কুমৰ হৰণ

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search

॥ শ্ৰীকৃষ্ণায় নমঃ॥

পদ॥

জয় জয় গণেশ্বৰ জয় দিনকৰ।
জয় দামোদৰ জয় জয় মহশ্বেৰ॥
জয় মহালক্ষ্মী দেৱী জয় সৰস্বতী।
একবাৰে সাবাহাঙ্কে কৰোহোঁ প্ৰণতি॥ ১
জয় নমো কৃষ্ণ বিষ্ণু বৈকুণ্ঠ মাধৱ।
জয় ত্ৰিজগত পতি জগত বান্ধৱ॥
জয় হৰি অপাৰ সাগৰে কৰা পাৰ।
জয় জয় দৈত্যাৰি দানৱ অনিবাৰ॥ ২
প্ৰণামো সহস্ৰ শিৰ সহস্ৰ লোচন।
প্ৰণামো সহস্ৰ বাহু সহস্ৰ চৰণ॥
প্ৰণামো মাধৱ তৱ দুতয় চৰণ॥ ৩
সংসাৰ সাগৰে মজি আচে সৰ্ব্বজন।
মহাভাগৱত নৌকা তাহাৰ চৰণ॥
যদি শুদ্ধ চিত্তে শুনো মহাভাগৱত।
সংসাৰ সাগৰে হন্তে তৰিব কলিত॥ ৪
মহাভাগৱত চাৰি বেদতে প্ৰধান।
পুৰাণ ভাৰত আৰ নুহিকে সমান॥
আৰ এক পদ যিবা শুনে শুদ্ধ মনে।
কোটি এক বংশে লৈয়া চলে বিষ্ণু-থানে॥ ৫
হেন মহাভাগৱত পদ বন্ধ কৰি।
বিৰচিবো হৈয়ো মোত সুপ্ৰসন্ন হৰি॥
মুকুতিত মন যাৰ ইচ্ছা শুনিয়োক।
কৃষ্ণৰ কথাত নিন্দা নকৰিবা মোক॥ ৬
অনিৰুদ্ধ কুমৰ যে সাক্ষাতে মুৰাৰি।
তেহেন্তে বিহাইল ঊষা বাণৰ কুমাৰী॥
কুমৰ-হৰণ কথা অমৃত সঙ্কাশ।
দ্বিজ চন্দ্ৰভাৰতীয়ে কৰিলা প্ৰকাশ॥ ৭
হেন শুনি পৰীক্ষিত কৰি যোড়-হাত।
কুমৰ-হৰণ কথা পুছিলা সাক্ষাত॥
কেনে চিত্ৰলেখা কুমৰক নিলে হৰি।
অনিৰুদ্ধে ঊষাক বিহাইলা কেন কৰি॥ ৮
হৰি হৰ যুদ্ধ তাত ভৈলা যেন কৰি।
কহিয়ো কৌতুক কথা শুনো কৰ্ণ ভৰি॥
একচিত্তে আছো দেহা তেজি অন্ন-জল।
হৰি কথা শুনি নিতে শৰীৰ শীতল॥ ৯
হেন শুনি শুকমুনি ব্যাসৰ তনয়।
পৰীক্ষিত নৃপতিৰ বুলিলা বিনয়॥
শুনিয়ো নৃপতি ইটো কথা বিতোপন।
সাৱশেষে কহো কথা কুমৰ-হৰণ॥ ১০
অনিৰুদ্ধ কুমৰক বাণৰ নগৰী।
যেনমতে চিত্ৰলেখা আনিবেক হৰি॥
যেনমতে আনিলা শোণিতপুৰ থান।
উষায়ো সহিতে বিহা ভৈল যেন ঠান॥ ১১
বাণ নৃপতিৰ কৰ সহস্ৰ সুবেশ।
শুনা যেনমতে ছেদিলন্ত হৃষীকেশ॥
আতি সুশোভিত তাৰ হাজাৰেক কৰ।
শুনা যেন মতে ছেদিলন্ত দামোদৰ॥ ১২
হৰি হৰ যুদ্ধ তাত ভৈলা যেন মতে।
শুনিয়োক নৃপবৰ কহিবো সমস্তে॥

শিৱভক্ত বাণৰজাৰ পৰিচয়ঃ

শোণিতপুৰত বলি নৃপতি প্ৰধান।
বামন স্বৰূপে চলি পঠাইলা সিথান॥ ১৩
তান বীৰ্য্যে সত পুত্ৰ ভৈলা জাত।
সবাহাতে শ্ৰেষ্ঠ বাণ জগত প্ৰখ্যাত॥
বাপৰ ৰাজ্যত বলৱন্ত মহাৰাজা।
পুত্ৰৱতে স্বধৰ্ম্মে পালন্ত সবে প্ৰজা॥ ১৪
তপে জপে বলে বীৰ্য্যে বাণ মহাশয়।
সমূখ সমৰে ত্ৰিদশকো নগণয়॥
সহস্ৰেক বাহু তাৰ কৰে জাতিষ্কাৰ।
হাজাৰেক অস্ত্ৰ বীৰ ধৰে একেবাৰ॥ ১৫
সহস্ৰ কিৰণ ৰবি সম দেখি যাক।
কোন বীৰ আছয় সমূখ হুইবে তাক॥
তপে নৃত্যে-গীতে আৰাধয় মহাদেৱ।
শঙ্কৰত পৰে তান দেৱ নাহি কেৱ॥ ১৬
হৰগৌৰী পূজন কৰয় নিতে নিতে।
শিৱত ভকতি আতি কৰে একচিত্তে॥
তাৰ নৃত্য গীতে তুষ্ট ভৈলা গৌৰীহৰ।
আগতে বেকত হুয়া বুলিলা উত্তৰ॥ ১৭
তুষ্ট ভৈলো বাণ ৰজা লৈয়ো ইষ্ট বৰ।
হেন শুনি বলি সুতে দিলন্ত উত্তৰ॥
যদি মোত সুপ্ৰসন্ন ভৈলা মহেশ্বৰ।
তোমাত ভকতি হৌক দিয়ো এহি বৰ॥ ১৮
প্ৰতি দিনে যেন মই দেখিবো তোমাক।
আত পৰে আন বৰ নালাগে আমাক॥
এহি হৌক বুলি দিলা হৰেও উত্তৰ।
বৰ পাই নিজ থানে গৈলা নৃপবৰ॥ ১৯
শঙ্কৰক পূজিবাক সাজিলা দেৱঘৰ।
কৈলাস শিখৰ যেন দেখি মনোহৰ॥
সেহি ঘৰে হৰগৌৰী পূজে নিতে নিতে।
শঙ্কৰত ভকতি কৰয় একচিত্তে॥ ২০
সৰ্ব্বক্ষণে শিৱ শিৱ ভাষে মহাভাগ।
নিতে একবাৰ শঙ্কৰক পাৱে লাগ॥

বাণ কন্যা ঊষাৰ জন্মঃ

মহাবলী বাণাসু ত্ৰৈলোক্য বখানি।
শত পুত্ৰ ভৈল তান কন্যা একখানি॥
গণি পঢ়ি তান পাছে ঊষা নাম থৈল।
পুত্ৰতো অধিক শত গুণে স্নেহ ভৈল॥ ২১
প্ৰতি দিনে অতিশয় বাঢ়ে ৰব বালা।
শুকুল পক্ষত যেন চন্দ্ৰমাৰ কলা॥
সকল লক্ষণে পূৰ্ণ নাহি ক্ষতি ক্ষুণ।
কোনেনো বৰ্ণাইবে উষা কুমাৰীৰ গুণ। . ২২
এক দুই তিনি চাৰি পঞ্চ ছয় ভৈল।
সাত আঠ নৱ দশ বৰ্ষ বহি গৈল॥
একাদশ এড়াই ভৈল দ্বাদশ বত্সৰ।
ৰূপ দেখি লোভ ভৈল সুৰাসুৰ নৰ॥ ২৩
বিচিত্ৰ অঙ্গত আছে অলঙ্কাৰ পান্তি।
চিকিমিকি কৰে যেন চন্দ্ৰমাৰ কান্তি।
পূৰ্ণিমাৰ শশী সম বদন প্ৰকাশে।
জ্বলি যায় কামানল মুচুকীয়া হাসে॥ ২৪
অধৰক বিম্বফল বুলিবাক পাৰি।
দশন পঙ্কতি যেন মুকুতাৰ শাৰী।
হৃদয়ত দুই স্তন দেখি কৌতুহল।
যেন অভিনৱ দাড়িম্বৰ দুই ফল॥ ২৫
ক্ষীণ দেহা কুমাৰীৰ মধ্যে হালে কায়।
বতাসতে লৰে আতি ভাগি নপৰয়॥
উৰু কৰি-কৰ সম বলিত সুহায়।
গগনত যেন ৰাজহংসিনী পৰায়॥ ২৬
নাসা তিলফুল যেন দেখিতে শোভন।
বলিত বৰ্ত্তুল ঊৰু বহল জঘন॥
ৰাজহংস গমনে চলয় ধীৰে ধীৰে।
ৰূপ দেখি পুৰুষৰ মন মোহে থিৰ॥ ২৭
উষাৰ ৰূপত উপমাৰ নাহি ঠাই।
যেহি অঙ্গে দৃষ্টি পৰে তাকে থাকে চাই॥
সৰ্ব্বসুলক্ষণী সৰ্ব্বগুণে গুণৱতী।
শুদ্ধভাবে হৰক পূজয় নিতে নিতি॥ ২৮
শিৱৰ মন্দিৰ যৈত সাজি আছে বাণ।
নিতে শিৱ গৌৰীক পূজয় সেই থান॥
ঊষাত ভৈলন্ত তুষ্ট দেৱী জগন্মাতা।
বান্ধিলন্ত গোসানী ঊষাৰে সখিয়তা॥ ২৯
প্ৰতিদিনে যান্ত ঊষা গোসানীৰ ঠাৱ।
গোসানী সহিতে ভৈল মিত্ৰৱতী ভাৱ॥
ঊষাক দেখিয়া পাৰ্ব্বতীৰ ৰঙ্গমন।
গাৱে তুলি কোলে কৰি চুম্বে ঘনে ঘন॥ ৩০
এহি মতে দুইৰো যেবে কতো দিন গৈল।
শুনিয়োক তাত পাছে যেন কথা ভৈল॥

অগ্নিগৰত ঊষাক বন্দীঃ

এক দিনা ঊষাক বুলিলা বলী বাণ।
মনে বিমৰষি ঊষা থৈব কোন থান॥
অল্পতে ঊষাৰ দেখো তৈল কন্যা কাল।
আউৰ মোৰ গৃহত থৈবাক নোহে ভাল॥ ৩১
নতু বিহা দেন্তে কন্যা যদি নষ্ট যায়।
ইহলোক পাপ পৰলোকে নৰ্ক পায়॥
যদি নষ্ট কন্যা বিহা দেই মাৱে বাপে।
ঐকৈশ ফুৰুষ ভুঞ্জে নৰ্ক সেই পাপে॥ ৩২
আৰো শুনি আছো মই ভাৰত পুৰাণ।
জীউ দুষ্টা ভৈলে পিতৃ চণ্ডাল সমান॥
চাৱাল কালত বাপে ৰাখিবে কন্যাক।
যুবা ভৈলে স্বামী সঙ্গে লাগে বঞ্চিবাক॥ ৩৩
বৃদ্ধকাল ভৈলে পুত্ৰে পোষে যত্ন কৰি।
তিনিয়ো কালত নাৰী নোহে স্বতন্তৰী॥
এতেকেসে ৰাখিবাক লাগে ভাল কৰি।
যেনমতে শুদ্ধভাৱে থাকন্ত সুন্দৰী॥ ৩৪
বিহাকাল মানে মোৰ ৰাখিলে যুৱাই।
পাছে যেহি লাগে হোক কৰ্ম্ম অভিপ্ৰায়॥
ঊষা ঊপযোগ্য বৰ যাৱে নাহি পাওঁ।
তাৱে নিয়া উষাক নিৰ্ব্বস দিয়া থওঁ॥ ৩৫
হেন মতে গুণি থিৰ কৰিলন্ত বাণে।
পাতল বেৱস্থা আতি নিজঞ্জাল থানে॥
চতুৰ্ভিতি বেঢ় আতি দিল গঢ়ি গড়।
দুৱৰীক দিলে আতিশয় মহা দৃঢ়॥ ৩৬
গড়ক বেঢ়িয়া দিলা খাই বিপৰীত।
আছোক মনুষ্য দেৱ নপাৰে লঙ্ঘিত॥
ঊষাক থৈলন্ত নিয়া তাহাৰ মাঝত।
বৃদ্ধা বৃদ্ধা নাৰীগণ দিলেক লগত॥ ৩৭
বাণ নৃপ অমাত্য কুভাণ্ড নাম যাৰ।
চিত্ৰলেখা নামে এক কন্যা আছে তাৰ॥
ৰূপে গুণে ঊষাৰ সমান চিত্ৰলেখী।
ঊষা চিত্ৰলেখী দুইহন্তো প্ৰাণসখী॥ ৩৮
শয়নে ভোজনে একেলগে দুই সখী।
দণ্ডেকো নিজীয়ে দুই দুহাঙ্কো নেদেখি॥
সৰ্ব্বক্ষণে ঊষাৰ নছাৰে তাই পাশ।
ঊষাৰ লগতে চিত্ৰলেখাৰ নিবাস॥ ৩৯
হেনমতে থাকে দুয়ো নাহি সুখ শান্তি।
দেখিতে নাপাই সূৰ্য্য চন্দ্ৰৰ জেউতি॥
চিত্ৰলেখা সুন্দৰী পঢা়ন্ত কাব্যকোষ।
খনো পাশা খেলি কৰে হৃদয় সন্তোষ॥ ৪০
বন্দীৰ আকাৰে ঊষা থাকয় ভিতৰে।
বাহিৰ নোলাই বাণ নৰপতি ডৰে॥
উষায়ে বোলন্ত সখি কৰি আছো পাপ।
নজানো কিহক লাগি খঙ্গিলেক বাপ॥ ৪১
দ্ৰোহীয়াৰ থানে নিৰ্ব্বাসক দিলে মোক।
বন্দীৰ আকাৰ ভৈলো নেদেখোহো লোক॥
চিত্ৰলেখা সমে দুয়ো আলোচন্ত কায।
হৰগৌৰী চাহিবাৰ ছলে হুইবো বাজ॥ ৪২
হৰগৌৰী দেখিয়া খণ্ডোক ঘোৰ পাপ।
সদকৰ্ম্ম কৰিলেনো কি কৰিবে বাপ॥
এহি আলোচিয়া ঊষা নিতে চেগ চাই।
সখী সমে গৈলা হৰ পাৰ্ব্বতীৰ ঠাই॥ ৪৩
বিদ্যমানে বসিয়া আছন্ত হৰগৌৰী।
প্ৰত্যক্ষ দেখিলা গৈয়া ৰাজাৰ কুমাৰী॥
মহাৰঙ্গে চিত্ৰলেখা তান পাশে গৈলা।
কৰযোৰ কৰি পাছে তাই থিয় ভৈলা॥ ৪৪
শুনা সভাসদ লোক ভাগৱত কথা।
বোলা হৰি হৰি জন্ম নকৰিও বৃথা॥

ঊষা-চিত্ৰলেখাৰ বৰপ্ৰাপ্তিঃ

ছবি

হৰক দেখিলা বালা         কপালত চন্দ্ৰকলা
গাৱে দোলে বাসুকিৰ মালা।
পৰিধান বাঘছাল        তিনিগোটা চক্ষু ভাল
চন্দ্ৰ সূৰ্য্য অগনিৰ জ্বালা॥
শ্বেতবৰ্ণ কলেৱৰ        ফটিকতে ৰুচিকৰ
শিৰে গঙ্গা কৰন্ত প্ৰকাশ।
দুৰ্গাদেৱী মনোৰঙ্গে        আনন্দতো মন মগ্নে
আলিঙ্গি ধৰি তুলি হাস॥ ৪৫
ধৰি আনি অবিকলে        অতিবৰ কৌতুহলে
বদন চুম্বন্ত ৰঙ্গ মনে।
দেখিলেক ঊষা যাই        দৃষ্টি ভৰি আছে চাই
আনন্দে পুৰিত সৰ্ব্বক্ষণে॥
ভৈল অৱনত ভাৱ        নমিয়া গৌৰীৰ পাৱ
জানুশিৰে পৰিল ভূমিত।
ঊষাৰ দেখিয়া ভাৱ        সাম্বুধিলা জগমাৱ
হাসি হাসি বোলন্ত উচিত॥ ৪৬
তোমাকে বৰিবে স্বামী        স্বৰূপে বুলিলো আমি
অল্পকালে পাইবা তুমি পতি।
চিন্তা এৰা মহাদেৱী        লভিবা আপোন স্বামী
পৰম পুৰুষ শুদ্ধ মতি॥
গোসানীৰ বাণী শুনি        ঊষায়ে মাতন্ত গুণি
মোৰ স্বামী হৈবে কতোকালে।
স্বৰূপে কহিয়ো মাৱ        জুৰায়োক মোৰ গাৱ
পুৰি মাৰে কাম অগ্নি জ্বলে॥ ৪৭
হেন শুনি মহামায়        শতগুণে ভৈল দয়া
ঊষাক বুলিলা হেন বাণী।
স্বৰূপে কহিয়ো কথা        নুহি মোৰ বাণী বৃথা
সুমৰি থাকিবা মনে গুণি॥
বৈশাখ মাসত আসি        তিথি শুক্লা দ্বাদশী
সেহি নিশা দেখিবা সপোন।
সুন্দৰ পুৰুষে আসি        আলিঙ্গিবে হাসি হাসি
তোৰ স্বামী হৈব সেহি জন॥ ৪৮
চিত্ৰলেখা ৰঙ্গে পাছে        শঙ্কৰৰ গৈলা কাষে
স্তুতি নতি কৰিলা বিস্তৰ।
তুষ্টা হুয়া শূলপাণি        বুলিলন্ত প্ৰিয় বাণী
বাঞ্ছিত লৈয়োক আবে বৰ॥
শুনি কৰযোৰ কৰি        চিত্ৰলেখা পদে পৰি
নমি বোলে দেৱ বিশ্বেশ্বৰ।
সুৰাসুৰ নৰ যত        আচে চৈধ্য ভুবনত
ৰূপগুণ জানিবো সবাৰ॥ ৪৯
ৰঙ্গে বুলিলেক হৰ        দিলো তোক এৰি বৰ
হৰগৌৰী ভৈল অন্তৰ্দ্ধান।
বৰ পায়া ৰঙ্গ ভাৱে        দুয়ো সখী নম্ৰভাৱে
গৈলা চলি আপোনাৰ স্থান॥
দিন যাই আলে জালে        ৰাত্ৰি নাসে ভালে
দ্বাদশী হৈবেক কত কালে।
অকস্মাত মহেশ্বৰ        মোহোক দিলন্ত বৰ
স্বামী নাই মোহোৰ কপালে॥ ৫০

