সমললৈ যাওক

ককাদেউতা আৰু নাতি-ল’ৰা/নোমল আৰু সোণপাহী

ৱিকিউৎসৰ পৰা

দ্বাবিংশ সাধু

ককা— “আজি এটা সাধু কম, সেইটো তই সদায় মনত ৰাখিবি।”
নাতি— “ৰাখিম ককা। সেইটো নো কি সাধু কোৱা ককাদেউতা?”
ককা- “শুন” -

নোমল আৰু সোণপাহী

 এখন গাঁৱত এহাল মতা-মাইকী আছিল। মতাটোৰ নাম ৰূদাই আৰু মাইকীজনীৰ নাম ডাবহী। সিহঁতহাল বৰ মিলা-প্ৰীতিৰে ঘৰ-বাৰী কৰি আছিল। ঘৈণীয়েকে পুৱাই উঠি ঘৰ-চোতাল সাৰি-মছি বৰ পৰিস্কাৰকৈ ৰাখি ৰন্ধা-বঢ়া কামত লাগে; ইপিনে গিৰিয়েকটোৱেও সেইদৰে পুৱাতে উঠি বাৰী-ঘৰ চিকুণাই বতৰৰ খেতিত লাগে। দুয়ো বহি-শুই নাথাকি মাইকীয়ে মাইকীৰ বন আৰু মতাই মতাৰ বন কৰি থাকে। বাৰীত সকলো বিধৰ শস্য ৰুই লৈছিল; আম, কঁঠাল, লেটেকু,পনিয়ল, পাণ, তামোল, টেঙা, কল আদি একো নোহোৱা নাছিল। হাঁহ, পাৰ, গৰু-গাই, ম'হ, ছাগলী সকলো ৰাখি দুয়ো মহা সুখে-সন্তোষে গৃহবাস কৰিছিল। মুগা-এড়ি পুহি কাপোৰ-কানিৰ ফালেও লেহেৰা নাছিল; কাৰণ মাইকীজনী বোৱা-কটাত বৰ পাৰ্গত আছিল। মুঠতে ক'বলৈ গ'লে ৰুদাইক তাৰ গাঁৱত চহকী বুলিব লাগে; তাৰ ভাতে- ভঁৰালে সম্পূৰ্ণ আছিল।

 সিহঁতহালৰ ছটা ল'ৰা হ'ল, - সিহঁতৰ নাম ৰহাই, ৰঙাই, ৰসাই, ৰঞ্জয়, ৰণু আৰু নোমল। ছোৱালী হোৱা নাছিল। সিহঁত কেউটাও মাক- বাপেকক দেখি বৰ বনুৱা হৈছিল। নো্মল পেট-মোছা বাবে সকলোৰে মৰমৰ আছিল; সি ইকিটা ল'ৰাতকৈ দেখনিয়াৰও আছিল। সেইবাবে মাক-বাপেক আৰু ককায়েকহঁতে তাক বন-বাৰি কৰিবলৈ নিদি ৰজাৰ কোঁৱৰৰ দৰে তুলিছিল। মাক-বাপেকে ক্ৰমে পাঁচোটালৈ বিয়া কৰাই ছোৱালী আনিলে। বাপেকে নোমলৰ জোখাই ছোৱালী বিচাৰি অনেক গাঁৱলৈ গৈ শেহত সোণপাহী নামে ছোৱালী এটি পাই নোমললৈ বিয়া কৰালে। সোণপাহী যি সোণপাহীয়েই –নামত যেনে গুণতো তেনে। পাঁচোটা পুতেকে আৰু সিহঁতৰ ঘৈণীয়েকহঁতে ঘৰৰ বাজৰ সকলো বন-বাৰি কৰি দোপত্দোপে ঘৰখন ওপৰলৈ তুলিলে। তেওঁলোকে নোমলক যেনেকৈ এডাল কুটা দুডাল কৰিবলৈ নিদি অতি আলসুৱা কৰিছিল সেইদৰে তাৰ ঘৈণীয়েক সোণপাহীকো শাহুৱেক আৰু জাক কিজনীয়ে মূৰৰ ফুলৰ দৰে ঘৰৰ ভিতৰত ৰাখিছিল; কাৰণ তাই এজনী তাঁত-সূতত বৰ কাজী আছিল।

