কাৰেঙৰ লিগিৰী/প্ৰথম অঙ্ক/প্ৰথম দৰ্শন

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
কাৰেঙৰ লিগিৰী
  • কাৰেঙৰ লিগিৰী - প্ৰথম অঙ্ক
  1. প্ৰথম দৰ্শন
  2. দ্বিতীয় দৰ্শন
  3. তৃতীয় দৰ্শন
  4. চতুৰ্থ দৰ্শন
  5. পঞ্চম দৰ্শন
  • কাৰেঙৰ লিগিৰী - দ্বিতীয় অঙ্ক
  1. প্ৰথম দৰ্শন
  2. দ্বিতীয় দৰ্শন
  3. তৃতীয় দৰ্শন
  4. চতুৰ্থ দৰ্শন
  • কাৰেঙৰ লিগিৰী - তৃতীয় অঙ্ক
  1. প্ৰথম দৰ্শন
  2. দ্বিতীয় দৰ্শন
  3. তৃতীয় দৰ্শন
  • কাৰেঙৰ লিগিৰী - চতুৰ্থ অঙ্ক
  1. প্ৰথম দৰ্শন
  2. দ্বিতীয় দৰ্শন
  • কাৰেঙৰ লিগিৰী - পঞ্চম অঙ্ক
  1. প্ৰথম দৰ্শন
  2. দ্বিতীয় দৰ্শন
  • কাৰেঙৰ লিগিৰী - সমাপতি
  1. সমাপতি


(কাৰেঙৰ – সুন্দৰ কোঁৱৰৰ শোৱনি কোঠা। কোঠাৰ সোঁমাজতে পাছৰ বেৰৰ দাঁতিলৈ পথালিকৈ এখন সিংহৰ মূৰ আৰু আগ ভৰিৰ ওপৰত থিয় হোৱা ঠগৰ খুৰা লগোৱা সোণখটোৱা চালপীৰা। পাছফালৰ বেৰত তিনিখন ডাঙৰ ৰূপৰ দাপোণ ।পালেঙৰ ওপৰত বৰ ডাঙৰ সোণৰ বৰজাপি এটা তৰি থোৱা আছিল । কোঠাটোৰ বাওঁফালে তিনিগছি শলিতাৰ বন্তি এটা ওপৰৰপৰা ওলোমাই থোৱা আছিল । চালপীৰাৰ আগত সোঁফালে অলপ আঁতৰত এখন বৰপীৰা । তাৰ শকত শকত খুৰাবোৰত সোণ-ৰূপৰ ফুলকটা আৰু ওপৰত এখন ডাঠ দলিচা পৰা । তাত এদ’ম হাতেলিখা পুথি । চালপীৰাৰ বাওঁফালে হাতেৰে ঢুকি পোৱাত চালপীৰাৰ সমান ওখ এখন বৰ বহল সোণৰ শৰাই । তাতো বহুত পুথি । কোঠাটোৰ সোঁ আৰু বাওঁফালৰ বেৰত দুখন দুৱাৰ । দুৱাৰৰ ওপৰভাগ কলডিলৰ গঢ়ৰ, ৰূপৰ আৰু ফুল কটা,কোঠাৰ ভিতৰলৈ মেল খায় । এতিয়া দুয়োখন জপোৱা আছে । আঁৰ কাপোৰ তুলিলত সুন্দৰ কোঁৱৰক চালপীৰাৰপৰা ভৰি ওলোমাই গাৰুত আঁউজি কপালৰ গাঁঠি থোপাকৈ ওলমি থকা চাকিটোৰ ফালে থিৰ চকুৰে চাই . গালত হাত দি কিলাকুটিৰে গাৰুত ভৰ দি বৰ চিন্তাকৈ থকা দেখা গ,ল । সুন্দৰ যদিও বয়সত ২৮ বছৰীয়া. কিন্তু মুখৰ ভাব কিছু বয়সীয়াৰ দৰে । দীঘলীয়া মুখেৰে দেখিবলৈ ধুনীয়া । গাৰ বৰণ গৌৰ । নিপোটল যদিও শকত নহয় । সুন্দৰে সেইদৰে অলপ সময় থাকি ওচৰতে থকা শৰাইৰপৰা পুথিৰ পাত এটা আনি চকু ফুৰাবলৈ ধৰোতেই সোঁফালৰ দুৱাৰত কোনোবাই খুন্দিয়ায় । সুন্দৰে সাৰ নিদিয়ে । আকৌ খুন্দিয়াই আৰু মাতে “সুন্দৰ অ’ সুন্দৰ , দুৱাৰ মেলচোন । এইবাৰ সুন্দৰে অলপ চক খায় আৰু দুৱাৰৰ ফালে চকু ঘূৰায় । খুন্দিওৱা বাঢ়ে আৰু আগতকৈ ডাঙৰকৈ “দুৱাৰ মেলচোন” । সুন্দৰে বৰ বিৰক্তিৰে উঠি গৈ দুৱাৰৰ ডাঙ খুলি দি তিনি খোজ পাছলৈ আহি, তীব্ৰভাৱে দুৱাৰৰ ফালে চাই থাকে । দুৱাৰ মুকলি হয় । ৰাজমাও সোমাই আহে . বয়স প্ৰায় ৫০ অৰ ওপৰ . চুলি আধাপকা । বাৰ্ধক্যৰ ছাঁ পৰিছে যদিও খোজে –কাটলে আদবয়সীয়াৰ দৰেহে । ৰাজমাৱে কিবা এটা কব খোজোতেই সুন্দৰে কয় ।)


