কাৰেঙৰ লিগিৰী/দ্বিতীয় অঙ্ক/প্ৰথম দৰ্শন

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
কাৰেঙৰ লিগিৰী
  • কাৰেঙৰ লিগিৰী - প্ৰথম অঙ্ক
  1. প্ৰথম দৰ্শন
  2. দ্বিতীয় দৰ্শন
  3. তৃতীয় দৰ্শন
  4. চতুৰ্থ দৰ্শন
  5. পঞ্চম দৰ্শন
  • কাৰেঙৰ লিগিৰী - দ্বিতীয় অঙ্ক
  1. প্ৰথম দৰ্শন
  2. দ্বিতীয় দৰ্শন
  3. তৃতীয় দৰ্শন
  4. চতুৰ্থ দৰ্শন
  • কাৰেঙৰ লিগিৰী - তৃতীয় অঙ্ক
  1. প্ৰথম দৰ্শন
  2. দ্বিতীয় দৰ্শন
  3. তৃতীয় দৰ্শন
  • কাৰেঙৰ লিগিৰী - চতুৰ্থ অঙ্ক
  1. প্ৰথম দৰ্শন
  2. দ্বিতীয় দৰ্শন
  • কাৰেঙৰ লিগিৰী - পঞ্চম অঙ্ক
  1. প্ৰথম দৰ্শন
  2. দ্বিতীয় দৰ্শন
  • কাৰেঙৰ লিগিৰী - সমাপতি
  1. সমাপতি


<poem> [সুন্দৰৰ কাৰেঙত কাঞ্চন কুঁৱৰীৰ শোৱনি-কোঠা । শেৱালিয়ে হাতত এটা কুঁকি আনি এখন শৰাইত সজাই থয় । আন বন কৰে । মাজে মাজে চকু পানী মচে । এনেতে সেউজী লিগিৰী সোমাই আহে । তাইৰ মুখখন ঘূৰণীয়া আহোম গঢ়ী , বগা , দেখিবলৈ সুন্দৰী নহয় যদিও মৰম লগা । গাঁঠলু আৰু নিপোটল । মুখত উদাৰ হাঁহিসনা ।] সেউজী :- এ শেৱালি বাইটি তই ইয়াতে আছ । [শেৱালিয়ে উচপ খায় আৰু লৰালৰিকৈ চকু মচে ] বাইটি অ’ তই দেখোন চকু মোহাৰিছ.... কিবা সোমাল নেকি ? চাওঁ চাওঁ ।

                                                                              [ওচৰ চাপি আহি চকুলৈ চাই]

এ কান্দিছহে হবলা । আঐ দেহি কিনো হ’ল বাইটি । ৰেৱতীয়ে কিবা ক’লেনেকি ? [শেৱালিয়ে হুক হুক কৰে কান্দে , সেউজীয়ে সাবট মাৰি ধৰি ] কেলৈনো কান্দিছ বাইটি ! কচোন বাইটি কি হ’ল ? [শেৱালি অলপ ৰৈ] শেৱালি:- সেউজী, মইনো বাৰু ৰেৱতীক কি কৰিলোঁ..... তাই যে মোক দুই চকুৰে দেখিব নোৱাৰে । সঁচাই-মিছাই মোৰ কথাবোৰ ৰাজমাও দেউতাক টুটকীয়া লগাই থাকে । সেউজী:- [সহানুভূতিৰে] তাইৰ কথাত নধৰিবি । তাই তেনেকুৱাই.... কিনো বাৰু কি লগালে ? শেৱালি:- মইনো বাৰু কেতিয়া কোঁৱৰক ভুলাবলৈ গাত লিপিত খুৱাই মেখেলা পিন্ধি ফুৰিছিলো । কোঁৱৰক হেনো মই কিবা আহুদি