আসাম বুৰঞ্জী/সপ্তম অধ্যায়
সপ্তম অধ্যায়
চুকাফাই আপোনাৰ ভাই ৰজাৰ লগত বিৰোধ কৰিবলৈ ভাল নেপাই ভটীয়াই আহিবলৈ ইচ্ছা কৰি থাও মুক্লিংলুং মাংৰাই বুঢ়া গোঁহাই প্ৰমুখ্যে অনেক লোক লগত ললে। মুং কং দেশৰ নইচান ফা ৰজাৰ ত’ত আহোমবিলাকৰ কুলদেৱতা চোমদেৱৰ মূৰ্ত্তি থকাত সেই দেৱতাক লব পাৰিলে দেশ জয় কৰিব পাৰিব হেন ভাবি সেই চোমদেৱক চুৰকৈ লই আহিল। মুং কং দেশৰ নইচান্ফা নৰা ৰজাই পাছত ই কথা ভু পাই চুকাফাক ধৰিবলৈ লোক পঠালে। কিন্তু আদখিনি বাটৰ পৰা উভতি গ’ল। যি ঠাইৰ পৰা উলটি গ’ল সি ঠাইক এতিয়ালৈকে “নৰা ওলোটা” বোলে। চুকাফাক খামজাং নামে ঠাইত নগাবিলাকেও ভোতাবলৈ খোজাত সিসকলক পৰাভৱ কৰি লগৰ বড় গোহাঁইৰ ডেকা কাখ্ৰিংমুঙ্গক গাঁও খোৱা পাতি তাৰ উৎপন্ন বস্তু কৰ সোধাই থাকিবলৈ নিৰ্ব্বন্ধ কৰি দিলে। পাছে ক্ৰমে ইফালে অহাত পাটকাইত আকৌ নগাবিলাকে অৱৰোধ কৰিব খোজাত সেইবাৰ নগাৰ চাঙ্গলৈকে গৰকি সেই লোকক বশ কৰিলে[১] তাৰ পৰা নামৰূপলৈ আহিল। তাতে কিছুদিনমান থাকি চিপাম, শলগুড়ি, হাবুঙ্গ আৰু শিমলুগুড়িত ক্ৰমে থাকি থাকি ইফালৰ লোকৰ আচাৰ নীতি বুঝি চৰাই দেৱলৈ আহি তাতে নগৰ কৰিলেহি। মটক ও বৰাহি ই দুজাতি মানুহে তেওঁক পূবৰ পৰা ভটীয়াই অহা দেখি ৰণ কৰাত চুকাফা জয়ী হ’ল। আৰু ১১৬৪ শঁকত সিসকলে সইতে সন্ধি কৰে। চৰাই দেৱত নগৰ কৰাৰ পাছত নকৈ লোৱা দেশখনি যেতিয়া সুথিল হ’ল চুকাফাই ভাবিলে বোলে হেঙ্গদানেৰে বশ কৰাতকৈ কুকুৰাৰে পৰাজিত লোকসকলক শীঘ্ৰে বশ কৰিব পাৰি। এই মতে বিবেচনা কৰি মটক বা মৰাণবিলাকক খড়ি ভাৰী, ও বাড়ীচোৱা আৰু বৰাহিবিলাকক চাঙ্গমাই, জৰাধৰা, ভঁড়ালী, বেজ আৰু কুকুৰা চোৱা এনেবিলাক বিশ্বাসী কৰ্ম্মত নিযুক্ত কৰিলে। তাতে সিসকল লোকে সন্তোষ পাই লোকৰ আগত কবলৈ ধৰিলে, বোলে ইহঁতৰ বুদ্ধি ও বিবেচনা “অসম” আৰু কেনে বুদ্ধিৰ লোকক বশ কৰিলে