সুন্দৰ- আইতা, তুমি মোৰ মুৰটো ঘোলা নকৰা মানে নেৰা নেকি ? দিন নাই ৰাতি নাই সেই একেটা কথা ! তোমাৰ আৰু ভাবিবলৈ কৰিবলৈ একো নোহোৱা হ’লনেকি ?
(বৰ বিৰক্তিৰে ৰাজমাওৰ ওচৰৰ পৰা আঁতৰি গৈ বৰপীৰাত বহি পুথিবোৰ লৰাই-চৰাই খম মুৱা হৈ বহি থাকে।)
ৰাজমাও - (খং উঠে যদিও নিজকে চম্ভালি কোমল মাতেৰে)
তইনো কেনেকৈ জানিলি মই সেই একে কথাকে -
সুন্দৰ - জানিবলৈ আৰু ভাবিব লাগিছেনে ? সেই একেটি কথাৰ বাহিৰে তোমাৰ আৰু কি কথা থাকিব পাৰে? তোমাৰ আজি কেবছৰে চিন্তা সেইটিয়েই । কামৰ ভিতৰত মোক সেই একেটি কথাকে দিনটোত দহবাৰ শুনাই চৌধবাৰ আমনি কৰিবা।
ৰাজমাও - আজি বা আন কথাকে-
সুন্দৰ - আজি তেন্তে ভূতৰ ওপৰতে দানহ। (ৰাজমাওলৈ চাই) কিনো আকৌ ন বতৰা ?
ৰাজমাও - স্বৰ্গদেৱ ঈশ্বৰ বুঢ়া হৈছে । ৰাজ্যভাৰ তোমাক দি ধৰ্ম কাৰ্য সাধিবৰ মন।
সুন্দৰ - পিতৃৰ বোজা পুত্ৰই ল’ব । তাতনো সুধিবৰ কি আছে ? ( ৰাজমাও কিছুপৰ মনে মনে থাকি যাব খোজে-পিছে কওঁ নকও কৈ।)
ৰাজমাও - পিছে ৰজা হৈ বহিবলৈ গ’লে –
সুন্দৰ - বিবাহ কৰিব লাগিব। তাকে কোৱা, তাকে কোৱা । (ডাঙৰকৈ হাঁহে । ৰাজমাও অপ্ৰস্তুত হয় । সুদৰ্শন আৰু অনঙ্গৰাম সোমাই আহে । দুয়ো সুন্দৰৰ বয়সীয়া । সুদৰ্শন গৌৰ বৰণৰ মুখ ঘূৰণীয়া। অনঙ্গৰামৰ শাও বৰণীয়া আৰু দীঘলীয়া মুখৰ আৰু কুন্দত কটা গঢ়ৰ । অনঙ্গ এবাৰ সুন্দৰৰ ফালে এবাৰ ৰাজামাওৰ ফালে তীব্ৰভাবে চাই, তেওঁলোকৰ ভিতৰত হোৱাৰ কথাৰ আভাস পাবলৈ যেন চেষ্টা কৰে ।)
অনঙ্গ -(হাঁহি) হাঁহিবৰ নো কি কথা হ’ল মোৰ বান্ধ ?
সুন্দৰ -(ডাঙৰকৈ হাঁহি) অনঙ্গ মোৰ বান্ধ....তিৰোতাৰ বান্ধ। তিৰোতাৰ বুদ্ধি মূৰৰ পৰা নোলায় পেটৰপৰাহে ওলায় । (হাঁহে)
ৰাজমাও -(সুদৰ্শনক) বাপা সুদৰ্শন, ঠিক জানিলো ইয়াৰ কিবা মূৰৰ বিকাৰ হৈছে । ইয়াক শাস্ত্ৰই নুশুজে ।
( সুন্দৰে আকৌ ডাঙৰকৈ হাঁহে । এইবাৰ ৰাজমাৱে “নোৱাৰোঁ তোৰ লগত মোৰ বোপাই” বুলি তাৰপৰা ওলাই যায় ।)
সুদৰ্শন - কিনো কথাত হাঁহা । ময়ো নুবুজাকৈয়ে হাঁহিছো । কথাৰ গুৰিনো ক’ত?
সুন্দৰ -এ আমাৰ আইদেউতাৰ মূৰৰ কটুৰ মাটিত । আজি মোৰ আইয়ে ৰাজমুকুটৰ ভিতৰত কইনা এজনী লুকাই আনিছিল মোৰ বান্ধ-ৰাজমুকুটৰ ভিতৰতে।
অনঙ্গ - (কৃত্ৰিমালিৰে) বৰ ভালৰে কথা । পিছে, বান্ধই বা কি কলে ?
