কথা কৱিতা
এখনি চিঠি
মৰমৰ বন্ধু,
মানুহে জীৱনৰ বাটত যিমানেই আগ বাঢ়ি যায়, সিমানেই অতীতৰ ঘটনাবিলাকে মনৰ মাজত বেছিকৈ ভুমুকিয়াবলৈ ধৰেহি। তেতিয়া তেওঁলোকে বৰ্ত্তমান পাহৰি অতীতৰ মধুৰ সপোনত জীৱনৰ বাকী কাল ডোখৰো কটাই দিবলৈ ইচ্ছা কৰে, কিন্তু সি হৈ নুঠে—বৰ্ত্তমানে তেওঁলোকক অনিশ্চিত ভৱিষ্যতৰ ফালে টানি লৈ যায়। সেই খন্তেকীয়া মধুৰ সপোনে ডাৱৰৰ বুকুৰপৰা ওলোৱা সুৰুযৰ কিৰণৰ দৰে তেওঁলোকৰ জীৱনকো খন্তেকৰ কাৰণে ৰঙেৰে বোলাই যায়,—তাকেই বুকেৰে সাৱটি তেওঁলোকে নিজৰ বাটেদি আগুৱাবলৈ ধৰে।
সেই দিনা পুৱা তিনি ঠাইৰ তিনিজন ল'ৰাই একে লগে ৰং মনেৰে লুইত চাবলৈ যোৱা কথাটো আজি মোৰ বৰকৈ মনত পৰিছে। সুৰুযৰ নতুন কিৰণত বাট উজলি উঠিছিল। সেই বাটেদি তিনিজন নতুন বাটৰুৱাই বুকুত উছাহ বান্ধি বহুত দিনৰেপৰা শুনি অহা লুইতক চাই মনৰ হাবিয়াস পুৰাবলৈ বাট বুলিছিল। তাৰ পিছত লুইতৰ পাৰ পাই তাৰ বালিত বালি ভাত খাই উলাহতে নিজক পাহৰি ৰং মনেৰে ধেমালি জুৰি দিছিল,—বতাহেও তেওঁলোকৰ সেই ধেমালিত যোগ দিছিল আৰু লুইতৰ সোঁতেও সেই আনন্দক বুকুত লৈ বৈ গৈছিল! ....তিনিওজনে তিনিখন নাওত উঠি লুইতৰ বহল বুকুত নাও মেলি দিলে,—তেওঁলোকৰ উলাহ চায় কোনে? ভাবিছিল, সদায় এনেকৈয়ে থাকিব, কিন্তু.......
এনে দৰে গৈ থাকোঁতে হঠাতে এজনৰ নাওখনি চাঁত কৰে কেনিবাদি আঁতৰি গ'ল—আন দুজনে বহুত পৰ বিচাৰিও তাৰ একো উৱাদিহ নাপালে। তেওঁলোকৰ আনন্দৰ জ্যোতি ম্লান হৈ পৰিল,—পুৱাৰ সেই উছাহ কমি আহিল। অলপ পৰ গৈ এটা ঘাট পাই আনজনেও তাতে তেওঁৰ নাও বান্ধিলে—কিন্তু ইজনে নোৱাৰিলে। সোঁতৰ টানে তেওঁৰ নাও উটাই লৈ গ'ল। এতিয়াও তেওঁ সোঁতৰ মাজত নাওৰ বুকুত। লাহে লাহে বেলি ভাটি দিছেহি, কব নোৱাৰে, কেতিয়া ক'ত তেওঁৰ যাত্ৰা শেষ হব!