কৰিলোঁ । সেইহে হেনো কোঁৱৰে ন ঘৈণীৰ সতে আজি এমাহেও কথা এটাকে পতা নাই । এনেকৈ কৰিলে কেনেকৈ থাকিবি.... মই সেউজী.... ক’ৰবাত পানীত পৰি.... [কান্দিবলৈ ধৰে] সেউজী :- [ খং ভাব দেখুৱাই ] এঃ তাই ক’লেই হ’বনে ? তাইহে তেনেকুৱা যাৰে-তাৰে সতে ছল পালেই চুপতি । কওক বাৰু, কওক দে তাই ! বাৰু, কোঁৱৰেনো কিয় কুঁৱৰীক নামাতে নোবোলে ? শেৱালি:- জানো মোৰ আই... মই কেনেকৈ কম । সেউজী:- এৰা আই.... দিনে ৰাতিয়ে দেখোন নছোৱালীজনীৰে সৈতে বাক-বিতণ্ডা কৰি ধুমখুলি বাই থাকে । আনে নছোৱালী বিয়া কৰাই আনি গাতে পমি যাব খোজে, আমাৰ এখেত আকৌ ভুলে চুকে এখোজ কাষ চাপিলেও তিনি খোজ পাছলৈহে যায় । শেৱালি বাই , কোঁৱৰ আৰু আগৰ কোঁৱৰ নহয় । বিয়া কৰোৱাৰপৰা দেখোন কিবা হ’ল । মনটো সদায় মাৰি থাকে, দেখিলে মোৰ হ’লে বেয়া লাগে বাই । শেৱালি:- লাগেতো কেনে পূৰ্ণিমাৰ জোন যেন হাঁহি থকা মুখখন কেনে হ’ল দেখা নাই । আগেয়ে দিনটোত কেইসাজনো নসলাব, কেইবাৰনো দাপোণ চাই মূৰ নেমেলাব । তাকে ৰেৱতীবাইৰ আগত কৈ দুখ কৰিলে কয় আকৌ বোলে মোৰ হেনো কোঁৱৰলৈ ধাউতি । [শেৱালি কিছুপৰ নিতাল মাৰি থাকে] সেউজী:- পিছে এটা কথা দেই শেৱালি বাই । এটা কথা হ’লে । এই হালৰ কেতিয়াও মিল নহয় । যি লাই বাঢ়ে তাৰ দুপাততে চিন । বিয়া কৰায়েই যদি এনে অসুখ অশাঁতি পিছে পৰে বা কি হয় । কিবা এটা নিশ্চয়কৈ কেৰোণে ধৰিছে । অ’ বাই , বাই এটা কথা । [কাণৰ ওচৰলৈ মুখ নি] কালি নিশা সিঁহত হালে কথা পাতি থাকোতে মই বেৰত কাণ পাতি শুনি আছিলো ! কোঁৱৰে কিবা বোলেনে.... অনঙ্গ ককাইদেউৰ কথা কৈ গুজৰি-গামাৰি আছিল । কুঁৱৰীৰো মুখ কম নহয় দে... কথা আখৈ ফুটাদি ফুটিছে নহয় । এনেতে কোঁৱৰ উচাট মাৰি উঠি অহা দেখি মই ভয়তে নিধাতু খাই চাংমাইশাল পালোগৈ । বোলো মোক দেখিলেই হবলা । সোতাৰ খং বাঢ়নীত জাৰেহিবা । শেৱালি:- তাৰ পাছত আৰু কি কৈছিলে ? সেউজী:- এ কৈছো নহয় মই বোলো চাংমাইশাল পালোগৈ বুলি । [এনেতে গহীন হৈ কাঞ্চন কুঁৱৰী সেই কোঠালৈ সোমাই আহে শেৱালি আৰু সেউজী নিফুট মাৰে ] কাঞ্চনমতী :- [দুয়োলৈকে মৰমৰ চকুৰে চাই] শেৱালি আৰু সেউজী তহঁত বাৰু যা, নিশাও হৈ আহিছে, খাই বৈ শোগৈ । শেৱালি:- চালপীৰাখন সজোৱা । কাঞ্চনমতী:-বাৰু নালাগে ময়েই লম, তহঁত যা ৷ [শেৱালি সেউজী অলপ পৰ ৰৈ আৰু নমতা দেখি লাহে লাহে ওলাই যায় । সোঁফালে বেৰৰ দাতিত কাঞ্চন কুঁৱৰীয়ে এখন দলিচাত বহি টাতুৰি এটাত এৰী কাটিবলৈ ধৰে আৰু ৰিহাৰ আঁচলেৰে চকুপানী মচিবলৈ ধৰে । সুন্দৰ সোমাই আহি কোঠালিটোত এপাক মাৰি চালপীৰাত বহি একান্তমনে কাঞ্চনৰফালে চাই থাকে । কাঞ্চনে কিন্তু তলমূৰকৈয়ে সূতা কাটি গৈ থাকে আৰু তলমূৰকৈয়ে সুন্দৰৰ সকলো কথাৰ উত্তৰ দি যায় আৰু প্ৰশ্ন কৰে ।] সুন্দৰ:- কুঁৱৰী, মোৰ এয়েই প্ৰথম আৰু শেষ কথা । তুমি মোৰ জীৱনৰ পৰা আঁতৰি যাব লাগিব । কাঞ্চনমতী :- [বৰ তীব্ৰতাৰে] মোৰ এইদৰে জীৱন মৰণ লৈ ল’ৰা ধেমালি কৰা আপোনাৰ উচিত হোৱা নাই । এটা ভুল কৰিলে.... কি তাতোকৈ এটা ডাঙৰ ভুলেৰে আপুনি সেই ভুল শুধৰাবলৈ গৈছে । আপুনি ইমান দুৰ্বল বুলি মই ভাবিব নোৱাৰো । সুন্দৰ :- [ডাঙৰকৈ হাঁহি] মোৰ ই দুৰ্বলতা নে সবলতা সি এটা মীমাংসা কৰিবলগীয়া প্ৰশ্ন । বাৰু, মোৰ এটা প্ৰশ্নৰ উত্তৰ দিয়া- কাঞ্চনমতী:- কি ? সুন্দৰ:- সত্যক আঁকোৱালি ধৰা দুৰ্ব্বলতানে ? কাঞ্চনমতী:- কেতিয়াও নহয় । সুন্দৰ:- বিবাহ আৰু ভালপোৱাৰ পাৰ্থক্য কি ? কাঞ্চনমতী:- বিবাহৰ দ্বাৰাই শাৰীৰিক সম্বন্ধ ঘটে আৰু মানসিক সম্বন্ধ হ’বই লাগিব বুলি সমাজে ধৰি লয় , নিৰ্দেশ কৰে ভাল পোৱা মানসিক সম্বন্ধ , শাৰীৰিক সম্বন্ধ তাৰ উদ্দেশ্য নহ’বও পাৰে । সুন্দৰ:- তেন্তে সি দুটা বস্তু নহয়নে । কাঞ্চনমতী:- দেখাতেই । সুন্দৰ:- বঢ়িয়া কথা । তেন্তে তুমি মন এঠাইত থৈ শাৰীৰিক এঠাইত থাকিবলৈ একো আপত্তি নকৰা । কাঞ্চনমতী:- তাত বিচিত্ৰতা কি ? আপুনি শাৰীৰিকে এই কোঠাটোত সোমাই থাকি মনটো হিমালয়ত থাকিবও পাৰে । সুন্দৰ:- সমাজৰ কথা তুমি নিশ্চয় মানি চলিব খোজা ? কাঞ্চনমতী:- ওঁ । সুন্দৰ:- তেন্তে সমাজে যালৈ তোমাক বিয়া দিছে.... তাকে ভাল পোৱা সমাজৰ নিৰ্দেশ.... তাক তুমি কেনেকৈ পালন কৰিবা ? কাঞ্চনমতী:- অন্তৰতম প্ৰদেশৰ বিষয়ে সমাজে যদিও নিৰ্দেশ দি থৈছে সি সঁচাকৈয়ে পালিত হৈছেনে সমাজে তাক চাবলৈ চন্তৰী নপঠায়, কিন্তু বিবাহিতা তিৰোতাই বাহিৰা নিয়মবোৰ ৰীতি মতে পালন কৰে নে নকৰে তাৰ কাৰণে সমাজে যথেষ্ট চোৰাং-চোৱা থৈছে । আৰু সমাজ তাতেই সন্তুষ্ট.... কাৰণ এইখিনি পালন হলেই সমাজৰ অনিষ্ট নহয় অৱশ্যে শাৰীৰিকে । সুন্দৰ:- শুনিবলগীয়া । তেন্তে সতীত্ব মানে শাৰীৰিক সতীত্ব । কাঞ্চনমতী:- সেয়ে হলে সমাজ সন্তুষ্ট হয় .... সুন্দৰ:- কিন্তু সুন্দৰতো নহয় । সমাজে বলে নোৱাৰা শিলক পৰি নমস্কাৰ কৰিব পাৰে.... কিন্তু সুন্দৰে নোৱাৰে । কৃত কৰ্ম্মৰ সতে সমাজৰ সম্বন্ধ.... কিন্তু ব্যক্তিৰ ভাৱৰ সৈতে ? ভাবেই কৰ্ম-গছৰ গুটি যেতিয়া সেই গুটি বিষয়ে মই সশঙ্কিত নহম কিয় ? আমৰণ গুটিৰপৰা কোনদিনা অঙ্কুৰ ফুটি গছ গজে তাক কোনে ক’ব পাৰিব । সমাজক সন্তুষ্ট কৰিবলৈ তুমি মোক বিয়া কৰাইছিলা । শাৰীৰিক সতীত্বতেই সমাজ সন্তুষ্ট । কাঞ্চনমতী:- অৱশ্যে.... কাৰণ আপুনিও মোক মাত্ৰ সমাজৰ সন্তুষ্টিৰ কাৰণেহে বিবাহ কৰাইছিল.... আৰু ভালকৈ জানিছিল.... আপোনাৰ মাতৃ আৰু সমাজে আমাৰ শাৰীৰিক মিলন বিচাৰিছিল.... আপুনি তাত মত দিয়া নাছিলনে ? সুন্দৰ:- কিন্তু, তোমাৰ মন যে আনক.... কাঞ্চনমতী:- তাৰ সতে আপোনাৰ সম্বন্ধ কি ? মাতৃৰ অনুৰোধত আপুনি মাত্ৰ শৰীৰটো বিবাহ কোঠালৈ পঠাই.... আন পক্ষৰ মনকো তাত বিচৰাটো যুক্তিযুক্ত কথা হৈছেনে ? [সুন্দৰ হতবিম্ব হৈ বহুপৰ টলকা মাৰি থাকে] সুন্দৰ :- [একে উশাহতে] সি মোৰ ভুল শুধৰাব- কাঞ্চনমতী:- সকলো ভুল শুধৰাব নোৱাৰি । সুন্দৰ:- কিয় ? কাঞ্চনমতী:- কিছুমান ভুল নুশুধৰালে অপকাৰ হয় । কিন্তু কিছুমান ভুল শুধৰাবলৈ গলে ধ্বংস হয় । বৰঘৰৰ খুঁটাবোৰ ভুলকৈ পুতি ঘৰটো সজাৰ পাছত খুঁটাবোৰ শুদ্ধকৈ খুৱাবলৈ গলে গোটেই ঘৰটোকেই ভাঙিব লাগিব । সুন্দৰ :- [বৰ উত্তেজিত হৈ ] ভুল যি সি ভুলেই । ঘৰ ভাগক বা সংসাৰ ভাগক তাক শুধৰাবই লাগিব । কাঞ্চনমতী:- সেই বুলি আপোনাৰ ঘৰৰ ভিতৰত শিকলিৰে মানুহ বান্ধি থৈ ঘৰৰ খুঁটা শুধৰাবলৈ গৈ ঘৰ ভাঙি মানুহ মাৰিবৰ কিবা অধিকাৰ আছে জানো ? সুন্দৰ:- ওলাই গলেই হ’ল । কাঞ্চনমতী:- শিকলিৰে বন্ধা সেই শিকলি চিৰকাললৈ খুলিবৰ শক্তি নাই । সেই অশৰীৰৰী শিকলিৰ বান্ধ এবাৰ খোৱা মানুহে নমৰালৈকে এৰাই যাব নোৱাৰে । সুন্দৰ:- মৰিলে তেন্তে ! কাঞ্চনমতী :- [কিবা এটা ভাবত হাঁহি... সুন্দৰলৈ বাৎসল্য ভাব দেখুৱাই ] আপোনাৰ ভুল শুদ্ধ হ’ব আৰু । [সুন্দৰে লাজ পোৱাদি পায় .... কিন্তু একো নামাতে তাৰ পাছত নুবুজা কিবা অঁকৰাৰ দৰে ] সুন্দৰ:- নহয়... নহয়.... ভুল শুধৰাবই লাগিব ৷ মোৰ নিজৰ ৰাজ্যৰ এমূৰৰপৰা আন মূৰলৈকে যদি জুই লাগে তথাপি ভুল শুদ্ধ কৰিব লাগিব । তুমি মোক আচৰিত কৰিছা ৷ অনঙ্গৰ সৈতে তোমাৰ আন্তৰিক ভালপোৱাৰ কথা মোক নিঃসঙ্কোচে আৰু তেজস্বীতাৰে , নিজৰ স্বামীৰ আগত কোনো কথা গুপুত নাৰাখো বুলি, প্ৰকাশ কৰি, সাহ দেখুৱাই এহাতে তোমাৰ মানসিক নিৰ্ভীকতা দেখুৱাইছা । কিন্তু, আকৌ আনফালে সেই বাস্তৱ আৰু জীৱন্ত সত্যক উপেক্ষা কৰি নিৰ্মম কঠোৰ ভাৱে ভৰিৰে মোহাৰি , সমাজৰ প্ৰাণহীন নিয়ম প্ৰতি প্ৰতিকৈ মানি মোৰ সতে সংসাৰ কৰিবলৈকো আগ বাঢ়িছা । এই পৰস্পৰ ঘোৰ বিৰোধী কথা দুটাৰ তুমি মিলন বিচাৰিছা.... বিশেষকৈ.... মই যেতিয়া সকলো কথা বুজি তোমাৰ আন্তৰিক পবিত্ৰতা ৰক্ষা কৰিবলৈ সহায় কৰিবলৈকো সাহকৈ আগ বাঢ়িছোঁ । কাঞ্চনমতী:- হ’ব পাৰে সেইটো, কিন্তু আপোনাৰ মতে কাম হ’বলৈ হ’লে এতিয়া সমাজত এটা প্ৰলয় উপস্থিত হ’ব । সুন্দৰ:- প্ৰলয় হ’ব হওক ! প্ৰলয়ৰ আৱশ্যক হৈছে । শতাব্দী ধৰি গোট খাই থকা সমাজৰ আবৰ্জ্জনা ধুই সমাজক নিৰ্মল আৰু পবিত্ৰ কৰিবলৈ এক প্ৰলয়ৰ অতি আৱশ্যক হৈছে । তেন্তে মই সেই প্ৰলয়ক আজি আহ্বান কৰিছোঁ । মোৰ জীৱনলৈ, সমাজৰ জীৱনলৈ মই প্ৰলয়ক আমন্ত্ৰণ কৰি আনিম । সুদৰ্শন .... নহয় অনঙ্গৰ সতে.... নহয় নহয় অনঙ্গক মই দেখা পাব লাগিব অনঙ্গ.. [এই বুলি উত্তেজিত হৈ তাৰপৰা ছাট মাৰি ওলাই যায়গৈ । কাঞ্চন ধীৰ-স্থিৰ হৈ থাকে ... কিছুপৰ ওপৰলৈ টলকা মাৰি আকৌ একান্তমতে টাকুৰি ঘূৰাবলৈ ধৰে ৷ ] <poem>