আসাম বুৰঞ্জী/দ্বিতীয় অধ্যায়
দ্বিতীয় অধ্যায়
অসম দেশৰ “অসম” নাম আধুনিক। পূৰ্ব্বে ই নাম নাছিল। আৰু এতিয়া যি সীমা ধাৰ্য্য হইছে সিও পূৰ্ব্বে নাছিল। মহাভাৰত, কালিকা-পুৰাণ, ভাগৱত, যোগিনীতন্ত্ৰ প্ৰভৃতিত এই দেশৰ নাম উল্লেখ আছে। কিন্তু তাত “অসম” এই নাম নাই। পুৰাণ প্ৰভৃতি চালে এনেটোহে জানি যে পূৰ্ব্ব কালৰ কামৰূপ, শোণিতপুৰ, হিড়ম্ব, মণিপুৰ আৰু কৌণ্ডিল্য এই কেই দেশৰ অধিকাংশই এতিয়া অসম নামে প্ৰসিদ্ধ হইছে। গুৱাহাটীক পুৰাণত প্ৰাগ্জ্যোতিষপুৰ বোলে। ইয়াতে নৰক ৰজাৰ পুত্ৰ ভগদত্তৰ ৰাজধানী আছিল। এই নগৰৰ পশ্চিম দক্ষিণ ফালে নীলাচল পৰ্ব্বতৰ ওচৰত নৰকাসুৰৰ পৰ্ব্বত নামে এটি পৰ্ব্বত আছে। এইটি সেই নৰক আৰু ভগদত্ত ৰজাৰ থকা স্থান বুলি জনঘোষ আছে। এই নৰক ৰজাই কোনো এক সময়ত ষোড়শ সহস্ৰ কন্যা গুৱাহাটীৰ কৰ্ম্মনাশা বা উৰ্ব্বশীৰ মাজালিত লুকাই থইছিল। শ্ৰীকৃষ্ণে নৰকাসুৰক বধ কৰি সেই সকলক লইগল। নৰক ৰজাই নীলাচলৰ খট খটি প্ৰভৃতি নিৰ্ম্মাণ কৰাইছে বুলি লোকে কয়। এওঁৰ পাছত, ভগদত্ত ৰজাই, কুৰু পাণ্ডবৰ যুদ্ধত হাতীৰে পাণ্ডবে সৈতে যুদ্ধ কৰি বড় সাহসেৰে প্ৰাণত্যাগ কৰিলে।
শোণিতপুৰ এতিয়াৰ তেজপুৰ। ইয়াত সুপ্ৰসিদ্ধ বলিৰাজাৰ বংশৰ বাণৰাজাৰ ৰাজধানী আছিল। তেওঁৰ কন্যা ঊষাক শ্ৰীকৃষ্ণৰ পৌত্ৰ অনিৰুদ্ধে অগ্নিৰ গড়ৰ মাঝেৰে প্ৰবেশ কৰি হৰণ কৰিছিল। তেজপুৰৰ ওচৰত “অগ্নিগড়” পৰ্ব্বত নামে এটা পৰ্ব্বত এতিয়াও আছে। ভৈৰবী নদীৰ তীৰত ৰুদ্ৰেশ্বৰ নামে যে দেৱালয় আছে, সেই দেৱালয় আৰু বিশ্বনাথৰ দেৱালয় এই বাণৰজাই স্থাপন কৰিছে বুলি এতিয়ালৈকে লোকে কয়।
কৌণ্ডিল্য দেশ এতিয়াৰ সদীয়া অঞ্চল। এই দেশ ৰুক্মিণীৰ পিতা ভীষ্মক ৰজাৰ দেশ। সদীয়াত যি দেবীৰ মন্দিৰ আছে তাৰে পৰা ৰুক্মিণীক শ্ৰীকৃষ্ণে হৰণ কৰি নিছিল বুলি জন প্ৰবাদ আছে। ইয়াৰ ওচৰতে এটি সৰু নদী আছে ইয়াক এতিয়াও কুণ্ডিল নলা বুলি লোকে কয়।
দক্ষিণ কূলত হিড়িম্ব দেশ। এতিয়াও কাছাৰ বা কছাৰী ৰজাই হিড়িম্বৰ ৰাণী হিড়িম্বাৰ আৰু ভীমৰ পুত্ৰ ঘটোৎকচৰ সন্তান বুলি কয়।
জয়ন্তীপুৰ বা জয়ন্তাৰ ৰজা আৰু মণিপুৰৰ ৰজা অৰ্জ্জুনৰ পুত্ৰ বব্ৰুবাহণৰ বংশ। এই ৰজাৰ অধীন ঠাইও অসমদেশত পড়িছে। ওপৰত যি দেশ ভাগৰ কথা কলোঁ সেই ভাগ বিলাক যি সময়ত মহাভাৰত আৰু ভাগৱত ৰচনা কৰা হয় সেই সময়ৰহে। পাছে পুৰাণ আৰু তন্ত্ৰৰ সময়ত হলে এই দেশৰ অধিকাংশই কামৰূপৰ সীমাৰ মাঝত পড়িছিল। কৰতোয়া নদী বঙ্গাল দেশৰ ৰঙ্গপুৰ জিলাত আৰু দিককৰবাসিনী বা দিকৰাই নদী উজনিত আছে। এই নামৰ পৰ৷ এইটি উপলব্ধি হয় যে শোণিতপুৰ, হিড়ম্ব, কৌণ্ডিল্য প্ৰভৃতি দেশ ক্ৰমে শক্তি ভ্ৰষ্ট হোৱাত কামৰূপৰ ৰজাই আপোন দেশ সেই সেই সীমালৈকে বিস্তৃত কৰিলে। একেবাৰে এইৰূপ ৰাজ্য বঢ়াব পাৰিছিল এনে ন হয়। ইয়াত সেই সেই দেশে সৈতে অনেক ৰণ বিগ্ৰহ হইছিল। কামৰূপৰ সেই সীমাৰ ভিতৰত ৰঙ্গপুৰ কোঁছবেহাৰ আৰু জলপাইগুড়িও পড়ে। ইফালে ময়মনসিংহ জিলাৰ কিছুমান আৰু শ্ৰীহট্টৰো কিছুমান পড়ে। বস্তুতঃ ময়মনসিংহ আৰু শ্ৰীহট্টৰ কোনো কোনো অংশ যে কামৰূপৰ অধীন আছিল এইটো শীঘ্ৰ বিশ্বাস কৰিব নোৱাৰি। ব্ৰহ্মপুত্ৰৰ উত্তৰ কূলত হলে ৰঙ্গপুৰ, কোঁছবেহাৰ আৰু জলপাইগুড়ি সম্পূৰ্ণৰূপে কামৰূপৰ অধীন। অধিক কি যেতিয়া কোঁছ বংশৰ অধিপত্য হল তেতিয়া কোঁছবেহাৰৰ ৰজাই কামৰূপৰ ৰজা আছিল।