● ● ● ●
তুমি এতিয়া দেশৰ দহজনৰ এজন হৈ সুখৰ সংসাৰত কাল নিয়াইছা। ঈশ্বৰে তোমাৰ মঙ্গল কৰক,—সুখৰ জেউতিয়ে তোমাৰ জীৱন উজলাই দিয়ক। তাহানিখনৰ সেই দুটিমান এৰা-বোটলা মনৰ ভাৱ চেনেহৰ চিন স্বৰূপে আজি তোমাৰ হাতত তুলি দিলোঁ। পাহৰি যোৱা অতীতৰ মধুৰ কিৰণৰ কণিকা এটিয়েও খন্তেকলৈ যেন তোমাৰ মনত ভুমুকি মাৰে, ইয়াকে আশা কৰিলো।
আনজন এতিয়া ক'ত কেনেভাৱে আছে, কব নোৱাৰোঁ—জীৱনত দুনাই দেখা হব নে নহয়, তাকো নাজানো। কবিৰ ভাষাৰে মাথোন ইয়াকেই কওঁ,—
Our port, methought, alike they sought,
One purpose bold where'er they fare,—
O bounding breeze. O rushing seas!
At last, at last, unite them there!
মৰম লবা। আশা কৰোঁ ভালে আছা। ইতি
|
|
তোমাৰ মৰমৰ
|
পাতনি
‘কথা কৱিতা’ শ্ৰীযুত যতীন্দ্ৰনাথ দুৱৰাৰ প্ৰকাশিত কৱিতাৰ দ্বিতীয় পুথি। পহিলাখন ওমৰ খায়ামৰ সুন্দৰ অসমীয়া ভাঙনি।
‘কথা কৱিত৷' নোহোৱা নোপোজা কৱিতাৰ পুথি। এনে ধৰণৰ গদ্যত লিখা কৱিতাৰ পুথি জনাৰ ভিতৰত আন কোনো ভাৰতীয় ভাষাত নাই, ইংৰাজীতো বিৰল। চিৰকালেই কৱিতা পদ্যতহে লিখা হৈ আহিছে। কৱিতাৰ উৎপত্তি গীতৰপৰা, সেই কাৰণে কৱিতাক বাষ্ময়ী গীতি বুলিয়েই জন-সমাজে স্বীকাৰ কৰি আহিছে।
কথা-কৱিতা উনৈশ শতিকাৰ সৃষ্টি। ৰুছিয়াৰ বিখ্যাত সাহিত্যিক ইৱান টুৰ্গেনেৱে জীৱনৰ শেষ অৱস্থাত ৰাজহাড়ৰ দুৰাৰোগ্য কেন্সাৰ ৰোগত ভুগি প্ৰতি ক্ষণতেই মৰণলৈ বাট চাই থাকি আচহুৱা অনুভূতিপূৰ্ণ "Poems in Prose"—কথাত কৱিতা বুলি পুথি এখনি প্ৰকাশ কৰি উলিয়ায়। তাৰ ইংৰাজী ভাঙনি ততালিকে প্ৰচাৰ হয়।
বিজ্ঞান, সাহিত্য,—সকলো ভাৱৰ ক্ষেত্ৰতেই উনৈশ শতিকা নানান উদ্ভাৱনাৰ যুগ।
কৱিতা বাঙ্ময় গীত, গীতৰ স্পন্দন ছন্দৰ হেন্দোলনিত পোৱা যায়। কিন্তু কৱিতা বাঙ্ময় চিত্ৰও হব পাৰে। ছন্দৰ সহায় নহলেও চিত্ৰক ভাষাময় কৰি তুলিব পাৰি। ছন্দোময়ী কৱিতাতো চিত্ৰ থাকিব পাৰে, কিন্তু ছন্দোময়ী কৱিতাৰ প্ৰাথমিক উদ্দেশ্য ধ্বনি, চিত্ৰ নহয়; চিত্ৰ আনুষঙ্গিক হব পাৰে। কথা-কৱিতাৰ প্ৰাথমিক উদ্দেশ্য চিত্ৰ, ইয়াৰ ধ্বনি ভাষাৰ ব্যঞ্জনা মাথোন। ছন্দোময়ী কৱিতাৰ প্ৰধান লক্ষ্য গীত বা