ঊষাৰ সপোনঃ

এহিমতে চৈত্ৰ গৈল        বৈশাখ আসিয়া ভৈল
দ্বাদশী তিথিৰ সমযোগে।
ঊষা আছে শয়নত        দেখিলেক সপোনত
পুৰুষেক আছন্ত সম্ভোগে॥
ঘুমটিত থাকে ভালে        জাগিলেক ততকালে
গুচয় সম্ভোগে যত ভোগ।
ঊষায়ে নিদ্ৰাত পায়        স্বামী বুলি আলিঙ্গয়
ৰতিৰস কৰে সতী ভোগ। . ৫১
ৰূপে কামদেৱ সম        সিংহ সম পৰাক্ৰম
গম্ভীৰত সাক্ষাতে সাগৰ।
তেজে দু্যতি দিনকৰ        শীতলত শশধৰ
পণ্ডিতে ভাৰ্গৱ পুৰন্দৰৰ॥
সপোনত কামে ধৰে        শৰীৰ বিকল কৰে
ধৰিবে চাৱই আঙ্কোৱালি।
আৰ হোৱে দুইৰ আগ        ধৰিবে নপায় লাগ
স্বামী বুলি গেড়িয়া আওচালি। . ৫২
শ্যাত বুলাই হাত        কৈক গৈল প্ৰাণনাথ
তুমি বিনে প্ৰাণ ছাৰি যাই।
কোন দোষে গৈলা এৰি        প্ৰভু বুলি পাৰে গেৰি
জাগি চিত্ৰলেখা আছে চাই॥
শয্যাৰ ধৰিলা তুলি        কি ভৈল কি ভৈল বুলি
চিত্ৰলেখা পুছে ধীৰে ধীৰে।
সখি মোত কহিয়োক        শুনি হাসিবেক লোক
তুমি মোত কহিও সুথিৰে। . ৫৩
চেতন লভিয়া পাছে        মাত বোল এৰি আছে
নিশ্বাস কাঢ়য় ঘনে ঘনে।
ভাগৱত পদ ছবি        শ্ৰীচন্দ্ৰ ভাৰত কবি
পদ বিৰচিলে সুপ্ৰসন্ন॥
শুনিয়োক সৰ্ব্বজন        হৰিপদে দিয়া মন
এৰিয়োক হৃদয়ৰ কাম।
গুচোক দুৰ্গতি যত        মিলোক মঙ্গল শত
জানি ডাকি বোলা ৰাম ৰাম॥ ৫৪


বাণৰজাৰ প্ৰতিযোদ্ধা কামনাঃ

পদ

যেনেতেনে আলেজালে নিশা গৈল ক্ষয়।
ৰজনী প্ৰসন্ন ভাল সূৰ্যৰ উদয়॥
ঊষাৰ কথাক আবে এখানে থাকোক।
বাণ ৰাজা যি কৰিলে তাকে শুনিয়োক॥ ৫৫
কৌশিকী নদীত ৰজা কৰিলন্ত স্নান।
হৰগৌৰী মন্দিৰক চলি গৈলা বাণ॥
শঙ্কৰক গৈয়া দেখিলন্ত নৃপবৰ।
ভকতি মিনতি স্তুতি কৰিলা বিস্তাৰ॥ ৫৬
কৃতাঞ্জলি কৰিয়া উঠিয়া নৃপবৰ।
হৰক সন্মুখে চাই বুলিলা উত্তৰ॥
এতকাল ভৈল মই নাপাইলোঁ সমৰ।
ধৰোঁ কি কাৰণে মই হাজাৰেক কৰ॥ ৫৭
কোন দিনা যুদ্ধ পাইবো তাক কহিয়োক।
আছো পুৰুষ হাসিবেক তিৰীলোক॥
তুমি সম পুৰুষ আসোক মোৰ ধাৰে।
তেবে হাজাৰেক সফল আমাৰে॥ ৫৮
গৰ্ব্ববাণী শুনি তেবে কিটাইলন্ত হৰ।
বাণক সম্বুধি পাছে দিলন্ত উত্তৰ॥
ত্ৰৈলোক্যৰ নাথ হৰে বুলিলন্ত হাসি।
সন্নিততে যুদ্ধ পাইবি কহিলো প্ৰাকশি॥ ৫৯
যেবে দেখ ভাগিলে বাণ্ডাৰ মৈৰাধ্বজ।
তেবে যুদ্ধ পাইবি আপোনাক হুয়ো সাজ॥
হৰগৌৰী নমি পাছে চলি গৈলা বাণ।
অভ্যন্তৰে মৈৰাধ্বজ আছে যিবা স্থান॥ ৬০
ভাগি আছে মৈৰাধ্বজ দেখিলেক যাই।
মহাৰঙ্গে গৈলা ৰাজা আপোনাৰ ঠাই॥
সপোনে সচিতে ৰাজা তাক কৰে ধ্যান।
লাগিল বিৰাট যুদ্ধ দেখি বিদ্যামান॥ ৬১
ফন্দে উৰু কৰ বাহু কপোল হৃদয়।
উলকা নিৰ্ঘাত ধূমকেতু দৰশয়॥

ঊষা-চিত্ৰলেখাৰ কথোপকথনঃ

সাজে পাৰে ছাড়ে প্ৰজা নাই মন সুখ।
ঊষা কুমাৰীৰ কথা শুনি মন দুখ॥ ৬২
চিত্ৰলেখা বোলে সখি কিনো ভৈল তোৰ।
কিবা সপোনত তই দেখি আছ চোৰ॥
কিবা সিংহ বাঘে তোকে সপোনত ধাইল।
কিবা পুৰুষেক আসসি সপোনতে জোঙ্কাইল॥ ৬৩
কি কাৰণে শয্যাত পাৰস হাতলোৰ।
প্ৰভু প্ৰভু চেঞ্চাৱস হাসি উঠে মোৰ॥
তোৰ ভাব দেখিয়া হাসিবে সৰ্ব্বজন।
ঝান্ট কৰি কহ সখি স্বৰূপ বচন। . ৬৪
ঊষা বোলে সখি মই দেখিলো সপোন।
মোৰ সঙ্গে আছিল পুৰুষ একজন॥
আতি প্ৰেমে আসি মোক আলিঙ্গি ধৰিল।
পালটি চাহন্তে মোৰ হাততে হৰিল॥ ৬৫
ঊত্তম পুৰুষ তেহে ৰূপে বিতোপন।
অভিনৱ সুন্দৰ যুৱত সুশোভন॥
শ্যামল শৰীৰ ধীৰ সাগৰ গম্ভীৰ।
নাহি খতি খুন ৰূপে গুণৰ মন্দিৰ॥ ৬৬
গাৱে আতি পীতবস্ত্ৰ শৰীৰ উজ্জ্বল।
কোন নাৰী দেখি জানা নুহিবে বিকল॥
হেৰ পুৰুষক আমি পাইলো প্ৰাণসখি।
এৰি গৈলা প্ৰভু মোক কিবা দোষ দেখি॥ ৬৭
হাতে পাই হৰুৱাইলো ইষ্ট যেন নিধি।
হৃদয়ত কুঠাৰ হানিলে কেন বিধ॥
দুৰ্ভগা নাৰীৰ জীৱত কোন কায।
ছাড়িয়া প্ৰাণক মই যাইবো যমৰাজ॥ ৬৮
ধিক ধিক সখি মই জীৱোঁ কোন কাযে।
কৰিবো জীৱন ঝাম্প দিবো জল মাজে॥
মই সেই পুৰুষক নাপাওঁ স্বামী কৰি।
সত্যে সত্যে মৰিবো কটাৰী ঝাস কৰি॥ ৬৯
এহি বুলি ঊষায়ে কটাৰী তুলি লৈলা।
সখীৰ আগতে মৰিবাক সাজ ভৈলা॥
থাপ দিয়া চিত্ৰেলেখা অস্ত্ৰ কাঢ়ি লৈলা।
দূৰক লাগিয়া তাই আছাৰি পেলাইলা॥ ৭০
চিত্ৰলেখা বোলে সখি তইসে আজলী।
সপোনত পঞ্চামৃত ভুঞ্জে পেট ভৰি।
তেবে কি পলাই ক্ষুধা জানিবা সুন্দৰী॥
সপোনত যাই যদি দূৰ দেশান্তৰে।
চেতন লভিলে সৱে হোৱে চাৰ খাৰ॥ ৭১
স্বপ্নৰ কথাক সবে পাছ কৰি থৈয়ো।
সব কথা এৰি সখি স্বস্থ মন হুয়ো॥
হেন শুনি মাতে ঊষা বৰ কোপ কৰি।
আন কথা কই মোক ভাণ্ডস সুন্দৰী॥ ৭৩
সপোনত থাকে নাৰী পুৰুষৰ সঙ্গে।
চেতন লভিলে ঐত পুৰুষে আলিঙ্গে॥
বিগুটি বিগুটি সখি নমাতিবা মোক।
তুমি বিদ্যমানে হেৰা যমলোক॥ ৭৪
পুনৰপি আসি ঊষা অস্ত্ৰ তুলি লৈলা।
সখীৰ আগতে মৰিবাক সাজ ভৈলা॥
চিত্ৰলেখা ঊষাৰ কটাৰী লৈলা কাঢ়ি।
ভাল নোহে বুলি তাই পেলাইলে আছাৰি॥ ৭৫
পাছে চিত্ৰলেখা হেন বুলিলা বচন।
যতেক পুৰুষ আছে চৌধয় ভুবন॥
শুন তোত কহো মই স্বৰূপ বচন।
বেকত কৰিয়া পটে লিখিবো এখন॥ ৭৬

চিত্ৰলেখাৰ চিত্ৰ অঙ্কনঃ

কাহাক দেখিলে স্বপ্নে চাহি কৰ সাৰ।
আনি দিবো স্বৰ্গ মৰ্ত্ত্য যাই পাতালৰ॥
দেৱতা অসুৰ যক্ষ ৰাক্ষস কিন্নৰ।
সবাকো লিখিয়া দিবো তোহোৰ গোচৰ। . ৭৭
ইহাৰ ভিতৰে তই চাহি কৰ সাৰ।
দেখিলে চিনাই দিবি স্বামী আপোনাৰ॥
এই বুলি চিত্ৰলেখা অঙ্গীকাৰ কৰি।
লিখিবে লাগিলা মূৰ্ত্তি তুলি-কাপ ধৰি॥ ৭৮
প্ৰথমতে চিত্ৰলেখা ব্ৰহ্মাক লিখিলা।
গৌৰবৰ্ণ চাৰিমুখ অষ্টভুজ দিলা॥
কৰে কমণ্ডলু দণ্ড ৰাজহংস যান।
জপন্ত পৰম জাপ্যমালা বিদ্যমান। . ৭৯
বিষ্ণুক লিখিলা নীলবৰ্ণ কলেৱৰ।
শঙ্খ চক্ৰ গদা পদ্ম চাৰি অস্ত্ৰধৰ॥
গলত কৌস্তুভ পীতবস্ত্ৰ পৰিধান।
ত্ৰিজগত নাথ তান গৰুড় বাহন॥ ৮০
হৰক লিখিলা মহা বৃষভৰ যানে।
ত্ৰিশূল ডম্বৰু ব্যাঘ্ৰচৰ্ম্ম পৰিধানে॥
ললাটত শশী জ্বলে শুক্ল সুশীতল।
পঞ্চবক্ত্ৰ ত্ৰিনয়ন শিৰে গঙ্গাজল॥ ৮১
ঐৰাৱত স্কন্ধত লিখিলা পুৰন্দৰ।
উচ্চৈঃশ্ৰৱা ঘোটকত জয়ন্ত কুমাৰ॥
মুষিকৰ কন্ধে লিখিলেক গণপতি।
কাৰ্ত্তিকক লিখিলা ময়ুৰ যানে গতি॥ ৮২
অগ্নিক লিখিলা তাই ছাগলৰ কন্ধে।
মহিষৰ কান্ধে যম লিখিলা প্ৰৱন্ধে॥
মগৰত বৰুণ লিখিলা বহুথানে।
বায়ুক লিখিলা তাই মৃগৰ বাহনে॥ ৮৩
কুবেৰ লিখিলা তাই মানুষৰ কান্ধে।
সপত ঘোটকে সূৰ্য্য লিখিলা প্ৰৱন্ধে॥
শশা কান্ধে চন্দ্ৰক লিখিলা বাল কৰি।
ত্ৰিদশ দেৱক তাই লিখিলে সুন্দৰী॥ ৮৪
যাৰ যেন ৰূপ গুণ যাৰ যেনে থান।
যি দেৱৰ যিবা আসি হোৱয় বাহন॥
ব্যক্ত কৰি চিত্ৰতে লিখিলা চিত্ৰলেখা।
প্ৰত্যেক কৰিয়া তাক সেই থানে দেখা॥ ৮৫
ঊষাৰ আগত দেখাইলন্ত চিত্ৰলেখা।
ত্ৰিদশ দেৱক সখি ভাল মতে দেখা॥
ত্ৰিদশৰ মাজে তোৰ স্বামী আছে নাই।
স্বৰূপ কৰিয়া কহ চিত্ৰপট চাই॥ ৮৬
ত্ৰিদশৰ মাজে স্বামী বাঞ্ছা কৰ যাক।
তই মাত্ৰ কহ মই আনি দিওঁ তাক॥
হেন শুনি ঊষা পাছে চিত্ৰপট চাই।
সখীক বুলিলা আত মোৰ স্বামী নাই॥ ৮৭
হেন শুনি চিত্ৰলেখা ঊষাৰ উত্তৰ।
পাছে লিখিলেক তাই গন্ধৰ্ব্ব কিন্নৰ॥
দেৱ ঋষি সকলক লিখিল সুন্দৰী।
ঊষাক দেখাইলা নিয়া কুভাণ্ড কুমাৰী॥ ৮৮
কতো বেলি ঊষা পাছে চিত্ৰগট চাই।
নিশ্চয়ে বুলিলা আত মোৰ স্বামী নাই॥
হেন শুনি চিত্ৰলেখা কৰে কাপ ধৰি।
আন পট লিখিলেক কুম্ভাণ্ড কুমাৰী॥ ৮৯
পাতালত সৰ্পগণ আছে যত যত।
তাৰ বাৱে চিত্ৰলেখা কৰিল বেকত॥
অনন্ত বাসুকি ধৃতৰাষ্ট্ৰ কৰ্কোটক।
কুহক কুকিল পুণ্ডৰীক যে তক্ষক॥ ৯০
দেৱতো অধিক নাগ ৰূপ অতিশয়।
সাবাৰো শিৰত ৰত্ন মুকুট জ্বলয়॥
কাল মুখ কাল জিবা আৰু কাল গল।
শ্বেত পীত নাহ ৰক্ত লিখিল সকল॥ ৯১
লিখিলেক নাগগণ শাৰী শাৰী কৰি।
ঊষাক দেখাইল নিয়া কুম্ভাণ্ড কুমাৰী॥
কতো বেলি ঊষা পাছে চাহি চিত্ৰ পট।
আত মোৰ স্বামী নাই কহিলো প্ৰকট॥ ৯২
হেন শুনি চিত্ৰলেখা ঊষাৰ উত্তৰ।
পাছে লিখিলেক পৃথিৱীৰ যত নৰ॥
সূৰ্য্যবংশে যত যত আছিল নৃপতি।
ব্যক্ত কৰি পটতে লিখিলা মহামতি॥ ৯৩
চন্দ্ৰবংশ লিখি যেবে আতাই সুন্দৰী।
যদুবংশ লিখিলেক গুৰুক সুমৰি॥
বসুদেৱ সুত কৃষ্ণ লিখিলেক পাছে।
অল্প অল্প লাজ কৰি ঊষা চাহি আছে॥ ৯৪
পাছে কামদেৱ লিখিলা কৃষ্ণ পাশে।
মাথে বস্ত্ৰ দিয়া লাজে বচন নভাষে॥
অনিৰুদ্ধ কুমৰক লিখিলেক যেবে।
মাত বোল এৰি ঊষা চাহি আছে তেবে॥ ৯৫
স্বপ্নত দেখিলো যাক মোৰ স্বামী এই।
হাঁসো হাঁসো কৰে মুখ সখি চিনি তাই॥
কুমৰক দেখি ঊষা ভৈলেক বিকলি।
ধৰিবাক চাহে ঊষা চিত্ৰৰ পুতলি॥ ৯৬
দেখিলেক চিত্ৰলেখা ঊষাৰ স্বভাৱ।
আঁৰ কৰি চিত্ৰ পট থৈলা সেহি ঠাৱ॥
কুমৰক নেদেখিয়া হৰিল গিয়ান।
মুৰ্চ্ছা গৈয়া কুমাৰী পৰিল সেহি থান॥ ৯৭
হেন দেখি চিত্ৰলেখা গৈলা লাসে লাসে।
ধীৰে ধীৰে বিঞ্চিলন্ত চামৰ বাতাসে॥
কতো বেলি ঊষা পাছে চেতন লভিল।
কোলে কৰি আশ্বাসিয়া সাবটি ধৰিল॥ ৯৮
দেখায়া প্ৰভূক মোৰ তুমি নিলা কাঢ়ি।
তোমাৰ আগত আজি প্ৰাণ যাইবো ছাড়ি॥
চিত্ৰলেখা বোলে সখি চিন্তা এৰিয়োক।
সপোনৰ স্বামী মই আনি দিব তোক॥ ৯৯
ঊষায়ে বোলন্ত সখি উঠিয়ো সকাল।
যেবে তুমি যাইবা সখি চিলোয় একাল॥
মোৰ প্ৰাণ স্বামী তুমি আনি দিবা যেবে।
সাঙ্কো হুয়া তোমাৰ চৰ্চ্চিবো গুণ তেবে॥ ১০০
হেন দেখি চিত্ৰলেখা দিলন্ত উত্তৰ।
তোৰ কথা শুনন্তে মোহোৰ লাগে ডৰ॥
দ্বাৰকা নগৰী ছয় মাসেকৰ পথ।
কালি পুৱা তোৰ স্বামী দিবো কেন মত॥ ১০১
বিশেষত তোৰ স্বামী গোবিন্দৰ নাতি।
যাক ৰক্ষা কৰি থাকে বীৰগণে ৰাতি॥
বিনা যুদ্ধে জিনি তাঙ্ক কোনে আনিবেক।
কালি পুৱা কেন সখি খান্তি দেহ মোক॥ ১০২
আঠ দিবসক মোক দিয়োক মেলানি।
তেবেসে তোহোৰ স্বামী দিব পাৰো আনি॥
মোহোৰ শকতি নাহি কালি পুহা দিতে।
তোমাৰ আগত মই কহিলো উচিতে॥ ১০৩
হেন শুনি বোলে ঊষা সখি হাতে ধৰি।
হোক আঠ দিন চলি যায়োক সুন্দৰী॥
আঠ দিন বাজে স্বামী নানস আমাৰ।
তেবে মোৰ প্ৰাণ যাইবে কৈলো সাৰে সাৰ॥ ১০৪

