এক ব্যৰ্থ যাত্ৰা/এক ব্যৰ্থ যাত্ৰা
এক ব্যৰ্থ যাত্ৰা
ৰাতিপুৱাৰ সময়। প্লেটফৰ্মত মানুহৰ ভিৰ কম ...। নিৰ্ধাৰিত সময়তকৈ
আধাঘণ্টা পলমকৈ উপস্থিত হোৱা ৰেলগাড়ীখনৰ ভিতৰলৈ প্ৰৱেশ কৰিলো।
প্লেটফৰ্মৰ দৰে ৰেলগাড়ীখনৰ ভিতৰতো মানুহৰ সংখ্যা কম। ডবাটোৰ ভিতৰত
প্ৰৱেশ কৰোঁতে তাত কেৱল এজন যাত্ৰীহে বহি থকা দেখা পালো। ভৰিৰ ওচৰতে
নিজৰ বেগ দুটা ৰাখি মানুহজন মগ্ন আছিল খিৰিকীৰ সিপাৰৰ পৃথিৱীখনত। মই
সমুখত গৈ বহোঁতে এক মুহূৰ্তৰ বাবে মোৰ ফালে চাই পুনৰ বাহিৰলৈ চাব ধৰিলে।
মানুহজনৰ চেহেৰাৰ প্ৰতিটো ভাবতে হতাশা প্ৰতিফলিত হোৱা লক্ষ্য কৰিলো।
ষ্টেচনৰ পৰা আঁতৰি যোৱাৰ লগে লগে ৰেলখনৰ গতি বৃদ্ধি হ’ল।
সময়খিনি পাৰ কৰাৰ উদ্দেশ্যেৰে বেগত থকা বাতৰি কাকতখন মেলি ল’লো
চকুৰ সমুখত। দৃষ্টি পৰিল প্ৰথম পৃষ্ঠাত প্ৰকাশ পোৱা এক বিশেষ খবৰত।
“ধাৰাবাহিক হত্যাকাণ্ড অব্যাহত। বিফল আৰক্ষী বিষয়াৰ পদত্যাগ।”
যোৱা কেইবাটাও মাহ ধৰি বিভিন্ন সময়ত এই ধৰণৰ খবৰে বাতৰিৰ
শিৰোনাম দখল কৰি আহিছিল। এটা এটাকৈ তেইশটা হত্যাকাণ্ড সংঘটিত কৰাৰ
পাছতো আৰক্ষীৰ হাতত কোনো শুংসূত্ৰ নাই হত্যাকাৰীৰ। আৰক্ষীৰ ব্যৰ্থতাৰ
ফলস্বৰূপে চৰকাৰ, সংবাদমাধ্যম আৰু চহৰখনৰ ৰাইজে যি বিপুল প্ৰতিবাদ কৰি
আহিছিল তাৰ চাপ সহিব নোৱাৰি আৰক্ষী বিষয়া বিজয় বৰ্মনে পদত্যাগ কৰে।
খবৰটোৰ সোঁ মাজতে প্ৰকাশ পাইছিল বিজয় বৰ্মনৰ আৰক্ষীৰ সাজত তোলা
এখন ফটো। বাতৰি কাকতখন চকুৰ আগৰ পৰা আঁতৰাই একেটা চেহেৰাকে
দেখা পালো সমুখত। নাছিল কেৱল দেহত আৰক্ষীৰ পোছাক।
: আপুনিয়েই বিজয় বৰ্মন নহয় জানো– বাতৰি কাকতখনৰ ফালে
আঙুলিয়াই সুধিলো।
: হয়। মোৰফালে নোচোৱাকৈয়ে মানুহজনে উত্তৰ দিলে।
: মোৰ নাম কৌশিক, কৌশিক হাজৰিকা।– কৰমৰ্দন কৰাৰ উদ্দেশ্যেৰে হাতখন আগবঢ়ালো তেওঁৰ দিশত। পিছে সঁহাৰি নাপালো। অলপ সময়ৰ বাবে
পুনৰ নিৰৱতা বিৰাজ কৰিলে ডবাটোৰ ভিতৰত।
: কথা এটা কওঁ বেয়া নাপাব। কিন্তু আপোনাৰ দৰে দায়িত্বশীল মানুহ
এজনে এইদৰে পলায়ণ কৰিলে হত্যাকাৰীৰ সাহস বৃদ্ধি নহ'ব জানো?
