কাৰেঙৰ লিগিৰী/তৃতীয় অঙ্ক/প্ৰথম দৰ্শন

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
কাৰেঙৰ লিগিৰী
  • কাৰেঙৰ লিগিৰী - প্ৰথম অঙ্ক
  1. প্ৰথম দৰ্শন
  2. দ্বিতীয় দৰ্শন
  3. তৃতীয় দৰ্শন
  4. চতুৰ্থ দৰ্শন
  5. পঞ্চম দৰ্শন
  • কাৰেঙৰ লিগিৰী - দ্বিতীয় অঙ্ক
  1. প্ৰথম দৰ্শন
  2. দ্বিতীয় দৰ্শন
  3. তৃতীয় দৰ্শন
  4. চতুৰ্থ দৰ্শন
  • কাৰেঙৰ লিগিৰী - তৃতীয় অঙ্ক
  1. প্ৰথম দৰ্শন
  2. দ্বিতীয় দৰ্শন
  3. তৃতীয় দৰ্শন
  • কাৰেঙৰ লিগিৰী - চতুৰ্থ অঙ্ক
  1. প্ৰথম দৰ্শন
  2. দ্বিতীয় দৰ্শন
  • কাৰেঙৰ লিগিৰী - পঞ্চম অঙ্ক
  1. প্ৰথম দৰ্শন
  2. দ্বিতীয় দৰ্শন
  • কাৰেঙৰ লিগিৰী - সমাপতি
  1. সমাপতি


<poem> [সুন্দৰৰ শোৱনি কোঠা । (প্ৰথম অংক প্ৰথম দৰ্শনৰ দৰে, কিছুমান বস্তু থোৱাত মাথো সাল-সলনি) সন্ধিয়া লাগি আন্ধাৰ হোৱাৰ কিছু সময় পাছত । শেৱালি আৰু ৰেৱতীক কোঠাত পালেঙ সজোৱা ইত্যাদি বন কৰি থকা দেখা যায় । দুয়োজনীৰে মুখত গোমোঠা ভাব । শেৱালিক বৰ ক্ষীণ আৰু উদ্বিগ্ন দেখা গৈছিল । উপবাসত থকা ক্ষীণ মুখত এটা তপঃক্লিষ্ট জেউতি মুখত উঠাৰ দৰে তাইৰ মুখত এটি জেউতি বিৰিঙিছিল । তাইৰ খোজ-কাটলত, চাৱনি-হাব-ভাবত অন্তৰৰ ঘোৰ অশান্তি আৰু চাটি ফুটি প্ৰকাশ পাইছিল । শেৱালি এবাৰ বন কৰি থাকোতে এখন দাপোণৰ সন্মুখীন হয় । দাপোণত মুখ দেখি নজনা ভাবে আউল-বাউল চুলিবোৰ অলপ ভাল কৰি ল’বলৈ প্ৰয়াস পায়.... তাকে দেখি ৰেৱতীয়ে। ]

ৰেৱতী:- [কঠোৰ কৰ্কশ মাতেৰে] হৈছে হৈছে, এতিয়া চুলি মেলাব নেলাগে পালেহি.... শেৱালি:- পাওকহি.... তই.... ৰেৱতী:- ছিঃ কটা লাজো নালাগে । মোৰ এনেবোৰ কথা ওলোৱা হ’লে মই দাপোণ চাই মূৰ মেলাও ছাৰি বৰ পুখুৰীত জাঁপ দি মৰিলোহেঁতেন । শেৱালি:- মৰিবৰ মন আছে তই মৰগৈ । মই মিছা কথাতে কেলৈ মৰিমগৈ ! তয়েই মোৰ কথা ফুফু-ফাফা কৰি এইদৰে উলিয়ালি । তই কম নহৱ । মন আছিল তোৰ..... পিছে কোঁৱৰে মোক অলপ মৰম কৰে দেখি তই খিয়ালত.... ৰেৱতী:- [খঙত