কুমৰ হৰণৰ উদ্যোগঃ

চিত্ৰলেখা বোলে সখি চিন্তা এৰি থাক।
কুমৰ হৰিবে মই যাওঁ দ্বাৰকাক॥
এহি বুলি চিত্ৰলেখা গৈলা ঘোড়াশাল।
বাচিয়া লৈলেক ঘোড়া অতি ভাল ভাল॥ ১০৫
শ্বেত শ্যামবৰ্ণ ঘোড়া বায়ু নোযোৰাই।
কান্ধত জুৱলি নিয়া বান্ধিলে বঢ়াই॥
কালধ্বজ গোট তাত দেখন্ত সুন্দৰ।
কাল চামৰে সুমণ্ডিত কলেৱৰ॥ ১০৬
ঘোড়াৰ ওপৰে দিলা সুব্ৰণ দাপনি।
গলত ঘুগুৰা দিলা বাজে ৰুণ ঝুণি॥
পাৱে ক্ষুদ্ৰ ঘণ্টা দিলা বাজয় বিশে,।
সাজি আনিলেক ৰথ দেখন্তে সুবেশ॥ ১০৭
আপুনিয়ো সাজ ভৈল বাহুতৰ ঠান।
কাল টুপি কাল বস্ত্ৰ গাৱে পৰিধান॥
উপৰক তুলি তাই বান্ধিলেক খোপা।
পিঠিত হালয় মাণিকৰ এক থোপা॥ ১০৮
কপালত আতি ভাল তিলক পিন্ধিলা।
গন্ধৰ নিকৰ পিসি আগৰত দিলা॥
গ্ৰীৱে লৈলা গজমতি হাৰে লুলে জেঠি।
দশো আঙ্গুলিত ঝাম্পি সোণৰ আঙ্গঠি॥ ১০৯
বিচিত্ৰ বসনে গাৱ মণ্ডিলেক তাই।
শুভক্ষণে যাত্ৰা কৰি উৰ্দ্ধক উড়াই॥
নখৰ মূলত তাই লাইলেক হীৰ।
কৰ্ণত জ্বলয় ৰত্ন কুণ্ডল ৰুচিৰ॥ ১১০
ডগমগ কৰি অতি মণ্ডিল শৰীৰ।
ৰূপ দেখি যুৱতীৰ মন নেহ স্থিৰ॥
নভাষয় ৰূপ তাইৰ থাকে চাই চাই।
চন্দ্ৰ সূৰ্য্য বহি থাকে আকাশে নুড়াই॥ ১১১
উষা বোলে সখি তোৰ বুঝিলো ঢকলি।
আগে সাশ খাই পাচে দিবিহি বাকলি॥
অগনিৰ সংযোগত উথলয় ঘৃত।
মোক ঘোল দিয়া জানো ভুঞ্জয় অমৃত॥ ১১২
তুমিয়ো যুৱতি মোৰ স্বমীয়ো যুৱক।
এক থান ভৈলে কাম সহিবা কিমত॥
হেন শুনি চিত্ৰলেখা দিলা সমিধান।
ভূমি চুই বিষ্ণু স্মৰি পৰশিল কাণ॥ ১১৩
অতমান সখি তই নুবুজিলি পাপ।
তোহো স্বামী মোহোৰ কুভাণ্ডহেন বাপ॥
ঊষা বোলে সখি চলি যাযোক সত্বৰ।
দেখা মোক স্বামী আঠ দিনৰ ভিতৰ॥ ১১৪
উষা বোলে পথে একো নোহোক বিঘিনি।
অব্যহতে আনা গৈয়া শত্ৰু সেনা জিনি॥
যাত্ৰা কৰি চিত্ৰলেখা ৰথে উড়ি যাই।
ডাকিলেক ৰথ গৈল আকাশে উড়াই॥ ১১৫
চাবুকে ডাকিয়া ঘোড়া ডকাইলেক যত।
আকাশে উড়াইল গৰুড়ৰ যেন মত॥
আকাশত দেখি যেন কাল মেঘ ঘন।
ৰথ-খুড়া-শব্দ শুনি মেঘৰ গৰ্জ্জন॥ ১১৬
বিজুলী চটকে যেন বেগে যাই ৰথ।
দণ্ডেকে আটাইল তিনি মাসেকৰ পথ॥
মহাৰঙ্গে চিত্ৰলেখা আকাশত যাই।
নিমিষেকো নলাগিল স্বৰ্গপথ পাই॥ ১১৭
প্ৰথমতে ঘোড়াক কৰাইলা জল পান।
পাছে চিত্ৰলেখা কৰে বিধিমতে স্নান॥
দেৱ পিতৃ তুষিলেক নৰ্ম্মদাৰ জলে।
নানাপুষ্প কুসুম তুলিল কৌতুহলে॥ ১১৯
জলপুষ্প থলপুষ্প তুলিল সকলে।
ইষ্টদেৱ হৰক পুজিলা কৌতুহলে॥
চিত্ৰলেখা নিত্যকৰ্ম্ম কৰি অৱসান।
উদৰ ভৰিয়া কৰিলেক জল পান॥ ১২০
ভোজন সম্ভাৰ যিবা আনি আছে লাগে।
ভোজন কৰিয়া উঠিলেক সেহি ছেগে॥

চিত্ৰলেখাৰ নাৰদ মুনি দৰ্শনঃ

ৰথ ডাকিবাক চিত্ৰলেখা ভৈলা সাজ।
আগে উপসন্ন যে নাৰদ মুনিৰাজ॥ ১২১
কৃষ্ণ সাৰ চৰ্ম্ম কটি মধ্যতে যে সাজে।
অক্ষসূত্ৰ কমণ্ডলু হাতত বিৰাজে॥
নাৰদক দেখি আতি চমকিত মনে।
ডেৱ দিয়া ৰথৰ নামিলা তেতিক্ষণে॥ ১২২
জানুশিৰে প্ৰণামিলা নাৰদৰ পাৱে।
ঋষিক বুলিবে লৈলা আদৰিত ভাৱে॥
মহাতীৰ্থ স্নানিবাৰ পালো যত ফল।
তাতো দশগুণ প্ৰভু পাইলো যত কৌতুহল॥ ১২৩
জানিলোহো মোহোৰ কাৰ্য্যৰ হৈব সিদ্ধি।
এবেসে জানিলো সুপ্ৰসন্ন ভৈল বিধি॥
ব্ৰহ্মাৰ তনয় তুমি দেৱ মহাবল।
কি কাৰ্য্যে আসিলা প্ৰভু কহিয়ো সকল॥ ১২৪
নাৰদ বদতি ওবা শুনা চিত্ৰলেখি।
আন কাৰ্য্য নাই তোক আসিলোহো দেখি॥
তোৰ ভাৱ দেকি মোৰ চিত্ত হৰষিত।
পুছিবাক আসিলো তোহোৰ সন্নিহিত॥ ১২৫
বীৰ কাছে কাছিয়া যুদ্ধৰ ভাৱে সাজি।
মোত কহ সুন্দৰী কহিক যাহ আজি॥
শুনা সাধুজন সবে ভাগৱত পদ।
সকল দুৰ্গতি খণ্ডি মিলিবে সম্পদ॥ ১২৬
কৃষ্ণৰ চৰণ-পদ্ম হৃদয়ত ধৰি।
শ্ৰীচন্দ্ৰভাৰতী ভণে বোলো হৰি হৰি॥

চিত্ৰলেখাৰ অভিপ্ৰায়ঃ

দুলৰি

ঋষিৰ বচন        শুনি তেতিক্ষণ
চিত্ৰলেখা বোলে বাণী।
কহো মোৰ কাষ        শুনা মুনিৰাজ
স্বৰূপ মোৰ কাহিনী॥
বাণৰ কুমাৰী        সৰ্ব্বাঙ্গ সুন্দৰী
ঊষা নামে মোৰ সখী।
গোবিন্দৰ নাতি        স্বপ্নে পায়া ৰাতি
বিকল ভৈলন্ত দেখি॥ ১২৭
চেতন লভিয়া        তাহাঙ্ক নাপায়া
সখী নিজীৱয় প্ৰাণে।
সেহিসে কাৰণে        কুমৰ হৰণে
আসিছো দ্বাৰকা থানে॥
দ্বাৰকাক যাই        কুমৰক পাই
আনিবো বাণৰ ৰাজ্য।
জীয়াইবো ঊষাক        আনিবো তাহাঙ্ক
কহিলো মোহোৰ কাৰ্য্য॥ ১২৮
নাৰদ বদতি        শুনা মহামতি
কুভাণ্ড মন্ত্ৰীৰ জীউ।
সাগৰ তৰিবি        কুমৰ হৰিবি
তোৰ এতমান হিউ॥
ওবা চিত্ৰলেখি        মই আইলো দেখি
কুমৰক সেহি ৰাজে।
যাক বীৰগণে        ৰাখে সৰ্ব্বক্ষণে
লোহাৰ গঢ়ৰ মাঝে॥ ১২৯
পূবে হনুমন্ত        সসৈন্যে থাকন্ত
পশ্চিমে গৰুড় পক্ষী।
দক্ষিণত ৰাম        উত্তৰত শ্যাম
সততে থাকন্ত ৰাখি॥
আপুনি গোবিন্দ        এৰিলন্ত নিন্দ
ৰাত্ৰি দিন সম কৰি।
গড়ৰ চৌপাশে        ফুৰি অহৰ্নিশে
আপুনি ৰাখন্ত হৰি॥ ১৩০
দ্বাৰকা নগৰী        গোবিন্দ পুৰী
দেখন্ত লাগয় ত্ৰাস।
দেৱে ৰাখে আতি        দেৱৰ পদাতি
কোনে লঙ্ঘিবেক পাশ॥

চিত্ৰলেখাৰ মায়াঃ

হেন শুনি তাই        মাতিলা দুনাই
শুনিয়োক মুনিবৰ।
সাগৰ তৰিবো        কুমৰ হৰিবো
মায়া জানো বহুতৰ॥ ১৩১
যাইবো মায়া কৰি        বিষ্ণুৰ নগৰী
কেহো নিচিনিবে মোক।
সকল কাৰ্য্যত        আপুনি পাৰ্গত
অল্প নেদেখিবা মোক॥
তাইৰ বাণী শুনি        মাতিলন্ত মুনি
হাঁসি হাঁসি মুখ চাই।
কহ তোৰ থান        গহ এত মান
কহিয়ো মোত বুজাই॥ ১৩২
কুমৰক যাই        তই লাগ পাই
হৰিবি কোন উপায়।
মোত বিদ্যমানে        দেখায়ো আপোনে
মায়া জান কত তই॥
শুনি মুনি বাক        মায়া কৰিবাক
প্ৰথমতে ছোট ভৈল।
এড়ি ছোট মায়া        ধৰিপক্ষীকায়া
গগনে গৈয়া উঠিল॥ ১৩৩
পক্ষী কায়া এড়ি        আকাশক উড়ি
ভৈল ঘোৰ মেঘগণ।
কৰয় গৰ্জ্জন        বিদ্যুত সঘন
বৰিষয় বৰ টান॥
মেঘ ছদ্ম এৰি        অগ্নি ৰূপ ধৰি
পৃথিৱীক লাগি আইল।
যেন বৈশ্বানৰ        মহা ভয়ঙ্কৰ
গগন গৈল ঊধাইল॥ ১৩৪
পাছে চিত্ৰলেখি        তাহাৰ উপেখি
ভৈল তাই বাঘ গোট।
বাঘ পৰিহৰি         সিংহ ৰূপ ধৰি
কৰয় বৰ আস্ফোট॥
এৰি সিংহ মায়া        কুভাণ্ড তনয়া
ধৰিলন্ত সৰ্প কায়া।
সৰ্প পৰিহৰি         অতি ৰঙ্গ কৰি
ধৰিলেক নেউল মায়া॥ ১৩৫
নেউল মায়া তাই        এৰি সেহি ঠাই
বিড়ালী ভৈল বিশেষ।
মায়াৰ আকাৰ        কৰি পৰিহাৰ
ধৰিল গণক বেশ॥
কৰে পাজি ধৰি        পঢ়ে ৰঙ্গ কৰি
শুনন্তে মনত ৰঙ্গ।
গণকৰ ভাৱ         এৰি সেহি ঠাৱ
ব্ৰাহ্মণ ভৈল গৌৰাঙ্গ। . ১৩৬
পঢ়ে চাৰি বেদ        কৰি অবিচ্ছেদ
জানি স্বৰে তুলি ৰাৱ।
মূল মন্ত্ৰ জানি        ফুৰন্ত বখানি
যেন কোকিলৰ ৰাৱ॥
ব্ৰাহ্মণৰ ভাৱ        এৰি সেহি ঠাৱ
আনো জানো যত মায়া।
ঋষিৰ আগতে        দেখাইলা সমস্ত
পাছে ভৈলা নিজ কায়া॥ ১৩৭
নাৰদৰ পাৱে         নমি সেই ঠাৱে
বুলিলন্ত বৰ নাৰী।
ইসব মায়াত         গৈয়া দ্বাৰকাত
হৰিবে পাৰি নোৱাৰি॥

নাৰদৰ উত্তৰঃ

তাইৰ বাণী শুনি        মাতিলন্ত মুনি
হৰিষে দিলা উত্তৰ।
তোৰ মায়া যত        মোৰ হৃদয়ত
একো নোহে সাৰতৰ॥ ১৩৮
ইসব মায়াত        তই দ্বাৰকাত
নোৱাৰিবি হৰিবাক।
কহ সত্য বাণী        জানি কি নাজানি
হৰণলুকি মায়াক॥
হৰণলুকিতে         কুমৰ হৰিতে
পাৰিবি দ্বাৰকা যাই।
যদি নজানস        কিসক চলস
পালটি যায়ো দুনাই॥ ১৩৯
ঋষিৰ বচন         শুনি তেতিক্ষণে
চিত্ৰলেখা বোলে বাক।
আছোক জানিয়া        কৰ্ণ নউ শুনো
হৰণলুকি মায়াক॥
তোমাৰ বচন         শুনি মোৰ মন
দহয় হৃদয় ভেদি।
সখীৰ মৰণ         ভৈল উপসন
হৰি হৰি কিনো বিধি॥ ১৪০
সখীৰ আগত         কৰি আহিলো সত্য
বুলিল দৃঢ় বচন।
আউৰ কোন লাজে         সখীৰ সমাজে
হুইবো গৈয়া উপসন্ন॥
চৰণে পৰিয়া         কাকুতি কৰিয়া
তোমাক বোলো গোঁসাই।
শোণিত পুৰত        হুয়া উপগত
বাৰ্ত্তা দিবা সমুদাই॥ ১৪১
কহিবা সখীতে        কুমৰ হৰিতে
নোৱাৰিলে চিত্ৰলেখি।
সেহি অপমানে         মোৰ বিদ্যমানে
মৰিল প্ৰাণ উপেক্ষি॥
নৰ্ম্মদাৰ তীৰ         এড়িলা শৰীৰ
তোমাৰ বুজি অভাৱ।
নকৰালো সুখ        নেদেখিলো মুখ
হৰি হৰি ঊষা মাঁৱ॥ ১৪২
এহিমতে গুণি        কাষ্ঠচয় আনি
অগনি জ্বালিলা তাই।
অগনি উঠিল        গগন ব্যাপিল
দেৱ ঋষি আছে চাই॥
শিৱৰ চৰণে         নমি চিত্ৰা মনে
মৰিবাক ভৈলা সাজ।
তিৰীৰ সাহস        জানো কৰে জাস
হাক দিলা মুনিৰাজ॥ ১৪৩
নমৰিবি তই         মায়া কহোঁ মই
শুনিয়ো মোৰ বচন।
ভাদ্ৰৰ মাসত        দুভাগ নিশাত
লাগিব চন্দ্ৰ গ্ৰহণ॥
ওবা চিত্ৰলেখি        খঞ্জৰিত পক্ষী
আকাশে যাইবেক উড়ি।
তেতিয়া ধৰিয়া        পটাত বাটিয়া
সাজিবি তাহাৰ বড়ি॥ ১৪৪
কৰত দ্বাৰ্দ্দিয়া        গুৰু সমৰিয়া
কপালত দিবি ফোট।
অতি ক্ষু্দ্ৰতৰ        কায় কলেৱৰ
হুইবি মধুকৰী গোট॥
যাইবি নিশা কালে        কুন্দ্ৰাক্ষৰ জালে
পশিবি গৃহৰ ভিতৰ।
কুমৰক পাইবি         তিলক পিন্ধাইবি
কুমৰ হুইব ভ্ৰমৰ॥ ১৪৫
পিঠি ভাগে লৈয়া         উড়াৱ কৰিয়া
কুন্দ্ৰাক্ষ জালে বজায়া।
ৰথত চৰিয়া         ফোধ মলচিয়া
পাছে হুইবি নিজ কায়া॥
তোত সমুদায়         কহিলো উপায়
হৰণলুকি মায়াক।
ইহি মায়া বাজে        নযাইবি সি ৰাজ্যে
পালটি ডকা ৰথক॥ ১৪৬
দুৰ্ভাগ্য বশত         ভাদ্ৰৰ মাসত
চন্দ্ৰ গ্ৰহণৰ কাল।
পক্ষীক বিচাৰি         নপাইলে সুন্দৰী
সকল হুইবে নিষ্ফল॥

চিত্ৰলেখাৰ মায়া প্ৰদৰ্শনঃ

পদ

নাৰদৰ বচন শুনিলা সোহি থান।
মহাৰঙ্গে চিত্ৰলেখা দিলা সমিধান॥
দেখিয়োক গুৰু মোৰ মায়াৰ প্ৰভাৱ।
হৰণলুকিৰ ব্স্তু সাজোঁ এহি ঠাৱ॥ ১৪৭
চিত্ৰলেকা ঈশ্বৰক প্ৰণামিলা মনে।
বিপৰীত মায়া কৰিলন্ত তেতিক্ষণে॥
বৈশাখ, জেষ্ঠ, আষাঢ়, শাওন বহি গৈল।
দণ্ডেকৰ ভিতৰত ভাদ্ৰ আসি ভৈল॥ ১৪৮
দুভাগ নিশাত চন্দ্ৰ আছন্ত প্ৰকাশি।
লাগিল গ্ৰহণ ৰাহু গ্ৰাসিলেক আসি॥
সেহি বেলা উৰি যাই খঞ্জৰিত পক্ষী।
তাক জাম্প দিয়া ধৰিলেক চিত্ৰলেখি॥ ১৪৯
পটাত পিসিয়া বড়ি সাজিলেক তাই।
মনত বিস্ময়ে ঋষিৰাজে আছে চাই॥
কৰত মৰ্দ্দিয়া কপালত দিয়া ফোঁট।
তেতিক্ষণে ভৈল তাই মধুকৰী গোট॥ ১৫০
উড়াৱ কৰিয়া তাই কতো দূৰে গৈল।
নাৰদৰ আগে আসি উত্পন্ন ভৈল॥
ফোঁট মলচিয়া তাই নিজ ৰূপ ধৰি।
নাৰদৰ চৰণত নমস্কাৰ কৰি॥ ১৫১
তোমাৰ প্ৰসাদে গুৰু সাধো সবে কায।
নিৰ্ভয়ে চলোহো গোবিন্দৰ নিজ ৰাজ॥
এহি বুলি চিত্ৰলেখা ৰথে চড়ি যাই।
ডাকিলেক ৰথ গৈল আকাশে উড়াই॥ ১৫২

নাৰদৰ বাতৰিঃ

নাৰদো গৈলন্ত পাছে শীঘ্ৰ বেগ কৰি।
তাইতো আগে পাইল গৈয়া দ্বাৰকা নগৰী॥
কৃষ্ণৰ আগত গৈয়া ভৈল উপসন্ন।
পাদ্য অৰ্ঘে কৃষ্ণে তান নমিলা চৰণ॥ ১৫৩
কৰ যোৰ কৰি পুছিলন্ত কাজ।
কহিয়োক মুনিৰাজ সাধো কোন কাজ॥
নাৰদ বদতি প্ৰভু এক বাৰ্ত্তা পাইলো।
সেহি কথা কহিবাক তযু পাশে আইলো॥ ১৫৪
তোমাৰ ঘৰত চোৰ পশিবেক ৰাতি।
আন কিছু নহৰিবে হৰিবেক নাতি॥
অনিৰুদ্ধ কুমৰক নিব চুৰি কৰি।
যথা তথা প্ৰকাৰে ৰাখিয়ো দেৱ হৰি॥ ১৫৫
এহি কথা কহি চলি গৈলা মুনিৰাজ।
উসমিস লাগি গৈলা কৃষ্ণৰ সমাজ॥

অনিৰুদ্ধৰ সুৰক্ষাঃ

প্ৰৱন্দে সজাইলা প্ৰভু লৌহময় ঘৰ।
কুমৰক থৈল নিয়া তাহাৰ ভিতৰ। ১৫৬
উৰ্দ্ধে অধে একোভিতি নাথাকে উশাস।
কুন্দ্ৰাক্ষৰ জালে বজাই উশাহ নিশাস॥
বৰ বৰ বীৰগণ দিলন্ত প্ৰহৰী।
সজাগৰে থাকে, সবে অস্ত্ৰ-শস্ত্ৰ ধৰি॥ ১৫৭
পূৰ্ব্ব দিকে হনুমন্ত বীৰ আছে ৰাখি।
পশ্চিমত ৰাখন্ত গৰুড় মহাপক্ষী॥
দক্ষিণত বলভদ্ৰ উত্তৰত সাম।
চৌদিকে ৰাখন্ত হৰি নাহিকে বিশ্ৰাম॥ ১৫৮

