কাৰেঙৰ লিগিৰী/পঞ্চম অঙ্ক/দ্বিতীয় দৰ্শন

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
কাৰেঙৰ লিগিৰী
  • কাৰেঙৰ লিগিৰী - প্ৰথম অঙ্ক
  1. প্ৰথম দৰ্শন
  2. দ্বিতীয় দৰ্শন
  3. তৃতীয় দৰ্শন
  4. চতুৰ্থ দৰ্শন
  5. পঞ্চম দৰ্শন
  • কাৰেঙৰ লিগিৰী - দ্বিতীয় অঙ্ক
  1. প্ৰথম দৰ্শন
  2. দ্বিতীয় দৰ্শন
  3. তৃতীয় দৰ্শন
  4. চতুৰ্থ দৰ্শন
  • কাৰেঙৰ লিগিৰী - তৃতীয় অঙ্ক
  1. প্ৰথম দৰ্শন
  2. দ্বিতীয় দৰ্শন
  3. তৃতীয় দৰ্শন
  • কাৰেঙৰ লিগিৰী - চতুৰ্থ অঙ্ক
  1. প্ৰথম দৰ্শন
  2. দ্বিতীয় দৰ্শন
  • কাৰেঙৰ লিগিৰী - পঞ্চম অঙ্ক
  1. প্ৰথম দৰ্শন
  2. দ্বিতীয় দৰ্শন
  • কাৰেঙৰ লিগিৰী - সমাপতি
  1. সমাপতি


[নগা পৰ্ব্বতৰ অনঙ্গ থকা গুহাৰ আগত । দুপৰীয়া । সুন্দৰ কোঁৱৰ গুহাৰ আগৰ শিল এটাত আমন-জিমনকৈ বহি আছে । ওচৰতে মাটিত কিছুমান গছৰ পাত পাৰি লৈ অনঙ্গৰাম আৰু সুদৰ্শন । তিনিওজনে ইজনৰ সৈতে সিজনে কথা-বতৰা নপতাকৈ নিজৰ নিজৰ ভাবতে বিভোল হৈ আছে ।]
সুদৰ্শন:- [মূৰ দাঙি] সুন্দৰ, তোমাৰ এই সংকল্প এৰা ।
সুন্দৰ:- সুন্দৰে সংকল্প কৰে, কিন্তু সংকল্প নেৰে ।
সুদৰ্শন:- কিন্তু ইয়াৰ পৰিণাম বৰ ভয়াবহ । তাক তুমি উপলব্ধি কৰিছা নে নাই ক’ব নোৱাৰো । এনেয়ে তোমাৰ আগৰ এটি কামে ডাঙৰীয়াসকলক আৰু ৰাইজক বৰ অসন্তুষ্ট কৰি থৈছে । এই কামে মাত্ৰ সেই উমি উমি জ্বলি থকা জুইকুৰা দপদপকৈ জলাইহে দিব ।
সুন্দৰ:- দিয়ক… দিয়ক । মোৰ ৰাজ্য, মোৰ ৰাজপাট পুৰি ছাৰ-খাৰ কৰি দিয়ক । ৰাজ্য, ধন, সিংহাসন যাওক, কেৱল মাত্ৰ মোৰ সংকল্প থাওক ।
সুদৰ্শন:- নহয় নহয় ,তুমি সেই একে কথাকে ক’লে নহ’ব । দেশৰ মুখলৈ চাই, প্ৰজাৰ মুখলৈ চাই তুমি…
সুন্দৰ:- তেন্তে দেশ উচ্ছন্ন যাও, প্ৰজাৰ সৰ্বনাশ হওক ।
অনঙ্গ:- [বেজাৰকৈ] সুন্দৰ তোমাৰ এনে সংকল্পৰ ফলত আজি তোমাৰ এই বন্ধুৰ [নিজৰ গালৈ আঙুলিয়াই] কি অৱস্থা হল দেখিলানে ? কাঞ্চনমতীয়ে কেনেকৈ আঁচলৰ গাঁথিৰ বিহৰে তোমাৰ দণ্ডাদেশ উপেক্ষা কৰি গ’ল ?
সুন্দৰ:- দেখিলো বন্ধু । আজি তোমাৰ অভিশাপত মই নিজে প্ৰাণ দি জীৱন্ত কৰি তুলিবলৈ ওলাইছো ! মই বাঘজৰি ধৰা ৰথৰ চকাৰ তলত জাঁপ দি মই নিজেই গুৰি হৈ যাবলৈ ওলাইছো । মোৰ এই সংকল্প এৰিব নোৱাৰো ।
অনঙ্গ:- তোমাৰ সংকল্প সিদ্ধি হওক । অভিশাপৰ ঠাইত মই তোমাক আশীৰ্বাদ দিছোঁ ।
সুন্দৰ:- [সেইবোৰ কথা তল পেলাই হঠাতে] অনঙ্গ, সিদিনা তুমি ইমানকৈ কিয় হাঁহিছিলা ?
অনঙ্গ:- তুমি হঁহুৱাইছিলা দেখি ।
সুন্দৰ:- কেনেকৈ ?
অনঙ্গ:- তাক তুমি ভালকৈ জানা অৱশ্যে ।
সুন্দৰ:- তেন্তে শেৱালিৰে সৈতে মোৰ অবৈধ প্ৰণয় থকা তুমি বিশ্বাস কৰা ?
অনঙ্গ:- বন্ধু,তাৰ বাবে মই আজি তোমাৰ ওচৰত ক্ষমা বিচাৰিছো । সি মোৰ ভুল ধাৰণা আছিল ।
সুন্দৰ:- তেন্তে তুমি সেই বিষয়ে নিঃসন্দেহ ?
অনঙ্গ:- সম্পূৰ্ণে । কিন্তু বন্ধু, তোমাৰ এনে সংকল্পই যে আন সকলোকে তোমালোকৰ বিষয়ে এনেবোৰ সন্দেহ আৰু বদ্ধমূল হ’বলৈহে সুবিধা দিব !
সুন্দৰ:- দিয়ক । সেইকাৰণেই মই শেৱালিক কাৰেঙৰ কুঁৱৰী কৰিব খুজিছো ।
অনঙ্গ:- ওঁ বুজিছো । তেন্তে তিৰোতা এতিয়াও তোমাৰ হৃদয়ৰ দুৱাৰ-ডলিৰ বাহিৰতেনে ?
সুন্দৰ:- [হাঁহি] তাত অলপো সন্দেহ নাই ।
অনঙ্গ:- কিন্তু, তিৰোতা লৈয়েই দেখোন তোমাৰ জীৱনৰ মেলা পাতিলা ?
সুন্দৰ:- পাতিলো যদিও তিৰোতাৰপৰা মই আঁতৰত । পদুম পাতৰ পানীৰ দৰে তিৰোতা মোৰ জীৱনলৈ আহিলে গ’লেও মোক তিয়াব নোৱাৰে বন্ধু ।
অনঙ্গ:- [কৌতুহলী হাঁহিৰে সন্দেহ প্ৰকাশ কৰি] অহংকাৰ নকৰিবা ।
সুন্দৰ:- অহংকাৰ নহয় বন্ধু । ই মাথো মোৰ জীৱন-বুৰঞ্জীৰ তিৰোতাসংশ্লিষ্ট ঘটনাৱলীৰ পৰ্যবেক্ষণ আৰু বিশ্লেষণৰ মন্তব্যহে ।
[এনেতে ৰুণুক,জুনুক, ঠুনুকে হাতত আলু, কচু আৰু ফুল লৈ সোমাই আহে ]
সুন্দৰ:- ক’তা নাগিনী ছোৱালীহঁত ! তহঁতৰ সতে শেৱালি নাহিলে দেখোন ?
ৰুণুক:- ৰজাৰ ল’ৰা, শেৱালি আজি তোৰ লগত যাব নহয়, সেই গুণে তাই ভালকৈ মূৰ মেলাইছে । খোপাত ফুল পিন্ধিছে , হাতত ফুল পিন্ধিছে আৰু গালত ৰঙা ফুলৰ গুৰি সানিছে… তাই আহিব ৷ হোঁ.. তোলৈ এইবোৰ ৰঙা ৰঙা ফুল দিছে ।
[ৰুণুকে সুন্দৰক কিছুমান ফুল দিয়ে । সুন্দৰে সেই ফুলবোৰ হাতত লয় ]
ৰজাৰ লৰা , তই এনেকৈ মন মাৰি কেলৈ থাক ? [অনঙ্গক] মিতা ,বাৰু ৰজাৰ ল’ৰাৰ কিয় বেজাৰ ?
