সমললৈ যাওক

ওমৰ তীৰ্থ

ৱিকিউৎসৰ পৰা
 

প্রকাশক
শ্রীদুর্গাপ্রসাদ মিত্র, এম, এ
আৰ. পি. মিত্ৰ এণ্ড সন্
৬৩, বিডন ষ্ট্রীট, কলিকতা-৬

 

তৃতীয় সংস্কৰণ

 

বেচ-৩ টকা

 

৬৩, বিডেন স্ট্রীট এলম প্ৰেছত
শ্ৰীদেৱপ্ৰসাদ মিত্ৰৰ দ্বৰা ছাপা হ’ল

 

শ্ৰদ্ধাস্পদ

স্বৰ্গীয় লক্ষ্মীনাথ বেজবৰুয়া

ডাঙৰীয়াৰ শ্ৰীচৰণেষু।

 

নিবেদন

 কবিয়ে নিজৰ প্ৰাণৰ বীণত এনে এটা সুৰ বজায় যি সুৰ গোটেই মানৱজাতিৰ হৃদয়তে প্রতিধ্বনিত হয়। প্রতি মানৱৰ হিয়া যি সুৰৰ কাৰণে ব্যাকুল, যি সুৰ মানৱৰ ক্ষুদ্ৰ দুখ-সুখৰ বাহিৰত— অথচ যাৰ বিকাশ সেই দুখ-সুখৰ ভিতৰেদিয়েই হয়। এই বিশ্বজনীন সুৰ যাৰ প্ৰাণত বাজে সেয়ে কবি। কবিক মানুহে ভাল পায়, আপোন বুলি ভাবে, কাৰণ কবিয়ে মানুহৰ প্ৰাণৰ কথা কয়, হৃদয়ৰ গভীৰতম স্থানৰ বাতৰি মানুহক দিয়ে। কবি মানৱজাতিৰ সম্পত্তি 'আৰু গৌৰৱ আৰু সেই কাৰণেই কবিৰ স্থান মানৱ সমাজৰ শিৰত।

 ওমৰক মানুহে ভাল পায় কাৰণ ওমৰ প্ৰকৃত কবি । ওমৰৰ ভিতৰেদি মানৱ জাতিৰ হৃদয়ৰ অব্যক্ত অথচ অতি কৰুণ সুৰটি প্ৰকাশ হৈছে। ওমৰে মানুহক তাৰ প্ৰকৃত স্বভাৱলৈ চকু মোকোলাই দিছে । সেই দেখিয়েই ওমৰ কবি আৰু ওমৰ কবি দেখিয়েই মানুহে তেওঁক ভাল পায়,— আপোন বুলি ভাবে ।

 আমি যাক ভাল পাওঁ তেওঁৰ বিষয়ে জানিবলৈ আমাৰ স্বভাৱতে ইচ্ছা হয় । কিন্তু জগতৰ শ্ৰেষ্ঠ কবি সকলৰ শাৰীত ঠাইপোৱা ওমৰৰ বিষয়ে আমি জানো কিমান ? ভাব ৰাজ্যৰ সম্ৰাট ওমৰে তেওঁৰ প্ৰকৃত সত্তা আমাক দি গৈছে তেওঁৰ কাব্যত, কিন্তু তেওঁৰ জীৱনৰ ক্ষুদ্ৰ ক্ষুদ্ৰ ঘটনাৰ সম্ভেদ আমাৰ পাবৰ উপায় নাই। প্ৰশ্ন হব পাৰে ওমৰে যেতিয়া নিজৰ শ্ৰেষ্ঠ দান, তেওঁৰ প্ৰকৃত স্বৰূপ, তেওঁৰ ভাব, দি গৈছে। তেওঁৰ বিষয়ে অন্য কথা জানিবৰ আৱশ্যক কি? কিন্তু আমি যাক ভাল পাওঁ তেওঁৰ প্ৰতি কথায় যে আমাৰ কাষত মধুৰ! কিন্তু ওমৰৰ জীৱনৰ প্ৰায় সকলো কথাকে অতীত ইতিহাসে নিজৰ গৰ্ভত স্থান দি তেওঁৰ বিষয়ে আমাৰ জানিবৰ ইচ্ছা বিফল কঁৰিছে। আনি জানো তেওঁ খৃঃ ১১শ শতাব্দীৰ শেষ ভাগত খোৰা চানৰ নিচাপুৰত জন্ম গ্ৰহণ কৰি উপযুক্ত বয়সত বিখ্যাত অধ্যাপক ইমাম মোয়াফিকৰ শিষ্যত্ব লাভ কৰে। আমি জানো তেওঁ এজন বাল্যবন্ধুৰ সহায়ত নিচাপুৰত বহি বিজ্ঞান অনুশীলন কৰিবৰ সুবিধা পায়। সময়ত তেওঁ এজন বিখ্যাত বৈজ্ঞানিক হৈ উঠে। আৰু আমি জানো ১১২৩ চনত নিচাপুৰত তেওঁৰ মৃত্যু হয়। এই সামান্য কথাৰ বাহিৰে তেওঁৰ বিষয়ে প্ৰায় সকলো কথাকে অতীতে এন্ধাৰ ঢাকনিৰে ঢাকি থৈছে। তেওঁৰ জীৱনৰ গতি, তেওঁৰ জীৱনৰ প্ৰভাৱ, তেওঁৰ বিষয়ে অন্যান্য প্ৰায় সকলো কথা কোনেও নেজানে। ভাবৰ সাধক ওমৰে আমালৈ কেৱল তেওঁৰ জীৱনৰো জীৱন নিজ ভাবৰাশি থৈ গৈছে আৰু আমি কৃতজ্ঞ হিয়াৰে তাকে গ্ৰহণ কৰি সন্তুষ্ট থাকিব লগাত পৰিছোঁ।

 অনন্ত প্ৰয়াসী মানব আত্মাৰ চিৰন্তন প্ৰশ্ন—'ক'ৰ পৰা আহিছোঁ?” ‘ক’লৈ যাম? ওমৰৰ ভিতৰেদি পূৰ্ণৰূপে প্ৰকাশ হৈছে। সংসাৰ চক্ৰত পৰি মানুহে ক্ষন্তেকলৈ জীৱন সমস্যাৰ এই গভীৰ প্ৰশ্ন পাহৰিব পাৰে কিন্তু সদায় সকলো অৱস্থাতে মানুহৰ মনৰ এচুকত এই প্ৰশ্নই ভূমুকি মাৰে। ‘ক’ৰ পৰা আহিছো? ‘ক’লৈ যাম? এই দুটি প্ৰশ্নৰ সমাধানৰ চেষ্টাই সকলো ধৰ্ম্মৰ, সকলো দৰ্শনৰ মূল। ‘ক’ৰ পৰা আহিছো? 'ক'লৈ যাম? এই দুটাই সকলো প্ৰশ্নৰ মূল প্ৰশ্ন; ঈশ্বৰ, জগৎ, সৃষ্টি সকলো প্ৰশ্নৰ উদয় হয় ইয়াৰ পৰাই। এই প্ৰশ্নই কাৰবাক সাধু সন্ন্যাসী কৰে, কাৰবাক নাস্তিক কৰে। কোনোবাই বিশ্বাস কৰে যে ঈশ্বৰৰ পৰা আমি আহিছোঁ আকৌ সংসাৰ ত্যাগ কৰি ঈশ্বৰানুৰক্ত হলেই ঈশ্বৰৰ কাষলৈ যাম। তেওঁ সন্ন্যাসী হয়, তেওঁ ত্যাগী হয়। কোনোবাই আকৌ বিশ্বাস কৰে যে জীৱন এটা আকস্মিক ঘটনা হঠাৎ স্বাভাবিক গতিত আমি আহিছো, এদিন মৰিম, শেষ, আৰু একো নাই। তেওঁ নাস্তিক হয়। কিন্তু নাস্তিকেই হোৱা বা সন্ন্যাসীয়েই হোৱা এই প্ৰশ্নৰ হাতৰ পৰা তোমাৰ মুক্তি নাই। তুমি সীমাবদ্ধ কিন্তু তোমাৰ ভিতৰত অসীমৰ প্ৰয়াস। মানৱ মনৰ এই অনন্ত অভিযান, সীমাৰ এই অসীম ৰাজ্যৰ প্ৰতি গতি, মানৱ চেষ্টাৰ অসীমৰ সীমা বিচৰা এই ব্যৰ্থ চেষ্টা, কি কৰুণ, কি বিষাদপূৰ্ণ! অথচ এই চিৰন্তন চেষ্টা, এই চিৰন্তন প্ৰশ্নৰ হাতৰ পৰা মুক্তি মানুহে নেপায়। এয়ে মানৱৰ জীৱনৰ গভীৰতম দুখ। দুখৰ মাজেদি সত্য আৰু মধুৰৰ বিকাশ। এই দুখৰ ভাবত ওমৰৰ প্ৰাণ আকুল, অস্থিৰ হৈ উঠিছিল আৰু তেওঁৰ সেই দুখৰ দানেই তেওঁৰ ভাবৰাশি, তেওঁৰ কৰুন মধুৰ প্ৰাণস্পৰ্শী সাধনাৰ ফল, তেওঁৰ কবিতা।

