সমললৈ যাওক

উদ্‌ভিদ বিবৰণ

ৱিকিউৎসৰ পৰা
 

 উদ্‌ভিদ বিবৰণ

 
 

শ্ৰীধনিৰাম দত্ত 

 

সংক্ষিপ্ত
উদ্‌ভিদ বিবৰণ

 

শ্ৰীধনিৰাম দত্তৰ দ্বাৰা
সংগৃহীত আৰু প্ৰকাশিত

 

দ্বিতীয় সংস্কৰণ।


 

কলিকাতা, ৩।এ ৰাধাপ্ৰসাদ লেন
মণিকা প্রেসে
হৰিচৰণ হে দ্বাৰা মুদ্ৰিত।

 

বেচ খনে ৷৷৹ মাথোন। 

 

দ্বিতীয় বাৰৰ পাতনি।

 সংক্ষিপ্ত উদ্‌ভিদ বিবৰণ পুথিখনি শিক্ষা বিভাগৰ গৰাকী সকলে মজলীয়া পঢ়াশালিৰ প্ৰাইজ অফ লাইব্ৰেৰীৰ পুথি বুলি নিৰ্দ্ধাৰিত কৰিছে। সেই বাবে সিবিলাকৰ শলাগ লৈছোঁ।

 প্ৰথম বাৰত লেখকৰ এই বিষয়ত আদি চেষ্টাৰ বাবে ইয়াত বছতো খুঁত ৰৈ গৈছিল। সেই বাবেই ইয়াক দ্বিতীয় বাৰ ছপা কৰিবলৈ আগ বাঢ়িলোঁ। ইয়াৰ প্ৰথম বাৰৰ জঁকাটো মাথোন ৰাখি তেজ মঙ্গহ গোটেই খিনি নতুনকৈ দিয়া হৈছে। মুঠতে ইয়াক আগৰ নামৰে নতুন পুথি বুলি কলে মিছা কোৱা নহব।

 এই পুথিখনি কোনো পুথিৰ অনুবাদ নহয়। ইয়াক সংগ্ৰত কৰোঁতে ডাক্তাৰ যদুনাথ চট্টোপাধ্যায়ৰ উদ্‌ভিদবিচাৰ, বাবু জগদানন্দ ৰায়ৰ গাছপালা, বি, চি, বসুৰ কৃষিবিজ্ঞান, মাননীয় মজিদ চাহাবৰ নিম্ন প্ৰাইমাৰী পাঠ আৰু কোনো কোনো মাহিলি কাকতৰ উদ্‌ভিদ সম্বন্ধীয় প্ৰবন্ধৰ সহায় লোৱা হৈছে। এই খিনিতে উক্ত গ্ৰন্থকাৰ আৰু সম্পাদক সকলক কৃতজ্ঞতা জনাইছোঁ।

 মাননীয় মৌলবী আব্দুল মজিদ চাহাবে নিম্ন প্ৰাইমাৰী পাঠত উদ্‌ভিদ সম্বন্ধীয় যিবিলাক 'পাৰিভাষিক' শব্দ ব্যৱহাৰ কৰিছে, এই পুথিতো সেইবিলাককে ব্যৱহাৰ কৰা হৈছে; যিহেতু "উচ্চ জনে অনুকৰা অধমৰ ৰীতি।” কিছুমান 'পাৰিভাষিক' শব্দ নিজেও তৈয়াৰ কৰিব লগা হৈছে। এইবিলাক পাৰিভাষিক শব্দ মৌলবী চাহাবৰ বিলাকৰ লগত খাপ খোৱা হৈছে নে নাই কব নোৱাৰোঁ। এইখিনিতে উক্ত মৌলবী চাহাবক আমাৰ সৰল কৃতজ্ঞতা জনালোঁ।

 দ্বিতীয় বাৰৰ হাতে লেখা পুথিখনি যোৰহাট নৰ্ম্মাল স্কুলৰ প্ৰধান শিক্ষক, অসমীয়া লেখক সমাজৰ অন্ততম নেতা শ্ৰদ্ধেৰ বন্ধু শ্ৰীযুত শৰৎচন্দ্ৰ গোস্বামী আৰু বিজ্ঞান শিক্ষক শ্ৰীযুত প্ৰাণনাথ বুজৰবৰুৱা ডাঙ্গৰীয়াই পঢ়ি চাই আশ্যকীয় বহু ঠাইত শুধৰাই দিয়া বাবে লেখক সিবিলাকৰ ওচৰত ধৰুৱা।

 পৰিশেষত ৰাইজ আৰু শিক্ষাবিভাগৰ কৰ্তৃপক্ষই পুথিখনিক মৰম কৰিলে পৰিশ্ৰম আৰু অৰ্থব্যয় সাৰ্থক হোৱা বুলি ভাবিম। ইতি

বিনীত
'লেখক'
 

সূচী

প্রথম আধ্যা

 মূল বা আলু
... ... ...
 শিপাৰ কাম
... ... ...
 ৰস আকর্ষণ
... ... ...

