কোঁৱৰ বিদ্ৰোহ
কোঁৱৰ বিদ্ৰোহ
শ্ৰী সূৰ্য্যকুমাৰ ভূঞা
কোঁৱৰ বিদ্ৰোহ
অসমৰ স্বৰ্গদেৱ লক্ষ্মীসিংহ মহাৰাজৰ দিনত
হোৱা কোঁৱৰসকলৰ বিদ্ৰোহৰ কাহিনী।
প্রণেতা
শ্ৰীসূৰ্য্যকুমাৰ ভূঞা
লয়াৰ্চ বুক ষ্টল
গুৱাহাটী : অসম
১৯৫৬ খৃষ্টাব্দ।
প্রকাশক।—শ্রীবিচিত্রনাৰায়ণ দত্ত-বৰুৱা, বি-এল,
লয়াৰ্চ বুক ষ্টল, পানবজাৰ, গুৱাহাটী।
প্রথম তাঙ্গৰণ, আগষ্ট ১৯৪৮ চন।
দ্বিতীয় তাঙ্গৰণ, মার্চ ১৯৫৬ চন।
All rights reserved by the Author
বেচ, খনে ডেৰটকা মাথোন।
মুদ্ৰাকৰ।—শ্ৰীকালীচৰণ পাল, নবজীৱন প্ৰেছ,
৬৬ গ্রে স্ট্রীট, কলিকতা-৬।
সূচীপত্ৰ
| পিঠি | |||
| আগকথা। | ... | ... | ১-৭ |
| ভূধৰসিংহ গোহাঁইৰ ষড়যন্ত্ৰ। | ... | ... | ৮-২৯ |
| ভূধৰসিংহ গোহাঁই কোন? | ... | ... | ৮ |
| চাৰুসিংহ গোহাইৰ পত্নী গৌৰী। | ... | ... | ৯ |
| গৌৰী আৰু ধনাই লিগিৰা। | ... | ... | ১০ |
| ভূধৰ গোহাঁইৰ মুখত ষড়যন্ত্ৰৰ কথা। | ... | ... | ১১ |
| সন্ন্যাসীবেশী সম্ভেদ-যোগনীয়া ধনাই। | ... | ... | ১৫ |
| ষড়যন্ত্ৰত বকতিয়াল ফৈদৰ সহযোগ। | ... | ... | ১৬ |
| কাৰেঙত সশস্ত্ৰ পালী-পহৰীয়া। | ... | ... | ১৯ |
| বৰচ'ৰাত বিচাৰ। | ... | ... | ২২ |
| হাতীশালত বৰবৰুৱা। | ... | ... | ২৪ |
| দণ্ড বিধান। | ... | ... | ২৫ |
| নতুন বৰবৰুৱা আৰু চোলাধৰা ফুকন। | ... | ... | ২৯ |
| তিপমীয়া গোহাঁইৰ দ্ৰোহ | ... | ... | ৩০-৭০ |
| সোণৰ ভোগজৰাত চূণৰ আঁক। | ... | ... | ৩০ |
| তিপমীয়া গোহাইদেৱ কোন? | ... | ... | ৩৪ |
| সহিতাই দিয়া প্ৰমাণৰ লেখা। | ... | ... | ৩৯ |
| বৰচ'ৰাত সোধ-পোছৰ মেল। | ... | ... | ৪১ |
| নামৰূপনে টোকোলাই? | ... | ... | ৪৬ |
| অপৰাধীৰ দণ্ড। | ... | ... | ৪৮ |
| পিঠি | |||
| হৰনাথ ফুকনৰ অপৰাধ। | ... | ... | ৫২ |
| বচাত তিপমীয়া গোহাঁই। | ... | ... | ৫৬ |
