সমললৈ যাওক

আসাম বুৰঞ্জী/সপ্তদশ অধ্যায়

ৱিকিউৎসৰ পৰা

সপ্তদশ অধ্যায়

 যেতিয়া অসম দেশলৈ আৰ্য্যজাতিৰ আগমন হোৱা নাছিল তেতিয়া এই দেশত এক এনে ধৰ্ম্ম প্ৰচলিত আছিল যাক পৌত্তলিক বুলিলেও হানি নাই। সেই ধৰ্ম্ম জড়োপাসনা মাত্ৰ। সি সময়ৰ ধৰ্ম্মৰ চিহ্ন সেই ধৰ্ম্ম এতিয়াৰ অনাৰ্য্য কছাৰী, লালুঙ্গ, মিৰী, ডফলা প্ৰভৃতি জাতিৰ মাঝত পোৱা যায়। কিন্তু আৰ্য্যজাতি এই দেশলৈ অহাৰ পৰা সি জাতিৰ সৰ্ব্বপ্ৰকাৰ প্ৰাধান্য হোৱাত কালক্ৰমে অনাৰ্য্যজাতিৰ মাঝতো পৌৰাণিক আৰ্য্যসকলৰ উপাস্য মহাদেব বা বুঢ়াগোঁহাই; কালিকা বা কালী, বৰমানী বা ব্ৰাহ্মাণী প্ৰভৃতিৰ নাম পোৱা যায়। মহাভাৰতৰ যুদ্ধৰ পূৰ্ব্বেই যে এই দেশলৈ হিন্দুধৰ্ম্ম আহি সংস্থাপিত হইছে তাৰ প্ৰমাণ পোৱা যায়। কিন্তু বৈদিক কালৰ আৰ্য্য ধৰ্ম্ম ইয়াত সংস্থাপিত হোৱাৰ কোনো বিশিষ্ট প্ৰমাণ পোৱা নাযায়। পৌৰাণিক ধৰ্ম্মৰ প্ৰাদুৰ্ভাব ই দেশত যথেষ্টৰূপে আছে। ভগদত্ত, বাণ, ভীষ্মক প্ৰভৃতি ৰজাসকলে পৌৰাণিক হিন্দুধৰ্ম্ম মানিছিল। তেওঁবিলাকে সংস্থাপন কৰা দেবতাৰ স্থান এই পৰ্য্যন্তে দেদীপ্যমান আছে, ক্ৰমে আৰ্য্যবিলাকৰ ধৰ্ম্ম দেশত ব্যাপিল। এবং অনেক তীৰ্থ আৰু পুণ্যস্থান প্ৰতিষ্ঠিত হ'ল। প্ৰায় পঁচিশ শ বৎসৰ পূৰ্ব্বে শাক্যসিংহ মুনিয়ে মগধ দেশত বৌদ্ধধৰ্ম প্ৰচাৰ কৰে। ভাৰতবৰ্ষৰ সৰ্ব্বত্ৰতে সি ধৰ্ম্ম কালক্ৰমে প্ৰচলিত হ’ল। সি সময়ত এই দেশলৈকো সেই ধৰ্ম্মৰ স্ৰোত প্ৰবাহিত হয়। ইয়াৰ অধিকাংশ লোকে সি ধৰ্ম্মকে আশ্ৰয় কৰি প্ৰবৰ্ত্তিছিল। স্বামী শঙ্কৰাচাৰ্য্য কৰ্ত্তৃক খ্ৰীষ্টৰ প্ৰথম শতাব্দীত বৈদিক ধৰ্ম্মক পুনৰায় দেশত সংস্থাপিত হ’ল। তাৰেপৰা আকৌ অসম দেশতো হিন্দুধৰ্ম্ম ক্ৰমে প্ৰতিষ্ঠিত হ'ল। পুনৰ্ব্বাৰ পূৰ্ব্বলোপ পোৱা তীৰ্থৰ আবিষ্কাৰ এবং বৈদিক পূজাৰ প্ৰচলন হ’ল। সেই সময়তে যোগিনীতন্ত্ৰ প্ৰভৃতি কেতখিনি