 ওমৰে সাধনাৰ ফলত কি পালে, কি আমাক দি গল? বহুতে কয় ওমৰে ভগবৎপ্ৰেম লাভ কৰি তাক সুচাৰুৰূপে বৰ্ণাই গৈছে, বহুতে কয় ওমৰ নাস্তিক, বহুতে আকৌ কয় ওমৰ আস্তিক। কিন্তু যেতিয়া আমি ভাবুকৰ ভাব ৰাজ্যত প্ৰবেশ কৰোঁ তেতিয়া নিজৰ মনৰ গতিৰে তেওঁৰ মনৰ গতিক জুখি চাবলৈ যোৱাটো উচিত নহয়। তেওঁৰ ভাবত প্ৰবেশ কৰিব নোৱাৰিলে তেওঁৰ কথাৰ প্ৰকৃত তথ্য বুজা টান। ওমৰৰ সাধনাৰ ফল বিচাৰিবলৈ যাওঁতে নিজৰ কল্পিত ফল এটা তেওঁৰ হাতত যেন আমি তুলি নিদিওঁ।

 ওমৰে আমাক সত্যৰ আভাস দিছে—এয়ে তেওঁৰ শ্ৰেষ্ঠ দান। এটি গভীৰ বিষাদ— এটি গভীৰ কাৰুণ্যপূৰ্ণ তেওঁৰ কবিতাৰ ৰাশি। প্ৰশ্ন, অনন্ত প্ৰশ্ন, কিন্তু উত্তৰ কত? উত্তৰতো তেওঁ পোৱা নাই, দিব ক'ৰ পৰা? বৈজ্ঞানিকৰ বিশ্লেষণ প্ৰথা, ভাবুকৰ সামঞ্জস্যকৰণ প্ৰথা, কবিৰ গভীৰ দৃষ্টি, দাৰ্শনিকৰ জ্ঞান সকলো গোটাই লৈ সৃষ্টি তথ্যৰ গভীৰতম প্ৰদেশলৈ ওমৰে চাই দেখিলে তাৰ আদি আৰু অন্ত দুয়ো আন্ধাৰ, গভীৰ আন্ধাৰ ৷ মানৱ মনৰ অসীমৰ প্ৰতি ব্যর্থ অভিযান এয়ে ওমৰ, আৰু ওমৰৰ অভিযানৰ ব্যৰ্থতাৰ কাৰুণ্যই তেওঁৰ মানৱ জাতিৰ প্ৰতি শ্রেষ্ঠ দান। প্রাচ্য ভাবুক ওমৰৰ মাজেদি দৈব বলৰ মহীয়ান শক্তিত বিশ্বাসটি সময়ে সময়ে ফুটি ওলাইছে, সময়ে সময়ে জীৱনৰ অসাৰত্ব কথা ফুটি ওলাইছে—মনৰ বিশ্বাস অবিশ্বাসৰ মাৰাত্মক খেলাৰ ভাব ওমৰৰ মাজেদি প্ৰকাশ পাইছে ; কিন্তু সকলোতকৈ শ্রেষ্ঠ পদার্থ ওমৰৰ মাজেদি প্ৰকাশ পাইছে ওমৰৰ হৃদয়ৰ গভীৰতম প্ৰদেশৰ পৰা উঠা প্রাণস্পর্শী তীব্ৰ কৰুণ সুৰ। এই সুৰ শুনি মানুহ চমক খাই ৰয়, ভাবে যেন ক'ৰবাত শুনিছে আৰু বাহিৰৰ জঞ্জাল নিস্তব্ধ হ'লেই নিজৰ প্ৰাণতে এই স্বৰ বাজি উঠা শুনে! এয়ে ওমৰৰ শ্রেষ্ঠ এয়ে ভাবৰ বিশ্বজনীন ভাব। এই সুৰতে মুগ্ধ হৈ আজি আমি অসমীয়া ৰাইজৰ ওচৰত নিজৰ ক্ষুদ্ৰ শক্তিৰে ওমৰৰ ভাবৰ এটি চানেকি, এটি ছাঁ ডাঙি ধৰিব খুজিছোঁ ৷ ইয়াৰ অসম্পূৰ্ণতা আমাৰ, ওমৰৰ নহয়; কিন্তু ইয়াৰ মাহাত্ম্য আমাৰ নহয়, ওমৰৰ। এই জীৱন বীণৰ সুৰে যদি এটি অসমীয়াৰ প্ৰাণতো প্রতিস্পন্দন লাভ কৰে তেন্তে আমি নিজকে গৌৰৱাম্বিত বুলি ভাবিম ।

শ্রীযতীন্দ্রনাথ দুৱৰা

 

সোণালী ৰথত আলোকি বিমান
মাৰিলে সূৰুযে সোণৰ কাঁড়
পলাল আন্ধাৰ- হৰিণীয়ে যেনে
হয় নিমিষতে চকুৰ আঁৰ।

ৰাজ কাৰেঙক চুমিছে পোহৰে
উঠিছে মঙ্গল প্রভাতী গান
জীৱন্ত জগৎ উঠাঁ উঠাঁ হেৰাঁ
এতিয়াও কিয় নিৰ্জীৱ প্ৰাণ ।

মিচিকি হাঁহিৰে ঊষা দেবী আহে
নীল আকাশৰ ওৰণি ল'ই
আলহী ঘৰৰ দুৱাৰ মুখত
কোনে যেন আহি মাতিছে অ'ই।

কয় চেনেহেৰে, “পিয়লা তোমাৰ
থাকোঁতে সময় ভৰাই লোৱা
জীৱনৰ মধু শুকালে এবাৰ
আৰু জানো তাক দুনাই পোৱা?”

পুৱা বিহগৰ মধুৰ সুৰত
শত আলহীয়ে সাদৰি কয়
“মেলাঁহে দুৱাৰ নবীন পথিক
আহিছোঁ উলাহে বাঁহীটি লই।

খন্তেক থাকিম ধেমালি কৰিম
ধেমালি শেষত কেনিবা যাম
সোঁতৰ মুখত উঠিলে এবাৰ
পুৰণি সুখ কি পুনৰ পাম?”

নৱ বৰ্ষত উঠিছে প্ৰাণত
কত অতীতৰ বিফল আশা
ভাবুকৰ প্ৰাণ ভাবে ভৰপুৰ
কোনে বুজে সেই নীৰৱ ভাষা।

নিৰল৷ বিচাৰি যায় ধীৰে ধীৰে
গছ লত৷ বন হাবিৰ মাজ
প্ৰভু পৰশত প্রকৃতিয়ে ষ’ত
পিন্ধিছে নতুন শ্যামল সাজ।

ক'ত আজি সেই এৰেম্‌ ফুলনি
হাজাৰ গোলাপ ফুলিলে য'ত
জাম্‌-চৈয়দৰ সাত বৰণীয়া
ভূবন বিজয়ী পিয়লা ক'ত?

