সমললৈ যাওক

ককাদেউতা আৰু নাতি-ল’ৰা/বামুণ আৰু বামুণী

ৱিকিউৎসৰ পৰা

দশম সাধু

 আজি নাতিয়েকে ককাকৰ পিঠিত ওলমি পৰি ককাকক মাতিছে হে মাতিছে, ককাকে নামাতে। ককাকৰ খং।

নাতি।— “ককাদেউতা, মোক নামাতা নো কিয়? মইনো কি জগৰ লগালো?”
ককা।— “বৰ জগৰ লগাইছ; সেইদেখি নামাতো।”
নাতি।— “কি জগৰ লগালো কোৱাচোন? মোৰ দেখোন মনত নপৰে৷”
ককা।— “আজি গধূলি তই দেউতাৰৰ আগত মিছা কথা কৈছিলি কিয়?”
নাতি।— “কি মিছা কথা?”
ককা।— “দেউতাৰে যেতিয়া সুধিছিল, তই আজি দুপৰীয়া বৰষুণ জাকত বাহিৰলৈ ওলাই উমলি তিতিছিলি নে নাই, তই কালি ‘নাই ওলোৱা, নাই তিতা।' তোৰ মাৰে দেখোন মোক কৈছে, বোলে তই তুলাপাতৰ নাও সাজি বৰষুণৰ ডোঙা বন্ধা পানীত উটাই দি, পানীত খেদ্‌খেদাই আছিলি?”
নাতি।— “দেউতাই শুনিলে মাৰিব বুলি ভয়ত তেনেকৈ কৈছিলো; আৰু নকওঁ।”
ককা।— “নকবি বুলি মনতে সৈ কাঢ়। ভয়তে হওক বা ধেমালিতে হওক, কোনোকালে কেতিয়াও মিছা কথা ক’ব নাপায়। মিছাৰ সমান পাপ নাই। সঁচাৰ সমান পুণ্য নাই। আজিৰ পৰা মোৰ কুটুম, তই কেতিয়াও মিছা কথা নকবি। বাৰু তই নকওঁ বুলি সৈ কাঢ়িছ যেতিয়া মোৰ খং মাৰ গ'ল। আহ এতিয়া সাধু কওঁ।”

বামুণ আৰু বামুণী

 একালত এখন দেশত এজন বৰ দুখীয়া বামুণ আছিল। বামুণে ধন-বিত ঘটি বামুণীক আনি দিব নোৱাৰে দেখি বামুণীয়ে বামুণক নিতৌ টান কথাৰে কৰচি থাকে। এদিন বামুণীয়ে বামুণক ক’লে, “আমাৰ ৰজাৰ ঘৰলৈকে যোৱাচোন; দেশৰ অতবোৰ বামুণে গৈ চোলোখ মাতি ৰজাক আশীৰ্বাদ কৰি পইচা আনিব লাগিছে, তুমিহে নোৱাৰা। তুমিনো গৈ সঁচাই-মিছাই চোলোখ এটা মাতি এজোলোকা আশীৰ্বাদ দি পাই-পইচা গোটাচেৰেক আনিব নোৱাৰা নে?” বামুণীৰ কথা শুনি বামুণে ক'লে,“তইতো মুখেৰে ক’ব পাৰ, কিন্তু লুইতেহে জানে বঠাৰ কোব কিমানলৈ বহে। মই যে ধুই পানী এটোপা খাবলৈকো আশীৰ্বাদ এষাৰ নাজানো আৰু শ্লোক এটাও নাজানো, সেইটো তোৰ ভূ আছে নে নাই?” বামুণৰ এই কথা শুনি ঘৈণীয়েকে খঙেৰে ক’লে, “যোৱা দেও হে, তুমি নো তেনেহ'লে কিহৰ মতাটো? আশীৰ্বাদ একাষাৰ দিবও নাজানা, চোলোখ এটাও মাতিব নাজানা, মিছাতে বামুণ জনম পালা। বোলোঁ, মই কৈছোঁ তুমি যোৱা ৰজাৰ ঘৰলৈ; যাওঁতে বাটত যিহকে দেখা তাকেই সঁচাই-মিছাই চোলোখৰ নিচিনা কৰি সাজি ৰজাৰ আগত সৰসৰ কৰে মাতি দিবা কোনেনো ধৰিব?”