ইহঁত অসম মানুহ তেতিয়াৰে পৰা আহোমবিলাকক “অসম” বুলিলে, আৰু সেইবিলাক মানুহৰ ৰাজ্য য’লৈকে গ’ল ত’লৈকে “অসম” নাম হ’ল। চুকাফাই নিজৰ কাৰ্য্য সুন্দৰে চলিবলৈ সেই মৰাণৰে মানুহদি দেৱ পূজা ও নিজৰ উপভোগৰ আৰু আন আন কাৰ্য্যৰ নিমিত্তে গছিকলা, বৰাখোৱা ও এঙ্গেৰাত খাত কৰালে। নৰা ৰজাই সইতে মিত্ৰভাৱ ৰাখিবলৈ চুকাফাই কটকী পাঁচি চোমদেৱক অনা আৰু দেশ জয় কৰা ইত্যাদি কই পঠোৱাত নৰা ৰজাই সন্তোষিত হই সোণোৱালী টুপী ও ঘোড়া দি মিত্ৰতা কৰিলে। তেতিয়াৰে পৰা নৰা ৰজাৰে মিত্ৰতা হ’ল। এইদৰে চুকাফা ৰজাই ঊনচল্লিশ বছৰ চাৰি মাস ৰাজত্ব কৰি (খ্ৰীঃ ১২৬৮) ১১৯০ শঁকত স্বৰ্গী হ’ল। এইজনা ৰজা বড় পৰাক্ৰমী আৰু বুদ্ধিমান আছিল। এওঁৰ কাৰ্য্যৰ দ্বাৰাই এনে অনুমান কৰিব পাৰি যে তেওঁ ৰাজনীতি ভালকৈ জানিছিল। পৰাজিত লোকক বশ কৰিবৰ নিমিত্তে তেওঁ যি উপায় কৰিলে, সি উপায় যে ভাল তাক এতিয়াৰ কালৰ সভ্য দেশত এতিয়াহে ভালকৈ চলিবলৈ উপায় হই আহিব লাগিছে। তেওঁৰ পাছৰ আহোমবিলাকে এই ৰাজনীতিৰ বশ হ’ল হয়, কিন্তু ন্যায় সীমাৰ সিপাৰে যোৱাতহে শ্ৰীভ্ৰষ্ট হ’ল।
চুকাফাৰ পাছত তেওঁৰ পুতেক চুতেউফা সিংহাসনত উঠি পিতৃৰ ৰাজ্যকে ১৩ বছৰ ভোগ কৰি ১২০৩ শঁকত স্বৰ্গী হয়। এওঁৰ চাৰি পুত্ৰৰ মাঝত চুবিন্ফা ৰজা হই সেইৰূপে পিতৃৰাজ্যকে ১২ বছৰ ভোগ কৰি ১২১৫ শঁকত স্বৰ্গী হ’ল। এওঁৰ দুই পুতেকৰ মাঝত চুখাংফা সিংহাসনত উঠে। অকল পিতৃৰাজ্য সম্ভোগ কৰি এওঁৰ সন্তোষ নজন্মি ভটীয়াই সৈন্য পঠাবলৈ ধৰিলে। তেতিয়া সৌমাৰ খণ্ডৰ অধিক ভাগ কমতাপুৰৰ অধীন থকাত কমতেশ্বৰে প্ৰভাতৰ সূৰ্য্যৰ দৰে বাঢ়ি অহা আহোমবিলাকে সইতে মিত্ৰতা কৰিবলৈ আশা কৰি ৰজনী আৰু ভাজনী নামে দুই জীয়েকক চুখাংফাক দিলে।