: ইমানবোৰ মানুহ মৰাৰ পাছতো তাৰ সাহস কম বুলি কোনে ক'লে
তোমাক? (এটা হুমুনিয়াহ কাঢ়ি) ... মনে মনে হত্যাকাৰীৰ প্ৰশংসা কৰিবলৈ মন
যায়। হত্যা কৰাটো যদি কলাৰ ভিতৰত পৰে তেন্তে সি এক পাকৈত শিল্পী।
অন্যভাৱে ক'ব গ'লে মানুহ মৰাটো তাৰ হবি।
: কিন্তু মই শুনামতে আপুনি আপোনাৰ কৰ্মজীৱনত এনেধৰণৰ বহুতো
কেচৰ পৰা ৰহস্য আঁতৰাইছে, তেনেহ'লে এই ক্ষেত্ৰতনো আপুনি কিয় ব্যৰ্থ হ’ল
বুলি ভাবে?
: সকলো ব্যৰ্থতাৰ মূলতে এটা অভাৱ থাকে। মই পূৰ্বতে অনুসন্ধান
কৰা প্ৰতিটো হত্যা বা হত্যাৰ প্ৰচেষ্টাৰ আঁৰত তেনে কৰাৰ এক উদ্দেশ্য আছিল।
কেতিয়াবা সেই উদ্দেশ্য হয় ঘৰুৱা কন্দল, কেতিয়াবা অপমান, অবৈধ সম্পৰ্ক
পৰিণতি নাইবা অন্য এটা অপৰাধ লুকুৱাবৰ বাবে। কিন্তু একেলেথাৰিকৈ সংঘটিত
হোৱা যোৱা তেইশটা হত্যাৰ আঁৰত কোনো উদ্দেশ্য নাছিল বা বিচাৰি পোৱাত
মই ব্যৰ্থ হৈছো। হত্যাকাৰীটোৰ বলি হোৱা এজন মানুহৰ সৈতে অন্য এজন
মানুহৰ কোনো ধৰণৰ সম্পৰ্কই নাই, নাই কোনো ধৰণৰ মিল। মোৰ মতে সি
উদ্দেশ্যহীনভাৱে মানুহৰ ভিৰৰ মাজৰ পৰা এজনক বাচি উলিয়াই আৰু হত্যা
কৰে।
: বেচ আমোদজনক, পিছে এতিয়া কি কৰিম বুলি ভাবিছে?
: এই ৰেলখনৰ অন্তিম ষ্টেচনটোৰ ওচৰৰে বকুলপুৰ নামৰ অঞ্চলত
মোৰ প্ৰকৃত ঘৰ। সেই ঘৰতে মোৰ পত্নী পুত্ৰসন্তান দুটাৰ সৈতে থাকে। জীৱনৰ
বাকী থকা দিনকেইটা সিহঁতৰ সৈতে ভালদৰে কটাওঁ বুলি ভাবিছো। এনেও
পৰিয়ালক সময় দিব নোৱাৰো বুলি পত্নীয়ে আপত্তি কৰি থাকে।
জানিবৰ মন গৈছিল তেওঁৰ পদত্যাগৰ সিদ্ধান্তই তেওঁৰ সন্তান দুটাৰ
ওপৰত কি দৰে প্ৰভাৱ পেলাব সেই কথা। পিছে মনতে সাঁচি থ’লো সেই ভাৱ।
তাৰ পিছৰ কেইটামান মুহূৰ্ত নিৰৱতাৰে পাৰ কৰিলো দুয়ো। শুকান নৰাৰে হালধীয়া
হৈ থকা পথাৰখনৰ কাষেৰে ৰেলখন আগবাঢ়িল। বেগৰ পৰা ফ্লাক্সটো বাহিৰ কৰি প্লাষ্টিকৰ গ্লাচ দুটাত দুকাপ চাহ বাকিলো।
: চাহ লওক।
: ধন্যবাদ।– চাহ কাপ হাতত লৈ তেখেতে ক'লে।
: পিছে তোমাৰ বিষয়ে কোৱাচোন ডেকা ল'ৰা। চাকৰি কৰানে ক'ৰবাত?
