আসাম বুৰঞ্জী/ষষ্ঠ অধ্যায়
দ্বিতীয় ভাগ
ষষ্ঠ অধ্যায়
পৃথিবীৰ আন আন দেশৰ পুৰণি কালৰ লোক সকলৰ দৰে আহোম বিলাকেও দেৱতাৰ বংশ বুলি কয়। এইটে৷ কেৱল সি সকলৰ অপ্ৰসিদ্ধ বংশাবলী প্ৰসিদ্ধ কৰিবলৈ প্ৰকাশ কৰা ঠাৱৰ হয়। আহোম বিলাকে যেই কি নকওক তেওঁ বিলাক যে অসম দেশৰ পূব ফালৰ পৰ্ব্বতৰ মানুহ ইয়াত সন্দেহ নাই। আহোম বিলাকৰ বুৰঞ্জীত তেওঁ বিলাকৰ আদিৰ বিষয়ে যিৰূপ কথা আছে, তাৰ সাৰ এই। কোনো এক সময়ত স্বৰ্গদেৱ অৰ্থাৎ ইন্দ্ৰ ৰজাই স্বৰ্গত থাকি মনতে ভাবিলে, বোলে সকলো দেৱতাৰ সন্তান পৃথিবীত আছে, তেওঁৰ নাই, আৰু তেওঁৰ বংশ যেন ৰজা হয়। এই বুলি আপোনাৰ পুত্ৰ থেনখামক মতাই আনি পৃথিবীলৈ পাঁচিলে। তেওঁ নগই তেওঁৰ দুই পুতেক খুন্লুঙ্গ আৰু খুন্লাইক আজ্ঞা কৰিলে। সেই দুজন কোঁৱৰে আজ্ঞা অনুসাৰে পৃথিবীলৈ নামি আহিবলৈ স্বীকাৰ কৰাত স্বৰ্গদেৱে সন্তোষমনে নিজ নাতিয়েক দুজনক পাঁচি দিলে লাউখ অৰ্থাৎ বিশ্বকৰ্ম্মাই নিৰ্ম্মাণ কৰা চোমদেৱ (এক দেবতাৰ যন্ত্ৰ) হেঙ্গদান (খড়্গ) কাইচেন্ মুঙ্গ নামে দুযুড়ি কুকুৰা দি কলে, বোলে খুন্লুঙ্গ ডাঙ্গৰ হোৱাত ৰজা আৰু খুন্লাই সৰু হোৱাত মন্ত্ৰী হব। চোমদেৱ দেৱতাক প্ৰতি দিনে আৰু বছৰে বছৰে যেনেকৈ পূজা কৰিব লাগে তাৰো বিধান ক’লে। সেই হেঙ্গদানখান, খান খাম্ফা, অৰ্থাৎ আদ্যা শক্তি গোসাঁনীৰ। সেই হেঙ্গদান সদাই আপোনাৰ আসনৰ ওচৰতে থব লাগে। কাটিবলগীয়া কোনো মানুহক তাক সেৱা কৰালে ধাৰৰ ফাল যদি সমুখ হয়, তেনেহলে তাক কাটিব লাগে আৰু সেয়ে নহলে নালাগে। যদি কোনো আবৰি মানুহ থাকে তালৈ সেই হেঙ্গদান টোৱালেই সি বশবৰ্ত্তী হব। কাইচেঙ্গ মুঙ্গ কুকুৰা দুযুড়ি মাৰি ঠেঙ্গেৰে মঙ্গল চাবলৈ আৰু সেই মঙ্গল মতে চলিবলৈ পাখী মঙ্গল কৰ্ম্মত পিন্ধিবলৈ ও মূৰ আৰু ডৌকা দুখন খাবলৈ আজ্ঞা কৰিলে। খুন্তুম্ অৰ্থাৎ চন্দ্ৰ, খুন্বান অৰ্থাৎ সূৰ্য্যৰ দুটি