[২] ভাজনীৰ তাউচুলাই নামে এটি কোঁৱৰ জন্মে। ৰাজনীৰ তিনটি কোঁৱৰ হয় তাকে বড়জনাৰ নাম চুখ্ৰাম্ফা, মাজুজনাৰ নাম চুতুফা আৰু সৰু জনাৰ নাম ত্যাওখাম্থী। যি যি দেশ লোৱা গইছিল সি সিবিলাকত সময়ে সময়ে দ্ৰোহৰ চিন হোৱাত তাক দমাই থাকোঁতে এওঁ ভাটীৰ ফালে ৰাজ্য বঢ়াব নোৱাৰিলে। পাছে ঊনচল্লিশ বৎসৰ ৰাজ্য ভোগ কৰি চুখংফা ৰজা ১২৫৪ শঁকত স্বৰ্গী হ’ল। এইজনা ৰজাৰ বড় পুতেক চুখ্ৰাংফা সিংহাসনত উঠিল। এওঁৰ দিনত আহোমবিলাকৰ ৰাজ্য ব্ৰহ্মপুত্ৰ পৰ্য্যন্তে লাহে লাহে বাঢ়িল। কোনোয়ে ৰণৰ সন্মুখ হই যুদ্ধ কৰিব নোৱাৰিলে। এওঁ ১২৮৬ শঁকত স্বৰ্গী হোৱাত ভায়েক চুতুফা ৰজা হ’ল। ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে চুটিয়া নামে এজাতি লোক বাস কৰিছিল। এইবিলাকো আহোমবিলাকৰ দৰে পৰ্ব্বতীয়া মানুহ। ইহঁতৰ মাঝত কোনো ৰজা নাছিল। পাছে ব্ৰহ্মপুত্ৰৰ বংশ হোৱাৰ পাছত সেই বংশৰ শেষ ৰজাৰ এজনা অমাত্য গই অৰাজক চুটিয়াবিলাকৰ ওপৰত ৰজা হই থাকে। তেওঁৰ বংশেই বহুকাল পৰ্য্যন্ত ৰাজত্ব কৰে। পিছে আহোমবিলাক ক্ৰমে ভটীয়াই অহাৰ সময়ত চুটিয়াবিলাকৰ পৰাক্ৰম একেবাৰে হ্ৰাস আছিল। চুতুফা ৰজাই সিহঁতৰ দুৰ্ব্বল অৱস্থা ভাবি যুদ্ধলৈ গ’ল। নীচেই দুৰ্বল হবৰ সময়ত লোকে শঠতাক আশ্ৰয় কৰে। চুটিয়াবিলাকে সখি কৰোঁ বুলি চুতুফাক মিত্ৰভাৱ দেখুৱাই “চৰানাও” খেলাবলৈ নি তাতে ছলেৰে ১২৯৮ শঁকত মৰোৱালে। ৰজাৰ মৰণ দেখি সৈন্য উভতি দেশলৈ আহিল। এইজনা ৰজাৰ ভোগ ১২ বছৰ। ৰজাৰ যিবিলাক কোঁৱৰ আছিল কাৰো আশয় ভাল নোপোৱাত চাওফ্ৰংডাম বুঢ়৷ গোঁহাই আৰু তাফ্ৰিখিন বড় গোঁহাইয়ে আন আন লোকে সইতে ৪ চাৰি বছৰ ৰাজ্য শাসন কৰে। কিন্তু ৰজা নোহোৱাৰ গুণে এই ৪ চাৰি বছৰ অৰাজক বুলিব পাৰি। পাছে ১৩০২ শঁকত চুখাংফা ৰজাৰ সৰু কোঁৱৰ তাওখাম্থীক আনি মন্ত্ৰী সকলে সেৱা কৰি ৰজা পাতিলে। এইজনা ৰজাৰ দুজনা কুঁৱৰী আছিল। আৰু তেওঁ বড় কুঁৱৰীৰ বৰ বশ আছিল। তিৰোতাৰ বশবৰ্ত্তী হই কাৰ্য্য কৰিব লগা হোৱাত শাসন