কাৰেঙৰ লিগিৰী/প্ৰথম অঙ্ক/তৃতীয় দৰ্শন

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
কাৰেঙৰ লিগিৰী
  • কাৰেঙৰ লিগিৰী - প্ৰথম অঙ্ক
  1. প্ৰথম দৰ্শন
  2. দ্বিতীয় দৰ্শন
  3. তৃতীয় দৰ্শন
  4. চতুৰ্থ দৰ্শন
  5. পঞ্চম দৰ্শন
  • কাৰেঙৰ লিগিৰী - দ্বিতীয় অঙ্ক
  1. প্ৰথম দৰ্শন
  2. দ্বিতীয় দৰ্শন
  3. তৃতীয় দৰ্শন
  4. চতুৰ্থ দৰ্শন
  • কাৰেঙৰ লিগিৰী - তৃতীয় অঙ্ক
  1. প্ৰথম দৰ্শন
  2. দ্বিতীয় দৰ্শন
  3. তৃতীয় দৰ্শন
  • কাৰেঙৰ লিগিৰী - চতুৰ্থ অঙ্ক
  1. প্ৰথম দৰ্শন
  2. দ্বিতীয় দৰ্শন
  • কাৰেঙৰ লিগিৰী - পঞ্চম অঙ্ক
  1. প্ৰথম দৰ্শন
  2. দ্বিতীয় দৰ্শন
  • কাৰেঙৰ লিগিৰী - সমাপতি
  1. সমাপতি


[আগ নিশা । বুঢ়াগোহাঁইৰ টোল ।বুঢ়াগোহাঁইৰ একেজনী জীয়েক কাঞ্চনমতী আইদেউৰ তাঁত-সূতা বোৱা পাছফালৰ ঘৰ এটাৰ এটা খোঁটালি । কোঠাটোৰ সোঁফালে এখন জাপ-দুৱাৰ । মাজৰ বেৰৰ সোঁ মাজেদি দীঘে-পথালিয়ে দুহাত জালিকটা । তাৰ ওপৰত হেঙুল-হাইতাল বোলোৱা দাঙি থোৱা জাপ । কোঠাটোৰ বাঁও চুকত বেৰৰ দাঁতিত দলিচা এখন পাৰি কাঞ্চনমতীয়ে যঁতৰ এটাত মহুৰা ফুৰাই আছে । বয়স ওঠৰ-ঊনৈশ । ভকভকীয়া বগা আৰু দেখিবলৈ অতিকৈ শুৱনি । গাত গোসাঁনীৰ গাম্ভীৰ্য । চকু পদুমৰ পাহি যেন । তেওঁৰ গাত পদ্মিনী তিৰোতাৰ সকলো লক্ষণ বৰ্তমান । তেওঁৰ ওচৰতে বেৰত কিছুমান মুগাসূতা আৰু কপাহৰ সূতাৰ উঘা আঁউজাই থোৱা আছে । চেৰেকী-লেটাই ইত্যাদি কিছুমানো তাত দেখা গৈছে । এটা ৰূপৰ গছাত তিনি গছি শলিতা লগোৱা আছে । ওচৰতে হেঙুল-হাইতাল বোলোৱা ঠগিত এখন পুথি । আগত তামোল-পাণৰ বঁটা । খোঁটালিৰ ওপৰত এখন বগা তৰাফুলিয়া ৰঙা চান্দোৱা তৰা আছে । খোঁটালিৰ বেৰবোৰ পৰ্বতীয়া ঢেঁকীয়াৰ, পিতলৰ চকচকীয়া কামিৰে বন্ধা । বেৰৰ মুঠাবোৰ হাইতালেৰে বোলোৱা আৰু চিত্ৰ-বিচিত্ৰ কৰা । কাঞ্চনমতীয়ে তললৈ মূৰ কৰি একান্ত মনেৰে মহুৰা ফুৰাই আছে । এনেতে সোঁফালৰ দুৱাৰখন লাহেকৈ মুকলি কৰি আদ-বয়সীয়া তিৰোতা এজনী সোমাই আহে । তাই কোঠাটোৰ চাৰিওফালে চাই চোৰৰ দৰে আহি কাঞ্চনমতীৰ কিছু