এক ব্যৰ্থ যাত্ৰা/এক নতুন আৰম্ভণি
এক নতুন আৰম্ভণি
সকলো শেষ হৈ গ'ল। অতবোৰ আশা, অতবোৰ সপোন ধূলিস্যাৎ হৈ এটা বিকল যন্ত্ৰৰ ৰূপত পৰি আছিল চকুৰ সন্মুখত। যোৱা বাইছ বছৰ দিন ৰাতি একাকাৰ কৰি গৱেষণা কৰাৰ অন্তত আজি হাৰ মানিলে পদাৰ্থ বিজ্ঞানী ড° অনিমেষ বৰাই। কেৱল এই গৱেষণাটোৰ বাবেই কি কি ঘটা নাছিল যোৱা কেইবছৰত তেওঁৰ সৈতে। পাগল বুলি কৈ তেওঁক চাকৰিৰ পৰা বৰ্খাস্ত কৰা হ'ল, পুত্ৰ সন্তানটি লগত লৈ পত্নীও গুচি গ'ল তেওঁক এৰি থৈ। কিন্তু ব্যক্তিগত জীৱনৰ সকলো সমস্যাকে আওকাণ কৰি তেওঁ কেৱল মনোনিৱেশ কৰি গৈছিল নিজৰ গৱেষণাৰ কামত। ড° বৰাই সদায় বিশ্বাস কৰিছিল যে তেওঁক পাগল বুলি আখ্যা দিয়া প্ৰত্যেকজন মানুহেই এদিন তেওঁক সন্মানৰ চকুৰে চাব। কিন্তু ড° বৰাৰ সেই বিশ্বাস আজি ভাঙি গ'ল। হয়তো মানুহবোৰে ঠিকেই কৈছিল, তেওঁ সঁচাকৈয়ে এটা পাগল।
স্কুলত পঢ়ি থকাৰ সময়তে ড° বৰাই এইচ্ জি ৱেলচ্ৰ ‘দা টাইম মেচিন’
নামৰ কিতাপখন পঢ়িছিল। সৰুৰে পৰা পদাৰ্থ বিজ্ঞানৰ প্ৰতি ৰাপ থকা বৰাৰ
মনত তেতিয়াই জন্ম হৈছিল এটা টাইম মেচিনৰ কল্পনা। যাৰ জৰিয়তে সময়
নিয়ন্ত্ৰণ কৰিব পৰা যাব, যাৰ আৱিষ্কাৰৰ পাছত অতীত বৰ্তমান আৰু ভৱিষ্যতৰ
মাজত কোনো পাৰ্থক্য নাথাকিব, ইচ্ছা কৰিলেই অতীতলৈ ঘূৰি গৈ সলনি কৰিব
পৰা যাব বৰ্তমান নাইবা আগতীয়াকৈয়ে পোৱা যাব ভৱিষ্যতৰ জাননী,
কিছুমান সপোন মনত কঢ়িয়াই ড° বৰা সোমাই পৰিছিল পদাৰ্থ বিজ্ঞানৰ জগতত।
পদাৰ্থ বিজ্ঞানত ডক্টৰেট ডিগ্ৰী লাভ কৰাৰ পাছত ঘৰৰ বাৰীতে সাজি ল'লে এটা
বিশাল গৱেষণাগাৰ আৰু আৰম্ভ কৰিলে তেওঁৰ সপোনটোক বাস্তৱ ৰূপ দিয়াৰ
প্ৰচেষ্টা। কিন্তু আজি বাইশ বছৰৰ গৱেষণাৰ পাছতো তেওঁ হতাশাৰ বাহিৰে অন্য
একো নাপালে। তেওঁৰ সকলো ধাৰণাই ভুল প্ৰমাণিত হ’ল। সময় নিৰন্তৰ গতিশীল,
সময় মনুষ্যৰ নিয়ন্ত্ৰণৰ বাহিৰত, অৱশেষত তেওঁ মানি ল'লে সেই কথা।
হতাশ মনেৰে তেওঁ গৱেষণাগাৰটোৰ চৌদিশে চালে এবাৰ। সেই সৰু কোঠাটোতেই যেন আবদ্ধ তেওঁৰ পৃথিৱীখন। তাত পৰি থকা নিৰ্জীৱ যন্ত্ৰ
পাতিবোৰেই যেন তেওঁৰ বন্ধু। মনত পৰিছিল তেওঁৰ পত্নীয়ে ঘৰখন এৰি যাবৰ
সময়ত কোৱা কথাষাৰ, —“তুমি ইয়াতে মৰি গেলি পচি যাবা আৰু কোনেও
গমেই নাপাব।” এটা ডাঙৰ ভুলৰ বাহিৰে অন্য একো নহয় তেওঁৰ জীৱনটো, ড°