কালক্ৰমে কামৰূপৰ সীমা লৰচৰ হল। মুসলমান সকলে যেতিয়া কামৰূপ অধিকাৰ কৰে তেতিয়া ৰঙ্গপুৰৰ উত্তৰ পূৰ্ব্বভাগ শাসনৰ নিমিত্তে এতিয়া গুৱালপাড়া জিলাৰ অন্তৰ্গত ৰঙ্গামাটীত এজনা প্ৰধান কাৰ্য্যকাৰক বা নবাব আছিল। তেওঁ বিলাকে সেই ভাগক সৰকাৰ কামৰূপ, সৰকাৰ ঢেকুৰী এইৰূপে চাৰিভাগ কৰিছিল। কোঁছবেহাৰৰ ৰজাৰ যেতিয়া কামৰূপত ৰাজত্ব হয় তেতিয়াও সেই সেই সৰকাৰ থাকে। দক্ষিণ কূলে নগাওঁৰ খাগৰি জান, উত্তৰ কূলে দৰঙ্গ জিলাৰ শিঙ্গৰী পৰ্য্যন্ত সৰকাৰ কামৰূপৰ সীমা। তাৰ সিফালে এতিয়া গুৱালপাড়া জিলাৰ প্ৰায় সমুদায় সৰকাৰ ঢেকুৰীৰ অন্তৰ্গত। এতিয়াও ব্ৰিটিশ গবৰ্ণমেণ্টেৰ অধিকাৰ হোৱাতো সেই অঞ্চলৰ ঘুল্লা পৰগণা প্ৰভৃতিৰ জমিদাৰৰ ৰাজস্বৰ চালানত সৰকাৰ “ঢেকুৰী” শব্দ লেখিছিল। আহোম বিলাকে যেতিয়া উজনিৰ পৰা ভটীয়াই ৰাজত্ব লবলৈ ধৰিলে তেতিয়া সৰকাৰ কামৰূপ প্ৰথমে লয়। আহোম ৰজাই কামাখ্যা দেৱালয় আৰু কামৰূপৰ অধিকাৰ হোৱাত— কামৰূপেশ্বৰ নাম গ্ৰহণ কৰিলে। কামৰূপৰ প্ৰজাবিলাকক আৰু জয়লব্ধ প্ৰদেশক “ঢেকেৰী” বুলি ঘৃণাজনক ৰূপে কলে। তেতিয়াৰ পৰাহে “ঢেকেৰী” শব্দ এক প্ৰকাৰ ঘৃণাজনক হইছে। কিয়নো পৰাজিত লোক সকলক জেতাৰ পৰা বিভিন্ন কৰিবলৈ “ঢেকেৰী” নাম প্ৰকাশ কৰা হ’ল। প্ৰকৃতে “ঢেকেৰী” শব্দে ঢেকেৰী প্ৰদেশ বা তাৰ লোককহে বুঝায়।[১]
পুৰাণ আৰু তন্ত্ৰমতে কামৰূপক চাৰিপীঠকৈ ভাগ কৰা হইছে। কামপীঠ, ৰত্নপীঠ, সুবৰ্ণ বা স্বৰ্ণপীঠ আৰু সৌমাৰ পীঠ। কৰতোয়া নদীৰ পৰা স্বৰ্ণকোষ নদীলৈকে কামপীঠ। এই স্বৰ্ণকোষ এতিয়াৰ গুৱালপাড়া জিলা আৰু কোঁছবেহাৰৰ সীমা। স্বৰ্ণকোষৰ পৰা ৰূপিকা বা ৰূপহী নদীলৈকে ৰত্নপীঠ। ৰূপিকাৰ পৰা ভৈৰৱী অৰ্থাৎ ভৰলী নদীলৈকে স্বৰ্ণপীঠ। আৰু ভৈৰবীৰ পৰা দিকৰাই বা দিককৰবাসিনীলৈকে সৌমাৰ পীঠ। যি খণ্ডত এতিয়া কামাখ্যা দেবালয় আছে আৰু যি খণ্ড এতিয়া, কামৰূপ বুলি প্ৰসিদ্ধ সেই খণ্ড কামপীঠৰ মাঝত থকা যুক্তিসঙ্গত দেখা গলেও সেইৰূপ নাইকিছিল। সেই কামপীঠৰ মাঝত কোঁছবেহাৰ আৰু কমতাপুৰ (যি ঠাই কোনো এক সময়ত কামৰূপৰ ৰাজধানী আছিল ) তাত হে পড়ে। আহোম বিলাকৰ দিনত এজনা বড় ফুকনে বঙ্গাল অৰ্থাৎ মুসলমান হঁতক কৰতোয়া নদীলৈকে খেদি নিছিল। কিন্তু ১৫৯১ শকত লাচিত বড় ফুকনে ৰজা ৰামসিংহে সৈতে যুদ্ধ কৰি মানাহা নদীকে এই দেশৰ-পশ্চিম সীমা ধাৰ্য্য কৰিলে। তেতিয়াৰে পৰা অসম আৰু বঙ্গাল দেশৰ সেই সীমাই নিশ্চয় হই আছে।
ছুটিয়া, কছাৰী, জয়ন্তীয়া গাৰো, খাসিয়া আৰু বিজনীৰ ৰজা প্ৰভৃতিৰ দেশ ক্ৰমে ক্ৰমে লই আহোম বিলাকে আপোনাৰ ৰাজ্য বিস্তাৰ কৰিলে। আহোম বিলাকৰ দিনতকৈও ব্ৰিটিশ গবৰ্ণমেণ্টেৰ দিনত ৰাজ্য অনেক বিস্তাৰ হইছে।
এই দেশক প্ৰায় চাৰিও ফালে পৰ্ব্বতে বেড়ি আছে। ইয়াৰ মাঝে মাঝেও অনেক পৰ্ব্বত, সুন্দৰ সুন্দৰ নদী, গহ্বৰ আৰু গুহা অনেক আছে। অতি পূৰ্ব্বকালৰ পৰা এই দেশত তপস্বী আৰু যোগী সকলৰ অনেক আবাস আছিল। পুৰাণাদিত বিখ্যাত অনেক মুনিৰ আশ্ৰম ইয়াত আছে। তাৰে অনেক বিলাক তীৰ্থৰূপে গ্ৰাহ্য হইছে। গুৱাহাটীৰ অগ্নি কোণত সন্ধ্যাচল পৰ্ব্বতত বশিষ্ঠৰ আশ্ৰম, বেলতলাৰ কোনো এঠাইত গালৱ মুনিৰ আশ্ৰম, হাজোত গোকৰ্ণ নামে এজনা মুনিৰ আশ্ৰম এতিয়াও প্ৰসিদ্ধ আছে। এই দেশৰ অনেক পৰ্ব্বতৰ ওপৰতো পুৰণি নগৰৰ ভগ্নাবশেষ স্বৰূপ শিলৰ স্তম্ভ, পুখুৰী, প্ৰাচীৰ ইত্যাদি পোৱা যায়। এই সকলোয়ে ইয়াৰ প্ৰাচীনত্বৰ বিশেষ প্ৰমাণ দিয়ে। আৰু এই বিলাকৰ পৰা ইতিহাসৰ অনেক সাহায্য পোৱা যায়।
কোনো কোনো লোকে কামৰূপ বা অসম দেশক পাণ্ডব বৰ্জ্জিত দেশ অৰ্থাৎ পঞ্চপাণ্ডবে বন ভ্ৰমণৰ কোনো সময়ত ইয়ালৈ অহা নাই এইৰূপ অপবাদ দিয়ে। কোনোয়ে আকৌ কয় যে এই অঞ্চললৈ আহিলেও ব্ৰহ্মপুত্ৰৰ দক্ষিণ কূললৈ অহা নাই। এই কথা নিচেই অমূলক। কিয়নো লৌহিত্যৰ দক্ষিণ তীৰত নীলাচল পৰ্ব্বতৰ বায়ুকোণে পাণ্ডুনাথ নামে এক দেৱালয় আছে। তাত পাণ্ডব সকলে প্ৰতিষ্ঠা কৰা দেবমূৰ্ত্তি আছে বুলি কোনো কোনো পুৰাণ আৰু যোগিনী তন্ত্ৰত কয়। আৰু সেইৰূপ প্ৰবাদ আজিলৈকে চলি আহিছে সেই দেৱতা দৰ্শন স্পৰ্শন কৰাৰ প্ৰশংসা বচনতো পাণ্ডবে স্থাপন কৰা উক্তি আছে। বিশেষ তাৰ সমীপৰ গ্ৰাম খানিৰো পাণ্ডু বা পাঁড়ুনাম আজিলৈকে প্ৰসিদ্ধ।