 লাহে লাহে ৰুদাই-ডাবহী পো-বোৱাৰী নাতি-পুতিৰে একুৰি ষোলটা হ'ল। এনে স্থলত মানুহে ভাবিব পাৰে যে ৰুদাই-ডাবহীয়ে ৰজা- ৰাণীৰ দৰে বহি থাকি পো-বোৱাৰীৰ ওপৰত খাবলৈ ধৰিলে; কিন্তু ৰুদাই-ডাবহী তেনে বিধৰ মানুহ নাছিল। বয়স হৈছিল বুলিও সিহঁতে আগৰ দুখ কৰা স্বভাৱ এৰা নাছিল। সকলো কামতে বুঢ়া-বুঢ়ীহে আগ ডেকা গাভৰুসকল তেওঁলোকৰ পাছে পাছে হে গৈছিল। এদিন ৰুদায়ে হাঁহ-পাৰ মৰাই ৰৌ-চিতল অনাই, গাখীৰ-গুড় গোটাই লৰাকিটাৰে দেখা-শুনাকৈ সুন্দৰৰূপে ভাত এসাঁজ খাবৰ আয়োজন কৰি ঘৈণীয়েকক ৰান্ধিবলৈ দিলে। ঘৈণীয়েকে নানাৰকমৰ মচলা দি ভজা-পোৰা মাছ মঙহ, মাহ, আদখৰীয়া, টেঙাদিয়া আদি সুন্দৰৰূপে ৰান্ধি ৰ'দাই আৰু পুতেকহঁতক খুৱাই, শেহত বোৱাৰীয়েকহঁতৰ লগত নিজে খালে। ইপিনে ৰুদায়ে চ’ৰাঘৰত বহি তামোলৰ বঁটা আগত লৈ সকলোটিকে গোটাই সুধিলে, “বোপাহঁত! ম‍ই আজি কিয় এইদৰে ভোজ খালোঁ, তহঁতে ইয়াৰ কিবা জান নে?” সিহঁতে ক'লে, “পিতাদেউ! আমি ইয়াৰ একো সম্ভেদ :নাপাওঁ; আপুনি ক'লেহে জানিব পাৰিমহঁক।” ৰুদায়ে ক'লে, “মই তহঁতক যি সুধিম সেই কথা ভালকৈ গমি সঁচা কবি। বোপা ৰহাই, কচোন বাৰু, তই কাৰ যহত নো চাউল কঠা খাইছ?” সি ক'লে, “পিতা! ম‍ই ঠিককৈ কৈছোঁ আপোনাৰ যহতহে খাইছোঁ।” এইদৰে তাৰ পিছৰ চাৰিটাক সুধিলত সিহঁতেও ৰহায়ে কোৱা কথাকে ক'লে। সেই উত্তৰত ৰুদায়ে বৰ সন্তোষ পালে। শেহত নুমলীয়া পুতেক নোমলক ৰুদায়ে সুধিলে, “বোপা! তই কচোন, কাৰ বলত নো চাউল-কঠা খাইছ?' নোমলে একে আষাৰে কৈ উঠিল, “পিতাদেউ, কোনে কাৰ বলত খাব পাৰে? সকলোৱে আপোন বলত হে খায়।” তাৰ ঘৈণীয়েক সোণপাহীয়েও গিৰিয়েকে কোৱা কথাকে ক'লে। তেতিয়া ৰুদাইৰ মূৰত বজ্ৰপাত হোৱাৰ দৰে হৈ সি কিছুমান পৰ তবধ লাগি থাকি বৰ বেজাৰেৰে ডাবহীৰ ফালে চাই ক'লে, “হেৰ। ভাল পো ফুকাইছিলি। আৰু ভাল পোলৈ ভাল বোৱাৰী বাছি বাছি আনিছিলি। ইহঁত হালে হোনো আপোন বলত হে খাইছে। সিহঁতক আমি লেদেনা উকটি ডাঙৰৰ-দীঘল মিছাতেহে কৰিলোঁ। এতেকে হেৰ বোপা নোমল! তই এতিয়াই ঘৈণীয়েৰে সৈতে মোৰ ঘৰৰপৰ ওলাই যা, আৰু এখন্তকো তহঁতৰ মুখ চাব নোখোজোঁ। তহঁত বৰ অগুণকাৰী। অতি অকৃতজ্ঞ!!”বাপেকৰ হুকুম শুনি সিহঁতহাল পিন্ধি থকা সাজেৰেই বাহিৰ ওলাল। মাক আৰু ককায়েকহঁতে সেইপিনে মৰা-মুছা হৈ থাকি সিহঁতক একো হকা-বধা নিদি যাবলৈ দিলে, কাৰণ ভাবিছিল সিহঁত ক'লৈ যাব? এতিয়াই উভতি আহিব।

 নোমল সোণপাহী ঘৰৰ বাহিৰ ওলাই বাট পালেগৈ; এনেতে নোমলে ঘৈণীয়েকক ক'লে, “তুমি কোনো দিন ভিতৰৰপৰ বাজ ওলোৱা নাছিলা; দুখ কাক বোলে তাক নাজানা। মই কবলৈ হ'লে তুমি তোমাৰ মাৰা-বাপেৰাৰ ঘৰলৈকে যোৱাঁ। ম‍ই মতা মানুহ, মোলৈ একো চিন্তা নকৰিবা। ভালে কুশলে থাকিলে দুইৰো পুনৰ দেখাদেখি হ'ব।” সোণপাহীয়ে চকুৰ লো টুকি ক'লে—“বোপাই আয়ে মোক তোমাৰ চৰণৰ তলত মৰিবলৈ বুলিয়েই দিলে, এতিয়া তোমাৰ যি গতি মোৰো সেয়ে গতি। এনে সঙ্কটত মই তোমাক এৰি যাব নোৱাৰোঁ।” নোমলে বোলে, “ক'ত হাবিয়ে-বননিয়ে দেশে-বিদেশে মই ফুৰিব লাগিব, তুমি মোৰ সহায় নহৈ মহা বিপদ হে ঘটাবা। এতেকে মই আকৌ তোমাক কৈছোঁ, তুমি মাৰা-বাপেৰাৰ ঘৰলৈ গৈ সুখেৰে থাকাঁগৈ।” সোণপাহীয়ে বোলে “তোমাৰ লগত থাকি তোমাৰ শুশ্ৰষা কৰিবলৈ পালে মোৰ মনত অৰণ্যই অমৰাৱতী; মোৰ নিমিত্তে তুমি একো ভাবিব নালাগে; তুমি যি খোৱা ময়ো তাকে খাম, তুমি য'ত শোৱা ময়ো তাতে শুম। মাথোন তোমাৰ দৰ্শন পাই থাকিলেই মোৰ সন্তোষ আৰু সেই সন্তোষ অন্য কোনো ঠাইতে পাব নোৱাৰোঁ।” নোমলে অনেক বুজালে তথাপি সোণপাহীৰ মন ঘূৰাব নোৱাৰিলে। শেহত সি আন উপায় নেদেখি ঘৈণীয়েকক লগত নিয়াই যুগুত ভাবি দুয়ো খোজ ল'লে; কিন্তু ক'লৈ কি মনেৰে একো থিৰ নাই।