পুস্তকও ৰচিত হয়। সি পুস্তকত এই অঞ্চলৰ তীৰ্থাদিৰ মাহাত্ম্য বিবৰণ আৰু পূজাৰ পদ্ধতি প্ৰভৃতি লিখিত আছে। দেবেশ্বৰ নামে এক শূদ্ৰ ৰজাই অসম দেশত হিন্দুধৰ্ম্ম প্ৰচলনৰ বিষয়ে বিশেষ যত্ন কৰে। যদিচ ভাৰতবৰ্ষৰ অন্যান্য ঠাইৰপৰা বৌদ্ধধৰ্ম্ম ক্ৰমে বিলোপ হল তথাপি এই দেশত শীঘ্ৰে তেনে হোৱাটো অনুমান কৰিব নোৱাৰি। খ্ৰীষ্টৰ একাদশ শতাব্দীত এই অঞ্চলত বৌদ্ধ ৰজাৰ অধিকাৰ থকাৰ কথা জানিব পৰা গইছে। হিন্দুধৰ্ম্ম ক্ৰমে উজ্জ্বল হই চলিবলৈ ধৰাত বৌদ্ধধৰ্ম্ম ক্ৰমে তিৰোহিত হোৱাত লোকৰ আচাৰ-নীতি আৰু ধৰ্ম্ম ভাবত বৌদ্ধাচাৰ থাকিল অথচ হিন্দুধৰ্ম্মও ভালকৈ দেশত প্ৰবৰ্ত্তা নাছিল। ব্ৰাহ্মণাদি হীনাচাৰী হ’ল। কলিতা প্ৰভৃতি কেতবিলাক শূদ্ৰে ব্ৰাহ্মণৰ ব্যবসায়ৰ প্ৰতি আক্ৰমণ কৰিলে। শক্তি ও শিবৰ উপাসনাই প্ৰধান হিন্দুবিলাকৰ পক্ষে শ্ৰেষ্ঠ আছিল। ইতৰ জাতিয়ে সি উপানাৰ পূজা ইত্যাদি নাজানি যিৰূপে অনুমান কৰিছিল সেইৰূপেই উপাসনা কৰিছিল। সাধাৰণ মানুহৰ মনত একেবাৰে ধৰ্ম্মভাবৰ অভাৱ হইছিল। অধিক কি এই দেশৰ ধৰ্ম্মৰাজ্যত মহা হুলস্থুল হইছিল। সাধাৰণ লোকসমূহৰ এনে মানসিক ভাব হ'ল যেন কোন এজনে আহি সেই ভাব দূৰীভূত কৰি দিয়ে।

 ইতিপূৰ্ব্বে লিখা হইছে যে বাৰভূয়াসকলে আহি বৰদোৱা গ্ৰামত অবস্থিতি কৰে। সি ভূঁয়াসকলৰ শিৰোমণি কুসুম্বৰ ভুঁয়াৰ ১৩৭১ শকত এটি পুত্ৰ জন্মে। তেওঁৰ নাম শঙ্কৰ ভূঁয়া বা শ্ৰীশঙ্কৰদেৱ। তেওঁ বয়ঃপ্ৰাপ্ত হোৱাত এবাৰ ভাটীলৈ গই নানা তীৰ্থাদি দৰ্শন কৰি আহে। কন্দলী গুৰুৰ মুখে এওঁ সংস্কৃত ভাষা শিক্ষা কৰে। তীৰ্থাদি দৰ্শন কৰি আহি শঙ্কৰদেৱে ভাগবতাদি শাস্ত্ৰৰ পৰা কীৰ্ত্তন, দশম প্ৰভৃতি পুস্তক অনুবাদ আৰু সংকলন কৰে। অনেকে কয় শঙ্কৰে নবদ্বীপৰ চৈতন্য গোস্বামীৰ পৰা ধৰ্ম্মদীক্ষা আৰু শিক্ষা লাভ কৰে। শঙ্কৰৰ চৰিত্ৰত ইয়াৰ কোনো কথা উল্লেখ নাই। যি প্ৰকাৰেই