কাৰেঙৰ লিগিৰী/পঞ্চম অঙ্ক/প্ৰথম দৰ্শন

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
কাৰেঙৰ লিগিৰী
  • কাৰেঙৰ লিগিৰী - প্ৰথম অঙ্ক
  1. প্ৰথম দৰ্শন
  2. দ্বিতীয় দৰ্শন
  3. তৃতীয় দৰ্শন
  4. চতুৰ্থ দৰ্শন
  5. পঞ্চম দৰ্শন
  • কাৰেঙৰ লিগিৰী - দ্বিতীয় অঙ্ক
  1. প্ৰথম দৰ্শন
  2. দ্বিতীয় দৰ্শন
  3. তৃতীয় দৰ্শন
  4. চতুৰ্থ দৰ্শন
  • কাৰেঙৰ লিগিৰী - তৃতীয় অঙ্ক
  1. প্ৰথম দৰ্শন
  2. দ্বিতীয় দৰ্শন
  3. তৃতীয় দৰ্শন
  • কাৰেঙৰ লিগিৰী - চতুৰ্থ অঙ্ক
  1. প্ৰথম দৰ্শন
  2. দ্বিতীয় দৰ্শন
  • কাৰেঙৰ লিগিৰী - পঞ্চম অঙ্ক
  1. প্ৰথম দৰ্শন
  2. দ্বিতীয় দৰ্শন
  • কাৰেঙৰ লিগিৰী - সমাপতি
  1. সমাপতি


[এটা ওখ টিলাৰ ওপৰত এখন অকলশৰীয়া নগা চাং । ওখ ওখ গছে ঠাই ডোখৰ ছাটি থৈছিল । বহুত দূৰণিৰ নামনিৰ দৃশ্য দেখা গৈছিল । আকাশত জোনটো ওলাই পোহৰ দি আছিল । ঠাইডোখৰ নিজান নিস্তব্ধ । নগাচাঙৰপৰা অলপ ওপৰৰ নামনিৰ দৃশ্য চাই শেৱালি বননিত বহি আছিল । ওচৰত কেও নাছিল । শেৱালিয়ে নামনিৰ দৃশ্যৰ ফালে আৰু জোনটোৰ পোহৰ একেথৰে চাই থাকি মনতে হাঁহা যেন কৰে আৰু গুণ্‌গুণ্‌ কৈ গায়।]

গীত

         যাউতিযুগীয়া ধনে মোৰ অ’ ।

প্ৰাণতে দিলা মোক মৰম কুমলীয়া
মনত সোঁৱৰণী সুৱদীয়া
বুকুত পালে পোৱা অ’ প্ৰাণৰ ধনে
          যাউতিযুগীয়া ধনে মোৰ অ’ ।

স্মৃতিৰ ছবিখনি প্ৰণয় ফুটুকীয়া
কল্পনা পূৰাই দিলা মোক অ’
          যাউতিযুগীয়া ধনে মোৰ অ’ ।

ভাবত অগণনে হুমুনিয়া
অময়া সৌন্দৰ্য জীৱন ওপচোৱা
থবলৈকে ঠায়ে নোজোৰে অ’
          যাউতিযুগীয়া ধনে মোৰ অ’ ।

সুখ বিনন্দীয়া মৰণতে বাকি
সৰগী সপোন টোপনিতে গঢ়ি দিলা মোক অ’
          যাউতিযুগীয়া ধনে মোৰ অ’ ।

বুজা-নুবুজাৰে হাঁহি কান্দোনৰে
জীৱনত পাতিলা মেলা মোৰ অ’ ।
          যাউতিযুগীয়া ধনে মোৰ অ’ ।

