সমললৈ যাওক

কামত কৃতিত্ব লভিবৰ সঙ্কেত

ৱিকিউৎসৰ পৰা
​
 

কামত
কৃতিত্ব
লভিবৰ
সঙ্কেত

 

লক্ষ্মীনাথ বেজবৰুৱা

​
 

কামত কৃতিত্ব লভিবৰ সঙ্কেত

 

লক্ষ্মীনাথ বেজবৰুৱা

 

সাহিত্য-প্রকাশ
গুৱাহাটা

​
 
প্ৰকাশক :
সাহিত্য প্ৰকাশ
পোঃ আসাম ট্ৰিবিউন
গুৱাহাটী
 
ছপাশাল :
ট্ৰিবিউন প্ৰেছ
গুৱাহাটী
 
প্ৰথম সংস্কৰণ— ১৮২৫ শক
নতুন ছপা : ১৯৬৪ খৃষ্টাব্দ
 
মূল্য : পয়শত্তৰ পইচা
 
শ্ৰীমতী ৰত্নাৱলী বৰুৱাৰ দ্বাৰা
সৰ্ব্বস্বত্ত্ব সংৰক্ষিত

​

পাতনি

 চোলাৰ মোনাত "নোট বুক” বা “পকেট বুক" লৈ ফুৰুৱাদি লৈ ফুৰাব পৰাকৈ মানুহৰ জীৱনত অতি লাগতিয়াল গোটাচেৰেক সঙ্কেত একে ঠাই কৰি সঙ্খেপকৈ এই পুথিখনি ৰচনা কৰিলোঁ। ইয়াৰ দ্বাৰাই এশৰ ভিতৰত এজনৰো উপকাৰ হলে মোৰ পৰিশ্ৰম সাৰ্থক হল বুলি ভাবিম। চমু বাটেদি বাট বুলি এই সংসাৰত কেনেকৈ মনুষ্য জীৱন সাম্ফল কৰিব পাৰি, তাৰ উপায় উজুকৈ এই পুথিত লেখিবৰ চেষ্টা কৰিছোঁ। সেই চেষ্টা কিনান ফেৰা সিদ্ধি হৈছে, এই পুথি পঢ়োঁতা সকলৰ গাতহে তাৰ বিচাৰৰ ভাৰ। এই পুথিৰ ভিতৰত ঠাই দিয়া আঢ়ৈ কুৰি সঙ্কেত ভালকৈ বহলাই লেখিব গ'লে, আঢ়ৈ কুৰিখন ডাঙৰ সুকীয়া পুথি হয়। কুৰি শতিকাৰ কামৰ বেমেজালি হাটৰ ভিতৰত থকা মানুহৰ আহৰি ক'ত যে সেইবিলাক পুথিত বুৰিয়াই তাৰ তলিৰ পৰা এটা এটাকৈ মুকুতা তোলে? সামৰণিত এই ফেৰা কথা কৈ থওঁ যে ইয়াৰ ভিতৰত লেখা ভালেবান উপদেশ মোৰ ক্ষুদ্ৰ জীৱনৰ অগ্নি পৰীক্ষাত উঠা।

৩৮ নং ডবচন ৰোড
হাওড়া
শক ১৮২৫
শ্ৰীলক্ষ্মীনাথ বেজবৰুৱা।
 

​

কামত কৃতিত্ব লভিবৰ সঙ্কেত

 এশৰ ভিতৰত নিৰান্নবৈজনৰ ব্যৱসায়ী হবৰ ইচ্ছা আছে। কিন্তু কি উপায় ধৰি চলিলে ব্যৱসায় শিকি এই সংসাৰত উন্নতি লভিব পাৰি তাক জনাৰ ভাগ এশৰ ভিতৰত এজন বুলি কলেও সঁচাৰ পৰা আঁতৰত পৰা নাযায় | সৰহ ভাগ লোকে ভাবে যে কম বেছি মূলধন লৈ বেহা-বেপাৰ আৰম্ভ কৰিলেই তেওঁবিলাক একো একোজন ডাঙৰ ব্যৱসায়ী পুৰুষ হৈ উঠিব। এই বিশ্বাসৰ গুৰিত যে শিপা নাই তেওঁলোকৰ মনত পোনতে নেখেলায়। লাভলৈ লোভ কৰি বেহা কৰি শেহত মূলকো হেৰুৱাইহে, অৰ্থাৎ তিতি-বুৰি হে তেওঁলোকে শিকে। “Great many men plough the ocean in different trade; somebody makes double the profit and somebody loses bread.”

 এই সংসাৰত বিত আৰু মান আৰ্জ্জি কৃতকাৰ্য্য হবলৈ যিবিলাক বাট আছে, এটাইবিলাকৰ ভিতৰত ব্যৱসায়ৰ ​বাটটো অতি কাঁইটীয়া; কিন্তু আশ্চৰ্য্যৰ বিষয় এই হে যে এনে জেং থকা আৰু কাঁইটীয়া বাটটোক বহুত মানুহে উজু বুলি ভাবে। ইংৰাজীত এটি কথা আছে “Ignorance is bliss.” দুখ-বিপদেৰে সৈতে অচিনাকী হৈ থাকিলে অৰ্থাৎ তাৰ আকৃতি প্ৰকৃতি আৰু পৰিমাণ নুবুজিলে বা নেজানিলে তালৈ ভয় নেলাগে। বেহা-বেপাৰতো সেই কথা খাটে। মূলধনৰ মোনাটো হাতত লৈ হেলাৰঙে একে দিনৰ ভিতৰতে আঁকোৱালে নোপোৱা বেপাৰী বা বৰমুদৈ সদাগৰ হবলৈ যি আশা কৰে, পৰ্ব্বতত কাছ-কণী বিচাৰি ফুৰুতেই তেওঁৰ জীৱনৰ পৰালি পৰে। বেহা-বেপাৰৰ সাধনা কঠোৰ সাধনা। ইংৰাজ এই কঠোৰ সাধনা কৰিহে আজি অদ্বিতীয় বেপাৰ আৰু তাৰ ফলত সসাগৰা বসুন্ধৰাৰ অধীশ্বৰ হৈছে। গুৰিৰে পৰা কঠোৰ সাধনা কৰি যি মনুষ্যত্ব লাভ কৰে সিহে প্ৰকৃত ব্যৱসায়ী হব পাৰে। কেনেৰূপে সাধনা কৰি মনুষ্যত্ব লভি ব্যৱসায়ত সিদ্ধকাম হব পাৰি, তাৰ গোটাচেৰেক সঙ্কেত তলত লিখি পুথিৰ আকাৰেৰে আমাৰ বন্ধুসকলৰ আগত ধৰিলোঁ। মনত এনে আশা যে বুঢ়াসকলক তেওঁলোকে পাহৰা অনেক নীতি সি সোঁৱৰাই দিব, ডেকাসকলৰ লগে লগে সি আৰিয়া ধৰি যাব আৰু লৰাবিলাকৰ আগত অধ্যাপক আসনত চেকনি লৈ বহিল।


১। সদায় সঁচা কথা কবা:

 কি ঘৰুৱা কথা, কি পৰুৱা কথা, সকলো বিষয়তে, সকলো সময়তে, সকলোৰে সৈতে ব্যৱহাৰত, ​আদান-প্ৰদানত সঁচা কথা কবলৈ কেতিয়াও নিপিছুৱাবা। বেহা-বেপাৰ বাণিজ্য ব্যৱসায়ত সঁচা এৰি মিছাৰ ধাপতো ভৰি নিদিবা। বহুতৰ ডাঠ বিশ্বাস যে বেহা বেপাৰত অনেক সময়ত মিছা কথা নকলে নচলে। ই সমূলি ভুল। মিছাৰ আশ্ৰয় লৈ পোনতে অলপ লাভ বা সুবিধাৰ মুখ দেখিবলৈ পোৱা যেন লাগিলেও শেহত সেই লাভ বা সুবিধা মৃগ-তৃষ্ণাৰ নিচিনা হয়। ঘাটৰ ঘটীয়া শিঙৰাই বৰশীৰ টোপ এবাৰ দুবাৰকৈ খাই আনন্দত দেও দি তৃতীয় বাৰত ধৰা পৰি মৰা পৰে জানিবা। অকণমান মিছা-জৰি-গুটিৰ গাজ শেহত বাঢ়ি ডাল-পোখা মেলি ডাঙৰ গছ হৈ থকা ৰংঘৰ কাৰেংঘৰ ফালি ছিৰাছিৰি কৰে। সৰু কথাত পোনতে অনাহকতে মিছা কবলৈ আৰম্ভ কৰিলে, সি লাহে লাহে অভ্যাসত পৰিণত হৈ ডাঙৰ বিষয়তো শিপাই পৰে, তেতিয়া তাক উভলা টান হয়। মিছাৰ ঠেং চুটি, বুকু ফিন্দাই তেজেৰে কেতিয়াও সি থিয় হব নোৱাৰে। মিছাৰ ৰাজস্বত অৰাজকতা ষোল কলা। মানীৰ মান, ধনীৰ ধন, সুখীয়াৰ সুখ-শান্তি সেই ৰাজ্যত নিৰাপদে বসতি কৰিব নোৱাৰে। যি মিছাৰে গঢ়ি-পিটি কোনো কথা থিয় কৰিবলৈ যায়, তাৰ কথা সম্প্ৰতি থিয় হোৱা যেন দেখিলেও, পিছত সি কাতি হৈ পৰি মিছলীয়াৰ কপালত লাজ আৰু অপমান দাগি দি ৰসাতললৈ যাবই যাব। মিছা কওঁতাৰ মনত সদায় অশান্তি; ধৰা পৰিলেই লাজত পৰি অপমানিত হম এনে ভয়ে সদায় তাৰ বুকুত উখল মাখল লগাই থাকে। মিছাৰ বেচেৰে কিনা ​সুখ-সন্তোষ আৰু লাভ শেহত “হিচাপ-নিকাচ” কৰি চালে অসুখ-অসন্তোষ আৰু লোকচানৰ ঘৰত পৰা দেখা যায়। জানি শুনিহে জ্ঞানীসকলে কৈ গৈছে “সদা সত্যং ব্ৰুয়াৎ"I

 আজিকালি প্ৰায় দেখা যায় যে মুদৈ-সদাগৰৰ 'অফিচ'ৰ অনেক কাৰ্য্যকাৰকে মিছা কথা কৈ বা মিছা হিচাপ দি গ্ৰাহকক প্ৰবঞ্চনা কৰি মালিকক ন্যায্য প্ৰাপ্যতকৈ অধিক ধন আনি দি লাভ কৰি নিজৰ কাৰ্য্যদক্ষতা দেখুৱাই তেওঁৰ প্ৰিয়পাত্ৰ হয় বা হবলৈ যতন কৰে। কিন্তু সেই কাৰ্যদক্ষ বেপাৰীয়ে এই ফেৰা কথা পাহৰে যে, সম্প্ৰতি তেওঁৰ মালিক তেওঁৰ ওপৰত যিমানেই সন্তুষ্ট হওক, সদায় সেই মালিকৰ এনে এটা চোভাৰ ভাব তেওঁৰ প্ৰতি নেথাকি নোৱাৰে যে, এই অতি চতুৰ কৰ্ম্মচাৰীজনে গ্ৰাহকক যেনেকৈ ফাঁকি দি তেওঁক টকা আনি দিছে, তেওঁকো তেনেকৈ কেতিয়াবা ফাঁকি দিব পাৰে; গ্ৰাহকক যেনেকৈ মিছা কথা কৈ লুটিছে, তেওঁকো তেনেকৈ লোটা অসম্ভৱ নহয়। বালীলৈ যি পাট শৰ সুগ্ৰীৱলৈকো সেই পাট শৰেই হব পাৰে। ব্যৱসায় শিকিব খোজা ডেকাসকলে সদায় এই কথাটি মনত ৰাখি চলিব লাগে।


২। বিশ্বাসৰ পাত্ৰ হবলৈ সদাই লক্ষ্য ৰাখিবা:

 কি ব্যৱসায়ত, কি বাহিৰা কাৰ্য্যত সকলো সময়তে এনেকৈ চলিবা, যেন লোকে তোমাৰ ওপৰত বিশ্বাস থাপি সম্পূৰ্ণৰূপে নিৰ্ভৰ কৰি নিশ্চিন্ত থাকিব পাৰে। উন্নতিৰ জখলাৰ ই প্ৰথম ধাপ জানিবা। এই ধাপৰপৰা ​ভৰি পিছলিলে, ভৰি ভাগিব, আৰু তোমাৰ ভবিষ্যত ভালৰ আশা-ভৰসাৰ মুখত ছাই পৰিব। এই বহুমূলীয়া গুণটিলৈ আওহেলা কৰি সদাগৰী “অফিচ” আৰু গবৰ্ণমেণ্টৰ “অফিচত” চাকৰি কৰা ভালেমান চোকা বুধীয়া ডেকাই নিজৰ ভৱিষ্যত উন্নতিৰ বাটত নিজে কাঁইট পোতে। আগলৈ ভালৰ আশা কৰোঁতা ডেকাবন্ধুসকল, সাৱধান! এই আৱশ্যকীয় উপদেশটি মনত ৰাখিবলৈ নেপাহৰিবা।


৩। কেতিয়াও কৰ্ত্তব্য কৰিবলৈ নিপিছুৱাবা :

 ধৰ্ম্মবুদ্ধি আৰু বিবেকৰ দ্বাৰাই পৰিচালিত হৈ যি তোমাৰ কৰ্ত্তব্য বুলি জানিবা, তাক কৰিবলৈ কেতিয়াও পিছ-ভৰি নহবা। সংসাৰত কৰ্ত্তব্য পৰাঙ্মুখ মানুহতকৈ কাপুৰুষ আৰু নাই। কৰ্তব্যবিমুখ লোকৰ পৰা উন্নতি এশ যোজন দূৰত থাকে। এহাশুধীয়া হৈ ফলাফল নিবিচাৰি কৰ্ত্তব্য কৰি যাবা, দেখিবা তোমাৰ মঙ্গল তোমাৰ মুঠিৰ ভিতৰত।

 এই কেষাৰ কথাৰ জোৰ হাতত লৈ সংসাৰৰ এন্ধাৰ বাটত আগুৱাবা।


৪৷ কথা জুখি ঠিককৈ কৰা :

