সমললৈ যাওক

কবিতা-পুথি (আগ-ছোৱা)

ৱিকিউৎসৰ পৰা

আসাম গৱৰ্ণমেণ্ট কর্তৃক পাঠ্যলিষ্টিভুক্ত।


কবিতা-পুথি
আগ-ছোৱা৷

ডিব্ৰুগড় হাই স্কুলৰ ভাৰ্ণাকুলাৰ টীচৰ
মোহম্মদ সোলাইমান খাঁ কর্ত্তৃক
প্রণীত
আৰু
শ্রীশিবনাথ ভট্টাচাৰ্য্য কর্ত্তৃক
প্রকাশিত ৷
ডিব্ৰুগড়, আসাম ।

পঞ্চদশ তাঙ্গৰণ।
১৮৪৯ শক


বেচ ৷৹ চাৰি অনা মাথোন।
 

সাম্য-প্ৰেছ,
৬নং কলেজ-স্কোৱাৰ, কলিকতা।
এ উপেন্দ্ৰনাথ দাসৰ দ্বাৰা মুদ্রিত ৷

পাতনি।

 সৰু লৰা-ছোৱালীবিলাকৰ নিমিত্তে এই কবিতা-পুথি আগছোৱা খনি অতি যত্নেৰে যুগুত কৰি প্ৰকাশ কৰা গল। ইয়াত গোট৷ চাৰেক ভাল নক্‌চা দিবৰ ইচ্ছা আছিল, কিন্তু সময়ৰ নাটনি আৰু নানা কাৰণত সুবিধা হৈ নুঠা বাবে, এই বাৰলৈ তাক দিব পৰা নহ'ল। যিবিলাকৰ কাৰণে এই পুথি ডুখৰি প্ৰকাশ কৰা হৈছে, যদি ই তেওঁবিলাকৰ ব্যৱহাৰত আহে, তেনেহলে ইয়াক দ্বিতীয় তাঙৰণত নক্‌চা লগাই প্ৰকাশ কৰিবৰ মন থাকিল। কিন্তু কিমান দূৰ কৃতকাৰ্য্য হব পাৰিম, তাক জনা জনেহে জানে।

 শিৱসাগৰৰ মাননীয় আৰু সুবিখ্যাত । শ্রীযুক্ত গঙ্গাগোবিন্দ ফুকন ডাঙ্গৰীয়া, একষ্ট্রা এচিষ্ট্যান্ট কমিশ্যনৰ মাননীয় শ্ৰীযুক্ত কনকলাল বৰুৱা বি-এ, বি-এল ডাঙ্গৰীয়া, আৰু ডিব্ৰুগড়ৰ সদৰ মজলীয়া স্কুলৰ দ্বিতীয় শিক্ষক শ্রীযুক্ত শিবনাথ ভট্টাচাৰ্য্য মহাশয়ে এই পুথি খনিৰ মূৰৰে পৰা সামৰণিলৈকে মৰম কৰি চাই দিয়া বাবে, মই তেখেত সকলৰ ওচৰত কৃতজ্ঞতা জৰিৰে মেৰ খাই থাকিলোঁ। আৰু যি সকল ডাঙ্গৰীয়াই মৰম কৰি এই পুঁথি ডুখৰিৰ শলাগনি দিছে, মই তেখেতবিলাকলৈকো কৃতজ্ঞতা জনাইছোঁ। ইতি—

।৮।১৯০২
ডিব্ৰুগড়
মোহম্মদ সোলাইমান খাঁ।
 

চতুর্থ, পঞ্চম তাঙ্গৰণৰ পাতনি।

 পৰম কাৰুণিক পৰমেশ্বৰৰ কৃপাত মহামান্য শ্রীল শ্রীযুক্ত পূৰ্ব্ববঙ্গৰ ও আসাম প্রদেশৰ ভূতপূৰ্ব্ব লেপ্টেনান্ট গৱৰ্ণৰ চাহাব বাহাদুৰে এই পুথি খনি থাচ্, আসামৰ স্কুলবিলাকৰ পাঠ্য কৰি দিয়া বাবে, আমি তেখেতৰ নথৈ শলাগ লৈছোঁ, আৰু তাৰ দ্বাৰা বিশেষ উৎসাহিত হৈ ছটা গল্পৰ নতুন ব্লক তৈয়াৰ কৰাই দি পুথিৰ সৌন্দৰ্য্য আগতকৈ কিছু বঢ়োৱা হৈছে। আদিতে “ঈশ্বৰলৈ সেৱা” বুলি এটি নতুন গল্প দিয়া হৈছে। আৰু মাজে মাজে যিবিলাক দোষ দেখিবলৈ পোৱা গৈছিল, এইবাৰ তাকো গুছাবলৈ ক্ৰটী কৰা নাই । এই বাবে এইবাৰ বেচ অলপ আগতকৈ বঢ়োৱা হল ।

৮।২।১৯০৬
ডিব্ৰুগড়
মোহম্মদ সোলাইমান খাঁ।
 

 এই পুথিৰ স্বত্ব গ্রন্থকৰ্ত্তাৰ পৰা আমি কিনি লৈ প্ৰকাশ কৰিলোঁ।

ভট্টাচার্য্য এজেঞ্চী,
ডিব্ৰুগড়।
১ জানুৱাৰী, ১৯২৩।
শ্ৰীশিবনাথ ভট্টাচাৰ্য্য
 
 

কবিতা-পুথি।
আগ-ছোৱা ।

১—ঈশ্বৰলৈ সেৱা ৷
(১)