এতিয়াও আছে অঙুৰৰ বন
চালে এতিয়াও ৰাঙলী ধাৰা
আছে তটিনীৰ কুলুকুলু গান
—নাই সেই প্রাণ উলাহ ভৰা।

দায়ুদৰ স'তে মাৰ গ'ল আজি
অতীত ছন্দ পুৰণি তান
মাথোঁ কেতেকীৰ আকুল কণ্ঠত
বাজি উঠে সেই পাহৰা গান।

কয় কাণে কাণে গোলাপী সখীক
কওঁ কওঁ বোল৷ গুপুত কথা
আঙৰ ৰসৰ ৰাঙলী ৰসেৰে
পাহৰোৱা সখী অতীত বেথা।

আজি বসন্তৰ মধুৰ পৱন
বইছে ধীৰেৰে জুৰাই প্ৰাণ
চালাঁ ইয়াতেই অনুতাপ ৰাশি
জাৰৰ কুঁৱলী বিষাদ গান।

পিয়লাটি মোৰ ধৰাহি মুখত
আহা প্রাণ সখা সময় নাই
পাখি মেলি সৌ জীৱন পখিটি
অনন্তৰ পিনে উৰি যে যায়

পুৱা কিৰণত লাখে লাখে ফুল
ফুলিছে মলয় পৰশ পাই,
কাষতেই তাৰ আৰু অসংখ্যাত
নীৰলে লেৰেলি শুকাই যায়।

যাৰ পৰশত লাজুকী গোলাপে
নাচিছে ৰঙেৰে ওৰণি থ’ই
সেই পৰশতে শত জামচেদ্
শত কৈকোবাদ কালত লয়।

পাহৰি সকলে৷ খায়মৰ স'তে
ওলোৱা উদাস পৰাণ ল’ই
বুৰঞ্জী পাতত থক নিশৱদে
খচ্‌ৰু কোবাদে ৰঙেৰে শুই।

ৰুস্তামৰ কথা ভাবিলে কি হ'ব—
ভাবিলে ভাবনা বাঢ়িহে যায়
এৰি দিয়া সেই বিষাদ ৰাগিণী
হেৰাল যি দৰে হাতেম্ তাই।

সৌ যে দেখিছা দূৰ দুৰণিৰ
মৰুৰ দাঁতিত এখনি পাম
সেউজীয়া গছ লতাই বেৰিছে
সেয়ে মোৰ চিৰ পবিত্ৰ ধাম।

ৰজা প্ৰজা তাত সকলো সমান
নাই বাদ্চাৰ গজ্নী পুৰ
তাতে বহি আমি আকাশ তলত
নীল অসীমত মিলাম সুৰ।

সেই নিৰলাত থাকিম নিজানে
কাষত তোমাৰ মধুৰ গান
ৰুটি এটুকুৰা সুৰাৰ পিয়লা
কবিতা কুৱঁৰী আকুল প্রাণ।

সি সুৰ পুৰীৰ এয়েই সপোন
এয়ে হৃদয়ৰ বাসনা মোৰ
মৰুৰ মাজত নামিব সৰগ
জীৱন যাতনা পৰিৰ ওৰ।

ৰাজ সুখ আশে কোনোবা বলিয়া
কোনোৱে বিচাৰে সৰগ সুখ
ছাঁৰ পিচে পিচে লৰোঁতে সদায়
ইফালে নভৰে ঘৰত মুখ।

লোৱা ততালিকে যি পোৱা হাতত
নোপোৱা যিখিনি থাকক বাকী
দূৰৰ বাজনা শুনিলে কি হ'ব
মাজত তোমাৰ তেনেই ফাঁকি।

সৌ যে দেখিছাঁ গোলাপ কুৱঁৰী
ঢালিছে ৰঙেৰে সুধাৰ ধাৰা
কয় হাঁহি হাঁহি পাহি মেলি মেলি
চোৱা মোৰ হিয়া চেনেহ ভৰা।

প্ৰেমৰ বাতৰি দিম জগতত
তোলা মোক হেৰা যতন কৰি
শুকাম যেতিয়া ধুকাম তেতিয়া
চিন স্মৃতি যাব কেনিবা উৰি।

সংসাৰৰ সুখ আশা কৰি নৰে
আপোন পাহৰি লৰিছে হায়
কাৰোবা ভাগ্যত ফলিছে সপোন
কাৰোবা ভাগ্যত একোৱেই নাই।

কি লাভ ইয়াত খন্তেকীয়া সুখে
খন্তেকৰ পাচে আঁতৰি যায়
মৰুৰ মাজত নিয়ঁৰৰ কণা
পলাই পুৱাৰ পৰশ পায়।

সোণৰ ধানেৰে ভড়াঁল ভৰালে
যি জনে অশেষ যতন কৰি
একে উশাহতে উৰালে সকলো
যি জনে মনৰ সোঁতত পৰি।

হ'ল দুয়ো লয় এই মাটিতেই
একে দৰে শেষ জীৱন খেলা
ইয়াৰ পাচত আহি মৰতত
আৰু কি পাতিব মোহন মেলा?

এই পৃথিবীৰ আলহী ঘৰত
দিন ৰাতি দুয়ো দুৱৰী যাৰ
সুখদুখ ভৰা অতীত ৰাগিণী
বাজিছে কতনো বুকুত তাৰ ।

ত্রিভুবনজয়ী কত ৰজা আহি
কালৰ কোলাত মিহলি হ'ল
জলিল চাকিটি নুমাল আকৌ
পোহৰৰ মাথে৷ স্মৃতিটি ৰল ।

আছিল যি ঠাইত জাম চৈয়দৰ
আলোক শোভিত অলকা পুৰী
বাঘ ভালুকৰ ধেমালিৰ ঠাই-
ফুৰে আজি তাত্‌ ৰঙেৰে ঘূৰি।

ক'ত শুলে আজি ৰজা বেইৰাম
নিপুন চিকাৰী ৰনুৱা বীৰ
বনৰীয়া ঘোৰা গাধই বিহৰে
সুখেৰে আজি সি তটিনী তীৰ।

ভাবোঁ কেতিয়াবা ফুলিছে গোলাপ
কাৰ তেজেৰে নো ৰাঙলি হই
কোন প্ৰেমিকৰ ব্যথিত হিয়াৰ
নিৰাশ প্ৰেমৰ চানেকি লই।

ফুলনি শুৱাই ফুলে যত ফুল
হৰিষে মলয়ে চুমিছে যাক
কোন কুৱঁৰীৰ অধৰ পৰশে
কৰিছে এনুৱা ধুনীয়া তাক !

 

তটিনী তীৰৰ এই যে কোমল
দুবৰি ঘাঁহৰ দলিচা খনি
বহা সখা মোৰ বহা ধীৰে তাত
নিদিবা চৰণ আঘাত আনি।

কোন সুন্দৰীৰ অতৃপ্ত বাসনা
নীৰৱ চকুলো বুকুত লই
কৰুণ ৰসৰ সেউজীয়া সাজে
মাটি ভেদি চোৱা উঠিছে অ’ই।

ধৰা প্ৰিয়তম প্ৰাণৰ পিয়লা
জীৱন মদিৰা ভৰাই দিয়া
অতীত ভবিষ্য শোক দুখ ভয়
আজিৰ ভাবনা উটাই নিয়া।

আজিয়েই দিয়া কালিলৈ কিয়
কোনে জানে মোৰ কালি কি হ'ব ?
হাজাৰ হাজাৰ বছৰ বিয়পা
হয়তো অতীতে সামৰি থ'ব।

কত প্রিয়জন যতনেৰে যাক
চেনেহৰ মালা পিন্ধালোঁ আহি
কত ভাগ্যবান জগতত যাৰ
গোটেই জীৱন মধুৰ হাঁহি।

খন্তেকৰ আগে জীৱনৰ সুধা
ঢালি আপোনাৰ পিয়লা ভৰি
কোন দেশলৈ গ'ল তেওঁলোক
আলহী ঘৰৰ আসন এৰি।

তেওঁলোকে সেই এৰা আসনতে
যত লগৰীয়া ৰঙতে আজি
হাহিছোঁ গাইছোঁ পিয়লা ভৰাই
মিলিছোঁ ৰঙৰ সাজেৰে সাজি।

দুদিনৰ পাচে সকলোৰে শেষ
মিলনৰ ঠাই মৰণ পুৰী
আমাৰ পাচতো আৰু কত জনে
বহিব ই দৰে আসন জুৰি।

ধূলিৰ লগতে মিলিব যেতিয়া
খন্তেকীয়৷ ই জীৱন মোৰ
যাওক তেন্তে ভাহি সুৰাৰ সোঁততে
নপৰক যেন সুখৰ ওৰ।

আহিলে মৰণ যাবই লাগিব
—আন্ধাৰ পুৰীৰ কোনোবা দেশ
নাই ষ’ত সুৰা নাই য'ত গান
অজান দেশৰ ক'তনো শেষ।

কোনোবা বলিয়া সুখ সুখ কৰি
এই পৃথিবীকে সাৱটি ধৰি
কোনোৱে ভাবিছে মৰণৰ পাচে
পাম সঁচাকৈয়ে সুখৰ পুৰী।

তহঁতৰ সুখ নাই ক’তো হেৰ
নিঠুৰ মৰণে চিঞৰি কয়
মূর্খ তহঁত অলীক ভাবনা
ভাবি কৰ কিয় জীৱন ক্ষয়?