শ্ৰাব্য বিষয়ক মূৰ্ত্তি কৰি তোলা। কথা-কৱিতাৰ লক্ষ্য হৈছে ৰূপ বা দৃশ্য বস্তুত সজীৱতা আৰোপ কৰা। কথা-কৱিতাত এটি মাথোন কেন্দ্ৰস্থ ভাৱ থাকে, আৰু সেই ভাৱক ডাঙৰ সৰু কেতবোৰ তলতীয়া চিত্ৰেৰে সজীৱ কৰি তোলা হয়। কিন্তু এইটো মনত ৰাখিব লগীয়া যে কথা-কৱিতা আৰু কবিত্বময়ী কথা একে নহয়। কথা কৱিতা এবিধ কৱিতাই, কিন্তু কৱিত্বময়ী কথা লিখাৰ ভঙ্গী বা ভাষাৰ ৰীতি মাথোন।
কথা-কবিতাত ৰূপৰ সমাবেশ থাকে, আৰু ই প্ৰায়েই ৰূপকাত্মক। প্ৰত্যেকটো চিত্ৰৰ আঁৰতেই ওৰণি লোৱা ভাৱ একোটা থাকে।
কথা-কৱিতাৰ সকলো উপাদান দুৱৰাৰ 'কথা কৱিতা'ত বিৰাজ কৰিছে। আলোচ্য পুথিখনি লিখকৰ এসময়ৰ ৰচনা নহয়। কৱিতাবোৰ যেনেকৈ সজোৱা হৈছে, তাৰ পৰাই কোনটো আগৰ, কোনটো পিছৰ ৰচনা, ধৰিব পাৰি। 'কথা কবিতা' দুৱৰা ডাঙৰীয়াৰ প্ৰায় কুৰি বছৰ কালব্যাপী নানান সময়, আৰু নানান অৱস্থাৰ অনুভূতিৰ চিত্ৰৰ সমাবেশ। ই তেখেতৰ কোমল বুকু ভেদ কৰি ওলোৱা বালিৰ নিজৰাৰ দৰে। দুই এটি বিষয় বিদেশী মূলৰ পৰা অনা হৈছে, কিন্তু সেইবোৰক বুকুৰ তপত তেজৰ উমনি দি সজীৱ কৰি তোলা হৈছে।
গ্ৰন্থকাৰৰ জীৱনৰ মূল ধাৰা নাজানিলে বহুত সময়ত ভাৱাত্মক সাহিত্য বুজিব নোৱাৰি। 'কথা কবিতা'ৰ মৰ্ম্ম মনত লগাকৈ বুজিব লাগিলে দুৱৰা ডাঙৰীয়াৰ কথা অলপ জানিব লাগে। দুৱৰা ডাঙৰীয়াৰ জীৱন ঘটনা-বহুল নহয়, ভাৱ বহুল। কুৰি বছৰ আগেয়ে আমি যেতিয়া প্ৰেচিডেন্সী কলেজৰ তৃতীয় বাৰ্ষিক শ্ৰেণীৰ ল'ৰা, দুৱৰা ডাঙৰীয়া তেতিয়া আইন কলেজৰ ছাত্ৰ। শ্ৰীযুত লক্ষ্মীনাথ বেজবৰুৱাই তেতিয়া হাওৰাৰপৰা 'বাহী' উলিয়াই অসমীয়া সমাজত প্ৰবল দেশাত্মবোধৰ সোঁত এটি বোৱাইছিল। প্ৰবসুৱা অসমীয়া ছাত্ৰ সকলৰ মনত বেজবৰুৱাৰ প্ৰভাৱৰ ছাব নপৰাকৈ নাছিল। দুৱৰা বেজবৰুৱা ডাঙৰীয়াৰ অন্তৰঙ্গ বন্ধু আছিল, আৰু যদিও স্বদেশৰ হকে বেজবৰুৱা ডাঙৰীয়াৰ উগ্ৰ যুঁজাৰু প্ৰকৃতিৰ লগত তেখেতৰ প্ৰকৃতিৰ মিল নাছিল, বেজবৰুৱা ডাঙৰীয়াৰ একনিষ্ঠ সাহিত্য সেৱাৰ আদৰ্শ, আৰু অন্তৰৰ চিৰকলীয়া সেউজীয়া তৰুণতাৰ দ্বাৰা দুৱৰা সম্পূৰ্ণভাৱে বিমোহিত হৈছিল।