হওক শঙ্কৰদেৱে দৈবকীনন্দন কৃষ্ণকেই উপাস্য দেৱতা কৰি অন্যান্য দেবদেবীৰ পূজা অকৰণীয়, ইয়াকে প্ৰচাৰ কৰিব ধৰিলে। কছাৰীৰ উপদ্ৰৱত উজাই গই বেলগুড়িত কিছুমান দিন থাকে। তেতিয়াও, দুজন বৌদ্ধমতীয়া টাটকীয়াক শঙ্কৰদেৱে নিজৰ উপদেশ দ্বাৰা প্ৰকাৰান্তৰে স্থানান্তৰিত কৰে। শঙ্কৰে পুস্তক আৰু গীত ৰচনা কৰি মুখৰ উপদেশেৰে আৰু পৌৰাণিক বিবৰণ ঘটিত নাটক অভিনয় কৰি বৈষ্ণবধৰ্ম্ম প্ৰচাৰিলে। তেওঁৰ লগলৈ অনেক লোক গই . সেই উপদেশ স্বীকাৰ কৰিলে। বাণ্ডুকা দেশৰ দীঘলাগিৰিৰ পুত্ৰ মাধৱদেৱ ভাটীৰ পৰা আহি শঙ্কৰতে দীক্ষা গ্ৰহণ কৰিলে। প্ৰচাৰকাৰ্য্যত শঙ্কৰক সাহায্য প্ৰদান কৰিলে। অহিন্দু আহোমবিলাকেও বৈষ্ণব ধৰ্ম্ম প্ৰচাৰৰ প্ৰতি দ্বেষভাব কৰিলে। অতি সামান্য অপৰাধতে শঙ্কৰৰ জামাতা হৰিক আহোমে বধ কৰে। এবং মাধবদেৱকো বন্দী কৰে। পাছে শঙ্কৰদেৱে আহোম দেশ পৰিত্যাগ কৰি কামৰূপৰ পাটবাউসীত বসতি কৰিলে। কিছুদিনৰ মূৰত মাধৱদেৱো বন্দিৰ পৰা মুক্ত হই শঙ্কৰৰ লগলৈকে গ'ল। তেতিয়া সাধাৰণ লোকৰ মনত যেনে ধৰ্ম্ম আছিল শঙ্কৰৰ ধৰ্ম্ম তাৰ উপযোগী হ’ল। সহস্ৰ সহস্ৰ লোকে সেই ধৰ্ম্ম গ্ৰহণ কৰিলে। ব্ৰাহ্মণসকলে দ্বেষ কৰি নৰনাৰায়ণ ৰজাত শঙ্কৰ মাধৱৰ বিৰুদ্ধে কেবাবাৰো অভিযোগ কৰে কিন্তু ব্ৰাহ্মণসকলেই বাৰে বাৰে লজ্জা প্ৰাপ্ত হ'ল।

 শঙ্কৰ আৰু মাধৱৰ অনেক প্ৰধান প্ৰধান শিষ্য হ'ল। সিসকলে দেশৰ স্থানে স্থানে সত্ৰ কৰি ধৰ্ম্ম প্ৰচাৰ কৰিবলৈ ধৰিলে। ইতৰ লোকসকলেই প্ৰথমে সি ধৰ্ম্ম গ্ৰহণ কৰিলে কিয়নো সিহঁতেই পুস্তকাদিত লেখা কথা আৰু গোপনীয় হিন্দুধৰ্ম ভালকৈ নাজানে। এই ধৰ্ম্মত জাতিভেদৰ বড় বান্ধনি নাই। গাড়ো, কছাৰী, যবন প্ৰভৃতি লোক ই ধৰ্ম্মত দীক্ষিত হ’ল। ক্ৰমে ৰজাৰ অনুগ্ৰহ হোৱাত বেহাৰলৈকো শঙ্কৰ আৰু মাধৱ, গই ধৰ্ম্ম প্ৰচাৰ কৰিলে। দেশৰ অধিকাংশ লোকেই শঙ্কৰৰ ধৰ্ম্মকে আশ্ৰয় কৰিলে। কালক্ৰমে ১৪৯০ শকতে শঙ্কৰ পৰলোকলৈ গমন কৰে। মাধবদেৱে তেওঁৰ ধৰ্ম্মকে প্ৰচাৰ কৰিলে। কিন্তু মাধৱদেৱৰ মতে নিৰাকাৰ ঈশ্বৰৰ উপাসনাই প্ৰধান।