             [ৰুণুক নিধাতু খাই লৰি আহে]
ৰুণুক:- দেখিছ দেখিছ বাৰু, এতিয়া তয়ো মৰিবি আমাকো মাৰিবি ।
শেৱালি:- [অতি নিৰ্বিকাৰভাৱে ] কিনো হ’ল ?
ৰুণুক:- তই এনেকৈ ডাঙৰ ডাঙৰকৈ গীত গাইছিলি কেলেই ? শুনিলে তই ক’ত আছ জানিব নহয় ।
শেৱালি:- জানক দে ৰুণুক, মই আৰু জীয়াই থাকিব নোখোজো । শুনক, শুনি মোক ধৰি নি কাটি পেলাওকগৈ ।
ৰুণুক:- ইহ্ ! কোনে কাটি পেলাবগৈ । এই, তই আমাৰ মিতাক চিনি নেপাৱ নহয় । সিও ভৈয়ামৰে মানুহ । বৰ ভাল মানুহ । তোক চাবলৈ আহিছে… উ মিতা, আহ আহ ।
             [অনঙ্গ সোমাই আহে । শেৱালিৰ ফালে চাই শেৱালিক চিনিব নোৱাৰি থৰ লাগি চাই থাকে । কিছুপৰৰ পাছত অনঙ্গই চিনি পায় । ]
অনঙ্গ:- তই শেৱালি নহৱনে ?
শেৱালি:- [অনঙ্গৰ মাত শুনি ভালকৈ চিনি পায় ] হয় মোৰ ডেকা দেউতা ।
             [আঁঠু লৈ হুক্-হুক্ কৰে কান্দিবলৈ ধৰে ]
অনঙ্গ:- তই ইয়ালৈ কেনেকৈ আহিলি ?
শেৱালি:- মোৰনো কথা কি কম ? [কান্দে]
অনঙ্গ:- কি হ’ল কথাবোৰ কচোন ।
শেৱালি:- ৰাজমাও দেউতাই মোক চাওডাঙৰ হাতত কাটিবলৈ পঠিয়াই দিছিল । [মনে মনে থাকে ]
অনঙ্গ:- পিছে…
শেৱালি:- পিছে সিহঁতে ইয়াতে এৰি থৈ গ’ল ।
অনঙ্গ:- অ’ সেই কাৰণে আকৌ তোক ৰজাৰ মানুহে বিচাৰি আহিছে । তোক কিয় এনেকৈ পঠাই দিলে ?
            [অনঙ্গ কিছুপৰ মনে মনে থাকে ]
কিয় ?
            [শেৱালিয়ে নেমাতে ]
কচোন ?
            [শেৱালিয়ে নেমাতে ]
শেৱালি:- আপোনাৰ সতে কুঁৱৰীক পঠাই দিয়া আৰু কুঁৱৰীয়ে বিহ চেলেকি মৰাৰ পাছৰপৰা…
            [নীৰৱ হয় ।]
অনঙ্গ:- কি হ’ল ?
শেৱালি:- কাৰেঙৰ আটাইবোৰ মানুহে মোৰ কোঁৱৰৰ নানা কথা উলিয়ালে, তাতে ৰাজমাৱৰ…
অনঙ্গ:- [শেৱালিৰ মনৰ ভাৱ আৰু অভিব্যক্তি ভালকৈ নিৰক্ষণ কৰি] কচোন শেৱালি সঁচা কথা, ঈশ্বৰক সাক্ষীকৈ… সেইবোৰ সঁচানে ?
শেৱালি:- [একে উশাহে অনঙ্গৰ চকুৱে চকুৱে চাই] তেনেই মিছা ।
অনঙ্গ:- [তাইৰ মুখৰ ভাৱ আৰু কথাৰ গঢ় দেখি তাইক সম্পূৰ্ণ বিশ্বাস কৰি] তেন্তে সুন্দৰে একো হকা-বধা কৰা নাইনে ? তোক এনেকৈ পঠোৱা সুন্দৰে নাজানেনে ?