: হয় মই বেংক এটাত কাম কৰো।
: এতিয়া পিছে ক'লৈ গৈ আছা? ঘৰলৈ?
: সেই সৌভাগ্য মোৰ নাই। সৰু থাকোতেই মা দেউতাৰ আশ্ৰয়
হেৰাইছিল। তাৰ পাছত অনাথ আশ্ৰম এটাতে ডাঙৰ দীঘল হোৱা।
: কি হৈছিল তেওঁলোকৰ?
: সেই বিষয়ে চমুকৈ ক’বলৈ অসুবিধা। অৱশ্যে আমাৰ হাতত সময়
বহুত আছে, গতিকে মই বিস্তাৰকৈয়ে কৈছো।... দেউতাই এটা বেচৰকাৰী
কোম্পানীত চাকৰি কৰিছিল। দৰমহাৰ টকা কেইটাই আছিল আমাৰ একমাত্ৰ
আৰ্থিক ভৰষা। মই তেতিয়া ক্লাচ ছেভেনত পঢ়ি আছিলো। কোম্পানীত হোৱা
টকাৰ খেলিমেলিৰ বাবে দেউতাকে জগৰীয়া কৰিছিল মালিকে আৰু তাৰ পিছত
চাকৰিৰ পৰা খেদি দিছিল। ঘৰত মাৰ আগত কোৱামতে তেওঁ দোষী নাছিল।
কিন্তু তাৰ প্ৰতিবাদ কৰাৰ বিপৰীতে তেওঁ নিজকে পৃথিৱীখনৰ পৰা পৃথক কৰিহে
চেষ্টা কৰিব ধৰিলে। অন্য মানুহে তেওঁক দেখাৰ লাজত দেউতা দিনটো ঘৰতে
সোমাই থকা হ’ল। মোক ধমকি দি মদৰ বটল কিনিবলৈ পঠাইছিল বহুদ্বাৰ। লাহে
লাহে ঘৰখনৰ অৱস্থা বেয়াৰ পিনে ঢাল খাবলৈ ধৰিলে, মোক দুবেলা দুসাজ
খুৱাবলৈও মায়ে চিন্তা কৰিব লগীয়া হ'ল। অৱশেষত মায়ে টকা উপাৰ্জনৰ বাবে
অন্য মানুহৰ ঘৰত কাম কৰিব ধৰিলে, মাৰ সেই অৱস্থা দেখি মই সদায় মনে মনে
চকুলো টুকিছিলো। অন্যহাতে দেউতাৰো অৱস্থা বেয়া হ'বলৈ ধৰিলে। সৰু সৰু
কথাতে তেওঁ মাৰ ওপৰত হাত উঠোৱা আৰম্ভ কৰিছিল। মায়ে যি কেইটা টকা
উপাৰ্জন কৰি আনিছিল সেইকেইটাও দেউতাই কাঢ়ি লৈ মদৰ বটল কিনি
আনিছিলগৈ। তেনে অৱস্থাত ঘৰখন চলোৱাটো মাৰ বাবে অসহ্যকৰ হৈ পৰিছিল।
ফলত এৰাতি...
