আসাম বুৰঞ্জী/ষোড়শ অধ্যায়
ষোড়শ অধ্যায়
এই দেশত যিসকল লোক আছে তাৰ প্ৰায় সকলোৰেই প্ৰধান ব্যবসায় কৃষি। আন ব্যবসায় নিচেই অল্প মাত্ৰ। যিসকলে আন ব্যবসায় কৰে তাৰো অনেকৰে ক্ষেতি আছে। যিবিলাক লোক এই দেশত অন্য দেশৰপৰ৷ আহি অৰ্থোপাৰ্জ্জনৰ নিমিত্তে বসতি কৰিছে তেওঁবিলাকৰহে কৃষি নাই। কৃষি ব্যবসায় ইয়াত সাধাৰণৰূপে চলিলেও ইয়াৰ লোকসকলে তাৰ উন্নতিলৈ বিশেষ দৃষ্টি নাৰাখে। শঙ্কৰদেৱৰ সময়ত কৃষিৰ যি প্ৰণালী আৰু আয়োজন আছিল সিয়েই এতিয়ালৈকে আছে। এতদ্দেশীয় কৃষক মাত্ৰেই কেবল স্বাভাবিক উপায়হে আশ্ৰয় কৰে। অতি বৃষ্টি বা অনাবৃষ্টিত কোনো অশুভ ফল কেতিয়াও নিবাৰণ নকৰে। কোনো দূৰস্থ জলাশয়ৰপৰ৷ জল সেচন কৰি শুষ্ক ভূমিক উৰ্ব্বৰা নকৰে। অথবা জলমগ্ন ঠাইৰপৰা জল নিঃসাৰণ কৰি সি ঠাইক কৃষিৰ উপযোগী নকৰে। প্ৰায় মাটিতে একপ্ৰকাৰ মাত্ৰ শস্যোৎপাদন কৰে আৰু অসাৰ মাটিক সাৰ দি তাৰ উৰ্ব্বৰত্ব আৰু শস্যৰ গুণ বৃদ্ধিৰ প্ৰতি যত্নশীল নহয়। ইয়াৰদ্বাৰা দেশীয় লোকসকলক অলস বুলিব পাৰি কিন্তু প্ৰকৃতে সেইটো নহয়। অসমৰ মাটি উৰ্ব্বৰা। ইয়াত বেপাৰ বাণিজ্যৰ তাদৃক সুযোগ নাই। এই হেতুকে সিৰূপ আচৰণ কৰা হয়। ভূমিৰ উৰ্ব্বৰতা হোৱাত অতি দুৰ্য্যোগতো সাধাৰণ শস্য পোৱা যায়। অভাব নহলে প্ৰয়োজন নহয়। ইয়াত সাধাৰণ লোকসকলৰ তিমান অভাব নাই সেই কাৰণে অতিৰিক্ত শ্ৰম নকৰে। যদি ভাৰতবৰ্ষৰ আন আন ঠাইৰ দৰে ইয়াত প্ৰজাবিলাকে সেই পৰিমাণে কৃষিত যত্ন কৰিলেহেঁতেন, তেনেহলে প্ৰজাৰ অবস্থা আৰু সৌভাগ্যশালিনী হলহেঁতেন।
কৃষিৰ যি যি যন্ত্ৰ সিসকলো সামান্য। আৰু সিসকল সমুদায় ক্ৰয় কৰিলে ৫।৬ টকাৰ অধিক ব্যয় নালাগে। এহাল বলদ গৰুৰে ১০।১২ বিঘা ভূমি কৰ্ষণ কৰিব পাৰি। বাৰ্ষিক সচৰাচৰ তিনিটাৰ অধিক শস্যৰ কৃষি নকৰে। শালিধান, আহুধান আৰু সৰিয়হৰ ক্ষেতিয়েই প্ৰধান। ইয়াত বাহিৰেও শাক-পাচলি কুঁহিয়াৰ, মৰাপাট, মাহ, ধপাত প্ৰভৃতিৰো অল্প পৰিমাণে ক্ষেতি হয়। ইয়াৰ পাৰ্ব্বত্য প্ৰদেশৰ অনেক ঠাইত কপাহ প্ৰচুৰ জন্মে। গৰু আৰু ম’হ দুয়োৰো দ্বাৰা হাল বাহন হয়। কিন্তু ইয়াৰ প্ৰতি