| কলিতা ফুকনৰ দ্ৰোহ। | ... | ... | ৬০ |
| নামৰূপত তিপমীয়া গোহাঁইৰ মৃত্যু। | ... | ... | ৬৬ |
| ৰঙ্গাই বৰমৰাণৰ কীৰ্ত্তি।— | ... | ... | ৭১-৮২ |
| ধনখনা বেজ ৰঙ্গাই বৰমৰাণ। | ... | ... | ৭১ |
| পীৰা-চৰিয়া কটা বাঢ়ৈ ৰঙ্গাই। | ... | ... | ৭১ |
| ‘মোহনমালা গোহাঁইৰ পুতেক’ ৰঙ্গাই ৷ | ... | ... | ৭২ |
| ৰংপুৰ গড়গাৱঁলৈ অহা-যোৱা। | ... | ... | ৭২ |
| ৰঙ্গাইৰ যোত্ৰৰ মানুহ ৷ | ... | ... | ৭৩ |
| ৰঙ্গাইৰ হাতত চেংদেৱৰ মূৰ্ত্তি। | ... | ... | ৭৪ |
| ৰঙ্গাইৰ কোঁৱৰ-মৰ্য্যদা। | ... | ... | ৭৫ |
| ৰজাক ধৰাৰ আয়োজন। | ... | ... | ৭৫ |
| ৰঙ্গাইৰ লগৰ মানুহৰ বিভঙ্গ। | ... | ... | ৭৬ |
| ৰাজদ্রোহী ৰঙ্গাইৰ স্বীকাৰোক্তি। | ... | ... | ৭৬ |
| লিগিৰ৷ ভটুৰ স্বীকাৰোক্তি। | ... | ... | ৭৭ |
| ৰঙ্গাইৰ ঘৈণীয়েকৰ স্বীকাৰোক্তি। | ... | ... | ৭৮ |
| অপৰাধীৰ বিচাৰ। | ... | ... | ৭৮ |
| অপৰাধীৰ দণ্ড। | ... | ... | ৭৯-৮২ |
গ্ৰন্থকাৰৰ নিবেদন
‘সাগৰ দেখিছাৰ’ কবি শ্ৰীমান দেৱকান্ত বৰুৱাদেৱৰ উদ্যোগত, ১৯৪৮ চনত, ৰামধেনু প্ৰকাশ ভৱনৰ পৰা ‘কোঁৱৰ বিদ্ৰোহ’ পোনপ্ৰথমে ৰাইজৰ আগলৈ ওলায়। অসমীয়া পাঠক-পাঠিকাসকলে এই কিতাপখনি আদৰেৰে গ্ৰহণ কৰিছে, আৰু গুৱাহাটী বিশ্বব্যিালয়ৰ কৰ্ত্তৃপক্ষই ইয়াক বি-এ মহলাৰ অসমীয়া পাঠ্যৰূপে নিৰ্দ্ধাৰিত কৰিছে। এইখিনিতে এই সকলোলৈকে আন্তৰিক কৃতজ্ঞতা জনালোঁ।
‘কোঁৱৰ বিদ্ৰোহৰ’ সম্বল ঘাইকৈ লোৱা হৈছিল মহাৰাজ লক্ষ্মীসিংহ স্বৰ্গদেৱৰ দিনৰ এখনি সাঁচিপতীয়া পুৰণি বুৰঞ্জী পুথিৰ পৰা। ১৮৪৩-৫০ চনত, আমেৰিকান বেপ্টিষ্ট মিছনৰ গুৰিয়াল শিৱসাগৰ নিবাসী ৰেভাৰেণ্ড নাথান ব্ৰাউন চাহাব আৰু অসমীয়া সাহিত্যিক নিধি লেভি ফাৰওৱেল, এই দুজনাই ভালেমান অসমীয়া পুথি সংগ্ৰহ কৰিছিল। তাৰ ভিতৰত এই বুৰঞ্জী পুথিখনো আছিল। এই সংগ্ৰহৰ ‘কামৰূপৰ বুৰঞ্জী’ আৰু ‘পুৰণি অসম বুৰঞ্জী’ ধাৰাবাহিকৰূপে উক্ত মিছনৰ দ্বাৰা পৰিচালিত ‘অৰুণোদয়’ কাকতত প্ৰকাশিত হৈছিল। এই পুথিবোৰ কালক্ৰমে শিৱসাগৰৰ মিষ্টাৰ এ-কে গাৰ্ণি আৰু নগাৱঁৰ মিষ্টাৰ পি-এইচ মুৰ চাহাবৰ হাতলৈ আহে, আৰু অৱশেষত গুৱাহাটী মিছনত সংৰক্ষিত হয়। ১৯২৫ চনত, বৰ্ত্তমান লিখকে এই পুথিবোৰৰ সম্ভেদ পায়, আৰু তাৰ উদ্ধাৰ আৰু প্ৰকাশৰ অৰ্থে সথাসম্ভৱ কাম হাতত লয়।
বৰ্ত্তমানে এই পুথি-সংগ্ৰহ আমেৰিকান বেপ্টিষ্ট মিছনৰ সৌজন্যত, অসম গৱৰ্ণমেণ্টৰ বুৰঞ্জী আৰু পুৰাতত্ত্ব বিভাগৰ লাইব্ৰেৰীত সংৰক্ষিত হৈ আছে। ইয়াৰে তিনিখনি বুৰঞ্জী পুথি উক্ত বিভাগৰ দ্বাৰা প্ৰকাশিত
হৈছে, যথা, বৰ্ত্তমান লিখকৰ দ্বাৰা সম্পাদিত ‘কামৰূপৰ বুৰঞ্জী’ আৰু ‘দেওধাই অসম বুৰঞ্জীৰ’ মূলখণ্ড, আৰু শ্ৰীযুত শৰৎকুমাৰ দত্তদেৱৰ দ্বাৰা সম্পাদিত ‘অসম বুৰঞ্জীৰ’ মূলখণ্ড।
দুৰ্ভাগ্যবশতঃ, ওপৰোক্ত লক্ষ্মীসিংহৰ বুৰঞ্জীখনৰ পাতবোৰ ছেদেলি-ভেদেলি অৱস্থাত পোৱা হৈছে। পাতৰ সংখ্যা মাতিব নোৱাৰি। গতিকে, কোনটো পাতৰ পিচত কোনটো পাত হব লাগে তাক ঠিৰাং কৰাটো একপ্ৰকাৰে দুঃসাধ্য। গোটেইখন পুথি ধৈৰ্য্যৰে পঢ়ি তাৰ অন্তৰ্গত কথাখিনি সম্পূৰ্ণভাৱে আয়ত্ত্ব কৰিলেহে ঘটনাৰ পাৰস্পৰ্য্য নিৰূপণ কৰিব পাৰি। ‘কোঁৱৰ বিদ্ৰোহৰ’ প্ৰতিটো কাহিনীৰ পম খেদোঁতে আমি ভালেমান বছৰ কষ্ট কৰিবলগীয়া হৈছিল। কিন্তু, এই কষ্টতো আনন্দ আছে, কাৰণ, এই বুৰঞ্জীৰ পৰা খৃষ্টীয় অষ্টাদশ শতিকাৰ অসমৰ ৰজাঘৰৰ নানান ৰীতি-নীতি, সমাজৰ আচাৰ-ব্যৱহাৰ, আইদেওসকলৰ মৰমলগা মাত, আৰু অসমীয়া গাৱলীয়া ৰাইজৰ ভিতৰুৱা অৱস্থা আৰু হেপাহ- হাবিলাষৰ এটি নিখুঁত ছবি পোৱা যায়। তাত গোচৰীয়া-পদকীয়াৰ জবানবন্দী; ডাঙ্গৰীয়া, বৰবৰুৱা আৰু ফুকন আদি বিষয়াসকলৰ মন্তব্য; আৰু অৱশেষত স্বৰ্গদেৱৰ চূড়ান্ত আজ্ঞা; এই- সকলো লিপিবদ্ধ আছে। সেইদেখি এই বুৰঞ্জীত আগৰ কালৰ অসমীয়াৰ মাত-কথা নিভাঁজভাবে সংৰক্ষিত হৈ আছে।
