কাৰেঙৰ লিগিৰী/তৃতীয় অঙ্ক/তৃতীয় দৰ্শন

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
কাৰেঙৰ লিগিৰী
  • কাৰেঙৰ লিগিৰী - প্ৰথম অঙ্ক
  1. প্ৰথম দৰ্শন
  2. দ্বিতীয় দৰ্শন
  3. তৃতীয় দৰ্শন
  4. চতুৰ্থ দৰ্শন
  5. পঞ্চম দৰ্শন
  • কাৰেঙৰ লিগিৰী - দ্বিতীয় অঙ্ক
  1. প্ৰথম দৰ্শন
  2. দ্বিতীয় দৰ্শন
  3. তৃতীয় দৰ্শন
  4. চতুৰ্থ দৰ্শন
  • কাৰেঙৰ লিগিৰী - তৃতীয় অঙ্ক
  1. প্ৰথম দৰ্শন
  2. দ্বিতীয় দৰ্শন
  3. তৃতীয় দৰ্শন
  • কাৰেঙৰ লিগিৰী - চতুৰ্থ অঙ্ক
  1. প্ৰথম দৰ্শন
  2. দ্বিতীয় দৰ্শন
  • কাৰেঙৰ লিগিৰী - পঞ্চম অঙ্ক
  1. প্ৰথম দৰ্শন
  2. দ্বিতীয় দৰ্শন
  • কাৰেঙৰ লিগিৰী - সমাপতি
  1. সমাপতি


[ৰাজকাৰেঙৰ এটা কোঠা । সুন্দৰকোঁৱৰ আৰু সুদৰ্শনে কিবা পুথি এখন লুটিয়াই পুটিয়াই চাই আছিল । সুন্দৰে নিৰ্বিকাৰভাৱে হাঁহিছিল আৰু বপুৰাৰ লগত কথা পাতি আছিল যদিও মাজে মাজে বৰ উদ্বিগ্ন হৈছিল । বপুৰাই সুন্দৰৰ ওচৰতে বহি কথা পাতিছিল ।]

সুন্দৰ:- [হাঁহি ] বপুৰা তোৰ বাৰু তিৰোতালৈ এনে বিৰাগ কিয় জন্মিল ?
বপুৰা:- কোঁৱৰ, তিৰোতা জাতিটো বৰ ‘খেচ’ জাতি । সংসাৰৰ কথা-বতৰা নিজেও নুবুজে, আনে বুজালেও কিবাখন খেলি-মেলি কৰি বুজাকো বিমোৰত পেলায়… অলপো যদি মৰম বুজে কিনো কম কোঁৱৰ !
সুন্দৰ:- কেলৈ তই দেখোন বিয়া কৰোৱাৰ আগেয়ে তিৰোতা লাগে লাগে বুলি হামৰাও কাঢ়ি মৰিছিলি । এতিয়া কি হ’ল আকৌ ?
বপুৰা:- এৰা কোঁৱৰ, কাঢ়োঁতে কাঢ়িছিলোঁ । সোণত সুৱগা চৰোৱা গাৰ বাকলিখন… ডালিমগুটিয়া দাঁতকেইটিয়েদি মাঘৰ বিহুৰ মেজিৰ খৰিৰ মাজেদি ওলাই অহা জুইৰ নিচিনা বুকু পুৰি ভসম্‌ কৰা হাঁহিটো দেখি । বতাহে কোৱোৱা বিৰিণা সুহুৰি যেন মিঠা মাতটো শুনি । পিছে কি হ’ব ? এনে টেঙৰ জাত ঐ... মোৰ গোসাঁই ! আগেয়ে সেইখন দেখুৱাই কিনো কম কোঁৱৰ, বিয়াৰ কেইদিনমানৰ পাছতে, ...সেইবোৰ নো কোন মেৰতলিত লুকুৱালে সেইয়া ভগৱতী গোসাঁনীয়েহে জানে । মানুহ বুলিয়েই নাভাৱে নহয় কোঁৱৰ !
[সুন্দৰ আৰু সুদৰ্শনে হাঁহে]
সুদৰ্শন:- কি বুলি নো ভাবে অ’ তোক ?