পুতেকক লগত মন্ত্ৰী কৰি দিলে, আৰু দেৱতাৰ পণ্ডিত লাউখ্ৰি, অৰ্থাৎ বৃহস্পতিৰ পূজাক্জিৰ সন্তানকো সেই খুন্লুঙ্গ খুন্লাইৰ লগতে পঠালে। খুন্লুঙ্গ আৰু খুন্লাইএ মন্ত্ৰী আৰু লগৰ লোক সকলে সইতে হৰ্ষমনে ৪৯০ শঁকত সোণৰ[১] জখলাৰে স্বৰ্গৰ পৰা নামি আহি মুঙ্গৰিঙ্গ মুঙ্গৰাম্ নামে এক অৰাজক ঠাইত ওলালহি। পৃথিবী পাই কুকুৰাৰ বিচাৰ কৰাত নাপাই দুয়ো ভায়েক বৰ বেজাৰ অসন্তোষ কৰি থাকোঁতেই লঙ্গো নামে মানুহ এটাই জনালে বোলে, পঠালে পাহৰি এৰি অহা বস্তু আনিব পাৰোঁ আৰু তাৰ অৰ্থে খেহ (চীন) দেশখান পুৰস্কাৰ স্বৰূপ পাবলৈকো আশা কৰোঁ। তাতে তেওঁ বিলাকে সন্মত হই লঙ্গোকে স্বৰ্গলৈ পঠালে। লঙ্গোৰ মুখে ই সকলো কথা শুনি ইন্দ্ৰে বেজাৰ কৰি সেই কুকুৰ৷ ও হেঙ্গদান আৰু ঢাক পঠালে। লঙ্গোয় আহি ইন্দ্ৰৰ ক্ৰোধৰ কথা জনালে, আৰু কলে বোলে “কাইচোঙ্গ মুঙ্গক” মাৰি তাৰ মঙ্গহখনি খাব। ঠেঙ্গেৰে মঙ্গল চাব, পাখী পিন্ধিব আৰু মূৰটো আৰু ডৌকা দুখন সি অৰ্থাৎ লঙ্গোয়ে খাব। আৰু চীন ডাঙ্গৰ দেশ, তাক বশ কৰি পালিবলৈ সমৰ্থ হবৰ নিমিত্তে হেঙ্গদানখনো সেই লঙ্গোয়ে লব। এই আজ্ঞা পাই খুন্লুঙ্গ খুনলাইএ সেইৰূপে আচৰিলে। কুকুৰাৰ ঠেঙ্গেবে মঙ্গল চোৱাত খুন্লুঙ্গৰ ফালে জয় হোৱা পালে। লঙ্গোএ ডেউকা খালে আৰু হেঙ্গদান ললে।
খুন্লুঙ্গ খুন্লাইএ সেই মুঙ্গৰিঙ্গ মুংৰামতে নগৰ কৰি আয়ুবৰ বাট্বৰ থাপি খুন্লুঙ্গ ৰজা আৰু খুন্লাই যুবৰাজ হই থাকিল। খুন্লাইৰ দুষ্ট বুদ্ধিত মতি হই আয়ুবৰ গছৰ শিপাত সোণৰ গুণা মেৰাই থলে। আৰু খুন্লুঙ্গক কলে বোলে ৰজা হব লাগিলে সেই গছত চিন উলিয়াব লাগে। খুন্লুঙ্গে একে৷ চিন উলিয়াব নোৱাৰিলে কিন্তু খুন্লাইএ উলিয়ালে। আৰু কলে বোলে “ময় হে মূল ৰজা তুমি দুৱলীয়াহে।” খুন্লাইয়ে আন আন লোকে সইতে পৰামৰ্শ কৰি খুন্লুঙ্গৰ প্ৰতি দ্ৰোহ আচৰিবলৈ ধৰাত খুন্লুঙ্গে চোমদেৱক চুৰকৈ লই