 বামুণে বামুণীৰ কথাকে সাৰোগত কৰি লৈ “বাৰু যাম” বুলি ক’লত, বামুণীয়ে গা-পা ধুই ৰান্ধি-বাঢ়ি ভালকৈ বামুণক এসাজ খুৱাই ৰজাৰ ঘৰলৈ পঠিয়াই দিলে।

 বামুণ ওলাই গৈ বাটৰ কেউফালে চাই-চিতি যাওঁতে, প্ৰথমতে এটা এন্দুৰক মাটি খান্দি থকা দেখি সেই কথাকে শ্লোকৰ নিচিনাকৈ সাজিবলৈ মন কৰি “খুচুৰ-মুচুৰ মাটি খোচোৰাঃ” বুলি মনতে সাজি থলে। তাৰ পিছত তেওঁ অলপমান গৈ, এটা মানুহে শাকনি-বাৰীত সোমাই শাক নিৰাই থকা দেখি সেইটো কথাও মনতে ইদৰে শ্লোক কৰিলে— “কুচুটি-মুচুটি বহি কিং কৰাঃ।” তাৰ পিছত অলপমান গৈ বামুণে দেখিলে যে এটা বলদ গৰু সেই ফাললৈকে আহিছে; তাৰ পিঠিত এটা বগলী উঠি আছে আৰু বগলীটোৱে দূৰৰপৰা বামুণক ডিঙি মেলি মেলি চাইছে। ইয়াকে দেখি বামুণে আগৰ দৰেই আৰু দুফাকি শ্লোক ৰচনা কৰিলে— “এখুজি-দুখুজিকে ক’লৈ যোৱাঃ। ডিঙি মেলিং মেলিং কালৈ চোৱাঃ॥” ইয়াৰ পিছত অলপ বাট গৈ বামুণে এজোপা লাওগছত ফুল ফুলি থকা দেখি আৰু এফাকি শ্লোক সাজিলে— “লাও ফুলং ফুলাঃ।” ইয়াৰ অলপপৰৰ পিছত ৰাজসভাৰ ওচৰাওচৰি হওঁতেই বামুণে তেওঁৰ ওচৰচুবুৰীয়া চিনাকি পেটগাধৰি নামৰ বামুণক দেখি এচৰণ শ্লোক সাজিলে— “পেট-গাধৰি বাপু ক'লৈ যোৱাঃ।”

 কিছুপৰৰ মূৰত বামুণে ৰাজসভাত ওলালগৈ আৰু ৰজাক দেখি তলত দিয়া “শ্লোকটো” মাতি তেওঁ “মহাৰাজৰ কুশল হওক” বুলি আশীৰ্বাদ কৰিলে—

“খুচুৰ-মুচুৰ মাটি খোচৰাঃ।
কুচুটি-মুচুটি বহি কিং কৰাঃ।
এখুজি-দুখুজিকৈ ক’লৈ যোৱাঃ।
ডিঙি মেলিং মেলিং কালৈ চোৱাঃ॥
লাও ফুলং ফুলাঃ।
পেট-গাধৰি বাপু ক’লৈ যোৱাঃ॥

 ৰজাই এই “শ্লোক”টো শুনি বিস্ময় মানি বামুণক তাৰ অৰ্থ ভাঙিবলৈ ক'লত বামুণে, কাটে-মাৰে যি কৰে কৰক বুলি ভয়ত কঁপি কঁপি, আদিৰেপৰা অন্তলৈকে সকলো কথা ৰজাৰ আগত ভাঙি ক’লে। বামুণৰ কথা শুনি ৰজাই বামুণক হোজা দেখি তেওঁলৈ মৰম লাগি এচৰু ৰূপ আৰু এচৰু সোণ তেওঁক দি পঠিয়াই দিলে। ৰজাই বামুণক ৰূপ-চৰু আৰু সোণ-চৰু দিওঁতে পেট-গাধৰি বাপুও ৰজাৰ সভাতে থাকি সেইটো দেখি আছিল।

 বামুণে সোণ-ৰূপ দুচৰু লৈ ঘৰলৈ উভতি আহি মিচিক্‌কৰে হাঁহি বামুণীৰ আগত বাকি দিলে। বামুণীয়ে ইমানবোৰ সোণ-ৰূপ দেখি আনন্দত উত্ৰাৱল হৈ গিৰিয়েকক সুধিলে – “কোৱাচোন কোৱা, তুমিনো ক’ত ইমানবোৰ সোণ-ৰূপ পালা?” বামুণে নিজক গধুৰ কৰি মিচিকিয়াই গহীনকৈ ঘৈণীয়েকক ক’লে— “এতিয়া যাচোন যা, ৰন্ধা-বঢ়া কৰগৈ। জিৰাই-শঁতাই খাই-বৈ লওঁ, তাৰ পিছত শোওঁতে শোৱাপাটীত ক’ম।” এই কথা শুনি বামুণীয়ে আনন্দটো মনৰ চুঙাত হেঁচা মাৰি সুমুৱাই সোপা দি থৈ সোণ-ৰূপবোৰ বুটলি, সামৰি-সুতৰি ভালকৈ থৈ দিলে আৰু তেতিয়াই ততাতৈয়াকৈ গা ধুই ভাত এগাল ৰান্ধিলেগৈ।