ইপুৰী সিপুৰী বুজালে বহুত
জ্ঞানৰ গভীৰ তৰ্ক কৰি
ক'ত আজি সেই সাধু-মহাজন
কোনে আজি মাত নিলেনো হৰি।

ক'ত সি সৱৰ অতীত বিধান
হাঁহি টিলিকিতে কেনিবা গ’ল
—মাটিৰ মানুহ মাটিয়ে ঢাকিলে
মাটিৰ লগতে মিহলি হ'ল।

আহাঁ তেন্তে হেৰ৷ খায়ামৰ স'তে
এৰা জ্ঞানীলৈ জ্ঞানৰ ঠাই
এটি কথা মোৰ ৰাখিবা মনত
পলে পলে সখা জীৱন যায়।

এই জগতত এয়ে মাথোঁ সঁচা
বাকী সকলোটি তেনেই ভুল
এবাৰ সৰিলে সৃষ্টিৰ বুকুত
নুফুলে দুনাই জীৱন ফুল।

শিকিবৰ আশে প্রথম পুৱাতে
কত পণ্ডিতৰ কাষত গই
শুনিলোঁ বহুত তর্ক বিতর্ক
এই মাথোঁ এটি বিষয় লই ।

নেদেখিলোঁ ক'তো বিচাৰৰ শেষ
তর্কই থাকে জীৱন জুৰি
শেষ লাভ মোৰ গ’লো যেই বাটে
সেই বাটে দিয়ে আহিলোঁ ঘূৰি।

তেওঁবিলাকৰ লগতেই ৰুলোঁ
জ্ঞানৰ পুলিটি গোপন কৰি
ঢালিলোঁ যতনে নিজ হাতে পানী
ৰাখিলোঁ হিয়াৰে আৱৰি ধৰি।

গছ মোৰ বাঢ়ি উঠিল যেতিয়া
গুটিটি দেখিয়ে বুজিলোঁ মই
সোঁতৰ দৰেই বই বই আহি
যাওঁ বতাহতে মিহলি হ'ই।

ধৰণীৰ এই সেউজীয়া কোলা
ইয়াতে জনম লভিলোঁ মই
কিয়বা আহিলোঁ কিহৰ সোঁতত
কি কাম ইয়াত সাধিম অ’ই।

এই কোলা খনি উদঙাই পুনু
কাৰনো উদ্দেশে উধাও হই
মৰুৰ মাজৰ বতাহৰ দৰে
কোন অসীমত মিলিম গ‍'ই।

ইয়াৰ আগেয়ে ক’ত বা আছিলোঁ
কাকনো সুধিম কথাটি মোৰ ?
ইয়াৰ পাচত কোন দেশলৈ—
নোৱাৰোঁ বুজিৰ ৰহস্য ঘোৰ ?

চাল৷ তেন্তে সখা জীৱনৰ সুধা
চিন্তা ভাৱনা দূৰতে থক
ধৰিব নোৱৰা নিয়তিৰ লীল৷
পিয়ল৷ ভৰাই পাহৰা যক

সেই দিনা উঠি কল্পন৷ ৰথত
এৰি নৰলোক সৰগ পাই
সপ্তর্ষি মণ্ডল দেৱৰ আসন
আৰু কত কি'য়ে ফুৰিলোঁ চাই।

আহোঁতে বাটত সংশয় ছেদ
কতনে৷ নিজেই কৰিলোঁ মই
জীৱন মৰণ অদৃষ্টৰ গাঁথি
নোৱাৰিলোঁ মাথোঁ মেলিব হায়।

সমুখত দেখোঁ এখনি দুৱাৰ
কাঠিটি বিচাৰি নেপালোঁ তাৰ
ঢাকিছে সমুখ আন্ধাৰ ঢাকোনে
জুমি চাবলৈকো সাধ্য কাৰ।

শুনিলোঁ খন্তেক “তুমি” আৰু “মই—"
হ'ল লাহে লাহে সুৰটি ক্ষীণ
দুদিনীয়া মাথোঁ “তুমি” আৰু “মই—"
শেষত সকলো একতে লীন।

এই পৃথিবীয়ে কত যুগ ধৰি
কত ঋষি মুনি জনম দিলে
কত সাগৰৰ নীৰৰ বুকুত
শত লহৰীয়ে নিৰলে খেলে।

কত জোন বেলি দশোদিশ জুৰি
গ্রহ তৰা লই লগেৰে ফুৰে
সকলোৱে মূল কালৰ চকৰি
ঠিক একে দৰে সদায় ঘূৰে।

অশেষ যতনে নোৱাৰিলে কেওঁ
অসীম ৰহস্য কৰিব ভেদ
ক্ষীণ মানৱৰ ক্ষীণ বুদ্ধি বল
জীৱন সংশয় নহল ছেদ।

কত পণ্ডিতৰ জ্ঞানৰ পোহৰ
অনন্ত পোহৰে পেলালে জঁয়
প্রতি মুহূৰ্ত্ততে সৃষ্টিৰ বিকাশ
প্রতি মুহূৰ্ত্ততে ঘটিছে লয়।

 

যুৰি দুই কৰ সৰগ ধিয়াই
সুধিলোঁ কাতৰে জীৱন স্বামী
কোন পোহৰত যাওঁ আগবাঢ়ি
তিমিৰ পথৰ যাত্ৰী আমি।

গৰ্জ্জিলে সৰগে গহীন সুৰেৰে
“নাই নাই ক'তো আলোক পথ
অন্ধ নিয়তিৰ অন্ধ বিশ্বাসত
চলে মানৱৰ জীৱন ৰথ।”

উভটি তেতিয়৷ পিয়লাটি চুমি
সুধিলোঁ “চেনেহী পিয়লা মোৰ
কোনে আঁতৰাব মায়া জাল খনি
ৰহস্যৰ জানো পৰিব ওৰ।”

ক’লে পিয়লাই “ইয়াতে সকলে৷
ইয়াৰ সিপাৰে একোৱেই নাই
পান কৰাঁ সখা থাকোঁতে জীৱন
নহলে জীৱন বিফলে যায়।”

কোনোবা যুগত কাৰ দেহা খনি
মাটিৰ লগতে মিহলি হ'ল
গঢ়িলে পিয়লা সেই মাটিৰেই—
অতীতৰ স্মৃতি বুকুতে ৰ'ল।

কত প্রণয়ীৰ প্ৰেমৰ সপোন
কত বিৰহীৰ আকুল তান
কত পূৰ্ণিমাৰ জোনাক জেউতি
কত বসন্তৰ মধুৰ গান।

কত “বচোৰাৰ” গোলাপৰ গোন্ধ
কত শত হিয়া উলাহ ভৰা
কত সুন্দৰীৰ গোলাপী ওঠৰ
পৰশে পৰাণ আকুল কৰা।

চেনেহৰ স্মৃতি কত অতীতৰ
আছে পিয়লাতে মিহলি হই
অতীতৰ সাথী এই পিয়লাটি
অতীতৰ সুৰে কথাটি কয়।

ফুৰোঁতে সিদিনা সন্ধিয়া পৰত
গই পালোঁগৈ কুমাৰ গাঁও
দুহাতে কুমাৰে সানিলৈ বোকা
কেনেকৈ মাটি খঁচিছে চাও।

নিকৰুণ ভাৱে খচোঁতে খচোঁতে
মাটিৰ মুখত ওলালে মাত
কয় কাতৰেৰে “লাহে লাহে হেৰা
আৰু কত দিয়া আঘাত গাত”।

যুগে যুগে এই একেটি কাহিনী
ঠিক এনে দৰে আহিছে বই
যিদিনা সৃষ্টিৰ প্ৰথম পুৱাতে
বিধাতাই মাটি হাতেৰে লই

পেলালে চাকত গঢ়িলে মানুহ
কত ৰকমৰ যতন কৰি
উঠিলে সিদিনা প্রকৃতি বুকুত
বিষাদৰ সুৰ বসুধা জুৰি

দুখ শোক হৰা অমৃতৰ ধাৰা
ঢালিবা যেতিয়া পিয়লা ভৰি
পেলাবা এটোপা ধৰাৰ বুকুত
খাটিছো তোমাক মিনতি কৰি ।

পাব শান্তি দেহি সেই অভাগাই
যিজন ধৰাত মিহলি হ'ল
শত যুগ আগে পৃথিবীৰ পৰা
চিৰকাললৈ আঁতৰি গ'ল।

পুৱা সূৰুযৰ কিৰণ নামিলে
পদুম পাহীয়ে ৰঙেৰে চায়
পোহৰৰ কণা হিয়াৰে সাৱটি
জীৱন মৰণ পাহৰি যায়।

সৰগৰ সুধা আঙুৰৰ ৰসে
থাকিলে গোটেই হৃদয় ভৰি
কৰুণা কণিকা আকাশী নিয়ৰ
নামিৰ জীৱন উপচি পৰি।

অতীত ভবিষ্য ভাবিলে কি হ'ব
ভাৱনাৰ দেখো বিৰাম নাই!
ঢালা সুৰা ঢালা পিয়ল৷ ভৰাই
প্রতি নিমিষতে সময় যায়।

"আজি” যদি মোৰ ৰঙতেই যায় !
অতীতৰ “কালি” দূৰতে থক
“কাইলৈ” কি হ'ব ? — ভবিষ্য ভাৱনা
সুৰাৰ সোঁততে উটোৱ৷ যক।

গোলাপী ওঠৰ চুমাৰ সোৱাদ
এই পিয়লাতে লভিম ম‍ই
মিছা সপোনৰ মিছা লীলা খেলা
কৰিম কিয়নো জীৱন ক্ষয়

আছিলোঁ যি দৰে থাকিম সি দৰে
মাজতে মিছাতে মায়াৰ জাল
কালৰ চকৰি ঘুৰিছে সদায়
চলিব ইদৰে অনন্ত কাল!

চোৱা হেৰা সৌ ফুলিছে গোলাপ
জুৰিটিৰ কাষ ৰাঙলী কৰি
ৰাঙলী ৰঙৰ আঙুৰৰ ৰস—
পান কৰা সখা পৰাণ ভৰি।

জীৱনৰ শেষ পিয়লা ভৰাই
চাপিলে মৰণ কাষত আহি
হাঁহি মুখে তাকে৷ পান কৰি সখা
যাবা উলাহেৰে সোঁততে ভাহি৷

জড় আৱৰণ পৰিহাৰ কৰি
যাব পাৰে যদি আতমা উৰি
অসীম অনন্ত মুক্ত আকাশত
আপোন জেউতি প্ৰকাশ কৰি

কিয় তেন্তে আহি জড় জগতৰ
মাটিৰ দেহত কৰিব বাস ?
দুদিনীয়া এই সংসাৰৰ লীলা
দুদিনৰ পাচে সকলো নাশ।

আলহীৰ ঘৰ এই দেহা খনি
খন্তেকৰ মাথোঁ জিৰণি ঠাই
মৰণৰ শিঙা বাজিলে এবাৰ
নিজৰ বাটেদি আলহী যায়।

বাটত ভাগৰি আৰু আন জনে
জিৰণিৰ ঠাই বিচাৰি আহে
এজনৰ পাচে যায় আন জন
যোৱা জন আৰু দুনাই নাহে।

জগতত হেৰা নঘটে প্রলয়
তুমি আৰু মই আঁতৰি গ'লে
কোন তুমি মই— নহলেও আমি
সংসাৰৰ হাট সমানে চলে।

উঠিছে পৰিছে শতেক লহৰী
সাগৰত কত যুগৰে পৰা
অনাদি অনন্ত কালৰ পিয়লা
ৰইছে সদায় সুৰাৰে ভৰা।

সংসাৰৰ খেল৷ সামৰি যেতিয়া
কালৰ কোলাত পৰিম ঢাল
কোনে জানে হেৰা আৰু কত দিন
সংসাৰ ভাৱনা থাকিব চলি।

নাভাবে সাগৰে এটি বালু-কণা
বতাহত যদি মিহলি হয়
আমাৰো জীৱন মৰণতো কাৰো
হৰণ ভগন অকণো নাই।

খন্তেকীয়৷ এটি সুখৰ মুহূৰ্ত্ত
জীৱনত বৃথা নকৰা ক্ষয়
ভোগ সাগৰত মাৰা এটি বুৰ—
প্রতি নিমিষতে ঘটিছে লয়

জীৱনৰ তৰা ধীৰে মাৰ যায়
ঊষাৰ নতুন পোহৰ পায়
নিজকে বিলাই পুৱা কিৰণত
ব’লা আগুৱাই সময় নাই।

সঁচাকৈয়ে যদি বুজিব খুজিছা
নিয়তিৰ এই নিৰ্ম্মম লীলা।
আৰু জীৱনৰ গভীৰ ৰহস্য
আহা তেন্তে হেৰা নকৰি হেলা !

চুলি এডালিৰ সূক্ষ্ম ব্যৱধানে
সঁচ৷ আৰু মিছা দুভাগ কৰে ।
চলিছে তাতেই মানৱ জীৱন,
মাজতে মায়াই আৱৰি ধৰে।

চুলি এডালিৰ সূক্ষ্ম ব্যৱধানে
সচাঁ আৰু মিছা দুভাগ কৰে।
মাথোঁ এটি ৰেখা একোটি আখৰে
ৰহস্যৰ ভেদ কৰিব পাৰে।

ভাগ্যবান জনে এই প্রমাণতে
অনন্ত জ্যোতিৰ পৰশ পায়
দেখে সমুখত অনাদি পুৰুষ
মায়াজাল খনি আঁতৰি যায়।

বিজুলী সঞ্চাৰে নিমিষতে তেওঁ
বিশ্ব চৰাচৰ ভ্ৰমণ কৰে
অদৃশ্য দেহৰ অসীম শকতি
তিনিও ভুবন বিয়পি পৰে।

নিতে নিতে কত নতুন ৰূপেৰে
জগতত নিজে প্রকাশ হয়
সকলোৰে লয় বিশ্বৰ খেলাত
—নিজে মাথোঁ তেওঁ অটুট ৰয়।

অনন্ত জ্যোতিৰ খন্তেক বিকাশ
তাৰ পাচতেই আন্ধাৰ ঘোৰ
ভীষণ ধুমুহা প্রলয় সূচনা
জীৱন নাট্যৰ পেলায় ওৰ।

বিধাতাই নিজে ভাঙিছে গঢ়িছে
কৰিছে ধেমালি জীৱন ল'ই
আহিছে মানুহ গইছে মানুহ
আছে প্রকৃতিয়ে থিৰেৰে ৰ'ই।

সেউজীয়া গছ লতাই আৱৰা
ধৰণীৰ এই কোমল কোলা
পাবানে ইয়াত-নতু ওপৰত
আকাশত য'ত তৰাৰ মেলা?

