আসাম বুৰঞ্জী/পঞ্চম অধ্যায়
ইয়াৰ আগেয়ে কোৱা হইছে যে কামৰূপৰ ৰাজধানী গুৱাহাটীৰ পৰা গুছিল। পুৰণি ৰোম ৰাজ্যৰ যেনেকেই দুই ৰাজধানী হইছিল ইয়াৰো তেনে হ’ল। ভাটীৰ ফালৰ ৰাজধানীৰ কথা পূৰ্ব্বে কোৱা হইছে। উজনিৰ ৰাজধানী নাগশঙ্কৰৰ ওচৰতে আছিল। ব্ৰহ্মপুত্ৰৰ বংশৰ লোপ হোৱাৰ পাছত এই বংশৰ শেষ ৰজাৰ কোনো এজন অমাত্য গই উজনিত বৰ পৰাক্ৰমী চুটিয়া ৰাজ্য স্থাপন কৰে। কিন্তু কালক্ৰমে সিহঁত এনে হ’ল যে সিহঁতৰ জাতি ধৰ্ম্ম আৰু ভাষাও লোপ পালে। এই শেষ ৰাজবংশৰ ধ্বংস হ’লত কামৰূপৰ এই ভাগ প্ৰায় অৰাজক হ’ল। ভাটীৰ ৰাজধানীৰ পৰা দেশৰ অধিকাৰ সকলেও চাব নোৱাৰে। আৰু যি লোকক শাসনৰ ভাৰ দি পঠোৱা হয় সেই সকলেও উজাই আহি প্ৰায় স্বাধীনতাক লয়হি। ভোট, কছাৰী প্ৰভৃতি দুইও দাঁতিৰ পৰ্ব্বতীয়৷ লোক সকলে সদাই উপদ্ৰৱ কৰি থাকিছিল। পাছে প্ৰায় ঠাইয়ে ঠাইয়ে যেইয়ে বলে পাৰিছিল সেইয়ে ৰজা হইছিল বা ভূঁয়া ইত্যাদি নাম লই ৰাজ্য শাসন কৰি আছিল। সেই বিলাক প্ৰায় স্বাধীন থাকিলেও সমূহৰ ওপৰত যেতিয়া কোনো উপদ্ৰৱ পৰে তেতিয়া সকলোয়ে মিলি সেই উপদ্ৰৱৰ হাত সাৰিবলৈ যত্ন কৰিছিল।
ইফালে বৌদ্ধ ধৰ্ম্ম প্ৰৱল হোৱাত সেই ধৰ্ম্মক অনেকে গ্ৰহণ কৰি বৌদ্ধাচাৰী হইছিল। ব্ৰহ্মা, চীন প্ৰভৃতি দেশে সইতে লোকৰ গতিবিধি আছিল। পাছে যেতিয়া বৈদিক ধৰ্ম্মৰ পুনঃ প্ৰবেশ হ’ল তেতিয়াও লোকৰ অবস্থা তেনে ভাল নাছিল। বলেই স্বত্ব হোৱাত প্ৰজাৰ অবস্থা তেনে নাছিল। পাছে কমতাপুৰৰ ৰজাই এই দেশ সুন্দৰকৈ লবৰ মনেৰে আৰু কোঁচ আৰু আন আন শত্ৰুৰ পৰা ৰক্ষা কৰিবলৈ বঙ্গাল দেশৰ পৰা যি কেইঘৰ ভূঁয়া আনে সেই কেইঘৰেও ভালকৈ দেশ শাসন কৰিব নোৱাৰিলে। ইফালে মুসলমান বিলাকে যেতিয়া ৰাজ্য ল’লে সেই বিলাকেও ৰাজ্য শাসনতকৈ লুৰি পুৰি দেশ নষ্ট কৰিবলৈহে চালে। সেই সময়ত প্ৰজাবিলাকে আপোন আপোন মাটিৰ ক্ষেতি কৰিছিল। হাট বজাৰ* নাছিল আৰু টকাও নাছিল। বস্তুৰ বাবে বস্তু সলনি দি মানুহে কাম চলাইছিল। যুদ্ধৰ সময়ত ঘৰে ঘৰে একোটি মানুহ ৰণ কৰিবলৈ গইছিল। ভোট প্ৰভৃতি পৰ্ব্বতীয়া জাতিয়ে সইতে বেপাৰ কৰিছিল হয় কিন্তু উপদ্ৰৱৰ নিমিত্তে নামনিৰ মানুহে সদাই শঙ্কিত থাকিছিল।