পিতৃ-মাতৃ সম আহা !   পৃথিবী-ভিতৰ,
কৃপাবান নাই কেওঁ   জানিবা ঠাৱৰ ।
খোৱা লোৱা পিন্ধা আদি   কোনো বিষয়ত,
চিন্তা নাই এফেৰিকে   আছোঁ আয়মত ৷
পিতৃ-মাতৃ-অন্তৰত   সেই দয়া ধন,
যিজন কৰুণাময়ে   কৰিছে অৰ্পণ ৷
সেই জনা ঈশ্বৰক   ভক্তি ভাৱ কৰি,
সেৱোঁ আহা সকলোৱে   চৰণত পৰি ।

(২)

যিজনে কৰুণা কৰি   দিছে দুটি ভৰি,
যাৰ দ্বাৰা আমালোকে   ফুৰোঁ লৰিচৰি,
ধৰিবৰ হেতু হাত   কৰিছে যি দান,
শুনিবৰ হেতু দিছে   ই দুখনি কাণ ।
চকু দিছে চাবলই   খাবলই মুখ,
কত কি যে দিছে আৰু   নাই লেখ জোখ।
সেই জনা ঈশ্বৰক   ভক্তি ভাৱ কৰি ;
সেৱোঁ আহা সকলোৱে   চৰণত পৰি ।

(৩)

অসীম আকাশ জুৰি   অসংখ্য তৰাই,
জক্‌মক্‌ কৰি যাব   মহিমা জনায় ;
চন্দ্ৰই ভুমুকি মাৰি   নীল আকাশত,
মৰ্ত্ত্যত জোনাক ঢালে   যাৰ আদেশত ।
গ্রহই আদেশ যাব   পালি নিৰন্তৰ,
দিনে ৰাতি ঘূৰি ফুৰে   বাটে দি নিজৰ !
সেই জন৷ ঈশ্বৰক   ভক্তি ভাৱ কৰি;
সেবোঁ আহাঁ সকলোৱে   চৰণত পৰি।

(8)

ৰজা প্রজা সুখী দুখী   পাপী পুণ্যবান,
সকলোৰে যাৰ পৰা   পায় কৃপাদান,
মনুষ্য-জনম আমি   পালোঁ যাৰ পৰা,
যাৰ নাম ললে যায়   বিপদত তৰা,
পৃথিবীত পানী হয়   কৰুণাত যাৰ,
যাৰ দ্বাৰা জন্মে শস্য   উপচি পথাৰ ৷
সেই জনা ঈশ্বৰক   ভক্তি ভাৱ কৰি;
সেবোঁ আহা সকলোৱে   চৰণত পৰি ।

২–ৰাতিপুৱা।

(১)

ৰাতি-পুৱা হ'ল   উঠাঁ সোণ ফেৰি!
উঠাঁ গিৰিসাই   ঢাৰি পাটী এৰি।
নুশুবা নুশুবা   উঠাঁ ঘপৰাই,
এতে পৰ কেওঁ   শুই থকা নাই।

(২)

চোৱাঁবাৰু সউ   উঠিলে কোমল,
উঠিলে তালেব   উঠিলে নোমল৷
হেম, ৰফি, ছফি   উঠিল আটাই,
এলাহত কেওঁ   শুই থকা নাই।

(৩)

সকলোৱে চোৱাঁ   পুথি মেলি লই,
শিকে নিজ-পঢ়া   মন থিৰ কই।
আৰু চোৱা সউ   পূব আকাশত,
ৰঙা বেলি উঠে   কেনে উলাহত ।

(৪)

চৰাই বিলাকে   গছে গছে পৰি,
বিধে বিধে গায়   নানা ছেও ধৰি ।
গছে গছে ফুল   কতনো ফুলিছে,
গোন্ধ্ লই জুৰ   বতাহ বলিছে ।

(৫)

বনত বলিয়া   মউ মাখি বোৰে,
ফুলে ফুলে মউ   পান কৰি ফুৰে ৷
হুজুৱা মানুহে   হাল কোৰ লই,
লাগিছে কামত   বেগাবেগি গই ।

( ৬ )

বাটৰুৱা লোকে   বাট-কুৰি বাই,
গছ-তল এৰি   খৰ্ খেদা যায় ।
এইদৰে আছে   য’ত্ যেনে কই,
কামত ধৰিছে   দিহাদিহি গই ।
এতেকতে বোপা !   উঠা লৰালৰি,
পানী লই ধোৱা   হাত, মুখ, ভৰি ।
কিছু পৰ ফুৰি   পুথি মেলি লই,
শিকা নিজ-পঢ়া   মন থিৰ কই ।


৩—লৰাকাল।

লৰাকাল   কেনে ভাল ;
নাই একো   আহুকাল ।
লিখা-পঢ়া   শিকিবৰ ;
এইটিহে   ঘাইপৰ ।
এই কাল   যদি যায় ;
তেন্তে তাক   কোনে পায় ?
কোটি টকা   কৰা দান ;
তেও তাক   পোৱা টান।
মূৰ মাৰি   যদি মৰা ;
তেও কি সি   দিব ধৰা ?
হেন জানি   হেৰা লৰা !
শিকা তুমি   লিখা-পঢ়া ।
এৰি দিয়া   সোৰোপালি,
আৰু যত   ধিতিঙালি ।
দিনে ৰাতি   কৰাঁ দুখ ;
তেহে পাবা   পাছে সুখ।
য'তে ত'তে   মান পাবা ;
মহা সুখে   নিতে খাবা।
যদি কৰা   আওকাণ ;
দুখ পাবা   ভালেমান ।
সকলোৱে   মূর্খ-কব ;
মনকষ্ট   বহু হব ।
নকৰিব   কেৱে মান ;
পাবা মাথোঁ   অপমান ।

৪—গালি।

(১)

ভালৰ মুখত গালি   কদাপি নোলায়,
অসজৰ মুখতেহে   গালি শুনা যায়।
সাধুৰ যদিও নিন্দা   ৰটে দুষ্ট জনে,
সহি তেও গালি নিদি   থাকে মনে মনে।

(২)