বৰাই অনুভৱ কৰিলে। কিন্তু এতিয়াও সময় আছে নিজকে সলনি কৰাৰ বাবে।
তেওঁ থিৰাং কৰিলে যে জীৱনৰ বাকীছোৱা সময় তেওঁ সাধাৰণ মানুহ এজনৰ
দৰেই অতিবাহিত কৰিব। নতুন বন্ধু গঢ়িব, পত্নী আৰু পুত্ৰক ঘৰলৈ ওভতাই
আনিব। মনত এনে ধৰণৰ সংকল্প লৈ গৱেষণাগাৰটোৰ দুৱাৰত এটা ডাঙৰ তলা
লগাই দিলে। সেইখন দুৱাৰ পুনৰ কোনোদিনে নোখোলোঁ বুলি ভাবি ড° বৰা
নিজৰ শুৱনী কোঠাটোলৈ আহিলে। কোঠাটোৰ ওপৰছোৱাত মকৰাই এখন সাম্ৰাজ্য
গঢ়ি তুলিছিল। মজিয়াত পৰি আছিল বিভিন্ন ধৰণৰ আৱৰ্জনা। বিচনাখনৰ ওপৰত
কাপোৰৰ দম। কোঠাটোৰ এটা চুকত থকা দাপোণখনত নিজৰ চেহেৰাটো সন্ধান
কৰাৰ চেষ্টা কৰিলে ড০ বৰাই। ডাঢ়ি আৰু চুলিৰ অৰণ্য এখনৰ মাজত লুকাই
পৰিছে চাল মঙহৰ চেহেৰাটো। দাপোণখনৰ কাষতে আছিল ড° বৰাৰ পুত্ৰ
দীপাংকৰৰ ফটো এখন। মনত পৰিছিল দীপাংকৰৰ সৈতে কটোৱা মুহূৰ্তবোৰৰ
কথা। ৰজা ৰাণীৰ সাধুৰ বিপৰীতে দীপাংকৰে শুনিছিল বিজ্ঞানৰ সাধু। দীপাংকৰে
সদায় বিশ্বাস কৰিছিল যে তাৰ দেউতাকে এদিন এটা টাইম মেচিন সাজি উলিয়াব।
ঘৰৰ সমুখৰ দোকানখনৰ পৰা এটা ঝাড়ু, এটুকুৰা চাবোন, এখন দাঢ়ি কটা ব্লেড
আদি সামগ্ৰী কিছু কিনি আনি ড° বৰাই ঘৰখনৰ লগতে নিজকো এক নতুন ৰূপ
দিয়াৰ চেষ্টা কৰিলে।কাম শেষ কৰি দেহটো এযোৰ চফা কাপোৰেৰে ঢাকি ঘৰৰ
বাহিৰলৈ ওলাই আহিল তেওঁ। পৃথক দৃষ্টিভংগীৰে পৃথিৱীখন চোৱাৰ চেষ্টা কৰিলে
ড° বৰাই। অলপদূৰ খোজ কঢ়াৰ পাছত বৰা উপস্থিত হ'লহি এখন পাৰ্কৰ সমুখত।
পাৰ্কৰ ভিতৰত দেউতাকৰ সৈতে খেলি থকা সৰু ল'ৰা এটা দেখা পায় তেওঁৰ
নিজৰ পুতেকলৈ মনত পৰিছিল। দুবছৰৰ আগতে যিদিনা শেষবাৰৰ বাবে
দীপাংকৰক তেওঁ দেখিছিল সেইদিনা তাৰ অষ্টম জন্মদিন আছিল। হাতত কেকৰ
টোপোলা এটা লৈ সি ৰাতিপুৱাই ঘৰলৈ আহিছিল সেইদিনা। দিনটো দেউতাকৰ
লগত কটোৱাৰ পাছত সন্ধিয়া মোমায়েকে নিবলৈ আহোঁতে খুব কান্দিছিল সৰু
ল’ৰাটোৱে। তাৰ কান্দি থকা চেহেৰাটো মনলৈ ভাহি অহাত ড° বৰাৰ চকুহালো
সেমেকি পৰিল। দীপাংকৰ আৰু তাৰ মাকক ঘৰলৈ ওভতাই অনাৰ উদ্দেশ্যেৰে পুনৰ আগবাঢ়িল তেওঁ। কিন্তু অলপ দূৰ আগবঢ়াৰ পাছতেই তেওঁ অনুভৱ কৰিলে যে এজন ডেকা লৰাই তেওঁক অনুসৰণ কৰি আছে।
:অলপ ৰবচোন। - পাছফালৰ পৰা ডেকা ল'ৰাজনে মাত লগালে।
যুৱকজন অচিনাকী আছিল যদিও ড° বৰাৰ এনে অনুভৱ হৈছিল যেন তেওঁ সেই