বলিত নাৰায়ণ ৰজাই আপোনাৰ ভাগৰ ৰাজ্য লই দৰঙ্গত ৰাজধানী কৰিলে আৰু ভালকৈ দেশ শাসনৰ প্ৰতি মনোযোগ দিলে। কিন্তু আহোম বিলাকৰ পৰাক্ৰম বাঢ়ি অহা দেখি অসমৰ স্বৰ্গনাৰায়ণ ৰজাক তেওঁবিলাকৰ বংশৰ মঙ্গলদই নামে জীয়ৰী এজনী দি মিত্ৰ কৰিলে। আৰু সেই জীয়ৰীজনীৰ নামেই তেওঁবিলাকৰ থকা ঠাই সেই ঠাই আৰু নদীৰো নাম মঙ্গলদই হ’ল। স্বৰ্গনাৰায়ণ ৰজাই বলিত নাৰায়ণৰ প্ৰতি সন্তোষ হই আৰু তেওঁ ধৰ্ম্মশীল থকাত তেওঁৰ নাম ধৰ্ম্ম নাৰায়ণ দিলে। আৰু তেওঁৰে গজনাৰায়ণ নামে ভায়েক এজনাক বেলতলাত ৰজা পাতিলে। তেতিয়াৰে পৰা বেলতলাৰ ৰজাৰ ফৈদ বাঢ়িল।
ইংৰাজী ১৬৩৪ শঁকত বলিত নাৰায়ণ ৰজা স্বৰ্গী হ’লত তেওঁৰ পুতেক মহেন্দ্ৰ নাৰায়ণ সিংহাসনত উঠে। এওঁৰ দিনত একো বিশেষ ঘটনা নাই। এইজনা ৰজাই অনেক ব্ৰাহ্মণক ব্ৰহ্মত্তৰকৈ অনেক নিষ্কৰ মাটি দিছিল। অতি শান্তিৰে ১৯ বছৰ ৰাজত্ব কৰি ১৬৪৩ শঁকত মহেন্দ্ৰ নাৰায়ণৰ মৃত্যু হয়। আৰু তেওঁৰ পুত্ৰ চন্দ্ৰনাৰায়ণ ৰজা হয়। চন্দ্ৰনাৰায়ণ ১৭ বছৰ সিংহাসনত থাকি মৃত্যু হলত তেওঁৰ পুত্ৰ সূৰ্য্যনাৰায়ণ ৰজা হয়। ১৬৮২ সনত মঞ্জুৰ খাঁ সেনাপতিয়ে এই দেশ আক্ৰমণ কৰিলে। আৰু যুদ্ধত সূৰ্য্যনাৰায়ণ ৰজা ঘাটিল। আৰু বন্দীকৈ দিল্লীলৈ নিয়া হল। দিল্লীৰ পৰা সূৰ্য্যনাৰায়ণ ৰজা কোনোমতে পলাই আহিল হয় কিন্তু লাজত পুনৰায় সিংহাসনত নবহিল। যেতিয়৷ সূৰ্য্যনাৰায়ণক ধৰি নিয়ে তেতিয়৷ তেওঁৰ ভায়েক ইন্দ্ৰনাৰায়ণ নিচেই সৰু পাঁচবছৰীয়৷ আছিল। মন্ত্ৰী সকলে গোটখাই এওঁকে ৰজা পাতিলে। কিন্তু ৰজ৷ সৰু আৰু মন্ত্ৰীসকলৰ পৰস্পৰ বিৰোধ হোৱাত ৰাজ্যত মহা হুলস্থুল হই শেষত কামৰূপ পৰ্য্যন্তে আহোম ৰজাৰ অধিকাৰ হল। কালক্ৰমে এওঁৰ পৰলোক হোৱাত ১৭২৫ সনত আদিত্যনাৰায়ণ সিংহাসনত উঠে। এওঁৰ ৰাজ্যৰ সীমা এই আছিল: উত্তৰে গোঁহাই কমলৰ আলি, দক্ষিণে ব্ৰহ্মপুত্ৰ, পূৰ্ব্বে ধনসিড়ী আৰু পশ্চিমে বড় নদী। কিন্তু তেওঁৰ সৰু ভায়েক মধুনাৰায়ণে সেই খণ্ডৰে কিছুমান ললে। পাছে আদিত্যৰ মৃত্যু হোৱাত পুতেক ধ্বজনাৰায়ণ সিংহাসনত উঠিল। কিন্তু আহোম বিলাকৰ পৰাক্ৰম ক্ৰমে বৃদ্ধি হোৱাত দৰঙ্গী ৰজাৰ ফৈদ আহোম বিলাকৰ কতলীয়া হ’ল। সূৰ্য্যনাৰায়ণৰ পুতেক এজনা ধীৰনাৰায়ণে ১৭৪৪ সনত মধুনাৰায়ণক ভাঙ্গি ৰজা হ’ল। কিন্তু তিনি বছৰৰ মূৰত ৰাজ্য এৰি ডিমৰুৱাৰ ফালে পলাই গ’ল। মধুনাৰায়ণ মৰাত মহত নাৰায়ণ ৰজা হ’ল। কিন্তু তেওঁৰ ভায়েক দুৰ্ল্লভ নাৰায়ণ বড় পৰাক্ৰমী হোৱাত মহত নাৰায়ণৰ লগতে একত্ৰে