আসাম বুৰঞ্জী/নৱম অধ্যায়
গদাধৰ সিংহ স্বৰ্গদেৱৰ লাই আৰু লেচাই নামে দুজনা কোঁৱৰ আছিল। সেই দুজনাৰে গোঁহাইদেৱ ১৯১৭ শঁকৰ ১৪ ফাল্গুনত ৰজা হ’ল। আৰু গৰগাঁও নগৰতে শিঙ্গৰী ঘৰত উঠি হিন্দুমতে ৰুদ্ৰসিংহ আৰু আহোমমতে চুখ্ৰঙ্গফা নাম গ্ৰহণ কৰিলে। যিসকল মহন্তক বচা চেউনী আদিত পিতৃ ৰজাই পাতিছিল, সিসকলৰ অনেকৰ ডাঙৰীয়াসকলত খাটনী আছিল। কেতবিলাকৰ আকৌ আন আন মহন্তে সইতে মিত্ৰতা আছিল আৰু সিসকলৰ উদ্যোগত স্বৰ্গদেৱ শিঙ্গৰী ঘৰত উঠিবৰ দিনা নিৰ্ম্মালি দিবলৈ যোৱা মহন্তসকলে এই ভিক্ষা খুজিলে বোলে যেনে তেনে প্ৰকাৰে মহন্ত নাম ধৰি যিসকলে একো কঠা চাউল খাই আছে সিসকলক পাতিব লাগে। মন্ত্ৰী ও আন আন লোক সকলেও সেইৰূপে স্বৰ্গদেৱক জনোৱাত স্বৰ্গদেৱ তাতে মান্তি হ’ল। সমুদায় মহন্তসকলক মাজালীত পাতিবলৈ আজ্ঞা দিয়া হ’ল। আৰু সকলোবিলাকক বড় সৰু ক্ৰমে মৰ্য্যাদা দিয়াও হ’ল। তেতিয়াৰ পৰাহে এনে বিবেচনা হ’ল যে মহন্তসকলৰ গুড়ি ঠাই মাজালী আৰু যাৰ মাজালীত ঠাই নাই, সিসকলক ন মহন্ত বুলি জনা যায়। মহন্তসকলক এইৰূপে শ্ৰেণীবদ্ধ কৰোঁতে বড় শ্ৰম হইছিল। অনেক মহন্তৰ চাউল মৰা হ’ল হয় কিন্তু তাৰ দ্বাৰাই সিসকলৰ বিশেষ হানি নহ’ল। কিয়নো, সেইসকলে বড়া, শয়কীয়া ইত্যাদি বিষয় পালে। এইজনা ৰজাদেৱৰ দিনত বাহিৰৰ কোনো বিগ্ৰহ নাছিল। এই নিমিত্তে তেওঁ দেশৰ উন্নতিৰ প্ৰতি বড় মন দিবলৈ সময় পালে। মেটেকা নামে ঠাইত ৰঙ্গপুৰ নামে নগৰ কৰি তলাতল ঘৰ নামে এটা পকী ঘৰ কৰালে। এনে প্ৰবাদ আছে বোলে বঙ্গাল দেশৰ পৰা ঘনশ্যাম নামে এজন মিস্ত্ৰী অনাই এই তলাতল ঘৰ কৰোৱা হ'ল। পাছে যেতিয়া ঘৰ সম্পূৰ্ণ হ’ল তেতিয়া সেই মিস্ত্ৰীক প্ৰাণ দণ্ড কৰা হ’ল। তাৰ কাৰণ এই আছিল যে পাছে সি গই ই দেশৰ অৱস্থ৷ ভালকৈ বঙ্গাল দেশত কয় গই, কিয়নো তাৰ এই দেশত থকাৰ কাল প্ৰায় ন বছৰমান হ’ব। জয় সাগৰৰ দ'ল ও পুখুৰীৰ নাম ডাঙ্গ আৰু ডিমোৰ শিল সাঁকো আৰু কেইবাটাও আলি এইজনা ৰজাদেৱৰ দিনতে কৰা হ’ল।
এইবিলাক কাৰ্য্য কৰোঁতে ভিন্ন দেশৰ ৰজাসকলে সইতে ৰুদ্ৰসিংহ ৰজাই মিত্ৰতা কৰিছিল। এনে কথা চলিত আছে বোলে পঞ্জাবৰ অমৃতসৰৰ ৰজা, বঙ্গাল দেশৰ নবাব আৰু কাশ্মীৰৰ ৰজা ও অয্যোধাৰ নবাবে সইতে পত্ৰেৰে মিত্ৰতা কৰা হইছিল আৰু সেই সেই দেশৰ ৰজাৰ ত’ৰ পৰা উকীল বা কটকী আহিছিল। মধ্য ভাৰতবৰ্ষৰ বন্দেল খণ্ডৰ অধিপতিলৈকো পত্ৰ লেখা হইছিল। তাৰপৰা হিৰা আনিবলৈ আৰু আন আন দেশৰপৰা মুক্তা পান্না, হিৰা প্ৰভৃতি ভাল ভাল বস্তু আনিবলৈ কেতবিলাক মানুহক পঠোৱা হইছিল। সেইসকলৰ পৰাই খাওন্দ বৈৰাগীৰ খেল সৃষ্টি হ’ল। হিন্দুস্থানৰ পৰা সেই খাওন্দসকলে গীত গাব, নাচিব, আৰু ৰজাৰ পৰা মানুহ কেতবিলাক আনে। ই দেশৰো এজন লোক দিল্লীলৈ গই পাখোৱাজ প্ৰভৃতি বজাবলৈ আৰু গীত গাবলৈ শিকি আহে। কমাৰ, কঁহাৰ, সোণাৰী, দৰ্জী, এনে অনেক শিল্পকাৰ মানুহ স্বৰ্গদেৱে ভাটীৰ পৰা অনাই দেশত পাতে আৰু সকলোকে বড় অনুগ্ৰহ কৰিছিল। এইজনা স্বৰ্গদেৱৰ বিদ্যাশিক্ষাৰ প্ৰতি বড় আগ্ৰহ আছিল। ঠায়ে ঠায়ে ব্ৰাহ্মণসকলৰ নিমিত্তে পঢ়াশালি পতাই দিলে। এবং পণ্ডিতসকলক বড় আদৰ কৰিছিল। ভাটীৰ পৰাও পণ্ডিত ব্ৰাহ্মণ অনাই দেশত পাতিলে আৰু এই দেশৰ ব্ৰাহ্মণৰ কোনো কোনো ল’ৰাকো ভাটীলৈ পঢ়িবলৈ পঠাইছিল। মহাজনবিলাকৰ সত্ৰতো ল’ৰাবিলাকক পুথী পঢ়োৱাৰ নিমিত্তে বড় উৎসাহ দিছিল। হাতীৰ যুদ্ধ আৰু চৰাইৰ যুদ্ধ, মালৰ, আৰু আন আন অনেক ন ন বিদ্যা এই দেশত এইজনা ৰজাই চলালে।
গদাধৰ সিংহ স্বৰ্গদেৱৰ দিনতে যি পিয়ল আৰম্ভ হয় সেই পিয়ল এইজনা স্বৰ্গদেৱৰ দিনত প্ৰায় সমাপ্ত হয়। ইয়াৰ দ্বাৰাই দেশৰ আয় উৎপন্ন আৰু সকলো কথা স্বৰ্গদেৱৰ হাতৰ তলুৱাত হ’ল। স্বৰ্গদেৱে নিজে লেখিব বা পঢ়িব নাজানিছিল হয় কিন্তু তেওঁৰ স্মৰণ শক্তি আৰু অনুসন্ধান শক্তি বড় প্ৰবল আছিল। ইমানহে প্ৰবল আছিল পাঁচ বছৰৰ পূৰ্বে হই যোৱা সামান্য কথাও তেওঁৰ মনত আছিল। যিহতে দেশৰ উন্নতি হয়, সি বিষয়ে তেওঁৰ বড় অনুসন্ধান আছিল। দেশী কি বিদেশী সকলোৱে সইতে তেওঁৰ এই বিষয়ে অনেক কথা-বাৰ্ত্তা হইছিল। গুৱাহাটীৰ যি সন্দিকৈ বড় ফুকন আছিল সেইজনাৰে সইতে ভাটী ফালৰ সমাগম অধিক হোৱাত স্বৰ্গদেৱৰ অধিকাংশ দেশৰ উন্নতি কাৰ্য্যত তেওঁ বৰ উৎসাহেৰে সাহায্য কৰিছিল। মগৰ লগোৱা নাওত চাব মাৰি বৈছা শিকাই চৰা নাওৰ খেল ৰজাৰ নগৰত চলিল। ইজনা বড় ফুকনে নগাঁও পাতিবলৈ বড় যত্ন কৰিছিল। কছাৰী আৰু জয়ন্তাৰ হাতৰপৰা নগাঁও লোৱা হোৱাৰ পাছত ইয়াক বড় যত্ন কৰি পতা হ’ল। দেশৰ অন্য অন্য ঠাইতো দেশী আৰু বিদেশী লোকৰ বড় সুন্দৰে শৃঙ্খলাকৈ ৰুদ্ৰসিংহ স্বৰ্গদেৱে পতোৱালে।
