আসাম বুৰঞ্জী/পঞ্চদশ অধ্যায়
পঞ্চদশ অধ্যায়
এই দেশৰ আদিবাসীবিলাক যে অনাৰ্য্য জাতিৰ লোক আছিল এই কথা ইয়াৰ পূৰ্ব্বে সিদ্ধান্ত কৰা হৈছে। মহাভাৰতৰ যুদ্ধৰ সময়ৰ পূৰ্ব্বেই যে আসাম দেশলৈ আৰ্য্যস্ৰোত প্ৰবাহিত হৈছে ইয়াকো আমি ইয়াৰ পূৰ্ব্বেই কইছো। যিবিলাক অনাৰ্য্য জাতি ইয়াত আছিল আৰু আছে সি সকলোৰে এটি এটি স্বতন্ত্ৰ ভাষা আছে। এই দেশত আৰ্য্য সন্তানসকল বসতি কৰাৰ পাছত সিসকলে সংস্কৃতমূলক ভাষা কবলৈ ধৰিলে। ক্ৰমে সেই ভাষাৰ উন্নতি অবনতি অনেক হই গইছে। আৰু নানাদেশীয় লোক বসতি কৰাত আৰু আন আন দেশে সইতে সমাগম হোৱাত ভাষাৰ অবস্থা পৃথক হ'ল। অনেকে এই দেশক বঙ্গদেশৰ উপনিবেশ, ই দেশীয় লোকক বঙ্গালীৰ সন্তান আৰু এই দেশীয় ভাষাক বাঙ্গালী ভাষা বা তাৰ অপভ্ৰংশ বোলে। এই কথা আমি সম্পূৰ্ণ স্বীকাৰ ও বিশ্বাস কৰিব নোৱাৰোঁ। এফালে উড়িষ্যাৰ দক্ষিণ সীমাৰ বাহিৰৰ মাদ্ৰাজ ৰাজধানীৰ অন্তৰ্গত গাঞ্জাম, এফালে চট্টগ্ৰামৰ দক্ষিণ সীমা, এফালে সদীয়া আৰু এফালে শতদ্ৰু নদী, এই চাৰি সীমাৰ মাঝত অনাৰ্য্যজাতি আৰু অসংস্কৃতমূলক অনাৰ্য ভাষা এড়ি আৰ্য সন্তান আৰু সংস্কৃতমূলক ভাষা এটি মাত্ৰ। আৰ্য্যাবৰ্ত্ত ব্ৰহ্মাবৰ্ত্ত প্ৰভৃতি হিমালয় আৰু বিন্ধ্যাচলৰ মধ্যবৰ্ত্তী স্থানৰ যি ভাষা আৰু যি লোকে সেই ভাষা কয় সি সকলো উল্লিখিত সীমাৰ ভিতৰতে আছে। এই সকলোৰে আদিভাষা সংস্কৃতমূলক হিন্দী। সংস্কৃত ব্যাকৰণেই এই সকলো ভাষাৰ মূল। এবং তাৰ নিয়মেই ই সকলোৰে নিয়ম। এই নিমিত্তেই এই চাৰি সীমাৰ মধ্যবৰ্ত্তী হিন্দী, বাঙ্গালী, উড়িয়া আৰু অসমীয়া এই চাৰিও ভাষাৰ সাদৃশ্য দেখি। প্ৰথম দেশৰ বিজ্ঞ সমাজত যি ভাষা প্ৰচলিত আছিল সি ভাষা অসমীয়া।
এই দেশৰ বৰ্ণমালা সংস্কৃত আৰু সেই বৰ্ণমালা যে কেতিয়া চলিবলৈ ধৰিলে তাৰ নিৰূপণ কৰা দুঃসাধ্য। ধৰ্ম্মপাল আৰু নাগাক্ষ প্ৰভৃতি ৰজাই ব্ৰাহ্মণক কি দেবতাৰ উদ্দেশে ভূমি বৃত্তি প্ৰদান কৰি যি দানপত্ৰ দিছে তাৰ অক্ষৰ প্ৰাচীন বাঙ্গলা অক্ষৰৰ দৰে কিন্তু তাৰ ভাষা সংস্কৃত। বৌদ্ধ ধৰ্ম্মৰ ধৰ্ম্মপালে ৰজাৰ যি দানপত্ৰ তাৰ সময় খৃষ্টৰ একাদশ শতাব্দীত, এতেকে সেই শতাব্দীত যে লিখিত ভাষা ইয়াত আছিল ইয়াক স্বীকাৰ কৰিব লাগে।