সুন্দৰ -ৰাজমুকুটটো গধুৰ । তাৰেই ভাৰ দুৰ্বহ । আৰু নো আন এটা ভাৰ তাত কিয়? (অনঙ্গ আৰু সুদৰ্শনে হাঁহে)
সুন্দৰ - (চিন্তাযুক্ত হৈ) বন্ধু তোমালোকে যিয়েই কোৱা লাগে, মই আইৰ এনে প্ৰস্তাৱত মত নিদিওঁ । বন্ধু , ইয়াৰপৰা মোক তোমালোকে উদ্ধাৰ কৰিব নোৱাৰানে ?
সুদৰ্শন -মোৰ মত কিন্তু আন । বিবাহ বান্ধনিত সামাজিক আৰু শাৰীৰিকভাবে সোমায়ো তুমি মন আঁতৰত ৰাখিব পাৰা। সেয়ে হ’লে সামাজিক প্ৰথাও উলঙ্ঘন নহয়, মাতৃ আজ্ঞা আৰু প্ৰজাৰ আগ্ৰহো ৰয় । একো ক্ষতি নহয় ।
সুন্দৰ -হ’ব। তিৰোতা আৰু খোঁচৰ ব্যাধি একে বস্তু । তাৰ এবাৰ সংস্পৰ্শত আহিলে সি তোমাক জুৰি ল’ব । সেই কাৰণে মুক্তি আৰু শান্তি প্ৰয়াসী মুনি-ঋষিসকলে, আমাৰ ধৰ্মৰ বহু শাস্ত্ৰই কামিনী-কাঞ্চন ত্যাগ কৰি তাক দূৰতে বিদূৰ কৰিবলৈ কৈছে । তেওঁলোকে বহু গৱেষণা, চিন্তা আৰু অভিজ্ঞতাৰ ফলত এনে এটা পন্থাৰ উদ্দেশ্য আমি পাইছো যে সেই পন্থা যেতিয়া মোৰ মনঃপূত হৈছে, তোমালোকে বলেৰে মোক কিয় আন বাটেদি নিব খুজিছা?
সুদৰ্শন -সেইবোৰ শাস্ত্ৰকাৰ আৰু মুনি-ঋষিৰ মনৰ বেমেৰুৱা অৱস্থাত সপোনত দেখা পন্থা । সেইবোৰ মাত্ৰ অলংকাৰ চন্দশাস্ত্ৰ -সন্মত শ্লোক ছন্দেৰে লিখা মিছা যুক্তিপূৰ্ণ প্ৰলাপৰ বাহিৰে আন একো নহয় ।
সুন্দৰ -বেছ বেছ, বেছ কলা কিন্তু । সেই বুলি সহজে তোমাৰ যুক্তিত মই পতিয়ন যাম বুলিও নাভাবিবা । বন্ধু, তোমাৰ তৰ্কৰ পৰা আমাক ৰেহাই দিব লাগে । তৰ্কৰ জালেৰে বুকুৰ ভাব বন্দী নহয় । ( কিছুপৰ তলকা মাৰি থাকি)নহয় নহয় , মোৰ বিবাহ নহ’ব । মোৰে সৈতে আৰু তৰ্ক নকৰিবা । বিয়াৰ ৰভাঘৰৰ তলেদি অগ্নিক সাক্ষী কৰি, কন্যাৰ আঁচলৰ গাঁঠিতহে যদি মোৰ ৰাজমুকুট আহিবৰ বাট-তেন্তে সি দূৰতে থাকক । সম্বন্ধ নথকা কথাৰে বিশেষ সম্বন্ধ পাতি তাক অছেদ অভেদ বুলি দেখুৱাব পৰা অলীক প্ৰিয় তিৰোতাৰ ইয়ো এটা ওজা কাৰিকৰী ।(ৰাজমাও বৰ খঙ মুৱা হৈ সোমাই আহে)
ৰাজমাও -মোৰ তৰ্ক বাগীশ পুত্ৰ-তই ইয়ালৈকে শাস্ত্ৰ পঢ়িলি । বেদ-বেদান্তই ইয়াকে কয় ?পুৰাণ ভাৰতে মাতৃ আজ্ঞা লঙ্ঘন কৰিবলৈ কয় ?( বৰ অধৈৰ্য হৈ ) মোৰ বাপ ! আজি তিনি বছৰে মাৰক তিল তিলকৈ পুৰিছ । আৰু নো কিমান দিন মোক এনে কষ্ট দিবি তৰ্কৰে ৰাজ্য নচলে, বুঢ়া বাপেৰ সন্তুষ্ট নহয় । জনম দিয়া মাৰৰ পেটৰ পোৰণি নুগুচে ।