ৰজাসকলৰ প্ৰায় সকলোৰে এই নিয়ম দেখি যে যিজনা ৰজাৰ দিনত আন দেশৰ শত্ৰুৱে সইতে যুদ্ধ নহয় আৰু যিজনাই দেশৰ উন্নতিলৈহে মন দিয়ে সিজনাই নিজ দেশত যি উন্নতিৰ কাৰ্য্য কৰে, তাত অভিলাষ পূৰ্ণ নহয়। অন্য দুৰ্ব্বল দেশৰ প্ৰতি আক্ৰমণ কৰি সেই দেশ লবলৈ ইচ্ছা কৰে। আমালোকৰ চুবুৰীয়া কছাৰী ও জয়ন্তা দেশৰ অবস্থা সেই কালত দুৰ্ব্বল আছিল। ই দুই দেশ আক্ৰমিবলৈ ইচ্ছা কৰি ১১৩৩ শঁকত নগাঁওৰ মিছামুখ বাহৰলৈ স্বৰ্গদেৱ আহিল। এইজন ৰজাৰেই পদধূলি নগাঁও প্ৰথমে পড়ে। প্ৰথমে কিছুমান সৈন্য জয়ন্তালৈ পঠোৱা হ’ল। জয়ন্তাৰ ৰামসিংহ ৰজাই বিপদ আশঙ্কা কৰি মিত্ৰতা কৰিবলৈ নিজে মিছামুখৰ বাহৰলৈ আহিবলৈ ধৰিলে। আমাৰ সৈন্যে ই কথাত মান্তি নহ’ল। ৰামসিংহে আহিবৰ সময়ত পুত্ৰ দুটিক এই কথা কলে বোলে যদি আহোমৰ সৈন্য দেশ আক্ৰমিবলৈ কাৰবাৰ কৰে, তেনেহলে তেওঁলৈ অপেক্ষা নকৰি নীতি মতে দেশ ৰক্ষা কৰিবলৈ যেন যত্ন কৰে। যদিচ ৰামসিংহ অসম দেশলৈ আহিল তথাপি আমালোকৰ সেনাপতিয়ে জয়ন্তা আক্ৰমিবলৈ পুৰুষাৰ্থ নকৰি নাথাকিল। জয়ন্তাৰ জয়ন্তী দেবীক আনিবলৈ অসমৰ সেনাপতিয়ে কাৰবাৰ কৰাত ৰামসিংহ পুত্ৰে যুদ্ধ কৰি দেৱীক ৰক্ষা কৰিলে। অসমৰ সৈন্য পৰাস্ত হই দেশলৈ উলটি আহিল। জয়ন্তাৰ দৃষ্টান্ত অনুসৰণ কৰি তাম্ৰধ্বজ কছাৰী ৰজাই স্বৰ্গদেৱৰ কটকীৰ কথা শুনি মিছা বাহৰলৈ আহিল।
ৰুদ্ৰসিংহ স্বৰ্গদেৱ মিছামুখত প্ৰায় তিনমাহ মান আছিল। নগাঁওত যিৰূপে মানুহ পতা গইছিল, সিসকলোকে অবগত হ'ল। কছাৰীৰ আৰু জয়ন্তাৰ ৰজা অহা শুনি স্বৰ্গদেৱে বিপদ আশঙ্কা কৰি চাই দুৱাৰ নদুৱাৰ প্ৰভৃতি প্ৰদেশৰ অবস্থা জানিবৰ ছল কৰি বিশ্বনাথলৈ গ’ল। ৰামসিংহ আৰু তাম্ৰধ্বজ ৰজা দুয়ো বিশ্বনাথলৈ গ’লত তাতো তিনিও জনা ৰজাই সাক্ষাৎ হ’ল। আৰু তিনিওজনা ৰজাৰ দেশৰ বিষয়ে কলঙ্গ আৰু কপিলী ও কলীং নদীকে সীমা স্থিৰ কৰি সন্ধি কৰা হ’ল। তাতে কিছুমান দিন থাকি স্বৰ্গদেৱে দুয়োজনা ৰজাক লগত লই নতুন ৰঙ্গপুৰ নগৰত প্ৰধান উৎসব কৰে। দুমাহমানৰ মূৰত ৰামসিংহ ৰজাই ৰঙ্গপুৰ নগৰতে মৃত্যু হ’ল। ইয়াকে দেখি স্বৰ্গদেৱে কছাৰী ৰজাক ৰাজযোগ্য বঁটা দি দেশলৈ পঠাই দিলে। ৰঙ্গপুৰত যি উৎসব এই উপলক্ষে হয়, তাতে স্বৰ্গদেৱৰ ভ্ৰাতৃ লেচাই গোঁহাইৰ ওপৰত ৰজাৰ যি অকাৰণ ক্ৰোধ আছিল, তাৰো শেষ হল। আৰু লেচাই গোঁহাই দেৱক নামৰূপীয়া পাতি ৰাজমৰ্য্যাদা দি নামৰূপত থলে।
হিন্দুধৰ্ম্ম ক্ৰমে প্ৰবলৰূপে চলিবলৈ ধৰিলে আৰু অনেক দেৱালয়ত মন্দিৰ প্ৰভৃতি নিৰ্ম্মাণ হ’ল। ব্ৰাহ্মণসকলৰ আহোমৰ চাঙ্গলৈ গতিবিধি দৃঢ়ৰূপে হবলৈ ধৰিলে। বিশেষ কছাৰী ও জয়ন্তাৰ ৰজাক দেখি ৰুদ্ৰসিংহ স্বৰ্গদেৱ হিন্দুধৰ্ম্ম গ্ৰহণ কৰিবলৈ ইচ্ছুক হ’ল। এইজনা ৰজা বড় আত্মাভিমানী আছিল। দেশৰ কোন মহন্তৰ ঠাইত শৰণ ল’লে, সেই মহন্তক মূৰ দোৱাই সেৱা কৰিব লাগিব ই দেশৰ সকলোলোকেই বন্দি। বন্দিক স্বৰ্গদেৱে কেনেকৈ সেৱা কৰে ইয়াকে ভাবি শৰণ লবলৈ বড় ইকাণ সিকাণ কৰিছিল। পাছে প্ৰধান প্ৰধান পাৰিষদসকলে বঙ্গাল দেশৰপৰ৷ পণ্ডিত অনাই শৰণ লবলৈ স্বৰ্গদেৱক মন্ত্ৰণা দিয়াত এজন খাওন্দক ভাটীলৈ পঠালে।