চিত্ৰলেখাৰ কুমৰ হৰণঃ

এহিমতে কুমৰক সবে আছে দেখি।
সন্ধ্যাকালে সেহি ৰাজ্য পাইলা চিত্ৰলেখি॥
আকাশত নিয়া তাই ৰখাইলেক ৰথ।
দ্বাৰকা নগৰে ৰঙ্গে চাহিলা সমস্ত॥ ১৫৯
স্বৰ্গতো অধিক দশগুণে প্ৰকাশয়।
নগৰ চাহন্তে চক্ষু চমক লাগয়॥
হংস চক্ৰবাক কঙ্ক সড়াপি চৰাই।
নানাবিধ ৰঙ্গ দেখিলেক ঠাই ঠাই॥ ১৬০
চিত্ৰলেখা ৰথ খান ৰকাইল তহিতে।
নাৰদক সুমৰিয়া বড়ি লৈলা হাতে॥
কৰত মৰ্দ্দিয়া কপালত দিলে ফোঁট।
তেতিক্ষণে ভৈল তাই মধুকৰী গোট॥ ১৬১
উড়াব কৰিয়া পড়িলেক সেহি ঘৰে।
কুন্দ্ৰাক্ষৰ জালে তাই পশিল ভিতৰে॥
অনিৰুদ্ধ কুমৰক দেখিলে সুন্দৰী।
ৰত্নময় শয্যাত আছন্ত নিদ্ৰ কৰি॥ ১৬২
ফোঁট মলচিয়া তাই নিজ ৰূপ ভৈল।
মহাৰঙ্গ মনে কুমৰৰ পাশে গৈল। .
ধীৰে ধীৰে চিত্ৰলেখা লগাইলেক মাত।
জাগা জাগা প্ৰভু বুলি পাৱে দিলা হাত॥ ১৬৩
অনন্তৰে অনিৰুদ্ধে লভিলা চেতন।
জাগি দেখিলেক চিত্ৰলেখাৰ বদন॥
পূৰ্ণিমাৰ শশী সম বদন প্ৰকাশে।
মদনে পীড়িত হুয়া চাপিলেক পাশে॥ ১৬৪
আসা আসা প্ৰাণেশ্বৰী চিন্তো মনে মই।
ঘোৰ কামানলে মোৰ শৰীৰ দহয়॥
মৃণাল সদৃশ ভুজে আলিঙ্গিয়ো মোক।
অধৰ অমৃতে কামানল যুড়ায়োক॥ ১৬৫
কৰজোৰে চিত্ৰলেখা দিনা সমিধান।
ৰতি উপযোগ্য প্ৰভু নোহে ইটো থান॥
ইঠাৱত প্ৰভু যদি দেখয় আমাক।
তুমি লঘু হুইবা মোৰো যাইব কাণ নাক॥ ১৬৬
ইঠাৱত প্ৰভু মই কৃষ্ণক ডৰাওঁ।
যদি দয়া আছে আসা দূৰক পলাওঁ॥
কুমৰ বোলয় ওৰা শুনিয়ো যুৱতি।
পলাইবাৰ মোৰ আৰ নাহিকে শকতি॥ ১৬৭
চুতুৰ্ভিতি ৰক্ষা কৰি আচে সৰ্ব্বলোক।
কেনমতে পলাইবোহো কথা কহ মোক॥
চিত্ৰলেখা বোলে প্ৰভু মোহোৰ সঙ্গতে।
যেনমতে আসি আছো নিবো সেহিমতে॥ ১৬৮
ভয় নকৰিবা প্ৰভু থাকিয়োক চায়া।
কেহো নেদেখিবে হেন কৰিবোহো মায়া॥
কুমৰে বোলয় বিলম্বত নাহি কাজ।
আথে বেথে সুন্দৰি গৃহৰ কৰা বাজ॥ ১৬৯
যথাকে তোমাৰ মন নিয়ো সেহি থান।
তোত পৰে মোহৰ সুহৃদ নাহি আন॥
হেন শুনি চিত্ৰলেখা ভৈল ৰঙ্গ মন।
কৰত ঔষধি লৈয়া মৰ্দ্দিলা তেখন॥ ১৭০
দুইৰো কপালত ফোট দিলা ৰঙ্গ কৰি।
তেতিক্ষণে ভৈলা দুয়ো ভ্ৰমৰ ভ্ৰমৰী॥
পিঠিভাগে তাই কুমৰক তুলি লৈলা।
কুন্দ্ৰাক্ষৰ জালে দুয়ো বাজ হুয়া গৈলা॥ ১৭১
উৰ্দ্ধমুখ কৰি উড়িলেক ৰথখান।
গগনে উঠিল যেন দেৱৰ বিমান॥
চিত্ৰলেখা গোবিন্দক লগাইলেক মাত।
প্ৰণামো চৰণে যদুপতি জগন্নাত॥ ১৭৩
তোমাৰ নাতিক হৰি নিয়ে চিত্ৰলেখি।
শূন্য গৃহ খান আবে থাকিয়োক ৰাখি॥
ততাপিতো চিন্তা নকৰিবা চক্ৰপাণি।
বিহা কৰাই তোমাৰ নাতিক দিবো আনি॥ ১৭৪
এহি বুলি চিত্ৰলেখা ৰথে উড়ি যাই।
থাকিলেক ৰথ গৈলা আকাশে উড়াই॥
দ্বাৰকা নগৰে লাগিলেক উসমিস।
কোনে নিলে নাতি একো নাপাইল উদিশ॥ ১৭৫
হাঁহাঁকাৰ কৰে সবে দ্বাৰকাৰ লোকে।
কামদেৱে বিলাপ কৰন্ত পুত্ৰ শোকে॥
গোবিন্দ বোলন্ত সবে এৰা মন কষ্ট।
মোহোৰ নাতিৰ একো থানে নাহি কষ্ট॥ ১৭৬
ৰূপে গুণে বলে বীৰ্য্যে মোহৰ সমান।
কোনে কি কৰিব পাৰে নিয়োক যথাস্থান॥
ভূত ভবিষ্যত প্ৰভু জানন্তা সকলে।
শোক দুখঃ সবাৰো গুচাইলা বাক্য বলে॥ ১৭৭
কৃষ্ণৰ বচনে শোক এৰিলন্ত মনে।
বিষাদ নকৰি থাকিলন্ত সৰ্ব্বজনে॥
যেবে চিত্ৰলেখা কুমৰক লৈয়া যাই।
বুলিলন্ত অনিৰুদ্ধে তাইৰ মুখ চাই॥ ১৭৮
সত্বৰে সুন্দৰি মোক দিবা আলিঙ্গন।
তোমাৰ অন্তৰে মোক দহয় মদন॥
এহি বুলি অনিৰুদ্ধে চাপিলন্ত পাশে।
কৰযোড়ে বোলে তাই মনত তৰাসে॥ ১৭৯
সেৱকিনী বুলি তুমি জানিয়োক মোক।
খুদ খাই নষ্ট কৰা অমৃতৰ ভোগ॥
ঊষা নামে সখী আছে তযু প্ৰিয়া নাৰী।
সৰ্ব্বাঙ্গ সুন্দৰী তেহোঁ মই কোন চাৰী॥ ১৮০
দণ্ডী কৰি সখী যাতো পাঠাইল আমাক।
সিকাৰণে আইলো প্ৰভু তোমাক নিবাক॥
একে সমন্ধত সখা আৰু মই দাসী।
মোহোৰ পাশক প্ৰভু তুমি কেনে আসি॥ ১৮১
আপুনি পণ্ডিত তুমি পূৰ্ব্বাপৰ জানি।
ক্ষমা কৰিয়োক প্ৰভু শাস্ত্ৰৰ কাহিনী॥
দীসী বধু জীউ সখী শৰণীয়া নাৰী।
ৰাজ ভাৰ্য্য গুৰুপত্নী চণ্ডালী কুমাৰী॥ ১৮২
আসম্বাক চুইলে মাতৃ গমনৰ পাপ।
হেন জানি মোক ক্ষমা কৰিয়োক বাপ॥
গুৱামালী পিন্ধে কোনে মালতীক পাই।
অমৃতক এৰি কোনে খাৰ পানী খাই॥ ১৮৩
তোমাৰ আগত প্ৰভু মই গাওঁ গীত।
তাক শুনি প্ৰভু তুমি ধৰিয়োক চিত॥
ৰাগ গীত জানিবাহা সংসাৰতে সাৰ।
জানিবা জানিবা তাক কৰিয়া বিচাৰ॥ ১৮৪
এই বুলি চিত্ৰলেখা যুড়িলেক ৰাগ।
অতি সুললিত কৰি গাৱে ভাগে ভাগ॥
তাৰ ঘোৰ মন্ত্ৰ আদি গাৱে বহু ভাৱ।
মনক মোহয় যেন কোকিলৰ ৰাৱ॥ ১৮৫
মালৱতী ৰাগ মালৈ কৰোক কৰ্ণাড়।
কৰ্ণাট সুৱাগ সুহাই মালৱী মল্লাড়॥
ললিত বিভাগ মঞ্জু ভৈৰবী মল্লাড়ী।
ৰামকিৰী ধনশিৰী ভুপালী বৰাড়ী। ১৮৬
ভাৰবী মঞ্জুৰী যোগন্ধাৰ ক্ৰৌঞ্চকিৰী।
মহানাট গৌৰীখট কেদাৰ হাঙ্গিৰী॥
মাধৱী বসন্ত দেৱকিৰী ইন্দ্ৰকিৰী।
হিন্দোলা হিন্দোলী হাৰা আকাশ গুঞ্জৰী॥ ১৮৭
কুমৰক যুড়ি তাই গাৱে নানা গীত।
তাক শুনি কুমৰৰ পালটিল চিত॥
কামিনীক পিঠি দিয়া আছে গীত শুনি।
ধ্যান কৰি আছে যেন মহা সিদ্ধ মুনি॥ ১৮৮

চিত্ৰলেখা আৰু কুমৰৰ শোণিতপুৰত প্ৰবেশঃ

একভিতি কৰি চিত্ৰলেখা গীত গাৱে।
বায়ুতো অধিক কৰি ৰথক ডকাৱে॥
বাণ নৃপতিৰ ৰাজ্য গৈয়া যেবে পাইল।
সেই সময়ত গৈয়া ৰজনী পুহাইল॥ ১৮৯
অগনিৰ গঢ় গোট দেখিল কুমৰ।
চতুঃপাশে বেঢ়ি আছে গঢ় ভয়ঙ্কৰ॥
সাত প্ৰহৰেক লাগি জ্বলন্ত প্ৰশস্তে।
আৰ শিখা গঢ় তিনি প্ৰহৰৰ পথে॥ ১৯০
কুমৰে বোলয় ওবা শুনিয়ো সুন্দৰি।
ইটো অগ্নি লঙ্ঘি তুমি যাইবা কেন কৰি॥
কোঠেৰ অগনি ইটো জানি বা নাজানি।
হেন শুনি চিত্ৰলেখা বুলিলেক বাণী॥ ১৯১
এহিতো জানিবা বাণ নৃপতিৰ দেশ।
তেজপুৰ নাম ইটো নগৰ বিশেষ॥
তোমাক নিবোহো এহি নগৰ ভিতৰ।
চাহি থাকা প্ৰভু তুমি নকৰিবা ডৰ॥ ১৯২
উৰ্দ্ধমুখ কৰি তাই ৰথক ডকাইল।
অগ্নি গঢ় চড়াই গৈয়া শিখা গঢ় পাইল॥
শিখা গঢ় চড়াই ৰথ যাই ধীৰে ধীৰে।
অলক্ষিতে প্ৰবেশিলা ঊষাৰ মন্দিৰে॥ ১৯৩

ঊষা-অনিৰুদ্ধৰ দেখাদেখি আৰু গান্ধৰ্ব্ব বিবাহঃ

ৰথৰ নামিয়া দুয়ো ভূমি পাৱ হুয়া।
ঊষাৰ পাশক গৈলা কুমৰক লৈয়া॥
চিন্তা কৰি ঊষা বসি আছে একেশ্বৰে।
দূৰতে দেখিলে সখী আনিলা কুমৰে॥ ১৯৪
আথে বেথে গাৱ চালি ঊষা ভৈলা থিউ।
পুনৰপি আইল যেন মৃতকৰ জীউ॥
অনিৰুদ্ধে দেখিলেক ঊষাৰ বদন।
যি কহিলা চিত্ৰলেখি সফল বচন॥ ১৯৫
ভৰি চাৰি পাঞ্চ আগ বাঢ়ি মৃদু ভাৱে।
আনন্দে বসিলা ঊষা শঙ্কিত স্বভাৱে॥
প্ৰথম লজ্জাত থাকি ঊষাও নাসিল।
সেহি থানে থাকি জানুশিৰে প্ৰণামিল॥ ১৯৬
চিত্ৰলেখা বোলে দুইৰো বুজিলো আশয়।
আগ বাঢ়ি আসা দুয়ো দশ দশ পাৱ॥
সখীৰ বচনে দুয়ো এৰিলন্ত মান।
আগ বাঢ়ি ৰঙ্গে আসি ভৈল এক থান॥ ১৯৭
কেশে কেশে ধৰি অভিষেকিলন্ত জলে।
লগ্নগাণ্ঠি বান্ধিলন্ত আঞ্চলে আঞ্চলে॥
দুইৰো হাতে দুইকো নিয়া দিয়াইলা তাম্বুল।
লগ্নগাণ্ঠি পিন্ধাই দুইকো দিয়াইলেক ফুল॥ ১৯৮
দুইহানো মাতাত নিয়া দূৰ্ব্বাক্ষত দিল।
সশস্য প্ৰদীপ ধৰি আগবাঢ়ি নিল॥
ৰত্নময় গৃহে নিয়া কৰাই প্ৰবেশ।
দূৰ ভৈল ঊষাৰ যতেক মন ক্লেশ। . ১৯৯
সুবৰ্ণ আসনে বসিলন্ত একথানে।
তিনি জন বাঝে তাক নজানয় আনে॥

ঊষা-অনিৰুদ্ধৰ ভোজনঃ

চিত্ৰলেখা সমাপিয়া বিবাহৰ কাজ।
পাছে সজাইলেক তাই ভোজনৰ সাজ॥ ২০০
ভাল কৰি চিত্ৰলেখা ৰান্ধিলা তেখন।
নানাভাৱে সিজাইলেক পঞ্চাশ ব্যঞ্জন॥
বহুবিধ সংযোগে সাজিল পৰমান্ন।
পিষ্টক সাজিল তাই নানাবিধ ঠান॥ ২০১
মগুৰ ডালিত ঘৃত চিনি চূড়া দিল।
আতি ভাল কৰি তাক মসূৰে ৰঞ্জিল॥
আদা লোণ যনী জীৰা মৰীচক দিল।
ভাজিলে খাসীৰ মাংস বাখৰে ৰঞ্জিল॥ ২০২
পাৰাৱত আনি তাই কৰিলেক জলা।
কচ্ছপৰ মাংসত দিলেক বৰকলা॥
হৰিণৰ মাংস সমে হিঙ্গৰ ফোটন।
ৰম্ভামূলে বৰাহৰ মাংস বিতোপন॥ ২০৩
চিত্ৰফণী চিত্ৰলেখা দিলেক কৰ্পূৰ।
বড়ালিৰ ঘাণ্টি লাড়ি মত্স্যত মসূৰ॥
বচে বচে বেসুৱাৰি শৌলে মূলে সঙ্গ।
ডৰিকে বেঙ্গনে আৰি মাছত পালঙ্গ॥ ২০৪
কাঠিঅৰা কৰে তাই ইলিহ কান্দোল।
জামীৰ শোলঙ্গ দিয়া লফাৰ আমোল॥
ঘৃতৰ তেলনী দিয়া মৌয়ে সমে ঝোল।
আছোক ভুঞ্জিবে তাক গন্ধতে আমোল॥ ২০৫
বদৰী ৰসত চিনি অণ্ড মিশলাইল।
পকা তেন্তেলিত গুড় ৰস আনি দিল। .
পঞ্চাশ ব্যঞ্জন সাজিলেক অন্ন পাল।
পৱিত্ৰ কৰিলা পাছে ভোজনৰ থাল॥ ২০৬
সুবৰ্ণৰ দুই পাত্ৰ পৃথকে বিচাইল।
কুমৰ কুমাৰী দুইকো ভুঞ্জিবে বৈসাইল॥
আছন্ত কৰিয়া পাছে দুয়ো ভৈল শুদ্ধ।
সুমৰিলা জনাৰ্দ্দন ঊষা অনিৰুদ্ধ॥ ২০৭
ভুঞ্জিবাক বসিয়া সোধয় আদিমূল।
মই অন্ন ভুঞ্জিবো তোমাৰ কিবা কুল॥
কৰজোড়ে চিত্ৰলেখা বলিলা বচন।
কন্যাক বিহাইলা কেনে নুভুঞিজিবা অন্ন॥ ২০৮
প্ৰথমে দেৱক অন্ন দিলা ভাগে ভাগে।
কৰ্পুৰ লৱণ ঘৃত ভুঞ্জিলন্ত আগে॥
পঞ্চাশ ব্যঞ্জন নানাভাৱে পৰশন্ত।
চিত্ৰলেখা নটী য়েন নাচন্তে আছন্ত॥ ২০৯
মহিষস দধি দিলা আৰু মধুৰস।
বহুবিধ ঘন ক্ষীৰ আমোদ বিশেষ॥
ভোজনৰ হন্তে দুয়ো আচান্ত ভৈলন্ত
কৰ্পূৰ তাম্বুল ভুঞিজি শয্যাক গৈলন্ত॥ ২১০

ঊষা-অনিৰুদ্ধৰ মিলনঃ

ৰত্নময় শয্যাত বসিলা দুয়োজন।
চিকিমিকি কৰে যেন ৰবিৰ কিৰণ॥
সুৱৰ্ণ খাটত হংস তুলি আছে পাৰি।
শুক্লময় চন্দ্ৰতাপ উৰ্দ্ধে আচে আৰি॥ ২১১
শুকুল চামৰে আসি বিঞ্চে দাসীগণে।
মুকুতা মুৰালি থোপা হালয় সঘনে॥
ঘৃতৰ প্ৰদীপ তাত জ্বলে শাৰী শাৰী।
আগৰ ধূপৰ গন্ধে শোভয় ওৱাৰি॥ ২১২
দেৱনা মৰুৱা বক মালতী মধাই।
শিৰীষ সেউতী নাগেশ্বৰ যথী জাই॥
গুলাল কেতেকী গন্ধে শয্যাখান শোভে।
গুঞ্জৰে ভ্ৰমৰ মধুকৰী মধু লোভে॥ ২১৩
ঊষায়ে সহিতে তাতে বসিল কুমৰ।
স্বৰ্গত যেহেন শচী সমে পুৰন্দৰ॥
ভুঞ্জি পাচে চিত্ৰলেখা আসি সেই থান।
কৰযোৰে দুইৰো আগে বুলিলা বচন॥ ২১৪
যেতিক্ষণে প্ৰভু তুমি যাহা নিজ ৰাজ্য।
মোকো লগে নিবা নকৰিবা পৰিহাৰ্য॥
দাসীভাৱে মই দুইৰো সেবিবো চৰণ।
তুমি এৰি গৈলে মোৰ হুইবেক মৰণ॥ ২১৫
অনিৰুদ্ধে বোলে শুনিয়োক বৰনাৰী।
তোমাৰ ঋণক মই শুজিবে নপাৰি॥
সত্যে সত্যে নিয়ে যাইবো দ্বাৰকা নগৰী॥ ২১৬
গদ নামে আছন্ত আমাৰ খুড়া ভাই।
ৰূপে গুণে বলে বীৰ্য্যে তাৰ সম নাই॥
আজি ধৰি সমন্ধিতা ভৈলাহা আমাৰ।
তাহাঙ্কে তোমাক বিহা কৰাইবোহো সাৰ॥ ২১৭
হেন শুনি চিত্ৰলেখা বৰ ৰঙ্গ মনে।
শয়ন কৰিবে গৈলা পৃথক আসনে॥
ঊষা অনিৰুদ্ধ থাকিলন্ত সেই থানে।
ভৈল ঘোৰ নিশা আসি সন্ধ্যা অৱসানে॥ ২১৮
অনন্তৰে ৰতি ৰস মিলিলা দোহাৰ।
কৈল মনোৰথ সিদ্ধি ষোড়ক শৃঙ্গাৰ॥
বৃষাৰূঢ় আদি কৰি বন্ধ যত যত।
ভাৱে ভাৱে অনিৰুদ্ধে কৰিল ৱেকত॥ ২১৯
নখে ক্ষত বহুতব স্তনত কৰিল।
দুইকো দুই আঙ্কোৱালি বাহুৱে ধৰিল॥
আউল আউল কেশ ছিণ্ডে হেমহাৰ।
কটিৰ মেখলা খসি পঢ়িল ঊষাৰ॥ ২২০
বহুভাৱে দুইকো দুই পুৰিলন্ত মন।
ঘৰ্ম্মজলে তিতিলেক দুহানো বদন॥
সিদ্ধি ভৈলা মনোৰথ পুৰিলন্ত আশ।
পুহাইল ৰজনী ভৈল ৰবিৰ প্ৰকাশ॥ ২২১
স্নান পান ভোজন কৰিয়া পূৰ্ব্বৱতে।
আঠ দিন এহিমতে গৈল অলক্ষিতে॥
ৰতিৰসে আনন্দতে আঠ দিন গৈল।
শুনিয়োক তাত পাছে যেন কথা বৈল॥ ২২২

