কাৰেঙৰ লিগিৰী/চতুৰ্থ অঙ্ক/প্ৰথম দৰ্শন

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
কাৰেঙৰ লিগিৰী
  • কাৰেঙৰ লিগিৰী - প্ৰথম অঙ্ক
  1. প্ৰথম দৰ্শন
  2. দ্বিতীয় দৰ্শন
  3. তৃতীয় দৰ্শন
  4. চতুৰ্থ দৰ্শন
  5. পঞ্চম দৰ্শন
  • কাৰেঙৰ লিগিৰী - দ্বিতীয় অঙ্ক
  1. প্ৰথম দৰ্শন
  2. দ্বিতীয় দৰ্শন
  3. তৃতীয় দৰ্শন
  4. চতুৰ্থ দৰ্শন
  • কাৰেঙৰ লিগিৰী - তৃতীয় অঙ্ক
  1. প্ৰথম দৰ্শন
  2. দ্বিতীয় দৰ্শন
  3. তৃতীয় দৰ্শন
  • কাৰেঙৰ লিগিৰী - চতুৰ্থ অঙ্ক
  1. প্ৰথম দৰ্শন
  2. দ্বিতীয় দৰ্শন
  • কাৰেঙৰ লিগিৰী - পঞ্চম অঙ্ক
  1. প্ৰথম দৰ্শন
  2. দ্বিতীয় দৰ্শন
  • কাৰেঙৰ লিগিৰী - সমাপতি
  1. সমাপতি


[নগা পৰ্বতৰ নামনি । অলপ দূৰত পৰ্বতৰ গাত নগাৰ চাঙ দেখা গৈছে । চাৰিওফালে বৰ ওখ ওখ পৰ্বতবোৰ সেইডোখৰ বেঢ়ি থৈছিল । পুৱা দোক্‌মোকালি বতৰ ডাৱৰীয়া, মাজে মাজে মেঘৰ গাজনি আৰু চক মকা বিজুলী দেখা গৈছিল । এনে সময়ত তিনিটা বৰ গাঠলু চাওডাং পিঠিত একোটাকৈ বোজা লৈ আহি তাত ওলালহি । সিহঁতৰ মাজতে কন্দনামুৱা শেৱালি, মুখখন তাইৰ তেনেই শেঁতা , ভালকৈ খোজ কাঢ়িব পৰা নাই । চকুৰপৰা অবিৰল লো বাগৰিব লাগিছে । শুকান চুলিবোৰ বতাহত উৰি উৰি মুখত পৰিছেহি । দেখোতে তাইক বাউলী যেন দেখা গৈছিল । চাওডাংকেইটাই ওচৰতে টালি-টোপোলাবোৰ থয় ]

১ ম চাওডাং:- প্ৰভু মোৰ [কঁকালত হাত দিয়ে] হৰি হৰি [শেৱালিক] শেৱালি অ’ বহ আই বহ , এই শিলটোতে বহ । বৰ ভাগৰ লাগিছে নহয় নে আই । ভোক লাগিছেনে ? কিবা খাবিনে ?
শেৱালি:- [কালৈকো নেচাই মূৰ জোকাৰে ] ওঁহো [তাৰ পাছত শেৱালিয়ে গাৰ কাপোৰখন গুচাই শিল এটাত বহি দীঘলকৈ উশাহ লয় ]
২য় চাওডাং:- বহ, বোপাইহঁত বহ,বৰ ভাগৰ ধৰিছে ।
৩য় চাওডাং:- হেৰৌ, তামোল চালি কিবা আছে যদি দেচোন ।
[২য় চাওডাঙে তামোল উলিয়াই দুয়োটাকে দিয়ে; তাৰ পাছত শেৱালিক যাচে ]
২য় চাওডাং:- শেৱালি অ’ আই… চালি এখন খাবিনে ?
শেৱালি:- নেখাওঁ ।
[আটাইকেইটা চাওডাঙে চাৰিওফালে চকু ফুৰাই চাই কিছুপৰ মনে মনে থাকে]
১ম চাওডাং:- পিছে আই শেৱালি, আমাৰ কথা হ’লে এয়েই । দেখিছই নহয়, আমাৰ ৰাজামাও দেউতাই তোক কোনোবা ৰাজ্যত এৰি থৈ আহিবলৈ কৈছে আৰু তয়ো যদি আমাৰ পিছতে নগৰ ওলাৱগৈ আমাৰ থিতাতে মৰণ । তয়ে যেন কেতিয়াও আৰু দেশত মুখ নেদেখুৱাই আমাৰ জীৱ দান দিয় । ভৈয়ামলৈ তই উভতি গ’লে আৰু আমাৰ মূৰ গাৰিত নাথাকে । ইয়াকহে ক’লো আই । তয়ো আৰু কথাষাৰ বুজিবি বুলি তোৰে আৰু প্ৰভু ভগৱন্তৰ ওপৰত ভৰষা কৰি ইয়াতে এৰি থৈ যাম । নগাহঁত বৰ ভাল মানুহ । সিহঁতৰ সৈতে মিতিৰালিকৈ থাকিবি নহ’লে আৰু আন উপায় নাই ।
২য় চাওডাং:- এৰা শেৱালি,তোৰ মুখলৈ আমি যেনেকৈ চালো তয়ো যেন আমাৰ মুখলৈ চাৱ আই ।
শেৱালি:- [কিছুপৰ মনে মনে থাকি] চাওডাং ককাইহঁত, তোমালোকে এচুলিমানো ভয় নকৰিবাহঁক । ইয়াতে আও মৰণৰে মৰিবলৈ হ’লেও মই আৰু ভৈয়ামত মুখ নেদেখুৱাওঁ । সেইটো সইতে জানিবা । ভৈয়ামত নো কাৰ মুখ চাবলৈ যাম আৰু । [কান্দে]
১ম চাওডাং:- নেকান্দিবি আই নেকান্দিবি । হৰি নাম লৈ থাকিবি আই । প্ৰভু ভগৱন্তই যদি তোক মৰণৰপৰা সৰুৱাইছেই তেৱেঁই তোক সকলো বিঘিনিৰপৰা ৰাখিব আই । যিমান দিনলৈ পৃথিৱীত চাউল কঠা বিধতাই দিছে তাৰপৰা তোক কোনে বঞ্চিত কৰিব আই !
