি নিজে ৰজা হবলৈ চেষ্টা কৰিছিল ৷ তুংখুঙ্গীয়া ফৈদৰ ৰাজসম্পত্তি হোৱাত অন্যান্য ৰাজফৈদৰ কোঁৱৰসকল বিশেষ ক্ষুণ্ণ হৈ আছিল। তেওঁলোকেও এতিয়া ৰজা হবলৈ মন কৰিলে।

 মায়ামৰা বিদ্ৰোহ স্বৰ্গদেৱ লক্ষ্মীসিংহই দমালে সঁচা, কিন্তু এমুঠি মৰাণে দলবদ্ধ হৈ ৰংপুৰ অধিকাৰ কৰি স্বৰ্গদেৱক বন্দীশালত থৈ মাহচেৰেকলৈ ৰাজপাট খাব পৰিছিল, এই কথাষাৰতে আহোমৰ আধিপত্য আৰু পৰাক্ৰমৰ সাঁফি লৰিল। সকলোৱে বুজিব পাৰিলে যে আহোমৰ ক্ষমতা অচল-অটল পৰ্ব্বত নহয়, ই কাঠ-বাঁহৰে সজা নৈৰ ভেঁটাহে, বান-বাৰিষাৰ সোঁত-পানীয়ে সেই ভেঁটা খহাই উটুৱাই নিব পাৰে। যিবোৰ বিষয় সাতঘৰীয়া আহোমৰ মাজত আবদ্ধ আছিল, সেইবোৰ বিষয়-বাসনা ভোগ কৰিবৰ মনেৰে সাধাৰণ পাইকান মানুহে কোনো এটি কোঁৱৰক হাতত লৈ তেওঁক ৰজা পাতিবলৈ চেষ্টা কৰিছিল।

 সেই কালত খৰুৱা, হাজাৰি দেৱান, বুকুজুৰ, তাৰ্ব্বিজ, দিলগিৰি আদিকে মুখ্য কৰি অসমীয়া মুছলমান মানুহ কিছুৱেও তুংখুঙ্গীয়া কোঁৱৰ এজন চপাই লৈ লক্ষ্মীসিংহ স্বৰ্গদেৱ প্ৰমুখ্যে তিনিজনা গোহাঁই ডাঙ্গৰীয়া, বৰুৱা, ফুকন সকলোকে অপঘাত কৰি ৰাজ্য লবৰ মন্ত্ৰণা কৰিছিল। মায়ামৰা মহন্তই শিষ্য-সম্পত্তিৰ দ্বাৰা মৰাণক ৰাজপাট দিয়ালে, তেওঁৰ সমকক্ষ শিলিখাতলীয়া, চামগুৰীয়া আৰু নৰোৱা মহন্তসকলেও কোঁৱৰ চপাই সিংহাসনত বহুৱাই নিজৰ পৰাক্ৰম আৰু প্ৰভাৱ বৃদ্ধি কৰিবলৈ চেষ্টা কৰিছিল। যিসকলে হিলৈ তৰোৱাল গোটাব পাৰিছিল তেওঁলোকে তাৰেই ৰণ কৰিবলৈ ওলাইছিল। যি সকলৰ অস্ত্ৰ নাছিল তেওঁলোকে নানান মায়াৰ সহায়েৰে “বায়ুৰূপে গৈ শুদা হাতেৰে স্বৰ্গদেৱক ধৰিম” বুলি আয়োজন কৰিছিল। সেই সময়ত কোঁৱৰসকলে নিজৰ আকৰ্ষণী শক্তি বঢ়াবৰ কাৰণে মানুহক কৈ ফুৰিছিল,—“মোৰ গাত অষ্টভুজা গোসাঁনী লম্ভিছে” বা “মোক শুকলা হাতীয়ে ৰাতি হলে লৈ ফুৰায়।” এই ষড়যন্ত্ৰকাৰীসকলে ৰজাৰ কাৰেঙৰ লিগিৰীহঁতকো নিজৰ সঙ্গলৈ মনে-মনে চপাই লৈছিল। খেনোক কৈছিল “তই ৰজাক বা আগলৈ ৰজা হব পৰা অমুক কোঁৱৰক বিহ খুৱাবি, ম‍ই ৰজা হৈ তোক কুঁৱৰী পাতিম।” খেদি থোৱা আইকুঁৱৰীদেৱ আৰু গোহাঁইসকলৰ ঘৈণীয়েকহঁতেও সেই কালৰ কোঁৱৰ-বিদ্ৰোহত প্ৰকাৰান্তৰে যোগ দিছিল।

 এই কোঁৱৰ-বিদ্ৰোহত মৰাণ-বিদ্ৰোহৰ কোনো চিনচাব নাই। মায়ামৰীয়া বা মৰাণৰ বিদ্ৰোহ হৈছিল মায়ামৰা মহন্ত আৰু তেওঁৰ শিষ্যসকলে বহুদিনৰে পৰা পোৱা অপমানৰ প্ৰতিশোধ ৰূপে। প্ৰথম বাৰৰ বিদ্ৰোহৰ নায়ক আছিল মায়ামৰা মহন্ত অষ্টভূজদেৱৰ পুত্ৰ গাগিনি ডেকা-মহন্ত আৰু চন্দৰ ডেকা। স্বৰ্গদেৱ লক্ষ্মী সিংহই সিংহাসন উদ্ধাৰ কৰি মায়ামৰা মহন্তক সপুত্ৰে বধ কৰিছিল। তেতিয়াৰে পৰা চৈধ্য বছৰ কাল ধৰি মায়ামৰা সত্ৰ অধিকাৰশূন্য হৈ আছিল। এই কোঁৱৰ-বিদ্ৰোহৰ মূল আছিল একেবাৰে ব্যক্তিগত স্বাৰ্থ—মৰাণ যদি ৰজা হব পাৰিলে আমি আহোমৰ ৰাজফৈদীয়া কোঁৱৰ হৈ ৰজা হব নোৱাৰিম কিয়? মৰাণৰ সামান্য পাইকান মানুহে যদি তিনিজনা ডাঙ্গৰীয়া আৰু বৰবৰুৱা বিষয় খাব পাৰিলে তেন্তে আমিনো তেনেবোৰ বিষয় খাব নোৱাৰিম কিয়? কোঁৱৰসকলে বাঞ্ছা কৰিলে ৰজা হবলৈ, তেওঁলোকৰ যোত্ৰৰ মানুহে বিচাৰিলে বিষয়-বাসনা ভোগ কৰিবলৈ। এয়ে হ’ল কোঁৱৰ-বিদ্ৰোহৰ মূল উদগনি।