ওচৰ পায়হি । কাঞ্চনমতীয়ে মূৰ দাঙি চাই আকৌ মহুৱা ফুৰোৱাত মনযোগ দিয়ে । মানুহজনীয়ে আহি কুঁৱৰীৰ বাওফালে অলপ দূৰত মাটিত লেপেটা কাঢি বহেহি । কাঞ্চনমতীয়ে মূৰ দাঙি প্ৰশ্নসূচক দৃষ্টিৰে মানুহজনীৰ ফালে চায় । তাই কিবা এটা ক’ব খুজি কোঠাটোৰ চালেবেৰে এবাৰ টকু ফুৰাই হোঁহোকা মাৰি কাঞ্চনৰ ওচৰ চাপি আহি সৰুকৈ। ]
মানুহজনী:- আইদেউ, অনঙ্গ বোপা দেউতাই আপোনাক এবাৰ নিৰলে লগ পাব খোজে ।
কাঞ্চনমতী:- [বৰ আচৰিত হৈ ] কিয় ? কিয় ? ইমান নিশা ?
মানুহজনী:- জানো বোলে বৰ জৰুলি কথা আছে ।
কাঞ্চনমতী:- বাই.. [বুলি অলপ পৰ তলকা মাৰি থাকে] বাই মই এনে নিশা লগ দিব নোৱাৰো বুলি কোৱাগৈ ।
মানুহজনী:- পাবই লাগে বুলি কৈছে আকৌ ।
কাঞ্চনমতী:- নহয় যোৱা [দীঘলকৈ হুমুনিয়াহ পেলাই] লগ পালেনো হ’ব কি ? নহয় বাই , যোৱা কোৱাগৈ বোলে লগ নাপায় । ভাইগে সাজি দিয়া ঘৰটোৰ বৰখুঁটা মানুহে লৰাবলৈ টান । সি কষ্ট বঢায়, খুঁটা উভাল নাখায় ।
মানুহজনী:- পিছে আইদেউ তেখেতে মনত বৰ বেজাৰ পাব নহয় ।
কাঞ্চনমতী:- মুনিহ মানুহ বেজাই সহিব পাৰিব লাগে ।
[ মানুহজনীয়ে কাঞ্চনমতীক অলৰ-অচৰ দেখি আৰু আমনি নকৰি যাবলৈ থিয় হয় ]
মানুহজনী:- লগ তেনে দিব নোৱাৰিব আৰু ?
[কাঞ্চনে অসন্মতিসূচক মূৰ জোকাৰি মহুৰা ফুৰাবলৈ ধৰে । মহুৰাটোলৈ একেথৰে চাই, যন্ত্ৰই চলোৱাদি যঁতৰ চলায় । কাঞ্চনমতীয়ে তন্ময় হৈ মহুৰা ফুৰাই থাকোতেই অনঙ্গৰাম বৰ উদ্বিগ্ন হৈ নিঃশব্দে দুৱাৰখন লাহে লাহে মেলি হাতত সাৰে ভৰিত সাৰে সোমাই আহি থিয় হয় । তেওঁক বৰ উত্তেজিত দেখা গৈছিল । ]
অনঙ্গৰাম:- [গহীনকৈ সৰু মাতেৰে] কাঞ্চন.... তুমি.... [কাঞ্চনমতীয়ে উচপ খাই উঠে... যঁতৰৰপৰা হাত এৰাই ...বৰ সন্ত্ৰষ্ট হৈ অনঙ্গৰ ফালে হতভিম্ব হৈ চাই থাকে ] মোক লগ পাব নোখোজা । কিন্তু মোৰ লগ পোৱাৰ আৱশ্যক হৈছে । এনেকৈ অহাৰ বাবে ক্ষমা কৰিবা ।
কাঞ্চনমতী:- [কঁপা মাতেৰে ] আপুনি কি কৰিব খুজিছে ? এনেকৈ এনে সময়ত মানুহে মোক ব্যভিচাৰিণী বুলিব ।
অনঙ্গৰাম:- [শিলকঠুৱা হৈ] মানুহে একো মিছা কথা নকব ।
কাঞ্চনমতী:- তাৰ অৰ্থ ?