আইন কলেজত তিনি বছৰ খৰালি খোৱা হৈ গ'লত, অসমীয়া ছাত্ৰসমাজত জনাজাত হ'ল যে দুৱৰাই আৰু আইন ব্যৱসায় নকৰে, আৰু কোনো চাকৰীলৈও চেষ্টা নকৰে। তেখেত স্কটিছ্ চাৰ্চ্চ কলেজিয়েট স্কুলৰ শিক্ষক হিচাপে কলিকতাতেই থাকিব। দুৱৰা অসমীয়া সমাজৰ নামজ্বলা পৰিয়ালৰ ল'ৰা; তেতিয়াৰ দিনক ইচ্ছা কৰিলেই হাকিম বা মুঞ্চুপ এটি সহজে হব পাৰিলেহেঁতেন। তেতিয়াৰপৰাই দুৱৰাৰ জীৱনী সাধাৰণৰ মানত এটি সাঁথৰ।
বয়সত চল্লিশৰ দুৱাৰ-দলি পাৰ হলেও দুৱৰা চিৰ-তৰুণ,—হাঁহি-বিৰিঙা মুখ, কোমল প্ৰাণ, অনাবিল চৰিত্ৰ, লাজুকী লতাতকৈও লাজকুৰীয়া! কামৰ ভিতৰত দেশ-বিদেশৰ কাব্য চন্দ, আৰু অসমীয়াত কৱিতা ৰচনা।
কিন্তু চৰ্চ্চা আৰু ৰচনাৰ জোখাৰে তেখেতে পুথি ছপালে কেইখন? তেখেতৰ ৰচনা ভালেখিনি, কিন্তু তেখেত লাজকুৰীয়া, ছপাবলৈ লাজ কৰে! ফটুৱৈ ধৰা দুই এখনি পদ-পুথি ছপাই, সেইবোৰেই আৰু পাঠ্য পুথি নোহোৱাত সাময়িক পত্ৰিকাৰ পিঠি বখলা-বখল কৰা দুই এজন কবিটিলিকাৰ লগত দুৱৰাৰ প্ৰকৃতিৰ কি বৈপৰীত্য! আন এজনে পাতনি এখনি জোৰা দিবলৈ গাত লোৱাতহে দুৱৰাই 'কথা কৱিতা' ছপাখানাত দিবলৈ মান্তি হৈছে। প্ৰকৃত কবিৰ স্বাভাৱিক লাজকুৰীয়া প্ৰকৃতিক লক্ষ্য কৰিয়েই ৱাৰ্ডস্ৱাৰ্থে লিখিছে,
He is retired as noon-tide dew
Or fountain in a noon-day grove:
And you must love him, ere to you
He will seem worthy of your love.
—Wordsworth.
"তওঁ (কবি) দুপৰীয়াৰ নিয়ৰ কণিকাৰ দৰে চকুত নপৰা বা দিন দুপৰৰ জোপাৰ ভিতৰত থকা ফোৱাৰাৰ দৰে। তুমি তেওঁক ভাল পাবই লাগিব—তেওঁ তোমাৰ ভাল পোৱাৰ উপযুক্ত বুলি প্ৰতীয়মান হোৱাৰ আগতেই।”
ৰূপকৰ ছলেৰে দুৱৰাই তেখেতৰ প্ৰহেলিকাময় জীৱনৰ ব্ৰতৰ কথা ঠায়ে ঠায়ে ঠাৰেৰে কৈছে। ভাৱময় জীৱনত আদৰ্শ আৰু সৌন্দৰ্য্যৰ কি ঘাত-প্ৰতিঘাত হয়, ভাবুকত বাজে আনে তাক উপলব্ধি কৰিব নোৱাৰে। ওঠৰ শতিকাৰ শেহ ডোখৰত সোতৰ বছৰীয়া কলেজৰ ল'ৰা এটিয়ে জহৰ বন্ধত ঘৰলৈ আছিল। এদিনাখন ৰাতি গাৱলীয়া নাচ-ভাওনা চাই বিহান পুৱাই ঘৰলৈ উভতিব লাগিছে, হঠাৎ সন্মুখত দেখিলে,—
—Magnificent
The morning rose, in memorable pomp,
·························································
The sea lay laughing at a distance; near.
