কাৰেঙৰ লিগিৰী/প্ৰথম অঙ্ক/দ্বিতীয় দৰ্শন

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
কাৰেঙৰ লিগিৰী
  • কাৰেঙৰ লিগিৰী - প্ৰথম অঙ্ক
  1. প্ৰথম দৰ্শন
  2. দ্বিতীয় দৰ্শন
  3. তৃতীয় দৰ্শন
  4. চতুৰ্থ দৰ্শন
  5. পঞ্চম দৰ্শন
  • কাৰেঙৰ লিগিৰী - দ্বিতীয় অঙ্ক
  1. প্ৰথম দৰ্শন
  2. দ্বিতীয় দৰ্শন
  3. তৃতীয় দৰ্শন
  4. চতুৰ্থ দৰ্শন
  • কাৰেঙৰ লিগিৰী - তৃতীয় অঙ্ক
  1. প্ৰথম দৰ্শন
  2. দ্বিতীয় দৰ্শন
  3. তৃতীয় দৰ্শন
  • কাৰেঙৰ লিগিৰী - চতুৰ্থ অঙ্ক
  1. প্ৰথম দৰ্শন
  2. দ্বিতীয় দৰ্শন
  • কাৰেঙৰ লিগিৰী - পঞ্চম অঙ্ক
  1. প্ৰথম দৰ্শন
  2. দ্বিতীয় দৰ্শন
  • কাৰেঙৰ লিগিৰী - সমাপতি
  1. সমাপতি


[ৰাজ আলি বাট । দুয়ো কাষৰ ওখ ওখ পাকৰী গছবোৰে বাটটোৰ ওপৰত চালি ধৰি , হাবিতলীয়া বাট যেন কৰি থৈছিল । পাতৰ মাজে মাজে জোনৰ পোহৰ আহিছিল । গাত খনীয়া এখন সৈ মূৰত আধাসোলোকা পাগ এটাৰে, সুদৰ্শনক বেগাবেগিকৈ অহা দেখা পালে । পাছৰ পৰা বপুৰা ফোপাই-জোপাই লৰি আহি “ৰ’ব মোৰ ঈশ্বৰ” বুলি ৰৈ ফোপাবলৈ ধৰে । সুদৰ্শন উভতি….]