দুইও ৰজা হ’ল। দুৰ্ল্লভ আগেয়ে মহত পাছে মৃত্যু হ’লত দুৰ্ল্লভৰ পুতেক হংসনাৰায়ণ ৰজা হয়। ধীৰনাৰায়ণৰ এজনা পুতেক কীৰ্ত্তিনাৰায়ণ কেইদিনমান বলেৰে ৰজ৷ হয়। কিন্তু সেই বছৰতে অৰ্থাৎ ১৭৮৭ সনতে হংসনাৰায়ণ আকৌ ৰজা হ’ল। ১৭৮৯ সনত কীৰ্ত্তিনাৰায়ণৰ পুতেক ৰজা হয়। কিন্তু এওঁৰ দিনতে দৰঙ্গী ৰজাৰ পৰাক্ৰম একেবাৰে বিনষ্ট হল।
বলিত নাৰায়ণ ৰজাৰ দিনৰে পৰা ইন্দ্ৰনাৰায়ণ ৰজাৰ দিনলৈকে দৰঙ্গী ৰজাৰ ফৈদে কামৰূপ শাসন কৰিছিল। সময়ে সময়ে দেশৰ প্ৰবলাধিকাৰ মুসলমান বিলাকে আক্ৰমণ কৰিলেও সেই আক্ৰমণৰ পাছে আকৌ সেই ফৈদৰ ৰজাই ৰাজত্ব কৰিছিল। ইন্দ্ৰনাৰায়ণ ৰজাৰ দিনত কামৰূপ পৰ্যন্ত আহোম বিলাকৰ ৰাজত্ব হয়। কিন্তু তেনে উত্তমৰূপে হোৱা নাইকিছিল। পাছে ধ্বজনাৰায়ণৰ দিনত আহোম বিলাকৰ ওচৰত অধীনতা স্বীকাৰ কৰিলে হয়। তথাপি মূল দৰঙ্গখানি এক প্ৰকাৰ স্বাধীন আছিল। পাছে ১৭৮৯ সনৰ পাছতহে একেবাৰে নাম লোপ পালে।[১]
এতিয়া আমি মুসলমানে কামৰূপ আক্ৰমণৰ কথা সংক্ষেপে লেখিম। ইংৰাজী ১২০৩ সনত দিল্লীৰ পাদশা কুতবুদ্দিনৰ সেনাপতি বখতিয়াৰ খিলিজীএ বঙ্গদেশ জয় কৰি তাৰ পাছ বছৰত কামৰূপ লবলৈ আহে। উত্তৰ গুৱাহাটীৰ পৰা কিছুমান দূৰৈত যে শিলৰ শাঁকো আছে সেই শাঁকো এই খিলিজী সেনাপতিএ সঁজা বুলি প্ৰসিদ্ধ। সেই সময়ত (ইংৰাজী ১২০৪ সনত অৰ্থাৎ ১১২৬ শঁকত) আহোম জাতি সৌমাৰ দেশলৈ অহা নাই। সেই কালত কামৰূপৰ ৰাজধানী গুৱাহাটীত নাছিল। ভাটী অঞ্চলতে আছিল। ক’ত আছিল নিশ্চয় নহলেও ৰঙ্গপুৰ জিলাৰ অন্তৰ্গত কমতাপুৰ কি তাৰ ওচৰৰ কোনো ঠাইত আছিল এনে অনুমান হয়। সেই নগৰ অধিকাৰ কৰি খিলিজীএ উজাই আহিছিল, অবশেষত এই দেশৰ লোকৰ দ্বাৰা পৰাস্ত হই তেওঁ ভটীয়াই গ’ল। কোন শাসনকৰ্ত্তা বা ৰজাৰ দ্বাৰা খিলিজী পৰাস্ত হয় তাৰ নিশ্চয় নাই। পাটেৰে একেলগে গঁথা কেইডালমান বাঁহেই কামৰূপী লোকৰ সেই সময়ৰ অস্ত্ৰ আছিল। এইফালে প্ৰধান ৰজা নাথাকিলেও যি ক্ষুদ্ৰ ক্ষুদ্ৰ ৰজা সকল আছিল সেই সকলোএ একে লগ হই মুসলমানৰ আক্ৰমণ নিবাৰণ কৰিছিল। গৌড়দেশৰ অধিপতি গয়াসুদ্দিন এই দেশলৈ জয় লাভৰ আশা কৰি আহে। তেওঁ সসৈন্যে উজাই জয়ী হই শদীয়ালৈকে গইছিল! শেষত পৰাস্ত হই উলটি যায়। ১২৫৬-৫৭ ইংৰেজি সনত মলক যুজবেক কামৰূপ আক্ৰমণ কৰিবলৈ আহে। তেওঁ এই দেশ লই এটি মসজীদ নিৰ্ম্মাণ কৰে। বাৰিষা হ’লত