কাৰ্য্যত বড় সুযশস্যা ৰজাৰ নাইকিছিল। চুতুফা ৰজাক মৰাবৰ পৰা চুটিয়াবিলাকৰ দৰ্প বাঢ়িছিল। আহোমবিলাকৰো সেই ছলকৈ মৰা কথাৰ পোটক তুলিবলৈ বড় আশা কৰিছিল। সেই কাৰণে বিশেষৰূপে সৈন্য সংগ্ৰহ কৰি ১৩০৫ শঁকত ৰজাই চুটিয়াৰ বিপক্ষে অস্ত্ৰ ললে। ৰাজ্যত ৰজাৰ বড় কুঁৱৰীক গৰাকী পাতি ৰজা ৰণলৈ গ’ল। সৰুজনা কুঁৱৰী সগৰ্ভা আছিল। বড়জনা কুঁৱৰীয়ে ইয়াতে ঈৰ্ষা কৰি এটা মিছা জগৰ উলিয়াই সৰুজনা কুঁৱৰীক কাটিবলৈ দিলে। চাওথাই খুম্ বুঢ়া গোঁহাইয়ে কুঁৱৰীৰ সগৰ্ভা অবস্থা দেখি প্ৰাণে নামাৰি ভুৰবান্ধি উটাই দিলে। হাবুঙ্গৰ বামুণ এটাই সেই ভুৰ দেখি কুঁৱৰীক তুলি প্ৰতিপালন কৰিলে। চুটিয়াবিলাকে তাওখাম্থী ৰজা অহা শুনি পৰ্ব্বতলৈ গ’ল। এখেত আহোমবিলাকে ৰজা নোহোৱাত দেশ লণ্ড ভণ্ড কৰি চৰাই দেৱলৈ উলটি গ’ল। সৰুজনা কুঁৱৰীৰ অৱস্থাৰ কথা লোকসকলৰ মুখত শুনিও ৰজাই একো বিচাৰ নকৰাত আৰু তেওঁৰ আন আন অন্যায় কাৰ্য্যত মন্ত্ৰী ও প্ৰজা সকলো অসন্তুষ্ট থাকি ১৩১১ শঁকত তাওখাম্থীক ৰজ৷ ভাঙ্গি প্ৰকাৰান্তে প্ৰাণে মৰালে। এইৰূপে দেশত ৰজাহীন হোৱাত চাওথাই খুম্ বুঢ়া গোঁহাই আৰু আন আন মন্ত্ৰীয়ে দেশ শাসিবলৈ ধৰিলে। আগৰ ৰজাজনাৰ কাটিবলৈ দিয়া সেই সগৰ্ভা কুঁৱৰী, হাবুঙ্গীয়া বামুণৰ ঘৰত থাকি কালক্ৰমে এটি ল’ৰা পালে। কিন্তু কুঁৱৰীৰ প্ৰসৱৰ বেদনাৰ নিমিত্তে মৃত্যু হ’ল। মৰণৰ সময়ত সেই ল’ৰাৰ আগগুড়ি বামুণৰ আগত কই গ’ল। কোঁৱৰটিক বাপুৱে পুত্ৰৱতে পালন কৰিলে। আৰু কোঁৱৰৰ এনে বিশ্বাস আছিল যে তেওঁ সেই বামুণৰ ল’ৰা। তাওখাম্থীৰ ৰজাৰ মাহীয়েকৰ পুতেক তাওচুলাই কোঁৱৰ ইয়াৰ আগেয়ে ৰজা হবলৈ আশা কৰিব নোৱাৰিলে। এইবাৰো নিৰাশা হই হিংসা কৰি নৰা দেশলৈ গই চুৰম্ফা ৰজাত জনালে বোলে অসম দেশত তোমাৰ বংশ নোহোৱা হ’ল। হাবুঙ্গলৈ বেপাৰ কৰিবলৈ যোৱা মানুহে বামুণৰ ঘৰত সেই কোঁৱৰক দেখি ৰজাৰ কোঁৱৰ যেন ভাবি অনুসন্ধান কৰাত তাওখাম্থী ৰজাৰ কোঁৱৰ জানি মন্ত্ৰীসকলৰ আগত কলে। সিসকল কোঁৱৰক আনিবলৈ যোৱাত কোঁৱৰে “বামুণক নিনিলে নেযাওঁ” বুলি কওঁতে বামুণৰ ঘৰোৱাহিকে ৰজাৰ কোঁৱৰে সইতে নগৰলৈ নিলে। আৰু ১৩২০ শঁকত কোঁৱৰক চুড়াঙ্গফা নাম দি ৰজা পাতি সেৱা কৰিলে। ৰজাৰ বয়স তেতিয়া ১৫ বছৰ মাথোন আছিল। নৰা ৰজাই অসম দেশ লবৰ নিমিত্তে তাচিম্পৌ বড় গোঁহাইক ৰণ কৰিবলৈ পঠালে। নৰাৰ সৈন্য আহি কুঁহিয়াৰ বাড়ীত কোঠ দিলেহি। চুড়াঙ্গফা ৰজাই যুজিবৰ মনেৰে উজাই যোৱাত নৰাৰ সেনাপতিয়ে এই বুলি হুহকি গ’ল বোলে আমাৰ বংশৰ ৰজা নোহোৱা বোলাতহে আমি যুজিবলৈ আহিছিলোঁ। পাছে যেতিয়া বংশ আছে, যুজিবৰ আৱশ্যক নাই। অসম দেশৰ আতান্বিন্ বড় গোঁহাইয়ে এই ছলতে সন্ধি কৰিবলৈ ইচ্ছা কৰি পাটকাইলৈ গ’ল। তাতে দুয়ো দল মিলামিলি হই ৰাজ আজ্ঞাৰে পাট্কাইৰ ওপৰৰ পানীত হাত জুবুৰিয়াই আৰু কুকুৰা কাটি শপত খাই ১৩২৩ শঁকত সন্ধি কৰিলে। আৰু সেই পাট্কাইকে দেশৰ সীমা কৰি আগলৈ তাক স্থিৰ ৰাখিবৰ নিমিত্তে দুয়ো দেশৰ দুয়োজনা বড় গোঁহাইৰ দুটা শিলৰ মূৰ্ত্তি কটালে। দুয়ো দেশৰ সৈন্য আপোন আপোন দেশলৈ গুছি গ’ল।[৩] এইৰূপে যুদ্ধ শেষ হোৱাৰ পিছত চুড়াঙ্গফা ৰজাই চৰাই দেৱত অসুবিধা পাই চৰগুৱাত নগৰ কৰিলে। সেই চৰগুৱা দিহিঙ্গৰ ওচৰত ৰজাৰ লগত বামুণৰ যি ল’ৰা আহিছিল সিসকলকো দিহিঙ্গত পাতি কোঁৱৰ উপাধি দিলে। সৰুৰে পৰা এইজনা বামুণৰ ফাললৈ ঢাল খোৱা আছিল। তেওঁক পালন কৰা বাপুয়ে শাসনাদি কাৰ্য্যত অনেক হাত দিছিল। আৰু লক্ষ্মীনাৰায়ণ শালগ্ৰাম ৰজা চাঙ্গলৈ উঠিল ও যথাবিধি পূজা পাবলৈ ধৰিলে। এয়েই প্ৰথম হিন্দুধৰ্ম্মৰ বীজ আহোম ৰজাৰ ঘৰত প্ৰবেশ হ’ল। এইজনা ৰজা দেৱেই প্ৰথমে শিঙ্গৰী ঘৰ পাট ঘৰত উঠি অভিষিক্ত হবৰ নিয়ম স্থাপন কৰে। আৰু অনেক কথাত হিন্দু আচাৰ-ব্যৱহাৰ এওঁৰ দিনৰে পৰা