সমললৈ যাওক

ককাদেউতা আৰু নাতি-ল’ৰা/এক সন্ন্যাসীৰ কথা

ৱিকিউৎসৰ পৰা

পঞ্চদশ সাধু

নাতি।— “ককাদেউতা, আজি সন্ন্যাসী এজন আহি আমাৰ ৰাজহুৱা নামঘৰৰ আগৰ বৰগছজোপাৰ তলতে আছেহি। হেনো সন্ন্যাসীজন বৰ ধৰ্মিষ্ঠ। সৎৰাম মৌজাদাৰে তেওঁক সিধা পাতি দি বৰ ভকতি কৰিছে; আৰু হেনো নি নিজৰ ঘৰতে থবগৈ।”
ককা৷— “বাহিৰৰ সাজপাৰ দেখি কাকো চিনিব নোৱাৰি মোৰ কুটুম। সন্ন্যাসী ফকিৰক তো নোৱাৰিয়েই। সেইদেখি তেনে লোকক বুজি-বাজি ঘৰত ঠাই দিয়াহে ভাল। এটা সন্ন্যাসীৰ সাধু আছে, কওঁ শুন” —

এক সন্ন্যাসীৰ কথা

 এক দেশত এজন গৃহস্থ মানুহ আছিল, তেওঁৰ দুজনী ঘৈণীয়েক। এদিন এজন সন্ন্যাসী আহি গৃহস্থৰ ঘৰত ওলালত গৃহস্থই সন্ন্যাসীক আচল সাধু পুৰুষ ভাবি সেৱা-শুশ্ৰুষা কৰি যত্ন কৰি ৰাখিলে। সন্ন্যাসীও তেওঁৰ ধৰ্ম্মভাব আৰু সাধু আচৰণেৰে গৃহস্থ আৰু দুইজনা ঘৰৰ-ঘৈণীৰ মনত সোমাল। দুইজনা ঘৈণীয়েই সন্ন্যাসীৰ খোৱা-বোৱাৰ সকলোবোৰ কাৰ্য্য নিতৌ নিজহাতে এহাশুধীয়াকৈ কৰিবলৈ ধৰিলে। সন্ন্যাসীয়েও সেই ঘৰত ইমান আদৰ যত্ন পাই তাতে কিছুদিন থাকিবলৈ ঠিক কৰিলে।

 কোনো কাৰ্য্যৰ নিমিত্তে গৃহস্থ এমাহমানলৈ বিদেশলৈ যাবলগীয়া হ'লত সন্ন্যাসীকে তেওঁ সেই ঘৰৰ এক প্ৰকাৰ গৰাকী পাতি, দুইজনী ঘৈণীয়েকক কৈ গ'ল, যেনে সিহঁতে সন্ন্যাসীক কোনো বিষয়ত কষ্ট নাপায়, আৰু যেন সিহঁতে সন্ন্যাসীৰ বচন কেতিয়াও নেপেলায়।

 গৃহস্থৰ সৰুজনী ঘৈণীয়েকৰ বয়স কম আছিল, আৰু দেখিবলৈকো তাই বৰ শুৱনী আছিল! সেইদেখি গুৰিৰেপৰা সন্ন্যাসীৰ চকু তাইৰ ওপৰত পৰিছিল। এতিয়া গিৰিয়েক ঘৰত নথকাত সন্ন্যাসীয়ে সুবিধা পালে। এদিন অকলশৰীয়াকৈ তাইক সন্ন্যাসীয়ে পাই, তাৰ লগত লৈ গুচি যাবলৈ প্ৰস্তাৱ কৰিলে। তাই সেই কথা শুনি অবাক হৈ সন্ন্যাসীৰ আগত আঁঠু লৈ ক'লে, “প্ৰভু আপুনি আমাৰ গুৰু; এতেকে এনে কথা কিয় কয়? আপুনি ধৰ্ম্মিষ্ঠ সাধু পুৰুষ, আপোনাৰ মুখত এনেকুৱা কথা শুৱায় নে?

 এই কথা শুনি সন্ন্যাসীয়ে আন এটা ধৰা পৰিবৰ ভয়ত থিতাতে সুৰ সলাই পেলাই ক’লে, “মই তোমাক পৰীক্ষা হে কৰিছিলোঁ; তুমি কেতিয়াও তেনে নাভাবিবা।”

 পিছদিনা সন্ন্যাসীয়ে আন এটা বুধি উলিয়াই সৰু গৃহস্থনীক ক’লে, “গোসাঁনী পূজালৈ মোক মৰিশালিৰ মাটি অলপ লগা হৈছে। সেই মাটি ভকতীয়া তিৰোতাই মাজ নিশা কানি কাপোৰ থৈ মৰিশালিলৈ গৈ আনিব লাগে, আনে আনিলে নচলে, এতেকে এই কাম তুমি নকৰিলে আৰু আনে কৰোঁতা নাই।” সন্ন্যাসীৰ কথা শুনি তাইৰ যদিও ভয় লাগিছিল আৰু খং উঠিছিল, তথাপি গিৰিয়েকে সন্ন্যাসীৰ হুকুম মানিবলৈ পৈ-পৈকে কৈ-যোৱা কথা তাই মনত পেলাই সেইদৰে মৰিশালিৰপৰা মাটি আনিবলৈ গাত লৈ আনি দিলে। দিনৌ এইদৰে সন্ন্যাসীৰ কথামতে তাই মৰিশালিৰ মাটি আনি দি আছিল। এনেতে গিৰিয়েক উভতি আহিল।