 কেতিয়াও ডাল-পাত জোৰা দি বঢ়াই কোনো কথা নকবা। কথা বঢ়াই কওঁতে কওঁতে অভ্যাসৰ বশত লাহে লাহে কওঁতাজন পিছলি মিছাত পৰেগৈ। মিছলীয়া মানুহৰ মিছা কথাৰ আৰম্ভণ কথা বঢ়াই কোৱাত। ​বেহাবেপাৰ কৰোঁতাসকলে এই কথা ঘাইকৈ মনত ৰাখিব লাগে। কিন্তু বৰ বেজাৰৰ কথা যে, আমাৰ দেশৰ সৰহভাগ মানুহৰ গা এই দোষেৰে ঘূণীয়া। একোটা অতি সামান্য কথাৰ বিবৰণ দিওঁতেই তেওঁলোকে তাক বঢ়াই এনেকৈ কয়, যে তাৰপৰা প্ৰকৃত কথা চালনীৰে চালি আৰু কুলাৰে জাৰি নুলিয়ালে পোৱা টান। একোজন এই অভ্যাসত ইমান দূৰ আগুৱায় যে তেওঁৰ সঁচা-মিছা সকলো কথাৰ গাত “বিশ্বাসৰ অযোগ্য" ছাব পৰে। বাপেক-মাকে নিজৰ সন্তানক ল'ৰা কালৰেপৰা সকলো কথা ঠিককৈ কবলৈ শিকনি দিয়া উচিত। কাৰণ, ডাঙৰ হলে, এই অভ্যাসৰ শিপা উভাল নোখোৱাত পৰে অলপ দুখ পলে বৰ দুখ পালোঁ, অলপ ৰদ হলে পিঠি ফটা ৰ'দ হৈছে, একেষাৰ গালি পাৰিলে ভয়ানক গালি পাৰিছে, অলপ বেয়াক নথৈ বেয়া, অলপ জাৰকে হাড় কনকনাই যোৱা জাৰ ইত্যাদি কথা কোৱা অভ্যাস প্ৰায় মানুহৰ দেখা যায়। এই কু অভ্যাস তেনেই এৰি দিয়৷ উচিত। কাৰণ ইয়াৰ শেহ ফল বিষম। বহুত বেপাৰী-দোকানী-পোহাৰীয়ে নিজৰ বস্তু বেচিবৰ নিমিত্তে তাৰ গুণ ওফোন্দাই ফিকাই কয়। কিন্তু এবাৰ বা দুবাৰ সেই বস্তু ফিকনিত বিক্ৰী হলেও, কিনোতাই ভবিষ্যতলৈ তেওঁলোকৰ বস্তুৰ প্ৰকৃত গতিগোত্ৰ বুজি আকৌ সেই দোকানৰ দুৱাৰদলি ডেবলৈ কেৰ্ জেৰ কৰে; আৰু ডেব লাগিলেও, সেই বেপাৰীৰ কথা অসাৰ ডাল-পাত কাটি দলিয়াই পেলাই আচল ফেৰা লবলৈ হাতত কেচি লৈ ​আহে; আক কথাত ৰহণ সনা বেপাৰীজনৰ কথা খৰা-মূৰা হৈ মিছাৰ শাৰীলৈ নামে। এই শাৰীৰ লক্ষ লক্ষ বেপাৰীৰ বেপাৰ দহ বছৰৰ আগেয়ে যি মেমেৰা আছিল, আজিও দেখিবা সেই মেমেৰাই আছে, যদি ইমান দিনেও সি জয়-পাতে-ক্ষয় হোৱা নাই। যেনে দেখা যেনে শুনা ঠিক তেনেটি কৰা। কথা ভালকৈ নেজানিলে তাক নকবা | কথা বঢ়াই কোৱাৰ ফালে ঢালকে নলবা।


৫৷ নিজৰ দোষ ততালিকে স্বীকাৰ কৰিবা :

 দোষ সকলোৱে কৰে। কিন্তু ভালেমানে তাক স্বীকাৰ নকৰে আৰু কৰিবলৈ লাজ পায়। নিজৰ দোষ বুজিব পাৰিলে কেতিয়াও স্বীকাৰ নকৰাকৈ নেথাকিবা। দোষ সৈ কঢ়াটো ওখ মন আৰু সৎসাহৰ চিনাকি; আসৈ মতাটো নীচ মন আৰু কাপুৰুষতাৰ চিনাকি। বুজিব পাৰিয়েই হওক বা বুজিব নোৱাৰিয়েই হওক মানুহ মাত্ৰকেই দায়-জগৰ কৰাৰ পৰা হাত সাৰিব নোৱাৰে। সেই দায় পিছত বুজিব পাৰিলে খোলা মনেৰে সৈ কাঢ়ি আগলৈ তেনে নকৰিবলৈ মনত থিৰাং কৰি সাহিয়াল পুৰুষৰ শাৰীলৈ যাবা। তেনে কৰাটো অপমান বা লাজৰ কথা কেতিয়াও নহয়। বহুত নামজ্বলা মুখিয়াল বোলোৱা মানুহৰ গাতো এই ফেৰা সৎসাহৰ অভাৱ দেখা যায়। আপোনাৰ গাত ঘাটি হৈছে বুজিব পাৰিলে তাক স্বীকাৰ কৰা মানুহে লোকৰ পৰা সন্মান আৰু শ্ৰদ্ধা আকৰ্ষণ কৰে। দহজনে যাক প্ৰকৃত সমান আৰু শ্ৰদ্ধা কৰে

. ​তেৱেঁই উন্নত, আৰু তেওঁৰে জীৱন সাৰ্থক। যি কাৰ্য্য-কাৰকে তেওঁৰ গৰাকীৰ আগত নিজৰ ভুল আৰু দায় মুকলি মনেৰে সৈ কাঢ়ে সেই কাৰ্য্যকাৰকৰ ওপৰত গৰাকীৰ শ্ৰদ্ধা বাঢ়ে, আৰু তাৰ ফল স্বৰূপে তেওঁৰ আগলৈ ভাল হোৱাটো ধুৰূপ। যি নিজৰ দোষ বুজিও অস্বীকাৰ কৰি সেই ভুল মত বা কাৰ্য সাবটি থাকে সেই বুজন নিৰ্গতক সকলোৱে গোৱাঁৰ আৰু সৰু মনৰ বুলি ভাবে।


৬। আত্ম সন্মান সদাই অতি যতনেৰে ৰাখি চলিবা:

 যি আত্মসমান ৰাখি নচলে সি সমাজত ঘূৰ্ণিত আৰু লাঞ্ছিত হয়। আত্মসমান বলি দি সামাজিক উন্নতিলৈ হেপা মেলিলে আত্মসন্মান আৰু সামাজিক উন্নতি দুয়ো হাততে হেৰায়। যি নিজৰ সমান নিজে ৰাখি চলে সি লোকৰপৰা সন্মান পাবলৈ আশা কৰা বৃথা। কোনো কোনো লোকে ধন, সম্পত্তি, খোৱা-লোৱা বা অনুগ্ৰহৰ লোভত বিবেকৰ টেটুত খোৰোচা গাঠি দি তাক ওলোমাই থৈ ডাঙৰ মানুহৰ খোচামদ বা খাটনিত প্ৰবৃত্ত হয়। সিহঁত অতি ঘিণ লগা প্ৰাণী। সিহঁতৰ মনত নেখেলায় যে, আত্মসম্মান বেচি পোৱা ধন-সম্পতি, অনুগ্ৰহ আদি অতি অকিঞ্চিৎকৰ। অনুগ্ৰহ দিওঁতাজনৰ মনতো সেই খোচামোদীয়া জন ঘূণিত নহৈ নোৱাৰে নিশ্চয় জানিবা। কিন্তু আত্মসম্মান মানে ভেম ​বা মিছা অহঙ্কাৰ নহয়। বহুতে আকৌ ভেমক আত্মসম্মানেৰে সৈতে সানমিহলি কৰি তেওঁলোক এই বিপদত পৰে।


৭। ক্ষুদ্ৰ বিষয়তে৷ সৰল অকপট আৰু এহাশুধীয়া হবাঁ:

 ক্ষুদ্ৰ কথা ক্ষুদ্ৰ কামো যি কুৰ্চ্ছুত কপট নেৰাখি কৰে, ডাঙৰ বিষয়, ডাঙৰ কামতো তেওঁ সৰল আৰু অকপটীয়া নহৈ নোৱাৰে। বিশেষ, যাক আজি আমি সৰু কথা বুলি ভাবিছোঁ কাইলৈ তাৰ ফল ডাঙৰ হৈ উঠিব পাৰে। ক্ষুদ্ৰ কথাৰ কুফলত ডাঙৰ আপদ অহাৰ কথা পৃথিৱীৰ বুৰঞ্জীত ভালেমান আছে। সামান্য দন্দ-হাইৰ ফলত ধন-ধান্যেৰে ভৰপূৰ গৃহস্থৰ ঘৰ ভাগি ঠান ঠান হোৱা দেখা যায়। সৰু অনিয়মত মূল্যবান জীৱন যায়। ল'ৰাকালত পাইটো পইচাটো চুৰ, কৰি, আৰু পখিলাটো, চৰাইটো, মেকুৰীটোৰ পাখি ডৌকা আৰু ঠেং ভাঙ্গি, ডাঙৰ হলে ডাঙৰ চোৰ, ডাঙৰ ডকাইত আৰু ডাঙৰ খুনী হৈ ফাটক আৰু ফাঁচীত উঠা অনেকক দেখা যায়। সদাগৰী অফিচৰ, বেঙ্কৰ, চৰ্কাৰী বা কেছাৰীৰ কেৰাণী আৰু খাজাঞ্চীসকলৰ ভিতৰত হিচাপত খোহামাৰি বা গোঁজামিল দি পাইটো, পইচাটো, অনাটো, টকাটো ইফাল-সিফাল কৰা বহুতৰ অভ্যাস আছে, আৰু তেনে কৰাটো পাপ বুলি তেওঁলোকে নেভাবে। কিন্তু এনে ক্ষুদ্ৰ আৰম্ভণৰ শেহফল যে ভয়ঙ্কৰ তেওঁলোকৰ মনত নেখেলায়। উপজিয়েই ৰত্নাকৰ দস্যু বা একে দিনেই বৰ চোৰ কোনো হোৱা নাই। সৰু মিছলীয়াই অভ্যাসৰ পানী পাই ​পুলি-পোখা মেলি পিছত ডাঙৰ মিছলীয়া হয়গৈ। বি নিজে মিছলীয়া সি লোকৰ সঁচা কথাও বিশ্বাস কৰিব নোৱাৰে। দিনে-ৰাতিয়ে সন্দেহৰ ফুটা নাৱত বহি সি দুৰ্ঘোৰ অশান্তি ভোগ কৰে। বন্ধুসকল, তোমালোক গুৰিতে সাৱধান হবা; সৰু কথা, সৰু মিছা, সৰু পাপ বুলি উৰাই দি, তোমালোকৰ সৰ্ব্বহ ভৰা দিয়া জীৱন-নাৱৰ গুণ চকু মুদি হো হো কৰে টানি লৈ নেযাবা। যদি দেখা তোমালোকক এই স্বভাৱ-জোকে ধৰিছে, তেন্তে তৎক্ষণাৎ তাক বলেৰে এৰুৰাই দলিয়াই পেলাবা।


৮। সত্য পথত থাকি আপোন অভিপ্ৰায়ক নিষ্কলঙ্ক ৰাখি ধন ঘটিবলৈ পুৰুষাৰ্থ কৰিবা। :

 ধন ঘটিলেই নহয়। ধৰ্ম্মৰ বাটত, সঁচাৰ বাটত থাকি ধন ঘটিলেহে ঘটা। ডকাইতেও ধন ঘটে; বেশ্যাইও ধন ঘটে। অকল ধন ঘটাতেই বাহাদুৰী নাই। ধন ঘটা কল হৈছোঁ বুলি অহঙ্কাৰত ওফন্দি ফুৰিলেই তুমি ভাল মানুহ আৰু সজ লোকৰ শাৰীলৈ উঠিব নোৱাৰা। য়ুৰোপৰ ইহুদি আৰু ভাৰতৰ মাৰোৱাৰী সমাজৰ অগ্ৰণী নহয়—এই কথা মনত ৰাখিবা।


৯৷ ধনৰ সদ্ব্যয় কৰিবা :

 ধনে ক্ষমতা আনে। ক্ষমতাৰে লোকৰ ইষ্টানিষ্ট দুইকো কৰিব পাৰি। ধন তৰোৱালৰ নিচিনা। তাৰে হিংসক জন্তুকো বধ কৰিব পাৰি আৰু পৰমেশ্বৰৰ সৃষ্টিৰ ​মুকুট মানুহৰ ঘৈয়াইও অন্ত কৰিব পাৰি। সন্ত-সাধু লোকে ধনেৰে নিজৰ উপকাৰ পৰৰ উপকাৰ, সমাজ আৰু দেশৰ মঙ্গলজনক কাৰ্য্য কৰে।

“পৰোপকাৰায় সতাং হি জীৱনম্”।

দুৰ্জ্জনে তাৰে (দেখাত নিজৰ উপকাৰ কিন্তু শেহত স্বৰূপাৰ্থত অপকাৰ) পৰৰ অপকাৰ, আৰু সমাজ আৰু দেশৰ অনিষ্টজনক কাৰ্য্য কৰে। কাম, ক্ৰোধ লোভাদি কু-পবৃত্তি চৰিতাৰ্থ কৰাত অসৎ লোকৰ বিত্তব্যয় হয়, পৰোপকাৰ আদি সৎ কাৰ্য্যত সজ্জনৰ ধন ভগন হৈ অশেষ মঙ্গলৰ কাৰণ হয়।

"বিদ্যা বিৱদায় ধনং মদায়
শক্তিঃ পৰেষাং পৰিপীড়ণায়
খলস্য, সাধোবিপৰীতনেতৎ
দানায় ধৰ্ম্মায় চ ৰক্ষণায়।"