(অনঙ্গ উঠি ৰাজামাও ওচৰলৈ আহি )

অনঙ্গ - ৰাজমাও দেউতা, অধৈৰ্য হ’বৰ একো কাৰণ নেদেখোঁ । অপেক্ষা কৰোক মাও । সুন্দৰৰ মতি-গতিৰো সালসলনি হ’বৰ সময় আছে ।বিবাহৰ বয়সো উকলি যোৱা নাই । ইজনী কন্যাত অমত হ’বও পাৰে । আন কন্যা চাই-চিতি সুন্দৰৰ মত সুধিলেও হ’ব মাও । খৰ-খেদানো কিয় ? শানত হওক ।
সুন্দৰ -(ৰাজমাওক)তুমিও মোৰ যেনে মাও, ময়ো তোমাৰ তেনে সন্তান । তুমিও নেৰা ময়ো নেৰো । তুমি আৰু মোক আমনি নকৰিবা । মোক বিবাহৰ কাৰণে এনেকৈ আমনি কৰিলে মই কাৰেঙ –ৰাজ্য এৰি দি গুচি যাম । বিয়া সুন্দৰে নকৰায় ।
অনঙ্গ -বান্ধ তুমি দিনে দিনে ল’ৰা হৈহে আহিছা-বলা ইয়াৰ পৰা আহা । (এই বুলি বাহুত ধৰি সুন্দৰক সোঁফালৰ দুৱাৰেদি লৈ যায় । সুদৰ্শনো পাছে পাছে যায় গৈ । ৰাজমাৱে তাত কিছুপৰ থিয়দি থাকি দীঘলকৈ হুমুনিয়াহ পেলায় । ঘুৰি-পকি কোঠাটোৰ চাৰিওফালে চাবলৈ ধৰে । বৰ শৰাইখনৰ ওচৰলৈ গৈ পুথি-পাঁজিবোৰ লুটিয়াই-পুটিয়াই চাই পুথিবোৰৰ ওপৰত বৰ বিৰক্তিৰ ভাব প্ৰকাশ কৰে । )
ৰাজমাও -এই পুথি-পাঁজিবোৰেই ইয়াৰ কোমল মতি অবাটে নিলে । এইবোৰে ইয়াৰ মুৰটো ঘোলা কৰিলে । (বাওঁফালে ছোৱালীৰ হাঁহি-খিকিন্দালি । ৰাজমাৱে সেইফালে ঘুৰি খঙেৰে ) কোন সেইকেইজনী তাত ?

