কাৰেঙৰ লিগিৰী/প্ৰথম অঙ্ক/পঞ্চম দৰ্শন

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
কাৰেঙৰ লিগিৰী
  • কাৰেঙৰ লিগিৰী - প্ৰথম অঙ্ক
  1. প্ৰথম দৰ্শন
  2. দ্বিতীয় দৰ্শন
  3. তৃতীয় দৰ্শন
  4. চতুৰ্থ দৰ্শন
  5. পঞ্চম দৰ্শন
  • কাৰেঙৰ লিগিৰী - দ্বিতীয় অঙ্ক
  1. প্ৰথম দৰ্শন
  2. দ্বিতীয় দৰ্শন
  3. তৃতীয় দৰ্শন
  4. চতুৰ্থ দৰ্শন
  • কাৰেঙৰ লিগিৰী - তৃতীয় অঙ্ক
  1. প্ৰথম দৰ্শন
  2. দ্বিতীয় দৰ্শন
  3. তৃতীয় দৰ্শন
  • কাৰেঙৰ লিগিৰী - চতুৰ্থ অঙ্ক
  1. প্ৰথম দৰ্শন
  2. দ্বিতীয় দৰ্শন
  • কাৰেঙৰ লিগিৰী - পঞ্চম অঙ্ক
  1. প্ৰথম দৰ্শন
  2. দ্বিতীয় দৰ্শন
  • কাৰেঙৰ লিগিৰী - সমাপতি
  1. সমাপতি


[কাৰেঙৰ সুন্দৰৰ কোঠা । (প্ৰথম দৰ্শন) ৰাতি । সুন্দৰ চালপীৰাত বহি আছে । ৰাজমাৱে ওচৰতে চকুপানী মচি বহি আছে । ]
সুন্দৰ:- আইতা, তুমি এনে অবুজ হ’লে কেনেকৈ হ’ব ? সামান্য কথাৰ হকে তুমি এইদৰে নাখাই-নবই থাকিব লাগিছে কিয় ?
ৰাজমাও:- মৰিম, মৰিম মই নাখাই-নবই মৰিম ! মোৰ পেটৰ পোৱালি হৈ তই মোক এনে লাজত পেলাব খুজিছ । আজি বাদে কাইলৈ জোৰণ পিন্ধাব লাগিব…. তই এতিয়াও বিনা কাৰণত…
সুন্দৰ:- কাৰণৰ কথা নক’বা । কাৰণৰ কথা তুমি কেতিয়াবা বুজিবলৈ চেষ্টা কৰিছানে ?
ৰাজমাও:- কি কাৰণটোনো আছে । কিছুমান অজাতৰীয়া শাস্ত্ৰ গোটাই লৈ বিৰাগী হ’ব খুজিছ ।
সুন্দৰ:- আইতা…
ৰাজমাও:- বুজিছ সুন্দৰ, দহ মাহ গৰ্ভধৰা জননীৰ আশাত এনেকৈ কুঠাৰ মৰা ভাল নহয় । তই বংশটোৰ নাম নুমাব খুজিছ । তই মোৰ একেটা ল’ৰা । তই বিয়া নকৰালে বংশটো কেনেকৈ ৰক্ষা পৰিব ? মাকক এনেকৈ কষ্ট দিয়া মহাপাপ । মোক তই মানুহৰ আগত মুখ উলিয়াব নোৱৰা কৰিব খুজিছনে ? বিয়াৰ সকলো দিহা-পোহা হ’ল । বস্তু-বেহানি গোটাই-পিটাই বিয়াৰ দিন-বাৰ ঠিক-ঠিকনা কৰি ৰাইজ মতা হল । এতিয়া সেইবোৰ ভেকোভাওনাহে হ’ব আৰু ।
সুন্দৰ:- মোৰ মত নোহোৱাকৈ তুমি....
ৰাজমাও :– তোম মতটো কেলেই ? মাইকী-বাপেকিয়ে নিজৰ কৰ্তব্য কৰিবই । তোক আমিতো গড়খাৱৈত পেলাবলৈ পাঙপতা নাই নহয় । যিটো দেশ-দস্তুৰ, ভগৱন্তই বান্ধি দিয়া বিধান, তাক আমি পালিবলৈ আগবাঢ়িছোঁ মাথোন । ক’ত দেখিছা, ক’ত শুনিছা মাক-বাপেকিয়ে বিয়া দিব খোজাত লৰাই এনেদৰে বিধি-পথালি দিছে বুলি ।
সুন্দৰ:- ওঁ তেন্তে মোৰতো মাতিবলৈ একো নাই । তেন্তে মোকনো আৰু কিয় সুধিব-পুছিব লাগিছে ?
