কাশ্মীৰ কুমাৰী
কাশ্মীৰ কুমাৰী
(কাল্পনিক নাটক)
—গ্ৰন্থকাৰ—
স্বৰ্গীয় গনেশ চন্দ্ৰ গগৈ
দ্বিতীয় তাঙৰণ
শাওণ, ১৮৭৪ শক
সংৰক্ষিত |
মুল্য ১ অনা |
যোৰহাট, অসম।
|
পোৱাৰ ঠাই
|
পৰিবেশক
|
প্ৰকাশক-
শ্ৰীতৰুণ গগৈ বি,এ,
যোৰহাট।
যোৰহাটৰ জনমভূমি প্ৰেছত,
শ্ৰী তৰুণ শৰ্মাৰ দ্বাৰা মুদ্ৰিত কৰা হ'ল।
চৰিত্ৰাৱলী
(পুৰুষ)
| বিশ্বসিংহ- | ... | প্ৰাগজ্যোতিষপুৰাধিপতি |
| বিজয়সিংহ- | ... | কাশ্মীৰাধিপতি |
| অনঙ্গ- | ... | বিশ্বসিংহৰ পুত্ৰ |
| প্ৰতাপ সিংহ- | ... | কাশ্মীৰৰ প্ৰধান সেনাপতি |
| অনন্ত- | ... | মন্ত্ৰীপুত্ৰ |
| সূৰ্যসিংহ- | ... | কাশ্মীৰৰ প্ৰধান সেনাপতি |
| চন্দ্ৰহংস- | ... | মন্ত্ৰী |
| বীৰেন্দ্ৰসিংহ- | ... | প্ৰাগজ্যোতিষৰ প্ৰধান সেনাপতি |
| বসন্ত- | ... | অন্যতম |
| ৰত্না- | ... | বিজয় সিংহৰ মাতৃ |
| কমলা- | ... | ভগ্নী |
| বিমলা- | ... | প্ৰভাপসিংহ " |
⸺
১ম অঙ্ক
- ১ম দৃশ্য-ৰত্না, বিজয়সিংহ, মন্ত্ৰী,প্ৰহৰী, প্ৰাগজ্যোতিষৰ দূত
- ২য় দৃশ্য-প্ৰতাপসিংহ অনন্ত, বিমল।
- ৩য় দৃশ্য—কমল, অনন্ত
- ৪ৰ্থ দৃশ্য-অনন্ত, বীৰেন্দ্ৰসিংহ, প্ৰতাপ, কাশ্মীৰসৈন্য
- ৫ম দৃশ্য-ৰত্না, বিজয়, প্ৰহৰী, প্ৰতাপ, অনন্ত, বীৰেন্দ্ৰ, সৈন্য
২য় অঙ্ক
- ১ম দৃশ্য—বিশ্বসিংহ, চন্দ্ৰহিংস, সূৰ্য্যসিংহ, অনঙ্গ
- ২য় দৃশ্য-কমলা, বিজয়, প্ৰতাপ
- ৩য় দৃশ্য-বীৰেন্দ্ৰ, সন্যাসী, অনন্ত
- ৪ৰ্থ দৃশ্য—বিমলা,
- ৫ম দৃশ্য- কমলা, বিমলা,
- ৬ষ্ঠ দৃশ্য-সূৰ্য্যসিংহ, অনঙ্গ, দূত, অনন্ত,
৩য় অঙ্ক
- ১ম দৃশ্য—প্ৰতাপ, বসন্ত, বিজয়, সৈন্য
- ২য় দৃশ্য-সূৰ্য্যসিংহ, বসন্ত, অনন্ত, প্ৰতাপ, বীৰেন্দ্ৰ, অনঙ্গ, সূৰ্য্যসিংহ
- ৩য় দৃশ্য-ৰত্না বিজয়, বিমলা, কমলা, মন্ত্ৰী, দূত, প্ৰতাপ, সূৰ্য্যসিংহ, অনঙ্গ, সৈন্য।
৪ৰ্থ অঙ্ক
- ১ম দৃশ্য -বিশ্বসিংহ, চন্দ্ৰসিংহ, অনন্ত, সুৰ্য্য, অনঙ্গ, প্ৰহৰী,
- ২য় দৃশ্য – কমলা, বিমলা, প্ৰতাপ, বিজয়,
- ৩য় দৃশ্য- সন্যাসী,
- ৪ৰ্থ দৃশ্য - বিজয়, মন্ত্ৰী, প্ৰতাপ, প্ৰহৰী, অনঙ্গ,
- ৫ম দৃশ্য – মন্ত্ৰী, বীৰেন্দ্ৰ,
- ৬ষ্ঠ দৃশ্য- সন্যাসী
- ৭ম দৃশ্য-অনঙ্গ, সূৰ্য্য, প্ৰতাপ, বীৰেন্দ্ৰ, বিজয়, অনঙ্গ, সৈন্য।
-সামৰণি দৃশ্য-
- বিজয়, অনন্ত, ঘাটক, বিমলা, অনঙ্গ, কমলা, প্ৰহৰী, লিগিৰী।
প্ৰথম অঙ্ক।
১ম দৃশ্য—কাশ্মীৰ ৰাজপ্ৰসাদ কক্ষ
( বিজয়সিংহ আৰু ৰত্না কথা পাতি সোমাই আহে )
বিজয় – আই, সেই বিষয়ে ময়ো নিশ্চিন্ত হৈ থকা নাই ভাৰতৰ ইমূৰৰ পৰা
সিমূৰলৈকে দূত পঠাই কমলাৰ যোগ্য-বৰ বিচাৰিলোঁ। কিন্তু তাইৰ উপযুক্ত
পাত্ৰ আজিও নেপালো।
ৰত্না—কিয়, প্ৰাগজ্যোতিষৰ যুবৰাজ?
বিজয়—প্ৰাগজ্যোতিষৰ যুবৰাজ একমাত্ৰ কমলাৰ উপযুক্ত সঁচা;কিন্তু আই,পিতৃশত্ৰুৰ
হাতত কমলাক অৰ্পণ কৰা অসন্তৱ।
ৰত্না—তেন্তে উপায় কি হ’ব বিজয়?
বিজয় – কাশ্মীৰ কুমাৰী কমলাৰ কাৰণে ভাৰতবৰ্ষত পাত্ৰশূন্য এই কলঙ্কই
কাশ্মীৰক স্পৰ্শ নকৰে, কৰিব ভাৰতবৰ্ষক! সেইবুলি নিচেষ্ট হৈ নেথাকো
আই, যিমান সোনকালে পাৰো ইয়াৰ এটা উপায় কৰিম।
[ প্ৰহৰীৰ প্ৰবেশ ]
প্ৰহৰী—প্ৰাগজ্যোতিষৰ, দূত মহাৰাজৰ দৰ্শন প্ৰাৰ্থী।
বিজয়—প্ৰাগজ্যোতিষৰ দূত! আই—
ৰত্না—ইয়ালৈকে মাত, মই যাওঁ। [ ৰত্নাৰ প্ৰস্থান ]
বিজয়--আহিবলৈ ক। [ প্ৰহৰীৰ প্ৰস্থান ] প্ৰাগজ্যোতিষৰ দূত কাশ্মীৰত কিয়?
[ ভাবে ]
[ দূত আৰু প্ৰহৰীৰ প্ৰবেশ। দূতে অভিবাদন জনাই ৰৈ থাকে। বিজয়ে
প্ৰহৰীক যাবলৈ ইঙ্গিত দিয়ে। [ প্ৰহৰীৰ প্ৰস্থান ]
বিজয়—তুমি আহিছা প্ৰাগজ্যোতিষৰ পৰা?
দূত-হৈছে মহাৰাজ।
বিজয়-প্ৰয়োজন?
[ দূতে একো নেমাতি এখন চিঠি উলিয়াই আগবঢ়াই দিয়ে।]
বিজয়-[ চিঠি পঢ়ি ] প্ৰহৰী। [ প্ৰহৰীৰ প্ৰবেশ] এওঁক বিশ্ৰামাগাৰলৈ লৈ যা। [
দূত আৰু প্ৰহৰীৰ প্ৰস্থান ] আই, আই—[ ৰত্নাৰ প্ৰবেশ ] বিশ্ব সিংহই
অনঙ্গৰ কাৰণে কমলাৰ পাণি প্ৰাৰ্থনা কৰি পত্ৰ লিখিছে; আৰু অসন্মত
হলে কাশ্মীৰ আক্ৰমণ কৰিম বুলিও ভয় দেখুৱাছে।
ৰত্না-ক’ৰ বিশ্বসিংহ?
বিজয়—প্ৰাগজোতিষপুৰৰ অধীশ্বৰ।
ৰত্না—কি উত্তৰ দিলি?
বিজয়-নাই দিয়া, দিম।
ৰত্না-কি বুলি দিবি? বিজয়-প্ৰাৰ্থনা পূৰ্ণ কৰিব নোৱাৰিম বুলি।
ৰত্না— বিজয়, বিশ্বসিংহই যেতিয়া মিত্ৰতা বিচাৰিছে, আমি শত্ৰুতাচৰণ কৰিবলৈ
যোৱা অন্যায় হ'ব।
বিজয়- ই মিত্ৰতা নহয় আই, ই পৰীক্ষা। প্ৰাগজ্যোতিষপুৰে আজি কমলাক বিচৰা
নাই, বিচাৰিছে কাশ্মীৰৰ গৌৰৱ ক্ষুন্ন কৰিবলৈ। কাশ্মীৰ কুমাৰীৰ বাবে
অনঙ্গ উন্মত্ত নহয়, উন্মত্ত কাশ্মীৰৰ ৰত্নৰাজীৰ কাৰণে।
ৰত্না— মোৰ বিশ্বাস নহয় বিজয়।
বিজয়- [ অন্যমনস্ক হৈ ] প্ৰহৰী। [ প্ৰহৰীৰ প্ৰবেশ ]। মন্ত্ৰীক মাতি আন।
[ প্ৰহৰীৰ প্ৰস্থান ]
ৰত্না- মোৰ বোধেৰে তই ভুল বুজিছ বিজয়।
বিজয়— যদি ভুল বুজিছোঁ সংশোধনৰ উপায় আছে কিন্তু আই, যদি বুজি ভুল
কৰো, কাশ্মীৰৰ অধঃপতন অৱশ্যম্ভাবী!
[ মন্ত্ৰীৰ প্ৰবেশ; বিজয়ে চিঠি দিয়ে ]
মন্ত্ৰী— [ চিঠি পঢ়ি ] মহাৰাজ, পত্ৰৰ প্ৰত্যেক বৰ্ণতে অভিসন্ধি লুকাই আছে।
ৰত্না- অভিসন্ধি!
মন্ত্ৰী- হয় আই অভিসন্ধি। বিশ্বসিংহই, যুদ্ধৰ সুযোগ বিচাৰি প্ৰত্যাখান কৰিব বুলি
জানি শুনিও, এই প্ৰস্তাব মহাৰাজলৈ পঠাইছে!
ৰত্না- সেয়ে যদি সঁচা হয়, জন্মভূমিৰ কাৰণে স্বাধীনতাৰ কাৰণে কাশ্মীৰী কাপুৰুষ হৈ বহি নেথাকে মন্ত্ৰী,কাশ্মীৰীয়েও যুদ্ধ কৰিব।
[ ৰত্নাৰ প্ৰস্থান ]
মন্ত্ৰী -সহস্ৰবাৰ কৰিব আই।
বিজয়- [ ভাবি ] মন্ত্ৰী।
মন্ত্ৰী- মহাৰাজ।
বিজয়- যদিও পিতাৰ মৃত্যুৰ পিচৰ পৰাই সদাই এই সন্দেহ কৰি আহিছিলোঁ, এনে
হীন উপায় অৱলম্বন কৰি বিশ্বসিংহই যুদ্ধৰ সুযোগ ল'ব বুলি
নেভাবিছিলোঁ।
মন্ত্ৰী- বিশ্বসিংহ ৰজাৰ অযোগ্য মহাৰাজ। শুনিছোঁ তেওঁ ৰাজশক্তিৰ অপব্যৱহাৰ
কৰি প্ৰাগজ্যোতিষত অশান্তি আনিছে।
বিজয়-কিন্তু সেই প্ৰাগজ্যোতিষৰ মহিমাময় মন্দিৰত মহাপ্ৰভু যোগেশ্বৰৰ আজিও
যোগনিদ্ৰা; সেই প্ৰাগজ্যোতিষতে পুণ্যতনু বশিষ্ঠৰ পুণ্যাশ্ৰমত শান্তিদায়িনী
গিৰিনন্দিনী সন্ধ্যা ললিতা কান্তা আজিও প্ৰবাহিতা , সেই প্ৰাগজ্যোতিষতে
নীলাচল বাসিনী আই ভবানী কামাখ্যা গোসানী আজিও জাগৃতা।
মন্ত্ৰী-[ সভয়ে ] তেন্তে মহাৰাজ।
বিজয়- ভয় নাই মন্ত্ৰী, বশিষ্ঠাশ্ৰম প্ৰাগজ্যোতিষৰে আশ্ৰম নহয়, জগতৰো আশ্ৰম;
মহাপ্ৰভু যোগেশ্বৰ বিশ্বসিংহৰে পিতা নহয়, বিশ্বৰো পিতা; আৰু আই
কামাখ্যা অকল কামৰূপৰে মাতা নহয়, কাশ্মীৰৰো মাতা। [ প্ৰস্থান]
⸻
২য় দৃশ্য-প্ৰতাপসিংহৰ কক্ষ
[প্ৰতাপৰ প্ৰবেশ; পৰিচ্ছদ আৰু তৰোৱাল খোলাৰ লগে লগে]
প্ৰতাপ- [ নিজে নিজে ] আকৌ যুদ্ধ! সিদিনা মাত্ৰ কাশ্মীৰৰ সীমান্তত বিদ্ৰোহ
দমন কৰি উভতি আহিছোঁ, আজি আকৌ কাশ্মীৰ ৰক্ষাৰ কাৰণে প্ৰস্তুত
হ’ব লগাত পৰিল! কাশ্মীৰে কাৰো স্বাধীনতা অপহৰণ কৰিবলৈ যোৱা
নাই, কোনো ৰাজ্য লুণ্ঠন কৰিবলৈ যোৱা নাই, তথাপি কাশ্মীৰৰ ওপৰত
তহঁতৰ ইমন আক্ৰোশ কিয়? এটা শান্তি-প্ৰিয় জাতি ভাৰতৰ এচুকত সৰল
ভাৱে বসতি কৰি আছে, আৰু তাক গ্ৰাস কৰিবলৈ ভাৰতৰ সিচুকত থকা
প্ৰাগজ্যোতিষত আয়োজন চলিছে ধন্য ভাৰতবৰ্ষ!
নেপথ্যত অনন্ত-প্ৰতাপ,প্ৰতাপ-
প্ৰতাপ- কোন? [ অনন্তৰ প্ৰবেশ ] অ’ অনন্ত, আহাঁ।
অনন্ত- মই এটা কথা সোধো বুলি আহিলোঁ। [ বহে ]
প্ৰতাপ- কি কথা অনন্ত?
অনন্ত-বোলে ৰক্তপাতৰ যো-জা চলিছে, সঁচানে?
প্ৰতাপ- সম্ভৱ সঁচা। আজি মহাৰাজে সৈন্যশিবিৰ পৰিদৰ্শন কৰি মোক যুদ্ধৰ
কাৰণে সাজু হ’বলৈ কৈছে।
অনন্ত- যুদ্ধ হ’ব কাৰ লগত? প্ৰতাপ— প্ৰাগজ্যোতিষপুৰৰ ৰজা বিশ্বসিংহৰ লগত।
অনন্ত- কাশ্মীৰীয়ে ইমান দূৰ গৈ প্ৰাগজ্যোতিষত যুদ্ধ কৰিব?
প্ৰতাপ- দূৰেই হওক বা ওচৰেই হওক, কাশ্মীৰীয়ে কোনো দিন কাৰো ৰাজ্যত
হস্তক্ষেপ কৰিবলৈ যোৱা নাই; আহিব ৰাজ্যলোভী বিশ্বসিংহৰ সৈন্য
কাশ্মীৰ আক্ৰমণ কৰিবলৈ।
অনন্ত- যুদ্ধৰ কাৰণ কি প্ৰতাপ?
প্ৰতাপ- কামৰূপৰ মহাৰাজে পুত্ৰ অনঙ্গৰ কাৰণে কমলাৰ
পত্নিত্ব দাবি কৰিছিলে, মহাৰাজ তাত সন্মত নহল;এয়ে যুদ্ধৰ কাৰণ।
অনন্ত- মহাৰাজে এইটো বৰ ভাল কাম নকৰিলে।
প্ৰতাপ- কোনটো অনন্ত।
অনন্ত— কমলাক দিবলৈ অস্বীকাৰ কৰাটো।
প্ৰতাপ- কিয় স্বীকাৰ কৰিব? বিদৰ্ভৰ ৰাজসভাত স্বৰ্গ গত অজয়সিংহৰ অপমান
মহাৰাজে পাহৰা নাই। পিতৃ অপমানকাৰী বিশ্বসিংহৰ পুত্ৰ অনঙ্গৰ হাতত
কমলাক অৰ্পণ নকৰি মহাৰাজে উচিত কাম কৰিছে।
অনন্ত- কিন্তু ইফালে যে কাশ্মীৰ ধ্বংস হ’ব।
প্ৰতাপ- কিয়?
অনন্ত- বিশ্বসিংহৰ অজেয় বাহিনীৰ সন্মুখত এমুঠি কাশ্মীৰী সৈন্য কিমান পৰ
তিষ্ঠিব?
প্ৰতাপ- [ অলপ খং উঠি। জন্মভূমি কাশ্মীৰৰ 'শুভাকাঙ্খী যুবক, বিশ্বসিংহৰ
অজেয়-বাহিনীৰ সন্মুখত এমুঠি কাশ্মীৰী সৈন্য কিমান পৰ তিষ্ঠিব, সেইটো জানে কাশ্মীৰৰ অধিপতিয়ে আৰু জানে
কাশ্মীৰৰ প্ৰধান সেনাপতিয়ে।
অনন্ত—তুমি দুৰাকাঙ্খী! বিশ্বসিংহৰ দুৰ্জ্জয় বাহিনী তুমি জয় কৰিব নোৱাৰা।
কাশ্মীৰৰ পৰাজয় অনিবাৰ্য্য।
প্ৰতাপ—-কাশ্মীৰৰ যদি পৰাজয় অনিবাৰ্য্য তাৰ কাৰণেও কাশ্মীৰ প্ৰস্তুত। সেই বুলি,
কাশ্মীৰৰ দেবী প্ৰতিমা প্ৰাগজ্যোতিষত বিসৰ্জ্জন দিবলৈ, কাশ্মীৰৰ আত্ম-
সন্মান বিশ্বসিংহক বিক্ৰী কৰিবলৈ কাশ্মীৰৰ ৰাজশক্তি প্ৰস্তুত নহয়।
অনন্ত-সেই বুলি প্ৰজাশক্তি ক্ষয় কৰিবলৈ ৰাজশক্তিৰ কোনো অধিকাৰ নাই
সেনাপতি।
প্ৰতাপ-অনন্ত, তুমি অসংযত ভাবে কথা কৈছা। মহাৰাজে নিজৰ কৰ্ত্তব্য বুজে।
অনন্ত-সিমানখিনি কৰ্ত্তব্য জ্ঞান থকা হলে, মহাৰাজে কৰপুতে কমলাক অনঙ্গৰ
হাতত সোধাই দি বিশ্বসিংহৰ অধীনতা স্বীকাৰ কৰিলেহেতেন।
প্ৰতাপ-[ খঙেৰে ] তুমি দেশদ্ৰোহী!