অনঙ্গ:- ফটফটীয়া ।
কাঞ্চনমতী:- আপোনাৰ মনতো ।
অনঙ্গ:- নিঃসন্দেহে ।
কাঞ্চনমতী:- ব্যভিচাৰিণীৰে সতে আপোনাৰ প্ৰয়োজন বা কি ?
অনঙ্গ:- আছে ।
কাঞ্চনমতী:- কি ?
অনঙ্গ:- তাকে তোমাক হ’বলৈ নিদিয়া ।
কাঞ্চনমতী:- সিতো অতি সহজ ।
অনঙ্গ:- অতি সহজ ?
কাঞ্চনমতী:- এৰা আপুনিয়েই বুলিছে...আপুনি নহয় বুলিলেই নহ’লো ।
অনঙ্গ:- বাক্যৰ চাতুৰি নেখেলিবা । তাৰ সময় নহয় । তোমাক মই বুজি পালো । কাঞ্চনমতী,তুমি মোৰ ইমান আন্তৰিক চেনেহ এইদৰে তলসৰা শুকান পাত গচকাদি গচকি নাযাবা বুলি ভাবিছিলো । তুমি মোৰ সকলো সপোন ভাঙিলা ।
কাঞ্চনমতী:- [ৰূঢভাৱে ] কাৰো সপোন কোনেও ভাঙিব নোৱাৰে । সপোন নফলিয়াইহে ।
অনঙ্গ:- [অন্তৰে অন্তৰে জ্বলি উঠে আৰু কিছু একো ক’ব নোৱাৰি ঘামি-যামি একাকাৰ হয় ]
তুমি মিছলীয়া... মিছলীয়া ।
কাঞ্চনমতী:- মই একো মিছা কোৱা নাই.... আগলৈকো নকওঁ ।
অনঙ্গ:- নোকোৱা ? নোকোৱা ? মোক ভাল পাওঁ বুলি কোৱা নাছিলা ?
কাঞ্চনমতী:- [অতি ধীৰভাৱে ] কৈছিলো আৰু সঁচা কথাই কৈছিলো ।
অনঙ্গ:- যদি সঁচাই তেন্তে খন্তেকতে সি কেনেকৈ নাইকিয়া হ’ল ।
কাঞ্চনমতী:- [অলপো বিচলিত নহৈ] আছে ।
অনঙ্গ:- [উত্তৰত আচৰিত হৈ] আছে ? আছে ?? আছে ??? এতিয়াও ! কোন মুখেৰে কৈছা । তোমাৰ কথাত এতিয়াও মোক পতিয়ন যাবলৈ তুমি আশা কৰানে ? তিৰোতাই , সঁচাকৈয়ে মুনিহবোৰক ভুৱা দিব পাৰে বুলি বিশ্বাস কৰে হবলা ।
কাঞ্চনমতী:- নিদিয়ে আৰু নকৰেও ।
অনঙ্গ:- [উত্তেজিত হৈ কেইখোজমান আগবাঢ়ি ] নাই নাই আৰু নকবা । মই আৰু সৰু ল’ৰাটিৰ দৰে তোমাৰ কথা কাণ পাতি শুনি বিভোল হোৱা দিন গ’ল । তোমাৰ চেনেহত মোৰ আশা নাই, কিন্তু শেষ কথা কে’টামান ক’বলৈ আহিলো মাথোন । বাৰু যদি তুমি মোক ভাল পোৱা তেন্তে মোক বিয়া নকৰোৱা কিয় ?