নদীয়া শান্তিপুৰৰ সমীপবৰ্ত্তী শিমলা মালিপোতা নামে গ্ৰামত কৃষ্ণৰাম ন্যায়বাগীশ ভট্টাচাৰ্য্য নামে এজনা বড় পণ্ডিত আছিল। বঙ্গাল দেশৰ প্ৰসিদ্ধ শোভাকৰ বংশৰ সন্তান। এনে কথা ৰাষ্ট্ৰ আছে বোলে তেওঁবিলাকৰ পূৰ্ব্বপুৰুষ কোনো এজনে এট৷ পুখুৰীত সন্ধ্যা কৰি থাকোঁতেই তেওঁক এটা শিঙ্গৰ৷ মাছে খুটিয়ালে। সেই কালৰ সেই ভট্টাচাৰ্য্যে শাপ দি সি পুখুৰীৰ সমুদায় শিঙ্গৰা মাছ মাৰিলে। এই হেতুকে এওঁবিলাকক “টেঙ্গৰা মৰা” বা “শিঙ্গৰা মৰা ভট্টাচাৰ্য্য” বোলে। কৃষ্ণৰাম ভট্টাচাৰ্যে ৰুদ্ৰসিংহ স্বৰ্গদেৱৰ নিমন্ত্ৰণ গ্ৰহণ কৰিবলৈ প্ৰথমে ইচ্ছা নকৰিছিল। পিছে ৰুদ্ৰসিংহৰ দেশতেই যে কামাখ্যা তীৰ্থ, ইয়াকে জানি নদীয়াৰ কৃষ্ণচন্দ্ৰ ৰজাৰ পিতৃৰ অনুমতি লই ই দেশলৈ আহিল। স্বৰ্গদেৱৰ এনে অনুমান আছিল যে ভাটীৰপৰা যিজনা ভট্টাচাৰ্য্য তেওঁক শিষ্য কৰিবলৈ আহিব, সিজনা সামান্য মানুহ নহয়। দেৱযোনীৰ লোক, ভট্টাচাৰ্য্যৰ ঘৰ পবিত্ৰ তীৰ্থ গঙ্গাতীৰত হোৱাৰ নিমিত্তে তেওঁৰ সি বিশ্বাস আৰু দৃঢ়তৰ হ’ল। পাছে গঙ্গাদেবীক নিজ দেশৰ ভিতৰ কৰিবলৈ ইচ্ছা কৰি স্বয়ং ভাটীলৈ যাবৰ নিমিত্তে উদ্যোগ কৰিলে। কৃষ্ণৰাম ভট্টাচাৰ্য্যে সইতে ইয়াৰ মাঝতে ৰজাৰ সাক্ষাৎ হোৱাত তেওঁৰ সেই বিশ্বাস গুছিল আৰু তেওঁকো মানুহ যেন জানি স্বৰ্গদেৱে তেওঁৰ শিষ্য হবলৈ অনিচ্ছা প্ৰকাশ কৰিলে। ভট্টাচাৰ্য্যে নৈৰাশ হই অপমানিত বোধ কৰি ভটীয়াই আহিল।
এনে কথা প্ৰকাশ আছে বোলে যেতিয়াই ভট্টাচাৰ্য্য ভাটীৰ ফালে আহিবলৈ ধৰিলে, তেতিয়াই দেশত নানা উৎপাত, অমঙ্গল হবলৈ ধৰিলে। প্ৰায় নেড়ানপড়াকৈ তিন দিন ভূমিকম্প হয় আৰু কোনো কোনো মন্দিৰৰ কলসী ভাঙ্গি পড়ে। মন্ত্ৰীসকলে ৰজাক এই প্ৰবোধ দিলে যে ভট্টাচাৰ্য্য মহাপুৰুষ, সাক্ষাৎ দেবীৰ পুত্ৰ। তেওঁ অপমানিত হোৱাৰ কাৰণেহে দেশত এনে উৎপাত মিলিছে। ৰজাই লোক পঠাই ভট্টাচাৰ্য্যক বাটৰ পৰা নিয়ালে আৰু তেতিয়াহে উপদ্ৰৱ গুছিবলৈ ধৰিলে। ভট্টাচাৰ্য্য যে প্ৰকৃত সাধু ইয়াৰ পৰীক্ষা কৰিবলৈ স্বৰ্গদেৱে এই আজ্ঞা দিলে যে দেশৰ ব্ৰাহ্মণাদি ভাল ভাল লোকসকলে যাৰ ইচ্ছা আগেয়ে সিসকলে তেওঁৰ শিষ্য হওক, আৰু পাছে তেওঁ নিজে নীলাচল বা গঙ্গাতীৰত গই মন্ত্ৰ গ্ৰহণ কৰিব। সেই আজ্ঞা অনেকেই প্ৰতিপালন কৰিলে। স্বৰ্গদেৱে তেওঁৰ প্ৰথম পুত্ৰ শিৱসিংহ গোঁহাইদেৱক যুবৰাজ পাতি সসৈন্যে ১৬৩৬ শঁকৰ আষাঢ় মাসত ভটীয়াই গ’ল। যাওঁতে বাটত কাল শিলা বাহৰতে এজনা কুঁৱৰীৰ গৰ্ভত এটি পুত্ৰ সন্তান জন্মে। সেই পুত্ৰটিৰ ওপজা ঠাইৰ নামে সিজনা গোঁহাইদেৱক কাল শিলীয়া গোঁহাইদেৱ বুলিছিলে। তেওঁৰ হিন্দুমতে নাম লক্ষ্মীসিংহ। স্বৰ্গদেৱ গুৱাহাটীত ৰ’ল গই। তাতে নৰীয়া পৰি ১৬৩৬ শঁকত ১৩ ভাদ্ৰ কৃষ্ণা দ্বিতীয়াত স্বৰ্গী হ’ল। মণিকৰ্ণেশ্বৰ পৰ্ব্বতত স্বৰ্গদেৱক কাষ্ঠসংস্কাৰ কৰা হ’ল। সেই ঠাইতে প্ৰমত্তসিংহ স্বৰ্গদেৱে ৰুদ্ৰেশ্বৰ নামে এক শিৱ স্থাপন কৰি মন্দিৰ কৰিলে। এইজনা ৰজাদেৱৰ ভোগৰ কাল ১৮ বছৰ ৬ মাহ। মৃত্যুৰ পূৰ্ব্বে ৰুদ্ৰসিংহ স্বৰ্গদেৱে এই কথা কলে বোলে তেওঁৰ কোঁৱৰ কেইওজনাই জ্যেষ্ঠানুক্ৰমে ৰাজ্য ভোগ কৰিব, আৰু কৃষ্ণৰাম ভট্টাচাৰ্য্যৰ শিষ্য হ’ব। স্বৰ্গদেৱৰ এজনা কুঁৱৰীৰ সন্তান শিৱসিংহ আৰু প্ৰমত্তসিংহ, এজনাৰ বড়জনা গোঁহাইদেৱ, এজনা কুঁৱৰীৰ সন্তান ৰাজেশ্বৰসিংহ আৰু এজনাৰ সন্তান লক্ষ্মীসিংহ। শেষৰজনা গোঁহাইদেৱৰ বৰ্ণ ক’লা আছিল। ৰুদ্ৰসিংহ স্বৰ্গদেৱে তেওঁক বৰ স্নেহ নকৰিছিল।
এইজন৷ ৰজা প্ৰকৃতে বড় প্ৰধান আছিল। চুকাফা ৰজাদেৱে যি দেশ ল’লে সি দেশ ৰুদ্ৰসিংহ স্বৰ্গদেৱেহে পাতিলে, এওঁৰ স্বভাৱ ৰাজযোগ্য আছিল। বুদ্ধি ও বিবেচনাতো বড় পকা আছিল। কেবল এটিহে দুৰ্গুণ আছিল যে তেওঁ বড় আত্মাভিমানী। এওঁৰ দিনত ভিন্ন দেশৰ শত্ৰুয়ে সইতে ৰণ বিগ্ৰহ একো নলগাত দেশৰ উন্নতিলৈ তেওঁ বড় মন দিব পাৰিছিল।
যুৱৰাজ শিৱসিংহ গুৱাহাটীতে ৰাজত্ব পদ গ্ৰহণ কৰি উজাই ৰঙ্গপুৰলৈ গ’ল। তাতে শিঙ্গৰী ঘৰত উঠি আহোম মতে চুতনফা নাম ললে। পিতৃ ৰজাদেৱৰ মৃত্যুৰ পূৰ্ব্বৰ অনুমতি অনুসাৰে স্বৰ্গদেৱে কৃষ্ণৰাম ভট্টাচাৰ্য্যত মন্ত্ৰ গ্ৰহণ কৰিলে। ভট্টাচাৰ্য্য নীলাচলতে সততে থাকিবলৈ অনুমতি পালে আৰু সেই নিমিত্তে তেওঁবিলাকৰ বংশাবলী সকলোকে পৰ্ব্বতীয়া গোঁসাই বোলে। কামাখ্যা ও আন আন দেৱালয়ৰ দেৱতাৰ পূজাৰ বিষয়ে পূৰ্ব্বে একে৷ ভাল নিয়ম আৰু বিধি নাছিল। ভট্টাচাৰ্য্যে সেইসকল দেৱতাৰ পূজাৰ বিধি বিধান নিৰ্ব্বন্ধ কৰি দিলে। ভট্টাচাৰ্য্যক উজনি আৰু ভাটীৰ কামৰূপত অনেক ব্ৰহ্মত্তৰ মাটি ও আন বৃত্তি দান কৰিলে।