আজিকালি অনেক অসাৰ ধনী মানুহে নিজৰ ধনেৰে উপাধি আৰু নাম কিনি, সমাজত আৰু ৰজা-ঘৰত গণ্য-মান্য হবলৈ অহোপুৰুষাৰ্থ কৰে। কিন্তু সেই উপাধি আৰু নাম যিমান ডাঙৰ হৈয়েই বাজক, সি এপেট বতাহেৰে পূৰ ঢুলীয়াৰ ঢোল মাথোন। তেনে অসাৰ সন্মানক সাধু আৰু সাৰুৱা লোকে অতি অকিঞ্চিৎকৰ বিবেচনা কৰে; কাৰণ সি পপীয়া তৰাৰ পোহৰৰ নিচিনাকৈ চকুত জলক লগাই ক্ষন্তেকতে মাৰ যায়।

​
 

১০৷ তোমাৰ নিদ্দিষ্ট কামত সদাই উপস্থিত থাকিব :

 তুমি অফিচ কেচাৰীৰ কাৰ্য্যকাৰক নে? যদিহে তুমি তেনে বিষয়া, তেন্তে কেতিয়াও নানা চেলু বিচাৰি নিজৰ কামৰ পৰা অনুপস্থিত নেথাকিবা। ভালেমান মহৰী কেৰাণী আদি বিষয়াই পেট কামুৰিছে, মূৰ কামুৰিছে আজি বিয়া আছে, কাইলৈ সবাহ আছে, আজি বৰ ৰ'দ বৰ বৰষুণ, ইত্যাদি চেলু লৈ নিজৰ কামৰ পৰা আঁতৰি থাকি গৰাকীৰ মনত বিৰাগ ওপজাই তেওঁৰ অনুগ্ৰহৰ পৰা বঞ্চিত হৈ নিজৰ উন্নতিৰ গুৰিত নিজে বৰকুঠাৰ মাৰে। ডেকা-বুঢ়া সকলোৱে এই কথাটি সদাই মনত ৰাখি চলিলে উপকাৰ পাব।


১১। নিৰূপিত কালত সদাই তোমাৰ কামলৈ আহিবা আৰু কাম কৰিবা। :

 ভাৰতবৰ্ষৰ মানুহৰ গাত সদায় এটা বদনাম লাগি আছে যে, তেওঁলোক ঠিক সময় মতে উপস্থিত হব নোৱাৰে। য়ুৰোপীয়সকলে আমাক এই দুৰ্নামৰ ভাগী কৰে, আৰু আমিও তাক অযথাৰ্থ বুলি ডাঠকৈ কব নোৱাৰোঁ; কাৰণ আমাৰ গাৰ ফালে চকু দিলেই আমি তাক সেই দোষত লুটুৰি-পুটুৰি দেখোঁ।

 আমাৰ আগৰ তৰপৰ বুঢ়া বা অশিক্ষিত গাৱলীয়া সকলৰ কথাকে নকওঁ, আজিকালিৰ লেখা-পঢ়া শিকি ​পৈণত হোৱা সকলৰ ভিতৰতো সৰহ ভাগ এই কেৰোনে খোৱা। সাহিত্য সভা বা অসমীয়া ভাষাৰ উন্নতি সাধিনী সভা আবেলি তিনি বজাত বহিব বুলি জাননী কাকত ওলাল, সমজুৱা সকলৰ সৰহভাগ যথাসময়ত গোট খাই বহি আছে. সভাপতি ডাঙৰীয়া আহিব বুলি বাটলৈ চাওঁতে চাওঁতে তেওঁলোকৰ চকু বিষাল, কিন্তু ডাঙৰীয়া ছয় বাজিবলৈ ছয় মিনিট থাকোঁতে আহি ভটং কৰে উদয়। সমজুৱা সকলৰো কোনো পাঁচ বজাত, কোনো পাঁচ বাজি কুৰি মিনিট যোৱাত, কোনো কোনো ছয় বজাত কোনো সাত বজাত বা কোনো সভা ভাঙিবৰ সময়ত আহি উপস্থিত। সভালৈ আহোঁতেহে আমাৰ ডাঙৰীয়াসকলৰ এই গড় গতি এনে নহয়, ভোজ খাবলৈ আৰু বিয়া চাবলৈ যাওঁতেও, আন কি, মৰা পুৰিবলৈ যাওঁতেও একৈশ জনৰ একৈশটা সুকীয়া সময়। আমি বহুমূলীয়া সময়ৰ মোল নুবুজোঁ। য়ুৰোপীয়সকলে সময়ৰ সদ্ব্যৱহাৰ ঘণ্টা মিনিট আৰু চেকেণ্ড ধৰি কৰে। সেইদেখি আজি তেওঁলোক উন্নতিৰ ওখ জখলাৰ ওখ খাপত আৰ আমি তলৰ খাপত। তেওঁলোকৰ আৰ্হি লৈ এই বহুমূলীয়া গুণটি শিকিবলৈ নেপাহৰিবা।


১২। কি ঘৰুৱা জীৱন, কি বেহা-বেপেৰুয়া জীৱন কি চাকৰীয়া জীৱন, নিতৌ তাক সুব্যৱস্থিত আৰু সুগঠিত কৰি ৰাখিবা :

 কি বাটে আৰু কেনেভাৱে চলিবা সদায় তাৰ এটা ব্যৱস্থা বা প্ৰণালী ঠিক কৰি লবা। কেতিয়াও ​লক্ষ্যভ্ৰষ্ট আৰু কক্ষভ্ৰষ্ট নহবা। অকল মৰিমুজি কাম কৰিলে বা খাটিলেই সুফল পোৱা যায়, এনে নহয়। ঘোঁৰা, গৰু, গাধইও খাটে, কিন্তু প্ৰণালী আৰু লক্ষ্যলৈ চকু ৰাখোঁতা চালক নাথাকিলে সেই গাধা-খাটনিৰ মূল্য কি?


১৩। কাৰ্য্যৰ বৰ-সৰু, লাগতিয়াল অলাগতিয়াল, আগেয়ে কৰিব লগীয়া, পিছত কৰিব লগীয়া, ততালিকে বিবেচনা কৰি তাক কৰিবলৈ মনক শিকনি দিবা :

 ঘাই কাম পিছলৈ থৈ পালি কামত আগেয়ে হাতদি তোমাৰ সময় নষ্ট আৰু শক্তিৰ অপব্যৱহাৰ কেতিয়াও নকৰিবা। লাগতিয়ালটো আগেয়ে কৰি তাৰ পিছত কম লাগতিয়ালটো হাতত লবা। ইয়াৰ দ্বাৰাই এনে নুবুজিবা, যে তোমাৰ কৰিব লগীয়া কামৰ সূক্ষ্মাংশলৈ একেবাৰেই চকু দিব নালাগে। বৰং কামৰ সূক্ষ্মাংশলৈ চকু নিদি কাম কৰিলে সেই কাম সিদ্ধি হলেও সৰ্ব্বাঙ্গ-সুন্দৰ নহয়। ওপৰত কোৱা কথাৰ অভিপ্ৰায় এই হে যে অলপ সময়ৰ ভিতৰতে লৰালৰিকৈ কোনো কাম সম্পন্ন কৰিব লগীয়া হোৱা বাবে, যদি সেই কামৰ কোনো অংশ নকৰি এৰিব লগাত পৰা যায় তেন্তে যেন কম লাগতিয়াল অংশহে এৰা পৰে। ঘাই কামক আগ শাৰীত দি সৰু কাম পিছৰ শাৰীত থবা।

​
 

১৪৷ এধাডুখৰীয়া নহবা :

 যি কামকে শিকা বা কৰা, সদায় তাক সম্পূৰ্ণৰূপে মন দি ঠান্‌চা-বান্চাকৈ শিকিবা বা কৰিবা। এধাডুখৰীয়া শিকনি, এধাসিজা, এধাফুটা মাছ মঙহ আৰু ভাতৰ নিচিনা, সি পেটত পৰি কেতিয়াও সুখ নিদি অজীৰ্ণ ৰোগ ওপজায়। এধাকেঁচেলীয়া বিদ্যা, এধা-কেঁচেলীয়া কামৰ ফল, সময়, শৰীৰ আৰু সন্মান নষ্ট। কথা বা কাৰ্য্যৰ ওপৰে ওপৰে উৰি ফুৰা পখিলাই সমুদ্ৰৰ তলৰ মুকুতা লভিব নোৱাৰে জানিবা। যিহকে পঢ়া, যিহকে শুনা, যিহকে শিকা, যিহকে কৰা, তাত সেইখিনি সময়ত গেটেই মন-প্ৰাণ-শক্তি সমৰ্পণ কৰি শুনিবা, শিকিবা, আৰু কৰিবা।


১৫। কোনো কাৰ্য্য সিদ্ধি নোহোৱা পৰ্যন্ত তাত নেৰানেপেৰাকৈ লাগিবা :

 প্ৰথম চেষ্টাত কোনো কাম হৈ নুঠিলে, দ্বিতীয় বাৰ চেষ্টা কৰিবা; দ্বিতীয় বাৰত হৈ নুঠিলে তৃতীয় বাৰ কৰিবা, তৃতীয় বাৰত হৈ নুঠিলে আকৌ চেষ্টা কৰিবা, দেখিবা শেহত তোমাৰ চেষ্টা সফল হবই। গজালটো একোবত নোসোমালে দুকোব তিনি কোব চাৰি কোব পাঁচ কোবত সোমাবই সোমাব। যি এবাৰত কোনো ভাগৰ বা ভয় লাগি পিছ হুঁহকি পৰে, তাৰ কোনো কালে কোনো ​টান কাম কৰা হৈ নুঠে, আৰু উন্নতিও দুষ্প্ৰাপ্য হয়। পৃথিৱীৰ ইতিহাসত এই কথাৰ উদাহৰণ অলেখ আছে। সিদিনাৰ বুৱৰ যুদ্ধৰ ফালে চালেই দেখি যে ইংৰাজৰ জেনেৰেল 'ৰেডভাৰ্চ বুলৰে তিনিবাৰ চেষ্টা কৰি ও লেডিস্মিথ নগৰ শত্ৰুৰ হাতৰপৰা উদ্ধাৰ কৰিব নোৱাৰি আশা এৰি গুচি আহিব খোজা মতত যদি লৰ্ড ৰবাৰ্টচে মত দি আকৌ তাক উদ্ধাৰৰ চেষ্টা নকৰিলেহেঁতেন, তেন্তে আজি বুৱৰ যুদ্ধৰ ফল আমি আন প্ৰকাৰ দেখিলোহেঁতেন। স্কট্লণ্ডৰ ওৱালেচ আৰু ব্ৰুচৰ কথা ইংলণ্ডৰ বুৰঞ্জী পঢ়াসকলে জানে। প্ৰাণপণে বাৰে বাৰে যত্ন কৰিও অনেক কাৰ্য সিদ্ধি নোহোৱা দেখা যায়। কিন্তু তথাপি যত্নৰ ত্ৰুটী কৰা উচিত নহয় : তাৰপৰা মনত শান্তি পোৱা যায় আৰু আন অনেক উপকাৰ নিশ্চয় হয়। শাস্ত্ৰত আছে “যত্নকৃতে যদি ন সিদ্ধতে কোহত্ৰ দোষঃ”।


১৬৷ কাম পেলাই নথৈ তৎক্ষণাৎ কৰিবা :

 কাম কৰিম কৰিম বুলি পেলাই থলেই তাত মামৰে ধৰে আৰু সি কৰা হৈ নুঠে। বিশেষকৈ শুভ কাৰ্য্যত কেতিয়াও গহৰি নকৰিবা। কৰিম কৰিম বুলি পেলাই থৈ ৰাৱণে তিনিটা ভাল কাম কৰিব নোৱাৰাৰ কথা, ৰামায়ণত লেখা আছে, সকলোৱে জানে। অশুভ কাৰ্য্য বৰং পেলাই থলে হানি নাই; কিন্তু তাকো দীঘলাই পেলাই থোৱাটো যুক্তিসঙ্গত নহয়। কাৰণ যি অমঙ্গলীয়া ​কাৰ্য্য কাইলৈ তোমাৰ গাত আহি পৰিবই, এৰণ নাই, সেই বিপদীয়া কামক টোপোলা বান্ধি পেলাই থোৱাতকৈ তৎক্ষণাৎ তাৰ সন্মুখ হোৱাটোৱেই পুৰুষালি। অমঙ্গলক “ডেনক্লিচৰ” তৰোৱালৰ দৰে মূৰৰ ওপৰত ওলোমাই যিমান থবা, সিমান সি তোমাৰ মনত অশান্তি ওপজাব।


১৭৷ যি কামৰ ভাৰ তোমাৰ গাত পৰে তাক মন দি মুকলি অন্তঃকৰণেৰে সৈতে কৰিবা :

 যি কাম তুমি কৰিব লগীয়াত পৰা তাক কৰ্ত্তব্য ভাবি এহাশুধীয়াকৈ কৰিবা। সেই কাম তোমাৰ পোনতে ভাল নেলাগিলেও, চেষ্টা কৰি ভাল পাবলৈ শিকিবা; দেখিবা তাক শেহত তোমাৰ ভাল লাগিবই। কামটো দুদিনীয়াই হওক বা চিৰস্থায়ীয়েই হওক, তাত সমানে মন লগাবা। দিনচেৰেকলৈ কোনো চাকৰীত একটিং কৰা ভালেমান চাকৰীয়া ডেকাই সেই কামত মন নিদি কোনোমতে পাল মাৰি দিন কটাবলৈ কাৰবাৰ কৰে। তেওঁলোকৰ সেইটো মহাভুল; আৰু শেহত তেওঁলোকে সেইবাবে আপুনি ঠগ খায়। এদিনলৈ কাম সুন্দৰকৈ কৰিও যদি তুমি গৰাকীৰ চকুত লগা হ'ব পাৰা, দেখিবা, তোমাৰ গৰাকীয়ে তোমাক আকৌ বিচাৰিব, আৰু তেওঁৰ অনুগ্ৰহত তুমি আন চিৰস্থায়ী কামত লাগি যাব পাৰিবা। বেয়া টকা দুবাৰ এবাৰ চলি গলেও শেহত সি ধৰা পৰি কটা যায়; আৰু নিভজুৱা টকাৰ মৰণ নাই। স্বাৰ্থৰ পিনে ​লক্ষ্য থকা চতুৰ গৰাকীয়ে একে দিনেই তোমাক বজাৰ চাই চিনি পেলাব জানিবা। তোমাৰ ভাল নলগা কাম কৰিব লগীয়াত পৰিলেও যদি তুমি তাত সম্পূৰ্ণ মন দি ভালকৈ তাক কৰা, যেতিয়া তুমি সেই কাম এৰি আন কামলৈ যাবা, তেতিয়া সেই আগৰ কাম কৰি ঘটা জ্ঞানে তোমাক নতুন কামত সহায় কৰিব, নিশ্চয় জানিবা। তোমাৰ মনৰ ঢালেৰে সৈতে নিমিলা কোনো বেয়া কামত যদি ভুলক্ৰমে তুমি পৰাও, যিমান সোনকালে পাৰা তাৰ পৰা ওলাবলৈ চেষ্টা কৰিবা। তেনে কাম বা ব্যৱসায়ত লাগি থাকি তোমাৰ বয়স ভাটি দিবলৈ কেতিয়াও নিদিবা।


