কাৰেঙৰ লিগিৰী/দ্বিতীয় অঙ্ক/চতুৰ্থ দৰ্শন

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
কাৰেঙৰ লিগিৰী
  • কাৰেঙৰ লিগিৰী - প্ৰথম অঙ্ক
  1. প্ৰথম দৰ্শন
  2. দ্বিতীয় দৰ্শন
  3. তৃতীয় দৰ্শন
  4. চতুৰ্থ দৰ্শন
  5. পঞ্চম দৰ্শন
  • কাৰেঙৰ লিগিৰী - দ্বিতীয় অঙ্ক
  1. প্ৰথম দৰ্শন
  2. দ্বিতীয় দৰ্শন
  3. তৃতীয় দৰ্শন
  4. চতুৰ্থ দৰ্শন
  • কাৰেঙৰ লিগিৰী - তৃতীয় অঙ্ক
  1. প্ৰথম দৰ্শন
  2. দ্বিতীয় দৰ্শন
  3. তৃতীয় দৰ্শন
  • কাৰেঙৰ লিগিৰী - চতুৰ্থ অঙ্ক
  1. প্ৰথম দৰ্শন
  2. দ্বিতীয় দৰ্শন
  • কাৰেঙৰ লিগিৰী - পঞ্চম অঙ্ক
  1. প্ৰথম দৰ্শন
  2. দ্বিতীয় দৰ্শন
  • কাৰেঙৰ লিগিৰী - সমাপতি
  1. সমাপতি


<poem> [কাজিৰঙা অৰণ্য । লুইতৰ পাৰ । এজোপা লুইতৰ গড়াত থকা বৰ ডাঙৰ পাকেৰি গছৰ তল । লুইতৰ সিপাৰে দূৰত ৰিণিকি ৰিণিকি দৰঙ্গীয়া পৰ্বতবোৰ দেখা গৈছিল । বাৰিষাৰ লুইতৰ হোহোৱনি কাণত পৰিছে । ঠাইডোখৰ ভয়লগা গহীন । গছৰ তলৰ মুকলি ডোখৰৰ বাহিৰে দুয়োফালে কাঁইট-জেঙেৰে ভৰা অটব্য হাবি । পাকৰি গছজোপাৰ তলতে এটা গছৰ মূঢ়াত অনঙ্গ বহি আছে । হাতত এডাল নগা যাঠি । বাহুত ধেনু আৰু পিঠিত কাঁড় থকা টোন । কঁকালত এখন দীঘল তৰোৱাল । অনঙ্গ কেবাদিনো জ্বৰত ভোগা মানুহৰ দৰে বিবৰ্ণ আৰু ৰুক্ষ । এটা অতি কঠোৰ ভাব লৈ লুইতৰফালে চাই আছে । অনঙ্গ কঠোৰতা আৰু নিৰৱতাই গোটেই ঠাইডোখৰ আৰু গহীন কৰি পেলাইছে । সোঁফালৰপৰা সুন্দৰ কোঁৱৰ লগত কাঞ্চন কুঁৱৰীক লৈ দৃঢ় খোজেৰে সোমাই আহি অনঙ্গক ভৰিৰপৰা মূৰলৈকে তীব্ৰ আৰু কঠোৰ ভাবেৰে চাই থিয় হৈ ৰয় । শেহত বপুৰা, পিঠিত নানা বস্তুৰ বোজা এটা.... সোঁহাতত এডাল যাঠি । ভৰিত ফানটি.... গহীন । হাবভাবৰ ভাবত একো পাতলামি নাই । ] সুন্দৰ :-[বপুৰাক ] বপুৰা, [সোঁহাতে আঙুলিয়াই ] এইফালে দলিছা পাৰি কুঁৱৰীক বহুৱা । [বপুৰাই গাৰ বোজা নমাই থৈ, হাতৰ যাঠিডাল মাটিত খোচা মাৰি থিয়কৈ আৰু টোপোলাৰ পৰা দলিছা উলিয়াই পাৰি দিয়ে... ইতিমধ্যে সুন্দৰে অনঙ্গৰ আগত অহা- যোৱা কৰি থাকে । ] বপুৰা :- কুঁৱৰী দেউতা গা থওকহি । [কাঞ্চন কুঁৱৰীয়ে লাহে লাহে গৈ তাত বহে আৰু ওৰণিখনি একতীয়া কৈ লৈ লুইতৰ ফালে চাই ৰ’ লাগি লৈ থাকে । .....