স্বৰ্গদেৱে তেওঁৰ ধাই মাতৃৰ নামে এটি আলি কৰালে। সি আলি ধাই আলি নামে প্ৰসিদ্ধ হ’ল। এওঁৰ দিনত কোনো উপদ্ৰৱ বা ৰণ বিগ্ৰহ হোৱা নাছিল, সেই দেখি এওঁ দেশৰ শান্তি ৰক্ষা আৰু আন আন মঙ্গলজনক কাৰ্য্যৰ প্ৰতি মন দিবলৈ সময় পাইছিল। কামৰূপ ও বকতা ই দুই প্ৰদেশ শিৱসিংহ ৰজাই পিয়ল কৰালে। এনেতে ৰাজ্য পাবৰ প্ৰায় ছবছৰ মানৰ মূৰত জ্যোতিষীয়া পণ্ডিতসকলে স্বৰ্গদেৱৰ ছত্ৰভঙ্গ যোগ হইছে বুলি কলে। পৰ্ব্বতীয়৷ গোঁসাই আৰু আন আন পণ্ডিত ও মন্ত্ৰীসকলে পৰামৰ্শ কৰি স্বৰ্গদেৱৰ প্ৰধান মহিষীক বড় ৰজা নাম দি ছত্ৰ অৰ্পণ কৰিলে। এইজনা কুঁৱৰীৰ নাম ফুলেশ্বৰী ও প্ৰমথেশ্বৰী। এই দুয়ো নামেৰে স্বৰ্গদেৱৰ নামে সইতে মোহৰ মৰাও হ’ল। স্বৰ্গদেৱে বড় চ’ৰাত আপোনাৰ মহিষী বড় ৰজাই সইতে বহিছিল।
এইজনা ৰজাদেৱৰ দিনতে কামাখ্যা দেবী আৰু বড়পেটা সত্ৰৰ সি সময়ৰ সমূহ বাপুসকলক বৃত্তি দান কৰা হয়। আৰু আন আন অনেক ব্ৰাহ্মণ ও মহন্তকো বৃত্তি দিয়া হইছিল। ৰজাৰ অমঙ্গল নিবাৰণ কৰাৰ নিমিত্তেই এইবিলাক কাৰ্য্য কৰা হইছিল। গৌৰীসাগৰ আৰু কালুগাঁৱৰ দ’ল ও পুখুৰী এইজনা স্বৰ্গদেৱৰ দিনতে কৰা হ’ল।[১] মানুহ জাতিৰ স্বভাব এনেটোহে দেখা যায় যে প্ৰথমে যি কোনো কাৰ্য্য কৰা হয় তাত বড় শ্ৰম আৰু যত্ন কৰে। স্বৰ্গদেৱে সপৰিবাৰে মন্ত্ৰ গ্ৰহণ কৰি বড় ভক্তিৰে পূজা কৰিবলৈ ধৰিলে। অনেক সময়ত স্বৰ্গদেৱে পূজা কৰোতেই তিনিপৰীয়া হই যায়। স্বৰ্গদেৱে ভট্টাচাৰ্য্য গোঁসাইৰ উপাস্য গোঁসানীৰ মন্ত্ৰ গ্ৰহণ কৰিছিল। এই নিমিত্তে সি দেৱতাৰ প্ৰতি সপৰিবাৰে স্বৰ্গদেৱৰ বড় ভক্তি আছিল। তেতিয়াৰ কালৰ মানুহে এনে বিশ্বাস কৰিছিল যে স্বৰ্গদেৱে গোঁসানীক সাক্ষাৎ পাইছিল। স্বৰ্গদেৱতকৈ বড় ৰজা ফুলেশ্বৰী কুঁৱৰীহে বড় অন্ধ বিশ্বাসিনী আছিল। শূদ্ৰ মহাজন কেতবিলাকে গোঁসানী নামানে বুলি শুনি এবাৰ দুৰ্গোৎসবত বড় ৰজাই মোৱামৰাৰ মহন্তকে আদি কৰি কিছুমান মহন্তক অনাই বলেৰে গোঁসানী সেৱা কৰোৱাই সিন্দুৰ ৰঙ্গাচন্দন আৰু বলিৰ তেজেৰে ফোঁট দিয়াই বড় দুৰ্গতি কৰিলে। অন্যতকৈ মোৱামৰাৰ মহন্তে এই কথাত মৰণান্তিক বেজাৰ পালে। আৰু এই মহন্তে এনেৰূপে নিজ শিষ্যসকলত কলে যে ইয়াৰ প্ৰতিকাৰ সাধিবলৈ পুৰুষাৰ্থ কৰিব লাগে। কালক্ৰমে সেই পুৰুষাৰ্থ একপ্ৰকাৰ সিদ্ধিও হ’ল। ফুলেশ্বৰী স্বৰ্গী হলত তেওঁৰ অভিপ্ৰায় অনুসাৰে তেওঁৰ ভগিনী দ্ৰৌপদীক স্বৰ্গদেৱে পৰিণয় কৰিলে। আৰু তেওঁক অম্বিকা নাম দি বড় ৰজা উপাধি দিলে।[২] এওঁৰ নামেৰে মোহৰো মৰা হ’ল। এইজনা কুঁৱৰীয়ে বহু দিন ভোগ কৰিব নোৱাৰিলে। এওঁৰ মৃত্যুৰ পাছত সলাল গোঁহাইৰ জীয়েক অনাদৰীক স্বৰ্গদেৱে বিবাহ কৰাই সৰ্ব্বেশ্বৰী নাম দিলে। শিৱসিংহ স্বৰ্গদেৱে বড় আমোদ উৎসৱেৰে ৩০ বছৰ ৩ মাহ ১১ দিন ৰাজ্য ভোগ কৰি ১৬৬৬ শঁকৰ ২৪ অগ্ৰহায়ণ কৃষ্ণা প্ৰতিপদ তিথিতে স্বৰ্গী হ’ল।
শিৱসিংহ ৰজাৰ দিনত কোনো উপদ্ৰৱ নাছিল। তেওঁ দেশৰ উন্নতিৰ প্ৰতি মন দিবলৈ বিশেষ সময় পাইছিল। এওঁৰ স্বভাব বড় মৃদু আৰু স্ত্ৰৈণ আছিল। কিয়নো ফুলেশ্বৰী কুঁৱৰীয়ে মহন্তসকলক ইমান দুৰ্গতি কৰিলে যে স্বৰ্গদেৱে তাত এফেৰিও দুঃখিত নহল বা তাক নিবাৰিবলৈ কোনো যত্ন নকৰিলে। এনে প্ৰবাদ আছে বোলে যেতিয়া মহন্তসকলক ফুলেশ্বৰী কুঁৱৰীয়ে দুৰ্গতি কৰে তেতিয়া স্বৰ্গদেৱে পূজাঘৰৰ পৰা ওলাই আহি এইকথা শুনি মিটিকাই হাঁহিলে। এইজনা স্বৰ্গদেৱৰ দিনত হিন্দুধৰ্ম্ম একেবাৰে ৰাজগৃহত প্ৰবেশ হ’ল। যিবিলাক আহোমৰ ম্লেচ্ছৰ দৰে আচাৰ আছিল, সেইবিলাক একেবাৰে হিন্দুধৰ্ম্মগ্ৰাহী আহোমবিলাকৰ পক্ষে স্বতন্ত্ৰ বা হীন জাতি হেন হইছিল। ইয়াৰ দ্বাৰাই আহোমবিলাকৰ আচাৰ-নীতি একেবাৰে পৰিবৰ্ত্তন হ’ল। কালক্ৰমে সিসকলৰ আসুৰিক আৰু বাহুবলী ক্ষত্ৰিয়ৰ স্বভাব গুচি মুখবলী ব্ৰাহ্মণৰ স্বভাব হ’ল।