কাঞ্চনমতী:- আমাৰ দেশৰ ছোৱালীয়ে যাকে ইচ্ছা অৱশ্যে তাকে ভাল পাব পাৰে , কিন্তু যাকে ইচ্ছা তাকে বিয়া কৰাব নোৱাৰে । চৰুক সুধি চাউল নবহায় ।
অনঙ্গ:- ইচ্ছা কৰিলেও নোৱাৰেনে ?
কাঞ্চনমতী:- বিয়াৰ বিষয়ে আমি ছোৱালীয়ে আই-বোপাইৰ ইচ্ছাৰ ভিতৰৰেদিহে ইচ্ছা কৰিব পাৰো । নিজৰ ইচ্ছাৰে বিয়া কৰিবলৈ গলে সি বিয়া নহৈ বেমেজালিও হোৱাৰ সম্ভৱ । এই কথা আপুনি জানে ।
অনঙ্গ:- মৰমে যদি তোমাক সেই বেমেজালিত পৰিবলৈ মনত বল আৰু বুকত সাহ নিদিয়ে, নিশ্চয় তাক সোণসেৰীয়া ভালপোৱা বুলিব নোৱাৰি । তুমি যদি সঁচাকৈয়ে মোক ভাল পালাহেঁতেন তেন্তে সুন্দৰৰে সতে তোমাৰ বিয়া ৰোধিবলৈ নিশ্চয় চেষ্টা কৰিলাহেঁতেন ।
[কাঞ্চন কুঁৱৰীয়ে বহু পৰ অনঙ্গৰ চকুৱে চকুৱে চাই থাকে । ]
তিৰোতাৰ মন-সাগৰৰ তলিলৈ পুৰুষ কেতিয়াও নামিব নোৱাৰে ...বোধকৰো তলিও নাই ।
কাঞ্চনমতী:- তলি নিশ্চয় আছে,তিমান তলিলৈ নামিবৰ পুৰুষৰহে বুদ্ধিৰ অভাৱ । তিৰোতাৰ মন-সাগৰৰ ঢৌত চলচলাই ফুৰা পুৰুষহে সৰহ , গভীৰ তলিলৈ বুৰিয়াই নামিব পৰা অতি বিৰল ।
অনঙ্গ:- বুদ্ধি নহৈ ভাল হৈছে । নামিব পাৰিলেও পণ্ডশ্ৰম আন্ধাৰ ঘোপমৰা তলিলৈ নামিলেও একো নেদেখে... বুজিব নোৱাৰে ।
কাঞ্চনমতী:- সূক্ষ্ম দৃষ্টিৰ বন্তি লগাই চালে দেখিব ।
অনঙ্গ:- হুঁ [বুলি মনে মনে থাকে ]
কাঞ্চনমতী:- বাৰু, আপুনি যে মোক দোষিছে আপুনি মোক ভাল পায়নে ?
অনঙ্গ:- অ” [হাঁহি] সেই কথা নাজানিছিলা দেখিয়েই হবলা একো চেষ্টা কৰা নাই । যদি পাওঁ বোলো ?
কাঞ্চনমতী:- তেন্তে আপুনি সুন্দৰৰে সৈতে মোৰ বিয়া ভাঙিবলৈ কিয় চেষ্টা কৰিছে ?
[অনঙ্গ মাতিব নোৱাৰা হৈ বহুপৰ ৰৈ থাকে, তাৰ পাছত দোষী ভাবেৰে ]
অনঙ্গ:- কাঞ্চন তোমাৰ কথা সঁচা । মই একো কৰা নাই । পিছে মইতো একো কৰিব নোৱাৰো ।
কাঞ্চনমতী:- কিয় সুন্দৰ কোঁৱৰক আপুনি কিয় হাক নিদিয়ে । তেওঁক সকলো কথা ক’লে , তেওঁ যদি আপোনাৰ প্ৰকৃত বন্ধু হয় নিশ্চয় শুনিব ।
অনঙ্গ:- মই তাকে কৰিলে, তোমাৰে মোৰে প্ৰণয়ৰ কথা ওলাই পৰিব ।
কাঞ্চনমতী:- ওলাই পৰিলে কি হ’ব ?