বপুৰা:- হে হৰি ! কি বুলি ভাবিব নো ? গুটি ধানৰ ভঁড়ালটো বুলি ।
[সুন্দৰ আৰু সুদৰ্শনে হাঁহে]
সুদৰ্শন:- বাৰু বপুৰা , তোৰ তিৰোতাজনী তেনে হ’ল বুলিয়েই আটাইবোৰ তেনে হ’ব বুলি কিয় ভাবিছ ?
বপুৰা:- এটা ভাত পিটিকি চালেই বুজি নহয়, গোটেই চৰুটো সিজিছে নে নাই ।
সুদৰ্শন:- বাৰু, তই তিৰোতাবোৰক ভাতৰ লগত নিৰিজাই এপাছি সুমথিৰা টেঙাৰ সতেনো নিৰিজাৱ কিয় ? তাৰে এটা গেলা পালে গোটেই পাছিটো জানো গেলা পাবি ?
বপুৰা:- [কিছুপৰ ৰৈ] হওতে হয় কথাটো । এৰা… মোৰেই কিবা পোকে খোৱা ভাইগ’ । সেই গেলা সুমথিৰাটোতহে আকৌ হাতত পৰিলগৈ । মোৰ কপালখনো কপাল নহয়, বিধতাৰ চোতাল হে হবলা । তাত বিধতাই ওলাওঁতে এগছক সোমাওঁতে এগছক মাৰি দুবৰিবোৰতো খাস্তাং কৰিলেই তাৰ উপৰিও বোকা তুলিলে । দুখীয়াৰ কপাল চোতাল হ’লে এয়েই হয় , ধনীৰ কপাল বিধতাৰ চোতাল হ’লে আকৌ বিধতাই তাত মৰণা মাৰি ভালকৈ গুটি ধান পেলাইহে যায় ।
সুন্দৰ:- বপুৰা তই দেখোন এইবোৰ বৰ ভাল কথা কৈছ একা । ক’তনো শিকিলি ?
বপুৰা:- মোৰ ঈশ্বৰ ! সৰুতে পঢ়াশালিত পঢ়িবলৈ নহ’ল । ক টোৰ চুক কেইটা তাৰে উৱাদিহ নাপাওঁ । পিছে এতিয়া বুঢ়া কালত আমাৰ শ্ৰীমতীয়ে যিখন পঢ়াশালি পাতিছেহি তাত শিকোৱা কথাৰ ভৰত বপুৰাৰ ৰাজহাড় ভেমেছা । আৰু কিছু শিকিলে বা কি হয় ? কথাফাকি এইদৰে ক’লেহে শুনিবলৈ ভাল হয় বোলে→

গ’ল বপুৰা গ’ল বিয়া কৰাবলৈ গ’ল
শ্ৰীমতীৰ লগ পাই ডেকা বপুৰাকাই
ষাঠি বছৰীয়া হ’ল ।

[সুন্দৰ আৰু সুদৰ্শনে বৰকৈ হাঁহে ]
সুন্দৰ:- বপুৰা, বাৰু যাচোন শেৱালিক ভালকৈ তামোল দুখনমান আনিবলৈ কগৈ ।
[বপুৰাই উচপ খাই উঠে আৰু নুঠি বহি থাকি সুদৰ্শনৰ ফালে টহ্ টহ্ কৰে চাই থাকে]
কি হ’ল ? নাযাৱ কিয় ?
বপুৰা:- [বৰ চঞ্চল হৈ ] আইদেউতাই… শেৱালিক কোঁৱৰৰ ওচৰলৈ আহিবলৈ হাক দিছে নহয়… ময়েই আনোগৈ ।
সুন্দৰ:- [খংমুৱা হৈ] কেলৈ ,তাইৰ কি দোষ… তাই কেলৈ মোৰ ওচৰলৈ নাহিব ? যা তাইক… [মাতে] লিগিৰি ! কোন আছ ? শেৱালি ?
[ৰেৱতী সোমাই আহে]
ৰেৱতী:- কিবা ডেকা কোঁৱৰ ?