পকি-জকি] তেনে কথা নকবি.... মই-মই কৈছোনে ? গোটেই ৰাইজেই কৈছে । ৰাজমাও চকু নাই ? কাৰেঙেৰ ইমানবোৰ মানুহৰ চকু নাই ? আও মোৰ বিধি-ইমানবোৰ কৰিও তোৰ লাজ লগা নাই । তোৰ কাৰণেই কোঁৱৰে নিজৰ বিয়া কৰোৱা তিৰোতাৰ তেনে গতি কৰিলে... কল্যাণ কুঁৱৰী বিহ খাই মৰিবলগীয়া হল অনঙ্গ ডেকা দেউতা দেশ এৰি দেশান্তৰী হল । ৰাম মোৰ ঈশ্বৰ... তই কোঁৱৰৰ মূৰটো খালি... কাৰেঙত জুই দিলি... তই শাঁকিনী । সেইবুলি এতিয়াও জানো লাজ হৈছে .... আকৌ মূৰ মেলাই কোঁৱৰক ভুলা.... [ৰাজমাও সোমাই আহি উগ্ৰমূৰ্ত্তি ধৰি ] ৰাজমাও:- [শেৱালিক] তোক.... তোক মই কোঁৱৰৰ কোঠালিলৈ আহিবলৈ হাক দিছো নহয়... নেলাগে তই মোৰ ল’ৰাৰ আল-পৈচান ধৰিব । শেৱালি:- [তললৈ মূৰ কৰি] মই- মই… ৰেৱতীয়ে মোক মাতি আনিছে । ৰেৱতী:- মই.. মইহে অনা হ’লো.. শেৱালি:- নাই…. নাই.. মতা ? ৰাজমাও:- মনে মনে থাক । ওলাই যা… ওলাই যা তই… ওলাই যা । তই মোৰ ঘৰ ভাঙিলি… মোৰ ল’ৰাক বলিয়া কৰিলি । ঘৰত জুই দিলি । [শেৱালিয়ে হুক হুক কৈ কান্দিবলৈ ধৰে] কান্দি কান্দি দেখুৱাইছ ৰ তোৰ মঙহ খাম । তোৰ মই জীৱ লৈহে এৰিম । যা ওলা.. ওলা । [শেৱালি কান্দি কান্দি ওলাই যাইগৈ] ৰেৱতী:- ৰাজমাও দেউতা… এই শাঁকিনীক কাৰেঙত থলে যি হৈছে দেখিছেই নহয়… ৷ ৰাজমাও:- তই বাৰু মোক বুধি দিব নালাগে । তাৰ উপায় মই কৰিছোঁ । তাইক মই আঁতৰাবৰ দিহা ভালকৈয়ে কৰিছো । উস্ উস্ প্ৰভু মোৰ ! এনে বুলি জনা হ’লে , কথা ইমানলৈকে শিপাইছে বুলি জনা হ’লে, তাইৰ মই কেতিয়াবাই.... ৰেৱতী:- আইদেউতা, মই কোঁৱৰে বিয়া কৰাওঁ নকৰাওঁকৈ থকাতেই কৈছিলো নহয় বোলো, শাস্ত্ৰ ভাগৱত পঢ়াৰ বাবে নহয় কথা ক’ৰবাতহে । ৰাজমাও:- এৰা, এৰা, মই... হে হৰি [দীঘল হুমুনিয়াহ পেলাই ] [সুন্দৰ আৰু সুদৰ্শন সোমাই আহে] ৰাজমাও:- [সুন্দৰক দেখিয়েই খঙত বেজাৰত জৰ্জৰিত হোৱা হেন হয় আৰু থোকাথুকিকৈ]

তই… তই… কি… কি… হ’ব খুজিছ ? বলিয়া হলিনে পগলা হলিগৈ ? কি হলি ?  এই আজি তিনি দিন জ্বৰীয়া গাৰে কলৈ ওলাই গৈছিলি... তই....তই....