ৰাজমাও:- তই অঁকৰামতীয়া হৈছ দেখিহে আকৌ তোৰে সৈতে যুঁজ-বাগৰ কৰি আছোঁ ।
সুন্দৰ:- সুধিছাই যদি আৰু মোৰ মতৰ ওপৰতেই যদি মোৰ বিয়া নিৰ্ভৰ কৰিছে তেন্তে আইতা , বিয়া ভাঙিবলৈ এতিয়াও বহু সময় আছে । এতিয়াও ৰাইজক , প্ৰজাক আৰু ডাঙৰীয়াসকলক আনভাগে বুজাই দিয়াগৈ ।
[“সুন্দৰ” এই বুলি ৰাজমাও তাৰপৰা উঠি উচাট মাৰি গুচি যায়গৈ আৰু বাওঁ দুৱাৰেদি ওলাই যায় । “আইদেউতা” বুলি সুন্দৰ পাছে পাছে যায় । সুদৰ্শন সোঁফালৰ দুৱাৰেদি সোমাই আহে । ]
সুদৰ্শন:- [কোঠাটোত চাই ] ক’তা সুন্দৰ নাই দেখোন ?
[সুদৰ্শনে ইফাল সিফাল কৰোতেই ভিতৰৰ পৰা ৰেৱতী ভোৰভোৰাই আহি তাত ওলায়হি “কি শনি সোমাল অ’ কাৰেঙত দিনে-ৰাতিয়ে দেখোন বাক্-বিতণ্ডা নুগুচা হ’ল” সুদৰ্শনক দেখি থমকি ৰয় ।]
ৰেৱতী:- এ সাউদৰ পুতেক ককাইদেউ.... হে, মোৰ দেউতাটি ! সৌ কোঁৱৰক আইতাদেউতাৰ ওচৰৰপৰা লৈ আহোকগৈ । বলকনিৰ প্ৰতাপত এতিয়া আইচু:দেউতাৰ যিকেইডাল কেঁচা চুলি আছে তাকো পকাবলৈ ।
সুদৰ্শন:- কিনো কৰিছে ?
ৰেৱতী:- আজি দিনটো কাৰেঙত কেঁৱে ভাত-পানী খাব পৰা নাই.... আইচু দেউতাৰ অৱস্থা দেখি । জানো কি শনি সোমাইছে কোঁৱৰৰ । বিয়াখননো পাতিলে কি হয় । আইচু দেউতাই আজি তিনি চাৰি সাজ নাখাই-নবই কান্দি-কাটি.... [ এনেতে সুন্দৰৰ মাত শুনা গ’ল ]
সুন্দৰ:- [ভিতৰত] মাতৃৰ মতেই মত । পুত্ৰৰ তেনে মাতিবলৈ একো নাই ।
[সুন্দৰ আহি সোমায়হি সুদৰ্শনলৈ নাচাই ৰেৱতীক]
কি হল তোৰ মোৰে সতে কিবা তৰ্কবাদ আছে নেকি ? নালাগে, নালাগে .... যা যা মোৰ বিয়া পাতিব ! ৰজাৰপৰা প্ৰজালৈকে, ডাঙৰীয়াৰ পৰা পাইকলৈকে সকলোৱে কেৱল বিয়া- বিয়া - বিয়া ।
[ৰেৱতী ওলাই যায় ]
সুদৰ্শন:- [বৰ গহীন হৈ] মোৰ বিবেচনা মতে সুন্দৰ তুমি বিয়া কৰোৱা । জন্ম, মৃত্যু আৰু বিবাহ ই বিধাতাৰ নিবন্ধন ।
সুন্দৰ:- তুমিও..... তুমিও....
[এইবুলি সুন্দৰ হতাশ হোৱাৰ দৰে আহি বৰপীৰাত বহে]
তেন্তে বন্ধু বুজিলো বিধাতাৰ শিলৰ ৰেখা মই আঙুলিৰে মচিব খুজিছো ।
[বহুপৰ ৰৈ থাকি ]
সুদৰ্শন.... তুমিও... তাকে কোৱা ।
সুদৰ্শন:- এৰা বন্ধু.... মই কওঁ তুমি বিবাহত সন্মতি দিয়া ।
সুন্দৰ:- হৃদয়ৰ দেৱতাৰ বেদীৰ ওচৰতে তোমাৰ ঠাই.... তুমিও জানা । নাজানানে বন্ধু.... ৰুদ্ধ মোৰ প্ৰাণৰ দুৱাৰ, তিৰোতাৰ প্ৰৱেশৰ তাত নাই অধিকাৰ ?
সুদৰ্শন:- [আৰু গহীন হৈ] অধিকাৰ দান কৰা ।
সুন্দৰ:- অসমৰ্থ ।
সুদৰ্শন:- নিজৰ সত নাযাই আনে কৰক ।
সুন্দৰ:- মই জানি, চকুৰ আগতে দেখি, হাত সাবটি....
সুদৰ্শন:- সময় বিশেষে অৱশ্যে ।
সুন্দৰ:- বন্ধু-তোমাৰ মতৰ বিচিত্ৰতা আছে বুলি মই স্বীকাৰ নকৰি নোৱাৰো । তুমি তেন্তে জানিও ভুল কৰিবলৈ কোৱা ৷ ইচ্ছাকৃত ভুল !