: মোৰ হাতত গাখীৰ এগিলাছ দি মায়ে মই আৰু মা শুৱা বিচনাখনত
আঁঠুৱা লগোৱাৰ চেষ্টা কৰিলে। কিন্তু ভাগৰত থিয় হৈ থাকোতে মাৰ চকুহাল
জাপ খাই যোৱাৰ উপক্ৰম কৰিলে।
মা তই শু, মই আঁঠুৱা লগাম দে।– গাখীৰ গিলাছ টেবুলতে থৈ মই ক'লো।
লগে লগে মোৰ বহুত ভাগৰ লাগিছে বুলি কৈ মা বিচনাত ঢলি পৰিল। আঠুৱাখন লগোৱাৰ পাছত গাখীৰ গিলাছ নোখোৱাকৈয়ে মইও শুই পৰিলো।
ৰাতিপুৱা পোহৰ হোৱাৰ আগতেই শুই উঠাটো মাৰ অভ্যাস। সেইদিনা
কিন্তু তেনে হোৱা নাছিল। মা তোৰ গা বেয়া নেকি? মই সুধিলো, কিন্তু কোনো
সহাঁৰি নেপালো।
মা।– বুলি পুনৰ মাতি যেতিয়া মাৰ মুখখন মোৰফালে ঘূৰাই দিলো,
তেতিয়া দেখা পালো মাৰ মুখেদি উলাই অহা ফেনবোৰ। মই চিঞৰ বাখৰ কৰাত
ওচৰে পাজৰে থকা বহুতো মানুহ আহি আমাৰ ঘৰত গোট খালেহি। অলপ পাছত
ডাক্টৰো আহিল, পাছে পাছে পুলিচো পালেহি। গম পোৱা গ'ল যে আগৰাতি
মায়ে শুৱাৰ আগে আগে বিহ খাইছিল। পাছত পৰীক্ষা কৰি গম পোৱা গ'ল যে
মায়ে মোক খাবলৈ দিয়া গাখীৰ গিলাচতো আছিল সেই বিহৰ অংশ।
অ’ মাই গড, আৰু তোমাৰ দেউতা?
মৰিশালিত মাৰ শৰীৰটোত যেতিয়া জুই দিয়া হৈছিল, তেতিয়া কোনো
কথা নোহোৱাকৈয়ে দেউতাই খুব জোৰেৰে হাঁহিব ধৰিলে। সেইদিনাৰ পৰা
দেউতা ঘৰলৈও নহা হ'ল। দিন ৰাতি ৰাষ্টাৰ কাষৰ ফুটপাথতে তেওঁ কটাব
ধৰিলে। কোনোবাই দেউতাৰ কাষ চাপিব ধৰিলে শিলগুটি দলিয়াই আক্ৰমণ
কৰিছিল তেওঁ। মোৰ ভৱিষ্যতৰ কথা চিন্তা কৰি ঘৰৰ ওচৰৰে খুৰা এজনে
মোক অনাথ আশ্ৰম এটাত থৈ আহিলেগৈ। তাৰ পিছত দেউতাৰ কি হ’ল মই
একো নেজানো আৰু কোনোদিনে জনাৰ চেষ্টাও কৰা নাই৷ তাৰ পিছৰ বহুকেইটা
বছৰ মই অনাথ আশ্ৰমতে কটালো। শিক্ষা শেষ হোৱাৰ পাছত ভগবানৰ কৃপাত
চাকৰি এটাও পালো। সকলো সাধাৰণভাবেই চলি আছিল জীৱনত।
সেইদিনটোলৈকে...... সন্ধিয়া কামৰ পৰা আহি থাকোতে বাটতে বৰষুণে পালে।
বৰষুণৰ পৰা বাচিবলৈ আৰু কামৰ ভাগৰ মৰাৰ উদ্দেশ্যেৰে ওচৰতে থকা বাৰ
এখনত প্ৰবেশ কৰিলো।
কি দিম? ৱেটাৰজনে মেনুখন আগবঢ়ালে।
