সমললৈ যাওক

আসাম বুৰঞ্জী/পৰিশিষ্ট

ৱিকিউৎসৰ পৰা

পৰিশিষ্ট

 কামৰূপ জিলাৰ দক্ষিণ কূলৰ কোনো এঠাইত এটি শিলৰ ঘৰ আছে। সেই ঘৰটোৰ বিষয়ে এনে প্ৰবাদ আছে বোলে সেইটো চান্দো সদাগৰৰ “মেড়ঘৰ”। এই চান্দো সদাগৰ পুত্ৰ লক্ষ্মীন্দাৰক এই ঘৰতে বিবাহৰ ৰাত্ৰি বিষহৰিৰ সৰ্পে দংশন কৰে। তেওঁৰ পতিব্ৰতা পত্নী বেউলাই লক্ষ্মীন্দাৰৰ শৱটো ভুড়ত উটাই ভটীয়াই লই যায়। নেতাঁই ধুবুনী নামে এজনী মানুহৰ সাহায্যত লক্ষ্মীন্দাৰ পুনৰ্জ্জীবিত হয়। ধুবুৰীৰ ওচৰত নেতাঁই ধুবুনীৰ এটি ঘাট আছে। সেই ঘাটৰ এতিয়া ভগ্নাৱশেষ মাত্ৰ আছে। এই চান্দো সদাগৰ এজন বিখ্যাত সদাগৰ আছিল। এওঁৰ বিবৰণ পদ্মপুৰাণত আছে।

 তেজপুৰত আগৰ শিলৰ ঘৰৰ ভগ্নাৱশেষ অনেক আছে। বাণৰজাৰ আৰু উষাৰ ঘৰৰ ভগ্নাৱশেষ বুলি সেইবিলাক কোৱা হয়। নগাঁওৰ চপানলা পৰ্ব্বতত শিলৰ মন্দিৰ প্ৰাচীৰ খিলান প্ৰভৃতিৰ ভগ্নাৱশেষ বা অসম্পূৰ্ণ অংশ বিস্তৰ আছে। এই ঠাই মহাভাৰতত লেখা হংসধ্বজ ৰজাৰ নগৰ বুলি আজিকো লোকে কয়। ডিমাপুৰতো সেইৰূপ মন্দিৰৰ অনেক চিন পোৱা যায়। এইখনেই পুৰণি হিড়ম্ব নগৰ বুলি এতিয়াও প্ৰসিদ্ধ। শদীয়া আৰু আন আন ঠাইতো এনে অনেক মঠ মন্দিৰৰ চিন আছে। গোৱালপাড়া জিলাৰ হাবড়াঘাট পৰগণাত “শ্ৰীসূৰ্য্যৰ পাহাড়” নামে প্ৰসিদ্ধ এটি পৰ্ব্বত আছে। শুনা গইছে তাৰ নামনিত চক্ৰাকাৰ এডোখৰ শিল আছে। ঘড়িৰ ৰেখাৰ দৰে তাত কিছুমান ৰেখাও থকা দেখি। সেই পৰ্ব্বতৰ নাম আৰু সেই শিলৰ দ্বাৰাই এনে অনুমান হয় যে কেতিয়াবা সি নাক্ষত্ৰিক জ্যোতিষ গণনাৰ মানমন্দিৰ আছিল।

 এই দেশ ভ্ৰমণ কৰিলে দূৰৈৰ পৰা কোনো কোনো ঠাইত একোখন গ্ৰাম থকা যেন দেখি। ওচৰলৈ গলে তাত কেৱল ঝাড়নি কাঠনি হাবি মাত্ৰ দেখি। তাত যে কোনো কালত গ্ৰাম আছিল তাৰ চিন কেৱল পুখুৰী, ঘৰৰ ভেটীৰ চিন আৰু আম কঠালৰ গছ দেখি। কোনো কোনো পুখুৰী বা কোনো ঠাই খানোতে ইটা, খুটা আৰু আন ধন বস্তু পোৱা গইছে। মৰ্ণই নামে এঠাইৰ মাটি ব্ৰহ্মপুত্ৰে খহাওঁতে তাৰ অনেক তলৰ পৰা শিলৰ মূৰ্ত্তি, ইটা, খোলা আৰু সেইৰূপ মানুহৰ প্ৰয়োজনীয় অনেক বস্তু দেখা হইছিল। অথচ সেই ঠাইৰ ওপৰত অনেক প্ৰকাণ্ড গছ আৰু মানুহৰ ঘৰ আছিল।