কালক্ৰমে ওপৰত কোৱা আন সকলো দেশৰ পৰাক্ৰম হীন হোৱাত কামৰূপৰ শক্তি বৃদ্ধি হল। আক সেই শক্তি চাৰিও কালে বিস্তাৰিত হই যোৱাৰ নিমিত্তে এতিয়া যিখিনি ঠাই অসম নামে প্ৰখ্যাত আছে প্ৰায় সেই সকলো খিনি কামৰূপ নামে প্ৰখ্যাত হল। পাছে তাকে চাৰি পীঠ বা প্ৰদেশ ৰূপে ভাগ কৰা হল মাত্ৰ। সেই সেই পীঠৰ নাম ওপৰত কোৱা গইছে। এতিয়া যি প্ৰদেশ উজনি নামে বিখ্যাত সেই প্ৰদেশকে সৌমাৰ দেশ বোলে। ইংৰাজী ১২২৮ শকত যেতিয়া চুকাফা ৰজা সৌমাৰ দেশলৈ আহে তেওঁ ছুটিয়া আৰু বৰাহীৰ দেশ এফেৰিও ৰক্তপাত নোহোৱাকৈ ললে আৰু সেই সেই লোকে সইতে প্ৰীতিবৃদ্ধি কৰিবৰ নিমিত্তে সিঁহতৰ অনেকক ভিতৰুয়াল কৰি ললে। তাতে সিঁহত বশবৰ্ত্তী হল। সেই কাৰণে সেই লোকে কলে বোলে ইহত অসম অৰ্থাৎ কোনেও ইহতৰ সমান নহয়। এইটোকে সকলোয়ে অসম নামৰ অন্বয় বুলি সিদ্ধান্ত কৰে।[২]
কোনো কোনো লোকে কয় বোলে এই দেশৰ দুইও ফালে পৰ্ব্বত আছে আৰু মাজ ভাগৰো অনেক ঠাইত খাল বাম ওখ আৰু চাপৰ; ঠাই সমান নহয়, সেই দেখি এই দেশক অসম দেশ অৰ্থাৎ ঠাই সমান নোহোৱা দেশ বোলে। বিন্ধ্য আৰু হিমালয়ৰ মাঝৰ ঠাই ডোখৰ আৰ্য্যাবৰ্ত্ত। সেই ঠাই আৰ্য্যবিলাকৰ ভাৰতবৰ্ষৰ আদি ঠাই। সেই ঠাই ডোখৰ সমান৷ যেতিয়া সেই দেশৰ আৰ্য্য স্ৰোত এই দেশলৈ আহিল তেতিয়া এই দেশ সমান নোহোৱাত ইয়ালৈ অহা আৰ্য্য সকলে ইয়াক অসম বুলিলে।
কোনো কোনো ইতিহাস অনুসন্ধানকাৰী সকলে কয় বোলে সংস্কৃত চম (খোৱা অৰ্থ) ধাতুৰ পৰা এই দেশৰ নামৰ উৎপত্তি হইছে। কামৰূপক প্ৰায় এতিয়া লৈকে ডাকিনী পিশাচনীৰ ঠাই বুলি ভাটীৰ ফালে কয় ইয়াত সিংহে মাতে, মুনিহ মানুহ তাকৰ, ইয়াৰ মানুহে মানুহ খায়। সেইকালৰ লোক সকলৰ মাজতো যে এই প্ৰবাদ আছিল তাত সংশয় নাই। পাছে যেতিয়া কিছুমান আৰ্য্য ইয়ালৈ আহিল আৰু দেখিলে যে এই দেশৰ মানুহে মানুহ বা অখাদ্য নেখায় তেতিয়া সেই সকলে এই দেশক অচম বুলিলে।
এই দেশক যে কেবল অসম বা অচম বোলে এনে নহয় ইয়াক কোনোয়ে আচামো বোলে। সেই ফালে অৰ্থ কৰিলে ইয়াৰ ব্যুৎপত্তি সংস্কৃত আচমন শব্দৰ পৰা যে হইছে এনে বুলিব পাৰি। সেই অৰ্থ ললে ইয়াৰ আদি বাসী মানুহসকলে আচমন কৰা দেখি আচাম বুলিলে। কিয়নো আৰ্য্যধৰ্ম্ম লোৱাৰ নিমিত্তে ইয়াৰ মানুহেও আচমন কৰিছিল।
এই দেশৰ নামৰ যিবিলাক অন্বয়ৰ কথা লেখা গল সকলোবিলাকৰ পক্ষে যুক্তি নাই যে এনে বোলা টান। কিন্তু অহম বা আহোম শব্দৰ পৰাই যে অসম নামৰ উৎপত্তি হইছে এইটোহে নিশ্চয় অনুমান হয়। এই দেশৰ লোকে ব্যৱহাৰত যি বস্তু বা কথাক যি নাম দিয়ে বা যিৰূপে ব্যৱহাৰ কৰে সেই নাম বা সেই বস্তুয়েই যে প্ৰকৃত ইয়াকহে নিশ্চয় বুলি মানিব লাগে। যি বিলাক লোক ঢেকেৰী বুলি প্ৰসিদ্ধ সেই বিলাকে “অহম কোঁছ,” “অহম কেওট” বুলি একো কুল বা জাতি নিৰ্দেশ কৰে। তাৰ দ্বাৰা সেই লোক বা জাতিৰ লোকক এনে বুঝায় যে সি আহোমৰ দেশৰ কেওট বা কোঁছ। এইৰূপ বোলাৰ পৰা সিহঁতৰ দেশৰ কোঁছ বা কেওট আৰু আহোমৰ দেশৰ কোঁছ বা কেওট ইয়াক দুবিধ কৰে। উজনি খণ্ডেই আহোম বিলাকৰ এই দেশৰ আদি ঠাই। পাছে যিবিলাক উজনীয়াল কোঁছ বা কেওট সেই ঢেকেৰী দেশত থাকে সেই লোককহে অহম কোঁছ বোলে। আৰু ঢেকেৰী আৰু উজনীয়ালৰ যেতিয়া বিবাদ উপস্থিত হয় ইটে সিটক ঢেকেৰী আৰু সিটে ইটক অহম বা অসম বোলে। এই পৰ্য্যন্ত “অসমৰ বিষম কথা” বুলিলে “আহোম বা উজনীয়াল মানুহৰ বিষম কথা” বুলি লোকে জানে। কালক্ৰমে আহোমবিলাকৰ ৰাজ্য যলৈকে বিস্তাৰ হ’ল তলৈকে অসম নাম গল। নগা মিকীৰ ভোট প্ৰভৃতিয়ে অসমীয়া মানুহ বুলিলে নামনী প্ৰদেশৰ মানুহক বোলে তাৰো কাৰণ যে এই দেশৰ নামনী খণ্ড গোটেই অসম ৰজাৰ অধীন আছিল। শঙ্কৰ আৰু মাধৱ দেৱৰ যি যি পুথী আছে তাত অসম নাম পোৱা যায় আৰু তাত অসম শব্দে আহোমবিলাককহে বুঝাইছে।[৩] এই যুক্তিৰ এইটোহে ঠাৱৰ হয় যে অহম বা আহোম শব্দব পৰাহে অসম নাম ওলাইছে।