শিৱসিংহ স্বৰ্গদেৱৰ পাছত তেওঁৰ পুতেকটি ৰজা হ’ব নোৱাৰিলে। তেওঁৰ ভ্ৰাতৃ প্ৰমত্তসিংহ সিংহাসনত উঠিল আৰু শিঙ্গৰী ঘৰত উঠি আহোম মতে চুনেন্ফা নাম ল’লে। এইজনা ৰজাৰ দিনত কামৰূপৰ পিয়লৰ কাকত পত্ৰ সকলোৰে নিৰ্বন্ধ হ’ল গৰগাঁও নগৰৰ দুৱাৰ ঘৰ কেইটা আৰু ৰঙ্গপুৰৰ ৰঙ্গঘৰটো দুটুপীয়াকৈ স্বৰ্গদেৱে পকী কৰালে। ৰুদ্ৰসিংহ স্বৰ্গদেৱক কাষ্ঠসংস্কাৰ কৰা ঠাইত মন্দিৰ কৰি ৰুদ্ৰেশ্বৰ নামে শিৱ স্থাপনা কৰিলে। গুৱাহাটীৰ শুক্ৰেশ্বৰ দেবালয়ৰ মন্দিৰ এইজনা ৰজাৰ দিনতে হয়। লোকে এনে কথা কয় বোলে এইজনা ৰজাদেৱৰ বড়কৈ মূৰৰ বিষ আছিল। অনেক ঔষধ কৰাতো আৰোগ্য নহল। পাছে স্বৰ্গদেৱে এনে স্বপ্ন দেখিলে বোলে মুসলমানৰ তীৰ্থত পূজা কৰিলে স্বৰ্গদেৱৰ শৰীৰ আৰোগ্য হ’ব। এই স্বপ্নাদেশ অনুসাৰে স্বৰ্গদেৱে এজন মুসলমানক ধন বস্তু দি মক্কালৈ পঠালে। সেই মুসলমানে আপোনাৰ পুত্ৰ আৰু ভ্ৰাতৃক লগত লই মক্কালৈ গ’ল। ই সকলে প্ৰায় ২॥ আড়াই বছৰৰ মূৰত মক্কাৰ পৰা ঘুৰি আহিল কিন্তু নগৰ পোৱাৰ কিছুমান দিন পূৰ্ব্বেই স্বৰ্গদেৱ ১৬৭৩ শঁকৰ ২৯ আশ্বিন কৃষ্ণা নবমী তিথিত স্বৰ্গী হ’ল। এওঁৰ ভোগৰ কাল ৬ বছৰ ১০ মাহ ৫ দিন।
ৰুদ্ৰসিংহ স্বৰ্গদেৱৰ অনুমতি অনুসাৰে হলে বড়জনা গোঁহাই দেৱ ৰজা হ’ব পাইছিল। কিন্তু তেওঁৰ বসন্ত ওলোৱা বাবে সিংহাসন পাব নোৱাৰাত ৰাজেশ্বৰ সিংহ ৩০ আশ্বিনত ৰাজ্যাভিষিক্ত হ’ল আৰু শিঙ্গৰী ঘৰত উঠি আহোম মতে চুৰেম্ফা নাম ললে, আৰু বড়জনা গোঁহাইদেৱে পাছে কিবা দ্ৰোহ চিন্তে এই ভাবি তেওঁক নগৰৰ বাজ কৰি উলিয়াই থলে। ৰাজেশ্বৰসিংহ ৰঙ্গপুৰ আৰু গৰগাঁও ই দুই নগৰত দুটা পকী আৰু তলাতল ঘৰ কৰালে। আৰু আগৰ ৰঙ্গঘৰৰ ওচৰতে সৰুকৈ এটা পকী ঘৰ কৰালে। এওঁ প্ৰায় ৰাজকাৰ্য্যতকৈ বিষয় সুখত বড় মগ্ন আছিল। তেওঁৰ মন্ত্ৰীৰ ওপৰতেই বড় বিশ্বাস আছিল। ১৬৮০ শঁকত মণিপুৰৰ ৰজাই তেওঁৰ দেশ আন শত্ৰুয়ে আক্ৰমণ কৰাত পলাই আহি কছাৰি ৰজাৰ আশ্ৰয় ল’লে। কিন্তু তেওঁ সবিশেষ আশ্ৰয় দিব নোৱাৰাত আমাৰ স্বৰ্গদেৱলৈ এই বুলি অনুগ্ৰহ প্ৰাৰ্থিলে, বোলে “আমাক শত্ৰুৰ হাতৰ পৰা ৰক্ষা কৰোক।” স্বৰ্গদেৱে খ্যাতি আৰু ধৰ্ম্ম দুইকো পাবৰ আশয়েৰে হৰনাথ ভিতৰুৱাল ফুকনক সেনাপতি ফুকন উপাধি দি বহু সৈন্যে সইতে মণিপুৰলৈ পঠালে। সেনাপতি ফুকন মৰঙ্গীৰ বাট সোমাল। কিন্তু বাট নথকাৰ গুণে বিস্তৰ হাবি লতা কাটি পোনাই যাওঁতে বাটতে অনেক দিন হ’ল আৰু খাবৰ সামগ্ৰীৰ অভাবত অনেক সৈন্য মৰে। ইফালে মণিপুৰৰ ৰজাৰ শত্ৰু অসমৰ সৈন্য যোৱা শুনি দেশ এড়ি গুচি যোৱাত আমাৰ সেনাপতি ফুকন উলটি আহে। এই যুদ্ধযাত্ৰাকে লতাকটা ৰণ বোলে। তেওঁৰ অবিবেচনাৰ নিমিত্তে অনেক সৈন্যৰ হানি হোৱাত সেনাপতি ফুকন পাতি স্বৰ্গদেৱে দণ্ড কৰিলে। ইতিমধ্যতে আমাৰ সৈন্য উলটি অহা শুনি মণিপুৰৰ ৰজাৰ পূৰ্ব্ব শত্ৰুএ আকৌ সেই দেশ আক্ৰমণ কৰাত বকতিয়ালৰ গেন্ধেলা বড় বড়ুৱাক ৰাজেশ্বৰ সিংহে সেনাপতি পাতি মণিপুৰলৈ পঠালে। বড় বড়ুৱা ৰহা পাওঁতেই মণিপুৰ এৰি আকৌ সেই শত্ৰুৰ সৈন্য পলাল। এই আপাহতে মণিপুৰৰ ৰজাই কুৰঙ্গনয়নী নামে আপোনাৰ দুহিতাক ৰাজেশ্বৰ সিংহ স্বৰ্গদেৱক দি মিত্ৰতা নিবন্ধন কৰিলে। স্বৰ্গদেৱে এই কাৰণে গেন্ধেলা বড় বড়ুৱাক কীৰ্ত্তিচন্দ্ৰ নাম দি তেওঁৰ পদমৰ্য্যাদাক উন্নত কৰি দিলে। মণিপুৰীয়া ৰজাৰ কন্যাৰ লগত যৌতুকত দিয়া মানুহখিনিক দিচৈৰ কাষৰতে স্বৰ্গদেৱে পাতিলে। মণিপুৰীয়াবিলাকক আমাৰ দেশৰ লোকে মগলু বোলে। সেই মণিপুৰীয়া মানুহখিনি পতা ঠাইক মগলুখাত বোলে। আৰু আপোনাৰ নাম চিৰস্মৰণীয় কৰিবৰ নিমিত্তে মণিপুৰীয়া কুঁৱৰীয়ে সি ঠাইতে এটা বড় পুখুৰী খনালে। সেই পুখুৰীক আজিলৈকে “মগলুজীয়েকৰ পুখুৰী” বোলে।
কীৰ্ত্তিচন্দ্ৰ বড়ুৱাই ৰহাৰ পৰা ঘুৰি অহাৰ পিছৰে পৰা ৰজাৰ অনুগ্ৰহ পাই বড় অহঙ্কাৰ কৰিব ধৰিলে। দেশৰ আনৰ কথাকে নকওঁ তিনিজনা ডাঙৰীয়াকো কটাক্ষ নকৰা হ’ল। তেওঁ ৰজাৰ এনে প্ৰিয় হ’ল যে ৰজা নাম মাত্ৰহে, তেওঁ যি কৰে সেয়েই হয়। একেই স্বৰ্গদেৱে মুখাভিলাষী, তাতে আকৌ ভিন্ন দেশীয় ৰাজকুমাৰী এজনা এওঁৰ নিমিত্তেই পালে। আৰু মণিপুৰৰ ৰজাক প্ৰায় কৰতলীয়া কৰিলে। এই কাৰণে বড় বড়ুৱাৰ ইমান প্ৰতাপ হ’ল। নুমলি বড় গোঁহাই ডাঙ্গৰীয়াই চকৰিফেটী নামে এখন বুৰঞ্জী উলিয়াই কীৰ্ত্তিচন্দ্ৰ বড়ুৱাক “জলমবটা” অৰ্থাৎ প্ৰকৃত আহোম নহয় বুলি প্ৰকাশ কৰিলে। বড় বড়ুৱাই ইয়াতে বিৰক্ত পাই নৰা দেশৰ পৰা আপোনাৰ বঙ্গহ আনি তেওঁ যে প্ৰকৃত আহোম ইয়াকে প্ৰমাণ কৰিলে আৰু স্বৰ্গদেৱক এই বুজালে বোলে এইৰূপে বুৰঞ্জীৰ পৰা ভবিষ্যতে অনেক অনিষ্ট ঘটিব পাৰে। অধিক কি কোনো সময়ত ৰজাৰ বংশাৱলীতো