ইন্দ্ৰৰ তলৈ গৈ সকলো কথা জনোৱাত খুন্লুঙ্গক মুং খুং মুজাও দেশত ৰজা হই থাকিবলৈ কলে। খুন্লাইক শাপ দি সেই মুঙ্গৰিং মুঙ্গৰামত থাকিব দিলে। সেই মুং খুং মুংজাও দেশত খুন্লুঙ্গে অকণ্টকে ৪০ বংসৰ ৰাজ্য ভোগ কৰি স্বশৰীৰে ৫৩১ শঁকত স্বৰ্গলৈ গল। এওঁ জীয়াই থাকোঁতেই এওঁৰ সাতজনা কোঁৱৰৰ বড় জনাক চোমদেৱক দি মুং কং বা তাই তুং কুং দেশৰ ৰজা পাতিলে। তেওঁৰ তলতীয়া খুন্ফাক ভাটী দেশৰ, তেওঁৰ তলতীয়া খুনঙ্গুক লামং তাই অৰ্থাৎ জীউত্ৰা দেশৰ তেওঁৰ তলতীয়া খুন্লাক মুংকলা দেশৰ, তেওঁৰ তলতীয়া খুন্তাক আৱা অৰ্থাৎ মান বা ব্ৰহ্মা দেশৰ আৰু সকলোতকৈ সৰু খুঞ্চুক সেই মুঙ্গ খুংমংজাওতে ৰজা পাতিলে। আগৰ প্ৰতিজ্ঞা অনুসাৰে লঙ্গোএ খেহ দেশ পালে। খুনলুঙ্গৰ পাছত তিনিজনা ৰজাই সি দেশত ৫৯ বৎসৰ ভোগ কৰে, পাছে ৫৯০ শঁকত ত্যাও খুঞ্জন ৰজা হয়। খুন্লাই মুং ৰিং মুংজাওত ৰজা হই পাছে মৃত্যু হল। এওঁ পূৰ্ব্বৰ দুশ্চৰিত্ৰৰ নিমিত্তে স্বৰ্গ লৈ যাব নোৱাৰিলে। তেওঁৰ পুতেক অপুত্ৰকে মৃত্যু হোৱাত মন্ত্ৰীয়ে ত্যাও খুঞ্জন ৰজাৰ খাম্পংফা নামে পুতেক এজনাক আনি মুংৰিং মুংজাও দেশত ৰজা পাতিলে। এওঁ আৰু এওঁৰ পাছৰ ১১ জনা ৰজাই ৩৫৭ বছৰ ৰাজ্য ভোগ কৰে। শেষৰজনা ৰজাই ৯৫৮ শুঁকত অপুত্ৰক থাকি স্বৰ্গী হলত মন্ত্ৰী সকলে খুঞ্চু ৰজাৰ বংশৰ ত্যাও আই পং নামে কোঁৱৰ এজনাক আনি ৰজা পাতিলে। ইজনা আৰু ইজনাৰ পাছত আন এজনা ৰজা হ'ল। এইজনা ৰজা হই তেওঁৰ চাৰিজনা কোঁৱৰৰ মাঝৰ চুকাফাক নিজ দেশত ৰজা পাতি আন কেইজনক আন আন দেশত ৰজা পাতিলে। চুকাফা ৰজাই তেওঁৰ বংশৰ কোনো ভাই ৰজাৰে বিৰোধ হোৱাত মুং কং দেশলৈ গই চোম দেওক লুকাই লই আহোম মতৰ ৫৯০ আৰু ১১৫০ শঁকৰ ১৫ আঘোনত ভটিয়াই আমাৰ দেশৰ উজনিৰ এক খণ্ড পালেহি। তাৰ পাছৰ পৰা তেওঁৰ ৰাজত্বৰ শঁক আৰম্ভ হ'ল। বুৰঞ্জীত এনেৰূপে লেখা আছে বোলে চুকাফা ৰজাৰ লগত ১০৮০ মানুহ, দঁতাল হাতী ১, মাখুন্দি হাতী ১, ঘোঁড়া ৩০০ আৰু থাও মুং ক্লিং লুঙ্গমাংৰাই বুঢ়া গোঁহাই আৰু থাও মুংকানঙ্গ বড় গোঁহাই আহিছিল।