 আহোম স্বৰ্গদেৱসকলে এই কোঁৱৰসকলক সুস্থিৰে ৰাখিবলৈ মাত্ৰ এটি উপায় অবলম্বন কৰিছিল, তেওঁলোকক ধৰি ধৰি অঙ্গক্ষত কৰি নামৰূপ আৰু বৰকোলালৈ খেদা। কিন্তু বহুত কোঁৱৰে কোঁৱৰ বুলি পৰিচয় নিদি আনৰ ঘৰত ডাঙৰ-দীঘল হৈ এই শাস্তিৰ পৰা মুক্তি লাভ কৰিছিল, আৰু কতো কোঁৱৰে ৰাজ্যৰ পৰা ভাগি গৈ পৰদেশত সোমাইছিল। তাতে থাকি মানুহ-দুনুহ গোটাই আকৌ ৰাজ্য লবলৈ অসমলৈ আহিছিল। অসমৰ স্বৰ্গদেৱসকলে এই কোঁৱৰবৃন্দৰ সমস্যা ভালৰূপে সিদ্ধান্ত নকৰাত তেওঁলোকৰ সিংহাসনৰ তলত ফেঁটীগোম সাপে মেৰ পাতি বহিছিল। কোঁৱৰসকলক দিহিঙে দিপাঙে, নামৰূপ-বৰকোলাত নাপাতি ৰজাৰ চকুৰ আগত থোৱা হলে ৰাজ্যত ইমান বিভ্ৰাট নহলহেঁতেন, বা ৰজাৰ ৰাজধানীতে কোঁৱৰ-পাৰিষদৰ নিচিনা এখন মন্ত্ৰণাৰ মেল পাতি তাতে কোঁৱৰসকলক কাৰ্য্যকৰী বা পৰামৰ্শীয়া বিষয়-বাব দি ৰাখি তেওঁলোকক ৰাজ্যৰ এটি এটি শিলৰ খুঁটা হেন কৰিব পৰা গলহেঁতেন।

 যিসকল কোঁৱৰ স্বৰ্গদেৱ লক্ষ্মীসিংহৰ বিৰুদ্ধে ৰাজদ্ৰোহ ষড়যন্ত্ৰত লিপ্ত আছিল তেওঁলোকৰ নাম—লেচাই নামৰূপীয়া গোহাঁইৰ পুতেক একাদহ গোহাঁই আৰু বলিয়া গোহাঁই; উক্ত লেচাই গোহাঁইৰ পুতেক আয়ুসুত গোহাঁইৰ পুত্ৰ খোৰা, কলীয়া আৰু ধুপাল; মোহনমালা গোহাঁইৰ পুত্ৰ ফেদেলা আদি; চাৰুসিংহ গোহাঁইৰ পুত্ৰ ভূধৰ গোহাঁই। বকতিয়ালৰ ভদ্রসেন বৰবৰুৱা ভূধৰ গোহাঁইৰ ষড়যন্ত্ৰত লিপ্ত আছিল। প্রমত্তসিংহৰ পুতেক মলৌ তিপমীয়া গোহাঁইৰ যড়যন্ত্ৰত পৰ্ব্বতীয়া ভট্টাচাৰ্য গোসাঁই ৰাজদ্রোহ অপৰাধত অভিযুক্ত হৈছিল ৷ আন আন বিদ্ৰোহী কোঁৱৰ হৈছে—ৰত্নেশ্বৰ গোহাঁইৰ পুত্ৰ ঠাকুৰ গোহাঁই আৰু বিজয় বৰমূৰা গোহাঁই; তুংখুঙ্গীয়াৰ বাহিৰে আন ফৈদৰ কোঁৱৰ— জপৰা, চেলা, তকৰু, বপাই, সগৰ, মলৌ, ৰঙ্গা, সেন।

 মৰাণে ৰাজপাট খোৱা কথাটোৱে আহোমৰ পৰাক্ৰম ৰাজ্যৰ আগত ইমান নিশকতীয়া বুলি প্ৰমাণ কৰিলে যে কোঁৱৰসকলৰ আৰ্হি লৈ শৰীৰত এক বিন্দু, ৰাজশোণিত নোহোৱা মানুহেও নানা কথা ছান্দি কোঁৱৰ বুলি মানুহৰ পৰা সেৱা-সতকাৰ লাভ কৰি যোত্ৰৰ মানুহ চপাই ৰাজপাটলৈ আকাঙ্ক্ষা কৰিছিল। তেনে এজন অকোঁৱৰ কোঁৱৰ ৰঙ্গাই বৰমৰাণৰ কীৰ্ত্তিও ইয়াত বৰ্ণোৱা গল ।