অনঙ্গই ইমান পৰে ৰ’ লাগি ৰৈ থাকি সুন্দৰক বিশেষ উৎসুকতা আৰু দৃঢ়তাৰে....] অনঙ্গ :- তাৰ পাছত বন্ধু তোমাৰ এনে আচৰিত ব্যৱহাৰ আৰু এইদৰে অভাৱনীয়ভাৱে কাজিৰঙাৰ অটব্য অৰণ্যলৈ মাতি অনাৰ উদ্দেশ্য ? সুন্দৰ:- উদ্দেশ্য মহৎ । [বপুৰাক ] তই এতিয়া ইয়াৰ পৰা যাব পাৰ । [বপুৰা ওলাই যায়] অনঙ্গ:- অৱশ্যে মহৎ হ’বই লাগিব । তেন্তে মহৎ উদ্দেশ্যৰ ব্যাখ্যা হোক । সুন্দৰ:- হ’ব । ব্যাখ্যান হ’বলৈ বিশেষ একো নাই । কালি নিশা হোৱা কথাৰ শেষ মীমাংসা কৰিবলৈ মই তোমাক ইয়ালৈ মাতি আনিছো । [অনঙ্গৰ চকুৱে চকুৱে চায় ] অনঙ্গ :-[ঘপহ কৰে থিয় হৈ বিস্ময়ত] কি ? কি কৈছা ? সুন্দৰ :-[শান্ত আৰু কঠোৰবাবে ] যি কৈছো তাকে দোহাৰিছো । [কাঞ্চন কুঁৱৰীয়ে এতিয়া দুয়োলৈকে চাই কিবা এটা ত্ৰাসত অভিভূত হোৱা যেন কৰে ] অনঙ্গ :- সেই মীমাংসাৰ ঠাই তুমি এই কাজিৰঙাৰ অৰণ্যত.... ? সুন্দৰ:- এই কথাক মীমাংসাৰ ইয়ে অতি উপযুক্ত স্থান । বিশেষকৈ মই সোধা প্ৰশ্নৰ তুমি যেতিয়া সিদিনা একো উত্তৰ নিদি সেইবোৰ কথা নুলিয়াবলৈ ইমান বাক-বিতণ্ডা কৰিলা । মুঠতে তুমি কালি নিশা মোৰ সকলো প্ৰশ্নৰ উত্তৰ দিবলৈকে অস্বীকাৰ কৰিলা বিশেষকৈ কাঞ্চন কুঁৱৰীৰ আগত ৰাখি মই তোমাক সকলো কথা কব খোজো । আৰু তাকে কৰিবলৈ এই কাজিৰঙা অৰণ্যৰ বাহিৰে আৰু আন ঠাই নাই । [সুন্দৰে ভাবৰ আধিক্যত বহুপৰ নমতাকৈ থাকি হঠাৎ অনঙ্গলৈ থৰ হৈ চাই কয় ] সুন্দৰ :-কাঞ্চন কুঁৱৰী আৰু তোমাৰ ভাল পোৱাৰ কথা মোক তুমি বিয়াৰ আগতে নকলা কিয় ? অনঙ্গ:- [সুন্দৰলৈ বৰ কৌতুহলপূৰ্ণ চকুৰে চাই... এবাৰ কাঞ্চন কুঁৱৰীৰ ফালে চাই নিজকে দোষী যেন দেখুৱাই... কিন্তু মনলৈ সাহ আনি ডাঠি ] এৰা বন্ধু…নকলো কিয় ? সুন্দৰ:- বন্ধু হৈ তুমি শত্ৰুৰ কাম কৰা নাইনে ? অনঙ্গ:- শত্ৰুৰ কাম ? নিশ্চয় নাই কৰা । সুন্দৰ:- কৰিছা । অনঙ্গ:- কেনেকৈ ? সুন্দৰ:- মনটি হৰি ৰাখি সুদা দেহাটো তুমি মোক আগ বঢ়াই দিলা । বন্ধু হৈ তুমি মোক এনে কৰিলা কিয় তুমি ভালকৈ জানিছিলা.... যে মই কাঞ্চন কুঁৱৰীক বিয়া কৰালে মাথোন হৃদয়হীন এটি প্ৰতিমাৰহে গৰাকী হম... আৰু তাকে কেতিয়াবা মই জানিলে আৰু সি এদিন নহয় এদিন ওলাবই, মোৰ সংসাৰ বিহেৰে পৰিপূৰ্ণ হ’ব । বন্ধু হৈ তুমি মোৰ ওচৰত কথা লুকালা । তেন্তে মই তোমাৰ অন্তৰত ঠাই পোৱা নাই ? অনঙ্গ:- দেখাতেই তেনে হ’ল.... কিন্তু সুন্দৰ সি নহয় । তুমি মোক ভুল বুজিছা । সেই কথা মই ওঁঠৰ আগত লৈ ফুৰাইও তোমাক ক’বলৈ সাহ নহ’ল । মোৰ মানসিক কাপুৰুষালিয়ে মোক তেনে কৰালে । সুন্দৰ:- [কাঁঠ হাঁহি মাৰি ] মানসিক কাপুৰুষালিয়ে মোকো মোৰ সংকল্পৰ পৰা পিছলাই দিলে-কাঞ্চন কুঁৱৰীক মই বিয়া কৰালোঁ.... কিন্তু বন্ধু এই কাঞ্চন কুঁৱৰীৰ পৰা সকলো কথা জানিব পাৰি, তেওঁৰ মানসিক সাহ দেখি মোৰো সাহ উপজিছে । মই সাহ কৰিব খোজো ..সাহ…সাহ ! এৰা... [খুব দৃঢ়তা দেখুৱাই ] অনঙ্গ:-[বুজিব নোৱাৰা যেন দেখুৱাই ] কেনে ? সুন্দৰ:- তোমালোক দুয়োৰে ভাল পোৱা যে আচল আৰু চিৰ কাল থাকিব.... ইয়ো সঁচা.... আৰু কাঞ্চন কুঁৱৰীৰ দেহাটো যে সমাজৰ সন্মতিৰে মোৰ শোৱনি কোঠাটোলৈ সুমাইছোঁ.... সিওঁ সঁচা । অনঙ্গ:- তাৰ পাছত ? সুন্দৰ:- তাৰ পাছত ভয় কৰি কৰা ভুল সাহ কৰি শুধৰাব লাগিব । অনঙ্গ:- কেনেকৈ ? সুন্দৰ:- প্ৰকৃততে কাঞ্চন কুঁৱৰী তোমাৰ... আৰু তুমি তেওঁৰ [অনঙ্গ আচৰিত হয়] বুজিছো । সঁচাকৈয়ে এতিয়া বাহ্যিকতো সেয়ে হ’ব লাগে । অনঙ্গ:- তাৰ মানে ? সুন্দৰ:- ফটফটীয়া । মই যেতিয়া জানিলো কাঞ্চনৰ হৃদয় তোমাৰ.... মোৰ আৰু কাঞ্চনৰ সতে গৃহবাস কেনেকৈ সম্ভৱপৰ হ’ব পাৰে ? অনঙ্গ:- কেলৈ হ’ব নোৱাৰিব মই তোমালোকৰ জীৱনৰ পৰা