তাদৃশ যত্ন কৰা দৃষ্ট নহয়। গৃহপালিত অন্য যি পশু পক্ষী থাকে তাৰ প্ৰতিও তাদৃশ যত্ন নাই। পুৰুষ আৰু স্ত্ৰী উভয়েই এই দেশত কৃষিকাৰ্য্য কৰে। যি কাৰ্য্যত কঠিন পৰিশ্ৰমৰ প্ৰয়োজন তাক পুৰুষে আৰু য’ত সামান্য পৰিশ্ৰমৰ প্ৰয়োজন তাক স্ত্ৰীজাতি দ্বাৰা সম্পাদন হয়। মুগা, এড়ি, পাট, লা প্ৰভৃতি কেতবিলাক বস্তু ইয়াত উপাৰ্জ্জন কৰা হয়। ইয়াৰে ই দেশীয় লোকৰ প্ৰয়োজন সাধন আৰু অৰ্থোপাৰ্জ্জন ই দুই প্ৰকাৰতে সাহায্য হইছে। এই দেশৰ প্ৰজা সংখ্যাতকৈ ভূমিৰ সংখ্যা অধিক সেই কাৰণে লোকসকলে কোনো প্ৰকাৰ ভূমিৰ প্ৰতি তাদৃশ আদৰ নকৰে। কৃষি কাৰ্য্যত বড় শ্ৰদ্ধা নকৰিলেও এই দেশীয় লোকে যি কাৰ্য্য কৰে তাত অদক্ষতা নাই।
আজি প্ৰায় পঞ্চাশ বৎসৰ হইছে আসামত চা বৃক্ষ থকা প্ৰকাশ হইছে। ক্ৰমে তাৰ কৃষি আৰু উন্নতি অধিক হ’ব লাগিছে। ইয়াৰ দ্বাৰা অনেক অৰণ্যময় পতিত ভূমি ফলবতী আৰু শস্যশালিনী হইছে। ইয়াৰ কৃষি আৰু নিৰ্ম্মাণৰ উপলক্ষে এই দেশত অনেক অৰ্থ বিক্ষিপ্ত হইছে। তাৰদ্বাৰা প্ৰজাসমূহৰ বিশেষ উপকাৰ হইছে। অনেক ইউৰোপীয় এবং অল্প পৰিমাণে এই দেশীয় লোকে এই চাহৰ কৃষি কৰিবলৈ ধৰি নিজেও সৌভাগ্যশালী হইছে। আৰু দেশৰো প্ৰকাৰান্তৰে উপকাৰ সাধিছে। এই চাহ এতিয়া আসামৰ এটি প্ৰধান উৎপন্ন দ্ৰব্য হইছে।
যি দেশত কৃষি সকলো লোকেই কৰে অথচ তাৰ অবস্থা নিস্তেজ সি দেশত বাণিজ্যৰ বৰ্ত্তমান অবস্থা তেজস্বিনী হোৱা অসম্ভব। ই দেশৰ লোকসকলে বাণিজ্যক অনাদৰ কৰিছিল। প্ৰায় সকলো লোকেই সকলো প্ৰকাৰ বস্তু আপুনি উপাৰ্জ্জন কৰে। বিদেশীয় লোকৰ সংখ্যা অতি কম। এই হেতুকে লোকৰ অভাব অধিক নাছিল। যাৰ কোন দ্ৰব্যৰ প্ৰয়োজন আছিল সি কোনো সৰহীয়া যা অপ্ৰয়োজনীয় বস্তু সলনি কৰি তাক পাইছিল। এতিয়াও সি নিয়ম অনেক বিষয়ত প্ৰচলিত আছিল। স্বৰ্গনাৰায়ণ ৰজাৰ পূৰ্ব্বে এই দেশত কোনো টকা বা মুদ্ৰা নাছিল। আৰু বেহাৰতো বিশ্বসিংহ ৰজাৰ পূৰ্ব্বে কোনো টকা নাছিল। এঠাইৰপৰা অন্য ঠাইলৈ যাবৰ পথ তেনে সুগম নাছিল। আমাৰ নিচেই চুবুৰীয়া পৰ্ব্বতীয়া জাতিবিলাকৰ অৱস্থা তেনে নাছিল আৰু নহয়। সিহঁতে সময়ে সময়ে