ঠাণ্ডা বীয়েৰ এটা দিয়া।
বাৰৰ ভিতৰৰ মাদকীয় পৰিবেশৰ মাজত অলপসময় কটোৱাৰ পাছত মানুহ এজনৰ উচ্চ স্বৰত কোৱা শব্দ কিছুমান আহি কাণত পৰিলেহি।
: চাৰ, আপোনাৰ ভালৰ বাবেই কৈছো।
: মোৰ ভাল মাই ফুট। পুনৰ কোনোদিনে নাহো তহঁতৰ থাৰ্ড ক্লাচ
বাৰত, ইউ বাস্তাৰ্ড।– বুলি কৈ মানুহজন ঢলং পলংকৈ ওলাই গ'ল। কিয় জানো
মানুহজনৰ সেই অৱস্থাৰ কাৰণ জানিবৰ খুব ইচ্ছা হৈছিল মনত।
: কোন আছিল এই মানুহজন? ৱেটাৰজনক সুধিলো।
: নামটো সম্পূৰ্ণকৈ নাজানো, মিঃ চৌধুৰী বুলিয়েই জানো। পেছাত
তেখেত এজন কম্পিউটাৰ ইঞ্জিনিয়াৰ।
: পিছে ইমানকৈ মদ খোৱাৰ কোনো বিশেষ কাৰণ?
: আছে, দুসপ্তাহ আগতে তেখেতৰ পত্নী আন কাৰোবাৰ সৈতে পলাই
গুচি গ'ল। তাৰ পিছৰপৰাই তেওঁ সকলো কাম কাজ বাদ দি বাৰতে বহি থাকেহি।
শুনিছো তেখেতৰ ল'ৰা-ছোৱালী এহালো আছে হেনো। সিহঁতৰ যে কি হ'ব
ভগৱানেহে জানে।
: হ’ব দিয়া। এতিয়া মোৰ বিলখন বনাই দিয়াচোন।
ৱেটাৰজনৰ মুখৰ পৰা মানুহজনৰ বিষয়ে জনাৰ পাছত কিছুমান
বিশৃংখলভাৱে মনটো ভৰাই পেলালে। আগতে কোনোদিনে তেনেধৰণৰ অনুভৱ
মোৰ হোৱা নাছিল। লাহে লাহে সেই ভাৱসমূহে কণ্ডৰ ৰূপ ধাৰণ কৰিলে।
সেই মুহূৰ্তত মনত পৰিছিল মৃত্যুৰ পাছত বগা হৈ পৰা মাৰ মুখখন, মনত
পৰিছিল অনাথ হৈ অনুভৱ কৰা সকলো দুখ কষ্ট, মনত পৰিছিল কিদৰে মোৰ
নিজ মাতৃয়ে মোক মাৰি পেলোৱাৰ চেষ্টা কৰিছিল। আৰু এই সকলো
হৈছিল কেৱল মাত্ৰ দেউতাই নিজৰ ব্যৰ্থতা স্বীকাৰ কৰি জীৱনত হাৰ মানি
লোৱাৰ বাবে।
ৱেটাৰজনক টকাটো দি বাৰখনৰ বাহিৰলৈ ওলাই আহিলো। অলপ দূৰ
খোজ কঢ়াৰ পাছত বাৰত দেখা পোৱা মানুহজনক বিদ্যুতৰ খুটা এটাত আঁউজি
শুই থকা চকুত পৰিল,
: আপোনাক সহায়ৰ প্ৰয়োজন।- মানুহজনৰ কাষলৈ গৈ হাতখন
আগবঢ়ালো,
: হু? কোন? কষ্টৰে চকুহাল মেলি মানুহজনে ক'লে।
: বলক মই ঘৰত থৈ আহিছো। বুলি কৈ মানুহজনক থিয় কৰালো।
:অলপ দূৰৈত থকা নিজান ঠাইডোখৰলৈ লৈ গ’লো তেওঁক।
: আপুনি জানেনে অনাথ হৈ জীয়াই থকাটো কিমান কষ্টকৰ?