কোনোয়ে কলঙ্ক দিব পাৰে। বড় বড়ুৱাৰ কথা শুনি ৰাজেশ্বৰসিংহে যাৰ ঘৰত যি বুৰঞ্জী আছে, তাক পৰীক্ষাৰ নিমিত্তে অনালে। ই দেশীয় অনেক লোকৰ ঘৰত এইৰূপে বুৰঞ্জী আছিল। তাৰে যি কেইখনত বিষম কথা থকা পালে, সি কেইখন পুড়ি পেলোৱা হ’ল। আৰু তাৰে যি কেইখন ভাল পালে, তাক ৰাখি ওভোতাই দিলে। এনে কথা প্ৰকাশ আছে বোলে এইৰূপে বুৰঞ্জী অনুসন্ধান কৰি পোড়োঁতে দুবছৰ লাগিছিল। বড় বড়ুৱাৰ আত্মম্ভৰি কাৰ্য্য দ্বাৰাই তেওঁৰ অনেক শত্ৰু হ’ল। তেওঁ দানী আছিল হয় কিন্তু সেই দান কৰোঁতে পাত্ৰাপাত্ৰ বিবেচনা নকৰিছিল। তেওঁ কেতিয়া ৰুষ্ট হয় আৰু কেতিয়৷ তুষ্ট হয়, এইটি কথা জনা সুকঠিন আছিল। ব্যাপক জ্ঞান নথকা লোকৰ হাতত বিস্তৰ ক্ষমতা থাকিলেই এনে ঘটে। বড় গোঁহাই প্ৰভৃতি প্ৰধান প্ৰধান লোকসকলে পাছে এনেটোহে ভাবিবলৈ ধৰিলে যে কেনেকৈ এই লোভী বড় বড়ুৱাৰ হাতৰ পৰা ৰক্ষা পায়। পাছে ১৬৮৫ শঁকত বড় বড়ুৱা নগৰলৈ যাওঁতে এজন অচিনাকী লোকে এদিন তেওঁক অস্ত্ৰাঘাত কৰিলে। ভাগ্যক্ৰমে তেওঁৰ প্ৰাণ বিয়োগ নহ’ল। তাৰ পাছে ই বিষয় অনুসন্ধান কৰি দ্ৰোহীসকলক দণ্ড বন্ধ কৰিলে আৰু পাৰিষদৰ সংখ্যা বৃদ্ধি কৰি লগত টাঙ্গোন ধৰা মানুহ ল’লে। ৰাজেশ্বৰসিংহ স্বৰ্গদেৱৰ দিনত দেশ ভৰপূৰ হৈ আছিল কিয়নো প্ৰায় চাৰি কুৰি মান বছৰ, ভিন্ন দেশে সইতে কোন ৰণ বিগ্ৰহ হোৱা নাছিল। এইখিনি কাল দেশৰ উন্নতিতেই ৰজাসকলৰ মন আছিল। স্বৰ্গদেৱে কামৰূপ চাবৰ নিমিত্তে ১৬৮৬ শঁকত গুৱাহাটীলৈ গ’ল। আৰু বশিষ্ঠাশ্ৰম, মণিকৰ্ণেশ্বৰ, চিত্ৰাচল প্ৰভৃতিত মঠ কৰালে। সি সময়তে এটা “সৰ্ব্বগ্ৰাহ” চন্দ্ৰগ্ৰহণ হোৱাত স্বৰ্গদেৱে অশ্বক্ৰান্তত “কণকাঞ্জলি” দান কৰিছিল। এবং অনেক ব্ৰাহ্মণ ও সাধুলোকক ভূমি বৃত্তি দিছিলে। দেৱৰ গাঁৱৰ পুৰণি দ’ল লুইতে খহোৱাত নেঘেৰিটিঙ্গত ১৬৮৭ শঁকত স্বৰ্গদেৱে নকৈ দ’ল কৰাবলৈ আৰম্ভ কৰিলে। মোঁৱামৰাৰ মহন্তে শিৱসিংহ ৰজাৰ দিনত যি অপমান পাইছিল, সেইটি মনত ৰখাই থইছিল। মালৌ পথাৰত এডোখৰ দ মাটি আছিল। মহন্তে এই আজ্ঞা দিলে বোলে মানুহটে পতি এচপৰাকৈ মাটি দি ভেঁটী এটা বান্ধিলে তাতে সত্ৰ কৰা যাব। সেইৰূপে মহন্তৰ শিষ্যসকলে মাটি দিয়াত এটি বড় ভেটী হ’ল। তাতে মহন্তে সত্ৰ কৰিলে। সেই ভেঁটী বন্ধাৰ উপলক্ষে বিস্তৰ শিষ্য হোৱাত মহন্তে ইয়াকে কলে বোলে আমাৰ পূৰ্ব্ব প্ৰতিকাৰ সাধিবলগীয়া, এতেকে সকলোৱে যুগুত হই যাওক। মহন্তসকলৰ শিষ্যৰ ওপৰত যিমান ক্ষমতা আৰু শিষ্যৰো গুৰুৰ প্ৰতি যিমান ভক্তি তাতে তেওঁৰ বাক্য শিষ্যবিলাকে পালন কৰিব বুলি মোঁৱামৰাৰ মহন্তে বিশেষকৈ জানিছিল। সেই মহন্তৰ বাক্যপাত হ’ব পৰা তেওঁৰ শিষ্যসকলে ৰজাৰ অহিতে দ্ৰোহ আচৰিবলৈ আগবাঢ়ি থাকিল। ৰাজেশ্বৰসিংহ স্বৰ্গদেৱে ই কথা ভু পাই মোঁৱামৰা মহন্তৰ সমতুল্য দিহিঙ্গীয়া মহন্তক ভিতৰুৱালকৈ লই সদাই চাঙ্গলৈ আহিবলৈ আজ্ঞা দি “লিগিৰা” বাব দিলে। ই সময়তে দেৱৰ গাঁওৰ ন দ’লো নিৰ্ম্মাণ কৰা হ’ল। পাছে ১৬৯১ শঁকৰ ২০ জ্যৈষ্ঠ কৃষ্ণা দশমী তিথিত নৰীয়া পড়ি স্বৰ্গদেৱ নিত্যধামলৈ গমন কৰিলে। এওঁৰ ভোগৰ সংখ্যা ১৭ বছৰ ৭ মাস ২১ দিন। এইজনা স্বৰ্গদেৱ বড় শ্ৰীমন্ত আৰু শক্তিমন্ত আছিল। এওঁৰ সুখাভিলাষো বড় প্ৰবল আছিল। এই হেতুকে ৰাজকাৰ্য্যৰ প্ৰতি বিশেষকৈ মন নিদিছিল। সৰ্ব্বদায় চাঙ্গতে ৰঙ্গধেমালি কৰি থাকি, বাহিৰলৈ আহিব লাগিলেও কোনো আমোদৰ উদ্দেশেহে আহিছিল। এইজনা স্বৰ্গদেৱৰ দিনেই, আহোমবিলাকৰ গৌৰবৰ শেষ সময়। দেশ সম্পূৰ্ণ আছিল, আৰু কোনো প্ৰকাৰৰ ৰণ বিগ্ৰহাদি নোহোৱাত প্ৰজাসমূহৰ বড় সুখ হইছিল।[৩] ইজনা স্বৰ্গদেৱ পৰ্ব্বতীয়া গোঁসাইৰ পাণ্ডুনাথত থকা নাতি গোঁসাইৰ বংশ এঘৰৰ শিষ্য আছিল। ৰাজেশ্বৰসিংহ স্বৰ্গদেৱ নৰীয়া পড়ি থাকোঁতেই তেওঁৰ সিংহাসন পোৱাৰ বিষয়ে দেশীয় প্ৰধান প্ৰধান লোকসকলৰ দুই মত আছিল। কীৰ্ত্তিচন্দ্ৰ বড় বড়ুৱা প্ৰভৃতি কেতবিলাকৰ ৰুদ্ৰসিংহ স্বৰ্গদেৱৰ আজ্ঞা মানি লক্ষ্মীসিংহ কোঁৱৰক সিংহাসন দিবলৈ ইচ্ছা আছিল। ৰাজমন্ত্ৰী বড় গোঁহাই ডাঙ্গৰীয়া প্ৰভৃতি কেতবিলাকৰ এনে ইচ্ছা আছিল যে ৰাজেশ্বৰসিংহ স্বৰ্গদেৱৰ বড়জনা পুত্ৰেই ৰাজ্য পাওক। কিন্তু বড় বড়ুৱাৰ মত আৰু ৰুদ্ৰসিংহ স্বৰ্গদেৱৰ আজ্ঞা বলবৎ হোৱাত লক্ষ্মীসিংহ ২১ জ্যৈষ্ঠৰ দিনা সিংহাসনত উঠে। আৰু শিঙ্গৰী ঘৰত উঠি চুন্যেউফা নাম ল'লে।