এইখন বুৰঞ্জীৰ ভাষাত অস্বাভাবিকতাৰ অকণো চাট পৰা নাই। সেইদেখি বুৰঞ্জীৰ অন্তৰ্গত ৰজা, বিষয়া আৰু অন্য মানুহৰ উক্তিসমূহ মূল পুথিখনত পোৱাৰ দৰে ‘কোঁৱৰ বিদ্ৰোহত’ যথাস্থানত হুবহু তুলি দিয়া হৈছে। তাৰপৰা পাঠকে নিভাঁজ অসমীয়া ভাষাৰ চানেকী আৰু সৰল অসমীয়া প্ৰাণৰ ভাবধাৰাৰ নিদৰ্শন পাব পাৰিব। উদাহৰণ স্বৰূপে তেনে গোটাচেৰেক উক্তি তলত তুলি দিয়া হল।—
বৰ্ত্তমানে আমি ৰচনা কৰা আখ্যান ভাগৰো ভাষা, যিমান দূৰ পৰা যায়, আগৰ ভাষাৰ লগত খাপখোৱাকৈ সৰল আৰু নিভাঁজ কৰা হৈছে।
বুৰঞ্জীৰ ভাষাই কেতিয়াবা কেনেকৈ ওজস্বী ৰূপ ধাৰণ কৰে তাৰ নমুনাও তলত দিয়া হল।—
ন-কুৰি বছৰৰ আগৰ অসমীয়া ভাষাৰ চানেকী আৰু অসমীয়া সমাজৰ চিত্ৰ সংৰক্ষণৰ বাহিৰেও, ‘কোঁৱৰ বিদ্ৰোহৰ’ আখ্যানমালাৰ পৰা সেই কালৰ বিচাৰ-পদ্ধতিৰ বিষয়েও সম্যক আভাস পাব পাৰি। পোনতে চা-চৰিয়া দোলাকাষৰীয়া লগাই অপৰাধৰ সত্যতা ঠাৱৰ কৰা হৈছিল। তাৰ পাচত ফুকন বৰুৱাসকলে প্ৰাথমিকভাৱে সাক্ষী-বাদী লৈ সোধ-পোছ কৰি বিচাৰৰ কাকত যুগুত কৰিছিল। আৰু সেই কাকত শুনি ডাঙ্গৰীয়া তিনিজনা আৰু বৰবৰুৱাই সিদ্ধান্ত দিছিল। প্ৰয়োজন হলে, এওঁলোকে আকৌ সাক্ষী-বাদী চপাই গোচৰৰ আদ্যন্ত শুনিছিল। স্বৰ্গদেৱে ডাঙ্গৰীয়া আৰু বৰবৰুৱাৰ সিদ্ধান্তকে অনুমোদন কৰিছিল। মজিন্দাৰে গোচৰৰ বা-বাতৰি স্বৰ্গদেৱক সততে জনাই আছিল, আৰু স্বৰ্গদেৱে তেওঁৰ মতামত কেতিয়াবা আগতীয়াকৈ ব্যক্ত কৰিছিল। মুঠৰ ওপৰত, ডাঙ্গৰীয়াসকলৰ সমৰ্থন নোহোৱাকৈ স্বৰ্গদেৱে চূড়ান্ত আজ্ঞা দিবলৈ ভাল নেপাইছিল। লক্ষ্মী সিংহ স্বৰ্গদেৱে এবাৰ মাকক কৈছিল,—“আইচু, মই মোৰ সকলৰ লগৰ এটাহে। সকলে যি বোলে তাক নকৰি পাৰোঁনেকি?” ক্ষমতাশীল বিষয়াই কেতিয়াবা কথা ইফাল-সিফাল কৰি স্বৰ্গদেৱৰ দ্বাৰা নিজৰ মনোমত আজ্ঞা দিয়াব পাৰিছিল। অপৰাধীয়ে আগলৈ ভালমতে চলিম বুলি প্ৰতিশ্ৰুতি দিলে, আৰু তাৰ কাৰণে কোনে৷ বৰমূৰীয়া বিষয়াই গা কৰি জামিন হলে অপৰাধীক দণ্ডৰ পৰা মুক্তি দিয়া হৈছিল, বা দণ্ড লঘু কৰা হৈছিল। প্ৰধান অপৰাধীবোৰক দণ্ড দিয়াৰ ঠাই আছিল জেৰেঙ্গা পথাৰ, আৰু কোব-কিল-চৰ আদি সামান্য দণ্ডবোৰ বিচাৰ-চ’ৰাৰ ওচৰৰ খলাতে দিয়া হৈছিল।
আহোম কোঁৱৰসকলে ষড়যন্ত্ৰৰ সহায়েৰে সিংহাসন লাভৰ চেষ্টা কৰাৰ কাহিনী বুৰঞ্জীত অলেখ পোৱা যায়। প্ৰতাপসিংহ স্বৰ্গদেৱৰ দিনলৈকে ৰজাসকল টানমুখীয়া হোৱাত ৰাজকোঁৱৰসকলে দ্ৰোহ আচৰিবলৈ বিশেষ ছল নেপাইছিল। কিন্তু, প্ৰতাপসিংহৰ পুতেক ভগাৰজা আৰু নৰিয়া ৰজাৰ দিনত শাসনকাৰ্য্যৰ বান্ধ ঢিলা হৈ অহাত জয়ধ্বজ সিংহৰ দিনৰে পৰা কোঁৱৰসকলে মূৰ দাঙ্গি উঠিবলৈ সুবিধা পালে। এইজনা ৰজাৰ দিনত, বাৰুকিয়াল বৰগোহাঁয়ে কোঁৱৰ চপাই মহাৰাজাৰ দ্ৰোহ কৰিবলৈ আলচ কৰিছিল। তাৰ পাচত কিছুমান বিষয়াই চাৰিংৰজা ম’ৰাপাৰ গোহাঁইক ৰজা পাতিব খুজিছিল। জয়ধ্বজ সিংহৰ মৃত্যুত সিংহাসনৰ কাৰণে খোৱা-কামোৰা লাগিছিল।
শৰাইঘাটৰ ৰণৰ পাচত ৰজাসকল মন্ত্ৰীৰ বশৱৰ্ত্তী হোৱাত ৰজা হব খোজা কোঁৱৰ ভালেমান ওলাইছিল। তাৰে অনেকজন ডেবেৰা বৰবৰুৱা আৰু লালুক বৰফুকনৰ হাতত ঘূণীয়া আৰু নিহত হৈছিল। গদাধৰসিংহ মহাৰাজৰ দিনত গুৱাহাটীয়া ফুকন জনচেৰেকে কোঁৱৰ চপাই দোহ আচৰিছিল। ৰুদ্ৰসিংহৰ স্বৰ্গদেৱৰ ভায়েক লেচাই নামৰূপীয়া গোহাঁয়ে ৰজা হব খুজিছিল, আৰু কিছুমান মানুহে আন এজন কোঁৱৰক ৰজা পাতিবৰ মনেৰে ভিতৰি পোহপাল দি থৈছিল। শিৱসিংহ ৰজাৰ মৃত্যুৰ পাচত পুতেক উগ্ৰসিংহ তিপাম ৰজাই লিগিৰা ল’ৰাবোৰৰ হাতত অস্ত্ৰ দি সিংহাসন লবলৈ বিচাৰিছিল। কিন্তু তেওঁ কৃতকাৰ্য্য নোহোৱাত দদায়েক প্রমত্তসিংহ সিংহাসনত বহিল।