প্ৰবৰ্ত্তিব ধৰিলে। পাছে ন বছৰ ভোগ কৰি ১৩২৯ শঁকত স্বৰ্গী হ’ল। বামুণৰ ধৰ্ম্ম ও আচাৰ-ব্যৱহাৰৰ প্ৰতি এই ৰজাজনাই বৰকৈ আস্থা দেখুৱাত আৰু সৰুৰে পৰা বামুণৰ ঘৰত প্ৰতিপালিত হোৱাত এইজনা ৰজাক বামুণী কোঁৱৰ বোলে। এওঁ অতিশয় সুখাভিলাষী আছিল। আৰু এই নিমিত্তেই অতি কোমল বয়সতে মৃত্যু হ’ল। চুড়াঙ্গফাৰ তিনিজনা ৰজা কোঁৱৰৰ মাঝত চুজাংফা সিংহাসনত উঠিল। পিতৃ ৰাজ্যকে ভোগ কৰি ১৩৪৪ শঁকত (খৃঃ ১৯৪২) স্বৰ্গী হয়। এওঁৰ ভোগৰ কাল ১৫ বছৰ, এওঁৰ পাছত এওঁৰ পুতেক চুকক্ফা ৰজা হই পিতৃ ৰাজ্যকে ভোগ কৰি ১৩৬১ শঁকত স্বৰ্গী হয়। এওঁৰ পাছত এওঁৰ পুত্ৰ চুচেন্ফা ৰজা সিংহাসনত উঠিল। এওঁ ৪৯ বৎসৰ ৰাজ্য ভোগ কৰে। এওঁৰ দিনত টঙ্গচু নগাবিলাকে আকৌ উপদ্ৰৱ কৰাত ৰজাই আপুনি নগাৰে সইতে ৰণ কৰিবলৈ গ’ল। যুদ্ধত নগা ঘাটিল আৰু ৰজাদেৱে নগাৰ চাঙ্গ গৰাকি ৰণ জিকি নগৰলৈ উভতি আহি কিছুদিন থাকি স্বৰ্গী হ’ল। এইজনা ৰজাৰ দিনতে ১৩৭১ শঁকত বৰদোৱাত কুসুম্বৰ ভূঁয়াৰ ঘৰত শঙ্কৰদেৱৰ জন্ম হয়।
এওঁৰ মৰণান্তে এওঁৰ পুত্ৰ চুহান্ফা ১৪১০ শঁকত (খৃঃ ১৪৮৮) ৰজা হয়। এওঁৰ দিনত আহোমবিলাকে আৰু ভটীয়াই আহিবলৈ ধৰিলে। কছাৰীয়ে আহোমবিলাকৰ গতি অৱৰোধ কৰাত এক যুদ্ধ হয়। তাত কোন ফালৰ জয় পৰাজয় নহয়। উভয় পক্ষে সন্ধি কৰিলে আৰু মৰঙ্গীলৈকে কছাৰীয়ে অসম ৰজাক দেশ এড়ি দিলে, আৰু চুহান্ফা ৰজাই জীয়েক এজনাক কছাৰী ৰজালৈ দিলে। টঙ্গচু নগাহঁতো আকৌ উপদ্ৰৱ কৰাত পুনৰায় ৰণ হয়, সেই ৰণত প্ৰথমে সেনাপতি বড় গোঁহাইক নগাই কাটি মূৰ লই যায়, কিন্তু নঙ্গাৰাঙ্গ বড় গোঁহাইয়ে নগাক পৰাস্ত কৰি চাঙ্গলৈকে গ’ল। আৰু টংচু মৌপীয়া ও লেফেৰা, এই তিনিঘৰ মানুহ বন্দি স্বৰূপে লই আহে। চুহেন্ফা ৰজা বড় অত্যাচাৰী আছিল। তেওঁ এবাৰ লান্তুৰুন্ বান নামে খুন্তাই আহোম এটাক ৰজাৰ ভঁৰালৰ ধান খোৱাত ১০০ ৰূপ দাঁড়িছিল। সেই আহোমটোয়ে এদিন ৰজাৰ চাঙ্গৰ চাঁচ আওঁতাই থাকোঁতে ৰজা সি ঠাইলৈ যোৱাত জোঙ্গোল৷ বাঁহেৰে বুকতে খোঁচ মৰাত ৰজাৰ মৃত্যু হল। এনে প্ৰসিদ্ধ আছে যে খেন্লুঙ্গ বুঢ়া গোঁহাইয়ে তলে তলে সেই কথাত পেট দিছিল। এইজন৷ ৰজাৰ ভোগ ৫ বছৰ মাত্ৰ।