(ভিতৰৰ পৰা “আমি ৰাজমাও দেউতা” )

ৰাজমাও- অ’ শেৱালি, ৰেৱতী ! এইফালে আহহঁক । (শেৱালি-ৰেৱতী লৰা-ঢপৰাকৈ সোমাই আহে । শেৱালিয়ে এযোৰ কলপতীয়া , গাত বগা ফুলীয়া ৰিহা-মেখেলা পিন্ধে , বয়স প্ৰায় সোতৰ-ওঠৰমান । দেখিবলৈ বৰ ধুনীয়া আৰু বগা । মুখত এটা কোমল কৰুণ ভাব । ওখ , পাতল গঢ়ৰ আৰু লালি কঁকালৰ খোঁজত গাম্ভীৰ্য । ৰেৱতীৰ গাত ৰঙা ফুলাম ৰিহা-মেখেলা । বৰ ওখ নহয় । স্বভাৱতে লচপচী । শাওবৰণীয়া সুন্দৰী । চকুত এটা আক্ৰোশৰ আৰু বিৰক্তি ভাব বৰ্তমান, বয়স ২০ মান হ’ব।) তহঁতৰ গাত কি লাগিছে । হাঁহি-খিকিন্দালিত কাৰেঙ উৰাব ধৰিছে কিনো কৰিছিলি তাত ?
ৰেৱতী-( অলপ পৰ ৰৈ) মূৰ মেলাইছিলো ৰাজমাও দেউতা।
ৰাজমাও -(বিদ্ৰূপেৰে) মূৰ মেলাইছিলে মোৰ অপেচৰীহঁতে । ঘৰৰ বন-বাৰী এৰি আইদেউহঁতে দাপোণ চাই সেওঁতা ফালিছিলে। ধুন মাৰি ধুন মাৰি , গা দেখাই গা দেখাই মোৰ ল’ৰাটোক বলিয়া কৰিলে। (শেৱালি-ৰেৱতীক তলমূৰ কৰি থকা দেখি) এতিয়া অপেচৰী আইটীহঁত –নখে মাটি লেখি থাকিব নালাগে । হাতে হাতে বন ধৰিব পায় । পুথি-পাঁজিবোৰ সিঁচৰতিকৈ কেনেকৈ থৈ গৈছে-সজাই থহঁক । (তাৰ পাছত খঙেৰে নিজে গৈ পুথি কিছুমান ঠিক কৰি) তাৰ মূৰত কিবা যখিনী শাঁকিনীয়েহে বাহ লৈছে । শাস্ত্ৰ –শাস্ত্ৰ পঢ়িছে । শাস্ত্ৰ পঢ়ি অশাস্ত্ৰীয় মতৰ বৰভেটী বান্ধিছে । (ৰাজমাও বেগেৰে বাওঁফালেদি ওলায় যায়গৈ । শেৱালি আৰু ৰেৱতীয়ে ৰাজমাওৰ ফালে চাই থাকে । ৰাজমাও ওলাই গলত ৰেৱতীয়ে মুখখন বেকেটা কৰি গাটোৰে বিৰাগসূচক ভঙ্গি কৰি উচাট মাৰি যোৱাদি দৈ পালেঙত সিঁচৰতি হৈ থকা পুথিবোৰ গোটাবলৈ লাগি শেৱালিৰ ফালে ডিঙি বেঁকা কৰি চায় । শেৱালিয়ে তলমূৰকৈ ৰিহাৰ আঁচলটো চিকুটা চিকুটিকৈ থকা দেখি।)
ৰেৱতী - বোলো , শেৱালি ভনীটিৰ গাত বৰকৈ বাজিলে নেকি? (আনফালে মুখ ঘূৰাই) বাজিবতো।
শেৱালি - (অভিমানেৰে) তোৰ নালাগিব পাৰে। মইতো তোৰ দৰে মানুহৰ মন ভুলাবলৈ গোন্ধতেল ঘঁহি নুফুৰো নহয়।
ৰেৱতী - উঃ এতিয়া মোৰ গাতহে খোপটো লাগিলগৈ? মইয়ে চাওঁ নে আন কোনোবাই, বুজোতাই বুজি কৈ গ’ল নহয়। উলুৰ লগতে মই মাজতে বগৰী পুৰিলো। (শেৱালি কিছুপৰ মাতিব নোৱাৰা হৈ থাকে) ( ওঁঠত এটা দুষ্টালিৰ হাঁহিৰে) ভনীটি, বোলো মাতবোল হৰিল দেখোন? কথা গৈ গাজত লাগিলগৈ হ’বলা।
শেৱালি - তোৰহে ভিতৰি ভিতৰি তেনে মন হ’ব পায় । মোৰ কথা কোৱাৰ ছলেৰে নিজৰ মন উবুৰিয়াই দিছ ।
ৰেৱতী - উঃ আমি এতিয়া কুঁৱৰীজনী হ’বলৈহে আশাপালি আছোঁ। (হাঁহি ) এৰা! এৰা এইবাৰ কুঁৱৰী হৈ বহি শেৱালি সতিনীক চুলিত ধৰি বনবাস দিম। মোৰ গোসাঁই ঐ-ডেকা-বঢ়াটোলৈ তোৰ মন খালে বুলি আটাইৰে মন খাবনে ? আমি কোঁৱৰ দৰা বিচাৰি ফুৰা নাই নহয়।