কুঁজীৰ গোচৰঃ

দুলড়ী

কৈক লাগি আইলে দুই চক্ষু খাইলে
মিছাতে প্ৰাণ সুজাইলে।
সাগৰৰ জলে নাৱক বুড়াইলে
অল্পতে ঘাড় কটাইলে॥
তোহোৰ যে সাস বাঘক জোঙ্কাস
জানিয়া গৰল খাস।
পলাইবে নাপাস এবে ভৈলি নাশ
ঝান্টে গাৱ তুলি আস॥ ২২৩
তোহোৰ পৰাণে আসিলি ইথানে
দুঃখ পাইবে অবিকলে।
চাহা গুণি মনে উঠি এতিক্ষণে
কেশে নউ ধৰো ভালে॥
এড়িয়া নযাইবো গলত ধৰিবো
চোৰ বুলি নিয়া দিবো।
হাতক বান্ধিবো চুলত ধৰিবো
চোৰ বুলি নিয়া দিবো॥ ২২৪
ঊষায়ে শুনিয়া মাতন্ত খঙ্গিয়া
নমাত কুঁজী গৰ্ব্বিয়া।
চুল ধৰিয়া গালত মাৰিয়া
খেদাইবো বাজ কৰিয়া॥
ঊষাৰ বচনে ক্ৰোধ কৰি মনে
গৃহৰ বাহিৰে ভৈল।
কোপে অপমানে বাতুল গিয়ানে
ৰাজাত জনাইবে গৈল। . ২২৫
হৰিত ভকতি হোক শুদ্ধমতি
ভাগৱতে কৰা ৰতি।
শ্ৰীচন্দ্ৰ ভাৰতী পদ নিগদতি
কৃষ্ণৰ চৰণে গতি॥

পদ

এহিমতে খঙ্গি যেবে কুঁজী চলি যাই।
মধুমতী পটেশ্বৰী আছে যিবা ঠাই॥
আগবাঢ়ি কুঁজীয়ে যুড়িলা দুই হাত।
আই পটেশ্বৰী বুলি নমিলেক মাথ॥ ২২৬
ঊষাৰ লগত তুমি থৈলাহা আমাক।
একোকালে ঊষা নুশুনয় হাক ডাক॥
এক শয্যা মাজে দুয়ো বসে মন ৰঙ্গে।
বাধিবে নোৱাৰি আমি ভৈলো বৰ খঙ্গে॥ ২২৭
মোহোৰ বচন নুশুনয় হাক ডাক।
বিস্তৰ বোলন্তে বোলে কাট এইৰ নাক॥
প্ৰত্যয় নযাসা যেবে চাহিয়োক যাই।
হেন জানি কৰিয়োক যেহেন যুবাই॥ ২২৮
তোমাক জনাইলো মই জনাইবো ৰাজাক।
যেনে তেনে ৰাখো মই আপোনাৰ নাক॥
হেন শুনি পটেশ্বৰী কুঁজী হাতে ধৰি॥
মাতন্ত ঊষাৰ অৰ্থে কাউ-বাউ কৰি॥ ২২৯
এতিক্ষণে নৃপতিত নজনাইবি তই।
আপুনিয়ে বুলি মাতি ৰাখিবোহোঁ মই॥
প্ৰসাদক দিয়ে যে কুঁজীক কৰি মান।
আনি দিলা শঙ্খ আৰু পাট পৰিধান॥ ২৩০
প্ৰসাদক পায়া কুঁজী ৰঙ্গ মন ভৈল।
ৰক্ষাশালে যাও বুলি বাহিৰক গৈল॥

কুঁজী-গণক সাক্ষাতঃ

মহা ৰঙ্গে গুণি গান্থি কুঁজী চলি যাই।
পথত যাহন্তে গণকক লগ পাই॥ ২৩১
গণকক বোলে দিন চাহিয়ো সকাল।
গণি পড়ি চাহা মোৰ কোন দিন ভাল॥
গণকে বোলয় মই ভাবি মনে চাওঁ।
পটেশ্বৰী হৈবা হেন গণি পঢ়ি পাওঁ॥ ২৩২
ৰাজাৰ আগক গৈলে পাহৰি সতকাৰ।
পাছে সুমৰিবা এই বচন আমাৰ॥
সভা মাজে বসি আছে বান নৃপবৰ।
এহি শুভক্ষণে তই চলহ সত্বৰ॥ ২৩৩
গণকৰ হেন বাণী শুনিলেক তাই॥
ৰাজাৰ আগক মহা ৰঙ্গে চলি যাই॥

কুঁজি-নাপিত সাক্ষাতঃ

কত দূৰ যান্তে নাপিতক লাগ পাইল।
হাত বাউল দিয়া তাঙ্ক সমীপে মাতিল॥ ২৩৪
আসিল নাপিত হাতে আছয় দাপো।
দেখি কুঁজী খোজে তাক অতি ৰঙ্গে মন॥
ৰাজাৰ পাশক যাওঁ দিয়োক দাপোণ।
মুখ খান চাই লওঁ কেনুৱা শোভন॥ ২৩৫
নাপিতে বোলয় মুখ ভালে আছে কুঁজী।
দেখিলে নৃপতি বহু আদৰিবে আজি॥
নাপিতে কুঁজীৰ হাতে দিলেক দাপোণ।
দান্ত নিকটাই তাই চাহাৱে বদন॥ ২৩৬
ইটা-ঝাঁৱ দিয়া নোশোন্ধালি কি কাৰণ।
দাপোণৰ দোষে মুখ দেখো কুলক্ষণ॥
নাপিতে বোলয় মুখ তোৰ ভাল আছে।
বেয়া দেখ দাপোণৰ দোষে জান সাঁছে॥ ২৩৭
নাপিতৰ বাক্যে কুঁজী উত্ৰাৱল কায়।
লচপচ কৰি ৰাজসভা পাইল যাই॥

ঊষাৰ বিৰুদ্ধে কুঁজীৰ গোচৰঃ

বহুত সমাজে ৰাজা আছন্ত সহজে।
দেৱতা সহিতে যেন ইন্দ্ৰ স্বৰ্গ মাজে॥ ২৩৮
আগবাঢ়ি কুঁজী গৈয়া কৰি যোৰহাত।
প্ৰভু মহাৰাজ বুলি নমিলেক মাথ॥
ঊষাৰ লগত তুমি থৈলাহা আমাক।
একো কালে তাই নুশুনয় হাক ডাক॥ ২৩৯
তোমাৰ আগত কহিবাক লাগে লাজ।
কৈৰবা পুৰুষ আনি আছে ঘৰ মাজ॥
আমাৰ বচন একো নুশুনয় তাই॥
হেন জানি কৰিয়োক যেহেন যুৱাই॥ ২৪০
পুনৰপি আগবাঢ়ি কুঁজী বোলে বাক।
খঙ্গে ৰাজা বোলে এইৰ কাট কাণ নাক॥
ৰাজাৰ বচন শুনিলেক কটোৱালে।
ধৰি নাক কাণ কাটিলেক সেহি তালে॥ ২৪১
ঢঙ্কা মাৰি সভাৰ খেদাইল বাজ কৰি।
নাপিতে বোলয় তুমি ভৈলা পটেশ্বৰী॥
গণকে বোলয় দিন গণিলো সকল।
ৰাহু গোট নগণিলো তাৰ এহি ফল॥ ২৪২
যিহোক সিহোক আবে তোৰ গৈল নাক।
ধূলি মাটি দিয়া এভো ৰুধিৰক ঢাক॥

অগ্নিগড়লৈ বাণৰ দশ পুত্ৰ প্ৰেৰণঃ

বৰ কষ্টে ৰাজা দশ তনয়ক আনি।
সমাজত নৃপতি বুলিলা হেন বাণী॥ ২৪৩
ঊষাৰ পাশক লাগি চলি যায়ো ভাই।
কিবা মিছা সঞ্চা কহিয়াছে কুঁজী তাই॥
ৰাজাৰ আদেশ শুনিলেক দশ ভাই।
বায়ু বেগে গৈয়া ঊষা কুমাৰীৰ ঠাই॥ ২৪৪
কৈৰ চোৰ বুলি খেদি যাই দশো খঙ্গে।
ঊষা অনিৰুদ্ধক দেখিলে এক সঙ্গে॥
অৰে অৰে চোৰ তোৰ গহ এতমান।
লোহাৰ বান্ধিয়া ঘাড় আসিলি ইথান॥ ২৪৫
কোপিত সিংহক তই লগাৱস মাত।
আশীবিষ সৰ্পৰ গাৱত দেস হাত॥
পিঠি হাতে বান্ধি নিবো ৰাজাৰ আদেশে।
ঝাণ্ট গাৱ চাল তোৰ নতু ধৰো কেশে॥ ২৪৬

অনিৰুদ্ধৰ প্ৰতুত্তৰঃ

তাসম্বাক সম্বুধি মাতন্ত অনিৰুদ্ধ।
শুনা শুনা দশ ভাই নকৰিবা ক্ৰোধ॥
তোমাৰ বাহিনী ঊষা আনিলে আমাক।
আঠ দিন মাত্ৰ ভৈল বিহাইলো ইহাক॥ ২৪৭
গোবিন্ধৰ নাতি কামদেৱৰ তনয়।
মোৰ নাম অনিৰুদ্ধ লোৱা পৰিচয়॥
ভৈলো আমি কুটুম্বিত নকৰিবা কষ্ট।
যদি ক্ৰোধ কৰা আপুনি হুইবে নষ্ট॥ ২৪৮

অগ্নিগড়ত অনিৰুদ্ধঃ

হেন শুনি ক্ৰোধে মাতিলেক দশ ভাই।
কাতৰ কৰিলে তোক এৰণ নযাই॥
কেহো বোলে মাৰ মাৰ কেহো বোলে ধৰ।
হাতে গলে বান্ধিয়া গৃহ বাজ কৰি॥ ২৪৯
চৱৰ চাপৰ মাৰি তিৰী চোৰ ধৰি।
ইহাক দণ্ডিলে লোক বুলিবেক হৰি॥
ধৰ মাৰ বুলিয়া চাপিল সন্নিহিত।
দেখিয়া কুমৰ অতি ভৈলা প্ৰকুপিত॥ ২৫০
উঠিলেক অনিৰুদ্ধ শয্যাখান ছাৰি।
বায়ু বেগে স্তম্ভ গোট লৈলন্ত উভাৰি॥
দীঘল ডাঙ্গৰ স্তম্ভ দেখি অনিৰ্ব্বাৰ।
কৰে দণ্ড ধৰি যেন যমে দিল ধাৰ॥ ২৫১
গৃহৰ বাহিৰ হুয়া দিলে স্তম্ভ পাক।
লক্ষিবে নোৱাৰি যেন কুমাৰৰ চাক॥
আইস বুলি তাসম্বাক শীঘ্ৰে দিলা ৰাৱ।
সিংহক ভতৰ্চস আসি সৃগালৰ ছাৱ॥ ২৫২
দশ কোৱে দশকে মাৰিলা মহাবীৰ।
পুনৰপি পশিলন্ত ঊষাৰ মন্দিৰ॥
অনিৰুদ্ধ বদতি শুনিয়োক বৰনাৰী।
বৰ দোষ কৰিলো তোমাৰ ভ্ৰাতৃ মাৰি॥ ২৫৩
যমৰ সদনে পঠাইলোহো দশ ভাই।
দুৰ্ঘোৰ কন্দল আসি হুইবে এহি ঠাই॥
তযু ভ্ৰাতৃ বধ শুনি ৰুষিব সকল।
সবাকো মাৰিবো ঘোৰ লাগিব কন্দল॥ ২৫৪
মেলানি দিয়োক মোক যাওঁ নিজ ৰাজ্য।
থাকিয়োক প্ৰাণেশ্বৰী মিলি অকাৰ্য্য॥
হেন শুনি ঊষা কুমৰৰ পাৱে ধৰি।
মধুৰ বচনে কান্দি মাতিলা সুন্দৰী॥ ২৫৫
তুমি এড়ি গৈলে প্ৰাণ যাইবে এতিক্ষণে।
মৰা দশ ভাইতো মোৰ কষ্ট নাহি মনে॥
বাপৰ ধনক সৱ পৰিয়ালে খায়।
ভাইৰ ধন মান সবে হাতে তোলা পাই॥ ২৫৬
স্বামীৰ ধনক সৰ্ব্বকালে কৰে ভোগ।
মৰা দশ ভাইক ৰাখিবে নোহে যোগ॥
দশ ভাইৰ বধ দেখি ৰখীয়া সকল।
নৃপতিৰ আগে গৈয়া উপসন্ন ভৈল॥ ২৫৭
ৰখীয়া সকলে বোল কিনো অদ্ভত।
সেই চোৰে মাৰিলে তোমাৰ দশ পুত॥
শুনি মহাৰ্ম্মে ৰাজা কৰিলা আদেশ।
চতুৰঙ্গ দল সাজি যায়োক নিঃশেষ॥ ২৫৮
মোৰ পুত্ৰগণ চলি যাউক সাতো আগ
পলাইবেক দুষ্ট চোৰ ঝাণ্টে লৈয়া লাগ॥
চতুৰ্ব্বিধ সেনাগণ ৰাজাৰ আদেশে।
সবে সমৰক লাগি চলিল বিশেষে॥ ২৫৯
কেহো গজে কেহো ঘোড়া কেহো ৰথে চড়ে।
পুত্ৰগণ সমে সবে প্ৰজাগণ লড়ে॥
নৃপতিৰ পুত্ৰগণ পাইলে আগে যাই।
কুমৰক বোলয় আছয় কোন ঠাই॥ ২৬০
অনিৰুদ্ধ ঊষায়ে খেলান্তে পাছে পাশ।
ৰতিৰস আনন্দতে তোলে দুয়ো হাস॥
কুমৰক মহা খঙ্গে পাৰে সবে গালি।
ঝাণ্টে আস শয্যাৰ উঠিয়া গাৱ গালি।
বাণ নৃপতিয়ো খেদি গৈলা সেই ঠাৱ।
তাক দেখি অনিৰুদ্ধ চলিলন্ত গাৱ॥
ঊষায়ে সহিতে নমিলন্ত জানুশিৰে।
বচন বুলিলা আতি মেঘৰ গম্ভীৰে॥ ২৬২
তোমাৰ দুহিতা ঊষা আনিলে আমাক।
অষ্টম দিবস ভৈল বিহাইলো ইহাক॥
গোবিন্দৰ নাতি কামদেৱৰ তনয়।
মোৰ নাম অনিৰুদ্ধ জানিবা নিশ্চয়॥ ২৬৩
তযু দশ পুত্ৰ আইল মতিত অবোধ।
মোক গালি পাৰে দেখি উঠি গৈল ক্ৰোধ॥
তথাপি ক্ষমিলো ধৰিবাক চাৱে মোক।
সি কাৰণে মাৰিলো তোমাৰ দশ পোক॥ ২৬৪
হেন জানি মোৰ যত দোষ ক্ষমিয়োক।
তুমিসে শ্বশুৰ এবে গৃহে চলিয়োক॥
হেন শুনি কোপে জ্বলি গৈয়া বাণ ৰায়।
অগণিত গৃত যেন তেহ্নয় পৰাই॥ ২৬৫
অৰে অৰে চোৰ তোৰ এতমান হিউ।
দশ পুত্ৰ মাৰিলি হৰিলি মোৰ জিউ॥
কৃষ্ণক যে দেখাৱস তাত নাহি ডৰ।
আউৰ জীৱনক লাগি কৰস কাতৰ॥ ২৬৬
ধৰ ধৰ বুলি আদেশিলা বাণ ৰাজা।
তুমুল কৰিয়া বেঢ়িলেক সবে প্ৰজা॥
হস্তী কান্ধে কুমৰক বেঢ়িলেক মাহুতে।
ঘোৰা ছুটী দিয়া পাছে ৰহিলা বাহুতে॥ ২৬৭
ৰথীগণে বেঢ়িলেক ৰথে গতি কৰি।
পদাতি বেঢ়িলে গই খাণ্ডা বাৰু ধৰি॥
দেখে অনিৰুদ্ধে সবে ভৈলেক অকাৰ্য।
স্তম্ভ গোট ধৰিয়া গৃহৰ ভৈলা বাজ॥ ২৬৮
দীঘলে চৌষষ্টি হস্ত বেঢ়ে কুড়ি ছয়।
তাক ফুৰাৱন্ত যেন ত্ৰিশূল শিৱয়॥
সেনা মাজে অনিৰুদ্ধে দিলেক আটাস।
কৰ্ণে তাল হানে প্ৰজা শুনি ভৈল ত্ৰাস॥ ২৬৯
বিপৰীত শব্দ পাছে গৈল দশোদিশে।
কৰ্ণে হাত দিয়া প্ৰজা বোলে পাইলে কিসে॥
গজ বাজী চিহৰীয়া পলাইল লৱৰি।
বেহু ভাঙ্গি প্ৰজাগণ থাকি গৈল দড়ি॥ ২৭০
পাছে নৃপতিৰ গৈল শতেক কুমাৰ।
সবে হৃষ্টমান বীৰ বলিষ্ঠ দুৰ্ব্বাৰ॥
খড়্গ চৰ্ম্ম চাপ বাণ ধৰি শেল শূল।
কুমৰক চাই বোলে কৰহ নিৰ্ম্মূল॥ ২৭১
একেবাৰে শৰ প্ৰহাৰিলা আসৰিস।
কুমৰক বেঢ়ি সবে মাৰে দশোদিশ॥
স্তম্ভৰ পাকত অস্ত্ৰ কৰিলা বিনাশ।
তাক দেখি সবাহাৰ লাগিল তৰাস॥ ২৭২
স্তম্ভক ধৰিয়া অনিৰুদ্ধে বেগে ধাই।
প্ৰত্যেক খোজতে বসুমতী কম্পি যাই॥
স্তম্ভকোবে কাহাৰো ভাঙ্গিল কুম্ভস্থল।
কাহাৰো ভাঙ্গিল কটি উৰু শিৰ গল॥ ২৭৩
আধামৰ হুয়া প্ৰজাগণ আছে পৰি।
খেদি তাক মাৰন্ত গলত দিয়া ভৰি॥
অধৰ কামোৰে অতি কামৰ কুমাৰ।
মুষ্টিৰ প্ৰহাৰে কৰে পৃথিৱী বিদৰ॥ ২৭৪
কোপে দৃঢ়তৰ মুষ্টি হানে মহাবীৰ।
মুষ্টি লাগি ধৰণী ভৈলন্ত দুই ছিৰ॥
সসাগৰা পৃথিৱী কম্পিয়া ভৈলা থিৰ।
অধৰ কামোৰি কোপে বুলিলন্ত বীৰ॥ ২৭৫
আসনত কোপে কম্পে থিৰ নহে কায়া।
বিকা দেৱতাৰ আৰু কিবা বিষ্ণুমায়া॥
পৰিঘ হাতত ধৰি কৰিলা গমন।
একোকে নামানে যেন প্ৰচন্ঢ বাৰণ॥ ২৭৬
গহনে চলিয়া যান্ত একো নগণিয়া।
শৰীৰৰ বাৱে তৰু পৰে উভৰিয়া॥
বাহুৰ ঠেলাত ভাঙ্গে কতো শাল তাল।
প্ৰচণ্ড প্ৰতাপে চলে যেন যম কাল॥ ২৭৭
শাল তৰু ছিন্ন কৰি চলিলা কুমৰ।
লৰিল সাগৰ গিৰি নদী সৰোবৰ॥
ৰাজাৰ শতেক পুত্ৰ মাৰিলা নিমিষে।
ৰণ মাজে অনিৰুদ্ধে পশিমা হৰিষে॥ ২৭৮
অনিৰুদ্ধে সেনাক মাৰন্ত জাকে জাকে।
অযুতে নিযুতে মৰি যাই স্তম্ভ পাকে॥
সিবেলাত কামদেৱ সুত অনিৰুদ্ধে।
তিনি অক্ষৌহিণী সেনা মাৰিলেক যুদ্ধে॥ ২৭৯
অযুতেক মত্ত হস্তী তিনি লক্ষ ৰথ।
সাত লক্ষ ঘোৰাক পঠাইল যমপথ॥
বাণ কটকৰ বড় ভৈল মহামাৰ।
আৰাৱ ক্ৰন্দন শুনি সকলো সেনাৰ॥ ২৮০
মহাভয়ে পলাইলা সেনা নকৰে সমৰ।
বাপক নচাৱে পুত্ৰ ভ্ৰাতৃক সোদৰ॥
হেন দেখি নৃপতিৰ প্ৰথম কুমাৰ।
কৰে ধনু ধৰি কুম্ভৰীলে দিলে ধাৰ॥ ২৮১
ধনুখাল ধৰিয়া কৰিলা গুণ খেৱ।
শবদ উঠিল যেন গাজিলেক দেৱ॥
ক্ষুপতি বাণ কুম্ভে যুড়িলেক আনি।
হানিলেক বীৰে শৰ কৰ্ণমানে টানি॥ ২৮২
সেহি শৰে কুমৰক কাটি স্তম্ভগোট।
বাহু দাম্ফি মাৰি কুম্ভে কৰয় আস্ফোট॥
স্তম্ভ ছেদে অনিৰুদ্ধ সূৰ্য্যক ধিয়ান্ত॥ ২৮৩
নমো দিবাকৰ দেৱ জগতৰ সাক্ষী।
চৰাচৰ জগতৰ তুমি নিজ আখি॥
তোমাৰ উদয়ে দিন হোৱে সুপ্ৰভাত।
ৰক্ষা কৰা দিবাকৰ প্ৰণামো তোমাক॥ ২৮৪
তুষ্ট হুয়া ধনুশৰ দিলা দিবাকৰ।
দীপ্তি কৰি আকাশত ধনু শৰ॥
আলগতে হাত মেলি ধৰিলা কুমৰ।
ত্ৰিশূল ধৰিয়া যেন উত্পন্ন হৰ॥ ২৮৫
ধনু ধৰি অনিৰুদ্ধে কৰিয়া মণ্ডলী।
চক্ৰাকাৰ কৰি ফুৰাইলন্ত মহাবলী॥
আকৰ্ণ পুৰিয়া বীৰে কৰিলা টঙ্কাৰ।
পুৰিলেক দিশপাশ সকলে সংসাৰ॥ ২৮৬
বাণ কটকত লাগি গৈল উসমিস।
যুদ্ধ পৰিহৰি প্ৰজা পলাই দশোদিশ॥
হেন দেখি বাণ ৰাজা গুণে মনে মনে।
সূৰ্যে ধনু দিলে আক নোহে অল্প জনে॥ ২৮৭
এহি ধনু লৈয়া যেবে কৰয় সমৰ।
তেবে আক সম্মুখে যুজিবে কোন নৰ॥
আৰু শৰে যেবে নউ বিনাশে আমাক।
আবে নাগপাশে বন্দী কৰোহো ইহাক॥ ২৮৮
এহি বুলি নাগপাশ বাণ লৈলা দ্ৰুতে।
কুমৰক লাগি বাণ হানিলা বিদ্যুতে॥
ফোকাৰন্তে নাগপাশ আকাশে উড়াই।
সৰ্ব্বগাৱে বান্ধিলেক কুমৰক পাই॥ ২৮৯
যেবে নাগপাশত কুমৰ বন্দী ভৈল।
দিব্য ধনু-বাণ আকাশক চলি গৈল॥
হেন দেখি সূৰ্য্যে অতিশয় দয়া ভাৱে।
অভেদ কৱচ দিলা কুমৰৰ গাৱে॥ ২৯০
নাগপাশে বন্দী হুয়া কুমৰ আছে পড়ি।
পাছে বাণ ৰাজা খেদি গৈলা শীঘ্ৰ কৰি॥
কুমৰৰ কান্ধে কোব দিলেক লৱৰি।
ভাগি গৈল খড়্গ কুমৰৰ কান্ধে পড়ি॥ ২৯১
পুনৰপি প্ৰহাৰিলা গদা হাতে লই।
ভাগি গলৈ সিয়ো গদা খণ্ড খণ্ড হই॥
তাক পাছে প্ৰহাৰিলা বিপৰীত শূল।
কুমৰত পাৰি সিয়ো ভৈগৈল নিৰ্ম্মূল॥ ২৯২
দশ গোটা হস্তী আনি গডকাইল পাছে।
বজ্ৰসম শৰীৰ কুমৰ বসি আছে॥
তাত পাছে পেলাইলেক সাগৰৰ জলে।
উটন্তে ফুৰয় তাত মহা কৌতুহলে॥ ২৯৩
যত যত প্ৰকাৰে প্ৰহাৰে শৰীৰত।
সূৰ্য্যৰ প্ৰসাদে একো নপড়ে গাৱত॥
মাৰিবাক লাগি তাৰ শকতি নভৈল।
পোতাশালে তাক পাছে বন্দী কৰি থৈল॥ ২৯৪