সুন্দৰ:- আইদেউতা... তুমি কি বকিছা ? ৰাজমাও:- বকিছো ! মই বকিছো ? মই বলিয়া হৈছো । তই মোক খালি । তই মোক বলিয়া কৰিলি ! ক’ত দেখিছা ক’ত শুনিছা.... লিগিৰি এজনীৰ সতে বলিয়া হৈ... সুন্দৰ:- তুমি এইবোৰ কি কৈছা ? ৰাজমাও:- সঁচা কৈছো । গোটেই ৰাইজৰ মানুহে কি কৈছে... কাৰেঙৰ কোঠাই কোঠাই কিহৰ মেল ? উস্ ! আগতে এনে ফেঁটী সাপ পুহিছিলোঁ বুলি জনা হ’লে... হে মোৰ ঈশ্বৰ ? সুন্দৰ:- [হাঁহি সেইবোৰ কথা উৰাই দিব খুজি] সেইবোৰ কথাত তুমি বিশ্বাস নকৰিবা আই । ৰজাৰ কোঁৱৰে লিগিৰীক তিমান ওখ শাৰীলৈ নোতোলে । ৰাজমাওঃ- হাঁহিছ নিলাজ তই । তোৰ মান-অপমানৰ জ্ঞান নাই । তই সেইবোৰৰ বহু তললৈ গলি । ইমান দিন মোক ভুৱা দিলি…ভুৱা দিলি… সুন্দৰ:- ভুৱা একো দিয়া নাই । তোমাৰ মগজুত বহু আবৰ্জনাই ঠাই পাইছে, তাক উলিয়াবৰ ব্যৱস্থা কৰাগৈ যোৱা । ৰাজমাও:- [খঙত টিকিছি-বিকিছি হৈ ] আৱৰ্জনা মোৰ মূৰত নে তোৰ মূৰত ? তই যিবোৰ কাম কৰিলি… [সুন্দৰে বাধা দি ] সুন্দৰ:- সেইবোৰ কথা তুমি নুবুজা । সমাজে বেয়া বুলিছে দেখি তোমাৰ মূৰ ঘূৰাইছে । যোৱা, মোক আমনি নকৰিবা । মই এনে অশান্তিত থাকিব নোৱাৰো… মই কাৰেঙ এৰি ক’ৰবালৈ গুচি যাম । [ৰাজমাও খঙত কঁপি-কঁপি কিবা ক’ব খোজোতেই বাহিৰত কোনোবা তিৰোতাৰ হৃদয়-বিদাৰক কান্দোন শুনা যায় আৰু “ৰাজমাও দেউতা, কোঁৱৰ, মোৰ জীয়াৰীৰ কি হ’ল অ’… কোঁৱৰ… কোঁৱৰ “ বুলি কন্দা সুৰে মতা শুনা যায় ।] ৰাজমাও:- এস্ এস্ ! সেইজনী বুঢ়ীগোহাঁয়নী বলিয়া বতিয়া হৈ ওলাইছেহি । হে প্ৰভু ! কি কৰিলা... কি মেলিলা ! [ৰাজমাও ওলাই যাব খোজোতেই কান্দি বাউলি হৈ কল্যান কুঁৱৰীৰ মাক বুঢ়াগোহাঁয়নী তালৈ হিয়ালি-জিয়ালিকৈ সোমাই আহে । সুন্দৰলৈ চাই “অ’ মোৰ জীয়াৰীক ক’ত মাৰিলাগৈ” বুলি কান্দি মাটিত ধাঁচকৈ লুট খায় পৰেহি । আটাইবোৰ ব্যতিব্যস্ত হৈ পৰে । ৰাজমাৱে লৰালৰিকৈ ওচৰলৈ গৈ মূৰটো দাঙি ধৰে । ৰেৱতী , সেউজী আটাইবোৰ লিগিৰি তাত ওলায়হি । কোনোৱে বিচে, কোনোৱে পানী আনে । সুন্দৰে সেই ফালেই তললৈ মূৰকৈ থিয় হৈ থাকে । বুঢ়াগোহাঁয়নীয়ে উঠি বহি আকৌ হুৰাও-ৰাওকৈ কান্দিবলৈ ধৰে । সুন্দৰৰ ফালে চাই