এই দেশৰ লোকসকলক প্ৰধানকৈ তিনি শ্ৰেণীত ভাগ কৰিব পাৰি। প্ৰথম আৰ্য্য অৰ্থাৎ যিবিলাক আৰ্য্যাবৰ্ত্ত বা ভাটীৰ পৰা আহি বাস কৰিছে আৰু যাৰ ভাষা সংস্কৃতমূলক। ইয়াৰ মাঝত ব্ৰাহ্মণ কলিতা কেওট প্ৰভৃতি যি বিলাকে সংস্কৃত মূলক অসমীয়া ভাষা কয় সেই সকলো পড়ে। দ্বিতীয় অনাৰ্য্য অৰ্থাৎ যি সকল লোক আৰ্য্য সন্তান নহয় আৰু যি এই দেশতে আদিৰে পৰা বাস কৰি আছে বা পাঁছে এই দেশলৈ আহিছে আৰু যাৰ স্বতন্ত্ৰ ভাষা আছিল বা আছে। ইয়াৰ মাঝত এই দেশৰ মিকিৰ কছাৰী, লালুঙ্গ, আহোম প্ৰভৃতি পড়ে। তৃতীয় মিশ্ৰ জাতি অৰ্থাৎ আৰ্য্য আৰু অনাৰ্য্য জাতিৰ দ্বাৰা উৎপন্ন হোৱা জাতি। অধিকাংশ কোঁছ আৰু ছুটিয়া প্ৰভৃতি জাতি ইয়াৰ অন্তৰ্গত।
ভাৰতবৰ্ষৰ সকলো দেশৰ বিবৰণ জানিবলৈ মহাভাৰত এখানি প্ৰধান ইতিহাস। ব্যাসদেবে ইয়াক ৰচনা কৰিছে। আৰু জনমেজয়ে ইয়াক বৈশম্পায়নৰ মুখে শুনিছিল। ইয়াক স্বীকাৰ কৰিলে ইয়াৰ ৰচনা কলিযুগৰ আদিতে যে হইছে এনে সিদ্ধান্ত কৰিব লাগে। সেই হ’লে হিন্দুগণনানুসাৰে সেই ইতিহাসৰ সময় প্ৰায় ৫০০০ হাজাৰ বছৰ হইছে। সেই গ্ৰন্থত যি বিবৰণ আছে সেই মতে এই দেশৰ স্বতন্ত্ৰ নাম তেতিয়া থকা জনা গইছে। সেই কালৰ ভগদত্ত, বাণ, ভীষ্মক, ঘটোৎকচ প্ৰভৃতি এই দেশৰ ৰজা সকল আৰ্য্য সন্তান আছিল। ইয়াৰ দ্বাৰা অনুমান কৰিব পাৰি যে সেই সময়ত ইয়াৰ প্ৰজা অধিকাংশই আদিবাসী অনাৰ্য্য আছিল। কিয়নো সেই সকল ৰজাৰ দেশ অসুৰ বা ৰাক্ষসৰ দেশ বুলি প্ৰসিদ্ধ আছিল। কিন্তু বৈদিক জাতিৰ উপাস্য কৃষ্ণ, দুৰ্গা, শিৱ প্ৰভৃতি দেৱতাৰ পূজাও এই দেশত চলিছিল। ভগদত্ত আৰু ভীষ্মক, দেবীৰ উপাসক আছিল। এই কাৰণৰ দ্বাৰা প্ৰতীয়মান হয় যে সেই সময়ৰ পূৰ্ব্বেই ইয়ালৈ আৰ্য্য জাতি আহিছে। বাণৰজাৰ দুহিতা ঊষাক কৃষ্ণৰ পৌত্ৰ অনিৰুদ্ধে ভীষ্মক ৰজাৰ কন্যা ৰুক্মিণীক কৃষ্ণে আৰু ভগদত্তৰ ভগিনী ভানুমতীক দুৰ্য্যোধনে বিবাহ কৰিবৰ স্পষ্ট প্ৰমাণ মহাভাৰততে পোৱা যায়। তেতিয়াৰ লোক সকলে যে আৰ্য্য ধৰ্ম্মকে অনেকে আশ্ৰয় কৰিছিল তাৰ কোন সংশয় নাই। মগধ দেশৰ অধিপতি জৰাসন্ধে যি সকল ক্ষুদ্ৰ ক্ষুদ্ৰ ৰাজ্য জয় কৰিছিল তাৰ ৰজা সকলক এতিয়াৰ যোড়হাট নামে প্ৰসিদ্ধ ঠাইত বন্দি কৰি ৰাখিছিল বুলি প্ৰবাদ আছে। পাণ্ডবৰ ৰাজসূয় যজ্ঞৰ সময়ত ভীমে জৰাসন্ধক বধ কৰাৰ পাছত সেই বন্দি ৰজাসকলৰ মুক্তি লাভ হয় আৰু সকলোবিলাক ৰজাই যুধিষ্ঠিৰ বজাৰ অধীনতা স্বীকাৰ কৰে।
পুৰাণত এইৰূপে লেখা আছে বোলে জামদগ্নি ঋষিৰ পুত্ৰ পৰশুৰামে পিতৃৰ আজ্ঞাৰে আপোনাৰ মাতৃক বধ কৰিলত তাৰ প্ৰায়শ্চিত্তৰ কাৰণে নানা তীৰ্থ ভ্ৰমণ কৰিলে। তথাপি হাতৰ কুঠাৰ তেওঁৰ হাতৰ পৰা খহি নপড়িল। পিছে তেওঁ তেওঁৰ পিতৃৰ উপদেশেৰে এই দেশৰ পূব ফালৰ পৰ্ব্বতত থকা ব্ৰহ্মকুণ্ডত স্নান কৰে। তাতেই তেওঁৰ হাতৰ সেই কুঠাৰ খহি পড়ে। পৰশুৰামে সেই তীৰ্থৰ মহিমা জানি তাতে কিছুমান ব্ৰাহ্মণ সংস্থাপন কৰে আৰু সকলোৰে উপকাৰৰ অৰ্থে কুঠাৰেৰে ৰেখা কৰি সেই কুণ্ডৰ জল ভটীয়াই লই যায়। তাৰি পৰা ব্ৰহ্মপুত্ৰ নদ এই দেশক দুভাগ কবি ভটীয়াই বই আহে। সেই কুণ্ডৰ নামো পৰশুৰাম কুণ্ড নামে পৰিচিত হয়। সেই ব্ৰাহ্মণসকলে পৰশুৰামৰ আজ্ঞা অৱহেলা কৰাত সেইসকলক হীনাচাৰি হ’বলৈ শাপ দিয়া হ’ল। সেইসকলেই এই দেশৰ হাবুঙ্গীয়া বামুণ বুলি প্ৰসিদ্ধ।