অনন্ত-তোমাৰ ভ্ৰূকুটিলৈ মই ভ্ৰুক্ষেপ নকৰোঁ প্ৰতাপসিংহ।
প্ৰতাপ-ইচ্ছা কৰিলে এই মুহুৰ্ত্ততে তোমাক শৃঙ্খলাবদ্ধ কৰি তোমাৰ উশৃঙ্খল প্ৰবৃত্তিৰ
যথেষ্ট পুৰষ্কাৰ দিব পাৰোঁ।
অনন্ত-সেনাপতি, জানা মই কোন?
প্ৰতাপ-জানো, তুমি ৰাজমন্ত্ৰীৰ অযোগ্য পুত্ৰ আৰু কাশ্মীৰৰ কলঙ্ক! কক্ষত্যাগ
কৰাঁ। অনন্ত-বেচ যাওঁ, কিন্তু যোৱাৰ আগতে কৈ যাওঁ প্ৰতাপসিংহ অনন্তই এই অপমান
সহ্য নকৰে। [ আঙুলি টোৱাই ] মনত থাকে যেন। [ প্ৰস্থান ]
[ প্ৰতাপে অনন্ত যোৱাৰ ফালে খঙেৰে চাই থাকে; আৰু বিপৰীত ফালৰ পৰা
আহি বিমলাই মাত দিয়ে]
বিমলা—দাদা।
প্ৰতাপ-[ ঘূৰি ] কি বিমলা?
বিমলা--তোমালোকক পাইছে কিহে?
প্ৰতাপ—কি হল?
বিমলা—মই ভিতৰৰ পৰা তোমালোকৰ সকলো কথা-বতৰা শুনি আছিলোঁ। মন্ত্ৰীপুত্ৰৰ
লগত কেলৈ বিবাদ কৰিলা? বন্ধুৰ লগত বন্ধুৱে বিবাদ কৰা জানো ভাল
দাদা?
প্ৰতাপ-বিমলা, বন্ধুৰ লগত বন্ধুৰ বিবাদ অশোভন সঁচা। সেই বুলি বন্ধুত্বৰ
কাৰণে, নিৰ্দোষীক দোষী আৰু দোষীক নিৰ্দ্দোষী কৰিব নোৱাৰি।
বিমলা—সেই বুলিয়েই ইমান দিনৰ বন্ধু একে দিনাই বিচ্ছেদ কৰিলা।
প্ৰতাপ-বিমলা, বন্ধুত্বৰ কাৰণে, মোৰ মাতৃভূমি মোৰ কাম্য ভূমি কাশ্মীৰৰ
অশুভকাঙ্খীক প্ৰশয় দিব নোৱাৰো। যি বন্ধুৱে নিজ শক্তিৰ ওপৰত আস্থা
হেৰুৱায়, যি বন্ধুৱে মোৰ সোণৰ কাশ্মীৰৰ মান মৰ্য্যদা বুজি নেপায়,
সেই বন্ধু বন্ধু নহয় , বিমলা শত্ৰু। মোৰ শত্ৰু, স্বদেশৰ শত্ৰু, স্বজাতিৰ শত্ৰু। বিমলা, “জননী জন্মভূমিশ্চ স্বৰ্গাদপি গৰীয়সী ”,আৰ্য্য মনস্বীৰ প্ৰলাপ
নহয়। ই হিমাদ্ৰীৰ হিমানীমালাৰ দৰে শুভ্ৰ, ভাগিৰথীৰ বাৰিধাৰাৰ দৰে স্বচ্ছ,
অভ্ৰভেদী গগণৰ ধ্ৰুব তৰাৰ দৰে সত্য। সেই মহাসত্যৰ মৰ্য্যদা ৰক্ষাৰ কাৰণে
এক অনন্ত কিয়, কাশ্মীৰৰ লক্ষ লক্ষ অনন্তৰ বন্ধুত্ব বিসৰ্জ্জন দিবলৈকো
মই প্ৰস্তুত।
বিমলা—জন্মভূমি ইমান মহিমাময়ী!
প্ৰতাপ- মহিমাময়ী, কৰুণাময়ী, প্ৰেমময়ী,
( প্ৰস্থান)
⸻
৩য় দূশ্য—কমলাৰ কক্ষ।
( সন্ধ্যাৰ পাচত কমলাই বহি বীনা বজাই গীত গাই থাকে। সন্মুখত
এখন ডাঙৰ দাপোণ; কক্ষত এটা ক্ষীণ আলোকৰ চাকি। দাপোণত মুখ
চাই চাই কমলাই গীত গাই থাকে)।
-গীত-
সন্ধ্যাৰাণী সন্ধ্যাৰাণী,
(তোমাৰ) (অৰুণিমা বৰণৰ আচল খনি।
ডাৱৰে ডাৱৰে তুমি বুলোৱা চৰণ,
যমুনা জলত দিয়া কণক বৰণ;
গছে পাতে বনে বনে আহা তুমি মনে মনে
সোণোৱালী ৰাগ ভৰা তুলিকা তানি।
ছায়া কায়া অলোকৰ মাধুৰি মিলাই
গোপনে হিয়াত দিয়া কবিতা জগাই,
তুমি আহি মনে মনে কোৱা ৰাণী কাণে কাণে
সপোনৰ গীতিকাৰ নিমাতী বাণী॥
[ গীতৰ মাজতে অনন্তৰ প্ৰবেশ। আলোক ক্ষীণ হলেও দাপোণত অনন্তৰ
অস্পষ্ট প্ৰতিবিম্ব পৰে।]
কমলা—কোন? [ অনন্ত নিমাত।] কোন? [ উঠি আহি চাকিৰ শলিতা বঢ়াই দিয়ে।
কক্ষ উজ্জ্বল আলোকিত হয়। আচৰিত হৈ] মন্ত্ৰীপুত্ৰ, ইয়াত কিয়? অনন্ত- ৰাজকুমাৰী
কমলা- কোনে আপোনাক অধিকাৰ দিছিল এনেদৰে এই সময়ত মোৰ কক্ষত
প্ৰবেশ কৰিবলৈ?
অনন্ত- অধিকাৰ কোনেও দিয়া নাই। অন্ধৰ দৰে আহিছোঁ। আলোকৰ আশাত,
এফেৰি শান্তি পাওঁ বুলি।
কমলা- বুজিছোঁ; কিন্তু আপোনাৰ অভদ্ৰ আচৰণ অশোভনীয়
অনন্ত— অভদ্ৰ আচৰণে মোক কলুষিত কৰিব নোৱাৰে ৰাজকুমাৰী,যদি তুমি মোৰ
প্ৰণয়ৰ অৰ্ঘ্য গ্ৰহণ কৰিব পাৰা।
কমলা-[ খঙেৰে ] কিহৰ অৰ্ঘ্য?
অনন্ত— প্ৰণয়ৰ অৰ্ঘ্য।
কমলা— মন্ত্ৰীপুত্ৰ, কাশ্মীৰৰ ৰাজকুমাৰীয়ে তোমাৰ প্ৰণয়ৰ অৰ্ঘ্য গ্ৰহণ নকৰে। গ্ৰহণ
কৰিলে কৰিব পাৰে, কাশ্মীৰৰ কোনো ভিক্ষাৰিণীয়ে।
অনন্ত- অভিমান নকৰিবাঁ কমলা। [ কাষ চাপি যায় ]
কমলা-আত্ম-সন্মান হীন উন্মাদ, আতৰ হোৱাঁ। [অনন্ত আঁতৰে]
অনন্ত- ৰাজকন্যা, ই প্ৰণয় উপেক্ষা নে পৰীক্ষা?
কমলা- ৰাজকন্যাই উন্মাদৰ কথাত উত্তৰ নিদিয়ে। দূৰ হোৱাঁ।
[ আনফালে গুচি যায়।]
অনন্ত- [ স্বগতঃ ] সপোনৰ মাধৈ মালতী মৰহি গ’ল। প্ৰেমৰ প্ৰদীপ নিৰ্বাপিত
হ’ল বাৰু। [ প্ৰস্থান ]
⸻
৪ৰ্থ দৃশ্য-নৈৰ পাৰ।
(অনন্তৰ প্ৰবেশ)
অনন্ত- [ নিজে নিজে ] প্ৰতিশোধ লম! প্ৰতিশোধ ল’ম!প্ৰতাপসিংহৰ ওপৰত
প্ৰতিশোধ ল’ম। বিজয়সিংহৰ ওপৰত প্ৰতিশোধ ল’ম। সৈন্য উত্তেজিত
কৰিম, প্ৰজা বিদ্ৰোহী কৰিম। সামান্য এটা সেনাপতিয়ে মোক অপমান
কৰিছে,সামান্য এজনী ছোৱালীৰ কাৰণে কাশ্মীৰ ধ্বংস কৰিব খুজিছে,
আৰু মই কাশ্মীৰৰ মন্ত্ৰীপুত্ৰ ভাবী মন্ত্ৰী হৈ এই স্বেচ্ছাচাৰিতা চাই থাকিম?
প্ৰতাপসিংহ, তই ভাবিছ কাশ্মীৰত যুদ্ধ-তৰঙ্গ তুলিম, আৰু বিজয়সিংহ,
তুমি ভাবিছা কমলাৰ কাৰণে লক্ষ লক্ষ নিৰীহ প্ৰজা নৰমেধ যজ্ঞত আহুতি
দিম! সি নহৈছে; অ’ হ'লহেতেন যদি কমলাই মোক ভাল পালেহেতেন।
কিমান দিন কিমান চেষ্টা, কিমান অনুনয় বিনয় কৰিলো, তেওঁ তাইৰ
চকুত এটি চেনেহ চাৱনি নেদেখিলো, এষাৰি মৰমৰ মাত নেপালো। ইমান
অভিমানিনী তাই! তাইৰ ওপৰতো প্ৰতিশোধ ল’ম! অনন্তক অবজ্ঞা কৰাৰ
যোগ্য পুৰস্কাৰ দিম।
[ বীৰেন্দ্ৰসিংহৰ প্ৰবেশ ]
বীৰেন্দ্ৰ- আপুনি বোলে মোক এবাৰ লগ পাব খুজিছিলে?
অনন্ত- তোমাক লগ পাবলৈ বুলিয়েই ইয়াত ৰৈ আছোহি :অলপ কথা আছে। বীৰেন্দ্ৰ—কওক কি কথা!
অনন্ত-[ ভাবি ] প্ৰাগজ্যোতিষৰ পৰা কিমান সৈন্য আহিব কিবা খবৰ পোৱানে?
বীৰেন্দ্ৰ— একো খবৰ নেপাওঁ।
অনন্ত অনস্ত—মই শুনিছো বিশ্বসিংহৰ পোন্ধৰ লক্ষ সৈন্য আহিব।
বীৰেন্দ্ৰ—[ আচৰিত হৈ ] পোন্ধৰ লক্ষ আহিব।
অনন্ত—ওঁ।
বীৰেন্দ্ৰ-আমাৰ যে মুঠ সৈন্য ন লক্ষ মাত্ৰ।
অনন্ত-মই কি কৰিম?
বীৰেন্দ্ৰ-আপোনাক এই সংবাদ দিলে কোনে?
অনন্ত- যেয়ে দিয়ক বিশ্বাসযোগ্য নোহোৱা হ'লে মই তোমাক নকলোহেতেন।
বীৰেন্দ্ৰ বীৰেদ্ৰ- মহাৰাজে এই কথা গম পায়নে?
অনন্ত-মহাৰাজ আৰু প্ৰধান সেনাপতি দুয়ো গম পায়।
বীৰেন্দ্ৰ-মোক কিন্তু এই কথা জানিবলৈ দিয়া নাই।
অনন্ত—তুমি সেনাপতিৰ সহকাৰী মাত্ৰ। তোমাক এই সংবাদ দিয়াটো তেওঁলোকে
আৱশ্যক বুলি নেভাবেই। অথচ তুমিয়েই ছাৰে ছয় লক্ষতকৈও অধিক
কাশ্মীৰী সৈন্য আজি সাত বছৰে অজস্ৰ কষ্ট স্বীকাৰ কৰি গঢ়ি তুলিছা।
বীৰেন্দ্ৰ-মহাৰাজ আৰু সেনাপতিৰ উদ্দেশ্য কি?
অনন্ত-উদ্দেশ্য মহৎ।
বীৰেন্দ্ৰ- মই একো বুজিব পৰা নাই। অনন্ত-চলুৱে চলুৱে বুকৰ তেজ দি গঢ়া সৈন্যবাহিনী নিৰ্ম্মুল
আৰু তাৰ লগে লগে তোমাৰ নিধনেই তেওঁলোকৰ উদ্দেশ্য।
বীৰেন্দ্ৰ--আপুনি কৈছে কি?
অনন্ত-মুৰ্খ! তোমাৰ এক ইঙ্গিতত ছাৰে ছয় লক্ষ কাশ্মীৰী
সৈন্যই প্ৰয়োজন হ'লে, ৰজা আৰু প্ৰধান সেনাপতিৰ বিৰুদ্ধে
থিয় হ'ব বুলি তেওঁলোকে জানে। সেই কাৰণেই তোমাৰ
শক্তি হ্ৰাস কৰিবলৈ আৰু পাৰিলে তোমাকে চিৰ-বিদায়
দিবলৈ এই যুদ্ধৰ আয়োজন। বীৰেন্দ্ৰ, প্ৰাগজ্যোতিষৰ
পোন্ধৰ লক্ষ প্ৰতাপী সৈন্যৰ লগত প্ৰতাপসিংহই নিজে
যুদ্ধ কৰি প্ৰাণ নিদিয়ে। দিব লাগিব সহকাৰী সেনাপতিয়ে
অৰ্থাৎ তুমি, অৰু তোমাৰ ছাৰে ছয় লক্ষ কাশ্মীৰী ভায়ে।
বীৰেন্দ্ৰ- মই ইয়াৰ প্ৰতিবাদ কৰিম।
অনন্ত- কিহৰ প্ৰতিবাদ কৰিবা! তুমি আজ্ঞাবাহী ভৃত্য
প্ৰভুৰ আদেশ শিৰোধাৰ্য্য কৰাই তোমাৰ ধৰ্ম্ম।
বীৰেন্দ্ৰ-মই আদেশ পালন নকৰোঁ। বিদ্ৰোহ কৰিম!
অনন্ত-বীৰেন্দ্ৰসিংহ, তোমাৰ হৃদয়ত সিমান সাহ থকা হ'লে
তুমি আজি সহকাৰী সৈন্যাধ্যক্ষ হৈ অকালতে মৃত্যুদণ্ড
ভোগ কৰিব নেলাগিলেহেতেন।
বীৰেন্দ্ৰ-মৃত্যুদণ্ড!
অনন্ত-হয়, মৃত্যুদণ্ড! প্ৰাগজ্যোতিষৰ লগত কাশ্মীৰৰ যুদ্ধ।
মানে, তোমাৰ মৃত্যুদণ্ড।
বীৰেন্দ্ৰ -[ অধৈৰ্য হৈ ] কাশ্মীৰত এনে কোনো শক্তি নাই, যি শক্তিয়ে বীৰেন্দ্ৰসিংহক মৃত্যুদণ্ড দিব পাৰে। মই এই মূহুৰ্ততে মোৰ
সেনা লৈ বিজয়সিংহক বন্দী কৰিম।
[ প্ৰস্থানোদ্যত। তিনটা সৈন্য লৈ প্ৰতাপসিংহৰ প্ৰবেশ।]
প্ৰতাপ—সেই শুভ মূহুৰ্ত্তৰ আগতে প্ৰতাপসিংহই বীৰেন্দ্ৰ সিংহক বন্দী কৰিব। [
সৈন্যক ] বন্দী কৰ! [ সৈন্যই বীৰেন্দ্ৰক বন্দী কৰে।-অনন্তক ] আৰু
তুমি কাশ্মীৰৰ প্ৰজা হৈ, ৰাজশক্তিৰ বিৰুদ্ধে সৈন্যাধ্যক্ষক উত্তেজিত
কৰিছা। [ সৈন্যক] বন্দী কৰ। [ এটা সৈন্য আগবাঢ়ে ]
অনন্ত— [সৈন্যক] সাৱধান! [ সৈন্য থমকি ৰয় ] প্ৰতাপসিংহ মই ৰাজভৃত্য নহওঁ।
মই মন্ত্ৰীৰ জেষ্ঠ পুত্ৰ, কাশ্মীৰৰ স্বাধীন যুবক। তোমাৰ সৈন্যই মোক বন্দী
কৰিব নোৱাৰে।
প্ৰতাপ—তোমাৰ নিচিনা শত সহস্ৰ বিদ্ৰোহী মন্ত্ৰীপুত্ৰক প্ৰতাপসিংহৰ সৈন্যই বন্দী
কৰিব পাৰে। [ খঙেৰে ] বন্দী কৰ। [ দুটা সৈন্যই অনন্তক বন্দী কৰে;
গম্ভীৰস্বৰে ] অনন্ত আৰু বীৰেন্দ্ৰসিংহ, তোমালোকে জনা উচিত কাশ্মীৰ
অৰাজক নহয়; মহাৰাজ বিজয়সিংহৰ ন্যায়-দণ্ডৰ তলত কাশ্মীৰ 'ৰাজ্য
সু-প্ৰতিষ্ঠিত।
[ সৈন্যক ইঙ্গিত দি প্ৰস্থান। সৈন্যই অনন্ত আৰু বীৰেন্দ্ৰসিংহক লৈ প্ৰস্থান
কৰে ]
⸻
৫ম দৃশ্য--বিজয়সিংহৰ কক্ষ।
( বিজয়সিংহই শয্যাত অৰ্দ্ধশায়িত হৈ এখন পুথি পঢ়ি থাকে। ব্যস্ত হৈ
ৰত্নাৰ প্ৰবেশ)
ৰত্না—বিজয়, বিজয়,
বিজয়—আই,
ৰত্না-অনন্ত আৰু বীৰেন্দ্ৰসিংহক বন্দী কৰিছে?
বিজয়-অনন্ত আৰু বীৰেন্দ্ৰসিংহক। বন্দী কৰিছে? কোনে?
[কথাৰ লগে লগে শয্যা ত্যাগ কৰে ]
ৰত্না—সেনাপতি প্ৰতাপসিংহই।
বিজয়-সেনাপতি প্ৰতাপসিংহই? কিয়?
ৰত্না—কিয় বন্দী কৰিছে নেজানো।
বিজয় -প্ৰহৰী। [ প্ৰহৰীৰ প্ৰবেশ। মন্ত্ৰীক মাত, এতিয়াই। [ প্ৰহৰীৰ প্ৰস্থান ] আই,
মই একো ধৰিব পৰা নাই।
ৰত্না-ময়ো একো বুজিব পৰা নাই।
বিজয়-অনন্ত প্ৰতাপৰ বন্ধু আৰু বীৰেন্দ্ৰসিংহ তেওঁৰ সহকাৰী। অথচ, প্ৰতাপৰ
হাতত অনন্ত আৰু বীৰেন্দ্ৰ বন্দী! তুমি ক’ৰ পৰা শুনিলা আই? [ মন্ত্ৰীৰ
প্ৰবেশ ] মন্ত্ৰীবৰ, অনন্ত আৰু বীৰেন্দ্ৰসিংহ বোলে বন্দী?