চাই –“অ’ মোৰ জীয়াৰীক কি কৰিলা… ক’ত মাৰিলাগৈ… অ’ মোৰ কাঞ্চন তোক ক’ত হেৰুৱালো মই” … কান্দি কান্দি ঢাল খাই পৰি যায় … ৰাজমাও লিগিৰিহঁতে দাঙি লাহে লাহে খোজ কঢ়াই লৈ যায় । অলপ পৰ পাছত বাহিৰত কন্দাৰ শব্দ শুনা যায়… তাৰ পাছত সকলো নিতাল হয় । সুন্দৰে আহি পালেঙত বহে, আৰু মূৰে-কপালে হাত দি কিবা ভাবিবলৈ ধৰে । তাৰ পাছত সুন্দৰে ঘোৰ অশান্তি পাই, ছাটি-ফুটি কৰি পালেঙৰ পৰা উঠি ইফালে-সিফাল কৰি আকৌ পালেঙত দীঘল দি পৰি থাকে… সুদৰ্শন ওচৰৰে মূঢ়া এটাত বহে আৰু ধূপ কাঠি এডাল, ওলমি থকা চাকিত লগাই এখন শৰাইত থয় । ধূপৰ ধোঁৱাৰ সুগন্ধত সুন্দৰে অলপ অলপ অস্বস্তি বোধ কৰা যেন কৰি হঠাৎ উঠি সুদৰ্শনৰ চকুৱে চকুৱে চাই ] সুন্দৰ:- বন্ধু... এই কথাবোৰৰ বিষয়ে তুমি কি ভাবা ? সুদৰ্শন:- কি কথা ? সুন্দৰ:- শেৱালিৰ সতে মোৰ এনে… সুদৰ্শন:- বুজিছো । [মিচিককৈ হাঁহে] সুন্দৰ:- হাঁহিলা দেখোন । সুদৰ্শন:- এৰা । সুন্দৰ:- [প্ৰশ্নসূচক দৃষ্টিৰে আৰু কৌতুহল পূৰ্ণ ভাৱেৰে সুদৰ্শনলৈ চাই ৰৈ থাকে ] সুদৰ্শন:- তুমি শেৱালিক আন লিগিৰিতকৈ মৰম কৰা ? সুন্দৰ:- কৰো নেকি ? সুদৰ্শন:- তুমি যেই-সেই কামতে শেৱালিকহে মাতা ? সুন্দৰ:- জানো । হ’বলা । সুদৰ্শন:- আন লিগিৰিতকৈ তাইৰ সতে কথা-বতৰা সৰহ ? [সুন্দৰে যেন কিবা মনত পেলাব খুজিছে এনে ভাৱ ধৰে । ] সুদৰ্শন:- লিগিৰিবোৰৰ সতেতো তুমি ঠাট্টা-মস্কৰা বা ৰং ধেমালি নকৰা ? সুন্দৰ:- নিশ্চয় নকৰো । সুদৰ্শন:- কিন্তু শেৱালিৰ সতে মাজে মাজে... সুন্দৰ:- কৰো নেকি ? সুদৰ্শন:- সেই বিষয়ে তোমাৰ সন্দেহ আছে ? সুন্দৰ:- পিছে কৰিলোৱেই যেনিবা । সুদৰ্শন:- বন্ধু, পিছে সেই যেনিবায়েই কথা কেনিবা নিছেগৈ । সুন্দৰ:- কেনেকৈ ? সুদৰ্শন:- তেনেকৈয়ে । সেইবোৰেই প্ৰতীয়মান কৰাইছে যে তুমি শেৱালিলৈ আসক্ত । তিৰোতাৰ মানুহৰ কথা, তাকে লিগিৰীটোলত বঢ়াই নি নি মাখিটোকে হাতীটো যেন কৰিলে, এতিয়া সেই হাতীটোৱে বনৰীয়া হৈ গাঁও নগৰ হাবি–বন গোটেইখন মহটিয়াই ফুৰি উৎপাতৰ সৃষ্টি কৰিছে । সুন্দৰ:- হুঁ ৷ [বুলি মৌন হয়] সুদৰ্শন- [কিছুপৰ মনে মনে থাকে] আৰু এটা কথাও । এই বিষয়ে আজি কিছু দিনৰ পৰা মোৰ ঘোৰ সন্দেহ হৈছে । সুন্দৰ:- কি ? সুদৰ্শন:- [সৰুকৈ] শেৱালিয়ে তোমাক ভাল পায় । সুন্দৰ:- [টোপনিৰ পৰা সাৰ পোৱাৰ দৰে] লিগিৰি এজনীৰ ইমান স্পৰ্ধা ! কেনেকৈ ? … কেনেকৈ ? সুদৰ্শন:- ভালপায় মানে তোমালৈ আকাঙ্ক্ষা নকৰে । জোনটোক যেনেকৈ মানুহে ভাল পায়,কিন্তু তাক পাবলৈ আকাঙ্ক্ষা নকৰে , পোৱা অসম্ভৱ বুলি জানে, কিন্তু তাৰ শীতল কিৰণত ফুৰি আনন্দ পায়, সেইদৰে তাইয়ো তোমাক পাবলৈ কেতিয়াও আকাঙ্ক্ষা নকৰে, কিন্তু তোমাৰ মৰমৰ উমনি সপোন দেখি বলিয়া হৈ থাকে । সুন্দৰ:- তিৰোতাই ভাল নেপায়... মিছা কথা । সুদৰ্শন:- সেই বিষয়ে মই তৰ্ক কৰিবলৈ নাযাওঁ । মাত্ৰ মোৰ সন্দেহৰ কথাটো ক’লো । সময়ত সকলো কথা তল পৰি যাব, আৰু মানুহে পাহৰি যাব । সেই কাৰণে এইবোৰলৈ তুমি বৰকৈ কাণ নিদিবা ! কথাটো বৰ নাভূত-নাশ্ৰূত হ’ল... সমাজত আলোড়ন হ’বই আৰু মানুহে গুৰি বিচাৰি স্বাভাৱিকতে ফুৰিবই । দুদিনৰ পাছত আকৌ পাহৰি পেলাব... লেঠা ছিগিব । সুন্দৰ:- হু [সুন্দৰে যদিও দেখাতে সেই বিষয়ে নমতা হয় তথাপি মনৰ ভিতৰত সেইবোৰ কথা যে পাগুলিবলৈ আৰম্ভ কৰিছে তাক মুখৰ ভাৱত বেছ বুজিব পৰা হয় ] সুদৰ্শন:- বন্ধু, এতিয়া নিশাও হ’লহি… তুমি শুবলৈ দিহা কৰা । ময়ো যাওঁ । কাইলৈ পুৱা আকৌ বাৰু কথা পাতিমহি । [এই বুলি সুদৰ্শন উঠে] সুন্দৰ:- নহয় বন্ধু , অলপ বহা, মোৰ মনটো কেনেবা কেনেবা লাগিছে । এটা গীত গোৱা, তাৰ পাছত যাবা । সুদৰ্শন:- হয়নেকি বাৰু তেন্তে । কোন আছে ? সেউজী, টোকাৰীখন লৈ আহচোন ৷ [সেইজীয়ে অলপ পাছতে টোকাৰীখন লৈ আহে , সুদৰ্শনে লৈ গায়]

গীত:- মোৰে জীৱনৰে সখা কৃষ্ণ তই মোৰে জীৱনৰে সখা কৃষ্ণ । মোৰে জীৱনৰে সখা কৃষ্ণ তই , বজাৱ কি সূৰে বেণু । কপালকে তোৰ কোনে আঁকি দিলে ইন্দ্ৰধনু ? পুৱতি নিয়ৰে, সানে চৰণতে শুকুলা মুকুতাৰ বেণু অ’ তোৰ শ্যামল গাতে কোনে চন্দন পিন্ধালে অ’ তোৰ ফুল কুমলীয়া তনু বজাৱ সোণৰে বেণু কৃষ্ণ তই বজাৱ সোণৰে বেণু । সুৰৰে জিঞ্জিৰি পিন্ধালি মোক সুৰৰে জিঞ্জিৰি ।