এই আখ্যানৰ দ্বাৰাই আৰ্য্যসকলৰ দেশ অধিকাৰ আৰু ভ্ৰমণ আৰু ব্ৰাহ্মণৰ এক উপনিবেশ সংস্থাপন হোৱাৰ বিবৰণ অৱগত হ’ব পাৰি। চাৰিওফালে হীনাচাৰি অনাৰ্য্য জাতি থকাত সেই সকলে সইতে ব্ৰাহ্মণসকলৰ সমাগম হ’ল। সেই কাৰণেই বাপু সকল হীনাচাৰি হ'বলৈ ধৰিলে। মিশ্মী বিলাকৰ মাঝতো কেতবিলাকে বামুণ বুলি অভিমান কৰে। তাৰ পৰ৷ এইটো উপলব্ধি হয় যে সেই উপনিবেশৰ যি সকলৰ ব্ৰাহ্মণে হীনাচাৰ অৱলম্বন কৰি উপবীত ত্যাগ কৰিলে আৰু পৰ্ব্বতীয়া অনাৰ্য্য জাতিৰে মিলিল সেই সকলৰে এইসকল সন্তান। যি বিলাক, নামনিৰ হাবুঙ্গ অঞ্চলত থাকিল, সেই সকলেই ব্ৰাহ্মণ থাকিল। মিশ্মী বিলাকৰ কোনো কোনো এনে কথা আছে যে সি সংস্কৃতমূলক তাৰো এই কাৰণেই অনুমান হয়।
পৌৰাণিক গণনাৰে পৰশুৰাম ত্ৰেতা যুগত অৱতাৰ হয়। সেইটো নধৰিলেও যে এই উপনিবেশ ৰুক্মিণীৰ বিবাহ আৰু মহাভাৰতৰ যুদ্ধৰ পূৰ্ব্বে সংস্থাপিত ইয়াত একো সংশয় নাই। এই বাপু সকলৰ প্ৰাই এই দেশত বৈদিক ধৰ্ম্ম প্ৰচাৰিত হয় আৰু বিস্তৰ লোকে তাক আশ্ৰয় কৰে। আৰ্য্যাবৰ্ত্তৰ পৰা যি ব্ৰাহ্মণ, ইয়াৰ পাছে ইয়ালৈ আহে সেই সকলৰ আগত হাবুঙ্গীয়া বাপু সকল হীনাচাৰ ৰূপে পৰিগণিত হ’ল। এই হাবুঙ্গীয়া বাপু এজনাই তাও খাম্থি ৰজাৰ এজনা কুঁৱৰীক আশ্ৰয় দিয়ে আৰু তেওঁৰ পুত্ৰ চুডাঙ্গফাৰ দিনত প্ৰধান অমাত্য হয়। এই ব্ৰাহ্মণৰ নিমিত্তে সেইজনা ৰজা “বামুনী কোঁৱৰ” নামে প্ৰসিদ্ধ। হিন্দু ধৰ্ম্মৰ বীজ এইজনা ৰজাৰ দিনতে আহোমৰ মাঝত প্ৰবেশ কৰে। ( ১৩২০–২৯ শঁক ) এই দেশৰ অনেক ব্ৰাহ্মণেই এই সকল ব্ৰাহ্মণৰ সন্তান। পাছে যি সকল ব্ৰাহ্মণ এই দেশলৈ আহে সেই সকলৰ যি বিলাকে আপোনাৰ ভাৰ্য্যা লগত লই অহা নাছিল সেই বিলাকে এই হাবুঙ্গীয়া বাপু সকলৰ জীয়াৰীহে বিবাহ কৰাইছিল।
ক্ৰমে আৰ্য্যজাতিৰ প্ৰভাব অধিক হই অহাত এই দেশলৈ অনেক লোক ভাটীৰ পৰা আহে। কোনো প্ৰাচীন গ্ৰন্থত এনেকেই লিখিছে “লৌহিত্যৰ উত্তৰ কূলত সদাই জাহ্নবী গঙ্গা ৱয়, আৰু তাৰ উত্তৰ কূলৰ ব্ৰাহ্মণাদিতকৈ দক্ষিণ কূলৰ ব্ৰাহ্মণাদি জাতি হীনাচাৰী৷ এই কথাৰ দ্বাৰা এনেটো প্ৰমাণ হয় যে উত্তৰ কূল প্ৰদেশ আৰ্য্যাবৰ্ত্ত বা ভাটীৰ নিকটৱৰ্ত্তী হোৱাৰ নিমিত্তে সেই ঠাইলৈ সদাই আৰ্য্যজাতিৰ গমনাগমন হইছিল। দক্ষিণ কূলৰ লোক সকলে সইতে তিমান সম্পৰ্ক নাছিল। আৰু এইবিলাক তাৰ পূৰ্ব্বে আহি বাস কৰা লোক। এতিয়াও কামৰূপত দক্ষিণ আৰু উত্তৰ কুলৰ ব্ৰাহ্মণ সকলৰ মাঝত সচৰাচৰ কন্যাদান বা গ্ৰহণ নহয়।
এই দেশত কলিতা নামে এজাতি আচৰণী মানুহ আছে, উত্তৰ পূৰ্ব্ব বঙ্গদেশতো এই জাতি লোক আছে বুলি জনা গইছে। অনেকে অনুমান কৰে যে পৰশুৰামৰ ভয়ত ক্ষত্ৰিয় সকলে পলাই আহি ইয়াত বাস কৰে। সেই সকলেই “কুল লুপ্তা” বা কলিতা বুলি কয়। এই কথা যেনে দৰে কোৱা হইছে তেনে নহলেও ইয়াৰ পৰা কোনো কালৰ আৰ্য্যস্ৰোত এই ফালে বই অহাৰ কথা যে ইয়াৰে কইহে ইয়াত সন্দেহ কৰিবৰ একো কাৰণ নাই। কলিতা বিলাকো ইয়াত পবিত্ৰ সৎশূদ্ৰ বুলি পৰিচিত। অনেকৰ শিষ্যাদিও আছে। ইয়াৰ পৰা যে সিহঁতে কোনো সৎকুলোদ্ভব লোক তাক অকস্মাতে পতিয়াব পাৰি। কোনো কোনো লোকে অনুমান কৰে বোলে কলিতা বিলাক এই প্ৰদেশৰ আদিবাসী লোক। কোনো কালত ইহঁতৰ ৰজা আছিল। আৰু ইহঁতৰ স্বতন্ত্ৰ দেশ আছিল। এতিয়াও কলিতা নামে এক মৌজা ব্ৰহ্মপুত্ৰৰ তীৰত নগাওঁ জিলাত আছে। সেই ঠাইত যে সেই জাতিৰ ৰজাৰ ৰাজধানী আছিল ইয়াক অনুমান কৰে। এই কথা হঠাৎ বিশ্বাস কৰিব নোৱাৰি কিয়নো সেই কলিতা নগৰত প্ৰাচীন কোনো চিহ্ন পোৱা নাযায় বিশেষ তেনেহলে সেই জাতিয়ে বহুকাল পূৰ্ব্বে আৰ্য্যধৰ্ম্ম গ্ৰহণ কৰি পবিত্ৰ হইছিল। আৰু বৌদ্ধধৰ্ম্মৰ প্ৰাদুৰ্ভাবৰ সময়ত বা কিছু পাছে ইহঁতে ব্ৰাহ্মণৰ ব্যবসায়ৰ প্ৰতি আক্ৰমণ কৰিছিল।