১৮। কৰিবলগীয়া কামৰ এটা তালিকা দিনৌ লেখি চকুৰ আগত থৈ দিবা :

১৯৷ সদাই চোলাৰ মোনাত নোটবুক আৰু পেঞ্চিল ৰাখি সকলে৷ আৱশ্যকীয় কথা আৰু কাম তাত লেখি থবা :

 তোমাৰ স্মৰণশক্তি যিমানেই চোকা হওক, সি প্ৰবঞ্চক জানিবা। কথা পাহৰিবলৈ সৰহ আটক নেলাগে। যিবিলাক ঘটনা, কথা, অঙ্গীকাৰ, কৰ্ত্তব্য, আৰু সুন্দৰ ভাব সদায় মনত ৰখা উচিত তাক ততালিকে সেই নোট- বুকত লেখি থবা। তুমি পঢ়া কোনো কিতাপৰ সুন্দৰ অংশ, লোকেৰে সৈতে কথাবাৰ্তাত শুনা ধুনীয়া কথা, ​মনত ৰংলগোৱা সৰু গল্প, ভাল ঠাট্টা ইত্যাদি সেই নোটবুকত ঠাই পালে, সময়ত সি তোমাক উপকাৰ দিব।


২০৷ লোকৰ কথা মন দি শুনিবাঁ, ভাল কিতাপ মন দি পঢ়িবাঁ, আৰু তাৰ অসাৰুৱা ভাগ বাদ দি সাৰুৱা ভাগ জুকিয়াই মনত থব৷ :

 তিনি ভাগৰ দুভাগ মানুহে তিনি ভাগৰ এভাগ কথা তেওঁলোকৰ কাণত সোমাবলৈ নিদিয়ে; দ্বিতীয় ভাগ তেওঁলোকে এধাডুখৰীয়াকৈ বুজি সুমায়; আৰু বাকী ভাগৰ সৰহখিনি তেতিয়াই বা তাৰ অলপ পিছতে তেওঁলোকৰ কাণৰ বিন্ধাৰ পৰা, পাখি-লগা উইপৰুৱা ওলাই যোৱাদি, সৰ্ সৰ্ কৰে উৰি গুচি যায়। এই শাৰীৰ মানুহ এই সংসাৰত ধাপত-গজা, পোকে খোৱা, জোঠা আমৰ নিচিনাকৈ অকামিলাৰ লেখত পৰি গেলি-পচি সৰি নাইকিয়া হয়। তেওঁলোকে মৰিবৰ কালত কাৰো পৰা পথৰ সম্বল এটা হুমুনিয়াহ লৈ যাব নোৱাৰে। তেওঁলোক “আহিল কণা, গল কণা, খাগৰি কাটিলে তিনি কনা”।


২১। তোমাৰ দোষ শুধৰাবলৈ আৰু গুণ বঢ়াবলৈ দৃঢ়প্ৰতিজ্ঞ হ’বাঁ :

 এই প্ৰতিজ্ঞা তোমাৰ মনত কৰিবা, আৰু “নোটবুক' বা “ডায়েৰিবুক"তো লেখি, আজিৰ পৰা কৰিম বুলি সঙ্কল্প ​কৰিবা। ‘দিনৌ শোৱা পাটীত পৰিবৰ আগেয়ে সেইদিনা তুমি কি সজ কাম, কি বেয়া কাম কৰিলা তাক মনতে লুটিয়াই-বগৰাই ভাবি-চিন্তি চাবা৷। অন্যায় কাম কৰা পালে, আকৌ তেনে নকৰো বুলি মনত থিৰাং কৰিবা; আৰু সজ কাম কৰা পালে, তেনে কাম আকৌ কৰিবলৈ নিশ্চয় কৰিবা।

 এই আপোন কাৰ্য্যৰ বা চৰিত্ৰৰ সমালোচনা কৰি শুধৰণীৰ সংকল্প, নিতৌ “নোটবুক” বা ডায়েৰী-বুকত লেখিবা। নিজৰ জন্ম-দিন,বা ন বছৰৰ প্ৰথম দিন বা তেনে কোনো বিশেষ, নিতৌ দিনত গোটেই বছৰৰ জীৱনৰ দোষ-গুণ চাই শুধৰণিৰ সঙ্কল্প ডায়েৰী-বুকত ভালকৈ লেখিবা। বিশেষ, নিতৌ শুধৰণিয়ে নিতৌ ঘৰ সৰা-মছা সোতা-বাঢ়নীৰ কাম কৰে। বিশেষ দিনত চৰিত্ৰৰ বিশেষ সমালোচনা আৰু শুধৰণিৰ সঙ্কল্পই, বিহুৱে পৰ্ব্বই বিশেষভাৱে গোবৰ মাটি দি ঘৰ লেপি-মছি নিকা কৰাৰ নিচিনা হয়।


২২। তোমাৰ ঘি ক্ষমতা আছে, অদৃশ্যক নুদুষি, তাকে কামত সম্পূৰ্ণৰূপে প্ৰয়োগ কৰিবা :

 চোকাবুধীয়া আৰু বলী মানুহেও যদি কামত তেওঁৰ বুদ্ধি আৰু বল ভালকৈ নলগায়, নিশ্চয় তাত মামৰে ধৰে; আৰু সি মাটিত পুতি থোৱা ধনৰ নিচিনা বঁজা হয়। সাধাৰণ বুদ্ধি আৰু ক্ষমতা থকা মানুহেও নিজৰ ​বুদ্ধি আৰু ক্ষমতা নিয়মমতে কাৰ্য্যত প্ৰয়োগ কৰি সুফল লাভ কৰে। দা-কটাৰী যিমানেই চোকা হওক, সি ব্যৱহাৰৰ অভাৱত মামৰে-খোৱা ভোটা হয়; আৰু ভোটা দাকো শাণ দি ব্যৱহাৰ কৰি থাকিলে তাৰ চোক ওলায়, আৰু তাৰে অনেক উপকাৰী কাম কৰিব পাৰি। তোমাৰ বুদ্ধি আৰু ক্ষমতা যেনেই হওক, উদ্যোগী হৈ কাম কৰিলে তুমি কৃতকাৰ্য্য হ'বা।

“উদ্যোগিনং পুৰুষসিংহমুপৈতি লক্ষ্মী।
কাপুৰুষা এব দৈৱমবলম্বস্তে॥"


২৩৷ আহৰি কালৰ সদ্ব্যৱহাৰ কৰিবা :

 কাম কৰি খাটি-মেলি আহৰি পাইছোঁ বুলি তাক শুই, মিছা মেল পাতি, বা ডবা-পাশা-তাচ আদি খেলি, অথবা পৰনিন্দা বা পৰৰ সমালোচনা কৰি নকটাবা। কেতিয়াও পাহৰিব নেলাগে যে আহৰি কালৰো মূল্য আছে। তোমাৰ আহৰি কালটো, ভাল কিতাপ, ঈশ্বৰ চিন্তা, বা সজলোকেৰে সৈতে সদালাপত কটাবা। মহাত্মা গ্লোডস্টোন চাহাবৰ জীৱন ইয়াৰ ফট্‌ফটীয়া আৰ্হি।


২৪৷ কেতিয়াও নিজৰ বা পৰৰ ওপৰত লৰালৰীকৈ এটা মত গঠন নকৰিবা :

 লৰালৰিকৈ কৰা কাম অসম্পূৰ্ণ হয়, আৰু তাত প্ৰায় ভুল থাকে। লৰালৰিকৈ গঢ়৷ মতো এই নিয়মৰ বাহিব ​হব নোৱাৰে। লোকৰ কথাকে নকওঁ, আজি তুমি নিজকে ভালকৈ নুবুজি নিজৰ ওপৰত এটা মত গঠন কৰি ললে কাইলৈ সেই মত ভুল প্ৰমাণ হোৱাটো একো আচৰিত নহয়। বহুত ডেকাই বিশ্ববিদ্যালয়ৰ মহলাত উঠিব নোৱাৰি, নিজক অকামিলা মুৰ্খ ভাবি, নিৰাশাৰ নাদৰ পাৰত ভৰি দি আত্মহত্যা পৰ্যন্ত কৰিবলৈ আগবঢ়া দেখা যায়। সি হঠাৎ নিজৰ বিষয়ে এটা ভুল মত সাজি লোৱাৰ ফল মাথোন। ছাৰ ওৱাল্টৰ স্কট আৰু ডাৰউইন প্ৰভৃতিৰ ছাত্ৰ-জীৱন আলোচনা কৰিলে এই হঠকাৰিতাৰ অসাৰত্ব বুজিব পাৰি। জগদ্বিখ্যাত অদ্বিতীয় নেপোলিয়ান বোনাপাৰ্ট আৰু ওৱাটাৰ্লুত তেওঁৰ গৌৰৱৰজা নমাওঁতা ওৱেলিংটনৰ ভিতৰৰ কোনেও তেওঁলোকৰ লৰা-কালৰ জীৱনত ভবিষ্যত মহত্বৰ চিনাকি দিব পৰা নাছিল। ইংৰাজ-ৰাজ-লক্ষ্মীৰ বিজয়-মুকুটত ভাৰত-কহিনুৰ আৰোঁতা ক্লাইবে স্কুলত পঢ়োঁতে তেওঁৰ লগৰীয়া ছাতৰৰ মাজত মহামূৰ্খ নাম পাইছিল। জেনেৰেল গ্ৰাণ্টৰ বুদ্ধিৰ ঢোক লাহে লাহে শেহবয়সতহে ওলাইছিল। স্কটলেণ্ডৰ বিখ্যাত কবি আৰু গান ৰচোঁতা বৰ্ণচ্ ইস্কুলত ভোটাবুধীয়া বুলি বিদিত আছিল। তেওঁৰ অধ্যাপকে গীৰ্জ্জাঘৰত গোৱা ধৰ্ম্মসঙ্গীত, তেওঁক শিকাব নোৱাৰি হুৰিছিল। চেৰিডনৰ অধ্যাপক ডাক্তৰ পেৰিয়ে চেৰিডনক ইস্কুলত অকামিলা ল'ৰাৰ শাৰীত পেলাই থৈছিল। গল্ডস্মিথৰ লগৰীয়া ছাতৰবিলাকে তেওঁৰ নাম “মূৰ্খ অলগৰ্দ্ধ থৈছিল। পৰৰ বিষয়েও লৰালৰিকৈ মত নগঢ়িবা। ​আজি যাক তুমি ভালকৈ জানিব বা বুজিব নোৱাৰি বেয়া বা ভাল ভাবিছা, তাৰ বিষয়ে কাইলৈ জানিলে, সম্ভৱতঃ তোমাৰ মত বদলাব লাগিব। কোনো লোকক অলপমান জানিয়েই তাৰ বিষয়ে এটা ধাৰণা কৰি লোৱাটো ঠিক ছয় কণাই হাতী দেখাৰ নিচিনা। অসম্পূৰ্ণকৈ জনাৰ বাবে যদি সজলোকক তুমি বেয়া বুলি মনত ভুল ধাৰণা কৰিলা, তেন্তে ভাবি চোৱাচোন তেওঁক তুমি মিছাতে কিমান অন্যায় কৰিলা। কোনো এটা কাম বা ব্যৱহাৰ দেখি এজন লোকক কেতিয়াও সম্পূৰ্ণৰূপে বুজিব নোৱাৰি। লৰালৰিকৈ মত গঠণ কৰা আৰু গঠন কৰি তাক প্ৰকাশ কৰা লোকৰ পদে পদে বিপদ।


২৫৷ খং দমিবা :

 খং খন্তেকীয়া উন্মত্ততা। এই বলিয়া অৱস্থাত মানুহে এনে কাম কৰে যে খং মাৰ গলে তেওঁ তাৰ নিমিত্তে লাজ পায় আৰু অনুতাপ কৰিব লগীয়া হয়। সেইদেখি সদায় খঙৰ মুখত টান লেকাম লগাই থবলৈ নেপাহৰিবা। ভালেমান লেখাপড়া জনা, আন প্ৰকাৰে সজলোকে “খং নামে চণ্ডালক "দমিব নোৱাৰি নিজৰ উন্নতিৰ গুৰিত নিজে বৰকুঠাৰ মাৰে। বৰ খঙাল মানুহেও চেষ্টা কৰি লাহে লাহে অভ্যাসৰ সোঁতত পেলাই খঙক নিজৰ বশলৈ আনিব পাৰে। তাৰ খং আছে বুলিয়েই যে সি মানুহটো গুচিল, এনে নেভাবিবা। খং সকলোৰে আছে আৰু থকাটো একো বেয়া কথাও নহয়। ​অনেক সময়ত সেই খঙৰ আৱশ্যকতাও আছে। কিন্তু সেই তাজী ঘোঁৰাক সদাই ডবল লেকাম লগাই কৰতলীয়া কৰি ৰাখিব লাগে। খঙত জলি-পকি থকা মানুহৰ স্বাস্থ্যহানি হয়; তেহেলৈ সেই খং চিঞৰি-বাখৰি দেখুৱাই কৰাই হওক বা মনতে লুকুৱাই থোৱাই হওক।


২৬৷ মনটো সদাই থিৰকৈ ৰাখিবলৈ শিকিবাঁ :

 অস্থিৰ মনৰ মানুহৰ খোজেপতি বিপদ। চিত্তক ব্যৱস্থিত কৰি ৰাখিবা। "অব্যবস্থিত চিত্তস্য প্ৰসাদোঽপি ভয়ঙ্কৰঃ” বুলি নীতিশাস্ত্ৰই কৈছে। লৰা কালৰেপৰা মন থিৰ কৰি ৰখা গুণটি অভ্যাস কৰিবলৈ সকলোৱে যতন কৰিব লাগে।