দাঁতি ফালে আহি অত্যাচাৰ কৰি লুটি-পুটি মাত্ৰ নিবলৈ যত্ন কৰিছিলে। পাছলৈহে অলপ অলপ বস্তু সলনি কৰিবলৈ আৰম্ভ কৰিলে। বঙ্গাল দেশে সইতে বাণিজ্যৰ তাদৃশ সুযোগ নাছিল। আসামৰ লোকে ভিন্ন দেশলৈ যাবলৈ বড় ভয় কৰে আৰু ভিন্ন দেশৰ লোকৰো তেনে অসূয়া ভাব আছিল। শঙ্কৰদেৱৰ দিনত অতি অলপ সংখ্যক লোকে নৌকা পথে বস্তুৰ বেপাৰ কৰিছিল। এইসকলক মুদৈ বুলিছিল। এইৰূপ অনেক মুদৈ এতিয়াও আছে। নগৰত পাহাৰীবিলাকে আন আন ঠাইৰপৰা বস্তু আনি বেচিছিল। আৰু মুদৈবিলাকৰপৰা কোনো বস্তু লই বিক্ৰয় কৰিছিল। মুসলমানৰ স্ত্ৰীসকলেই প্ৰকাশ্য ভাবে ঘৰতে দোকান দিছিল।
কাপ্তান ওৱালিশ সাহাব এই দেশলৈ অহাৰ পাছত বঙ্গালদেশে সইতে গমনাগমনৰ পথ উত্তমৰূপে মুকলি হ’ল। কমলেশ্বৰ ৰজাৰ দিনত কেঁয়া আৰু বঙ্গালী মানুহে এই দেশৰ কোনো কোনো ঠাইত দোকান কৰিলে। তাৰো সংখ্যা অতি কম। ভুতৰ পুতেকৰ খবৰৰ সময়ত যোড়হাট নগৰত তিনিখন দোকানহে আছিল। তাৰে দুখন পৰশুৰাম দুৱাৰীয়াৰ ঘৰৰ। গুৱালপাড়াৰ সিপাৰে হাদীৰা চকীক বঙ্গালহাট বুলিছিল। উজনি আৰু ভাটীৰ যাবতীয় বেপাৰৰ বস্তু তাতে একত্ৰিত হইছিল। আৰু তাৰে বস্তুবিশেষে কৰ গ্ৰহণ কৰা হইছিল। সেই কৰ প্ৰদান নকৰিলে ইফালে সিফালে বস্তু নিব নোৱাৰে এই দেশ ব্ৰিটিশ গবৰ্ণমেণ্টৰ অধীনলৈ অহাৰ পূৰ্ব্বে ই দেশলৈ লোণ, চেনি, যবক্ষাৰ, কাপোৰ, মণি প্ৰভৃতি বস্তু বঙ্গাল দেশৰ পৰা আহিছিল। আৰু এই দেশৰ পৰা হাতী দাঁত, মজাঠি, কপাহ, এড়ি, মুগা, পাট-সূতা প্ৰভৃতি বস্তু ভাটীৰ ফালে পঠোৱা হইছিল। তেতিয়া যিসকলে ইয়াত বেপাৰ কৰিছিল তেওঁবিলাকে এনেকৈ কইছিল . বোলে “শোকোতা দি মুকুতা পাইছোঁ।” এই দেশ ব্ৰিটীশাধিকৃত হলত নানাদেশৰ লোক ইয়াত বাণিজ্য কৰিবলৈ আহিল। কেঁয়া নামে প্ৰসিদ্ধ মাড়োৱাৰৰ আগৰওৱালা আৰু ওসোৱাল ঢাকাৰ মুসলমান বেপাৰী এবং কিছুমান অন্য বঙ্গালী বেপাৰী এই দেশৰ প্ৰধান বণিক। এই দেশীয় লোকৰ মাঝত বেপাৰ কৰা মানুহৰ সংখ্যা সৰহ হলেও বিখ্যাত কোনো বেপাৰী নাই। অসম দেশৰ বেপাৰ প্ৰায়েই হোলোং নৌকাৰ দ্বাৰা হয়। বঙ্গালী আৰু কেঁয়া মহাজনবিলাকে বঙ্গালী নাও আৰু ধোঁৱাৰ জাহাজেৰে বস্তু অনাই বেপাৰ কৰিছে। এতিয়া প্ৰতিমাহেই কেইবাবাৰো ধোঁৱাৰ জাহাজ এই দেশলৈ তাহাৰ দ্বাৰা দেশত বাণিজ্য ক্ৰমে বৃদ্ধি পাব লাগিছে। দোকানৰ সংখ্যা ক্ৰমে বৃদ্ধি হ’ব লাগিছে।