 ভাত-পানী খাই উঠি বামুণ-বামুণীয়ে শোৱাপাটীত উঠিলত,বামুণীয়ে গিৰিয়েকক সেই সোণ-ৰূপৰ কথা সুধিলত গিৰিয়েকে ক’বলৈ ধৰিলে।

 ইফালে বামুণ-বামুণীৰ ওচৰ-চুবুৰীয়া কিৰ্পিণ যক্ষ পেট-গাধৰি নামৰ বামুণজনে, দুখীয়া বামুণটোৱে একেদিনৰ ভিতৰতে ইমানবোৰ সোণ-ৰূপ পোৱা দেখি তাৰ শ্ৰী সহিব নোৱাৰি, সেইবোৰ চুৰ কৰি নিবৰ মনেৰে বামুণৰ শোৱনি ঘৰৰ পিৰালিত বহি লাহে লাহে সিন্ধি খানিবলৈ ধৰিছে। বামুণে ঘৈণীয়েকৰ আগত, প্ৰথমতে তেওঁ ৰজাৰ আগত কি শ্লোকফাঁকি মাতিছিল ক'লে—

   “খুচুৰ-মুচুৰ মাটি খোচৰাঃ।”

 চোৰে সিন্ধি খান্দি থাকোঁতেই এই কথা শুনি ভাবিলে যে গিৰিহঁতে এই কথা তাকহে কৈছে। ইয়াকে সি ভাবি সিন্ধি খান্দিবলৈ এৰি, পিৰালিত কুঁচি-মুচি বহিল। সিফালে বামুণেও ৰজাৰ আগত কোৱা দ্বিতীয়ফাকি “শ্লোক” ঘৈণীয়েকৰ আগত মাতিলে— “কুচুটি মুচুটি বহি কিং কৰাঃ।” এই কথা চোৰৰ কাণত পৰিলতে সি ভাবিলে, তাক সেইদৰে বহা দেখিহে গিৰিহঁতে সেই কথা কৈছে। সেইদেখি সি তাৰ পৰা উঠি এখুজি-দুখুজিকৈ যাবলৈ ধৰিলে। ইফালে বামুণে ঘৈণীয়েকৰ আগত তৃতীয়ফাকি “শ্লোক” মাতিলে— “এখুজি দুখুজিকৈ ক’লৈ যোৱাঃ।” এইবাৰ চোৰৰ কাণত এইষাৰ পৰিলতে সি ভাবিলে “মই ধৰা পৰিলোঁ।” গিৰিহঁতে তাক ধৰিবলৈ আহিছে যেন ভাবি সি ডিঙি মেলি চাওঁতেই শুনিলে— “ডিঙি মেলিং মেলিং কালৈ চোৱাঃ?” এইষাৰ কথাও গিৰিহঁতে চোৰকে কৈছে যেন ভাবি, লুকাবৰ মনেৰে চোৰ ওচৰতে এজোপা লাও গছৰ মাজত সোমালগৈ। ইপিনে বামুণে পঞ্চম আৰু ষষ্ঠফাকি “শ্লোক” মাতি ঘৈণীয়েকক শুনালে— “লাও ফুলং ফুলাঃ।” “পেট-গাধৰি বাপু কলৈ যোৱাঃ।” পেট-গাধৰি বামুণ চোৰে সেই কথা শুনি তাৰ আচল মানে বুজিব নোৱাৰি, ধৰা পৰিলো বুলি ভাবি, লাওৰ মাজৰ পৰা ওলাই চোতাললৈ আহি বামুণক মাত লগালে— “যি হ’ল হ’ল, এই কথা আৰু কাৰো আগত নকবি বোপাই। বাহিৰত পেট গাধৰিৰ মাত শুনি গিৰিয়েকে ওলাই আহি তাৰ হাত দুখনত ধৰি পেলালে। বামুণীয়ে চোৰক ক'লে, “যদি কাকো ক’ব নেলাগে, তেন্তে তোমাৰ ঘৰৰ লোটা, বাটি, কাঁহী, কলহ, বয়-বস্তুবোৰ আমাক দিয়া।” পেট-গাধৰিয়ে এই কথাটো উলিয়ালে তাৰ সৰ্বনাশ হ’ব জানি গোসাঁইৰ শপত খাই ক’লে যে, কাইলৈ পুৱাই সি তাৰ বয়-বস্তুবোৰ বামুণ-বামুণীক আনি দি যাবহি, সিহঁতে যেন সেই কথা কাৰো আগত নুলিয়ায়। এই কথা বামুণ-বামুণী মান্তি হৈ পেট-গাধৰিক এৰি দিলে।

 পিছদিনা পেট-গাধৰিয়ে তাৰ বয়-বস্তু সোপাকে আনি বামুণ-বামুণীক দিলে আৰু তাৰ পিছত দুয়ো চহকী হৈ মহাসুখে খাই-বৈ থাকিল।