[] মাধবদেৱো কালক্ৰমে পৰলোকলৈ যায়। তেওঁবিলাকৰ পূৰ্ব্বে লোকৰ মনত যেনে ধৰ্ম্ম ভাবৰ অভাব আছিল তাত তেওঁবিলাকৰ প্ৰচাৰিত ধৰ্ম্ম উপযোগী ধৰ্ম্ম হোৱাত শঙ্কৰ আৰু মাধৱ অজ্ঞান মানুহৰ আগত ঈশ্বৰাবতাৰ বুলি প্ৰসিদ্ধ হ’ল। তেওঁবিলাকৰ প্ৰচাৰিত ধৰ্ম্মকে মহা- পুৰুষীয়া ধৰ্ম্ম বোলে। অনন্তৰ তেওঁৰ মতকে কোনো কোনো প্ৰচাৰকে কিঞ্চিৎ ইতৰ বিশেষ কৰি ব্যাখ্যা কৰাত তাৰে এক শাখা ঠাকুৰীয়া মত বুলি প্ৰসিদ্ধ হ’ল। সি সময়তে দামোদৰ, হৰিদেৱ, দেৱ গোপাল প্ৰভৃতি ব্ৰাহ্মণসকলেও বৈষ্ণব ধৰ্ম্ম প্ৰচাৰ কৰিলে। ব্ৰাহ্মণসকলৰদ্বাৰা প্ৰচাৰ হোৱাৰ নিমিত্তে সি মতক বামুনীয়া মত বোলে। ফলে মহাপুৰুষীয়া আৰু বামুনীয়া মূল মতত একো বিভিন্নতা নাই। উভয় মতেই বিষ্ণুৰ উপাসনা প্ৰচাৰ কৰে, মহাপুৰুষীয়াসকলৰ কাৰো কাৰো মত নিৰাকাৰ ঈশ্বৰৰ উপাসনাৰ ফালে ঢাল খোৱা। কিয়নো তেওঁবিলাকে অন্যান্য দেব-দেবীৰ অস্তিত্ব স্বীকাৰ কৰিলেও মূৰ্ত্তি পূজা বড়কৈ নামানে এবং শ্ৰাদ্ধাদি বৈদিক ক্ৰিয়াও বড় নকৰে।

 এই ধৰ্ম্ম প্ৰচাৰ হোৱাৰ পাছত লোকৰ ধৰ্ম্মভাবৰ অভাব পূৰণ হ'ল। মাধবদেৱ আৰু আন কোনো কোনো শিষ্যে অনেক পুথি ৰচনা কৰিলে। এতিয়া এনেহে হইছে যে সিসকল পুস্তকৰ পদ আৰু গীত নাজানে এনে লোক প্ৰায় নাই। মহাপুৰুষীয়া ধৰ্ম্ম মতে পূজাদিৰ আৱশ্যক নাই। হৰিৰ নামেই সকলো উপাসনা। এই হেতুকে সৰ্ব্বত্ৰে হৰি কীৰ্ত্তন কৰা প্ৰচলিত। এই ধৰ্ম্ম প্ৰচাৰৰ নিমিত্তে দেশত অনেক ধৰ্ম্মালয় বা সত্ৰ আছে। তাত অধিকাৰী আৰু ডেকা মহন্ত সকল আছে। ইসকলে ধৰ্ম্ম প্ৰচাৰ কৰে। এবং শিষ্যৰপৰা কৰ গ্ৰহণ কৰি প্ৰতিপালিত হয়। শিষ্যৰ পক্ষে এই কৰ অবশ্য দিবলগীয়া। নিদিলে সমাজচ্যুত হ’ব লাগে। মহাপুৰুষীয়া