সুন্দৰ:- শেৱালি ক’তা ? [ৰেৱতী মাতিব নোৱাৰা হৈ ৰঙা পৰে] শেৱালিক মাতি আনচোন ।
ৰেৱতী:- আইদেউতাই…
সুন্দৰ:- নেলাগে মোক আইদেউতাৰ কথা… মই মাতিছো বুলি কগৈ ।
[ৰেৱতী নগৈ ৰৈ থাকে ]
নাযাৱ কিয়
ৰেৱতী:- আইদেউতাই খং…
সুন্দৰ:- মই… মই… মই মাতিছো… যা, মাতি আন ।
[এইবাৰ ৰেৱতী বেবুৱা হৈ যায় গৈ]
সুন্দৰ:- এতিয়া শেৱালিৰ গাতহে জগৰ লাগিলগৈ । মিছাকৈয়ে নিৰপৰাধী ছোৱালীজনীক এনে অত্যাচাৰ কৰিছে ।
সুদৰ্শন:- তুমিও নো ইমান অঁকৰা হৈছা কিয় ! ৰাজমাও দেউতাই তাইক আহিবলৈ হাক দিছে যেতিয়া আন লিগিৰিয়ে আল-পৈচান ধৰক ।
সুন্দৰ:- কেলৈ তাইক মোৰ ওচৰলৈ আহিবলৈ নিদিব ? মিছা ধাৰণা এটা কেলৈ মূৰত সুমাই থব ?
সুদৰ্শন:- কিন্তু তুমি এনে অঁকৰা হলে মানুহে ক’বলৈ আৰু…
সুন্দৰ:- কওক...কওক ...। সেয়ে বুলি যদি ভাবিছে... তেন্তে... মই...মই...
সুদৰ্শন:- এই বলিয়ালিখন নকৰিবা ।
সুন্দৰ:- কিহে তুমিও সেই । বলিয়ালিকে কৰিম । সমাজে এনেকৈ মিছা গোজ পুতি ধৰি থাকিব । বপুৰা... যা শেৱালিক মাতি আনগৈ ।
বপুৰা:- কেলৈ নামাতিম মোৰ স্বৰ্গদেৱ... তাইক মই এতিয়াই তামোল-পানৰ বটাৰে...
[এই বুলি বপুৰা গৰ্বৰে তাৰপৰা উঠি যায় ।]
সুদৰ্শন:- সুন্দৰ তুমি কিছুমান অলাগতিয়াল কথাৰ ওপৰত ইমান কিয় বল কৰা মই নুবুজো ।
সুন্দৰ:- অতি লাগতিয়াল [বুলি আৰু একো নকৈ খংমুৱা হৈ মনে মনে থাকে । দুয়ো এইদৰে কিছুপৰ থকাৰ পাছত সুন্দৰ অধৈয্য হৈ…] বপুৰা ! বপুৰা ! [কাৰো মাত নাহে ] ৰেৱতী ! শেৱালি ! [কাৰো মাত নাহে ।] কোন আছে ? কোন আছে ? [সুন্দৰ থিয় হৈ ] বপুৰা ! বপুৰা ! [বপুৰা লৰি সোমায়হি ] ক’তা শেৱালি ক’তা ?
বপুৰা:- জানো কোঁৱৰ , বিচাৰিছো দেখোন ! ৰেৱতীয়ে লিগিৰী টোলত চাবলৈ গৈছে ।
সুন্দৰ:- অথনিৰে পৰা ইমান পৰ কিয় হৈছে ? ৰেৱতী ! ৰেৱতী ! [এনেতে ৰেৱতী চুচুক-চামাককৈ সোমাই আহে] পালি নে নাই শেৱালিক ?
[ৰেৱতীয়ে উত্তৰ দিবলৈ অলপ থোৰোগেঁথো কৰে, এবাৰ তলমূৰ কৰে এবাৰ বপুৰালৈ চায় ।]
ৰেৱতী:- ডেকা কোঁৱৰ শেৱালি লিগিৰী-টোলতো নাই ।
[সুদৰ্শনে এতিয়া নিৰ্বিকাৰ ভাব এৰি কথাবোৰলৈ ভালকৈ কাণ দিয়ে ।]
সুন্দৰ:- কলৈ গ’ল ?
ৰেৱতী:- জানো ক’ব নোৱাৰো ।
সুন্দৰ:- [ৰেৱতীৰ ভৰিৰ পৰা মূৰলৈকে তীক্ষ্ণ ভাৱে চাই]
তই ভালকৈ কথা ক’ব পৰা নাই কিয় ? কথা যেন….. ওঁ
[অলপ কিবা ভাবি সন্দেহ কৰা যেন কৰে ]
শেৱালি কাৰেঙৰ হাউলিৰ ভিতৰত আছেনে নাই ?