মন্ত্ৰী —হয় মহাৰাজ, সেনাপতিয়ে বন্দী কৰিছে।
বিজয় - কি অপৰাধত? মন্ত্ৰী-- ৰাজদ্ৰোহ অপৰাধত।
ৰত্না— বীৰেন্দ্ৰসিংহ ৰাজদ্ৰোহী।
মন্ত্ৰী— অকল বীৰেন্দ্ৰই নহয় আই অনন্তও।
বিজয়- আপোনাৰ পুত্ৰ অনন্ত! [ মন্ত্ৰী তলমূৰ কৰি নিমাত ] মন্ত্ৰী, অনন্ত আৰু
বীৰেন্দ্ৰ ৰাজদ্ৰোহী বুলি মোৰ বিশ্বাস নহয়।
মন্ত্ৰী- বিশ্বাসযোগ্য কাৰণ নেথাকিলে ৰাজভক্ত প্ৰতাপসিংহই সিহঁতক বন্দী নকৰে
মহাৰাজ।
বিজয়- মই এতিয়াই ইয়াৰ বিচাৰ কৰিম।কোন আছ? [ প্ৰহৰীৰ প্ৰবেশ ] বন্দী
বীৰেন্দ্ৰ আৰু অনন্ত ক’ত?
প্ৰহৰী- বন্দীশালত মহাৰাজ। সেনাপতি দুৱাৰত অপেক্ষা কৰিছে।
বিজয়— আহিবলৈ ক। [ প্ৰহৰীৰ প্ৰস্থান]
[ ক্ষন্তেক নিস্তব্ধ। প্ৰতাপসিংহ আহি ৰজাক অভিবাদন কৰে ]
বিজয় – সেনাপতি, তোমাৰ বক্তব্য শুনাৰ আগতে বন্দী বীৰেন্দ্ৰসিংহ আৰু অনন্তক
ইয়ালৈ লৈ আহাঁ।
[ মূৰদোঁৱাই প্ৰতাপৰ প্ৰস্থান ]
ৰত্না-- এই কক্ষতে বিচাৰ কৰিবি বিজয়?
বিজয়- তুমি ভিতৰলৈ যোৱা আই। [ ৰত্নাৰ প্ৰস্থান ] ( অলপ ৰৈ ] মন্ত্ৰীবৰ
এদিনৰ আগতে কাশ্মীৰ ৰবিৰ কনক-জ্যোতিৰে আলোকিত বুলি
ভাবিছিলোঁ। আজি দেখিছোঁ, কাশ্মীৰ আকাশ মেঘাচ্ছন্ন। [ প্ৰতাপৰ পাচে পাচে সৈনীকে বন্দী বীৰেন্দ্ৰ আৰু অনন্তক লৈ আহে ]
বিজয়- [ বন্দীৰ ফালে এবাৰ চাই গম্ভীৰ হৈ ] সেনাপতি কি অপৰাধত মোৰ
সৈন্যাধ্যক্ষ আৰু মন্ত্ৰীৰ জ্যেষ্ঠ পুত্ৰ শৃঙ্খলাবদ্ধ?
প্ৰতাপ - মহাৰাজ, মন্ত্ৰীপুত্ৰৰ প্ৰৰোচনাত, বীৰেন্দ্ৰসিংহই কাশ্মীৰাধিপতিক বন্দী
কৰিব খুজিছিল। সেই ৰাজদ্ৰোহ অপৰাধত মন্ত্ৰীপুত্ৰ আৰু সৈন্যাধ্যক্ষ
শৃঙ্খলাবদ্ধ।
বিজয়- বীৰেন্দ্ৰসিংহ, এই অভিযোগ সত্য?
বীৰেন্দ্ৰ- সত্য মহাৰাজ।
বিজয়- কাশ্মীৰাধিপতিক বন্দী কৰাৰ অভিপ্ৰায়?
বীৰেন্দ্ৰ- অভিপ্ৰায়, আত্মৰক্ষা কৰা।
বিজয়— কাশ্মীৰৰ মহাৰাজে তোমাক কি এনে দণ্ডেৰে দণ্ডিত কৰিব খুজিছিল
বীৰেন্দ্ৰসিংহ, যাৰ কাৰণে কাশ্মীৰাধিপতিক বন্দী কৰাৰ বাহিৰে আৰু
তোমাৰ আত্মৰক্ষাৰ অন্য উপায় নাছিল?
বীৰেন্দ্ৰ- প্ৰাণদণ্ডেৰে।
বিজয়- প্ৰাণদণ্ডেৰে! অৰ্থাৎ?
বীৰেন্দ্ৰ - অৰ্থাৎ, আগন্তুক যুদ্ধত পোন্ধৰ লক্ষ প্ৰৱল প্ৰতাপী,কামৰূপী সৈন্যৰ
লগত বীৰেন্দ্ৰসিংহক যুদ্ধ কৰিবলৈ আদেশ দি, তাৰ মৃত্যু কামনা
কৰাই মহাৰাজৰ উদ্দেশ্য আছিল।
বিজয়-[ক্ষন্তেক ৰৈ, সৈনীকক] মুক্ত কৰ। [ সৈনীকে বীৰেন্দ্ৰক মুক্ত কৰি দিয়ে ]
বীৰেন্দ্ৰসিংহ। বীৰেন্দ্ৰ— মহাৰাজ।
বিজয়- কাশীৰৰ দায়িত্বপূৰ্ণ ৰাজকৰ্ম্মচাৰী হৈ বিবেক বৰ্জ্জন কৰি, এটা জলন্ত
অসত্যৰ আশ্ৰয় লৈ কাশ্মীৰত অশান্তিৰ সৃষ্টি কৰাৰ প্ৰচেষ্টাত, তোমাক
মোৰ ৰাজ্যৰ পৰা নিৰ্ব্বাসিত কৰিলোঁ। [ প্ৰতাপক ] সেনাপতি, ৰাজভক্ত
সৈন্যাধ্যক্ষক কাশ্মীৰৰ সীমান্তত এৰি আহিবলৈ অশ্বাৰোহীক আদেশ কৰাঁ।
[ প্ৰতাপে মূৰ দোৱায়। পাচত বীৰেন্দ্ৰৰ ওচৰলৈ গৈ তেওঁৰ কাষত থিয় হয় আৰু
বীৰেন্দ্ৰই তেওঁক অনুসৰণ কৰে।
দুইৰো প্ৰস্থান। বিজয়ে বীৰেন্দ্ৰৰ ফালে অলপ পৰ চাই ঘূৰি মন্ত্ৰীক কয় ]
মন্ত্ৰীবৰ, অনন্তৰ বিচাৰৰ ভাৰ আপোনাৰ হাতত দিলোঁ।
[ প্ৰস্থানদ্যোত ]
মন্ত্ৰী- [ কঁপা মাতেৰে ] মহাৰাজ, পিতাই কৰিব পুত্ৰৰ বিচাৰ।
বিজয়— অন্নদাতাতকৈ জন্মদাতাৰ বিচাৰত বেচি অধিকাৰ।
[ বিজয়ৰ প্ৰস্থান ]
মন্ত্ৰী- [ অলপ ৰৈ। বন্দী, তুমি ৰাজদ্ৰোহত অভিযুক্ত। কাশ্মীৰৰ শাসনতন্ত্ৰ মতে
ৰাজদ্ৰোহীৰ শাস্তি প্ৰাণদণ্ড। যদি পাৰা নিৰ্দোষী বুলি প্ৰমাণ কৰাঁ।
অনন্ত- বিচাৰপতি, মই সম্পূৰ্ণ দোষী।
মন্ত্ৰী- তে-ন্তে-
অনন্ত- মোৰ প্ৰাণদণ্ডৰ আদেশ দিয়ক। মন্ত্ৰী- তাৰ আগতে তোমাৰ অসৎ আচৰণৰ উদ্দেশ্য জনা আৱশ্যক।
[ প্ৰতাপৰ পুনঃ প্ৰবেশ ]
অনন্ত – মোৰ উদ্দেশ্য ব্যক্ত কৰিবলৈ মই বাধ্য নহওঁ।
মন্ত্ৰী- বন্দী, মনত ৰাখিবা ই বিচাৰ সভা, উদ্ভণ্ডালিৰ স্থান নহয়।
অনন্ত-মোৰ স্মৰণ আছে বিচাৰপতি।
মন্ত্ৰী-তেন্তে উদ্দেশ্য ব্যক্ত কৰা।
অনন্ত — বিচাৰপতি, ইচ্ছা কৰিলে দোষীক কাৰাগাৰত ৰাখিব পাৰে, অঙ্গচ্ছেদ
কৰিব পাৰে, প্ৰাণদণ্ড দিব পাৰে, কিন্তু দোষীৰ স্বাধীন মনৰ ওপৰত প্ৰভুত্ব
বিস্তাৰ কৰিবলৈ কাশ্মীৰ শাসন তন্ত্ৰৰ কিম্বা বিচাৰপতিৰ কোনো অধিকাৰ
নাই।
মন্ত্ৰী— [ খঙেৰে ] উত্তম। সেনাপতি, বন্দীক বধ্যভূমিলৈ নিয়াওক। ঘাটকক ক’ব,
ৰাজদ্ৰোহীৰ ছিন্ন শিৰৰ কাৰণে মই ইয়াত অপেক্ষা কৰিছোঁ।
[বিজয়সিংহৰ প্ৰবেশ ]
বিজয়— পুত্ৰৰ ছিন্ন শিৰৰ কাৰণে পিতা ইমান উত্ৰাৱল?
মন্ত্ৰী — [ ভগ্নস্বৰে ] পিতা উত্ৰাৱল নহয় মহাৰাজ। আজি কাশ্মীৰৰ বিচাৰ সভাত
পিতা-পুত্ৰৰ সম্বন্ধও নাই।
বিজয়— বিচাৰ সভাত পিতা-পুত্ৰৰ সম্বন্ধ নেথাকিব পাৰে বিচাৰপতি, কিন্তু বিশ্বত,
সৃষ্টি কৰ্ত্তাৰ স্বাধীন ৰাজ্যত, এই বন্দী আপোনাৰ পুত্ৰ আৰু আপুনিয়েই
তেওঁৰ পিতা জন্মদাতা।
মন্ত্ৰী-সেনাপতি, লৈ যাওক।
বিজয়-[ বন্দীক ৰাখিবলৈ ইঙ্গিত দি] বিচাৰপতি, মই এই বন্দীৰ প্ৰাণ ভিক্ষা খুজিছোঁ।
অনন্ত-[ স্বগতঃ ] মৃতকৰ সন্মুখত বিদ্ৰোপৰ বৈতৰণী।
বিজয়-দিয়ক বিচাৰপতি, বন্দীৰ প্ৰাণ ভিক্ষা দিয়ক।
অনন্ত—মই মুক্তি ভিক্ষাৰী নহও, মোক মুক্তি নালাগে। মহাৰাজ শীঘ্ৰে মোৰ শিৰচ্ছেদ
কৰাওক।
বিজয়-যদি তোমাক মুক্তি নেলাগে, মৃত্যুৰ কাৰণে যদি তুমি ইমান লালায়িত, তেন্তে
অভিমানী ষড়যন্ত্ৰকাৰী বিদ্ৰোহী যুবক, কাশ্মীৰৰ সুযোগ্য বিচাৰপতিৰ নামত
তোমাকো বীৰেন্দ্ৰসিংহৰ দৰে মোৰ ৰাজ্যৰ পৰা নিৰ্ব্বাসিত কৰিলোঁ।
সেনাপতি-
দ্বিতীয় অঙ্ক।
১ম দৃশ্য—বিশ্বসিংহৰ ৰাজসভা
( সিংহাসনত বিশ্বসিংহ, সোঁ-হাতৰ আসনত মন্ত্ৰী চন্দ্ৰসিংহ
আৰু বাওঁফালে থিয়হৈ সেনাপতি সূৰ্য্যসিংহ )
বিশ্বসিংহ-তেন্তে সূৰ্য্যসিংহ, তোমাৰ সিদ্ধান্তকে গ্ৰহণ কৰিলোঁ। পাঁচ লক্ষ সৈন্যৰেই
যদি কাশ্মীৰ অধিকাৰ কৰিব পৰা যায়, অধিক সৈন্য নি অৰ্থ ক্ষয় কৰাৰ
আৱশ্যক কি।
সূৰ্য্য-কাশ্মীৰৰ নিচিনা এখন ক্ষুদ্ৰ ৰাজ্য জয় কৰিবলৈ পাঁচ লক্ষ কামৰূপী সৈন্যই
যথেষ্ট মহাৰাজ।
চন্দ্ৰ-ভালকৈ ভাবি চোৱাঁ সেনাপতি।
সূৰ্য্য-ইয়াত আৰু ভাবিবলৈ কি আছে মন্ত্ৰী ডাঙৰীয়া?
চন্দ্ৰ—কেনেবাকৈ যদি পৰাজয় হ'বলগীয়া হয়, প্ৰাগজ্যোতিষে আৰু ভাৰতৰ আগত
মুখ উলিয়াব নোৱাৰিব।
বিশ্ব-সঁচা কথা সূৰ্য্যসিংহ। এই অভিযান ব্যৰ্থ হলে প্ৰাগজ্যোতিষৰ চিৰ-গৌৰৱ সুপ্ত
হ’ব। যদি সন্দেহ আছে এতিয়াও সৈন্য সংখ্যা বঢ়াই লোৱাঁ। সূৰ্য্য— মই নিঃসন্দেহ মহাৰাজ।
বিশ্ব-— উত্তম। তেন্তে তুমি তিনি দিনৰ ভিতৰতে যাত্ৰা কৰিবলৈ আয়োজন কৰা।
সূৰ্য্য- যি আদেশ;
বিশ্ব- মন্ত্ৰী, অনঙ্গক যুদ্ধলৈ পঠিয়ালে কেনে দেখে?
চন্দ্ৰ- তেতিয়া যুদ্ধ জয় সহজ হ’ব। [ অনঙ্গ প্ৰবেশ ] কি কোৱা সেনাপতি?
সূৰ্য্য-- যুবৰাজে যদি নিজে সৈন্য পৰিচালনা কৰে, পাঁচ লক্ষ কামৰূপী সেনাৰে
কাশ্মীৰ কিয় গোটেই ভাৰতবৰ্ষ জয় কৰা সহজ।
বিশ্ব- [ অনঙ্গৰ ফালে চাই থিয় হৈ ] তেন্তে অনঙ্গও যাওক দাম্ভীক বিজয়সিংহ
আৰু কমলাক বন্দী কৰি আনক কাশ্মীৰ ধ্বংস কৰক। ভাৰতৰ বুকুৰ পৰা
কাশ্মীৰৰ নাম লুপ্ত হওক।
অনঙ্গ- এটা শান্তি-প্ৰিয় জাতি সুখ-শয্যাত সুপ্ত। সেই নিৰপৰাধী নিৰীহ জাতিক
নিৰ্ম্মূল কৰি আৰ্য্যবৰ্ত্তৰ অঙ্গচ্ছেদ কৰিবলৈ আপোনাৰ কি অধিকাৰ আছে
মহাৰাজ।
বিশ্ব- অনঙ্গ, তুমিও এই যুদ্ধলৈ যাব লাগিব।
অনঙ্গ- কাশ্মীৰ ধ্বংস কৰিবলৈ?
বিশ্ব-- ধ্বংস কৰি বিজয়সিংহ আৰু কমলাক বন্দী কৰি আনিবলৈ।
অনঙ্গ-কাশ্মীৰাধিপতিৰ অপৰাধ ইমান গুৰুতৰ? সূৰ্য্য- মতিছন্ন বিজয়সিংহই মহাৰাজৰ অনুৰোধ উপেক্ষা কৰিছে যুবৰাজ!
চন্দ্ৰ— অকল উপেক্ষাই নহয়, দূতক অৱজ্ঞা কৰি আমাক অপমান কৰিছে।
অনঙ্গ- মন্ত্ৰীবৰ, কাশ্মীৰে যদি প্ৰাগজ্যোতিষক অপমান কৰিছে সেই অপমান
প্ৰাগজ্যোতিষৰ প্ৰাপ্য।
বিশ্ব- তাৰ কাৰণ অনঙ্গ?
অনঙ্গ— কাৰণ ঐশ্বৰ্য্য গৰ্ব্বত গৰ্ব্বিত হৈ এদিন যি কামৰূপৰ অধিপতিয়ে কাশ্মীৰৰ
ভূতপূৰ্ব্ব মহাৰাজক পাৰ্ব্বত্য দস্যু বুলি অৱজ্ঞা কৰিছিলে, সেই কামৰূপ
অধিপতিৰ জ্যেষ্ঠ পুত্ৰৰ কাৰণে দস্যু তনয়াৰ পাণি প্ৰাৰ্থনা কৰাত দস্যু পুত্ৰ
বিজয়সিংহই যদি অপমান কৰে, সেই অপমান প্ৰাৰ্থনাকাৰীৰ প্ৰাপ্য।
বিশ্ব- তেন্তে, সেই অপমান আশীৰ্ব্বাদ বুলি মোৰ এই শুভ শিৰত তুলি লৈ
পৰকালৰ সদগতি কামনা কৰি বহি থাকিম।
অনঙ্গ- বহি নেথাকি কি কৰিব মহাৰাজ?
বিশ্ব- কি কৰিম? প্ৰলয়ৰ প্ৰচণ্ড অগ্নিত দগ্ধ কৰি কাশ্মীৰ শ্মশান কৰিম! আৰু
তাৰ প্ৰজা পুঞ্জক পশুৰ দৰে হত্যা কৰি প্ৰাগজ্যেতিষৰ পৰাক্ৰম দেখুৱাম।
অনঙ্গ— পিতা, দেৱতাৰ লীলাক্ষেত্ৰ পূণ্যভূমি ভাৰতবৰ্ষত ভাৰতবাসীৰ তেজেৰে হাত
ৰাঙলী কৰি পৰকালৰ কাৰণে পুণ্য সঞ্চয় কৰিব নেলাগে। বিশ্ব- অনঙ্গ, তোমাৰ উপদেশ মই বিচৰা নাই। মই প্ৰাগজ্যোতিষৰ অধীশ্বৰ। মোৰ
আদেশ, তিন দিনৰ ভিতৰত যুদ্ধ যাত্ৰা কৰিব লাগে।
চন্দ্ৰ- যুবৰাজ, বৃদ্ধৰ অনুৰোধ, মহাৰাজৰ অবাধ্য নহব।
সূৰ্য্য- বিজয়সিংহৰ ওপৰত প্ৰতিশোধ লোৱা আপোনাৰ কৰ্ত্তব্য যুবৰাজ।
অনঙ্গ- মোৰ কৰ্ত্তব্য সোঁৱৰাই দিয়াৰ কাৰণে তোমাক ধন্যবাদ দিছোঁ সূৰ্য্যসিংহ।
[ সূৰ্য্য়সিংহ অপ্ৰস্তুত হয়]
বিশ্ব- অনঙ্গ, মই জানিব খুজিছোঁ মোৰ আদেশ পালন কৰা হ’বনে নহয়?
অনঙ্গ- প্ৰাগজ্যোতিষৰ অধীশ্বৰৰ এই অন্যায় আদেশ পালন কৰিব নোৱাৰি মই
দুঃখীত। কিন্তু, পিতাই যদি আদেশ কৰে অন্যায় হলেও তাক পালন
কৰিবলৈ পুত্ৰ সদায় প্ৰস্তুত।
বিশ্ব- [ অলপ ৰৈ ] পুত্ৰ।
অনঙ্গ- পিতা?