শেৱালি:- মই ক’ব নোৱাৰো ।
অনঙ্গ:- অলপ আগতে গীত তয়ে গাইছিলিনে ?
শেৱালি:- [নেমাতে]
অনঙ্গ:- সুন্দৰলৈ তোৰ বৰ মৰম নেকি ?
            [শেৱালিয়ে উচুপি উচুপি কান্দিবলৈ ধৰে , এনেতে হুৰমূৰ কৰি হাতত আঁৰিয়া লৈ কিছুমান চাওডাং আহি তাত ওলাই আটাইবোৰকে বেঢ়ি ধৰে “এইজনী শেৱালি শেৱালি” বুলি চিঞৰিবলৈ ধৰে । ৰুণুক,জুনুক,ঠুনুকহঁতে ভয়তে চিঞৰিবলৈ ধৰে । অনঙ্গই কঁকালত টঙালি বান্ধি তৰোৱাল খাপৰ পৰা উলিয়াই তৰোৱাল দাঙে ৷ ]
            [বজ্ৰগম্ভীৰ মাতেৰে] তহঁতক কি লাগে ।
১ম চাওডাং:- শেৱালি লিগিৰীক ।
অনঙ্গ:- সজে সজে উভতি যা ।
১ ম চাওডাং:- শেৱালি লিগিৰীক আমি লৈ যাম, আমাৰ স্বৰ্গদেৱৰ আদেশ । এনেয়ে নিদিলে আমি বলেৰে নিম ।
অনঙ্গ:- তেন্তে [বুলি কঁকালৰ শিঙা এটা বজায়, দূৰত কিৰীলি শুনা যায় ]
১ ম চাওডাং:- ধৰ ককাইহঁত , তাইক ল ।
             [চাওডাং আৰু অনঙ্গৰ ভিতৰত যুঁজ আৰম্ভ হয় । গোটেইখন হুৱাদুৱা লাগে । কিছুমান নগাই যাঠি-জোং লৈ তাত যোগ দিয়েহি । এই গোলমালৰ ভিতৰৰপৰা ৰুণুক,জুনুক,ঠুনুক আৰু শেৱালি আঁতৰি দূৰলৈ যায়গৈ । কেইবাটাও চাওডাং ঘাইল হয় । এনেতে সৰহ কৈ কিছুমান চাওডাঙৰ সতে এজন ৰাজবিষয়া,মূৰত পাগমৰা আৰু মুখখন চকু-নাকৰ বাহিৰে আন ঢাকি, হাতত তৰোৱালেৰে ওলায়হি ।]
ৰাজবিষয়া:- কোনে ৰজাৰ মানুহত কৰ্তব্যত বাধা দিছে ?
অনঙ্গ:- [আগাবাঢ়ি ] মই দিছো । কৰ্তব্যত নহয়, অন্যায়ত বাধা দিছো আৰু শেষলৈকো দিম ।
ৰাজবিষয়া:- কোন, কোন তুমি ?
অনঙ্গ:- যেয়ে নহ’লো । এই ৰাজ্য তোমাৰ ৰাজ্য নহয় । ইয়াৰ ওপৰত তোমাৰ অধিকাৰ নাই । ভৈয়ামৰ অন্যায়-অধৰম পৰ্ব্বতলৈ নুতুলিবা । য’ৰ মানুহ ত’লৈ উভতি যোৱাগৈ ।
ৰাজবিষয়া:- [মুখৰ কাপোৰ গুচায়] নহয় বন্ধু অনঙ্গৰাম,অন্যায় অনা নাই,ন্যায় লগত লৈ আনিছো ।
অনঙ্গ:- [বৰ আচৰিত হৈ] অ’ সুন্দৰ আকৌ কি নব-অভিযান ? নবসংস্কাৰেৰে অনুপ্ৰাণিত হৈ আজি এই বনৰীয়া জীৱনত ধূমকেতুৰ দৰে পৰি কিহৰ উপদ্ৰৱ সৃষ্টি কৰিবলৈ আহিছা ? ইয়াত তো সত্যতা নাই, শাস্ত্ৰৰ বিধান নাই, ৰীতি নাই, নীতি নাই । ইয়াত কি ভাঙিবলৈ আহিলা ? এই নিৰীহ অজলা প্ৰাণীবোৰৰ অস্থিপঞ্জৰ ? এই প্ৰকৃতিৰ কোলাত বিৰল সুখত উমলি থকা প্ৰাণীবোৰৰ শান্তি !