·························································
The solid mountains shone, bright as the clouds,
And in the meadows and the lower grounds.
Was all the sweetness of a common dawn.
—Brelude, IV. 323 et seq.
সন্মুখত দেখিলে, “পাহৰিব নোৱাৰা সৌন্দৰ্য্য-বিভৱ লৈ অৰুণৰ উদয় হ'ল; দূৰৈত, সাগৰ ওপৰত হাঁহিৰ জিলিঙনি ফুটি উঠিছে; ওচৰত, উজ্জ্বল ডাৱৰৰ দৰে গোট গোট পৰ্ব্বতবোৰে সোনালী ৰঙেৰে শোভা কৰিছে; তলত, পথাৰ আৰু ভৈয়ামত সাধাৰণ দোকমোকালিৰ মধুৰতা ছানি পাৰিছে।” ল'ৰাটোৱে নজনা দেশৰ সন্ধান পালে, নেদেখা সৌন্দৰ্য্যৰ আভাস দেখিলে, আৰু তেতিয়াৰ পৰাই সেই সৌন্দৰ্য্যৰ সেৱাতেই জীৱন উছৰ্গা কৰি দিলে,—
Ah! need I say, dear friend that to the brim
My heart was full; I made no vows, but vows
Were then made for me; .............................
.............. That I should be else sinning greatly,
A dedicated Spirit. On I walked
In thankful blessedness, which yet survives.
—Prelude, IV. 333 et seq.
‘অ' মৰমৰ বন্ধু, মই আকৌ কব লাগিছে নে, মোৰ বুকু আনন্দেৰে উপচি পৰিল। মই শপত লোৱা নাই, কিন্তু মোৰ হকে যেন অন্তৰাত্মাই শপত ললে যে সৌন্দৰ্য্য-সেৱাত মই প্ৰাণ উছৰ্গা কৰিম—নহলে পাপ লাগিব। কৃতজ্ঞতাপূৰ্ণ শান্তিৰে আগ মুখে খোজ ললোঁ। সেই শান্তি এতিয়াও অন্তৰত বিৰাজ কৰিছে।” এই সোতৰ বছৰীয়া ল'ৰাটিয়েই প্ৰকৃতিৰ সৌন্দৰ্য্য-উপাসক ভবিষ্যতৰ বিখ্যাত কবি ৱাৰ্ডস্ৱাৰ্থ।
ভাৰতীয় সভ্যতাৰ বুৰঞ্জীত ভাৱৰ আবেশত বৈৰাগ্য অৱলম্বন কৰি ঘৰ দুৱাৰ এৰি যোৱাৰ কথা শুনা যায়; কিন্তু সৌন্দৰ্য্য-সাধনাত সংসাৰৰ প্ৰতি বৈৰাগ্য ভাৰতীয় বুৰঞ্জীত অতি বিৰল।
