ককাদেউতা আৰু নাতি-ল’ৰা/বেটুকোঁৱৰ
সপ্তবিংশতি সাধু
বেটুকোঁৱৰ
এজন ৰজা আছিল। তেওঁৰ সাতজনী কুঁৱৰী। কাৰো ল'ৰা-
ছোৱালী নোহোৱা দেখি ৰজাৰ মনত বৰ বেজাৰ। ৰজাই অনেক পূজা-
পাতল, অনেক দান-দক্ষিণা কৰিলে, তথাপি তেওঁৰ ল'ৰা-ছোৱালী
একোকে নহ'ল।
এদিন ৰজাই সমাজিক দেখিলে যে তেওঁক এজন বুঢ়া মানুহে
কৈছে, “তুমি কাইলৈ পুৱাই নৈত স্নান কৰি তিতা তিয়নিৰে সাতবাৰ
তমঃ তমঃ বুলি মাতিলে তোমাৰ হাতত ৰঙা টেমা এটা পৰিবহি। সেই টেমাটোৰ ভিতৰত এটা গোলাপ জামু থাকিব। সেই জামুটো আনি তুমি
তোমাৰ সাতোজনী তিৰোতাক খাবলৈ দিবাঁ; তেওঁলোকে খালেই
তেওঁলোকৰ ল'ৰা হব।” ৰজাই সাৰ পাই উঠি পিছদিনা ৰাতিপুৱাই
সেইদৰে নৈত গা ধুই সাতবাৰ তমঃ তমঃ কৰিলত ৰঙা টেমা এটা তেওঁৰ
হাতত পৰিলহি আৰু সেই টেমাটো মেলি তাত জামু এটা পাই আনি
সাতোজনী ঘৈণীয়েকক তেওঁ খাবলৈ দিলে। কুঁৱৰীহঁতে জামুটো খাবলৈ
গা ধুবলৈ গ'ল আৰু গা ধুই আহি ভগাই খালেহি; কিন্তু সৰুজনী অহাত
পলম হোৱা বাবে তাইলৈ নথ'লে। সৰু কুঁৱৰীজনীক আন কেইজনী
কুঁৱৰীয়ে আগৰেপৰা দেখিব নোৱাৰিছিল আৰু ৰজাৰো তাই এলাগী
আছিল; সেইদেখি আন কেইজনীয়ে তাই অহাত অলপ পলম হ'লতে
তাৰে চেলু লৈ তাইলৈ জামুৰ ভাগ নথ’লে। সৰুজনীয়ে গা ধুই আহি
আনকেইজনীক জামুৰ ভাগ খুজিলত, সিহঁতে তাইক জোকোৰা মাৰি
ক’লে, তোলৈ আমি জামু লৈ বহি থাকিম নেকি? আগেয়ে নাহিলি
কেলৈ? এই কথা শুনি সৰুজনীয়ে চকুৰ পানী উলিয়াই, ওচৰতে পৰি
থকা জামুৰ বেটুটোকে খালে।
সময়ত এটাইকেউজনী কুঁৱৰীৰ একোটাকৈ ল'ৰা হ'ল।
ল'ৰাকেইটা লাহে লাহে ডাঙৰ হৈ আহিল। এদিন এটা ফকিৰ ক'ৰবাৰ
পৰা আহি ৰজাক ক'লে, “সৰ্গদেউ, আপোনাৰ ঘৰ দেখি বৰ সন্তোষ
পালোঁ, কিন্তু এটা বস্তু আপোনাৰ ঘৰত নাই দেখি দুখ পালোঁ।
আপোনাৰ ঘৰত-
সোণ গছ, ৰূপৰ পাত॥
সাত টিলিকিত ম'ৰাৰ নাচ॥
নাই। এনেকুৱা গছ এজুপি নথকাৰ বাবে আপোনাৰ ঘৰ সম্পুৰ্ণ
হোৱা নাই।” এই কথা শুনি ৰজাই তেতিয়াই কোঁৱৰহঁতক মাতি আনি
তেনেকুৱা গছ এজোপা বিচাৰি আনিবলৈ পঠিয়াই দিলে। ৰজাৰ