মিছাকৈয়ে আজি বিচাৰি ফুৰিছা
থাকোঁতে জীৱন কৰিছা ক্লেশ
ঢুকাব সকলো তোমাৰ লগতে
হ'লে কাইলৈ জীৱন শেষ।

দিনে ৰাতি কিয় হাবা থুৰি খাই
কিহৰ আশাত মৰিছা ঘূৰি।
দীঘল বাটৰ ক'ত আছে শেষ
আছে সি অনন্ত অসীম জুৰি

বিফল বাসনা ছাঁয়াবাজী সিটো
ছাঁৰ পাচে পাচে কতনে৷ লৰ
আহা মোৰ সখা গোলাপী ৰসৰ
পিয়লা ভৰাই উলাহ কৰা।

এৰিলোঁ সকলো যুক্তি তর্ক আজি
কত দিন আৰু থাকিম ধৰি
নিতে নিতে কত আকুল উদ্বেগ
কত সখা আৰু সহিব পাৰি।

মুক্ত এবে মই আজি শুভ দিন
বজোৱা শঙ্খ উৰুলি দিয়া
নতুন প্রিয়াক পিয়লা ভৰাই
আনিছোঁ উলাহে ভৰিছে হিয়া।

তর্ক বাঘ জাল কত পণ্ডিতৰ
শুনিলোঁ অশেষ গভীৰ জ্ঞান
ছত্রে ছত্রে শ্লোক কৰিলোঁ মুখস্থ
সৰুতে আছিল শ্লোকেই ধ্যান।

দিনে দিনে জ্ঞান বাঢ়িলে যেতিয়া
শিকিলোঁ আচল কথাটি সঁচা
জীৱনত ম৷থে৷ সাৰ সুৰাপান
বাকী সকলোটি তেনেই মিছা।

 

শুনো মুখে মুখে জ্যোতিষত হেনো
অসামান্য মোৰ প্ৰতিভা জ্বলে
পুৰণা বিধান এৰি সকলোৱে
মোৰ বিধানকে আদৰি ললে।

মিছা কথা ইটো- পাঁজি পুথি মেলি
চাই যতনেৰে দেখিলোঁ মই
অতীতৰ “কালি” আৰু “ভবিষ্যৎ”
গণনাৰ মোৰ মাজত নাই।

মুকলি দুৱাৰ আলহী ঘৰত
আছিলোঁ সিদিনা অকলে বহি !
নিজান ৰাতি সৰগৰ পৰা
কোনে যেন নামি ক’লেহি আহি—

“সৰগৰ সুধা পান কৰা সখা
আনিছোঁ অশেষ যতন কৰি”
আচৰিত ই যে আঙুৰৰ ৰস
চুমিলোঁ যেতিয়া পিয়লা ধৰি

তোমাৰ অমোঘ যুক্তিৰ আগত
সকলো ধৰ্ম্মৰ একতে লয়
ধন্য তোমাৰ ন্যায়ৰ বিধান
জগত মাজত সুৰাৰ জয়।

সঁচাকৈয়ে তুমি সেই অতীতৰ
পৰশ মণিনে? নহলে কোন?
কিহৰ বলত এটি পৰশত
জীৱনৰ সীহ কৰিলা সোণ।

ভুল ভ্রান্তি যত এই জীৱনৰ
শোক দুখ ভয় আতমা নাশী
মামুদৰ দৰে বিজয়ী তেজেৰে
সকলোকে তুমি পেলালা গ্রাসি

লুকাল কেনিবা বিষাদ কালিমা
উদিলে সুখৰ সূৰুয হাঁহি
—নীল সাগৰৰ জেউতি চৰাই
ফুলিলে সোণৰ পদুম পাহি!

বিধাতাৰ দান সৰগৰ সুধা
কোন অগিয়ানে অসূয়া কৰে
সেউজীয়া মোৰ আঙৰ লতাই
আদৰে জীৱন মেৰাই ধৰে।

মোহ পাশ ইটো ?--কোনে কয় হেৰা!
ই যে চেনেহৰ আশীষ ধাৰা
ই যে ভোগৱতী ঢালিছে কৰুণা
পাতাল পুৰীৰ বুকুৰ পৰা।

জীৱনৰ মোৰ শান্তি দায়িনী
এৰুৱা সুৰাক কিয়বা এৰি
ছঁয়াময়া কোন সৰগৰ আশে
কিয়বা মিছাতে মৰিম ঘূৰি?

হ'লে অৱসান এই জীৱনৰ
অমৰ হ'বৰ বাসনা নাই
আশাৰ ছলন] পৰিলে ফান্দত
লাভে মূলে তাৰ সকলো যায়।

যুগে যুগে কত গ’ইছে মানুহ
আন্ধাৰ পুৰীৰ অজান দেশ
উভটি কোনোৱে কৈছেহি জানো
অসীম পথৰ ক’তনো শেষ?

নজনা নুশুনা সেই বাটে দিয়ে
আমিও এদিন লাগিব যাব
হাতৰ লখিমী ঠেলিম কিয়নো
কিহৰ আশাত কোনেনো ক’ব?

কত জ্ঞানী জনে কত সাধনাৰে
সিপুৰীৰ কথা প্রকাশ কৰি
হ'ই এটি এটি দেৱতাৰ দৰে
আঁতৰিল নিজে আসন এৰি।

কেচুৱা ল'ৰাই শুবৰ আগেয়ে
শুনে যেনে সাধু কাষত বহি
আমাৰ আগতে৷ ক'লে সাধু কথা
তেওঁলোকে যেন খন্তেক আহি।

সি পুৰীৰ কথা জানিবৰ আশে
যায় আত্মা মোৰ উলাহে উৰি
নীল আকাশত পাখি মেলি বেগে
অনন্তৰ পিনে বাসনা কৰি।

নিমিষতে উৰি উলটি আহিল
হাঁহি কাণে কাণে কথাটি কয়
“মনৰ মাজতে সৰগ নৰক
বিচাৰি বেলেগ নাপালোঁ মই।”

পৃথিবী মাজত পূৰিলে বাসনা
ধৰিবা তাকেই সৰগ বুলি
বিফল বাসনা কঠোৰ নিৰাশে
ধৰে নৰকৰ ছবিটি তুলি।

এয়ে বিধাতাৰ চিৰন্তন ৰীতি
নুবুজি মানুহে কণাৰ দৰে
সৰগ নৰক বিচাৰি বিচাৰি
হাবাথুৰি খাই মিছাতে মৰে।

থাকক জ্ঞানীয়ে শাস্ত্ৰৰ মাজত
সৃষ্টি প্ৰকৰণ ব্যাখ্যা কৰি
যাওঁ হেৰা আহা তুমি আৰু মই
আপদীয়া হাই-উৰুমি এৰি।

বহি নিৰলাত নিয়তিৰ খেলা
বুৰাওঁ পিয়লা হাতত ল'ই
ভাগ্যৰ পুতলা আমি সকলোটি
তাৰ স'তে আজি ওমলোঁ গ’ই।

বাহিৰে ভিতৰে তলে উপৰেদি
দেখিছা যিখিনি সকলো ফাঁকি
ভোজবাজী খেল পুতলাৰ নাচ
—মাজতে সূৰুষ মায়াৰ চাকি।

তাৰ চৌপাশে নাচিছে পুতলা
গোটেই জগত মায়াৰ খেলা
চামে চামে জীৱ আহিছে গ’ইছে
চলিছে ইদৰে সংসাৰ লীলা।

দিন ৰাতি ল’ই আন্ধাৰে পোহৰে
অকাঁ এই খনি পাশাৰ ঢাল
মানুহক লৈ পাষটি খেলিছে
বহি নিয়তিয়ে অনন্ত কাল।

সোমাই নতুন গুটিটি ঢালত
কোনোটিরা প’কি ওলাই যায়
কাৰোবা কেঁচাতে কাটিলে গুটিটি
–ই খেলা সদায় খেলিছে হায়।

গুটিটিৰ জানো আছে নিজা মত
লৈছে যি জনে খেলাৰ ভাৰ
ইফালে সিফালে ৰৈছে গৈছে
চলায় চালকে সকলো তাৰ ৷