বিশ্ব- কাশ্মীৰ আক্ৰমণ কৰাৰ ভাৰ তোৰ ওপৰত। সেনাপতি সূৰ্য্যসিংহ এই যুদ্ধত
তোৰ সহকাৰী।
অনঙ্গ-কাশ্মীৰত প্ৰাগজ্যোতিষৰ জয়ধ্বজা উৰুৱাই পুনৰ পিতাৰ চৰণ বন্দনা কৰাৰ
অভিলাষ থাকিল। সূৰ্য্যসিংহ আজি সন্ধ্যা সৈন্য শিবিৰ পৰীক্ষা কৰিম।
[ প্ৰস্থান ]
⸻
২য় দৃশ্য-কাশ্মীৰ প্ৰাসাদৰ বাৰাণ্ডা।
( বিষাদ মনেৰে গীত গাই গাই কমলাৰ প্ৰবেশ)
-গীত-
শাৰদী মধুনিশা
শেৱালীৰ বুকুৰে
পৰাগ ৰঙা গীতি
বেদনাৰ অভিমান।
নিয়ৰৰ প্ৰতি কণা বিৰহৰ ব্যথা সনা
প্ৰণয়ৰ প্ৰতিদান।
পৱনৰ প্ৰেমোচ্ছাসে
বিৰহৰ উঠে গীতি,
শেৱালীৰ বেদনাতে
হৃদয়ত জাগে স্মৃতি;
বিৰহৰ ব্যথা ভৰি
শেৱালীও পৰে জৰি
বেদনাৰ অবসান।
[ গীত গাই গাই কমলাৰ প্ৰস্থান। বিপৰিত ফালৰ পৰা বিজয়সিংহৰ
প্ৰবেশ আৰু তেওঁ অহা যোৱা কৰি কিবা ভাবি থাকে ]
[প্ৰতাপসিংহৰ প্ৰবেশ]
প্ৰতাপ- মহাৰাজ। বিজয়- কোন? অ’ সেনাপতি।
প্ৰতাপ- গুপ্তচৰৰ মুখে এইমাত্ৰ সংবাদ পালো, পাচ লক্ষ সৈন্য লৈ কামৰূপৰ
যুবৰাজ কাশ্মীৰ অভিমুখে যাত্ৰা কৰিছে মহাৰাজ।
বিজয়- মাত্ৰ পাঁচ লক্ষ? আশ্বস্ত হ’লো।
প্ৰতাপ— প্ৰাগজ্যোতিষৰ প্ৰত্যেকজন সৈন্যই একোজন বীৰ বুলি শুনিছোঁ মহাৰাজ।
বিজয়- সেই কথা মই বিশ্বাস নকৰোঁ। প্ৰতাপসিংহ, বীৰৰ বৃত্তি দস্যুবৃত্তি নহয়।
[ ৰৈ ] দূৰ্গ নিৰ্মাণ শেষ হলনে সেনাপতি?
প্ৰতাপ- দূৰ্গ নিৰ্ম্মাণ শেষ কৰি দুৰ্গত খাদ্যসম্ভাৰ যুগুত ৰখা হৈছে।
বিজয়- ওঁ। [ ভাবি] আমাৰ কিমান সৈন্য যুদ্ধত সম্পূৰ্ণৰূপে লিপ্ত ৰাখিব খুজিছা?
প্ৰতাপ- মহাৰাজে অনুমতি দিলে, সৰ্ব্বমোট আমাৰো পাঁচ লক্ষ সৈন্য যুদ্ধত
সম্পূৰ্ণৰূপে লিপ্ত ৰাখিবৰ ইচ্ছা। কিন্তু প্ৰথম আক্ৰমণ প্ৰতিৰোধৰ কাৰণে
বিতস্তাৰ পাৰত বৰ্ত্তমান মাত্ৰ আঢ়ৈ লক্ষ সৈন্য নিযুক্ত ৰাখিম বুলি মই
ভাবিছো মহাৰাজ।
বিজয়- মোৰ একো আপত্তি নাই। মাত্ৰ মনত ৰাখিবাঁ,চিৰ অৰাধ্যা জন্মভূমিৰ
জননীৰ সোণৰ, কপালী যেন মলিয়ন নহয়। মনত ৰাখিবাঁ, মাতৃ মন্দিৰৰ
দেবী প্ৰতিমা বিজেতাৰ স্পৰ্শত যেন অশুচি নহয়। মনত ৰাখিবা,কাশ্মীৰৰ স্বাধীনতা জন্মস্বত্ব।
[ মূৰ দোঁৱাই প্ৰতাপৰ প্ৰস্থান]
বিজয়- [ আকাশৰ ফালে একেৰাহে বদ্ধ দৃষ্টিৰে চাই থাকি ] প্ৰবৃত্তিৰ তাড়ণাত
পশুবৃত্তি অৱলম্বন কৰা মানুহ বনৰ বাঘতকৈয়ো ভীষণ। ক্ষুধা নিবৃত্তিৰ
কাৰণে বাঘে বিচাৰে হৰিণাৰ মাংস, সিহঁতে বিচাৰে নৰমাংস; তৃষ্ণা
নিবাৰণৰ কাৰণে বাঘক লাগে এটোপা পানী, কিন্তু নৰপশুক লাগে নৰ-
ৰক্ত। [ ৰৈ] আচৰিত কি? যি আকাশত সূৰ্য্যৰ হেমপ্ৰভা, সুধাকৰৰ
সৌমামূৰ্ত্তি, সেই আকাশতে প্ৰলয়ৰ মেঘ গৰ্জ্জন, বজ্ৰৰ তাণ্ডব নৃত্য। যি
বতাহত ফুলৰ মধুৰ সৌৰভ,মলয়াৰ মৃদু হিল্লোল, সেই বতাহতে শ্মশানৰ তীব্ৰ
গন্ধ, ধুমুহাৰ ভৈৰব লীলা! স্ৰষ্টাৰ সৃষ্টি বিচিত্ৰ!
[ লাহে লাহে প্ৰস্থান।]
⸻
৩য় দৃশ্য--চন্দ্ৰভাগা নৈৰ পাৰ।
( বীৰেন্দ্ৰসিংহ বহি থাকে )
বীৰেন্দ্ৰ-[ নিজে নিজে ] কপট অনন্তক বিশ্বাস কৰি আজি মোৰ এই দুৰৱস্থা।
মানসম্ভ্ৰম হেৰুৱালোঁ, পদ মৰ্য্যদা হেৰুৱালোঁ, ৰাজদ্ৰোহী হৈ, শেষত
কাশ্মীৰৰ পৰা নিৰ্ব্বাসিত হলোঁ; নিজৰ অমঙ্গল নিজে মাতি আনিলো।
মোৰ এই অৱস্থা হবই পায়। এটা স্বাৰ্থব্ধ চক্ৰান্তকাৰী যুবকৰ প্ৰতাৰণাত
ভোল গৈ যি নিৰ্ব্বোধে চিৰপূজ্য চিৰনমস্য কাশ্মীৰ অধিপতিৰ বিৰুদ্ধে অস্ত্ৰ
ধৰিব খোজে, প্ৰজাপালক পিতৃস্বৰূপ মহাৰাজক বন্দী কৰিব খোজে, তাৰ
সৰ্ব্বনাশ নহৈ হ’ব কাৰ! [হুমুনীয়া কাঢ়ি ক্ষন্তেক নৈৰ ফালে চাই থাকি]
আই চন্দ্ৰভাগা, আজন্ম পূজাৰ থলি মহাতীৰ্থ কাশ্মীৰক হেৰুৱাই আজি
অশ্ৰু বিগলিত নেত্ৰে তোমাৰ কাষত শান্তি ভিক্ষা কৰিছেহি! শান্তি দিয়া
আই।
[গীত গাই এটা সন্যাসীৰ প্ৰবেশ ]
-গীত-
প্ৰীতিত আমাৰ পৰাণ বন্ধা
পৰৰ হৃদয় কৰিম জয়,
পথিক আমি মিলন পথৰ
পথ যে আমাৰ আলোকময়। [ প্ৰস্থান।]
বীৰেন্দ্ৰ- এটা ভিক্ষাৰীয়ে হৃদয়ত অফুৰন্ত প্ৰীতি লৈ বিশ্ব-মানৱক ভাই বুলি
আকোৱালি ধৰিবলৈ আলোক পথেদি লৰি গৈছে। আৰু মই, বিপথগামী
ৰাজদ্ৰোহী নাৰকীয়ে,অনুতাপৰ উত্তাপত হৃদয় দগ্ধ কৰি জ্বলি পুৰি
মৰিছো!ভগবান!
[ অনন্তৰ প্ৰবেশ ]
অনন্ত- ইমান দিনৰ মূৰত আজি লগ পালোহি। বীৰেন্দ্ৰ।
বীৰেন্দ্ৰ- কোন?
অনন্ত- মই অনন্ত; কাশ্মীৰৰ মন্ত্ৰী পুত্ৰ। তোমাক বিচাৰি বিচাৰি এইখিনি
ওলাইছোঁহি।
বীৰেন্দ্ৰ- মন্ত্ৰী পুত্ৰই যেতিয়া বীৰেন্দ্ৰক বিচাৰি এইখিনি ওলাইছেহি, এইবাৰ মন্ত্ৰণা
নিশ্চয় গুৰুতৰ।
অনন্ত— তুমি ঠিক অনুমান কৰিছা। তোমাৰ বুদ্ধি আছে।
বীৰেন্দ্ৰ- [ বিৰক্তিৰে ] হয় আছে।
অনন্ত- তুমি অহাৰ পাচত ৰজাই মোক মুক্তি দি বৰ বেজাৰ কৰিলে।
বীৰেন্দ্ৰ- [ বিৰক্তিৰে ] হয় কৰিলে।
অনন্ত- আৰু ক'লে, তুমি মোৰ ভাইতকৈয়ো অপোন। আমাৰ ভিতৰুৱা কথা
বীৰেন্দ্ৰক কৈ দিব নেলাগিছিল। |[বীৰেন্দ্ৰই খং আৰু বিৰক্তিৰে অনন্তৰ
মুখলৈ চায়।] তুমি অবিশ্বাস কৰিছা?
বীৰেন্দ্ৰ- [ বিবক্তিৰে ] নাই কৰা। অনন্ত- এতিয়া তোমাৰ ওচৰলৈ আহিছো এটা কথাৰ কাৰণে।
বীৰেন্দ্ৰ- [ বিৰক্তিৰে ] জানিছোঁ।
অনন্ত- তোমাক নিৰ্ব্বাসন দিয়া মানে মোকো নিৰ্ব্বাসন দিয়া। মই অকলে কাশ্মীৰত
থাকি কি কৰিম?
বীৰেন্দ্ৰ- [ বিৰক্তিৰে ] কি কৰিব!
অনন্ত- বিশ্বসিংহৰ সৈন্য কাশ্মীৰ অভিমুখে কেতিয়াবাই যাত্ৰা কৰিলে। দুই এদিনৰ
ভিতৰতে এইখিনি পাবহি।
বীৰেন্দ্ৰ- [ বিৰক্তিৰে ] হয় পাবহি।
অনন্ত- কামৰূপৰ যুজৰাজ আহিছে প্ৰধান সেনাপতি হৈ। আমি ইয়াতে তেওঁৰ
লগত যোগ দি কাশ্মীৰ অধিকাৰ কৰিবলৈ যদি সহজ উপায় দেখুৱাই দিওঁ,
যুদ্ধৰ পাচত তুমিয়ে বা ময়ে কাশ্মীৰত বিশ্বসিংহৰ কৰতলীয়া ৰজা হৈ
থাকিব পাৰিম। কি কোৱা?
বীৰেন্দ্ৰ- এই উদ্দেশ্য লৈয়ে আপুনি ইমান দূৰ মোক বিচাৰি আহিছে?
অনন্ত— এই উদ্দেশ্য লৈয়ে আহিছোঁ [ স্বগত | হাতলৈ আহিল আৰু।
বীৰেন্দ্ৰ- [ খং বেজাৰত নিজে নিজে ] অধঃপতন, অধঃপতন। কাশ্মীৰীৰ
অধঃপতন।
অনন্ত - অধঃপতন হ'বই লাগিব , নহৈ পাৰে?
বীৰেন্দ্ৰ - [ খঙত অধৈৰ্য্য় হৈ গোৰোহণি মাৰি ] মুখ বন্ধ কৰ। [ অনন্ত অবাক
হয় ] প্ৰবঞ্চক, প্ৰতাৰক, মিথ্যাবাদী; নিজৰ ঘৰত জুই দিবলৈ, নিজ জননীক পৰৰ দাসী কৰিবলৈ নিষ্কলঙ্ক কাশ্মীৰক
নৰকত ডুবাবলৈ, হাবি বন, ভাঙি উন্মাদৰ দৰে কাশ্মীৰৰ পৰা লৰি আহিছ।
আৰু তোৰ পৈশাচিক পাপ প্ৰবৃত্তিৰ ইন্ধন যোগাব লগে মই?
অনন্ত- অ, তুমি মোক ভুল বুজিলা। শুনাছোন,-
বীৰেন্দ্ৰ—কোনো কথা নুশুনো দূৰ হ পাষণ্ড।
অনন্ত- [ খঙেৰে ] কি! পাষণ্ড মই হলো! দূৰ হব লাগে। [ ৰৈ ] বেচ যাওঁ।
কিন্তু,যোৱাৰ আগতে নিৰ্ব্বাসিত,নিলজ্জ তোকো সতৰ্ক কৰি যাওঁ। আজি
যি কালান্তক ফেটি শাপৰ ফণাত উঠি নৃত্য কৰিলি; সেই মহাকালৰ
কাৰণে তোৰ ব্ৰহ্মতালু পৰিষ্কাৰ কৰি ৰাখ।
[ প্ৰস্থান ]
[ অনন্ত যোৱা ফালে বীৰেন্দ্ৰই তীক্ষ দৃষ্টিৰে চাই থাকে।]
⸻
৪ৰ্থ দৃশ্য—কাশ্মীৰ প্ৰাসাদৰ বুলানি
(গীত গাই গাই বিমলাৰ প্ৰবেশ)
—গীত—
সৰিছে শেৱালি তল ভৰি ভৰি
আজি শৰতৰে পুৱা,
ঘুমটিৰে ৰাগী থোৱাঁ কাতি কৰি
চোৱাঁ চকু মেলি চোৱাঁ৷
মনতে আলচি থোৱা কথাকিটি
ফুটিব নিদিয়ে লাজে আগেভেটি
সপোনৰ দেশত সেয়েহে বিৰলে।
চেনেহী সখাকে কোৱা।
সপোনতে পোৱা প্ৰিয় পৰশতে
ফুটাব নেলাগে হাঁহিটি ওঁঠতে
নিজকে বিলোৱা শেৱালি চপাই
তাৰে মালা গাঁথি লোৱাঁ
ঘুমটি সুথতে নৰ’বা সুৱাগী
সখীয়া আহিছে চোৱাঁ৷
[ গীত গাই গাই প্ৰস্থান ]
——:(০০০):——
৫ম দৃশ্য-কমলাৰ কক্ষ।
(এখন শয্যাত কমলা শুই থাকে; টোপনি। বিমলাই
আগৰ গীতটো গাই গাই লাহে লাহে
শয্যাত বহেহি।
বিমলাই গীত গাই থাকে, তেতিয়াও কমলাৰ টোপনি। )
বিমলা— হেৰা, হেৰা—[গাত ধৰি জোকাৰে]
কমলা- [সাৰ পাই চকু মোহাৰি ] অ’ তুমি; কেতিয়া আহিলা?
বিমলা- মই বাৰু যেতিয়াই আহো,কাক দেখিছিলা? কুমাৰক নে কোনোবা কুমাৰক?
কমলা— জানো কি কৈছা তুমি!
[ বিচনাতে গাৰুত আউজি বহে]
বিমলা— কিবা কিবি দেখা নাই জানো সপোনত?
কমলা- [ ভাবি ] কিবা সপোন এটা দেখিছিলো হ’ব পায় সখী, পিচে এতিয়া
মনত নপৰা হ'ল;
বিমলা— পৰিব, পৰিব, কেলৈ নপৰিব? মনত নপৰিবলৈহে সপোনে দিনতে গবা
মাৰি ধৰিছেহি?
কমলা— বাৰু, তুমি দিনত সপোন দেখানে? [ বিমলাই মূৰ জোকাৰে ] ৰাতি একা?
[ বিমলাই মূৰ জোকাৰে ] মই হ'লে ৰাতিও দেখো দিনতো দেখো। বিমলা— দেখিবাতোন। তুমি যেতিয়া সপোন দেখি থাকা,তেতিয়া চাগৈ তোমাৰ বৰ
ভাল লাগে, নহয়নে?
কমলা-- কেতিয়াবা ভাল লাগে, পিচে কেতিয়াবা খঙো উঠে।
বিমলা-অভিমান আৰু বিৰহ নহলে মিলনে পক নিদিয়ে। ভাল কৰা, মাজে মাজে
এছাটি দুছাটি খং ছটিয়াই থাকিবাঁ।
কমলা- জানো তুমি কিখন গাইছা।
বিমলা—মই ভালকে গাইছো। পিচে বুজিছা সখী, মোৰ কথা যদি শুনা, দিঠকতে
আটায়ে দেখাকৈ কিবা এটা সোনকালে কৰি পেলোৱা। ছাঁ চাই কিমান
আৰু এনেকৈ হুমুনীয়া কাঢ়ি থাকিবা।
কমলা-- তোমাৰ কথা মই এতিয়াহে ধৰিব পাৰিছোঁ।. তুমি বৰ দুষ্ট!
বিমলা- সঙ্গ দোষ সখী।
কমলা- [হুমুনীয়া কাঢ়ি বেজাৰেৰে ] দেখিছাই নহয় মোৰ কাৰণে কি হ’ব
খুজিছে। আকৌ সেইবিলাক কথা কৈ মোক কেলৈ বেজাৰ দিয়া সখী।
বিমলা- তোমাৰ কাৰণেনো কিখন হৈছেহে! অ' ৰণ লাগিব খুজিছে? বৰ কথাটো
হ'ল। কামৰূপীৰ তেজৰ পিৰপিৰণি উঠিছে যেতিয়া ৰণ কৰিবই। সেইবুলি
আমি দুষাৰ এষাৰ সুখ-দুখৰ কথাও পাতিব নেপায় নে? তুমিও আৰু!
কমলা– তুমি দিনে দিনে নজনা হৈ হে আহিছা। চোৱাচোন মোৰ কাৰণেই আইৰ
কিমান চিন্তা, দাদাৰ কিমান দুখ! বিমলা- তেনে তুমিও উচুপি উচুপি কান্দি থাকা। গাভৰুছোৱালী, কেনে ৰাংঢালী
হ’ব লাগিছিল। [ হাঁহি ] তোমাৰ কিবা বেমাৰ হৈছেনেকি সখী?
কমলা-[ দুখেৰে ] বেমাৰ পৰি মৰা হলে ভালেই আছিল।
বিমলা— ভাল আপদখনে পালে। সখী, তুমি থাকা মই যাওঁ। [ বহাৰ পৰা যাবলৈ
উঠে ]
কমলা- কলৈনো যোৱা, বহাঁচোন৷
বিমলা— তোমাৰ এই ইননি বিননিখন শুনিবলৈ মই অহা নাই ইয়ালৈ।
নেপথ্যত- কমলা, অ’ কমলা।
কমলা— [ ভিতৰ ফালে চাই ] গৈছো আই। [বিমলাক ] সখী, তুমি অলপ বহাঁ
মই আহিছোঁ৷
বিমলা- বহিবৰ মন নাছিল। বাৰু, মই বহিছো তুমি কিন্তু সোনকালে আহিবা।
কমলা- বাৰু। [ প্ৰস্থান ]
[ বিমলাই শয্যাতে বহি আগৰ গীতটোৰ শেষ কলিটো আকৌ গায়। ]
——০——
৬ষ্ঠ দৃশ্য—কামৰূপী সৈন্যৰ শিবিৰৰ সমীপ।
(এফালৰ পৰা অনঙ্গ আৰু আনফালৰ পৰা সূৰ্য্যসিংহৰ প্ৰবেশ)
সূৰ্য্য—গুপ্তচৰৰ সংবাদ সত্য যুবৰাজ; ইয়াৰ পৰা ডেৰক্ৰোশ দূৰত বিতস্তা নদীৰ
সিপাৰে শত্ৰু সৈন্য অপেক্ষা কৰিছে।
অনঙ্গ- [ভাবি ] ডেৰ ক্ৰোশ? বিতস্তা নদীৰ সিপাৰে? কাশ্মীৰত আকৌ বিতস্তা
নদী ক'ৰ পৰা ওলাল সেনাপতি।
সূৰ্য্য— বিতস্তাৰ আদি ভাগ কাশ্মীৰৰ মাজেদি গৈ চন্দ্ৰভাগাত পৰিছে যুবৰাজ।
অনঙ্গ— বুজিলোঁ। তেন্তে শিবিৰ তুলি নিবৰ আৰু আৱশ্যক নকৰে। ইয়াৰ পৰাই
আমি আক্ৰমণ কৰিম।
সুৰ্য্য- ময়ো তাকে ভাবিছিলোঁ।
অনঙ্গ- [ ৰৈ ] সেনাপতি, কাশ্মীৰ এখন মনোৰম ৰাজ্য। ইয়াৰ সীমাত ভৰি দিয়াৰ
লগে লগে এটা অৱৰ্ণনীয় আনন্দই মোক আকুল কৰি তুলিছে। [ অনঙ্গই
একান্ত ভাবে দূৰলৈ চাই থাকে -দূৰৰ দৃশ্যলৈ ]
সূৰ্য্য-- সঁচা যুবৰাজ, কাশ্মীৰৰ প্ৰাকৃতিক সৌন্দৰ্য্য অতি মনোৰম। [ অলপ ৰৈ ]
একেৰাহে কি চাইছে যুবৰাজ?