অসম দেশত স্বাধীন বৃত্তি অবলম্বন কৰা ধনীৰ সংখ্যা নিচেই তাকৰ কিন্তু ক্ৰমে তাৰো সংখ্যা বৃদ্ধি হই আহিব লাগিছে। এই দেশীয় লোকে বাঢ়িতে সৰহ ধন প্ৰতি বৎসৰে দিব লাগিছে। কৃষকবিলাকে আপোনাৰ উৎপন্নেৰে ব্যয় নিৰ্ব্বাহ কৰি অতি অল্পমাত্ৰ সঞ্চয় কৰিব পাৰে। অন্য লোকৰ পক্ষেও সেইৰূপেই। প্ৰয়োজন সাধিবলৈ যি ঋণ কৰা যায় তাত বিস্তৰ বাঢ়ি দিব লাগে। এই নিমিত্তে দেশীয় লোকে সাধাৰণত স্বচ্ছন্দৰূপে থাকিব নোৱাৰে। এতিয়া অসম দেশত ধনোপাৰ্জ্জনৰ নানা উপায় হ’ব লাগিছে আৰু অনেক ন ন ব্যবসায় হ’ব লাগিছে। সেইবিলাকৰ দ্বাৰা দেশৰ অবস্থা উন্নতিৰ পথলৈ আগ বাঢ়িছে। এনে আশা কৰিব পাৰি। কপাহ, সৰিয়হ, লা, চাহ, মুগা, এড়ি, পাটসূতা, হাতীদাঁত, কয়লা, মজাঠি, বেত আৰু বৰৰ আঠা এই দেশৰ প্ৰধান উৎপন্ন দ্ৰব্য। আৰু এইবিলাক ইয়াৰ পৰা ভাটীলৈ বিস্তৰ পৰিমাণে যায়। ভাটীৰ পৰা লোণ, চেনি, কাপোৰ, বাসন, কাঠৰ দ্ৰব্য, নানাবিধ আমোদৰ বস্তু, গাঁজা, আফিঙ্গ, ইউৰোপীয় মদিৰা, অলঙ্কাৰ, সোণ, ৰূপ, কোৰ প্ৰভৃতি বস্তু আমালোকৰ দেশলৈ আহে। এবং অস্ত্ৰ, তৈল, চাউল, তামাখু, লালী প্ৰভৃতি বস্তুও এই দেশলৈ আহে। আমি যি বস্তু ভিন্ন দেশলৈ পঠাওঁ তাতকৈ যি বস্তু ভিন্ন দেশৰ পৰা আমি পাওঁ তাৰ মূল্য অধিক। ভাটীৰ ভাল ভাল বস্তুৰ প্ৰতি দেশীয় মানুহৰ মন বড়কৈ যাব ধৰিছে। সেই দেখি আমালোকৰ একপ্ৰকাৰে চালে উৎপন্নতকৈ ব্যয় অধিক। সেই কাৰণে আমাৰ ঋণ আৰু বাঢ়িৰ সংখ্যা কিছু অধিক। কিন্তু সম্প্ৰতি অসম দেশৰ ধন প্ৰায় অসম দেশতে থাকে। সেই কাৰণে আমি তাৰ পৰা বড় অসুবিধা সদাই নাপাওঁ।
এই আসাম দেশক অৰণ্যময় বুলিলেও দোষ নাই। কিন্তু ইয়াৰ পৰাও আমাৰ উপকাৰ হইছে। পূৰ্ব্বে এই দেশৰ পৰা ভাটীলৈ বিস্তৰ শালকাঠ গইছিল। এতিয়া বনৰক্ষক বিভাগ সৃষ্টি হোৱাৰ পৰা সেইটিৰ অনেকাংশে বাধা হইছে। বন্যহস্তী ধৰাৰ বিষয়েও পূৰ্ব্বতকৈ কৰ বৃদ্ধি হইছে। তথাপি ইয়াৰ বেপাৰৰ পৰা অনেক অৰ্থলাভ হইছে। ইয়াত বাজেও গণ্ডাৰ বা গঁড়ৰ খড়্গ, মহিষ শৃঙ্গ, হৰিণ শৃঙ্গাদিৰো বেপাৰ অল্প পৰিমাণে আছে।