যেতিয়া সৰ্ব্বত্ৰে পানী বাঢ়ি আপ্লাবিত হল মুসলমানৰ অনেক সৈন্য মৰিল। আৰু সিহঁতে অতি দুৰৱস্থাৰে গৌড় দেশলৈ উভতি গল। তগৰল খাঁ নামে এজন বঙ্গদেশৰ নবাবেও কামৰূপ আক্ৰমণ কৰিবলৈ আহিছিল। ইংৰাজী ১২৫৮ সনত কামৰূপৰ ৰজাই তেওঁক পৰাস্ত কৰি বধ কৰে। এইজনা কোন ৰজা তেওঁৰ নাম প্ৰকাশ নাই। কামৰূপ জিলাৰ ৰঙ্গীয়াৰ ওচৰত যি “বৈদৰ গড়” নামে প্ৰসিদ্ধ গড় আছে আৰু যাক ফেঙ্গুয়া ৰজাই নিৰ্ম্মাণ কৰে বুলি আজিলৈকো লোকে কয়, ইংৰাজী ১২০৪ সনৰ পৰা ১২৫৮ সনলৈকে কেইবাবাৰো মুসলমানে কামৰূপ আক্ৰমিবলৈ অহাত সেই গড় সেই সময়ৰ মাজতে আক্ৰমণকাৰীৰ হাতৰ পৰা ৰক্ষা পাবলৈ কৰা হইছিল, এনে অনুমান হয়। এতেকে ফেঙ্গুয়৷ ৰজাৰ আৰু এই গড়ৰ সময় আমি ইংৰাজী ত্ৰয়োদশ শতিকাৰ মধ্যভাগ আৰু শকাব্দৰ দ্বাদশ শতাব্দীৰ শেষভাগ বুলি নিৰ্ণয় কৰিলোঁ। এই সময়ৰ পাছত মুসলমান আক্ৰমণকাৰী কিছুমান দিন অহা নাই। পূবফালে উজনি বা সৌমাৰ প্ৰদেশত আহোমে আৰু পশ্চিমে বঙ্গাল দেশত মুসলমানে ৰাজ্য কৰিছিল। এই কামৰূপ মাজতে আছিল। দুইও ফালৰ পৰা আক্ৰমণ কৰিবৰ ইচ্ছা আছিল। ১৪২০ শঁকত হুসেন সাহাব অধীনে নীলাম্বৰ ৰজাৰ দিনত যিৰূপে মুসলমান বিলাকে কমতাপুৰ নগৰ ল’লে তাক পূৰ্ব্বে লেখা হইছিল। সিহঁতে এই নগৰ বহুদিন হস্তগত কৰি নাথাকিল। বঙ্গাল দেশ ৰক্ষা কৰিবৰ কাৰণেই তেওঁ বিলাক সেই সময়ত ব্যস্ত আছিল। ১৪২৮ শঁকত তুৰবক নামে এজনা মুসলমান সেনাপতি উজাই দেশ জয়ী কৰিবৰ কাৰণে আহে। কলিয়াবৰত আহোমৰে যুদ্ধ হয়। সেই যুদ্ধত তুৰবক জয় হয়। পাছে আহোমৰ কলাচোঙ্গ মন্ত্ৰিয়ে তুৰবকক খেদি কৰতোয়া পৰ্য্যন্তে দেশ জয় কৰিছিল। এই সময়ত কামৰূপৰ সৌমাৰ খণ্ডত চুহুংমুঙ্গ বা স্বৰ্গনাৰায়ণ ৰজা আছিল। আৰু কোঁচবেহাৰত বিশ্বসিংহ ৰজা হই শাসন কৰিছিল। যোগিনী তন্ত্ৰৰ দ্বাদশ পটল বা অধ্যায়ত এইৰূপে লেখা আছে, নীলাচলৰ কামাখ্যা দেবীক নৰকাসুৰ ৰজাই পূজা কৰোতে আন কোনেও সেই সময়ত দেবী দৰ্শন কৰিব নোৱাৰে। সেইৰূপে অনেক দিন চলি আছিল। এদিন সেই সময়তে বশিষ্ঠ মুনি দেবী দৰ্শনৰ কাৰণে যোৱাত দুৱৰীএ মুনিক ভিতৰ সোমাবলৈ নিদিলে। মুনি ক্ৰুদ্ধ হই আজিৰ পৰ৷ কামাখ্যাক পূজা কৰিলে সিদ্ধি নহয় এই শাপ দি খাণ্ডব গিৰীলৈ গ’ল। দেবী অতি দুঃখিত হই কৈলাশলৈ গই মহাদেৱৰ আগত সমস্ত বৃত্তান্ত কোৱাত মহাদেৱে বশিষ্ঠৰ শাপোদ্ধাৰৰ উপায় আৰু সময় ক’লে। এই প্ৰসঙ্গতে লেখা আছে কমতাপুৰব ৰজাৰ যিদিনা ৰাজ্য নাশ হয় সেই দিনাই ব্ৰহ্মশাপ প্ৰবৰ্ত্ত হব। তেতিয়াৰ পৰা কামৰূপত অতিশয় দুৰাচাৰ প্ৰজা পীড়া ৰোগ দুঃখ হব। দেৱতা দানব আৰু গন্ধৰ্ব্ব সকলো প্ৰজা পীড়াপৰায়ণ হব। কৰতোয়া নদী পৰ্য্যন্ত যবনক খেদি সৌমাৰ যাব। এইৰূপে কিছুমান বছৰৰ পাছত বশিষ্ঠৰ শাপ মোচন হব। এই আখ্যানৰ দ্বাৰা এইটি নিশ্চয় প্ৰতীয়মান হয় যে সেই সময়ৰ পৰা কামৰূপত মহা বিপ্লব হয়। প্ৰাগজ্যোতিষপুৰৰ পৰা ৰাজধানী ভাটীৰ ফালে যায়। আৰু মুসলমান কোঁচ আৰু আহোমে কামৰূপ অধিকাৰৰ কাৰণে ঘোৰ যুদ্ধ কৰে। মুসলমান হঁতে কমতাপুৰ অধিকাৰ কৰি সৰহদিন নাথাকিল। কোঁচ জাতিৰ বিশ্বসিংহ ৰজাই সেই নগৰ আক্ৰমণ কৰি হস্তগত কৰিলে। এইজনা ৰজাই আৰু তেওঁৰ পুত্ৰ নৰনাৰায়ণ ৰজা সমুদায় কামৰূপৰ অধিপতি হল। নৰনাৰায়ণৰ দিনতে কালাপাহাড়ে কামৰূপৰ গুৱাহাটী পৰ্য্যন্ত আহি অনেক দেৱালয় নষ্ট কৰিলে। নৰনাৰায়ণৰ পাছত তেওঁৰ ভতিজা পুতেক ৰঘুদেৱ ৰজা কামৰূপৰ ৰজা হ’ল! নৰনাৰায়ণৰ পুতেক লক্ষ্মীনাৰায়ণ কেৱল কোঁচবেহাৰত ৰাজত্ব কৰিলে। পৰীক্ষিত নাৰায়ণ ৰজাৰ দিনত ঢাকাৰ পৰা নবাবৰ সৈন্য আহি স্বীকৃত কবৰ বাবে তেওঁৰ নগৰ ল’লে। তেওঁ পাদশাহাৰ তলে গই বাটতে পাটনাত ১৫২৮ শঁকত মৃত্যু হয়। পৰীক্ষিতৰ পাছতে মকৰস খাঁ নামে মুসলমান সেনাপতিএ পৰীক্ষিতৰ ৰাজ্য অধিকাৰ কৰে। এইজনা নবাব চিৰস্থায়ী ৰূপে থাকিব নোৱাৰিলে। সোণকোষৰ পৰা উজাই মানাহা পৰ্য্যন্ত দেশ খণ্ড পৰীক্ষিতৰ পুতেক বিজিত নাৰায়ণে আৰু মানাহাৰ পৰা উজাই দিকৰাই পৰ্য্যন্ত দেশ খণ্ড পৰীক্ষিতৰ ভাইএক বলিত নাৰায়ণে ল’লে। মকৰস খাঁৰ নগৰ ৰঙ্গামাটিত আছিল। এওঁৰ পাছত বড় দেনী লক্ষ্মী নামে এজনে কিছুমান দিন শাসন কৰে। ইয়াৰ পাছত সৈয়দ বাবাকৰ নামে মুসলমানৰ সেনাপতি কামৰূপৰ অধিকাৰী হল। এওঁৰ দিনত হাজোত মুসলমানৰ এক থানা হল। বাবাকৰ এই ঠাইতে থাকিছিল। তেওঁ সত্ৰাজিত নামে এজন দেশীয় লোকে সইতে সৌমাৰ দেশ আক্ৰমণ কৰিবলৈ অনেক সৈন্য লই আহে। বাবাকৰে প্ৰথমে বেপাৰৰ ছলে এজন গোমোস্তাক দেশৰ অবস্থা বুঝিবলৈ পঠায়। কলিয়াবৰত থকা আহোমৰ সৈন্যে সেই গোমোস্তাক কাটি নাও লুটিলে। সত্ৰাজিতে অনেক সৈন্য লই কলিয়াবৰলৈ আহি ১৫৪৮ শঁকত অনেক উপদ্ৰব কৰে। আৰু বিশ্বনাথৰ পৰা নটিনী ধৰি নিয়ে। পাছে ১৫৪৯ শকত তেজপুৰৰ ওচৰৰ ভৰলীতে আহোম আৰু বঙ্গালৰ ঘোৰ যুদ্ধ হয়। সেই যুদ্ধত বাবাকৰ পৰিল। সত্ৰাজিতক আহোমৰ সৈন্যে ভটীয়াই খেদি নিলে। আৰু গুৱাহাটী অধিকাৰ কৰিলে। পানী সিন্ধিয়া নেউপ নামে এজন আহোমৰ কৰ্ম্মচাৰী বড় ফুকন উপাধিৰে শাসনকৰ্ত্তা নিযুক্ত হল। এইজনেই প্ৰথম বড় ফুকন। এওঁৰ পাছত আৰু পাঁচ জন ফুকন হ’ল। এই সময়ত কামৰূপৰ অধিক ভাগ আহোমৰ অধীন থকা জনা নেযায়। কেবল গুৱাহাটীহে ৰক্ষা কৰি আছিল। উত্তৰ কুলত দৰঙ্গী ৰজাৰ ফৈদে আৰু ৰঙ্গা মাটিৰ নবাবৰ অধীনৰ লোকে অধিক ভাগ শাসন কৰিছিল। ইয়াৰ পাছতে মুসলমানৰ মিৰজাবাদ নামে সেনাপতি এ আকৌ গুৱাহাটী লবলৈ যত্ন কৰে। কিন্তু নোৱাৰিলে। মিৰ্জাবাদৰ পাছত ববৃৰম বেগ ৰঙ্গামাটিৰ পৰা আহি আহোমক গুৱাহাটীৰ পৰা খেদালে। এইজন সেনাপতিৰ পাছত মিৰ্জ৷ ৰমনা খাঁ, আবদুল ইসলাম খাঁ, ইসলাম খাঁ, সেখ বিৰাম, সেমস্ত খাঁ, মখজুম ইসলাম খাঁ, আৰু মহৰ্দ্ধি এই কেইজনে ক্ৰমে কামৰূপ শাসন কৰে। মোমাই তামুলী বড় বড়ুয়াই এবাৰ গুৱাহাটী লইছিল গই কিন্তু মুসলমানৰ পৰাক্ৰম অধিক হোৱাত আকৌ উলটি আহিল। ইয়াৰ পাছত মিৰজা জয়না, ইস্পীঞ্জৰ খাঁ, নবাব নুৰুল্লা, আনিয়াৰ খাঁ, মিৰজাহুসেন খাঁ, জাৰী মিঞা, সৈয়দ হোসেন, সৈয়দ কুতব, নাথুন্না এই কেইজনে কামৰূপত ৰাজত্ব কৰে। এই কেইজনৰ সৰ্ব্বমুঠ ভোগৰ কাল ২৬ বছৰ। ইমান সংক্ষেপ ভোগৰ কালৰ পৰা এইটো বিশ্বাস হয় যে নকৈ দেশ লোৱাৰ বাবে মুসলমান হঁতে সদাই ন ন সেনাপতি আৰু শাসনকৰ্ত্তা পঠাইছিল। এওঁ বিলাক কোনোজনে ৰঙ্গামাটিত থাকিয়েই আৰু কোনোজনে বা হাজোত থাকি আৰু কোনোজনে গুৱাহাটীত থাকি যি অলপ দিন হয় দেশ শাসন কৰিছিল। এতিয়াৰ জিল৷ কামৰূপখনি প্ৰায় গোটেই মুসলমানৰ অধীন আছিল। দৰঙ্গী ৰজাৰ ফৈদ স্বাধীন থাকিলেও মুসলমানৰ কৰতলীয়া যে আছিল কোনো সংশয় নাই। ইফালে বিজনীৰ ৰজা আৰু সমুদায় গুৱালপাড়া জিলা মুসলমানৰ অধীন আছিল।
১৫৭৬ শঁকত চুড়া মলা হিন্দুমতে জয়ধ্বজ সিংহ ৰঙ্গপুৰৰ সিংহাসনত উঠে। তেওঁ হিন্দুধৰ্ম্মত দীক্ষিত হই কামাখ্যা দেবীৰ মন্দিৰ পুনৰাধিকাৰ কৰিবৰ কাৰণে ইচ্ছা কৰিলে আৰু পূৰ্ব্বৰজনা ৰজাৰ শহুৰেকক বৰ ফুকন বিষয় দি গুৱাহাটীলৈ পঠালে। তেওঁ গুৱাহাটী অধিকাৰ কৰিলে। ইংৰাজী ১৬৮৫ সনত বঙ্গালাৰ শাসনকৰ্ত্ত৷ মীৰজুমলাই তেওঁৰ লগত মজুম খাঁ নামে সেনাপতি আৰু বিস্তৰ সৈন্য লই