শেৱালি:- [কান্দি] মোকনো কিয় মাৰি নেপেলোৱা । এইদৰে জীয়াই যমৰ যন্ত্ৰণা সহাতকৈ আই… অ’ । মইনো এই নিৰ্জন বনত কেনেকৈ অকলে অকলে থাকিম । আই…অ’ [কান্দে] চাওডাং ককাইহঁত ,মোকনো ইয়াত কেনেকৈ অকলৈ অকলৈ এৰি থৈ যাবাগৈ ? মোৰ কপাল অ’ [কান্দে]
[শেৱালিৰ এনে অৱস্থা দেখি চাওডাং কেইটাৰ মন বৰ বিমৰিষ হয় । আটাই কেইটাই শেৱালিলৈ বৰ কৰুণভাৱে চাই থাকে । আৰু অলপ পৰৰ পাছত তিনিওটাৰ চকুৰে পানী ওলায় । সিহঁতে সাউত কৰে মচি আনফালে চকু ঘূৰায় ।
১ম চাওডাং:- [শেৱালিৰ ওচৰলৈ গৈ গালত হাত ফুৰায়] আই… অ’ কান্দিলে কি হ’বনো এতিয়া । আমিনো কি কৰিম আই । বিধতাৰ নিবন্ধন কোনেনো খন্দাব । যা আই উঠ, সেই জুৰিৰ পানীৰে মুখ ধুই কোমল চাউল কেইটামানকে খা । যা…যা… আই উঠ ।
[এই বুলি শেৱালিক হাতত ধৰি জুৰিৰ ফালে পঠাই দিয়ে । শেৱালিয়েও ফেকুৰি ফেকুৰি যায়গৈ ।]
১ম চাওডাং:- [আন দুটাক] বল ককাইহঁত এতিয়াই আমি যাওঁগৈ । তেহে বেলি পৰে মানে গাঁওখন পামগৈ । তাইৰ মুখখন দেখিলে আকৌ শোক লাগিব । ভালক বুলিয়েই তাইক এৰি গলো,তাই যদি পিছে আমাৰ বধৰ ভাগী হয় সেইটো তাইৰ ধৰ্মই জানে । বল,বল ককাইহঁত, তাই আহি পাইহিহে লাগে ।
[এই বুলি তিনিওটা চাওডাঙে ততাতৈয়াকৈ উঠি টালি-টোপোলা লৈ তাৰপৰা বেগাই গুচি যায়গৈ । অলপ পৰৰ পাছত শেৱালি তালৈ আহি চাৰিওফালে আকুল হৈ চাবলৈ ধৰে । ৰিহাৰ আঁচলেৰে সোপা কৰি মুখত দি কান্দে আৰু সোপাটো মুখেৰে কামুৰিবলৈ ধৰে । তাৰ পাছত এবাৰ ইফালে-সিফালে লৰি গৈ কাকো নেদেখি আতুৰত পৰাৰ দৰে নিধাতু খাই কান্দি কান্দি চিঞৰি চিঞৰি “চাওডাং ককাইহঁত” বুলি চাৰিওফালে পাগলীৰ দৰে লৰি ফুৰিবলৈ ধৰে । (এবাৰ লৰি ৰঙ্গমথৰপৰা ওলাই যায়গৈ ।) দূৰত কান্দোন আৰু চাওডাংক মতা শুনা যায় । এইদৰে মাজে মাজে শেৱালিৰ কান্দোন আৰু চিঞৰ শুনা যায় । দুই মিনিটমান