একেবাৰে আঁতৰি যাম.... তেতিয়াহ’লে মই কাঞ্চন কুঁৱৰীৰ মনৰ পৰাও নাইকিয়া হ’ম ! সুন্দৰ:-[অবিশ্বাসৰ হাঁহি মাৰি ] ভুল, বন্ধু তোমাৰ ভুল । অনঙ্গ:- কেনেকৈ ? সুন্দৰ:- সি কেতিয়াও হব নোৱাৰে । কাঞ্চনমতীয়ে তোমাক কেতিয়াও পাহৰিব নোৱাৰে.... আৰু ময়ো পাহৰিব নোৱাৰো যে কাঞ্চনমতীয়ে তোমাক ভালপায় । তাৰ উপৰিও যেতিয়া নাঙঠা সত্য আমাৰ আগত ওলালহি তাক আৰু ঢাকি ৰাখি, সি নাই বুলি নজনা ভাও জুৰি চলিব নোৱাৰো । অনঙ্গ:- নচলি কি কৰিবা এতিয়া তোমালোক বিবাহিত... তোমালোকে যেনে-তেনে সেইদৰে থাকিবই লাগিব । সুন্দৰ:- নহয়, তাক মই কৰিব নোৱাৰো... নজনাকৈ... ভুল... অনঙ্গ:- বুজিছো । পিছে তোমাৰ ইচ্ছা কি...বা কি প্ৰকাৰে তুমি ভুল সংশোধন কৰিব খুজিছা.... আৰু খুজিলেও পাৰিবানো কেনেকৈ ? সুন্দৰ:- তোমাৰ কাঞ্চন কুঁৱৰীক মই তোমাক গতাই দিব খোজো.... আমাৰ বিবাহ সম্বন্ধ চিঙিব খোজো । [কাঞ্চনে চকুকেটা ডাঙৰকৈ মেলি সুন্দৰৰ ফালে চায় । অনঙ্গ কিছুপৰ মাতিব-বুলিব নোৱাৰা হৈ থাকি ] অনঙ্গ:- অসম্ভৱ কথা নক’বা । সুন্দৰ:- নহয়, একো অসম্ভৱ নহয় । অনঙ্গ:- এনেকুৱা এটা নোহোৱা নোপোজা ঘটনা হলে সমাজত আমি থাকিম কেনেকৈ ? সুন্দৰ:- আগেয়ে যেনেকৈ আছিলা । নাইবা সমাজ নোহোৱাকৈ থাকিবা । অনঙ্গ:- সুন্দৰ ! সমাজ তোমাক নালাগিব পাৰে, কিন্তু মোক লাগে । পুৱাৰে পৰা গধূলিলৈকে, জন্মৰপৰা মৃত্যুলৈকে আমাৰ সমাজৰ সতে সম্বন্ধ । সামাজিক সম্বন্ধই সকলো বিধৰ জীৱনৰ সুখ-দুখৰ নিয়ামক । সেই অতি শুভাকাঙ্খী নিয়ামকৰ ফুলতো কোমল আৰু শিলতো কঠিন বুকুত আমি হেলাৰঙ্গে আঘাত কৰিব পাৰিলেও তাৰ প্ৰতিঘাত সহিব নোৱাৰিম । সেই প্ৰতিঘাত হয়তো আমি কোনোবা ৰসাতলৰ অতল তলিত উঠিব নোৱাৰা ৰৈ পুৰুষানুক্ৰমিকে পৰি থাকিম । সুন্দৰ:- সেই প্ৰতিঘাত ল’ব লাগিব আৰু সত্যৰ বলত নিপিছলাকৈ থাকিব লাগিব । মই কিন্তু থিয় দিম । মই... অনঙ্গ:- তুমি হয়তো পাৰিবা আৰু সাৰিবাও । তুমি দেশৰ ৰজা । তোমাৰ হাতত শক্তি । তোমালৈ সমাজে ভক্তি কৰোক নকৰোক ভয় কৰে ৷ আৰু সেই অনুকূল অৱস্থায় হয়তো তোমাক তোমাৰ হাতত শক্তি থাকে মানে তোমাক জয়ী কৰাব , কিন্তু মোৰ, ....