কামৰূপ আক্ৰমিবলৈ আহিল। আহোমৰ সৈন্য পৰাস্ত হ’ল। গুৱাহাটী এৰি মীৰজুমলা উজাই গড়গাঁও নগৰ ললে। জয়ধ্বজ সিংহ ৰজা পলাই চড়াই খোৰোঙ্গ পৰ্ব্বতলৈ গ'ল। পাছে বাদসাহলৈ ৰমণী গাভৰু নামে কন্যা আৰু ৰূপ সোণ বন্দী-বেটী দিলত মীৰজুমলাই দেশ এৰি গুছি গল। ইফালে বাৰিষা হলত মীৰজুমলাৰ সৈন্যৰ বড় বিপত্তি হবৰ আশঙ্কাত এই সন্ধি কৰা হ’ল। মীৰজুমলা বঙ্গাল দেশলৈ ভটীয়াই গ'লত মজুম খাঁই কামৰূপ ৰাজ্য শাসন কৰিবলৈ আৰম্ভিলে। এওঁৰ পাছত মসিদ খাঁ আৰু সৈয়দ পীৰোজ শাসনকৰ্ত্তা হয়। এই কেইজনাই পূৰ্বৰ দৰে কামৰূপ শাসন কৰিছিল। কিছু দিনৰ পাছত বাদসাহাৰ পৰা শিৰোপা আৰু বটাই সইতে উকীল আহি কব খোজাত চক্ৰধ্বজে অপমান কৰি পঠালে। উকীল উভতি গ'ল। এখেত ঘোড়া কোঁৱৰ সৰুজনা বৰফুকন ভটীয়াই গই আকৌ গুৱাহাটী অধিকাৰ কৰিলে। দীল্লীশ্বৰে অতিশয় ক্ৰুদ্ধ হই ১৫৯১ শঁকত অনেক সৈন্যেৰে ৰাজাৰাম সিংহক পঠালে। ঘোড়া কোঁৱৰ পৰাস্ত হল। ৰামসিংহে গুৱাহাটী অধিকাৰ কৰি উজাই আহিবলৈ উদ্যোগ কৰাত ৰঙ্গপুৰৰ পৰা মোমাই তামুলী বড় বড়ুয়াৰ পুতেক লাচিত বড় ফুকন নিযুক্ত হই গ'ল। গুৱাহাটীৰ ওচৰৰ সৰা ঘাটতে যুদ্ধ হোৱাৰ পাছত আহোম ৰামসিংহক খেদি গ'ল আৰু তেতিয়াৰ পৰা মানাহা নদী সীমা ধাৰ্য্য হল। আৰু হাদীৰাত আহোমৰ চকী হল। লাচিতৰ পাছত মোট কাতলীয়া প্ৰভৃতি কেইবা জনো বড়ফুকন হই কামৰূপ শাসন কৰে। তেতিয়াও বঙ্গালৰ উপদ্ৰৱ যোৱা নাছিল। ১৬০৪ শঁকত সন্দিকি বড়ফুকনে গই নিৰুপদ্ৰৱে মুসলমানৰ হাতৰ পৰা গুৱাহাটী ললে। ইংৰাজী ১৬৮৩ সন আৰু ১৬০৫ শঁকত মঞ্জুৰ খাঁ নামে এজনা নবাব আকৌ গুৱাহাটী লবলৈ অহাত গুৱাহাটীত শুদ্ৰেশ্বৰৰ ইটাখুলীতে যুদ্ধ হয়। মঞ্জুৰ খাঁ পৰাস্ত হ’ল। সন্দিকি ফুকনে তেওঁক ৰঙ্গামাটিলৈকে খেদি গ'ল। ৰঙ্গামাটিৰ নবাবে আহোমৰে আকৌ যুদ্ধ নকৰোঁ বুলি স্থিৰ কৰিলে। সেই শঁকৰ ইংৰাজী ১৬৮৩ সনৰ পৰা কামৰূপত মুসলমানৰ অধিকাৰ গুছিল আৰু আহোম ৰজাৰ অধীন হ’ল। গুৱাহাটীত এজনা ৰাজ প্ৰতিনিধি বড়ফুকন থাকি শাসন কৰিছিল। পূৰ্ব্বে কলিয়াবৰেই অসমৰে বঙ্গালৰে সীমা আছিল, সেই কাৰণে বড়ফুকনৰো অধিকাৰ কলিয়াবৰৰ পৰ৷ বঙ্গাল পাৰলৈকে হল। শোলা বড়ফুকন নামে এজনে মুসলমানক কলিয়াবৰ পৰ্য্যন্তে সন্ধি পত্ৰ কৰি দেশ এৰি দিছিল কিন্তু সেই সন্ধি পত্ৰ আহোম ৰজাই অগ্ৰাহ্য কৰিলে এই সময়ৰ পৰাই কামৰূপ এই