অসজে এফেৰি চেলু   কাৰো যদি পায়,
গালি পাৰি ফেৰ পাতে   কৰিবলৈ হাই।
তাৰপৰা হানি আছে   লাভ একো নাই,
গালি পৰা মানুহক   আটায়ে ঘিণায়।

(৩)

তাকে বুজি কাকো বোপা!   গালি নেপাৰিবা,
সকলোৰে তেহে তুমি   মৰম লভিবা।
লোকেও পাৰিলে-গালি   নেপাতিবা মুখ,
সহিলে আপদ যায়   নসহিলে দুখ ।


৫—খঙ্।

(১)

খঙ, অতি বেয়া বস্তু   হেৰা লৰাহঁত !
খঙৰ সমান শত্রু   নাই জগতত ।
ওপজে খঙৰে পৰা   সকলো জগৰ,
খঙতে হেৰায় কাৰো   জীৱন নিজৰ ।

(২)

কটাকটি মৰামৰি   ভায়ে ভায়ে হয়,
খঙেইহে তাৰো গুৰি   জানিবা নিশ্চয়।
খঙতে নিজৰ লোকো   হই যায় পৰ,
খঙতেই ছিগি যায়   ডোল মৰমৰ ।
খঙতেই কত লোকে   ভুঞ্জে নানা দুখ,
নেপায় খঙাল লোকে   এফেৰিকে সুখ।
এই বাবে কওঁ মই   দঢ়াই দঢ়াই,
সদায় খঙক বোপা!   ৰাখিবা দমাই ।

৬—এলাহ।

( ১ )

সুখ নাই তাৰ যিটো   এলেহুৱা হয়,
এলাহ ডাঙৰ ৰোগ   জানিবা নিশ্চয়।
এলাহতে পৰি লোকে   নানা কষ্ট পায়,
গুছাবলৈ কষ্ট তেও   নেভাবে উপায়।

( ২ )

সিলোকে মৰিব পাৰে   বনৰ নামত,
খাবলই ভাল কিন্তু   বিচাৰে মনত।
ডাবি হুকি দিয়া যদি   এলেহুৱা বুলি,
তথাপি নিলাজ হই   সহিব সমূলি।

(৩)

দিনে ৰাতি ধোদ বুলি   যদি লাজ দিয়া,
তেও বন কৰাওঁতা   কেওঁ নাইকিয়া।
এই দৰে এলেহুৱা   যিটো লোক হয়,
মিছাতে নিয়াই দিন   দেহা কৰে ক্ষয় ।

(৪)

হেন জানি হেৰা লৰা !   উপদেশ ধৰাঁ,
পাচে সুখী হবলই   যদি আশা কৰা,
তেন্তে কাল নকটাবা   এলাহত পৰি ;
খেদি দিয়াঁ খেদি দিয়াঁ   তাক দূৰ কৰি ।

৭–এটা দুষ্ট লৰা।

(১)

ধনী এটা অতি   টটা টিঙা লৰা,
দুষ্টালি কামত   সৱাতোকৈ চৰা।
লিখা-পঢ়া ফালে   এফেৰিকে নাই,
যাৰে তাৰে কৰে   দন্দ আৰু হাই।

(২)

ঘৰে পৰে তাক   ভাল বোলা নাই,
সকলোৰে মাথোঁ   গৰিহণা খায়।
দুষ্টালিৰ পৰা   কি হ'ল পাচত,
কওঁচোন বাৰু   শুনা বোপাহঁত !

(৩)

ধনিয়ে এদিন   ভেঙুচালি কৰি,
কণা এজনৰ   লাখুটিত ধৰি
টান মাৰোঁতেই   পালে মাধমাৰ,
একে মাৰে হাত   ভাগি গ'ল তাৰ ৷
তাৰে পৰা ধনী   নিৰ্জু লৰা হল,
দুষ্টালি সোপাই   কেনিবা দি গ'ল ।
এই দৰে যিটো   দুষ্ট লৰা হয়,
কেতিয়াবা ফল   পাব সি নিশ্চয়।
হেন জানি বোপা !   দুষ্ট নোবোলাবা,
সেয়েহলে বেথা   য'তে ত'তে পাবা।

৮—বিনয়

(১)

সৰু কিম্বা বৰ  আপোন কি পৰ
 নকবা বচন বঢ়া ;
নিতে সৰু হই  মিঠা কথা কই
 সৱাকে তুষিবা লৰা।

(২)

নহবা খঙাল  নহবা গপাল
  নহবা ডাঙ্কোপ-মৰা :
সৰু হই ৰবা  বেথা তুমি পাবা
 সকলো লোকৰে পৰা ৷

৯—সমনীয়া।

(১)

যিটো হয় বয়সত   তোমাৰে সমান,
একেলগে পঢ়ে আৰু   ছাতৰ যিমান,
সকলোকে সমনীয়া   জানিবা তোমাৰ,
টান কথা কই কাকো   নিদিবা বেজাৰ ।

(২)

সকলোৱে মিলিজুলি   থাকিবা সদায়,
নকৰিবা মৰামৰি   আৰু দন্দ্ হাই ৷
তেনে হলে যেয়ে সেয়ে   কৰিব আদৰ,
ওজায়ো তোমাক বোপা !   ভাল পাব বৰ ।

১০—লোকৰ দোষ উলিওৱা।

কাৰো যদি   দেখা দাই,
নুলিয়াবা   হেৰা ভাই !
কৰিলে   মনৰ বাজ,
লোকে তাত   পাব লাজ।
কিন্তু যেয়ে   উলিয়ায়,
সিনো কিটো   লাভ পায় ?
পৰ-দোষ   যেয়ে কয়,
সকলোৰে   বেয়া হয়।
টুটকীয়া   নাম পায়,
যাৰে তাৰে   গালি খায়।
এতেকে যি   ভাল হব,
পৰ-দোষ   কিয় কব ?