পাছত শেৱালি আকৌ ৰঙ্গমঞ্চত সোমাই বাউলীৰ দৰে “মোক ক’ত এৰি থৈ গলাগৈ “বুলি ভয়ত উচপ খোৱাৰ দৰে হৈ কান্দিবলৈ ধৰে । পাছত উদ্ধাৰৰ একো আশা নেদেখি মাটিত ধাঁচ কৰে পৰি কান্দি থাকে । তাৰ পাছত উঠি বহি হঠাৎ শান্ত হয় ; যেন কিবা এটা শক্তিয়ে তাইক গহীন কৰি পেলালেহি ।]
শেৱালি:- ইয়াকে বোলে কপালৰ লিখন । ক’ৰ শেৱালি ক’ত আছিলো, ক’লৈ আহিলো ।
[কান্দে , কান্দোন এৰি অলপ পৰ মৌন হৈ থাকে ]
ভাবিনো হ’ব কি নেভাবিলেনো
[কিছুপৰ মনে মনে জলকা লাগি থৰ হয়, তাৰ পাছত ৰাগি লগা মানুহৰ দৰে]
আই অ’ কোঁৱৰৰ মুখখন মাজে মাজে মনত পৰি বুকুখন কেনেকৈ চিৰিংকৈ গৈছে । কোঁৱৰলৈ মোৰ ইমান মৰম কিয় ? তুমি নুবুজা নহয় মোৰ তোমালৈ কিমান মৰম মোৰ বুকুৱে নধৰে, মোৰ মনেও ভাবি ভাবি শেষ কৰিবলৈ ভাগৰে । কিমান মৰম ! সূৰযৰ পোহৰবোৰ যেনেকৈ পৃথিৱীলৈ বিয়াকুল হৈ আহি আই বসুমতিক সাবটি ধৰি আছে… মোৰো মৰমবোৰ তোমালৈ সেইদৰে গৈ তোমাক আগুৰি আছেগৈ । তোমাৰ সোণবৰণীয়া মুখত মোৰ মৰমবোৰ জিলমিলাই আছে । মই দেখিছো তোমাৰ কেঁকোৰা চুলিৰ চামে চামে মোৰ মৰমবোৰ লুকাভাকু খেলিছে । তোমাৰ ডিঙিৰ মুকুতামণি কেইটিত কোনে ৰহণ সানিলে । তুমি মোলৈ নীলা আকাশৰ পূৰ্ণিমাৰ জোন,তোমাক মই নাপাওঁ । কিন্তু তোমাৰ মৰমৰ জোনাকত মোক জুৰ ল’বলৈকো নিদিবানে ? বৰ মৰম… তোমালৈ মোৰ বৰ মৰম । সৌৱা, সৌৱা আকাশত নীলা… নীলা নীলাবোৰ যিমান দূৰলৈ গৈ গৈ আছে সিমান... সিমান সিমান !
[কিছুপৰ স্তব্ধ হৈ থাকি]
ক’তা ক’তা মোৰ দেখোন ভয় নলগা হ’ল ? কি হ’ব মৰিলেনো ? ক’তা মৰিবলৈ দেখোন ভয় নালাগে ? খাওক খাওক, মোক বাঘে খায় সাপে খায় খাওক । মৰিম , মৰিম… মৰিলেই শান্তি পাম ।
[শেৱালিয়ে আকাশলৈ চাবলৈ ধৰে । কিছুমান ক’লা ডাৱৰে আকাশ ঢাকি ধৰেহি । শেৱালি ৰৈ আকাশলৈ চাই বুকুৰ মাজত হাত দুটা সুমাই স্তব্ধ । তাৰ পাছত নিজৰ মনতে গাই যায় ।]