 এইদৰে হাবিয়ে হাবিয়ে অকলশৰে মতা-মাইকীহালি গৈ বেলি পৰিবৰ সময়ত নৈ এখনৰ পাৰত থকা বৰগছ এজোপাৰ তলত বহিলগৈ। বহা মাত্ৰকে নোমলৰ টোপনি আহিল। সোণপাহীয়ে নৈত হাত-মুখ ধুবলৈ গৈ মানুহৰ খোজ দেখা পাই খোজৰ চিনে চিনে গৈ নৈৰ দাঁতিৰ হাবিৰ মাজত ঘৰ এটা পালেগৈ। তাতে বুঢ়া-বুঢ়ী এহাল থাকে। তাত সিহঁতে মাটি ভাঙি খেতি পথাৰ কৰি খাই-বৈ আছে। এনেতে বুঢ়ীয়ে ঘৰৰ বাজলৈ ওলাই সোণপাহীক দেখি ঠৰ লাগি ৰ'ল, আৰু কৰযোৰ কৰি কবলৈ ধৰিলে, “হেৰি বনৰ মাতৃ! আপুনি কিয় দৰ্শন দিছেহি? আমি নিৰাশ্ৰয় বুঢ়া-বুঢ়ী হাবিৰ মাজত পৰি আছোঁ। আপোনাক কি দি সন্তোষ লগাম!” সোণপাহীয়ে লাহেকৈ মাত লগালে, “আই, ম‍ই দেও ভূত একো নহওঁ, ভয় নাখাব, মানুহৰ পোৱালিহে; গিৰিহঁতেৰে সৈতে আহি এমাহমান হাবিয়ে হাবিয়ে ফলমূল খাই আহি বৰগছজোপাৰ তলত জিৰাওঁতে, গিৰিহঁতৰ ভোকে ভাগৰে তাতে টোপনি আহিল; মই নৈত হাত-মুখ ধুবলৈ আহোঁতে মানুহৰ খোজ দেখি চিনে চিনে আহি এইখিনি পাইছোঁহি। খাবৰ কিবা আছে যদি অলপ দি আমাৰ প্ৰাণৰক্ষা কৰক।” বুঢ়ীয়ে অতি সুন্দৰী গাভৰু ছোৱালীটি দেখি তাইলৈ মৰম লাগি তাইক ঘৰৰ ভিতৰলৈ মাতি নি বহুৱালে; আৰু ক'লে, “আমাৰও কেও-কিছু নাই। আমাক বই-বস্তু ভাতে-ভঁৰালে ঈশ্বৰে সকলো দিছে, কিন্তু আমাৰ অবিহনে খাওঁতা হে নিদিলে। এতিয়া তোমালোকো নিৰাশ্ৰয় হৈ আহিছা, এতেকে আমাৰ লগতে থাকা, একো দুখ নোপোৱা।” সোণপাহীয়ে ক'লে, “সেইবোৰ কথা পিছত পাতিম, সম্প্ৰতি জা-জলপান এটা দিয়ক মই লৈ গৈ গিৰিহঁতক খুৱাওঁ। তেওঁ ভোকত লালকাল হৈ পৰি আছে।” বুঢ়ীয়ে লৰালৰি কৰি জলপান এটা যতাই সোণপাহীৰ হাতত দিলত সোণপাহীয়ে লৈ গৈ গিৰিয়েকক জগাই খুৱাই বুঢ়ীয়ে কোৱা কথাৰোৰ ক'লে। তেতিয়া নোমল-সোণপাহী দুয়ো বুঢ়া- বুঢ়ীৰ ঘৰত ওলালহি। বুঢ়া-বুঢ়ীয়ে দুইকো আঁকোৱাল মাৰি ধৰি ক'লে, “তোমালোকক ইয়ালৈ ঈশ্বৰে পঠাইছে। তোমালোকেই আমাৰ ল'ৰা- ছোৱালী হ'লা, আৰু তোমালোকেই আমাৰ মুখত পানী এটোপা দি মাৰিবা বুলি আশা কৰিলোঁ।”

 বহি শুই আমনি লাগি সোণপাহীয়ে এদিন বুঢ়াক ক'লে যে তেওঁ বব-কাটিব পাৰে, এতেকে তাঁত ববলৈ ঘৰ এটা সাজি দিব লাগে। বুঢ়াই পাছদিনাই তাঁতৰ ঘৰ সাজি দি বুঢ়ীৰ তাঁতশাল জোৰকে সোণপাহীক দিলে। সোণপাহীয়ে তাঁত বাটি কৰি এখন অপূৰ্ব পাটৰ কাপোৰ লগালে। কাপোৰখন ছমাহে বৈ অটালে আৰু তাক বাঁহৰ চুঙা এটাত সুমাই থলে। বাৰিষা হ'লে সেইখন নৈয়েদি দুখন এখন বেহেৰুৱা নাও সেইপিনে যায়; সেইবাৰো এখন আহি সিহঁতৰ ঘাটতে বান্ধিলে। তেতিয়া সোণপাহীয়ে নোমলক ক'লে যে “কাপোৰখন লৈ গৈ ৰজাক বেচিলে ভাল দাম পোৱা যাব। এতেকে এই নাৱতে উঠি মুদৈৰ লগত যোৱাঁ, নাৱৰ যি ভেৰোণ লাগিব কাপোৰ বেচি ধন পালে পিছত তাক দিবা।” ঘৈণীয়েকৰ কথামতে নোমলে মুদৈক ক'লত মুদৈয়ে তাতে সন্মত হৈ নোমলক নাৱত তুলি ল'লে।