আৰু বামুনীয়া মতক এৰিও তান্ত্ৰিক দীক্ষা প্ৰণালী ই দেশত আছে। ৰজাৰ গুৰু পৰ্ব্বতীয়া গোসাঁই, নাতী গোসাঁই, নগোসাঁই, আৰু মুকলী মুৰীয়া ভট্টাচাৰ্য্য প্ৰভৃতি কেইবা ঘৰো ভট্টাচাৰ্য্য আছে। সিসকলে তান্ত্ৰিক দীক্ষা দিয়ে। তান্ত্ৰিক দীক্ষা গ্ৰহণৰ প্ৰথা শিৱসিংহ স্বৰ্গদেৱৰ দিনৰ পৰাহে বিশেষৰূপে দেশত চলিবলৈ ধৰিলে।[]

 এই দেশত প্ৰধান সত্ৰ এই এই। আউনী আটী, দক্ষিণ পাট, গড়মূৰ, কুৰুৱাবাহী, নৰোৱা, কোৰামৰা দীঘলী, শ্যামগুড়ি, কমলাবাড়ী, বিয়াকুচী, বড়পেটা, বড়দোৱা, পাটবাউসী, মোৱামৰা আৰু দিহিঙ্গ আৰু ইয়াত বাহিৰেও এলেঙ্গী, শ্ৰীহাটী, জখলাবন্ধা প্ৰভৃতি অনেক সত্ৰ আছে। ৰুদ্ৰসিংহ স্বৰ্গদেৱৰ দিনত ১৬ পোনৰ এটকা সত্ৰ আছিল। এতিয়া অনেক সত্ৰ বাঢ়ি তাৰ সংখ্যা বৃদ্ধি হৈছে। কোনো কোনো সত্ৰত উদাসীন ব্ৰত অবলম্বনৰ নিয়ম আছে। এই সকল সত্ৰৰ মহন্তসকলৰ শিষ্যৰ ওপৰত বড় ক্ষমতা। তেওঁবিলাকৰ শাসনৰদ্বাৰা দেশত অনেক আচাৰ ব্যবহাৰ আৰু নীতি সজৰূপে চলি আছে। কিন্তু এতিয়া তাৰ অনেক ব্যতিক্ৰম অংশে হ’ব লাগিছে। পাপৰ লঘুগুৰু অনুসাৰে প্ৰায়শ্চিত্তৰ নিয়ম এই দেশত হিন্দু ব্যবস্থা মতেই চলিত। কোনো লোকে কোনো দুষ্‌ক্ৰিয়া কৰিলে যিমান দিনলৈকে প্ৰায়শ্চিত্ত নহয় আৰু গুৰুজাতি এবং সমাজক দণ্ড নিদিয়ে তিমান দিনলৈকে সি পতিত হই থাকে। তাৰ লগত কোনেও ব্যৱহাৰ নকৰে। এইৰূপে নিলগ কৰিবৰ ক্ষমতা গুৰু আৰু সমাজ দুইৰো আছে।[]

 ই দেশৰ মুসলমানবিলাকৰ সকলোৱেই শূন্নী মতাবলম্বী। কিন্তু হিন্দু ধৰ্ম্মচাৰী ৰজাৰ অধীন আৰু হিন্দু ৰজাৰ মাঝত থকাত সিহঁতৰ অনেকেই বিশেষকৈ গ্ৰাম্য মুসলমানবিলাকে কিছুমান হিন্দু আচাৰ প্ৰবৰ্ত্তাইছে আৰু কোনো কোনো ঠাইৰ মুসলমানবিলাকে বিষহৰি প্ৰভৃতি হিন্দুদেৱতাক পূজা কৰে। অসম দেশত এক কালত বৌদ্ধধৰ্ম চলিলেও বৌদ্ধধৰ্ম্ম মান্য কৰা লোক ইয়াত নাই। কোন সময়ত যে