দুৱৰাৰ জীৱনতো কিবা এটি ঘটনাই তল-ওপৰ কৰিব পায়। সাঁথৰৰ ভাষাত পহিলা কবিতাতেই তেখেতে ইয়াৰ আভাস দিছে—“হে যৌৱন লাবণ্যময়ী সুন্দৰী, তুমি জীৱনৰ বসন্তৰ প্ৰথম পুৱাতে দেখা দিছা” মই তোমাক চিনিব পাৰিছোঁ, তুমি মাজে মাজে মোক এই দৰে দেখা দি যোৱাহি।” এই মোহিনী মূৰ্ত্তি খন্তেক দেখা দি “যিখিনিতে নাইকিয়া হ'ল, সেইখিনিতে আকাশে অলপ হেঙুলী ৰহন সানি ললে” (দেবী); "অৰুণোদয় জীৱনৰ এটি শুকতৰা মাথোন" (বাটৰুৱা)।—অৰুণোদয়ৰ তাৎপৰ্য্য কি? ই ৱাৰ্ডস্ৱাৰ্থৰ নৱ প্ৰভাত নে বিয়েট্ৰিছৰ উদয়ত ডান্টেৰ নৱ জীৱন? এদিন হয়তো যথাৰ্থতে শুনা যাব।
ইয়াতেই কৈ থোৱা উচিত, দুৱৰা এতিয়াও কৌমাৰ্য্যব্ৰতী—“মই অকল শৰীয়া,—চিৰকালেই অকল শৰীয়া” (এহালি পাৰ)।
“শিল্পী” বোলা কৱিতাটোক দুৱৰাৰ কাব্য-জীৱনৰ মূল-মন্ত্ৰৰ স্বীকাৰোক্তি বুলিব পাৰি। “আজীৱন সৌন্দৰ্য্য-সাধনাই তেওঁৰ জীৱনৰ লক্ষ্য।" “আৰু এনে দৰে সৌন্দৰ্য্যৰ নীৰৱ সাধনাতেই তেওঁৰ জীৱন ঢালি দিছে।” “শিল্পীয়ে সময়ৰ চিন-চাবলৈ মন নকৰি নিজৰ অন্তৰৰ সেউজীয়া ভাৱ সজীৱ কৰি থব পাৰিছে—তেওঁৰ একোলৈকে ভ্ৰুক্ষেপ নাই—সময়েও যেন তেওঁৰ কাষত হাৰ মানিলে।” এই স্বীকাৰোক্তিৰ ধাৰা আন আন কৱিতাতো বিয়পি পৰিছে। “মনৰ এধাৰি সোঁত, যি ফালেই চাপৰ, সেই ফালেই বৈ যায়—কোনো হানি-বিঘিনিৰ লেখ নেলেখে" (সীমায়ো দিয়েহি ধৰা)। "চাকিৰ হয়তো ইচ্ছা নহয়, যে জাকে জাকে চগাই আহি তাৰ ৰূপৰ জুইত আত্ম-বলিদান কৰেহি—কিন্তু চগাই এই আত্মদানকেই জীৱনৰ ধ্ৰুবসত্য বুলি মানি লৈছে” (ব্যৰ্থতা)। “এদিন দেখিব, মোৰ কথা ফলিয়াব। পোহৰ পৰি আপোনাৰ ৰাজ্য সুন্দৰ হৈ পৰিব। তেতিয়াহে বুজিব, মই বলিয়া নহওঁ” (পোহৰ)।
এদিনাখন অসমৰ পঢ়াশালিবোৰত অসমীয়াৰ ঠাইত বঙালী পঢ়োৱা হৈছিল। বিদেশী চিত্ৰৰ উপাদানেৰে সেই কৰুণ দৃশ্যক লক্ষ্য কৰিয়েই হবলা কোৱা হৈছে, "হায়! চেনেহৰ মোৰ মাতৃভাষা!” ”কোনো এটা অইনৰ তলতীয়া জাতিয়ে যেতিয়ালৈকে নিজস্ব মাতৃভাষাক বুকুৰে আকোঁৱালি ধৰি থাকে, তেতিয়ালৈকে শত্ৰুৱে বন্দীশালৰ দুৱাৰৰ সঁচাৰ কাঠিটি তেওঁলোকৰ হাতৰপৰা নাপায় এই কথাষাৰ কেতিয়াও পাহৰা উচিত নহয়” (মোৰ শেষ পাঠ)।