কাঁহীত নাখাওঁ      বাটিত নাখাওঁ

নাখাওঁ সঁফুৰাত গুৱা
মনৰ জোখাই      নাপাওঁ মানে

দেহাকো নকৰোঁ চুৱা।


শেৱালি - তই মুখ ৰাখি কথা কোৱা ভাল বুজিছ ।
ৰেৱতী - অ’ তোৰ বুকুত হবলা বেজাৰে খুন্দা মাৰি ধৰিলেগৈ। পিছে নেচেল, যিয়েই আলচা মিছা । কুঁৱৰী হ’বলৈ নোপোৱা । পৰ্বতত কাছকণী সাগৰত জুই , তাক নিবিচাৰি থাকিবা শুই । কোঁৱৰে তোক অলপ মৰম কৰে দেখি হবলা বৰকৈ মুখ মেলিছ ? অস অস আশাধাৰী জীৱ ঐ !
শেৱালি - অ’ সেইহে হবলা তোৰ চকু চৰহিছে !
ৰেৱতী- এৰা এৰা হয়তো । সেই ফেৰিৰ তুমিয়েই গৰাকী হোৱা । আমাৰ ভাত নোযোৱা হোৱা নাই । লাজো নালাগে কটা । ভালেটোহে ৰাজমাৱে গেজেৰ কৰে সেইষাৰ মাৰি গল ।
শেৱালি -থাক থাক তেনে তয়ে ইয়াতে ।


(এই বুলি শেৱালিয়ে কন্দনামুৱা হৈ বাঁওফালেদি ওলাই যাবলৈ দুৱাৰমুখ পাওঁতেই ভিতৰৰপৰা বপুৰা আহি আগভেটি ধৰেহি। শেৱালিয়ে তাৰ পৰা আঁতৰলৈ আহি তললৈ চাই চকু মোহাৰে । বপুৰা আহি একো কথা-বতৰা নকৈ শেৱালিৰ ভৰিৰপৰা মূৰলৈকে চাই-তললৈ মূৰকৈ জুমি চকু পানী চায় । বপুৰা বয়সত যদিও মানুহটো বুঢ়া অঁহীয়া , তেনেই চুটি চাপৰ আৰু গাঁঠলু । মুখত বৰ ডাঢ়ি-গোফ গজা নাই । পাহ কটা চুলি । শাওবৰণীয়া । মুখখন দেখিলেই হাঁহি উঠা । নোম-টেঙৰ । আঠুমূৰীয়া চুৰিয়া আৰু কলা হাতখঁৰা গা চোলা পিন্ধা , কাণত কেৰু , ডিঙিত সৰু মাদলী ।)