ৰুদ্ৰসিংহ স্বৰ্গদেৱৰ শেষ কালত লক্ষ্মীসিংহৰ জন্ম হয়। তেওঁৰ বৰ্ণ আৰু আকাৰ সিজনা ৰজাৰ বিসদৃশ থকাত স্বৰ্গদেৱে তেওঁক এক প্ৰকাৰ সন্তান বুলি অস্বীকাৰ কৰাৰ নিচিনা আছিল। এই নিমিত্তে তেওঁ ৰাজকুলৰ আন আন ডাঙ্গৰ লোকসকলৰ বড় আদৰণীয় আছিল। আনকি পৰ্ব্বতীয়া গোঁসাইয়েও তেওঁক শিষ্য কৰিবলৈ অস্বীকাৰ কৰিলে। ই দেশীয় ৰমানন্দ ভট্টাচাৰ্য্য নামে পঢ়াশালিৰ এজনা অধ্যাপকে সেই অনাদৃত ৰাজকুমাৰক পঢ়াইছিল আৰু শিৱ পূজা শিকাইছিল। পাছে লক্ষ্মীসিংহ সিংহাসন পোৱাৰ পাছত পৰ্ব্বতীয়৷ গোঁসাইৰ মন্ত্ৰ গ্ৰহণ নকৰি সেই ভট্টাচাৰ্য্যৰ পৰ৷ শিৱমন্ত্ৰত দীক্ষিত হই তেওঁক পহুমৰীয়া গোঁসাই বা ন গোঁসাই নাম দি অনেক বৃত্তি বিধান দিলে। লক্ষ্মীসিংহে যেতিয়া ৰাজ্য পায়, তেতিয়া তেওঁৰ বয়স ৫৫ বছৰ। বিশেষ বড় বড়ুৱাৰ নিমিত্তেই সিংহাসন পোৱাত তেওঁ এই পূৰ্ব্বৰ দৰে ৰাজকাৰ্য্য কৰিছিল। ৰমানন্দ ভট্টাচাৰ্য্য ৰজাৰ গুৰু হোৱাত তেওঁক যি মৰ্য্যাদা দিয়া হ’ল তাত আন আন মহন্তসকলে বড় ভাল নাপালে। বিশেষকৈ মোঁৱামৰাৰ মহন্তে গৰ্ব্বালি বচন বোলাত ৰজা ঘৰৰ পৰা এক প্ৰকাৰে অসন্তোষৰ পাত্ৰ হ’ল। পিছে সি শঁকৰ আশ্বিন মাহত স্বৰ্গদেৱে এদিন চৰানাওৰে ফুৰিবলৈ আহিছিল। বড় বড়ুৱাৰ নাও পিছত আছিল। মোঁৱামৰাৰ মহন্তে অনেক সাঙ্গি ভাৰেৰে স্বৰ্গদেৱক বালিতে সাক্ষাৎ কৰি ক্ষমা প্ৰাৰ্থনা কৰিলে। বড় বড়ুৱাই ইয়াকে বুজ পাই চাটু নকৰাকৈ ৰজাৰে সাক্ষাৎ কৰাৰ বাবে মহন্তক অনেক বিদ্ৰূপ আৰু বিতণ্ডা কৰিলে। ইয়াতে মহন্ত বড় বিষম পালে। আৰু তেওঁৰ শিৱসিংহ স্বৰ্গদেৱৰ দিনৰ নুমাই থকা অপমান অগ্নি দ্বিগুণতৰ জ্বলিবলৈ ধৰিলে। মহন্তে তেওঁৰ শিষ্যসকললৈ তলে তলে বুজ দিলে এবং গুৰুৰ হস্তে প্ৰাণ উৎসৰ্গ কৰিবলৈ সংকল্প কৰি মহন্তৰ প্ৰায় উজনিয়াল সকলো শিষ্য দলবদ্ধ হ’ল। ৰুদ্ৰসিংহ স্বৰ্গদেৱৰ খেদি থোৱা এজনা কোঁৱৰ বড়জনা গোঁহাই দেৱক দলপতি হবলৈ মোঁৱামৰীয়া মহন্তে আহ্বান কৰিলে আৰু নাহৰখোৰা ও ৰাঘমৰাণ নামেৰে ই দুজন সেনাপতি হ’ল। যিবিলাক মানুহ ই ড্ৰোহৰ কাৰ্য্যত লগ লাগিল, সিবিলাকে দা, টাঙ্গোন, ধেনু, কাঁড়, বৰ্ষা, প্ৰভৃতি অস্ত্ৰ ললে। বড় ভেটীৰ ওচৰতে এইৰূপে প্ৰায় ন হেজাৰমান মানুহ লগলাগি ৰঙ্গপুৰৰ ফালে আঘোনৰ আদিতে যাত্ৰা কৰিলে। লোকত এনে ঢৌ তুলি দিলে বোলে গোঁহাইদেৱ থকাতো অন্যায়কৈ লক্ষ্মীসিংহক ৰজা পতাৰ হেতুকে সেই ৰণ যাত্ৰা হইছে। মোঁৱামৰীয়াবিলাকৰ এইৰূপ উদ্যোগৰ ভু পাই বড় গোঁহাই, বুঢ়া গোঁহাই, কীৰ্ত্তিচন্দ্ৰ বড় বড়ুৱা প্ৰভৃতি মন্ত্ৰীসকলে কিছুমান সৈন্য আগবঢ়াই পঠালে। কিন্তু ৰজাৰ সৈন্যে একো কৰিব নোৱাৰিলে। মোঁৱামৰীয়াবিলাক নগৰ পাই স্বৰ্গদেৱ ও ডাঙ্গৰীয়াসকল আৰু বড় বড়ুৱাক বন্দী কৰিলে। সৌভাগ্যৰ বিষয় এই যে তেতিয়া অতি অল্প মাত্ৰ লোকৰ প্ৰাণ লইছিল। খোৰা মৰাণৰ ঘৈণীয়েকক ৰাধাৰুক্মিণী নাম দি তাইকো দ্ৰোহীবিলাকে লগত আনিছিল। তাতে এনে ঢৌ হইছিল, বোলে এইজনী তিৰোতাই বন্দুকৰ গুলী আঁচল পাতি লয়। মোৱামৰীয়াই স্বৰ্গদেৱক পাটৰ পৰা নমাই জয় সাগৰৰ দ’লতে বন্দী কৰি থ’লে। বড়জনা বড় গোঁহাই ভগী বুঢ়া গোঁহাই আৰু আন আন কেইজনামান প্ৰধান প্ৰধান লোকক মাৰিলে আৰু কীৰ্ত্তিচন্দ্ৰ বড় বড়ুৱাক শালত দিলে আৰু তেওঁৰ পুত্ৰাদিকো বধিলে। খোৰা মৰাণৰ পুতেক ৰমাকান্ত সিংহাসনত উঠি ৰজা হ’ল আৰু নচুকীয়া মোহৰ মাৰিলে। আঘোনৰ পৰা সেই বছৰৰ চ’তৰ বিহুলৈকে মোৱামৰীয়াবিলাকে নগৰ লইছিল। তেতিয়া এক মহা হুলস্থূল হইছিল। মানুহৰ ধন প্ৰাণৰ একো নিশ্চয় নাছিল। চাৰিওফালৰ মানুহক লুটিপুটি নি দ্ৰোহীবিলাকে প্ৰবৰ্ত্তিছিল। অশিক্ষিত কৃষক যোদ্ধাৰু, কিমান দিন এইৰূপে সৈনিক বেশত থাকিব পাৰে? নগৰ লোৱাৰ পাছৰে পৰা মোঁৱামৰীয়াবিলাক নিজৰ ঘৰলৈ যাবলৈ ধৰিলে। সিবিলাকৰ আৰু মোঁৱামৰীয়া ৰজা ও সেনাপতিসকলৰ এনে দৃঢ় বিশ্বাস হ’ল দেশ যেন সম্পূৰ্ণ তেওঁবিলাকৰ শাসিত হ’ল।