নাৰদৰ বাতৰিঃ

কুমৰক বন্দী কৰি চলি গৈলা বাণ।
দেৱ ঋষি নাৰদ আগত বিদ্যামান॥
নাৰদে বোলন্ত বাপা থাকা দিন চাৰি।
আপুনি গোবিন্দে আসি নিবন্ত উদ্ধাৰি॥ ২৯৫
এতিক্ষণে যাওঁ মই বাৰ্ত্তা জানাইবাক।
এহি বুলি নাৰদ লড়িলা দ্বাৰকাক॥
কৃষ্ণৰ আগত গৈয়া ভৈল উপসন্ন।
পাদ্য অৰ্ঘ আচমনি দিলন্ত আসন॥ ২৯৬
খানিতেকো চিন্তা নাই তোমাৰ মনত।
অনিৰুদ্ধ বন্দী ভৈল শোণিতপুৰত॥
অবিদিতে বিহা ভৈল ঊষাৰ সহিত।
জানি বাণ ৰাজা বন্দী কৰিলা তহিত॥ ২৯৭
সূৰ্যৰ প্ৰসাদে নোৱাৰিল মাৰিবাক।
হেন জানি আপুনি যায়োক আনিবাক॥

যাদৱ বাহিনীৰ শোণিতপুৰ যাত্ৰাঃ

নাৰদৰ মুখে হেন শুনি হৃষীকেশ।
যাদৱ বংশক আনি কৰিলা আদেশ॥ ২৯৮
সাম কাম মুখ্য কৰি আচে যত যত।
কৃষ্ণৰ আদেশে সবে আসিলা সমস্ত॥
চতুৰঙ্গ দলে লড়িলন্ত যাত্ৰা কৰি।
সমদলে চপ কৰে লড়ি গৈল হৰি॥ ২৯৯
হস্তীৰ যুথ যাই আগে কোটি পৰিমাণ।
সবে চতুৰ্দ্দন্ত মহা গিৰিৰ সমান॥
উত্তম সিন্দুৰে মণ্ডিলেক গণ্ডস্থলে।
ঐৰাৱত হস্তীক জিনিবে পাৰে বলে॥ ৩০০
পিঠিত মাহুত যত সবে পয়োসাৰ।
প্ৰতাপে আদিত্য যেন বলিষ্ঠ দুৰ্ব্বাৰ॥
হস্তীৰ আগত ঘোড়া সহস্ৰ অযুত।
যুজিবাক চলে সাজে পিঠিত বাহুত॥ ৩০১
ধৱলি কামলী কাল পাৰলি শীতল।
পক্ষী সম ছুটে সবে বায়ুতো আগল॥
দশ লক্ষ সেনা চলে ঘোটকৰ আগে।
তূণ শৰে ভৰি সবে চলে বায়ুবেগে॥ ৩০২
ধনু আচাৰন্তে যাই পৰম আটাস।
ধনুকীৰ শৱদে পূৰিল দিশ পাশ॥
ধনুকীৰ আগে সেনা চলে বিপৰীত।
নানাবিধ খাণ্ডা বাৰু ধৰিয়া সমস্ত॥ ৩০৩
কতো যাই ডাম্ফি কৰে বলে মত্ত হুই।
লৱৰৰ চোটে মহা পাষাণ উড়াই॥
আগে চলে বলভদ্ৰ পশ্চিমত কাম।
দক্ষিণত গদ যান্ত উত্তৰত সাম॥ ৩০৪
মধ্যত গোবিন্দ যান্ত আতি সমদলে॥
দলদোপ বসুমতী প্ৰজাৰ হিন্দোলে॥
গোবিন্দৰ পাশে বড় বড় বীৰ চলে।
এহিমতে যুদ্ধক লৰিলা কৌতুহলে॥ ৩০৫
ছিন্ন চৌণ্ডা পতাকা তোৰণ ধ্বজদণ্ড।
লেখা জোখা নাহিক যতেক বাদ্যভাণ্ড॥
যদ্যপি বহুত পথ বাণৰ নগৰী।
তিনি দিনে পাইলা প্ৰভু মহা বেগ ধৰি॥ ৩০৬
ব্যাপিয়া আছন্ত হৰি তিনিয়ো জগত।
কোননো অশক্য আচে তাহান আগত॥
অগনিৰ গড় গোট দেখিলা তহিত।
প্ৰলয়ৰ বহ্নি যেন দেখি উজ্জ্বলিত॥ ৩০৭
গৰুড়ক চাই আদেশিলা চক্ৰপাণি।
অগনিৰ গড় তুমি নুমায়ো আপুনি॥
কৃ,্ণৰ আদেশ বাণী শুনি পক্ষীৰাজ।
উড়াৱ কৰিয়া গৈলা সাগৰৰ মাজ॥ ৩০৮
দুই পাখি ঢাকি যান্ত উদয়াস্ত গিৰি।
গাণ্ডি গোটে ঢাকি যান্ত ব্ৰহ্ম সভা পুৰী॥
দুই ভৰি ঢাকি যান্ত মাৰুতৰ পথ।
চলয় গৰুড়পক্ষী নাৰায়ণ ৰথ॥ ৩০৯
দীঘলে পঞ্চাশ লক্ষ পক্ষী মহামানী।
মধ্যসাগৰত তাৰ আন্ঠু ভৈল পানী॥
সাগৰৰ জলক পক্ষীয়ে ভৰি আনি।
শোণিতপুৰক ঢাকি বৰশিলা পানী॥ ৩১০
প্ৰলয়ৰ মেঘে যেন বৰিষয় ধাৰে।
প্ৰহৰেক মানে জল বহে একতৰে॥
অবিচ্ছেদে বৰষিল পক্ষীৰাজ দৃঢ়।
নুমাইল অগনি সবে ভাগি গৈল গঢ়॥ ৩৩১
শোণিত পুৰৰ প্ৰজা ভৈল মহাভয়।
প্ৰলয় মিলিল বুলি ভৈগৈল বিস্ময়॥
ৰাজাত জনাইবে গৈল হুহিখাই লড়ে।
সমৰ মিলিল আসি আমাৰ নগৰে॥ ৩১২
সেনাগণ আসি আছে সাগৰ সঙ্কাশ।
লীলায়ে শোণিতপুৰ কৰিব বিনাশ॥
হেন শুনি যুদ্ধক সাজিলা বাণৰাজা।
লগে সাজি লৈয়া হয় হস্তী প্ৰজা॥ ৩১৩

শোণিতপুৰত অমঙ্গলঃ

দশ অক্ষৌহিণী সেনা লগে চলি যাই।
প্ৰজাৰ উপৰে কাক শগুণ উড়াই॥
হালধীয়া মেঘে সবে ঢাকিল আকাশ।
আগত শৃগাল আসি পাৰয় আটাস॥ ৩১৪
যাত্ৰাকালে ৰাজায়ো দেখিলা শুদা হাণ্ডী।
বোলা-বুলি কৰি দ্বন্দ কৰে দুই ৰাণ্ডী॥
আৰো দেখিলেক ৰাজা তৈলৰ পসাৰী।
আগে লৈয়া যাই দেখে খৰি ভাৰ চাৰি॥ ৩১৫
হেন বিমঙ্গল সব দেখিলা ৰাজাই।
বলৰ দৰ্পত সিটো কাকো নডৰায়॥
দুৰ্জ্জয় সেনাৰ ঘোৰ তৰ্জ্জন গৰ্জ্জন।
আন্দোল আস্ফালে মহী কম্পে ঘনে ঘন॥ ৩১৬
দুই খান মেঘ যেন ভৈল এক ঠাই।
ৰামে ৰাৱণক যেন মতে খেদি যাই॥
উভয় সেনাৰ ৰোলে পুৰিল আকাশ।
দেৱতাৰো শুনিয়া লাগিল গৰ্ব্ভ ত্ৰাস॥ ৩১৭
ত্ৰিদশক ইন্দ্ৰে হেন বুলিলা বচন।
কহিত বজায় বাদ্য জানা কোন জন॥
বৰ ভয় লাগে মোৰ মন নোহে থিৰ।
স্বৰ্গৰাজ্য় লৈবে আগি আসে কোন বীৰ॥ ৩১৮
হেন শুনি বৃহস্পতি বুলিলন্ত বাণী।
শোণিতপুৰত আসিলন্ত চক্ৰপাণি॥
বিপৰীত সমৰ লাগিল কৃষ্ণ বাণে।
টলমল বসুমতী কৰে ঘনে ঘনে॥ ৩১৯
হেন শুনি ইন্দ্ৰক প্ৰমুখ্যে দেৱগণ।
কৌতুকে আসিলা ৰণ চাহিবাক মন॥

শোণিতপুৰত যুদ্ধঃ

সমৰ ভূমিত দেৱগণ উপগত।
সিদ্ধ বিদ্যাধৰ সবে আসিলা লগত॥ ৩২০
দেৱকন্যা আসিলন্ত স্বামীৰ লগত।
আকাশ ঢাকিয়া সবে ৰখাইলন্ত ৰথ॥
জয় কৃষ্ণ ঘোষন্ত দেৱৰ মনে দয়া।
হৰি সেনা ঢাকি সবে কৰি থাকে ছায়া॥ ৩২১
উভয় সেনাক দেখি দেৱ ভৈলা ভীত।
তাত পাছে যেন ভৈলা শুনা পৰীক্ষিত॥
অনন্তৰে দুই দলে মিলিল সমৰ।
নভুত নভাবী হেন যুদ্ধ ভয়ঙ্কৰ॥ ৩২২
দুতয় সেনাৰ লাগিলেক উসমিস।
ধুলি অন্ধকাৰ ভৈল নমনিয় দিশ॥
ৰথে ৰথে গজে গজে সন্নাহ শৰীৰে।
বলীয়াৰে বলীয়াৰে যুঁজে বান্ধ ভিৰে॥ ৩২৩
অশ্বে অশ্বে বাহুতে বাহুতে হতাহতি।
ধনুকী ধনুকী ধাইল পদাতি পদাতি॥
জয়ক চাহন্তে কেহো মৰিবে নচাৱে।
ৰথৰ উপৰে মহাবেগে ৰথ ধাৱে॥ ৩২৪
দশোদিশে শুনি কাট মাৰ মাত্ৰ ৰোল।
প্ৰলয় মিলিল আসি ভৈগৈল কল্লোল॥
গাণ্ডি মুণ্ড বেলগাৱে অস্ত্ৰে কাটে শিৰ।
দশোদিশে ঢাকিলেক মৃতক শৰীৰ॥ ৩২৫
কাৰো শিৰ ছিণ্ডি আচে শৰ অস্ত্ৰ ঘাৱে।
কতো বীৰ পৰি আছে অচেতন ভাৱে॥
সিবেলাত সাম কাম সাত্যকি এতিনি।
বাণ কটকৰ বড় লগাইলা বিঘিনি॥ ৩২৬
তিনি বীৰে মেঘে যেন বৰিষয় নীৰ।
সেহিমতে শৰ প্ৰহাৰন্ত তিনি বীৰ॥
তিনি বীৰ শৰে চাইল সমস্ত আকাশ।
হৈল অন্ধকাৰ নাহি ৰবিৰ প্ৰকাশ॥ ৩২৭
প্ৰলয়ৰ বহ্নি যেন লাগিয়াছে বনে।
সেহি মতে সেনা সংহাৰন্ত যম যেনে॥
যুজিবাক লাগি কাৰো শকতি নভৈল।
পাছ গুচি বাণসেনা দশোদিশে গৈল॥ ৩২৮
পলাই গৈল বাণসেনা ৰণ পৰিহৰি।
পশিলা লৱড়ি সবে আপোনাৰ পুৰী॥
মাধৱৰ সেনা সবে লগাইলেক হুড়ি।
যতেক সৰ্ব্বস্ব মানে লয় লুড়ি পুৰি॥ ৩২৯
যদুসেনা পশিলেক শঙ্কৰৰ ঠাই।
ধন ধান্য বস্ত্ৰ আনে যিবা যৈত পাই॥
শিৱৰ কাঢ়িয়া আনে বস্ত্ৰ অলঙ্কাৰ।
কিৰীটি কুণ্ডল মণই মুকুতাৰ হাৰ॥ ৩৩০