১১–ভাল লৰা ।

(১)

“যি লৰাই পিতৃ-মাতৃ-   কথা মতে চলে
যি লৰাই সহে কেঁৱে   টান কথা কলে !
যি লৰাই কৰে, যিটো   ওজা দেৱে কয়,
যি লৰাই ভাল দৰে   ফলি পুথি থয়।

(২)

যি লৰাই নিতে যায়   পঢ়াশালি লই,
যি লৰাই পঢ়ে সদা   মন থিৰ কই ।
যি লৰাই ধেমালিত   কাল নিনিয়ায়,
যি লৰাই কেতিয়াও   কাকো নোজোকায়

(৩)

যি লৰাই সকলোকে   মিঠা মুখে মাতে,
যি লৰাই বেয়া এৰি   চলে ভাল বাটে।
যি লৰাই ঘৰে পৰে   নকৰে কোঢ়াল,
যি লৰাই এলাহত   নকটায় কাল ।

(৪)

যি লৰাই বেথা ৰাখে   ভাই-ভনী লই,
যি লৰাই দোষ কৰি   নেমাতে আসই।
যি লৰাই কৰে মান   দেখি ডাঙৰক,
যি লৰাই পুতৌ কৰে   দুখীয়া লোকক ।
যি লৰাই কাৰো প্ৰতি   নেদেখায় খঙ,
যি লৰাই অসাধুৰ   নিবিচাৰে সঙ।
যি লৰাই নিতে নিতে   পঢ়া দিব পাৰে,
যি লৰাই অঁকৰাক   মুখ নিসিয়াঁৰে।

(৬)

যি লৰাই মিছা কোৱা   পাপ বুলি জানে,
যি লৰাই পৰ-বস্তু   চুৰ কৰি নানে।
যি লৰাই পৰ-দোষ   ৰাখে গুপুতত,
যি লৰাৰ পেঁচ নাই   খাবৰ পৰত।

(৭)

সি লৰাকে সকলোৱে   ভাল বুলি কয়,
য'তে ত'তে যাৰে তাৰে   প্ৰিয়-পাত্ৰ হয়।
হেন জানি হেৰা বোপা!   কওঁ বাৰে বাৰ,
পাবলৈ সিবোৰ গুণ   কৰাঁ কাৰবাৰ।

১২- খেতি আৰু বিদ্যা।

(১)

পথাৰত গই বোপা!   আহা তুমি চাই,
কত দুখ কৰি খেতি   কৰে হালোৱাই।
নেজানে পিয়াহ ভোক   নেজানে ভাগৰ,
দুখতেই পানী কৰে   তেজ শৰীৰৰ।

(২)

এই দৰে বহু কষ্টে   ততাতৈয়া কৰি,
যত পাৰে তত লয়   বতৰতে কৰি।
তেহে জন্মে নানা শস্য   উপচি পথাৰ,
যাক দেখি ৰঙ্ লাগে   মনত অপাৰ।

(৩)

তোমাৰো কোমল মন   মাটিৰে সমান,
লিখা-পঢ়া খেতি আৰু   শস্য তাৰ জ্ঞান ।
লিখা-পঢ়া খেতি কৰাঁ   জ্ঞান শস্য পাবা,
সেয়ে হলে ডাঙৰত   মহা সুখে খাবা।

১৩–বেঙ।

(১)

হেৰা গণি ! চোৱাঁচোন শনি লই চোৱাঁ,
নেজানো নির্দ্দয় হায়! কিয় এনেকুৱা ।
বেঙ্ জাতি নিৰ্জু অতি সকলোৱে জানে,
সংসাৰত যতবোৰ প্ৰাণী আছে মানে ।

(২)

চুকৰ ভেকুলি থাকে চুকত সোমাই,
পোক মাখি যিটো পায় তাকে ধৰি খায়।
কদাপি নকৰে কাৰো কোনো অপকাৰ,
কোনো ৰূপে মানুহক নিদিয়ে বেজাৰ।

(৩)

তথাপি বধিছে চোৱাঁ মিছা কয়ে ভাই!
হায়! এনে কাঠ-চিত ক'তো দেখা নাই।
নিজৰ জীৱন যেনে সকলোৰে তেনে,
তেনে হলে কিয় হায়! নিৰদয় এনে।

(৪)

সিটো হয় পশু, যাৰ দয়া ধৰ্ম্ম নাই,
নহওঁ শনিৰ দৰে আমি হেৰা ভাই।
সদায় সকলো জীৱ সুখেৰে থাক’ক,
কেতিয়াও কোনো প্ৰাণী নবধোঁ নাহক।


১৪-মিঠা মাত।

(১)

হেৰা লৰা! সকলোকে মিঠা মাত দিবা,
হুঁটা কথা কই কাকো বেজাৰ নিদিবা ।
কি আপোন কিবা পৰ সৱাৰে মনত,
নিশ্চয় সোমাব পাৰি মিঠা বচনত ।

(২)

চোৱা বাৰু গুৰ চেনি কেনে মিঠা পাই,
জাকে জাকে মাখি গই বেৰি কুঢ়ি খায়।
তাকে বুজি যাকে তাকে মিঠা কথা কবা,
তেনে হলে সকলোৰে প্রিয়-পাত্র হবা ।

১৫—ভাই ভনীৰ মিলা-প্রীতি

(১)

কেতিয়াবা তুমি   হেৰা বলো ভাই !
গোলাপ হঁতক   দেখিছানে নাই ?
সিহঁত তিনটি   আছে ভাই ভনী
ডাঙৰ গোলাপ   মাজিউ আঘণী ।

(২)

দুয়োটিৰে মণি   নুমলীয়া হয়,
কেওটিয়ে সদা   মিলি জুলি ৰয় ।
ইটিয়ে সিটিক   কেতিয়াও ভাই,
ডাবি হুকি দিয়া   আমি দেখা নাই ।

(৩)