সুন্দৰ:- ক্ষমা কৰিবা বন্ধু ! শান্তি ভাঙিবলৈ অহা নাই, শান্তি বিচাৰি আহিছো ।
অনঙ্গ:- কিন্তু শান্তি নেভাঙিলে যে শান্তি নোপোৱা । বাৰু কেলৈ আহিলা, শেৱালিৰ নিৰ্বাসন ৰহিত কৰিবলৈ, নহয়নে ?
সুন্দৰ:- অকল নিৰ্বাসন ৰহিত কৰিবলৈ অহা নাই ।
অনঙ্গ:- তেন্তে ।
সুন্দৰ:- মোৰ কুঁৱৰী কৰিবলৈ ।
অনঙ্গ:- [ডাঙৰকৈ হাঁহিবলৈ ধৰে –গোটেই পৰ্ব্বত জনজনাই যায়] হাঃ হাঃ হাঃ হাঃ হাঃ হাঃ ... তেন্তে লৈ যোৱা, লৈ যোৱা , শেৱালিক লৈ যোৱা । হাঃ হাঃ হাঃ... আহা আহা, আজি মোৰ অতিথি হোৱাহি । কাইলৈ শেৱালিক লৈ যাবা । আহা আহা ।
সুন্দৰ:- ইমান হাঁহি কিয় বন্ধু ?
অনঙ্গ:- বহুত দিন হাঁহিব পৰা নাই । আজি প্ৰাণ খুলি হাঁহিবলৈ অৱকাশ পাইছো । আহা আহা, আহা বন্ধু ,আজি নিৰ্ব্বাসিতৰ আলহি হোৱাহি ।
             [সুন্দৰক বাহুত ধৰি লৈ যায় আৰু আন আন চাওডাং আটাইবোৰ তাৰ পৰা ওলাই যায়গৈ । ৰুণুক, জুনুক, ঠুনুকে বেঢ়ি লৈ শেৱালিক সাবটি ধৰি এখোজ-দুখোজকৈ আঁতৰি থকা ঠাইৰ পৰা আহে।]
ৰুণুক:- তেন্তে মইনা তোক কাইলৈ লৈ যাবগৈ । তই কুঁৱৰী হবিগৈ ?
শেৱালি:- [আনমনা হৈ ] মই কুঁৱৰী নহওঁ, তহঁতৰ লগতে থাকিম ।
ৰুণুক:- কেলৈ কুঁৱৰী নহবি ? কুঁৱৰী হ’বলৈ পালে… ইমান… ৰজাৰ ল’ৰালৈ তোৰ জানো মৰম নাই ।
শেৱালি:- [হাঁহি] ওঁ ওঁ [মূৰ জোঁকাৰে] সেই… সেই কাৰণেই বুজিছ ৰুণুক মই কুঁৱৰী নহওঁ ।
ৰুণুক:- ইহ্ ! বৰ আচৰিত কথা দেখোন । মৰম আছে যদি হ’বহে লাগে ।
শেৱালি:- ৰজাৰ ল’ৰাই মোক কুঁৱৰী পাতিলে ৰজাৰ ডাঙৰীয়া সকলে কোঁৱৰক ৰজা ভাঙিব । আৰু মৰোৱাই পেলাব পাৰে, বুজিছ ।
ৰুণুক:- [চকু টেলেকাকৈ চাই থাকে] হয়নেকি ?
শেৱালি:- ওঁ ।
ৰুণুক:- তেন্তে তই ইয়াতে থাকিবি । ৰজাৰ ল’ৰাকো কাটিব, তোকো কাটিব গলে । নালাগে যাব , নালাগে যাব ।
শেৱালি:- নেযাওঁ বাৰু, বল এতিয়া ৰাতি হ’ল ।
            [দূৰৰ পৰা ৰুণুকৰ মাকে মতা শুনা যায়]
            [ৰুণুক..উ..উ..উ]
ৰুণুক:- উ..উ…উ ।
            [আটাইকেইজনী ওলাই যায়।]