নাম লোপ হই অসম দেশৰ অন্তৰ্গত হ'ল। এই কথা জানিবলগীয়া যে ইয়াত যিসকল মুসলমান আক্ৰমণকাৰী বা শাসনকৰ্ত্তাৰ নাম লেখা হইছে সেই সকলৰ মাঝত যিসকল বঙ্গদেশৰ শাসনকৰ্তাৰ নাম লেখা গইছে সেই সকলৰ নামহে বঙ্গদেশৰ বুৰঞ্জীত পোৱা যায়। আন বিলাক মুসলমানৰ অধীন ৰঙ্গামাটিত যি থানা আছিল তাৰ সেনাপতি বা শাসনকৰ্ত্তা আছিল। কোনো কোনোজন আকৌ হাজোত যি থানা আছিল সেই ঠাইৰো সেনাপতি আছিল। ১৫৮৪ শঁকত বড় মোকাম নামে প্ৰসিদ্ধ দেৱালয় নিৰ্ম্মাণ কৰে।
- ↑ ইউৰোপৰ কোনো কোনো পণ্ডিত এই মত প্ৰকাশ কৰে বোলে অসম দেশতেই বাৰুদ প্ৰথমে প্ৰস্তুত হয় আৰু ইয়াৰে পৰা বাৰুদ নিৰ্ম্মাণৰ নিয়ম সৰ্ব্বত্ৰে প্ৰচলিত হইছে। এই দেশৰ আদি নিবাসী হিন্দু কি আন জাতি অথবা ছুটিয়া আহোম প্ৰভৃতি জাতিৰ মানুহৰ যি ইতিহাস বা প্ৰচলিত কথা আছে তাত ই বিষয়ৰ একো সম্বাদ পোৱা নাযায়। খেহ বা চীন দেশৰ ফালৰ পৰা এই কথা প্ৰচাৰিত হইছে। সেই ঠাইত কেনেকৈ এই অমূলক কথা প্ৰচলিত হ’ল ইয়াৰ একো নিৰ্ণয় কৰিব নোৱাৰি। খ্ৰীষ্টৰ ১৩ তেৰ শতাব্দীৰ আদিত যেতিয়া চুকাফা ৰজাই সৌমাৰ দেশলৈ আহি এই দেশ জয় কৰে, তেতিয়াও আহোমৰ লগত বাৰুদ কি তেনে কোনো প্ৰকাৰ বস্তু অনা হোৱাৰ কোনো প্ৰমাণ পোৱা নাযায়। বাৰুদ আমাৰ মানুহে হিলৈৰ ক্ষাৰ, কলাই ক্ষাৰ, বা ক্ষাৰ বা খাৰ বোলে। ইয়াৰ পৰাও সি বিষয়ৰ কোনো প্ৰমাণ পাব নোৱাৰি। সভ্যতা আৰু ৰণ বিক্ৰমৰ বাৰুদ এটি প্ৰধান বস্তু। এনে বস্তু আমাৰ ই দেশৰ পৰা প্ৰচাৰিত হোৱাতো যে তাৰ আমি কোনে৷ নিৰ্ণয় বিচাৰি নাপাওঁ এইটো বৰ আশ্চৰ্য্য! এতেকে ই বিষয় যি কথা তাক অমূলক বুলি সিদ্ধান্ত কৰিবলৈ বিশেষ কাৰণ আছে। ভাৰতবৰ্ষত “আগ্নেয়াস্ত্ৰ” বহুকালৰ পৰা জনা শুনা আছে। আৰ্য্যসন্তান বিলাক এই দেশলৈ অহাত সি বিদ্যা এই দেশলৈকো আহে। তাৰে পৰা এই কথা যদি প্ৰচাৰ হইছে ক’ব নোৱাৰি। বখতিয়াৰ খিলিজী এই দেশলৈ অহাৰ পূৰ্ব্বে ই দেশত বন্দুকৰ ব্যবহাৰ যে জানিছিল ইয়াত অনেক সংশয়। মীৰজুমলা নবাব আৰু শুক্লধ্বজ এই দেশলৈ অহাৰ পাছত কিছুমান তোপ এই দেশত ৰই যায়। ১৪২২ শঁকত ছুটিয়া দেশেৰে সইতে যুদ্ধ হোৱাত সেই ৰণ জিকি আহোমৰ চুহুংমুঙ্গ ৰজাই কেইটামান হিলৈ পায়। ইয়াক জানিব লাগে যে সেই দেশত সি সময়ত ধীৰনাৰায়ণ নামে কামৰূপৰ এজনা ৰজা আছিল। সেইজনাই ভাটীৰ পৰাহে এই হিলৈ অনাইছিল।