 এইসকলৰ প্ৰতি দৃষ্টি কৰিলে এই দেশৰ লোকসকলৰ পূৰ্ব্বৰ অবস্থা যে ইয়াতকৈ অনেক অংশে বেলেগ আছিল ইয়াক জানি। সেইসকল লোক এতিয়াৰ লোকতকৈ বল, বুদ্ধি, শক্তি ধন সকলোতে শ্ৰেষ্ঠ আছিল। এইসকলৰ প্ৰকৃত সময় এতিয়া জনা বড় টান। ইয়াৰ অনেক কীৰ্ত্তি আহোমবিলাক এই দেশলৈ অহাৰ পূৰ্ব্বৰ সময়ৰ। সেইকালৰ ইতিহাস আৰু বিবৰণ প্ৰায় পোৱা নাযায়। যি পোৱা হয় সিও অনেক পতিয়াব নলগীয়া কথাৰে পৰিপূৰ্ণ। এই মঠ মন্দিৰৰ অনেক বৌদ্ধধৰ্ম্ম এই দেশত প্ৰচাৰ হ’বৰ পূৰ্ব্বৰ। বৌদ্ধসকলে অনেক মন্দিৰ ভাগিলে অথচ অনেক নকৈ নিৰ্ম্মাণ কৰিলে। যেতিয়া বৌদ্ধৰাজ্য গুছিল তেতিয়া সেইবিলাক কীৰ্ত্তি ভগা ছিগা হই থাকিল। শকাদিত্যৰ প্ৰথম শতাব্দীত যেতিয়া এই দেশত বৈদিক ধৰ্ম্ম পুনঃ প্ৰচলিত হয় তাৰ পাছে কিছুমান মঠ মন্দিৰ নিৰ্ম্মিত বা সংস্কাৰিত হ’ল, কিছুমান তেনেই থাকিল। ডাঙ্গৰ ৰাজ্য লোপ হই প্ৰায় স্ব স্ব প্ৰধান অনেক সৰু সৰু ৰাজ্য হোৱাত লোকসকলৰ সাধাৰণ অবস্থা ক্ৰমে হীন হবলৈ ধৰিলে। সেই কাৰণেহে আহোমবিলাকে বিশেষ শ্ৰম নকৰাকৈ প্ৰথমে সৌমাৰ প্ৰদেশ অধিকাৰ কৰিবলৈ পাৰিলে। ফলিতাৰ্থে নাগশঙ্কৰৰ বংশ ধ্বংস হবৰ পাছৰ পৰা অৰ্থাৎ তেৰশ বছৰৰপৰা এই দেশৰ অনুন্নতিৰ আৰম্ভ। আহোমবিলাকেও কেতবিলাক মঠ মন্দিৰ নিৰ্ম্মাণ আৰু জীৰ্ণ সংস্কাৰ কৰিলে। কেতবিলাক আলি পুখুৰী সাঁকো, ইত্যাদিও কৰিলে কিন্তু প্ৰাচীন মন্দিৰাদিৰ যি চিন দেখি তাৰে তুলনা কৰিলে এইবিলাক সামান্য। আহোমবিলাকে দেশত বসতি কৰি আৰু হিন্দুধৰ্ম্ম লই দেশীয় লোকসকলৰ লগত মিলিল। তেওঁবিলাকে দেশৰ উন্নতিৰ অৰ্থে অনেক উপায় আৰু উদ্যোগ কৰিলে। কিন্তু তেওঁবিলাক আগমনৰ পৰাই দেশৰ স্বাধীনতা লোপৰ আৰম্ভণ হোৱাত আৰু শাসন তেনে দৃঢ় নোহোৱাত প্ৰজাৰ অবস্থা তেনে উন্নত নহ’ল। তথাপি ক্ৰমে হবলৈ ধৰিছিল। মোৱামৰীয়াৰ আৰু মানৰ উপপ্লবৰ পাছত দেশ একেবাৰে উপান্ত হ’ল। কিন্তু পৰমেশ্বৰে আন উপায়েৰে এতিয়া আমাৰ দেশৰ শ্ৰীবৃদ্ধিৰ যোটনা কৰিছে। আগৰ কালত কামৰূপ বড় প্ৰসিদ্ধ আছিল। ইয়াক ভগবতীৰ যৌতুকৰ দেশ বুলি কয়। ইয়াৰ প্ৰশংসা আৰু গৌৰব ভালকৈ পুৰাণাদিত লেখা আছে। ইয়াৰ ৰাজধানীৰ নাম প্ৰাগজ্যোতিষ্পুৰ। প্ৰকৃতে ইয়াত যিবিলাক কীৰ্ত্তি চিহ্ন আছে তাৰ দ্বাৰা সেই নামৰ উত্তম পৰিচয় পায়।

 ইয়াৰ ব্ৰাহ্মণাদি জাতিসকলে প্ৰায় পৌৰাণিক বা প্ৰাচীন মতে প্ৰবৰ্ত্তন কৰে। স্মাৰ্ত্ত মতৰ তাদৃশ প্ৰবৰ্ত্তন নাই। কামৰূপীয় নিবন্ধ নামে এক পুথিত ইয়াৰ আচাৰ ব্যবহাৰৰ বিবৰণ আছে। এই দেশ অতি পূৰ্ব্বৰে পৰা আন স্বাধীন ৰাজ্যৰ দৰে স্বতন্ত্ৰৰূপে প্ৰবৰ্ত্তিত হই আহিছে। ই কেতিয়াও আনদেশৰ শাখা দেশ বা প্ৰদেশ নহয় আৰু নাছিল। এতিয়া এনে আশা কৰা গইছে যে সৰ্ব্বশক্তিমান পৰমেশ্বৰৰ কৃপাত আমাৰ দেশত অবস্থা ক্ৰমে উন্নত হ’ব। কিয়নো এই উন্নতিৰ বাটলৈ আনিবৰ কাৰণে এতিয়াৰ শাসন আৰু নিয়ম অতি প্ৰশস্ত আৰু উপযুক্ত হইছে।