সুদৰ্শন:- ইচ্ছাকৃত ভুলতো আনন্দ আছে । তুমি উচ্চাৰণ কৰা “ইচ্ছাকৃত ভুল” শব্দটোৰ ঠাইত মই “ত্যাগ” শব্দটো বহুৱালে কোনেও মোক ভুল ধৰিব নোৱাৰিব । তোমাৰ বৈৰাগ্য পন্থা মাতৃৰ সন্তুষ্টিৰ কাৰণে ত্যাগ কৰা । [ বহুপৰ সুন্দৰ নমতাকৈ থাকি হঠাৎ চঞ্চল হৈ ] তেন্তে সেয়ে হওক .... সেয়ে হওক । ত্যাগৰ ৰথত উঠি স্বাৰ্থই দ্বিগ্বিজয় কৰক ।
             [শেৱালি সোমায় আহে]
শেৱালি:- সাউদৰ পুতেকৰ ককাইদেউক ৰাজমাও দেউতাই বিচাৰিছে ।
সুদৰ্শন:- বাৰু- [সুন্দৰৰ ফালে চাই ] তেন্তে, সুন্দৰ....
সুন্দৰ:- তেন্তে আৰু কি বান্ধ । মোক কি সুধিছা । যোৱা বান্ধ সুদৰ্শন.... যোৱা যি ইচ্ছা তাকে কৰা ৷ আয়ে যি ইচ্ছা তাকে কৰক । দেশ.... দস্তুৰ কাৰো মতৰ কাৰণে .... কোনো যুক্তি তৰ্কৰ কাৰণে কাৰো আপত্তি-বিপত্তিৰ কাৰণে অপেক্ষা নকৰে । আইৰ সন্তুষ্টি হওক, প্ৰজাৰ সন্তুষ্টি.... হওক ।
            [সুদৰ্শন তললৈ মূৰ কৰি থাকে, সোঁফালৰ পৰা অনঙ্গ সোমাই আহি ]
অনঙ্গ:- বন্ধু !
সুন্দৰ:- তুমি আৰু মোক একো ক’ব নালাগে.... আৰু আৱশ্যক নাই ।
অনঙ্গ:- কি ?
সুন্দৰ:- তুমিও তাকেইহে ক’বা । তোমালোকে বন্ধু হৈ মোক নুবুজিলা । মোৰ মনৰ ৰাজ্যত মই ইমান অকলশৰীয়া..... তুমি শুনি সুখী হ’বা...... সুদৰ্শনে আইৰ ওচৰলৈ মোৰ বিবাহৰ মত লৈ গৈছে ।
অনঙ্গঃ- [বৰ বিচলিত হৈ] তুমি মত দিলা সুন্দৰ তেন্তে..... সঁচাকৈ ।
সুন্দৰ:- [বৰ কৰ্কশভাৱে] মত লৈ গৈছে ।
অনঙ্গ:- তেন্তে তোমাৰ মত নোহোৱাকৈ বলেৰে তেওঁ ক’বলৈ গৈছেনেকি ? তেন্তে ?
সুন্দৰ:- একো নাই..... সন্তুষ্টি সকলোৰে সন্তুষ্টি হওক, কেৱল মোৰ হৃদয়ত ঠাই দিব নোৱাৰা এটা বস্তু লৈ গোটেই জীৱন জ্বলি পুৰি মৰো ।
অনঙ্গ:- নহয় নহয়.... সুদৰ্শনে এইটো মহা ভুল কৰিছে । সঁচাকৈয়ে যদি তোমাৰ মত নাই তেন্তে কিয় ?.... কিয় ? ৰবা.... বাৰু মই যাওঁ ।
[বুলি অনঙ্গ বেগেৰে যাব খোজোতেই বাওঁফালৰ দুৱাৰেদি সুন্দৰে যাবলৈ হাক দি ৰখাই ]
সুন্দৰ:- বান্ধ,হ’ব মোৰ বিয়া হ’ব । বন্ধু, জন্ম, মৃত্যু আৰু বিবাহ বোলে অনিবাৰ্য... সি বোলে হ’বই । বন্ধু, হ’বলগীয়া তেন্তে হৈ যাওক..... সংসাৰ তাৰ আপোন ইচ্ছা বুলি যাওঁক । সংসাৰৰ ৰীতি, সমাজৰ নিয়ম বোপা ককাৰ সহজ, গুৰুজনৰ আজ্ঞা , আইৰ হেঁপাহ, প্ৰজাৰ আগ্ৰহ সকলো ৰওক .... মাথো মই সকলোৰে গচকত মষিমূৰ হৈ যাওঁ । প্ৰাণৰ অগনিত মনৰ শান্তি , জীৱন ভস্ম হৈ, ছাই হৈ..... ধূলি হৈ উৰি যাওক.... কেৱল আগ্ৰহ থাওক, হেঁপাহ থাওক, সমাজৰ নীতি সমাজৰ ৰীতি থাওক আৰু মোৰ বাহিৰে গোটেই সংসাৰ সন্তুষ্টি হওক ।