দ্বিতীয় আধ্যা

 ঠাৰি বা কাণ্ড
... ... ...
 অন্তৰ্ভৌম ঠাৰি
... ... ...
 বাহ্য ঠাৰি
... ... ...
১১
 লতা
... ... ...
১২
 ঠাৰিৰ কাম
... ... ...
১৪
 কাঠ
... ... ...
১৫
 ছাল
... ... ...
১৬
 ঠাল
... ... ...
১৬

তৃতীয় আধ্যা

 পাত
... ... ...
১৮
 পাতৰ আকৃতি
... ... ...
১৮
 পাতৰ দাঁতি
... ... ...
২১
 পাতৰ অঙ্গ
... ... ...
২১
 লতি পাত
... ... ...
২২
 পাতৰ শুঙ আৰু কাঁইট
... ... ...
২৩
 পাতৰ শিৰ
... ... ...
২৪
 পত্ৰবিনাস
... ... ...
২৬
 পাতৰ গঠন
... ... ...
২৮
 পাতৰ কাম
... ... ...
২৯
 উদ্‌ভিদৰ ৰস প্রবাহ
... ... ...
৩২

চতুৰ্থ আধ্যা

 ফুল
... ... ...
৩৪
 ফুলৰ বিভাগ
... ... ...
৩৭
 ফুলৰ কাম
... ... ...
৩৮
 ফলোৎপত্তি
... ... ...
৩৮
 পাতৰ পৰিবৰ্ত্তন
... ... ...
৪১

পঞ্চম আধ্যা

 ফল
... ... ...
৪২
 স্ফোটক ফল
... ... ...
৪৩
 অস্ফোটক ফল
... ... ...
৪৪
 যুক্ত ফল
... ... ...
৪৬
 বীজ
... ... ...
৪৮
 ফলৰ কাম
... ... ...
৪৯
 অঙ্কুৰোৎপত্তি
... ... ...
৫১

ষষ্ঠ আধ্যা

 উদ্‌ভিদৰ উষ্ণতা
... ... ...
৫৩
  "  টোপনি
... ... ...
৫৪

সপ্তম আধ্যা

 অপুস্পক উদ্‌ভিদ
... ... ...
৫৬
 ১। শিখৰোপচয় শ্ৰেণী
... ... ...
৫৬
  (১) ফাৰ্‌ণ (fern)
... ... ...
৫৭
  (২) শেলাই
... ... ...
৫৯

 ২। ছত্ৰকী শ্ৰেণী

  (১) কাঠফুলা
... ... ...
৬০
  (২) বেঙছাতি
... ... ...
৬০

  ওপৰঞ্চি—

  (১) সাৰপ্ৰদ উদ্‌ভিদ
... ... ...
৬২
  (২) মাটিৰ উপাদান আৰু সাৰ
... ... ...
৬৪

জাননী।

 এই পুথি মোৰ ওচৰত পাব। দহটকাৰ উপৰ কিতাপ নিওঁতাক যুগুত কমিচন দিয়া হয়।

 গছ-পাত নহলে আপুনি জীয়াই থাকিব নোৱাৰে। এতেকে সিবিলাকৰ বিষয়েও অলপ জনা আবশ্যক নহয় জানো?

 এই পুথিয়ে আপোনাক সেই বিষয়ৰ এনে জ্ঞান দিব যে আপুনি দা-কটাৰি লৈ বাটে পথে যাওঁতে আৰু ঘপিয়াই ফুৰিবলৈ মনে নিদিব। এটা আপোন ভাব উপজিব।

 আজিয়েই এখনলৈ ধন পঠাওক। ভিঃ পিঃত পঠালে বহুত খৰচ হব। ইতি—

বিনীত
ধনিৰাম দত্ত
প্ৰকাশক,
তেজপুৰ, আসাম।

 শ্ৰীযুক্ত মহাদেব শৰ্ম্মা এম, এল, চি ডাঙ্গৰীয়াৰ লিখিত আৰু প্ৰকাশিত কিতাপ বিলাক আৰু পৰিচালিত 'অৰুণ' মাহেকীয়া কাকতখন আপোনালোকৰ লৰা-ছোৱালীক পঢ়িবলৈ দিয়ক। আমি কৈছোঁ বিশেষ উপকাৰ পাব। তেখেতৰ সকলো কিতাপ পত্ৰ তেজপুৰৰ শ্ৰীযুক্ত দণ্ডীনাথ কলিতা, শিক্ষকৰ ওচৰত পাব।