চেহেৰাটো আগতেও দেখা পাইছে।
: দেউতা মই দীপাংকৰ, ইঅ'ৰ চন।
যুৱকজনৰ কথা শুনি বৰাই আচৰিত হৈ চালে দীপাংকৰৰ সৈতে বহু
মিল আছিল ল’ৰাজনৰ চেহেৰাৰ কিন্তু.....।
: হ’বই নোৱাৰে। মোৰ লৰাটো বহু সৰু হৈ আছে। তাৰ বয়স ষোল্ল বছৰৰ অধিক হোৱা নাই। যদিও দুবছৰৰ ধৰি মই তাক দেখা নাই তথাপিতো দুবছৰত সি ইমান ডাঙৰ হ'ব নোৱাৰে। সঁচা কথা কোৱা, কোন তুমি?
: বিশ্বাস কৰা দেউতা, মই দীপাংকৰেই আৰু মোৰ বৰ্তমান বয়স আঠাইছ
বছৰ।
: দেটচ নট পছিবল,
: তুমি মোৰ লগত আহাঁচোন বুলি কৈ যুৱকজনে ড° বৰাক জোপোহা
এটাৰ পাছফালে লৈ গ'ল। তাত থিয় হৈ আছিল তেওঁৰ গৱেষণাগাৰত এৰি থৈ
অহা যন্ত্ৰটোৰ সদৃশ এটা যন্ত্ৰ, পাৰ্থক্য বেছি নাছিল।
: এইটোতো ...ড° বৰাই ক'ব খুজিলে,
: ঠিকেই ভাবিছা। এইটো তুমি নিৰ্মাণ কৰা যন্ত্ৰটোৱেই। তোমাৰ মৃত্যুৰ
পাছত যোৱা বাৰ বছৰ ধৰি মই তোমাৰ গৱেষণাবোৰ অধ্যয়ন কৰিলো। বহুবাৰ
বিফল হোৱাৰ পাছত অৱশেষত মই সফলতা পালো।
: কিন্তু মোৰ মৃত্যুৰ পাছত মানে?
উত্তৰ দিয়াৰ আগেয়ে দীপাংকৰে এটা হুমুনিয়াহ কাঢ়িলে,
: মই তাকে সলনি কৰিবলৈ উভতি আহিছো দেউতা, মই নহা হ'লে
এতিয়া তুমি মোক আৰু মাক লগ কৰিবলৈ গ'লাহেঁতেন। কিন্তু তুমি বহুত বুজোৱাৰ
পাছতো মা তোমাৰ লগত আহিবলৈ মান্তি নহ’ল। তাৰ পাছত তুমি নিৰাশ মনেৰে
ঘৰলৈ উভতি আহিবা। পাছত যেতিয়া তুমি তোমাৰ ওচৰ চুবুৰিয়া মানুহৰ সৈতে
কথা পতাৰ চেষ্টা কৰিবা, তেতিয়া তেওঁলোকে পাগল বুলি কৈ তোমাক উপলুঙাহে
কৰিব। ফলত তুমি আৰু নিৰাশ হৈ পৰিব। আৰু আজিৰ পৰা ঠিক এসপ্তাহ মই সময়ৰ পাছত তুমি আত্মহত্যাৰ পথ বাছি লবা।
: আত্মহত্যা?– ড° বৰাই আচৰিত হৈ প্ৰশ্ন কৰিলে।
: এইখন তুমি আত্মহত্যা কৰাৰ আগে আগে লিখা চিঠি। তোমাৰ শেষ
চিহ্ন হিচাপে সাঁচি ৰাখিছিলো মই বুলি কৈ দীপাংকৰে জেপৰ পৰা উলিয়াই বৰাৰ
হাতত তুলি দিলে এটুকুৰা পুৰণা কাগজ।
: এতিয়াও ভালদৰে মনত আছে চিলিংফেনত তোমাৰ দেহাটো ওলমি
থকা সেই ভয়ানক দৃশ্য। কান্দি কান্দি দুৰ্বল হৈ পৰিছিলো মই সেইদিনা। মায়েও
খুব কান্দিছিল, তোমাৰ আত্মহত্যাৰ বাবে নিজকে দোষ দিছিল মায়ে।.. সেইদিনাই
মই থিৰাং কৰিছিলো যে তোমাৰ আধৰুৱা সপোনটো মই সম্পূৰ্ণ কৰিম।
: (অলপ ৰৈ) কিন্তু এটা ডাঙৰ সমস্যা আছিল।
: কি সমস্যা?