শিৱসিংহ ৰজাৰ দিনত মোঁৱামৰা মহন্তৰ অপমান হোৱাত তেওঁক আন আন মহন্তে কিছু হেয় কৰিছিল। বিশেষ লক্ষ্মীসিংহ স্বৰ্গদেৱক নিৰ্ম্মালি দিবৰ সময়তো সমনীয়া অনেক মহন্তে এইজন মহন্তক শাৰীত বহিবলৈ নিদি অপমানিত কৰিছিল। নগৰ লোৱাৰ পাছতে মোঁৱামৰীয়া মহন্তে অনেক মহন্তসকলক মতাই নি ভকত কৰিবলৈ ইচ্ছা কৰিলে। এনে প্ৰবাদ আছে বোলে সেই বাবে এদিন এখান মেল হোৱাত মহন্তসকলক মোঁৱামৰা মহন্তে এই বুলি এক নাম দিলে বোলে “সবাৰো নাম জয়হৰি”। ইয়াকে বোলাৰ পাছত মহন্ত বিমূৰ্চ্ছিত হ’ল। পাছে তেওঁ আৰোগ্য হ’ল আৰু তেওঁৰ শিষ্যসকলে এনে অভিমান কৰিবলৈ ধৰিলে বোলে ইসকল মহন্ত তেওঁৰ শিষ্য।[৪] এইৰূপে ৰজা মন্ত্ৰী আৰু মহন্তসকলৰ পূৰ্ব্বৰ কৰা কাৰ্য্যৰ পোটক তুলি মোঁৱামৰীয়া ৰজা সিংহাসনত থাকিল। লক্ষ্মীসিংহ স্বৰ্গদেৱ অপদস্থ হলেও তেওঁৰ ফালে অনেক লোক আছিল। কুৱৈ গঁয়া ঘনশ্যাম প্ৰভৃতি অনেক লোকে ষড়যন্ত্ৰ কৰি চ’তৰ বিহুৰ দিনা দ্ৰোহী ৰমাকান্তক সেৱা কৰিবলৈ কিছুমান লোক পঠালে আৰু সিসকলে মোৱামৰীয়াৰ ৰজা ও সেনাপতিবিলাকক ধৰি প্ৰাণে মাৰিলে। লক্ষ্মীসিংহে আকৌ সিংহাসন প্ৰাপ্ত হল।[৫] আৰু আপাহৰ নিমিত্তে স্বৰ্গদেৱে সেই ঘনশ্যামক ৰাজমন্ত্ৰী বুঢ়াগোঁহাই পাতিলে। মোঁৱামৰীয়া মহন্ত আৰু অন্যান্য অনেকে সেই মহন্তৰ প্ৰধান প্ৰধান শিষ্যসকলক ধৰি আনি প্ৰাণে মাৰিলে। এনে কথা লোকে এতিয়াও কোৱা কুই কৰে যে ঘনশ্যাম বুঢ়া গোঁহাই ডাঙ্গৰীয়াই মোঁৱামৰীয়াবিলাকক সপৰিবাৰে ধৰাই আনি বড় ভোজ খুৱাইছিল। পৰিশেষে সিহঁতৰ হতুৱাই খাল খনাই আপোনা আপুনি সিহঁতক পোত যোৱাইছিল। এইৰূপে কাৰ্য্য কৰোঁতে কোনো বিচাৰ বা অনুসন্ধান কৰা নহইছিল। মোঁৱামৰা মহন্তৰ শিষ্য বুলিলেই দ্ৰোহী আৰু দণ্ডৰ যোগ্য এনে বিবেচনা কৰে মাত্ৰ। ই কিমান ন্যায়সঙ্গত ব্যৱহাৰ তাক বিবেচনা কৰিলে চমৎকৃত হব লাগে।
মোঁৱামৰীয়াবিলাকৰ হাতৰ পৰা ৰাজ্য লোৱাৰ পাছত আৰু দেশৰ কোনো দুৰ্গতি নহল। মোঁৱামৰীয়াবিলাকৰ এই উপদ্ৰৱ উজনিৰ অলপ ঠাইত মাথোন ব্যাপ্ত হইছিল। ইয়াৰ পাছত বুঢ়া গোঁহাই ডাঙ্গৰীয়া আৰু আন আন প্ৰধান প্ৰধান লোকসকলে দেশৰ উন্নতিৰ প্ৰতি বিশেষ মন দিছিল। ইয়াৰ পাছত আৰু বিশেষ কোনো ঘটনা ইজনা ৰজাদেৱৰ দিনত নহল। কেবল কোনো কোনো ঠাইত কেইটিমান দেৱালয় নিৰ্ম্মাণ হ’ল। মোঁৱামৰীয়াবিলাকে সিংহাসনচ্যুত কৰাৰ পৰা লক্ষ্মীসিংহ স্বৰ্গদেৱৰ মন বড় দুঃখিত আছিল আৰু তেওঁ এক প্ৰকাৰ ঔদাস্য ভাব অবলম্বন কৰিছিল। মন্ত্ৰীৰ হাততেই সকলো কাৰ্য্যৰ ভাৰ অৰ্পিত আছিল। স্বৰ্গদেৱে সদাই প্ৰায় মৌনভাৱতে ভিতৰতে আছিল। পৰিশেষত ১৭০২ শঁকৰ ৩০ আঘোনত কৃষ্ণা প্ৰতিপদ তিথিত স্বৰ্গদেৱ স্বৰ্গী হ’ল। এইজনা ৰজাদেৱৰ ভোগৰ কাল ১১ বছৰ ৬ মাহ ১০ দিন। এওঁ সৰুৰে পৰা দুঃখেৰে পঢ়াশালিত পঢ়ি উঠাত, এওঁৰ স্বভাব বড় মৃদু আছিল। লোকৰ প্ৰতি অত্যাচাৰ নাছিল, মোঁৱামৰীয়াবিলাকক যি দণ্ড বন্ধ কৰা হ’ল, তাত স্বৰ্গদেৱৰ হাত নাছিল।[৬] এওঁৰ দেৱতাৰ প্ৰতিও বড় ভক্তি আছিল, সেই নিমিত্তে অনেক ঠাইত দেৱমন্দিৰ নিৰ্ম্মাণ হ’ল।
- ↑ ফুলেশ্বৰী কুঁৱৰীয়ে ব্ৰাহ্মণসকলৰ বিদ্যা শিক্ষাৰ প্ৰতি অতিশয় শ্ৰদ্ধা ও যত্ন কৰিছিল। আৰু “বড় ৰজাৰ পঢ়াশালি” নামে এটা পঢ়াশালি ৰঙ্গপুৰত পতাইছিল। যি ব্ৰাহ্মণে পূজাৰ যাবতীয় অনুষ্ঠান ভালকৈ নেজানিছিল, তেওঁ তাক পূজা ঘৰলৈ সোমাবলৈ আজ্ঞা দিছিল।
- ↑ এইজনা কুঁৱৰীক মদম্বিকা কুঁৱৰীও বোলে।
- ↑ এইজনা স্বৰ্গদেৱ আৰু তেওঁৰ প্ৰধান মন্ত্ৰী বড় বড়ুৱা বিদ্যাৰ বড় উৎসাহী আছিল। কামৰূপৰ শিলাৰ কোনো এজন পণ্ডিত বামুণক সোণৰ লগুণ বটা ও অনেক বৃত্তি বিধান দিছিল। এওঁ দেশীয় ভাষাত কীচকবধ নামে এখান নাটক ৰচে, সি কাৰণে এওঁক কবি চূড়ামণি উপাধি দিয়া হইছিল।
- ↑ সেই কাৰণে মোঁৱামৰীয়া মহন্তৰ শিষ্যবিলাকে পুৰণি ভকত বুলি কয়। কিয়নো ইবিলাক মহন্ত মোঁৱামৰীয়৷ মহন্তৰ নকৈ ভকত হ’ল।
- ↑ ৰাধাৰুক্মিণীও ৰাজকীয় সৈন্যৰ হাতত মৃত্যু হ’ল।
- ↑ মোৱামৰীয়াবিলাকে যেতিয়া স্বৰ্গদেৱক জয় সাগৰৰ দ’লত বন্দী কৰে, তেতিয়া এটা মোঁৱামৰীয়াই স্বৰ্গদেৱক বেতেৰে তিনটা কোব্ মাৰিছিল। তেতিয়াৰ পৰা স্বৰ্গদেৱে মানুহক কোবাবলৈ বা চমটিয়াবলৈ আজ্ঞা কৰিবলৈ এড়িলে।