২৭৷ সদাই আনন্দ মনেৰে থাকিবলৈ চেষ্টা কৰিবা :

 বিপদত মন মাৰি মুজুৰা হৈ নেথাকি শীঘ্ৰে সেই বিপদৰ ডাৱৰ উৰি যাব ভাবি, পৰমেশ্বৰৰ ওচৰত ভৱিষ্যতৰ মঙ্গল কামনা কৰি ৰং মনেৰে থাকিলে বিপদে তোমাক কাবু কৰিব নোৱাৰে।

 'সন্তুষ্টস্য সদা সুখম' বুলি শাস্ত্ৰত কৈছে। আপোনাৰ মনৰ অৱস্থাত সুখ-দুখ স্বৰ্গ-নৰক জানিবা। অনঙ্গলৰ পৰাও মঙ্গল ওলায়। আনন্দৰ মুখ দাপোনৰ দৰে। তাত লোকৰ হাহি-মুখৰ ছাঁ পৰে। "আপোন ভালে জগৎ ভাল” বুলি বুঢ়া লোকে কয়। অনেক সময়ত সুফল-কুফল ঈশ্বৰ চৰণত সমৰ্পণ কৰি নিষ্কাম ভাৱে ​কাৰ্য্য কৰিলে সুফল পোৱা যায়। মনত শান্তি লভিবৰ ই এটা ঘাই উপায়। ইয়াৰ দ্বাৰাই এনে নুবুজিবা যে উচ্চ আশা মনত পোহা বেয়া। সৎকাৰ্যত উচ্চ আশা সদায় কৰিবা; অৱশ্যে সেই ওখ আশাক সুশাসনৰ তললৈ আনি।


২৮৷ কোনো কাম কৰিব নোৱাৰিলা বুলি বেজাৰ কৰি লেৰেলা পৰি নেযাবাঁ :

 যি কাম তোমাৰ অসাধ্য হৈ পৰিল তাক কৰিব নোৱাৰাত একো দায় নাই। তুমি যে সেই কাৰ্য এহাশুধীয়া কৰিবলৈ যতন কৰিছিলা, সেয়েই তোমাৰ পুৰস্কাৰ, আৰু সেই সজ চেষ্টাৰ বাবেই তোমাৰ মুৰত আশীৰ্ব্বাদৰ পুষ্পবৃষ্টি হ'ব জানিবা।


২৯৷ অতিৰিক্ত পৰিশ্ৰম নকৰিবা :

 ভালেমান ব্যৱসায়ী মানুহৰ এনে ধাৰণা আছে যে আহাৰ-নিদ্ৰালৈ আওকাণ কৰি অতিৰিক্ত পৰিশ্ৰম কৰি হাবাথুৰি খাই ফুৰিলেহে কাম সিদ্ধি হয়, আৰু কাৰ্য্যদক্ষ বোলাব পাৰি। এইটো ভুল। “সৰ্ব্বমত্যন্ত গৰ্হিতং” বুলি শাস্ত্ৰত কয়। অতিৰিক্ত শ্ৰম কৰি আগবঢ়োৱা কামফেৰা, অতিৰিক্ত পৰিশ্ৰমৰ বাবে ৰখীয়া ঘূণীয়া আৰু কুৰীয়া হৈ পৰি থাকি পিছত হেৰুৱাব লগীয়াত পৰা যায়। অৰ্থাৎ শেহত সেই কামৰপৰা হোৱা লাভ লোকচানৰ 'হিচাপ-নিকাচ' কৰি “বিলাতবাকী” আদায়-অনাদায় ​আদি ধৰি চালে লাভৰ ঘৰত শূন্য দেখিবলৈ পোৱা যায়। নিয়মিত পৰিশ্ৰম কৰি কাম কৰোঁতাক অতিৰিক্ত পৰিশ্ৰম কৰোঁতাই বলে নোৱাৰে। সামঞ্জস্য ৰাখি নিয়মিত পৰিশ্ৰম কৰোঁতাৰ কাৰ্যৰ ভেঁটি সুদৃঢ়। ঈশ্বৰৰ ৰাজ্যত অতিৰিক্ত আৰু অনিয়মৰ ঠাই নাই |


৩০। শক্তি অনুসাৰে কাম কৰিবলৈ হেঁপাহ কৰিবা :

 “শক্তি চাই ভক্তি” বুলি কথাতে কয়। সৰহকৈ খাওঁ বুলি বৰকৈ আঁ কৰি সৰহকৈ মুখত সুমালে মুখ ফাটে। তুমি যদি কামত কৃতী হব আৰু সমাজত উন্নতি লভিব খোজা তেন্তে নিজৰ সামৰ্থ বুজি চলিবা আৰু কৰিবা। তুমি যিমানৰ মানুহ সিমান কৰিবলৈ যত্ন কৰিবা।

 টিপচী হৈ গৰুণ্ডৰ উৰাও মাৰিবলৈ নেযাবা। তুমি যি তাকে লোকক দেখুৱাবা। বঢ়াই ফাইদাং মাৰি ফুৰা মানুহ ফটুৱাৰ শাৰীলৈ নামে আৰু দুদিন এদিনতে লোকৰ পৰা তেওঁ তেওঁৰ প্ৰকৃত বেচ অৰ্থাৎ অসন্মান আৰু ইতিকিং পায়।


৩১। যি হৈ গল তাৰ নিমিত্তে বেজাৰ কৰি কাল নকটাবা :

“গতস্য শোচনা নাস্তি' এই বচন মনত ৰাখিবা। কালিৰ কথাত শোক কবি কাল কটালে তোমাৰ আজিও হেৰাব। বৰ্ত্তমানৰ সদ্ব্যৱহাৰ কৰিবা।
​
 

৩২। বিপদ আহিলে সাহিয়াল পুৰুষৰ দৰে তাৰ সমুখ হৈ তাক জয় কৰিবলৈ যতন কৰিবাঁ :

 জয় হলে আনন্দত উত্ৰাৱল নহবা, আৰু হাৰিলৈও বীৰ পুৰুষৰ নিচিনাকৈ সেই হাৰ কান্ধ পাতি লবা অৰ্থাৎ বিপদত ক্ষত্ৰিয় হবা।

"হাৰিয়া জিনয় কেহো জিনিয়া হাৰয়।
কোনো কালে ক্ষত্ৰিয়ৰ নাহি পৰাজয়।"


৩৩। কামত অস্থিৰ, চঞ্চল, আৰু অনাৱশ্যকত খৰ নহবাঁ :

 আজিকালিৰ ব্যৱসায়ী মানুহৰ পাত এইটো দোষ সততে দেখিবলৈ পোৱা যায়। তেওঁলোকৰ খাবলৈ সময় নাই, শুবলৈ সময় নাই, লৰা-তিৰুতা বন্ধু-বান্ধৱেৰে যৈতে থিৰ মনেৰে বহি দুটা কথা কবলৈ সময় নাই। তেওঁলোকে হেবাথুৰি খাই কক্‌কাই ফুৰি যে নিজৰ বেহা-বেপাৰত আনতকৈ কিবা বিশেষ সুবিধা কৰিব পাৰে, এনে নেভাবিবা। তেওঁলোক আপোনাৰ ভাপতে আপুনি কক্‌কাই উতলি পৰি অকালত টুটি যায় মাথোন। আমেৰিকানবিলাকৰ গাত আজিকালি এইটো দোষে সৰহকৈ ঠাই লোৱা সকলোৰে চকুত পৰিছে। এই দোষৰ শেহ ফল নিশ্চয় বেয়া। এই শ্ৰেণীৰ মানুহৰ শৰীৰ, মন, আৰু বুদ্ধিৰ ৰাজ্যত লাহে লাহে বিদ্ৰোহৰ তুঁহ জুই জ্বলি আথান্তৰ মিলে। ​লোকৰ গাত তেজৰ চলাচল সুকলমে নঘটে; মন উগুল-থুগুল কৰি থকা স্বভাৱত পৰেগৈ; আৰু বুদ্ধিৰ ধাৰ পৰি যায়। এই বিধ মানুহে, য'ত আৱশ্যক নাই, তাতো লৰালৰি লগাই কামৰ অনিষ্ট কৰে; জোলোঙাত জাপি ভৰাবলৈ গৈ সময় নষ্ট কৰে আৰু হালত নাঙল ঠেলিব নোৱাৰে, নাঙলেহে তেওঁলোকক ঠেলে। কলিকতাৰ কেৰেয়া গাড়ীৰ ঘোঁৰাৰ নিচিনা এই বিধ মানুহ হকতেই হওক বা অনাহকতেই হওক সদায় অতি খাটনিত পৰি লেৰেলা চেৰেলা আৰু মৰ্ কেলেপ হয়; কুৰিশতিকাৰ কামৰ অৰিয়াঅৰিত পৰি কি ছাতৰ, কি ডাক্তৰ, কি উকিল, কি মুদৈ, কি সদাগৰ প্ৰায় সকলোৱেই আজিকালি এই হেবাথুৰি খাই ফুৰা অৱস্থাত পৰিছে। ডেকাসকল এই বিষয়ত গুৰিৰে পৰা সাৱধান হোৱা ভাল। ইস্কুল-কলেজৰ ভালেমান ছাতৰে বছৰৰ আগ ডোখৰ ঢিলা শোলোকাকৈ পঢ়ি বা নপঢ়ি পৰীক্ষাৰ ওচৰা-উচৰিত মৰোঁ জীওঁ-সোঁ-আধি কৰি ওৰে ৰাতি তেল পুৰি পঢ়িবলৈ ধৰে। এইদৰে লাগি কোনোৱে মহলাত উঠিলেও স্বাস্থ্য হেৰুৱাই যে তেওঁ চিৰদিনলৈকে ৰুগীয়া ঘুণীয়া হ'ব, এই কথা তেওঁৰ মনত তেতিয়া নেখেলায়। অনিয়মিত পৰিশ্ৰম কৰি তেওঁলোকে যি ঘটে, গোটেইটো জীৱন তাৰ সুত ভৰি ধাৰ শুজোতেই যায়। একে ৰাতিৰ ভিতৰতে ধনী হব খোজাসকলৰ ডাল-দৰিদ্ৰ ভিকহু হৈ থাকোঁতেই প্ৰায় কাল কাটে। কাচিৎ ধন পালেও তেওঁলোকে তাতকৈ হেজাৰ গুণে মূল্যবান স্বাস্থ্য হেৰুৱায়। ​তেওঁলোকৰ বহু অৰ্জন হলেও দেহ ভগণ হয়। জীয়াই থকা দিনকেইটাত নৰিয়াই তেওঁলোকৰ লগ নেৰে।


৩৪৷ স্বাস্থ্যৰক্ষাৰ নিয়ম কেতিয়াওঁ উলঙ্ঘা নকৰিবা :