অনঙ্গ:- সমাজে কি বুলিব ?
কাঞ্চনমতী:- তাৰমানে আপোনাৰ সমাজলৈ ভয় । আপুনি মুনিহ মানুহ হৈ যেতিয়া সমাজলৈ ভয় কৰিছে, আমি তিৰোতা সমাজৰ আঁঠুৱা তলৰ মহ হৈ ভয় কৰিলে আপুনি কিয় আচৰিত হয় ?
অনঙ্গ:- তুমিতো সমাজৰ বিৰোধী কাম একো কৰিবলৈ যোৱা নাই, তুমি কোনো কাৰণ উলিয়াই সুন্দৰলৈ বিয়া নহওঁ বুলি নিশ্চয় ক’ব পাৰা ।
কাঞ্চনমতী:- সমাজৰ নিয়ম যে, মাক-বাপেকিয়ে নিজ ইচ্ছাৰে যাক দিব জীয়েকে কোনো প্ৰতিবাদ নকৰাকৈয়ে তালৈকে যাবে লাগিব । পিতা-মাতাৰ ইচ্ছাৰ বিৰুদ্ধে বিয়া হোৱাতকৈ সমাজৰ নিয়মৰ বিৰুদ্ধে বিয়া হোৱা হ’ল ।
অনঙ্গ:- তেন্তে তুমি কোনো প্ৰতিবাদ কৰিব নোখোজা ?
কাঞ্চনমতী:- সমাজে প্ৰতিবাদ কৰিবলৈ কোনো আধিকাৰ দিয়া নাই ।
অনঙ্গ:- [হুমুনিয়াহ পেলাই] ওঁ বুজিলো, সোণৰ মূল্যই এই জগতত সবাতোকৈ সৰহ । সোণৰ চিকমিকনিত প্ৰণয় সুন্দৰীৰ চকুত জলক-তবক লাগে ।..... হু... [কিছুপৰ ৰৈ ] পোনাই কলেই হ’ল..... মোক ভাল নোপোৱা বুলি ।
কাঞ্চনমতী:- আপোনাৰ পাটীৰ তিৰোতা নোহোৱাকৈ জানো আপোনাক মই ভাল পাব নোৱাৰো ?
[অনঙ্গই কাঞ্চনৰফালে থৰ লাগি চাই হতাশৰ হুমুনিয়াহ পেলায় । কাঞ্চনৰ আওপকীয়া কথাৰ গঢ়ত বিৰক্ত হৈ পাছলৈ খোজ দি গৈ দুৱাৰমুখত ৰয়গৈ ।]
অনঙ্গ:- [ভাবত গদ্ গদ্ হৈ] কাঞ্চন... সমাজৰ নিয়ম তেন্তে কেতিয়াও লঙ্ঘন নকৰিবা ।
[এই বুলি অনঙ্গ সাউতকৰে দুৱাৰ মেলি বিজুলি যোৱাদি গুচি যায় । কাঞ্চন বহাৰপৰা উঠি দুৱাৰত ৰৈ, দুৱাৰ অলপ মেলি বহুপৰ বাহিৰলৈ চাই থাকে ।তাৰ পাছত দুৱাৰ জপাই মুখত হাত দি হুক্ হুক্ কৰে কান্দিবলৈ ধৰে । বুকুত হাত দি কান্দি কান্দি মাটিত লেপেটা কাঢি বহে আৰু কান্দি কান্দি মাটিত উবুৰি খাই পৰে । ]