[১] এতিয়াৰ দৰে তেতিয়া লেখাপঢ়াৰ চৰ্চ্চা নাছিল। শঙ্কৰদেৱৰ পূৰ্ব্বে প্ৰচলিত ভাষা অনাদৃতা আছিল। পণ্ডিত সমাজত সংস্কৃত ভাষাকেহে শিক্ষা কৰিছিল। আৰু কামৰূপীয় নিবন্ধ যোগিনী তন্ত্ৰাদি এই দেশৰ প্ৰচলিত পুস্তক এই অক্ষৰেৰেই সংস্কৃতত ৰচিত হইছিল। শঙ্কৰদেৱে বৌদ্ধাচাৰৰ ব্যাপকতা আৰু লোকৰ মানস ৰাজ্যত অজ্ঞানমূলক দুৰ্ব্বলতা দেখি যি ভাষা সাধুসমাজত ব্যবহাৰ আছিল, সি ভাষাত আৰু তাৰ লগত আন আন ভাষাৰ সুশ্ৰাব্য আৰু সুভাবৰ কথা সংযোগ কৰি পুস্তক ৰচনা কৰিলে। শঙ্কৰ আৰু মাধবদেৱৰ ৰচিত পুস্তক কেবল আমাৰ হে এনে নহয়, বঙ্গ, উড়িষ্যা, উত্তৰ-পশ্চিম প্ৰদেশ আৰু অসম এই কেইও দেশৰ সম্পত্তি। তেওঁৰ পুস্তকৰ ভাষা সকলোৱে অল্পায়াসে বুঝিব পাৰে।
ইয়াৰ পূৰ্ব্বে ব্ৰাহ্মণসকলে মাত্ৰ স্থানে স্থানে পাঠশালাত সংস্কৃত ভাষা শিক্ষা কৰিছিল। শঙ্কৰ আৰু মাধৱদেৱে তেওঁবিলাকৰ ধৰ্ম্ম প্ৰবৰ্ত্তাবলৈ নানাবিধ পুস্তক ৰচি য’তে য’তে সত্ৰ কৰিছিল ত’তে ত’তে শিক্ষাৰ উপায় কৰিলে। নৰনাৰায়ণ ৰজাই কামৰূপত বিদ্যাশিক্ষাৰ বড় উৎসাহ দিলে কায়স্থ আৰু কলিতা জাতিৰ কোনো কোনো লোকে অঙ্ক ইত্যাদি শিক্ষাৰ নিমিত্তে পুস্তক ৰচনাৰ উদ্যোগ কৰিলে। শিবসিংহ স্বৰ্গদেৱৰ পূৰ্ব্বে উজনি খণ্ডত বিদ্যাশিক্ষাৰ এফেৰিও চৰ্চ্চা থকাৰ বিষয় জনা নাযায়। কোনো কোনো পণ্ডিত আৰু অধ্যাপকে আপনাৰ বা কোনো কোনো ডাঙ্গৰ লোকৰ সাহায্যত কোনো কোনো ঠাইত কোনো কোনো ছাত্ৰক শিক্ষা দিছিল। বড় ৰজাই এটি পাঠশালা কৰি দিয়ে। এইসকলতো কেৱল সংস্কৃত ভাষাৰ মাত্ৰ শিক্ষা দিয়া হইছিল। তাৰ পাছত আন আন ঠাইত সংস্কৃত পঢ়াৰ ছাত্ৰশালা হ’ল। চলিত ভাষা শিক্ষাৰ কোনো প্ৰকাশ্য পাঠশালা নাছিল। চলিত ভাষাত কেবল অঙ্কশাস্ত্ৰ মাথোন শিক্ষা দিছিল। তাকো যিসকলে মাটি পিয়ল কৰা ইত্যাদি ব্যবসায় কৰিব খুজিছিল সি সকলোৱেহে সি শাস্ত্ৰ শিক্ষা কৰিছিল। ব্ৰিটিশ গৱৰ্ণমেন্টে এই দেশ লোৱাৰ অল্প পাছতে স্থানে স্থানে ইংৰাজী স্কুল সংস্থাপিত হ’ল। বাঙ্গালা ভাষাই যে ই দেশৰ ভাষা ইয়াকে নিশ্চয় কৰি বাঙ্গালা ভাষা শিক্ষাৰ পাঠশালাও অনেক ঠাইত সংস্থাপিত হ’ল। কিন্তু ইংৰাজী ১৮৭২ সনৰ পৰা ৰাজকাৰ্য্যালয় আৰু পাঠশালাত অসম দেশৰ প্ৰচলিত ভাষা শিক্ষা দিবৰ আজ্ঞা