ৰেৱতী:- [কঁপা মাতেৰে] ক…ব..... নোৱাৰো ।
সুন্দৰ:- [বৰ আচৰিত হৈ] কি ! বৰ আচৰিত কথা । এনে কথাটো কেতিয়াও হোৱা নাই । [সুদৰ্শনলৈ চাই ] বন্ধু শুনিছা নে নাই ? শেৱালি বোলে কাৰেঙত নাই ! হঠাৎ কিয় নোহোৱা হ’ব ? হুঁ বুজিছোঁ…. [মূৰ দুপিয়াই] মই বুজিছো এই বপুৰা ! ৰেৱতী ! মোক শেৱালিক বিচাৰি আনি দিব লাগিব । ৰাজমাও দেউতাক সোধ... শেৱালি ক’লৈ গ’ল ?
সুন্দৰ:- শেৱালি কলৈ গ’ল ?
[ৰাজমাও লাহে লাহে সোমাই আহোতেই সুন্দৰে ৰাজমাওলৈ বাঘে চোৱাদি চায় । ]
ৰাজমাও:- [অতি ৰূঢ় হৈ] শেৱালিক তোক কেলৈ ?
সুন্দৰ:- [আগতকৈ ডাঙৰকৈ] শেৱালি ক’লৈ গ’ল কোৱা !
[ৰাজমাৱে বাঘিনীৰ দৰে সুন্দৰৰ ফালে ঘৃণাৰে চাই নামাতি ৰৈ থাকে ৷ ]
সুন্দৰ:- [বপুৰা আৰু ৰেৱতীক] কলৈ গ’ল ? [ৰেৱতী আৰু বপুৰাই নামাতে] ক..লৈ গ’ল নক…ৱ… কিয় ? [বুলি বপুৰাক বাউসীত ধৰি জয়ঘণ্টা লৰাই জোঁকাৰি ] কিয় ? কি...কি...কিয়...অ ।
বপুৰা:- [লটি-ঘটি হৈ ] হে মোৰ ঈশ্বৰ, মই মই নাজানো ।
[সুদৰ্শন উঠি সুন্দৰক ধৰে]
সুন্দৰ:- জান জান জান ! এই কাৰেঙৰ আটাইবোৰেই জানে ? আ…টাইবোৰে ৷ [পগলাৰ দৰে] এই কোন.. কোন..মাত.. মাত.. আটাইবোৰ মানুহকে মাত
[বপুৰা লৰ মাৰি ওলাই য়ায় সুন্দৰৰ চিঞৰ শুনি ,মানুহ তিৰোতা লিগিৰা-লিগিৰী আহি তাত ওলাই ত্ৰাসত উদ্বিগ্ন হৈ ৰৈ থাকে । সুন্দৰে আটাইবোৰলৈ চাই]
শেৱালি কলৈ গ’ল ?
[আটাইবোৰে একেলগে “আমি ক’ব নোৱাৰো” ]
[ প্ৰত্যেকটো আখৰত জোৰ দি] পা..ৰি..ব..লা..গি..ব । নহ’লে মই তহঁতক কঠোৰ শাস্তি বিহিম…. মই অসুন্দৰ হ’ম… এনে অমানুষিক…অসুন্দৰ হ’ম…মই…. বপুৰা ! বপুৰা ! চাওডাং বৰুৱাক মাত…তুৰন্তে এতিয়াই ৷
[সুন্দৰ খঙত থৰ থৰ কৰে কঁপি থাকে । সুদৰ্শন কিংকৰ্তব্যবিমূঢ় ।]
ৰাজমাও:- [সুন্দৰক] তোৰ-মূৰত কি সোমাইছে । জগতত নকৰা কাম কৰিলি । নিজৰ বিয়া কৰোৱা তিৰোতাক আনৰ হাতত গতাই দিলি । ৰাজ-বংশৰ মুখত আলান্ধু সানিলি, নিজৰ মান মৰ্যদা সকলোৰে মূৰ খালি, বুঢ়াগোঁহাইৰ বুকুত শেল দিলি । ৰাজঘৰ ৰাইজৰ হাঁহিয়াতৰ পাত্ৰ কৰিলি । সমাজৰ ৰীতি, ধৰ্ম্মা-ৰ্ধৰ্ম্ম সকলো জলাঞ্জলি দিলি । এতিয়াও তোৰ লাজ নহ’ল । তই নিলাজ পাপিষ্ঠ । এতিয়া আকৌ লিগিৰীজনীৰ কাৰণে বলিয়া হৈছে ?