সি ধৰ্ম্ম চলিছিল ইয়াৰ প্ৰমাণ কেবল কোনো কোনো মন্দিৰ বা তাৰ ভগ্নাবশেষ এবং মানুহৰ সামাজিক অবস্থাতহে জানি। আসাম দেশ ব্ৰিটিশাধিকৃত হোৱাৰ পাছত ইয়ালৈ নানা ধৰ্ম্মৰ লোক আহিছে। খ্ৰীষ্টীয় মিশ্যনৰীসকলে খ্ৰীষ্ট ধৰ্ম্ম প্ৰচাৰ কৰিব ধৰিছে আৰু সেই ধৰ্ম্ম অতি অল্প সংখ্যক লোকে গ্ৰহণো কৰিছে। সুপবিত্ৰ সহজ একেশ্বৰবাদী ব্ৰাহ্ম ধৰ্ম্মও এতিয়া ক্ৰমে অসম দেশত প্ৰবৰ্ত্তিব ধৰিছে। এই ধৰ্ম্মৰ নিমিত্তে শঙ্কৰ আৰু মাধৱে পথ মুকলি কৰি থই গইছে, আৰু এনে আশা কৰা যাব পাৰে যে এই নিৰ্ম্মল ধৰ্ম্ম সেই পৰিস্কৃত পথেৰে প্ৰবেশ কৰি সত্বৰে আসাম দেশ উজ্জ্বল কৰিব।

  1. শঙ্কৰদেৱৰ প্ৰচাৰিত ধৰ্ম্মক মাধবদেৱে উন্নত আৰু উজ্জ্বল কৰে। সেই কাৰণে মাধবদেৱক শিষ্যসকলে মহাপুৰুষ গুৰু বোলে।
  2. অৰীতিয়া বা পূৰ্ণ সেৱা নামে এক প্ৰকাৰ আচাৰ ই দেশত গোপনে চলিছে। ইয়াৰ ভকতসকলে জাতিভেদ নামানে। সকলো জাতিয়ে একত্ৰিত হই মদ্যমাংসাদি সকলো ভক্ষণ কৰি কীৰ্ত্তন কৰে। ই সেৱাত ভক্তি মাতৃ নামে এটি স্ত্ৰীৰ প্ৰয়োজন। তেৱেঁই সকলোৰে পূজ্য। ই তান্ত্ৰিক বামাচাৰী সেৱাৰ অনুকৰণ মাত্ৰ। অৰীতিয়া ভকতসকলে শঙ্কৰদেৱৰ পূৰ্ণ ধৰ্ম্ম পোৱা বুলি অভিমান কৰে। সেই কালৰ তান্ত্ৰিক শিক্ষা আৰু শঙ্কৰদেৱৰ প্ৰচাৰিত ধৰ্ম্মই দুইৰো অপভ্ৰংশ এই মত। সকলো লোকে ইয়াক আচৰিব পাৰে। ইয়াৰ স্বতন্ত্ৰ আলয় নাই।
  3. কোনো কোনো মহন্তসকলে তেওঁবিলাকৰ এই ক্ষমতা বড়কৈ কুব্যবহাৰ কৰিবলৈ ধৰিছে। পূৰ্ব্বে এই দণ্ডৰ দ্বাৰা সমাজৰ উপকাৰ হোৱাটো উদ্দেশ্য আছিল। এতিয়া মহন্তৰ কোনো কোনোজনে নিজৰ উপকাৰহে বাঞ্ছে। এতিয়া ধৰ্ম্ম প্ৰচাৰ কাৰ্য্যৰ প্ৰতি তেনে সৰল আশা নেদেখি। ধৰ্ম্মৰ নিমিত্তে ধৰ্ম্ম প্ৰচাৰ গুছি কেৱল তেওঁবিলাকৰ উপাৰ্জনৰ অৰ্থেহে ধৰ্ম্ম প্ৰবৰ্ত্তোৱা হেন অনুমান হ'ব লাগিছে। সেই কাৰণে লোক সকলৰ অনেক অশ্ৰদ্ধা দেখি।