মোৰ কি হ’ব ? সুন্দৰ:- সমাজক বুজাব লাগিব । অনঙ্গ: - সমাজৰ কেজনমানে বুজিলেও সমাজে বান্ধি থোৱা ৰীতিবোৰেতো নুবুজিব আৰু... আৰু কোনো কাহানিও বুজাব নোৱৰা । সেই কাৰণেই সমাজ–সংস্কাৰকসকলে ৰীতিবোৰকে গুচাই আকৌ ন ন ৰীতিৰ প্ৰৱৰ্তন কৰে । কাৰণ পুৰণি ৰীতি আৰু ন কথাৰ অহি-নকুল সম্বন্ধ । সুন্দৰ:- হ’ব পাৰে । কিন্তু ইয়ো সঁচা যে তেনে ৰীতিৰ বিৰুদ্ধে থিয় দিব নোৱাৰাটোও কাপুৰুষতা । অনঙ্গ:- সুন্দৰ, তুমি যি কাম কৰিবলৈ আগবাঢ়িছা সেই কামে তোমাৰ বন্ধুৰ জীৱন অসম্ভৱ নকৰিবনে ? বন্ধুৰ জীৱন এইদৰে ভস্মীভূত কৰা বন্ধুৰ কাম হ’বনে ? সুন্দৰ:- [উত্তেজিত হৈ] বন্ধুত্বৰ কথা নকবা । তোমাৰ কাপুৰুষালিখিনি বন্ধুত্বৰে মই ঢাকিব লাগিব ? যদি বন্ধুলৈ ইমানেই প্ৰেম... তেন্তে জানি শুনি তুমি মোক তোমাৰ কাঞ্চন কুঁৱৰীৰ সৈতে থকা সম্বন্ধৰ কথা নকৈ মোক এনে জ্বলা জুইত পেলালা কিয় ? তুমি স্বাৰ্থপৰ... তোমাৰ জীৱনৰ সুখ লৈ মোক ভাবিবলৈ কোৱা ? কিন্তু তোমাৰ বন্ধুত্ব এয়ে নেকি ??? নহয় মই তোমাৰ এনে কাপুৰুষালি নসহো... অনঙ্গ:- তুমি যদি নাজানিলাহেঁতেন তেন্তেতো কাঞ্চনৰ সৈতে তুমি সুন্দৰকৈ গৃহবাস... সুন্দৰ:- [কঠোৰভাৱে ] কিন্তু জানিলোঁ । নাজানিলোহেঁতেন যদি সেইটো কেলৈ যেতিয়া জানিলোঁ । এতিয়া সি বেলেগ হ’ল । কোৱা তোমাৰ মতামত কি ? তোমাৰ সাহ আছেনে নাই ? সত্যৰ সন্মুখীন হ’বলৈ তুমি পাছ হুহকিবা কিয় ? অনঙ্গ:- [তললৈ মূৰ কৈ মনে মনে থাকে ] মোৰ ভুলৰ বাবে তুমি এনে কঠোৰ শাস্তি... সুন্দৰ:- শাস্তি ? নহয় নহয়, শাস্তি নহয় শান্তিহে দিব খোজো যাৰ কাৰণে হয়তো তোমালোকৰ গোটেই জীৱন হিয়া জ্বলি পুৰি থাকিব তাৰ শান্তিৰ ব্যৱস্থা শাস্তি হ’ল ? মই বন্ধুৰ উপযুক্ত কাম কৰিছো । অনঙ্গ:- তুমি যি