কোনোৱে কোনোটো   পালে খাবলই,
তেতিয়া নেখাই   থই দিয়ে গই।
যেতিয়া তিনিও   আহি থুপ খায়,
তেতিয়া ভগাই   কেওটিয়ে খায়।

(৪)

তিনোৰে মাজত   কিছুমান পৰ,
নেদেখা হলেই   লাগে ধৰ-ফৰ্ ।
আহা! এনে মিল   নিতে যত ৰয়,
স্বৰ্গসুখো তাত   তুচ্ছ বোধ হয়।

(৫)

নেজানো অনেকে   কিয় ভাই ভাই,
এৰি এনে সুখ   কৰি মৰে হাই ।
হেন জানি আমি   ভাই ভনী লই,
সুখেৰে থাকি   ম মিল জুল হই ।

১৬ - যেতিয়াৰ যি বন।

(১)

“যেতিয়াৰ যিটো বন”   নকৰে যি জন,
পঢ়াৰ পৰত যাৰ   ধেমালিত মন।
পঢ়িলেও যিটো জনে   মন নলগায়,
কেতিয়াও বিদ্যাধন   সিজনে (অপঠনীয় )

(২)

যাবৰ পৰত যেয়ে   পঢ়াশালি লই,
মিছাতে পলম কৰে   য'তে ত'তে ৰই ।
ওজাই পঢ়ালে যেয়ে   ইটো সিটো চায়,
কেতিয়াও বিদ্যাধন   সিজনে নাপায়।

(৩)

খাবৰ পৰত যেয়ে   নেথাকে ঘৰত,
ভোকত নেখাই যেয়ে   খায় আভোকত ।
সৰুতে যি জন অতি   এলেহুৱা হয়,
কেতিয়াও সেই জন   সুখীয়া নহয় ৷


১৭—মাতৃৰ মৰম।

(আগ-ছোৱা)।

(১)

দহ মাহ গর্ভ ধৰি   কোনে দুখ খাই;
আমাক জনম দিলে   কোৱাচোন ভাই?
বেথাৰে বুকুত কোনে   সুমুৱাই লয় ?
আমাৰ সাদৰী আই   সেই জনা হয়।

(২)

আমাক কৰিছে কোনে   তুলি তালি বৰ ?
জগতত অন্ত নাই   কাৰ মৰমৰ ?
আমাৰ দুখত কোন্   নিজে দুখী হয় ?
আমাৰ সাদৰী আই   সেই জনা হয়।

(৩)

কোনেনো বাৰু   কোলাত সুমাই,
মইনা, সোণাই বুলি   কত চুমা খায় ?
আমাৰ সুখত কোন্   নিজে সুখী হয় ?
আমাৰ সাদৰী আই   সেই জনা হয় ৷

(৪)

দিনে ৰাতি কোনে থাকে||   || শিতানত বহি ?
পৰিলে আমি   নানা দুখ সহি ;
আমাৰ ভালত কোনে   ৰঙ্ মনে ৰয় ?
আমাৰ সাদৰী আই   সেই জনা হয় ।

১৮—মাতৃৰ মৰম।

(শেহ-ছোৱা)।

(১)

কোনে দিয়ে খাবলই   আমাক ভোকত ?
কোনেনো বিচাৰি আনে   নহলে ঘৰত ?
দূৰলই গলে কোন   উত্ৰাৱল ৰয় ?
আমাৰ সাদৰী আই   সেই জনা হয়।

(২)

ইমানটি হলোঁ আমি   কাৰ যতনত ?
সদায় সুখত আছোঁ   কাৰ মৰমত ?
ভাল বস্তু পালে কোনে   আমালই থয় ?
আমাৰ সাদৰী আই   সেই জনা হয় ।

(৩)

আমাৰ যশস্যা শুনি   কোনে ৰঙ্‌ পায় ?
আমাৰ কাৰণে কোনে   নানা দুখ খায় ?
আমাৰ গৰিহা শুনি   কাৰ কষ্ট হয় ?
আমাৰ সাদৰী আই   সেই জনা হয় ।

(৪)

আহা এনে মাতৃলই   ভক্তি নাই যাৰ ;
কেটেৰা জেঙেৰা মাৰি   দিয়ে যি বেজাৰ
পাচলই সিজনৰ   কেনে দশা হয় ?
কুকুৰ মৰণে মৰি   নৰকত ৰয়।

১৯–কণা মগনীয়া

(বাই ভনীৰ কোৱা মেলা)।

(ভনী)

বাই দেও! সউ কোন্   পদূলি-মুখত,
আহিছে লাখুটী ধৰি   আমাৰ ঘৰত ?

( বাই )

হেৰেই সোণাই ! সিটি   কণা মগনীয়া ;
নেদেখে একোকে দেহি   চকু নাইকিয়া ।

( ভনী )

তেনেহলে বাই দেও !   সেই বপুৰাৰ,
কেনেকই দিন যায়   কোৱাঁচোঁ এবাৰ ৷

( বাই )

ঘৰে ঘৰে মাগি খুজি   যি এফেৰি পায়,
কষ্টেৰে তাৰেই দেহি   দিন কে’টি যায় ।

( ভনী )

দেহি ঐ ! বপুৰা বৰ   পোৰা কপলীয়া ;
সিকি এটি বাই দেও!   দিয়া তাক দিয়া ।

( বাই )

এইদৰে সোণ ফেৰি !   যেতিয়া তেতিয়া ;
পুতউ কৰিবা দেখি   কণা মগনীয়৷ ৷

২০ – সৰু আৰু বৰ।

(১)

মান গালে বৰ বশ জানিবা নিশ্চয় ;
মৰমৰ দ্বাৰা বশ সৰু লোক হয় ৷
মানীৰ হেৰালে মান দুখ পায় বৰ ;
সৰুৱে নেপালে বেথা নেচাপে ওচৰ ৷