মানুহক লৈ ভাগ্যৰ খেলাত
যি জনে আমাক নমালে আনি
জয় পৰাজয় তেওঁৰ হাততেই
তেৱেঁই আমাক ফুৰায় টানি।

নিয়তিয়ে নিজ হাতেৰে যি দিনা
কপালত যিটি লিখিলে আহি
নাই লৰচৰ সেই আখৰৰ
সিদৰে জীৱন চলিব ভাহি।

চকুৰ পানীৰে নৈ বৈ যক
হিয়া যদি ভাগে শোকতে হায়
তথাপিতো জানে৷ পাৰেনে গুচাব
কপালৰ ছাপ লগতে যায়।

লুটিয়াই থোৱা সৌ পিয়লাটি
আছে ওপৰত সৰ্গ বোলা
তাৰ তলতেই অসংখ্য জীৱই
খেলিছে জীৱন মৃত্যুৰ খেলা।

এখনি হাতকো নুতুলিবা হেৰা
সেই পিনে চায়—আশাটি ক্ষীণ
নিয়তি চাকত সিও নিৰুপায়
আমাৰ দৰেই শকতি হীন।

যি দিনা পোনতে বিধাতাই নিজে
মাটিৰে মানুহ সাজিলে আহি
যি দিনা পোনতে পূৱ৷ কিৰণত
সৃষ্টি শতদলে মেলিলে পাহি।

সেই দিনা তেও ভাগ্য ফলাফল
লেখিলে নিজেই লেখনী ল’ই
দুদিনলৈ আহি উমলি জামলি
যাব অনন্তত মিহলি হ'ই।

আপোন পাহৰি বলিয়াৰ দৰে
কিহৰ পাছত ফুৰিছা ঘুৰি
আশা নিৰাশাৰ ভবিষ্যৰ ভয়
আছে যি গোটেই জীৱন জুৰি।

অতীত পাতত শাৰীয়ে শাৰীয়ে
লেখা সকলোটি বাতৰি তাৰ
দুদিনীয়া এই জীৱন আমাৰ
—জীৱনত সুৰা-পানেই সাৰ।

কওঁ হেৰা শুনা যিদিনা পোনেই
আহিলোঁ সন্ধিয়া সৰগ এৰি
চকুৰ পানীৰে মাগিলোঁ মেলানি
জীৱন যাত্ৰা আৰম্ভ কৰি।

কাৰ শাপতেই আহি ইয়ালৈ
এনুৱা অৱস্থা ঘটিল মোৰ
হৃদয়ত কাৰ চৰণত ছাপ-
যাত্ৰা কেতিয়া পৰিব ওৰ!

জীৱনৰ মোৰ হাড় কেডালিকো
আঙুৰ লতাই মেৰাই ধৰে
কি গুণ ইয়াৰ কওঁ যদি ম‍ই
শুনি কোনোবাই হাঁহিব পাৰে।

সি সৱৰ কিন্তু চিয়ঁৰ বাখৰে
নোৱাৰে দেখাব মুক্তিৰ পথ
মোৰ ই হাড়ৰ গঢ়া কাঠিটিয়ে
মুক্তিৰ বাটত চলাব ৰথ।

অনন্ত জ্যোতিৰ এটি ক্ষুদ্র কণা
পৰে যদি সখা হিয়াত মোৰ
খঙেতেই নতু প্রেমতেই হওক
গুচাব হিয়াৰ আন্ধাৰ ঘোৰ।

তাৰে যদি এটি সামান্য আভাস
আলহী ঘৰত খন্তেক পাওঁ
আন্ধাৰেৰে ঢকা মন্দিৰ মাজত
কিয়বা তাকেই বিচাৰি যাওঁ।

পাপ পুণ্য প্রভু কোনে সৰজিলে?
সুধিছোঁ কাতৰে কোৱাচোঁ মোক
সুখ সাগৰত এজনে সাঁতোৰে
ইজনে কিয়নো ভুগিছে শোক?

নিষিদ্ধ ভোগৰ গুপুত বাসনা
ইয়াতেই যদি সাবটে নৰে
কোন বিধানত সিপুৰীত তাৰ
নৰকৰ ছবি আগত ধৰে?

আকাশ তলৰ এই ধৰা খনি
কাৰনে৷ হাতৰ কঠোৰ চিন
কিয় ৰাতি দিনে বাজিছে ইয়াত
শত হৃদয়ৰ বিষাদ বীণ।

নিৰ্ম্মম কালৰ চকৰি ঘুৰিছে
তিলেকে জগত কৰিছে চুৰ
দয়াৰ সাগৰ নাম যদি তজু
নকৰা কিয় এই কলঙ্ক দুৰ?

জীৱনৰ বাট নানা প্রলোভনে
তুমিয়েই কৰি ৰাখিছ৷ পুৰ
আনা পথিকক সেই বাটেদিয়ে
তুমিয়েই কৰি আলোক দুৰ।

পাপৰ গাঁতত পৰে যদি তেওঁ
আন্ধাৰ বাটত পিছলি পৰি
কিয় দিবা তাক দোষৰ বোজাটি
তুমিয়েই দোষ স্বজন কৰি।

মাটিৰে মানুহ সৰজিল৷ তুমি
পাপৰ কালিমা তুমিয়েই দিলা
অসীম অনন্ত বিশ্ব জগতত
দেখালা পঞ্চ ভূতৰ লীল৷।

পাপৰ ছাঁয়াটি ঘূৰি দিনে ৰাতি
আবৰি ধৰিছে মৰত ভূমি
মানুহে তোমাক ক্ষমিছে দেৱতা
মানুহকো দেৱ ক্ষমিবা তুমি।

তুমি যদি মোক সৰজিলা নিজে
কৰিম কিয়নো পাপক ভয়
তোমাৰ অসীম কৰুণা গুণত
হ'ব পাপ তাপ সকলে৷ লয়।

তোমাৰ নামৰ আলোক শিখাই
উজলাই যদি হিয়াক মোৰ
জীৱন পথত কিয় উলটিম
দেখি সমুখত আন্ধাৰ ঘোৰ।

সংসাৰ হাটত উমলি জামলি
ধুলি মাকটিৰে লেতেৰা হই
গধুলি পৰত ভাগৰি-জুগৰি
তোমাৰ ওচৰ চাপিলে মই,

জানো তুমি প্রভু হাত মেলি মোক
নিবা কাষলৈ মৰম কৰি
জীৱনৰ মোৰ পাপৰ কালিমা
ধুৱঁবা তুমিয়েই যতন কৰি।

সিদিনা সন্ধিয়া পৰৰ শেষত
অকলে উদাসী পৰাণ লই
এখুজি দুখুজি কৰি ধীৰে ধীৰে
কুমাৰৰ ঘৰ পালোঁগৈ মই।

আকাশতো জোনে নাই দিয়া দেখা
ঘৰতো কেনিও নুশুনো মাত
চাৰি কাষে মাথোঁ দেখোঁ খাপে খাপে
মাটিৰ পাত্ৰ সজোৱা তাত।

নানান গঢ়ৰ আছে পাত্ৰ তাত
দীঘল কোনোটি কোনোটি ছুটি
কোনোটি মাটিতে বাগৰি পৰিছে
কোনোটি বা আছে চাঙতে উঠি।

কথাত চহকী তাৰে দুটি এটি
কথাতে জগত কৰিব জয়
ভাবি কোনোটিয়ে আপোন কাহিনী
নেমাতি একোকে নীৰৱে ৰয়।

তাৰে এটি উঠি কয় ধীৰে ধীৰে
“নাভাব৷ মিছাতে জনম বুলি
মিছাতে কুমাৰে গঢ়া নাই হেৰা
নিজে মাটি খঁচি হাতত তুলি ।

খেলাৰ চলতে গঢ়িলে আমাক
ষিজনে অশেষ যতন কৰি
ধেমালি শেষত তেৱেঁই আমাক
সেই মাটিলৈকে ঠেলিব ধৰি ৷”

আন এটি তাৰে উঠি লাহে লাহে
হাঁহি হাঁহি মিঠা মুখেৰে কয়
"কেচুৱা ল'ৰায়ো খোৱা পাত্রটিক
অতি আদৰেৰে লগতে থয়।