অনঙ্গ:- [হাঁহি] তহঁতে ৰজাৰ ল’ৰাক নাম-গুণ্‌ গাই নেদেখুৱাৱ দেখি ।
ৰুণুক:- ইহ্ !
অনঙ্গ:- হয় আকৌ ।
ৰুণুক:- [সুন্দৰক] আমি নাম গালে জানো তোৰ মন ভাল লাগিব ?
[সুন্দৰে মূৰ দুপিয়াই আৰু ৰঙা ফুল এটা লৈ মোহাৰি থাকে ।]
ৰুণুক:- বাৰু, আমি তেনে নাম গাম... নাচিম... দেই জুনুক... দেই ঠুনুক !
জুনুক:- ঠুনুক... ওঁ ওঁ নাচিম তো... নাচিম তো ৷
[ৰুণুক,জুনুক,ঠুনুকে গায় আৰু নাচে]

নাম:-

পৰ্ব্বততে ফুলিলে ৰঙানোকৈ ফুলে কলি
ৰেণুৰে বোলালি তই কুমলীয়া হাত ।
অ’ ভৈয়ামৰ সোণামুৱা কিনো কৰ গুণি গাথি
লেখি লেখি সেউজীয়া পাত।

বনে মইনা সেউজীয়া,
গছে মইনা সেউজীয়া,
পাতে মইনা সেউজীয়া পাত,
মইনা চৰাইটিয়ে গছৰ ডালে পাতে পৰি
তোলকে মাতিছে মিঠা মিঠা মাত ।

আমনে জিমনেকৈ
থাকনো তই কিয় ঐ
গালতনো দিয় কিয় হাত
হাঁহ অ’ মোৰ মইনা
হাঁহ অ’ হাঁহ ।

ভালেনো পাওঁ চাবলৈ,
ৰঙা ওঁঠৰ হাঁহিৰে সতে
জিকিমিকি দুয়োপাৰি দাঁত ।

ৰুণুক:- ৰজাৰ ল’ৰা, এতিয়া তোৰ মন ভাল লাগিছেনে ?
[সুন্দৰে হাঁহি মূৰ জোঁকাৰে]
তেন্তে তহঁতে এতিয়া একো নাখাৱনে ? চাচোন ,বেলিটো মূৰৰ ওপৰ পালেহি নহয় । এইয়া আমি আলু আনিছো, কচু আনিছো । যা… তহঁতে নিজৰাত গা ধুই আহগৈ । আমিও গা ধুই মইনাক লগত লৈ আহিম । তই তেতিয়া বৰ ভাল পাবি, নহয়নে ?
সুন্দৰ:- [উঠি] বাৰু ৰুণুক তহঁতে যা, মই যাম ।
ৰুণুক:- আমি এতিয়াই আহিমদেই ।
[ৰুণুক,জুনুত,ঠুনুক যায়গৈ । বপুৰা সোমাই আহে ।]
বপুৰা:- পিছে ঈশ্বৰসকলে জানো গা নিতিয়াই ? বন্দীয়ে খাবলৈ সকলো যতাই-পিতাই আহিছো নহয় ।
সুদৰ্শন:- বলা সুন্দৰ ।
অনঙ্গ:- বলা !
[আটাইকেইজন উঠি তাৰপৰা ওলাই যায়, আৰু বপুৰাই অলপ ইফাল-সিফাল কৰি থাকোতেই এটা গা-ৰখীয়া চাওডাং আহে]
গা- ৰখীয়া চাওডাং :- পিছে বৰা, আজি আমাৰ যোৱা হ’ব নে নহয় ?