 ৰজাৰ নগৰ তাৰপৰা তিনি দিন তিনি ৰাতিয়ে পোৱা যায়। নগৰ পাই ঘাটত নাও বান্ধিলত ভাত-পানী খাই-বৈ নোমল ৰজা ঘৰলৈ গ'ল; কিন্তু ৰজাঘৰৰ আওভাও নজনা গতিকে সি তিনি দিন অহা-যোৱা হে কৰিলে। শেহত তাৰ ওপৰত ৰাজবিষয়া এজনৰ চকু পৰিলত নোমলক তেওঁ মতাই নি সি ক'ৰপৰা আহিছে, কি লাগে বুলি সুধিলে। তেতিয়া নোমলে ৰাজযোগ্য কাপোৰ এখন বেচিবলৈ আনিছোঁ বুলি ক'লত তাক তেওঁ ৰজাৰ ওচৰলৈ লৈ গ'ল। ৰজাই কাপোৰখন দেখি সুধিলে, “কাপোৰ কোনে বৈছিল?” নোমলে বোলে “কাপোৰ কোনে বৈছিল মই কব নোৱাৰোঁ; মাথোন বোপাইৰ সম্পত্তি ভাগ কৰোঁতে মোৰ ভাগত মই সেই কাপোৰখন পাইছিলোঁ।” তেতিয়া ৰজাই কাপোৰখন লৈ তাক সোণ এচৰু আৰু ৰূপ এচৰু দি বিদায় দিলে। নোমলে ৰজাৰ নগৰ চাবলৈ দিনাদয়েক তাতে থাকিল।

 ৰজাই কাপোৰ কিনোতে যুৱৰাজ সভাতে আছিল। তেওঁ কাপোৰখন দেখি ভাবিলে যে শিপিনীজনী কি মাৰাত্মক মাইকী। নোমলে শিপিনীৰ কথা ক'ব নোৱাৰে বুলি কৈছে জানি যুৱৰাজে নাৱৰীয়াক মতাই আনি অলপ বঁটা দি মনে মনে সুধিলতে নাৱৰীয়াই ক'লে যে নোমলৰ ঘৈণীয়েকেই সেই কাপোৰ বৈছে। তেতিয়া যুৱৰাজে তাক ক’লে, “সেই মানুহজনী মোক আনি দিব পাৰিলে তোক উপযুক্ত বঁটা দিম।” নাৱৰীয়াই, সোণপাহীয়ে নোমলক আহিবৰ সময়ত আঙঠি এটা দি যি কথা কৈছিল সেই কথা শুনি আছিল; সেইদেখি সি এতিয়া যুৱৰাজক ক'লে যে, সেই আঙঠিটো নোমলক হাতৰপৰা আনি তাক দিলেই সি সোণপাহীক আনি দিব পাৰিব। ৰজাৰ ল'ৰাই অনেক প্ৰৱন্ধ কৰি নোমলৰ হাতৰপৰা আঙঠি অনাই নাৱৰীয়াক দি সোণপাহীক আনিবলৈ পঠিয়াই দিলে।