আসাম দেশত পূৰ্ব্বে শিল্পবিদ্যাৰ বিশেষ অনুশীলন আছিল, তাত বড় অপটুতা নাছিল। এই দেশৰ কোনো কোনো নদীৰ পৰা সুবৰ্ণ পোৱা গইছিল আৰু তাৰে বিস্তৰ সাহায্য হইছিল। নানাপ্ৰকাৰ কপাহ, মুগা, এড়ি আৰু পাটৰ কাপোৰ, তাম, পিতল কাঁহৰ বাসন, সোণ ৰূপৰ অলঙ্কাৰ, হাতী দাঁত, কাঠবাঁহৰ বস্তু অনেক এই দেশত প্ৰস্তুত হোৱাত দেশীয় লোকৰ প্ৰয়োজন সাধন হইছিল। এই সকল কাৰ্য্যৰ নিমিত্তে মানুহৰ খেল আছিল; সেই সেই খেলৰ মানুহে সেই সেই কাৰ্য্যকে কৰিছিল। এই খেল কোনো বৈদিক জাতি ঘটিত নাছিল। ই খেল বিভাগ ব্যবসায়ানুসাৰে হইছিল। সেই সেই খেলৰ লোকসকলে নিজে ব্যবসায় কৰিছিল আৰু তাক উন্নত কৰিবলৈ সুযোগ পাইছিল। সি ব্যবসায়ৰ নিমিত্তে ৰাজকীয় বৃত্তিও সিহঁতে পাইছিল অৰ্থাৎ সি লোকসকলে নিজ ব্যবসায় ৰজাৰ সমীপত উৎসৰ্গ কৰাত ৰজাৰ পৰাও নিষ্কৰে ভূমিভোগৰ অধিকাৰ পাইছিল৷ তাৰ পৰা অন্যান্য লোকৰো উপকাৰ হইছিল। পাছে ব্ৰিটিশাধিকাৰ হোৱাত খেলৰ প্ৰণালী লোপ পালে। সকলোৱে নিজ নিজ ব্যবসায় কৰি তাৰ উৎপন্ন নিজে উপভোগ কৰিবলৈ আৰু ভূমিৰ কৰ দিবলৈ বাধ্য হ’ল। ইফালে বিদেশীয় বস্তু আহিবলৈ ধৰিলে। সুযোগ পাই লোকে বিদেশীয় বস্তুৰ প্ৰতি আদব কৰাত দেশীয় শিল্পকাৰ্য্য প্ৰায় লোপ হবলৈ ধৰিছে। হিন্দুজাতিৰ অনুসাৰে যদি জাতিবন্ধন থাকিলহেঁতেন তথাপি শিল্প ব্যবসায়ীৰ অনুৎসাহ নহলহেঁতেন। সেই জাতিবন্ধন শিথিল হোৱাত সি সি ব্যবসায় লোপ পাবলৈ বহু উজু হল। এইৰূপ হোৱাত সময়ে সময়ে দেশত চলিত কাৰ্য্য সম্পাদনৰ পক্ষেই অনেক অসুবিধা হইছে।
বস্ত্ৰ নিৰ্ম্মাণ এই দেশীয়া স্ত্ৰী জাতিৰ এটি প্ৰধান কাৰ্য্য। কিন্তু বিদেশীয় সূতা আৰু বস্ত্ৰ সদাই ই দেশলৈ আহি থকাত অনেক স্ত্ৰীয়ে সি কাৰ্য্যৰ প্ৰতি তাদৃক শ্ৰদ্ধা নকৰে। ব্যবসায় আৰু পৰিশ্ৰম বিষয়ে অসমীয়া লোক সকলৰ মাঝত এক মহা হুলস্থূল হ'ব লাগিছে। কেতিয়া যে ইয়াৰ শেষ হই সমাজ বন্ধন স্থিৰ হ'ব তাক শীঘ্ৰে অনুমান কৰিব নোৱাৰি।