সুদৰ্শন :- [আচৰিত হৈ] বপুৰা দেখোন কি হ’ল ?
বপুৰা:- [ফোপাই ] আপোনাক লগ পাবলৈ….উস্… অ-ফো-অ-ফো চেকুৰি আহিছো নহয় ।
[ কিছু শান্ত হয় ]
সুদৰ্শন:- কি হ’ল বা ?
বপুৰা:- [বৰ কিবা গূঢ়তত্ব আবিষ্কাৰৰ আনন্দ আৰু উৎসাহেৰে ] আজি সোপাই ধৰা পৰিল নহয় । কোঁৱৰে বিয়া নকৰোৱাৰ লেঠাটো কোনখিনিত আজি বপুৰাৰ তেনেয়ে হৃদয়ঙ্গম হ’ল ।
সুদৰ্শন:- [উৎসুক আৰু কৌতুহলী হৈ ] কেনেকৈ ?
বপুৰা:- এ: কটা ক’বলৈকো লাজ লাগে । ন’কলেও বেয়া । [ কিছুপৰ টলকা মাৰি ] বুজিছে সাউদৰ পুতেক দেউতা, কোঁৱৰে বিয়া নকৰোৱাৰ কাৰণটো ঘৰতে । মিছাকৈয়ে আপোনালোকে পুথি-পাঁজিবোৰ চলাথ কৰিছে । তাইক মই এতিয়াহে চিনি পালো ।
সুদৰ্শন:- কাক অ কাক ?
বপুৰা:- তাই বেটীৰ নিশাটো কাষতে থাকি বহি বহি নাম গাই থাকিবৰ মন....
সুদৰ্শন:- কাৰ অ কাৰ ?
বপুৰা:- এ পদুমৰ পাহিৰে হেনো বিচনী এখন গোঁঠে ।
সুদৰ্শন:- কোনে ?
বপুৰা:- কি কম সাউদৰ পুতেক দেউতা বুকুৰ সোণে ।
সুদৰ্শন :- খপৰাই নকৱ কিয় ?
বপুৰা:- দীঘল আলিবাটটো নো কেনেকৈ খপৰাই চমু কৰো মোৰ গোঁসাই ! তাই ভিতৰি ভিতৰি এনেকৈ সিন্ধি দিছে বুলিনো কোনে ক’ব পাৰিব ।
সুদৰ্শন:- এঃ তই নকৱ যদি মই যাওঁ ।
বপুৰা:- এ শুনক, কথাটো হৈছে এই ... বোলেনে-উস্ উস্ উস্ ।
সুদৰ্শন:- [অলপ গমি ] কোনে শেৱালিয়ে, নহয়নে ?
বপুৰা:- মই ইমান দিনৰেপৰা যিটো থিৰাংকৈ আহিছিলো সিয়েই ঠিক ?
সুদৰ্শন:- কি ঠিক ?
বপুৰা:- আপুনি যে সৰবজান ।
সুদৰ্শন:- তাই বাৰু তেনে কেতিয়া কৰিছিলে ?
বপুৰা:- এই এতিয়া । মই এতিয়া তাৰেপৰাহে আহিছো আকৌ । ৰেৱতীৰে সতে তাই চুপতা-চুপতিকৈ আছিল... কোঁৱৰৰে কথা পাতি । এই বেটী ৰেৱতীয়ে কথাবোৰ জানে হ’বলা দেই । পিছে ৰেৱতীক মই কিবা এটা কওঁতেই তাই ভোঁ ভোঁ কৰে গুচি গ’ল । ময়ো বাপেকে এই বনবোৰ দিহা লগাই কৰে নে নকৰে চাওঁ বুলি মনে মনে চোৰাংকৈ চাই আছিলো । পিছে.... উ আই ...ক’ত খাওঁ, ক’ত যাওঁ কাছকণী বিচাৰি পৰ্বত বগাওঁ দেখোন ।
সুদৰ্শন:- [কঠোৰতা আৰু ককৰ্থনাৰে ] এই দেখ বপুৰা, তই মিছাকৈয়ে মনতে এইবোৰ কথা ভাবিছ । তাই তেনেকৈ নাম এটা গালে বুলিয়েই তই তেনে কথা ভবা ভাল হোৱা নাই । সাৱধান... মোৰ আগত যি তই এনে কথা ক’লি আৰু কাৰো আগত ন’কবি, বুজিছ ?
বপুৰা:- ইস্ ইস্ কেলেই আনক কম । মোৰ মনৰ খুকুৰি আপোনাক নোকোৱাকৈও বেয়া নহয় । মোৰ মনেৰে এইটো হলে ঠিক আপুনি যিয়েই বোলক লাগে । কোঁৱৰে সেই কাৰণেহে বিয়া নকৰায় । মই ঠিক জানিলো । তাইক কাৰেঙত থলে কোঁৱৰৰ বিয়াখন হাতীকণীৰ ভিতৰত । অজগৰে হৰিণাক মেৰিওৱাদি তাই কোঁৱৰক মেৰিয়াই চেপি চেপি জোল পিব লাগিছে । তাৰ দৰব আছে সাউদৰ পুতেক দেউতা.... তাৰ আছে । [জ্ঞানী ভাবেৰে মূৰ দুপিয়াই]
সুদৰ্শন:- কি দৰব ?
বপুৰা:- আছে আছে । সেই দৰবপালি দিলে কোঁৱৰৰ বিকাৰো যাব আৰু নবোৱাৰী আহি একেচাটেই কাৰেঙৰ বৰ ভেটি গচকিব ।
সুদৰ্শন:- কচোন বাৰু কি ?
বপুৰা:- আছে আছে ।
সুদৰ্শন:- কচোন ?
বপুৰা:- [কিছুপৰ কেৰো-ঘেঁহোকৈ থাকি ] হেঃ সাউদৰ পুতেক দেউতা, হেঃ এই বপুৰাৰ লগত তাইৰ ৰাহি- যোৰা আমাৰ তিনি পুৰুষ আগৰেপৰা মিলি আছে.. হে হৰি ..হে হৰি-[বপুৰাই উদ্বিগ্ন হৈ সুদৰ্শনৰ মুখলৈ চাই থাকে]
সুদৰ্শন:- [হাঁহি ] বাৰু বুজিছো বপুৰা, এতিয়া ৰাতি হ’ল যা । কিন্তু তোৰ এইবোৰ সন্দেহ তেনেয়ে অমূলক । মোৰ কথা মনত ৰাখিবি । এইবোৰৰ বিষয়ে দুনাই কথা পতা শুনিলে কিন্তু তোৰ বেয়া হ’ব ।
বপুৰা:- হৰি হৰি... তেনে কথা কয়নে গছৰ মূঢ়া এটাৰ আগতো নকও নহয় । হৰি হৰি ।
সুদৰ্শন:- এৰা নক’বি ।
[ওলাই যায় গৈ ]
বপুৰা:- [বহুপৰ গুণি-গাথি থাকি বেজাৰমুৱা হৈ লাহে লাহে যায় গৈ]
ইয়াকে বোলে...
ভেলেকা বহুৱা থাকিল চায়
থোলোকা বাপুৱে সুপুৰ সুপুৰ খায় ।