 গধূলি গিৰিয়েকৰ সৈতে সন্ন্যাসীয়ে কথা-বাৰ্ত্তা পাতোঁতে, সন্ন্যাসীয়ে বিশ্বাসে গিৰিয়েকক ক'লে যে তেওঁৰ সৰুজনী ঘৈণীয়েক প্ৰেতিনী। সদায় তাই ৰাতি দুপৰত মৰিশালিলৈ গৈ কাপোৰ-কানি সোলোকাই থৈ নাচি-বাগি তাত মাটি খানি থাকে। সন্ন্যাসীৰ কথা শুনি গিৰিয়েকে অতি আচৰিত মানি সুধিলে, “আপুনি এই কথা সঁচাকৈয়ে কৈছে নে?” সন্ন্যাসীয়ে উত্তৰ দিলে, “বাৰু এতিয়া আপুনি মনে মনে থাকক, আজি ৰাতি দুপৰিত মই আপোনাক দেখুৱাই দিম, আপুনি নিজ চকুৰেই দেখিব।”

 ৰাতি দুপৰৰ আগেয়েই সন্ন্যসীয়ে গৃহস্থক লগত লৈ মৰিশালিৰ এচুকত মনে মনে লুকাই আছিল। এনেতে সৰু ঘৈণীয়েকে আগৰ দৰে তাৰপৰা মাটি খানি লৈ আহিলগৈ; আৰু সেই কাম গিৰিয়েকে নিজ চকুৰেই দেখিলে। গিৰিয়েকে সন্ন্যাসীক ক’লে, “মই তো এই আচৰিত কাণ্ড দেখিলোঁ; সন্ন্যাসীয়ে উত্তৰ দিলে, “এইক কাটি মাৰি পেলাৱাতকৈ এখন নাৱত তুলি এইৰ হাত-ভৰি বান্ধি দি উটাই দিয়া, তাতে তাই লেকাট ভুঞ্জি মৰক। তুমি কাটিলে ৰজাৰ ঘৰৰপৰা জগৰ লাগিব, আৰু সকলোৱে তোমাক দুষিব।”

 সন্নাসীৰ কথা শুনি গিৰিয়েকে তাকে কৰিবলৈ থিৰ কৰি বৰ ঘৈণীয়েকক সেই কথা ক'লে। সতিনীৰ সতিনী-কথা; বৰ ঘৈণীয়েকে “এতিয়াই, এতিয়াই এই অমঙ্গলটো ঘৰৰ পৰা দূৰ কৰক, আৰু মুখলৈ চাব নেলাগে,” বুলি গিৰিয়েকক উচটাই দিলে।

 গিৰিয়েকে সন্যাসীৰ কথামতেই সৰুজনী ঘৈণীয়েকক নাও এখনত তুলি, তাইৰ হাত-ভৰি বান্ধি, চৈৰে ঢাকি নৈত উটাই দিলে। তাই কত কান্দিলে, কত কাকুতি-মিনতি কৰিলে, কিন্তু সেইবোৰলৈ সি কাণ নকৰি— “তই পিশাচনী, তোৰ স্বভাৱ মই আজি নিজ চকুৰেই দেখিলোঁ, তোক আৰু মই কি সুধিম।” এই বুলি ক'লে। পিছদিনা সন্যাসীয়ে তীৰ্থ কৰিবলৈ যাওঁ বুলি গৃহস্থৰপৰা বিদায় লৈ গুচি গ'ল। সন্যাসীয়ে বাট পোনাই গৈ নদীৰ ভাটীফালে দুদিনমানৰ বাটত তাৰ মঠত বাট চাই আছে যেন সেই নাও আহিলেই সি ধৰি তাইক লৈ যাব পাৰে।

 ঈশ্বৰ ইচ্ছাত নাওখন উটি গৈ এক ৰজাৰ ঘাটৰ ওচৰ পালেগৈ। দৈবাৎ সেইদিনা সেই সময়ত ৰজাইও মৃগয়াৰ পৰা উভতি আহি সেই ঘাট পাইছিলহি। সেইদিনা চিকাৰত ৰজাই পহু নাপাই এটা বুঢ়া ভালুক পাই ধৰি আনিছিল। ৰজাই নাওখন উটি অহা দেখি তাত কি আছে চাবলৈ বুলি ধৰাই আনি তাৰ চৈ গুচাই দেখিলে যে তাত দীপলিপ্ তিৰোতা এজনী আছে। তিৰোতাজনীৰ বান্ধ-চাট মেলি দি তাইক সুধিলত, তাই সকলো বৃত্তান্ত ভাঙি ৰজাক ক'লে। তেতিয়া ৰজাই সন্যাসীৰ ফাঁকি বুজিব পাৰি তাইক নাৱৰপৰা তুলি আনি, নাৱত সেই ভালুকটো সুমাই দি আগৰ দৰে চৈৰে ঢাকি নাওখন উটাই দিলে আৰু তাইক নিজৰ ঘৰলৈ লৈ গৈ বিয়া কৰাই মৰমৰ কুঁৱৰী কৰি ৰাখিলে।

 ইফালে নাওখন উটি গৈ সন্যাসীৰ মঠৰ ঘাটৰ ওচৰ পালতে সন্যাসীয়ে আনন্দত উত্ৰাৱল হৈ নাওখন ধৰি আনি হেঁপাহৰ বস্তুটি পালোঁ বুলি চৈ দাঙিলতে তাৰ তলৰপৰা ভালুকটো ওলাই তাক খাই পেলালে।