 নাৱৰীয়াই গৈ সোণপাহীক আঙঠি দিলত তাই জানিলে যে গিৰিয়েকৰ কিবা হৈছে। এতেকে বুঢ়া-বুঢ়ীৰ ওচৰত বিদায় লৈ তাই নাৱৰীয়াৰ লগত নাৱত উঠি গ'ল। ইপিনে নোমলেও ৰজাৰ নগৰ চাই অঁতাই নাও মেলি দিলে। সোণপাহী গৈ ৰজাৰ নগৰ পালত তাইক যুৱৰজাৰ ওচৰলৈ লৈ যোৱা হ'ল। যুৱৰাজে তাইৰ ৰূপ দেখি মোহ গৈ ক’লে, “হেৰা গাভৰু। তুমি ভিকহুৰ যোগ্য বস্তু নোহোৱা। তুমি ৰজাৰ যোগ্য হে; এতেকে মোৰ লগত মহাসুখে থাকা।” সোণপাহীয়ে তেতিয়া ঠগত পৰিলোঁ বুলি জানি কি কৰিম ক'লৈ যাম লগাই, পিছত ধৈৰ্য ধৰি সতীত্ব ৰাখিবৰ নিমিত্তে ঈশ্বৰৰ চৰণত শৰণ লৈ ক'লে, “যুৱৰাজ! ম‍ই আপোনাৰ বেটীৰ যোগ্যও নহওঁ, তদুপৰি এজনৰ বিবাহিতা তিৰোতা। এতেকে পৰস্ত্ৰীলৈ চকু দিয়া আপোনাৰ উচিত কাম নহয়।” যুৱৰাজে সেইবোৰ যুক্তিলৈ আওকাণ কৰি সোণপাহীক হাতত ধৰি নি নিজৰ কোঠালিত সুমুৱালেগৈ। তেতিয়া সোণপাহীয়ে ধৈৰ্য ধৰি কুহুলিয়াই কুহুলিয়াই তেওঁৰপৰা নোমলৰ কথাবোৰ জানি ল'লে। সোণপাহীয়ে লগত দৰব-জাতি লৈ আহিছিল; তাৰে দৰবৰ তেল যুৱৰাজৰ গাত ঘঁহি দিয়াত যুৱৰাজৰ দুৰ্ঘোৰ টোপনি আহিল। সোণপাহীয়ে দুপৰ নিশাৰ পাছত লাহেকৈ খিড়িকী মেলি বাহিৰলৈ ওলাল; কিন্তু বাটৰ একো দিহা নজনা বাবে পিৰালিতে মনে মনে বহি আছিল। শেহপৰ নিশাত চোৰ সাতোটাই চুৰ কৰিবলৈ তালৈকে আহিছিল। সিহঁতক দেখি সোণপাহীয়ে সিহঁতৰ ফালে আগবাঢ়ি গ'ল৷ চোৰহঁতে সিহঁতক কোনোবাই ধৰিবলৈ অহা ভাবি বিম্বাশবদে লৰ মাৰিলে। সোণপাহীও সিহঁতৰ পাছে পাছে লৰি গ'ল। পুৱতি নিশা হ'লত চোৰহঁতে উভতি চাই দেখে যে মতা মানুহ নহয়, এজনী দিপ্ লিপ্ গাভৰুহে। তেতিয়া সিহঁত সাতোটাই উভতি এটাই বোলে মই নিওঁ, ইটোৱে বোলে মই নিওঁ, সিটোৱে বোলে মই নিওঁ, এইবুলি তাইক কঢ়া- আজোৰা লগালে। সোণপাহীয়ে অলপো ভয় নাখাই সিহঁতক ক'লে, “তহঁতে মিছাতে দন্দ্ব হাই কৰি মৰিছ কেলৈ? মই কওঁ শুন, কেউটাই লৰ মাৰি গৈ সৌ ৰিণিকি ৰিণিকি দেখা বৰগছজোপা যেয়ে আগেয়ে চুবি মই তালৈকে যাম।” সিহঁত সেই কথাত মান্তি হৈ লৰ মাৰিলে। ইপিনে সোণপাহী সাউত কৰে হাবিৰ মাজত সোমাই পলাল। সিফালে ৰজাৰ ল'ৰাই সাৰ পাই দেখে যে সোণপাহী নাই। তেতিয়া চাৰিওফালে তেওঁ পিত্-পিতকৈ বিচাৰিও সোণপাহীক নাপাই নাও লৈ বিচাৰি ওলাল। চোৰহঁতেও উভতি আহি মাইকীজনীক নাপাই তাই সিহঁতক ইমান ফাঁকি দিলে বুলি নিজকে ধিক্কাৰ দি নাও লৈ তাইক বিচাৰি ওলাল।

 গিৰিয়েক নোমলে বুঢ়া-বুঢ়ীৰ ঘৰ পাই দেখে যে সোণপাহীও নাই, বুঢ়া-বুঢ়ীও নাই। ঘৰ-বাৰী নিঃপাল। সোণপাহী নাৱৰীয়াৰ লগত যোৱাৰ পাছদিনাই হাইজা হৈ বুঢ়া-বুঢ়ী হালিয়েই মৰি আছে। নোমলে কান্দি-কাটি ঘৈণীয়েকক বিচাৰি সেই নাৱতে আকৌ উঠিল।

 ইপিনে সোণপাহীয়ে হাবিয়ে হাবিয়ে গৈ গৈ এখন নৈৰ পাৰত ওলাই দেখে যে মুদৈ এটাই নাৱৰ পৰা নামি ধপাত খাই বালিতে বহি আছে আৰু নাৱৰীয়াকিটা নাৱৰ ভিতৰত শুই আছে। মুদৈয়ে ঘূৰি চাই দেখে যে এজনী চিকুণ গাভৰু ছোৱালী। তাইক সি সুধিলে, “তুমি কোন? এনে অৱস্থাৰে হাবিৰ মাজত কিয় ফুৰিছা?” তাই ক’লে, “মই অনাথিনী, মোৰ গিৰিহঁতক বিচাৰি ফুৰিছোঁ।” মুদৈয়ে ক'লে, “তেন্তে ভালেই হ'ল; মোৰ নাৱত ব'লা, মোৰে সৈতে গৃহবাস কৰি থাকিবা।” সোণপাহীয়ে ভাবিলে আৰু অকলশৰে হাবিয়ে হাবিয়ে ফুৰা বৰ টান; এতেকে মুদৈক ক'লে যে তাইৰ এটা ব্ৰত আছে, সেই ব্ৰতৰ কাৰণে উপহাৰ বস্তু গোটাই আনি দি যেয়ে কাৰ্য কৰাই দিয়াব তাই তেওঁলৈকে যাব, এইবুলি অঙ্গীকাৰ কৰা আছে। মুদৈয়ে ক’লে, “সেইটো একো টান কথা নহয়; মই এতিয়াই মানুহ এটা লৈ গাঁৱলৈ যাওঁ, গধূলিকৈ ঘূৰি আহিম, তুমি নাৱতে থাকা।” মুদৈ গ'লত সোণপাহীয়ে নাৱত সোমাই দেখিলে যে মুদৈটো ডকাইত, তাৰ নানাৰকমৰ সাজ-পাৰ আছে। তাই তাৰে এটা উলিয়াই পিন্ধি, নাৱৰীয়াকেটা শুই উঠিলত সিহঁতক নাও মেলি দিবলৈ ক'লে। সিহঁতে ভবিলে যে মুদৈয়ে হে নাও মেলিবলৈ কৈছে। গধূলি মুদৈ আহি ঘাটত নাও নাপাই, মাইকী এজনীয়ে তাক ইমান ছল কৰিলে বুলি জানি মূৰে-কপালে হাত দি বহিল। কিছুপৰ সি এইদৰে থাকি অইন এখন বেহেৰুৱা নাৱত উঠি সোণপাহীক বিচাৰি ওলাল।