(২)

তাকে বুজি ডাঙৰক কৰিবা সম্মান ;
সৰুক কৰিবা বেথা দেখিবা যিমান।
লোকৰ মনত তেন্তে সোমাব পাৰিবা ;
য'তে ত'তে সকলোৰে মৰম লভিবা।

২১–ৰূপ আৰু গুণ।

(১)

শুৱনি হলেই কেৱে   নকৰে আদৰ ;
থাকিলেহে গুণ সৱে   কৰে সমাদৰ ।
অনেকে কুৰূপ হয়ো   গুণৰ বলত ;
য'তে ত'তে মান পায়   এই জগতত।

(২)

কুলিৰে নিচিনা ক’লা   কাউৰীও ভাই ;
দুয়োৰে সমান ৰূপ   কম বেছি নাই।
চোৱাঁ কিন্তু কাউৰীৰ   কঠুৱা মাতত ;
সকলোৱে দূৰ দূৰ   কৰে নিলগত।
কুলিৰ সুমিষ্ট মাতে   জীৱন জুৰায় ;
ক’লা বুলি কেৱেঁ তাক   নিদিয়ে খেদাই ।

(৩)

যদিও পলাশ ফুল   অতি বিতোপন ;
তথাপি নকৰে কেৱেঁ   লবলই মন।
কেনেনো শুৱনি আৰু   ফুল মদাৰৰ ;
পলাশৰ দৰে তাকো   নকৰে আদৰ।
গুণ নাই বুলি চোৱা   কোনোৱে নলয়
থাকিলে ফুলৰ গোন্ধ,   তাকে গুণ কয়।

(৪)

তুমিও শুৱনি যদি   (অপঠনীয় )
নেথাকিলে গুণ কেৱেঁ   (অপঠনীয় )
হেন জানি হেৰা বোপা !   উপদেশ ধৰাঁ ;
গুণৱান হবলই   পুৰুষাৰ্থ কৰা ৷

২২–দুখ।

(১)

কেতিয়াবা কেৱেঁ   নকৰাকৈ দুখ ;
কোৱাঁচোন বোপা !   পাইছেনে সুখ ?
“দুখ কৰিলেহে   মুখ খনি ভৰে” –
ইয়াকেহে কয়   যেই সেই নৰে ৷

(২)

সঁচা কথা চোৱাঁ—   “চকুৰ আগতে ;
দুখ কৰা লোক   সুখী নানা মতে ।
বিদ্যা, ধন, মান   আছে যত বোৰ,
দুখতেহে লোকে   লভিছে সিবোৰ ।”

(৩)

দেখা পায়ো যদি   হেৰা লৰাহঁত !
লৰাকাল ফেৰি   নিয়াঁ অবাবত ।
বিদ্যা শিকা বাবে   নকৰিবা দুখ ;
ডাঙৰত পাবা   কেনেকই সুখ ?

২৩—ক্ষমা।

কোনোৱে লগালে দাই ;
নকৰিবা খঙ, ভাই !
বেগেতে যি খঙ, কৰে ;
বিপদত সেয়ে পৰে ৷
এতেকে যি কৰে দাই,
এৰি দিবা তেতিয়াই।
তুমিও লগালে দাই,
লোকেও ক্ষমিব ভাই !
সকলোৰে দোষ হয় ;
নিৰদোষী কোন্ ৰয় ।

আমি যত সৰু বৰ ;
হওঁ এক ঈশ্বৰৰ ।
সকলোৱে ভাই ভাই ;
ভিন্‌ পৰ কেওঁ নাই ।
তাকে বুজি হেৰা লৰা ;
সজ কথা ক্ষমা কৰাঁ ।

২৪—খিয়াল।

(১)

লোকৰ দেখিলে ভাল   কৰে যি খিয়াল
নিশ্চয় নহয় তাৰ   কোনোকালে ভাল।
কাৰো যদি সজ গুণ   দেখিবলৈ পোৱা ;
খিয়াল নকৰি তাক   যত্ন কৰি লোৱাঁ।

(২)

তোমাৰ লগৰ যদি   কোনোবা লৰাই
“সজ লৰা” বুলি বেথা   শিক্ষকৰ পায়।
তেনেহলে তুমি তাক   নকৰি খিয়াল,
লবা তাৰ সজ গুণ   সৱে পাব ভাল।

২৫-ধুন-পেঁচ।

(১)

নেথাকিলে গুণ  মিছা মৰা ধুন
 সকলো মানুহে কয়।—
ধুন-পেঁচ মাৰি  ফুৰে সাজি পাৰি
 যিজন ফতুৱা হয়।

(২)

গুণৰ আগত  হেৰা বোপাহঁত
 অলপো নোশোভে ধুন ;

জানিবা ঠাৱৰ  শোভা পায় বৰ
 মাথোন থাকিলে গুণ ।

(৩)

ধুন-পেঁচ থোৱাঁ  গুণ ঘটি লোৱাঁ
 কথালৈ কৰিবা কাণ;
নেথাকিব দুখ  পাবা মাথোঁ সুখ
 আটায়ে কৰিব মান।

২৬—ঘৰি ৷

(১)

“টিক্ টিক্” কৰি চোৱঁ৷   কলৰ ঘৰিয়ে ;
সদায় আমাক কেনে   সজ শিক্ষা দিয়ে।—
“চোৱাঁচোন চোৱাঁ হেৰা   তোমালোকে ভাই !
সময় নেথাকে বহি   কাৰো মুখ চাই ।

(২)

দিনে ৰাতি একেদৰে   গাইছে সময় ;
কাৰো প্ৰতি বেথা কৰি   অলপো নৰয় ।
কিন্তু ভাই! তোমালোকে   এলেহুৱা হই ;
অমূল্য সময় কিয়   নিছা মিছাকই ৷৷

(৩)