সকলো প্ৰকৃত কৱিতাই কবিৰ ব্যক্তিগত অনুভূতিৰ ভাষাময় চিত্ৰ বা ছন্দোময় স্পন্দন। এই ব্যক্তিগত অনুভূতিক বিশ্ব জীৱন ৰচনাৰ উপাদান কৰিব পৰা শক্তিতহে কবিৰ কৃতিত্ব প্ৰকাশ হয়। সেই কৃতিত্ব দুৱৰা ডাঙৰীয়াই কেতবোৰ কবিতাত সম্পূৰ্ণভাৱে লাভ কৰিছে।
'শিল্পী', প্ৰলয়,' 'সোন বৰণীয়া দেশ', 'মোৰ শেষ পাঠ' 'বাটৰুৱা', 'সীমায়ো দিয়েছি ধৰা', ‘কেতকী', 'পোহৰ' আদি কৱিতা কল্পনাৰ উদ্ভাসনা, ৰচনাৰ সৌষ্ঠৱ, ভাষাৰ মৃদু ব্যঞ্জনা, আৰু ৰূপৰ বিচিত্ৰ সমাবেশত সোনৰ কাঠামেৰে বন্ধোৱা, নিপুণ চিত্ৰকৰৰ জীৱন্ত ছবিৰ দৰে অসমীয়া সাহিত্যত চিৰকাল জিলিকি থাকিব।
দুৱৰা ৰচনাত পৈণত আৰু সাঁচি পোৱা ৰচনাৰ ভঁৰালেৰে চহকী হলেও, ছপাখানাৰ চিয়াহিৰ ডাৱৰ ভেদ কৰি তেওঁৰ প্ৰতিভাৰ পূৰ্ণ বিকাশ নহয় মানে, তেওঁৰ কাব্য-প্ৰতিভাক আমি দ্বিতীয়াৰ জোন বুলিহে সম্ভাষণ জনাইছোঁ। কাব্য প্ৰতিভাৰ ষোল কলা বিকাশ নহয় মানে, তাৰ সকলো ৰং সমালোচকৰ বৰ্ণ-বিশ্লেষণ যন্ত্ৰত ধৰা নপৰে! কিন্তু যি বৰ্ণচ্ছটাৰ দাগ পৰিছে, সি মুছিব নোৱাৰা, আৰু সি অসমীয়া সাহিত্যত নতুন যুগৰ আগ-বাতৰি জনাইছে। উনৈশ শতিকাৰ সাহিত্যৰ আদৰ্শেৰে গঠিত হোৱা সকলৰ ভিতৰত শ্ৰেষ্ঠ কবি শ্ৰীযুত ৰঘুনাথ চৌধুৰী আৰু কুৰি শতিকাৰ নানা বৰণীয়া ভাৱৰ সমাবেশেৰে পুষ্ট হোৱা আদৰ্শক সৌন্দৰ্য্যৰ সাজেৰে আমাৰ আগত দাঙি ধৰা সকলৰ ভিতৰত আদি শ্ৰেষ্ঠ কবি শ্ৰীযুত যতীন্দ্ৰনাথ দুৱৰা। “পোহৰ পৰি আপোনাৰ ৰাজ্য সুন্দৰ হৈ পৰিব”, “এদিন দেখিব, মোৰ কথা ফলিয়াব”।—কবিৰ আশ্বাসবাণী সফলতা লাভ কৰক, কবিৰ প্ৰতিভাত আমাৰ ৰাজ্য সুন্দৰ হৈ পৰক—এয়ে আমাৰ কামনা।
শ্ৰীবাণীকান্ত কাকতি
সূচীপত্ৰ
বিষয় |
পিঠি |
| ১। | ১ |
| ২। | ৩ |
| ৩। | ৬ |
| ৪। | ৭ |
| ৫। | ৯ |
| ৬। | ১০ |
| ৭। | কাইলৈ |
১২ |
| ৮। | এজন বুঢ়া মানুহ |
১৩ |
| ৯। | ১৪ |
| ১০। | ১৬ |
| ১১। | ১৯ |
| ১২। | ২২ |
| ১৩। | ২৩ |
| ১৪। | ২৬ |
| ১৫। | ২৮ |