বপুৰা:- নহ’ব কিয় ? খাই বৈ, শেৱালি কুঁৱৰীক তহঁতৰ কান্ধত তুলি গায়নে বায়নে গিজতাঁও গিজতাঁও কৈ নগৰ হেন্দোল দোপ্ দলদোপ্ লগাই পেলামগৈ নহয় । মই নিজে ঢোল বায় আগে যাম ৷ বুজিছ...[হাতেৰে ঢোলত কোব মৰা যেন কৰি] ধিনদাও খিত্‌তাঁও, ধিনদাও খিত্‌তাঁও , খিতি খিতি তাঁও, তাঁও তাঁও তাঁও তাঁও, খিতাঘিনা খিতিতাঁও ধিন্দাক ধেই । এইদৰে বাপেকে কেনে শুনিলি ?
গা-ৰখীয়া চাওডাং :- বঢ়িয়া । বোলো আমাৰ লিগিৰী বড়া মুখ বায়নে নে কোন ?
বপুৰা:- মুখ বায়ন হে, কাষত দুটা মূৰত এটা পিঠিত এটা আগত এটা লৈ যেতিয়া বাই দিম হেঃ । পিছে তাৰ পাছত শেৱালি কুঁৱৰীৰ পাছতে কোন যাব জান ?
গা-ৰখীয়া চাওডাং :- কোন ?
বপুৰা:- যিহে এজনী ছমক ছায়া ।
[বুলি আনন্দত টকালি পাৰি তিনি দেও মাৰে ]
গা-ৰখীয়া চাওডাং :- তেৰাজনী পিছে কোন বা ?
বপুৰা:- এই বপুৰাৰ ভাগৰজনী !
গা-ৰখীয়া চাওডাং :- পিছে বৰাৰ আগৰজনী ?
বপুৰা:- আগৰজনীক… হেঃ তাইক কাচি কাচি তেল খাৰণি দি দলনিত পোনা মেলিমগৈ । তাই বেটিয়ে নাজানে এই বপুৰা বৰাই লগা বুলিলে কেইজনী অপেচৰী পাব পাৰে । মেনকাক আনিবলৈ বপুৰাৰ এটি চকুৰ টিপ , উৰ্বশীক এটা সুহুৰি , আৰু তিলোত্তমাক এটি টিলিকিৰ হে “বশ্যক” । হেঃ তাই বেটিয়ে মোক বেয়া দেখিছে-হেঃ মই টঙ্‌ কৰি আছো, ওৰণি তলেদি দুৱাৰপৰীয়াৰ মাজু পুতেকলৈ মিচিকি হাঁহিটো মাৰি পঠোৱা । বেটি হেঃ তাইক । “তিৰি মিৰি ভাটো কোৱা, এই চাৰি জাতি আসৈ নোপোৱা ।“ এই কথা কেইফাকি যি বাপেকৰ পুতুকে সৰজিলে সিটো তাৰ বাপেকৰ পুতেকেই আৰু ককাকৰো নাতিয়েক । সি পণ্ডিত নহৈ মূৰুখ আছিল যদিও বৰ গিয়ানি মূৰুখ পুৰষ প্ৰবৰ ।
গা-ৰখীয়া চাওডাং :- পিছে এতিয়ানো কোনজনী অপেচৰী আপোনাৰ দেহাত ওলোমা বাদুলী দি লম্ভিছে ?
বপুৰা:- এতিয়াও পিছে মই ইন্দ্ৰৰ ভাগৰ কেইজনীলৈ চকু দিয়া নাই । দিমনো কেলৈ ? ভাল মানুহৰ ভাল কথা । পিছে এই বোলেনে কিম্ভূত প্ৰকাৰে এজনী নাগেশ্বৰীক হে মোৰ গাটো মেৰপাক খুৱাই ধৰিবলৈহে সুবিধা কৰি দিছোঁ । এনে কোমল নিমজ নাগপাশজনী ঐ
[বৰ কোমল ভাৱ দেখুৱাই ]
গাটো তাই চুই দিলে নহয় ।
[নিজৰ গাতে আলফুলকৈ হাত ফুৰাই]
বৰ ভাল লাগে নহয় ৷
[গাত সেইদৰে হাত ফুৰাই থাকোতেই সুন্দৰ তিতা কাপোৰেৰে আহি তাত থিয় হয়হি । সুন্দৰক দেখি বপুৰা উচপ্‌ খাই উঠে !]
এহ্ গাত কটা চোৰাত পাত লাগিল হবলা । এহ্ এহ্….