গবৰ্ণমেণ্টৰ পৰা হোৱাত ক্ৰমে সেইৰূপে কাৰ্য্য হ’ব লাগিছে, এই দেশৰ লোকসকলৰ সংস্কৃত মূলক ভাষাৰ লগত ইয়াৰ ওচৰ চুবুৰীয়া পৰ্ব্বতীয়া আদিবাসী লোক সকলৰ আৰু আহোমবিলাকৰ অনেক কথা বিশুদ্ধ বা অপভ্ৰংশ হই ইয়াত চলি আছে। ইয়াৰ মূল বিচাৰি পোৱা এতিয়া বড় টান হইছে। কিন্তু ইয়াৰ চৰ্চ্চা যিমান বাঢ়িব তিমান ই সকল কথা বিশেষকৈ প্ৰকাশিত হ’ব এনে আশা কৰোঁ। অসমীয়া ভাষাত যে প্ৰকৃতে মূল সাহিত্য গ্ৰন্থ অধিক আছে এনে বুলিব নোৱাৰি। শঙ্কৰদেৱ, মাধৱদেৱ, অনন্ত কন্দলী প্ৰভৃতি পণ্ডিতসকলে সেইকালৰ সাধুভাষাত দশম, কীৰ্ত্তন, ঘোষা, ৰত্নাবলী প্ৰভৃতি গ্ৰন্থ সংস্কৃত ভাগবতাদি পুস্তকৰ পৰা সংগৃহীত কৰি ৰচিছে। আৰু ৰামায়ণ মহাভাৰত, প্ৰায় সংস্কৃত পুৰাণ এবং গীতা প্ৰভৃতি শাস্ত্ৰকো অনুবাদ কৰি ৰচনা কৰিছে। এইসকল পদ্য ছন্দত। গদ্য ছন্দৰ কথা ভাগবত গুৰু কথা চৰিত্ৰ প্ৰভৃতি পুথিও আছে। ইয়াৰ ভিতৰত কেবল গদ্য গুৰু কথা চৰিত্ৰ মাথোন মূলগ্ৰন্থ। চাণক্য প্ৰভৃতি নীতি পূৰ্ণ ক্ষুদ্ৰ কাব্যকো অসমীয়া ভাষা ও অনুবাদ আছে। নাটক—শঙ্কৰদেৱ আৰু তেওঁৰ সমকালজ বা পাছে কোনো লোকে পৌৰাণিক কথাৰ কৃষ্ণজন্ম, সীতা স্বয়ম্বৰাদি কোনো কোনো বিবৰণৰ অনেক নাটক ৰচনা কৰিছে। সেইসকল নাটকৰ অভিনয় কোনো কোনো পৰ্ব্বাদিত সত্ৰ বা গাঁওত সদাই হই থাকে। তাকে ভাৱনা বোলে। এইবিলাক নাটকত অনেক হিন্দী শব্দ মিশ্ৰিত আছে।
ইতিহাস বা বুৰঞ্জী—গুৰু কথা চৰিত্ৰ গদ্য গ্ৰন্থত শঙ্কৰ আৰু মাধৱদেৱ এবং তেওঁবিলাকৰ শিষ্যসকলৰ বিবৰণ পোৱা যায় আৰু সেই কালৰ ৰজাসকলৰো কোনো কোনো বিশেষ ঘটনা জানিব পাৰি। এইদেশৰ প্ৰায় ভদ্ৰলোক সকলো একোখন বুৰঞ্জী লিখি ঘৰতে থইছিল। ৰাজেশ্বৰ সিংহ স্বৰ্গদেৱৰ দিনত এইৰূপ অনেক বুৰঞ্জী নষ্ট কৰা হয়। তাৰ কাৰণ এই যে কি জানি কোন বুৰঞ্জীত ৰজাঘৰীয়া বুৰঞ্জীৰ বিপৰীত কথা লিখা আছে। [২]
অঙ্ক—অঙ্কশাস্ত্ৰৰ পুথিবিলাক অসমীয়া ভাষাত ৰচিত। প্ৰসিদ্ধ শুভঙ্কৰৰ মতৰ অঙ্কও ইয়াত প্ৰচলিত। কিন্তু এই দেশৰ হৰণ আৰু পূৰণাঙ্ক কৰিবৰ প্ৰণালী বঙ্গদেশৰ নিয়মানুযায়ী নহয়। এই দেশত প্ৰাচীন নিয়মে অধিক সংখ্যাৰ পৰা ক্ৰমান্বয়ে দক্ষিণাবৰ্ত্তে পূৰণ হই গই থাকে। তাৰ অঙ্কপাত পূৰক অঙ্কৰ তলত নহৈ যি অঙ্কক