অনঙ্গ- [ মুখ নুঘূৰাই ] কাশ্মীৰক! [ তন্ময় হৈ নিজে নিজে ] কাশ্মীৰ ভাৰতৰ
মুকুত মণি, সৌন্দৰ্য্যৰ ৰাণী সেনাপতি।
সূৰ্য্য— যুবৰাজ? অনঙ্গ- কাশ্মীৰৰ শ্যামল আচলত, মধুমতী মাধবীলতাৰ লাস্য,কমনীয় কুসুমৰ
মাধুৰ্য্য, নিজৰাৰ নিৰব নৃত্য। কাশ্মীৰৰ কণ্ঠত, মোহিনী বীণাৰ ধ্বনি,
কেতেকীৰ মধুৰ স্বৰ, কুলিৰ কোমল কাকলি। কাশ্মীৰৰ মুখত, বিশ্বৰ
অৰূপ ৰূপ,শেৱালিৰ সৰল হাঁহি, মালতীৰ অমিয়া মাধুৰী। কাশ্মীৰৰ
কৱৰীত, অৰুণৰ উজ্জ্বল আভা, সুধাংশুৰ অমল প্ৰভা,তাৰকাৰ বিমল
কান্তি। [ চাই আত্মহাৰা হয়।]
[ প্ৰহৰীৰ প্ৰবেশ ]
প্ৰহৰী- এজন সম্ভ্ৰান্ত কাশ্মীৰ যুৱকে যুবৰাজক দেখা কৰিব খোজে। [ অনঙ্গ
নিমাত ]
সূৰ্য্য - [ৰৈ, অনঙ্গই নমতা দেখি ] যুবৰাজ।
অনঙ্গ- [ তন্ময় ভাবতে ] অ’, কি সেনাপতি?
প্ৰহৰী- এজন সম্ভ্ৰান্ত কাশ্মীৰী যুৱকে যুবৰাজক দেখা কৰিবলৈ অনুমতি বিচাৰিছে।
অনঙ্গ- কাশ্মীৰী! সম্ভ্ৰান্ত! [ ৰৈ ] সেনাপতি, সসম্মানে লৈ আহাঁ। [প্ৰহৰী আৰু
সূৰ্য্যসিংহৰ প্ৰস্থান। অনঙ্গই আকাশৰ ফালে চাই ] দূৰত সৌ তুষাৰ মণ্ডিত
হিম্ৰাদী শিখৰত অস্তগামী অৰুণৰ শেষ হেমাঞ্জলী। সুন্দৰ। [ সূৰ্য্যসিংহ
আৰু অনন্তৰ প্ৰবেশ। অনন্তৰ ভৰিৰ পৰা মুৰলৈকে চাই। আপুনি
কাশ্মীৰী?
অনন্ত- হয় যুবৰাজ!
অনঙ্গ- কাশ্মীৰতে আপোনাৰ জন্ম? অনন্ত- হয়।
অনঙ্গ-কাশ্মীৰেই আপোনাৰ জন্মভূমি?
অনন্ত- কাশ্মীৰেই মোৰ জন্মভূমি।
অনঙ্গ- আপুনি সৌভাগ্যবান! কওক যুবক, জন্মভূমিৰ শত্ৰুৰ কাষলৈ কি উদ্দেশ্য
লৈ আহিছে।
অনন্ত- [ কি ক’ব একো ঠিক কৰিব নোৱাৰি] মই, মই কাশ্মীৰৰ মন্ত্ৰীপুত্ৰ
যুবৰাজ।
অনঙ্গ- বিদেশত, বিশেষতঃ শত্ৰু ৰাজ্যত আপোনাক যথাযোগ্য অভ্যৰ্থনা কৰিব
নোৱাৰাৰ বাবে ক্ৰটী মাৰ্জ্জনা কৰিব মন্ত্ৰীপুত্ৰ।
অনন্ত—সেইবিষয়ে যুবৰাজে আক্ষেপ কৰিব লগীয়া একো নাই।
অনঙ্গ- সন্তোষ পালো। এতিয়া আপোনাৰ অভিপ্ৰায় জানিবলৈ দি আশাকৰো
আপ্যায়িত কৰিব।
অনন্ত— [স্বগতঃ ] মোৰ উদ্দেশ্য সিদ্ধি হ’ব যেন লাগিছে। [ প্ৰকাশ্যে ] যুবৰাজ,
কাশ্মীৰৰ মহাৰাজ বিজয়সিংহ আৰু সেনাপতি প্ৰতাপসিংহৰ অত্যাচাৰত
কাশ্মীৰবাসী জৰ্জ্জৰিত। যুবৰাজে কাশ্মীৰ অধিকাৰ কৰিবলৈ অহা শুনি
প্ৰজাবৃন্দই অতিশয় আনন্দ পাইছে! আৰু অতি শীঘ্ৰে কাশ্মীৰ জয় কৰি
ৰাজ্যত শান্তি স্থাপন কৰিব বুলি একান্ত কামনা কৰিছে।
সূৰ্য্য— অতি সুখৰ বাতৰি যুবৰাজ।
অনঙ্গ-[ ভাবি ভাবি খোজ চলাই ] তেন্তে আপুনি প্ৰজাৰ প্ৰতিনিধি স্বৰূপে এই
কথা মোক জনাবলৈ আহিছে? অনন্ত- জনাবলৈ আহিছোঁ আৰু আপোনাৰ লগত যোগ দি বিজয়সিংহৰ ওপৰত
প্ৰতিশোধ-নহয় নহয়, আপোনাক সহায় কৰিবলৈ আহিছোঁ।
অনঙ্গ-তাৰ মানে কাশ্মীৰৰ বিৰুদ্ধে অস্ত্ৰ ধৰিবলৈ আহিছে?
অনন্ত- হয়।
অনঙ্গ- মন্ত্ৰীপুত্ৰ, আপুনি যে বিশ্বাসযোগ্য, তাক মই কেনেকৈ বিশ্বাস কৰিম?
অনন্ত- মন্ত্ৰীপুত্ৰ মিথ্যাবাদী নহয় যুবৰাজ।
অনঙ্গ- হ’ব পাৰে মন্ত্ৰীপুত্ৰৰ প্ৰত্যেক কথাই সত্য, হ’ব পাৰে কাশ্মীৰৰ অধিপতি
অত্যাচাৰী; কিন্তু, যি যুবকে শত্ৰুৰ লগত যোগ দি “স্বৰ্গাদপি গৰীয়সী”
জন্মভূমিৰ বিৰুদ্ধে অস্ত্ৰ ধৰিব খোজে, সেই যুবকক বিশ্বাস কৰা মোৰ
ৰীতি নহয়।
অনন্ত- যুবৰাজ, মই একো অসৎ অভিপ্ৰায় লৈ অহা নাই। যুদ্ধ জয়ত সহায়
কৰিবলৈহে আপোনাৰ কাষ চাপিছোহি। মোক বন্ধু বুলি ভাবক যুবৰাজ।
অনঙ্গ- তাহানিৰ ভাৰতভূমিত যুধিষ্ঠিৰে জন্মধাৰণ কৰা যদি সচা হয়, দধীচিৰ জন্ম
বিবৃত্তি যদি কবিৰ কল্পনা নহয়,পুণ্যশ্লোক হৰিশ্চন্দ্ৰ, সত্যাশ্ৰয়ী ৰামচন্দ্ৰ
ভাৰত মাতাৰ পুত্ৰ বুলি যদি পুৰাণ ৰামায়ণে কয়, আজিৰ এই
ভাৰতবৰ্ষতো এনে কোনো সংকীৰ্ণ-মনা লোক নোলাব, যি আপোনাৰ
নিচিনা মাতৃদ্ৰোহী মহাপাপীক বন্ধু বুলি আলিঙ্গন কৰিব। অনন্ত— কিন্তু সেই ভাৰত ভূমিতে মাতৃহত্যাকাৰী পৰশুৰামেও জন্ম ধাৰণ কৰিছিলে যুবৰাজ।
অনঙ্গ- [ খং উঠি } পৰশুৰামে মাতৃহত্যা কৰিাছিলে জন্মগুৰু পিতৃৰ আদেশত, পৰশুৰামে একবিংশতিবাৰ ধৰা নিক্ষেত্ৰিয় . কৰিছিলে নিজ শক্তিৰ প্ৰভাৱত। কিন্তু আপুনি কোন মহাগুৰুৰ আদেশত শত্ৰুৰ পদসেৱা কৰি, আজি আপোনাৰ জননী কাশ্মীৰক ধূলিস্যাৎ কৰিবলৈ আহিছে যুবক?
অনন্ত- বিবেকৰ আদেশত।
অনঙ্গ- বিবেকৰ আদেশত? মুৰ্খ, প্ৰতিহিংসাক বিবেক নোবোলে, নৃসংশতাক বিবেক নাবোলে, হৃদয় হীনতাক বিবেক নোবোলে।
অনন্ত- তেন্তে বিবেক কি?
অনঙ্গ- বিবেক? যি অদৃশ্য শক্তিয়ে নৰক কুণ্ডৰ পৰা মানুহক স্বৰ্গৰাজ্যলৈ লৈ যায়, যি অলৌকিক আলোকত পাপ পুণ্যৰ পাৰ্থক্য দেখা পায়, অন্তঃসলিলাত যি অন্তৰৰ আবৰ্জ্জনা ধুই মানুহ পবিত্ৰ হয়—সেয়ে বিবেক।
দ্বিতীয় অঙ্ক শেষ।
তৃতীয় অঙ্ক।
১ম দৃশ্য-কাশ্মীৰ সৈন্য শিবিৰৰ সন্মুখত।
( প্ৰতাপসিংহ আৰু বসন্ত।)
প্ৰতাপ- বসন্ত মহাৰাজে তোমাক সহকাৰী সেনাপতি ৰূপে বীৰেন্দ্ৰসিংহৰ অপূৰ্ণ
পদত নিযুক্ত কৰিছে।
বসন্ত- মহাৰাজৰ প্ৰতি শ্ৰদ্ধাঞ্জলী নিবেদন কৰিছোঁ।
প্ৰতাপ- সেনাপতি, কাশ্মীৰত শত্ৰুৰ তুৰ্য্যধ্বনি আৰু তাৰ নিনাদত সৰল প্ৰজা
আজি সশঙ্কিত এই শঙ্কা নিবাৰণ কৰিব লাগিব, ভীতি বিহ্বল প্ৰজাক
আশ্বাস দিব লাগিব,প্ৰয়োজন হ’লে আমাৰ হৃদয়ৰ শোণিত দি।
বসন্ত- সি সৌভাগ্যৰ কথা সেনাপতি।
[বিষাদ মনেৰে বিজয়সিংহৰ প্ৰবেশ;প্ৰতাপ আৰু বসন্তই অভিবাদন কৰে]
বিজয়- সেনাপতি।
প্ৰতাপ- মহাৰাজ!
বিজয়— কাশ্মীৰৰ এই দুৰ্দ্দিন, সিফালে প্ৰাসাদত আই অসুস্থা।
প্ৰতাপ- ৰাজমাতা অসুস্থা!
বিজয়- [ হুমুনীয়া কাঢ়ি] সেই কথা ভাবি চিন্তা কৰিবৰ আৰু সময় নাই।
সেনাপতি, ইশ্বৰৰ ওচৰত মাতৃৰ আৰোগ্য কামনা কৰি যুদ্ধত প্ৰবিষ্ট হোৱাঁ। মোৰ দুৰ্ভাগ্য, বীৰেন্দ্ৰসিংহ
বিদ্ৰোহী, অনন্ত অকৃতজ্ঞ আৰু এই সন্ধি-ক্ষণত জননী শয্যাগতা।
প্ৰতাপ- বীৰেন্দ্ৰ আৰু অনন্তৰ কাৰণে আক্ষেপ নকৰিব মহাৰাজ?
বিজয়- শুনিছোঁ, অনন্ত হেনো শত্ৰুৰ লগত যোগ দিবলৈ আহিছে!
প্ৰতাপ –[ আচৰিত হৈ ] নিৰ্ব্বাসিত অনন্তই! শত্ৰুৰ লগত যোগ দিবলৈ আহিছে।
বিজয়- আচৰিত হৈছা? [ বিষাদৰ হাঁহি মাৰি মানুহে কৰিব নোৱাৰা কাম একো
নাই। যাওক!বসন্ত
বসন্ত- মহাৰাজ।
বিজয়- কাশ্মীৰৰ গৌৰবপূৰ্ণ এখন তৰোৱাল তোমাৰ হাতত তুলি দিছোঁ। মনত
ৰাখিবা; তাৰ মুঠি কাশ্মীৰীৰ অস্থিৰে নিৰ্ম্মিত। প্ৰতাপসিংহ, নৃমুণ্ডমালিনীৰ
পূজাত লক্ষ লক্ষ ৰক্ত জবাৰ আজি প্ৰয়োজন হৈছে। পূজাৰ পুৰোহিত
তুমি। চাবাঁ, যেন প্ৰত্যেকটি ফুল জননীৰ পদত পৰে।
[ এটা সৈনিকৰ বেগেৰে প্ৰবেশ ]
সৈনিক-শত্ৰু সৈন্য অগ্ৰসৰ হৈছে। [ প্ৰস্থান]
বিজয়-অগ্ৰসৰ হৈছে? তেন্তে প্ৰতাপসিংহ, মন্দিৰত শঙ্খ-ধ্বনি কৰা, বেদীত শলিতা
জলোৱাঁ স্বাধীনতা বীজমন্ত্ৰেৰে পূজা আৰম্ভ কৰা। [ভিতৰত ৰণবাদ্য বাজে] প্ৰতাপ—ব’লা বসন্ত, বৰ্ষাৰ উত্তালময়ী তৰঙ্গৰ দৰে প্ৰলয়ৰ ভীম প্ৰভঞ্জনৰ দৰে,
সপ্তবজ্ৰ সন্মিলিত মহাশক্তিৰ দৰে কালান্তক মূৰ্ত্তি ধৰি শত্ৰুৰ ওপৰত
জপিয়াই পৰো৷ সৈন্যসকল, আগবাঢ়া। [ তৰোৱাল খোলে। ]
[ গীত গাই সৈন্যৰ প্ৰবেশ। বসন্তই তৰোৱাল খুলি সৈন্যৰ আগে অগে
যায়। প্ৰতাপে খোলা তৰোৱাল লৈ ৰজাৰ কাষত থাকে।
-গীত-
পৱন বেগে আহক আহে
তীক্ষ্ণ অসিৰ ঝন-ঝননি
গগন ভেদি উঠক উঠে
শত্ৰু সেনাৰ তুৰ্য্য-ধ্বনি।
স্বাধীনতাৰ ভক্ত আমি
মাতৃভূমিত মৃত্যু কামী
মাতৃভূমি স্বৰ্গ আমাৰ
জন্মভূমি শিৰৰ মণি।
[ গীত গাই গাই বসন্তৰ লগত সৈন্যৰ প্ৰস্থান ]
প্ৰতাপ-[ তৰোৱাল ৰজাৰ ভৰিত থৈ আঠুকাঢ়ি ] মহাৰাজ
বিজয়—[ তুলি দি ] যোৱাঁ বন্ধু, তোমাৰ জয় নিশ্চিত।
[ দুইৰো দুফালে প্ৰস্থান ]
——০X০——
২য় দৃশ্য বিতস্তা পাৰৰ ৰণক্ষেত্ৰ।
(ৰণবাদ্য বাজি থাকে; খোলা তৰোৱাল লৈ সূৰ্য্যসিংহৰ বেগেৰে প্ৰবেশ। )
সূৰ্য্য— আক্ৰমণ কৰা, আক্ৰমণ কৰা শত্ৰুসৈন্য ধূলিৰ লগত মিহলাই দিয়া।
কাশ্মীৰীৰ তেজেৰে ৰণক্ষেত্ৰ প্লাবিত কৰা। কামৰূপীৰ লগত কাশ্মীৰীৰ
প্ৰতিযোগিতা। হাঃ হাঃ হাঃ৷
[ বেগেৰে প্ৰস্থান। খোলা তৰোৱাল লৈ বসন্তৰ প্ৰবেশ ]
বসন্ত-ভয় নাই কাশ্মীৰী, যুদ্ধ কৰা যুদ্ধ কৰা; বীৰৰ দৰে যুদ্ধ কৰা। প্ৰমত্ত
মাতাঙ্গৰ দৰে শত্ৰুসৈন্য নিৰ্ম্মূল কৰা।
[ বেগেৰে প্ৰস্থান। বিপৰীত ফালৰ পৰা কাশ্মীৰ সৈন্যৰ বেশত
অনন্তৰ অন্তৰৰ, প্ৰবেশ ]
অনন্ত-- প্ৰতাপসিংহ, কাশ্মীৰৰ প্ৰধান সেনাপতি, ছদ্মবেশেৰে যম অনন্ত আজি
তোৰ পাচে পাচে ফুৰিছে। আৰু পৰিত্ৰাণ নাই। মোৰ এই তীক্ষ অসি
প্ৰতিহিংসা পূৰ্ণ কৰিবলৈ আকুল, মোৰ তৃষ্ণাতুৰ প্ৰাণ তোৰ বক্ষৰক্ত পান
কৰিবলৈ ব্যাকুল। [ প্ৰস্থান]
[ বিপৰীত ফালৰ পৰা প্ৰতাপসিংহৰ প্ৰবেশ ]
প্ৰতাপ- সকলো চেষ্টা ব্যৰ্থ হ'ল। দুই লক্ষ কাশ্মীৰী সৈন্য নিহত, বসন্ত বন্দী।
প্ৰচণ্ড বিক্ৰমেৰে ৰাজধানী ধ্বংস কৰিবলৈ শত্ৰু আগ বাঢ়িছে। আই
কাশ্মীৰ, নেজানো তোৰ ভাগ্যত কি লিখা আছে। শক্তি দিয়া, শক্তি দিয়া জগন্মাতা, মোৰ
- জন্মভূমি স্বাধীন কাশ্মীৰক ৰক্ষা কৰিবলৈ শক্তি দিয়া।
- [ প্ৰস্থানদ্যোত। পাচ ফালৰ পৰা অনন্তই প্ৰতাপক
- অস্ত্ৰাঘাত কবি খোজে।
বিজুলি বেগেৰে বীৰেন্দ্ৰ আহি প্ৰতিৰোধ কৰে। অনন্তৰ অস্ত্ৰ পৰি যায়]
ই কি! ইকি!মোক হত্যা কৰিবলৈ আহিছে বীৰেন্দ্ৰসিংহ
বীৰেন্দ্ৰ- এই গুপ্তঘাটকৰ হাতৰ পৰা আপোনাৰ অমূল্য প্ৰাণ ৰক্ষা
- হোৱাৰ কাৰণে ঈশ্বৰক ধন্যবাদ দিয়ক সেনাপতি।
প্ৰতাপ- কি সৈনিক, তই মোক হত্যা কৰিবলৈ আহিছিলি?