হৰিহৰৰ যুদ্ধঃ

জয়ঘণ্টা চন্দ্ৰতাপ ভাঙ্গে দেৱ ঘৰ।
হেন দেখি মহাক্ৰোদে ভৈল শঙ্কৰৰ॥
নন্দী ভৃঙ্গি মহাকাল ভৈৰৱক আনি।
মহাকোপে আদেশি বুলিলা হেন বাণী॥ ৩৩১
আপোনাৰ সেনা লৈয়া যায়োক সত্বৰ।
বাণ পক্ষ হুৱা মাধৱক যুদ্ধ কৰ॥
এহি বুলি বৃষভত চড়িয়া সত্বৰ।
পিনাক ধনুক ধৰি উপসন্ন হৰ॥ ৩৩২
যাত্ৰা কৰি লড়ি গৈলা সমৰক আশে।
গণপতি কাৰ্ত্তিক লড়িলা দুই পাশে॥
বাণ নৃপতিয়ো গৈয়া তেণ্টিলন্ত আগ।
নিমিষেকে পাইলা যাই কটকৰ লাগ॥ ৩৩৩
চাৰি সেনাপতি সমে ভৈল ঘোৰ ৰণ।
আপুনিয়ে কৃষ্ণক যুজন্ত ত্ৰলোচন॥
বাণ সাত্যকিৰ বড় মিলিল সংগ্ৰাম।
কুভাণ্ড মন্ত্ৰীক আসি যুজে হলিৰাম॥ ৩৩৪
কুভাণ্ডৰ কুল ভাই কুপকৰ্ণ নাম।
তেহেঁ সমে যদুবল কৰিলা সংগ্ৰাম॥
কামদেৱ কাৰ্ত্তিকৰ ভৈল ঘোৰ ৰণ।
সামে গণপতি সমে কৰয় গৰ্জ্জন॥ ৩৩৫
ৰথী ৰথী গজে গজে মাহুতে প্ৰহাৰে।
বলী বলী যুদ্ধ কৰে কুমাৰে কুমাৰে॥
এক ঠাই গাণ্ডি মুণ্ড আউৰ ঠাই শিৰ।
দিশ পাশ আকাশ ঢাকিল মহাবীৰ॥ ৩৩৬
কতো বীৰ মৰি পৰি আছে খড়্গ ঘাৱে।
কতো কতো আধমৰা পৰি সেহি ঠাৱে॥
সেহি বেলা ক্ৰোধ কৰি ধনু ধৰি হৰ।
গোবিন্দক ক্ষেপিলন্ত কৰুপাট শৰ॥ ৩৩৭
হেন দেখি হৰি প্ৰহাৰিলা আঠ বাণ।
প্ৰত্যেক শৰক কৰিলন্ত তিন খান॥
সাত কোটি সেনা আসি শঙ্কৰৰ সঙ্গে।
বাণক সহায় হুয়া যুদ্ধ কৰে খঙ্গে॥ ৩৩৮
একে একে প্ৰহাৰিলা দশ দশ বাণ।
ফুটিল নিসদ্ধি কৰি দেখি বিদ্যমান॥
শঙ্কৰেও কুৰি শৰ কৰিলা প্ৰহাৰ।
হৰিয়ো হৰক প্ৰহাৰিলা বাৰম্বাৰ॥ ৩৩৯
শৰময় আকাশ ভৈলেক নিৰন্তৰে।
ফৰিঙ্গ উড়য় যেন দিশ দিশান্তৰে॥
ৰাৱ চাৱ নাহিকে দেখিয়া তমোময়।
হেন দেখি হৰিসেনা ভৈলা মহাভয়॥ ৩৪০
সেনা ভয়াতুৰ দেখি দেৱ দামোদৰ।
হাঁসি হাঁসি শঙ্কৰক প্ৰহাৰন্ত শৰ॥
প্ৰত্যেক শৰহ হৰি কৰিলা সন্ধান।
অসংখ্যাত কৰি প্ৰভু বৰষিলা বাণ॥ ৩৪১
শঙ্কৰৰ লগে সেনা আইল যত যত।
এক এক কুৰি শৰে বিন্ধিলা গাৱত॥
স্মৃতিহত ভৈল সেনা হৰি শৰ দেখি।
ভিৰি লৰ দিলে সবে সমৰ উপেক্ষি॥ ৩৪২
সেনা পলাইবাৰ দেখি কিটাইলা শঙ্কৰ।
গোবিন্দক সম্মুখে হানিলা অগ্নি-শৰ॥
হৰি যম শৰ হানি কৰিলা নিৰ্য্যাণ।
তাক দেখি শঙ্কৰে মাৰিলা বায়ুবাণ॥ ৩৪৩
বাতাস সোমাই মহা দেখি ভয়ঙ্কৰ।
খৰ বায়ু বহে ভূমি লড়ে নিৰন্তৰ॥
সমদলে মাধৱো ভৈলন্ত ভয়ভীত।
ধূলা খোলা উড়ে চক্ষু নপাৰে মেলিত॥ ৩৪৪
যত শৰ মাৰে গোবিন্দৰ সেনাগণে।
বতাসতে উলটয় ফুটয় আপোনে॥
সব সেনা উড়ুৱাই শিৱৰ বতাসে।
ৰণ হাৰি প্ৰজাসৱ পলাইল তৰাসে॥ ৩৪৫
হেন দেখি হৰি কোপ কৰি গুৰুতৰ।
হানিলা পৰ্ব্বত শৰ বড় ভয়ঙ্কৰ॥
বতাসে নলৰে গিৰি গম্ভীৰ দুৰ্ব্বৰ।
বাণ-কটকত পৰি মৰিল অপাৰ॥ ৩৪৬
পৰ্ব্বতক দেখি হৰে পাতিলে ত্ৰিশূল।
সকলে পৰ্ব্বত পৰি হোৱয় নিৰ্ম্মুল॥
হেন েদেখি চক্ৰ ধৰলন্ত দামোদৰ।
শূল এড়ি জ্বৰ বাণ ধৰিলা শঙ্কৰ॥ ৩৪৭
আগে নউ চক্ৰ হৰি কৰন্তে সন্ধান।
আড়ম্বৰ হৰে প্ৰহাৰিলা জ্বৰ বাণ॥
সমদলে মাধৱক পাইলা গৈয়া জ্বৰে।
কৰে কম্পমান প্ৰজা মৰয় সত্বৰে॥ ৩৪৮
কম্পাৱে শৰীৰ ঘনে ঘনে মিলে দুখ।
পিয়াস লগায় ওষ্ঠ কণ্ঠ শুকাই মুখ॥
বস্ত্ৰ নসম্বৰে সবে মুক্ত ভৈল কেশ।
মাধৱৰ সৈন্য ভৈল মৃতকৰ বেশ॥ ৩৪৯
হেন দেখি দয়াময় দেৱ চক্ৰপাণি।
বৈষ্ণৱ জ্বৰ প্ৰহাৰিলা বৰ টানি॥
ৰুদ্ৰ জ্বৰ পলায় ভয়ে শঙ্কৰৰ কাছে।
বিষ্ণু জ্বৰে মহাকোপে খেদে পাছে পাছে॥ ৩৫০
জ্বৰক সম্বুধি পাছে মাতে পশুপতি।
তোহোক ৰাখিবেই মই নোৱাৰো সম্প্ৰতি॥
যাৱে নউ বিনাশ কৰয় বিষ্ণউ জ্বৰে।
ঝাণ্টে গৈয়া শৰণ পশিয়ো দামোদৰে॥ ৩৫১
শিৱৰ বচনে জ্বৰ গৈল কৃষ্ণ পাশে।
দেখিলন্ত হৰি পুনৰপি জ্বৰ আসে॥
প্ৰত্যক্ষে দেখিলা হৰি জ্বৰৰ শৰীৰ।
ছয় ভুজ তিনি পাৱ তিনি গোটা শিৰ॥ ৩৫২
নৱগোটা চক্ষু ৰক্তবৰ্ণ অতিশয়।
কৃষ্ণবৰ্ণ কলেৱৰ দীঘল আলয়॥
জ্বৰ আসে দেখি হৰি কোপ কৰি টান।
শৰ হানি জ্বৰক কৰিলা তিনিখান॥ ৩৫৩
এককান নিত্য জ্বৰ আউৰ খান পাল।
আউৰ জ্বৰ আতিশয় তীখাল বিষাল॥
তিনিখান হুয়া জ্বৰ যাই কৃষ্ণ পাশ।
ত্ৰাহি কৃষ্ণ বুলি জ্বৰে দিলেক আটাস॥ ৩৫৪
তিনিমুখে জ্বৰ স্তুতি কৰয় বিস্তৰ।
সৃষ্টি স্থিতি অন্তকাৰী তুমি জগতৰ॥
চাৰি মুখে চাৰি বেদ নিৰূপিলা সাৰ।
ত্ৰাহি কৃষ্ণ নমো দেৱ দেৱ বাৰম্বাৰ॥ ৩৫৫
তিনিৰূপে জ্বৰে স্তুতি কৰিলা বিস্তৰ।
জ্বৰৰ স্তুতিত তুষ্ট ভৈলন্ত ঈশ্বৰ॥
মোৰ শৰে জ্বৰ নষ্ট নুহিবন্ত জানি।
দয়ায়ে জ্বৰক মাতিলন্ত চক্ৰপাণি॥ ৩৫৬
মাধৱে বোলন্ত জ্বৰ তোক দিলো বৰ।
তোহোৰ শৰীৰ হোক অজৰ অমৰ॥
তোৰ মোৰ সম্বাদ শুনয় যিবা নৰ।
একা কালে তই তাৰ নযাইবি ওচৰ॥ ৩৫৭
এহি বুলি জ্বৰ বিসৰ্জ্জিলা দেৱ হৰি।
শঙ্কৰক ধাই গৈলা কৰে ধনু ধৰি॥
তিনি পাট শৰ প্ৰভু যুৰিয়া গুণত।
শুনিয়োক তিনি পাট বাণ যেন মত॥ ৩৫৮
স্তম্ভন মোহন নিদ্ৰা তিনি পাট শৰ।
শঙ্কৰৰ হৃদয়ত পৰি দৃঢ়তৰ।
মোহনৰ ছোট নসহিলা গৌৰী স্বামী।
স্তম্ভনে পীড়িলে ঘনে ঘনে উঠে হামি॥ ৩৫৯
নিদ্ৰাবাণে পীড়িত ভৈলন্ত ত্ৰিলোচন।
বৃষভৰ উপৰতে কৰিলা শয়ন॥
বৃষভকো প্ৰহাৰিলা শৰ তিনি পাট।
পাছ গুচি গৈল তিনি প্ৰহৰৰ বাট॥ ৩৬০
শঙ্কৰৰ ভঙ্গ দেখি ৰঙ্গে দেবগণ।
কৃষ্ণৰ শিৰত কৰে পুষ্প বৰিষণ॥
সিবেলাত সাম কুভাণ্ডৰ সমৰত।
কোনে কবিবেক যুদ্ধ ভৈলা যত যত॥ ৩৬১
দুয়ো বীৰ তৰুণ বয়স সুকুমাৰ।
দুইকো দুই কৰিলন্ত শৰৰ প্ৰহাৰ॥
ৰুধিৰে দীপিত দেহা অধিক সুহাই।
অশোক কানন যেন ফুলিল পৰাই॥ ৩৬২
আকাশ ঢাকিয়া বলষিলা শৰচয়।
ভৈল অন্ধকাৰ নাহি ৰবিৰ উদয়॥
দুয়ো বীৰ ধীৰ মহা নিপুন সমৰে।
কিন্তু মন্ত্ৰী গোট বিক্ৰমত আতি চৰে॥ ৩৬৩
ক্ষুৰ বাণে সামৰ কাটিলা ধনু শৰ।
অৰ্দ্ধচন্দ্ৰে সাৰথিকো নিলা যমঘৰ॥
সূচীমুখ শৰ হানি ধ্বজকো ভেদিলা।
শঙ্কুকৰ্ণ শৰ হানি ৰথকো ছেদিলা॥ ৩৬৪
হৃদয়ত সামৰ ভেদিলা কুৰি বাণ।
সম্মুখ সমৰে মন্ত্ৰী কৰি বড় টান॥
অগ্নিৰ সমান কান্তি বীৰ হলদৰে।
কৰত মুষল ধৰি ধাইল তাতে পৰে॥ ৩৬৫
কুভাণ্ডৰ কান্ধে দিলা মূষলৰ বাড়ি।
ডেৱ দিয়া মন্ত্ৰী পালাইলেক ৰথ ছাৰি॥
সাৰথি সহিতে ৰথখান ভৈল চূৰ।
পাছক নচাৱে মন্ত্ৰী পলাই বহুদূৰ॥ ৩৬৬
অনন্তৰে ৰামে মূষলত দিলা পাক।
বাণৰ সেনাক মাৰিলন্ত জাকে জাক॥
প্ৰথমে মাৰিলা ৰামে আঠ শত ৰথ।
ষোল শত ঘোড়াক পেষিলা যম পথ॥ ৩৬৭
বত্ৰিশ সহস্ৰ হস্তী মাৰিলন্ত ৰামে।
আউৰ যত সেনা আইল মাৰিলা সংগ্ৰামে॥
ৰিপু দলে বলো লগাইলেক উসমিস।
ৰণ হাৰি বাণ প্ৰজা পলাই দশোদিশ॥ ৩৬৮
গদে কুপকৰ্ণে যুদ্ধ ভৈলা তাত পৰে।
গদৰ সাৰথি পাছে পৰিলা সমৰে॥
ৰথ এৰি গদে কোপ কৰি গুৰুতৰ।
লৈলা খাণ্ডা বাৰু বীৰ আতি ভয়ঙ্কৰ॥ ৩৬৯
কুপকৰ্ণ যথা আছে গৈলা সেহি থান।
প্ৰথমতে ৰথ ভাঙ্গি কৰিলা নিৰ্য্যাণ॥
সাৰথিৰ মুণ্ড ছেদিলন্ত এক ঘাৱে।
কুপকৰ্ণ কেশে ধৰিলন্ত সেহি ঠাৱে॥ ৩৭০
কাটীবাক লাগি খাণ্ডা ধৰি আছে শিৰে।
গদ মুখ চায়া মাতে কুপকৰ্ণ বীৰে॥
কম্পিত শৰীৰে কুপকৰ্ণে বোলে বাণী।
শৰণে পশিলো ৰক্ষা কৰা প্ৰাণ খানি॥ ৩৭১
কৃষ্ণৰ কনিষ্ঠ তুমিমহাবীৰ সাৰ।
আমি কি তোমাক সম হুইবে কোন চাৰ॥
ৰাজাৰ দণ্ডিত থাকি কৰিলোহো ৰণ।
ৰাখিয়োক প্ৰাণ প্ৰভু দিয়োক শৰণ॥ ৩৭২
হেন শুনি গদে তাক নাকাটি ৰাখিল।
কেশে ধৰি আপোনাৰ মাজক আনিল॥
ভাল কৰি নিয়া তাক ৰক্ষা দিয়া থৈল।
পুনৰুপি গদ ৰিপুসেনা মাজে গৈল॥ ৩৭৩
ৰত্ন বিৰচিত আতি কৰে ধৰি বাৰু।
দক্ষিণ হস্তত খাণ্ডা ধৰি যাই আৰু॥
বিদ্যুত সঞ্চাৰে বিনাশন্ত ৰিপুসঙ্গ।
গজৰ বিক্ৰমে ডৰি ভৈলা ৰণভঙ্গ॥ ৩৭৪
একেবাৰে ৰথী ৰথ সাৰথি সহিতে।
থাকথিক কৰি বীৰে কাটিলা ত্বৰিতে॥
গদৰ প্ৰহাৰে কটা যাই জোটা জোট।
মাহুতে সহিতে মৰি যাই হস্তী পোট॥ ৩৭৫
একে কোবে মৰে প্ৰজা চল্লিশ পঞ্চাশ।
গদৰ বিক্ৰম দেখি বাণৰো তৰাশ॥
তিনি অক্ষৌহিনী সেনা মাৰিলন্ত গদ।
শোণিতে বহাইল নদী বহল দীঘল।
পলাই কটক পৰি তাতে যাই তল॥
মাংস ভৈল কৰ্দ্দম সেৱাল কেশচয়।
বাণ সব সৰ্প ধনুগণ ঢউময়॥ ৩৭৭
উট গ্ৰাহ ভৈল তাত কুঞ্জৰ মগৰ।
ঘোড়া ঘৰিয়াল মত্স্য ভূষণ নিকৰ॥
হেন শোণিতৰ নদী ভৈল বহুদূৰ।
ভূত প্ৰেত পিশাচ আসিল সেই পুৰ॥ ৩৭৮
শোণিতৰ নদীত নামিয়া কৰে কেলি।
কটা মুণ্ড লৈয়া অন্যো অন্যে মাৰে দলি॥
গাণ্ডি গোট লৈয়া প্ৰেত বাৱয় মৃদঙ্গ।
মাৰ্গ দৰশিয়া নাচে কৰিয়া ত্ৰিভঙ্গ॥ ৩৭৯
শোণিত ভুঞ্জিয়া সবে ভৈলন্ত হৰিষ।
তেজ মাংস খাই পেট ভৈল ঠিস ঠিস॥
কতো কতো পিশাচে শৱক কৰি বলি।
ৰঙ্গ ঢঙ্গ কৰি অন্যো অন্যে মাৰে দলি॥ ৩৮০
গদক প্ৰশংসা কৰে হোক ৰণ জয়।
যদুসেনাগণে জয় জোকাৰ পাৰয়॥

কাৰ্ত্তিক কামদেৱৰ যুদ্ধঃ

গদৰ সমৰ কথা বৰ্ণাইবেক কোনে।
যেন যুদ্ধ ভৈল শুনা কাৰ্ত্তিকে মদনে॥ ৩৮১
দুয়ো বীৰ বলৱন্ত সমৰে দুৰ্ব্বাৰ।
দুয়ো দুইক কৰিলন্ত অনেক প্ৰহাৰ॥
ৰুধিৰে দিগীধ দেহা দেখিতে সুহাই।
ফুলিল পলাশ বৃক্ষ তাহাৰ পৰাই॥ ৩৮২
অনন্তৰে কামদেৱ সমৰে সুজান।
কাৰ্ত্তিকৰ হাততে কাটিল ধনু খান॥
ধনুছেদে গৌৰীসুত মনে মহাদুঃখ।
ক্ৰোধত শকতি ধৰি ভৈলন্ত সম্মুখ॥ ৩৮৩
প্ৰলয়ৰ বহ্নি সম সকতি প্ৰকাশে।
কোটি এক শশা যেন উদতি আকাশে॥
ভয় ভৈল দেৱগণ নক্ষত্ৰ মণ্ডল।
ফাট দিয়া বসুমতী কৰে টলবল॥ ৩৮৪
মহাভয়ে প্ৰজাৰ লাগিল উসমিস।
ৰণ পৰিহৰি প্ৰজা ওলাই দশোদিশ॥
দুয়ো সেনা মধ্যে বৰ ভৈল হাঁহাকৰ।
কাৰ্ত্তিকে বোলয় কাম শুন দুৰাচাৰ॥ ৩৮৫
ইষ্টদেৱ সুমৰ ৰাখন্তা নাহি আন।
তোক মাৰি আমাসাৰ সাধোহে কল্যাণ॥
তোৰ পুষ্প ধনু শৰ স্বভাৱে কোমল।
তাক ছেদি জগতৰ কৰোহো কুশল॥ ৩৮৬
তোৰ শৰঘাৱে গাৱ নকৰয় টান।
তথাপি মুনিৰ তই ভাঙ্গল ধিয়ান॥
তোৰ পুষ্পধনু ছোট সহিব নপাৰি।
হৰে পৰপত্নী বধু চাণ্ডালৰো নাৰী॥ ৩৮৭
জীয়োক জগত আজি দুৰ্গতি খণ্ডোক।
সাৱধান হোৱ কাম পেষো যমলোক॥
এহি বুলি গৌৰীসুতে হানিলা শকতি।
ফোকাৰন্তে চলে শক্তি অগ্নি সম জ্যোতি॥ ৩৮৮
বাণ কটকৰ দেখি ভৈল বৰ ৰঙ্গ।
শকতিক লক্ষ্য কৰি নাহি ভূৰুভঙ্গ॥
উপৰক দৃষ্টি চাই দিয়া এক ডেৱ।
আলগতে শকতি ধৰিলা কামদেৱ॥ ৩৮৯
শকতি ধৰিয়া কামে এক ৰিঙ্গ দিল।
সাধু সাধু বুলি দেৱে পুষ্প বৰষিল॥
মদন বদতি গৌৰীসুত শুন বাণী।
অবোধ কাৰণে মোক নিন্দস নজানি॥ ৩৯০
মোৰ পুষ্প ধনুক কৰিলি উপহাস।
যিটো ধনুৰ্ব্বণে হোৱে জগতৰ নাশ॥
এহি পুষ্পবাণে হৰে নপাইলন্ত তুলি॥ ৩৯১
দেৱৰ বৰিষ শত সহস্ৰ বত্সৰ।
কান্ধে মৰা শৱক ফুৰাইলা নিৰন্তৰ॥
ভিজল মোহোক মানি তপস্যা অলিক।
বাউল হুয়া বিহাইলন্ত পৰ্ব্বতৰ জীক॥ ৩৯২
এহি ধনু প্ৰসাদে তুলিয়ো ভৈলা জাত।
কিবা সঞ্চা মিছা পুছি চায়োক বাপত॥
সিদ্ধ মুনি বিদ্যাধৰ স্থাৱৰ জঙ্গম।
মোৰ পুষ্প ধনু শৰে সবাৰে সঙ্গম॥ ৩৯৩
হেন পুষ্পবাণ মোৰ কৰিলিহি বৃথা।
কালি জন্মি ঊৰ্দ্ধ পুৰুষৰ কহ কথা॥
এহি বুলি শকতি হানিলা হৰিসুতে।
পলাইল কাৰ্ত্তিক নামি ময়ুৰৰ দ্ৰুতে॥ ৩৯৪
কাৰ্ত্তিক পলাইল দেখি ধাইল অনুবাণ।
মদনক কৰিলেক শূলৰ সন্ধান॥
লীলায়ে মদনে কৰি ত্ৰিশূল সন্ধান।
অনুবান অসুৰক নিলা যমস্থান॥ ৩৯৫
অনুবাণ পৰিলেক ধাইলে কূটবাণ।
মদন কুসুম শৰ কৰিলে সন্ধান॥
কামদেৱে তাহাক হানিলা ঘোৰ শূল।
সেহি শূলে কূটবাণ ভৈলেক নিৰ্ম্মুল॥ ৩৯৬
কূটবাণ নাশি কামদেৱ আছে ৰঙ্গে।
পৰিঘ ধৰিয়া শঙ্কুবাণ ধাইলা খঙ্গে॥
মদন কৰিলেক পৰিঘ প্ৰহাৰ।
মদ্গৰ হানিলন্ত হৰিৰ কুমাৰ॥ ৩৯৭
মুদ্গৰ পড়িয়া শঙ্কুবাণ গৈলা মৰি।
থাকিলা মদনে হাতে পৰিঘক ধৰি॥