গীত :-

বাৰিষাৰে ঘন ঘোৰ
বজালি প্ৰাণত মোৰ
কিনো উদাসীন সুৰ ?
পবন অ’ উৰুৱাই তাক...
নিবিনো কত দূৰ ?
শূইন জীৱন অ’ মোৰ
উটি যাৱ কোনো ফালে
কোন আকুলতে পাবি কূল ?
আকাশ পৱন জোৰা
একেখনি ছবি অ’
কৰি থবি মোৰ এই
জীৱনকে বিয়াকূল ।

[এনেতে “এইজনী কোন অ” !!! বুলি তিনিজনী নাগিনী ছোৱালী ৰুণক, জুনুক আৰু ঠুনুক সেই ঠাইডোখৰলৈ আহি তভক মাৰি ৰয়, আৰু ভয় খোৱা যেন কৰে । তাৰ পাছত আগতকৈ লাহেকৈ ৰুণুকে কয়, “এইজনী কোন অ’ ?” তিনিওজনীয়ে মুখলৈ চোৱা-চুই কৰি আৰু লাহেকৈ জুনুকে কয়, “এইজনী কোন অ’ ?” তাৰ পাছত মুখত আঙুলি দি ঠুনুকে আন দুজনীৰ চকুলৈ চোৱা-চুই কৰি তাতোকৈ লাহেকৈ কয়, “এইজনী কোন অ’?”
শেৱালি:- [সিহঁতৰ ফালে চাই অলপ হাঁহা যেন কৰি]
এইকেইজনী নো কোন ?
[প্ৰত্যেকজনীয়ে ইজনীৰ মুখলৈ সিজনীয়ে চাই নিজৰ গালৈ আঙুলিয়াই ]
১ম জনী:- মই ৰুণুক।
২য় জনী :– মই জুনুক ।
৩য় জনী:- মই ঠুনুক ।
[এই বুলি তাহাঁতে খিলখিলকৈ হাঁহি দিয়ে ]
ৰুণুক:- ভৈয়ামৰ ছোৱালী তই ভয় খাইছনেকি ?
শেৱালি:- নাই খোৱা কেলেই খাম ? তহঁতে মোক দেখি ভয় খোৱা নাই দেখোন ! মই দেও বুলি জনা নাই হ’বলা ?
[আকৌ আটাইকেইজনীয়ে খিল-খিলকৈ হাঁহি দিয়ে ]
ৰুণুক:- ইহ্ ! আমি হ’বলা নেজানো তই কেলেই দেও হবি অ’ ? তই ভৈয়ামৰ ছোৱালীজনীহে তেও । আমি তোক দূৰৰেপৰা সেই ভৈয়ামৰ মানুহৰ সতে অহা চাই আছিলোঁহে তেও । সিহঁতে তোক ইয়াত এৰি থৈ গ’লগৈ নেকি ?
[এইবুলি ক’লত শেৱালিয়ে উচুপি উচুপি কান্দে ]
ৰুণুক:- কিয় কান্দিছ, নেকান্দিবি । তোকনো সিহঁতে কিয় এৰি গ’ল’ ?
শেৱালি:- মোক ঘৰৰ পৰা খেদাই দিছে । [আকৌ কান্দে]
ৰুণুক:- নেকান্দিবি অ’ । দিয়ক বাৰু সিহঁতে খেদাই , তই আমাৰ লগত থাকিবি । আমাৰ বাই-ভনীৰ দৰে থাকিবি । আমি তোক বৰ মৰম কৰিম । আমাৰ লগত থাকিবলৈ অলপো দুখ নেপাৱ । আমাৰ আই বোপায়ে তোক মৰম কৰিব । তোৰ কোনো নাই নেকি অ’ ?
শেৱালি:- ওঁহো ।
ৰুণুক:- আই ঐ দেহি ? পিছে তই আমাৰ লগত থাকিবিনে ?
শেৱালি:- নেথাকি আৰু ক’লৈ যাম ?
ৰুণুক,জুণুক,ঠুনুক:- [নাচি জঁপিয়াই] বৰ ভাল হ’ব, আমি এতিয়া চাৰিজনী হলো ।
[আটাইকেইজনীয়ে শেৱালিক সাৱটি ধৰি চুমা খাই]
ৰুণুক:- পিছে আমি তোক কি বুলি মাতিম ? ওঁ?
শেৱালি:- ওঁ.... মোৰ.... নাম...ৰ.... কওঁ....বাৰু....
ৰুণুক:- ওঁ... ওঁ... মই কওঁ... মই কওঁ... মই কওঁ... দেই । তই হৈছ ভৈয়ামৰ মইনা পখী । মই...না ! অ, মই..না, ম..ইনা ৷ ঠিক ঠিক ঠিক হ’ব । পিছে মইনা ,গীত এটা নোগোৱানে ? আমি তেও তোমাৰ গীত শুনিলোহে ।
শেৱালি:- [হাঁহি] মোৰ যদি শুনিছিলি তহঁতে এটা মোক গাই নুশুনাৱ কিয় ? মই যদি ভৈয়ামৰ পোহনীয়া মইনা তহঁত বনৰ বনৰীয়া মইনা । গাচোন তহঁতৰ এটা বনৰীয়া গীত ।
            [আটাইকেইজনীয়ে খিল-খিলকৈ হাঁহি.. “আমি বোলে বনৰীয়া মইনা “ ।]
ৰুণুক:- বাৰু বাৰু, গাওঁ শুন ।

ৰুণুক জুনুক ঠুনুকে গায়:-

বনৰীয়া আমি বনৰ চৰাই

বনে বনে ফুৰো অনাই বনাই

অনাই বনাই আমি

অনাই বনাই আমি

অনাই বনাই অ’ অনাই বনাই ৷

উ-উ-উ-উ.... উ-উ, উ-উ-উ ।

ভৈয়ামৰ মইনা তই পোহনীয়া পখী

          বনৰীয়া মইনাৰে পতালিহি সখী

ঘৰৰ কথা আমি বনতে পাতি

বনৰ কথা আমি ঘৰতে পাতি

পৰ্ব্বতৰে বননি ফুৰিম বগাই

অনাই বনাই অ’

অনাই বনাই ।