ভাবিছা কৰা... কিন্তু অৱস্থা ভেদে ই শাস্তি হৈছে... তোমাৰ বন্ধুতা নহৈ পৰম শত্ৰুতা হৈছে । সুন্দৰ:- তেন্তে সেয়ে হওক । সত্যৰ বাবে মই সেই পন্থা ল’বই লাগিব । শান্তি তেন্তে শাস্তি হওক... বন্ধুতা তেন্তে শত্ৰুতা হওক । মই তোমাৰ শত্ৰু , কাঞ্চন কুঁৱৰীৰ শত্ৰু, আইৰ শত্ৰু, পিতাৰ শত্ৰু । সমাজৰ, ৰাইজৰ, ৰজা-প্ৰজা সকলোৰে শত্ৰু... মাত্ৰ এটি কঠোৰ সত্যৰ বন্ধু । সত্যৰ বন্ধুতা মই ৰাখিম... আৰু সকলোৰে শত্ৰুতা কৰিম ! অনঙ্গ:- [খং আৰু বিৰক্তি জৰ্জৰিত হৈ আগ পিছ নুগুণি ] সুন্দৰ, তেন্তে মই তোমাৰ বিষয়ে সঁচা কথা কওঁ । তোমাৰ এই সত্যৰ দোহাই আটাইবোৰ ভণ্ডামি । [আঙুলি দাঙি থিয় হৈ ] তুমি... তুমি অবৈধ প্ৰণয়ত আবদ্ধ... আৰু সেই অবৈধ প্ৰণয়ৰ বিঘিনি ঘটিব বুলিয়েই বিয়া কৰাবলৈ অসন্মতি কৰিছিলা, আৰু এতিয়া বাধ্যত পৰি বিয়া কৰাই.... সেই প্ৰণয়ৰ প্ৰাবল্য হোৱাত বিবাহ বান্ধোনৰ পৰা মুক্তি বিচাৰিছাঁ । সত্যৰ স্পৃহা, সমাজ সংস্কাৰ উচ্চ হৃদয়তাৰ ভাও ধৰি তুমি মাত্ৰ তোমাৰ... সুন্দৰ:- [খঙত অগ্নিমূতি ধৰি ] হীন কাপুৰুষ ! অপবিত্ৰ মনৰ গৰাকী শঠতাৰ প্ৰধান সেৱক ! মোকো তোমাৰ দাপোণত প্ৰতিফলিত তোমাৰেই প্ৰতিবিম্ব বুলি ভাবিছানে ? মই ভুল কৰিছো । তোমাক মই যি বুলি ভাবিছো তুমি সি নোহোৱা । উদাৰতাই, সত্য চেনেহে, যুক্তিয়ে তোমাক বুজাব নোৱাৰে । অনঙ্গৰাম , এই মুহূৰ্ত্তৰেপৰা তুমি মোৰ বন্ধু নোহোৱা । মই ৰজা আৰু তুমি মোৰ প্ৰজা । মই ন্যায়দণ্ডধাৰী বিচাৰক, তুমি দোষী । মূৰ পাতি মোৰ দণ্ড গ্ৰহণ কৰিবলৈ বাধ্য । যুক্তিৰে আৰু সত্যৰ দোহাই দি যেতিয়া ন্যায় কাম কৰাব নোৱাৰি, তেতিয়া কঠোৰ শাসনেৰে তাক সমাধা কৰিব লাগিব [বপুৰাক] বপুৰা, মাতি আন মোৰ গা-ৰখীয়া সেনাক । [অনঙ্গ খঙত তলমূৰকৈ থাকে । বাহিৰত শিঙা বাজে আৰু অলপ পাছতে কেইটামান দৈত্য যেন চাওডাং আহি সুন্দৰৰ আগত আঁঠু লয়হি । ] সুন্দৰ:- [অনঙ্গক ] অনঙ্গৰাম, ছিঃ অবৈধ প্ৰণয় মোৰ ? কি