আহোম ৰজা বিলাকৰ উৎপত্তিৰ বিষয়ে আৰু একমত আছে সেইটি এই। সৌমাৰ পীঠৰ পূবফালে স্বৰ্ণাদ্ৰি আৰু হিৰকুট পৰ্ব্বতৰ মধ্যতে বিহগাদ্রি নামে এক পৰ্ব্বতত বশিষ্ঠ মুনিৰ আশ্ৰম আছিল। তাৰ সীমাপৰ ৰত্নভূমি নামে ঠাইত ইন্দ্ৰ ৰজাই শচী আৰু আন আন সখিসকলে সইতে সেই মুনিৰ ফুলনিত ক্রীড়া কৰি থকাত মুনিয়ে দেখি ক্ৰোধ কৰি ইন্দ্ৰক অন্ত্যজাত পতিত হবলৈ শাপ দিলে, আৰু মুনি গুৱাহাটীৰ অগ্নিকোণে কিছুমান দূৰৈত সন্ধ্যাচল পৰ্ব্বতলৈ গই তাতে আশ্ৰম কৰিলে ই আশ্রম অদ্যাপিও বশিষ্ঠাশ্রম নামে প্রখ্যাত হৈ আছে।[২]শাপৰ প্ৰভাবত ইন্দ্ৰ তৎক্ষণাতে অতি হীন আৰু দৈত্যাকাৰ এক পুৰুষ হল। সেই পৰ্ব্বতৰ এজনী তিৰোতাৰ প্ৰতি আসক্তি হোৱাৰ পাছত ইন্দ্ৰৰ শাপ মোচন হই স্বৰ্গলৈ গল। যাবৰ সময়ত সেই স্ত্ৰীত ইন্দ্রে এই কথা কলে “তোমাৰ গৰ্ভত এটি পুত্র আছে কালত জন্মি সেইয়ে ৰজা হব।” কালক্রমে সেই স্ত্ৰীৰ এটা ল’ৰা হ’ল। তাৰ নাম খেনখাম। ল’ৰা ডেকা হ’লত তেওঁক ইন্দ্ৰে চোমদেৱ নামে যন্ত্র কাই চোঙ্গ মুঙ্গ নামে কুকুৰা ঢাক নামে বাদ্য আৰু হেঙ্গদান নামে অস্ত্র দিলে। আৰু অনেক ৰাজনীতি শিকালে ও কি বস্তু কেনেকৈ ব্যৱহাৰ কৰিব লাগে তাকো কই দিলে। ইয়াক পাবৰ পৰা খেনখাম মহাপ্রতাপশালী হই স্বর্ণাদ্রি পৰ্য্যন্ত ৰাজ্য বিস্তাৰ কৰিলে আৰু বিহগাদ্রি পতিৰ লাউখ্ৰি পণ্ডিত আৰু স্বর্ণাদ্ৰি পৰ্য্যন্ত পূজাক্জি পণ্ডিতকো ইন্দ্ৰে খেনখামৰ লগ লগাই দিলে। সেই খেনখামৰ ১৮ জনা কুঁৱৰীৰ পৰা ১০০ পুত্র জন্মে। খুন্লুঙ্গ সকলোতকৈ ডাঙ্গৰ আৰু খুন্লাই তেওঁৰ তলতীয়া। আন আন বিলাক পুত্ৰক আন আন পৰ্ব্বতত ৰজা পাতি খুন্লুঙ্গ খুন্লাইক সেই পণ্ডিত ও বয়বস্তুয়ে সইতে পৃথিবীৰ নামনিত ৰজা হবলৈ পঠালে। খুন্লুঙ্গ খুন্লাইএ লোৰ শিকলিৰে স্বৰ্ণাদ্ৰিৰ পৰা নামি আহি প্ৰথমে মুংৰিং মুংৰাঙ্গতে ৰ’লহি। তাতে অনেক লোক লগ ললে। তাৰ পাছে যি যি ঘটনা হ’ল সেইবিলাকৰ বিবৰণ পূৰ্ব্বৱতেই কোৱা হয়।
আহোম বিলাকৰ বিষয়ে এই যে কথা ইটো কেবল আন আন পুৰাতনীয়া কথাৰ দৰে। সিসকলৰ আচাৰ-ব্যৱহাৰ আৰু অন্য অন্য কথালৈ চালে এনেটো নিশ্চয়ে বিশ্বাস জন্মে যে আহোমবিলাকৰ আদি ঠাই ব্ৰহ্মাদেশৰ গুড়িৰ শ্যাম দেশ। খৃষ্টৰ সাত শ শতাব্দিত মুসলমান ধৰ্ম্মৰ স্ৰোত চাৰিওফালে যাবলৈ ধৰে। সেই ধৰ্ম্মৰ তাতাৰ জাতিয়ে চীন দেশ আক্ৰমণ কৰে। ব্ৰহ্মা, শ্যাম প্ৰভৃতি দেশত, সি সময়ত এক ভয়ানক, ৰাজবিপ্লৱ হোৱাত আহোমবিলাক এইৰূপে ক্ৰমে ভটীয়াই আহি ব্ৰহ্মা দেশৰ আৰু অসম দেশৰ মাঝৰ পৰ্ব্বতবিলাকত থাকেহি আৰু তাতে সি সকলৰ “শ্যান” নাম হয়। খুন্লুঙ্গৰ এজনা কোঁৱৰ আৱা বা ব্ৰহ্মাদেশৰ ৰজা হোৱা বুলি লেখা আছে। ব্ৰহ্মা ৰজাই এই দেশৰ ৰজাক “ভাই ৰজা” বুলি কয় আৰু সেই “ভাই ৰজাৰ” দেশ ৰক্ষা কৰিবলৈহে তাৰ অনেক কালৰ পাছত ১৭৩৯ শকত সৈন্য পঠায়। লঙ্গোৰ বিষয়ে যি কথা কোৱা হইছে তাৰ দ্বাৰাও চীন ৰাজ্যৰ হুলস্থুলৰ কথা প্ৰতীতি হয়। চীনৰ ৰাজা ৰাজ্যভ্ৰষ্ট হোৱাত সি বংশৰ কোনো ৰজা বা কোনো লোকে আক্ৰমণকাৰীসকলক খেদাবলৈ যি উদ্যোগ কৰে লঙ্গোৰ বিবৰণে তাকেই মাথোন কয়। যি শতাব্দিত মুসলমানবিলাকৰ পূৱফালে ৰাজ্য বিস্তাৰ হোৱাৰ কথা লেখা গইছে, সি শতাব্দিতে খুন্লুঙ্গ খুনখুলায়ে স্বৰ্গৰ পৰা নামি অহা জনা যায়।
শ্যানবিলাকৰ মাঝত যি বিবৰণ প্ৰচাৰ আছে, তাৰেও কিছুমান অনুসন্ধানৰ সাহায্য পোৱা যায়। সিসকলৰ মতে শ্যান জাতিৰ ৰাজ্য খণ্ডক এতিয়াও পঙ্গ দেশ বোলে আৰু তাৰ ৰাজধানীৰ নাম মঙ্গমাওৰঙ্গ।