: নেজানো ... কিয়? - মানুহজনে ক'লে।
: আপুনি জানেনে যেতিয়া নিজ মাতৃয়ে সন্তানক মাৰি পেলোৱাৰ চেষ্টা কৰে তেতিয়া কেনে অনুভৱ হয়?
: কি বকি আছা? পাগল নেকি তুমি?
: কিছুমান মানুহে জীৱনৰ মূল্য বুজি নাপায়, মোৰ মতে তেনে মানুহৰ জীয়াই থকাৰ কোনো অধিকাৰ নাই।
: কি ...?
মদৰ নিচাত দুৰ্বল হৈ থকা মানুহজনৰ ডিঙিটো চেপি ধৰিলো, লাহে লাহে তেওঁৰ চকুযুৰি বহল হৈ পৰিল আৰু তাৰ পিছত জাপ খাই গ'ল চিৰদিনৰ বাবে।
কথাবোৰ শুনাৰ পাছত বিজয় বৰ্মনে অলপ সময় একেথৰে চাই ৰ’ল মোৰ চকুলৈ।
:মানুহজনৰ সম্পূৰ্ণ নাম আছিল বিক্ৰমজিত চৌধুৰী। তাৰিখ ৫ অক্টোবৰ, ২০০৮৷ সময় ৰাতি ৮-৩০ বজা। (অলপ ৰৈ) ... তেন্তে সেই হত্যাকাৰীজন তুমিয়েই? - গহীন সুৰত বৰ্মনে ক’লে।
: হয়, যেতিয়াই মই বিক্ৰমজিত চৌধুৰী বা মোৰ দেউতাৰ দৰে জীৱনৰ পৰা নিৰাশ হৈ পৰা মানুহ দেখা পাওঁ তেতিয়াই মোৰ মনটো খঙেৰে উপচি পৰে, মনত পৰে মোৰ মালৈ। মনত পৰে টেবুলত থৈ দিয়া গাখীৰ গিলাছলৈ। যেতিয়ালৈকে মই সেই মানুহজনক শাস্তি নিদিওঁ তেতিয়ালৈকে মই শান্তি নাপাওঁ। উদাহৰণস্বৰূপে টেলিভিছনত কালি আপোনাৰ পদত্যাগৰ খবৰ দেখাৰ পাছত মই ৰাতি শুব নোৱাৰিলো। এইখন ৰেলগাড়ীত আপুনি টিকট কৰা গম পোৱাৰ পাছত ৰাতিপুৱা ৫ বজাৰে পৰাই মই অপেক্ষা কৰি আছোহি প্লেটফৰ্মত।
: ইউ বাষ্টাৰ্ড।-বুলি চিঞৰি তেওঁ মোৰ গালৈ জপিওৱাৰ চেষ্টা কৰিলে কিন্তু বিফল হৈ চিটৰ পৰা বাগৰি পৰিল।
: মোৰ কি হৈছে? ... মোৰ হাত ভৰিবোৰ লৰচৰ হোৱা নাই কিয়?
: চাহ কাপত বিহ আছিল আৰু খুব বেছি ৫ মিনিট।
: চাহটো দুয়োজনেই খাইছি...লো।
:অহ, ছৰি। মই একদম পাহৰি গ'লো খাবলৈ, ভেৰি ছৰি।-
মিচিকিয়া হাঁহি এটা মুখত লৈ ক'লো। অলপ সময়ৰ পাছত বৰ্মন কথা পতাৰ অৱস্থাত নাথাকিল। পিছৰটো ষ্টেচনত গাড়ীখন ৰখোৱাৰ লগে লগে নামি গ’লো ডবাটোৰ পৰা। লগে লগে এক চিনাকি শান্তিৰ ভাৱে চুই গ'ল মোৰ মন।