ল'ৰাহঁতে নাওদুনি লৈ খোৱা-লোৱাৰ সঁজুলি ভৰাই দি যাবলৈ ওলাইছে, এনেতে এলাগী কুঁৱৰীৰ পুতেক বেটুকোঁৱৰে আহি ককায়েকহঁতক ক’লে, “ককাইহঁত, মোকো লগতে নে।” বেটুকোঁৱৰে লগত যাবলৈ বৰকৈ কাকুতি-মিনতি কৰিবলৈ ধৰিলত ককায়েকহঁতে তাকো নাৱৰ চৰঠতে পৰি থাকিবি বুলি তুলি লৈ গ'ল।
নৈয়েদি গৈ গৈ সিহঁতে ডাঙৰ আমগছ এজোপা পালেগৈ। গছজোপাত আমবোৰ সেন্দুৰীয়া হৈ পকি আছে। সেই আমগছৰ তলতে সিহঁতে নাও বান্ধি আম খাই ইফাল-সিফালকৈ থাকোতে, বেটুকোঁৱৰে আমগছৰ গুৰিত এটা ডাঙৰ গাঁত দেখিলে। সি গাঁতটো দেখি তাত কি আছে চাবৰ মন কৰি ককায়েকহঁতক ক'লে, “মই এই গাঁতটোত সোমাই নামি যাওঁ, ইয়াত কি আছে চাওঁগৈ। তহঁতে মই নাহোঁ মানে নাও নেমেলিবিহঁক দেই।” এইবুলি কৈ সি লেজু এডাল গাঁতটোত এৰি দি লাহে লাহে তাতে ধৰি গাঁতৰ তললৈ নামি গ'ল। গৈ গৈ অন্তত সি এখন বৰ নগৰ পালেগৈ। নগৰখনত সি মানুহ-দুনুহ একো নেদেখিলে; মাত্ৰ কিছুমান হাড়-মূৰ চাৰিওফালে পৰি থকা দেখিলে। সি ভয়ে ভয়ে গৈ দেখিবলৈ ভাল ডাঙৰ ঘৰ এটাত সোমালগৈ আৰু ঘৰটোৰ ভিতৰত এখন ছালপীৰাৰ ওপৰত এজনী সুন্দৰী কন্যা অকলে শুই থকা দেখিলে। ছোৱালীজনীৰ ভৰিৰ ফালে এটা বগা চোঁৱৰ আৰু মূৰ-শিতানৰ ফালে এটা ক'লা চোঁৱৰ আছিল। ক’লা চোঁৱৰটোৰে ছোৱালীজনীক বিচিলত তাইৰ নাক-কাণৰপৰা তেজ ওলাল। তাকে দেখি সি ভয় খাই ভৰিপঠানৰ ফালৰ চোঁৱৰটোৰে বিচি দিলে। সেইটোৰে বিচিলত ছোৱালীজনীয়ে উস্ উস্কৈ পাৰ্টীৰ পৰা উঠি বহিল।
কন্যাজনীয়ে বেটুকোঁৱৰক দেখি আঁচৰিত হৈ সুধিলে, “তুমি কোন?” কোঁৱৰে তাৰ বিষয়ে সকলো কথা তাইক ভাঙি ক'লত তাই ক’লে, “তুমি এতিয়াই যোৱা, নহ'লে তোমাক ৰাক্ষসে খাব। এইখন ৰাক্ষসৰ দেশ। আজি তিন দিন হৈছে, ৰাক্ষসে এই নগৰৰ মানুহ এটাইবোৰ খালে। কেৱল মোকহে সিহঁতে নোখোৱাকৈ এৰিছে। সিহঁত এতিয়া চৰিবলৈ গৈছে। মোক সিহঁতে যাবৰ সময়ত এটা চোঁৱৰেৰে বিচি জীয়ায়।” কোঁৱৰে ক'লে, “এতিয়া তেন্তে কি হ'ব? সিহঁত আহি ওলায়হি যদি” কন্যাই ক’লৈ, “হওঁতে সিহঁত আহিবৰ হৈছে; তুমি সেই সৰিয়হৰ ডুলিটোৰ ভিতৰতে সোমাই থাকা।” এই কথা শুনি কোঁৱৰ গৈ সৰিয়হৰ ডুলিৰ ভিতৰত সোমাই থাকিল। যোৱাৰ আগেয়ে কোঁৱৰে ক’লা চোঁৱৰেৰে বিচি ছোৱালীজনী মাৰি থৈ গ'ল। এনেতে ৰাক্ষসবোৰ ওলালহি। সিহঁতে ছোৱালীজনীক বগা চোঁৱৰেৰে বিচি জীয়াই লৈ সুধিলে, “মানুহৰ গোন্ধ পাইছোঁ দেখোন একা?” তাই ক'লে “ময়েই হে মানুহ ইয়াত আছোঁ, মোৰেই গোন্ধ পাইছাহঁক। লাগে যদি মোকে মাৰি খা।” “তোক নামাৰি ৰাখিছোঁ, কিয় খাম?” বুলি ৰাক্ষসে ক'লে।
কোঁৱৰে ৰাতিটো কষ্টে-মষ্টে সৰিয়হৰ ডুলিতে কটাই পিছদিনা ৰাতিপুৱাই ৰাক্ষসবোৰ চৰিবলৈ গ'লত তাৰপৰা ওলাই আহি ছোৱালীজনীক জীয়াই লৈ ক'লে, “মই তোমাক ৰাক্ষসৰ হাতৰপৰা সৰুৱাই নিম বুলি ভাবিছোঁ। ইহঁতক কেনেকৈ মাৰিব পাৰি তুমি ক’ব পাৰা নে?” কন্যাই “নোৱাৰোঁ” বুলি ক'লে। কোঁৱৰে ক'লে “আজিও মই সৰিয়হৰ ডুলিতে সোমাই থাকোঁ, সিহঁত আহিলে তুমি এটা বুধি উলিয়াই পাৰা যদি সেইটো সুধি জানি লোৱাঁ।” কন্যা এই কথাত মান্তি হ'ল। সেইদিনা গধূলি ৰাক্ষসবোৰ আহি সিহঁতে তাইক জীয়ালতে তাই কান্দিবলৈ ধৰিলে। সিহঁতে “কিয় কান্দিছ”? বুলি সুধিলত তাই ক'লে, “মোৰ বৰ মনত দুখ লাগিছে। মোৰ আই-বোপাই, মিতিৰ-কুটুম কোনোৱেই নাই। এতিয়া তোমালোকেই মোৰ আপোন হৈছা। এতেকে তোমালোকৰ বাবে মোৰ মনত চিন্তা হয়, যদি তোমালোকক কোনোবাই ক'ৰবাত মাৰে, তেন্তে মোৰ গতি কি হ’ব?” ৰাক্ষসহঁতে তাইক আশ্বাস দি ক’লে, “তই একো চিন্তা নকৰিবি, আমাক কোনেও মাৰিব নোৱাৰে। আমাৰ জীৱটো সৌ পুখুৰীটোৰ মাজৰ পানীৰ তলত এটা টেমাৰ ভিতৰত ভোমোৰা হৈ আছে। কোনোবাই যদি গৈ পুখুৰীত নামি সাতবাৰ তমঃ তমঃ বুলি মাতে তেনেহ'লেহে সি টেমাটোৰ ভিতৰপৰা ওলাই আহিব আৰু তেতিয়া যদি ভোমোৰাটো কোনোবাই একেকোবেই কাটি তাৰ তেজ চৰু এটাত ধৰিব পাৰে তেহে আমি মৰিমহঁক।”
পিছদিনা পুৱাই ৰাক্ষসবোৰ চৰিবলৈ গ'লত বেটুকোঁৱৰে ডুলিৰপৰা ওলাই কন্যাজনীক জীয়ালত, ৰাক্ষসবোৰক কেনেকৈ মাৰিব পাৰি সেই কথা কন্যাই কোঁৱৰক ক'লে। তেতিয়াই কোঁৱৰে হাতত তৰোৱাল এখন আৰু চৰু এটা লৈ পুখুৰীত নামিলগৈ আৰু সাতবাৰ তমঃ তমঃ বুলি মাতিলত ভোমোৰাটো ওলাই আহিল। ভোমোৰাটো কোঁৱৰে তৰোৱালেৰে একে কোবেই কাটি তাৰ তেজ চৰুত ধৰিলতে, ইপিনে গিৰিং গিৰিং শব্দ হ'বলৈ ধৰিলে। ৰাক্ষসবোৰ যেয়ে আছিল ত’তে পৰি পৰি মৰিল। কোঁৱৰে পুখুৰীৰপৰা উঠি কন্যাৰ ওচৰ পালেহি। কন্যাৰ মহা আনন্দ।