[বুলি বেগেৰে ওলাই যায় । চাওডাংটোও সেৱা কৰি ওলাই যায় । সুন্দৰে হাতৰ গামোচাখন মূৰত দি , মূৰৰ পানী টুকি এখোজ-দুখোজকৈ গুহাৰ মুখৰ পালে যাওঁতে দূৰত কিৰীলি পাৰি হঁহাৰ শব্দ শুনি থমক্ খাই ৰৈ উভতি চাই, আকৌ এখোজ-দুখোজকৈ গৈ গুহাত সোমায়গৈ । এনেতে দূৰত চিঞৰি ৰুণুক জুনুক ঠুনুকে কন্দা শুনা যায় আৰু লগতে “মইনা উটি গ’ল ঔ... মইনা উটি গ’ল” বুলি চিঞৰা শুনা গল । সুন্দৰ গুহাৰ ভিতৰৰ পৰা তিতা কাপোৰেৰেই ভয়ংকৰ উদ্বিগ্ন হৈ.. “কোন, কোন ? কোন উটি গ’ল ? কোন উটি গ’ল ?” বুলি ওলাই চাৰিওফালে চাই যিফালৰ পৰা শব্দ অহা যেন শুনিছিল সেইফালে (বাওঁফালে) বেগেৰে যাব খোজোতেই ৰুণুক,জুনুক,ঠুনুক নিধাতু খাই, তিতা কাপোৰেৰেই কান্দি হায়ৈ-বিয়ৈ কৰি তাত ওলাইহি আৰু “দেৱে লৈ গ’ল অ’ দেৱে লৈ গ’ল” বুলি কান্দিবলৈ ধৰে । সুন্দৰে সিহঁত অহা ফাললৈ “ক’ত ? ক’ত ? কোন ফালে ?” বুলি যাবলৈ ধৰোতেই আটাইকেইজনীয়ে আঁঠুকাঢ়ি ভৰিত সাবট মাৰি ধৰি “তই নাযাবি অ’ ৰজাৰ ল’ৰা... তোকে দেৱে লৈ যাব ... তই নাযাবি “ বুলি বাধা দিয়ে । কিন্তু, সুন্দৰ সিহঁতক হাতেৰে বলেৰে আঁতৰাই নিধাতু খাই লৰি ওলাই যায় । ৰুণুক,জুনুক,ঠুনুক থিয় হৈ সুন্দৰ যোৱা ফালে মহা আতংকৰে চাই কান্দিবলৈ ধৰে । এনেতে সুদৰ্শন আৰু অনঙ্গৰাম তিতা কাপোৰেৰে তালৈ সোঁফালেদি সোমাই সুন্দৰ যোৱা ফালে লৰি ওলাই যায়গৈ । তাৰ পাছতে সুদৰ্শন আৰু অনঙ্গৰামে মূৰ্ছিত সুন্দৰক দাঙি তালৈ লৈ আহে । সুন্দৰৰ তেনে দেখি ৰুণুক,জুনুক,ঠুনুকে হুৰাও ৰাওকৈ কান্দিবলৈ ধৰে । সুদৰ্শনে হাতেৰে হাক দিয়াত সিহঁতে মুখত কাপোৰৰ সোপা দি উচুপিবলৈ ধৰে, আৰু ওচৰলৈ আহি সুন্দৰলৈ বিয়াকুল হৈ চাবলৈ ধৰে । অনঙ্গই সুন্দৰৰ মূৰ কোলত লৈ পানী থপিয়াই শুশ্ৰূষা কৰিবলৈ ধৰে । সকলোৰে মুখত ভীষণ উদ্বিগ্নতা ! কিছুপৰ শুশ্ৰূষাৰ পাছত সুন্দৰে লাহে লাহে চেতন পায় আৰু মূৰ দাঙিবলৈ চেষ্টা কৰে, কিন্তু সুদৰ্শনে উঠিবলৈ নিদিয়ে । অলপ পানী মুখত দিয়ে ।]
সুন্দৰ:- পালানে শেৱালিক পালানে ?
