আসাম বুৰঞ্জী/প্ৰথম অধ্যায়
শ্ৰীশ্ৰীশঃ
আসাম বুৰঞ্জী
অৰ্থাৎ
অসম দেশৰ ইতিহাস
⸺::⸺
প্ৰথম ভাগ
প্ৰথম অধ্যায়
অসম দেশৰ পূৰ্ব্ব সীমা মিচিমী, চিংফৌ প্ৰভৃতি জাতি থকা পৰ্ব্বত বিলাক। পশ্চিম সীমা, মানাহ নদী আৰু গোয়ালপাড়া জিলাৰ হাবড়াঘাট পৰগণা। উত্তৰ সীমা, ভোট, অকা, ডফলা আৰু আবৰ থকা পৰ্ব্বত শ্ৰেণী। আৰু দক্ষিণ সীমা, নগা, খাসীয়া আৰু গাৰো বিলাক থকা পৰ্ব্বত। ইয়াৰ পৰিমাণ ফল পৰ্ব্বত ভাগ এড়িলে ১৭০৪৪ বৰ্গ মাইল। ইয়াৰ যাবতীয় প্ৰজাৰ সংখ্যা ১৭৭৬০৩৯ জন।
এই দেশ ভাৰতবৰ্ষৰ পূৰ্ব্ব উত্তৰ চুকে। ইয়াৰ সীমাৰ পূব ফালে আৰু ব্ৰিটিশ ৰাজ্য নাই। ই দীঘলে প্ৰায় ৫০০ মাইল আৰু পথালীয়ে সকলো ঠাইতে সমান নহলেও মুঠে ৬০ মাইল হব। এই দেশৰ উত্তৰ ফালে ভোট প্ৰভৃতি জাতিৰ পৰ্ব্বতবিলাক। তাৰ উত্তৰে সুবিস্তীৰ্ণ হিমালয় পৰ্ব্বত যাৰ বৰফ থকা কোনো কোনো শৃঙ্গ শীত কালত ইয়াৰ পৰা দেখি। ইয়াৰ দক্ষিণ ফালৰ পৰ্ব্বতবিলাক অতি সুবিস্তাৰ। হিমালয় শ্ৰেণীৰ দৰে নহলেও একেবাৰে অশোভিত নহয়। এই হিমালয়ৰ উত্তৰে মানস সৰোবৰৰ পৰা ওলাই ব্ৰহ্মপুত্ৰ নদ মিচিমী বিলাকৰ পৰ্ব্বতৰ মাঝে অসম দেশৰ ভিতৰে বই গই বঙ্গাল দেশত সোমাই সমুদ্ৰত পড়িছে। উত্তৰ আৰু দক্ষিণ ফালৰ পৰা ব্ৰহ্মপুত্ৰৰ গৰ্ভলৈকে মাটি ক্ৰমে নিম্ন হই আহিছে। এই দেশ প্ৰকৃতে অসম ঠাইতে ম আৰু ঠাইতে দ। ব্ৰহ্মপুত্ৰ মহানদে এই দেশ খনকে উত্তৰ কূল আৰু দক্ষিণ কূল এই দুই খণ্ডে ভগাইছে। ধনসিৰী, ভৈৰবী, দিহিং, দিখৌ, সোণাই, বড় নদী, কলহী, মানাহ, চাউল খোৱা প্ৰভৃতিয়ে ইয়াৰ কৰ যোগাইছে। আৰু ইয়াৰো কলঙ্গ প্ৰভৃতি কেইবা শাখাও আছে।
এই দেশৰ পাৰ্ব্বত্য, সমতল আৰু জলমগ্ন ভূমি বিবেচনা কৰি ইয়াক তিনি ভাগে বিভক্ত কৰিব পাৰি। প্ৰথম দুইয়ো কূলৰ ওখ ওখ পৰ্ব্বত ভাগ দ্বিতীয় উত্তৰ আৰু দক্ষিণ কূলৰ সমতল বাম ঠাই। তৃতীয় এই দুইয়ো কূলৰ বাৰিষা পানীত তলযোৱা ঠাইবিলাক। উত্তৰ কূলৰ কামৰূপ জিলাৰ ক্ষেত্ৰি প্ৰভৃতি পৰগণা আৰু বড় নদীৰ সমীপৰ কিছুমান