[গীত শেষ হলত সুদৰ্শন উঠে ] সুদৰ্শন:- তেন্তে বন্ধু তুমি শুবলৈ দিহা কৰা । মিছা চিন্তাবোৰ কৰি নাথাকিবা । মই যাওঁ । [সুন্দৰে আনমনা হৈ ‘বাৰু’ বুলি কয় । সুদৰ্শন লাহে লাহে ওলাই যায়গৈ । কিছুপৰৰ পাছত সুন্দৰ পালেঙৰ পৰা উঠি বৰ উদ্বিগ্নতাৰে কোঠাটোত অহা-যোৱা কৰি থাকে । তাৰ পাছত পালেঙত বহি , কিবা এটা অৱসাদত ভাগৰি পৰাৰ দৰে, ভৰি ওলোমাই থৈ পালেঙত পৰি থাকে । অলপ পৰৰ পাছত শেৱালিয়ে ৰূপৰ কাঁহী এখনত এটা ৰূপৰ বাণ-বাটিত তপত গাখীৰ আনি কোঠাটোত সোমায়হি আৰু সুন্দৰক সেইদৰে পৰি থকা দেখি থমক খাই ৰয় । তাৰ পাছত থৰক-বৰক কৰি সুন্দৰৰ ওচৰৰ মূঢ়া এটা কাঁহীখন থৈ তলমূৰ কৈ] শেৱালি:- ডেকা কোঁৱৰ, তপত গাখীৰ ৰাজমাৱে পঠাই দিছে । [সুন্দৰ গিৰিপ কৰে বিছনাত উঠি বহে আৰু শেৱালি দুখোজমান পাছলৈ হুহকি যায়] সুন্দৰ:- [তীব্ৰভাৱে শেৱালিলৈ চাই কৰ্কশ স্বৰে] আই দেউতাই তোৰ হাততে পঠাই দিছেনে ? শেৱালি:- [কওঁ নকওঁকৈ] নহয়, ৰাজমাও দেউতাই শোৱনি ঘৰ সোমোৱাৰ আগতে চাংমাইক কোঁৱৰলৈ তপত গাখীৰ পঠাবলৈ কৈ গৈছিল… পিছে চাংমাইয়ে মোৰ হাততে পঠাই দিছে । [সুন্দৰ মনে মনে থাকে । শেৱালিয়ে নমতা-নোবোলাকৈ কিছুপৰ ওচৰতে থিয় দি থাকি এখোজ দুখোজকৈ ওলাই যাবলৈ ধৰে । সুন্দৰ ঘপহ কৰে থিয় হৈ] সুন্দৰ:- শেৱালি, এই ফালে আহ ! [শেৱালি আচৰিত হৈ উভতি আহে । আৰু সুন্দৰৰ মুখ ৰঙা পৰে ] দুৱাৰখন জপাই আহ । [শেৱালিয়ে কি কৰো কি নকৰোকৈ থৰক-বৰক কৰি দুৱাৰখনৰ ফালে যাওঁ নাযাওঁ কৈ সুন্দৰৰ মুখলৈ চাই থাকে ।] সুন্দৰ:- [অলপ খঙেৰে] দু..ৱাৰ খ..অন জপাবলৈ কৈছো নহ..য়ই । [শেৱালি কিংকৰ্তব্যবিমূঢ় হৈ নীৰৱ নিস্পন্দ হৈ শিলামূ্ৰ্ত্তিৰ দৰে মাথো সুন্দৰৰ মুখলৈ চাই থাকে ] তই শুনিছনে ....নাই ? [শেৱালিয়ে খৰকৈ গৈ দুৱাৰ জপাই আহি নিৰীহভাৱে থিয় দি থাকে । সুন্দৰ ওচৰলৈ আহি আক্ৰমণৰ ভাৱেৰে ] তই এইদৰে য’তে ত’তে এইবোৰ কি কথা উলিয়াই ফুৰিছ ? শেৱালি:- মইনো কি উলিয়াম ? সুন্দৰ:- মানুহে এইবোৰ কথা ক’ৰপৰা ক’বলৈ পাইছে ? শেৱালি:- জানো মানুহে এইবোৰ কিয় উলিয়াইছে । [সুন্দৰে শেৱালিৰ মুখৰ ভাৱ লক্ষ্য কৰি পাছ হুহকি পালেঙত বহি] সুন্দৰ:- শেৱালি তই মোক ভাল পাৱনে ? শেৱালি:- [স্বাভাৱিকভাৱে] পাওঁ কোঁৱৰ । সুন্দৰ:- [উগ্ৰ হৈ] মোক ভা..