ইয়াৰ পিছত কোৱঁৰে কন্যাক সোণৰ গছ, ৰূপৰ পাত, সাত টিলিকিত ম'ৰাৰ নাচ' এনেকুৱা গছ ক'ত আছে বুলি সুধিলত কন্যাই কোঁৱৰক সেই গছ দেখুৱাই দিলে; আৰু দুটা পুখুৰী দেখুৱাই দিলে, এটাৰ পানী কাৰবাক খুৱাই দিলে খাওঁতাজন এটা হালধীয়া চৰাই হৈ উৰি ঘৰৰ চটিৰ ওপৰত উঠি বহি থাকেগৈ; অইনটোৰ পানী খুৱালে আকৌ মানুহ হয়। এইবোৰ বস্তুৰে সৈতে কন্যাজনীক কোঁৱৰে পেৰা এটাৰ ভিতৰত সুমাই ল'লে। তাৰ পিছত সি লেজুডাল ধৰি ধৰি গাঁতত উঠি আহি আমতল ওলালহি। এনেতে সি দেখিলে যে তাৰ পেৰাটো সি পাহৰি এৰি আহিল। সেইদেখি সি ককায়েকহঁতক নাও নেমেলিবলৈ কৈ আকৌ গাঁতেদি নামি পেৰাটো আনিবলৈ গ'ল৷ ইফালে ককায়েকহঁতে নাও মেলি দিলে।
কোঁৱৰে পেৰাটো লৈ আহি দেখিলে যে নাও নাই। সি মহা বিপাঙত পৰি পেৰাটো লৈ আকৌ গাঁতেদি নামি গ'ল। গৈ দেখে, এঠাইত এটা গৰুণ্ডই মৰা ৰাক্ষস এটা খাই আছে। কোঁৱৰে গৰুণ্ডৰ ওচৰ চাপি নিজৰ বিপদৰ কথা গৰুণ্ডক কৈ খাটিলে যে পেৰাটোৰে সৈতে যেন গৰুণ্ডই তাক কান্ধত তুলি বাপেকৰ ৰাজ্যত থৈ আহে। সি অনেক কাকুতি-মিনতি কৰাত গৰুণ্ডই মান্তি হৈ ক'লে, “ৰ এথোন, মোৰ ভোক গুচা নাই, এনেকুৱা আৰু একুৰিৰাক্ষস খাই লওঁ।”
একুৰি ৰাক্ষস খাই গৰুণ্ডই বেটুকোঁৱৰক পেৰাটোৰে সৈতে কান্ধত লৈ ৰজাৰ নগৰত থৈ গ'ল। ৰজাৰ নগৰত মহা হুলস্থুল। ডা-ডাঙৰীয়া, লা-লগুৱাকে আদি কৰি সকলো ৰজাৰ বৰচ'ৰাত চাপিলহি, ৰজাৰ কোঁৱৰহঁতে কি আনিছে চাবলৈ। বেটুকোঁৱৰ পেৰাটোৰ সৈতে চ'ৰাৰ এচুকত বহি আছে। ৰজাই পুতেকহঁতক মাতি আনি সিহঁতে কি আনিছে সুধিলত, সিহঁতে একো দেখুৱাব নোৱাৰিলে। তাৰ পিছত ৰজাই বেটুকোঁৱৰক সুধিলত বেটুকোঁৱৰে পেৰা মেলি সেই সোণৰ গছ, কন্যাজনী আৰু আন বস্তু দেখুৱালে। ৰজাই বৰ সন্তোষ পাই বেটুকোঁৱৰক উঠি ৰজা পাতি নিজে বহি-ৰজা হ'ল; আৰু ই কেইটা কোঁৱৰক খেদাই দিলে।