নন্দবংশ লোপৰ পাছত মগধ প্ৰদেশত যি হুল স্থুল হয় সেই সময়তো অনেক লোক এই দেশলৈ আহে। আৰু বৌদ্ধ ধৰ্ম্ম বড় প্ৰবলৰূপে যেতিয়া ভাৰতবৰ্ষত চলিল তেতিয়াও সেই ধৰ্ম্ম প্ৰবৰ্ত্তাবলৈ আৰু দেশ জয় কৰিবলৈ অনেক লোকে এই দেশলৈ আহে। আৰু সেই সকলৰ অনেকেই এই দেশৰ উৰ্ব্বৰতা দেখি ইয়াতে বসতি কৰিলে। সময়ে সময়ে তীৰ্থযাত্ৰা উপলক্ষে অনেক লোক আহি ইয়াতে বিবাহাদি কৰি ৰই গল। এই নিয়ম এতিয়াও চলিছে।[৪] ভাৰতবৰ্ষ যেতিয়া গোৰি মহম্মদে আক্ৰমণ কৰে, তেতিয়া বখ্তিয়াৰ খিলিজি বঙ্গদেশ জয় কৰি এই দেশলৈ আহি ইয়াক আক্ৰমণ কৰে। তেতিয়াই যিবিলাক মানুহ এই দেশত থাকিল সেই সকল গোৰি মহম্মদৰ অধীন লোক হোৱাৰ কাৰণেই হওক বা গৌৰদেশৰ পৰা অহাৰ নিমিত্তেই হওক গৰীয়া বুলি প্ৰসিদ্ধ হল। সেই সকল মুসলমান ধৰ্ম্মাক্ৰান্ত থকাত ইয়াত মুসলমানক গৰীয়া বোলে। তাৰ পাছেও মুসলমানৰ দ্বাৰা দেশ আক্ৰমণ হোৱাত অনেক মানুহ ইয়াত থাকিল। তাৰে এক সময়ত এই দেশত থাকি যোৱা লোকক গৰীয়া বোলে। কোঁছবেহাৰ ৰজাই শ্ৰীহট্ট আৰু কোঁছবেহাৰৰ পৰা এই দেশলৈ কিছুমান ব্ৰাহ্মণ অনাই ইয়াত পাতে। কামৰূপৰ পূৰ্ব্বৰ ৰজা সকলেও অনেক ব্ৰাহ্মণাদি আনি এই দেশত বসতি কৰায় তাৰে সুৱালকুছিৰ “বাসত্তৰীয়া ব্ৰাহ্মণ” নামে প্ৰসিদ্ধ ব্ৰাহ্মণসকল গণনীয়। আশ্চৰ্য্য এই যে বঙ্গদেশৰ ৰাটীয় কি বাৰেন্দ্ৰ ব্ৰাহ্মণ কি শূদ্ৰ ইয়ালৈ অহা নাই। এটি প্ৰধান প্ৰমাণ এই যে কুলীন মৌলিক ভঙ্গ প্ৰভৃতি বল্লালি উপাধি ইয়াত পাবলৈ নাই। কোঁছবেহাৰৰ নৰনাৰায়ণ ৰজাৰ সময়ত ইয়ালৈ সেই দেশৰ অনেক লোক আহে। আৰু সেই সকলক সেইকালৰ ৰজাই মাটী বাড়ি দি পাতে। শঙ্কৰদেৱৰ সময়তো অনেক বঙ্গালী আৰু উড়িয়া মানুহ এই দেশলৈ আহে; ৰূদ্ৰসিংহ স্বৰ্গদেৱে অনেক শিল্পকৰ আৰু পণ্ডিত লোক ভাটীৰ পৰা এই দেশলৈ অনাই যথাযোগ্যৰূপে বসতি কৰায়।
মণিপুৰ জয়ন্তা কাছাৰ প্ৰভৃতি দেশৰ পৰাও অনেক মানুহ যুদ্ধাদিৰ পাছত বা মিত্ৰতা উপলক্ষে এই দেশলৈ আহে। আমাৰ দেশৰ প্ৰায় সকলো ঠাইতে যি কছাৰী জাতিৰ মানুহ পোৱা যায় তাৰ পৰা এনেটো উপলব্ধি হয় যে কোনো কালত এই দেশৰ অধিকাংশ ঠাই সেই জাতিৰ মানুহে কাছাৰৰ পৰা নামি আহি অধিকাৰ কৰিছিল। পাছে ক্ৰমে সিহঁত দুৰ্ব্বল হৈ যোৱাত ঠাইয়ে ঠাইয়ে থাকিল। অনেকে আপোনাৰ ধৰ্ম্মকো এড়ি হিন্দুধৰ্ম্ম লই কোঁছ জাতিৰ অন্তৰ্গত হ'ল। মিকীৰ, নগা, মিৰী প্ৰভৃতি অনেক লোক মহাপুৰুষীয়া ধৰ্ম্ম প্ৰচাৰক সকলৰ উপদেশত আপোন আপোন পাৰ্ব্বত্য প্ৰদেশৰ পৰা নামি আহি এই দেশত থাকি সেই কোঁছ জাতিৰ অন্তৰ্গত হ'ল। আহোম বিলাক এই দেশলৈ আহি লোক সংখ্যা অনেক বৃদ্ধি কৰিলে। কিন্তু সিহঁতৰ যিবিলাকে হিন্দুধৰ্ম্ম গ্ৰহণ কৰিলে সেই সকলে কোঁছ জাতিৰ অন্তৰ্গত নহ'ল। তাৰ কাৰণ এনেটো উপলব্ধি হয় যে সিহঁতে কোঁছকুলীয়া ৰজাৰ জাতিৰ নাম লবলৈ ঈৰ্ষ্যা কৰি হিন্দুধৰ্ম্ম লইও আহোম জাতি বুলি পৰিচয় দিবলৈ ধৰিলে। বিশেষ সিহঁতে কোঁছ জাতিৰ লগত মিহলি হলে ইন্দ্ৰবংশীয় গুছি শিৱ বংশীয় হব লাগিব এই এটা আশঙ্কা কৰিলে। ব্ৰিটিশ ৰাজ্যে সইতে সমাগম হবৰ পৰা পঞ্জাব, হিন্দুস্থান, বঙ্গাল প্ৰভৃতি ভাটীদেশৰ অনেক লোক আহি অসম বসতি কৰিছে।
এই দেশৰ ভিতৰত সকল জাতিয়ে সংস্কৃত মূলক কথা কয়। তাৰ কথা আমি উপযুক্ত ঠাইত কম। এই দেশৰ চাৰিও ফালৰ পৰ্ব্বতীয়া জাতি বা তাৰ পৰা উৎপন্ন হোৱা এই এই উপজাতি। গাৰো জাতি—গুৱালপাড়া, ময়মনসিংহ, শ্ৰীহট্ট, জয়ন্তা আৰু খাসীয়া পৰ্ব্বতৰ মধ্যবৰ্ত্তী গাৰো পৰ্ব্বত নামে ঠাইত এই জাতি থাকে। এই জাতীয় লোক সমভূমিতো স্থানে স্থানে পোৱা যায়। গাৰোবিলাকক জাতি মালাত গাড়ব বুলি লেখিছে। খাসীয়া জাতি—গাৰো পৰ্ব্বত, কাছাৰ, মণিপুৰ, কামৰূপ, নগাঁও আৰু মিকীৰ পৰ্ব্বতৰ মাঝত এই জাতি বাস কৰে। ইহঁত আন পৰ্ব্বতীয়া জাতিতকৈ কিছুমান ভাল। ইহঁতৰ অতি অল্প সংখ্যক মাত্ৰ নামনিত বাস কৰে, প্ৰাচীন ইতিহাসত ইহঁতৰ দেশক খশ দেশ বুলি কোৱা আছে। ইহঁত আদি বাসী লোক, ইহঁতৰ গাৰো বিলাকে সইতে কিঞ্চিৎ সাদৃশ্য আছে। ইহঁতৰ বিষয়ে এনে এটী ঐতিহাসিক কথা আছে যে যুধিষ্ঠিৰ ৰজাৰ ৰাজসূয় যজ্ঞৰ সময়ত খাসীয়া দেশৰ ৰজাই কিঞ্চিৎ দৰ্প প্ৰকাশ কৰাত ভীমে ক্ৰুদ্ধ হই সেই ৰজাক ভূমিত গুহ্য ঘৰ্ষণ কৰাত তেওঁৰ মুষ্ক ছেদন হয়। সেই কাৰণেই “খাসীয়া” নাম হইছে বুলি কয়। কিন্তু এই কথা অমূলক। মিকীৰ জাতি—বৰ্ত্তমান নগাওঁ, নাগাহিলস্ জিলাৰ আৰু খাসীয়া পৰ্ব্বত জিলাৰ মাঝৰ পাৰ্ব্বত্য ঠাইত এই শান্ত প্ৰকৃতিৰ জাতি বাস কৰে। সমভূমিতো অনেক মিকীৰ আছে। ইহঁতে আমাৰ মানুহে সইতে বড়কৈ মিলিব পাৰে। মিকীৰ বিলাকক এতিয়াও আমাৰ মানুহে “ডালৰ মিকীৰ” বোলে। সিহঁতেও স্নেহ বা অনুগ্ৰহৰ আশাত সেইৰূপ বাক্য নিজে বোলে। ইয়াৰ পৰা এনে উপলব্ধি হব পাৰে যে শাখামৃগ বা মৰ্কট শব্দৰেই মিকীৰ শব্দ অপভ্ৰংশ মাত্ৰ। এই জাতি আদি বাসী লোক, ইহঁতে কছাৰী ৰজাৰ অধীন আছিল। ইহঁতৰ আদি স্থান ডুমূ ৰয়া বুলি ইহঁতে কয়। আমাৰ মানুহে মিকীৰক মিকীৰ বোলে সিহঁতে আপুনি “কাৰ্বে” বুলি কয়। “কাৰ্বে” শব্দ সংস্কৃত ক্ৰব্য (মাংস) আৰু ক্ৰব্যাদ (মাংসাশী) শব্দব অপভ্ৰংশ বুলি অনুমান হয়। এনেও অনুমান হব পাৰে যে ইহঁতে কেঁচা মাংস ভক্ষণ কৰ প্ৰভৃতি ৰাক্ষস প্ৰকৃতি হোৱাৰ নিমিত্তে প্ৰাচীন আৰ্যসকলে ইহঁতক “ক্ৰব্যাদ” বুলিছিল।
কাছাৰ বা কছাৰী জাতি: এই জাতি আদি বাসী লোক মণিপুৰ, জয়ন্তা, খাসীয়া, নগা মিকীৰ আৰু নগাওঁৰ মাঝত থাকে। এই দেশৰ প্ৰায় সকলো ঠাইতে কছাৰী পোৱা যায়। কছাৰীবিলাকৰ দেশৰ পূৰ্ব্ব নাম হিড়ম্ব আছিল। ইয়াৰ হিড়িম্বা নামে ৰাজকুমাৰীক পাঁচ পাণ্ডবৰ ভীমে বিবাহ কৰিছিল, তেওঁৰ পুত্ৰ ঘটোৎকচ। এওঁ মহাভাৰতৰ যুদ্ধত পাণ্ডবক সহায় কৰি শেষত মৃত্যু হয়। সেই অনুসাৰে কছাৰৰ ৰজাই আৰু অনেক লোকে “বৰ্ম্মণ” উপাধি (যাক শাস্ত্ৰ মতে ক্ষত্ৰিয় বিলাকেহে লব পাৰে সেই উপাধি) লইছে। আৰু সেই সকলৰ অনেকে ক্ষত্ৰিয়ৰ যজ্ঞোপবীত ধাৰণ কৰিছে। এই কছাৰী জাতি এক কালত এই অঞ্চলত বড় প্ৰধান আছিল এনে অনুমান হয়। সিহঁতক এই দেশৰ সমভূমিৰ চাৰিও ফালে পোৱা যায়। ইহঁতৰ ভিতৰত অনেক উপজাতি আছে। গুৱালপাড়াৰ ফালে কছাৰী বিলাকক মেছ বোলে। হোজাই আৰু হাজাঙ্গ ইহঁতৰে প্ৰায় আন নাম মাত্ৰ। লালুঙ্গ বিলাকে প্ৰায় কছাৰীৰ এক উপজাতি। লালুঙ্গহতে প্ৰায় সমভূমিত থাকে। ইহঁতৰ ভাষা কছাৰী ভাষাৰ অপভ্ৰংশ মাত্ৰ। সমভূমিৰ অনেক লালুঙ্গে সিহঁতৰ ভাষা বিস্মৰণ হইছে। টোটোলা, ৰাভা হানা মদাহি জাতিও কছাৰীৰ উপজাতি। যি বিলাক কছাৰীয়ে “বৰ্ম্মণ” উপাধি ধাৰণ কৰিছে সেই সকল হিন্দু আচাৰ ব্যৱহাৰ গ্ৰহণ কৰিছে। এই দেশৰ মহন্ত সকলে কছাৰী আৰু লালুঙ্গ প্ৰভৃতিক শৰণ দি কোঁছ জাতিৰ অন্তৰ্গত কৰিছে। এই দেশৰ জাতিমালা মতে কছাৰী বিলাকক “কুৰাছ” বোলে। কছাৰী বিলাক অতি বলিষ্ঠ। এতিয়াৰ সৈন্য দলত এই জাতিৰ বিস্তৰ মানুহ আছে।
নগা বা নাগা জাতি: কছাৰী, মিকীৰ, মণিপুৰ আৰু শিৱসাগৰৰ জিলাৰ মাঝত এই জাতি লোক বাস কৰে। ইহঁতৰ মাঝত অনেক উলঙ্গ আছিল। এনে অনুমান হয় যে সংস্কৃত “নগ্ন” শব্দৰ পৰা নাগা বা নগা শব্দ ওলাইছে। ইহঁতৰ অনেক শ্ৰেণী আছে। সিহঁতৰ ভাষা অনেক লৰচৰ দেখি। অনেক নগা অতি নিষ্ঠুৰ। ইহঁতৰ স্বভাব আমাৰ মানুহে সইতে নিচেই নিমিলে। ইহঁতৰ কেতবিলাক কছাৰী ৰজাৰ অধীন আছিল। আহোম বিলাক ইয়ালৈ অহাত নগাবিলাকে বাধা দিছিল। আৰু ইহঁতেও সময়ে সময়ে আহোমক বড় উপদ্ৰৱ কৰিছিল। ইহঁতৰ প্ৰাচীন কোনো কথা জানিব পৰা নাই।
চিংফৌ জাতি: নগা পৰ্ব্বত, খামতী পৰ্ব্বত আৰু শিৱসাগৰৰ মাঝত এই জাতি লোক বাস কৰে। ইহঁতৰো কোনো বিবৰণ এই পৰ্যন্ত জানিব পৰা নাই।
খামতী জাতি: এই জাতিও আদিবাসী লোক। ইহঁতৰ মূল দেশ শ্যাম দেশ বুলি অনুমান কৰা হৈছে। ইহঁতৰ লিখিত ভাষা আছে। ইহঁতৰ আচাৰ প্ৰায় ব্ৰহ্মদেশে সইতে মিলে।
মিচমী জাতি: আবৰ পৰ্ব্বত আৰু খামতী পৰ্ব্বতৰ মাঝত এই জাতি বাস কৰে। ইহঁতৰ দেশতে পৰশুৰাম কুণ্ড বা ব্ৰহ্মকুণ্ড। ইহঁতৰ জাত্যভিমান অতি। মিচমীবিলাকক এই দেশৰ জাতিমালাত “শিমী” বোলে।