সুন্দৰ:- বৰ ভাল হৈছো । শেৱালি ক’লৈ গ’ল ? শেৱালিক তুমি কি কৰিলা ?
ৰাজমাও:- মই শেৱালিক মাৰিলোঁ বা কাটিলোঁ যিয়েই কৰিলোঁ ।
সুন্দৰ:- যিয়েই কৰিলোঁ বুলিলে নচলিব আই মাতৃ ।
ৰাজমাও:- চলিব লাগিব । মোৰ কথা তই শুনিব লাগিব ।
সুন্দৰ:- নুশুনু...নুশুনু... ন...চ...লো । শেৱালিক যদি লুকুৱাই থৈছা উলিয়াই দিয়া । খেদাই দিছা যদি ওভোতাই আনা । নিৰ্বাসিত কৰিছা যদি সেই আজ্ঞা ৰদ কৰা । অঙ্গক্ষত কৰিছা অঙ্গ দি আনা । প্ৰাণে মাৰিছা যদি... তুমি তুমি... তাইৰ প্ৰাণ দি সঞ্জীৱিত কৰি মোৰ ওচৰলৈ আনি দিয়া ।
ৰাজমাও:- নহ’লে তই কি কৰিবি ?
সুন্দৰ:- মই কি কৰিম ? তোমাৰ যি কণ মান-মৰ্যদা গৌৰৱ আছে তাকো মই.... ভৰিৰে গছক্‌ নাইকিয়া কৰিম । তোমাৰ সাতাম পুৰুষীয়া ৰীতি-নীতি... ভাঙি চূৰমাৰ কৰিম ।
[চাওডাং বৰুৱা আহি আঁঠু লৈ ৰয়হি]
চাওডাং বৰুৱা ! শেৱালি বোলা লিগিৰীজনী হেৰাইছে । তোমাৰ সকলো ৰখীয়া-পৰীয়া তাইক বিচৰোৱা কামত লগাব লাগে । আৰু এই নগৰৰ প্ৰত্যেক ঘৰে ঘৰে হাবি-বননি চলাথ কৰিব লাগে । কাৰেঙৰ এই আটাইবোৰকে নি শেৱালিক কি কৰিলে ক’ত থলে সুধি যেনে তেনে সিহঁতৰ মুখৰ পৰা কথা উলিয়াব লাগে । মই আটাইবোৰে জানো… গোটেই কাৰেঙৰ ইয়াত যোগ আছে ।
ৰাজমাও:- [দৃঢ়তাৰে] সুন্দৰ, তই কাৰেঙৰ ভিতৰলৈ শেৱালিক সুমাব নোৱাৰ ।
সুন্দৰ:- তুমি যদি তাকে কোৱা তেন্তে মই আৰু কৰিম । মোক শেৱালিক আনি দিব লাগিব । চাওডাং বৰুৱা, লিগিৰী লিগিৰী, তুৰন্তে… তুৰন্তে তাইক বিচাৰি উলিয়াই আন । [ৰাজমাওক] কাৰেঙত সুমবা নোৱাৰো ? আই মাতৃ তোমাৰ এই হুকুম আমান্য কৰিম । তাকে কৰিয়েই নেৰো , তাতকৈ আৰু কৰিম । তোমাৰ আজ্ঞা, সমাজৰ আজ্ঞা মোৰ উপৰি পুৰুষৰ আজ্ঞা, শাস্ত্ৰৰ বিধান, শাস্ত্ৰকাৰৰ নিবন্ধন , আটাইবোৰৰ বিৰুদ্ধে যাম । মই শেৱালিক কাৰেঙৰ ভিতৰলৈ আনিম… মই… মই তাইক বিয়া কৰাম । [আটাইবোৰ চকখাই উঠে] আৰু…. আৰু কি কৰিম জানিছানে আই মাতৃ… গোটেই কাৰেঙক, গোটেই ৰাইজক তাইৰ আগত আঁঠু লোৱাম… তাইক মই কাৰেঙৰ লিগিৰী গুচাই কাৰেঙৰ কুঁৱৰী কৰিম ।