: অতীতলৈ উভতি অহাৰ আগে আগে মই ভৱিষ্যতলৈ গৈছিলো, টাইম
মেচিনৰ আৱিষ্কাৰে মানুহৰ জীৱনত কি ধৰণৰ প্ৰভাৱ পেলাব তাকে চোৱাৰ
উদ্দেশ্যেৰে।
: আৰু কি দেখা পালা ভৱিষ্যতৰ পৃথিৱীত?
: ধ্বংস। টাইম মেচিনৰ সহায়ত মানুহে সময়ৰ সৈতে ধেমালি কৰি
থকা দেখা পালো, বাৰে বাৰে সলনি হৈ থকা দেখা পালো ঘটনাবোৰ। টাইম
মেচিনৰ আৱিষ্কাৰে অত্যাধিক জটিলতা কঢ়িয়াই আনিব পৃথিৱীলৈ। বলিয়াৰ দৰেই
হৈ পৰিব মানুহবোৰ।
: তেনেহ'লে কি কৰা উচিত দীপ? মইতো কেতিয়াও ভবা নাছিলো
এনেকুৱা কিবা এটা হ’ব বুলি।
তুমি চিন্তা নকৰিবা দেউতা এনেকুৱা একো নহয়। তুমি মাথোঁ কথা
দিয়া যে এই গৱেষণা পুনৰ কোনোদিনে আৰম্ভ নকৰো বুলি।
:মই কথা দিছো দীপ। পিছে মই এতিয়া কি কৰিব লাগিব?
: যি কৰিম বুলি ভাবিছিলা তাকেই কৰা। তোমাক লগ কৰাৰ আগতে
মই মাকো লগ কৰি আহিলো। মায়েও প্ৰথমে বিশ্বাস কৰা নাছিল। বহুত পৰ চেষ্টা
কৰিও বিশ্বাস কৰিব নোৱৰাত মাক ভৱিষ্যতলৈ লৈ গ'লো আৰু লগ কৰাই
দিলো ভৰি মাৰ সৈতে। অৱশেষত তেওঁৰ বিশ্বাস হ’ল। মোৰ ওপৰত আৰু
তোমাৰ গৱেষণাৰ ওপৰত গতিকে তুমি এতিয়া মাৰ ওচৰলৈ যোৱা। মা আৰু তোমালৈ অপক্ষো কৰি আছো।
: আই এম প্ৰাউড অৱ ইউ মাই চান।
: থেংকচ্ দেউতা।
মই পিছে যাওঁ এতিয়া। মই গৈ পোৱালৈক হয়তো ভৱিষ্যটো সলনি
হৈ পৰিব। নোহোৱা হৈ পৰিব টাইম মেচিনৰ অস্তিত্ব। থাকিম কেবল তুমি, মা
আৰু মই, একেখন ঘৰতে। এইবুলি কৈ দীপাংকৰ সোমাই গ'ল যন্ত্ৰটোৰ ভিতৰলৈ
আৰু পলকতে অন্তৰ্ধান হৈ পৰিল। ড° বৰাও আগবাঢ়িল, বৰ্তমান, ভৱিষ্যত
দুয়োটাকে সলনি কৰাৰ উদ্দেশ্যেৰে।
⸺⸺