আবৰ জাতি: আকা আৰু মিচমী বিলাকৰ দেশৰ মাঝত এই জাতি বাস কৰে। “আবৰ” সংস্কৃত শব্দৰ পৰা আবৰ নামৰ উৎপত্তি। ইহঁত বড় বলিষ্ঠ। মিচমী আৰু আবৰ বিলাকে তিব্বত আৰু চীন দেশে সইতে বাণিজ্য কৰে।
মিৰী জাতি: এই জাতিৰ অধিকাংশ আবৰৰ পৰ্ব্বতৰ দাঁতিত থাকে। সমভূমিতো ইহঁত থাকে। ইহঁতৰ পাৰ্ব্বত্য স্বভাব বড় নাই। আমাৰ মানুহে সইতে বড়কৈ মিলে।
আকা জাতি: ডকলা, মিৰী, আবৰ আৰু ভোটৰ পৰ্ব্বতৰ মাঝত আকা জাতি বাস কৰে। সংস্কৃত “অঙ্ক” শব্দৰ পৰা আকা শব্দৰ উৎপত্তি। এতিয়া নাই কিন্তু পূৰ্ব্বে—ইহঁতৰ শৰীৰ আঁকি চিত্ৰ বিচিত্ৰ কৰিছিল।
ডফলা জাতি: ভোট আৰু আকা পৰ্ব্বতৰ মাজত এই জাতি লোক বাস কৰে। ইহঁত বড় নিষ্ঠুৰ আৰু উপদ্ৰবী।
ভোট জাতি: এই অঞ্চলত যিমান পৰ্ব্বতীয়া জাতি আছে সকলো তকৈ ইহঁত সভ্য। ইহঁতৰ ধৰ্ম্ম আৰু লিখিত পুস্তকাদি আছে। কৃষি বাণিজ্যাদিত ইহঁতে তৎপৰ। তিব্বত, চীন, চীন তাতাৰ প্ৰভৃতি দেশে সইতে ইহঁতে বাণিজ্য কৰে। ইহঁতৰ ধৰ্ম্ম, বৌদ্ধ। শিল্প কৰ্ম্ম, গীত বাদ্যতো ইহঁত অপটু নহয়। এতিয়াৰ কালৰ নিয়ম অনুসাৰে ইহঁতক “অৰ্দ্ধ-সভ্য” জাতিত পৰিগণিত কৰিব পাৰি। হিমালয়ৰ দাঁতিত ইফালে ডফলা পৰ্ব্বতেৰে পৰা সিফালে সিকিম আৰু নেপাললৈকে এই জাতি লোক বাস কৰে। সমভূমিতো কিছুমান ভোট ঠাইয়ে বাস কৰি আছে।
আহোম জাতি: প্ৰায় ৬৫০ বছৰ হল এই জাতি শ্যাম দেশৰ পৰা আহি এই দেশ অধিকাৰ কৰে। ইহঁতে ইন্দ্ৰবংশীয় বুলি কয়। ইহঁতৰ অনেকে হিন্দুধৰ্ম্ম গ্ৰহণ কবি বড় নিষ্ঠাপৰ হিন্দু হইছে। ইহঁতে আমাৰ মানুহে সইতে অনেক মিল। যি সকলে হিন্দুধৰ্ম্ম গ্ৰহণ কৰা নাই সেই সকলে পূৰ্ব্বৰ আচাৰতে আছে। আহোমৰ লিখিত ভাষা আছে। আৰু সেই ভাষা শ্যাম ভাষাৰ দৰে৷ যি সকলে হিন্দু সেই সকলে আপোনাৰ ভাষাকো হেলা কৰাৰ নিমিত্তে পাহৰিছে। এই জাতিৰ বিবৰণ ইয়াৰ পাছত বিস্তাৰকৈ লেখা যাব। ইহঁতে এতিয়া পৰ্ব্বতত বাস নকৰে।
ছুটীয়া জাতি: ইহঁতক অনেকে অনুমান কৰে আন ঠাইৰ পৰা অহা মানুহ। কিন্তু এইটো অপ্ৰমাণ হেন দেখা গইছে। ইহঁতৰ পৰ্ব্বতত বাস নাই। পূৰ্ব্বে ইহঁতৰ দেশ সৌমাৰ খণ্ডত আছিল।[৫] এতিয়া ইহঁতক সৰ্ব্বত্ৰে পোৱা যায়। দৰঙ্গ জিলাত ছুটীয়া নামে এক প্ৰদেশ আছে। ইহঁতৰ যি সকলে হিন্দু হইছে সেই সকলে কোঁছ জাতিত গণ্য নহই হিন্দু ছুটীয়া বুলি কয়। ইহঁতৰ যি বিলাকে হিন্দু হোৱা নাই সেই বিলাকে আহোম ছুটীয়া বুলিও কয়। এক কালত ইহঁত এক প্ৰবীণ জাতি আছিল। ইহঁতে কুবেৰৰ সন্তান বুলি কয়। বৰাহি বিলাক ছুটীয়াৰ এক উপজাতি মাত্ৰ। ফলিতাৰ্থে ছুটীয়া বিলাকক এই দেশৰ আদি বাসী লোক বোলাহে উচিত।
ওপৰত যিসকল জাতিৰ কথা লেখা গল সেই সকলোবিলাক অনাৰ্য্য-জাতি। আৰ্য্য জাতিৰ শক্তিৰ আগত যদিচ সিহঁত দমন হই আছিল, তথাপি অনেক বিষয়ত সিহঁতৰ শক্তি আৰু কাৰ্য্য এই দেশক শাসন কৰিছিল।
- ↑ দৰঙ্গৰ ৰজা ঢেকেৰী প্ৰদেশৰ বিজনীৰ ৰজাৰ বংশ। সেই ৰজাই কামৰূপ কিছুমান ঠাইত ৰাজত্ব কৰাত ঢেকেৰী দেশৰ ৰজাৰ দ্বাৰা শাসিত দেশ দেখি আহোম বিলাকে তাৰ লোকক “ঢেকেৰী” নাম দিলে।
- ↑ কোনোয়ে কয় বোলে চুকাফা ৰজা আহোম বা অহম আছিল। সেই দেখি হকাৰৰ ঠাইত এতিয়াৰ দৰে সকাৰ আৰু সকাৰৰ ঠাইত হকাৰ হোৱাৰ দৰে অহম শব্দৰ পৰিবৰ্ত্তে আমাৰ মানুহে অসম বুলিলে।
- ↑ এঠাইত এনে লেখা আছে “গাৰো, ভোট, অসম, কছাৰী।” “অসম” শব্দ আভকতীয়া পৰ্ব্বতীয়া জাতিৰ মাজত আছে। সেই সময়ত আহোম বিলাকে আভকতীয়া আছিল সেই দেখিহে এইৰূপে লেখা গইছে
- ↑ দেৱ গোপাল বা বংশী গোপাল দেৱে কান্যকুব্জৰ পৰা এই দেশলৈ আহি ধৰ্ম্ম প্ৰবৰ্ত্তাই থাকিল। তেওঁৰ লগত অহা ক্ষত্ৰিয় কুলৰ অনুচৰ কেইজন এই দেশত কলিতা বিলাকে সৈতে বিবাহাদি কৰিলে। তাৰে সন্তানবিলাক এতিয়ালৈকে কলিতা বুলি প্ৰসিদ্ধ হই আছে।
- ↑ ছুটীয়া বিলাকৰ দেশৰ অধিকাংশ ভীষ্মক ৰজাৰ কুণ্ডিল নগৰৰ মাঝত পড়ে।