প্রমত্তসিংহৰ মৃত্যুত ৰজা হব লাগিছিল মোহনমালা বৰজনা গোহাঁইদেৱ; কিন্তু ডাঙ্গৰীয়া বৰবৰুৱা এইসকলে ৰাজেশ্বৰসিংহকহে সিংহাসনত বহুৱালে। এইজনা ৰজাৰ দুইপুত্ৰ চাৰুসিংহ গোহাঁই আৰু ৰত্নেশ্বৰ গোহাঁয়ে ৰজা হব নোৱাৰি লক্ষ্মীসিংহৰ দিনত মৰাণৰ লগ লৈছিল। ৰাজশোণিতৰ গোন্ধ নথকা ৰমাকান্ত সিংহাসনত বহাত আহোম কোঁৱৰসকলে ভাবিলে, ‘সামান্য মৰাণ যদি ৰজা হব পাৰিলে, চুকাফাৰ বংশধৰ আমি কোঁৱৰসকলনো ৰজা হব নোৱাৰিম কিয়? সেইদেখি লক্ষ্মীসিংহৰ দিনত কোঁৱৰ বিদ্ৰোহ বৰ ব্যাপক হৈ পৰিল। তাৰে চিত্র এই গ্ৰন্থত অঙ্কিত হৈছে।
লক্ষ্মীসিংহ স্বৰ্গদেৱৰ পাচত গৌৰীনাথ সিংহ, তাৰ পাচত কমলেশ্বৰসিংহ, তাৰ পাচত চন্দ্রকান্তসিংহ, তাৰ পাচত মানৰ দিন। এই কালত ৰত্নেশ্বৰ গোহাঁইৰ পুত্ৰ বিজয় বৰমুৰা গোহাঁই আৰু তেওঁৰ পুতেক ব্ৰজনাথ কোঁৱৰে বঙ্গদেশ, কাশী, নেপাল, বৰ্ম্মা, এইবোৰ ঠাইত ফুৰি ৰজা হবৰ নিমিত্তে সৈন্য গোটাবলৈ যত্ন কৰিছিল। অৱশেষত ব্রজনাথ গোহাঁই এবাৰ ৰজা হওঁ-হওঁ হৈছিল, আৰু তেওঁ নিজৰ নামে মোহৰো মাৰিছিল। কিন্তু ডাঙ্গৰীয়াসকলে ব্রজনাথক ৰজা নলৈ পুতেক পুৰন্দৰকহে সিংহাসনত বহুৱালে।
ইয়াৰ পৰা বুজিব পাৰি যে আহোমৰ আধিপত্যৰ শেহছোৱা কালত কোঁৱৰসকলৰ বিদ্রোহে দেশৰ শান্তি আৰু শাসনৰ শৃঙ্খলাত পয়মাল ঘটাইছিল। বৰ্ত্তমান গ্ৰন্থৰ ঘটনাৱলী সেই বিদ্ৰোহ-জুইৰ ফিৰিঙ্গতি মাথোন।
‘কোঁৱৰ বিদ্ৰোহৰ’ আখ্যানমালাত উপন্যাস আৰু নাটকৰ সম্পূৰ্ণ সজুঁলি পৰিপাটীৰূপে সজোৱা আছে। ৰঙ্গাই বৰমৰাণৰ ৰজা হব খোজা নিশকটীয়া আয়োজনত এখনি গাম্ভীৰ্য্য আৰু কৌতুক মিশ্ৰিত ‘ছিৰিও-কমিক’ নাটকৰ বিষয়-বস্তু বিদ্যমান আছে। সাঁচিপতীয়া অসম বুৰঞ্জীবোৰত কটা-মৰা যুদ্ধ-বিগ্ৰহ আদিৰ বাহিৰেও এনে ধৰণৰ সৰু-সুৰা ভিতৰুৱা কাহিনী বহুতো লিপিবদ্ধ আছে, সেইটো অনেকে নেজানে। বৰঞ্চ এনে ধৰণৰ কাহিনীৰ পৰাহে সেই কালৰ পাৰিপাৰ্শ্বিক অৱস্থা ভালকৈ বুজিব পাৰি। আমাৰ দেশৰ ৰজা প্ৰজাৰ কাহিনীবোৰ উপন্যাস আৰু নাটকত খটুৱাব পাৰিলেহে আমাৰ জাতীয় সাহিত্যৰ অঙ্গ পৰিপুষ্ট হব। বিশেষ মন কৰিবলগীয়া কথা এই যে ভাৰতৰ আন আন ভাষাত এনে ধৰণৰ বুৰঞ্জীগত সত্য ঘটনাৰ সমসাময়িক লিপিবদ্ধ বিবৰণ প্ৰায় পাবলৈ নাই। অসমীয়াৰ সোণ-ৰূপ, ধন-সম্পত্তি ওৱাদানি হৈ মাৰি থকা সত্ত্বেও আজিৰ অসমীয়া বাটৰ ভিকহু—কঙ্গাল।
