কাৰেঙৰ লিগিৰী/দ্বিতীয় অঙ্ক/তৃতীয় দৰ্শন

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
কাৰেঙৰ লিগিৰী
  • কাৰেঙৰ লিগিৰী - প্ৰথম অঙ্ক
  1. প্ৰথম দৰ্শন
  2. দ্বিতীয় দৰ্শন
  3. তৃতীয় দৰ্শন
  4. চতুৰ্থ দৰ্শন
  5. পঞ্চম দৰ্শন
  • কাৰেঙৰ লিগিৰী - দ্বিতীয় অঙ্ক
  1. প্ৰথম দৰ্শন
  2. দ্বিতীয় দৰ্শন
  3. তৃতীয় দৰ্শন
  4. চতুৰ্থ দৰ্শন
  • কাৰেঙৰ লিগিৰী - তৃতীয় অঙ্ক
  1. প্ৰথম দৰ্শন
  2. দ্বিতীয় দৰ্শন
  3. তৃতীয় দৰ্শন
  • কাৰেঙৰ লিগিৰী - চতুৰ্থ অঙ্ক
  1. প্ৰথম দৰ্শন
  2. দ্বিতীয় দৰ্শন
  • কাৰেঙৰ লিগিৰী - পঞ্চম অঙ্ক
  1. প্ৰথম দৰ্শন
  2. দ্বিতীয় দৰ্শন
  • কাৰেঙৰ লিগিৰী - সমাপতি
  1. সমাপতি


<poem> [কোটোহা বাঁহৰ জোপাৰ তলৰ গৰু বাট । ধান খেৰৰ জুমুধি এটা লৈ আঙনি কোবাই বপুৰা আহি থাকে ] বপুৰা:- দ’ত বাঁক যখ যখিনি নিশাৰ নিশাচৰ জলদেৱ থলদেৱ বাঁকিনী শাঁকিনী…. এই হেন আচানত পৰা বপুৰাক কৃপা কৰিবা । আৰু যদি নকৰা …. কিনো কৰিবা .... ঘাৰহে মোহাৰিবা, তালৈ বপুৰাই কেৰেপ নকৰে । [ডাঙৰকৈ কেবাবাৰো গল হেকাৰি মাৰি ] হচ-হৈচ হেঃ হেঃ হেঃ | হে ৰাম প্ৰভু বাট দেখুৱাই নিবা । ভাল অৰণ্যত সোমালোহি । [এনেতে দূৰৰপৰা ৰাতি পহৰীয়াই সোধে “বাৰী চুকে কোন যায়” ] কোন যায় কটা তোৰ চৌধ পুৰুষৰ পাছৰ তোক এৰি এপুৰুষৰ জোঁৱায়েক… এহ কৰ্তা… ধেত তাই বা কিমান বুঢ়ী…. হেৰ কটা নহয় তোৰ জীয়েৰ আছে যদি বাপেৰে তোৰ জোঁৱায়েৰেই যাওঁ । [আকৌ মাত ওচৰত “কোন যায়” ] ঔ শহুৰ দেখোন ওচৰতে ! বোলো পিতাই.... [এটা চাওডাং ৰাতি পহৰীয়া আহে ] [হঠাত ভাওজুৰি] পিতাই পিতাই... উ... পিতাই ঔ বৰ হুল এডালে বিন্ধিলে পাই ৷ ইস্ ইস্ এই শেহ নিশাও হুলবোৰৰ এনে চোক কটা । চন্তৰী:- শেহনিশা বপুৰা ! [আচৰতি হৈ ] বপুৰা:- [মাটিতে বহি হুল উলিয়াই ] মোৰ কি জগৰ । ৰাতি জনীক নো মই কেনেকৈ চাঙৰ তলত বান্ধি থওঁ । হবতো শেহনিশা ..সন্ধিয়া লাগোতে জালোৱা মানুহ যদি বালি .. চৰাত নাও লগাদি কোটোহা বাঁহৰ জোঙত লাগি থাকেহি । চন্তৰী:- পিছে বপুৰা এনেহেন সময়ত তোক লিগিৰি টোলৰ পাছ বাৰীত দেখিবলৈ ভাল হোৱা নাই । বপুৰা :- [আচৰিত হৈ ] কি কি লিগিৰি টোলৰ পাছবাৰী.... ? চন্তৰী:- নজনা ভাওনো কিয় ধৰ ? বপুৰা:- হৰি... হৰি ! চন্তৰী:- আৰু তই কিন্তু সজে সজে.... বপুৰা:- হৰি... হৰি [এনেতে বিজুলিবেগেৰে সুন্দৰ তাতে ওলাইহি । চন্তৰী টোৱে সেৱা জনাই দূৰত থিয় হয় । বপুৰা থৰমৰ খাই ৰয় । সুন্দৰৰ ইঙ্গিতত চন্তৰী সেৱা জনাই গুচি যায় । বপুৰাই থেৰো-ঘেহোঁকৈ ।] আজি তিনিদিনে শুকান খৰিৰ দুখত.... দিনত সময়ো নাপাওঁ.... কোঁৱৰৰ আলপৈচান ধৰোতে । সুন্দৰ :- [চকু গাঁঠি থোপা কৰি] কথা নাসাজিবি, মই তোক সুদৰ্শনৰ তাত দেখিছিলোঁ.... বপুৰা-এঃ দেখিছিলেই যদি... এনেয়ে মিছা মাতিলো পিছে.... সুন্দৰ :-[গোঁমোঠা হৈ বাধা দি] থ এতিয়া মোৰ কথা শুন । এতিয়াই যা । মোৰ হাইতাল বোলোৱা নৈফুৰা নাওখন.... নাৱৰীয়া সতে সাজু কৰগৈ । মই আজি এতিয়াই কুঁৱৰীৰ সতে.... বালি-ভাত খাবলৈ যাম । [বপুৰা গিৰিপকৈ উঠে] বপুৰা-কি কথা আছে মোৰ ঈশ্বৰ থিতাতে মই ঘাটত নাও খেৰা কৰাম । সুন্দৰ :-[অধৈয্য হৈ] বেলি নকৰিবি যা ! যা । এখন্তেকো নৰবি । বপুৰা:-নৰও মোৰ ঈশ্বৰ.... [ বুলি একে উশাহতে লৰ মাৰি আকৌ গুলিটো অহাদি আহি] পিছে পাচলি কুটিবলৈ শেৱালিকো..... সুন্দৰ :-[খঙেৰে ] নালাগে.... নালাগে..... তই.... মই যিটো কৈছো তাক কৰগৈ । [পাছলৈ নাচাই বপুৰাই নিধাতু খাই লৰি ওলাই যায়.... সুন্দৰে বপুৰাক যোৱাগৈ দেখি লাহে লাহে সোঁফালে ওলাই যায়গৈ ।] <poem>