 স্বাস্থ্যৰক্ষাৰ নিয়ম অমান্য কৰি চলিলে স্বাস্থ্যই অপমানিত বিবেচনা কৰি তোমাক শাস্তি দি এৰি নিশ্চয় গুচি যাব। অসুস্থ মানুহে মন থাকিলেও কোনো কাম কৰিব নোৱাৰে। ৰোগত জুৰুলা মানুহৰ দুৰ্দশাৰ অন্ত নেথাকে। শৰীৰ ভালে ৰখাটো সকলোৰে প্ৰথম কৰ্ত্তব্য। “শৰীৰমাদ্যং খলুধৰ্ম্ম সাধনম্” জ্ঞানীলোকৰ বচন। The Health is wealth অৰ্থাৎ স্বাস্থ্যই ধন-সম্পত্তি অগাঢ় পণ্ডিত এমাচনৰ এই বহুমূলীয়া কথাটি সকলো মানুহৰ মনত শিলৰ ৰেখ বহাদি বহি থকা উচিত। তুমি কি খোৱা তাৰ ওপৰত সদায় চকু ৰাখিবা। কাৰণ যেনে আহাৰ তেনে শৰীৰ তেনে স্বাস্থ্য আৰু তেনে স্বভাৱ তোমাৰ হব জানিবা। কনুৱা চৰাইয়ে মাছ গিলাদি লৰালৰিকৈ চকু মুদি কপ্কপ্‌কৈ এগাল ভাত গিলি ইস্কুল-কেছাৰী বা তোমাৰ কামলৈ লৰ ধৰিলেই নহয়। তেনে লৰালৰিকৈ খোৱা এধা ফুটা, এধা সিজা আহাৰৰ ফল বিষময় হয়। যি আহাৰে তোমাক সুজে আৰু তোমাৰ স্বাস্থ্যৰ উন্নতি কৰে, তেনে খাদ্য নিয়ন মতে আস্তে-সুস্তে ভালকৈ চোবাই খাবা। গ্লেডস্টোনে নিয়ম মতে লেখি লেখি চোবাই মঙহ আদি খোৱাৰ কথা সকলোৱে জানে। চোবাই খাব লগীয়া আহাৰ কপ্‌কপ্ কৰে নিগিলি ​ভালকৈ চোবাই খাবলৈ কেতিয়াও আওহেলা নকৰিবা; কাৰণ ভেকুলীৰ নিচিনাকৈ তোমাৰ পেটত দাঁত নাই জানিবা। লোকেৰে সৈতে লগ লাগি বহি ৰং-ধেমালিৰ কথা কৈ প্ৰফুল্ল মনেৰে খালে সৰহকৈ খাবও পাৰি আৰু খোৱা আহাৰ ভালকৈ জীৰ্ণ যায়। ভাত খাবৰ আগেয়ে কেতিয়াও মনত খং উঠিব নিদিবা। আৰু ভাতৰ পাতত বহি এইখন আঞ্জা বেয়া, সেইখন ভজা বেয়া ইত্যাদি বেচ-পেচ ধৰি ৰান্ধনীৰে সৈতে দন্দ-হাই-খৰিয়াল কৰি ভাত খালে তোমাৰ পৰিপাক শক্তিৰ অনিষ্ট হব নিশ্চয় জানিবা। বাপেক-মাকে সৰু কথাতে খৰিয়াল কৰি আহি দেখুৱাই লৰা-ছোৱালীক এই বেয়া স্বভাৱটো নিশিকাবলৈ সদায় সাৱধান থাকিব লাগে। বেঞ্জামিন ফ্ৰেঙ্কলিনৰ বাপেক-মাকে খাবৰ সময়ত, ৰান্ধনীয়ে ৰান্ধি আনি দিয়া খাদ্য ভাল-বেয়া সমালোচনা কেতিয়াও নকৰিছিল, আৰু পুতেকহঁতকো কৰিব নিদিছিল। সদায় নিৰূপিত কালত খাবা। আজি পুৱা, কাইলৈ দুপৰীয়া, পৰশুইলৈ তিনিপৰীয়া খালে তোমাৰ গাত অজীৰ্ণ ৰোগে বাহ লব নিশ্চয় জানিবা। য়ুৰোপীয়ানে যিমান কামতে মগণ থাকক, নিৰ্দিষ্ট সময়ত কাম কৰিব, ৰং-ধেমালি কৰিব আৰু খাবই; আমাৰ মানুহে এতিয়া কাম কৰিছোঁ পিছত খাম, এতিয়া খাই শুই লওঁ পিছত কাম কৰিম বুলি সদায় অনিয়ম কৰি অকালত খাই শুই কাম কৰি নিজৰ স্বাস্থ্য বেচি কাম কিনে, কাম বেচি টোপনি কিনে, টোপনি বেহাই নৰিয়া কিনে। য়ুৰোপীয়সকলৰ আন আন অনেক শিকিব লগীয়া ভাল গুণৰ ভিতৰত খোৱা, শোৱা, ​কাম আৰু ধেমালিৰ বান্ধ-ছাটবিলাক আমাৰ মানুহে ঘাইকৈ শিকিব লগীয়া, কাৰণ তাৰ ওপৰত আমাৰ স্বাস্থ্য, সুখ, দুখ আৰু জীৱন নিৰ্ভৰ কৰে। খোৱা ঘৰটো, খোৱা ঠাইখন সদায় নিকা, বতাহ বলা আৰু ঘিণ নলগা হব লাগে; তেহেলৈ তুমি ইংৰাজী প্ৰথাতেই খোৱা বা দেশী নিয়মেই খোৱা। আহাৰৰ মাজত ঘনে ঘনে পানী নেখাবা। তেনেকৈ খোৱাসকলে পানীৰ লগতে অজীৰ্ণ ৰোগকো পেটৰ ভিতৰলৈ সুমাব। নিকা, মলি নথকা, ছেকা বা “ফিলটৰ্ড” পানী খাবা। পানীৰ বিষয়ত সদাই সাৱধান হবা। সদাই গা ধুই গা নিকা কৰি ৰাখিবা। গা ধোৱা পানী কুহুমীয়া হলে ভাল। বোৱা নিকা কাপোৰ-কানি পিন্ধিবা। তৰপে তৰপে মলিৰে তেল-চিকটীয়া কাপোৰ পানীত জুবুৰিয়াই আৰু ৰ'দাই পিন্ধিলেই অথবা তিনিপুৰুষীয়া মলিৰে ক'লা পাটৰ চুৰিয়া বা ৰঙাচুৰিয়া পিন্ধি শুচি হৈছোঁ বুলি ফুৰিলেই শুচি নোহোৱা, নিশ্চয় জানিবা। শোৱা পাটীৰ তুলি আৰু কাপোৰ আৰু তলত পৰা দিনৌ ৰ'দাবা আৰু বতাহত থবা। শোৱা ঘৰ ভালকৈ বতাহ বলা হব লাগে। টোপনি সাত আঠ ঘণ্টাৰ কম নকৰিবা। ৰাতি দহ বজাৰ পিছলৈ শুবলৈ নেথাকিবা। আৰু ৰাতিপুৱাই উঠি প্ৰাতঃকৃত্যাদি সমাপন কৰি মুকলি বতাহত ফুৰিবা। নিৰ্দ্দিষ্ট সময়ত ব্যায়াম আদি কৰিবা। মুদ্‌গৰ ঘূৰোৱা, কুস্তি কৰা বা আজিকালি ওলোৱা “চেণ্ডো” আদিৰ মতে ব্যায়াম কৰিবলৈ হেলা নকৰিবা। তোমাৰ গাড়ী-ঘোঁৰা-হাতী আছে বুলি খোজ কাঢ়ি নুফুৰি নেথাকিবা। খোজ কাঢ়িব নোখোজা ধোদ ​ডাঙৰ মানুহ পেটুৱা বা পথালি কোমোৰা হৈ অকামিলা হয়। তেনে মানুহৰ লগৰ পৰা বাৰটা মাহৰ তেৰটা নৰিয়াৰ জগৰ কেতিয়াও নুগুচে। সৰহকৈ নেখাবা “তাকৰকৈ নেখাবা, পেটৰ তিনি ভাগৰ এভাগ সদায় খালি ৰাখিবা; তেহেলৈ তুমি ভোজকে খোৱা, বা দৈনিক খোৱাকে খোৱা, নাইবা পৰৰে খোৱা। ভোজ খাবলৈ বহিলে বা লোকৰ ওপৰত খাবলৈ পালে, অনেকৰ ডিঙিলৈকে খজা অভ্যাস আছে; কিন্তু তেওঁলোকে এইফেৰা ভাবি নেচায় যে বস্তু লোকৰ হলেও প্লেটটি নিজৰ। “অতি ভোজনং ৰোগমূলং আয়ুক্ষয়কৰং” বুলি শাস্ত্ৰত কোৱা কথা মনত ৰাখিবা। খোৱা পতিত বা নেজত বহি তোমাৰ নিজ বেহা-বেপাৰ বা বিষয়-কাৰ্য্যৰ কথাকে উৰাই-ঘূৰাই কৈ নেথাকিবা। সেই অসভ্য অভ্যাস থাকিলে এৰিবা। খোৱাৰ পিছত অন্ততঃ আধা ঘণ্টামান জিৰাই তাৰ পিছতহে কামত লাগিবা। খোৱাৰ পিছত লৰি খোজ নেকাঢ়িবা। ‘মুত্যুৰ্ধাবতি ধাবতঃ' শাস্ত্ৰৰ বচন।


৩৫৷ সৰ্ব্বাঙ্গ সুন্দৰ উন্নতি কৰিবলৈ লক্ষ্য ৰাখিবাঁ :

 তোমাৰ শাৰীৰিক, মানসিক আৰু নৈতিক উন্নতিত সমানে চকু দিবা। ব্যায়ামাদিত গোটেই মন দি উন্নতিলৈ আওহেলা কৰিলে তুমি এটা মাল বা অসুৰ হ'ব পাৰিবা, কিন্তু ঈশ্বৰৰ সৃষ্টিৰ কলচী সৰ্ব্বাঙ্গ সুন্দৰ মানুহ হব নোৱাৰা। নৈতিক আৰু শাৰীৰিক উন্নতিলৈ পিঠি দি অকল বুদ্ধিৰ উন্নতিৰ চেষ্টা কৰিলে এটা কিম্ভুতকিমাকাৰ মানুহ নামধাৰী প্ৰাণী হব পাৰাঁ, সম্পূৰ্ণ মনুষ্যত্ব লভিব নোৱাৰাঁ। অন্ধ-বিশ্বাসীজন ধৰ্ম্মোমত্ত "গাজী"ৰ শাৰীৰ বাহিৰে আন শাৰীলৈ যাব নোৱাৰে। একোটা ডাঙৰ ​ডকাইত বা চোৰৰ গাত চোকা বুদ্ধি আৰু বৰ শকতি আছে, কিন্তু নৈতিক আৰু চৰিত্ৰ বলৰ অভাৱত সি চোৰ-ডকাইতৰ শ্ৰেণীৰ পৰা ভাল মানুহৰ শাৰীলৈ উঠিব নোৱাৰে। ঈশ্বৰ-বিশ্বাসী, ধৰ্ম্মত আস্থাবান আৰু সুনীতি-পৰায়ণ নোহোৱা, অকল ফুটবল, ক্ৰিকেট, বাইচিকোল, আৰু মাল শ্ৰম আদিত মূৰ পুতি লাগি থকা আজিকালিৰ ডেকাসকলে এই কথা গমি চাই চলিব। ব্যায়াম চৰ্চা অৱশ্যে ৰাখিব লাগে, কিন্তু নীতি-চৰিত্ৰ আৰু মনৰ উন্নতিক বলি নিদিয়াকৈ মুকুতা দলিয়াই পেলাই শোকোতালৈ হাত মেলাটো মূৰ্খতাৰ চিন। মুকুতা-শোকোতা কাকো নেপেলাবা। পূৰ্ণ মানুষ্যত্ব লভিবলৈ সেই এটাইবিলাক তোমাক লাগিব।


৩৬। বিধি বা নিয়ম উলঙ্ঘা কৰি কেতিয়াও নচলিবাঁ :

 কি ৰজাৰ আইন, কি স্বাস্থ্য ৰক্ষাৰ নিয়ম, কি নৈসৰ্গিক বিধান, কি নৈতিক ব্যৱস্থা, কাকো অমান্য কৰি নচলিবা। বে-আইনী চলিলে শাস্তি হাত কেতিয়াও এৰাব নোৱাৰা।


৩৭৷ মিছা গৰ্ব্ব নকৰিবা :

 মিছ৷ গৰ্ব্ব কৰোঁতাজন পৰৰ চকুত হীন হয়। কি বেহা-বেপাৰৰ কথাত, কি তোমাৰ ক্ষমতাৰ বিষয়ত, কি তুমি লেখা-পঢ়া বেছি জানা বুলি, কি তুমি দেখিবলৈ শুৱনি বুলি, কোনো কালে কেতিয়াও বঢ়াই লোকৰ ​আগত কৈ গণ্ডপ নেমাৰিবা। ফাইদাং মাৰি ফুৰা লোকৰ চৰিত্ৰ ৰসাতললৈ যায়। সদাই নম্ৰ বিনয়ী হবাঁ। কাৰণ নিশ্চয় জানিবা, তুমি যি ক্ষমতা, বিদ্যা আৰু শাৰীৰিক সৌন্দৰ্যৰ নিমিত্তে গপত ওফন্দিছা, সেইবোৰ বিশ্বসংসাৰৰ জ্ঞান, ক্ষমতা আৰু সৌন্দৰ্য্যেৰে সৈতে তুলনাত বালিচাহিতকৈও লক্ষ্যগুণে সৰু, নগণ্য। যি নিজৰ মূৰ্খতা, শক্তিহীনতা আৰু ক্ষুদ্ৰতা বুজে, সিয়েই জ্ঞানী। জ্ঞানী নিউটনে কৈ গৈছে, যে তেওঁ যি লিখিলে, যি জ্ঞান উপাৰ্জন কৰিলে, সেইবোৰ কেৱল সাগৰৰ পাৰৰ শিলগুটি গোটোৱা মাথোন। কথাই কথাই ডাংকোপ মাৰি ফুৰা মানুহক লোকে অসাৰ বুলি জানে। “গৰ্ব্ব খৰ্ব্বতি সত্বৰং”।


৩৮৷ আৰি নেমাৰিবা, জুৱা নেখেলিবা, চিঠি নেখেলিবা। :

 তাচ, পাশা, ডবা আদি খেল কেতিয়াও আৰি মাৰি নেখেলিবা। ঘোঁৰা দৌৰ আদিত টকাৰ লোভ কৰি আৰি মৰা অন্যায় আৰু পাপৰ কাম জানিবা। দহ জনে কৰিছে, অমুক-তমুক নামজ্বলা ডাঙৰ মানুহে আৰি মাৰি ধন জিকিছে, এনে আৰ্হি লৈ কেতিয়াও তুমি নচলিবা। যিটো বেয়া, সি সদায় বেয়া, তেহেলৈ তাক ডাঙৰ মানুহেই কৰক বা দিল্লীৰ পাটস্যাহেই কৰক। সদায় মনত ৰাখিবা, যি বস্তু বা যি টকা ঘটিব খোজা; তাৰ উচিত মূল্য, তোমাৰ খাটনিৰেই হওক বা থুনপাকৰ ধনেৰেই হওক, তোমাৰ দেয়। উচিত বেচ নিদি পাবলৈ ইচ্ছা ​কৰা বস্তুৱে তোমাৰ হাত, মন, আৰু চৰিত্ৰত মহী সাঁনি সুৰুকা মাৰি পলাই যাবৰ খুব সম্ভৱ। ঘোৰদৌৰত বাজি মাৰি; বা আন প্ৰকাৰে জুৱা খেলি অনেক লোক সৰ্ব্বস্বান্ত হোৱা সকলোৱে দেখিছে। পাণ্ডৱে পাশা খেলি ৰাজ্য, ধন হেৰুৱাই লুৰ্ব্বুং-লুঠুং হৈ বনলৈ যোৱা কথা “মহাভাৰত পঢ়োঁতাসকলৰ কলৰ কোনে নেজানে?


৩৯। তুমি যিটো বিষয় নেজানা, বা এধাডুখৰীয়াকৈ জানা, তাক জানো বুলি কেতিয়াও লোকৰ আগত নকবা। তুমি যিটো অনুমান কৰিছা মাথোন, তাক ঠিক বুলি দঢ়াই বা ন দি কেতিয়াও নকবাঁ :

 এনেকৈ চলা মানুহ কথাৰ কথায় লঘু হয়।


৪০৷ নিজৰ শক্তি আৰু মূল্য বুজি চলিব। :

 ভালেমান মানুহে এই নীতি নুবুজি চলি সমাজত হাঁহিয়াতৰ পাত্ৰ হয়।


৪১। পৰৰ মতামতৰ বিষয়ত সহনীয়া হবা :

 তোমাৰ মতেৰে সৈতে কাৰো মত নিমিলিল বুলি সেই মত পাতলাই উৰাই নিদিবা, বা তেওঁৰ ওপৰত খং কৰি জ্বলি পকি নুঠিবা। এইটো সদায় মনত ৰাখিবা যে তুমি তোমাৰ মতামত আনে শ্ৰদ্ধা কৰি শুনিবলৈ যেনেকৈ আশা কৰা, আনেও তেওঁৰ মতামতৰ বিষয়ত তোমাৰ পৰা ​তেনে আশা কৰে । আৰু এটা কথা মনত ৰাখিবা যে তোমাৰ মতামতৰ দোষ তোমৰ চকুত নপৰিবও পাৰে। নিজৰ মতামত নিজৰ লৰা-ছোৱালীৰ নিচিনাকৈ নিজৰ চকুত সদায় সুন্দৰ যেন লাগে। তাৰ দোষ পৰৰ চকুত হে ভালকৈ পৰে। নিজৰ মতানুসাৰে বলেৰে পৰক চলাবলৈ যোৱাটোও ভয়ানক মূর্খতা । নিজৰ মত সাৰুৱা প্ৰমাণ কৰি যুক্তি দেখুৱাই লোকক তালৈ আনিবলৈ চেষ্টা কৰাটোহে সজ লোকৰ কাম।


৪২। বন্ধু বাছি লোৱাত সাৱধান হবাঁ :

 এই সংসাৰত প্রকৃত বন্ধু পোৱা বৰ টান । সুখে-দুখে মৰণে-জীৱনে সদায় সমসুখী, সমদুখী বন্ধু যি পায় সি হে ধনী, সি হে সুখীয়া। সুখৰ কালত তোমাক বেঢ়ি থাকিবলৈ পাচীয়ে পাচীয়ে বন্ধু বোলোৱা মানুহ পোৱা যায়। কিন্তু দুখৰ কালত, বিশেষকৈ তোমাৰ আৰ্থিক বেয়া হলে, কূলাৰ আগত পতান উৰাদি সেইবিলাক মিছা বন্ধু উৰি যায়। বন্ধু বাছি লোৱাত খুব সাৱধান নহলে ঠেকত পৰিব লাগে । ভাল বন্ধুৱে ভাল বাটলৈ আনে আৰু বেয়া বন্ধুৱে বেয়া বাটলৈ নিয়ে। সঁচা-মিছা বন্ধু চিনিবলৈ ভালেমান দিন লাগে। যাকে তাকে বন্ধু ভাবি ভুলকৈ আঁকোৱালি নধৰিবা।


৪৩। কুসঙ্গ পৰিত্যাগ কৰিবাঁ :

 তুমি যিমান কি ভাল হোৱা, লগৰীয়াৰ দোষ-গুণে তোমাক পৰশিবই জানিবা। সেই দেখি শাস্ত্ৰত কৈছে ​“ত্যজ দুৰ্জ্জন সংসৰ্গং ভজ সাধু সমাগমং”। ভাল মানুহ ভাল কাম, ভাল কিতাপ, ভাল আলাপৰ লগ কেতিয়াও নেৰিবা। বেয়াৰ সৈতে কেতিয়াও সাঙোৰ নেখাবা।


৪৪। বিয়াৰ বিষয়ত সাৱধান হবঁ৷ :

 যাক তোমাৰে জীৱনৰ চিৰসঙ্গী কৰিব লাগিব, তেনে তিৰুতাক গুৰিতে চাই-মেলি পৰীক্ষা কৰি বিয়া কৰাবা। তিৰুতাক সহধৰ্মিনী বোলে। তোমাৰ সহধৰ্ম্মিনী নামত যেনে কামতো তেনে হব লাগিব। তোমাৰ তিৰুতা তোমাৰ প্ৰকৃত বন্ধু। বন্ধু বাছি লোৱাতকৈও এই বিষয়ত বেছি সাৱধানতাৰ আৱশ্যক। বন্ধু বাছি লোৱাত ভুল হলে সেই মিছা বন্ধুক কাইলৈ এৰি পেলাব পাৰিবা, কিন্তু তোমাৰ তিৰুতাক নোৱাৰা। তেওঁ তোমাৰ মৰণে-জীৱনে, আনকি পৰকালৰো লগৰীয়া অকল দেখিবলৈ শুৱনী হলেই ছোৱালী ঘৈণী হবৰ উপযুক্ত হল এনে নেভাবিবা। ৰূপ দুদিনীয়া। স্বভাৱ-চৰিত্ৰ সুন্দৰ আৰু গুণৱতী সতী সাধ্বী হলেহে সেই ঘৈণী মানুহ আৰু দেৱতাৰ চকুত শুৱনী। সুন্দৰ মনমোহা গোলাপ ফুলটিৰ ভিতৰতো বিষাক্ত পোক অনেক সময়ত থকা দেখিবলৈ পোৱা যায়। যি ঘৈণী খঙাল, অসতী, আপোনপেটীয়া, অধৰমী, তেওঁ আপোনাৰ স্বামীৰ আৰু লক্ষ্মীৰ শান্তিময় ঘৰ ভাঙি ডাল ডাল কৰে। সেই ঘৰ “যথাৰণ্যং তথা গৃহং” হয় স্বামী-স্ত্ৰীয়ে ঈশ্বৰক সাক্ষী কৰি বিয়াৰ সময়ত যি প্ৰতিজ্ঞা কৰে সেই প্ৰতিজ্ঞা মতে চলিলে বিবাহিত জীৱন নিশ্চয় ​সুখৰে কাটিব জানিবা। “ওঁ যদেতদ্ হৃদয়ং তব তদস্তু হৃদয়ং মম। যদেতদ্ হৃদয়ং মম তদস্তু হৃদয়ং তব”। এই মূলমন্ত্ৰ কেতিয়াও নেপাহৰিবা। “ধৰ্ম্মে চ অৰ্থে' চ কানে চ নাতিচৰিষ্যামি — এই প্ৰতিজ্ঞা ভঙ্গ নকৰি স্বামীয়ে স্ত্ৰীৰে সৈতে ঘৰ কৰিলে অশান্তি সেই ঘৰমুৱা হব নোৱাৰে। চেঙেলীয়া বয়সত মানুহৰ মন কল্পনা-ৰাজ্যত বৰকৈ বলাই ফুৰে। কবিতা, নাট, নভেল আদিয়ে সেই মন চৰাইৰ ডৌকাত পাখি লগায়। সেই শঙ্কট কালত দকৈ তং নকৰি কণা কামদেউৰ আগত আঠু লৈ ভালেমান ডেকাই বিয়াৰ নজনা-নুশুনা গঁতত জাপ মাৰে। সেই কালত সেই বিপদত নপৰিবলৈ সাৱধান থকা উচিত। ভালেমান কবি, মহা কবিয়ে প্ৰথম দৃষ্টিৰ প্ৰথম প্ৰেমক চিৰস্থায়ী বুলি বৰ্ণাই গৈছে। জৰ্জ্জ ইলিয়টে কিন্তু তেওঁলোকৰ তেনে নত অগ্ৰাহ্য কৰি কয় যে খনিকৰে কি বাঢ়ৈয়ে কৰা প্ৰথম অৱস্থাৰ চিত্ৰ কি মূৰ্ত্তি যেতিয়া ভাল হোৱা প্ৰায় দেখা নেযায়, তেন্তে বহুদৰ্শিতা শূন্য ডেকা ডেকেৰীৰ প্ৰথম প্ৰেমবিবাহ কেতিয়াও নিখুঁত হব নোৱাৰে।

 পকা বয়সত ভাবিচিন্তি পৰীক্ষা কৰি কৰা বিয়াও কেতিয়াবা নিষ্ফল হোৱা দেখা যায়। তেনেস্থলত স্বামী-স্ত্ৰীয়ে তেওঁলোকৰ মন, স্বভাৱ আৰু চৰিত্ৰৰ অমিলক দন্দ-খৰিয়ালেৰে আৰু বেছিকৈ অমিল নকৰি তেওঁলোকৰ দুখ ঈশ্বৰৰ চৰণত জনাই স্বাৰ্থ বিসৰ্জ্জন কৰি জীৱন-যাপন কৰাৰ বাহিৰে আৰু উপায় নাই।

 যি স্বামী স্ত্ৰীয়ে স্বাৰ্থ বলি দি সৰু বৰ সকলো কথাতে মিতমাত কৰি চলে, সেই বিবাহিত জীৱন সুখীয়া নহৈ নেযায়।

​
 

৪৫। তোমাৰ চৰিত্ৰ নিৰ্ম্মল ৰাখিবাঁ :

 কৃপণে যেনেকৈ ধন ৰাখি বহি থাকে, ৰজাই যেনেকৈ খাজানা-গাৰাজৰ দুৱাৰত হিলৈ তৰোৱাল লোৱা দুৱৰী চিপাহী থৈ পহৰা দিয়ায়, সতীয়ে যেনেকৈ আপোন সতীত্ব নিৰ্মূল ৰাখিবলৈ প্ৰাণপণ কৰে, ধাৰ্ম্মিকে যেনেকৈ ধৰ্ম্মৰ পথৰ পৰা ভৰি নিপিচলাকৈ খুপি খুপি চলে, তুমিও সেইদৰে তোমাৰ চৰিত্ৰত চেক৷ লাগিব নিদিয়াকৈ তাক সাৱধানে ৰাখিবা। ধন, সন্মান, ক্ষমতা, পাৰ্থিব সুখ আদিতকৈও চৰিত্ৰৰ মূল্য বেছি। চৰিত্ৰ হেৰুৱালে তোমাৰ একো নেথাকে জানিবা। চৰিত্ৰহীন লোকৰ জীৱন বিফল। চৰিত্ৰহীন ৰজা, মন্ত্ৰী আৰু লাখপতিতকৈ চৰিত্ৰবান ভিকহু ডালদৰিদ্ৰ বেছি ধনী, মানী আৰু ওখ জানিবা। এই পৃথিৱীত কত যোগ্য বুদ্ধিমান মানুহে চৰিত্ৰ হেৰুৱাই উন্নতি জখলাৰ ওপৰ খলপাৰ পৰা পিছলি ধুপুৰকৰে তলত পৰি ধ্বংস হৈছে, দেখিলে শোক লাগে পাৰ্নেল, ডিল্কে, বুলাঞ্জৰ আৰু হেক্টৰ মেকডনাল্ডৰ জীৱনৰ কি শোকলগা পৰিণাম? সাৱধান, ভাই সাৱধান, সদায় নিজৰ চৰিত্ৰক ফটিকৰ ধাৰ যেন নিৰ্ম্মল ৰাখিবা; তাৰ বাবে তোমাৰ আন সকলো যায়, সিও স্বীকাৰ্য্য। চৰিত্ৰ দিনেই অলপ আয়াসতে গঠিত নহয়। ৰোম সাম্ৰাজ্য একে দিনাই হোৱা নাছিল। চৰিত্ৰ গঠন প্ৰাণপণে যত্ন আৰু কঠোৰ সাধনাৰ ফল। এনে বহুমূলীয়া ৰত্ন হেলাতে নেহেৰুৱাবা।

​
 

৪৬৷ তোমাৰ কাৰ্য্য আৰু জীৱন পূৰ্ণ বিশ্বাসৰ দ্বাৰাই পৰিচালিত কৰিবা :

 যি কাম কৰিবা, বা যেনেকৈ নিজক চলাবা, তাক সত্যতাৰ বিষয়ে তোমাৰ সম্পূৰ্ণ বিশ্বাস থকা উচিত যদি জানা বা তোমাৰ মনত সন্দেহ ওপজে যে, সেই কামৰ ভেঁটি সত্যৰ ওপৰত নহয়, আৰু তুমি চলা বাটটো তোমাৰ ভ্ৰম সংস্কাৰৰ ফল, তেতিয়াই তাক কটা-ছিঙাকৈ এৰিবা। ৰাইজে চকু মুদিছে বুলি ভ্ৰম বুজিও চকু মুদাটো ঠিক নহয়। দহজনে এটা ভুল বাটেদি গৈছে বুলি তুমিও জানি-শুনি ভুল বাটেদি যাব লাগিব, এনে নহয়। মনৰ স্বাধীনতাক কেতিয়াও লোকৰ নিন্দাৰ ভয়ত বলি নিদিবা কুসংস্কাৰৰ বাটত অলেখ যাত্ৰী পোৱা যায় বুলি সিহঁতৰ পিছ নধৰিবা। লক্ষ লোকৰ চকুত নপৰা ভুল কেতিয়াবা এজন লোকৰ চকুত পৰা দেখা গৈছে। এনেকুৱা প্ৰায় দেখা যায় যে কোনো ভ্ৰম সংস্কাৰৰ অসাৰত্ব অনেক লোকে বুজিব পাৰিও এলাহৰ বশৱৰ্ত্তী হৈ বা লোকৰ বিৰাগৰ পাত্ৰ হবৰ ভয় কৰি বা আন কোনো অসুবিধাত পৰিম বুলি ভাবি সেই বাটেদি চকু মুদি চলে। এনে কাপুৰুষ লোকৰ জীৱন অসাৰ, পলসুৱা আৰু ঘৃণাৰ পাত্ৰ জানিবা। সংসাৰত সাহিয়াল হৈ ভ্ৰম-পূৰ্ণ বাট এৰি তোমাৰ মানৱী জনম সকল কৰিবা। ঈশ্বৰৰ ৰাজ্যত তুমি এজন জ্ঞান বিবেক থকা ন্যায়-অন্যায় বুজিব পৰা আৰু দায়িত্ব থকা সুকীয়া মানুহ জাকৰ গৰু নহয়। গেলিলিও, চক্ৰেটীচ, বুদ্ধ, নানক, চৈতন্য, শঙ্কৰদেৱ ​আদিৰ জীৱন চৰিত্ৰ পঢ়ি এই কথাৰ সত্যতা হৃদয়ঙ্গম কৰিবা।

 অৱশ্যে তোমাৰ মত সঁচা আৰু আনৰ মত মিছা এনে ধাৰণা জ্ঞান-যুক্তিৰ দ্বাৰাই তোমাৰ মনত ঠাই পালে তেওঁক পাৰ্য্যমানে যুক্তি-তৰ্ক আৰু উপদেশৰ দ্বাৰাই তোমাৰ বাটলৈ আনিবলৈ চেষ্টা কৰিবা, কিন্তু নিন্দা, পেংলাই, তুচ্ছ-তাচ্ছিল্য নাইবা কঠুৱা ব্যৱহাৰ কৰি বা বলেৰে নহয়। পৰৰ মত, পৰৰ বিশ্বাস ভুল বুলি বুজিলেও তেওঁলোকৰ যুক্তি তৰ্কত আস্থা দেখুৱাবা। লোকে যেনেকৈ তোমাৰ মতত বা বিশ্বাসত আস্থা দেখুৱাবলৈ তুমি আশা কৰা, পৰেও সেইদৰে তোমাৰপৰা তেনে আশা কৰে এইটো নেপাহৰিবা। আৰু এইটোও পাহৰিব নেলাগে, যে কিজানি চালনীৰে চালি কুলাৰে জাৰি আনেও তোমাৰ মতত তোমাৰ চকুত নপৰা ভুলৰ তুঁহ-পতান উলিয়াব পাৰে! তোমাৰ মনৰ দুৱাৰ সদায় মুকলি কৰি থবা। কাৰণ লোকে তোমাৰ মত আৰু বিশ্বাস অসাৰুৱা প্ৰমাণ কৰিব পাৰিলে, ততালিকে সেই অসাৰুৱা মত আৰু বিশ্বাস দলিয়াই পেলাই তাৰ ঠাইত লোকৰ সাৰুৱা মতক ঠাই দিব লাগিব। নতুবা তুমি কণা, মিছা অহঙ্কাৰী আৰু ভয়াতুৰৰ শাৰীলৈ নেনামি নোৱাৰা। লোকব কুসংস্কাৰ গুচাবলৈ গৈ নিজে সাজি লোৱা কুসংস্কাৰৰ লেটাৰ ভিতৰত বান্ধ খোৱাটো মূৰ্খতা।