সাম গণপতিৰ যুদ্ধঃ

ভোজনৰ ছোট বড় ওলমিল পেট।
সম্মুখে চাহন্তে ভালে নেদেখাহা হেট॥ ৩৯৮
ঘোড়াৰ পিঠিত গজ কন্ধৰ উপৰে।
আৰোহিবে নোৱাৰাহা উদৰৰ ভৰে॥
মূষিক গোটক তুমি খুজি পাইলা যান।
তাহাত উঠিয়া ফুৰা সদা সৰ্ব্বস্থান॥ ৩৯৯
গজমুণ্ড নিকালিয়া আছে এক দান্ত।
কৰত মোদক তুমি নকৰ বিশ্ৰান্ত॥
উঠি আসি দেখি মোক ৰণে দিলা ধাৰ।
পালটি যায়োক হেৰা কৰো নমস্কাৰ॥ ৪০০
হেন শুনি গণপতি ক্ৰোধ কৰি বৰ।
সামৰ হিয়াত মাৰিলন্ত দশ শৰ॥
সামে অৰ্দ্ধচন্দ্ৰ শৰ কৰিলা সন্ধান।
গণেশৰ হাতৰ কাটিলা ধনুখান॥ ৪০১
ধনু ছেদি সাম গৈলা লৱৰ মাৰিয়া।
শূষিকৰ নমাইলন্ত চৰণে ধৰিয়া॥
ডিঙ্গা নাৱখান যেন আনিলা ঘসাই।
হেন দেখি বাণসুত কুম্ভ গৈলা ধাই॥ ৪০২
কুম্ভ আসিবাৰ দেখি গণেশক এড়ি।
কৰে গদা ধৰি বিপৰীত দিলা গেৰি॥
সাম্বৰ আটাসে পুৰিলেক দিশপাশ।
বাণ কটকৰ বৰ লাগিল তৰাস॥ ৪০৩
আথেবেথে গণপতি মুষিকত চড়ি।
ভয় হুয়া পলাইলা সমৰ ভূমি এৰি॥
কুম্ভক কৰিল সাম্বে গদাৰ প্ৰহাৰ।
বাণসুত কুম্ভ গৈলা যমৰ দুৱাৰ॥ ৪০৪
কুম্ভ পৰিবাৰ দেখি যত ভাই আছে।
একেবাৰে সাম্বক বেঢ়িলে আগে পাছে॥
হেন দেখি সাম্ব ধাইল কৰে গদা ধৰি।
মৃগযুথ লাগি যেন প্ৰমত্ত কেশৰী॥ ৪০৫
এক এক গদাকোবে কৃষ্ণৰ কুমাৰ।
ভূহুৰ্ত্তেকে সবাকে পেষিলা যমদ্বাৰ॥
নিগুটি কৰিলা সবে বাণ সুতচয়।
চাৰি অক্ষৌহিণী সেনা গৈল যমালয়॥ ৪০৬
কৰে গদা ধৰি সামে যিভিতিক চাৱ।
সিভিতিৰ প্ৰজা ভাগি তৰাসে পলাৱে॥
যেন বহ্নিকুণ্ড লাগি আছে ঘোৰ বনে।
সেহিমতে সেনা মাৰিলন্ত সামে ৰণে॥ ৪০৭
সাত্যকিক যুজিয়া আছিল বাণৰায়।
সাত্যকিক এড়িয়া সাম্বক খেদি যাই॥
হেন দেখি কৃষ্ণে আগে ভেণ্টিলন্ত তাক।
তোৰ কাল আছো বাণ এড়ি যস কাক॥ ৪০৮

বাণৰজা আৰু কৃষ্ণৰ যুদ্ধঃ

হাজাৰেক বাহু তোৰ ছেদিবে কেমনে।
সিংহ এড়ি সিংহ শিশু দাস কি কৰাণে॥
হেন শুনি বাণৰাজা মহাক্ৰোধ কৰি।
গোবিন্দক ধাইল পাঞ্চ শত ধনু ধৰি॥ ৪০৯
আউৰ হাতে পাঞ্চ শত হানে শৰচয়।
প্ৰত্যেক ভৰিতে ভূমি থৰতে কাম্পয়॥
একেবাৰে গোবিন্দক ক্ষেপিলা সমৰে।
দিশপাশ আকাশ ঢাকিল বাণ শৰে॥ ৪১০
সাৰঙ্গ ধৰিয়া অৱহেলে দেৱহৰি।
অৰ্দ্ধচন্দ্ৰ শৰ প্ৰহাৰিলা লক্ষ্য কৰি॥
বৰ ছোটে ভেদিলন্ত ময়ুৰৰ ধ্বজ।
পাছে কাটি পেলাইল ৰথৰ দশ গজ॥ ৪১১
সাৰথিৰ শিৰ ছেদিলন্ত শৰ হানি।
পাঞ্চ শত ধনুকো কাটিলা চক্ৰপাণি॥
ধনু ভঙ্গে বাণ ৰাজা মহাক্ৰোধ কৰি।
গোবিন্দক ধাইল আউৰ ধনু শৰ ধৰি॥ ৪১২
অবহেলে তাহাক কাটিলা হৃশীকেশ।
পাঞ্চ শত গদা বাণে ধৰিলা বিশেষ॥
কাটিলা গদাক হৰি ক্ষুৰশৰ ধৰি।
অনন্তৰে বাণ ৰাজা মহাকোপ কৰি॥ ৪১৩
সহস্ৰেক শূল ধৰি ধাল মহাবেগে।
পৃথিৱী আকাশ টলবল যেন ভাগে॥
মহাক্ৰোধে প্ৰহাৰিলা হাজাৰেক শূল।
হাসি কৃষ্ণে শৰে কাটি কৰিলা নিৰ্ম্মূল॥ ৪১৪
যেহি যেহি অস্ত্ৰ প্ৰহাৰয় কোপমনে।
সেহি সেহি অস্ত্ৰক কাটন্ত তেতিক্ষণে॥
অস্ত্ৰহীন ভৈল ৰাজা মহাঘোৰ ৰণে।
হাজাৰেক বাহু মেলি গ্ৰাসিবাক মনে॥ ৪১৫
খেদি আসে দেখি কৃষ্ণে হাতে চক্ৰ ধৰি।
অস্ত্ৰক সম্বুধি মাতিলন্ত দেৱহৰি॥
বাণ নৃপতিৰ হাজাৰেক তাৰ কৰ।
চাৰিখান ৰাকি মাত্ৰ কাটিয়ো সত্বৰ॥ ৪১৬
এহি বুলি চক্ৰ হৰি কৰিলা প্ৰহাৰ।
চিকিমিকি কৰি চলে পৱন সঞ্চাৰ॥
সহস্ৰ আদিত্য যেন চক্ৰে যাই খেদি।
হাজাৰেক বাহু তাৰ পেলাইলন্ত ছেদি॥ ৪১৭
চাৰিখান বাহু ৰাখিলন্ত অৱশেষ।
পুনু চক্ৰ আইল যিঠাৱত হৃষীকেশ॥
সুদৰ্শন চক্ৰ যেবে কৃষ্ণ হাতে লৈলা।
পুনুৰপি বাণে যুজিবাক সাজ ভৈলা॥ ৪১৮
বাম দুই হাতে লৈলা বাৰু দুই খান।
দক্ষিণ দুই হস্তে খাণ্ডা ধৰিলন্ত বাণ॥
হেন দেখি দুগুণে কিটাইলা দেৱহৰি।
কাটিবাক সাজ ভৈলা কৰে চক্ৰ ধৰি॥ ৪১৯
নামত কোট্টৰী আতি তাই ৰাজ মাতা।
বাণে কৃষ্ণে যুদ্ধ ভৈল তাই পাইলে বাৰ্ত্তা॥
হাজাৰেক বাহু ছেদিলন্ত চক্ৰপাণি।
তথাপি কৃষ্ণক খেদি য়াই মন্দ প্ৰাণী॥ ৪২০
কৃষ্ণ খেদি আসে কোপে কৰে চক্ৰ ধৰি।
হেন বাৰ্ত্তা পাইলে তাই নামত কোট্টৰী॥
কাটিবাক লাগি চক্ৰ ধৰিলা প্ৰৱন্ধি।
পলাইবাক লাগি বাণে নপাৱয় সন্ধি॥ ৪২১
কোনবা প্ৰকাৰে তাৰ প্ৰাণ ৰক্ষা যাই।
হেন দেখি ৰাজমাতা চিন্তিলা উপায়॥
আতি শীঘ্ৰ গৈলা তাই সমৰৰ মাজ।
দেখে পুত্ৰ বধিবাক কৃষ্ণে ভৈলা সাজ॥ ৪২২
মাৱে নউ চক্ৰ প্ৰহাৰন্ত দেৱ হৰি।
উলঙ্গত হুয়া মই হওঁ দিগম্বৰী॥
পুত্ৰস্নেহে কোট্টৰী এড়িলে লাজ কাজ।
বিবস্ত্ৰ ভৈলেক তাই বন্ভূমি মাজ॥ ৪২৩
বিবস্ত্ৰ নাৰীক দেখিলন্ত দেৱহৰি।
থাকিলন্ত নাৰায়ণে মুখ কাটি কৰি॥
ঝণ্টে পলা পলা পুত্ৰ পাৰয় আটাস।
পলায়া গৈলেক বাণ শঙ্কৰৰ পাশ॥ ৪২৪
শঙ্কৰে দেখয় তাৰ ছেদ ভৈল কৰ।
কোপে জ্বলিলেক হৰ যেন যমসৰ॥
ব্ৰহ্মা ইন্দ্ৰ প্ৰমুখ্যে যতেক দেৱগণ।
স্বৰ্গ ছাৰি ভূমিত ভৈলন্ত উপসন্ন॥ ৪২৫
সমৰ ভূমিত দেৱগণ ভৈলা ঠিৱ।
হৰক বোলন্ত কি কাৰাহা সদাশিৱ॥
হৰ মুখ চাই ব্ৰহ্মা দিলন্ত উত্তৰ।
বিজৃম্ভণ শৰ ছোট পাসৰিলা হৰ॥ ৪২৬
পৃথিৱীৰ ভাৰ সংহৰিহা অবিকলে।
তুমি আমি বিষ্ণু চলো যাৰ আজ্ঞাবলে॥
আমাৰেসে কাৰ্য্য সাধি পুৰন্ত মাধৱ।
তুমি কি কাৰণে তাঙ্ক কৰা উপদ্ৰৱ॥ ৪২৭
কাঞ্চন এড়িয়া কাচ মণি লৱা টানি।
পুষ্পক এৰিয়া তুমি লৱা কাঠমণি॥
ক্ৰোধ পৰিহৰি থিৰ কৰিয়োক চিত্ত।
সবে মিলি যাওঁ আসা কৃষ্ণৰ সন্নিত॥ ৪২৮
ব্ৰহ্মাৰ বচনে হৰি এৰিলা সমৰ।
কৃষ্ণৰ পাশক লাগি চলি গৈলা হৰ॥
মাতবোল কৰি দুয়ো ভৈলা একমত।
বুলিলন্ত পূৰ্ব্বাপৰ কাৰ্য্য অভিমত॥ ৪২৯
পূৰ্ব্বত অমৰ বৰ দিলোহো বাণক।
কেনমতে মাৰিৱাহা ইহাৰ প্ৰাণক॥
হেন শুনি হৰি পাছে দিলা সমিধান।
এহিসে কাৰণে তাৰ ৰক্ষা গৈল প্ৰাণ। ৪৩০
পৃথিৱীৰ ভাৰ কিন্তু লাগে খণ্ডিবাক।
কৈলাসক লাগি লৈয়া যায়োক ইহাক॥
দ্বাৰত থৈয়োক নিয়া দ্বাৰপাল কৰি।
এহিবুলি হৰক প্ৰবোধ দিলা হৰি॥ ৪৩১
হৰিক প্ৰণাম কৰিলন্ত দেৱগণ।
বাণে প্ৰাণমিলা আসি কৃষ্ণৰ চৰণ॥

ঊষা-অনিৰুদ্ধৰ বিবাহঃ

অনিৰুদ্ধ কুমৰক আনিলেক বাণ।
ঊষাক আনিয়া বিধিৱতে দিলা দান॥ ৪৩২
ৰথী ৰথ দাস দাসী সুবৰ্ণ ৰজত।
অনেক যৌতুক দিলা জীউৰ লগত॥

গদ-চিত্ৰলেখাৰ বিবাহঃ

অনিৰুদ্ধে কুভাণ্ডক বুলিলন্ত বাণী।
চিত্ৰলেখা নামেযে তোমাৰ জীউ খানি॥ ৪৩৩
গদক দিয়োক বিহা আমাৰ বচনে।
হেন শুনি মন্ত্ৰী আনি দিলা তেতিক্ষণে॥
চিত্ৰলেখা কন্যাক গদক দিলা দান।
দক্ষিণা দিলেক মন্ত্ৰী শকতি যিমান॥ ৪৩৪
পাছে কৃষ্ণে বাণসুত নিকুম্ভক আনি।
অভিষেক ৰাজ্যতে কৰিলা চক্ৰপাণি॥
নিকুম্ভক শোণিত পুৰত ৰাজা কৰি।
যথাযোগ্য দেৱতাক বিসৰ্জ্জিলা হৰি॥ ৪৩৫
নিজ সঙ্গে বাণক নিলন্ত ত্ৰিপুৰাৰি।
কৈলাসত তাক নিয়া পাতিলা দুৱৰী॥
হৰিৰ প্ৰসাদে বাণ সৰ্ব্বসিদ্ধি ভৈল।
মানৱী শৰীৰে দেৱ ভূবনক গৈল॥ ৪৩৬
পাছে মহাৰঙ্গে ৰথে চড়ি দেৱ হৰি।
চলিলন্ত আপোনাৰ দ্বাৰকা নগৰী॥
মহাৰঙ্গে পুষ্প বৰিষন্ত দেৱগণ।
পৰম আনন্দে যান্ত আপোনাৰ থান॥ ৪৩৭
শ্ৰীচন্দ্ৰ ভাৰতী ভণে তেজা আন কাম।
পাতক ছাৰোক ডাকি বোলা ৰাম ৰাম॥

কৃষ্ণৰ দ্বাৰকালৈ যাত্ৰাঃ

॥ দুলড়ী॥

দ্বাৰকা নগৰ যান্ত দামোদৰ
কৰি অতি বহু ৰঙ্গ।
সোণাৰ আস্ফোট নাচে নটী নট
বাজয় তাল মৃদঙ্গ॥
দ্বাৰকা নগৰে লোক নিৰন্তৰে
জানিলা আসন্ত ছবি।
সবান্ধৱে আসে পৰম উল্লাসে
হাতে দাপ ঘট ধৰি॥ ৪৩৮
ঊষা অনিৰুদ্ধ বিবাহ প্ৰসিদ্ধ
কৰাইলা বংশ যতেক।
চিত্ৰলেখা গদ বিবহ আমোদ
কৰাইলা হৰি প্ৰত্যেক॥

সামৰণি

ভাগৱত পদ শুনা নিশবদ
বিৰচিলো ৰঙ্গমনে।
হৰিহৰ ৰণ কুমৰ-হৰণ
সমাপতি এহিমানে॥ ৪৩৯
নমো নমো কৃষ্ণ কৃপাময় ইষ্ট
কৃপাৰ সাগৰ হৰি।
কৃপা কৰা নাথ ত্ৰাহি জগন্নাথ
সবে দোষ পৰিহৰি॥
তযু ভকতৰ সঙ্গ হোক মোৰ
বচনে নেৰোক নাম।
তোমাৰ চৰণে পশিলো শৰণে
নাহি মোৰ আন কাম॥ ৪৪০
কৃষ্ণ পদ দৃঢ় ভাগৱত পদ
শ্ৰীচন্দ্ৰ ভাৰতী ভণে।
আন যত কাম কৰিলো বিৰাম
একান্ত সাধু ভজনে॥
সাধু সঙ্গ মোক সদায় দিয়োক
নামাগোহোঁ আন বৰ।
জনমে জনমে সাধু সমাগমে
স্থিতি হোক নিৰন্তৰ॥ ৪৪১
শৰণ ভজন ভক্তিৰ লক্ষণ
প্ৰচাৰিলা জগত ভৰি।
তাহান কৃপাত আমি ভৈলো যাত
ভক্তি যে সংসাৰ তৰী॥
ভক্তি সব গূঢ় আমি মহা মূঢ়
শাস্ত্ৰ গৰ্ভে অন্ধ ভৈলো।
ইটো মদান্ধত তাৰিয়োক নাথ
চৰণে বিক্ৰয় গৈলো॥ ৪৪২
শৰণ ভজন ধৰ্ম্ম বিতোপন
কলি ধৰ্ম্ম সাৰতৰ।
শ্ৰবণ কীৰ্ত্তন ভকতি প্ৰধান
প্ৰকাশ কৈলা শঙ্কৰ॥
শাস্ত্ৰ প্ৰতিপাদ্য সন্ত সূৰ্য্য আদ্য
নিনিন্দিবা একো প্ৰাণী।
কলিযুগ মধ্যে বৈষ্ণবেসে বিষ্ণু
কহিলো সন্ত কাহিনী॥ ৪৪৩
যত অপৰাধ সগোহো তামাত
ক্ষমিয়ো তযু চৰণে।
পদ কবিতাত ৰচিলো সাক্ষাত
বঢ়া টুটা দোষ মানে॥
মোৰ পদচয় নোহে সুখোদয়
কৃষ্ণৰ চৰণ ধৰি।
বচন চাতুৰি সবে দূৰ কৰি
ডাকি বোলা হৰি হৰি॥ ৪৪৪