কাৰেঙৰ লিগিৰী/দ্বিতীয় অঙ্ক/দ্বিতীয় দৰ্শন

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
কাৰেঙৰ লিগিৰী
  • কাৰেঙৰ লিগিৰী - প্ৰথম অঙ্ক
  1. প্ৰথম দৰ্শন
  2. দ্বিতীয় দৰ্শন
  3. তৃতীয় দৰ্শন
  4. চতুৰ্থ দৰ্শন
  5. পঞ্চম দৰ্শন
  • কাৰেঙৰ লিগিৰী - দ্বিতীয় অঙ্ক
  1. প্ৰথম দৰ্শন
  2. দ্বিতীয় দৰ্শন
  3. তৃতীয় দৰ্শন
  4. চতুৰ্থ দৰ্শন
  • কাৰেঙৰ লিগিৰী - তৃতীয় অঙ্ক
  1. প্ৰথম দৰ্শন
  2. দ্বিতীয় দৰ্শন
  3. তৃতীয় দৰ্শন
  • কাৰেঙৰ লিগিৰী - চতুৰ্থ অঙ্ক
  1. প্ৰথম দৰ্শন
  2. দ্বিতীয় দৰ্শন
  • কাৰেঙৰ লিগিৰী - পঞ্চম অঙ্ক
  1. প্ৰথম দৰ্শন
  2. দ্বিতীয় দৰ্শন
  • কাৰেঙৰ লিগিৰী - সমাপতি
  1. সমাপতি


<poem> [মাজনিশা । সুদৰ্শনৰ কোঠাত সুদৰ্শন শুই আছে । বাহিৰৰ পৰা বপুৰাই দুৱাৰ ঢকিয়াই মাতে ] বপুৰা:- হে উঠক হে দেউতা …. হে ইশ্বৰ-হে উঠক [বৰকৈ ঢকিয়াই ] হেৰেই হেৰেই সাউদৰ পুতেক দেউতা অ’ দেউতা …. [সুদৰ্শন ধৰফৰাই শোৱা পাটিৰপৰা উঠি বিস্ময়মানি চাৰিওফালে চাই ] সুদৰ্শন:- কোন-কোন ? বপুৰা :-[অধৈয্য হৈ ] হে দেউতা আগেয়ে দুৱাৰখন মেলি দিয়কচোন ….পাছেও নামটো ক’ম । [সুদৰ্শন আহি দুৱাৰত কাণ পাতি কোন ? কোন ? ] বপুৰা : - হে মোৰ গোঁসাই ! ডকাইতো নহও চোৰো নহও । সুদৰ্শন :-অ’ বপুৰা [সাউতকৈ দুৱাৰখন মেলি বপুৰাই হাতেৰে চুৰিয়াখন ধৰি কঁকালত ৰাখি, পাছে পাছে কাপোৰত বাহৰ জেং এডাল চোচোৰাই সোমাই ] বপুৰা :- মোৰ দেউতা উঠক উঠক…. বলক-বলক তেনেই সৰ্বনাশ হ’ল । [জেং ডাল হাতেৰে এৰুৱাই এচাৰ মাৰে ] সুদৰ্শন:- কি হ’ল অ’ ঠিক হ’ল…. জেঙে-জাবৰে দেখোন এনেকৈ ওলাইছহি ! বপুৰা:- নকব আৰু মোৰ প্ৰভু যি হ’বলগীয়া হ’ল । এনেকুৱাখন বুলিনো জনা হ’লে.... হৰি হৰি । বলক বলক ...হালৰে এতিয়া কটা-কটি মৰা-মৰি নহ’লেই হৈছে । সুদৰ্শন :- [অলপ পৰ টলকা মাৰি ] কোঁৱৰ অকলে আছেনে নে লগত কোনোবা আছে ? [বপুৰাই সেইফালে বেবুৱা খায় ] কি হ’ল তোৰ দেখোন মাত-বোল হৰিল । বপুৰা:- হৰিবৰ ককাই । পিছে আপুনি জানেই .... পিছে কি কৰে । সুদৰ্শন:- পিছে ঘটনাটো হৈছে কি ? বপুৰা:- ধেমালিনো কৰে কিয় মোৰ প্ৰভু । সুদৰ্শন:- তই আহোঁতে কোঁৱৰ কত ? [এই বুলি সুদৰ্শনে মূৰত পাগ মাৰিবলৈ ধৰে আৰু বপুৰাই বলকি যায় । ] বপুৰা:- এই অলপ আগতে কোঁৱৰে দেখোন কুঁৱৰীৰ সতে কিবা বাক-বিতণ্ডা কৰি এবাৰ কাৰঙেৰ পৰা ওলাই পোনছাটেই বুঢ়াগোহাঁইৰ টোললৈ আহি অনঙ্গ ডেকা দেউতাক জগাই আগবাৰীৰ ফুলনিলৈ মাতি আনি কিবা নানা বাক-বিতণ্ডা আৰম্ভ কৰিলে । কোঁৱৰে দেখোন কুঁৱৰীৰ কথা ঘনাই ঘনাই কোৱা শুনিলো, পিছে এতিয়া দুয়োৰে কথা কোৱা চৰি গৈছেগৈ । মই কথাৰ গঢ় ভাল দেখা নাই । [ বপুৰা সুদৰ্শনৰ ওচৰলৈ আহি ] দেউতা ঈশ্বৰ, অনঙ্গ ডেকা দেউতাৰ কুঁৱৰীৰ সতে কিবা খেচেৰ-মেচেৰখন আছিল হ’ব পায । ৰাম ৰাম শ্ৰী হৰি । ব্ৰহ্মা, বিষ্ণু মহেশ্বৰ, হৰ পাৰ্বতী, কামাখ্যা গোসাঁনী গণেশ গোবিন্দ হৰি হৰি । বোলে...

ধুন মৰা ধুনীয়া তুলি মাৰে খোপা এই হেন পুৰুষৰ কল তলত জোপা..... হ’লে বাৰু কেনেকৈ হয় ?

[সুদৰ্শনৰ পাগ মৰা হয় আৰু গাত কাপোৰ লৈ ওলাবলৈ ধৰোতে ঘপহ কৰে দুৱাৰখন দুফাল কৰি সুন্দৰ আৰু অনঙ্গ সোমাই আহে । বপুৰাই একে ছাটেই জিভা কামুৰি দুৱাৰেদি পত্ৰং দিয়ে । সুদৰ্শনে তৎক্ষণাৎ অতি কিবা ঐশ্বৰিক গাম্ভীৰ্যতাৰে থিয় হৈ সাংঘাতিক তীক্ষ্ণদৃষ্টিৰে দুয়োলৈকে চাবলৈ ধৰে । সুন্দৰ আৰু অনঙ্গয়ো পলক নেপেলোৱাকৈ সুদৰ্শনলৈ চাই থাকে । ]

সুন্দৰ:- সুদৰ্শন বিশেষ এটা কথাৰ অৱতাৰণা কৰিবলৈ তোমাক আমনি কৰিবলৈ আহিলোঁ । দিগ নাপাবা । আহাচোন বাহিৰলৈ ওলাই যাওঁ আহাঁ ।

[এইবুলি সুন্দৰে আগবাঢ়ি দুৱাৰেদি ওলায় যায়গৈ । অলপ পৰ ৰৈ সুদৰ্শন আৰু অনঙ্গ লাহে লাহে ওলাই যায় ।] <poem>