বীৰেন্দ্ৰ— ই সৈনিক নহয় সেনাপতি। সৈনিকৰ বেশত কাশীৰৰ
- মন্ত্ৰীপুত্ৰ নৰাধ অনন্ত।
- [ অনন্তই ক্ৰুদ্ধ দৃষ্টিৰে বীৰেন্দ্ৰৰ ফালে চাই]
প্ৰতাপ- অনন্ত! [ অনন্তক ভালকৈ চাই ] ওঁ বুজিলো৷
- কোন আচ, এই কাপুৰুষক বন্দী কৰ।
- [অনঙ্গ আৰু দুটা সৈন্যৰ প্ৰবেশ]
অনঙ্গ—ৰণক্ষেত্ৰত সেনাপতিৰ আদেশ পালন কৰিবলৈ
- কোনো নাই।
অনন্ত-যুবৰাজ, ইয়েই কাশ্মীৰৰ প্ৰধান সেনাপতি প্ৰতাপসিংহ।
- বন্দী কৰক, বন্দী কৰক।
অনঙ্গ- সৈনিক, ছদ্মবেশী মন্ত্ৰীপুত্ৰক বন্দী কৰ।
- [সৈন্যই অনন্তক বন্দী কবে ; অনন্ত অবক।]
- [ বীৰেন্দ্ৰক ] কোন আপুনি যুবক?
বীৰেন্দ্ৰ—মই নিৰ্ব্বাসিত কাশ্মীৰী।
অনঙ্গ-যুদ্ধক্ষেত্ৰত আপোনাৰ কি প্ৰয়োজন?
বীৰেন্দ্ৰ-যুবৰাজ, কাশ্মীৰ মোৰ জন্মভূমি। এদিন মহাপাপ কৰি কাশ্মীৰৰ পৰা
নিৰ্ব্বাচিত হৈছিলোঁ। আজি জননীৰ কাৰণে প্ৰাণ দি প্ৰায়চিত্ত কৰিবলৈ
ৰণক্ষেত্ৰলৈ লৰি আহিছোঁ।
অনঙ্গ-তেন্তে যাওক বীৰ, যাওক সেনাপতি, যদি পাৰে প্ৰাগজ্যোতিষৰ দুৰ্জ্জয়
বাহিনী পৰাস্ত কৰি এতিয়াও কাশ্মীৰক ৰক্ষা কৰক। সৈনিক-[ প্ৰস্থান ]
[ সৈনিকে বন্দী অনন্তক পাচে পাচে লৈ যায়।]
অনন্ত- [ যাওঁতে ] পদে পদে ব্যৰ্থতা, পদে পদে লাঞ্চনা
[ প্ৰস্থান ]
প্ৰতাপ -আহাঁ বীৰেন্দ্ৰসিংহ, পূৰ্ব্বৰ শত্ৰুতা পাহৰি আমাৰ অৱশিষ্ট সৈন্য লৈ
কামৰূপৰ কৰাল গ্ৰাসৰ পৰা কাশ্মীৰক উদ্ধাৰ কৰো। [ প্ৰস্থানদ্যোত;
বসন্তৰ প্ৰবেশ ]
বসন্ত—সেনাপতি।
প্ৰতাপ—তুমি কেনেকৈ আহিলা বসন্ত।
বসন্ত—মহানুভৱ যুৱৰাজে জন্মভূমিৰ কাৰণে যুদ্ধ কৰিবলৈ মোক মুক্তি দিছে।
প্ৰতাপ-তেন্তে, ব’লা, বীৰেন্দ্ৰসিংহ, ব’লা বসন্ত, আমাৰ এই ত্ৰিশক্তি সন্মিলন কৰি
মহাভৈৰব ত্ৰিশূলীৰ দৰে শত্ৰুসৈন্য এফালৰ পৰা সংহাৰ কৰো। [সকলোৰে
প্ৰস্থান ]
⸻
৩য় দূশ্য--অন্তঃপুৰ।
(শয্যাত ৰুগ্না ৰত্না। কাষত বিমলা, কমলা; মন্ত্ৰী আৰু বিজয়সিংহ)
ৰত্না—বিজয়, মোৰ সময় চাপি আহিছে আৰু।
বিজয়-তেনে অমঙ্গলীয়া কথা ন’কবা আই।
ৰত্না—মঙ্গল অমঙ্গল কি আছে পুত্ৰ, এদিন আহিছো এদিন যাবই লাগিব। মনত
মাত্ৰ দুখ থাকিল কমলাৰ কাৰণে। উস্। [ ৰৈ ] কমলা কলৈ গ'ল
বিজয়?
কমলা-[ ওচৰ চাপি ] কি লাগে আই?
ৰত্না –এটোপা পানী দে আই। [ কমলাই পানী খুৱাই দিয়ে। ৰত্নাই কমলাৰ মূৰত
হাত ফুৰাই ] আশীৰ্ব্বাদ কৰিছো আই, কুশলে থাক। বিজয়, কমলাক
গতালোঁ।
[ দূতৰ প্ৰবেশ ]
দূত-মহাৰাজ, যুদ্ধত আমাৰ পৰাজয় হৈছে। বিতস্তাৰ পাৰত দুই লক্ষ কাশ্মীৰী
সৈন্য নিহত। প্ৰবল বেগেৰে শত্ৰু ৰাজধানীৰ ফালে আগুৱাইছে।
বিজয়-পৰাজয় হৈছে। দুই লক্ষ সৈন্য নিহত। প্ৰতাপ আৰু বসন্ত কত?
দূত-অৱশিষ্ট সৈন্য লৈ শত্ৰুৰ সন্মুখীন হৈছে। [ প্ৰস্থান ]
বিজয়—মন্ত্ৰী। মন্ত্ৰী- মহাৰাজ মই যুদ্ধলৈ যাওঁ। শত্ৰু ৰাজধানী সোমোৱাৰ আগতে যদি পাৰো
মোৰ ক্ষুদ্ৰ প্ৰাণ দি স্নেহময়ী কাশ্মীৰৰ ঋণ পৰিশোধ কৰোঁ।
বিজয়— আপুনি যে বৃদ্ধ। এনে অৱস্থাত-
মন্ত্ৰী- মহাৰাজ, আজি বৃদ্ধ বুলি আৰু বহি থাকিবৰ সময় নহয়! মোৰ বিপন্না
জননীৰ কৰুণ আহ্বান কাণত পৰিছেহি;আহত অৰ্দ্ধমৃত কাশ্মীৰী সৈন্যৰ
আৰ্ত্তনাদ এই প্ৰাসাদত প্ৰতিধ্বনিত হৈছেহি। কাশ্মীৰৰ আকাশ বতাহ, তৰু
লতা,পশু পক্ষীয়ে, কান্দি কান্দি চিঞৰি কৈছে, কাশ্মীৰ যায় যায়,কোন
ক’ত আছ, শত সাধনাৰ কাম্যভূমি কাশ্মীৰক ৰক্ষা কৰিবলৈ লৰি আহ!
ক্ষমা কৰিব মহাৰাজ, আৰু বিলম্ব কৰিব নোৱাৰো, আহিলো [ প্ৰস্থান ]
ৰত্না- আমাৰ পৰাজয় হৈছে বিজয়?
বিজয়- চিন্তা নকৰিবাঁ আই। মন্ত্ৰী যুদ্ধলৈ গৈছে; প্ৰতাপ আৰু বসন্ত এতিয়াও
জীয়াই আছে।
[ দুতৰ প্ৰবেশ ]
দূত- মহাৰাজ, আমাৰ সৈন্য এক মূহুৰ্ত্তও তিষ্ঠিব পৰা নাই। সেনাপতি বসন্ত
নিহত। শত্ৰু ৰাজধানী সোমাইছেহি। [ প্ৰস্থান]
বিজয়- বসন্ত নিহত! শত্ৰু ৰাজধানী সোমাল! সাত লক্ষ কাশ্মীৰী সৈন্যই পাচ লক্ষ
কামৰূপীক বাধা দিব পৰা নাই। কাশ্মীৰৰ শক্তি আজি কিহে কাঢ়ি নিলে।
কাশ্মীৰ, তোৰ ভাগ্যত এয়ে আছিল! ভগবান! ৰত্না — বিজয়, বি-জ-য়-[ মাতিব নোৱাৰা হয় ]
বিজয়- আই! আই! [ শয্যাত মূৰ থৈ নিমাত হয়। ]
[ বাহিৰত সৈন্যৰ কোলাহল আৰু ৰণবাদ্য। তেজেৰে ৰাঙলি হৈ প্ৰতাপৰ প্ৰবেশ ]
প্ৰতাপ- মহাৰাজ মহাৰাজ, পাৰিলে আত্মৰক্ষা কৰক আত্মৰক্ষা কৰক। সাত লক্ষ কাশ্মীৰী ভাইক মাতৃ পূজাত বলি দিছোঁ, বাকী আছে এই দুৰ্ভগীয়া! সন্তানৰ শোণিত তৰঙ্গত শ্যামলা কাশ্মীৰ ৰক্ত-ৰঞ্জিত! লক্ষ লক্ষ পুত্ৰৰ মৃতদেহ আকোৱালি ধৰি জননী কাশ্মীৰ সংজ্ঞাহীন। কাশ্মীৰ, কাশ্মীৰ আই মোৰ-অহহ মহাৰাজ বিদায়-- [ প্ৰস্থান ]
বিমলা-দাদা, দাদা, [ কান্দে। ৰত্না অস্থিৰ হয় ]
কমলা—আই, আই, কেলৈ এনেকুৱা কৰিছা? আই-
বিমলা-[ চকু মোহাৰি ] আই, ই কি! দাদা! [ বিজয়ৰ কাষলৈ যায়]
ৰত্না- মই—আ-হি-লো। [ মৃত্যু।
বিজয়--আই, আই! [ ৰত্নাৰ ভৰিত মূৰ থৈ নিমাত হয় ]
কমলা, বিমলা- আই আই। [ ৰত্নাৰ গাত মূৰ থৈ কান্দে]
নেপথ্যত-জয় প্ৰাগজ্যোতিষৰ জয়। জয় মহাৰাজ বিশ্বসিংহৰ জয়।
[কেইটামান সৈন্য লগত লৈ সূৰ্য্যসিংহৰ প্ৰবেশ ]
বিজয়- [ মূৰ ডাঙি ] কোন তোমালোক?
সূৰ্য্য- আপোনাৰ শত্ৰু বিজয়- ইয়াত তোমালোকৰ কি প্ৰয়োজন?
সূৰ্য্য- আপোনাক আৰু ৰাজকুমাৰীক বন্দী কৰা।
কমলা,বিমলা- দাদা দাদা! উস্-আই, আই। [ ৰত্নাৰ মৃতদেহ দুয়ো গবা মাৰি ধৰে ]
বিজয়- [ ক্ষন্তেক আকাশৰ ফালে চাই, গম্ভীৰ স্বৰেৰে ] কামৰূপী বীৰ, ক্ষন্তেক আগতে কাশ্মীৰৰ ৰাজমাতায় এই শয্যাতে অনন্ত শয়ন কৰিছে। বীৰ তোমালোক, ভাৰত বাসী তোমালোক, মাতৃৰ অন্ত্যেষ্টি ক্ৰিয়া সমাপন কৰিবলৈ আশাকৰো সময় দিবাঁ।
সূৰ্য্য- আমি সম্পূৰ্ণ অক্ষম। শত্ৰুক বিশ্বাস কৰা আমাৰ নিয়ম নহয়। [ সৈনিক] বন্দী কৰ।
বিজয়— তেন্তে, তেন্তে, মূহুৰ্ত্তৰ কাৰণে অপেক্ষা কৰা কামৰূপী বীৰ। জননীক শেষ বাৰৰ কাৰণে চাই লওঁ। ঘূিৰি] আই-
সূৰ্য্য- আপোনাক সময় দি আমি সময় নষ্ট কৰিব নোৱাৰোঁ। সৈনিক, কাশ্মীৰাধিপতি আৰু ৰাজকুমাৰীক বন্দী কৰ।
[ সৈন্য আগ বাটে ]
[ অনঙ্গৰ প্ৰবেশ। তেওঁক দেখি সৈন্য পাচ হোঁহকে। ]
অনঙ্গ- প্ৰাগজ্যেতিষৰ কীৰ্ত্তিস্তম্ভ পলকতে নৰকৰ গৰ্তভ নিক্ষেপ কৰিলি কাপুৰুষ। কি কৰিলি, কি কৰিলি নৰাধম! প্ৰাগজ্যোতিষৰ পূজাৰ বিগ্ৰহ বিতস্তাৰ সোঁতত উঠি গ'ল, কামৰূপৰ বিজয় পতাকা কাশ্মীৰৰ ধুলিত মিহলি হ’ল। ইয়াৰ কাৰণেই, ইয়াৰ কাৰণেই কাশ্মীৰ জয় কৰিবলৈ আহিছিলি! ইয়াৰ কাৰণেই বীৰ বুলি, বিজয়ী বুলি কাশ্মীৰত চিনাকি দিছিলি!
সূৰ্য্য-[ সভয়ে } যুবৰাজ।
অনঙ্গ—দূৰ হ। [ সূৰ্য্যসিংহ আৰু সৈন্যৰ প্ৰস্থান। ক্ষন্তেক মোন হৈ থাকি ] মহাৰাজ, প্ৰাগজ্যোতিষে আজি আপোনৰ ওচৰত, স্বৰ্গগতা জননীৰ ওচৰত যি অপৰাধকৰিলে, তাৰ বাবে নতজানুহৈ কামৰূপৰ যুবৰাজে ক্ষমা প্ৰাৰ্থনা কৰিছে। [ আঠু কাঢ়ে]
বিজয়- [তুলি দি} উঠক বীৰ, উঠক যুবৰাজ। মাতৃ হাৰা সন্তপ্ত, মই, মোক আৰু অপৰাধী নকৰিব। বিজয়ী বীৰ, আজি আপুনি কেৱল কাশ্মীৰ ৰাজ্য জয় কৰা নাই, আপোনাৰ উদাৰ অন্তঃকৰণেৰে কাশ্মীৰবাসীৰ হৃদয় জয় কৰিলে।
অনঙ্গ- মহাৰাজ, কাপুৰুষ সূৰ্যসিংহই আজি যি মহাপাপ কৰিলে, তাৰ প্ৰায়চিত্তৰ কাৰণে আপোৰ ৰাজ্য আপোনা হাতত সমৰ্পন কৰিলো। বিদায়।
[ প্ৰস্থান ]
তৃতীয় অঙ্ক শেষ।
চতুৰ্থ অঙ্ক।
১ম দৃশ্য—বিশ্বসিংহৰ ৰাজসভা
( সিংহাসনত বিশ্বসিংহ, এফালে আসনত চন্দ্ৰহিংস, আনফালে থিয়হৈ সূৰ্য্যসিংহ, শৃঙ্খলাবদ্ধ অনন্ত আৰু এটা সৈনিক)
বিশ্ব-সঁচা কথা কোৱা কাশ্মীৰী, তোমাৰ একো ভয় নাই।
অনন্ত - মহাৰাজ, কাশ্মীৰৰ সাত লক্ষ সৈন্য নিধন কৰি মন্ত্ৰী আৰু সেনাপতিক বন্দী কৰি যুবৰাজে কাশ্মীৰ অধিকাৰ কৰিছিল। কিন্তু প্ৰাগজ্যোতিষলৈ ঘূৰি অহাৰ আগতে মন্ত্ৰী আৰু সেনাপতিক মুক্তি দি যুবৰাজে কাশ্মীৰ ৰাজ্য পুনৰ বিজয়সিংহৰ হাতত সমৰ্পণ কৰিলে।
বিশ্ব- আৰু?
অনন্ত- সেনাপতি সূৰ্য্যসিংহই বিজয়সিংহ আৰু কমলাক বন্দী কৰিব খুজিছিল, কিন্ত যুবৰাজে সেনাপতিক অপমান কৰি প্ৰসাদৰ পৰা খেদি দিলে।
সূৰ্য্য— মোক অপমান কৰি খেদি দিলে মহাৰাজ।
বিশ্ব–[ অনন্তক ] তোমাক বন্দী কৰি আনিলে কিয়?
অনন্ত— কাশ্মীৰৰ সেনাপতি প্ৰতাপসিংহক হত্যা কৰিব খুজিছিলো। সেইবাবেই যুবৰাজে মোক বন্দী কৰি আনিলে।
বিশ্ব- কিয় কাশ্মীৰৰ সেনাপতিক হত্যা কৰিব খুজিছিল? অনন্ত-কাশ্মীৰৰ সেনাপতি মোৰ চিৰ শত্ৰু। কূট প্ৰতাপসিংহই বিজয়সিংহক উত্তেজিত কৰি, বিনা কাৰণত মোক ৰাজ্যৰ পৰা নিৰ্ব্বাসিত কৰিছে মহাৰাজ। বিশ্ব—তেন্তে তুমি কাশ্মীৰৰ সপক্ষে যুদ্ধ কৰা নাছিলা?
অনন্ত- নাই কৰা মহাৰাজ। যুবৰাজৰ লগত যোগ হৈ কাশ্মীৰৰ বিপক্ষে যুদ্ধ কৰিব খুজিছিলো, কিন্তু যুবৰাজ সম্মত নহৈ মোক মাত্ৰ তিৰস্কাৰহে কৰিলে।
সূৰ্য্য- সঁচা কথা মহাৰাজ। মন্ত্ৰীপুত্ৰক তিৰস্কাৰ কৰি শিবিৰৰ পৰা বাজ কৰি দিলে।
বিশ্ব-তুমি মন্ত্ৰীপুত্ৰ।
অনন্ত-হয় মহাৰাজ।
বিশ্ব-[ খং উঠি ] সূৰ্য্যসিংহ মন্ত্ৰীপুত্ৰৰ শিকলি খুলি দিয়া, আৰু এই মূহুৰ্ততে অনঙ্গক মাতি আনা! মন্ত্ৰী [ সূৰ্য্যসিংহই অনন্তৰ শিকলি খুলি দি সৈনিকৰ সৈতে প্ৰস্থান কৰে।]
চন্দ্ৰ- মহাৰাজ।
বিশ্ব- [ খঙেৰে ] প্ৰাগজ্যোতিষৰ সিংহাসনত বহি মই ৰাজ্য শাসন কৰিছোনে, নাই শিশুৰ দৰে মাটিত বাগৰি ধূলি বালিৰ পুতলা গঢ়িছো!
মন্ত্ৰী- [ সভয়ে ] ৰাজ্যশাসন কৰিছে মহাৰাজ। [ অনঙ্গ আৰু সুৰ্য্যসিংহৰ প্ৰবেশ ]
বিশ্ব- অনঙ্গ।
অনঙ্গ- পিতা।
বিশ্ব- বিজয়সিংহ আৰু কমলাক বন্দী কৰি অনা ন’হল কিয়? [ অনঙ্গ নিমাত ] নিমাত হ'লে নহব, উত্তৰ লাগে
অনঙ্গ-সনাতন হিন্দু ধৰ্ম্মৰ গঙ্গাজলত সমগ্ৰ ভাৰতবৰ্ষ বিধৌত; পিতাৰ আদেশত ভাৰত তনয়া কাশ্মীৰৰ নীল বৰ্ণ বাৰিধাৰা অৰুণিমা কৰিছো, কিন্তু তাৰ শ্বেতপদ্ম ছিঙি আনি অপবিত্ৰ কৰিবলৈ সাহ নহল।
বিশ্ব-তেন্তে এটা আমোদৰ কাৰণে বত্ৰিশ কোটি মুদ্ৰা আৰু দুই লক্ষ কামৰূপী বীৰ, কাশ্মীৰত উটুৱাই দিবলৈ তোক অধিনায়ক পাতিছিলো?
অনঙ্গ—পিতা, তীক্ষ্ণতৰ তৰোৱালেৰে প্ৰতিশোধ নলৈ, প্ৰেম আৰু ক্ষমাৰে প্ৰতিশোধ লবলৈ শিকক।
বিশ্ব-শিক্ষাগুৰু শুক্ৰাচাৰ্য্য, তোমাৰ শিক্ষা মোক নেলাগে। কুলকণ্টক, ৰাজভক্ত সূৰ্য্যসিংহক অপমান কৰিছ, শুভাকাঙ্খী মন্ত্ৰীপুত্ৰক বন্দী কৰিছ, কিন্তু, যি মোৰ এই জীৰ্ণ বুকুত অপমানেৰে বজ্ৰাঘাত কৰি মৰ্ম্মাহত কৰিলে, তাক পূজা কৰি তাৰ চৰণত কাশীৰ ৰাজ্য নৈবেদ্য দি উভতি আহিছ। শুন নিলৰ্জ্জ, আজিৰ পৰা তই মোৰ তেজ-পুত্ৰ। প্ৰাগ- জ্যোতিষৰ সিংহাসনত তোৰ কোনো অধিকাৰ নাই। তোৰ প্ৰেম আৰু ক্ষমাৰে পৃথিবী জয় কৰি তাৰ অধীশ্বৰ হৈ থাক।
অনঙ্গ-মহাৰাজৰ আদেশ শিৰোধাৰ্য্য।
মন্ত্ৰী--মহাৰাজ, মাতৃহাৰা ৰাজপুত্ৰ--
বিশ্ব-কথা নকব। মন্ত্ৰী। সূৰ্যসিংহ।
সূৰ্য্য-মহাৰাজ। বিশ্ব—আৰু পাঁচ লক্ষ সৈন্য লৈ পুনৰ কাশ্মীৰ যাত্ৰা কৰা কাশ্মীৰৰ এটি প্ৰজাকো জীবিত নেৰাখিবাঁ। বিজয়সিংহ আৰু কমলাক বন্দী কৰি আনিবাঁ। যদি নোৱাৰিবাঁ, মনত ৰাখিবাঁ, ঘাটকৰ তৰোৱাল আৰু তোমাৰ মূৰ। [ সূৰ্যযসিংহই মূৰ দোৱাই সন্মতি প্ৰকাশ কৰে ] মন্ত্ৰীপুত্ৰ। অনন্ত-মহাৰাজ।
বিশ্ব-সূৰ্য্যসিংহৰ লগত সৈন্যধ্যক্ষ স্বৰূপে তুমিও যোৱাঁ। তোমাৰ চিৰশত্ৰুৰ ওপৰত প্ৰতিশোধ লোৱাঁ।
অনন্ত—যি আদেশ। [ স্বগত ] বিজয়সিংহ, প্ৰতাপসিংহ আৰু বীৰেন্দ্ৰসিংহ, এইবাৰ।
অনঙ্গ—কামৰূপৰ দীনহীন প্ৰজাস্বৰূপে এই নিৰ্ম্মম হত্যাকাণ্ডৰ পৰা নিৰস্ত হবলৈ মহাৰাজৰ চৰণত সানুনয়ে প্ৰাৰ্থনাজনাইছোঁ।
বিশ্ব-মহাৰাজে সেই প্ৰাৰ্থনালৈ কৰ্ণপাত নকৰে।
অনঙ্গ-তেন্তে মোৰ জন্মভূমি প্ৰগেজ্যোতিষৰ ধৰ্ম্মৰক্ষাৰ কাৰণে, কাশ্মীৰত কামৰূপীৰ বিৰুদ্ধে ময়ো অস্ত্ৰ ধৰিবলৈ বাধ্য।
বিশ্ব–[ খঙত অধৈৰ্য হৈ ] কি! কামৰূপীৰ বিৰুদ্ধে অস্ত্ৰ ধৰিবি। কোন আছ, এই কুলাঙ্গাৰক বন্দীকৰ, বন্দীকৰ।
অনন্ত—মই বন্দী কৰিম। [ আগবাঢ়ে ]।
অনঙ্গ-পৰপদলেহী কুক্কুৰ। গোৰমাৰি পেলাই দি ] অনঙ্গক বন্দী কৰিবলৈ প্ৰাগজ্যোতিষত জন্ম ধাৰণ কৰা। সূৰ্য্যসিংহ, এইবাৰ কাশ্মীৰত হব কামৰূপৰ অস্ত্ৰ পৰীক্ষা! পিতা বিদায়। [ প্ৰস্থান ]
২য় দৃশ্য—ৰাজপ্ৰাসাদৰ বাৰাণ্ডা।
(বিষাদ মনেৰে কমলাৰ প্ৰবেশ )
কমলা—[ নিজে নিজে ] সেই, সেই বিশ্ববিমোহন মূৰ্ত্তি, পলকতে আহি পলকতে আঁতৰি গ'ল। দাদাক ৰাজ্য দিলে, মন্ত্ৰী সেনাপতিক মুক্তি দিলে, কিন্তু, মোক দিলে কি? ইমান দয়াশীল অথচ তুমি ইমান নিষ্ঠুৰ! পিতৃমাতৃ হীনা অভাগিনীৰ অন্তৰত সুখ-সপোনৰ এটি সোণালীৰেখা আঁকি, তাক মচি দিবলৈ কিয় দেখা দিছিলাহি। তোমাক কাশ্মীৰলৈ মাতিছিল কোনে? অন্তঃপুৰত সোমাবলৈ তোমাৰ কি অধিকাৰ আছিল! [ একেৰাহে এফালে চাই থাকি পুৰুষ, তুমি, নহয় নহয়, তুমি কাপুৰুষ। কাশ্মীৰত যুদ্ধ জয় কৰিবলৈ তুমি অহা নাই, আহিছিলা মোৰ বুকু ভাঙিবলৈ, মোক বাউলী কৰিবলৈ।
—গীত-
মোৰ পৰাণৰ গোপন ব্যথা
কবি গৈ পৱন বিৰহী কবিক
ৰচিব ৰঙ্গীন সপোন কথা।
মেঘালী ৰূথত সোণালী ৰেখা
যায় আঁতৰি, পলকে দেখা
সেই ৰেখাতেই আগেহি প্ৰাণত,
স্মৃতিৰ বকুল গোপনে গঁথা
শাৰদী নিশাৰ অৱশানে
সুৱদি স্মৃতি আনে
গোপন গানে,
সোণালী ৰেখাৰ সেই সপোনতে
আহে প্ৰিয় মোৰ গোপ গানে,
যেন কোনোবাই পৰশ ভৰা।
বাহীটি বাই পুলক উঠা।
[ গীতৰ শেষত কমলা যাব খোজোতেই, বীণা এখনৰ তাৰ এডাল | লিৰিকি বিদাৰি বিমলাৰ প্ৰবেশ ]
বিমলা-সখী, সুৰ বান্ধিব খোজোতেই তোমাৰ বীণাখনৰ তাৰ ছিগিল হে।
কমলা- চাওঁ। [ বীণাখন লয়, এনেতে প্ৰতাপসিংহৰ প্ৰবেশ ]
প্ৰতাপ- বিমলা।
বিমলা- দাদা। [ প্ৰতাপক দেখি কমলাৰ প্ৰস্থান ]
প্ৰতাপ- মহাৰাজক মই আহিছোঁ বুলি কবাঁ।
বিমলা— বাৰু। [ প্ৰস্থান ]
প্ৰতাপ- [ নিজে নিজে ] হঠাতে মহাৰাজে এইদৰে মতাই পঠোৱাৰ কাৰণ বুজিব পৰা নাই।
[ ভাবি থাকে বিজয়সিংহৰ প্ৰবেশ, প্ৰতাপে অভিবাদন কৰে।
বিজয়— সেনাপতি, তোমাৰ কথামতেই বীৰেন্দ্ৰসিংহৰ দণ্ডাদেশ প্ৰত্যাহাৰ কৰি, পুনৰ তেওঁক পূৰ্ব্বপদত নিযুক্ত কৰিবলৈ মোৰ একো আপত্তি নাই। কিন্তু যদিহে তেওঁ--
[ বেগেৰে বিমলাৰ প্ৰবেশ ]।
বিমলা—মহাৰাজ, সখী মূৰ্চ্ছা গৈছে। [প্ৰস্থান ]
বিজয়- কমলা মূৰ্চ্ছা গৈছে! সেনাপতি, সোনকালে ৰাজ- বৈদ্যক সম্বাদ দিয়া [ প্ৰতাপৰ প্ৰস্থান। বিজয়, নিজে নিজে ] বিজয়, তোৰ কপালত আৰু সুখ ন'হল। [ প্ৰস্থান]
⸻
৩য় দৃশ্য
(গীত গাই গাই সন্যাসীৰ প্ৰবেশ )
সুখৰ মালতী পাহি দুখতে মৰহি গ'ল,
সপোনৰ মধুপুৰী পুৱাতে নোহোৱা হ'ল।
চিকুণী কুঁহিটি মেলি
মলয়াত ঢউ খেলি
আশাৰে আকাশীলতা নিৰাশাতে জহি গল।
পৰশ পাথৰে গথা।
সোণৰ কলচী পতা
মনে সজা মায়া দল পচোৱাই ভাঙি গ'ল। [ প্ৰস্থান]
৪ৰ্থ দৃশ্য—কাশ্মীৰ প্ৰাসাদ কক্ষ
( বিষন্ন মনেৰে বিজয়সিংহৰ প্ৰবেশ )
বিজয়- [নিজে নিজে ]এনে এটা দিন নগল, যিদিনা শান্তিৰে নিশ্বাস লব পাৰিলোঁ। দিনে ৰাতিয়ে কাশ্মীৰৰ চিন্তাই মোক ব্যাকুল কৰি তুলিছে। কাশ্মীৰৰ আৰু আগৰ শ্ৰী নাই। কাশ্মীৰ আজি শক্তিহীনা, সম্পদ বিহীন; ইফালে অন্তঃপুৰত পূৰ্ণযুৱতী কমলা আজিও অবিবাহিতা। [হুমুনীয়া কাঢ়ে; মন্ত্ৰী আৰু প্ৰতাপৰ প্ৰবেশ ] মন্ত্ৰীবৰ যিমান সোনকালে পাৰে কমলাৰ বিবাহৰ আয়োজন কৰক।
মন্ত্ৰী-[ আচৰিত হৈ ] বিবাহৰ আয়োজন! পাত্ৰ ক'ত মহাৰাজ?
বিজয়-পাত্ৰ বিচাৰি উলিয়াব লাগিব। ভাৰতৰ প্ৰত্যেক ৰাজ্যলৈ আকৌ এবাৰ দূত পঠাওক। অ’ শুনিছো অৱন্তী পুৰৰ ৰাজকুমাৰ বিদ্বান, বুদ্ধিমান আৰু ৰূপৱস্ত , সেয়ে যদি হয়, অবন্তীপুৰে কাশ্মীৰৰ লগত সম্বন্ধ স্থাপন কৰিবলৈ বোধকৰো অমান্তি নহব।
প্ৰতাপ—অৱন্তীপুৰৰ যুৱৰাজ প্ৰদীপকুমাৰ মোৰ পৰিচিত। প্ৰদীপকুমাৰ ৰাজকুমাৰীৰ যোগ্য পাত্ৰ।
বিজয় -তেন্তে মন্ত্ৰী, প্ৰথমে অৱন্তীপুৰলৈকে দূত পঠাওক?
মন্ত্ৰী—ভাল মহাৰাজ।
[ প্ৰহৰীৰ প্রবেশ ]
প্ৰহৰী- এজন কামৰূপীয়ে অতি শীঘ্ৰে মহাৰাজক দেখা পাব খোজে ।
বিজয়-- মাতি আন, সসম্মানে। কামৰূপীৰ কাৰণে মােৰ প্রাসাদ উন্মুক্ত। [ প্ৰহৰীৰ প্রস্থান ] প্রাগজ্যোতিষৰ পৰা বোধকৰাে-
[ অনঙ্গৰ প্রবেশ ]
অনঙ্গ- মহাৰাজ।
বিজয় – ই কি! ই কি? [ সকলো আচৰিত হয় ]
অনঙ্গ- আচৰিত হৈছে মহাৰাজ ? আচৰিত হ'ব লগীয়া একো নাই ।
বিজয়- অপোনাৰ আজি এই বেশ কিয় যুবৰাজ ?
অনঙ্গ- মই আৰু যুবৰাজ নহওঁ; কামৰূপৰ এটি নগন্য প্রজা মাত্র। যাওক সেই কথা। কাশ্মীৰাধিপতি, কাশ্মীৰ ৰক্ষাৰ কাৰণে প্রস্তুত হওক।
বিজয়- কাশ্মীৰ ৰক্ষাৰ কাৰণে প্রস্তুত হব লাগে ? কাৰণ ?
অনঙ্গ- পাঁচ লক্ষ কামৰূপী পুনৰ কাশ্মীৰ ধ্বংস কৰিবলৈ লৰি আহিছে।
বিজয় - আকৌ কামৰূপী!
প্রতাপ- যুবৰাজ, ইয়ো সম্ভব নে?
অনঙ্গ- অসম্ভব একো নাই প্রতাপসিংহ। দ্বাপৰ যুগত যদি বালক অভিমন্যুক সপ্তৰথীয়ে হত্যা কৰিব পাৰে, এই কলি যুগতো অৰ্দ্ধদগ্ধা কাশ্মীৰক ছাই ভস্ম কৰা একো অসম্ভব নহয়।
বিজয়- এই দ্বিতীয় অভিজানৰ উদ্দেশ্য কি যুবৰাজ?
অনঙ্গ— কাশ্মীৰ জনশূন্য কৰা। মহাৰাজ বিজয়সিংহ আৰু ৰাজকুমাৰীৰ ওপৰত প্ৰতিশোধ লোৱাঁ।
মন্ত্ৰী- উপহাস নকৰিব ৰাজপুত্ৰ।
অনঙ্গ- মন্ত্ৰীবৰ, সুদূৰ কামৰূপৰ পৰা আহি কাশ্মীৰত উপহাস কৰিবলৈ অনঙ্গ উন্মাদ হোৱা নাই।
প্ৰতাপ- [ গহীন হৈ ] কামৰূপৰ যুবৰাজেই বোধকৰো এই যুদ্ধৰো অধিনায়ক।
অনঙ্গ-ভুল নকৰিব সেনাপতি। মহাৰাজ, আগেয়েই কৈছোঁ মই এটা নগন্য কামৰূপৰ প্ৰজা মাত্ৰ। এই যুদ্ধৰ অধিনায়ক সেনাপতি সূৰ্য্যসিংহ আৰু কাশ্মীৰৰ মন্ত্ৰীপুত্ৰ অনন্ত
মন্ত্ৰী-অনন্ত?
প্ৰতাপ-অনন্ত।
বিজয়-বুজিলোঁ।
[ হুমুনীয়া কাঢ়ি দুখে বেজাৰে মন্ত্ৰীৰ লাহে লাহে প্ৰস্থান।
বিজয়-[ দুখেৰে ] যুবৰাজ, কাশ্মীৰ ধ্বংস ঈশ্বৰৰ অভিপ্ৰেত; মানুহৰ ক্ষুদ্ৰ শক্তিৰে তাত বাধা দি লাভ কি?
প্ৰতাপ—সেই বুলি বিনাযুদ্ধে কামৰূপীৰ হাতত, অনন্তৰ হাতত আত্মসমৰ্পণ নকৰো মহাৰাজ।
বিজয়—যুদ্ধ কৰিবলৈ সৈন্য ক’ত সেনাপতি? প্ৰতাপ— যি অৱশিষ্ট সৈন্য আছে তাৰেই শত্ৰুৰ সন্মুখীন হম।
বিজয়— সাত লক্ষ সৈন্য বলি দিও যি শত্ৰুৰ হাতৰ পৰা কাশ্মীৰ ৰক্ষা কৰিব নোৱাৰিলা, কাশ্মীৰ ৰক্ষাৰ কাৰণে আজি মাত্ৰ আঢ়ৈ লক্ষ সৈন্য লৈ সেই শত্ৰুৰ সন্মুখীন হবা! প্ৰতাপ। [ প্ৰতাপে তলমূৰ কৰে।]
অনঙ্গ- মহাৰাজ, মোৰ এটি প্ৰাৰ্থনা আছে। যদি পূৰ্ণ কৰে নিবেদন কৰিব পাৰো।
বিজয়- কওক যুবৰজ। যদি সাধ্যাতিত নহয় নিশ্চয় পূৰ্ণ কৰিম।
অনঙ্গ- আপোনাৰ আঢ়ৈ লক্ষ সৈন্য মোক দিয়ক। মহাৰাজ বিশ্বসিংহৰ বিৰুদ্ধে কামৰূপীৰ বিৰুদ্ধে এবাৰ অস্ত্ৰ চালনা কৰো।
বিজয়- পিতাৰ বিৰুদ্ধে যুদ্ধ কৰিব! কামৰূপৰ বিৰুদ্ধে অস্ত্ৰ ধৰিব!