 ইপিনে সোণপাহীয়ে মতাৰ সাজ পিন্ধি মুদৈৰ ভাও জুৰি নাৱেদি ভটীয়াই এক ৰজাৰ নগৰ পালেগৈ আৰু ৰজাৰ ঘাটত নাও বন্ধালে। সেই দেশত এজন ৰজা আৰু তেওঁৰ এজনী ভনীয়েক আছিল। সোণপাহীয়ে নিজক আন দেশৰ ৰজাৰ কুমাৰ বুলি প্ৰচাৰ কৰি মাজে- সময়ে ৰজাৰ লগত দেখা কৰিবলৈ গৈছিল। পাছে ক্ৰমে ভাওজোৰা ৰাজকুমাৰেৰে সৈতে ৰজাৰ বৰ বন্ধুতা হ'ল। তাতে সেই দেশৰ ৰজাই তেওঁৰ ভনীয়েকটিক ৰাজকুমাৰলৈ বিয়া দিবৰ প্ৰস্তাৱ কৰিলে। ভাওজোৰা ৰাজকুমাৰ সন্মত হোৱাত মহাসমাৰোহেৰে বিয়া হৈ গ'ল। তেওঁলোক থাকিবৰ নিমিত্তে উপযুক্ত ঘৰ-দুৱাৰ সজাই দিয়া হ'ল। ৰাতি হ'লত ৰজাৰ ভনীয়েক শোৱা-কোঠালিত ৰাজকুমাৰলৈ বাট চাই আছে; এনেতে মতা সাজেৰে সোণপাহী সোমাই ৰজাৰ ভনীয়েকক ক'লে, “বুজিছা নে ম‍ই তোমাক কথা এটা ক'ব খোজোঁ, তুমি প্ৰকাশ নকৰোঁ বুলি শপত খালে ক'ব পাৰোঁ।” ৰজাৰ ভনীয়েকে কাকো নকওঁ বুলি তেতিয়াই শপত খালত সোণপাহীয়ে ক'লে যে তেওঁ মাইকী। স্বামীক হেৰুৱাই বিপদত পৰি পুৰুষৰ সাজ পিন্ধি কোনোমতে তেওঁ পৰিত্ৰাণ পাইছে। “এতিয়া আমি যি আছোঁ সেয়ে থাকোঁ। মোৰ স্বামীও অতি সুশ্ৰী সুবেশ; তেওঁক বিচাৰি উলিয়াবলৈ আমি দুয়ো বিশেষ যত্ন কৰিব লাগে।”

 এইদৰে দুয়ো পৰামৰ্শ কৰি হুবহু সোণপাহীৰ নিচিনা মাটিৰ মূৰ্তি এটা কৰাই, সাজপাৰ পিন্ধাই নাও বন্ধা ঘাটত থোৱাই পহৰীয়া ৰাখি পহৰীয়াক ক’লে যে, যি যি মানুহে মূৰ্তিটোৰ ওচৰলৈ আহি মূৰ্তিটোক ধৰি দুখ-বেজাৰ কৰে সেই সেই মানুহক তেওঁলোকৰ ওচৰলৈ লৈ যাব। ইয়াৰ কিছুদিনৰ পাছত সেই যুৱৰাজে ঘাটত নাও লগাই মূৰ্তিটো দেখি চকুলো টোকা দেখি পহৰীয়াই সোণপাহীৰ ওচৰলৈ তেওঁক লৈ আহিল। সোণপাহীয়ে তেওঁক বন্দীশাললৈ নি পৃথক ঘৰত থ'বলৈ ক'লে আৰু দুখ কৰিবলৈ নিদি বহুৱাই থৈ মজলীয়াৰূপে খুৱাই-বুৱাই ৰাখিবলৈ দিলে। তাৰ পাছত চোৰ সাতোটাক আনি দিলত সিহঁতক নি খচি বন কৰাবলৈ আৰু কদৰ্যৰূপে খুৱাই বন্দীশালত থ'বলৈ তেওঁ ক'লে। ইয়াৰ কিছুদিনৰ পাছত সদাগৰ পালেহি। তাকো আনি হাজিৰ কৰিলত ৰজাৰ ল'ৰাৰ দৰে পৃথক ঘৰত ৰাখি বন-বাৰী কৰাবলৈ সোণপাহীয়ে ক'লে। এইদৰে এমাহমানৰ পিছত ফকীৰৰ বেশেৰে মানুহ এটা লৰমাৰি আহি মূৰ্তিটোৰ ওচৰত ঢাচ্ কৰে পৰি মুচ্‌কচ্ গ'ল। পহৰীয়াই তাক সেই অৱস্থাৰে দাং-দোলাকৈ নি সোণপাহীৰ আগত উলিয়ালেগৈ। তেওঁ ততালিকে তাক চিনি পাই ভিতৰলৈ নিয়াই নিজে অনেক যত্ন কৰি সজ্ঞান কৰালে আৰু উত্তমৰূপে সেৱা-শুশ্ৰূষা কৰাই খাবলৈ শুবলৈ দি বিশেষ তদাৰক কৰিলে। সোণপাহীয়ে নিতৌ সেই মানুহটোৰ ওচৰত বহি তেওঁৰ কথাবোৰ খুচৰি উলিয়াই শুনি থাকে। ফকীৰে মাথোন মাজে মাজে দীঘল হুমুনিয়াহ কাঢ়ি চকুলো টোকে; নোমলেই যে সেইবোৰ কথা সোণপাহীক কৈছে সেই কথা নোমলে জনা নাই; কাৰণ সময়ে দুয়োৰো অৱস্থাৰ পৰিৱৰ্তন কৰিলে। সোণপাহীয়ে মনে মনে ৰজাৰ ভনীয়েকক ক'লে, “এয়ে মোৰ হেৰোৱা স্বামী, যাক ধৰাবৰ নিমিত্তে এই বুদ্ধি সজা হৈছিল।” তেতিয়া দুয়ো নানা প্ৰকাৰে নোমলৰ সেৱা- শুশ্ৰূষা কৰিবলৈ ধৰি তাৰ গা অনেক গুণে ভাল কৰালে।