১৪১৫ শঁকত (১৪৯৩ খৃঃ) চুহেন্ফাৰ তিনিজনা কোঁৱৰৰ মাঝত চুপিম্ফা ৰজা হয়। পিতৃ বধি সেই লান তুৰুন্বানক ঘৰোৱাহিকৈ প্ৰথমে শূলত দি দণ্ড কৰিলে আৰু মন্ত্ৰী বুঢ়া গোঁহাইকো ভাগি ঘৰলুৰি নানা দুৰ্গতিৰে আন ঠাইলৈ পঠালে। পিতৃৰজাক বধোতে যাৰ যাৰ পেট আছিল, জানিবলৈ পাৰিলে সিসকলোকে কাৰো প্ৰাণে মাৰি, কাৰো বা আন শাস্তিৰে দুৰ্গতি কৰিবলৈ ধৰাত মন্ত্ৰীসকলে মন্ত্ৰণা কৰি ১৪১৯ শঁকত (খৃঃ ১৪৯৭) মৰোৱালে।[৪] চুহেন্ফা ৰজাৰ দিনৰ পৰা নগাবিলাকে সইতে যুদ্ধ নোহোৱাত নগাবিলাক ৰজাৰ এখেলেই আহে। বাহিৰত নগাৰ খুন্বাও এটাই সইতে ৰজাই এদিন কথা-বাৰ্ত্তা হোৱাত এজনা কুঁৱৰীয়ে সেই নগাৰ ৰূপলাবণ্যৰ কথা ৰজাৰ আগত ভিতৰত কলে। ইয়াত ৰজাই ক্ৰোধ কৰি সেই কুঁৱৰীক সেই খুন্বাওলৈকে দিলে। এইবিলাক অত্যাচাৰীৰ কাৰ্য্যত তেওঁৰ অকাল মৃত্যু হোৱাত বড় আশ্চৰ্য্য অনুমান নহয়।
- ↑ এই পাটকাই ৯টা পৰ্ব্বত একে লগে থকা দেখি চুকাফা ৰজাই ইয়াক “ডউক উৰঙ্গ” বুলিছিল। ই এই দেশৰ এক প্ৰকাৰ এফালৰ সীমা।
- ↑ কমতাপুৰৰ এইজনা কোন ৰজা তাক ঠিক কৰিব নোৱাৰি। দুৰ্ল্লভনাৰায়ণ নামে যে এজনা ৰজা আছিল সেইজনাই যে হয় ইয়াক বিশ্বাস কৰিবৰ বিশেষ কাৰণ আছে। কিয়নো সেই সময়ত এইজনা কমতাপুৰত আছিল।
- ↑ আহোম মতে এই সন্ধিক “পাট্কাই চেঙ্গকান” অৰ্থাৎ “কুকুৰা কাটি শপত খোৱা” বোলে।
- ↑ এক মতে কয় বোলে এওঁ নৰীয়া পৰি মৃত্যু হয়। এনেটো অনুমান হয়, চুহেন্ফাক মৰাৰ পাছত দেশৰ যেনে দুৰ্গতি হইছিল তেনে নহবলৈ মন্ত্ৰীসকলে ৰজাক মৰোৱাই স্বাভাবিক ৰূপে মৰা বুলি প্ৰখ্যাত কৰি দিলে।