অলীক কল্পনা । কি নিজৰ অন্যাস কাৰ্যৰ হীন প্ৰতিষেধক বাক্যৰ প্ৰয়োগ । মোৰ অবৈধ প্ৰণয় ? [তললৈ মূৰকৈ বেজাৰত] উস্ ! ইয়াতকৈ আৰু বন্ধুৱে কি ডাঙৰ আঘাত দিব পাৰে ? তোমাৰ মানসিক কাপুৰুষালি ঢাকিবলৈ কি মিছাৰ সৃষ্টি কৰিলা ! অনঙ্গ:- [ভয়ংকৰ উত্তেজিত হৈ] মিছা ? মিছা ? ? মিছা ? ? ? অতি সত্য , ই অতি সত্য ! সুন্দৰ ! সুন্দৰ:- [এটা অনুকম্পাৰ হাঁহিৰে ] সত্যনিষ্ঠ ভূতপূৰ্ব বন্ধুবৰ ! শুনা তোমাৰ ৰজাৰ আদেশ । এই কাঞ্চনমতী আজি এই মুহূৰ্তৰপৰা তোমাৰ ! [কাঞ্চন আৰু অনঙ্গ বিষমকৈ উচপ্ খোৱা যেন হয় ] মই ৰজাই তোমাক সেই অধিকাৰ দান কৰিলোঁ । অসজ বিদায় পৰত তোমাৰ ভূতপূৰ্ব বন্ধুৰ শেষ দান গ্ৰহণ কৰা । আৰু তোমাৰ শত্ৰুৰ, ৰাজ-শত্ৰুৰ, তোমাৰ কাপুৰুষতাই জন্ম দিয়া শত্ৰুৰ দণ্ড গ্ৰহণ কৰা । মই তোমাক... অনঙ্গৰাম বৰগোহাঁইক আৰু কাঞ্চনমতীক মোৰ ৰাজ্যৰপৰা নিৰ্বাসন দিলো । [কাঞ্চন থক্ থক্ কৰে কঁপি মাটিত পৰি যায় । অনঙ্গ ধীৰ-স্থিৰ ] চাওদাঙহঁত, মোৰ ৰাজ্যৰ সীমা বাহিৰ কৰি এই মানুহহালক এৰি থৈ আহগৈ । [চাওদাঙবোৰে সেৱা কৰি মাটিত মূৰ লগায় ] পুৰণি জীৱন পাহৰি গৈ ন জীৱন দেশত আৰম্ভ কৰাগৈ । বিদায় । [সুন্দৰ গহীন হৈ ওলাই যাবলৈ খোজ দিয়ে ] অনঙ্গ:- সুন্দৰ, সুন্দৰ ! বন্ধু হৈ বন্ধুক নুবুজিলা । পণ্ডিত হৈ যুক্তি নুশুনিলা….হৃদয়ৱান হৈ আনৰ কলিজাৰ তেজেৰে ফাকু খেলিলা... মনত ৰাখিবা সুন্দৰ কোঁৱৰ ! তুমিও সাৰি নোযোৱা । যি ৰথৰ বাঘজৰি ধৰি তুমি নিৰ্ম্মম ভাবেৰে আমাৰ ওপৰেদি ৰথ চলাই লোহাৰ চকৰিৰে আমাক নিষ্পেষিত কৰি গলা, এদিন.... এদিন.... তুমিও নিজেই তোমাৰ এই নিজৰ ৰথৰ চকাৰ তলত পৰি নিষ্পেষিত হবা । যি অগ্নিৰে ধেমালি পাতি তুমি আনৰ ঘৰ ভস্মিভূত কৰিলা. সেই অগ্নিয়ে উভতি তোমাৰ জীৱন ছাৰখাৰ কৰিব, তোমাক তিল-তিলকৈ পুৰি তোমাক মৰ্ম্মে মৰ্ম্মে মোৰ হৃদয়ৰ জ্বালা অনুভৱ কৰাব আৰু তোমাৰ প্ৰতি লোমকূপ এটি জ্বালাময়ী আগ্নেয়গিৰিত পৰিণত হ’ব । <poem>