বপুৰা - বোলো মেঘৰ গাজনি নেমাৰোতেই দেখোন হোৰহোৰকৈ বৰষুণ ?
ৰেৱতী - (ভেকাহি মৰাৰ দৰে) কি ডালনো মই ক’বলৈ যাম। মোৰ কিহে পাইছে। যি ক’ব লাগে সেয়ে কৈছে।
বপুৰা - কোনে কোনে? কি ক’লে?
ৰেৱতী- (আনফালে মুখ ঘূৰাই, পালেঙৰ কাপোৰ টনা-আজোৰা কৰি) ৰাজমাও জানো কেঁচুৱা ছোৱালীজনী। কাৰ কেনে পাঙ - নুবুজে জানো ?
বপুৰা - পাঙ? কি পাঙ? এইখনো আকৌ কি টাং বাং !
শেৱালি - (খঙতে ৰেৱতী ওচৰলৈ আহি) তই এনেকৈ সঁচাই মিছাই এইবোৰ কৈ নাথাকিবি। তই এনে নিলাজী বুলি -
ৰেৱতী - (উভতি) মই নিলাজী নে আন কোনোবা -
( এই বুলি দুয়ো দুয়োৰে ফালে খঙ ভাবত থৰ লাগি প্ৰায় চুলিয়া চুলি কৰা ভাব দেখুৱায়, তাকে দেখি বপুৰাই গা ভেঙুৰা ভেঙুৰি কৰি)
বপুৰা-চেংকলি নিকলি
কাঁহী-বাটি নুধুলি
ঠেহ পাতি নাখালি ভাত,
সাতপুৰীয়া সেন্দুৰৰ
যোৰ ফোট মাৰিলি
গোন্ধ তেল ঘহিলি গাত।


( শেৱালি-ৰেৱতীয়ে হাঁহি ৰাখিব নোৱাৰা হৈ মুখত সোপা দিয়ে)


ৰেৱতী - যা কটা এই পাট।
বপুৰা - (কৃত্ৰিম ক্ৰোধেৰে ) ওঁ কি কলি? কি কলি? মই লিগিৰি বৰাক "এই পাট" বুলিলি ? বৰ সাহ পালি দেখোন? অ’ (চকু টেলেকা কৰি তাইৰ ভৰিৰ পৰা মূৰলৈকে চায় আৰু নাকেৰে মাতি) এই শেৱালিলৈ আঙুলিয়াই কলি-কঁঠালটোৰ এঠা উলিয়াই মই বুঢাটোকো টুকুৰিয়াই চাইছ হ’বলা? একেপাট চৰতে শালিম বুলি জনা নাই! জিভাত লেগাম লগাই কথা কবি। (ৰেৱতী উচাট মাৰি ভোঁ ভোঁ কৰে তাৰপৰা ওলায় য়ায়গৈ। বপুৰাই তাই যোৱা ফালে কিছুপৰ খঙ ভাবেৰে চাই থাকি পাছত ইফালৰ পৰা সিফালে টহলি শেৱালিৰ ওচৰলৈ আহি) অ’ তাই বেটী কম নহয়। ( অলপ হঁহা যেন কৰি) আন্দাজটো পিছে হওঁতে হয় দেইবা ।
শেৱালি- ( আচৰিত হৈ) কি হওঁতে হয় ?
বপুৰা - (নিজৰ অনুমানতে বিশ্বাস থাপি) হো হো হো হো ৰাজমাৱে কথাটো টং কৰিছে। আটায়ে কৰিছে পিছে তইহে বিটং কৰিছ ।
শেৱালি - কি কয় অ’ এইটোৱে। ঠাৰে-চিঁয়াৰে কোৱা কথাবোৰ মই নুবুজো পাই ।
বপুৰা - (নিজৰ অনুমানত সন্দেহ কৰি) তোকনো ৰেৱতীয়ে কি কৈছিল ?
শেৱালি - জোৰাই দিছিল ।
বপুৰা - (বৰ ৰং পাই) হে হে দিবতো নিদিব কিয়? তোকে মোকে সকলোৱে ভাল যোৰ হব বুলি দেখিছে দেখিহে আকৌ।
শেৱালি - কটা লাজো নালাগে। তোৰে সতে - তোৰে হ’বলা ?
বপুৰা - কাৰ সতে নো !
শেৱালি - ( তললৈ মূৰকৈ) কোঁৱৰৰ সতেহে! ( সৰুকৈ) মি....ছাকয়ে।
বপুৰা - (অতি বিৰক্তিৰে) ক-টা (শেৱালিৰ ভাৱভঙ্গীলৈ সন্দেহেৰে লক্ষ্য কৰি অলপ দূৰলৈ আঁতৰি যায়-আৰু গহীন হৈ) বাৰু তাইক মই ইয়াৰ পৰতিফল দিম। বাৰু তই এতিয়া তোৰ বনত ধৰ (বিচাৰকৰ গাম্ভীৰ্যৰে) বাৰু, মই ইয়াৰ শোধ কৰিম ।