[৩] আৰু সি দেশৰ প্ৰথম ৰজাৰ নাম খুৱলাই থকা বুলি সিসকলে কয়। সেইজনাই যে খুন্লাই ইয়াক নপতিয়াবলৈ একো কাৰণ নাই। খুৱলাইৰ মৰণৰ পাছে কেইজনামান ৰজা হই যোৱাত মৰ্গনৌ নামে এজনা ৰজা হয়। খ্ৰীষ্টৰ ৭৭৭ বছৰত তেওঁৰ মৃত্যু হয়। তেওঁৰ চুকাম্ফা ও চামলোম্ফা নামে দুই পুতেক থাকে। সি দুজনাই ক্ৰমে মণিপুৰ, কাছাৰ প্ৰভৃতি আক্ৰমণ কৰিবলৈ ধৰি পাছে দুয়ো ভায়েকৰ মাঝত বিৰোধ হোৱাত এক ভায়েক ভটীয়াই আহিল। আৰু ইজনাই যে ওপৰত কোৱা চুকাফা ৰজা ই সঁচা।
খুন্লুঙ্গ খুন্লাইৰ বিবৰণত তেওঁবিলাক স্বৰ্গৰ পৰা নামি অহাৰ সময়ত কুকুৰাৰ ঠেঙ্গেৰে মঙ্গল চোৱা চোমদেৱক পূজা কৰা ইত্যাদিৰ যি কথা আছে সি কথাতে আহোমবিলাকৰ সকলো কথাই পোৱা যায়। আহোমবিলাকে যে হিন্দু ধৰ্ম্ম গ্ৰহণ কৰে, সিও কেৱল সিসকলৰ চোমদেৱকে পূজা কৰাই মূল কাৰণ। কিয়নো সেই দেৱতাৰ মূৰ্ত্তি, হিন্দু দেৱতাৰ যন্ত্ৰৰ দৰে। আগৰ ব্যৱহাৰতো আহোমবিলাকৰ আচাৰ-ব্যৱহাৰে সইতে ওচৰৰ পৰ্ব্বতীয়৷ জাতিবিলাকৰ আচাৰে সইতে মিল আছে। ইসকল কথাৰ দোৱাৰাই আহোমবিলাকৰ গুড়ি নিশ্চয়ে যে পৰ্ব্বতীয়া ইয়াত সন্দেহ নজন্মে। সেইসকলে ক্ৰমে ক্ৰমে আপোনাৰ ৰাজ্য বিস্তাৰ কৰি পাছে এই আসাম দেশ লই প্ৰায় ছশ বছৰ ৰাজত্ব কৰিলে। এতিয়া সিবিলাকৰ অৱস্থা এনে হইছে যে ৰাজ্য আক্ৰমণ কৰি ফুৰা পৰ্ব্বতীয়া জাতিৰ সন্তান যে সিসকল ই কথাৰ নামহে আছে। আৰু অনেকৰ জাতি ধৰ্ম ও ভাষা পৰ্য্যন্ত বিস্মৃতি হই গইছে।
- ↑ কোনো কোনো মতে সোণৰ শিকলীৰে আৰু কাৰো মতে লোৰ জখলাৰে খুন্লুঙ্গ খুনলাই নামি অহা প্ৰসিদ্ধ।
- ↑ একমতে এনে প্ৰচাৰ আছে যে বিহগাদ্ৰি পৰ্ব্বতৰ সমীপবর্তী দিখৌ নদীক মলমূত্র বাহিনী আৰু মুনিৰ পূজা কৰা শিলা যন্ত্ৰক অন্ত্যজ পূজ্য হবলৈ মুনিয়ে শাপ দিলে। সেই যন্ত্র শিলাই আহোম বিলাকৰ দেৱতা চোমদেৱ।
- ↑ এইখানেই যে আমাৰ বুৰঞ্জীৰ মুংৰি মুংৰাঙ্গ এনে বিশ্বাস হয় আৰু আমাৰ বুৰঞ্জীত মুং কং নামে যি দেশৰ কথা আছে, শ্যান ৰাজ্যত এতিয়াও মুং কং নামে যি এখন প্ৰদেশৰ কথা কয় সি এয়েই হয়।