ল পাৱ ? শেৱালি:- [ভয় খাই নমতা হয়] সুন্দৰ:- [আত্মসম্বৰণ কৰি] কিয় ? কিয় ভাল পাৱ ? শেৱালি:- এনেয়ে ভাল পাওঁ । সুন্দৰ:- [তীব্ৰতা আৰু ঘৃণাৰে] এনেয়ে পাৱ… ? কেতিয়াও নহয় । ভাল পাৱ ? এনেয়ে ? এনেয়ে ? মই… মই তোৰ তিৰোতাৰ লুইত মান ফেনেফোটোকাৰে বোৱা আকাঙ্ক্ষাৰ ভালকৈ সোণ..ৰূপ.. মণি.. মুকুতাৰে যোগান ধৰিব পাৰিম বুলি । সেইকাৰণে.. সেই কাৰণে ভাল পাৱ ? তিৰোতা... তিৰোতাই ভাল পোৱা দিব ! স্বাৰ্থৰ অগ্নিত ভাল পোৱা পুৰি ভসম কৰি ছাইসোপা আনি আগত ধৰি কৈছে, “হোৱা এয়া ভাল পোৱা” আৰু আমি পুৰুষে সেই ছাইখিনিকে গাত সানি সকলো পাহৰি প্ৰণয়ৰ ধুনি জ্বলাই... তিৰোতাৰ প্ৰেমৰ বৰাগী । [শেৱালিয়ে একো বুজিব নোৱাৰি তবধ লাগি থাকে । ] তই মোক এনেয়ে ভাল নাপাৱ । ভাল পোৱাৰ ছাই তহঁতে পুৰুষৰ চকুত মাৰি পুৰুষক কমা-মুনা কৰা, পুৰুষক ভুৱা দিয়া মায়াবিনী । [এই বুলি সুন্দৰ শেৱালিৰ ওচৰলৈ চোঁচা মাৰি যোৱাদি যায় আৰু শেৱালি পাছ হুহকি যাওঁতে মেখেলাত গচকা খাই পৰে ৷] সুন্দৰ:- [তাচ্ছিল্যৰে] এনেয়ে ভাল পাৱ ! এনেয়ে ভাল পাৱ ! [শেৱালিয়ে কান্দিবলৈ ধৰে ] এনেয়ে ভাল পাৱ ? এনেয়ে ? শেৱালি:- [কান্দি কান্দি] পা…ওঁ । এ..নে..য়ে.. । [কান্দে] সুন্দৰ:- মিছা…মিছা… মিছা । শেৱালি:- [বৰকৈ উচুপি উচুপি ] পা…ওঁ… এনে…য়ে । [সুন্দৰে বিৰক্তি আৰু ঘৃণাৰে শেৱালিলৈ চাই আহি পালেঙত বহেহি । শেৱালিয়ে কান্দি কান্দি উঠিবলৈ ধৰে । সুন্দৰে তীব্ৰভাৱে চাই থাকে । তাৰ পাছত সুন্দৰে খঙেৰে শেৱালিৰ ওচৰলৈ আহি তাইৰ বাহুত ধৰি থিয় কৰি দুৱাৰৰ ফালে হেচোক মাৰি পঠায় । তাই পৰিবলৈ ধৰো ধৰো হৈ ৰয়গৈ । উচুপি উচুপি এখোজ দুখোজ কৈ ওলাই যায়গৈ । সুন্দৰে থৰ লাগি তাইৰ ফালে চাই থাকি পাছ হুহকি আহি পালেঙৰ ওচৰত ৰয়হি । লাহে লাহে সুন্দৰৰ উগ্ৰ মুখখন কুমলি আহে । কিবা এটা কাৰুণ্যই সুন্দৰক জুমুৰি দি ধৰেহি । সুন্দৰ কৰুণ কোমল ভাৱত অভিভূত হৈ পৰে । দীঘলকৈ উশাহ লৈ পালেঙত বহে । আৰু কিবা এক ভাৱত থাকি দুই হাতেৰে নিজে নজনাকৈয়ে যেন পালেঙৰ কাপোৰবোৰ সামৰি-সুতৰি আনি বুকুৰ মাজত সাৱটি ধৰি দীঘলকৈ হুমূনিয়াহ পেলায় ৷] <poem>