( এই বুলি বপুৰা অসন্তোষ মনেৰে , কিন্তু গহীন ভাৱে সোঁ দুৱাৰলৈ যায় আৰু উভতি উভতি শেৱালিলৈ চায় । একো উভতি কথা পাতিবলৈ শেৱালিয়ে সুবিধা নিদিয়া দেখি ওলাই গৈ দুৱাৰখন ধুম কৰে জপায় যায়, শেৱালিয়ে তাত কিছুপৰ নিমাত হৈ গুণা-গঁথাকৈ থাকি লাহে লাহে পালেঙৰ ওচৰলৈ গৈ পুথিবোৰ সজাই দিহা লগাই থ’বলৈ ধৰে । মাজে মাজে কিবা ভাবি-গুণি ৰ লাগি ৰৈ থাকে । লাহে লাহে তাই আপোন-বিভোৰ হৈ আহে । আগতকৈ খৰধৰকৈ অহা যোৱা কৰে । তাইক অলপ উত্ৰাৱল যেন দেখা যায় । হঠাৎ এবাৰ খৰকৈ গৈ দাপোণৰ ওচৰত ৰয় গৈ । মূৰৰ চুলি ভালকৈ লয় । আকৌ পালেঙ সজোৱাত লাগে । কিবা মুখৰ ভিতৰতে গুণগুণাবলৈ ধৰে । লাহে লাহে তাই কিবা সুখ-সপোনত পাগলী হোৱাৰ দৰে তাই কোঠাটোত ঘুৰি ফুৰি মাজে মাজে দাপোণ চাই, আপোন-পাহৰা হৈ নাম গাই মতলীয়া হৈ থাকে ।)

নাম

সোণৰে পালেঙত অ’ মনেতৰা
সোণৰে পালেঙত অ’ মনতৰা ।
ধুনীয়া কোঁৱৰৰ ঘুমটি নাহিলে
কপাহৰে দলিচা পৰা মনেতৰা
সোণৰে..........
চাতোনৰ দলিচা পাৰি দিম শুবলৈ অ’ মনেতৰা
বগলীৰ পাখিৰে গাৰু দিম শুবলৈ অ’ মনেতৰা
ওপৰে তৰি দিম ম’ৰাৰে পাখিৰে
চান্দোৱা তৰাফুল বছা মনেতৰা
সোণৰে............
পদুমৰ পাহিৰে গুঁঠি দিম বিচনী
বা দিম সুৰভি ভৰা মনেতৰা
কাষতে লিগিৰী বহিনো নামে গাম
কোনোবা বিতোপন দেশৰে সাধু কম
নিশাটো কাষতে বহি মনেতৰা
টোপনি টোপনি অ’ মনেতৰা
আহিব টোপনি অ’ মনেতৰা।


[Nuvola apps download manager3.png ওপৰলৈ যাওক]