ইমানতো কেৱেঁ যদি   বুজনি নলয় ;
“টঙ টঙ” কৰি তেন্তে   বৰকই কয় !
“টঙ্ টঙ” “টিক্ টিক্”   ইয়াকেহে কই ;
দিনে ৰাতি সজ শিক্ষা   দিছে ঘৰি হই ।

(৪)

একোকে নুবুজে সিটো   জ্ঞান নাই যাৰ ;
সেয়েহলে দুখতেহে   দিন যায় তাৰ ৷
তাকে বুজি তোমালোকে   হেৰা লৰাহঁত !
ঘৰিৰ বুজনি লোৱাঁ   থাকিবা সুখত ৷

২৭—সময়ৰ গতি

(১)

নদীৰ সোঁত   সদায় যায় ;
ৰাখিব তাক   নোৱাৰি ভাই !
সময়ো যায়   তাৰেই দৰে ;
ৰাখিব তাক   নোৱাৰে নৰে ৷

(২)

গাইছে জহ   গইছে জাৰ,
ধৰিব তাক   ক্ষমতা কাৰ?
ধৰিব তাক   সি পাৰে ভাই !
এলাহ্ যাৰ   অলপো নাই ।

(৩)

এতেকে বোপা !   এলাহ, থোৱাঁ ;
কৰ্ত্তব্য কাম   হাতত লোৱা ।
সময় মতে   সকলো বন ;
সমাধা কৰা   লগাই মন ৷

২৮—লোভ।

(১)

লোকৰ বস্তুত বোপা !   লোভ নকৰিবা ;
বিষ্ঠাৰ নিচিনা তাক   মনতে ভাবিবা।
লোভৰ কাৰণে লোকে   নানা কষ্ট পায় ;
কোনোৱে লোভত পৰি   মানকো হেৰায় ।

(২)

লোভৰ নিমিত্তে কেৱেঁ   মিছা কথা কয় ;
কোনোৱেবা চুৰ কৰি   ফাটকত ৰয় ।
কোনোৱে খাইছে বেত   লোভৰ কাৰণ ;
কোনো জনে হেৰাইছে   নিজৰে জীৱন ।

(৩)

লোভেই হইছে মূল   সকলো পাপৰ;
হেন জানি তাৰ পৰা   থাকিবা আঁতৰ ৷
কিন্তু বোপা ! সজগুণ   কাৰো যদি থাকে ;
লোভ আৰু যত্ন কৰাঁ   পাবলই তাকে ।

২৯–নোৱাৰোঁ।

(১)

“নোৱাৰোঁ কথাটি বোপা!   বেয়া কথা বৰ;
কদাপি নহয় সিটো   কথা পুৰুষৰ ৷

এলেহুৱা যিটো হয়,
“নোৱাৰোঁ” সিটোৱে কয়,

তেনেহলে তুমি কিয়   নোৱাৰে৷ বুলিবা?
এলেহুৱা হই কিয়   জীৱন ধৰিবা?

(২)

মটা নাম পাবলই   যদি কৰা মন;
তেনেহলে নুবুলিবা   "নোৱাৰো" বচন।

দহ জনে পাৰে যিটো,
তুমিও পাৰিবা সিটো,

হেন জানি সাহ কৰি   প্ৰাণ টাকি কৰা ;
একেবাৰে নোৱাৰিলে   এশ বাৰে কৰা।

৩০—চোৰ ৷

(১)

চিনিছানে হেৰা বোপা !   কোন্ সউ জনা ;
চুৰি কৰি ধৰা পৰি   লভিছে যাতনা।
তোমাৰে নিচিনা তেওঁ   আছিল ছাতৰ ;
আলসুৱা লৰা অতি   মাক বাপেকৰ ।

(২)

বিদ্যা শিকি মোৰ সোণা   ভাল হব বুলি ;
বাপেক মাকৰ আশা   আছিলে সমূলি।
নাছিলে ধাউতি তাৰ   লিখা পঢ়া লই ;
ক্রমে দিলে মন মেলি   চুৰ বিদ্যা লই ।

(৩)

ফলি পুথি পেন্‌চিল   যাৰ যিটো পায় ;
মনে মনে চুৰি কৰি   নিয়ে ছল চাই ।
এই দৰে হ'ল তাৰ   চুৰ কামে ঘাই ;
ইস্কুলৰ পৰা তাক   দিলে উলিয়াই ।

(৪)

কালি হেনো দোকানীৰ   ধন চুৰি কৰি ;
সউৱা লভিছে শাস্তি   চোৱাঁ ধৰা পৰি ৷
হেন জানি কেতিয়াও   হেৰা বোপাহঁত !
নুচুবা লোকৰ বস্তু   ৰাখিবা মনত ৷

৩১—-বেয়া লৰাৰ লগ।

(১)

হেৰা বোপা! সাপলই   কৰা যেনে ভয়;
তাকো তেনে কৰা ভয়   দুষ্ট যিটো হয়।
দুষ্টৰ লগত পৰি   কত ভাল লৰা;
সমূলি গুচিছে চোৱা   এৰি লিখা-পঢ়া।

(২)

যেয়ে সেয়ে কইছিল   ভাল লৰা মতি;
নিতে শিকে লিখা-পঢ়া   মন পাৰি অতি।
ততালিকে কৰে, যিটো   গুৰু জনে পাঁচে?
এনেকুৱা ভাল লৰা   কোন্ ক’ত আছে?