ঠাই আৰু আন কোনো কোনো ঠাইক এড়ি প্ৰায় বাম। আৰু দক্ষিণ পাৰে সেই ৰূপে কলঙ্গ আৰু ব্ৰহ্মপুত্ৰৰ মাঝৰ চাপৰী আৰু আন আন কিছুমান ঠাইক এড়ি অপেক্ষাকৃত সমতল। এইটি বড় আশ্চৰ্য্য যে উত্তৰ কূলত দ আৰু পানীত তলযোৱা মাটীৰ প্ৰায় সমানে দক্ষিণ কূলত ওখ মাটী। আৰু দক্ষিণ কূলৰ দ আৰু পানীত তলযোৱা মাটিৰ প্ৰায় সমানে সিপাৰে ওখ মাটী। এই বিলাকত বাহিৰেও কলীয়াবৰ, জাগী, বাঘবৰ, হাজো, নগৰবেড়া প্ৰভৃতি অকল শৰীয়া ওখ পৰ্ব্বত। আৰু তাৰ উচ্চতা ৭০০ ফিট পৰ্য্যন্ত দেখা গইছে। আৰু বিল বা জলাহ প্ৰভৃতি দ ঠাই এই দেশত অনেক আছে।
ইয়াৰ জল আৰু বায়ু অতিশয় অস্বাস্থ্যকৰ বুলি অনেকে কইছিল। এই কথা কিমান সঁচা তাক কব নোৱাৰি। কিন্তু লোক সমাজত যিমান ভয় লগা হই সেই কথা প্ৰসিদ্ধ আছে তিমান নহয়। ভাৰতবৰ্ষৰ আন আন ঠাইৰ দৰে ইয়াতো বাৰিষাৰ আদি আৰু শেষ সময়েই ৰোগ বৃদ্ধিৰ কাল। হাবি আৰু পানীত তল যোৱা ঠাই থকাহে এই দুৰ্নামৰ মূল। এই দেশৰ অনেক হাবি কটা হই এতিয়া পৰিষ্কাৰ হোৱাত সেই সকল ঠাইৰ পূৰ্ব্বৰ অপবাদ গুছি আকৌ ভাল বুলিহে প্ৰসিদ্ধ হইছে।
অসম দেশত শীত আৰু গ্ৰীষ্ম দুইয়ো প্ৰায় সমান। জ্যৈষ্ঠ আৰু আষাঢ়ত যেনে গ্ৰীষ্ম তাৰ বিপৰীত শীত পৌষ মাহত হয়। কোনো দিন দুপৰীয়ালৈকে জাৰকালি কুঁৱলী থাকে। ফাগুনৰ পৰা বড় বতাহ বয়। আক ইয়াৰ হ্ৰাস বৃদ্ধি সূৰ্য্যৰ তাপৰ হ্ৰাস বৃদ্ধিৰে সৈতে সম্পৰ্ক ৰাখে। বাৰিষাৰ পূৰ্ব্বে কোনো কোনো দিন বিয়লি আৰু গধূলি বড় ধুমূহা হয়।
এই দেশত প্ৰধানকৈ তিনিটা মাত্ৰ ঋতু। বাৰিষা, জাৰকালি আৰু জহ। জ্যৈষ্ঠৰ আদিৰে পৰা বৰ্ষা আৰম্ভ হই আশ্বিন লৈকে থাকে। কেতিয়াবা এনেকেই বৰষুণ হয় যে চাৰি পাঁচ দিন একাদিক্ৰমে বৰষি থাকে। কাৰ্ত্তিকৰ পৰা জাৰ আৰম্ভ হই প্ৰকাৰান্তে বৈশাখ লৈকে থাকে। ইফালে আকৌ চৈত্ৰৰ পৰা জ্যৈষ্ঠ লৈকে বড় জহ। বাৰিষাও কিছুমান দিন বৰষুণ নহলে অতিশয় গ্ৰীষ্ম হয়। এই দেশৰ তাপৰ গড় পৰিমাণ ৭৪ ডিগ্ৰি। পাৰ্ব্বত্য চিৰাপুঞ্জি নগৰত সদাই বড় বৰষুণ হয়। ১৮৬১ সনত সেই নগৰত ৮০৫ ইঞ্চ পৰিমাণ জল বৰ্ষণ হইছিল। তাৰে ৩৬৬ ইঞ্চ অকল জানুয়াৰি মাহত বৰ্ষণ হয়। এনেও হইছে যে ছদিনত ১৫০ ইঞ্চ জল বৰ্ষিছে। আৰু এদিনতে সাধাৰণত ১২ ইঞ্চ জল সচৰাচৰ বৰ্ষণ হয়।
ইয়াৰ পৰ্ব্বত আৰু ঝাড়নি কাঠনি হাবি বিলাকত শাল, পমা, চমা, কড়ই, শিঙ্গৰি প্ৰভৃতি অনেক বহু মূলীয়া গছ, নানা বিধ বাঁহ আৰু বেত আছে। কোনো কোনো গছ বড় প্ৰকাণ্ড। দুইয়ো ফালৰ পৰ্ব্বত বিলাকত চৈত্ৰ বৈশাখ মাহত গধূলি প্ৰায় জুই লাগে। কেতিয়াবা কোনো পৰ্ব্বত একেবাৰে জ্যোতিৰ্ম্ময় হয়।
এই দেশত কোনো কোনো নদীৰ পৰা সোণ ধুই উলিয়াব পাৰি। কয়লা বা নাগমাটী উজনিৰ ফালে আবিষ্কাৰ হইছে। খাসিয়া পৰ্ব্বতৰ ফালে চুণৰ আকৰ আছে। নগা পৰ্ব্বতৰ কোনো কোনো ঠাইত লোণ পুঙ্গ বা লোণৰ আকৰ আছে। এই লোণ সামুদ্ৰিক লোণৰ দৰে নহয়। লৌহৰ আকৰো ইয়াৰ নগা পৰ্ব্বতৰ সমীপত কোনো কোনো ঠাইতে দৃষ্ট হইছে। সেই আকৰৰ ওচৰত জুই ধৰা সাঁচ পোৱা যোৱাত এনেটোহে অনুমান হয় যে কেতিয়াবা তাৰ পৰা লো খানি তোলা গইছিল।
এই দেশৰ চাৰিও ফালে পৰ্ব্বত থকাত আৰু কয়লা ইত্যাদিৰ আকৰ থকাত সময়ে সময়ে বড় ভূমিকম্প হয়। মেং ৰাৱনসন্ সাহাবে তেওঁৰ বুৰঞ্জিত লেখিছে ইংৰাজী ১৬০৭ শকত এনেহে ভূমিকম্প হইছিল, যে কোনো কোনো সৰু পৰ্ব্বতো তললৈ গইছিল। প্ৰথম বাৰ মান অহাৰ পূৰ্ব্বে এবাৰ ভূমিকম্প হইছিল সিও এনে হইছিল যে লোকে কয় বোলে সেই নিমিত্তেহে দেশত উৎপাত হল। ইংৰাজী ১৮৪৬ শকত এবাৰ বড় ভূমিকম্প হয়। সেই ভূমিকম্প কেইবা দিনো অনেক বাৰ হইছিল। তাতে উমানন্দ দেৱালয়ৰ মন্দিৰৰ ওপৰৰ ত্ৰিশূল ভাঙ্গে। ইংৰাজী ১৮৬৯ সনৰ জানুয়াৰি মাহৰ আদিতে এবাৰ ভূমিকম্প হয়। সিও বড়কৈ হইছিল। এই কেইটাত বাজ আন ডাঙ্গৰ ভূমিকম্পৰ বিষয় এই পৰ্য্যন্ত প্ৰসিদ্ধ হোৱা নাই।[১]
- ↑ নগাওঁ জিলাৰ ডবকা থানাৰ ওচৰত মাটীৰ তলত এটা মঠ পোৱা গইছে। সেই মঠৰ নিমিত্তেই সেই গাঁও খনকে মঠৰ গুড়ি বোলে। এই মন্দিৰ কোন ভূমিকম্পত যে মাটিৰ তললৈ গইছে এনে বিশ্বাস হয়।