৪৭৷ সকলো মানুহক সন্মান আৰু শ্ৰদ্ধা কৰিবাঁ :

 তোমাৰ একে শাৰীৰ একে জাতৰে হওক বা তোমাতকৈ নীহ শাৰীৰ জাতৰে হওক বা ওখ জাতৰে হওক, সকলোকে ​তেওঁৰ প্ৰাপ্য সমান দিবা আৰু শ্ৰদ্ধা কৰিবা। কি ইংৰাজ, কি বঙ্গালী, কি হিন্দুস্থানী, কি মহাৰাষ্ট্ৰী, কি অসমীয়া, কি ধনী, কি দুখীয়া, কি ৰজা, কি প্ৰজা, সকলোকে পৰমেশ্বৰৰ সন্তান, তোমাৰ ভাই-ককাই বুলি শ্ৰদ্ধা সমান কৰিবা। কাকো আপোনাতকৈ নীহ বুলি ঘিণ নকৰিবা। অমুক ধনী, অমুক ভূঞাৰ ঘৰৰ, অমুক বৰফুকন, বৰবৰুৱাৰ ঘৰৰ হাকিম, অমুক বৰচাহাব, অমুক ৰাজবংশী আৰু তমুক কাঁড়ীৰ ঘৰৰ, তমুক কেৰাণী, তমুক মহৰী, তমুক ভিকহু বুলি তোমাৰ আন্তৰিক শ্ৰদ্ধাৰ তাৰতম্য নকৰিবা। পাটৰ চুৰীয়া আৰু কিংখাপৰ চোলাৰ তলত বা হেট কোট পটলুঙৰ ঢাকনিৰ ভিতৰত নাইবা বগা চাল আৰু ডাঙৰ পদ ডাঙৰ নামৰ তলতো ৰৌ ৰৌ নৰকৰ কুণ্ড থাকে; আৰু ফটা কঁথা, ফটা চুৰীয়া আৰু কলা ছালেৰে ঢাকি থোৱা ভিকহুৰ দেহৰ ভিতৰতো স্বৰ্গৰ পৱিত্ৰতা আৰু মনৰ উচ্চতা সোণ হীৰা জ্বলাদি জ্বলি থাকে জানিবা।


৪৮৷ সদাই মিঠামুৱা আৰু বিনয়ী হবাঁ :

 মিঠা কথাই শত্ৰুক মিতিৰ কৰে আৰু মিতিৰক বন্ধুতাৰ ডোলেৰে কট্কটীয়াকৈ বান্ধে। কঠুৱা বেজেৰামুৱা মানুহক সকলোৱে ঘিণ কৰে। অনেক - ওখ শাৰীৰ মনুহৰ হৃদয় কোমল থকা সত্ত্বেও ওপৰত কোৱা দোষ থকা বাবে তেওঁলোকক মানুহে দূৰতে পৰিহাৰ কৰে। বিশেষকৈ বেহা বেপাৰত সোমোৱাসকলে এই গুণটিৰ পৰা ​বঞ্চিত নহবলৈ নথৈ যতন কৰা উচিত। ই ব্যৱসায়ত অপৰিহাৰ্য। মিঠা কথাত বিত ভগণ নহয়। তেন্তে হেৰা বেপাৰী! কিয় তুমি লোকক মিঠা কথা নকৈ বেজাৰ দি তোমাৰ নামত কহ তুলি লাভৰ বাটত হেঙাৰ দিবা? পৰক কেৰকেৰীয়া কথা কবৰ অধিকাৰ তোমাৰ কেতিয়াও নাই, জানিবা। সদায় তোমাৰ কথাৰ মুখৰ পৰা লেকাম নুগুচাবা। “কথাতে কটা যায়, কথাতে বঁটা পায়” বুলি কয়। যি নিজৰ জিভাক বশলৈ আনিছে তেওঁৰ অদৃষ্টত বিপদৰ বোজা পাতল।

“বিদ্যা দদাতি বিনয়ং বিনয়াদ্যাতি পাত্ৰতাং।
পাত্ৰতা‍ৎ ধনমাপ্লোতি ধনাৎ ধৰ্ম্মং ততঃসুখং”।


৪৯৷ কু চিন্তাক কোনোকালে মনত ঠাই নিদিবাঁ :

 কু চিন্তা কু ভাৰ মামৰৰ নিচিনা। সি মনত ঠাই পালে লাহে লাহে তাক নেখাই নেৰে। তোমাৰ মন যিমানেই টান আৰু অটল হওক, বেয়া ভাবনা-চিন্তাৰ হেন্দোলনিয়ে তাক অলপ নহয় অলপ কোমলাব আৰু টলাবই। এহেজাৰৰ মাজত কাচিৎ এজন মহাবীৰহে যদি তেনে হেন্দোলনিত নিজৰ মনক থিৰ ৰাখিব পাৰে। সেই দেখি শাস্ত্ৰত সাধ সকলে কুভাব মনলৈ অনাটোকেই পাপ বুলি বিহি "কায়মনোবাক্যে” নিৰ্ম্মল থাকিবৰ ব্যৱস্থা কৰি গৈছে।

​
 

৫০। ঈশ্বৰ বিশ্বাসী হবাঁ :

 ঈশ্বৰত বিশ্বাস স্থাপন কৰি সুখ-দুখ সম্পদ বিপদ সকলো তেওঁৰ চৰণত সমৰ্পণ কৰি কৰ্ত্তব্য কাম কৰি চলা মানুহৰ মনত শান্তি আৰু সুখে নিগাজীকৈ বাহ লয়। ঈশ্বৰত অবিশ্বাসী নাস্তিক বা সংশয়বাদী সকলৰ মন অসুখ অশান্তিয়ে অধিকাৰ কৰে। ঈশ্বৰত বিশ্বাস কৰোঁতাজনৰ বুক ভয়ত নকঁপে, বিপদত ডাঠ হয়; কাৰণ তেওঁ জানে তেওঁৰ প্ৰধান সহায় পৰমেশ্বৰে তেওঁক সেই বিপদৰ পৰা উদ্ধাৰ কৰিবই। অবিশ্বাসী জনৰ শঙ্কত কালত নিৰ্ভৰ কৰিবলৈ কোনো নাই; তেওঁ নিজক সদায় আশ্ৰয়হীন নিঠৰুৱা ভাবে; আৰু ভয়ে তেওঁক বৰকৈ পীড়ে। ঈশ্বৰবিশ্বাসী জনে সদায় মনত ভাবে যে আজিৰ এই অন্যায়-অত্যাচাৰৰ প্ৰতিকাৰ কাইলৈ ঈশ্বৰে কৰিবই; আৰু ইহলোকত নহলেও পৰলোকত ইয়াৰ বিচাৰ হবই। কিন্তু নাস্তিক আক সংশয়বাদীৰ ভবিষ্যত এন্ধাৰ, ভয় আৰু অশান্তিৰে ভৰা; কাৰণ তেওঁৰ পক্ষে সেই অন্যায় অবিচাৰৰ প্ৰতিকাৰ লভিবৰ আশা কৰি “আপিল” কৰিবলৈ ন্যায়বান পৰমেশ্বৰৰ “হাইকোট' বা 'প্ৰিভিকাউন্সিল” নাই।

 ঈশ্বৰত অবিশ্বাস কৰিবৰে বা তুমি কোন? তুমি কীটানুকীট। এই সংসাৰত তোমাৰ জ্ঞান, বিদ্যা বুদ্ধিৰ মোল খোলাকুটিতকৈও তাকৰ। তাৰ আকৃতি এটা বালিচাঁহীতকৈও কোটি গুণে ক্ষুদ্ৰ। তুমি কি জানা? তোমাৰ জ্ঞানৰ দীঘল-পুতলেই বা কি? দুবৰিবনৰ পাত এটা কি বস্তু, এটা ধূলিৰ কণা কেনেকৈ হ'ল, তুমি কব ​নোৱাৰা; অথচ তুমি হাঁহি উঠা গণ্ডপ মাৰি ঈশ্বৰৰ অস্তিত্বৰ বিষয়ে তৰ্ক কৰিবলৈ যোৱা। এটা বুদ্ধিমান গুৰি পৰুৱাই তোমাৰ বিষয়ে কি জানে তুমি কব পাৰানে? ঈশ্বৰৰ বিষয়ে তোমাৰ মত আৰু জ্ঞান সেই গুৰি পৰুৱাতকৈও লক্ষ গুণে কম নহয় নে? অৱশ্যে ঈশ্বৰ আছে, আৰু তেওঁ পিতৃ-মাতৃৰ দৰে সদায় তোমাক আবৰি আছে, সেই ফেৰা অনুভব কৰিব পৰা শকতি তোমাৰ নিশ্চয় আছে। পানীকেঁচুৱা লৰাই যেনেকৈ মাকৰ কোলাত শুই আৰু পিয়াহ খাই নিজ মাকৰ অস্তিত্ব অনুভব কৰিব পাৰে, অথচ মাকৰ বিদ্যা-বুদ্ধি দীঘল-পুতল শাৰীৰিক মানসিক আদি ক্ষমতাৰ বিষয়ে একো ধাৰণা কৰিব নোৱাৰে। আমাৰো ঈশ্বৰ সম্পৰ্কে লভা জ্ঞান তেনেকুৱা।

 বেদ, পুৰাণ, কোৰাণ, বাইবেল, ন্যায়, দৰ্শন পঢ়িলেহে তুমি ঈশ্বৰক পাবা বুলি নেভাবিবা। সহজ জ্ঞানবিশ্বাসে তোমাক ঈশ্বৰক দিব। তৰ্ক কৰি বা বক্তৃতাৰে ল’ৰাক মাকৰ অস্তিত্ব বুজাবৰ সকাম নহয়। তৰ্ক আৰু শাস্ত্ৰ ধুমুহা-বতাহে ঈশ্বৰৰ ওচৰৰ পৰা অনেক সময়ত মানুহক উৰাই নি চাকনৈয়াতহে পেলায়। “তৰ্ক শাস্ত্ৰ মহা ব্যাঘ্ৰী ”। সহজ বিশ্বাসী সন্তানে উজু আৰু চুটি বাটেদি ক্ষন্তেকতে পৰমপিতা পৰমেশ্বৰক পায়। আৰু শাস্ত্ৰৰ হাবিৰ সুৰকীয়া বাটেদি যোৱা সকলক প্ৰথমতে পৰুৱাই পাই ভাগৰাই নগুৰ নাগতি কৰে, আৰু শেহত অতি কষ্টেৰে আহি ঈশ্বৰৰ কাষ তেওঁলোকৰ কোনোৱে কাচিৎ চাপিব পাৰিলেও সবই ভাগে বাটতে ভাগৰ লাগি পৰি প্ৰাণ ​হেৰুৱায়। শাস্ত্ৰাভিমানী পণ্ডিত বোলোৱাসকলৰ ঈশ্বৰ লাভ দুঃসাধ্য। খ্ৰীষ্ট, নানক, মহম্মদ, ৰামকৃষ্ণ পৰম হংসৰ কান্ধত শাস্ত্ৰবিদ্যাৰ মেটমৰা ভাৰ নাছিল জানিবা।

 তুমি ঈশ্বৰত বিশ্বাস স্থাপন নকৰিলে ঈশ্বৰৰ যে কিবা হানি হব, বা সেই বাবে তেওঁ তোমাৰ ওপৰত খং কৰি হোৰ তুলিব এনে নহয়।

 তেওঁ “প্ৰশান্ত পুৰুষ আনন্দময়" তেওঁ তোমাৰ ক্ষুদ্ৰাতিক্ষুদ্ৰ অজ্ঞতাৰ খবৰ নলয়। সেই বাবে হানি তোমাৰহে। তুমি তোমাৰ আই-বোপাইৰ কৰুণা-ডৌকাৰ তলৰ পৰা আঁতৰি থাকি বতাহ বৰষুণ আৰু শিলাবৃষ্টি গাত পেলাই আপোনিহে ধ্বংস হবা।

 হে বন্ধুসকল! তোমালোকে ঈশ্বৰত বিশ্বাস স্থাপন কৰি তেওঁৰ ওপৰত নিৰ্ভৰ কৰি তোমালোকৰ কৰ্ত্তব্য কৰি যাবা; দেখিবা তোমালোকৰ উন্নতি নিশ্চিত, মন নিৰুদ্বেগ আৰু প্ৰশান্ত।

 ঈশ্বৰৰ ৰাজ্যত কেতিয়াও অন্যায়ৰ শাস্তি নোহোৱাকৈ নেযায়। অন্যায়-অবিচাৰৰ শোচনীয় পৰিণাম আছেই। ন্যায়ে মূৰকত জয়-পতকা হাতত লৈ দুন্দুভি বজাই আহিবই জানিবা।

 ঈশ্বৰৰ এই সুন্দৰ জগৎ অন্ধ নিয়াৰ দ্বাৰাই পৰিচালিত হোৱা নাই জানিবা। মানুহে “আৰ্জ্জোনৰ ফল ভুঞ্জে" সজ কামৰ সজ ফল আৰ বেয়া কামৰ বেয়া ফল আছেই। মানুহ এই পৃথিৱীত বাপেক-মাক নাইকিয়া মাউৰা লৰা নহয়; আমাৰ আই-বোপাই পৰমেশ্বৰৰ কৰুণাৰ চকু সদায় আমাৰ ওপৰত আছে, থিৰাং জানিবা।