[কোনেও উত্তৰ নিদিয়ে, সুন্দৰে উঠিবলৈ মূৰ দাঙি কিলাকুটিত ভৰ দি ।]
তেন্তে পোৱা নাই , নাই ? তেন্তে শেৱালি সঁচাকৈয়ে উটি গ’ল ? উটি গ’ল ? নিজৰাত উটি গ’ল ? চাকনৈয়াৰ বুকুত মাৰ গল । বন্ধু , বন্ধু , সুদৰ্শন ! অনঙ্গ ! শেৱালি কলৈ গ’ল ??
[আটাইবোৰ বিমৰ্ষ আৰু নিমাত ]
বুজা নাছিলোঁ বন্ধু… বুজা নাছিলোঁ । বুজালি... শেৱালি মোক বুজালি ! জীৱনেৰে বুজালি, মৰণেৰে বুজালি... মোৰ জীৱন যজ্ঞত তোৰ জীৱন আহুতি দিলি । তিৰোতাৰ অন্তৰৰ গুপুত সৌন্দৰ্যৰ নিৰ্জন খনি পোহৰাই জ্বলি থকা তিৰোতাৰ হীৰাতো শুভ্ৰ ভালপোৱাৰ সম্ভেদ মোক কৈ গলি । ত্যাগৰ মুকুটৰে উজলি শেৱালি গোসাঁনী মোৰ জীৱন সুদাকৈ, কাৰ আহ্বানত, সৃষ্টিৰ ইন্দ্ৰজাল ভেদি... কোন ব্ৰহ্মাণ্ডলৈ উফৰি গলি ? বিশ্ব জগতৰ সকলো তিৰোতাৰ গালতে কি গৌৰৱৰ সেন্দুৰ সানি গলি ! মোৰ কাৰণে... অ’ মোৰ কাৰণে তই হাঁহি মুখে চাকনৈয়াক চুমা খালি ! বন্ধু, এৰি দিয়া, মোক এৰি দিয়া । শেৱালিক মই বিচাৰি যাওঁ । পৰ্ব্বতৰ গায় গায়, নিজৰাৰ পাৰেপাৰে... বিচাৰি যাওঁ... শেৱালিক মই বিচাৰি যাওঁ ।
[উঠিব খোজে, কিন্তু সুদৰ্শন আৰু অনঙ্গই ধৰি ৰাখে ]
[বৰ উত্তেজিত হৈ ] কি চাই আছা ? কি চাই আছা ? বন্ধু কি চাই আছা ?? শেৱালিক আনি নিদিয়া কিয় ? শেৱালিক বিচাৰি নোযোৱা কিয় ? পৰ্ব্বতৰ নিজৰাৰ পানী সিঁচি, নিজৰা শুকুৱাই শেৱালিক চাকনৈয়াৰ বুকু ফালি মোক আনি নিদিয়া কিয় ? [সংযম হেৰুৱাই] আনি দিয়া, আনি দিয়া, আনি দিয়া, শেৱালিক মোক আনি দিয়া… নিদিয়া কিয় ?
[লাহে লাহে মূৰ্ছা যোৱাৰ দৰে হৈ আহে ] উটি গ’ল ! উটি গ’ল !! শেৱালি মোৰ উটি গ’ল !!! কোন পানীৰ তলৰ ফটিক কোঠালিলৈ উটি গলিগৈ ? আহ আহ উভতি আহ… তামোলৰ বটাটি লৈ, ফুলৰ কুকিটি লৈ মোৰ পুথিৰ পাতবোৰ সামৰি থবলৈ, মোৰ সোণৰ পালেঙলৈ টোপনিক মাতি আনিবলৈ উভতি আহ । আহ আহ… অ’ শেৱালি আহ । মোৰ সতে কথা পাতহি… গুণ গুণকৈ নাম গাহি… আহ আহ… কথা নাপাতহি কিয় ? নাম নাগাৱহি কিয় ? কথা পাতা... হাঁ...হাঁ...
[উঠি বহি হাত আগবঢ়াই দি সপোনৰ দৰে ] অ’ শেৱালি, তই উভতি নাহ্‌ কিয় ? কথা নাপাত কিয় ?? নাহাঁহহি কিয় ? ?? কথা ক অ’ সোণৰে শেৱালি, কথা ক অ’ প্ৰাণৰে শেৱালি, কথা... কথা... কথা... ক !!!
[সুন্দৰ ঢলি পৰি যায়।]