পূৰিব লাগে তাৰ ওপৰত হয়। আৰু তাতেই তাৰ মুঠ লিখা হয়। এই নিয়ম এতিয়া ক্ৰমে গুছি আহি বৰ্ত্তমান পঢ়াশালীবিলাকত ইংৰাজী নিয়ম প্ৰবৰ্ত্তিব ধৰিছে। মাটি পীয়লৰ জোখ অসম দেশত পৃথক আছিল কিন্তু এতিয়া বাঙ্গলা নিয়মৰ অনুকৰণ হ’ব লাগিছে। অসমীয়া অঙ্ক পুস্তকত লীলাবতীৰ কোনো কোনো আৰ্য্যা সূত্ৰৰো অনুবাদ আছে।
ব্যাকৰণ—অসমীয়া ভাষাক ভাষা বুলি পূৰ্ব্বে শিক্ষা নিদিছিল। ভাষা বুলিলেই অনাদৃত কথা বুলি তাৰ প্ৰতিলোকে যত্ন নকৰিছিল। সংস্কৃতৰ প্ৰতিহে লোকৰ আদৰ আছিল। সি কাৰণে অসমীয়া ব্যাকৰণ নাছিল। অতি অল্প দিন মাত্ৰ হইছে এই ভাষাৰ দুখানি ব্যাকৰণ ৰচিত হইছে। আৰু গদ্য, পদ্য, এবং নাটক প্ৰভৃতিৰো কেইখানিমান প্ৰস্তুত হইছে।
বৈদ্যশাস্ত্ৰ—সংস্কৃত নিদান শাস্ত্ৰ ভাষাত শ্ৰেণীবদ্ধৰূপে নহলেও কোনো কোনো অংশ অনুবাদিত হইছে। আসুৰিক চিকিৎসাৰ অনেক পুথি পদ্য আৰু গদ্যত আছে। ইয়াৰ অনেকত অনেক ৰোগৰ নাম লক্ষণ ঔষধ এবং চিকিৎসাৰ প্ৰণালী আছে। ইয়াত বাজে অনেক পুথিত নানা-ৰোগৰ মন্ত্ৰ দেশীয় ভাষাত ৰচিত আছে। মাৰণ, উস্থাটন, বশীকৰণ প্ৰভৃতিৰো মন্ত্ৰ, ভাষাত পোৱা যায়। এইসকল ঔষধ আৰু মন্ত্ৰৰদ্বাৰা অনেক লোকে দেশত প্ৰাণ প্ৰবৰ্ত্তাই আছে।
সংগীত—শঙ্কৰ-মাধৱ আৰু আন আন ধৰ্ম প্ৰবৰ্ত্তকসকলে হিন্দু ধৰ্ম্মৰ অনেক গীত ৰচিছে। তাৰ ৰাগ ৰাগিনীৰো নিয়ম নিবন্ধন আছে। কৃষ্ণ মঙ্গল, দুৰ্গা মঙ্গল, প্ৰভৃতি গীত ভাষাত আছে। সংগীত বিদ্যাৰ ৰাগ ৰাগিনী ইত্যাদিৰ নাম আৰু নিয়ম দেশীয় ভাষাত লেখা পুথি আছে। অসমীয়া গীত প্ৰসিদ্ধ সংস্কৃত নিয়মৰ ৰাগৰাগিনীৰদ্বাৰা গ্ৰথিত হলেও তাৰ সুৰ সচৰাচৰ যিবিলাক সুৰৰ গীত হিন্দী বা বাঙ্গালী ভাষাত শুনি সেইৰূপ নোহোৱা হেন অনুমান হয়। সেইবিলাক সুৰ অতি প্ৰাচীন কালৰেপৰা চলিছে। এইবিলাকত বিনে আন কোনো বিষয়ৰ গ্ৰন্থ অসমীয়া ভাষাত থকা দৃষ্ট নহয়। ই সকলৰদ্বাৰা এনেটো নিশ্চয় জানিব পাৰি যে এই দেশৰ লোকসকলে অন্য কোন ভাষালৈ প্ৰতীক্ষা নকৰি আপুনি যি ভাষা ব্যবহাৰ কৰে বা যি ভাষা সাধু ভাষা জানে তাৰে শ্ৰীবৃদ্ধিৰ অৰ্থে এক কালত প্ৰচলিত ভাষাক কুভাষা আৰু এককালত সি ভাষা কোনো ভাষাই নোহোৱা বুলি অনাদৃত হই থকাতো যত্ন কৰিছিল এবং এতিয়াও কৰিব লাগিছে।