 পাছে এদিন সভা পাতি ভাও জোৰা ৰাজকুমাৰ সিংহাসনত বহি ৰজাৰ ভনীয়েকক নিজৰ বাওঁফালে বহুৱাই পাত্ৰ-মন্ত্ৰীক মাতি সভা কিয় পতা হৈছে কৈ পোনতে বন্দীশালৰপৰা যুৱৰাজক আনিবলৈ কটোৱালক পাচিলে। যুৱৰাজক আনিলত তেওঁ কি বাবে মূৰ্তিৰ ওচৰলৈ আহি বেজাৰ কৰি মূৰ্তি চুইছিল তাৰ কাৰণ সোধা হ'ল। যুৱৰাজে ক'লে যে, “মই অমুক দেশৰ ৰজাৰ ল'ৰা, মোৰ তিৰোতা ৰাতি পাটীৰ পৰা নাইকীয়া হোৱাত মই দেশে-বিদেশে বিচাৰি ফুৰি, সেই মূৰ্তিটো মোৰ তিৰোতাৰ নিচিনা দেখি তাৰ ওচৰলৈ গৈছিলোঁ, মূৰ্তি বুজি জনা নাছিলোঁ।” সোণপাহীয়ে ক'লে বোলে “তোমাৰ প্ৰকৃত বিবাহিতা তিৰোতা হোৱা হ'লে তেওঁ তোমাক নেৰিলেহেঁতেন। তুমি ভাওনা কৰি সঁচা কথা গোপন কৰিছা। যদি তোমাৰ নিৰাপদে স্বদেশলৈ যাবৰ মন আছে তেন্তে তুমি সকলো কথা সভাৰ আগত ভাঙি ক'ব লাগে।” যুৱৰাজে কিছুমানপৰ টভক মাৰি থাকি সোণপাহীক কেনেকৈ অনাইছিল, কেনেকৈ তাই অন্তৰ্দ্ধান হ'ল সকলো আগ-গুৰি ভাঙি ক’লত সভাসদসকলে সোণপাহীক আচল সতী বুলি শলাগি ৰজা-ল'ৰাক কিছু সজ-গৰিহণা কৰি বাট-খৰচা দি নিজৰ দেশলৈ যাবলৈ এৰি দিলে। তাৰ পাছত ডকাইতকিটাক সভালৈ আনিলে। সিহঁতেও কেৰ্ জেৰ্ কৰি সঁচা কথা ক'লত সিহঁতক চমতা মৰাই এৰি দিলে। শেহত সদাগৰক আনি সকলো কথা সুধি উলিয়াই পৰ স্ত্ৰীত বিশ্বাস কৰা বাবে যথেষ্ট শাস্তি হ'ল বুলি বিদায় দিলে। সেইদিনা গধূলি সোণপাহীয়ে আগৰদৰে কাপোৰ-কানি পিন্ধি নোমলৰ গুৰিলৈ গ'ল; নোমলে সোণপাহীক দেখি সাৱট মাৰি ধৰি হুক্‌হুক্‌ কৰে কান্দিবলৈ ধৰিলে আৰু দুয়ো দুয়োৰো কথা কৈয়ে ৰাতিটো কটালে। পাছদিনা সোণপাহীয়ে নোমলেৰে সৈতে ৰজাৰ ওচৰলৈ গৈ সকলো বৃত্তান্ত কোৱাত ৰজাই সোণপাহীৰ সাহস আৰু বুদ্ধিক নথৈ শলাগিলে আৰু নিজৰ ভনীয়েকক নোমললৈ ৰীতিমতে বিয়া দিলে।

 এইদৰে নোমল আৰু সোণপাহী সেই ৰাজ্যত থাকোঁতে অন্য এখন দেশৰ ৰাজবংশ লোপ হৈ ৰাজপাট খালি হ'লত পাত্ৰ-মন্ত্ৰী সভাসদসকলে উপযুক্ত ৰাজকোঁৱৰ এটি বিচৰাই দেশে দেশে মানুহ পঠালে। সেই ৰজাৰ ওচৰলৈকো মানুহ আহিছিল। ৰজাই নোমলকে ৰজা পাতিবলৈ লেখি পঠালে। তেতিয়া সকলোৱে নোমলক দুইজনা কুঁৱৰীৰে নি সেই ৰাজ্যৰ সিংহাসনত বহুৱাই আঁঠু ল'লে।