(৩)

ৰূপন দুষ্টৰ লগ   যিদিনা ধৰিলে;
সিদিনাৰে পৰা মতি   তেনেই গুচিলে।

লিখা-পঢ়া এৰি, দিলে
একোকে নুশুনা হ'ল


ধেমালিতে মন ;
গুৰুৰ বচন ।

(৪)


যিটো তাৰ মন যায়
ডাঙৰত মতি বৰ
এতেকে ইফাঁকি কথা
“যিটো হয় দুষ্ট, তাৰ


সেইটোকে কৰে ;
বিপদত পৰে ৷
মনত ৰাখিবা;–
লগ নধৰিবা।”

৩২–মিছা কথা

(১)


কেতিয়াও মিছা কোৱা
মিছা কলে সকলোৱে
নকৰে সঁজাত কেৱেঁ
মিছলীয়া হলে হয়


যুগুত নহয় ;
মিছলীয়া কয় ।
হলে মিছলীয়া ;
মান নাইকিয়া ।

(২)

যদি ভাবা—“যেনে দৰে   সাজি পাৰি কম;
মিছা বুলি কেৱেঁ তাক   নেপাবই গম।”
এনেবোৰ কথা ভবা   নিচেই অসাৰ;
জুইক কাপোৰে ঢাকে   এনে শক্তি কাৰ?

(৩)

প্ৰথমে দুবাৰমান   মিছা কথা কই;
অৱশ্যে সাৰিব পাৰা   নেমাতোঁ আসই।
যি দিনা সোপাই কিন্তু   ওলাই পৰিব;
সঁচা মিছা সিদিনাহে   আটায়ে জানিব।

(৪)

তেতিয়াৰে পৰা তুমি   অসঞ্জাতী হবা;
নেমানিব কেৱেঁ আৰু   লাখো যদি কৰা।
এতেকে বোপাটি তুমি   যায়ে৷ যদি প্ৰাণ;
তথাপি নকবা মিছা   ধান এটি মান।

৩৩—চৰাই পোৱালি

(১)

জামালে গছত উঠি   জানিছানে হৰি !
চৰাই পোৱালি কালি   আনিছিলে ধৰি ৷
চৰাই হালিয়ে দেহি !   মহা শোক কৰি,
লালকাল দিলে বৰ   চিঞৰি চিঞৰি।

(২)

পোৱালিবোৰেও দেহি !   চিঁউ চিঁউ কৰি,
জনালে নিজৰ দুখ   যাতনাত পৰি ।
নেলাগিলে বেয়া তেও   এফেৰি মনত,
চৰাই পোৱালি লই   গৈছিলে ঘৰত।

(৩)

এনেতে বিহুৱে তাক   কলে দেখা পাই,—
“তোমাৰ ইবোৰ কাম   বৰ বেয়া ভাই !
এফেৰিকে দয়া নাই   হলা পশুৰ দৰে,
এনেনো নির্দয় কাম   কোন্ লোকে কৰে ?

(৪)

এৰুৱাই নিলে লগ   মাৰ বাপেৰৰ ;
তুমি কি মনত দুখ   নেপাবানে বৰ ?
এতেকে পোৱালি কিটী   থোৱাঁ গই ভাই !
অবাবত কোনো প্রাণী   “মৰা বিধি নাই।”

৩৪– মৌ-মাখি।

( ১ )

মউ মাখি কেনে সৰু  প্ৰাণী জগতত;
 শ্ৰম দেখি সিহঁতৰ,
 তধা লাগি ৰয় নৰ,
কদাপি নকৰে হানি  কাল অবাবত।

(২)

নেজানে এলাহ্ কেনে  নেজানে জিৰণি;
 ফুলনিৰ মউ ল‍ই,
 ৰহ-ঘৰা পাতে গই,
কিমান বুধিৰে কৰে মউ চাক খনি।

(৩)

মানুহৰ সঁচ হই  তুমি হেৰা ভাই !
 পৰি যদি এলাহত,
 কাল নিয়া অবাবত,
তেনেহলে নৰ-জন্ম  লভিল৷ মিছাই ।

(৪)

মৌ-মাখিৰ দুখলই  সুঁৱৰি মনত .
 শ্ৰম কৰি হেৰা লৰা !
 শিকি লোৱাঁ লিখা-পঢ়া,
তেনেহলে ডাঙৰত  থাকিবা সুখত ।

৩৫—জোনাক নিশা।

(১)

কেনেনো জোনাক ৰাতি   চোৱাঁ আজি ভাই ।
দেখিলেই দেহা, মন   জুৰ পৰি যায় ।
জোটিয়ে আকাশত   জক্‌মক্‌ কৰি ;
চোৱাচোন জলি আছে   কেনে শোভা ধৰি ।

(২)

নই, বিল, ঘৰ, বাৰী   সকলোতে আহি ;
ৰূপালি জেউতি পৰি   আছে যেন হাঁহি।
তৰাবোৰে কেউ কাষে   তিৰবিৰ্ কৰি ;
হাঁহে আৰু নাচে চোৱাঁ   কত ছেও ধৰি ।

(৩)

অসীম আকাশ জুৰি   শোভে বিতোপন
যাক দেখি আনন্দত   নাচি উঠে মন ।
সকলো শোভাৰ গিৰী   যেই বিশ্বপতি;
এক মনে সিজনক   কৰোঁ ম‍ই নতি ৷


অন্ত

এই লেখকৰ লেখাসমূহ বৰ্তমান পাবলিক ড'মেইনৰ অন্তৰ্গত কাৰণ এই লেখাৰ উৎসস্থল ভাৰত আৰু "ভাৰতীয় কপিৰাইট আইন, ১৯৫৭" অনুসৰি ইয়াৰ কপিৰাইট ম্যাদ উকলি গৈছে। লেখকৰ মৃত্যুৰ পাছৰ বছৰৰ পৰা ৬০ বছৰ হ'লে তেওঁৰ সকলো ৰচনাৰ কপিৰাইট ম্যাদ উকলি যায়। (অৰ্থাৎ, ২০২৬ চনত ১ জানুৱাৰী ১৯৬৬ৰ পূৰ্বে মৃত্যু হোৱা লেখকৰ সকলো ৰচনা পাব্লিক ড'মেইনৰ আওতাভুক্ত হ’ব। )