বৰ্ত্তমান যুগৰ বিবিধ পৰিবৰ্ত্তনৰ ঢৌত অসমীয়া সমাজৰ কৌটিকলীয়া মনোবৃত্তি আৰু মাতকথা যিৰূপে দ্ৰুতগতিৰে সলনি হবলৈ ধৰিছে, তালৈ চাই ‘কোঁৱৰ বিদ্ৰোহৰ’ আখ্যানমালাৰ অন্তৰ্গত জীৱন-ধাৰণৰ প্ৰতিচ্ছবিৰ পৰা আগৰ দিনৰ অসমীয়া সমাজৰ পৰিচয় এটি দূৰ ভবিষ্যতৰ পাঠকসকলে পঢ়ি নিশ্চয় সোৱাদ পাব। এই আশাতে, অশেষ শ্ৰমেৰে ‘কোঁৱৰ বিদ্ৰোহ’ ৰচনা কৰা হৈছে।
গুৱাহাটীৰ লয়াৰ্চ বুক ষ্টলৰ প্ৰতিষ্ঠাতা আৰু পৰিচালক শ্ৰীমান বিচিত্ৰনাৰায়ণ দত্তবৰুৱাদেৱে ‘কোঁৱৰ বিদ্ৰোহৰ’ দ্বিতীয় তাঙ্গৰণ প্ৰকাশৰ ভাৰ আগ্ৰহেৰে হাতত লোৱাত তেওঁক ধন্যবাদ দিছোঁ। অসমীয়া সাহিত্যৰ গ্ৰন্থাৱলী প্ৰকাশৰ কামত যি উদ্যমেৰে শ্ৰীমান দত্তবৰুৱাদেৱে আগবাঢ়িছে তাৰ কাৰণে তেওঁ সদৌ সাহিত্যসেৱীৰ শলাগৰ পাত্ৰ হৈছে।
এই তাঙ্গৰণত ‘কোঁৱৰ বিদ্ৰোহৰ' পাঠ যথাসম্ভৱ নিখুঁত কৰিবলৈ চেষ্টা কৰা হৈছে। আগৰ দৰে ৰাইজে এই কিতাপখনি মৰমৰ চকুৰে চালে পৰম কৃতাৰ্থ মানিম।
| কোম্পানী বাগান ৰোড, উজানবজাৰ, গুৱাহাটী। ইং ১৪ ফেব্ৰুয়াৰী ১৯৫৬। |
মৰমৰ বন্তি আৰু চন্দন,
তোমালোকে এতিয়া পঢ়ি সোৱাদ নেপালেও আগলৈ পঢ়ি সোৱাদ পাবা, এই আশাতে ‘কোঁৱৰ বিদ্রোহ' কিতাপখনি ককাদেউতাৰ স্নেহ-আশীৰ্ব্বাদৰে সৈতে তোমালোকৰ হাতত অৰ্পণ কৰিলোঁ।
ইং ১৪৷২৷ ১৯৫৬। |
এই লেখকৰ লেখাসমূহ বৰ্তমান পাবলিক ড'মেইনৰ অন্তৰ্গত কাৰণ এই লেখাৰ উৎসস্থল ভাৰত আৰু "ভাৰতীয় কপিৰাইট আইন, ১৯৫৭" অনুসৰি ইয়াৰ কপিৰাইট ম্যাদ উকলি গৈছে। লেখকৰ মৃত্যুৰ পাছৰ বছৰৰ পৰা ৬০ বছৰ হ'লে তেওঁৰ সকলো ৰচনাৰ কপিৰাইট ম্যাদ উকলি যায়। (অৰ্থাৎ, ২০২৬ চনত ১ জানুৱাৰী ১৯৬৬ৰ পূৰ্বে মৃত্যু হোৱা লেখকৰ সকলো ৰচনা পাব্লিক ড'মেইনৰ আওতাভুক্ত হ’ব। )