 ইপিনে ৰুদাই-ডাবহী, নোমল-সোণপাহী ঘৰৰপৰা ওলাই যাবৰেপৰা জলকা লাগিল; বন কৰিবলৈ নালাগে সিহঁতে খাবলৈকে পাহৰা হ'ল। ক্ৰমে ঘৰত নানা অমঙ্গল হ'বলৈ ধৰিলে; আজি কাৰো নৰীয়া, কালি গৰুটি, পশুই ম’হটি, এইদৰে মৰিবলৈ ধৰিলে আৰু দিনকদিনে বিপদৰ উপৰি বিপদ হৈ ঘৰখন লাং-লাং-ঠাং-ঠাং হ'ল। শেহত ৰুদাই ডাবহীয়ে মাগিব লগাত পৰিল। পাছে ইটোৰ মুখে সিটোৰ মুখে সিহঁতে শুনিবলৈ পালে যে দেশত নতুন ৰজা হৈছে আৰু তেওঁৰ বৰকুঁৱৰীয়ে দুখীয়াক বৰকৈ পুতৌ কৰি দান-দক্ষিণা দিয়ে। তেতিয়া ৰুদায়ে পাঁচোটা পুতেকেৰে সৈতে অতি দুখীয়াভাৱে ৰজাৰ সিংহদুৱাৰত থিয় হৈ নিজৰ দুখ-বেজাৰৰ কথা ৰাণীলৈ কৈ পঠিয়ালে। ৰাণীয়ে ওপৰ-মহলাৰ পৰা শহুৰেক আৰু বৰজনাকহঁতক দেখিয়েই চিনি পালে আৰু লিগিৰী পঠিয়াই মতাই নি সিহঁতক বাহিৰঘৰ এটাত ঢাৰি-কঠ দি বহুৱাবলৈ ক'লে। তাৰ পাছত তামোল-পাণ কাটি ৰূপৰ বটাত দি সিহঁতলৈ পঠালে। ৰুদাইৰ ভয়ত তত নাই, কিবা জগৰহে লগালোঁ ভাবি। তাৰ পাছত সিহঁতক হাত-মুখ খুবলৈ পানী দি জলপান খাবলৈ ভিতৰলৈ মাতিলে। ৰুদায়ে ল'ৰাকেটাৰ ফালে চাই ক'লে, “বোপাহঁত! আৰু সৰহ বেলি নাই, জলপান নহয়, মূৰ কটাৰহে ব্যৱস্থা। দুখীয়া মগনিয়াৰক কোনে সোধ-পোছ কৰে? আগৰ বুঢ়ালোকে কৈছিল বোলে কটাৰ আগেয়েহে ৰজাঘৰত খুৱাই-বুৱাই লয়। পলাবৰো উপায় নাই। একেবাৰে টোলৰ ভিতৰত সুমাই লৈছে।” যিহক, মৰণত শৰণ দি কোনোমতে সিহঁতে জলপান খালে। তাৰ পাছত কুঁৱৰীয়ে কৈ পঠালে যে গধূলি সিহঁতে ভাত এসাজ খাই ৰজাঘৰতে শুই থাকিব লাগিব; ভাত সোণপাহীয়ে নিজে ৰান্ধিছে। মাইহেঙত মান অনুসৰি ভাত বাঢ়ি থৈ ৰুদাই আৰু পুতেকহঁতক ৰাণীয়ে গা ধুবলৈ পঠিয়ালে। গা-ধুই পাতৰ ধূতি-কাপোৰ পিন্ধিবলৈ দিয়াত সিহঁতৰ গাত থৰ-জুগুতি নোহোৱা হ'ল। ৰান্ধনিঘৰ সোমাই মাইহেং আৰু বহা আসন দেখি সিহঁতৰ ধাতু উৰি গ'ল; তেতিয়া দিঠক নে সমাজিক থিৰ কৰিব নোৱাৰি সিহঁতে হোহোঁকা- পিছলা কৰিছিল।পোনতে ৰুদাইক বহিবলৈ দি মান অনুসাৰে ইকিটা ল'ৰাক বহুৱাই শেহৰ মাইহেঙত নোমলক ঘৰৰপৰা পিন্ধি অহা কাপোৰ পিন্ধাই বহুৱাই বঁটা আগত লৈ তাই ঘৰত পিন্ধি থকা কাপোৰেৰে ওলালত ৰুদাইৰ মনত পৰি সি নোমলৰ ডিঙিত ধৰি হুক্‌হুক্ কৰে কান্দিবলৈ ধৰিলে। ৰাতিটো থাকি পাছদিনা নোমলে মাক আৰু বৌৱেকহঁতক ল'ৰা-ছোৱালীমখাৰে সৈতে আনিবলৈ হাতী-দোলা মানুহ পঠালে। এইদৰে তেতিয়া সকলোটি এক পৰিয়াল হৈ মহা সুখে-সম্পদে থাকিবলৈ ধৰিলে। তেতিয়াহে ৰুদায়ে বোলে নোমল-সোণপাহীৰ কথা সঁচা, কোনে কাৰ জহত খায়; সকলোৱে আপোন বলতেহে খায়। *[]

  1. (এই সাধুটো শ্ৰীযুত বাচাৰাম খাডন্দে তেওঁৰ বুঢ়ীমাকৰ মুখে শুনিছিল। মৰণ কাললৈকে বুঢ়ীমাকৰ দাঁত আছিল। অইন কি তেওঁৰ গাৰ নোমবোৰো পকিছিল। তেওঁক গাঁৱৰ মানুহে পকী-মূৰী আই বুলিছিল। সেইবাবে তেওঁ থকা ঠাইডোখৰক আজিলৈকে পকামূৰা বোলে।)