অনঙ্গ- পিতাৰ বিৰুদ্ধে নহয়, জন্মভূমি কামৰূপৰ বিৰুদ্ধে নহয়। মহাৰাজ বিশ্বসিংহৰ বিৰুদ্ধে, পাঁচ লক্ষ কামৰূপী দস্যুৰ বিৰুদ্ধে আজি অস্ত্ৰ ধাৰণ কৰাৰ প্ৰয়োজন হৈছে। এই প্ৰয়োজন ধৰ্ম্মৰ বাবে, মনুষ্যত্বৰ বাবে, পুৰুষত্বৰ বাবে।
বিজয়- যি জন কামৰূপী বীৰে এদিন বিপন্ন বিজয়সিংহক ৰাজ্য-দান কৰিছিলে, সেই বীৰৰ হাতত আজি বিজয়সিংহৰ আঢ়ৈ লক্ষ সৈন্য পৰিচালিত হ’ব, সি যে সৌভাগ্যৰ কথা। কি কোৱা সেনাপতি? প্ৰতাপ- অকল সৌভাগ্যই নহয়; গৌৰবৰো কথা।
অনঙ্গ— তেন্তে আৰু কাল ক্ষয় কৰাৰ সময় নাই। শত্ৰু সৈন্য কাশ্মীৰ সীমান্তত ভৰি দিও দিও। আহক সেনাপতি আঢ়ৈ লক্ষ ভাৰতবাসী লৈ মহাৰাজ বিশ্বসিংহক মহাপাপৰ পৰা নিৰস্ত কৰো, জগতৰ পুণ্যক্ষেত্ৰ কামৰূপৰ চিৰন্তন ধৰ্ম্মৰক্ষা কৰো। [ প্ৰস্থান ]
প্ৰতাপ- আদেশ দিয়ক মহাৰাজ ।
বিজয়- যোৱা সেনাপতি, সৰ্ব্বান্তঃকৰণে আদেশ দিছো। [ অভিবাদন কৰি প্ৰতাপৰ প্ৰস্থান ] [ নিজে নিজে ] কমলাৰ বিবাহ, কাশ্মীৰ কুমাৰী কমলাৰ বিবাহ প্ৰজাপতিৰ প্ৰবঞ্চনা, আৰু বিশ্বসিংহৰ নৃশংসতা, অনন্তৰ ষড়যন্ত্ৰ, কামৰূপৰ ধৰ্ম্ম ৰক্ষা, কাশ্মীৰৰ স্বাধীনতা নিয়তিৰ অদ্ভূত কল্পনা।
[ প্ৰস্থান]
⸻
৫ম দৃশ্য--কাশ্মীৰৰ নিৰ্জ্জন বাট।
( চিন্তাযুক্ত ভাবে মন্ত্রীৰ প্রবেশ )
মন্ত্রী- [নিজে নিজে ] মহাৰাজ অজয়সিংহৰ দিনৰ পৰা ৰাজমন্ত্ৰীৰ বাব লৈ জীৱনৰ এই সন্ধিয়া পৰলৈকে কৰ্ত্তব্য পালন কৰি আহিছোঁ। বিজয়সিংহ আৰু কমলাক কোলাত তুলি ডাঙৰ কৰিছোঁ। কাশ্মীৰৰ উন্নতিৰ কাৰণে সকলো স্বার্থ ত্যাগ কৰি আহিছোঁ। ভাবিছিলো, শেষৰ দিনা অশেষ সম্পদশালিনী কাশ্মীৰৰ চৰণ ধূলি শিৰত লৈ হাঁহি হাঁহি মৰিব পাৰিম। কিন্তু সি হৈ নুঠিল। মদমত্ত্ব বিশ্বসিংহৰ বিষ নিশ্বাসত কাশ্মীৰৰ সুবর্ণ কান্তি জয় পৰিল ; স্বর্ণলঙ্কাৰ ভূষিতা, দীনা ভিক্ষাৰিণী হ’ল। [ ৰৈ] নিৰ্ব্বলীৰ ওপৰত বলীৰ প্রভূত্ব যুগধর্ম্ম, তাত আক্ষেপ কৰিব লগীয়া একো নাই। কিন্তু কুলাঙ্গাৰ অনন্তই কৰিলে কি! অন্নদাতা মহাৰাজ বিজয়সিংহৰ বুকুত অস্ত্রাঘাত কৰিলে। আৰু মােৰ ? জন্ম- দাতা পিতা মই তাৰ, মােৰ নিষ্কলঙ্ক শুভ্ৰ শিৰত নিকৰুণ পদাঘাত কৰিলে। এদিন যি কাশ্মীৰে মােক দেৱতাৰ দৰে পূজা কৰিছিলে, আজি সেই কাশ্মীৰত মই যেন এটা গো- ব্রাহ্মণ হত্যাকাৰী মহাপাপী। যেনিয়েই যাওঁ তাতেই ঘৃণা- বিদ্রুপ, অৱজ্ঞা । ৰাজসভাত সভাসদে ইঙ্গিতেৰে আভাষ দিয়ে,-তােমাৰ পুত্ৰ অকৃতজ্ঞ, বিদ্রোহী। ৰাজপথত প্ৰজাই অঙ্গুলিয়াই কয়,—সৌটো ৰাজদ্ৰোহী অনন্তৰ পিতা ৰাজমন্ত্ৰী!” ভগবান, আৰু কিয়? এই অভিশপ্ত অপমানিত জীৱনৰ আৰু আবশ্যক কি? [ চুৰি উলিয়াই] আহ মৃত্যু, আহ বিশ্ববিজয়িনী, তোৰ শান্তিময় কোলাত বিশ্ৰাম লৈ আজি মোৰ সকলো দুখ, সকলো সান্তাপ দূৰ কৰো। [আত্মহত্যা কৰে ]
[বীৰেন্দ্ৰ সিংহৰ প্ৰবেশ ]
বীৰেন্দ্ৰ- মহাৰাজ আৰু সেনাপতিৰ আদেশ সৈন্য সংগ্ৰহ কৰা, অশিক্ষিত কাশ্মীৰী যুবক অস্ত্ৰশিক্ষাত দীক্ষিত কৰা। কিন্তু,-[ মন্ত্ৰীৰ মৃতদেহ দেখি } ই কি? কাৰ দেহ? [ ওচৰলৈ আহি ] এ, মন্ত্ৰী! ৰক্তৰঞ্জিত কাশ্মীৰৰ মন্ত্ৰী। মন্ত্ৰী, মন্ত্ৰীবৰ। নাই, অসাৰ নিস্পন্দ! কোনে হত্যা কৰিলে। কোন মহাপাপীয়ে এই পবিত্ৰ প্ৰাণ অপহৰণ কৰিলে। মহাৰাজ, মহাৰাজ মন্ত্ৰী, মন্ত্ৰী!
[ এখন তেজেৰে ৰাঙলী পত্ৰ মন্ত্ৰীৰ গাৰ পৰা উলিয়াই আনি পঢ়ি ]
আত্মহত্যা। পুত্ৰৰ দোষত পিতাৰ প্ৰাণ বিসৰ্জন।
⸻
৬ষ্ঠ দৃশ্য- কাশ্মীৰৰ ৰাজপথ ।
( গীত গাই গাই সন্যাসীৰ প্রবেশ ।
গীত
সমাধিত চিতা নেলাগে সজাব
জ্বলোৱাঁ সুগন্ধি ধূপ
কালে নােৱাৰিলে মহিমা কাঢ়িব
নেপালে গৰিমা লােপ।
কুসুমে নোৱাৰে সুগুণ বঢ়াব
প্রদীপে আৰু কি প্রভা উজ্বলাব
চিতাৰ শিখাই নাচি বাৰে বাৰে
জ্বলাব কীৰিতি দীপ।
ৰঙা জবা ঢালি বৰিলা মৰণ
মৰণে মানিলে তোমাতে শৰণ
জীবনে মৰণে কোলাকুলি কৰে
ই কি বিমােহন ৰূপ। |
[ প্রস্থান ]
৭ম দৃশ্য--কামৰূপী সৈন্য শিবিৰৰ সমীপ।
( এফালৰ পৰা দূৰ্য্যসিংহ আৰু বিপৰীত ফালৰ পৰা অনন্তৰ প্ৰবেশ )
অনন্ত- কাশ্মীৰত ভৰি দিয়েই এটা শুভ সংবাদ পাইছো সেনাপতি।
সূৰ্য্য- কি ?
অনন্ত-পিতাই আত্মহত্যা কৰিলে।
সূৰ্য্য- এইটো শুভ সংবাদ !
অনন্ত- নিশ্চয় শুভসংবাদ। কামৰূপী সৈন্যৰ হাতত প্রাণ দিয়াতকৈ আত্মহত্যা কৰি পিতাই দূৰদৰ্শীতাৰ কাম কৰিলে। [ কিবা এটা ভাবি হঠাতে ] সেনাপতি শত্রু সৈন্য আঢ়ৈ লক্ষ; আমাৰ জয় নিশ্চিত।
সুৰ্য্য- কিন্তু যুবৰাজে যােগ দিয়া বাবে অলপ ভাবিব লগীয়া হৈছে।
অনন্ত- যুবৰাজৰ কাৰণে ভয় কি? আমাৰ সৈন্য পাঁচ লক্ষ্য।
সূৰ্য্য- যুবৰাজ অদ্ভুত যােদ্ধা।
অনন্ত- সেই কাৰণে আপুনি যদি ভয় কৰিছে অনঙ্গক বন্দী কৰাৰ ভাৰ মই ললোঁ।
সূৰ্য্য- ভাল কথা। কাইলৈ প্রত্যুষতে আমি কাশ্মীৰ সৈন্য আক্ৰমণ কৰিম । আঢ়ৈ লক্ষ্য ; অনন্ত- আজি তেন্তে অলপ বিশ্রাম কৰা যাওক।
[ দূৰত ৰণভেৰীৰ শব্দ ]
সূৰ্য্য- সেয়া কিহৰ শব্দ মন্ত্রীপুত্র ?
অনন্ত- একো নহয়।
[ বেগেৰে এটা সৈনিকৰ প্রবেশ ]
সৈন্য – সেনাপতি সেনাপতি, যুবৰাজে অতর্কিতে আমাৰ শিবিৰ আক্ৰমণ কৰিছে।
সূৰ্য্য- আক্ৰমণ কৰিছে।
অনন্ত- আজিয়েই শিবিৰ আক্ৰমণ কৰিছে। সেনাপতি আমাৰ কাইলৈহে-
সূৰ্য্য- মন্ত্রীপুত্ৰ ৰণসজ্জা কৰক! বল, এই আক্রমণ ব্যর্থ কৰিব নােৱাৰিলে আমাৰ পৰাজয় অনিবার্য্য।
[ সূৰ্য্যসিংহ আৰু সৈনিকৰ প্রস্থান)
অনন্ত- আমাৰ শিবিৰ আক্ৰমণ ! ইমান স্পর্ধা! { প্রস্থান ]
[ বিপৰীত ফালৰ পৰা প্ৰতাপ আৰু কেইটামান সৈনিকৰ প্ৰবেশ ]
প্রতাপ— যুবৰাজে পশ্চিম ফালৰ পৰা আক্ৰমণ কৰিছে, আমি দক্ষিণ ফালৰ পৰা আক্ৰমণ কৰো। ভাই কাশ্মীৰী, মৃত্যু এদিন আহিবই, ভয় কি ? আহা বীৰবৃন্দ, প্রাণ দি জননীক পূজা কৰো।[ প্রতাপ আৰু সৈনিকৰ প্রস্থান ]
[ বিপৰীতফালৰ পৰা বীৰেন্দ্র প্রবেশ ]
বীৰেন্দ্ৰ- সৈন্যসকল, বীৰসকল, কাশ্মীৰক যদি জীৱিত ৰাখিব
খুজিছা নিজ প্রাণ তুচ্চ কৰি যুদ্ধ কৰাঁ।
[ অনন্তৰ প্ৰবেশ ]
অনন্ত- আৰু যদি মৰিব খুজিছা, কি?
বীৰেন্দ্ৰ- পিতৃ হত্যাকাৰী পিশাচ!
অনন্ত- হাঃ হাঃ হাঃ! ব্ৰহ্মতালু! ব্ৰহ্মতালু! ব্ৰহ্মতালু!
বীৰেন্দ্ৰ- পৰিষ্কাৰ ৰাখিছো, আহ।
[ যুদ্ধ। অনন্তই অস্ত্ৰাঘাত কৰি বীৰেন্দ্ৰক পেলাই দি, বুকুৰ ওপৰত বহি ]
অনন্ত - বীৰেন্দ্ৰসিংহ, বিজয়সিংহৰ বিশ্বাসী ভৃত্য, চন্দ্ৰভাগাৰ তীৰত অনন্তক অপমান কৰাৰ শাস্তি এয়ে! [ তৰোৱাল বুকুত সুমাই বধ কৰে; উঠি ] বিজয়সিংহ, প্ৰতাপসিংহ আৰু কমলা, ক্ষন্ত্বেক অপেক্ষা কৰ।
[ প্ৰস্তান ]
[ বিপৰীত ফালৰ পৰা সুৰ্য্যসিংহৰ প্ৰবেশ ]
সূৰ্য্য- যুবৰাজে কালান্তক মূৰ্তি ধৰি একালৰ পৰা;কামৰূপী সৈন্য সংহাৰ কৰিছে। ইমান চেষ্টা কৰিও বাধা দিব পৰা নাই। মোৰ ডেৰ লক্ষ সৈন্য ৰণত পৰিল! ইফালে বিজয়সিংহ নিজে যুদ্ধলৈ আহিছে। কি কৰো! [ চিঞৰি ]মন্ত্ৰীপুত্ৰ, মন্ত্ৰীপুত্ৰ!
[ প্ৰতাপসিংহৰ প্ৰবেশ ]
প্ৰতাপ- মন্ত্ৰীপুত্ৰৰ পৰিবৰ্তে প্ৰতাপসিংহ আহিছে। [ তৰোৱাল দেখুৱাই ] আলিঙ্গন কৰাঁ।
সূৰ্ষ্য- আপত্তি নাই। [ যুদ্ধ ; পাচফালৰ পৰা অনন্তই প্রতাপক আঘাত কৰেহি! প্রতাপ পৰি যায় ]
প্ৰতাপ- কোন-নৰাধম—মোক-
অনন্ত- সেই নৰাধম অনন্ত । ভূতপূর্ব্ব বন্ধুবৰ প্ৰতাপসিংহ, আকৌ এবাৰ কোৱাঁ, অনন্ত কাশ্মীৰৰ কলঙ্ক ! হাঃ হাঃ হাঃ।
প্রতাপ- কাশ্মীৰ-আই–মােৰ [ মৃত্যু ]
সূৰ্য্য- মন্ত্রীপুত্র, যেতিয়ালৈকে যুবৰাজক হত্যা কৰিব নােৱাৰে, যুদ্ধ জয়ৰ আশা নাই। আহক দুয়াে একে লগে অনঙ্গক আক্রমণ কৰে। [ দুইৰো প্রস্থান ]
[ বিপৰীত ফালৰ পৰা বিজয়সিংহ প্রবেশ ]
বিজয়- [ ক্ষন্তেক গহীন হৈ বীৰেন্দ্ৰ আৰু প্ৰতাপৰ মৃতদেহৰ ফালে চাই থাকি গম্ভীৰ সুৰেৰে ] আত্মাৰ সদ্গতিৰ কাৰণে ঈশ্বৰৰ ওচৰত প্রার্থনা জনাবলৈ, সমাধি-ভূমিত বন্তি জলাবলৈ আজি সময় নাই। যােৱাঁ বীৰ যােৱাঁ বন্ধুসকল, স্বর্গপথৰ যাত্রী তােমালােক, মন্দাকিনীৰ পাৰত বিভু-ৱন্দনাৰ অধিকাৰী। [ হুমূনীয়া কাঢ়ে]
[ অনন্ত প্রবেশ ]
অনন্ত- কাশ্মীৰাধিপতি, নির্ব্বাসিত অনন্ত কাশ্মীৰত পদার্পণ কৰিছেহি। শাস্তি দিয়ক।
বিজয়-সেই শক্তি আজি মােৰ নাই অনন্ত।
অনন্ত-নাই ? হাঃ হাঃ হাঃ, তেন্তে মহাৰাজ বশ্যতা স্বীকাৰ কৰক। বিজয়-তোৰ বশ্যতা! দেশদ্ৰোহীৰ বশ্যতা! পিতৃভাটীৰ বশ্যতা! বিশ্বসিংহৰ পদলেহী কুক্কুৰ।
অনন্ত-সাৱধান বিজয়সিংহ।
বিজয় —অস্ত্ৰ ল নৰাধম।
অনন্ত-উত্তম।
[ বুদ্ধ। বিজসিংহৰ তৰোৱাল ভাগি পৰি যায় ]
বিজয়-মই নিৰস্ত্ৰ! অস্ত্ৰ দে, অস্ত্ৰ দে।
অনন্ত—অস্ত্ৰ লাগে? অস্ত্ৰ লাগে বিজয়সিংহ? হাঃ হাঃ হাঃ
[ অনঙ্গৰ প্ৰবেশ ]
অনঙ্গ-সূৰ্য্যসিংহ বন্দী, শত্ৰু সৈন্য ছত্ৰভঙ্গ! অনন্ত, হাঃ হাঃ হাঃ
[ নেপথ্যত জয়, কাশ্মীৰ জয়, জয় বিজয়সিংহৰ জয় ]
অনন্ত আত্মসমৰ্পণ কৰা।
অনন্ত -অনন্তই আত্ম-সমৰ্পণ নকৰে।
অনঙ্গ-নকৰে? তেন্তে আত্মৰক্ষা কৰাঁ। [ যুদ্ধ ]
অনন্ত -[ ক্ষন্তেক যুদ্ধ কৰি অস্ত্ৰ পেলাই দি ] আৰু যুদ্ধ নকৰো।
অনঙ্গ—আৰু যুদ্ধ নকৰো! হাঃ হাঃ হাঃ। সৈনিক।
[ দুটা সৈন্য আহি অনন্তক বন্দী কৰে।]
⸻
সামৰণি দৃশ্য
( কাশ্মীৰ প্ৰাসাদৰ বাৰাণ্ডা)
[ অন্তঃপুৰৰ পৰা এটা কৰুণ সুৰ উটি আহে। চিন্তাযুক্ত ভাবে বিজয়সিংহই পদচাৰণা কৰি থাকে। অদুৰ সন্মুখেদি ঘাটকে অনন্তক ৰণভূমিলৈ লৈ যায়। কিছুপৰৰ পাচত বিজয়সিংহই প্রাসাদৰ খিলিকি খুলি দিয়ে। দূৰত ঘাটকে অনন্ত শিৰচ্ছেদ কৰা দেখা যায়।]
বিজয়—[ খিৰিকি বন্ধ কৰি ] পাপৰ এটা জীৱন্ত প্রতিমূর্ত্তি, প্রায়চিত্তৰ কাৰণে পৰপাৰলৈ প্রস্থান কৰিছে।
(আউলী বাউলী হৈ বিমলাৰ প্ৰবেশ ]
বিমলা-[ কান্দি কান্দি ] মহাৰাজ, মহাৰাজ, দাদাক কলৈ পঠিয়ালে! বিমলাক বিপন্না কৰি, চিৰ অভাগিনী কৰি দাদা কলৈ গ'ল মহাৰাজ ?
বিজয়- বিমলা, হিংসা-দ্বেষ পৰিপূৰ্ণ পৃথিবীৰ পৰা, বীৰধৰ্ম্ম পালন কৰি চিৰানন্দ স্বর্গধামলৈ প্ৰতাপসিংহ প্রয়াণ কৰিলে। মৰতৰ মানবী অশ্ৰুৱে সেই মুক্ত আত্মাক আৰু বেদনা নিদিবা।
বিমলা—শৈশৱত পিতৃক হেৰুৱালাে, কৈশােৰত মাতৃক হেৰুৱালাে। আৰু আজি অভাগিনী মই, দুখিনীৰ আশ্রুদাতা, পিতৃস্বৰূপ দাদায়ো মােক অকলশৰীয়া কৰি এৰিথৈ গুচি গ'ল। মহাৰাজ, মহাৰাজ
বিজয়- মানবৰ ৰূপ ধৰি স্বৰ্গৰ দেৱদূতে তোৰ পাণি গ্ৰহণ কৰিছে। ভাগ্যৱতী কাশ্মীৰ। আৰু-
[ বিষন্ন মনেৰে অনঙ্গৰ প্ৰবেশ ]
অনঙ্গ - মহাৰাজ, পিতাৰ মৃত্যু হৈছে। মহাপাপী মই, মৃত্যু কালত পিতাক সেৱা কৰিবলৈ নেপালো। বন্ধু ! ক্ষমা কৰিব, এই অশুভ ক্ষণত অপোনাৰ পবিত্ৰ দান কাশ্মীৰ কুমাৰীক গ্ৰহণ কৰিব নোৱাৰিলো যদি ( কেতিয়াবা )
( সকলো হতাশ হয় )
[ কমলাৰ হাতৰ মালা মাটিত সৰি পৰে।]
যবনিকা
এই লেখকৰ লেখাসমূহ বৰ্তমান পাবলিক ড'মেইনৰ অন্তৰ্গত কাৰণ এই লেখাৰ উৎসস্থল ভাৰত আৰু "ভাৰতীয় কপিৰাইট আইন, ১৯৫৭" অনুসৰি ইয়াৰ কপিৰাইট ম্যাদ উকলি গৈছে। লেখকৰ মৃত্যুৰ পাছৰ বছৰৰ পৰা ৬০ বছৰ হ'লে তেওঁৰ সকলো ৰচনাৰ কপিৰাইট ম্যাদ উকলি যায়। (অৰ্থাৎ, ২০২৫ চনত ১ জানুৱাৰী ১৯৬৫ৰ পূৰ্বে মৃত্যু হোৱা লেখকৰ সকলো ৰচনা পাব্লিক ড'মেইনৰ আওতাভুক্ত হ’ব। )