যি জনে আমাক গঢ়িলে যতনে
কৰিলে কতনে৷ মনত আশ
কোনটো সতেৰে নিজ হাতে তেওঁ
নিজৰ কামৰ কৰিব নাশ।”

এই কথা শুনি নিমাত সকলো
তর্ক জাল খনি সামৰি থ'লে,
খন্তেক পাচতে নিচেই অভজা
উঠি পাত্র এটি খঙেৰে ক'লে।

“দেখি মোৰ এনে আপচু গঢ়ন
কৰে পৰিহাস সকলো মিলি
মোৰ পালতেই কঁপিছিল হাত !
দিলে দুৰ কৰি হাতেৰে ঠেলি।”

তাৰ মাজৰেই আৰু এটি উঠি
নিজকে নিজেই বৰাই কৰে
দেখোঁতে নিচেই খুদকণিমান
গপতে কিন্তু ওফন্দি পৰে।

“নোৱাৰোঁ বুজিব তর্ক জাল এনে
মিছা মাথোঁ মোৰ সময় যায়
কোননো কুমাৰে ক'ৰ মাটি আনি
কাকনো গঢ়িলে বুজোৱাঁ ভাই।”

আকৌ এটিয়ে উঠি কয় তাৰে
“সঁচা মিছা হেৰা নোৱাৰোঁ ক'ব
শুনিছোঁ সিদিনা উৰা বাতৰিটি
শেহত আমাৰ কি গতি হ'ব ৷

আপচু অভজা সকলোকে টানি
দিব নৰকত কুমাৰে ঠাই
এনুৱা নিৰ্দ্দয় হ'ব পাৰে জানো
কথাটিত মোৰ সজাত নাই।”

আনটিয়ে ক'লে “যিহকেই হওক
সেই ভাৱনাত কি লাভ মোৰ
আৰু কত দিন শুকাই থাকিম
পিয়াহতে প্রাণ পৰিব ওৰ।

সেই অতীতৰ সৰগৰ সুধা
ঢালা আজি মোৰ প্ৰাণত আহি
তাৰ পৰশতে হিয়াত দুনাই
ফুলক চেনেহ কুসুম পাহি।”

থাকোঁতে ইদৰে ইটোৱে সিটোৱে
নিজৰ কথাতে বলিয়া হই
নীল সৰ্গত মিচকি হাঁহিৰে
দিলে আহি দেখা জোনায়ে অই।

তৰ্কৰ জাউৰি কেনি উৰি গ'ল
ল’লেহি কুমাৰে পাচীত তুলি
এনেটি পৰত বিশ্বৰ হাটত
উচিত বেচত বেচিব বুলি।

জীৱনৰ শেষ হ'লে সখা মোৰ
ঢালিবা দেহত সুৰাৰ ধাৰ৷
মেৰাবা দেহাটি আঙৰ লতাৰে
সেউজীয়া পাতে-চেনেহ ভৰা।

দিবাহি সমাধি নিৰলে নিজনে
আঙুৰ কুঞ্জৰ এচুকে আনি
পথৰ পথিক আহে যদি কোনো
পেলাৰ এটোপা চকুৰ পানী।

সমাধি কাষৰ বতাহ সদায়
থাকিব মধুৰ গোন্ধেৰে পূৰ
আকুল আবেগে পথৰ পথিকে
কৰিব ইয়াতে ভাগৰ দুৰ।

পাব জীৱনত প্ৰেমৰ পৰশ
শান্তিৰে পৰাণ পৰিব ভৰি
দূৰ ভবিষ্যৰ সঙ্গীতৰ সুৰ
বাজিব জীৱন মধুৰ কৰি।

অতদিন মোৰ হিয়াৰ মাজত
যাৰ মুৰুতিৰ কৰিলো ধ্যান
যাৰ পূজাতেই ভাতদিন মই
নিজকে নিজেই কৰিলোঁ দান।

শেহত মিছাতে অখ্যাতি ওলাল
শুনে৷ চাৰিফালে কলঙ্ক ঘোৰ,
দুটি এটি মাথোঁ গানৰ সুৰেৰে
সুৰাতে সুনাম বুৰালে মোৰ।

সকলো এৰিলোঁ প্রতিজ্ঞা কৰিলোঁ
অনুতাপে হিয়া দহন কৰে,
ভাঙ্গিলোঁ পিয়লা নিজ হাতেৰেই—
দুধাৰে চকুলো বাগৰি পৰে।

কিন্তু যিদিনাই বসন্ত বতাহ
বলিলে পৰাণ বলিয়া কৰি,
ক'ৰ অনুতাপ কেনিবা লুকাল
পলাল প্রতিজ্ঞা কেনিবা উৰি।

সুৰাপায়ী বুলি জগতত মোক
কৰে অবিশ্বাস সকলো জনে,
যশ খ্যাতি মোৰ কোনে কাঢ়ি নিলে
ভাবোঁ কেতিয়াবা আপোন মনে।

নুবুজিলে কেঁৱে মৰ্ত্ত্যত সুৰাই
অনন্ত প্রেমৰ বাতৰি আনে,
সামান্য মানুহে বেচে ই অমৃত
কি লাভত হায় কোনেনো জানে?

বসন্ত বতাহ কেনি উৰি যাব
লগতে শুকাব গোলাপ কলি,
বাৰিষা আদিব পিতনি নাচিব
—জীৱন যৌৱন পৰিব ঢলি।

লুকাব কুলিৰ কোন কাননত
প্ৰেমৰ সুৱগী মধুৰ তান,
নিৰাশ প্ৰেমৰ বিষাদ ৰাগিণী
বাজিব হিয়াত- উদাস প্রাণ।

মৰুৰ মাজত তপত বালিত
বইছে শীতল নিজৰা ধাৰা,
নোহে মৰীচিকা অলীক কল্পনা
ই’যে পুণ্য বাৰি ক্লান্তি হৰ৷।

শ্ৰান্ত বাটৰুৱা যায় হেঁপাহেৰে,
ঢালাহি প্ৰেমৰ শীতল পানী,
অশান্ত মনক শান্ত কৰা প্ৰভু
তোমাৰ চেনেহ পৰশ দানি।

ভাবোঁ কেতিয়াবা কোনো দেৱতাই
ভাগ্যৰ চকৰি হাতেৰে ধৰি
থাকোতে সময় নিদিয়ে ঘুৰিব
নিয়তিৰ গতি অচল কৰি।

কেনোবা যুগত হয় যদি এনে
চলিব কি দৰে সংসাৰ লীলা,
জগতৰ গতি ৰোধ হই যাব
লগতে কালৰ কুটীল খেল৷!

 

প্রিয়তম মোৰ, দুয়ো যদি মিলি
বিধাতাৰ সতে মন্ত্ৰণা কৰি
পাৰিলোঁ হেতেন ৰচিব এখনি
নতুন জগত কল্পনা ভৰি,

নতুন জেউতি সাদৰে সাবটি
কৰিলোঁ হেতেন পুৰণা দূৰ;
শান্তিৰ শীতল সমীৰে উলাহে
বজালে হেতেন মুক্তিৰ সুৰ।

প্ৰাণ প্ৰিয় মোৰ শৰতৰ জোন
হৃদয় আকাশ উজল কৰা
পাতৰ মাজেদি আৰু এটি জোনে
চোৱাছোঁ ঢালিছে অমিয়৷ ধাৰা।

যিদিনা তোমাৰ প্ৰাণৰ (অপঠনীয় )
দূৰ অসীমত মিলিব গই
কাকনো এনুৱা ৰূপহী হাঁহিৰে
আহি মোৰ জোনে চাবহি অই।

যিদিনা আকৌ লগৰী লগত
মিলন কুঞ্জত মিলিবাঁ আহি,
দূৰ আকাশৰ তৰাটিৰ দৰে
মিলন সভাৰ মাজত বহি।

বোৱাবাঁ এবাৰ অমৃত নিজৰা
সমাধিৰ মোৰ কাষত গই,
চিৰ সখা মোৰ কৰিবা তৰ্পণ
সুৰাৰ পিয়ল৷ হাতত লই।