| ১৬। | ৩০ |
| ১৭। | ৩২ |
| ১৮। | ৩৪ |
| ১৯। | ৩৬ |
বিষয় |
পিঠি |
| ২০। | ৩৮ |
| ২১। | ৩৯ |
| ২২। | ৪১ |
| ২৩। | ৪৫ |
| ২৪। | ৫০ |
| ২৫। | ৫৫ |
| ২৬। | ৫৭ |
| ২৭। | ৫৮ |
| ২৯। | ৬০ |
| ২৯। | ৬৮ |
| ৩০। | ৭০ |
| ৩১। | ৭৩ |
| ৩২। | ৭৬ |
| ৩৩। | ৮০ |
| ৩৪। | ৮৫ |
| ৩৫। |
| ৩৬। | ৯২ |
| ৩৭। | ৯৬ |
| ৩৮। | ১০১ |
| ৩৯। | ১০৯ |
| ৪০। | ১১০ |
| ৪১। | ১১২ |
| ৪২। | ১১৫ |
| ৪০। | ১২১ |
দ্বিতীয় সংস্কৰণৰ কথা
বিদেশত লৰালৰিকৈ ছপোৱাৰ ফলত ভালেমান ভুল ৰৈ গল ৰাইজ আৰু পঢ়ুৱৈ সমাজক শুধৰণী এখন ছপাই দিয়েই প্রকাশকৰ ত্ৰুটী মাৰ্জ্জনাৰ আশাৰ থলি ৰাখিলোঁ। বিনীত, প্রকাশক।
—শুধৰণি—
| পিঠি | শাৰী | অশুদ্ধ | শুদ্ধ |
| সূচীপত্ৰ | ৪০ | ফুলশেজ্ঞৰ | ফুল কোঁৱৰ |
| ৩ | ১৫ | তাইক | তোক |
| ৬ | ১৫ | মুখীয়াল | দুখীয়া |
| ৪৮ | ১৩ | কাণে কাণে | কাণে কাণে কলে |
| ৫৭ | ৬ | খম্ভেকলৈ | খন্তেকলৈ |
| ৬০ | বিষয় | শিল্প | শিল্পী |
| ৮১ | ১২ | তুল | ভুল |
| ৮৩ | ১৫ | ধাননিৰ | ধাননিৰ মাজত |
| ৮৯ | ৭ | তোমাকেই দিছো | তোমাকেই দোষ দিছো |
| ৯১ | ১২ | মানত | মনত |
| ৯৪ | ১১ | খিনিলৈ | খিনি লৈ |
| ৯৯ | ৫ | জনাই | দুনাই |
| ১০৮ | ৫ | হাঁহি ···· গৈছে | হাঁহি ৰেখা জিলিকি উঠিল |
| ১০৮ | ৯ | তুমি | তুলি |
| ১০৯ | ১২ | সৰগৰ | সৰগ। |
| ১০৯ | ১৬ | দানলৈ | দান লৈ। |
| ১১২ | ৪ | কোণে | কোনে |
| ১২০ | ১২ | জোৰুৰি | জোকাৰি |
| ১২১ | ২ | আগৰ | আগত। |
| ১২৬ | ৩ | ঢাকি | ঢাকি পেলালে |
| ১২৬ | ৯ | দিয়েছি | দিয়েহি |
জ্ঞান-বিজ্ঞান, গল্প-উপন্যাস, হাঁহি-ধেমালি, আদিৰ নতুন নতুন উপাদান যোগাই অসমীয়া ল’ৰাছোৱালীৰ মুখত কৰ্তব্য পৰায়ণতাৰ, মনত জ্ঞান-লিপ্সাৰ, আৰু প্রাণত গৌৰৱান্বিত জাতীয় জীৱনৰ প্রতি আগ্ৰহ ভাৱ জগাই তোলাই প্ৰকাশকৰ একমাত্ৰ কৰ্ত্তব্য।
অসমীয়া ৰাইজৰ মাজত জন-প্ৰিয় সাহিত্য প্রচাৰ কৰাও অন্যতম উদ্দেশ্য।
